Home Blog Page 413

Nazira । দ্বিতীয় বৈকুণ্ঠত পৰিণত নাজিৰা নগৰ

Nazira । দ্বিতীয় বৈকুণ্ঠত পৰিণত নাজিৰা নগৰ
Nazira । দ্বিতীয় বৈকুণ্ঠত পৰিণত নাজিৰা নগৰ

১৭ জানুৱাৰী, ২০২৫ঃ Nazira । বিশ্ব শান্তি আৰু মানৱ সমাজৰ কল্যাণ সাধনৰ উদ্দেশ্য আগত ৰাখি গুৰুজনাৰ সৃষ্ট শ্ৰীমদ্ভাগৱত মহাশাস্ত্ৰ পুৰাণ ভাগি পাঠ আৰু ব্যাখ্যানুষ্ঠান আজিৰ পৰা আৰম্ভ কৰা হৈছে ।

তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে আয়োজিত এই কাৰ্যসূচীৰ আজিৰ প্ৰথম দিনাই সমগ্ৰ নাজিৰা নগৰাঞ্চল দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰি তুলিছে । পুৱা প্ৰাতঃপ্ৰসঙ্গৰ পিছতে ধৰ্মধ্বজা উত্তোলন আৰু শ্ৰীমদ্ভাগৱত মহাশাস্ত্ৰ পুৰাণ শোভাযাত্ৰাই নাজিৰা নগৰাঞ্চল পূণ্যভূমিত পৰিণত কৰি তোলে ।

অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা লোকশিল্পী নিতু সিংহ ক বাৰ্ষিক শিল্পী সন্মান প্ৰদান। Neetu Singh

১৭ জানুৱাৰী, ২০২৫: শিল্পী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বহু কেইবাগৰাকী শিল্পীক সন্মান অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ। শিল্পী সকলক এককালীন আৰ্থিক বৰঙণি দি ২০২৪-২৫ বৰ্ষৰ বাবে আগবঢ়ায় বাৰ্ষিক শিল্পী সন্মান। কেইবা গৰাকী শিল্পীৰ ভিতৰত উক্ত সন্মান লাভ কৰে চাপৰৰ ভকতগাঁৱৰ লোকশিল্পী নিতু সিংহ। নিতু সিংহ বিশেষকৈ গোৱালপাৰীয়া,কোঁচ-ৰাজংশী লোকগীত, নৃত্যৰ লগত জড়িত শিল্পী গৰাকী। Neetu Singh ।

সৰুৰে পৰা কোঁচ-ৰাজবংশী তথা গোৱালপাৰীয়া লোকগীত, নৃত্যৰ লগত জড়িত হৈ ইতিমধ্যে ৰাজ্যৰ লগতে বহি: ৰাজ্যৰ উপৰিও বিদেশত গোৱালপাৰীয়া,কোঁচ-ৰাজবংশী লোকগীত, নৃত্য প্ৰদৰ্শন কৰি আহিছে।যাৰ বাবে ইতিমধ্যে বহু সন্মান আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।শেহতীয়াকৈ অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে আগবঢ়োৱা সন্মানৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আৰু শিল্পী দিৱস উপলক্ষে এটি গোৱালপাৰীয়া তথা কোঁচ-ৰাজবংশী গীতেৰে মহান শিল্পী গৰাকীক শ্ৰদ্ধা নিবেদন কৰে। শিল্পী গৰাকীক চাপৰ মাল্টি-মিডিয়া প্ৰেছ ক্লাৱৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

শিল্পী দিৱসৰ লগত সংগতি ৰাখি ১২ জনকৈ চহা শিল্পীক সম্বৰ্ধনা

শিল্পী দিৱসৰ লগত সংগতি ৰাখি ১২ জনকৈ চহা শিল্পীক সম্বৰ্ধনা
শিল্পী দিৱসৰ লগত সংগতি ৰাখি ১২ জনকৈ চহা শিল্পীক সম্বৰ্ধনা

১৭ জানুৱাৰী, ২০২৫ঃ কেঁচা সোনৰ অসমীয়া গহণাৰ অগ্ৰণী প্ৰতিষ্ঠান ‘ডুগডুগী’ৰ স্বৰ্তাধিকাৰী তথা যুৱ সমাজকৰ্মী উৎপল বনিয়াই বিগত দহ বছৰ ধৰি শিল্পী দিৱসৰ লগত সংগতি ৰাখি চহা শিল্পীসকলক সম্বৰ্ধনা জনাই উৎসাহিত কৰি আহিছে ৷

