Home Blog Page 428

Jasprit Bumrah: যশপ্রীত বুমৰাহ আঘাতপ্রাপ্ত, বৰ্তমান খেলপথাৰৰ বাহিৰত বুমৰাহ!

Jasprit Bumrah: যশপ্রীত বুমৰাহ আঘাতপ্রাপ্ত, বৰ্তমান খেলপথাৰৰ বাহিৰত বুমৰাহ!
Jasprit Bumrah: যশপ্রীত বুমৰাহ আঘাতপ্রাপ্ত, বৰ্তমান খেলপথাৰৰ বাহিৰত বুমৰাহ!

ছিডনীত অনুষ্ঠিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ৰ পঞ্চম আৰু অন্তিম টেষ্টৰ মাজত টিম ইণ্ডিয়াৰ আটাইতকৈ কঠিন মূহুৰ্ত।(Jasprit Bumrah) মেচখনত দলৰ অধিনায়কত্বত থকা যশপ্রীত বুমৰাহ হঠাতে খেলপথাৰৰ বাহিৰলৈ ওলাই আহিছিল আৰু তাৰ পিছত প্ৰায় আধা ঘণ্টাৰ পিছত তেওঁ মেডিকেল টিমৰ সৈতে ওলাই আহিছিল।

কায়াছে মেডিকেল টিমৰ লগত কিবা স্কেন কৰিবলৈ ওলাই যায় খেলুৱৈজন। মেডিকেল টিমৰ সৈতে গাড়ীৰে গাড়ী চলাই থকা বুমৰাহক দেখা গ’ল।

জানিব পৰা মতে যশপ্রীত বুমৰাহ আঘাতপ্রাপ্ত। বৰ্তমান খেলপথাৰৰ বাহিৰত খেলুৱৈজন আঘাত কিমান গুৰুতৰ এতিয়াও স্পষ্ট কৰা নাই MANAGEMENT-এ।

Assam Book Fair: অসম গ্ৰন্থমেলাত লেখক-পাঠক সমাৰোহ, কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে আলোচনা সত্ৰ

Assam Book Fair: অসম গ্ৰন্থমেলাত লেখক-পাঠক সমাৰোহ
Assam Book Fair: অসম গ্ৰন্থমেলাত লেখক-পাঠক সমাৰোহ

পুহমহীয়া শীতকো নেওচি অষ্টম দিনা গ্ৰন্থপ্ৰেমীৰ বিপুল সমাৱেশে উছৱমুখৰ পৰিৱেশ সৃষ্টি কৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত৷(Assam Book Fair)


সমান্তৰালভাৱে বিপণীত বৃদ্ধি পায় কিতাপ বিক্ৰীৰ পৰিমাণ৷ ইপিনে শুকুৰবাৰে বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰে লেখক-পাঠক সমাৰোহ ৷ এই অনুষ্ঠান উদ্বোধন কৰি বড়ো সাহিত্য সভাৰ উপ-সভাপতি ড° প্ৰশান্ত বড়োৱে কয় যে লেখকসকল পাঠকৰ মুখামুখি হোৱাটো অতি দৰকাৰী ৷ আগতে এনে সুবিধা নছিল ৷ এতিয়া অসম গ্ৰন্থমেলাই এই সুবিধা প্ৰদান কৰি লেখক-পাঠক উভয় পক্ষকে উপকৃত কৰিছে ৷ কাৰণ ইয়াত লেখকে পাঠকৰ চাহিদাৰ বিষয়ে জানিব পাৰে আৰু সেইমৰ্মে ভাল সৃষ্টিৰ অনুশীলন কৰিব পাৰে ৷


সাহিত্য-সমালোচক, অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই সঞ্চালনা কৰে এই অনুষ্ঠানটো ৷ তেওঁ কয় যে পাঠকসকলেই লেখকৰ মূল চালিকাশক্তি ৷ এখন অভিজ্ঞ পঢ়ুৱৈ সমাজ গঢ়ি নুঠিলে লেখকসকলৰ সৃষ্টিয়ে আকাংক্ষিত ফল লাভ কৰাত উজুটি খাব ৷ লেখকৰ পৰা পাঠকে কি বিচাৰে সেইটো জানিব পাৰিলে ভাল ৷ এই অনুষ্ঠান দৰাচলতে সেইখন মঞ্চ য’ত উভয় পক্ষই মতবিনিময় কৰিব পাৰে ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে লেখক-সমালোচক ভাস্কৰজ্যোতি নাথে ৷ তেওঁ কয় যে লেখকক লগ পাবলৈ পঢ়ুৱৈ সমাজৰ ইচ্ছা থাকেই ৷ এই অনুষ্ঠানে পাঠকৰ সেই ইচ্ছা পূৰণ কৰে ৷ সাহিত্য সন্দৰ্ভত , প্ৰচলিত ধাৰা সন্দৰ্ভত সাধাৰণ পঢ়ুৱৈ সকলৰো নিশ্চয় মতামত থাকে ৷ ইয়াত সেয়া প্ৰকাশ কৰিব পাৰি ৷ লেখক-পাঠক সমাৰোহত অংশগ্ৰহণ কৰে পূৰৱী বৰুৱা, নিভাৰাণী ৰয়, উৎপল ডেকা, বেবী ভূঞা, দীপশিখা ভাগৱতী, মিলন নেওগ, প্ৰণৱ শৰ্মা, দেৱীকা দত্ত, বন্দনা খটনিয়াৰ, প্ৰিয়াসী নেওগ, নিজৰা হাজৰিকা, প্ৰীতিৰেখা ভূঞা, নিউটন বসুমতাৰী, অজিত শৰ্মা, নৱজ্যোতি নাথ, পুৰন্দৰ পাটগিৰি, বেবি ভূঞা, মাইনী চমুৱা, মনালিছা শৰ্মা, মন্দিৰা গগৈ, কমল কুমাৰ, কংকনা ঠাকুৰীয়া, প্ৰাঞ্জল এ শৰ্মা, দ্বীপৰাজ, হিমংশু ভাগৱতী, দিম্পী ভৰালী, সমুদ্ৰদেৱ ফুকন ৷ বিয়লি আন এখন গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা সত্ৰ অনুষ্ঠিত হয় গ্ৰন্থমেলাৰ বাকৰিত ৷“সাহিত্য আৰু কৃত্ৰিম বুদ্ধিমত্তাঃ প্ৰত্যাহ্বান আৰু সম্ভাৱনা” শীৰ্ষক এই সত্ৰখন উদ্বোধন কৰে বিশিষ্ট লেখক, অধ্যাপক ড° ছাইদুল ইছলামে ৷ তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাক এতিয়া আৰু কোনেও অস্বীকাৰ কৰিব নোৱাৰে ৷

