Home Blog Page 424

Elephant attack: হাতীক গা ধোৱাবলৈ গৈ ছিন্নভিন্ন হ’ল যুৱতীৰ শৰীৰ! কাষতে থিয় হৈ চাই ৰ’ল অসহায় প্ৰেমিক

দুঃসাহসিক ক্ৰিড়ানুৰাগী যুৱভ্ৰমণকাৰীসকলৰ বাবে থাইলেণ্ড অন্যতম জনপ্ৰিয় গন্তব্যস্থান। প্ৰতি বছৰে থাইলেণ্ডলৈ বিশ্বৰ বিভিন্ন দেশৰ পৰা পৰ্যটকৰ সমাগম ঘটে। বহু ভাৰতীয়ও বিভিন্ন সময়ত কিছু সময় কটাবলৈ থাইলেণ্ডলৈ যোৱা দেখিবলৈ পোৱা যায়। কিন্তু দুঃসাহসিক কৰ্মৰ প্ৰতি আসক্ত যুৱক-যুৱতীসকলে কেতিয়াবা অজানিতে মৰ্মান্তিক দুৰ্ঘটনাত পতিত হয়। বহু লোকৰ মৃত্যু পৰ্যন্ত হয়। এনে দুৰ্ঘটনাৰ খবৰে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰা দেখা যায়। [Elephant attack]

তেনে এক ঘটনাৰ খবৰে এতিয়া চছিয়েল মিডিয়াত তোল পাৰ লগাইছে। এটা হাতীক গা ধোৱাবলৈ যাওঁতেই অঘটন। প্ৰেমিকৰ সৈতে থাইলেণ্ড ভ্ৰমণ কৰিবলৈ গৈ মৃত্যুক আকোৱালি ল’লে এগৰাকী ২২ বছৰীয়া যুৱতীয়ে। হাতীৰ দাঁতৰ প্ৰহাৰত ছিন্ন-বিচ্ছিন্ন হৈ পৰে যুৱতীগৰাকীৰ শৰীৰ। মহিলাগৰাকীৰ নাম ব্লাংকা অজুংগুৰেন গাৰ্চিয়া। খবৰ অনুসৰি স্পেইনৰ ভেলাডলিডৰ বাসিন্দা আছিল মৃত মহিলাগৰাকী। যোৱা শুকুৰবাৰে তেওঁ দক্ষিণ-পশ্চিম থাইলেণ্ডৰ ইয়াও য়াই দ্বীপৰ কোহ ইয়াও নামৰ এটা হাতী সংৰক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰিছিল। কৰ্তৃপক্ষৰ অনুমতি লৈ হাতীটোক গা ধুৱাবলৈ তালৈ গৈছিল। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়। তথ্য অনুসৰি গা ধোৱাবলৈ গৈ থাকোঁতে দঁতাল হাতীটোৱে হঠাতে ব্লাংকাক আক্ৰমণৰ লক্ষ্য কৰি লয়। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ব্লাংকা। ততাতৈয়াকৈ ব্লাংকাক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। দুখৰ বিষয় এইয়ে যে এই সমগ্ৰ ঘটনা ব্লাংকাৰ প্ৰেমিকৰ চকুৰ সন্মুখতে সমঘটিত হ’ল। কিন্তু ব্লাংকাৰ প্ৰেমিকে একোকে কৰিব নোৱাৰিলে। প্ৰেমিকাৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰি শোকত ভাঙি পৰে প্ৰেমিক। উল্লেখযোগ্য যে ব্লাংকা আছিল স্পেইনৰ পেম্পল’নাৰ নাভাৰা বিশ্ববিদ্যালয়ৰ পঞ্চম বৰ্ষৰ ছাত্ৰী। তেওঁ আইন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত অধ্যয়ন কৰি আছিল। ব্লাংকাৰ মৃত্যুত শোক প্ৰকাশ কৰি বিশ্ববিদ্যালয়খনেও এক বিবৃতি প্ৰকাশ কৰে।

Indian hair: ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমূহ দেশে!