ইয়াৰ অংশহিচাপে আজি নগাঁও জিলাৰ চকলাঘাটৰ হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ উদ্যোগত তথা চকলাঘাট শাখা সাহিত্য সভা আৰু চকলাঘাট ৰাস মন্দিৰৰ সহযোগত আয়োজিত শিল্পী দিৱসত সমাজপ্ৰিয় যুৱক উৎপল বনিয়াই তিনিগৰাকী প্ৰবীন শিল্পীক সম্বৰ্ধনা জনাই ৷

এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত তেওঁ সত্ৰীয়া শিল্পী কেহুৰাম বৰা, প্ৰবীন অভিনেতা দেৱ কুমাৰ বৰা আৰু লোকশিল্পী অজিত বৰাক ফুলাম গামোচা, জাপি, চেলেং, গছপুলি আৰু স্মাৰকেৰে আনুষ্ঠানিকভাবে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ তদুপৰি ইয়াৰ পিছতে উদ্যমী যুৱ ব্যৱসায়ী উৎপল বনিয়াই বিশিষ্ট সংগীত শিল্পী দিলীপ শইকীয়া, বিশিষ্ট অভিনেত্ৰী মদিনা দাস, কুটীৰ শিল্পৰ শিল্পী গোলাপ বৰা, চিত্ৰ শিল্পী শম্ভু শইকীয়া, ভাওনাৰ সাজ সজ্জা তৈয়াৰী শিল্পী জিতেন ডেকা, সংগীত শিল্পী খগেন নাথ, কুটীৰ শিল্পৰ শিল্পী অৰবিন্দ নাথ, মুকেশ শইকীয়া আৰু প্ৰেমেশ্বৰ দাসক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱা হয় ।

১৭৯ গৰাকীলৈ বার্ষিক শিল্পী সন্মান । Bimal Bora

১৭৯ গৰাকীলৈ বার্ষিক শিল্পী সন্মান । Bimal Bora
১৭৯ গৰাকীলৈ বার্ষিক শিল্পী সন্মান । Bimal Bora

১৭ জানুৱাৰী, ২০২৫ঃ Bimal Bora । আজি শিল্পী দিৱস। ইয়াৰ প্ৰাকক্ষণত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ঘোষণা কৰিলে ২০২৪–২৫ বৰ্ষৰ শিল্পী সন্মান ৷ ফেচবুক লাইভযোগে এই কথা জনালে মন্ত্ৰী বিমল বৰাই।
৭৩ গৰাকী শিল্পীলৈ ২০২৪-২৫ বৰ্ষৰ শিল্পী পেঞ্চন। ১৭৯ গৰাকীলৈ বার্ষিক শিল্পী সন্মান। ২৯গৰাকী প্রয়াত শিল্পীৰ পৰিয়াললৈ আগবঢ়োৱা হ’ব ফেমিলী পেঞ্চন।

অতিৰিক্ত ৫ গৰাকী বিশেষভাৱে সক্ষম শিল্পীলৈ বার্ষিক শিল্পী সন্মান। ১০গৰাকী শিল্পীৰ পৰিয়াললৈ এককালীন সাহায্য ঘোষণা। বিশিষ্ট নাট্যকাৰ,সাহিত্যিক তথা সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰাপক পূৰ্ণ কুমাৰ শৰ্মালৈও অসম চৰকাৰৰ বাৰ্ষিক “শিল্পী সন্মান”।

সামাজিক মাধ্যমযোগে সাংস্কৃতিক জগতখনত অনবদ্য অৱদান আগবঢ়াই অহা তথা এই সন্মান লাভ কৰাসকলক শুভেচ্ছা জনাই মন্ত্ৰী বিমল বৰাই।
উত্তৰ কমলাবাৰী সত্ৰৰ অধ্যাপক সত্ৰীয়া সংস্কৃতিৰ সাধক,শিল্পী শ্ৰীযুত ভবেন বৰবায়ন দেৱলৈ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে আগবঢ়াইছে শিল্পী পেঞ্চন । শোণিতপুৰ জিলাৰ অৰুণ নাথ ,তৰুলতা দাস ,কৰুণা শইকীয়াকে ধৰি ১২গৰাকীৰ বাৰ্ষিক শিল্পী পেঞ্চন আৰু ৩গৰাকীয়ে মাহেকীয়া শিল্পী পেঞ্চন লাভ কৰিছে ।

