Home Blog Page 423

Assam Police: নাগালেণ্ডৰ য়াচাং চি বস্তিৰ পৰা উদ্ধাৰ নগাই আৱদ্ধ কৰি ৰখা টীয়কৰ আৰক্ষী দল

নাগালেণ্ডৰ য়াচাং চি বস্তিৰ পৰা নগাই আৱদ্ধ কৰি ৰখা টীয়কৰ আৰক্ষী দলটো উদ্ধাৰ কৰা হৈছে। ADSP লুনা সোণোৱালৰ নেতৃত্বত উদ্ধাৰ ১২ জনীয়া আৰক্ষী দল। নগাই আক্ৰমণ কৰা আৰক্ষী জোৱানজনক ডিব্ৰুগড়ৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। [Assam Police]

উল্লেখযোগ্য যে কালি নাগালেণ্ডত অসম আৰক্ষীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হয়। নগাৰ আক্ৰমণৰ বলি হ’ল অসম আৰক্ষী। গাড়ী চুৰৰ বিৰুদ্ধে অভিযান চলাবলৈ নাগালেণ্ডৰ য়াচাং চি বস্তিলৈ গৈছিল যোৰহাট আৰক্ষীৰ বৃহৎ দল। কিন্তু তাৰ মাজতেই আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি ল’লে নগাই। এগৰাকী আৰক্ষী বেটেলিয়নক দাৰে কাটিলে নগা দৃৰ্বৃত্তই। গুৰুতৰভাবে আহত আৰক্ষী জোৱান। লগতে আৰক্ষীৰ দলটোৱে লগত নিয়া সমস্ত অস্ত্ৰ-শস্ত্ৰও নগাই কাঢ়ি ৰাখিলে। কালি সন্ধিয়া যোৱা আৰক্ষী দলটোৰ সৈতে যোৱা টীয়ক থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকো নগাই আবদ্ধ কৰি ৰাখে বুলি জানিব পৰা গৈছে।

পৰৱৰ্তী সময়ত টীয়ক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গংগাৰাম ফুকনসহ এটা বেটেলিয়ানৰ দল নাগালেণ্ডৰ ইয়া চাং চি বস্তিলৈ বুলি ৰাওনা হয়। অৱশেষত নাগালেণ্ডৰ পৰা উদ্ধাৰ কৰা হ’ল নগাই আবদ্ধ কৰি ৰখা অসম আৰক্ষী দল। টীয়কত উপস্থিত নগালেণ্ডত আৱদ্ধ টীয়কৰ আৰক্ষী দল। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে নগাই দাৰে আক্ৰমণ কৰা আৰক্ষী জোৱানজন। আঘাতপ্ৰাপ্ত আৰক্ষী জোৱানজন 11 APBNৰ বিদ্যুৎ দাস বুলি জানিব পৰা গৈছে। তদুপৰি এটা নগা দুৰ্বৃত্তক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে আটক কৰিছে। সম্প্ৰতি ADSPয়ে নগাই আৱদ্ধ কৰি ৰখা আৰক্ষীৰ দলটোক সোধা-পোছা অব্যাহত ৰাখিছে।

Umrangso Trazedy: উমৰাংছ’ৰ কয়লাখনিৰ পৰা উদ্ধাৰ এজন শ্ৰমিকৰ নিথৰ দেহ!

কয়লা খনিৰ পৰা শ্ৰমিকনৰ মৃতদেহ উদ্ধাৰ কৰে নৌসেনাৰ ২১ পেৰাডাইভাৰে। খাদৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিছে শ্ৰমিকজনৰ মৃতদেহ। আজি অভিযানৰ প্ৰথম ২০ মিনিটতে উদ্ধাৰ কৰে প্ৰথম মৃতদেহ। সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। [Umrangso Trazedy]

এতিয়াও পূৰ্ণ গতিত চলিছে উমৰাংছ’ৰ উদ্ধাৰ অভিযান। সেনা আৰু NDRFৰ ডাইভাৰে খাদৰ তলিত চলাইছে উদ্ধাৰ অভিযান। জানিব পৰা অনুসৰি খাদৰ অধিক গভীৰলৈ যোৱাৰ প্ৰস্তুতি উদ্ধাৰকাৰী দলে।পানী পাম্পৰ জৰিয়তে বাহিৰলৈ উলিয়াইছে পানী। ONGCৰ পানী সিঁচা মেচিনো নিয়া হৈছে ঘটনাস্থলীলৈ। কুম্ভীৰগ্ৰামৰ পৰা উমৰাংছ’লৈ অনা হৈছে পানীৰ পাম্প। সেনাৰ MI-17 হেলিকপ্টাৰেৰে নিয়া হৈছে পাম্প।সোমবাৰে কয়লাখনিত সোমাইছিল পানী। তেতিয়াৰ পৰা কয়লাখনিৰ গভীৰ খাদত আবদ্ধ হৈছে বহুকেইজন শ্ৰমিক। শ্ৰমিকৰ সন্ধানত মঙলবাৰেও ভাৰতীয় সেনা, NDRF আৰু SDRFএ চলাইছিল অভিযান।

উমৰাংছ’ৰ কয়লাখনিৰ খাদত এতিয়াও আবদ্ধ হৈ আছে বহুকেইজন শ্ৰমিক। উদ্ধাৰকাৰী দলে খাদৰ পৰা আজি এজনৰ মৃতদেহ উদ্ধাৰ কৰিছে। কয়লা খনিৰ পৰা উদ্ধাৰ নেপালৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ নামৰ শ্ৰমিকৰ মৃতদেহ।

কয়লা খনিৰ পৰা শ্ৰমিকনৰ মৃতদেহ উদ্ধাৰ কৰে নৌসেনাৰ ২১ পেৰাডাইভাৰে। খাদৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিছে শ্ৰমিকজনৰ মৃতদেহ। আজি অভিযানৰ প্ৰথম ২০ মিনিটতে উদ্ধাৰ কৰে প্ৰথম মৃতদেহ। সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

এতিয়াও পূৰ্ণ গতিত চলিছে উমৰাংছ’ৰ উদ্ধাৰ অভিযান। সেনা আৰু NDRFৰ ডাইভাৰে খাদৰ তলিত চলাইছে উদ্ধাৰ অভিযান। জানিব পৰা অনুসৰি খাদৰ অধিক গভীৰলৈ যোৱাৰ প্ৰস্তুতি উদ্ধাৰকাৰী দলে।পানী পাম্পৰ জৰিয়তে বাহিৰলৈ উলিয়াইছে পানী। ONGCৰ পানী সিঁচা মেচিনো নিয়া হৈছে ঘটনাস্থলীলৈ। কুম্ভীৰগ্ৰামৰ পৰা উমৰাংছ’লৈ অনা হৈছে পানীৰ পাম্প। সেনাৰ MI-17 হেলিকপ্টাৰেৰে নিয়া হৈছে পাম্প।সোমবাৰে কয়লাখনিত সোমাইছিল পানী। তেতিয়াৰ পৰা কয়লাখনিৰ গভীৰ খাদত আবদ্ধ হৈছে বহুকেইজন শ্ৰমিক। শ্ৰমিকৰ সন্ধানত মঙলবাৰেও ভাৰতীয় সেনা, NDRF আৰু SDRFএ চলাইছিল অভিযান।

Horoscope: আজিৰ বুধবাৰটো আপোনাৰ কেনে যাব? চাওক দিনটোৰ ৰাশিফল

আজি ৮ জানুৱাৰী বুধবাৰ। আজি কেইবাটাও ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক দিশটো অধিক শক্তিশালী হোৱা দেখা গৈছে । আজি আপুনি নতুন পৰিৱৰ্তনৰ দুৱাৰ মুকলি কৰিব পাৰে । ইফালে আন কেইটামান ৰাশিৰ জাতক জাতিকাই সামাজিক দিশত বিশেষ স্থান লাভ কৰিবলৈ সফল হ’ব। চাওঁ আহক জ্যোতিষ শাস্ত্ৰৰ অনুসৰি আপোনাৰ আজিৰ দিনটো কেনে যাব… । [horoscope]