এয়া বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হৈ গৈছে ৷ সাহিত্যতো হৈছে ৷ অনাগত সময়ত সৃষ্টিশীলতাক কৃত্ৰিম বুদ্ধিমত্তাই কেনেদৰে প্ৰভাৱিত কৰিব সেয়া অৱশ্যেই চিন্তা কৰিবলগীয়া বিষয় ৷ কাৰণ অন্য ক্ষেত্ৰ আৰু সৃষ্টিশীল কৰ্মৰ ক্ষেত্ৰখনৰ মাজত পাৰ্থক্য আছে ৷ অনুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট লেখক, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক ড° অতনু কুমাৰ দত্তই ৷ তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা সৃষ্টিশীল জগতখনলৈ প্ৰত্যাহ্বান আহিব পাৰে ৷ ইতিমধ্যে আহিছেই ৷ সৃজনীশীল কামত কৃত্ৰিম বুদ্ধিমত্তা বাধাৰ প্ৰাচীৰ হ’ব পাৰে ৷ মানুহেই এয়া ৰোধ কৰিব লাগিব ৷ কৃত্ৰিম বুদ্ধিমত্তাই যাতে আমাক নিৰ্দেশ দিব নোৱাৰে, আমি যাতে কৃত্ৰিম বুদ্ধিমত্তাৰ দাসত্ব অৰ্জন নকৰো তাৰ প্ৰতি আমি সজাগ-সচেতন হৈ থাকিব লাগিব ৷ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰে লেখক-সমালোচক ৰতন সাউদ,সমীৰ শাণ্ডিল্য, ৰাষ্ট্ৰপতি ভৱনৰ শীৰ্ষ বিষয়া পংকজ প্ৰতীম বৰদলৈ, বিশিষ্ট লেখক-গৱেষক ড° ধৃজ্যোতি কলিতাই ৷

স্মৃতিগ্ৰন্থ উন্মোচন

শুকুৰবাৰে বিয়লি ৫ বজাত উন্মোচিত হয় অসম গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ ৷ স্মৃতিগ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কয়—“ ৰাজ্য চৰকাৰে ২০২৫ বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰাটো আনন্দৰ বতৰা৷ অসম গ্ৰন্থমেলাতো কিতাপ বিক্ৰী ভাল বুলি জানিব পাৰিছোঁ ৷ তাৰমানে গ্ৰন্থৰ জয়যাত্ৰা অব্যাহত আছে ৷ ২০২৪ বৰ্ষত অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰিলে ৷ আশা কৰিছোঁ অনাগত সময়তো অসমীয়া ভাষা-সাহিত্যৰ জয়যাত্ৰা অব্যাহত থাকিব ৷ ”স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সম্পাদক হৰেন কলিতাকে ধৰি আন আন বিষয়ববীয়াসকল৷ স্মৃতিগ্ৰন্থৰ মুখ্য সম্পাদক মিহিৰ দেউৰী আৰু সম্পাদকদ্বয় হৈছে দেৱজিৎ বৰা আৰু গৌতম বৰ্মন৷

Fish: তেজেৰে ৰন্ধা হয় এইবিধ মাছ! তেজৰে ৰান্ধিলে বৃদ্ধি পায় সোৱাদ!

Fish: তেজেৰে ৰন্ধা হয় এইবিধ মাছ! তেজৰে ৰান্ধিলে বৃদ্ধি পায় সোৱাদ!
Fish: তেজেৰে ৰন্ধা হয় এইবিধ মাছ! তেজৰে ৰান্ধিলে বৃদ্ধি পায় সোৱাদ!

