Home Blog Page 430

New year 2025 Tips: নৱবৰ্ষৰ আৰম্ভণিতে কৰক এই ৫টা কাম! টকা-পইচা, সুখ-সমৃদ্ধি বৃদ্ধি পাব…

New year 2025 Tips: নৱবৰ্ষৰ আৰম্ভণিতে কৰক এই ৫টা কাম! টকা-পইচা, সুখ-সমৃদ্ধি বৃদ্ধি পাব…
New year 2025 Tips: নৱবৰ্ষৰ আৰম্ভণিতে কৰক এই ৫টা কাম! টকা-পইচা, সুখ-সমৃদ্ধি বৃদ্ধি পাব…

বুধবাৰৰ পৰা আৰম্ভ হৈছে নতুন বছৰ ২০২৫। যদি আপুনি বিচাৰে আপোনাৰ চাকৰি আৰু ব্যৱসায় ২০২৫ চনত উন্নত হোৱাটো, তেন্তে আজি এই ৫টা কাম কৰিবলৈ নাপাহৰিব। এনে কৰিলে আপুনি বছৰটো বিশেষ কৰি তুলিব পাৰে।(New year 2025 Tips)

সমগ্ৰ বিশ্বৰ মানুহে আশা কৰিছে যে এই নতুন বছৰ তেওঁলোকৰ বাবে সুখৰ হওক। বছৰৰ প্ৰথম দিনটোত বিশেষ কৰি তুলিবলৈ কোনোবাই মন্দিৰলৈ আৰু কোনোবাই গুৰুদ্বাৰালৈ গৈ সেৱা লয়। কোনোবা পৰিয়ালৰ লগত ওলাই গৈ এসাঁজ খাইছে লগে-ভাগে। যদি আপুনি নতুন বছৰটো আপোনাৰ বাবে ভাল হোৱাটো বিচাৰে তেন্তে ২০২৫ চনৰ জানুৱাৰী মাহত ৫টা কাম কৰিব লাগিব। এনে কৰিলে এই বছৰটোৰ ভিতৰত টকাৰ লগতে সমাজত যথেষ্ট সন্মানো অৰ্জন কৰিব।

দৈনন্দিন কাম-কাজ আৰু গা ধোৱাৰ পিছত ঈশ্বৰক আৰাধনা কৰিব। ইয়াৰ পিছত তেওঁলোকক ধূপ-নৈবেদ্য আগবঢ়াই ঈশ্বৰক স্মৰণ কৰিব। তাৰ পিছত যোগাসন আৰু ধ্যান কৰিব। এনে কৰিলে মনত ধনাত্মক শক্তি সঞ্চাৰিত হয়।

যোগ ধ্যান কৰাৰ পিছত এইবাৰৰ সংকল্প মনতে ল’ব পাৰিব। এই সংকল্পই এই বছৰ আপুনি কি ডাঙৰ কাম কৰিবলৈ মন কৰিছে তাৰ প্ৰতীক হ’ব। ইচ্ছা কৰিলে ক’ৰবাত লিখি থওক বা মনত মনত ৰাখিব।

বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদৰ অবিহনে আমি আধৰুৱা। আপুনি তেওঁলোকক উপহাৰ বা তেওঁলোকৰ প্ৰিয় খাদ্য সামগ্ৰী দিব পাৰে। এনে কৰিলে তেওঁলোক অতি সুখী হয় আৰু তেওঁলোকে আপোনাক আশীৰ্বাদ দিয়ে। যিয়ে আপোনাৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

যদি আপুনি বিচাৰে যে আপোনাৰ পাৰ্ছটো কেতিয়াও টকাৰে খালী হৈ নাথাকে, তেন্তে নতুন বছৰত টকাৰ সঠিক ব্যৱহাৰৰ বাবেও শপত খাব পাৰে। ইচ্ছা কৰিলে এই বছৰটোত বেয়া অভ্যাস ত্যাগ কৰিবলৈও শপত খাব পাৰে। এই প্ৰতিকাৰৰ দ্বাৰা বছৰটোৰ ভিতৰতে আপোনাৰ ঘৰত সুখ আৰু সমৃদ্ধি থাকিব।

সনাতন ধৰ্মত দানৰ অতি গুৰুত্ব আছে। এনে কৰিলে অপৰিসীম গুণ লাভ হয়। সেয়েহে বছৰৰ প্ৰথম দিনটোত আৰ্তজনক খাদ্য, কম্বল, ঔষধ বা অন্যান্য বস্তু দিও সহায় কৰিব পাৰে। বৃদ্ধাশ্ৰমলৈ গৈও নতুন বছৰটো আৰম্ভ কৰিব পাৰে।

Unhealthy Habits: নতুন বছৰত আপোনাৰ স্বাস্থ্যৰ বাবে এই ৩টা খাদ্যাভ্যাস সলনি কৰক!

Unhealthy Habits: নতুন বছৰত আপোনাৰ স্বাস্থ্যৰ বাবে এই ৩টা খাদ্যাভ্যাস সলনি কৰক!
Unhealthy Habits: নতুন বছৰত আপোনাৰ স্বাস্থ্যৰ বাবে এই ৩টা খাদ্যাভ্যাস সলনি কৰক!