মেষ ৰাশি: আজি আপুনি উন্নত প্ৰদৰ্শন বজাই ৰাখিব পাৰিব । নতুন সুযোগে কৃতিত্বৰ সূচনা কৰিব। লাভজনক পৰিস্থিতি থাকিব। বয়োজ্যেষ্ঠসকলৰ পৰা সহায় আৰু সমৰ্থন পাব। আপোনাৰ কথা-বতৰা আৰু আচৰণেৰে সকলোকে প্ৰভাৱিত কৰিব। সুখেৰে সময় কটাব। নতুন নতুন কামৰ প্ৰতি আগ্ৰহ বজাই ৰাখিব। অৰ্থনৈতিক দিশটো শক্তিশালী হৈ থাকিব। সকলোৱে আপোনাৰ এই প্ৰচেষ্টাৰ শলাগ লব। জীৱন ধাৰণৰ মানদণ্ড আশা কৰা ধৰণে হ’ব।

বৃষ ৰাশি: আজি মানুহক আওকাণ নকৰিব। আপোনজন হয়তো আপোনাৰ পৰা আঁতৰি যাব পাৰে । কঠোৰ পৰিশ্ৰম আৰু দক্ষতাৰ জৰিয়তে পৰিৱেশ উন্নত কৰাত গুৰুত্ব দিয়ক। লেনদেনত সতৰ্কতা বজাই ৰাখিব লাগে। আৰ্থিক প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰচেষ্টা চলাব। অত্যাৱশ্যকীয় কামত ব্যয় আৰু বিনিয়োগ বৃদ্ধি কৰিব পাৰিব। বুদ্ধিমান আৰু সতৰ্কতাৰে বাজেট প্ৰস্তুত কৰি কাম কৰিব। লেনদেনৰ প্ৰতি গুৰুত্ব বজাই ৰাখিব। ব্যৱসায়ত ধৈৰ্য্য বৃদ্ধি কৰক। স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ কৰক।

মিথুন ৰাশি: আজি আপুনি জ্ঞানেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ব্যৱসায়িক কাম-কাজত গতি লাভ কৰিব। ইতিবাচক কৰ্ম মনোভাৱ বজাই ৰাখিব। অৰ্থনৈতিক প্ৰতিযোগিতাৰ মনোভাৱ বজাই ৰাখিব। বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ পৰাও সহযোগিতা থাকিব। কৰ্ম ভ্ৰমণৰ সম্ভাৱনা আছে। বাণিজ্যিক কামত উদ্যোগ ল’ব। স্বাস্থ্য ভাল হ’ব। ব্যক্তিত্ব আকৰ্ষণীয় হ’ব।

কৰ্কট ৰাশি : আজি আপুনি পৰিকল্পিতভাৱে লক্ষ্য উপনিত হ’ব। কৰ্মৰ মানদণ্ড উন্নত হৈ থাকিব। আৰ্থিক বিষয়ত আপোনাৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে সকলোকে আপ্লুত কৰাত সফল হ’ব। আৰ্থিক বাধা কমি যাব। আশা কৰাতকৈ ভাল ফলাফল বজাই ৰাখিব। আত্মীয়ৰ পৰাও সমৰ্থন থাকিব। গুৰুত্বপূৰ্ণ বিষয়সমূহ সময়মতে সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা কৰিব। পৰিয়ালৰ সদস্যসকলে সহায় কৰিব। ব্যৱসায়িক বিষয়ত উন্নতিৰ প্ৰচেষ্টা কৰিব । আকৰ্ষণীয় অফাৰ লাভ কৰিব। স্বাস্থ্যৰ উন্নতি হ’ব।

সিংহ ৰাশি: আজি পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব। বহুমুখী প্ৰদৰ্শনত সকলোৱে সহযোগ কৰিব। নীতি নিয়ম অনুসৰি আচৰণ কৰিব। সুষম আৰু ইতিবাচক প্ৰদৰ্শনৰ দ্বাৰা কৰ্মক্ষেত্ৰত উপযুক্ত স্থান লাভ কৰিব। উন্নত কৰ্ম পৰিস্থিতি বজাই ৰাখিব। দুঃসাহসিক প্ৰচেষ্টাত সফল হ’ব। অতিমাত্ৰা আত্মবিশ্বাস এৰাই চলক। পৰিকল্পনা অনুসৰি আগবাঢ়িব। সহকৰ্মীসকলৰ পৰা সমৰ্থন থাকিব। আদেশ মানি চলিব আৰু অনুশাসন বজাই ৰাখিব।

কন্যা ৰাশি: আজি অতিৰিক্ত পৰিশ্ৰম আৰু অবিৰত পৰিশ্ৰমৰ বাবে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। কৰ্মক্ষেত্ৰখন হয়তো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব । ব্যক্তিত্ব আকৰ্ষণীয় হ’ব। স্বাস্থ্য সম্পৰ্কীয় বিষয়ত গুৰুত দিব। ইতিবাচক মনোভাৱ বজাই ৰাখক। পৰিয়ালৰ সহায় থাকিব। পৰিস্থিতিৰ সঠিক মূল্যায়ন কৰক। প্ৰৱঞ্চকৰ প্ৰতি সচেতন হওক। ঋতু অনুসৰি সাৱধানতা বৃদ্ধি কৰক।

তুলা ৰাশি: আজি কৰ্মক্ষেত্ৰত উন্নত পৰিবেশ থাকিব। বিভিন্ন কাম ফলপ্ৰসূভাৱে আগবঢ়াই নিব। নেতৃত্বৰ ক্ষমতা বিকাশ হ’ব। ব্যৱসায়ত উচ্চ পদবী লাভ কৰিব। যৌথ প্ৰচেষ্টা চলাব পাৰিব। সহযোগিতা আৰু উদ্যোগীকৰণৰ মনোভাৱ থাকিব। আৰ্থিক অৱস্থা ভাল হ’ব। কামত সফলতা বাঢ়িব। আপোনজনৰ সৈতে সুখদায়ক সময় কটাব। বন্ধুৰ লগত ঘনিষ্ঠতা বাঢ়িব। যোগ, ধ্যান আৰু প্ৰাণায়াম কৰক। স্বাস্থ্য সম্পৰ্কে সজাগতা বজাই ৰাখক।

বৃশ্চিক ৰাশি: আজি অনুকূল ফলাফল বজাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰিব। পৰিচালনা আৰু বিত্তীয় সিদ্ধান্ত লোৱাত সহজ হ’ব। আৰ্থিক সাৱধানতা অৱলম্বন কৰিব। লেনদেনত সতৰ্কতা থাকিব। বাকী থকা কামবোৰত উপযুক্ত পৰিৱৰ্তন আনিব। ঋতু অনুসৰি সাৱধানতা অৱলম্বন কৰক। খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক। দায়িত্ব ভালদৰে পালন কৰিব।

ধনু ৰাশি: আজি আপুনি গুৰুত্বপূৰ্ণ বিষয়ত সঠিক অগ্ৰগতিৰ বাবে উৎসাহী হৈ থাকিব। আত্মীয়ৰ পৰা ভাল খবৰ পাব। বন্ধু-বান্ধৱী আৰু সহকৰ্মীসকলে সহায় কৰিব। দায়িত্ব ভালদৰে পালন কৰিব। আলোচনাৰ কেন্দ্ৰবিন্দু হৈ থাকিব। অৰ্থনৈতিক দিশটো শক্তিশালী হৈ থাকিব। কৰ্ম দক্ষতা শক্তিশালী হ’ব। মানসিক ক্ষমতা বৃদ্ধি পাব। ভ্ৰমণ কৰিব পাৰে । স্বাস্থ্যৰ অৱস্থা ভাল হ’ব। বয়োজ্যেষ্ঠসকলৰ আদেশ মানি চলিব। পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ থাকিব।

মকৰ ৰাশি: আজি আপুনি ধৈৰ্যৰে আগবাঢ়ি যাব। ব্যক্তিগত বিষয়বোৰ সমাধান কৰাত সফল হ’ব। পেছাদাৰী বিষয়ত অনুকূল পৰিস্থিতি থাকিব। পক্ষপাতিত্ব এৰাই চলিব। সংকীৰ্ণ মনোভাৱ ত্যাগ কৰক। বিত্তীয় আৰু পৰিচালনাৰ দিশসমূহ সুষম হৈ থাকিব। সমতাৰ মনোভাৱ বজাই ৰাখিব। ব্যক্তিগত কৃতিত্বৰ ওপৰত গুৰুত্ব দিব। আত্মীয়ই সহায় কৰিব। সহযোগিতাৰ মনোভাৱ বৃদ্ধি কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আপোচ নকৰিব। নিয়মীয়াকৈ পৰীক্ষা-নিৰীক্ষা কৰি ৰাখক।