এবিধ বিশেষ সাগৰীয় মাছ যাক ৰন্ধা হয় তেজেৰে। শুনাত আচহুৱা যদিও ইয়েই সত্য। দেখাত ভয়ংকৰ এইবিধ মাছ হৈছে পৰজীৱি, আন প্ৰাণীৰ তেজ শুহি ইহঁত জীয়াই থাকে।(Fish) দেখনত দীঘল আৰু ঘূৰণীয়া মাছটো অতিকৈ প্ৰাচীন। নাম লেম্প্ৰে। ই দেখাত অতিকৈ ভয়ংকৰ। লেম্প্ৰেৰ ছাল নাথাকে, মুখমণ্ডল বহুত সৰু সৰু চোকা দাঁতেৰে ভৰপূৰ। ফলত ইহঁতক দেখাত ঠিক মাছৰ দৰে নহয়, বৰঞ্চ ‘সাগৰীয় দানৱ’ৰ দৰে লাগে।

কিন্তু লেম্প্ৰেৰ জন্মতে ‘ড্ৰেকুলা দাঁত’বোৰ নাথাকে। জন্মৰ সময়ত মুখমণ্ডলো নাথাকে। লেম্প্ৰে প্ৰাপ্তবয়স্ক হ’বলৈ সাত বছৰ লাগে। মাছ ১৫ ইঞ্চি পৰ্যন্ত দীঘল হ’ব পাৰে। ইউৰোপৰ এটা অংশৰ মানুহৰ মাজত লেম্প্ৰে মাছ অতি জনপ্ৰিয়। বিশেষকৈ পৰ্তুগালৰ নাগৰিকে সেই মাছ খাই ভাল পায়। পৰ্তুগালৰ দৰে দেশত লেম্প্ৰী মাছ তাৰ তেজেৰে ৰান্ধি লোৱা হয়। তেজত তিতিলে বা তেজেৰে ৰান্ধিলে লেম্পেৰ সোৱাদ বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়।

মধ্যযুগত উৎসৱৰ অৰ্থ আছিল এই ব্যঞ্জন ঘৰতে ৰন্ধা। পৰ্তুগালৰ মানুহে এসময়ত সেই তেজেৰে ভাত খাই ভাল পাইছিল।বহুতৰ মতে লেম্পে আন প্ৰাণীৰ তেজ খায় বাবে শাস্তি হিচাপে ইহঁতক নিজৰ তেজেৰে ৰন্ধা হয়। লেম্পেৰ বিষয়ে এনে বহু কথা শুনা যায়। পৰ্তুগালে এতিয়াও প্ৰতি বছৰে জানুৱাৰীৰ পৰা এপ্ৰিললৈকে লেম্প্ৰে উৎসৱ পালন কৰে। এই শব্দটো পৰ্তুগালৰ প্ৰতিখন ৰেষ্টুৰেণ্টতে উপলব্ধ। যদিও ইউৰোপৰ বহু দেশত ইয়াক উপভোগ কৰা হয়, উত্তৰ আমেৰিকাৰ মানুহে লেম্প্ৰী মাছক ভয় কৰে। উত্তৰ আমেৰিকাৰ গ্ৰেট লেকত বিশাল লেম্প্ৰী পোৱা যায়। কিন্তু তাত থকা মানুহৰ বাবে এইবোৰ কেৱল জলজ দানৱ। লেম্প্ৰীয়ে ডাঙৰ মাছ বা আন জলজ প্ৰাণীক শৰীৰৰ পৰা তেজ চুহি হত্যা কৰে। গতিকে সেই সাগৰত নামিবলৈ মানুহে ভয় কৰে। কিন্তু বৰ্তমান পৰ্যন্ত ই মানুহৰ তেজ শোষণ কৰাৰ তথ্য পোহৰলৈ অহা নাই।

Virat Kohli-Anushka Sharma: বিৰাট নে অনুষ্কা, বিৰুষ্কাৰ সন্তান আকায় কাৰ দৰে দেখিবলৈ?

Virat Kohli-Anushka Sharma: বিৰাট নে অনুষ্কা, বিৰুষ্কাৰ সন্তান আকায় কাৰ দৰে দেখিবলৈ
Virat Kohli-Anushka Sharma: বিৰাট নে অনুষ্কা, বিৰুষ্কাৰ সন্তান আকায় কাৰ দৰে দেখিবলৈ

বিৰুষ্কাৰ সন্তান মনোৰঞ্জন জগতত যথেষ্ট জনপ্ৰিয়। অনুৰাগীৰ মনত প্ৰশ্ন,ভিৰুষ্কাৰ সন্তান আকায় কাৰ দৰে দেখিবলৈ?
তেতিয়াও সৰু ল’ৰা অকায়ৰ আভাস পোৱা নাছিল। এইবাৰ এজন নেট ইনফ্লুৱেন্সাৰে ক’লে, আকাই কেনেকুৱা আছিল।(Virat Kohli-Anushka Sharma)

বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই নিজৰ সন্তানৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ নকৰে। তাৰকা দম্পতীয়ে নিজৰ সন্তান দুটাক ৰাইজৰ মাজলৈ আনিব নিবিচাৰে। কিন্তু বহুতে জ্যেষ্ঠ কন্যা ভামিকাৰ মুখখন দেখিছে। নেটিজেনৰ দাবী যে ভামিকাক পিতৃৰ দৰে দেখিবলৈ। কিন্তু তথাপিও তেওঁলোকৰ পুত্ৰ সন্তান আকায়ৰ আভাস এতিয়াও ৰাইজে পোৱা নাই। এইবাৰ এজন নেট ইনফ্লুৱেন্সাৰে ক’লে, আকাই কেনেকুৱা দেখিবলৈ?