নতুন বছৰে নতুন আৰম্ভণিৰ বাৰ্তা আনে। নতুন বছৰে হৈছে নিজকে উন্নত কৰাৰ উপযুক্ত সময়। আমাৰ বেছিভাগেই উন্নত স্বাস্থ্যৰ বাবে নতুন পৰিকল্পনা কৰে, কিন্তু প্ৰায়ে সঠিক খাদ্যাভ্যাসক আমি গুৰুত্ব নিদিওঁ। যদি আপুনি ২০২৫ চনক স্বাস্থ্যসন্মত আৰু শক্তিশালী কৰিব বিচাৰে তেন্তে আপোনাৰ খাদ্যাভ্যাসত এই ৩টা পৰিৱৰ্তন কৰক।(Unhealthy Habits)

এই অভ্যাসবোৰ গ্ৰহণ কৰকঃ

১/ জাংক ফুড ত্যাগ কৰকঃ
আজিকালি জাংক ফুড খোৱাটো সাধাৰণ হৈ পৰিছে। খাবলৈ সোৱাদযুক্ত হ’লেও জাংক ফুডত পুষ্টিকৰ উপাদানৰ যথেষ্ট অভাৱ। এইবোৰত থকা অতিৰিক্ত চেনি, ট্ৰেন্স ফেট আৰু ছডিয়ামে আমাৰ শৰীৰত মেদবহুলতা, ডায়েবেটিছ আৰু হৃদৰোগৰ সৃষ্টি কৰে। নতুন বছৰত বাহিৰৰ পৰা ভজা আৰু প্ৰচেছড খাদ্য খোৱা কম কৰিবলৈ চেষ্টা কৰক। তাৰ পৰিৱৰ্তে ঘৰতে বনোৱা খাদ্য খাবলৈ চেষ্টা কৰক।(Unhealthy Habits To Avoid)

২) উপযুক্ত পৰিমাণৰ পানী খাব লাগেঃ
বহুলোকেই পৰ্যাপ্ত পৰিমাণৰ পানী নাখায়। যাৰ বাবে শৰীৰত পানীৰ অভাৱ হয়। পানীয়ে আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলোৱাত সহায় কৰে, হজম শক্তি বৃদ্ধি কৰে আৰু ছালখনক উজ্জ্বল কৰি ৰাখে। নতুন বছৰত দিনটোত কমেও ৮-১০ গিলাচ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক।

৩/ ৰাতিৰ আহাৰ কম আৰু সময়মতে খাব লাগেঃ
বেছি আৰু পলমকৈ ৰাতিৰ আহাৰ খোৱাৰ ফলত পাচনতন্ত্ৰত অতি বেয়া প্ৰভাৱ পৰে। ইয়াৰ ফলত এচিডিটি, মেদবহুলতা আৰু টোপনিৰ সমস্যা হ’ব পাৰে। ২০২৫ চনত এটা নিয়ম বনাওক যে ৰাতিৰ আহাৰ কম, পুষ্টিকৰ হ’ব লাগে আৰু শোৱাৰ ২-৩ ঘণ্টা আগতে খাব লাগে। ইয়াৰ বাবে আপুনি দাইল, শাক-পাচলি, চালাড আৰু চূপৰ দৰে খাদ্য বাছি ল’ব পাৰে।

নতুন বছৰটো আপোনাৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াৰ সুযোগ। এই ৩টা সহজ কিন্তু ফলপ্ৰসূ অভ্যাস গ্ৰহণ কৰিলে আপুনি কেৱল ৰোগৰ পৰা আঁতৰি থকাই নহয়, উন্নত আৰু সুস্থ জীৱনশৈলীও জীয়াই থাকিব পাৰিব।

Sarbananda Sonowal: প্ৰেৰণা শিশু গৃহৰ অকণিহঁতৰ সৈতে ইংৰাজী নৱবৰ্ষ ২০২৫ৰ শুভাৰম্ভণি উদযাপন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ সৰ্বানন্দ সোণোৱালৰ

Sarbananda Sonowal: প্ৰেৰণা শিশু গৃহৰ অকণিহঁতৰ সৈতে ইংৰাজী নৱবৰ্ষ ২০২৫ৰ শুভাৰম্ভণি উদযাপন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ সৰ্বানন্দ সোণোৱালৰ
Sarbananda Sonowal: প্ৰেৰণা শিশু গৃহৰ অকণিহঁতৰ সৈতে ইংৰাজী নৱবৰ্ষ ২০২৫ৰ শুভাৰম্ভণি উদযাপন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ সৰ্বানন্দ সোণোৱালৰ

অকণিহঁতৰ সৈতে ইংৰাজী নৱবৰ্ষ ২০২৫ৰ শুভাৰম্ভণি উদযাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে।(Sarbananda Sonowal) বুধবাৰে ডিব্ৰুগড়স্থিত ‘প্ৰেৰণা শিশু গৃহ’ৰ শিশুসকলৰ সৈতে কিছু সুমধুৰ সময় পাৰ কৰে সোণোৱালে। সোণোৱালে কয়, “শিশুসকলৰ নিষ্পাপ আৰু সৰল মনৰ উমাল পৰশত লাভ কৰা অনাবিল আনন্দ আৰু সুখানুভূতিৰ তুলনা একোৰে লগত নহয়! শৰীৰ আৰু মনৰ অফুৰন্ত শক্তিৰে তেওঁলোকে জীৱনৰ বাটত আত্মবিশ্বাসেৰে আগুৱাই সফলতা লাভ কৰক, তাকেই অন্তঃকৰণেৰে কামনা কৰিলোঁ আৰু সদৌটিলৈ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।”

এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্জ্বল ফুকন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, দীপুৰঞ্জন মাক্ৰাৰী আৰু সতীৰ্থসকল উপস্থিত থাকে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “নৱবৰ্ষ মানেই নতুন আশা, নতুন প্ৰত‍্যাশা, নতুন সম্ভাৱনা আৰু নতুন উপলব্ধি। ২০২৪ক বিদায় দি ইংৰাজী নৱবৰ্ষ ২০২৫ত উপনীত হোৱাৰ এই উজ্জীৱিত সময়ত প্ৰতিজন নাগৰিকলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিগত ২০২৪ বৰ্ষটো আছিল সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ অনিৰুদ্ধ যাত্ৰাক এক নতুন গতি দিয়া এক সফল বছৰ। পাৰ হৈ যোৱা দিনবোৰৰ বৰ্ণাঢ্য অভিজ্ঞতা, সফলতাই ২০২৫ বৰ্ষত ন উদ্যমেৰে আগুৱাই যাবলৈ আমাক উদ্বুদ্ধ কৰিছে। ২০২৪ মোৰ বাবে আছিল এক গুৰুত্বপূৰ্ণ বছৰ, কিয়নো এই সময়ছোৱাত নতুন উৎসাহ-উদ্দীপনাৰে দেশমাতৃৰ সেৱা আগবঢ়াই নিয়াৰ বাবে জনসাধাৰণৰ অফুৰন্ত মৰম-আশিস লাভ কৰিলোঁ, ন ন অভিজ্ঞতা সঞ্চয় কৰাৰো সৌভাগ্য হ’ল, যাৰ বাবে সৰ্বস্তৰৰ ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ। ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱে গাই যোৱাৰ দৰে আমিও ন উদ্দীপনাৰে ক’ব খোজোঁ- “সময়ৰ অগ্ৰগতিৰ পক্ষীৰাজত উঠি যাওঁ মই নতুন দিগন্তলৈ হাঁহি মুখে হাঁহি মুখে”।

বিগত বছৰটিত দেশৰ বিভিন্ন খণ্ডৰ সৰ্বাংগীণ উত্তৰণৰ লগতে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা সামুদ্ৰিক খণ্ডক উন্নয়নৰ এক নতুন শিখৰত উপনীত কৰোৱাৰ বাবে আমি অহোপুৰুষাৰ্থ কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত শীঘ্ৰেই ভাৰতক বিশ্বৰ ১০ খন আগশাৰীৰ সামুদ্ৰিক ৰাষ্ট্ৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ আমি দৃঢ় পণ লৈছোঁ। ২০২৪ বৰ্ষটো ~ ভাৰতৰ সামুদ্ৰিক খণ্ডৰ বাবে এক মাইলৰ খুঁটি। দেশৰ ১৩সংখ্যক আৰু সৰ্ববৃহৎ মুখ্য বন্দৰৰ আধাৰশিলা স্থাপনৰপৰা বিশ্বমুখী নতুন বাণিজ্যিক পথ মুকলি কৰালৈ, আমি বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ ত্বৰান্বিত কৰিলোঁ। এখন আত্মনিৰ্ভৰ, বিকশিত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে নিষ্ঠাৰে আৰু ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ এই নতুন বছৰটোত আমি সকলোৱে সংকল্পবদ্ধ হওঁ আহক। এই বছৰটিয়ে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ-শান্তি, সমৃদ্ধি আৰু আশাৰ বতৰা।”

Assam Book Fair: নৱবৰ্ষৰ পহিলা দিনটোত পুথিপ্ৰেমীৰ উৎসাহজনক সমাৱেশ অসম গ্ৰন্থমেলাত

Assam Book Fair
Assam Book Fair: নৱবৰ্ষৰ পহিলা দিনটোত পুথিপ্ৰেমীৰ উৎসাহজনক সমাৱেশ অসম গ্ৰন্থমেলাত

খ্ৰীষ্টিয় নৱবৰ্ষৰ পহিলা দিনটোত পুথিপ্ৰেমীৰ উৎসাহজনক সমাৱেশ হয় অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত ৷ (Assam Book Fair)

পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্ৰোতে সন্ধিয়ালৈ বিৰদি বাট নোপোৱা অৱস্থাৰ সৃষ্টি কৰে খানাপাৰা বাকৰি ৷ নতুন বছৰৰ প্ৰথম দিনটো গ্ৰন্থৰ সান্নিধ্যৰে আদৰিবলৈ পুথিপ্ৰেমী বিদ্বৎ সমাজ , জ্ঞানান্বেষী শিক্ষাৰ্থী আৰু লেখক-সাহিত্যিকৰ সমাৱেশে অসম গ্ৰন্থমেলা, গুৱাহাটীত উছৱমুখৰ পৰিৱেশ সৃষ্টি কৰে ৷ বিপণীত হেঁপাহৰ গ্ৰন্থ ক্ৰয় কৰি নৱবৰ্ষ ২০২৫ক স্বাগত জনায় পঢ়ুৱৈ সমাজে ৷ বুধবাৰে কিতাপ বিক্ৰীও আশাব্যঞ্জক বুলি সদৰী কৰিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে ৷ ইপিনে বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰে আকৰ্ষণীয় অনুষ্ঠান লেখক-পাঠকৰ সমাৰোহ “উন্মীলন”৷ এই অনুষ্ঠান উদ্বোধন কৰে মহানগৰীৰ আৰক্ষী আয়ুক্ত, কবি-লেখক ড° পাৰ্থ সাৰথি মহন্তই ৷ তেওঁ কয় যে গ্ৰন্থমেলা সদায়ে বৌদ্ধিক চৰ্চাৰ থলী হিচাপে বিবেচিত হৈ আহিছে ৷ কিতাপৰ সান্নিধ্যই মনলৈ এক পবিত্ৰতা আনি দিয়ে ৷ কাৰণ কিতাপৰ মাজেৰেই আমাৰ ভাষা-সাহিত্য জীয়াই থাকে, ভাষা-সাহিত্য আগবাঢ়ে ৷ নিজৰ ভাষাটোক অৰ্থাৎ মাতৃভাষাক সন্মান কৰা, শুদ্ধভাৱে চৰ্চা আৰু প্ৰয়োগ কৰাটো আমাৰ সকলোৰে দায়িত্ব ৷ নিজৰ ভাষাটোকলৈ আমি গৌৰৱ কৰিব পৰা মানসিকতা গঢ়ি তুলিব লাগিব ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে কলকতাৰ বিশিষ্ট লেখক বিনোদ ঘোষালে ৷ তেওঁ নিজৰ জীৱন সংগ্ৰামৰ বিষয়ে উল্লেখ কৰি কয় কেনেদৰে দোকানত কাম কৰিছিল, আনৰ ঘৰৰ বজাৰৰ হিচাপ ৰাখি জীৱন নিৰ্বাহ কৰিছিল আৰু কষ্টকৰ দৈনন্দিন জীৱন-যাত্ৰাৰ মাজতো লিখাৰ অনুশীলন কৰিছিল ৷ তেওঁ নতুন লেখকসকলক উদ্দেশ্যি কয়—“কলমটোৰ ভুল ব্যৱহাৰ কৰিব নালাগে ৷ নিজৰ যি বিশ্বাস সেয়াহে লিখিব লাগে ৷ যি কথা নিজে বিশ্বাস নকৰে সেয়া লিখা অনুচিত ৷” অনুষ্ঠানটি আকৰ্ষণীয়ৰূপত সঞ্চালনা কৰে বিশিষ্ট সাংবাদিক-লেখক অচ্যুৎ কুমাৰ পাটোৱাৰীয়ে ৷ তেওঁ “উন্মীলন”ত অংশগ্ৰহণ কৰা নতুন লেখকসকলৰ গল্প, কবিতা, নিৱদ্ধৰ বিভিন্ন দিশ আলোচনাৰ মাজলৈ আনে ৷ তেওঁ কয় যে নতুন লেখকসকল নিজৰ ভাষাটোৰ প্ৰতি সজাগ হোৱা উচিত ৷নিজৰ ভাষাটো ভুলকৈ ব্যৱহাৰ কৰাটো অত্যন্ত দুখজনক ৷ তেওঁ গ্ৰন্থমেলাত যুৱ-লেখকসকলৰ বাবে এনে এটা অনুষ্ঠানৰ আয়োজন কৰি নতুন লেখকসকলক ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ উলিয়াই অনাৰ প্ৰয়াস আদৰণীয় ৷ “উন্মীলন”ত অংশগ্ৰহণ কৰা যুৱ-লেখকসকল হৈছে সৃঞ্জনা শৰ্মা, কৌশিকী গোস্বামী, সংকল্পজিৎ শইকীয়া, হেমন্ত বৰা, হৰ্ষিতা হিয়া, ৰ’দালি চেতিয়া, দিগন্ত নিৱিড়, প্ৰাণজিৎ কোঁচ, ছেল্‌ফ মেড ৰাণী, বৰষাৰাণী বৰা,অন্তৰীপ কাকতি আদি যুৱ প্ৰজন্মৰ গল্পকাৰ, কবি, নিৱন্ধকাৰসকলে ৷

গজেন্দ্ৰ চিন্তামণি, জ্যোতিষ উন্মোচন

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলা, গুৱাহাটীত আজি দুখন গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচিত হয় ৷ ৰাজ্য চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকালয়ে প্ৰকাশ কৰা গ্ৰন্থ দুখন হৈছে জামুগুৰিৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° ৰাস্না ৰাজখোৱাই সম্পাদনা কৰা “গজেন্দ্ৰ চিন্তামণি” আৰু “জ্যোতিষ” ৷ “গজেন্দ্ৰ চিন্তামণি” উন্মোচন কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ তেওঁ কয় যে অসম গ্ৰন্থমেলাৰ বাকৰিত উন্মোচিত গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহৰ ভিতৰত “গজেন্দ্ৰ চিন্তামণি” অন্যতম ৷ অসম প্ৰকাশন পৰিষদে এই মূল্যৱান পুথিখনৰ ইংৰাজী সংস্কৰণৰ কামো সম্পূৰ্ণ কৰি তুলিছে ৷ অচিৰেই গ্ৰন্থখনে প্ৰকাশৰ মুখ দেখা পাব৷