ভাৰতীয়ৰ চুলি বাৰু কিমান মূল্যবান হ’ব পাৰে আপুনি জানেনে? দিনটোত প্ৰায়ভাগ সময় চুলি ফণিয়াওতে আমি সৰা চুলি পেলাই দিওঁ কিন্তু সেই চুলিৰেই পৃথিৱীৰ আন আন দেশসমূহে টকা উপাৰ্জন কৰি আছে। পৃথিৱীৰ বেছিভাগ দেশে ভাৰতৰ পৰা বিভিন্ন বস্তু আমদানি কৰে। কিন্তু এনে কেইবাখনো দেশ আছে যি ভাৰতীয়ৰ পৰা চুলি ক্ৰয় কৰাৰ বাবে বিখ্যাত। [Indian hair]

ভাৰতীয়ৰ চুলি ক্ৰয় কৰা দেশবোৰৰ ভিতৰত আছে চীন, আমেৰিকা, ইউৰোপ আৰু ম্যানমাৰ। কিন্তু চীনে ভাৰতীয়সকলৰ পৰা আটাইতকৈ বেছি চুলি ক্ৰয় কৰে। চীনে ভাৰতৰ পৰা ৰপ্তানি হোৱা প্ৰায় ৮০ শতাংশ চুলি ক্ৰয় কৰে আৰু উইগ বনাই যথেষ্ট ধন উপাৰ্জন কৰে। ভাৰতীয়ৰ চুলিত এনে বহু গুণ আছে যাৰ বাবে ইয়াৰ চাহিদা বেছি। ভাৰতীয়ৰ চুলি ঘন, পোন হোৱাৰ লগতে গাঢ় ৰঙৰ হয় যাৰ বাবে ইয়াৰ মূল্য খুব বেছি বুলি ধৰা হয়। ক্ৰেতাসকলে বিশ্বাস কৰে যে ভাৰতত চুলিত ৰাসায়নিক পদাৰ্থ খুব কম ব্যৱহাৰ কৰা হয় সেয়েহে উইগৰ বাবে ই উপযোগী হয়।

ভাৰতীয়ৰ চুলিৰে প্ৰস্তুত কৰা উইগবোৰ ইউৰোপীয় দেশবোৰত বিশেষ আদৰ আছে। কাৰণ সেইবোৰ তেওঁলোকৰ পছন্দৰ সৈতে মিলে। ভাৰতীয়ৰ চুলিৰে তৈয়াৰী উইগবোৰ দীঘলীয়া সময়লৈকে ভালে থাকে। যাৰ বাবে পৃথিৱীৰ বহুতো দেশত ভাৰতীয়ৰ চুলিৰ চাহিদা আছে।

HMPV: HMPV এ শৰীৰৰ কোন অংশত প্ৰথমে আক্ৰমণ কৰে? কি পৰিৱৰ্তন দেখা যায় শৰীৰত

HMPV এ শৰীৰৰ কোন অংশত প্ৰথমে আক্ৰমণ কৰে?
HMPV এ শৰীৰৰ কোন অংশত প্ৰথমে আক্ৰমণ কৰে?

Covid-19ৰ পিছত চীনৰ হিউমেন মেটাপনিউমোভাইৰাছ (HMPV)য়ে ক্ৰমান্বয়ে বিশ্বৰ আন দেশত বিয়পি পৰিছে। এই পৰ্যন্ত ভাৰতত এই ভাইৰাছৰ ৫ জন ৰোগী ধৰা পৰিছে। বেংগালুৰু, আহমেদাবাদৰ লগতে তামিলনাডুৰ বিভিন্ন প্ৰান্তৰ ৰোগীৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ অৱস্থিতি। HMPV হৈছে এনে এটা ভাইৰাছ যি দ্ৰুতগতিত বিয়পি মানুহক সংক্ৰমিত কৰিছে। বিশেষজ্ঞসকলৰ মতে এই ভাইৰাছে মূলতঃ শ্বাস-প্ৰশ্বাসতন্ত্ৰত প্ৰভাৱ পেলায় আৰু ইয়াৰ লক্ষণসমূহ সাধাৰণ ফ্লুৰ দৰেই হ’ব পাৰে। কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল আৰু সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত গুৰুতৰ সংক্ৰমণ হ’ব পাৰে।(hmpv attack which body part first)

এইচ এম পি ভি প্ৰথমে কোনটো অংগত প্ৰভাৱ পেলায়-


এই ভাইৰাছে প্ৰথমে হাওঁফাওঁ আৰু বায়ুপথক লক্ষ্য কৰি লয়। এই সংক্ৰমণে শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ কোষবোৰক ক্ষতিগ্ৰস্ত কৰে, যাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা, কাহ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। সংক্ৰমণ দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোক, সৰু ল’ৰা-ছোৱালী আৰু বৃদ্ধ লোকৰ ক্ষেত্ৰত দ্ৰুতগতিত বিয়পিব পাৰে আৰু শ্বাস-প্ৰশ্বাসজনিত গুৰুতৰ ৰোগ হ’ব পাৰে।

শৰীৰত কি কি পৰিৱৰ্তন ঘটে?