প্ৰায়ে চৰ্চাত থাকে যে বাৰত এৰি বিৰাট-অনুষ্কা লণ্ডনত থাকিব। এই জল্পনা-কল্পনাৰ মাজতে স্বতী আস্থানা ছাইনী নামৰ এগৰাকী নেটিজেনে দাবী কৰিছিল যে তেওঁ আকায়ক নিজৰ চকুৰে দেখা পাইছিল। আকায়ক লগ পোৱা এটা ভিডিঅ’ও বনাইছিল। তাত স্বতীয়ে দাবী কৰে যে আকায় হুবহু মাক অনুষ্কাৰ দৰে দেখিবলৈ। এই ভিডিঅ’টো এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টো চোৱাৰ পিছত বিৰুষ্কাৰ অনুৰাগীৰ উত্তেজনা বাঢ়িছে। বহুতে আকায়ৰ মুখখন কমেণ্ট ছেকচনত ৰাজহুৱা কৰিবলৈ দাবী জনাইছে। কিছুমানে আকৌ বিৰুষ্কাক লণ্ডনলৈ নাযাবলৈ অনুৰোধ কৰিলে।

২০১৭ চনৰ ডিচেম্বৰ মাহত ক্ৰিকেট তাৰকা আৰু অভিনেত্ৰীগৰাকীয়ে সকলোকে আচৰিত কৰি বিবাহপাশত আবদ্ধ হৈছিল। ২০২১ চনত বিৰাট আৰু অনুষ্কাই তেওঁলোকৰ প্ৰথম সন্তান – ভামিকাক আদৰণি জনায়। তিনিবছৰৰ পাছত তাৰকা দম্পতীয়ে পুনৰ এটা ভাল খবৰ দিলে। ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীত বিৰাট-অনুষ্কাৰ পৰিয়ালত উপস্থিত হ’ল আকায়।

Winter: ঠাণ্ডা দিনত গা নুধুলে বৃদ্ধি পাব আপোনাৰ আয়ুস!

Winter: ঠাণ্ডা দিনত গা নুধুলে বৃদ্ধি পাব আপোনাৰ আয়ুস!
Winter: ঠাণ্ডা দিনত গা নুধুলে বৃদ্ধি পাব আপোনাৰ আয়ুস!

ৰাজ্যজুৰি আৰম্ভ শীতৰ প্ৰকোপ। ঘন কুঁৱলীৰ আচ্ছাদনে ঢাকিছে সমগ্ৰ ৰাজ্য। বেছিভাগেই প্ৰতিদিনে গা ধুৱে যদিও ইতিমধ্যে বহুজনে হয়টো গা ধোৱা বাদ দিছে।(Winter) কিয়নো শীতকাল আহাৰ লগে লগে দৈনন্দিন জীৱনটো অলসতালৈ ৰূপান্তৰিত হয়। অৱশ্যে, কিছুমান গৱেষণাত এইটো দাবী কৰা হৈছে যে গা ধোৱা আৰু দীৰ্ঘজীৱনৰ মাজত এক বৈজ্ঞানিক সম্পৰ্ক আছে। একাংশই দাবী কৰামতে শীতকালত গা নুধোলে জীৱনকাল ৩৪% লৈকে বৃদ্ধি হ’ব পাৰে। কিন্তু এইয়া বাৰু প্ৰকৃততে সত্য নে? এই ক্ষেত্ৰত যদি আপোনাক কোৱা হয় যে শীতকালত গা নুধুলে আপোনাৰ জীৱনকাল ৩৪ শতাংশলৈ বৃদ্ধি হ’ব পাৰে, আপুনি কি ক’ব?শেহতীয়াকৈ শীতকালত গা ধোৱা-নুধোৱাকলৈ লৈ কৰা এটা অধ্যয়নে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। এনেকুৱা সঁচাকৈয়ে হয় নেকি? কি আছে ইয়াৰ আঁৰৰ বৈজ্ঞানিক ৰহস্য জানো আহক।

উষ্ণতাই যে কেৱল আমাৰ স্বাস্থ্যৰ ওপৰতেই প্ৰভাৱ পেলাই এনে নহয় ই আমাৰ বয়সৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। বিজ্ঞানীসকলে বিশ্বাস কৰে যে ঠাণ্ডা পৰিৱেশে মানুহৰ বিপাকীয় কাৰ্যকলাপ হ্ৰাস কৰে যিয়ে DNAৰ ক্ষতি আৰু অক্সিডেটিভ চাপ হ্ৰাস কৰে। তদুপৰি আমাৰ বয়স বৃদ্ধি প্ৰক্ৰিয়াৰ ওপৰতো ই পোনপটীয়া প্ৰভাৱ পেলায়। সম্ভৱতঃ আমাৰ জীৱনকাল বৃদ্ধি কৰিব পাৰে। ২০১৮ চনত কৰা এক অধ্যয়নত প্ৰকাশ পোৱা তথ্য অনুসৰি ঠাণ্ডা তাপমাত্ৰাত নিগনিৰ গড় আয়ুস প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে। অৱশ্যে, মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে কোনো দৃঢ় বৈজ্ঞানিক প্ৰমাণ উপলব্ধ নাই যদিও এই গৱেষণাই নিশ্চিতভাৱে প্ৰমাণ কৰিছে যে উষ্ণতা হ্ৰাস হোৱাৰ ফলত বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেম হ’ব পাৰে।