কুম্ভ ৰাশি: আজি আপুনি মানুহৰ লগত যোগাযোগৰ উন্নত অৱস্থা বজাই ৰাখিব। ভ্ৰাতৃত্ববোধ আৰু ভাতৃত্ববোধ শক্তিশালী হ’ব। গুৰুত্বপূৰ্ণ আলোচনাত প্ৰভাৱ বজাই ৰাখিব। উন্নত সামাজিক সম্পৰ্ক বজাই ৰাখিব। ব্যৱসায়িক ভ্ৰমণৰ সম্ভাৱনা আছে । এলাহ আৰু অসাৱধানতা এৰাই চলিব। উৰাবাতৰিৰ পৰা আঁতৰি থাকিব। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব।

মীন ৰাশি: আজি আপোনাৰ মানুহৰ সুখ বৃদ্ধি পাব। পাৰিবাৰিক সম্পৰ্ক সুদৃঢ় হ’ব। লাভ আৰু ব্যৱসায় ভাল হ’ব। ইতিবাচক পৰিৱৰ্তন আহিব। উপযুক্ত অফাৰ লাভ কৰা হ’ব। বয়োজ্যেষ্ঠসকলৰ আদেশ মানি চলিব। সকলোৰে সমৰ্থন আৰু আস্থা পাব। উৎসৱৰ আয়োজনৰ লগত জড়িত হ’ব। স্বাস্থ্যৰ প্ৰতি সচেতন হওক । ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ।

Israel attack on gaza: গাজাত এতিয়া মৃতদেহৰ দ’ম! এফালে শীতৰ প্ৰকোপ আনফালে ইজৰাইলৰ আক্ৰমণত চলিছে মৃত্যুযজ্ঞ

এফালে শীতৰ প্ৰকোপ আনফালে ইজৰাইলৰ আক্ৰমণ। যুদ্ধ বিধ্বস্ত গাজা এতিয়া যেন এখন মৰিশালীহে। ইজৰাইলৰ আক্ৰমণত প্ৰতিদিনে গাজাত শ শ মানুহ মৰিছে আনফালে শীতেও প্ৰাণ লৈছে বহুতৰ। শেহতীয়াকৈ গাজাৰ ওপৰত পুনৰ আক্ৰমণ চলাইছে ইজৰাইলে। মঙলবাৰে নিশা কৰা এই আক্ৰমণত প্ৰায় ১৭ জনলোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হৈছে। মৃতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে। একেটা তম্বুত একেলগে আশ্ৰয় লৈ থকা ৫ টা শিশুৰ মৃত্যু হয়। [Israel attack on gaza]

মৃতসকলৰ ভিতৰত ৮ টা শিশু আৰু ৫ গৰাকী মহিলা আছে। ইয়াৰোপৰি আৰু কেইবাটা মৃতদেহ হাস্পাতাললৈ অনা হৈছিল আৰু ইয়াৰে কিছু সংখ্যকৰ চিনাক্তকৰণ এতিয়াও হোৱা নাই। ইজৰাইলী সেনাই কোনো প্ৰমাণ নিদিয়াকৈ কয় যে, ২০২৩ চনৰ ৭ অক্টোবৰত আক্ৰমণৰ সৈতে জড়িত বহু সন্ত্ৰাসবাদী সেই ঠাইখিনিত আশ্ৰয় লৈ আছিল, যাৰ বাবে তেওঁলোকে এই আক্ৰমণ কৰে। ইয়াৰ লগতে আক্ৰমণৰ ফলত যাতে সাধাৰণ নাগৰিকৰ কোনো ক্ষতি নহয় তাৰ বাবে ইজৰাইলে পদক্ষেপ গ্ৰহণ কৰা বুলি কয়। ইজৰাইলে সাধাৰণলোকৰ মৃত্যুৰ বাবে হামাছক জগৰীয়া কৰে।

গাজাত থকা পেলেইষ্টাইনীসকলে আশা কৰি আছে যে সোনকালে যুদ্ধ বিৰতি হ’ব, কিয়নো তেওঁলোকে যুদ্ধৰ সময়ত কঠোৰ পৰিস্থিতিৰ সন্মুখীন হৈ আছে। গাজা চহৰৰ এগৰাকী স্থানচ্যুত মহিলা মুনাওৱাৰ আল-বিকে কয় যে আমি যেনেকৈ জীয়াই আছো তাক জীয়াই থকা বুলি নকয়। আমি যি পৰিস্থিতিৰ মাজত আছো তেনে পৰিস্থিতিত আন কোনোৱে থাকিব নোৱাৰে। আমি নিশা শুব নোৱাৰে, আপোনজনক হেৰুৱাই সকলোৱে কান্দি থাকে। খাবলৈ খাদ্য নাই, পানী নাই, ইফালে শীতৰ প্ৰকোপ। আমি বিচাৰো এই যুদ্ধৰ অন্ত হওক। আক্ৰমণৰ ফলত প্ৰতিদিনে শিশু, মহিলাৰ মৃত্যু হৈছে। মাহৰ পাছত মাহ ধৰি স্থানচ্যুতসকলে বিশুদ্ধ খোৱা পানী খাবলৈ পোৱা নাই, পৰ্যাপ্ত খাদ্য নাই। আনকি গাজাত শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ মানুহৰ ওচৰত গৰম কাপোৰ নাই। এই ঠাণ্ডাৰ ফলতেই হাইপোথাৰ্মিয়া আক্ৰান্ত হৈছে বহু শিশু। উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমান গাজাত তাপমাত্ৰ ৭ ৰ পৰা ৯ ডিগ্ৰী ছেলচিয়াছ পৰ্যন্ত থাকে। গতিকে এনে পৰিস্থিতিত পৰ্যাপ্ত কাপোৰ নোহোৱা এক ডাঙৰ সমস্যা।

তদুপৰি পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, গাজাৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা পশ্চিম তীৰত ইজৰাইলৰ গোলাবৰ্ষণত কমেও ৮৪০ জন পেলেষ্টাইনী নিহত হৈছে। ইয়াৰ লগতে ইজৰাইলৰ স্থল আৰু বিমান আক্ৰমণত বৰ্তমানলৈকে ৪৫,০০০ ৰো অধিক পেলেষ্টাইনীৰ মৃত্যু হৈছে আৰু ইয়াৰে অধিকাংশ শিশু-মহিলা। অৱশ্যে নিহতসকলৰ ভিতৰত সন্ত্ৰাসবাদী কিমান আছিল সেই তথ্য প্ৰকাশ কৰা নাই। আনহাতে পেলেষ্টাইনী সন্ত্ৰাসবাদীৰ আক্ৰমণত ইজৰাইলৰ ১৯ জন সৈনিকসহ প্ৰায় ৪৬ জন ইজৰাইলী নিহত হৈছে।

Pijush Hazarika । শোণিতপুৰৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ‘গৌৰৱোজ্জ্বল শতবৰ্ষ মহোৎসৱ’ত মন্ত্ৰী পীযুষ হাজৰীকা

Pijush Hazarika । শোণিতপুৰৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 'গৌৰৱোজ্জ্বল শতবৰ্ষ মহোৎসৱ’ত মন্ত্ৰী পীযুষ হাজৰীকা
Pijush Hazarika । শোণিতপুৰৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 'গৌৰৱোজ্জ্বল শতবৰ্ষ মহোৎসৱ’ত মন্ত্ৰী পীযুষ হাজৰীকা

দিছপুৰ, ৭ জানুৱাৰীঃ Pijush Hazarika । অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই আজি শোণিতপুৰ জিলাৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল শতবৰ্ষ মহোৎসৱৰ গ্ৰন্থ উন্মোচন আৰু মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে | বিধায়কদ্বয় পদ্ম হাজৰিকা আৰু গনেশ লিম্বু আৰু বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ন-পুৰণি শিক্ষাৰ্থী তথা উপস্থিত ব্যক্তিসকলৰ সন্মুখত নিজৰ বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে ১০০ বছৰৰ আগতেই বৃহত্তৰ জামুগুৰিহাট অঞ্চলটোৰ প্ৰথমখন শিক্ষানুষ্ঠান স্থাপন কৰা দূৰদৰ্শী ব্যক্তিসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে | শোণিত কোঁৱৰ গজেন বৰুৱা, বিশিষ্ট নাট্য শিল্পী ভোলা কটকী, ভবেন বৰা, অভিনেতা লক্ষী বৰঠাকুৰ, ৰাজ্যখনৰ সংবাদ জগতৰ এগৰাকী মহীৰূহ স্বৰূপ ব্যক্তি সাহিত্য অকাডেমীৰ অনুবাদ বঁটাৰে সন্মানিত ৰাধিকা মোহন ভাগৱতী, বিজ্ঞানী তথা বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাকে ধৰি দেশে বিদেশে খ্যাতি লাভ কৰা বহু ব্যক্তিয়ে শিক্ষা গ্ৰহণ কৰা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়খন শোণিতপুৰ জিলাৰেই নহয়, সমগ্ৰ ৰাজ্যখনৰো এখন আগশাৰীৰ বিদ্যালয় বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে | আনহাতে বিদ্যালয়খনৰ ইতিহাসত ৭ গৰাকী শিক্ষাৰ্থীয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম ১০ টা স্থানৰ অন্তৰ্ভুক্ত হ’বলৈ সক্ষম হোৱা বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ চাকৰিকে ধৰি বিভিন্ন ক্ষেত্ৰত সু-প্ৰতিষ্ঠিত হ’বলৈ সক্ষম হৈছে |