Jonbeel । জোনবিল মেলা,অসমৰ এক ঐতিহাসিক উৎসৱ

Jonbeel । জোনবিল মেলা,অসমৰ এক ঐতিহাসিক উৎসৱ
Jonbeel । জোনবিল মেলা,অসমৰ এক ঐতিহাসিক উৎসৱ

১৭ জানুৱাৰী,২০২৫: Jonbeel ।জোনবিল মেলা,অসমৰ এক ঐতিহাসিক উৎসৱ । যাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে অসমবাসীয়ে । জোনবিল মেলাৰ আছে এক পৌৰাণিক ইতিহাস । মৰিগাঁও জিলাৰ মধ্যৱৰ্তী জাগীৰোডৰ পৰা তিনি কিলোমিটাৰ দূৰত্বত থকা এখন বিল জোনবিলৰ পাৰত অনুষ্ঠিত হয় এই জোনবিল মেলা । জোনবিল মেলাৰ আৰম্ভণি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল, তাৰ ইতিবৃত্তি সঠিকভাৱে নাই যদিও তাহানিৰ গোভাৰাজ্য প্ৰতিষ্ঠা হোৱা দিনৰে পৰা এই মেলা প্ৰচলিত হোৱা বুলি গৱেষকসকলে মত পোষণ কৰিছে ।

জনশ্ৰুতি অনুসৰি, গোভা ৰাজ্যৰ প্ৰতিষ্ঠাপক গোভা ৰজাই এদিন ৰাণীৰ সৈতে নৌকা বিহাৰ কৰি ঘূৰি ফুৰোতে এখন বিলৰ কাষ পাইছিল আৰু নিশাৰ বিলৰ ফটফটীয়া পানীত জোনৰ পোহৰ পৰি উজ্জ্বলি উঠিছিল । তাকে দেখি ৰজা ৰাণীৰ মন আনন্দত উৎফুল্লিত হৈ পৰিছিল আৰু তেতিয়া ৰজাই ৰাণীক কৈছিল ‘‘এইখন জোনটোৰ দৰে বিল’’ । তেতিয়াৰ পৰাই এই বিলখনৰ নাম জোনবিল হোৱা বুলি জনবিশ্বাস ।

এই মেলাৰ প্ৰধান তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত আলু , কচু আদি সামগ্ৰী ভৈয়ামত বসবাস কৰা তিৱা তথা অন্যান্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, মাছ আদিৰ সৈতে বিনিময় কৰে । অৰ্থাৎ এই দিনটোত কিছু ঘণ্টাৰ বাবে অচল হৈ পৰে মুদ্ৰা ।

Dilip Saikia । দহগৰাকী প্ৰস্তাৱক আৰু সমৰ্থকৰ স্বাক্ষৰেৰে একমাত্ৰ মনোনয়ন পত্ৰখন দাখিল কৰে দিলীপ শইকীয়াৰ

১৬, জানুৱাৰী,২০২৫ঃ Dilip Saikia । নিশ্চিত হৈ পৰিল যে ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি হ’ব দিলীপ শইকীয়া । শুকুৰবাৰে দিনৰ ১১ বজাত সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব । গুৰুত্বপূৰ্ণ এই সাংগঠনিক নিৰ্বাচনৰ পূৰ্বে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত নিৰ্বাচনী পৰ্যবেক্ষকৰূপে উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচাল, উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় প্ৰভাৰী তথা পুৰী লোকসভা সমষ্টিৰ সাংসদ সম্বিত পাত্ৰ আৰু অসমৰ প্ৰভাৰী হৰিশ দ্বিবেদী ।

সন্ধিয়া মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট ।
মনোনয়ন পত্ৰ দাখিলৰ পিছত মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ঘোষণা কৰে, “শুকুৰবাৰে দিনৰ ১১ বজাত এখন বৈঠকৰ পিছত দলীয় নীতি-নিয়মসমূহ সম্পন্ন কৰি নিৰ্ধাৰণ কৰা হ’ব নতুন সভাপতিগৰাকীৰ নাম ।
তাৰ পিছতেই আনুষ্ঠানিকভাৱে ৰাজ্যিক সভাপতিগৰাকীৰ নাম ঘোষণা কৰা হ’ব ।”