ঠাণ্ডা এলেকাত বাস কৰা লোকসকলে সঁচাকৈয়ে দীঘলীয়া জীৱন যাপন কৰে নেকি? এয়া কেৱল বিজ্ঞানীসকলৰ বাবেই নহয়, সাধাৰণ লোকসকলৰ বাবেও চিন্তাৰ বিষয় হৈ পৰিছে। ইয়াৰ ক’তো প্ৰমাণ নাই যে শীতকালত গা নুধোৱাটোৱে জীৱনকাল বৃদ্ধি কৰিব পাৰে। কিন্তু এই কথা নিশ্চিত যে ঠাণ্ডা পৰিৱেশত আপোনাৰ জীৱনকাল নিশ্চিতভাৱে বৃদ্ধি পায়। গৱেষণাত কোৱা হৈছে যে ঠাণ্ডা পানীৰে গা ধোৱাটোৱে ৰক্ত সঞ্চালন আৰু মানসিক স্বাস্থ্য ভাল কৰি ৰাখে। শীতকালত ঠাণ্ডা পানীৰে গা ধোৱাৰ ফলত ৰক্ত সঞ্চালন উন্নত হয় আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাত সহায় কৰে। একে সময়তে, গৰম পানীৰে গা ধুলে শৰীৰক সকাহ দিয়ে, কিন্তু ই ছালখন দীঘলীয়া সময়ৰ বাবে শুকান কৰিব পাৰে। ইফালে দীঘলীয়া সময়ৰ বাবে গা নুধোৱা বেক্টেৰিয়া জমা হয় আৰু ছালৰ সংক্ৰমণৰ আশংকা বৃদ্ধি হয়। পৰিষ্কাৰ-পৰিচ্ছন্নতা স্বাস্থ্যৰ বাবে এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। গতিকে গা ধোৱা পৰিহাৰ কৰাৰ পৰিৱৰ্তে, শীতকালতো ঠাণ্ডা পানীৰে গা ধুব বা ঠাণ্ডা ঠাইত সময় কটোৱাৰ কথা বিবেচনা কৰিব।

Virus: পুনৰ ভাইৰাছ! Covid-19তকৈও মাৰাত্মক এইবিধ ভাইৰাছ

Virus: পুনৰ ভাইৰাছ! Covid-19তকৈও মাৰাত্মক এইবিধ ভাইৰাছ
Virus: পুনৰ ভাইৰাছ! Covid-19তকৈও মাৰাত্মক এইবিধ ভাইৰাছ

Covid-19 মহামাৰীৰ ৫টা বছৰৰ পিছত চীনত পুনৰবাৰ বিয়পি পৰিছে নতুন ভাইৰাছৰ সংক্ৰমণ। যাৰ লক্ষণসমূহো Corona virus ৰ দৰে ঠিক একেই। এই নতুন ভাইৰাছবিধৰ নাম হৈছে হিউমেন মেটানিউমো’ ভাইৰাছ (HMPV)। যি এটা আৰ এন এ ভাইৰাছ বুলি প্ৰমাণিত হৈছে।(Virus)

কণ কণ শিশুৰ ওপৰত ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছি। বিশেষকৈ ২ বছৰৰ তলৰ শিশু এই ভাইৰাছত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে। চীনৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (CDC)ৰ তথ্য অনুসৰি ইয়াৰ লক্ষণসমূহ হৈছে- কাহ, জ্বৰ, নাক বন্ধ হোৱা আৰু ডিঙিত বিষ অনুভৱ কৰা। HMPVৰ উপৰিও চীনত ইনফ্লুৱেঞ্জা-এ, মাইকোপ্লাজমা নিউমোনিয়া আৰু ক’ভিড-১৯ৰো আক্ৰান্তৰ তথ্য পোৱা গৈছে। ইয়াৰ ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

চীনৰ বহু ঠাইত ইতিমধ্যে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। হাঁপানী আৰু ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰীৰ দৰে ৰোগত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত এই ভাইৰাছ সংক্ৰমণৰ সম্ভাৱনা বেছি। কাহ আৰু হাঁচিৰ জৰিয়তে এই ভাইৰাছ বিয়পি পৰাৰ আশংকা অধিক। যদি ভাইৰাছৰ প্ৰভাৱ তীব্ৰ হয় তেন্তে ব্ৰংকাইটিছ আৰু নিউমোনিয়াৰো সৃষ্টি কৰিব পাৰে। উল্লেখ্য যে চীনে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে।