আজিৰ অনুষ্ঠানত উপস্থিত থকা বিদ্যালয়খনত বৰ্তমানে অধ্যয়নৰত শিক্ষাৰ্থীসকলক উদ্দেশ্যি মন্ত্ৰী পীযুষ হাজৰীকাই আৰু কয় যে ভাৰতবৰ্ষৰ নাগৰিকে আজি বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানত শীৰ্ষ পদবীত অধীস্থিত হ’বলৈ সক্ষম হৈছে | বিশেষকৈ কম্পিউটাৰ আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত ভাৰতীয় নাগৰিকৰ বহু সন্মান আৰু এক কথাত প্ৰতিপত্তি আছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে | মাইক্ৰ’চফ্ট, গুগল, টুইটাৰ, বিশ্ব বেংক আদি বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ শীৰ্ষ পদবীত ভাৰতীয় নাগৰিক অথবা ভাৰতীয় মূলৰ ব্যক্তি অধীষ্ঠিত হোৱাত আমি ভাৰতীয় নাগৰিক হিচাপে গৌৰৱ কৰিব পাৰো | মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় শিক্ষা ব্যৱস্থাতে অধ্যয়ন কৰি এনেদৰে বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানত সুপ্ৰতিষ্ঠিত হোৱা ব্যক্তিসকলৰ আদৰ্শৰে আমাৰ ছাত্ৰ-ছাত্ৰীসকলো আগবাঢ়ি গ’লে তেওঁলোকো এদিন সুপ্ৰতিষ্ঠিত হ’বলৈ সক্ষম হ’ব | মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভালদৰে পঢ়া শুনা নকৰিলে কোনো ব্যক্তিয়েই জীৱনত সু-প্ৰতিষ্ঠিত হ’ব নোৱাৰে | আনহাতে জীৱনত প্ৰতিষ্ঠা লাভৰ লগে ব্যক্তি এজন সামাজিকভাৱেও দায়বদ্ধ হোৱা উচিত বুলি তেওঁ মন্তব্য কৰে | সামাজিক ভাৱে দায়বদ্ধ ন’হলে আৰু নিজৰ পিতৃ মাতৃক তথা শিক্ষাগুৰুক সন্মান কৰিব নাজানিলে ব্যক্তি এজন যিমানেই সু-প্ৰতিষ্ঠিত নহওক কিয় তেওঁ কেতিয়াও সন্মানৰ পাত্ৰ হ’ব নোৱাৰে | সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰো মন্ত্ৰীগৰাকী বিদ্যালয়খনৰ আন্তঃগাথনিৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই ৮ কোটি টকাৰ পুঁজিৰ অনুমোদন দিয়া বুলি উল্লেখ কৰি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ ফালৰ পৰাও ২০ লাখ টকাৰ পুঁজি প্ৰদান কৰাৰ কথা ঘোষণা কৰে | আজিৰ সভাতে মন্ত্ৰী হাজৰীকাই “বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ সাংস্কৃতিক আন্দোলনৰ ৰূপৰেখা” নামৰ গ্ৰন্থ এখনো উন্মোচন কৰে |

Champions Trophy 2025: ৰোহিত-বিৰাটৰ শেষ সুযোগ? ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে টীম ইণ্ডিয়াৰ সম্ভাৱ্য তালিকাত কোন কোন?

সমুখত চেম্পিয়নছ ট্ৰফী। তাৰ পূৰ্বে চৰ্চাত কোন কোন অন্তৰ্ভুক্ত হ’ব তালিকাত। মহম্মদ শ্বামীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা প্ৰৱল কিন্তু আঘাতৰ বাবে অনিশ্চিত হৈ পৰিছে যশপ্ৰীত বুমৰাহ। ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে কেনেদৰে দল গঠন কৰিব পাৰে চাওঁ আহক। [Champions Trophy 2025]

ইংলেণ্ডৰ বিৰুদ্ধে ৰোহিত শৰ্মা আৰু ইয়াছৱী জয়ছৱালক অ’পেনাৰ হিচাপে দেখা যাব পাৰে। তৃতীয় অ’পেনাৰ হিচাপে দলটোত থাকিব শুবমান গিল। এদিনীয়া ক্ৰিকেটত দলটোক নেতৃত্ব দিব ৰোহিতে। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত তেওঁৰ নেতৃত্বত দলটোৱে ফাইনেল খেলিছিল। গতিকে চেম্পিয়নছ ট্ৰফীত তেওঁক সুযোগ দিয়া হ’ব বুলি ধাৰণা কৰা হৈছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যশস্বৱীয়ে এটা ৰান সংগ্ৰহ কৰে। এদিনীয়া ক্ৰিকেটতো তেওঁ ৰোহিতৰ সৈতে অ’পেন কৰিব পাৰে। অৱশ্যে এদিনীয়া দলৰ প্ৰথম একাদশত শুবমানে সুযোগ পাব নে নাই সেয়া কোৱা টান। কিন্তু তেওঁ দলত থাকিব। থাৰ্ড অ’পেনাৰ হিচাপে স্থান পাব পাৰে।

এদিনীয়া ক্ৰিকেটত কোহলীয়ে তিনি নম্বৰ স্থানত খেলে। ইংলেণ্ডৰ বিৰুদ্ধেও হয়তো তেওঁ সেই দায়িত্ব চম্ভালিব লাগিব। শ্ৰেয়াছ আয়াৰে এদিনীয়া ক্ৰিকেটত ভাৰতৰ মিডল অৰ্ডাৰ চম্ভালিব। যিহেতু ঘৰুৱা ক্ৰিকেটত নিয়মীয়াকৈ ৰান কৰি আহিছে। শ্ৰেয়াছ চাৰি নম্বৰলৈ নামিব পাৰে। ৰোহিত আৰু বিৰাটে ৰান নাপালে ইনিংছ গঢ়াৰ কাম কৰিব পাৰে। লগতে উপস্থিত থাকিব উইকেটকীপাৰ ঋষভ পন্ত আৰু সঞ্জু চেমছন। তাৰে এজনে মিডল অৰ্ডাৰত সুযোগ পাব। লগতে দলত থাকিব লোকেশ ৰাহুল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দলটোৰ বাবে তেওঁ আছিল একমাত্ৰ আশা। গতিকে তেওঁক এদিনীয়া দলত ৰাখিব পাৰি।

টেষ্টৰ পৰা আঁতৰত আছে হাৰ্দিক পাণ্ডিয়া। কিন্তু white-ball cricketত তেওঁ নিশ্চয় দলত থাকিব। হাৰ্দিকক দলত ৰাখিলেও অল ৰাউণ্ডাৰ হিচাপে অষ্ট্ৰেলিয়াত চকু কপালত তুলিব পৰা নীতিশ কুমাৰ ৰেড্ডীকো হয়তো ইংলেণ্ডৰ বিৰুদ্ধে সুযোগ দিয়া হ’ব। ভাৰতে দুজন পেচাৰ অল ৰাউণ্ডাৰক দলত ৰাখিব পাৰে। অৱশ্যে কেৱল পেচাৰ অল ৰাউণ্ডাৰে নহয়, স্পিনাৰ অল ৰাউণ্ডাৰেও ঘৰতে সুযোগ পাব। অক্ষৰ পেটেলক হয়তো সুযোগ দিয়া হ’ব। ৰবীন্দ্ৰ জাদেজাইও খেলিব পাৰে। ভাৰতৰ নিম্ন শ্ৰেণীক শক্তিশালী কৰিবলৈ তেওঁলোকৰ প্ৰয়োজন।

