Home Blog Page 425

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আভ্যন্তৰীণ জলপথেৰে দক্ষ, ব্যয়সাপেক্ষ আৰু বহনক্ষম পৰিবহণৰ বাবে নতুন শক্তিৰ সঞ্চাৰ হৈছে”- সৰ্বানন্দ সোণোৱাল । Sarbananda Sonowal

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আভ্যন্তৰীণ জলপথেৰে দক্ষ, ব্যয়সাপেক্ষ আৰু বহনক্ষম পৰিবহণৰ বাবে নতুন শক্তিৰ সঞ্চাৰ হৈছে"- সৰ্বানন্দ সোণোৱাল । Sarbananda Sonowal
"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আভ্যন্তৰীণ জলপথেৰে দক্ষ, ব্যয়সাপেক্ষ আৰু বহনক্ষম পৰিবহণৰ বাবে নতুন শক্তিৰ সঞ্চাৰ হৈছে"- সৰ্বানন্দ সোণোৱাল । Sarbananda Sonowal

গুৱাহাটী, ৬ জানুৱাৰী, ২০২৫: Sarbananda Sonowal । কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ১৫ ডিচেম্বৰত কলকতাৰ পৰা মুকলি কৰা ‘জলবাহক আঁচনি’ৰ অধীনত ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ)ৰ যোগেদি প্ৰথম নিৰ্ধাৰিত জাহাজ সেৱাই আজি গুৱাহাটীৰ পাণ্ডু বন্দৰত প্ৰৱেশ কৰে। যোৱা ১৫ ডিচেম্বৰত কলকাতাত এই আঁচনিৰ শুভাৰম্ভ কৰি কলকাতাৰপৰা ভাৰত-বাংলাদেশ প্ৰট’কল জলপথ হৈ অসম অভিমুখী জাহাজ যাত্ৰাৰ ফ্লেগ্-অফ কৰিছিল সৰ্বানন্দ সোণোৱালে। জলপথেৰে মালবাহী জাহাজৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে এক গুৰুত্বপূৰ্ণ আঁচনি ‘জলবাহক’এ ৰাষ্ট্ৰীয় জলপথ ১ (গংগা) আৰু ৰাষ্ট্ৰীয় জলপথ ২ (ব্ৰহ্মপুত্ৰ) আৰু ৰাষ্ট্ৰীয় জলপথ ১৬ (বৰাক)ৰ জৰিয়তে দীঘলীয়া যাত্ৰাৰ সামগ্ৰীৰ চলাচলত উদগনি দিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আভ্যন্তৰীণ জলপথেৰে দক্ষ, ব্যয়সাপেক্ষ আৰু বহনক্ষম পৰিবহণৰ বাবে নতুন শক্তিৰ সঞ্চাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় জলপথ-১ (গংগা), ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ) আৰু ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক)ৰ আভ্যন্তৰীণ জলপথৰ শক্তি-সম্ভাৱনাক উজ্জীৱিত কৰি ‘জলবাহক’ শীৰ্ষক কাৰ্গ’ প্ৰচাৰ আঁচনি আৰু নিৰ্ধাৰিত সেৱাৰ ইতিমধ্যে শুভাৰম্ভ কৰি নথৈ আনন্দিত হৈছোঁ। পাটনা হৈ কলকাতা আৰু বাৰাণসীৰ মাজৰ ৰাষ্ট্ৰীয় জলপথ-১ (গংগা)ৰ অংশত আৰু ভাৰত-বাংলাদেশ প্ৰট’কল জলপথ হৈ ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ)ৰ যোগেদি কলকাতা আৰু গুৱাহাটীৰ পাণ্ডুৰ মাজত এই অভিলাষী সেৱা আৰম্ভ হৈছে, যাৰ ফলত বিভিন্ন সা-সামগ্ৰী জলপথেৰে প্ৰেৰণ কৰা হৈছে। এই আঁচনিখনে অহা তিনি বছৰৰ ভিতৰত জলপথলৈ প্ৰায় ৮০০ নিযুত টন কিল’মিটাৰ মাল স্থানান্তৰক উৎসাহিত কৰিব, যি হৈছে ৰাষ্ট্ৰীয় জলপথত বৰ্তমানৰ ৪,৭০০ নিযুত টন কিল’মিটাৰ কাৰ্গ’ৰ প্ৰায় ১৭%। উক্ত সেৱাৰ অধীনত ৰাষ্ট্ৰীয় জলপথত দীৰ্ঘ দূৰত্বৰ কাৰ্গ’ পৰিবহণৰ বাবে ৩৫% ইনচেণ্টিভ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আভ্যন্তৰীণ জলপথৰদ্বাৰা দেশৰ অৰ্থনীতি, বাণিজ্য আৰু সংযোগক ত্বৰান্বিত কৰাৰ দিশত এয়া এক মাইলৰ খুঁটি।”

প্ৰথমখন জাহাজ – দুখন ডাম্ব বাৰ্জ অজয় আৰু দিখুৰ সৈতে এমভি ত্ৰিশূলে কলকাতাৰ জিআৰ জেটিৰ পৰা ভাৰত-বাংলাদেশ প্ৰট’কল ৰুট (আইবিপিআৰ) হৈ গুৱাহাটীৰ পাণ্ডুলৈ ১৫০০ টন চিমেণ্ট কঢ়িয়াই আনিছে।
এই কাৰ্গ’ প্ৰচাৰ আঁচনিয়ে কাৰ্গ’ মালিকসকলক ৩০০ কিল’মিটাৰতকৈ অধিক দূৰত্বৰ বাবে আভ্যন্তৰীণ জলপথৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰী পৰিবহণ কৰিবলৈ পোনপটীয়াকৈ প্ৰেৰণা যোগাব।

সৰ্বানন্দ সোণোৱালে লগতে কয় যে পুনৰুজ্জীৱিত ৰাষ্ট্ৰীয় জলপথসমূহে ইয়াৰ প্ৰদৰ্শন যথেষ্ট বৃদ্ধি কৰিছে, ইয়াৰ দ্বাৰা পৰিবহণ কৰা কাৰ্গ’ৰ মুঠ পৰিমাণ ২০১৩-১৪ বৰ্ষত ১৮.০৭ নিযুত মেট্ৰিক টনৰ পৰা ২০২৩-২৪ বৰ্ষত ১৩২.৮৯ নিযুত মেট্ৰিক টনলৈ বৃদ্ধি পাইছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “নদীক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছে আমাৰ সভ্যতা-সংস্কৃতি। নদী কাষৰীয়া জাতি হিচাপে জলপথ সদায়েই আমাৰ জীৱনৰেখা হৈ আহিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমাৰ সভ্যতাৰ এই গুৰুত্বপূৰ্ণ দিশটো অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ বাবে বহনক্ষম সমাধান বিচাৰি উলিওৱাৰ প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ মহাবাহু ব্ৰহ্মপুত্ৰই অসমৰ জনসাধাৰণৰ বাবে প্ৰবল সুযোগ-সম্ভাৱনা কঢ়িয়াই আনিছে। যাত্ৰীবাহী জাহাজ আৰু মালবাহী জাহাজৰ মসৃণ যাত্ৰাৰ বাবে নিম্নতম উপলব্ধ গভীৰতা (এলএডি) বজাই ৰখাৰ বাবে নিয়মীয়াকৈ ড্ৰেজিঙৰ দৰে কাৰ্যকলাপ গ্ৰহণ কৰা হৈছে। আমি নদীৰ কাষৰীয়া আন্তঃগাঁথনিৰ বিকাশৰ ব্যৱস্থা ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰি যাম।”

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, “বিগত ১০ বছৰত ভাৰতৰ আভ্যন্তৰীণ জলপথ খণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলো ইয়াৰ জৰিয়তে যথেষ্ট উপকৃত হৈছে। ২০১৪ চনৰ পূৰ্বে ভাৰতৰ জলপথৰ সংখ্যা আছিল মাত্ৰ ৫টা, তাৰ বিপৰীতে এতিয়া ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ১১১টালৈ বৃদ্ধি পালে। বিগত ১০ বছৰত ৬,০০০ কোটি টকা জলপথ খণ্ডত বিনিয়োগ হৈছে। ২০১৪ চনৰ পূৰ্বে কাৰ্গ’ পৰিচালনা ক্ষমতা সীমাবদ্ধ আছিল মাত্ৰ ১৮.১%ত, এতিয়া তাৰ পৰিমাণ ১৩৩ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি পালে। আভ্যন্তৰীণ জলপথে বিকশিত ভাৰতৰ যাত্ৰাক আগুৱাই লৈ গৈছে। ইয়াৰ যোগেদি দক্ষ, ব্যয়সাপেক্ষ আৰু বহনক্ষম পৰিবহণৰ বাবে শক্তিৰ সঞ্চাৰ হৈছে। ভাৰতত আভ্যন্তৰীণ জলপথৰ পুনৰুজ্জীৱিতকৰণ অৰ্থনৈতিক উন্নয়নৰ দিশত এক নতুন পদক্ষেপ, কাৰণ ইয়াৰ দ্বাৰা পথসমূহত যাতায়াতৰ চাপ হ্ৰাস পাব আৰু ৰচদ-পাতিৰ খৰচ কমাব পৰা যাব।”

Dr. Basanta Kumar Goswami । অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীক সম্বৰ্ধনা

Dr. Basanta Kumar Goswami । অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীক সম্বৰ্ধনা
Dr. Basanta Kumar Goswami । অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীক সম্বৰ্ধনা

৬ জানুৱাৰী,২০২৪ঃ Dr. Basanta Kumar Goswami । অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ জয়ে অসম সাহিত্য সভাৰ সৰ্বস্তৰৰ সাহিত্যপ্ৰেমীলৈ আনন্দৰ বতৰা কঢ়িয়াই অনাত সমগ্ৰ মাজুলীৰ‌ লগতে মাজুলীৰ অন্যতম শাখা সাহিত্য সভা উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাও উৎফুল্লিত হৈ পৰিছে ।

উত্তৰ কমলাবাৰী সাহিত্য সভাৰ তৰফৰ পৰা মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মনোজ্যোতি ৰেগন, শাখাৰ প্ৰাক্তন সম্পাদক শংকুসিদ্ধ নাথে নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ যোৰহাট সুৱাগপুৰস্থিত বাসগৃহত উপস্থিত হৈ ব্যাপক সম্বৰ্ধনা জ্ঞাপন কৰে ।

অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈ গোস্বামীয়ে কয় যে অসম সাহিত্য সভাক এক নতুন গতিৰে আগবঢ়াই নিব লাগিব; মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা আৰু জ্যোতি প্ৰসাদ আগৰৱালাৰ দৰে অসমীয়া জাতিৰ পুৰোধা সকলক বিশেষভাৱে বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিব লাগিব।

তেওঁ লগতে কয় যে অনাগত দিনত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনে হেৰুওৱা ঐতিহ্য ঘূৰাই পাব আৰু এই ভৱনৰ পৰা সভাৰ সকলো কাম-কাজ পৰিচালনা কৰা হʼব ।প্ৰতিজন সাহিত্য সভাপ্ৰেমীৰ সহযোগত অসম সাহিত্য সভাৰ বিশ্বমুখী যাত্ৰা অধিক ক্ষিপ্ৰতৰ হ’ব । উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি দাসীৰাম পামেগাম, সম্পাদক কৃষ্ণা ৰাণী শইকীয়া বৰুৱাৰ স্বাক্ষৰিত সম্বৰ্ধনা পত্ৰ আৰু অংগ বস্ত্ৰ গ্ৰহণ কৰি নৱনিৰ্বাচিত সভাপতি গৰাকীয়ে জাতীয় জীৱনৰ মহৎ সেৱাত উৎসৰ্গিত হʼবলৈ সকলোকে আহ্বান জনায় ।

Assam Book Fair । অসম গ্ৰন্থমেলা, গুৱাহাটীত অভূতপূৰ্ব সমাৱেশ

Assam Book Fair । অসম গ্ৰন্থমেলা, গুৱাহাটীত অভূতপূৰ্ব সমাৱেশ
Assam Book Fair । অসম গ্ৰন্থমেলা, গুৱাহাটীত অভূতপূৰ্ব সমাৱেশ

গুৱাহাটী,৬ জানুৱাৰীঃ Assam Book Fair । একাদশ দিনাও পুথিপ্ৰেমীৰে ঠাহ খাই পৰে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলাত ৷ পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি হোৱাৰে পৰা আহিবলৈ আৰম্ভ কৰা গ্ৰন্থপ্ৰেমীয়ে সন্ধিয়াৰ ভাগত কেবা সহস্ৰাধিকৰ ঘৰ অতিক্ৰম কৰে ৷ ইপিনে আজি বিয়লি ১ বজাত গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত “উপন্যাস সাহিত্যঃ তত্ব, শৈলী আৰু বিষয়বস্তু” শীৰ্ষক আলোচনা সত্ৰখন সঞ্চালনা কৰে সাহিত্য অকাদেমি বঁটা প্ৰাপক বিশিষ্ট ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৷ তেওঁ কয় যে উপন্যাস হৈছে জীৱন যাত্ৰাৰ নিৰ্মেদ প্ৰতিফলন ৷ আৰ্নেষ্ট হেমিংৱে’ৰ দৰে বিশ্ব প্ৰসিদ্ধ সাহিত্যিকেও এই কথা কৈছে ৷ সৃষ্টি আগত , তত্ব পাছতহে ৷ মই নিজেও তত্ব নজনাকৈয়ে উপন্যাস লিখিবলৈ আৰম্ভ কৰিছিলো ৷ কলা-কৌশল, ধাৰা সময়ে সময়ে সলনি হয় ৷ হ’লেও ইয়াত জীৱনৰ প্ৰতিফলনেই মুখ্য বুলি বিশ্বাস কৰোঁ ৷ জীৱনৰ সত্যান্বেষণ, আত্মকথন, অন্তৰ্জগতৰ সত্তাক উপন্যাসে প্ৰতিনিধিত্ব কৰিছে ৷

ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক-লেখক জয়ন্ত মাধৱ বৰাই কয়—“ মানুহৰ জীৱনক পৰিপূৰ্ণভাৱে চিত্ৰিত কৰিব পৰা মাধ্যম হৈছে উপন্যাস ৷ বাস্তৱৰ হুবহু প্ৰতিফলন উপন্যাসৰ চৰিত্ৰ বা উদ্দেশ্য নহয় ৷ কাল্পনিক চিত্ৰণেও অৱশ্যে বাস্তৱক প্ৰতিফলিত কৰে ৷ তদুপৰি বিষয়বস্তুৱে উপন্যাসৰ শৈলী নিৰ্ধাৰণ কৰে ৷” আন এগৰাকী আলোচক, সাহিত্যিক ড° প্ৰাণ্‌জিৎ বৰাই কয় যে লিখাৰ সময়ত তত্বৰ জটিলতালৈ সোমোৱা নাযায় ৷ লেখকৰ মনক কেনেদৰে বিষয়বস্তুৱে দোলায়িত কৰে তাৰ ওপৰত সৃষ্টিৰ গুণ বহুলাংশে নিৰ্ভৰ কৰে ৷ লেখকে “Time” আৰু “Space” বুজি পোৱা বা অনুধাৱন কৰাটো দৰকাৰী কথা ৷ তথাপি এই কথা সত্য যে সৃষ্টিৰ মুহূৰ্তত তত্ত্বৰ জটিল মেৰপেছৰ মাজেৰে যোৱা নাযায় ৷ উপন্যাসে মানুহক লগ এৰা নাই আৰু নেৰে ৷

কাৰণ উপন্যাসে আমাৰ সমাজ-জীৱনক প্ৰতিফলিত কৰে, সৰলভাৱেই হওক বা জটিলতাৰ মাজেৰেই হওক ৷ ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰে জনপ্ৰিয় ঔপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্যই ৷ তেওঁ কয়—“উপন্যাস লিখাৰ সময়ত বহু কথা শিকা যায় ৷ প্ৰথমে বিষয়টোৱে মনৰ মাজত ঘূৰে তাৰ পাছত এটা ৰূপ পায় ৷ বিষয়বস্তুৱে কাল নিৰ্ণয় কৰে ৷ কাল অৰ্থাৎ কোনখিনি সময়ক প্ৰতিফলিত কৰা যায় সেয়া নিৰ্বাচন কৰাটো গুৰুত্বপূৰ্ণ ৷” আন এগৰাকী ঔপন্যাসিক মনালিছা শইকীয়াই বিষয় প্ৰসংগত কয় যে কেতিয়াবা গল্প এটা লিখি থাকিলে ভাব আহে যে এয়া এখন উপন্যাস হ’ব পাৰে ৷ উপন্যাস এখন লিখিবলৈ অভিজ্ঞতা আৰু অধ্যয়নৰ প্ৰয়োজন ৷ অৱশ্যে তত্ব বা শৈলী কি সেয়া নভবাকৈয়ে লিখিবলৈ আৰম্ভ কৰা যায় ৷ বিষয় প্ৰসংগত আলোচনা কৰি অধ্যাপক ড° অনন্যা হিলৈদাৰীয়ে কয় যে তত্বৰো অন্ত নাই ৷ নতুন তত্ব উদ্ভাৱন হৈ থাকিব ৷ বিশ্লেষণ আৰু পুনৰ বিশ্লেষণে তত্বক নতুকৈ চাবলৈ দিয়ে ৷

এতিয়া মানুহৰ জীৱন জটিল এক পৰিক্ৰমা ৷ গতিকে সৃষ্টিৰ তত্ব আৰু শৈলীও সৰল হৈ থকা নাই ৷ ইয়াৰ পাছত বিয়লি ৩ বজাত অনুষ্ঠিত হয় কবি সন্মিলন ৷ কবি সন্মিলন উদ্বোধন কৰি বিশিষ্ট কবি আনিছ উজ্‌ জামানে কয় যে কবিতাৰ কলাসুলভ চৰিত্ৰটো কবিতাৰ মূল্যবোধৰ অন্বেষণৰ লগত জৰিত ৷ কলাৰ সংবেদনশীলতাই পাঠকৰ ইন্দ্ৰিয়ানুভূতিক সদায় সক্ৰিয় কৰি থয় ৷ অসমীয়া সাহিত্যৰ তথা কাব্যৰ বিষয়ে কবলৈ ওলালে মহান ভাৰতীয় ঐতিহ্যৰ সৈতে ইয়াৰ সংগতি ৰাখিব লাগিব বুলি বিশ্বাস কৰোঁ ৷ কাৰণ বেলেগ বেলেগ সময়ত ভাৰতৰ আন ঠাইবোৰত খলকনি তোলা চিন্তাৰ ঢৌবোৰ অসমতো সোমাইছে ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে বাংলা ভাষাৰ যুৱ-সাহিত্য অকাদেমি বঁটা প্ৰাপক অসমৰ কবি সুতপা চক্ৰৱৰ্তীয়ে ৷ তেওঁ কয় যে অসমৰ কন্যা হিচাপে সদায়ে গৰ্ববোধ কৰোঁ ৷ অসমৰ সাহিত্য আৰু সংস্কৃতিৰ বিস্তাৰ বিশাল ৷ অসমীয়া আৰু বাংলা দুয়োটা ভাষাই সমৃদ্ধ ভাষা ৷

অসমীয়া কাব্য সাহিত্য অতি উন্নত ৷ বৰাক-ব্ৰহ্মপুত্ৰবাসীৰ একত্ৰিত চিন্তাই আমাৰ সাহিত্যক শক্তিশালী কৰিছে ৷ তেওঁ বাংলা ভাষাত গটি কবিতাও পাঠ কৰে ৷ কবি সন্মিলন সঞ্চালনা কৰে বিশিষ্ট কবি বিপুলজ্যোতি শইকীয়াই ৷ তেওঁ কয় যে কবিতা কোনোদিনে পুৰণা নহয় ৷ কবিতা সদায়ে নতুন ৷ইয়াত কবিতা পাঠ কৰে ৰাজেন্দ্ৰ নাথ বৰদলৈ, এম কামালুদ্দিন আহমেদ, লুট্‌ফা হানুম চেলিমা বেগম, ৰাজীৱ বৰুৱা, অনুভৱ তুলসী, নিৱেদন দাস পাটোৱাৰী, নীলিমা ঠাকুৰীয়া হক, সৌৰভ শইকীয়া, অজিত গগৈ, বিৰিঞ্চি ৰাভা, মৃদুল হালৈ, পংকজ গোৱিন্দ মেধি, বিজয় শংকৰ বৰ্মন, ধীমান বৰ্মন, দ্বিজেন কুমাৰ দাস, শ্যামন্ত পায়েং, বিভাৰাণী তালুকদাৰ, প্ৰতীম বৰুৱা, চন্দন গোস্বামী, বিমল ডেকা, মৰমী বৰঠাকুৰ তালুকদাৰ, অনিন্দিতা বাৎসায়ন, ৰাজীৱ কুমাৰ ফুকন, বৰ্ণালী বৰগোহাঁই, অংকুৰ ৰঞ্জন ফুকন, দেৱপ্ৰসাদ তালুকদাৰ, সুমিত্ৰা গোস্বামী, প্ৰাঞ্জল তালুকদাৰে ৷ কাইলৈ বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা, গুৱাহাটীৰ সামৰণী অনুষ্ঠান ৷ সামৰণী অনুষ্ঠানত সভাপতিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট অভিধান প্ৰণেতা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সচিব আৰু কাৰ্যবাহী তথা শৈক্ষিক মুৰব্বী ড° সচ্চিদানন্দ যোশী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিশিষ্ট গ্ৰন্থকাৰ-গৱেষক ড° ননীগোপাল মহন্তই ৷

Pabitra Margherita। ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ অধিবেশনৰ স্থলিত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী প্ৰবিত্ৰ মাৰঘেৰীটা

Pabitra Margherita। ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ অধিবেশনৰ স্থলিত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী প্ৰবিত্ৰ মাৰঘেৰীটা
Pabitra Margherita। ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ অধিবেশনৰ স্থলিত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী প্ৰবিত্ৰ মাৰঘেৰীটা

৬ জানুৱাৰী, ২০২৫ঃ Pabitra Margherita । কেন্দ্ৰীয় মন্ত্ৰী প্ৰবীত্ৰ মাৰঘেৰিটা উপস্থিত থাকি শুভ উদ্বোধন কৰে অধিবেশনৰ প্ৰদৰ্শন স্থলি।দৈনন্দিন বাৰ্তা, ৬ জানুবাৰী , টংলা-পানেৰী : বড়ো জনগোষ্ঠীৰ সৰ্ব্ববৃহৎ জাতীয় সংগঠন
বড়ো সাহিত্য সভাৰ

আগন্তুক ২০২৫ বৰ্ষৰ ৯,১০,১১, ১২ জানুবাৰীত চাৰিদিনীয়া বৰ্ণাঢ়্য কাৰ্য্যসুচীৰে ওদালগুৰি জিলাৰ ভাৰত-ভুটান সীমান্তৰ বৃহত্তৰ ডিমাকুছি অঞ্চলৰ দৈমু নগৰত ৬৪ সংখ্যক অধিৱেশন উপলক্ষে আজি কেন্দ্ৰীয় মন্ত্ৰী প্ৰবীত্ৰ মাতঘেৰিটা ই অধিবেশনৰ প্ৰদৰ্শন স্থলিৰ মুখ্য দ্বাৰ উন্মোচন কৰে। অনুস্থানটিত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগতে বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, সম্পাদক নীলকান্ত নাৰ্জাৰী, বিটিআৰ কাৰ্য্যবাহী সদস্য দাউবৈছা বড়ো, ৰনেন নাৰ্জাৰী, ধনঞ্জয় ৰামচিয়াৰী, জৌশ্ৰাং বড়ো, বিকন ডেকা, জয়ন্ত ভট্টাচাৰ্য, জয়কান্ত শৰ্মা লগতে বহু বড়ো সাহিত্য সভাৰ বিষয়-ববিয়া আৰু জিলা আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।

Amir Khan: আমিৰ খানৰ পুত্ৰক চিনি পাইনে, মিষ্টাৰ পাৰফেকচনিষ্টৰ পুত্ৰই কিয় ‘লাপতা লেডিজ’ত অভিনয়ৰ সুযোগ নাপালে

Amir Khan: আমিৰ খানৰ পুত্ৰক চিনি পাইনে
Amir Khan: আমিৰ খানৰ পুত্ৰক চিনি পাইনে

যোৱা বছৰ ‘মহাৰাজ’ ছবিৰে অভিষেক ঘটোৱা আমিৰ খানৰ পুত্ৰই তেওঁৰ পিতৃৰ ছবি আৰু সতি-সন্ততিৰ ছবি ‘লাপতা লেডিজ’ৰ বাবে অডিচন দিছিল যদিও অভিনয় কৰিবলৈ নাপালে।(Amir Khan)

হিন্দী চিনেমাৰ মিষ্টাৰ পাৰফেকচনিষ্ট বুলি কোৱা আমিৰ খানৰ পুত্ৰৰ নাম জুনাইদ খান। জুনাইদে যোৱা বছৰ অ’টিটিত মুক্তি পোৱা ‘মহাৰাজ’ ছবিৰে আত্মপ্ৰকাশ কৰিছিল। ছবিখন দৰ্শকে যথেষ্ট ভাল পাইছিল আৰু এতিয়া অতি সোনকালে তেওঁক খুশী কাপুৰৰ সৈতে ‘লভেয়াপা’ত দেখা যাব। ‘মহাৰাজ’ত অভিনয় কৰি জুনাইদে যথেষ্ট প্ৰশংসা লাভ কৰিছিল। কিন্তু কিৰণ ৰাওৰ ছবি ‘লাপতা লেডিজ’ৰ মুখ্য চৰিত্ৰৰ বাবে অডিচন দিছিল, কিন্তু অডিচনত নিৰ্বাচিত নহ’ল?(Junaid Khan)

শেহতীয়াকৈ ইউটিউব চেনেলত ভিকি লালৱানীক দিয়া এক সাক্ষাৎকাৰত জুনাইদে এই অডিচনৰ বিষয়ে কয়। অৱশেষত স্পৰ্শ শ্ৰীবাস্তৱে কেনেকৈ এই ভূমিকা লাভ কৰিলে সেই কথা তেওঁ কয়। জুনাইদে পিতৃৰ ছবি ‘লাল সিং চাদ্ধা’ৰ বাবেও অডিচন দিছিল। জুনাইদে ক’লে, ‘লাল সিং চাদ্ধা’ত মোক দেখা হ’লহেঁতেন, কাৰণ মই কিৰণ ৰাওৰ লগত তাৰ বাবে অডিচন দিছিলোঁ৷ তেওঁ মোৰ মাৰ চৰিত্ৰত অভিনয় কৰিছিল। আমি ৭-৮টা দৃশ্য শ্বুট কৰিলোঁ, যিটো প্ৰায় ২০ মিনিটৰ ফুটেজ আছিল।

তেওঁ আৰু কয়, ‘এয়া মোৰ বাবে এটা পৰীক্ষা আছিল। পাপাই চাব বিচাৰিছিল মই এই কথাটোৰ সৈতে কেনেকৈ মোকাবিলা কৰো। কিন্তু বিশেষকৈ বাজেটৰ বাবে এইটো সম্ভৱ নহ’ল। নতুন শিল্পী এজনক নিবলৈ বহুত খৰচ হৈছিল। এই ছবিখনত আমিৰ খানক মুখ্য চৰিত্ৰত দেখা গৈছিল। অৱশ্যে বক্স অফিচত ছবিখন ফ্লপ হৈছিল। এই ছবিখনত কৰীনা কাপুৰ খানকো দেখা গৈছিল।

Maneswar Brahma: প্ৰয়াত শিল্পী মনেশ্বৰ ব্ৰহ্মক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ স্মৰণ। সৰলতা, উদাৰতা শিল্পীৰ ভূষণ: জ্যোতি খাটনিয়াৰ

Maneswar Brahma: প্ৰয়াত শিল্পী মনেশ্বৰ ব্ৰহ্মক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ স্মৰণ
Maneswar Brahma: প্ৰয়াত শিল্পী মনেশ্বৰ ব্ৰহ্মক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ স্মৰণ

শিল্পী এজনাৰ সৰলতা, নিৰ্মলতা আৰু উদাৰতাই তেওঁক অনন্য কৰি তোলে। শিল্পী এজনাক অভিজ্ঞতাৰ পথাৰখনত খোজ পেলাওতে তেওঁক সমৃদ্ধ কৰে নিজৰ উপলব্ধিয়ে। শিল্পী মনেশ্বৰ ব্ৰহ্ম আছিল নিজৰ চেতনাৰ পোহৰেৰে উজ্জ্বল। ভয়ংকৰ পৰিস্থিতিকো মন্থন কৰি তেওঁ সৃষ্টিৰ বাট কাটি উলিয়াইছিল।(Maneswar Brahma)

উগ্ৰপন্থীৰ ১৬টা বুলেট বুকুত লৈয়ো তেওঁৰ শিল্পী মনটো বাধাগ্ৰস্ত হোৱা নাছিল। ভায়লেন্স , বাৰ্ণিং হেড আদি শিল্পকৰ্মত তেওঁ আধুনিক জীৱনৰ যাতনাক বিশেষভাৱে তুলি ধৰিছিল। প্ৰয়াত মনেশ্বৰ ব্ৰহ্ম শিল্পৰ প্ৰতি সমৰ্পিত প্ৰাণ আৰু দায়বদ্ধতাৰ প্ৰতীক। মাত্ৰ ৫৭ বছৰ বয়সত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত হৃদৰোগত আক্ৰান্ত হৈ যোৱা নৱেম্বৰ মাহত ঢলি পৰা মনেশ্বৰ ব্ৰহ্মৰ সোঁৱৰণত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজে যোৱা শনিবাৰে বিয়লি ৫ বজাত আয়োজন কৰা ‘ স্মৃতি, আবেগ আৰু সময়: মনেশ্বৰ ব্ৰহ্মক স্মৰণ কৰি ‘ শীৰ্ষক স্মৃতি চাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৰাজ্যখনৰ আগশাৰীৰ শিল্প সমালোচক, লিখক জ্যোতি খাটনিয়াৰে।

সমালোচক খাটনিয়াৰে কয় যে মনেশ্বৰ ব্ৰহ্মই শিল্পী হিচাপে লিথোগ্ৰাফ মাধ্যমত সৃষ্টি কৰা শিল্পকৰ্মসমূহে এক বিশেষ ধৰণৰ ৰাজনৈতিক আৰু মনোবৈজ্ঞানিক বাগধাৰাৰ সৃষ্টি কৰি থৈ গ’ল। এয়া অসম তথা দেশৰ শিল্প ইতিহাসত অনন্য। ৰাজ্যখনৰ বহু আগশাৰীৰ শিল্পীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত আই আই টি গুৱাহাটীৰ অধ্যাপক উৎপল বৰুৱাই মনেশ্বৰ ব্ৰহ্মৰ গৱেষণা প্ৰসংগত তেওঁৰ ব্যক্তিগত অভিজ্ঞতাসমূহ ব্যক্ত কৰে।প্ৰখ্যাত শিল্পী ননী বৰপূজাৰীয়ে মনেশ্বৰ ব্ৰহ্মৰ সান্নিধ্যক স্মৰণ কৰে। সমালোচক ড° মৌচুমী কন্দলীয়েও মনেশ্বৰ ব্ৰহ্মৰ শিল্পকৰ্ম প্ৰসংগত এক চমু অৱলোকন ডাঙি ধৰে। সভাখনত প্ৰয়াত শিল্পী ব্ৰহ্মৰ পত্নীও উপস্থিত থাকে।

এই স্মৃতিচাৰণ অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে। সভাখনৰ সভাপতিত্ব কৰে প্ৰখ্যাত ভাস্কৰ, শিল্পী বীৰেন সিংহই। সভাপতিৰ ভাষণত শিল্পী সিংহই মনেশ্বৰ ব্ৰহ্মৰ কলাক্ষেত্ৰ তথা ৰাজ্যখনৰ শিল্পীসকলৰ প্ৰতি দায়বদ্ধতাক বিশেষভাৱে স্মৰণ কৰে। অনুষ্ঠানটোৰ পূৰ্বে মনেশ্বৰ ব্ৰহ্মৰ স্মৃতিত ৰাজ্যখনৰ কেইবাগৰাকীও আগশাৰীৰ শিল্পীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে আয়োজন কৰা এক বিশেষ কৰ্মশালাত অংশগ্ৰহণ কৰে। উল্লেখ্য যে তেওঁলোকৰ শিল্পকৰ্মসমূহ এই স্মৃতি চাৰণ অনুষ্ঠানত প্ৰদৰ্শন কৰা হয়।

Sourav Ganguly: সৌৰভ গাংগুলীৰ ফিটনেছৰ মূলমন্ত্ৰ কি জানেনে জানেনে? গাংগুলীৰ গোপন তথ্য ফাদিল কৰিলে মমতা বেনাৰ্জীয়ে…

সৌৰভ গাংগুলীৰ ফিটনেছৰ মূলমন্ত্ৰ
সৌৰভ গাংগুলীৰ ফিটনেছৰ মূলমন্ত্ৰ

বেট-বলৰ জগতৰ সৰ্বাধিক সুদৰ্শন ক্ৰিকেটাৰৰ তালিকাৰ প্ৰথম শাৰীত আছে সৌৰভ গাংগুলী। দুবছৰ আগতে তেওঁ অৰ্ধশতিকা অতিক্ৰম কৰিছে। ৫২ বছৰীয়া সৌৰভৰ ফিটনেছে ২০ বছৰীয়া সৌৰভক প্ৰত্যাহ্বান জনাব। কিন্তু, বহুতে ক’ব, ইমান ফিট হৈ থকাৰ পিছতো সৌৰভ গাংগুলী হৃদযন্ত্ৰৰ সমস্যাত ভুগি আছে কিয়। গতিকে তেওঁক ফিট বুলি কিদৰে ক’ব?(Sourav Ganguly)

শাৰীৰিক সমস্যা যিকোনো কাৰণত হব পাৰে। অৱশ্যে সৌৰভৰ ফালে চালে দেখা যাব যে তেওঁ ফিট আৰু ফাইন। ৫০ বছৰৰ পাছতো বয়সৰ কোনো লক্ষণ দেখা নাযায়।বহুতৰে মনত প্ৰশ্ন উত্থাপন হয়, ‘দাদা’ই কি খায়? এতিয়া মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সৌৰভৰ খাদ্যাভ্যাসৰ গোপন কথা প্ৰকাশ কৰিছে। আপুনি জানেনে তেওঁ প্ৰতিদিনে কি খায়-(mamata banerjee revealed diet secret of sourav ganguly)

এটা টিভি চেনেলৰ এটা অনুষ্ঠানলৈ গৈছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মঞ্চত যেতিয়া মুখ্যমন্ত্ৰীক তেওঁৰ ফিটনেছ ছিক্ৰেটৰ বিষয়ে সোধা হৈছিল, তেতিয়া সৌৰভ দৰ্শকৰ মাজত বহি আছিল। মমতা বেনাৰ্জীয়ে সুস্থ হৈ থাকিবলৈ কি খায় সেই প্ৰশ্নটো উত্থাপন কৰিলে সৌৰভে। মুখ্যমন্ত্ৰীয়ে ধেমালিতে ক’লে, তেওঁ কি খায় কিয় ক’ব? সৌৰভে কেতিয়াবা তেওঁৰ খাদ্যাভ্যাসৰ কথা কৈছেনে? ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে তেওঁৰ খাদ্যৰ ৰহস্য উদঙালে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সৌৰভে সপ্তাহত তিনিদিন তিতা কেৰেলা ৰস সেৱন কৰে। সেইবাবেই তেওঁ ইমান ফিট! এনে দাবী মুখ্যমন্ত্ৰীৰ। মমতা বেনাৰ্জীয়েও কয় যে উফি কমাব বিচাৰিলে তিতা কেৰেলা ৰস খাব লাগিব। আপুনি বহুত ভাল লাভ পাব। ওজন কমাব পাৰি এই ৰসৰ সহায়ত। হজম শক্তিৰ সমস্যাও দূৰ হ’ব। মুখ্যমন্ত্ৰীয়ে নিজেও ৰস খায়।

সৌৰভ এজন বিৰিয়ানী প্ৰেমী। তেওঁ বিভিন্ন ধৰণৰ বাংলা খাদ্যও ভাল পায়। কিন্তু, শৰীৰটো ভালে ৰাখিবলৈ নিয়ম অনুসৰি খায়-পান কৰে। বিশেষকৈ দুবাৰ অসুস্থ হৈ পৰাৰ পিছত এতিয়া সৌৰভ অধিক স্বাস্থ্য সচেতন। ডায়েট চাৰ্ট সলনি হৈছে, বহু খাদ্য যোগ কৰা হৈছে, বহু কথা বাদ দিয়া হৈছে।

জানেনে সৌৰভৰ দিনটো সেই ৰস খোৱাৰ পৰাই আৰম্ভ হয়। খাদ্যত মিঠা বা চকলেট নাখায়। মাটন নাখাই। কুকুৰা মাংসও বহুত কম খাই।

তেওঁ নিয়মিতভাৱে বিভিন্ন ফল-মূল আৰু বাদাম খায়। ভাত আৰু ৰুটি খোৱাটো এৰি দিলে তেওঁ। কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্যৰ পৰিমাণ অতি কম। খাদ্যত অধিক প্ৰটিন ৰাখক আৰু লগতে বহুত পানী খাওক, যাতে শৰীৰত পানীৰ পৰিমাণ সঠিক হয়।

আপুনি সৌৰভৰ দৰে দেখাব বিচাৰে নেকি? তেন্তে সৌৰভৰ খাদ্যাভ্যাস মানি চলিব পাৰিব। অৱশ্যে তাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লৈ ল’ব লাগিব।

Parenting Tips: নীতা আম্বানীৰ ৫টা টিপছে আপোনাৰ সন্তানক সফল আৰু সংস্কৃতিৱান কৰি তুলিব!

Parenting Tips: নীতা আম্বানীৰ ৫টা টিপছে আপোনাৰ সন্তানক সফল আৰু সংস্কৃতিৱান কৰি তুলিব!
Parenting Tips: নীতা আম্বানীৰ ৫টা টিপছে আপোনাৰ সন্তানক সফল আৰু সংস্কৃতিৱান কৰি তুলিব!

শিশুৰ ভাল লালন-পালন আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে কিছুমান টিপছ অতি গুৰুত্বপূৰ্ণ। যদি আপুনি বিচাৰে যে আপোনাৰ সন্তানে সকলো কামতে আগবাঢ়ি যাওক আৰু সফলতা লাভ কৰক, তেন্তে নিশ্চিতভাৱে নীতা আম্বানীৰ এই অভিভাৱকত্বৰ টিপছবোৰ ব্যৱহাৰ কৰিব পাৰে।(Parenting Tips)

আম্বানি পৰিয়ালটো নিজৰ মূল্যবোধৰ লগতে নিজৰ নেট ৱৰ্থৰ বাবেও সমগ্ৰ দেশ আৰু বিশ্বতে পৰিচিত। নীতা আম্বানীৰ সন্তান লালন-পালনৰ ক্ষেত্ৰতো অত্যন্ত শলাগ লোৱা হয়। স্বামীক ব্যৱসায়ত সহায় কৰাৰ লগতে তিনিটা সন্তানক যিদৰে ডাঙৰ-দীঘল কৰিলে সেয়া প্ৰশংসনীয়। কাৰণ নীতা আম্বানীৰ লালন-পালনৰ ফল যে ঈশা, অনন্ত আৰু আকাশ আম্বানী ইমান সহজ স্বভাৱৰ আৰু ডাউন টু আৰ্থ।(nita ambani smart parenting tips)

লালন-পালনে যে শিশুৰ ভৱিষ্যতৰ দিশটো দিয়ে তাত কোনো সন্দেহ নাই। এনে পৰিস্থিতিত আপুনিও নীতা আম্বানীৰ এই অভিভাৱকত্বৰ টিপছবোৰ মানি চলি আপোনাৰ সন্তানক জীৱনত সফল আৰু সহজ কৰি তুলিব পাৰে।

সন্তানক এনেদৰে ডাঙৰ-দীঘল কৰক-

নীতা আম্বানীয়ে নিজৰ সন্তানক সদায় নিজৰ সংস্কৃতিৰ সৈতে সংযুক্ত কৰি ৰাখিছিল। ইয়াৰ বাবে তেওঁ ঘৰত অনুষ্ঠিত হোৱা সকলো পূজাত শিশুসকলক আগ-ভাগ ল’বলৈ দিয়া হৈছিল। এই বস্তুটো অভিভাৱকত্বৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। কাৰণ ইয়াৰ দ্বাৰা শিশুটিৰ ইতিবাচক শক্তি প্ৰদান কৰা হয়, যিটো তেওঁৰ আৱেগিক বৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত সৰুৰে পৰা এইবোৰ বিষয়ৰ তথ্য শিশুটিক দিয়াটো জৰুৰী।

নীতা আম্বানীয়ে সময়ৰ গুৰুত্বৰ ওপৰত বহুত গুৰুত্ব দিয়ে আৰু একেখিনি কথাই তেওঁ নিজৰ তিনিটা সন্তানক শিকাইছে। মনত ৰাখিব যে সময় এটা অতি মূল্যৱান বস্তু। গতিকে শিশুক সৰুৰে পৰা সময়ৰ সঠিক ব্যৱহাৰ শিকোৱা উচিত। পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি খেলা-ধূলা খোৱালৈকে সকলোৰে বাবে এতিয়াৰ পৰা আপোনাৰ সন্তানৰ টাইম টেবুল ঠিক কৰক।

নীতা আম্বানীয়ে নিজেই বহু ব্যৱসায় চম্ভালি আহিছে, কেতিয়াও নিজৰ আৰু সন্তানৰ মাজত নিজৰ কাম আহিবলৈ নিদিলে। আজিও যেতিয়াই তেওঁৰ সন্তানক প্ৰয়োজন হয় তেতিয়াই তেওঁ সদায় তেওঁলোকৰ লগত থাকে। আপোনাৰ সন্তানৰ বাবে সদায় উপলব্ধ হোৱাটোৱে আপোনাক তেওঁলোকৰ সৈতে আৱেগিকভাৱে সংযুক্ত কৰি ৰখাই নহয়, জীৱনৰ ভাৰসাম্য ৰক্ষা কৰিবলৈও শিকিবলৈ সহায় কৰে।

ধনী পৰিয়ালৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ পিছতো নীতা আম্বানীয়ে নিজৰ সন্তানক ধনৰ গুৰুত্ব শিকাইছে। ইয়াৰ বাবে তেওঁ নিজৰ সন্তানক খৰচৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ ধনহে দিছিল। আপুনিও এই পদ্ধতি আপোনাৰ সন্তানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে, যাতে আপোনাৰ সন্তানে এতিয়াৰে পৰা বাজেটৰ ভিতৰত নিজৰ প্ৰয়োজন আৰু চখ কেনেকৈ পূৰণ কৰিব লাগে সেই বিষয়ে জানে।

নীতা আম্বানীয়ে কেতিয়াও নিজৰ সন্তানৰ গোপনীয়তাত হস্তক্ষেপ কৰা নাছিল, কিন্তু তাৰ অৰ্থ এইটো নাছিল যে তেওঁৰ সন্তানে কি কৰি আছে তেওঁ নাজানে। মনত ৰাখিব যে শিশুক নিয়ন্ত্ৰণ কৰাটো ভাল অভিভাৱকত্বৰ উপায় নহয়। শিশুক চিন্তা কৰিবলৈ স্বাধীনতা দিয়ক। লগতে তেওঁলোকক অকলে শিকিবলৈ আৰু ভুল কৰিবলৈ সুযোগ দিব লাগিব। কিন্তু মনত ৰাখিব যে আপোনাৰ সন্তানৰ জীৱনত কি চলি আছে সেই বিষয়ে আপুনি জানিব লাগে যাতে তেওঁৰ প্ৰয়োজনৰ সময়ত আপুনি তেওঁৰ লগত থাকিব পাৰে।

HMPV: আকৌ ভাইৰাছ! ভাৰতত চীনৰ ভাইৰাছৰত আক্ৰান্ত প্ৰথমজন ৰোগী চিনাক্ত…

HMPV: আকৌ ভাইৰাছ! ভাৰতত চীনৰ ভাইৰাছৰত আক্ৰান্ত প্ৰথমজন ৰোগী চিনাক্ত
HMPV: আকৌ ভাইৰাছ! ভাৰতত চীনৰ ভাইৰাছৰত আক্ৰান্ত প্ৰথমজন ৰোগী চিনাক্ত

ভাৰতত এইচএমপিভি ভাইৰাছৰ উপস্থিতি। এই ভাইৰাছৰ প্ৰথম ভুক্তভোগী ৮ মহীয়া এটি কন্যা শিশু। ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কি কৰিব জানি লওক এই বিষয়ে।(HMPV)

ভাৰতত হিউমেন মেটাপনিউমোভাইৰাছত আক্ৰান্ত প্ৰথমজন ৰোগী চিনাক্ত৷ বাংগালুৰুত এটি ৮ মহীয়া কন্যা শিশুৰ দেহত HMPVৰ অৱস্থিতি৷ ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ভাৰত চৰকাৰ৷

বেংগালুৰুৰ এটি ৮ মহীয়া কেঁচুৱা জ্বৰত আক্ৰান্ত হৈ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত হিউমেন মেটাপনিউমোভাইৰাছ (HMPV) ৰোগত আক্ৰান্ত হৈছে। কৰ্ণাটক স্বাস্থ্য বিভাগে কোনো ধৰণৰ নিশ্চিতকৰণ দিয়া নাই যদিও বিভাগটোৰ সূত্ৰই জনোৱা মতে, ক’ৰ’না ভাইৰাছৰ ভিন্নতা জানিবলৈ তেওঁলোকে এই নমুনা পুনেলৈ প্ৰেৰণ কৰিব।

আচৰিত কথাটো হ’ল এই শিশুটিয়ে কোনো ভ্ৰমণ কৰা নাই। আপোনালোকক কওঁ যে ভাৰতত পোৱা এইচ এম পি ভি ভাইৰাছ বেলেগ। কিন্তু চীনতহোৱা ভাইৰাছ আৰু ইয়াত পোৱা ষ্ট্ৰেইনৰ সম্পৰ্ক আছে নে নাই সেই বিষয়ে কোনো নিৰ্দিষ্ট তথ্য নাই। কিন্তু সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ-

হিউমেন মেটানিউমোভাইৰাছ (HMPV) হৈছে এনে এটা ভাইৰাছ যিয়ে সাধাৰণতে চৰ্দিৰ দৰে লক্ষণৰ সৃষ্টি কৰে। ইয়াৰ ফলত প্ৰায়ে শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ হয় যদিও কেতিয়াবা ইয়াৰ ফলত নিম্ন শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ যেনে নিউমোনিয়া, হাঁপানী বা ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD) আৰু বেছি বেয়া হ’ব পাৰে। শীতকালত এইচ এম পি ভি সংক্ৰমণ বেছি হয়।

এইচ এম পি ভি ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা সৰু ল’ৰা-ছোৱালী, ৬৫ বছৰৰ ওপৰৰ প্ৰাপ্তবয়স্ক আৰু দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকৰ ক্ষেত্ৰত বেছি।

এইচ এম পি ভিৰ প্ৰাৰম্ভিক লক্ষণ সমূহ হৈছে-

কাহ
জ্বৰ
চৰ্দি
ডিঙিৰ বিষ
উশাহ লোৱাত কষ্ট পোৱা

এই ভাইৰাছ কেনেকৈ বিয়পে?

এই ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শৰ জৰিয়তে বিয়পি পৰাৰ আশংকা থাকে। এই ভাইৰাছবোৰ কাহ আৰু হাঁচিৰ জৰিয়তে বিয়পি পৰে। লগতে পৃষ্ঠ বা বস্তু যেনে হাত মিলোৱা, আলিংগন বা চুমা, ফোন, দুৱাৰৰ হেণ্ডেল, কিবৰ্ড বা খেলনা আদি স্পৰ্শ কৰিলেও সংক্ৰমণৰ আশংকা থাকে।

এইচ এম পি ভিৰ চিকিৎসা কি?

মানৱ মেটানিউমোভাইৰাছৰ চিকিৎসা কৰা কোনো এন্টিভাইৰেল ঔষধ নাই। কিন্তু যদি আপুনি বা আপোনাৰ সন্তান গুৰুতৰভাৱে অসুস্থ হয় তেন্তে আপুনি চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হ’ব পাৰে।

প্ৰতিৰোধমূলক ব্যৱস্থা-

Covid-19 ৰ দৰে এই ৰোগেও প্ৰথমে শ্বাস-প্ৰশ্বাসতন্ত্ৰক প্ৰভাৱিত কৰে আৰু বায়ুৰ যোগেদি শৰীৰত প্ৰৱেশ কৰে। এনে পৰিস্থিতিত মাস্ক ব্যৱহাৰ কৰা, যিকোনো বস্তু স্পৰ্শ কৰাৰ পিছত হাত চেনিটাইজ কৰা, লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ বাবে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটোও গুৰুত্বপূৰ্ণ।

Kaliabor Book Fair: কলিয়াবৰত প্ৰজন্মৰ উদ্যোগত কলিয়াবৰ গ্ৰন্থমেলাৰ আয়োজন

Kaliabor Book Fair: কলিয়াবৰত প্ৰজন্মৰ উদ্যোগত কলিয়াবৰ গ্ৰন্থমেলাৰ আয়োজন
Kaliabor Book Fair: কলিয়াবৰত প্ৰজন্মৰ উদ্যোগত কলিয়াবৰ গ্ৰন্থমেলাৰ আয়োজন

বহু প্ৰত্যাশিত কলিয়াবৰ গ্ৰন্থমেলা এই বৰ্ষতে ফ্ৰেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগত অৱস্থিত হ’ব। কলিয়াবৰৰ এটা বেচৰকাৰী সামাজিক সংগঠন প্ৰজন্মৰ উদ্যোগত কলিয়াবৰত দেওবাৰে অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।(Kaliabor Book Fair)

কুঁৱৰীটোল স্থিত কলিয়াবৰ মুক্তিযুঁজাৰু ভৱন প্ৰাঙ্গণত অনুষ্ঠিত এই ৰাজহুৱা সভাত কলিয়াবৰীয়া সমাজখনৰ নেতৃস্থানীয় গণ্য -মান্য ব্যক্তি তথা কেইবাটাও সামাজিক অনুষ্ঠানৰ প্ৰতিনিধিসকলে প্ৰজন্মৰ এই উদ্যোগক একেমুখে সমৰ্থন জনাই গ্ৰন্থমেলা খন কেনেদৰে সফল কৰিব পৰা যাব, সেই বিষয়ে পৰামৰ্শ আগবঢ়ায়।

প্ৰজন্মৰ সভাপতি মণিমাধৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ অন্তত সকলোৰে সমৰ্থনত কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তক মুখ্য পৃষ্ঠপোষক, কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নৱীন বৰঠাকুৰক সভাপতি, আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হীমেন ভূঞাক উপ-সভাপতি আৰু মণিমাধৱ মহন্তক সম্পাদক হিচাপে লৈ এখন শক্তিশালী গ্ৰন্থমেলা পৰিচালনা সমিতি গঠন কৰা হয়।

লগতে বাৰখন উপ-সমিতিও গঠন কৰা হয়। মূলতঃ নৱপ্ৰজন্মৰ আৰু ছাত্ৰ-ছাত্ৰী সকলক কিতাপৰ মাজলৈ উভতাই অনাৰ ক্ষেত্ৰত এই গ্ৰন্থমেলা ই এক যোগাত্মক বাৰ্তা কঢ়িয়াব বুলি সভাসদসকলে মত প্ৰকাশ কৰে। লগতে কলিয়াবৰত অনুষ্ঠিব্য প্ৰথমখন গ্ৰন্থ মেলাৰ সফলতাৰ বাবে আজিৰ সভাই কলিয়াবৰৰ জনসাধাৰণৰ ব্যপক সহযোগিতা কামনা কৰে।