উল্লেখযোগ্য যে ৰাজ্যিক বিজেপিৰ শীৰ্ষ সূত্ৰই জনোৱা অনুসৰি ৰাজ্যিক সভাপতি পদৰ বাবে নিৰ্বাচন পৰিহাৰ কৰি চলিবলৈ পৰ্যবেক্ষকৰ দায়িত্বত থকা কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক নেতৃবৃন্দৰ লগত আলোচনা কৰি আহিছিল ৷ সেইমৰ্মে সভাপতি পদৰ বাবে এজন উমৈহতীয়া প্ৰাৰ্থী স্থিৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

একমাত্ৰ দিলীপ শইকীয়াই মনোনয়ন দাখিল কৰাৰ বাবে তেৱেঁই যে বিজেপিৰ নতুন ৰাজ্যিক সভাপতি সেয়া নিশ্চিত হ’ল ।এতিয়া অপেক্ষা শুকুৰবাৰৰ দুপৰীয়াৰ আনুষ্ঠানিক ঘোষণাপৰ্বলৈ ।

Rajiv Sadia । বিপ্লৱী শিল্পী প্ৰয়াত ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

Rajiv Sadia । বিপ্লৱী শিল্পী প্ৰয়াত ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
Rajiv Sadia । বিপ্লৱী শিল্পী প্ৰয়াত ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

১৬ জানুৱাৰী,২০২৫ঃ Rajiv Sadia ।পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, স্বেচ্ছাসেৱী অনুষ্ঠান উদয়ন যুৱ মঞ্চ বৰবড়ী আৰু আঞ্চলিক ৰাইজৰ সহযোগত । সমগ্ৰ ৰাজ্যবাসিক কন্দুৱাই ভোগালী বিহুৰ মাজতে চিৰ বিদায় লোৱা বিপ্লবী কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত ম্রিয়মান ৰাজ্যবাসী।

অতি কম সময়ৰ ভিতৰতেই জাতি মাতি ৰ গান গাই ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰা প্ৰয়াত কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আজি পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু পশ্চিম দৰঙৰ অগ্ৰনী স্বেচ্ছাসেৱী অনুষ্ঠান উদয়ন যুৱ মঞ্চ বৰবড়ী আৰু আঞ্চলিক ৰাইজৰ সহযোগত বৰবড়ী ত এক ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ প্ৰতিচ্ছবি ত মাল্য অর্পণেৰে বন্তি প্রজ্বলন কৰি আত্মাৰ সদগতি কামনাৰ কৰে। অনুষ্ঠানত পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নয়ন মনি কলিতা, জাতীয় উণ্ণয়ন পৰিষদ অসম ৰ সাধাৰণ সম্পাদক অমিয় কুমাৰ ডেকা,উদয়ন যুৱ ৰ সভাপতি জয়দেৱ নাথ, গাওঁ প্ৰধান শৰৎ ডেকা, বোনমাঝা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি উদ্ধৱ ডেকা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক উৎপল শৰ্মা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পশ্চিম দৰং আঞ্চলিক সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দিবাকৰ বৰুৱা সহ পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থা, উদয়ন যুৱ মঞ্চ ৰ কেইবাজনো সদস্য উপস্থিত থাকে।

Assam Budget Session । ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব অসম বাজেট অধিবেশন, অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভনি হ’ব কোকৰাঝাৰত

গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৫: Assam Budget Session। অসম বিধানসভাৰ বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। উল্লেখযোগ্য বাজেট অধিৱেশন এইবাৰ মুকলি কৰা হব বিধানসভাৰ বাহিৰত । বিধানসভা সচিবালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটো কোকৰাঝাৰৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বিধানসভাত অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে দিছপুৰৰ নিয়মীয়া ৰাজ্যিক বিধানসভা চেম্বাৰত অনুষ্ঠিত হ’ব অধিৱেশনৰ বাকী কেইদিনৰ কাৰ্যসূচী। অসমৰ বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ৰাজধানীৰ বাহিৰৰ কোনো স্থানত বাজেট অধিৱেশন আৰম্ভ কৰা হ’ব। ভাৰতীয় সংবিধানৰ ১৭৪(১) অনুচ্ছেদ, বৰ্তমানলৈকে সংশোধিত ক্ষমতাৰ অধীনত এই অধিৱেশন আহ্বান কৰা হৈছে।