White-ball cricketত স্পিনাৰ হিচাপে নিৰ্বাচকসকলৰ প্ৰথম পছন্দ নিশ্চিতভাৱে হ’ব কুলদীপ যাদৱ। কিন্তু তেওঁ আঘাতপ্ৰাপ্ত হৈ আছে। যদি তেওঁ ফিটনেছ টেষ্ট ক্লিয়াৰ কৰিব পাৰে, তেন্তে নিশ্চিতভাৱে খেলিব। যদি নাই তেন্তে ৰবি বিষ্ণোইক চান্স দিয়া হ’ব পাৰে। অৱশ্যে বৰুণ চক্ৰৱৰ্তীও স্পিনাৰ হিচাপে দলত সুযোগ পোৱাৰ আশংকা কৰা হৈছে। White-ball cricketত তেওঁ পুনৰ ফৰ্ম লাভ কৰিছে। গতিকে যদি ভাৰতে দুজন স্পিনাৰ লৈ এটা দল গঠন কৰে তেন্তে বৰুণ থাকিব। কিন্তু অল ৰাউণ্ডাৰ অক্ষৰ আৰু জাদেজাৰ সহায়ত ভাৰতে এজন স্পিনাৰ লৈ দল গঢ়ি তুলিব পাৰে।

ভাৰতে দলটো বনোৱাৰ সময়ত তিনিজন পেচাৰ ল’ব পাৰে। ভাৰতীয় জাৰ্চিলৈ ঘূৰি আহিব পাৰে মহম্মদ ছামিৰ। ঘৰুৱা ক্ৰিকেটত বংগৰ হৈ নিয়মীয়াকৈ খেলি আছে। ৰেডবল ক্ৰিকেট খেলিব পৰাকৈ ফিট নহ’লেও হয়তো বগা বল ক্ৰিকেট খেলিব পাৰিব। গতিকে, যশপ্ৰীত বুমৰাহৰ অনুপস্থিতিত ভাৰতীয় পেচ আক্ৰমণৰ নেতৃত্ব দিয়াৰ দায়িত্ব শামীৰ ওপৰত থাকিব। মহম্মদ ছিৰাজক জিৰণি দিয়া হ’ব পাৰে। কিয়নো তেওঁ খেলি থাকে। গতিকে চেম্পিয়নছ ট্ৰফীৰ আগতে হয়তো তেওঁক জিৰণি দিয়া হ’ব। দ্বিতীয় পেচাৰ হিচাপে শামীৰ সৈতে থাকিব পাৰে মায়ংক যাদৱ। হৰ্ষিত ৰাণা তৃতীয় পেচাৰ হ’ব পাৰে। তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটায়। প্ৰশিক্ষক গৌতম গম্ভিৰে বিশেষ দৃষ্টি আকৰ্ষণ নকৰিলেও যুৱ পেচাৰগৰাকীক অলপ বেছি সুযোগ দিব বিচাৰিব।

১৬ জনীয়া এটা দল:

ৰোহিত শৰ্মা (অধিনায়ক), যশৱী জয়ছৱাল, শুবমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, লোকেশ ৰাহুল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, নীতিশ কুমাৰ ৰেড্ডী, ঋষভ পন্ত (উইকেটকীপাৰ), সঞ্জু চেমছন (উইকেটকীপাৰ), অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, মায়ংক যাদৱ, হৰ্ষিত ৰাণা আৰু মহম্মদ শ্বামী।

সম্ভাৱ্য প্ৰথম একাদশ:

ৰোহিত শৰ্মা (অধিনায়ক), যশৱী জয়ছোৱাল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্ত (উইকেটকীপাৰ), অক্ষৰ পেটেল, ৰবিন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, মায়ংক যাদৱ আৰু মহম্মদ শামী।

Salman Khan: চলমান খানৰ নিৰাপত্তা বৃদ্ধি, বেলকনিত বুলেটপ্ৰুফ গ্লাছ আৰু ইলেক্ট্ৰিক ফেন্সিঙ সংস্থাপন

বুলেটপ্ৰুফ গ্লাছ আৰু ইলেক্ট্ৰিক ফেন্সিঙেৰে মুম্বাইস্থিত গেলাক্সি এপাৰ্টমেণ্ট সুৰক্ষিত কৰিলে বলীউডৰ ভাইজান চলমান খানে। দীৰ্ঘদিন ধৰি লৰেন্স বিষ্ণোইৰ টাৰ্গেটত আছিল চলমান খান। যাৰ বাবে ২০২৪ বৰ্ষটো ভাইজানৰ বাবে বৰ ভাল নাছিল। বিগত বৰ্ষত চলমানে ঘনিষ্ঠ বন্ধুকো হেৰুৱাবলগীয়া হৈছিল। [Salman Khan]

অৱশ্যে নতুন বছৰৰ লগে লগে নিৰাপত্তাও বৃদ্ধি পাইছে চলমানৰ। উল্লেখ্য, বাবা ছিদ্দিকৰ হত্যাকাণ্ডৰ পিছৰে পৰা বৃদ্ধি পাইছে অভিনেতাজনৰ নিৰাপত্তা ব্যৱস্থা।

ব্লেক বাক গোচৰত দীৰ্ঘদিন ধৰি লৰেন্স বিষ্ণোইৰ টাৰ্গেটত আছিল চলমান খান। ২০২৪ চনত তেওঁক কেইবাবাৰো মৃত্যুৰ ভাবুকি দিছিল। কেৱল এয়াই নহয়, ঘনিষ্ঠ বন্ধু বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত সমগ্ৰ খান পৰিয়ালটো বিপদত পৰিছিল। ইতিমধ্যে চলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। কিন্তু নতুন বছৰৰ আৰম্ভণিতে নিৰাপত্তাৰ ব্যৱস্থা আৰু অধিক শক্তিশালী কৰা হৈছে। এতিয়া তেওঁৰ গেলাক্সি এপাৰ্টমেণ্টৰ বেলকনিত বুলেট প্ৰুফ গ্লাছ ব্যৱহাৰ কৰা হৈছে।

চলমান খানৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ গেলাক্সি এপাৰ্টমেণ্টত এই পৰিৱৰ্তন কৰা হৈছে। ইয়াৰ উপৰিও গেলাক্সি এপাৰ্টমেণ্টৰ প্ৰতিটো ফালে হাই ছিকিউৰিটি ট্ৰেচাৰো স্থাপন কৰা হৈছে। চলমান খানৰ ঘৰৰ বেলকনিত বুলেট প্ৰুফ গ্লাছ ব্যৱহাৰ কৰা হৈছে। যিটো বেলকনি চলমান খানে থিয় হৈ ঈদ, দীপাৱলী আৰু জন্মদিনত শ শ অনুৰাগীক ধন্যবাদ জনায়। কিন্তু চলমান আৰু তেওঁৰ পৰিয়ালৰ সুৰক্ষাৰ কথা মনত ৰাখি এতিয়া বুলেট প্ৰুফ গ্লাছ ৱাল ব্যৱহাৰ কৰি দেৱাল বন্ধ কৰি দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ খিৰিকীবোৰতো বুলেট প্ৰুফ গ্লাছ লগোৱা হৈছে। ইয়াৰ উপৰিও আৰু কিছুমান উচ্চ প্ৰযুক্তিৰ সুৰক্ষা সঁজুলিও স্থাপন কৰা হৈছে। চলমান খানৰ নিৰাপত্তাৰ বাবে ঘৰৰ বাহিৰতো হাই ৰিজ’লিউচন চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। লগতে আৰক্ষীয়ে ঘৰৰ ঠিক সন্মুখতে আৰক্ষী চকী স্থাপন কৰিছে।

দৰাচলতে, বাবা ছিদ্দিকী হত্যাকাণ্ডৰ গোচৰত মুম্বাই ক্ৰাইম ব্ৰাঞ্চে ৮৫ দিনৰ অন্তত সোমবাৰে এমচিঅ’চিএ আদালতত ৪৫৯০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে। বিভিন্ন ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ হোৱা ২৬ জন অভিযুক্ত আৰু পলায়ন কৰা ৩ জন অভিযুক্তৰ বিৰুদ্ধে এই অভিযোগনামা দাখিল কৰা হৈছে। অভিযুক্তৰ নাম উল্লেখ কৰা হৈছে – শুভম লংকৰ, জীশান আখতাৰ আৰু আনমোল বিষ্ণোই। ইয়াৰ উপৰিও মুঠ ১৮০ জন সাক্ষীৰ বক্তব্য অভিযোগনামাত লিপিবদ্ধ কৰা হৈছে। 

Football Workshop: মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ফুটবল প্ৰশিক্ষণৰ শুভাৰম্ভ, আঠটা জ’নৰ ১৪৪ গৰাকী খেলুৱৈৰ অংশগ্ৰহণ

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ক্ৰীড়া বিভাগৰ উদ্যোগত ১৭ বছৰ অনুৰ্ধৰ ল’ৰাৰ ফুটবলৰ আৱাসিক  প্ৰশিক্ষণ শিবিৰ ইতিমধ্যে আৰম্ভ হৈছে ৷ ধেমাজি জিলাৰ মিংমাং ৰূপহী মিচিং গাঁওস্থিত পেঞ্চাক চিলাট আৱাসিক বিদ্যালয়ৰ খেলপথাৰ  অনুষ্ঠিত হোৱা উক্ত আৱাসিক প্ৰশিক্ষণ শিবিৰত মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ৮ টা জ’নৰ মুঠ ১৪৪ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ৷ প্ৰতিটো জ’নত আছে ১৮ গৰাকীকৈ খেলুৱৈ ৷ [Football Workshop]

ফুটবল প্ৰশিক্ষক হিচাপে আছে  যুৱৰাজ মিলি, কুশল বড়ি, সহকাৰী প্ৰশিক্ষক হিচাপে আছে  ৰিপু নাৰ্জাৰী আৰু মহানন্দ মিলি ৷ সমগ্ৰ প্ৰশিক্ষণ শিবিৰ পৰিচালনা কৰিছে টি এম পি কেৰ কেন্দ্ৰীয় সদস্য সঞ্জীৱ মিলিয়ে ৷ প্ৰশিক্ষণৰ তদাৰক হিচাপে আছে মণিৰাম পেগু৷ এমাহ জোৰা প্ৰশিক্ষণৰ অন্তত প্ৰতিটো জ’নৰ মাজত লীগ পৰ্যায়ত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ কালি মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙীয়াই প্ৰশিক্ষণ শিবিৰত উপস্থিত খেলুৱৈসকলক বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায় ৷ উ

উল্লেখযোগ্য যে, মিংমাং ৰূপহী পাহাৰৰ সমতল ভূমিৰ সেউজীয়া মনোৰম পৰিৱেশত অনুষ্ঠিত হৈ থকা উক্ত প্ৰশিক্ষণ শিবিৰ ৫ জানুৱাৰীত উদ্ধোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰীয়ে ৷ 

New Year: নতুন বছৰত নতুন চিন্তা, নতুন বছৰ হওক আমাৰ প্ৰত্যাশা, আমাৰ আশাৰ বছৰ

New Year: নতুন বছৰত নতুন চিন্তা, নতুন বছৰ হওক আমাৰ প্ৰত্যাশা
New Year: নতুন বছৰত নতুন চিন্তা, নতুন বছৰ হওক আমাৰ প্ৰত্যাশা

২০২৪ বৰ্ষটোৱে বিদায় ল’লে আৰু ২০২৫ বৰ্ষ আহিল। বহুত আশাৰে, বহুত প্ৰত্যাশাৰে আৰু আনন্দ-উলাহেৰে সমগ্ৰ বিশ্বই আদৰিলে ইংৰাজী নৱবৰ্ষ ২০২৫ক।(New Year) সকলোৰে আশা এই নতুন বছৰটোত সকলোৰে ভাল হ’ব, সুখ-সমৃদ্ধিৰে উপচি পৰিব। ইয়াৰ বাবে পৰিকল্পনাও কৰি লৈছে প্ৰায় সকলোৱে। কাৰণ মানুহ যিমানেই সমস্যাৰ সন্মুখীন নহওক কিয়, প্ৰত্যাহ্বানৰ মুখামুখী নহওক কিয় সকলোৰে মনত এটা সময়ত নহয় এটা সময়ত নতুনক লৈ নতুন প্ৰত্যাশা জাগে। জীৱনটোক এই নতুন প্ৰত্যাশাৰ মাজতে নতুনকৈ গঢ় দিবলৈ ন ন পৰিকল্পনা লৈ ন উদ্যমেৰে কামত অগ্ৰসৰ হয়। ইয়াত কোনোবা সফল হয় আৰু কোনোবাই সফলতা নাপায়। হতাশো হয়।

তথাপি পৰিকল্পনাৰ পৰা বিচলিত নহয়। কাৰণ বৰ্তমান সময়ত পোৱাৰ আনন্দতকৈ নোপোৱাৰ বেদনা বা কষ্ট অধিক হয়। সমাজখন দিনে দিনে পংকিলতাৰ ফালে গতি কৰিছে। আমি প্ৰতিবাৰেই এটা নতুন বছৰ আহিলে যেনেদৰে স্ফূৰ্তি-তামাচা নকৰো কিয় বছৰটো কিন্তু আমি সেইদৰে ধুনীয়াকৈ সজাব নোৱাৰো। কমক চাৰি প্ৰতি বছৰে হিংসা-প্ৰতিহিংসা, অসূয়া-অপ্ৰীতি বাঢ়িহে গৈ থাকে। মানুহৰ মাজত যেন সহনশীলতা আৰু মানৱীয়তাৰ গুণবোৰ ক্ৰমান্বয়ে নোহোৱা হৈ গৈ আছে। এয়াই আমাৰ দুৰ্ভাগ্য। আজিও আমি আমাৰ মৌলিক উপাদানখিনি যোগাৰ কৰোতেই জীৱন পাত কৰিবলগীয়া হয়। এতিয়া আমাৰ অৰ্থনীতি হৈছে কৰ্প’ৰেটনিৰ্ভৰ অৰ্থনীতি। আৰু এই কৰ্প’ৰেটনিৰ্ভৰ অৰ্থনীতিয়ে সৃষ্টি কৰা ৰঙীণ চমকত সাধাৰণ নাগৰিক চলাটোৱেই বৃহৎ সমস্যা হৈ পৰিছে। একাংশ ধনী শ্ৰেণীৰ কবলত খাটিখোৱা সাধাৰণ শ্ৰেণীটো দিনে দিনে পিষ্ট হৈ গৈ আছে। আজি অন্যায়-অনীতি, দুৰ্নীতি-ভ্ৰস্তাচাৰ, শোষণ-নিষ্পেষণ, লুণ্ঠনে ছানি ধৰিছে। বাক্‌-স্বাধীতাও হৰণ হ’বলৈ ধৰিছে। মুঠতে সকলো দিশৰ পৰা এক শ্ৰেণী লোক দিশহাৰা হৈ পৰিবলৈ ধৰিছে। খাদ্য, বস্ত্ৰৰ অভাৱত কোঙা হৈ পৰিছে এটা শ্ৰেণী। তেওঁলোক এতিয়াও জীয়াই আছে কেৱল আশ্বাসৰ ওপৰত। আশ্বাসে কিমানদূৰ সেইসকল লোকৰ জীৱন-যাত্ৰাত সাহস হৈ থিয় দিব পাৰিছে ইয়াক সঠিককৈ ক’ব নোৱাৰি। তথাপি এটা নতুন বছৰ আহিলেই এইসকল লোকো এটা দিনৰ বাবে হ’লেও আনন্দৰ মিছিলত যোগ দিয়ে, সহযোগ কৰে নতুন বছৰত তেওঁলোকৰো কিবা এটা নতুনত্ব আহক বুলি। এনেদৰেই প্ৰাপ্তি-অপ্ৰাপ্তি মাজেৰেই একোটা পুৰণি বছৰে বিদায় লয় আৰু এটা নতুন বছৰে ভুমুকি মাৰে। পাৰ হৈ যোৱা বছৰটোৰ প্ৰাপ্তি-অপ্ৰাপ্তি, সফলতা-বিফলতা, সুখ-দুখবোৰ পাহৰি যাব পাৰিলেও বা নোৱাৰিলেও আমি আটায়ে আদৰি লওঁ নতুন বছৰটোক। ইজনে সিজনক শুভেচ্ছা বিনিময় কৰো, যাতে নতুন বছৰটো সকলোৰে মংগল হয়।


আনহাতে, অসমত এতিয়াও কৃষকৰ নানা সমস্যা, শিক্ষকৰ সমস্যা, ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন অভাৱ-অভিযোগৰ সমস্যা, ছয় জনগোষ্ঠীৰ জনজাতীয়কৰণৰ বিষয়টোক লৈ অসন্তুষ্টি, স্বাস্থ্য সেৱ খণ্ডত থকা অভাৱ তথা অবৈধ বিদেশী নাগৰিকৰ সমস্যা আদি বিষয়ক লৈ বিগত বৰ্ষটোত যেনে ধৰণেৰে আন্দোলন-প্ৰতিবাদ কৰিও সু-ফল লাভ কৰিবলৈ সক্ষম নহ’ল। সেইবোৰ অসমৰ জ্বলন্ত সমস্যা এই বৰ্ষটোতে চৰকাৰে নিশ্চয় সমাধান কৰিব বুলি আমি এশ শতাংশই আশাবাদী।কাৰণ বছৰটোৰ প্ৰথম দিনটোতেই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কৈছে– ‘বিগত বৰ্ষটো আছিল আমাৰ বাবে ‘প্ৰাপ্তি’ৰ বছৰ। টাটাৰ ছেমিকণ্ডাক্টৰৰ বিনিয়োগে অসমলৈ আনিব এটা নতুন যুগ। এয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আমিও আশাবাদী এয়াই হওক নতুন বছৰটোত। অসমে সফলতাৰে লাভ কৰক এটা সম্পূৰ্ণ নতুন বছৰ। আনহাতে, অসমৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবেও দিছে ভাল খবৰ।

ইয়াৰ উপৰি আৰু বহুতো ঘোষণাই অসমৰ ৰাইজৰ মনত নতুন বছৰটোত কিছু হ’লেও আশাৰ সঞ্চাৰ কৰিছে। আশাকৰো আকৌ যাতে এই নতুন বৰ্ষটোত আমি জনগণ আশাহঁত হ’বলগীয়া নহয়। আকৌ যাতে জনসাধাৰণ আন্দোলনমুখী হ’বলগীয়া নহয়। একে দিনাই অসমৰ সকলো সমস্যাৰ সমাধান আমি বিচৰা নাই। কিন্তু পৰ্যায়ক্ৰমে সমস্যাবোৰৰ সমাধান হওক এই নতুন বৰ্ষটোত। চৰকাৰেও জনসাধাৰণক দিয়া ‘আশ্বাস’বোৰ ‘বিশ্বাস’লৈ পৰিণত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰক। নতুন বছৰটোত আমি তাকেই আশা কৰিম। মুখ্যমন্ত্ৰীয়ে নতুন বছৰটোৰ পহিলা দিনটোত জনসাধাৰণৰ উদ্দেশ্যে কোৱা কথাবোৰ বাস্তৱ হৈ উঠক। আমি আশাবাদী। ৰাজনীতিত আশাই হ’ল একমাত্ৰ ভৰসা। আশাই মানুহক কঠিন সময়বোৰত পৰিৱৰ্তনৰ বাবে যুঁজিবলৈ সাহস আৰু শক্তি প্ৰদান কৰে। আমি নতুন বছৰটোত আকৌ ধৈৰ্যৰে আশাক লৈ জীয়াই থাকিব লাগিব যদিও সকলোৱে কৰ্মোদ্যোগী হৈ ন্যায্য আৰু ন্যায়পৰায়ণ সমাজ গঢ়ি তুলিবলৈ আহোপুৰুষৰ্থ কৰিব লাগিব নৱবৰ্ষৰ প্ৰথমটো দিনৰ পৰাই। আমি দিনে দিনে পৰমুখাপেক্ষী হৈ গৈ আছো। কেৱল আমি চৰকাৰকে আশা কৰি বহি থাকো। কিন্তু জীৱনৰ এই অমূল্য সময়খিনি আনৰ ওপৰত নিৰ্ভৰশীল নহৈ আত্মনিৰ্ভৰশীল হ’বলৈ চেষ্টা কৰো আমাৰ জীৱনত সুখ-সমৃদ্ধি লাভ কৰিবলৈ বেছি দিন হয়তো অপেক্ষা কৰিবলগীয়া নহ’ব। চৰকাৰেও আশাকৰো নতুন বছৰটোত ৰাইজক হিতাধিকাৰী সজোৱাতকৈ নতুন নতুন কৰ্মৰ জৰিয়তে উপাৰ্জৰ পথ দেখুৱাক। তেতিয়া মানুহ কৰ্মমুখী হ’ব পাৰিব। নহ’লে দিনে দিনে মানুহৰ মাজত কৰ্মবিমুখতাই বৰ বেয়াকৈ ঘেৰি ধৰিছে। গাঁওবোৰত আজিকালি কাম কৰা মানুহ প্ৰায় নোহোৱা হৈছে। ইয়াৰ অৰ্থ কিন্তু মানুহ ধনী হোৱাতো বুজোৱা নাই।

তেওঁলোক কৰ্মৰ প্ৰতি উদাসীন হৈছে। কাৰণ আজিৰ দিনত কাম নকৰাকৈয়ে আৰামত খাবলৈ পায়। চৰকাৰে বিনামূলীয়া চাউল দিছে, ধন দিছে, ৠণ লোৱাসকলক ৠণৰ পৰা মুক্ত কৰি দিছে। গতিকে কাম কৰিনো কি হ’ব। এয়া বাৰু অন্ধকাৰ ভৱিষ্যতৰ ইংগিত নহয় নে ? গতিকে আশাকৰো, নৱবৰ্ষত কথাবোৰ চৰকাৰেও নতুনকৈ চিন্তা কৰিব। আমাৰ জনসাধাৰণেও কথাবোৰ অলপ গমি-পিটি চাওক নতুন বছৰটোৰ আৰম্ভণিতেই। কৰ্মইহে প্ৰকৃত ধৰ্ম। কৰ্ম অবিহনে ধৰ্মৰ মূল্য নাই। ব্ৰাজিলৰ শিক্ষাবিদ আৰু দাৰ্শনিক পাউলো ফ্ৰেইয়াৰৰ দৰে দাৰ্শনিক পণ্ডিতে ‘পেডাগজি অৱ হোপ’ত কৈছে যে ‘আশাই মানুহক অত্যাচাৰক প্ৰত্যাহ্বান জনাবলৈ আৰু মুক্তিৰ বাবে চেষ্টা কৰিবলৈ শক্তিৰ সঞ্চয় কৰে’। গতিকে আমাৰ দৰে এখন দেশৰ বাবে এই ধাৰণাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে। আমি এতিয়াও পাবলৈ বহুত আছে। সেয়া পাবলৈ কষ্ট কৰিব লাগিব, যুঁজিব লাগিব। কেৱল আনৰ মুখলৈ চোৱা নীতি পৰিহাৰ কৰিব লাগিব। এটা সৰু উদাহৰণ দিওঁ— কেৰিবিয়ানৰ এটা সৰু দ্বীপ হ’ল কিউবা। এই দেশখন শক্তি, সাহসৰ প্ৰতীক, যুঁজি যুঁজি জীয়াই থকাৰ জীৱন্ত প্ৰতীক। ১৯৯১ চনত যেতিয়া ছোভিয়েট ইউনিয়নৰ পতন ঘটিছিল, তেতিয়া কিউবাৰ বাবে এক বৃহৎ বিপৰ্যয় নামি আহিছিল। কিয়নো দেশখন অৰ্থনীতিৰ বাবে ছোভিয়েটৰ সহায়ৰ ওপৰত নিৰ্ভৰশীল আছিল। কিউবাত সেই সময়ত খাদ্যৰ নাটনি, বিদ্যুতৰ নাটনি আৰু বিশেষকৈ অৰ্থনীতিৰ ওপৰত বিশেষ প্ৰভাৱ পৰিছিল। ইমানবোৰ প্ৰত্যাহ্বানৰ মাজতো কিউবাৰ জনসাধাৰণে যথেষ্ট শক্তি আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছিল আৰু দেশখনৰ উন্নতিত অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। কাৰণ তেওঁলোকৰ কৰ্মস্পৃহা আছিল। সাহস আছিল, পৰমুখাপেক্ষী হৈ বহি থকা নাছিল। তেওঁলোকৰ আশা আছিল দুৰ্বাৰ। যিয়ে তেওঁলোকক অনুপ্ৰাণিত কৰি তুলিছিল। আৰু এটা সময়ত তেওঁলোকৰ প্ৰচেষ্টা সফল হ’ল আৰু পুনৰ গণতন্ত্ৰলৈ পৰিৱৰ্তন হ’ল। কথাটো এই কাৰণেই উনুকিয়ালো যে আমাৰো সকলো আছে। সাহস আছে, সমল আছে। আমিও এই নতুন বছৰটোতে পণ লওঁ আহক যে আমিও এটা উন্নত জাতি হৈ স্বাধীনভাৱে আগুৱাই যাম। শিক্ষা, সংস্কৃতি, বিজ্ঞান-প্ৰযুক্তিৰে, কৰ্ম সংস্কৃতিৰে আগবাঢ়ি যাম। নহ’লে ভৱিষ্যতে আমি পংগু জাতিত পৰিণত হ’ম।


বিগত বৰ্ষটোত আমি বহুতো আশাৰ সমল দেখিবলৈ পালো। অসমীয়াৰ প্ৰজ্ঞাই আমাক গৌৰৱান্বিত কৰিলে। এয়াই আমাৰ আশা। বিগত বৰ্ষটোতে অসমীয়া ভাষাই ‘ধ্ৰুপদী’ ভাষাৰ স্কীকৃতি পালে। প্ৰতিভাৱান যুৱতী ৰীমা দাস অস্কাৰ সমিতিলৈ মনোনীত হ’ল। নোবেল জয়ীৰ গৱেষণাৰ সহযোগী হ’ল ৰুবুল মাউত, বিশাল দত্তৰ ছবিয়ে হলীউডত চমক সৃষ্টি কৰিবলৈ সক্ষম হ’ল, বিজ্ঞানী মুকুট গোহাঁইৰ নেতৃত্বত আৱিষ্কৃত এনমেটাজোবৃক্টামে লাভ কৰিলে মাৰ্কিন স্বীকৃতি, হাড়গিলা সংৰক্ষৰণৰ বাবে পূৰ্ণিমা দেৱী বৰ্মনে লাভ কৰিলে গ্ৰীণ অস্কাৰ, ব্ৰিটেইনত সাংসদ হিচাপে মনোনীত হ’ল আয়েশা হাজৰিকা, ভাৰতীয় ক্ৰিকেট দলত অন্তৰ্ভুক্ত হ’ল ৰিয়ান পৰাগ, বিশ্ব যুৱ ভাৰোত্তোলনত স্বৰ্ণ জয় বেদব্ৰত ভৰালীৰ। ইয়াৰ উপৰি জল-স্থল-মহাকাশতো জিলিকিল অসম সন্তান বিগত বৰ্ষটোত। সেইসকলৰ ভিতৰত- ডিমৌৰ পৰা গৈ লণ্ডনৰ ইউনিভাৰ্ছিটী কলেজৰ অধ্যাপক হিচাপে কৰ্মৰত বুদ্ধ ডেকাই অধিক শক্তিশালী ক্ষুদ্ৰ বেটাৰীৰ কৌশল উদ্ভাৱনেৰে চমক সৃষ্টি কৰিছে, মৰাণহাটৰ গণিতজ্ঞ কুঞ্জ কানন নাথে ফ্ৰান্সৰ ইনষ্টিটিউট ইলি এনে ছ’চাইটীত দিয়া গৱেষণা-পত্ৰই বিশ্বত খলকনি তুলিবলৈ সক্ষম হৈছে। মহাজাগতিক ক্ষেত্ৰৰ গৱেষণাত জড়িত জ্যোতিৰ্বিজ্ঞানী ৰংমন বৰদলৈ হৈছে গৈ নাছাৰ বিজ্ঞানী। এয়াই আমাৰ অসমীয়া হিচাপে গৌৰৱ, আমাৰ আশা। এই বৰ্ষটো আমি নিশ্চয় আৰু ন ন গৌৰৱেৰে জিলিকিব পাৰিম। নতুন আশাৰে উদ্ভাসিত হৈ উঠিম। জিলিকিব লুইতৰ দুয়ো পাৰ। নতুন বছৰটো আমাৰ এয়াই প্ৰত্যাশা, আমাৰ আশা।

লেখকঃ ভূপেন মহন্ত

No Romance poster: “ৰোমাঞ্চ নিষিদ্ধ!” অটো’ত বা কেবত দূৰত্ব বজাই ৰাখিব লাগিব অবিবাহিত দম্পত্তিয়ে

অবিবাহিত দম্পতীৰ বাবে আহি পৰিছে ইটোৰ পিছত সিটোকৈ নিষেধাজ্ঞা। প্ৰথমে ‘OYO’ হোটেল বুকিং নিয়ন্ত্ৰণ কৰাৰ পিছত এইবাৰ কেব আৰু অটো’চালকৰ বিশেষ সিদ্ধান্ত। কিন্তু কি এই বিশেষ সিদ্ধান্ত জানো আহক। [No Romance poster]

শেহতীয়াকৈ অবিবাহিত দম্পতীয়ে হোটেলৰ কোঠা বুক কৰাৰ ক্ষেত্ৰত OYOই নিয়ম সলনি কৰিছে। হোটেলত থাকিবলৈ হ’লে নিজ নিজ ৱেবছাইটত ‘সম্পৰ্কৰ প্ৰমাণ’ জমা দিব লাগিব। নতুন বছৰত এনে সিদ্ধান্তৰ কথা ঘোষণা কৰি এখন অধিসূচনাও ইতিমধ্যে প্ৰকাশ কৰা হৈছে। তাৰ মাজতেই আহি আন এক নতুন নিয়ম। ভাৰতত অবিবাহিত দম্পতীয়ে হোটেলত থাকিব নোৱাৰাৰ কোনো নিয়ম বা আইনী বাধা নাই যদিও মাজে মাজে দেখা দিয়া সামাজিক হেঁচা আৰু কিছু আইনী জটিলতাত জড়িত নহ’বলৈ বহু হোটেল কৰ্তৃপক্ষই প্ৰেমিক-প্ৰেমিকাৰ বাবে হোটেলৰ দুৱাৰ বন্ধ কৰি দিয়ে।

OYOৰ পাছতেই কেব আৰু অটো’চালকে অবিবাহিত যাত্ৰীৰ বাবে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। অটো’ বা কেবত যাত্ৰাৰ সময়ত এতিয়াৰে পৰা সাৱধান হ’ব লাগিব প্ৰেমিক-প্ৰেমিকা। অটো’ বা কেবত যাত্ৰা কৰোঁতে কাষ চাপিব নোৱাৰিব অবিবাহিত দম্পত্তি। ইতিমধ্যে কেইবাখনো অটো’ বা কেব চালকে বাহনৰ পিছফাল লগাইছে বিশেষ পো’ষ্টাৰ। য’ত লিখা আছে- “ইয়াত প্ৰেম পিৰিতি নচলিব!”, “সাৱধান! কোনো ৰোমাঞ্চ ইয়াত নহ’ব। এইখন কেব, আপোনাৰ ব্যক্তিগত স্থান বা OYO নহয়। গতিকে দূৰত্ব বজাই ৰাখিব। সন্মান দিয়ক, সন্মান লাভ কৰক।” ইত্যাদি।

ইয়াৰ আৰম্ভণি হৈছিল পশ্চিম উত্তৰ প্ৰদেশৰ মীৰুট চহৰৰ পৰা। পশ্চিম উত্তৰ প্ৰদেশৰ কেইবাখনো বাহনত এনেদৰে বিভিন্ন পো’ষ্টাৰ অঁৰা হৈছে। অবিবাহিত প্ৰেমিকযুগলক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে। যিদৰে হোটেলত থাকিবলৈ হ’লে নিজ নিজ ৱেবছাইটত ‘সম্পৰ্কৰ প্ৰমাণ’ জমা দিব লাগিব বুলি নতুন বছৰত নতুন সিদ্ধান্ত লেৱা হৈছে ঠিক সেইদৰে উত্তৰ প্ৰদেশৰ ৰিতেশ আগৰৱালাৰ সংগঠনে মীৰুটৰ পৰা এই নতুন নিয়ম প্ৰৱৰ্তন কৰিছে।

দৰাচলতে ২০১৩ চনৰ মে’ মাহত ‘অয়ো ৰুমছ’ প্ৰতিষ্ঠা আৰু কেইবছৰমানৰ ভিতৰতে কোম্পানীটোৰ আকাশলংঘী সফলতাৰ আঁৰৰ অন্যতম কাৰণ হ’ল অবিবাহিত দম্পতীক হোটেলত থকাৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান। OYOৱে তুলনামূলকভাৱে কম দামত ভাল হোটেলৰ ঠিকনা প্ৰদান কৰে। কিন্তু ৰিতেশৰ সংগঠনে দাবী কৰে যে নিয়মৰ আকস্মিক পৰিৱৰ্তনৰ কাৰণ হ’ল সমাজ। OYOৰ অপব্যৱহাৰ কৰি অনৈতিক কাৰ্যকলাপত লিপ্ত এচামক নাকী লগাবলৈ শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।