“জ্যোতিষ” গ্ৰন্থখন উন্মোচন কৰে কলকতাৰ বিশিষ্ট লেখক বিনোদ ঘোষালে ৷ তেওঁ কয় যে গ্ৰন্থ এখন উন্মোচন হোৱা মানেই মানৱ সভ্যতালৈ শুভবাৰ্তা ৷ গ্ৰন্থমেলাসমূহ দৰাচলতে জ্ঞানৰ মেলা ৷ কাৰণ কিতাপৰ মাজেৰে ইয়াত জ্ঞানৰ দুৱাৰ মুকলি কৰা হয় ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকালয়ৰ ভাৰপ্ৰাপ্ত সঞ্চালক ড° সংগীতা গগৈয়ে ৷ তেওঁ কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষ ২০২৫ক কিতাপৰ বছৰ বুলি কৰা ঘোষণাৰে সংগতি ৰাখি বছৰৰ পহিলা দিনটোতে আজি এই গ্ৰন্থ দুখন উন্মোচন কৰা হৈছে ৷ এই দুয়োখন পুথি পুৰনি সাঁচিপতীয়া পুথিৰ পৰা পাঠ সংগ্ৰহ কৰি সম্পাদনা কৰা বুলি সদৰী কৰে ড° গগৈয়ে ৷ বিশিষ্ট সাংবাদিক-লেখক অচ্যুৎ কুমাৰ পাটোৱাৰীয়েও অংশগ্ৰহণ কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিৰ আঁত ধৰে লেখক-সাংবাদিক নৱজ্যোতি পাঠকে ৷

Shivanand-Kakati । “কিতাপে শিশুৰ মনৰ দুৱাৰ-খিৰিকীবোৰ খুলি দিয়ে”- শিৱানন্দ কাকতি

Shivanand-Kakati । "কিতাপে শিশুৰ মনৰ দুৱাৰ-খিৰিকীবোৰ খুলি দিয়ে"- শিৱানন্দ কাকতি
Shivanand-Kakati । "কিতাপে শিশুৰ মনৰ দুৱাৰ-খিৰিকীবোৰ খুলি দিয়ে"- শিৱানন্দ কাকতি

১ জানুৱাৰী, ২০২৫ঃ Shivanand-Kakati । “কিতাপে শিশুৰ মনৰ দুৱাৰ-খিৰিকীবোৰ খুলি দিয়ে। পাঠ্যপুথিৰ বাহিৰে আন কিতাপসমূহৰ মাজেৰে শিশুৱে জীৱন আৰু জগতৰ বহু কৌতূহল আৰু ৰহস্যৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয়। জীৱনৰ ভেটি গঢ়াত এই অধ্যয়নে প্ৰচুৰ ভূমিকা পালন কৰে। এখন সুস্থ সমাজ আৰু এটা শক্তিশালী জাতি গঠনৰ বাবে এই কিতাপ পঢ়াৰ পৰিৱেশটো অতিকৈ প্ৰয়োজন।”

সমাজৰ শিশু আৰু অকণি সকলৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত এক বিশেষ প্ৰয়াস হাতত লৈ আজি নৱবৰ্ষৰ প্ৰথম দিনটোত শংকৰদেৱ শিশু নিকেতন, ফুলগুৰিৰ খেল পথাৰত “কিতাপ পঢ়াৰ আন্দোলন” নামকৰণেৰে এক বিশেষ কাৰ্য্যসূচীৰ উদ্বোধন হয় আৰু এই কাৰ্য্যসূচীৰ শুভ উদ্বোধকৰূপে উপস্থিত থাকে বিশিষ্ট গল্পকাৰ, নাট্যকাৰ শিৱানন্দ কাকতিয়ে এনেদৰে কয়। শিশুসকলৰ মাজত কিতাপ পঢ়াৰ প্ৰয়োজনীয়তা আৰু আনন্দৰ ওপৰত এক গুৰুত্বপূৰ্ণ আৰু সাৰুৱা বক্তব্যৰে শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলক তেখেতে অনাবিল আনন্দৰ খোৰাক যোগায়। উক্ত অনুষ্ঠানতে ডাঃ দেৱদূত কাকতি আৰু অনুষ্ঠানটোৰ মুখ্য পৃষ্ঠপোষক গৌতম ডেকাই নিজৰ জীৱনত সংঘটিত হোৱা কিছু ঘটনাৰে শিশুসকলক কিতাপ পঢ়াৰ অভ্যাস গঠন কৰিবলৈ উৎসাহ প্ৰদান কৰে।

গৌতম ডেকাই ভাষণ প্ৰসংগত কয় যে অত্যধিক ডিজিটেল প্লেটফৰ্মৰ ব্যৱহাৰে শিশুৰ স্মৃতিশক্তিৰ বিনাশ কৰে। গতিকে যিমান পাৰি কিতাপৰপৰা পোনপটীয়াকৈ জ্ঞান আহৰণৰ প্ৰয়াস কৰিব লাগে। “প্ৰজ্ঞা” মঞ্চৰ সভাপতি তথা বিশিষ্ট লেখক আৰু গীতিকাৰ প্ৰাঞ্জল কুমাৰ মহন্ত শিশুসকলৰ মাজত এক নতুনত্ব আনিবৰ বাবে ভাষণ প্ৰসংগত ক্ৰয় কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীৰসকলৰ মাজত কিছু কিতাপ বিতৰণ কৰাৰ কথাও উল্লেখ কৰে। অনুষ্ঠানটিৰ আঁত ধৰে অকণিৰ মঞ্চ প্ৰজ্ঞাৰ সম্পাদক দিব্যজোতি মেধিয়ে আৰু উদ্দেশ্য ব্যাখ্যাত তেওঁ কয় যে নতুন বছৰৰ জানুৱাৰী মাহৰ ভিতৰত প্ৰায় দহখন শিক্ষানুষ্ঠানত এই কাৰ্য্যসূচী অনুষ্ঠিত হ’ব আৰু সমূহ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ “কিতাপ পঢ়াৰ আনন্দ” বিষয়ৰ এখনি ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে ।


শেষত আজিৰ সমুহ কাৰ্য্যসূচীৰ তদাৰক কৰা নিকেতনৰ প্ৰধান আচাৰ্য্য নৱজ্যোতি শৰ্মা প্ৰমুখ্যে নিকেতনৰ সমূহ আচাৰ্য্য-আচাৰ্য্যা আৰু উপস্থিত অভিভাৱকসকলক অকণিৰ মঞ্চ প্ৰজ্ঞাৰ তৰফৰ পৰা আন্তৰিক শলাগ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি দিনটোৰ কাৰ্য্যসূচীৰ সমাপ্তি ঘোষণা কৰা হয় ।

Himanta Biswa Sarma । নৱবৰ্ষৰ পহিলা দিনটোতে একাধিক প্ৰাপ্তি আৰু আশাৰ খবৰ দিলে মুখ্যমন্ত্ৰীয়ে

Himanta Biswa Sarma । নৱবৰ্ষৰ পহিলা দিনটোতে একাধিক প্ৰাপ্তি আৰু আশাৰ খবৰ দিলে মুখ্যমন্ত্ৰীয়ে
Himanta Biswa Sarma । নৱবৰ্ষৰ পহিলা দিনটোতে একাধিক প্ৰাপ্তি আৰু আশাৰ খবৰ দিলে মুখ্যমন্ত্ৰীয়ে

১ জানুৱাৰী, ২০২৫ঃ himanta biswa sarma । কইনাধৰাত মুখ্যমন্ত্ৰীৰ ‘নতুন দিনৰ আলাপ’ অনুষ্ঠান। ‘নতুন দিনৰ আলাপ’ অনুষ্ঠানত ৰাজ্যবাসীক একাধিক আশাৰ খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। ‘‘ইলেকট্ৰিক বাছ চলা ৰাজ্যৰ ভিতৰত অসম ষষ্ঠ। ২০২৬ত জৈৱ ইন্ধনচালিত বাছ বন্ধ কৰাৰ চিন্তা কৰা হৈছে।’ নৱবৰ্ষৰ পহিলা দিনটোতে ৰাজ্য চৰকাৰৰ লাখ-লাখ কৰ্মচাৰীলৈ আহিল ভাল খবৰ। ১ জানুৱাৰীৰ দিনাই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে মুকলি ‘স্বাগত সতীৰ্থ’ প’ৰ্টেল মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে। পাৰস্পৰিক বুজাবুজিৰে কৰ্মচাৰীয়ে পাব বদলিৰ সুবিধা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে এই সুবিধা। মুখ্যমন্ত্ৰীয়ে জনাই যে ব’হাগ বিহুৰ পূৰ্বে হ’ব এই বদলিৰ প্ৰক্ৰিয়া। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক স্বচ্ছভাৱে বদলি কৰাৰ এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। আনফালে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ বিনামূলীয়া বীমাৰ ব্যৱস্থা। কৰ্মচাৰীৰ মৃত্যু হ’লে লাভ কৰিব বীমাৰ ধন।

মুখ্যমন্ত্ৰীয়ে জনাই যে ‘‘কাজিৰঙাত বাঢ়িছে পৰ্যটকৰ সংখ্যা। আজিৰ দিনত সকলো বুকিং হৈছে হাতী-জীপ। বৰ্তমান কাজিৰঙাৰ পৰ্যটকসকল ব্যক্তিগত আৱাসত কটাইছে। যাৰ ফলত লাভ হৈছে নিবনুৱা যুৱক-যুৱতী। কাজিৰঙাত প্ৰধানমন্ত্ৰীয়ে নিশা কটোৱাৰ পিছতে বাঢ়িছে পৰ্যটকৰ সংখ্যা। ৰাষ্ট্ৰপতি, ভূটানৰ ৰজাৰ পৰিদৰ্শনৰ পিছতে কাজিৰঙাৰ বাঢ়িছে পৰ্যটক। মানস ৰাষ্ট্ৰীয় উদ্যানতো প্ৰধানমন্ত্ৰীয়ে এনিশা কটোৱাৰ আশ্বাস প্ৰদান কৰিছে।’’

মুখ্যমন্ত্ৰীয়ে জনাই যে ‘‘জুন-জুলাইত উদ্বোধন হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং। কুমাৰ ভাস্কৰ বৰ্মনৰ নামেৰে নামকৰণ গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং। আনফালে ফেব্ৰুৱাৰীত আৰম্ভ হ’ব নাৰেংগী-কুৰুৱা দলঙৰ কাম। ইতিমধ্যে আৰম্ভ হৈছে পলাশবাৰী-শুৱালকুছি দলঙৰ কাম।’’

লগতে মুখ্যমন্ত্ৰীয়ে জনায়- ২০২৫ৰ ভিতৰত আৰু ১০০খন ইলেকট্ৰিক বাছ পাব ৰাইজে। ২০২৬ চনত গুৱাহাটীত ডিজেল বাছ বন্ধৰ চিন্তা-চৰ্চা কৰা হৈছে। এবছৰৰ ভিতৰত ইষ্ট ওৱেষ্ট কৰিড’ৰ কাম সম্পূৰ্ণ হ’ব।

Orang National Park । নৱবৰ্ষৰ প্ৰথম দিনাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰাজে দৰ্শন দিলে পৰ্যটকক

Orang National Park । নৱবৰ্ষৰ প্ৰথম দিনাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰাজে দৰ্শন দিলে পৰ্যটকক
Orang National Park । নৱবৰ্ষৰ প্ৰথম দিনাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰাজে দৰ্শন দিলে পৰ্যটকক

১ জানুৱাৰী, ২০২৫ঃ Orang National Park । নৱবৰ্ষৰ প্ৰথম টো দিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজ স্থলী ভীৰ। প্ৰতি জনেই সকলো ব্যস্ততাৰ পৰা আতঁৰি পৰিয়াল সৈতে প্ৰকৃতিৰ মাজত এসাজ তৃপ্তিৰে খাবলৈ ব্যস্ত। ব্যতিক্ৰম নহয় ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ৰাতিপুৱাৰ পৰা পৰ্যটকৰ সোঁত বৈ ছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত।প্ৰতিজনেই পৰিয়ালৰ সৈতে জিপ ছাফাৰী কৰি আনন্দ লৈছে প্ৰকৃতিৰ।আনন্দিত হৈ পৰিছে সকলো পৰ্যটক।

প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ গছ-গছনী,চৰাই চিৰিকতি, জীৱ-জন্তুৰ সৈন্দৰ্য্যৰ মাজত আপোন পাহৰা হৈছে।কোনেবাই দৰ্শন পাইছে বনৰাজক,কোনোবাই আকৌ প্ৰত্যক্ষ কৰিলে হাতি,হৰিনা,গড় আৰু নল গাহৰি। নৱবৰ্ষৰ প্ৰথম টো দিনাই সকলো পৰ্যটক আনন্দিত। দুই এজনৰ মন বেয়া দৰ্শন নাপালে বনৰাজক।চৰকাৰ প্ৰতি সকলোৰে আবেদন ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি দৃষ্টি ৰখাৰ।

Mamata Banerjee । দেশৰ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত আছে মমতা বেনাৰ্জীৰ নাম

Mamata Banerjee । দেশৰ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত আছে মমতা বেনাৰ্জীৰ নাম
Mamata Banerjee । দেশৰ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত আছে মমতা বেনাৰ্জীৰ নাম

১ জানুৱাৰী, ২০২৫ : Mamata Banerjee । ১৩ বছৰ ধৰি বংগৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা মমতাৰ মুঠ সম্পত্তিৰ মূল্য ১৫ লাখ টকা। এডিআৰ(Association for Democratic Reforms)ৰ তথ্য অনুসৰি যোৱা ৩ বছৰত মমতা বেনাৰ্জীৰ ধন-সম্পত্তি যথেষ্ঠ কমিছে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীয়ে প্ৰকাশ কৰিছিল ১৬.৭২ লাখ টকাৰ সম্পত্তি।

বৰ্তমান বংগৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত মমতা বেনাৰ্জী। মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে মমতা কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদ আছিল। পেঞ্চনৰ নিয়ম অনুসৰি মমতাই প্ৰতিমাহে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত পেঞ্চনৰ ধন লাভ কৰে, কিন্তু ২০১১ চনৰ পৰা মমতাই এই ধন লোৱা নাই।


পশ্চিম বংগত মুখ্যমন্ত্রীয়ে ২ লাখ ১০ হাজাৰ টকাৰ দৰমহা পোৱাৰ ব্যৱস্থা আছে যদিও মমতাই মুখ্যমন্ত্রীৰ দৰমহাও নলয়৷ এই ধন পুঁজিলৈ দান কৰে। এটা সাক্ষাৎকাৰত মমতাই কৈছিল যে, মই চৰকাৰী ধনৰ চাহো নাখাওঁ। মই মোৰ সকলো খৰচ নিজেই বহন কৰিবলৈ চেষ্টা কৰোঁ।

Nazira । আন্তঃজিলা এথলেটিকছত নাজিৰাৰ দুই খেলুৱৈৰ সাফল্য

Nazira । আন্তঃজিলা এথলেটিকছত নাজিৰাৰ দুই খেলুৱৈৰ সাফল্য
NaziraNazira । আন্তঃজিলা এথলেটিকছত নাজিৰাৰ দুই খেলুৱৈৰ সাফল্য

১ জানুৱাৰী, ২০২৫ঃ Nazira। নাজিৰাৰ ন -কপহুৱাৰ গৌতম গগৈৰ ডিচকাছ থ্ৰ’ ১৮ বছৰ অনুৰ্ধ শাখাত ৰূপৰ পদক আৰু ১৪ বছৰ অনুৰ্ধৰ ট্ৰাইথালনত নাজিৰাৰ শিলাসাকোৰ প্ৰিয়ানুজ বৰুৱাৰ সোণৰ পদক লাভ অসম এথলেটিকছ সন্থাৰ উদ্যোগত মৰিগাঁৱত অনুষ্ঠিত হোৱা ৪৬ তম আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতাত নাজিৰাৰ ন -কপহুৱাৰ গৌতম গগৈৰ ডিচকাছ থ্ৰ’


১৮ বছৰ অনুৰ্ধ শাখাত ৰূপৰ পদক আৰু ১৪ বছৰ অনুৰ্ধৰ ট্ৰাইথালনত নাজিৰাৰ শিলাসাকোৰ প্ৰিয়ানুজ বৰুৱাই সোণৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয়।

happy new year । সম্ভাৱনা, আশা আৰু নতুনত্বৰ বাটেৰে আহিল ইংৰাজী বৰ্ষ ২০২৫

happy new year । সম্ভাৱনা, আশা আৰু নতুনত্বৰ বাটেৰে আহিল ইংৰাজী বৰ্ষ ২০২৫
happy new year । সম্ভাৱনা, আশা আৰু নতুনত্বৰ বাটেৰে আহিল ইংৰাজী বৰ্ষ ২০২৫

নগাঁও, ৩১ ডিচেম্বৰ,২০২৪ঃ happy new year । সম্ভাৱনা, আশা আৰু নতুনত্বৰ বাটেৰে আহিল ইংৰাজী বৰ্ষ ২০২৫। আশা-নিৰাশা,প্ৰাপ্তি-অপাপ্তি মাজেৰে পৰিসমাপ্তি ঘটিল ইংৰাজী বৰ্ষ ২০২৪। মধ্য অসমৰ অন্যতম জিলা হিচাপে পৰিচিত নগাঁও জিলাত ২০২৪ বৰ্ষটোত শিক্ষা, সাহিত্য, সংস্কৃতি, ক্ৰীড়া আদিত কিছু ক্ষেত্ৰত সফলতা আহিল যদিও বিৰল সফলতা লাভ কৰা পৰিলক্ষিত নহ’ল। আনকি, কোনো এগৰাকী নগঞাই ৰাজ্যিক তথা ৰাষ্ট্ৰীয় বঁটা -সন্মান আদি কঢ়িয়াই আনিবলৈ সক্ষম নহ’ল। অৱশ্যে নিজস্ব প্ৰতিভাৰে জিলা বাসীক গৌৰাম্বিত কৰিলে একমাত্ৰ ভাস্বত শইকীয়াই। ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত (আই এ এছ)ত উজ্বলিল নগাঁৱৰ এই গৰাকী মেধাৱী ছাত্ৰ ভাস্বত শইকীয়া। তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ৫৫২ সংখ্যক স্থান লাভ কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে। ২০২৪ বৰ্ষটোত, সংস্কৃতিৰ ক্ষেত্ৰখনৰ জৰিয়তে বহু সন্মানীয় বঁটা-পুৰষ্কাৰে নগাঁও জিলা বাসীক গৰ্বিত কৰে নগঞা বিশিষ্টা অভিনেত্ৰী-পৰিচালক আইমী বৰুৱাই। নগাঁৱৰ জীয়ৰী সু অভিনেত্ৰী-পৰিচালিকা আইমী বৰুৱাই “বিৰুবালা-‘উইটচ’টু পদ্মশ্ৰী”ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰাৰ লগতে তেওঁ কাঁ চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি গৰ্বিত কৰে নগঞা ৰাইজক।

তদুপৰি, ক্ৰীড়া ক্ষেত্ৰত সুনাম কঢ়িয়াই আনিলে নগঞা দুই কীতিমানে। বহি:ৰাজ্য হাৰিয়ানাত অনুষ্ঠিত ৩৮ তম ৰাষ্ট্ৰীয় চাৱ জুনিয়ৰ টাইকুণ্ড চেম্পিয়ন শ্বিপত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি সোণৰ পদক লাভ কৰিলে নগঞা ছাত্ৰী ৰাইছা ৰহমানে। আনহাতে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ জীট কণ্ডু চেম্পিয়ন হিচাপে সোণৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছে আন এগৰাকী নগঞা কন্যা ছাদিয়া তাবাচ্ছুম। ইপিনে, অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাতো এইবাৰ সুখ্যাতিৰে উত্তীৰ্ণ হয় কৃতীমান। ২০২৪ বৰ্ষটোত একাধিক আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনী-কৰ্মশালাত অংশগ্ৰহণ কৰি জিলাবাসীক গৰ্বিত কৰে খ্যাতনামা চিত্ৰশিল্পী ক্ৰমে সুজিত দাসে আৰু ৰাজীৱ দাসে। ২০২৪ বৰ্ষটোত নগাঁৱৰ সুসন্তান প্ৰসিদ্ধ চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত নিৰ্মান কৰা প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সি নিঃসন্দেহে জিলা খনৰ বাবে ভাল খবৰ আছিল। আনহাতে, ২০২৪ বৰ্ষটোত নগাঁও জিলা বাসীয়ে হেৰুৱাব লগীয়া হয় বিশিষ্ট সংগীতজ্ঞ, গণশিল্পী সূৰ্য দাস, সংগীতজ্ঞ দিগেন মহন্ত, ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক জগদীশ দাস, ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোস্তাফা শ্বহিদুল ইছলাম, বিশিষ্ট শিক্ষাবিদ -সাহিত্যিক ক্ৰমে ড° সাগৰ বৰুৱা আৰু শ্বেখ আব্দুল মালিক, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা, নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ক্ৰমে আব্দুল মন্নান ফাৰুকী আৰু শ্বিৰাজুল ইছলাম, নগাঁও ছোৱালী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নিজাম উদ্দিন, বিশিষ্ট চিকিৎসক ডাঃ বিজয় কুমাৰ চাওচাৰীয়া, জ্যেষ্ঠ সাংবাদিক অখিল চন্দ্ৰ দাস আদিক।