উল্লেখ্য শেহতীয়াকৈ ৰাজ্যপালে ‘বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন কমিউনিটি ভিজন ডকুমেণ্ট’ মুকলি কৰিছে। এই আঁচনিত বিটিআৰত সম্প্ৰদায়সমূহৰ সৰ্বাংগীন উন্নয়নৰ বিষয়ত গুৰুত্ব আৰোপ কা হৈছে। ইয়াৰ লক্ষ্য হৈছে অঞ্চলটোৰ উন্নতিৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰি এখন বহনক্ষম, নিৰাপদ আৰু স্মাৰ্ট বড়োলেণ্ড গঢ়ি তোলা। ইপিনে আজি কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰস্তুতিৰ বিষয়ে বুজ লবলৈ এখন সভাত অংশগ্ৰহণ কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ।

অধ্যক্ষ দৈমাৰীয়ে তেওঁৰ ফেচবুক পোষ্টত এই বৈঠকৰ বিষয়ে এনেদৰে লিখিছে- আজি কোকৰাঝাৰ বড়োলেণ্ড পৰিষদীয় বিধান সভাৰ মজিয়াত আগন্তুক হ’বলগীয়া অসম বিধান সভাৰ বাজেট অধিবেশন অনুষ্ঠিত হোৱাক লৈ বিটিচি চৰকাৰ, বিটিচি বিধানসভাৰ লগতে প্রশাসনৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হওঁ। এই বৈঠকত অহা ১৭ ফেব্ৰুৱাৰীত হ’বলগীয়া অধিৱেশনৰ কাৰ্য্যসূচী সকলো দিশৰ পৰা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয়তা থকা কামবোৰ একেলগে কৰি যাবলৈ সিদ্ধান্ত লয়।

এই বৈঠকত বিটিচি প্ৰধান মাননীয় শ্ৰী প্ৰমোদ বড়ো, বিটিচিৰ অধ্যক্ষ শ্ৰী কাতিৰাম বড়ো, উপাধ্যক্ষ অভিৰাম মহানায়ক, কাৰ্য্যবাহী সদস্যসকলৰ লগতে অসম আৰক্ষী মহাপৰিদৰ্শক শ্ৰী ইমদাদুল হুছেইন বৰা, বিটিএডিৰ আৰক্ষী মহাপৰিদৰ্শক শ্ৰী বিবেকৰাজ সিং ডাঙৰীয়া, কোকৰাঝাৰ জিলা আয়ুক্ত,কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকৰ লগতে অসম বিধানসভা আৰু বিটিচি বিধানসভাৰ সমূহ বিষয়া-ববীয়া সকল উপস্থিত থাকে। উপস্থিত সকলোলৈ মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Nagaon । বালিজান চান ৰাইজ ক্লাৱৰ ক্ৰিকেট মহাৰণৰ সামৰণি

Nagaon । বালিজান চান ৰাইজ ক্লাৱৰ ক্ৰিকেট মহাৰণৰ সামৰণি
Nagaon । বালিজান চান ৰাইজ ক্লাৱৰ ক্ৰিকেট মহাৰণৰ সামৰণি

১৬ জানুৱাৰী, ২০২৫ঃ Nagaon । নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৰ মৰিগাঁও জিলাৰ ৰঙাদৰিয়াৰ বালিজান আঞ্চলিক খেল পথাৰত বালিজান চান ৰাইজ ক্লাৱৰ সৌজন্যত ক্ৰিকেট মহাৰণ ২০২৪- ২০২৫ ৰ চলন্ত ক্ৰিকেট লীগৰ উত্তেজনাপূৰ্ণ ফাইনেল খেল খন প্ৰায় দহ হাজাৰ দৰ্শকৰ উপস্থিতিত জাকজমকতাৰে সফল সমাপ্তি ঘটে। চূড়ান্ত খেলখনৰ লগত সংগতি ৰাখি সন্ধিয়া অনুষ্ঠিত বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে ৰঙাদৰিয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আবুল কাচেমে।

