Home Blog Page 433

Lip Care Tips: শীতকালত ওঁঠ ফাটে নেকি? ওঁঠ শুকান হ’লে ওঁঠত বেছি দেৰি নাথাকে লিপষ্টিক

Lip Care Tips: শীতকালত ওঁঠ ফাটে নেকি? ওঁঠ শুকান হ’লে ওঁঠত বেছি দেৰি নাথাকে লিপষ্টিক
Lip Care Tips: ওঁঠ শুকান হ’লে ওঁঠত বেছি দেৰি নাথাকে লিপষ্টিক

বিয়া হওক বা পাৰ্টি হওক, মহিলাৰ সাজ-পোছাকৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ লিপষ্টিক। চকুৰ দৰে লিপ মেকআপেও এটা চেহেৰা বহুত সলনি কৰিব পাৰে।(Lip Care Tips) লিপষ্টিকৰ প্ৰতিটো শ্বেডে বেলেগ বেলেগ ৰূপ দিয়ে। কিন্তু ওঁঠ ফাটিলে, লিপষ্টিক লগালেও সকলো নষ্ট হৈ যায় আৰু দেখাতো বেয়া লাগে। বিশেষকৈ শীতকালত ওঁঠ ফটাৰ সমস্যা বাঢ়ি যায়। বহুতে ফাটি যোৱা ওঁঠ দুটা লিপষ্টিকেৰে ঢাকিবলৈ চেষ্টা কৰে। কিন্তু কিছুসময়ৰ পাছত লিপষ্টিকৰ ওপৰেৰে ওঁঠ ফাটি তেজ ওলাই আহে। যিটো স্বাভাৱিকতে অস্বস্তিকৰ। কিন্তু কেইটামান নিয়ম মানি চলিলে লিপষ্টিক বেছিদিৰে লৈকে থাকিব পাৰে। সেই বিষয়ে জানো আহক-

ওঁঠ শুকান হ’লে লিপষ্টিক ওঁঠত বেছি দিৰে লৈকে নাথাকে। আচলতে ওঁঠৰ আৰ্দ্ৰতা হেৰুৱালে লিপষ্টিক সোনকালে ক্ষয় যায়। গতিকে শীতকালত লিপষ্টিক লগোৱাৰ আগতে লিপ বাম ব্যৱহাৰ কৰক।

কিনাৰ সময়ত লিপষ্টিকত ছিলিকন আছে নে নাই পৰীক্ষা কৰক আৰু লিপষ্টিকটো গাঢ় ৰঙৰ কিনিব।

লিপষ্টিকটোৰ ওঁঠত বহু দেৰিলৈকে ৰাখিবলৈ প্ৰাইমাৰ লগাব পাৰে। ইয়াৰ ফলত লিপষ্টিক বেছি দেৰিলৈকে থাকিব।

নিয়মিতভাৱে ওঁঠ দুটা স্ক্রাব কৰক। সেই স্ক্ৰাবটো আপুনি ঘৰতে নাৰিকল তেল, ব্ৰাউন চুগাৰ বা কফি আৰু মৌ মিহলাই বনাব পাৰে। সপ্তাহত দুবাৰৰ পৰা তিনিবাৰকৈ স্ক্ৰাব কৰিব পাৰে।

ওঁঠৰ যত্নৰ বাবে কেইটামান পদ্ধতি মানি চলিব লাগে। যেনে, ওঁঠ নিয়মিতভাৱে ঘঁহি, মইশ্ব’ৰাইজ কৰিব লাগে। ওঁঠ জলমগ্ন কৰি ৰখাটোও জৰুৰী। ঘৰতে সহজে ওঁঠৰ যত্ন লব পাৰিব।

এটা বাটিত এচামুচ নাৰিকল তেল, এচামুচ মৌ আৰু এচামুচ চেনি মিহলাই লওক। মিশ্ৰণটো ওঁঠত লগাই ভালদৰে মালিচ কৰিব। সুস্থ ওঁঠৰ বাবে সপ্তাহত ৩ বাৰ এই লিপ স্ক্ৰাব ব্যৱহাৰ কৰক। কিন্তু স্ক্ৰাবৰ অত্যধিক ব্যৱহাৰে বিপৰীতমুখী হ’ব পাৰে।

প্ৰতি নিশা শুই উঠাৰ আগতে লিপ মইশ্ব’ৰাইজাৰ লগাব লাগে। ওঁঠত নাৰিকল তেলও নিয়মিতভাৱে ব্যৱহাৰ কৰিব পাৰে যাতে শুকান নহয়।

যিসকল সদায় এচিত থাকে তেওঁলোকৰ লিপ হাইড্ৰেচনৰ প্ৰয়োজন বেছি। ৰাতিপুৱাৰ ছালৰ যত্নৰ ৰুটিন আৰু ৰাতিৰ ছালৰ যত্নৰ ৰুটিন মানি চলি লিপ বাম নিশ্চয় প্ৰয়োগ কৰক। ওঁঠৰ বাবে ভাল হ’ব।

Shilpa Shetty: ভাত, ৰুটি খাইয়ে পঞ্চাশ বছৰীয়া শিল্পাৰ শৰীৰ ফিট!

Shilpa Shetty
ভাত আৰু ৰুটি ত্যাগ নকৰাকৈয়ে ওজন নিয়ন্ত্ৰণত ৰাখিব পাৰি। বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টীৰ খাদ্যাভ্যাসৰ বিষয়ে জানক।(Shilpa Shetty)

ভাত আৰু ৰুটি ত্যাগ নকৰাকৈয়ে ওজন নিয়ন্ত্ৰণত ৰাখিব পাৰি। বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টীৰ খাদ্যাভ্যাসৰ বিষয়ে জানক।(Shilpa Shetty)

বহুদিন চিনেমাত শিল্পা শ্বেট্টীক দেখা পোৱা নাই যদিও অৱশ্যে ছচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে অভিনেত্ৰীগৰাকী। কেতিয়াবা বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টীয়ে বডি বিল্ডিং, ফুড ভিডিঅ’ আৰু ছবিও পোষ্ট কৰে সামাজিক মাধ্যমত। দুটা সন্তানৰ মাতৃ শিল্পাৰ বয়স পঞ্চাশ বছৰ। কিন্তু তথাপিও তেওঁৰ ত্ৰুটিহীন শৰীৰ, উজ্বল ছালখন ফিটনেছ অনুৰাগীৰ মাজত জনপ্ৰিয়।

চ’ছিয়েল মিডিয়াত ওজন কমাবলৈ আৰু ক্ষীণাবলৈ কি কৰিব লাগে সেই বিষয়ে বহু টিপচ্ দিয়ে অভিনেত্ৰীগৰাকীয়ে। আনহাতে বহুত মানুহৰ বিভিন্ন ধাৰণা। কিছুমানে ভাবে যে ক্ষীণ হ’ব বিচাৰিলে ভাত আৰু ৰুটি এৰিব লাগিব। প্ৰটিনৰ ওপৰত গুৰুত্ব দিব লাগে। কিছুমানে ভাবে যে কেৱল বইল খাব লাগিব।

অৱশ্যে কেইবছৰমান পূৰ্বে এক সাক্ষাৎকাৰত বি-টাউনৰ অভিনেত্ৰীগৰাকীয়ে ভাত-ৰুটি খাই ভাল পোৱা বুলি কৈছিল। নায়িকাগৰাকীৰ পুৱা আৰম্ভ হয় এলোভেৰাৰ ৰসেৰে। অভিনেত্ৰীগৰাকীৰ মতে, “এলোভেৰাৰ ৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে, ছালখন উজ্জ্বল কৰে।”

বগা আটা, বগা চেনি আৰু বগা ভাত নাখাই তেওঁ। আন এজন বলীউডৰ তাৰকা শ্বাহৰুখ খানেও একে নিয়ম মানি চলিছিল। শিল্পাৰ মতে, তেওঁ যিমান পাৰে চেনিৰ পৰা আঁতৰি থাকে। যদি আপুনি মিঠাই খাব বিচাৰে তেন্তে ব্ৰাউন চুগাৰ বাছি লওক।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে সিজোৱা খাদ্য খাই। সেই কথা তেওঁ নিজেই কৈছিল। কিন্তু শিল্পাই নাখাই। তেওঁ অলিভ অইলত সিজোৱা শাক-পাচলি, দুপৰীয়া ব্ৰাউন ৰাইচ বা ৰুটি, কুকুৰাৰ মাংস খায়। কিন্তু ৰাতিৰ আহাৰ সোনকালে খালে। দুটা কণীৰ সৈতে এখন ব্ৰাউন ব্ৰেড, চাহ। কেতিয়াবা চালাড, চিকেন চুপ খায়। অৱশ্যে বলীউডৰ এইগৰাকী ফিটেষ্ট অভিনেত্ৰীয়ে নিয়মিতভাৱে প্ৰাণায়ামা কৰে। সময়মতে ব্যায়ামো কৰে।

Asam Sahitya Sabha : সাহিত্য সভাত দুর্নীতি আৰু বিৰ্তকৰ অৱসান হ’ব, গুৱাহাটীকেন্দ্ৰিক সাহিত্য সভা শেষ হ’ব: সাহিত্য সভা নৱনিবাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী

Asam Sahitya Sabha
Asam Sahitya Sabha

অসম সাহিত্য সভাত সভাপতি পদত অধিষ্ঠিত হল ডঃ বসন্ত কুমাৰ গোস্বামী।(Asam Sahitya Sabha) সুদীৰ্ঘ ৩৭ বছৰৰ পাছত যোৰহাট জিলাৰ পৰা সভাপতি পদত অধিষ্ঠিত হল ডঃ বসন্ত কুমাৰ গোস্বামী। বিজয় সাব্যস্ত কৰাৰ পাছত যোৰহাটত ফটকা আৰু আতজবাজী ফুটাই আনন্দ উল্লাহ।

বিজয় সাব্যস্ত কৰি ডঃ গোস্বামীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসম সাহিত্য সভাৰ যি পূৰ্বৰ যি গৰিমা আছিল সেই গৰিমা ঘূৰাই আনিব। লগতে মহাপুৰুষ শংকৰদেৱৰ ৰচনাৱলী হিন্দী আৰু ইংৰাজী লৈ অনুবাদ কৰাৰ লগতে তেখেতৰ কাৰ্যকালৰ ২ টা বছৰ এক মিনিট সময় অপচয় কৰা ন’হব। লগতে ডঃ গোস্বামীয়ে অংগীকাৰ কৰি কয় যে মোৰ কাৰ্যকালত কোনো কাৰণত সাহিত্য সভা বিতৰ্ক হবলৈ দিয়া নহব। সাহিত্য সভাৰ কিছু পৰিস্থিতিৰ কাৰণে আৰু ভাল কাৰণে সাহিত্য সভাৰ সংবিধান কিছু পৰিমানে সংশোধন কৰিব লাগিব ।লগতে তেওঁ কয় যে সাহিত্য সভাত কোনো কলা দাগ পৰিবলৈ দিয়া নহব,আৰু গুৱাহাটীৰ পৰিৱতে সাহিত্য সভা যোৰহাট কেন্দ্ৰীয় কাৰ্যালয়ত সাহিত্য সভা নিৰ্বাচন লগতে অন্যান্য বহু কাম ইয়াত কৰা হ’ব ,আৰু সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ খন টেকনিকেলি কৰা হ’ব,সাহিত্য সভাৰ প্ৰতি যুৱপ্ৰজন্ম যি অনিহা ভাব সেয়া নাইকিয়া কৰি পুনৰ সাহিত্য সভালৈ যুৱপ্ৰজন্ম ক লৈ অনা হ’ব লগতে পুনৰ তেওঁ কয় সাহিত্য সভাত এতিয়া পৰা দুনীতি শূণ্য হ’ব।(Dr Basanta Kumar Goswami)

উল্লেখ্য যে ড° বসন্তকুমাৰ গোস্বামীয়ে ১৯৪২ চনৰ ১২ ছেপ্টেম্বত গোলাঘাটৰ ঢেকীয়ালত‌ জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আছিল স্বর্গীয় কমলচন্দ্র গোস্বামী। বৰ্তমান প্ৰথিতযশা সাহিত্যকগৰাকী যোৰহাটৰ চোলাধৰাৰ তৰুণৰাম ফুকন পথৰ সোৱাগপুৰৰ নিবাসী। ড০ গোস্বামীয়ে ১৯৭০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ পাছ কৰাৰ পাছত ১৯৯৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ. ডি কৰে। ড০ গোস্বামীয়ে ১৯৬৩-৬৭ গোলাঘাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ত কৰ্মৰত আছিল। ইয়াৰ পিছত যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্রী মহাবিদ্যালয়ত

৩) অসমীয়া বিভাগৰ মুৰব্বী – ১৯৯৮-২০০১

৪) বিশ্ববিদ্যালয় অনুদান আয়োগৰ ‘ছুপাৰ ছিলেকশন গ্রেড’ অধ্যাপক-২০০১-২০০৩

৫) অংশকালীন অধ্যাপক, জগন্নাথ বৰুৱা মহাবিদ্যালয়, স্নাতকোত্তৰ শ্ৰেণী

৬) অতিথি অধ্যাপক: মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁও,

৭) পৰীক্ষক: গৱেষণা পত্র (বিবিধ বিশ্ববিদ্যালয়)

১) অবিয়েনটেশ্বন প্রগেম মহীশুৰ, চি আই আই এল

২) অবিয়েনটেশ্বন প্রগেম, হায়দৰাবাদ, ওচমানীয়া বিশ্ববিদ্যালয়

৩) পাঠ্যপুথি প্রকাশন প্রশিক্ষণ, গুৱাহাটী বিশ্ববিদ্যালয়

৪) অভিধান প্রণয়ন প্রশিক্ষণ, পুনা, ডেক্কান কলেজ

৫) অভিধানতত্ত্বৰ কৰ্মশালা, গুৱাহাটী, অসম সাহিত্য সভা, চি আই আই এল, মানস গংগোত্রী মহীশূৰৰ অধীনত