  • উশাহ-নিশাহ লোৱাত কষ্ট: এই ভাইৰাছবিধে শ্বাস-প্ৰশ্বাসতন্ত্ৰত প্ৰভাৱ পেলায়, যাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে। সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এই সমস্যা অধিক ভয়াৱহ হ’ব পাৰে।

উচ্চ জ্বৰ আৰু ভাগৰ: সংক্ৰমণৰ আৰম্ভণিতে জ্বৰ, মূৰৰ বিষ আৰু শৰীৰত দুৰ্বলতা অনুভৱ হয়।

  • ডিঙিৰ বিষ আৰু কফঃ এইচ এম পি ভি ডিঙিতো প্ৰভাৱ পেলায়, যাৰ ফলত ডিঙিৰ বিষ, শুকান কাহ আৰু কফ হয়।

শ্বাস-প্ৰশ্বাসজনিত জটিলতাঃ ভাইৰাছ অগ্ৰগতিৰ লগে লগে ব্ৰংকাইটিছ, নিউমোনিয়া আৰু বায়ুপথৰ বাধাৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

  • শৰীৰত অক্সিজেনৰ অভাৱ: গুৰুতৰ ক্ষেত্ৰত শৰীৰত অক্সিজেনৰ মাত্ৰা কমি যাব পাৰে, যাৰ ফলত হাইপ’ক্সিয়া হ’ব পাৰে।

কেনেকৈ সুৰক্ষা দিব?


বিশেষজ্ঞসকলৰ মতে এইচ এম পি ভিৰ পৰা ৰক্ষা পাবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱা, মানুহ বেছি থকা ঠাইৰ পৰা আঁতৰি থকা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো গুৰুত্বপূৰ্ণ। সৰু ল’ৰা-ছোৱালী আৰু বৃদ্ধসকলক বিশেষ যত্নৰ প্ৰয়োজন।

চৰকাৰ আৰু চিকিৎসকৰ পৰামৰ্শ-
স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে সংক্ৰমিত শিশু আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে কোনো দেশ ভ্ৰমণ কৰা নাই। চিকিৎসকে ৰাইজক আহ্বান জনাইছে যে যদি উশাহ লোৱাত অসুবিধা হয় বা আন কোনো লক্ষণ দেখা দিয়ে তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক।

Earthquake: তিব্বত-নেপাল সীমান্তত ৭.১ প্ৰাবল্যৰ ভূমিকম্পত ৫৩ জন লোকৰ মৃত্যু, অসমতো এই ভূমিকম্পৰ প্ৰভাৱ

Earthquake: তিব্বত-নেপাল সীমান্তত ৭.১ প্ৰাবল্যৰ ভূমিকম্পত ৫৩ জন লোকৰ মৃত্যু
Earthquake: তিব্বত-নেপাল সীমান্তত ৭.১ প্ৰাবল্যৰ ভূমিকম্পত ৫৩ জন লোকৰ মৃত্যু

ৰাতিপুৱাৰ ভাগতে দিল্লী এন চি আৰৰ পৰা পশ্চিম বংগলৈ কঁপি উঠিছিল। হয়, দিল্লী এনচিআৰকে ধৰি বংগ আৰু বিহাৰত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। কোৱা হৈছে যে এই ভূমিকম্পৰ কেন্দ্ৰ তিব্বত-নেপাল সীমান্ত বুলি কোৱা হৈছে।(Earthquake)

ৰাজধানী দিল্লী এনচিআৰকে ধৰি দেশৰ বহু ৰাজ্যত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। এই ভূমিকম্পৰ তীব্ৰতা ৭.১ বুলি কোৱা হয়। এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি ৫৩ জন লোকে প্ৰাণ হেৰুৱাইছে। ভাৰতত দিল্লী এনচিআৰৰ বাহিৰেও পশ্চিমবংগ আৰু বিহাৰত কম্পন অনুভৱ কৰা হৈছিল। ১৯৯৪ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ আৰু ১৯৯৫ চনৰ জাপান কঁপি উঠিল। ২০ বছৰ পূৰ্বে জাপানত সংঘটিত হোৱা এই ভূমিকম্পত ৬০০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি মঙলবাৰে পুৱা পশ্চিম বংগৰ শিলিগুৰি, জলপাইগুৰি, কুচবিহাৰত কম্পনৰ সৃষ্টি হৈছিল। বংগৰ শিলিগুৰিত পুৱা ৬:৩৭ বজাত ১৫ ছেকেণ্ড কঁপি থকাৰ বিপৰীতে জলপাইগুৰিত পুৱা ৬.৩৫ বজাত ভূমিকম্প অনুভৱ কৰা হয়। বংগৰ বাহিৰেও বিহাৰৰ ৰাজধানী পাটনা আৰু আন কিছুমান অঞ্চলতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে।

ইয়াৰ আগতে ১৯৯৪ চনৰ আজিৰ দিনটোতে নৰ্থৰিজ ভূমিকম্পই লছ এঞ্জেলছ কঁপাইছিল। ৬.৭ প্ৰাবল্যৰ এই ভূমিকম্পত ৫৭ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ বাহিৰেও আহত হৈছে ৯০০০ৰো অধিক লোক। এক হিচাপ অনুসৰি এই ভূমিকম্পত ২৫ বিলিয়ন ডলাৰৰ লোকচান হৈছে। ইয়াৰ বাহিৰেও ১৯৯৫ চনৰ আজিৰ দিনটোতে জাপানৰ কোবে (কোহ-বে) চহৰত ৭.২ প্ৰাবল্যৰ ভূমিকম্পত ৬০০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। ভাৰত, ইৰাণ, নেপাল, তিব্বতত একেলগে চাৰিখন দেশত সৃষ্টি হয় ভূমিকম্প।

Teeth: দাঁত হালধীয়া হোৱাৰ কাৰণ জানেনে? এই ৫ টা বস্তুৱে দাঁত হালধীয়া কৰি হাঁহিৰ সৌন্দৰ্য ম্লান কৰে

Teeth: দাঁত হালধীয়া হোৱাৰ কাৰণ জানেনে?
Teeth: দাঁত হালধীয়া হোৱাৰ কাৰণ জানেনে?

ধুনীয়া আৰু বগা দাঁতে আপোনাৰ হাঁহি বৃদ্ধি কৰাই নহয় আত্মবিশ্বাস বৃদ্ধি কৰে। কিন্তু, কিছুমান অভ্যাস আৰু খাদ্যাভ্যাসে আপোনাৰ হাঁহিটো ম্লান কৰি পেলাব পাৰে। হালধীয়া দাঁত আপোনাৰ মুখৰ সৌন্দৰ্য্য নহয়, ই আপোনাৰ দাঁতৰ স্বাস্থ্যৰ বাবেও বিপদজনক হ’ব পাৰে। (Teeth)বিশেষজ্ঞসকলৰ মতে, কিছুমান বিশেষ খাদ্য-পানীয়ই দাঁতত দাগ সৃষ্টি কৰে, যাৰ ফলত দাঁত হালধীয়া আৰু দুৰ্বল হৈ পৰে। সেই ৫টা বস্তুৱে আপোনাৰ দাঁত হালধীয়া কৰি তুলিব পাৰে আৰু সেইবোৰ খাদ্য-সামগ্ৰী এৰি দিয়াটো গুৰুত্বপূৰ্ণ।

চাহ আৰু কফিত টেনিন থাকে, যিয়ে দাঁতত দাগ সৃষ্টি কৰিব পাৰে। ই ক্ৰমান্বয়ে দাঁতৰ বগা ৰং আঁতৰাই হালধীয়া কৰি তোলে। গোটেই দিনটো চাহ বা কফি খালে দাঁতৰ ওপৰত ইয়াৰ প্ৰভাৱ আৰু বাঢ়িব পাৰে।

চোডা আৰু শীতল পানীয়ত অধিক পৰিমাণে এচিড আৰু চেনি থাকে, যাৰ ফলত দাঁতৰ বাহিৰৰ পৃষ্ঠভাগ দুৰ্বল হৈ পৰে। ইয়াৰ বাহিৰেও গাঢ় ৰঙৰ শীতল পানীয়ৰ দাঁতত দাগ পৰিব পাৰে।

ৰেড ৱাইনত টেনিন, এচিড আৰু ডাৰ্ক পিগমেণ্ট থাকে, যিয়ে দাঁতত স্থায়ী দাগ পেলাব পাৰে। ইয়াৰ অত্যধিক সেৱনৰ বাবে দাঁতৰ জিলিকনি ম্লান হৈ পৰে।

ভাৰতীয় মছলা যেনে হালধী, ধনীয়া আৰু অমিতাত ক’লা ৰং থাকে, যাৰ ফলত দাঁতত দাগ সৃষ্টি হ’ব পাৰে।

মিঠাই আৰু চকলেটত থকা চেনিয়ে বেক্টেৰিয়াক প্ৰসাৰিত কৰে, যাৰ ফলত দাঁতত গহ্বৰ আৰু দাগ পৰিব পাৰে। বেছিকৈ চেনি খোৱাৰ ফলত দাঁত দুৰ্বল হৈ হালধীয়া হৈ পৰে।

Earthquake: চাৰিখনকৈ দেশত প্ৰবল ভূমিকম্প! অসমতো মৃদু ভূমিকম্প…

Earthquake: চাৰিখনকৈ দেশত প্ৰবল ভূমিকম্প
Earthquake: চাৰিখনকৈ দেশত প্ৰবল ভূমিকম্প

পুনৰ ভূমিকম্প। চাৰিখনকৈ দেশত একেলগে প্ৰবল ভূমিকম্প৷ দেশকেইখন হৈছে ভাৰত, ইৰাণ, নেপাল, তিব্বত। এই চাৰিখন দেশত ভূমিকম্পৰ তীব্ৰ জোকাৰণি৷ ৬.৩৮ বজাত অনুভূত হয় জোকাৰণি।(Earthquake)

আকি ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। সেই একে সময় পুৱা ৬বাজি ৩৮বজাত জোকাৰণি অনুভূত। তীব্বতৰ নেপাল সীমান্তত ভূমিকম্পৰ অভিকেন্দ্র বুলি জানিব পৰা গৈছে। ভাৰতৰ বিহাৰ, দিল্লী, অসমকে ধৰি কেইবাখনো ৰাজ্যত জোকাৰণি। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.১।

নৱবৰ্ষৰ দ্বিতীয় দিনাও ৪.১ প্ৰাবল্যৰ ভূমিকম্প সৃষ্টি হৈছিল অসমত। আজি পুৱাৰ ভাগতো অসমত মৃদু ভূমিকম্পৰ জোকাৰণি সৃষ্টি হয়।

Umrangshu: উমৰাংছ’ৰ কয়লা খনিত আবদ্ধ ১৫ জন শ্রমিক, ৩ শ্ৰমিকৰ খবৰ

Umrangshu: উমৰাংছ'ৰ কয়লা খনিত আবদ্ধ ১৫ জন শ্রমিক, ৩ শ্ৰমিকৰ খবৰ
Umrangshu: উমৰাংছ'ৰ কয়লা খনিত আবদ্ধ ১৫ জন শ্রমিক, ৩ শ্ৰমিকৰ খবৰ

ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ কয়লা খনিত ভয়ংকৰ ঘটনা সংঘটিত হয়। অবৈধ কয়লা খনীত আবদ্ধ হৈ পৰে ১৫ জন কৈ শ্রমিক। কয়লা খনিত পানী ভৰি যোৱাত আবদ্ধ শ্রমিকসকল। উমৰাংছ’ৰ তিনিকিলোত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।(Umrangshu)

তিনিকিলোৰ অসম কুঁৱেৰীৰ ১৯ নং ব্লকত আবদ্ধ শ্রমিকসকল। পুৱা প্রায় ৭ বজাতেই শ্রমিকসকল সোমাইছিল কুঁৱেৰীত।

উমৰাংছ’ৰ কয়লা খনিৰ ঘটনাক লৈ তত্পৰ হৈ পৰে মুখ্যমন্ত্ৰী। উদ্ধাৰ অভিযানৰ বাবে সেনাৰো বিচাৰিলে সহায়। সামাজিক মাধ্যমযোগে SDRF আৰু NDRF-এ উদ্ধাৰ চলাই থকাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখে, “উমৰাংছ’ৰ পৰা চিন্তনীয় সংবাদ লাভ কৰিছোঁ যে কয়লাখনিত কিছু বনুৱা আবদ্ধ হৈ পৰিছে। সঠিক সংখ্যা আৰু অৱস্থাৰ বিষয়ে এতিয়াও কোনো সুনিশ্চিত তথ্য অহা নাই। জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক তথা সতীর্থ মন্ত্রী শ্ৰীকৌশিক ৰায় ইতিমধ্যে উক্ত স্থানলৈ ৰাওনা হৈছে। সকলোৰে সুৰক্ষাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

আমি চলিত উদ্ধাৰ অভিযানত সেনাৰ সহায়ৰ বাবে অনুৰোধ জনাইছোঁ। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী (এছ ডি আৰ এফ) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীও এই প্ৰচেষ্টাত সহায় কৰিবলৈ ঘটনাস্থলীলৈ গৈ আছে।”

আজিৰ খবৰ অনুসৰি উমৰাংছ’ৰ কয়লা খনিটোৰ পৰা ৩ শ্ৰমিকক উদ্ধাৰ কৰা হৈছে। তেওঁলোকক হাস্পাতলত ভৰ্তি কৰোৱা হৈছে।

আনহাতে উমৰাংছ’ৰ কয়লা খনিত তিনি মৃত্যুৰ সন্দেহ সেনাৰ ড্রোন কেমেৰাত স্পষ্ট হৈছে। কিন্তু বৰ্তমানলৈকে এই ঘটনাৰ প্ৰকৃত খবৰ লাভ কৰা হোনা নাই।

Pijush Hazarika। তিৱা স্বায়ত্ত পৰিষদৰ নৱ-নিৰ্মিত প্ৰশাসনিক ভৱনটোৰ শুভ উদ্বোধন, উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা

Pijush Hazarika। তিৱা স্বায়ত্ত পৰিষদৰ নৱ-নিৰ্মিত প্ৰশাসনিক ভৱনটোৰ শুভ উদ্বোধন, উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা
Pijush Hazarika। তিৱা স্বায়ত্ত পৰিষদৰ নৱ-নিৰ্মিত প্ৰশাসনিক ভৱনটোৰ শুভ উদ্বোধন, উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা

৬ জানুৱাৰী, ২০২৫: Pijush Hazarika । তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্য্যালয়ৰ চৌহদত নিমাণ কৰা নৱ-নিৰ্মিত প্ৰশাসনিক ভৱনটোৰ শুভ উদ্বোধন কৰে ভৈয়াম জন-জাতি, মাধ্যমিক শিক্ষা আৰু উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী ডা: ৰণোজ পেগুয়ে ।

উক্ত নৱ-নিৰ্মিত প্ৰশাসনিক ভৱনটোৰ শুভ উদ্বোধনৰ প্ৰবিত্ৰ ক্ষণত উপস্থিত থাকে তথ্য-জন-সংযোগ ,জলসম্পদ আৰু সামাজিক ন্যায়াধিকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা , ভৈয়াম জন-জাতি উন্নয়ন নিগম তথা মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰামাকান্ত দেউৰী ,তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্র কোঁৱৰ , দিছপুৰ বিধানসভা বিধায়ক অতুল বৰা , তিৱা স্বায়ত্ত পৰিষদৰ সকলো ধৰণৰ বিষয়ববীয়া সকলৰ লগতে তিৱা স্বায়ত্ত পৰিষদৰ এলেকাধীন বিভিন্ন প্ৰান্তৰ পৰা অহা স্থানীয় ৰাইজৰ উপস্থিতিত শুভ উদ্বোধন কৰা নৱ-নিৰ্মিত প্ৰশাসনিক ভৱনটোৰ সমান্তৰালকৈ মুকলি সভাটো সকলো উপস্থিত পৰিলক্ষিত হল ।

উৰিয়ামঘাটত শ্বহীদ দিৱস পালন

৬ জানুৱাৰী, ২০২৫: অসম নাগালেণ্ড সীমাৰ বিবাদৰ কেন্দ্ৰ কৰি ১৯৭৯ চনৰ ৫ জানুৱাৰীত কেইবাটাও পৰিয়ালৰ ঘৰ বাৰী জ্বলাই বহু লোকক হত্যা কৰিছিল।তাৰে স্মৃতিত সৰুপথাৰ সীমান্ত গাঁও প্ৰধান সন্থাই শ্বহীদ দিৱস পালন কৰি আহিছ
উৰিয়ামঘাট চিলনীজানত ৪৫ স‌ংখ্যক শ্বহীদ দিৱস পালন কৰা হয়। পতাকা উত্তোলন আৰু পতাকা উত্তোলনৰ পিছতেই মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে সীমান্ত দণ্ডাধীশ প্ৰিয়ম জ্যোতি ফুকনে। মুকলি সভা উদ্বোধন কৰে মহেশ্বৰ বসুমতাৰীয়ে।

মুকলি সভাত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী উপস্থিত থাকে বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। উল্লেখ্যযে অসম-নগালেণ্ড সীমা বিবাদক লৈ প্ৰায় ১২১ জন লোকে প্ৰাণ হেৰুৱাইছিল।অসম-নাগালেণ্ডৰ মাজত বন্ধুত্ববোধ সু দৃঢ় কৰাৰ উদ্দেশ্যে উৰিয়ামঘাট সীমান্তত অসম নাগালেণ্ড সংস্কৃতি সমাৰোহ আগন্তক দিনত অনুষ্ঠিত কৰিব বুলি বিধায়ক বিশ্বজিৎ ফুকনে জানিবলৈ দিয়ে। বিগত সময়ত যি অসম নাগালেণ্ডৰ মাজত সীমাক লৈ যি সংঘাটৰ সুত্ৰপাত হৈছিল ভৱিষ্যতে তেনে কোনো সংঘাট নহয়।সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি সাংসদ কামাখ্যা প্ৰসাদ তাছাই জানিবলৈ দিয়ে।

Moirabari College । মৈৰাবাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ দুগৰাকী প্ৰবক্তা দুৰ্ঘটনাগ্ৰস্ত , নিহত অধ্যাপিকা ৰেহেনা চুলতানা

Moirabari College । মৈৰাবাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ দুগৰাকী প্ৰবক্তা দুৰ্ঘটনাগ্ৰস্ত , নিহত অধ্যাপিকা ৰেহেনা চুলতানা
Moirabari College । মৈৰাবাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ দুগৰাকী প্ৰবক্তা দুৰ্ঘটনাগ্ৰস্ত , নিহত অধ্যাপিকা ৰেহেনা চুলতানা

৬ জানুৱাৰী, ২০২৫ঃ Moirabari College । মৈৰাবাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা আছিল ৰেহেনা চুলতানা। আনহাতে স্বামী ছামছুদ্দিন মজুমদাৰ গুৰুতৰভাৱে আহত। গাড়ীৰে অধ্যাপক-অধ্যাপিকা স্বামী-স্ত্রী মৈৰাবাৰীৰ পৰা নগাঁৱলৈ গৈ থকা অৱস্থাত পথৰ কাষত আহত গছ এজোপাত খুন্দিয়াই গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়।


দুয়োকে ততাতৈয়াকৈ নগাঁৱৰ এখনি ব্যক্তিগত চিকিৎসালয়ত লৈ যোৱা হয় যদিও ৰেহেনা চুলতানাৰ মৃত্যু হয়।
ৰেহেনা চুলতানাৰ মৃত্যুত বৃহত্তৰ মৈৰাবাৰী অঞ্চলত শোকৰ ছা পৰিছে। মৈৰাবাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ দুগৰাকী প্ৰবক্তা দুৰ্ঘটনাগ্ৰস্ত। নিহত অধ্যাপিকা ৰেহেনা চুলতানা।


মৈৰাবাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা আছিল ৰেহেনা চুলতানা। আনহাতে স্বামী ছামছুদ্দিন মজুমদাৰ গুৰুতৰভাৱে আহত। গাড়ীৰে অধ্যাপক-অধ্যাপিকা স্বামী-স্ত্রী খাৰুপেটীয়াৰ পৰা মৈৰাবাৰীলৈ আহি থকা অৱস্থাত পথৰ কাষত আহত গছ এজোপাত খুন্দিয়াই গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুয়োকে ততাতৈয়াকৈ নগাঁৱৰ এখনি ব্যক্তিগত চিকিৎসালয়ত লৈ যোৱা হয় যদিও ৰেহেনা চুলতানাৰ মৃত্যু হয়।