আনহাতে, দৰ্শক আৰু খেলুৱৈসকলক উদ্দেশ্যি নিজৰ উদ্বোধনী ভাষণ প্ৰদান কৰি খেলখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মোজাম্মেল হকে।যোৱা ১৫ ডিচেম্বৰৰ পৰা ১৬ টা বাচকবনীয়া দলৰ মাজত অনুষ্ঠিত ১৪ খন ৰোমাঞ্চৰ খেলৰ অন্ততঃ আজি ৰিলিফ ৰাইন’ছ, নগাঁও আৰু পি চি চি ‘ নগাঁওৰ মাজত তীব্ৰ প্ৰতিযোগিতাতমূলক ফাইনেল খেল খন অনুষ্ঠিত হয়। ৰিলিফ ৰাইন’ছ দলটোৱে এই বছৰৰ চেম্পিয়নৰ খিতাপ দখল কৰি ট্ৰফী লাভ কৰাৰ পৰিৱৰ্তে আজিৰ এই কঠিন প্ৰতিদ্বন্দিতাৰ খেল খনত পৰাজয়বৰণ কৰা পি চি চি নগাঁৱক ৰানাৰ্ছ আপৰ সন্মানেৰে সন্মানিত কৰা হয়।খেল খনত ৰিলিফ ৰাইন’ছ নগাঁৱে টচত জিকি নিজে বেটিং কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।প্ৰথমতে বেটিং কৰি ৰিলিফ ৰাইন’ছ দলে নিৰ্ধাৰিত ১২ অ’ভাৰত ৯ টা উইকেটৰ বিনিময়ত দিলদাৰৰ ২৪ বলত অনবদ্য ৪৯ ৰানৰ সহযোগত ১৪৬ ৰান সংগ্ৰহ কৰি ১৪৭ ৰানৰ টাৰ্গেট বান্ধি দিয়ে প্ৰতিপক্ষ পি চি চি , নগাঁওক।প্ৰত্যুত্তৰত পি চি চি নগাঁৱৱে নিৰ্ধিৰত ১২ অ’ভাৰত ৪ টা উইকেটৰ বিনিময়ত ১৪২ ৰান সংগ্ৰহ কৰি ৰিলিফ ৰাইন’ছৰহাতত পৰাজিত হয়।আজিৰ এই চূড়াত খেল খনত দিলদাৰ হুচেইন নামৰ খেলুৱৈ গৰাকীক সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ ( মেন অৱ দা মেচৰ ) সম্মান প্ৰদান কৰা হয়। আনহাতে এই শৃংখলাটোত সুন্দৰ খেল প্ৰদৰ্শন কৰাৰ কাৰণে চলন্ত ক্ৰিকেট মহাৰণৰ মেন অৱ দা ছিৰিছৰ সম্মান লাভ কৰে মিন্নয় বৰাক।

মাহজুৰি চলা এই খেলখনত ১৯৯৭ চনতে স্থাপিত চান ৰাইজ ক্লাৱৰ প্ৰাক্তন বিষয়ববীয়াৰ লগতে বৃহত্তৰ অঞ্চল খনৰ ক্ৰিকেট অনুৰাগীয়ে উদ্যোগতাসকলক সু- দিহা – পৰামৰ্শৰ লগতে প্ৰত্যেক আৰু পৰোক্ষভাৱে খেলখন সুচাৰুৰূপে চলাই নিয়াত সহায় সহযোগিতা কৰিছে বুলি বালিজান চান ৰাইজ ক্লাৱৰ সদস্য সকলে জানিবলৈ দিছে। এমাহজুৰি চলা এই ক্ৰিকেট লীগৰ চলন্ত বিৱৰণী ইংৰাজী ভাষ্যকাৰ মুকচিদুল হকক উদ্যোগতা আৰু ক্ৰিকেটপ্ৰমীয়ে ধন্যবাদ জ্ঞাপন কৰিছে। মধ্য অসম ভিত্তিত অনুষ্ঠিত ক্ৰিকেট মহাৰণ খনে স্থানীয় খেলুৱৈ সকলৰ বাবে ক্ৰিকেটৰ জগতখনত এক নতুন সুযোগ আগবঢ়াইছে।

Rajiv Sadia । বিলাসীপাৰাত কণ্ঠশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি

Rajiv Sadia । বিলাসীপাৰাত কণ্ঠশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি
Rajiv Sadia । বিলাসীপাৰাত কণ্ঠশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি

১৬ জানুৱাৰী, ২০২৫ঃ Rajiv Sadia । অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠ শিল্পী ৰাজীৱ শদিয়াৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি আজি সন্ধিয়া বিলাসীপাৰা চহৰৰ গান্ধীচকত শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

ধুবুৰী জিলা ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰি একমিনিট সময় মৌনব্ৰত পালন কৰি শিল্পীজনাৰ আত্মাৰ চিৰ শান্তি কামনা কৰা হয়।

আৰু লগতে উপস্থিত থাকে ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাসকলে।