Home Blog Page 427

Assam Book Fair । অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে অভিলেখ গঢ়াৰ আশা প্ৰকাশকৰ । ৯ দিনত পঢ়ুৱৈয়ে ক্ৰয় কৰিলে ৫ কোটি ১০ লাখ টকাৰ গ্ৰন্থ

Assam Book Fair । অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে অভিলেখ গঢ়াৰ আশা প্ৰকাশকৰ । ৯ দিনত পঢ়ুৱৈয়ে ক্ৰয় কৰিলে ৫ কোটি ১০ লাখ টকাৰ গ্ৰন্থ
Assam Book Fair । অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে অভিলেখ গঢ়াৰ আশা প্ৰকাশকৰ । ৯ দিনত পঢ়ুৱৈয়ে ক্ৰয় কৰিলে ৫ কোটি ১০ লাখ টকাৰ গ্ৰন্থ

গুৱাহাটী,৪ জানুৱাৰীঃ Assam Book Fair । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে খানাপাৰস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে নতুন অভিলেখ গঢ়াৰ আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে ৷ আজিলৈ ৯ দিনত পঢ়ুৱৈয়ে ক্ৰয় ৫কোটি ১০লাখ টকাৰ গ্ৰন্থ ক্ৰয় কৰা বুলি উদ্যোক্তাসকলে সদৰী কৰিছে ৷ ইপিনে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো আজি ৪ জানুৱাৰীৰ দিনা গ্ৰন্থমেলাৰ অস্থায়ী কাৰ্যালয়ত উন্মোচন কৰে “ৰেইনচফ্‌ট এডভাৰটাইজিঙ”ৰ “উৎপল-ধনজিৎ কেলেণ্ডাৰ”।


প্ৰসিদ্ধ কথা-শিল্পী প্ৰয়াত হোমেন বৰগোহাঞিৰ ছবিৰে সূচনা কৰা ৰেইনচফ্‌টৰ বহুল জনপ্ৰিয় “উৎপল -ধনজিৎ” বাৰ্ষিক কেলেণ্ডাৰে ১৬ বছৰ অতিক্ৰম কৰিলে ৷ এইবেলি অৰ্থাৎ ২০২৫ খ্ৰীষ্টিয় বৰ্ষত এই কেলেণ্ডাৰখনৰ সোতৰ বছৰীয়া সংস্কৰণত স্থান লাভ কৰিছে ধেমাজি জিলাৰ অসম-অৰুণাচলৰ সুবাসীত গৃহহাৰা,পিতৃ-মাতৃহাৰা কিম্বা দিব্যাংগসকলক শিক্ষাদানৰ বাবে স্থাপিত “বিদ্যা দ্যা লিভিং স্কুল” নামৰ এখন ব্যতিক্রমী বিদ্যালয়ে ৷এই বিদ্যালয় প্ৰতিষ্ঠা কৰি অসমৰ শিক্ষাজগতত অন্য এক মাত্ৰা প্ৰদান কৰিছে ড° প্রাঞ্জল বুঢ়াগোহাঁয়ে । আজি আয়োজিত অসম গ্রন্থমেলাত কেলেণ্ডাৰখন উন্মোচন কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৷

তেওঁ কয় যে—“বিদ্যা দ্যা লিভিং স্কুলক এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠান বুলি কোৱা হৈছে ৷ কিন্তু মোৰ বোধেৰে এয়াই সাম্প্ৰতিক শিক্ষা পদ্ধতিৰ শুদ্ধ পথ ৷ এই পদ্ধতি দৰাচলতে ব্যতিক্ৰম হৈ থকা নাই ৷ বাহিৰৰ বিভিন্ন স্থানত এনে বিদ্যায়তনিক অনুষ্ঠান গঢ়ি উঠিছে ৷ অসমত এই কামটো প্ৰথমতে কৰি বাট দেখুৱাইছে ড° প্ৰাঞ্জল বুঢ়াগোহাঁয়ে ৷” তেওঁ লগতে কয় যে আধুনিক শিক্ষাৰ নামত ব্ৰিটিছে জাপি থৈ যোৱা শিক্ষাৰে বহুলোক মূলৰ পৰা বিছিন্ন হৈছিল ৷ এনে মানৱ সম্পদ বাহিৰলৈ ওলাই যোৱাৰ পাছত, নাইবা বাহিৰলৈ মগজুৰ সোঁত বোৱাৰ ফলত আমি বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছোঁ ৷ গতিকে বিদ্যা দ্যা লিভিং স্কুলৰ দৰে পদ্ধতিলৈ আমি যাবই লাগিব , য’ত আমাৰ সমাজ-জীৱনৰ সকলো প্ৰয়োজনীয় শিক্ষাৰে আমাৰ ভৱিষ্যৎ প্ৰজন্ম গঢ় লৈ উঠিব ৷

বিদ্যা দ্যা লিভিং স্কুলক প্ৰকাশন আৰু ডিজাইনিং প্ৰতিষ্ঠান ৰেইনচফ্‌টে তেওঁলোকৰ জনপ্ৰিয় “উৎপল-ধনজিৎ” বাৰ্ষিক কেলেণ্ডাৰৰ বিষয় হিচাপে লৈও অন্য এক নিদৰ্শন দাঙি ধৰিলে ৷ ইয়াত অংশগ্ৰহণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছস্থিত চেম হিউস্টন ষ্টেট ইউনিভাৰ্চিটিৰ অৰ্থনীতি আৰু আন্তৰ্জাতিক বাণিজ্য বিভাগৰ অধ্যাপক ডঃ হিৰণ্য নাথে কয় যে মূল্যবোধৰ শিক্ষাদান বৰ্তমান সময়ৰ অতি গুৰুত্বপূৰ্ণ কাম ৷ বিদ্যা দ্যা লিভিং স্কুলে সেই পথ মুকলি কৰি দিছে ৷ অনাগত সময়ত এই ব্যৱস্থাক নিশ্চয় সকলোৱে আদৰি ল’ব আৰু এয়া সকলোৰে বাবে উপযোগী হ’ব ৷ বিদ্যা দ্যা লিভিং স্কুলক লৈ প্ৰকাশন আৰু ডিজাইনিং প্ৰতিষ্ঠান ৰেইনচফ্‌টৰ পদক্ষেপ আদৰণীয় ।

বিদ্যা দ্যা লিভিং স্কুলৰ প্ৰতিষ্ঠাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে এই স্কুল প্ৰতিষ্ঠা কৰাটো এক প্ৰত্যাহ্বান ৷ কাৰণ গৃহহাৰা, পিতৃ-মাতৃহাৰা, দিব্যাংগসকলক লৈ এনে এখন বিদ্যালয় ধেমাজিৰ অসম-অৰুণাচল সীমান্তৰ সুবাসীত স্থাপন কৰাটো সহজ কাম নাছিল ৷ সকলোৰে সহযোগিতাৰ বাবে এয়া সম্ভৱ হৈছে ৷ ভৱিষ্যতলৈও সকলোৰে সহযোগিতা কামনা কৰিছোঁ ৷ অনুষ্ঠানৰ আঁত ধৰে আবৃত্তিকাৰ অৱণী বৰাই ৷ এই অনুষ্ঠানতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উন্মোচন কৰে “অসম বুক হাইভ”-এ প্ৰকাশ কৰা ড° কন্দৰ্প কুমাৰ শৰ্মাৰ “ছেমিকণ্ডাকণ্ডাক্টৰ বা অৰ্ধপৰিবাহীৰ অ আ ক খ” শীৰ্ষক গ্ৰন্থখন ৷ এই গ্ৰন্থখনে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ ৰাইজক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী ডাঃ পেগুৱে ৷

এই সভাত অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাৰ লগতে ভালে কেইগৰাকী লেখক-সাহিত্যিক, বিশিষ্ট ব্যক্তিয়ে ৷ ইপিনে আজি বিয়লি শশী ফুকন সোঁৱৰণী প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় প্ৰাণ্‌জিৎ বৰাৰ “তাইৰ মুখখনৰ ক’ৰবাত কুঁৱলী আৰু অন্যান্য কবিতা” শীৰ্ষক কাব্যপুথি আৰু “অসমীয়া কাব্য সংকলনৰ নিৰ্বাচিত পাতনি” শীৰ্ষক গ্ৰন্থখন ৷ উল্লেখ্য যে “তাইৰ মুখখনৰ ক’ৰবাত কুঁৱলী আৰু অন্যান্য কবিতা” শীৰ্ষক কাব্যপুথিখনত সন্নিৱিষ্ট হৈছে বৰাই নিজে কৰা কবিতাসমূহৰ ইংৰাজী অনুবাদ ৷ আনহাতে “অসমীয়া কাব্য সংকলনৰ নিৰ্বাচিত পাতনি” শীৰ্ষক গ্ৰন্থখন এই বিষয়ক প্ৰথম অসমীয়া কিতাপ ৷ সভাখনত একেলগে উন্মোচিত হয় ড° জোনালী পাটোৱাৰী বৰাৰ কাব্য সংকলন “মাজ নিশাৰ কথকতা” আৰু অনুবাদ গল্প সংকলন “পদ্মকন্যা আৰু অন্যান্য গল্প” ৷

গ্ৰন্থ কেইখন উন্মোচন কৰে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰদীপ খাটনিয়াৰ, বিশিষ্ট গল্পকাৰ ডাঃ অপূৰ্ব কুমাৰ শইকীয়া, বিশিষ্ট কবি অনুভৱ তুলসী, প্ৰকাশ আলোচনীৰ সম্পাদক মিহিৰ দেউৰী, প্ৰসিদ্ধ সত্ৰীয়া শিল্পী অতুল ভূঞা, বিশিষ্ট চিত্ৰ শিল্পী সঞ্জীৱ বৰাই ৷ অনুষ্ঠানটি পৰিচালনা কৰে লেখক-সাংবাদিক নৱজ্যোতি পাঠকে ৷ ইপিনে আজি গ্ৰন্থমেলাৰ বাকৰিত বিশিষ্ট কবি মীৰা ঠাকুৰৰ সোঁৱৰণত অনুষ্ঠিত হয় মহিলাসকলৰ বিশেষ অনুষ্ঠান ৷ বিশিষ্ট সমাজসেৱী ৰাণী গোহাঁয়ে এই অনুষ্ঠানটি পৰিচালনা কৰে ৷ আনহাতে কবি-লেখিকা মন্দিৰা গগৈয়ে পৰিচালনা কৰা “শব্দ-শিল্প-আড্ডা” শীৰ্ষক আকৰ্ষণীয় অনুষ্ঠানটিত অংশগ্ৰহণ কৰে ৰবিজিতা গগৈ, প্ৰণয় বৰদলৈ, অপু ভৰদ্বাজ, হেমন্ত কুমাৰ দাস, ৰুবু বৰা আদি নাটক, সাহিত্য, প্ৰশাসন, সাংবাদিকতা আদি ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলে ৷ উল্লেখ্য যে কালি গ্ৰন্থমেলাৰ বাকৰিত উন্মোচিত হয় ডাঃ নমিতা বৈশ্যৰ “হিটলাৰৰ শেষ ২৪ ঘন্টা” শীৰ্ষক গল্প সংকলনখনো ৷ এই উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক-কবি ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, কুলধৰ শইকীয়া, ডাঃ অপূৰ্ব কুমাৰ শইকীয়া, নীলিম কুমাৰ, গীতালি বৰা, মীনাক্ষি বৰুৱা, পংকজ প্ৰতীপ বৰদলৈ,উৎপল বাদল বৰুৱা, ভাস্কৰজ্যোতি বৰুৱা, হিমাংশু ভাগৱতী, সৃঞ্জনা শৰ্মাই ৷

Journalist । ১২০ কোটিৰ “দুৰ্নীতি” ফাদিল! ঠিকাদাৰৰ ঘৰৰ টেংকিত উদ্ধাৰ বাতৰি সংগ্ৰহকাৰী সাংবাদিকৰ মৃতদেহ

১২০ কোটিৰ "দুৰ্নীতি" ফাদিল! ঠিকাদাৰৰ ঘৰৰ টেংকিত উদ্ধাৰ বাতৰি সংগ্ৰহকাৰী সাংবাদিকৰ মৃতদেহ
১২০ কোটিৰ "দুৰ্নীতি" ফাদিল! ঠিকাদাৰৰ ঘৰৰ টেংকিত উদ্ধাৰ বাতৰি সংগ্ৰহকাৰী সাংবাদিকৰ মৃতদেহ

৪ জানুৱাৰী, ২০২৫ঃ Journalist । দুৰ্নীতিৰ বাতৰি প্ৰকাশ কৰাই কাল হ’ল এজন যুৱ সাংবাদিকৰ বাবে। ১২০ কোটিৰ “দুৰ্নীতি” ফাদিল কৰাৰ পাছতেই উদ্ধাৰ হ’ল বাতৰি প্ৰকাশ কৰা সাংবাদিকৰ নিথৰ দেহ। ঘটনা ছত্তিছগড়ৰ। মুকেশ চন্দ্ৰকাৰ (২৮) নাম সাংবাদিকজনে কোটিটকীয়া পথ প্ৰকল্পৰ দুৰ্নীতিৰ বিষয়ে কেইবাটাও বাতৰি প্ৰকাশ কৰিছিল। এই প্ৰকল্পত দুৰ্নীতি কেনেকৈ হৈছে, দুৰ্নীতিৰ মুৰব্বী কোন আদিকে ধৰি ইটোৰ পিছত সিটো তথ্য জনসাধাৰণৰ মাজলৈ লৈ আনিছিল সাংবাদিক মুকেশে। এই দুৰ্নীতিৰ তালিকাত নাম সাঙোৰ খাইছিল ঠিকাদাৰ সুৰেশ চন্দ্ৰশেখৰৰ। জনিব পৰা মতে, দুৰ্নীতিৰ খবৰ পোহৰলৈ অহাৰ লগে লগে প্ৰশাসনেও ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জাৰি কৰিছিল।

ইয়াৰ পাছতেই ঠিকাদাৰ সুৰেশ আৰু আন তিনিজনৰ পৰা মুকেশ আৰু তেওঁৰ পৰিয়ালৰ লোকলৈ আহিছিল ইটোৰ পাছত সিটোকৈ ভয়-ভাবুকি। ১ জানুৱাৰীত সন্ধানহীন হৈছিল বিজাপুৰৰ সাংবাদিক মুকেশ। মুকেশৰ ভাতৃও আছিল এজন সাংবাদিক। মুকেশ নিৰুদ্দেশ হোৱাৰ পিছতেই আৰক্ষীৰ কাষ চাপিছিল পৰিয়ালৰ লোক, দাখিল কৰিছিল এজাহাৰ। আৰক্ষীৰ তথ্য অনুসৰি, প্ৰথম অৱস্থাত মুকেশক নিৰ্মমভাৱে হত্যা কৰা হৈছিল আৰু তাৰ পাছতেই চেপ্টিক টেংকত পেলাই থৈ দিয়া হৈছিল মুকেশৰ মজত শৰীৰ।

বিজাপুৰৰ আৰক্ষী অধীক্ষক জিতেন্দ্ৰ যাদৱে জনোৱা মতে, যুৱ সাংবাদিক মুকেশৰ মৃতদেহত একাধিক আঘাতৰ চিন স্পষ্টভৱে পোৱা গৈছে। আৰক্ষীয়ে মোবাইল ফোনটোৰ স্থান চিনাক্ত কৰি ঠিকাদাৰ সুৰেশৰ ঘৰৰ চেপ্টিক টেংকৰ পৰা মুকেশৰ মৃতদেহ উদ্ধাৰ কৰে। মূলতঃ সাংবাদিকজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঠাইখনেই ঠিকাদাৰৰ শ্ৰমিকৰ বাসস্থান। সেই শ্ৰমিক আৰু ঠিকাদাৰকো আৰক্ষীয়ে চলাইছে জেৰা। ঘটনাৰে জড়িত তিনিজন ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। তদুপৰি মুকেশে “বস্তৰ জংচন” নামৰ এটা ইউটিউব চেনেল খুলি সেই চেনেলৰ জৰিয়তে বিভিন্ন খবৰ ৰাইজ মাজলৈ লৈ গৈছিল। মুকেশৰ ইউটিউব চেনেলৰ ডেৰ লাখ চাবস্ক্ৰাইবাৰ। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে হায়দৰাবাদৰ পৰা ঠিকাদাৰ সুৰেশক গ্ৰেপ্তাৰ কৰে। ৰিতেশ নামৰ আন এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰিও মুকেশৰ মৃতদেহ লুকুৱাই থোৱাত সহায় কৰা ঠিকাদাৰৰ এজন শ্ৰমিককো আটক কৰে আৰক্ষীয়ে।

মুখ্যমন্ত্রী বিষ্ণুদেও যুৱ সাংবাদিক মুকেশৰ মৃত্যুত শোক প্রকাশ কৰে৷ তদুপৰি ঘটনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে। স্থানীয় সূত্ৰ অনুসৰি ঠিকাদাৰ সুৰেশৰ বস্তৰত যথেষ্ট প্ৰভাৱ আছে। তেওঁৰ বিৰুদ্ধে কথা ক’বলৈ কোনেও সাহস নকৰে। ঠিকাদাৰৰ বিৰুদ্ধে তেওঁৰ দুৰ্নীতি ধৰা পৰা সাংবাদিকক হাৰাশাস্তি আনকি হত্যাৰ ভাবুকিও দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে।

New Year: নৱবৰ্ষত ত্যাগ কৰক এইকেইটা বদঅভ্যাস

New Year: নৱবৰ্ষত ত্যাগ কৰক এইকেইটা বদঅভ্যাস
New Year: নৱবৰ্ষত ত্যাগ কৰক এইকেইটা বদঅভ্যাস

নিজকে সুস্থ সৱল কৰি ৰাখিবলৈ কোনেনো নিবিচাৰে। সকলোৱে নিজকে স্ৱাস্থ্যৱান কৰি ৰাখিবলৈ যতন কৰে কিন্তু তাৰ মাজতেই দৈনন্দিন জীৱনত জানি শুনিও একোংশই কিছুমান বেয়া অভ্যাস গঢ়ি তোলা দেখিবলৈ পোৱা যায় যিবোৰ স্বাস্থ্যৰ প্ৰতি অতিকৈ হানিকাৰক।(New Year)

নতুন বছৰে কঢ়িয়াই আনে নতুন আৰম্ভণিৰ বাৰ্তা, আৰু এইটোৱেই হৈছে নিজকে উন্নত কৰাৰ উপযুক্ত সময়। আমাৰ বেছিভাগেই উন্নত স্বাস্থ্যৰ বাবে নতুন পৰিকল্পনা কৰে, কিন্তু প্ৰায়ে সঠিক খাদ্যাভ্যাসক আওকাণ কৰোঁ । যদি আপুনিও ২০২৫ চনত নিজকে সুস্থ তথা শক্তিশালী হিচাপে গঢ়ি তুলিব বিচাৰে তেন্তে আপোনাৰ খাদ্যাভ্যাসত কৰক এই ৩টা পৰিৱৰ্তন-

১) জাংক ফুডক দিয়ক বিদায়

জাংক ফুড সেৱন আজিৰ দিনত এক সাধাৰণ কথা হৈ পৰিছে। খাবলৈ সোৱাদযুক্ত হ’লেও এনে খাদ্য আপোনাৰ বাবে হৈ পৰিব পাৰে অতিকৈ মাৰাত্মক। কিয়নো পুষ্টিকৰ উপাদান বুলি ক’বলৈ জাংক ফুডত একোৱেই নাথাকে। এইবোৰত থকা অতিৰিক্ত চেনি, ট্ৰান্স ফেট আৰু ছডিয়ামে আমাৰ শৰীৰত মেদবহুলতা, ডায়েবেটিছ আৰু হৃদৰোগৰ সৃষ্টি কৰে । নতুন বছৰত বাহিৰৰ পৰা ভজা আৰু প্ৰচেছড খাদ্য খোৱা কম কৰিবলৈ চেষ্টা কৰক। তাৰ পৰিৱৰ্তে সুষম ঘৰতে বনোৱা খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলক।

২) উপযুক্ত পৰিমাণে পানী খাওক

পানী আমাৰ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজন বুলি আমি সকলোৱে জানো। কিন্তু তৎস্বত্ত্বেও আমাৰ মাজৰ একোংশই পৰ্যাপ্ত পৰিমাণে পানী নাখায়, যাৰ ফলত শৰীৰটো ডিহাইড্ৰেচনত ভুগে। পানীয়ে আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলোৱাত সহায় কৰে, হজম শক্তি বৃদ্ধি কৰে আৰু ছালখনক উজ্জ্বল কৰি ৰখাত সহায় কৰে । নতুন বছৰত দিনটোত কমেও ৮-১০ গিলাচ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক । যদি আপুনি পানী খাবলৈ পাহৰি যায় তেন্তে আপোনাৰ ফোনত এটা ৰিমাইণ্ডাৰ ছেট কৰক ।

৩) ৰাতিৰ আহাৰ লঘু আৰু সময় মতে খাওক

ৰাতি অত্যাঘিক পলমকৈ গধুৰ খাদ্য গ্ৰহণ কৰিলে পাচনতন্ত্ৰত বিৰূপ প্ৰভাৱ পৰে। ইয়াৰ ফলত এচিডিটি, মেদবহুলতা আৰু টোপনিৰ সমস্যা হ’ব পাৰে। ২০২৫ চনত আপুনিও প্ৰতিজ্ঞাবদ্ধ হওক যে ৰাতিৰ আহাৰ লঘু আৰু পুষ্টিকৰ সুষম আহাৰহে গ্ৰহণ কৰিব। তদুপৰি শুবলৈ যোৱাৰ পূৰ্বে ২-৩ ঘণ্টা আগতেই আপুনি আপোনাৰ আহাৰ গ্ৰহণ কৰিব। ইয়াৰ বাবে আপুনি দালি, শাক-পাচলি, চালাড আৰু চূপৰ দৰে বিকল্প বাছি ল’ব পাৰে ।

নতুন বছৰত আপোনাৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াৰ এক ভাল সুযোগ আছে। এই ৩টা সহজ কিন্তু ফলপ্ৰসূ অভ্যাস গ্ৰহণ কৰিলে আপুনি কেৱল ৰোগৰ পৰা আঁতৰি থকাই নহয়, উন্নত আৰু সুস্থ জীৱনশৈলীও মানি চলিব পাৰে । গতিকে এই বছৰ আপোনাৰ প্লেটত পৰিৱৰ্তন আনি সুস্থ জীৱনৰ দিশে আগবাঢ়ি যাওক ৷

Armaan Malik: কিয় মনে মনে বিবাহপাশত আৱদ্ধ হ’ল জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিক?

Armaan Malik: কিয় মনে মনে বিবাহপাশত আৱদ্ধ হ'ল জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিক?
Armaan Malik: কিয় মনে মনে বিবাহপাশত আৱদ্ধ হ'ল জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিক?

বছৰৰ আৰম্ভণিতে সুখবৰ দিলে জনপ্ৰিয় কণ্ঠশিল্পীৰাকীয়ে। যাদুকৰী কন্ঠেৰে বহুগৰাকীৰ হৃদয় জিনা জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিক বিবাহপাশত আৱদ্ধ হ’ল।(Armaan Malik) ছচিয়েল মিডিয়াত বিয়াৰ ফটো শ্বেয়াৰ কৰিলে আৰমান মালিকে। ফটোৰ কেপচনত লিখিছে – তু হি মেৰা ঘৰ। বতাহৰ গতিত ভাইৰেল হৈছে আৰমানৰ বিয়াৰ ফটো। বৃহস্পতিবাৰে পুৱা বিয়াৰ ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলক ছাৰপ্ৰাইজ দিলে আৰমান মালিকে।


ঘৰুৱা অনুষ্ঠানৰ মাজেৰে গোপনেই দীৰ্ঘদিনৰ প্ৰেমিকা আশনা শ্ৰফৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল আৰমান মালিক। সম্প্ৰতি ছচিয়েল মিডিয়াত বিয়াৰ ফটো শ্বেয়াৰ কৰিলে আৰমান মালিকে। বিয়াত পেষ্টেল শ্বেডৰ পোছাকত টুইনিং কৰিছিল দৰা আৰু কইনাই।(Aashna Shroff)

কিন্তু কোন এই আশনা শ্ৰফ? আৰমানৰ পত্নী আশনা শ্ৰফ হ’ল ভাৰতীয় ফেশ্বন আৰু বিউটী ভ্লগাৰ আৰু ইউটিউবাৰ। তেওঁ কছম’পলিটান লাক্সাৰী ফেশ্বন ইনফ্লুৱেঞ্চাৰ অৱ দ্য ইয়াৰ ২০২৩ নিৰ্বাচিত হৈছিল। ২০২৩ চনৰ আগষ্ট মাহত বাগদান হৈছিল আৰমান আৰু আশনাৰ। দীৰ্ঘদিনৰ প্ৰেমিকাক চিনেমাৰ ষ্টাইলত আঙঠি পিন্ধোৱা দেখা গৈছিল আৰমানক।

Bandipora: দ খাৱৈত পৰিল সেনাৰ বাহন, থিতাতে মৃত্যু ৪ সেনা জোৱানৰ

Bandipora: দ খাৱৈত পৰিল সেনাৰ বাহন, থিতাতে মৃত্যু ৪ সেনা জোৱানৰ
Bandipora: দ খাৱৈত পৰিল সেনাৰ বাহন, থিতাতে মৃত্যু ৪ সেনা জোৱানৰ

জম্মু কাশ্মীৰৰ বান্দিপোৰা জিলাত ভয়ংকৰ ঘটনা। জিলাখনৰ এচকে পায়িন এলেকাত হঠাতে দ খাৱৈত সোমাল সেনাৰ ট্ৰাক। থিতাতে মৃত্যু ৪ জোৱানৰ।(Bandipora) সংকটজনক অৱস্থাত দুজনক ততাতৈয়াকৈ ওচৰৰে হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে আজিৰ পৰা ১০ দিন পূৰ্বেও এক দুৰ্ঘটনাত ৫জনকৈ সেনা জোৱানে প্ৰাণ হেৰুৱাইছিল।(jammu kashmir)

এই দুৰ্ঘটনাত সেনা জোৱালসকলক কঢ়িয়াই নিয়া ট্ৰাকখন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। স্থানীয় লোকৰ তৎপৰতাত আঘাতপ্ৰাপ্তসকলক উদ্ধাৰ কৰা হৈছে। দুৰ্ঘটনাৰ পিছতেই সেনা বাহিনীৰ দলেও উদ্ধাৰ অভিযানত নামি পৰে।

Kiara Advani: হঠাৎ চিকিৎসালয়ত ভৰ্তি অভিনেত্ৰী কিয়াৰা আদৱানী!

Kiara Advani: হঠাৎ চিকিৎসালয়ত ভৰ্তি অভিনেত্ৰী কিয়াৰা আদৱানী!
Kiara Advani: হঠাৎ চিকিৎসালয়ত ভৰ্তি অভিনেত্ৰী কিয়াৰা আদৱানী!

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কিয়াৰা আদৱানী বৰ্তমান বাতৰিৰ শিৰোনাম দখল কৰিছে তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘গেম চেঞ্জাৰ’ৰ বাবে। দক্ষিণৰ ছুপাৰষ্টাৰ ৰাম চৰণৰ সৈতে ৰোমাঞ্চ কৰা দেখা গৈছে অভিনেত্ৰী কিয়াৰাক। অনুৰাগীসকলেও এই ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। বৰ্তমান দুয়োগৰাকী তাৰকাই ছবিৰ দলৰ সৈতে ছবিখনৰ প্ৰচাৰত ব্যস্ত। ইফালে তেওঁৰ অনুৰাগীৰ বাবে আছে ডাঙৰ খবৰ। জানিব পৰা মতে কিয়াৰাক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।(Kiara Advani)

আজি তেওঁ ছবিখনৰ প্ৰচাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিলে। আজি পুৱা কিয়াৰাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে তেওঁৰ অসুস্থতাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। এই খবৰ ওলোৱাৰ পিছত অভিনেত্ৰীগৰাকীক লৈ তেওঁৰ অনুৰাগীৰ চিন্তা বাঢ়িছে আৰু তেওঁলোকে তেওঁৰ স্বাস্থ্যৰ আপডেটৰ বাবে অপেক্ষা কৰি আছে।

বৰ্তমান সময়ত কিয়াৰাৰ স্বাস্থ্য সন্দৰ্ভত কিয়াৰাৰ দল বা ছবিখনৰ প্ৰডাকচন টিমে কোনো ধৰণৰ মন্তব্য দিয়া নাই। আশা কৰা হৈছে যে অতি সোনকালে এই সন্দৰ্ভত কিছু তথ্য ওলাব পাৰে বা অভিনেত্ৰীগৰাকীয়ে নিজেই নিজৰ স্বাস্থ্যৰ আপডেট অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। শেহতীয়াকৈ তেওঁৰ ছবি ‘গেম চেঞ্জাৰ’ৰ ট্ৰেইলাৰ মুকলি কৰা হয়, যিয়ে দৰ্শকৰ ভাল সঁহাৰি লাভ কৰে আৰু এতিয়া অনুৰাগীসকলে এই ছবিখন ডাঙৰ পৰ্দালৈ অহাৰ বাবে অপেক্ষা কৰি আছে।

৫০০ কোটি টকাৰ বাজেটেৰে নিৰ্মিত এই বৰ্ষৰ প্ৰথমখন মেগা বাজেট ছবি। গ্ৰেট অন্ধ্ৰৰ প্ৰতিবেদন অনুসৰি ৰাম চৰণে পূৰ্বে এই ছবিখনৰ মাচুল ১০০ কোটি টকা নিৰ্ধাৰণ কৰিছিল যদিও প্ৰডাকচন খৰচ বৃদ্ধিৰ বাবে মাচুল ৬৫ কোটি টকালৈ হ্ৰাস কৰে। একে সময়তে ছবিখনৰ বাবে কিয়াৰাই লাভ কৰিছে ৫-৭ কোটি টকা। ১০ জানুৱাৰীত মুক্তি পাব ছবিখনে।

Lightning: বজ্ৰ পৰি মৃত্যু একেটা দলৰে ১১ ফুটবলাৰৰ! ‘ব্লেক মেজিক’ নে আন কিবা?

Lightning: বজ্ৰ পৰি মৃত্যু একেটা দলৰে ১১ ফুটবলাৰৰ
Lightning: বজ্ৰ পৰি মৃত্যু একেটা দলৰে ১১ ফুটবলাৰৰ

যাদু, বশীকৰণ, কাঁড় নিক্ষেপ—এই শব্দবোৰৰ সৈতে আমি সকলোৱে কম বেছি পৰিমাণে পৰিচিত। যাক আমি এটা শব্দত ‘ক’লা যাদু’ অথবা ‘ব্লেক মেজিক’ বুলি ক’ব পাৰো।(Lightning) সমগ্ৰ বিশ্বতে ক’লা যাদু বিশ্বাস কৰা বহু লোক আছে। যাৰ বিপৰীতে আকৌ বিশ্বাস নকৰা মানুহৰ সংখ্যাও কিন্তু কম নহয়। পৃথিৱীত এনেকুৱা বহু ঘটনা সংঘটিত হৈছে যাক একাংশই ব্লেক মেজিক বুলি ক’ব বিচাৰে। যাৰ মাজত ‘ক’লা যাদু’ৰ সৈতে জড়িত এটা ভয়ানক কাহিনী আৰু লোককথাৰ উন্মেষ ঘটিছিল ১৯৯৮ চনত। এই ঘটনাৰ ২৬টা বছৰ উকলিল। কিন্তু আজিও এই ঘটনাৰ কথা কওঁতেই সেই ঠাইটুকুৰাত বসবাস কৰা লোকসকলৰ গাৰ নোম শিয়ৰি উঠে। ঘটনাৰ স্থান মধ্য আফ্ৰিকাৰ এখন দেশ কংগোৰ কাছাই প্ৰদেশৰ। ১৯৯৮ চনৰ অক্টোবৰ মাহত এই ঘটনা সংঘটিত হৈছিল।

কাছাই প্ৰদেশৰ এখন খেলপথাৰত দুটা ফুটবল দলৰ সাক্ষাৎ। ‘বেনা ছাদি’ বনাম ‘বাছাংগা’। দুয়োটা দলৰ মাজত ৰোমাঞ্চকৰ খেল চলি আছিল। দুয়োটা দলেই এটাকৈ গ’ল দিছে দুয়োটা দলেই জয়ৰ আশাত। গেলেৰীত বহি থকা দৰ্শকৰো উত্তেজনা বৃদ্ধি পাইছে। ঠিক সেই সময়তে এটা অকল্পনীয় ঘটনাৰ সাক্ষী হৈ ৰ’ল সকলো। এটা ভয়ানক শব্দ, খেলপথাৰত পৰিল বজ্ৰ। বজ্ৰপাতৰ ফলত থিতাতে মৃত্যু হয় ১১ গৰাকী ফুটবল খেলুৱৈৰ। গেলেৰীত বহি থকা প্ৰায় ৩০ জন দৰ্শক আঘাতপ্ৰাপ্ত হ’ল কিন্তু আচৰিত কথাটো হ’ল যে খেলপথাৰত মৃত্যু হোৱা ১১ জন ফুটবলাৰৰ আটাইকেইজনেই আছিল একেটা দলৰ – ‘বেনা ছাদি’। আচৰিত হ’লেও সেয়াই সত্য। তদুপৰি বিপক্ষ দল ‘বাছাংগা’ৰ এজনো খেলুৱৈৰ কোনো ক্ষতি হোৱা নাছিল। একাংশ সংবাদ পত্ৰটো সেই সময়ত এই খবৰ প্ৰকাশ পাইছিল। ২০ৰ পৰা ৩৫ বছৰৰ ভিতৰৰ ১১জন যুৱকৰ থিতাতে মৃত্যু হৈছিল।

সেই সময়ত বিভিন্নজনে বিভিন্ন মতামত দিছিল। গৃহযুদ্ধৰ ফলত ক্ষতিগ্ৰস্ত কাছাই প্ৰদেশৰ অঞ্চলটোৰ বাবে এই প্ৰতিবেদন আনুষ্ঠানিকভাৱে নিশ্চিত কৰিব পৰা নগ’ল যদিও পিছত ‘ল’আভনিৰ’ৰ সংবাদ মাধ্যমত প্ৰকাশ পায় কিন্তু সেই ঘটনাৰ আচল ৰহস্য ভেদ কোনেও কৰিব নোৱাৰিলে। আৰু তেতিয়াই সকলোৰে মনত এটা কথাৰেই উন্মেষ ঘটিছিল, সেইয়া আছিল-‘ব্লেক মেজিক’৷ বহুতে দাবী কৰিছিল, এটা সময়ত অঞ্চলটোৰ মানুহে বিশ্বাস কৰিছিল যে সমগ্ৰ পশ্চিম আৰু মধ্য আফ্ৰিকাত যিকোনো প্ৰাকৃতিক দুৰ্যোগ ডাইনীৰ ফল। সেই বিশ্বাসৰ পৰা এতিয়াও তেওঁলোক সম্পূৰ্ণৰূপে ওলাই অহা নাই। আফ্ৰিকাৰ বহু দেশত এতিয়াও ‘ক’লা যাদু’ৰ প্ৰথা আছে। সৰু সৰু কথাতেই ডাইনীৰ সন্দেহত ইজনে সিজনক ক্ষতি কৰিবলৈ চেষ্টা কৰে। বহুতে দাবী কৰিছিল যে সেইবাৰ যিহেতু বিপক্ষ দলৰ কোনো খেলুৱৈ আঘাতপ্ৰাপ্ত হোৱা নাছিল গতিকে ফুটবল খেলত যাদুৰ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পিছৰে পৰা সমগ্ৰ আফ্ৰিকাত ফুটবল খেলৰ সময়ত খেলুৱৈসকলক আন কোনো কাম (মন্ত্ৰ আবৃত্তি কৰা, গ’লপোষ্টৰ মাটি চিহ্নিত কৰা আদি) কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। বিভিন্ন সময়ত খেলুৱৈসকলে নিজৰ দক্ষতা বৃদ্ধিৰ পৰিৱৰ্তে যাদুৰ ওপৰত নিৰ্ভৰ কৰিবলৈ ধৰিলে। কিন্তু এই সকলোবোৰৰ মাজতো কংগো জনসাধাৰণৰ মনত যাদুৰ ওপৰত বিশ্বাস সম্পূৰ্ণৰূপে মচি পেলাব পৰা নগ’ল।

Tamil Nadu: চকুৰ পচাৰতে ভয়ংকৰ ঘটনা, জীৱন্তে জ্বলি মৃত্যু ৬ শ্ৰমিকৰ!

Tamil Nadu
Tamil Nadu: চকুৰ পচাৰতে ভয়ংকৰ ঘটনা, জীৱন্তে জ্বলি মৃত্যু ৬ শ্ৰমিকৰ!

তামিনলাডুৰ ফটকা ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ। এই পৰ্যন্ত ৬জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। তামিনলাডুৰ বিৰুধনগৰ জিলাৰ চট্টুৰ নামৰ অঞ্চলটোতএই ঘটনা সংঘটিত হৈছে। লগে লগেই উদ্ধাৰকাৰী দল ঘটৱাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। (Tamil Nadu)

উল্লেখ্য যে আৰক্ষীৰ মতে ফটকা নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ৰাসায়নিক দ্ৰব্য সামগ্ৰী মিহলিকৰণ প্ৰক্ৰিয়াৰ সময়তে এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। ফেক্টৰীটোৰ এটা কোঠাও সম্পূৰ্ণভাৱে জুইত জাহ গৈছে। যাৰ বাবে সেই কোঠাটোত কৰ্মৰত শ্ৰমিকৰ মৃত্যু ঘটিছে।

বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত আছে। আৰক্ষী আৰু উদ্ধাৰকাৰী দলৰ তৎপৰতাত ৬জনকৈ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

Aishwarya Rai: ২১ বছৰীয়া বচ্চন পৰিয়ালৰ বোৱাৰীৰ ফটো চাওক! ঐশ্বৰ্যৰ হাঁহিয়ে হৃদয় জয় কৰিছিল বহু পুৰুষৰ…

Aishwarya Rai: ২১ বছৰীয়া বচ্চন পৰিয়ালৰ বোৱাৰীৰ ফটো চাওক!
Aishwarya Rai: ২১ বছৰীয়া বচ্চন পৰিয়ালৰ বোৱাৰীৰ ফটো চাওক!

ঐশ্বৰ্য ৰায় ছবিজগতৰ এখ পৰিচিত নাম, ৫১ বছৰ বয়সতো দেখাত এগৰাকী যুৱতীতকৈ কম নহয় অভিনেত্ৰীগৰাকী। ঐশ্বৰ্য ৰায়ে ১৯৯৪ চনৰ ১৯ ​​নৱেম্বৰৰ দিনটোক ভাৰতীয় ইতিহাসত বিশেষ কৰি তুলিছিল। (Aishwarya Rai)সেই দিনটোতে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতৰ পতাকা উত্তোলন কৰি মুকুট পিন্ধিছিল। এই প্ৰতিযোগিতাত ৮৭খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল যদিও ঐশ্বৰ্যই সকলোকে পিছ পেলাই এই খিতাপ দখল কৰে। মিছ ৱৰ্ল্ড হোৱাৰ পিছত যেতিয়া তেওঁ ভাৰতলৈ উভতি আহিছিল, তেতিয়া তেওঁক যি আদৰণি, সন্মান পাইছিল সেয়া অতি সন্মানীয় আছিল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৩০ বছৰ পূৰ্বৰ এটা ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, যিটো ভিডিঅ’ক এটা পেজে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। মিছ ৱৰ্ল্ডৰ মুকুট লাভ কৰি ভাৰতলৈ উভতি অহা ঐশ্বৰ্য ৰায়ৰ উষ্ম আদৰণিৰ থ্ৰ’বেক ভিডিঅ’ এই ভিডিঅ’টো। ভিডিঅ’টোত দেখা গৈছে যে মিছ ৱৰ্ল্ডৰ মুকুট লাভ কৰাৰ পিছতো ঐশ্বৰ্যক কপালত বিন্দি আৰু খোলা চুলিৰে সাধাৰণ নীলা ৰঙৰ পোছাক পিন্ধা দেখা গৈছে। ফুলেৰে সজাই থোৱা ফুলৰ থোপা দিও তেওঁক আদৰণি জনোৱা হয়।

ভিডিঅ’টোত ঐশ্বৰ্যৰ হাঁহিৰ লগতে ঐশ্বৰ্যৰ সৰল ৰূপটো দেখি লাখ লাখ মানুহে তেওঁৰ প্ৰেমত পৰিছিল। এই ভিডিঅ’টো ছচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। মানুহে তেওঁৰ সৌন্দৰ্য্যক প্ৰশংসা কৰিছে। বহুতে তেওঁৰ হাঁহিটোক ‘পৃথিৱীৰ আটাইতকৈ মৰমলগা হাঁহি’ বুলি অভিহিত কৰিছে।

১৯৯৪ চনত মিছ ৱৰ্ল্ডৰ খিতাপ লাভ কৰা ঐশ্বৰ্য ৰায় এতিয়াও ভাৰতীয় চিনেমা আৰু ফেশ্বনৰ অন্যতম পৰিচিত ব্যক্তিত্ব। মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধা ঐশ্বৰ্য ৰায়ে ১৯৯৭ চনত মণিৰত্নমৰ তামিল ছবি ‘ইৰুৱৰ’ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। সেই বছৰতে তেখেতে হিন্দী ছবি ‘আউৰ প্যাৰ হো গয়া’ৰ জৰিয়তেও আত্মপ্ৰকাশ কৰে। এই পৰ্যন্ত ৪০ খনতকৈও অধিক ছবিত কাম কৰিছে। ২০০৭ চনত ঐশ্বৰ্যই অভিষেক বচ্চনক সংগী হিচাপে বাছি লৈ ২০১১ চনত আৰাধ্যাক জন্ম দিয়ে।

Cold Water Bath: শীতকালত ঠাণ্ডা পানীৰে গা ধুব, শৰীৰে ৬টা আচৰিত উপকাৰ লাভ কৰিব

Cold Water Bath: শীতকালত ঠাণ্ডা পানীৰে গা ধুব
Cold Water Bath: শীতকালত ঠাণ্ডা পানীৰে গা ধুব

শীতকালত ঠাণ্ডা পানীৰে গা ধোৱাৰ কথা ভাবিলেই শৰীৰ কঁপিবলৈ ধৰে। শীতকালত বেছিভাগ মানুহেই গৰম পানীে গা ধুৱে,(Cold Water Bath) কিন্তু আপুনি জানেনে যে শীতকালত ঠাণ্ডা পানীৰে গা ধোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই কেৱল আপোনাৰ শৰীৰক শক্তিশালী কৰাই নহয় বহু স্বাস্থ্য উপকাৰীতাও দিয়ে।

ঠাণ্ডা পানীৰে গা ধুলে শৰীৰত তেজৰ সোঁত উন্নত হয়, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। চৰ্দি, কাহ আৰু অন্যান্য ঋতুভিত্তিক ৰোগৰ পৰা হাত সাৰিবলৈ ঠাণ্ডা পানীৰে গা ধুৱাটো প্ৰাকৃতিক প্ৰতিকাৰ।

ঠাণ্ডা পানীয়ে আপোনাৰ শৰীৰত এণ্ড’ৰ্ফিন হৰম’নৰ মাত্ৰা বৃদ্ধি কৰে, যিয়ে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰে। ই প্ৰাকৃতিক মানসিক চাপ নিৰাময়কাৰী হিচাপে কাম কৰে।

গৰম পানীৰে গা ধুলে ছালখন শুকুৱাব পাৰে, কিন্তু ঠাণ্ডা পানীয়ে আপোনাৰ ছালখন হাইড্ৰেটেড আৰু গ্ল’য়িং কৰি ৰাখে। ইয়াৰ লগতে ই চুলিকো শক্তিশালী কৰি ৰাখে।

ঠাণ্ডা পানীৰে গা ধুলে শৰীৰ সজীৱ হয়। ই আপোনাক গোটেই দিনটো শক্তিশালী কৰি ৰাখে আৰু এলাহক দূৰ কৰে।

যদি আপুনি জিমলৈ যায় বা শাৰীৰিক ৱৰ্কআউট কৰে, তেন্তে ঠাণ্ডা পানীয়ে পেশীৰ ক্লান্তি দূৰ কৰাত সহায় কৰে।

ঠাণ্ডা পানীৰে গা ধুওঁতে শৰীৰে তাপমাত্ৰা সুষম কৰি ৰাখিবলৈ অধিক কেলৰি বাৰ্ন কৰিবলগীয়া হয়। ইয়াৰ ফলত ওজন কমাবলৈ সহায় কৰে।