২০০১ চনতে প্ৰথমবাৰৰ বাবে HMPV ভাইৰাছ চিনাক্ত কৰা হৈছিল। ডাচ গৱেষকে শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত শিশুৰ নমুনাত এই ভাইৰাছ ধৰা পেলাইছিল। কিন্তু এই ভাইৰাছ যোৱা ৬ দশক ধৰি আছে।এই ভাইৰাছ সকলো ধৰণৰ ঋতুতে পৰিৱেশত থাকে যদিও শীতকালত ইয়াৰ সংক্ৰমণৰ আশংকা সৰ্বাধিক। ২০১৯ চনত চীনৰ ৱুহান চহৰত প্ৰথমজন Covid-19 ৰোগী ধৰা পৰিছিল। তেতিয়া ইয়াক ৰহস্যজনক নিউমোনিয়া বুলি ভবা হৈছিল। ইয়াৰ পিছত এই ভাইৰাছ বিশ্বত দ্ৰুতগতিত বিয়পি পৰিল।

২০২০ চনৰ ৩০ জানুৱাৰীত বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক বিশ্বব্যাপী মহামাৰী বুলি ঘোষণা কৰে। সমগ্ৰ বিশ্বতে ৭০ কোটিৰো অধিক কোভিড ৰোগী ধৰা পৰিছে। ইয়াৰ উপৰিও ৭০ লাখৰো অধিক লোকৰ মৃত্যুও ঘটিছে। তাৰ মাজতেই চীনত আন এক ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ খবৰে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

2025 Marriage prediction: ২০২৫ চনত কোন সমূহ ৰাশিৰ বিবাহৰ যোগ আছে? দৰা-কইনা হ’বলৈ সাজু হওঁক এইসমূহ ৰাশিৰগৰাকী

2025 Marriage prediction: ২০২৫ চনত কোন সমূহ ৰাশিৰ বিবাহৰ যোগ আছে
2025 Marriage prediction: ২০২৫ চনত কোন সমূহ ৰাশিৰ বিবাহৰ যোগ আছে

আপোনাৰ বিয়া কেতিয়া হ’ব, কাৰ সৈতে হ’ব এই বিষয়ে আপুনি ভাবেনে? ভবাৰ প্ৰয়োজন নাই, এই লেখাটোৰ জৰিয়তে আপুনি জানিব পাৰিব আপোনাৰ বিয়াৰ বিষয়ে। যদি আপুনি নতুন বছৰত বিয়াৰ কথা ভাবিছে তেন্তে এই বছৰ আপোনাৰ বিয়াৰ সকলো কথা জানি লওক। ২০২৫ চনত কোনবোৰ ৰাশিৰ বিবাহ হোৱাৰ সম্ভাৱনা আছে-(2025 Marriage prediction)

বিবাহৰ লগত কোনবোৰ ৰাশিৰ সম্পৰ্ক আছে চাওক-

মেষ – মেষ ৰাশিৰ লোকে ২০২৫ চনৰ মাজভাগৰ পৰা বিবাহপাশত আবদ্ধ হ’ব পাৰিব। আপুনি বিবাহৰ শুভ দিনটো ঠিক কৰিব পাৰে।

বৃষ ৰাশি – বৃষ ৰাশিৰ লোকসকলৰ নতুন বছৰত বিবাহৰ সম্ভাৱনা অতি শুভ। ফেব্ৰুৱাৰীৰ পৰা মে’ মাহলৈকে বিয়া পাতিবলৈ বৰ ভাল সময়।

মিথুন ৰাশি – মিথুন ৰাশি জাতক জাতিকা সকলৰ নতুন বছৰত বিয়াও হ’ব। মে’ মাহৰ পৰা বিবাহৰ শুভ যোগ আছে, এই সময়ত ভাল কাম কৰিব পাৰিব।

কৰ্কট ৰাশি – প্ৰেম আৰু বিবাহত কৰ্কট ৰাশি বাবে নতুন বছৰটো অতি শুভ হ’বলৈ গৈ আছে। গোটেই বছৰটো এই ৰাশিৰ লোকৰ বাবে শুভ, বিবাহৰ এক শক্তিশালী সংযোগ আছে।

কন্যা ৰাশি – কন্যা ৰাশি জাতক জাতিকাসকলৰ নতুন বছৰত বিয়া হোৱাৰ সম্ভাৱনা। যদি কোনো সমস্যা থাকে, তেন্তে সেই সমস্যা নাইকিয়া হৈ যাব। এই বছৰত বিয়া পাতিলে ভাল ফলাফল পোৱাৰ সুযোগ আছে।

বৃশ্চিক ৰাশি – বৃশ্চিক ৰাশিৰ লোকে বিবাহপাশত আৱদ্ধ হ’ব পাৰে। শুভ যোগৰ আবিৰ্ভাৱ হয়। ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব এই যোগ।

Weather: গুৱাহাটীত ঘন কুঁৱলীৰ আচ্ছাদন, অস্বাভাৱিকভাৱে কমিছে তাপমাত্ৰা, বাতিল হৈছে বিমানৰ উৰণ-অৱতৰণ

Weather: গুৱাহাটীত ঘন কুঁৱলীৰ আচ্ছাদন, অস্বাভাৱিকভাৱে কমিছে তাপমাত্ৰা, বাতিল হৈছে বিমানৰ উৰণ-অৱতৰণ
Weather: গুৱাহাটীত ঘন কুঁৱলীৰ আচ্ছাদন, অস্বাভাৱিকভাৱে কমিছে তাপমাত্ৰা, বাতিল হৈছে বিমানৰ উৰণ-অৱতৰণ

নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত প্ৰচণ্ড শীত।(Weather) ঘন কুঁৱলীয়ে আৱৰি ধৰিছে ভিন্ন প্ৰান্ত। গুৱাহাটী মহানগৰীতো ডাঠ কুঁৱলীৰ আচ্ছাদন। অস্বাভাৱিকভাৱে কমি গৈছে দৃশ্যমান।

নৱবৰ্ষৰ আৰম্ভণিতে ধৰাৰ বুকুলৈ নামিছে প্ৰচণ্ড শীত। ডাঠ কুঁৱলীয়ে আৱৰিছে প্ৰকৃতি। পুৱাৰ ভাগতেই অদৃশ্যমান হৈ পৰিছে সমগ্ৰ গুৱাহাটী।

বৰঝাৰত বাতিল হৈছে বহু কেইখন বিমানৰ উৰণ-অৱতৰণ। ঘন কুঁৱলীৰ বাবে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ যাত্ৰাত বিলম্ব। নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত পাতলীয়া বৰষুণৰ পিছতে প্ৰচণ্ড শীত।

দৈনিক হ্ৰাস পাইছে গুৱাহাটীৰ তাপমাত্ৰা। পুৱা গুৱাহাটীৰ পৰা উৰিবলগীয়া সকলো বিমানৰ উৰণত বিলম্ব।

Payel Saikia: চানমাৰীৰ ফ্লেটত পায়েল শইকীয়াৰ ৰহস্যজনক মৃত্যু! আৰক্ষীৰ জালত দুই যুৱক

Payel Saikia: চানমাৰীৰ ফ্লেটত পায়েল শইকীয়াৰ ৰহস্যজনক মৃত্যু! আৰক্ষীৰ জালত দুই যুৱক
Payel Saikia: চানমাৰীৰ ফ্লেটত পায়েল শইকীয়াৰ ৰহস্যজনক মৃত্যু! আৰক্ষীৰ জালত দুই যুৱক

নৱবৰ্ষৰ প্ৰথমটো দিনাই ৰহস্যজনক অৱস্থাত ফ্লেটৰ কোঠাত উদ্ধাৰ হ’ল পায়েল শইকীয়াৰ মৃতদেহ। পায়েল শইকীয়াৰ মৃত্যুয়ে উদঙাইছে মহানগৰীৰ আভিজাত জীৱনৰ অন্য এক আসুৰিক ৰূপ। ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে নিশাই দুই যুৱকক আটক কৰিলে চানমাৰি আৰক্ষীয়ে।(Payel Saikia)

আৰক্ষীয়ে পাইছে ৰহস্যৰ গোন্ধ। ইটোৰ পাছত সিটোকৈ তথ্য ফাদিল কৰিছে আৰক্ষীয়ে। কেনেকৈ মৃত্যু হৈছিল পায়েল শইকীয়াৰ? কোনে আৰু কিয় হত্যা কৰিলে পায়েলক? গুৱাহাটীৰ ছাত্ৰীবাৰীত ঘৰ থকাৰ স্বত্ত্বেও কিয় ফ্লেটত থাকিবলৈ লৈছিল পায়েল? পায়েল শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ পিছতেই উত্থাপন হৈছে এনে বহু প্ৰশ্নৰ। তথ্য অনুসৰি ৩১ ডিচেম্ৱৰৰ দিনা পায়েলৰ কোঠাত দুৱাৰ ভাঙি প্ৰৱেশ কৰিছিল দুই ঘনিষ্ঠ বন্ধু। সেইয়াও এতিয়া এটা প্ৰশ্ন হৈয়ে আছে।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ন ন তথ্য। বৃহস্পতিবাৰে চানমাৰি আৰক্ষীয়ে মানৱজ্যোতি কোচ আৰু ৰাজ খাউণ্ড নামৰ দুই যুৱকক আটক কৰিছে। মানৱজ্যোতিৰ ঘৰ দিছপুৰত হোৱাৰ বিপৰতে ৰাজৰ ঘৰ গুৱাহাটীৰ হৰিসভাত বুলি জানিব পৰা গৈছে। আৰক্ষীৰ মাৰাথন জেৰাৰ সন্মুখীন হৈছে দুই অভিযুক্ত। ঘটনাৰ বিৱৰণ অনুসৰি পায়েলৰ H4নম্বৰ ফ্লেটত প্ৰায় প্ৰতিদিনেই চলিছিল সুৰাৰ আড্ডা। ঘটনা সংঘটিত হোৱাৰ পূৰ্বেও লগত আছিল পায়েলৰ ঘনিষ্ঠ বন্ধু মানৱ আৰু মনোজ। সেইদিনাও ফ্লেটত চলিছিল সুৰাৰ আড্ডা।

ব্লু বেল ৰেঙণী-দয়া সাগৰ এপাৰ্টমেণ্টৰ CCTVত বন্দী হৈছিল পায়েলসহ বন্ধুৰ গতিবিধি। ঘটনাৰ পূৰ্বে মানৱৰ সৈতে হৈছিল বাত-বিতণ্ডা। কান্দোনত ভাগি পৰিছিল পায়েল। ৩১ ডিচেম্বৰৰ পুৱাই বন্ধ হোৱা ফ্লেটৰ দৰ্জা নিশা খুলিছিল মানৱ আৰু মনোজে। ফ্লেটৰ দৰ্জা খুলি পায়েলৰ কোঠাত সোমাইছিল দুই বন্ধু। বিগত তিনিমাহ ধৰি মানৱৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল পায়েল। উল্লেখ্য যে চানমাৰী আৰক্ষীয়ে আটক কৰা ৰাজ খাউণ্ড নামৰ যুৱকজনক স্বামী বুলি পৰিচয় দিহে প্ৰায় এবছৰ পূৰ্ৱে এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ H4নম্বৰৰ ফ্লেটটো ভাড়ালৈ লৈছিল পায়েলে। তিনিমাহ পূৰ্ৱেই ৰাজৰ সৈতে সম্পৰ্ক বিচ্ছেদ হৈছিল মৃত পায়েলৰ।

তাৰ পাছতেই পায়েলৰ জীৱনলৈ আহিছিল মানৱ নামৰ যুৱকজন। মানৱৰ সৈতে লাহে লাহে বৃদ্ধি পাইছিল ঘনিষ্ঠতা। ৩১ ডিচম্বৰৰ দিনাও মানৱৰ সৈতে নিশা কটাইছিল পায়েলে। পিছদিনা পায়েলৰ মৃত্যুৰ দিনাও চিকিউৰিটি গাৰ্ডৰ জৰিয়তে পুৱা প্ৰায় ৭:৩০ত চিগাৰেট অনোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। ৰাজ খাউণ্ড আৰু মানৱজ্যোতি কোচক বৰ্তমানো চলাই থকা হৈছে জেৰা। আৰু বহু চাঞ্চল্যকৰ তথ্য ফাদিল হোৱাৰ সম্ভাৱনা। এই ঘটনাৰ আচল VILLAIN কোন সেইয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব।

Milk Curd Paneer: গাখীৰ, দৈ আৰু পনিৰ: আপোনাৰ স্বাস্থ্যৰ বাবে কোনবিধ উপকাৰী?

Milk Curd Paneer: গাখীৰ, দৈ আৰু পনিৰ: আপোনাৰ স্বাস্থ্যৰ বাবে কোনবিধ উপকাৰী?
Milk Curd Paneer: গাখীৰ, দৈ আৰু পনিৰ: আপোনাৰ স্বাস্থ্যৰ বাবে কোনবিধ উপকাৰী?

গাখীৰ, দৈ আৰু পনিৰ ভাৰতীয় পাকঘৰৰ গুৰুত্বপূৰ্ণ অংশ। এই তিনিটা দুগ্ধজাত সামগ্ৰীয়ে প্ৰটিন, কেলচিয়াম আৰু অন্যান্য পুষ্টিকৰ উপাদানৰ উত্তম উৎস। কিন্তু প্ৰায়ে প্ৰশ্ন উত্থাপন হয় যে ইয়াৰে কোনবিধ আটাইতকৈ পুষ্টিকৰ?(Milk Curd Paneer)খাদ্যত কেৱল গাখীৰহে অন্তৰ্ভুক্ত কৰিব লাগে নে দৈ আৰু পনিৰো খোৱাটো প্ৰয়োজনীয়? জানি লওক এই বিষয়ে-

গাখীৰক প্ৰায়ে সম্পূৰ্ণ খাদ্য বুলি কোৱা হয়। ইয়াত কেলচিয়াম, প্ৰটিন, ভিটামিন ডি আৰু বি১২ আদি পুষ্টিকৰ উপাদান থাকে। শিশুৰ হাড় আৰু পেশীৰ বিকাশৰ বাবে গাখীৰ অতি উপকাৰী। লগতে প্ৰাপ্তবয়স্কসকলৰো হাড় মজবুত কৰি ৰাখে।

দৈক প্ৰিবায়টিক গুণৰ ভঁৰাল বুলি গণ্য কৰা হয়। দৈত ভাল বেক্টেৰিয়া থাকে, যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে। কেলচিয়াম আৰু প্ৰটিনৰ লগতে দৈত প্ৰ’বায়’টিকো থাকে, যিয়ে পেটৰ সমস্যা আঁতৰাই ৰাখে। বিশেষকৈ গ্ৰীষ্মকালত দৈ খাব লাগে, কাৰণ ই শৰীৰ শীতল কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

পনীৰ প্ৰটিনৰ এক উৎকৃষ্ট উৎস আৰু যিসকলে মাংস নাখায় তেওঁলোকৰ বাবে ইয়াক বিশেষভাৱে উপকাৰী বুলি গণ্য কৰা হয়। কেলচিয়াম আৰু ফছফৰাছৰ লগতে পনিৰত ভিটামিন বি ১২ও পোৱা যায়। ই পেশী শক্তিশালী কৰাৰ লগতে ওজন কমাতো সহায় কৰে। কিন্তু বিশেষকৈ যিসকলৰ কলেষ্টেৰল বা হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা আছে তেওঁলোকৰ বাবে পনিৰ সীমিত পৰিমাণে খাব লাগে।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে তিনিওটা দুগ্ধজাত সামগ্ৰীৰ নিজস্ব বিশেষত্ব আছে আৰু তেওঁলোকৰ প্ৰয়োজন অনুসৰি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত। যদি হাড়ৰ শক্তি বিচাৰে তেন্তে গাখীৰেই উত্তম। হজম শক্তি উন্নত কৰিবলৈ দৈ আৰু প্ৰটিনৰ বাবে পনিৰ খাওক।