৬) গ্রীষ্মকালীন শিবিৰ, শ্বিলং, ধানখেতি, CIEFL, হায়দৰাবাদৰ অধীনত

৭) গ্রীষ্মকালীন শিবিৰ, হায়দৰাবাদ, CIEFL, হায়দৰাবাদ

Budh Rahu 2025: ২০২৫ত ৰাহু-বুধে মিলি ৩ ৰাশিৰ লোকৰ ভাগ্য উন্নত কৰিব, শুভ দিন আৰম্ভ হ’ব!

Budh Rahu 2025
Budh Rahu 2025

জ্যোতিষৰ মতে আগন্তুক নতুন বছৰটো গ্ৰহৰ দৃষ্টিকোণৰ পৰা বিশেষ। ২০২৫ চনৰ আৰম্ভণিতে ৰাহু আৰু বুধৰ সংযোজন হ’ব। আচলতে জ্যোতিষৰ হিচাপ অনুসৰি ৰাহু ইতিমধ্যে মীন ৰাশিত আছে, আনহাতে ২০২৫ চনৰ ২৭ ফেব্ৰুৱাৰীত ৰাতি ১১:৪৬ বজাত বুধ গ্ৰহ মীন ৰাশিত প্ৰৱেশ কৰিব। যাৰ বাবে মীন ৰাহুত ৰাহু আৰু বুধৰ সংযোগ হ’ব। এই দুটা গ্ৰহৰ সংযোগে সকলো ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব। কিন্তু, ৰাহু আৰু বুধৰ সংমিশ্ৰণৰ ফলত কিছুমান ৰাশিয়ে বিশেষ লাভ লাভ কৰিব। সেই ৰাশিৰ বিষয়ে জানো আহক।(Budh Rahu 2025)

বৃষ ৰাশি: জ্যোতিষৰ মতে ২০২৫ চনত ৰাহু আৰু সূৰ্য্যৰ সংযোগ বৃষ ৰাশিৰ লোকৰ বাবে বিশেষ। আগন্তুক নতুন বছৰে হয়তো এই ৰাশিৰ লগত জড়িত লোকসকলৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব। কেৰিয়াৰত নতুন পৰিকল্পনাৰ কাম হ’ব। আৰ্থিক অৱস্থা ভাল হ’ব। ব্যৱসায় কৰাসকলৰ বাবে বছৰৰ আৰম্ভণি ভাল হ’ব। ব্যৱসায়ৰ ক্ষেত্ৰত অৰ্থনৈতিক প্ৰগতিৰ বহু সুযোগ থাকিব। বহিঃৰাজ্যৰ পৰা আৰ্থিক লাভ হ’ব পাৰে। নতুন কাম আৰম্ভ কৰিব পাৰে।

তুলা ৰাশি:২০২৫ চনত তুলা ৰাশিৰ লোকে ৰাহু-বুধৰ সংযোগৰ পৰা বিশেষ উপকাৰ লাভ কৰিব। কেৰিয়াৰত উন্নতিৰ বাবে যথেষ্ট সুযোগ থাকিব। শিক্ষাৰ লগত জড়িত কামত ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব পাৰে। গৱেষণা আৰু কাৰিকৰী কামত সফলতা লাভ কৰিব পাৰে। নতুন বছৰত ব্যৱসায়ৰ বাবে কৰা পৰিকল্পনা সফল হ’ব। বৈদেশিক বাণিজ্যৰ পৰা অৰ্থনৈতিক লাভৰ বহু সম্ভাৱনা থাকিব।

বৃশ্চিক ৰাশি: জ্যোতিষ শাস্ত্ৰৰ মতে নতুন বছৰত ৰাহু-বুধৰ সংযোগ বৃশ্চিক ৰাশিৰ লোকৰ বাবে বিশেষভাৱে উপকাৰী বুলি বিবেচিত হৈছে। ব্যৱসায়ত অংশীদাৰিত্বৰ পৰা নতুন বছৰত লাভ হ’ব। চাকৰি বিচৰা মানুহে চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত অৰ্থনৈতিক প্ৰগতিৰ বহু সুযোগ থাকিব। বিবাহিত লোকৰ বৈবাহিক জীৱন সুখী হ’ব। আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ লগত ভালদৰে মিলি যাব।

Ludo Cup football: লুড’ কাপ ফুটবল প্ৰতিযোগিতাঃ গোগামুখ স্প’ৰ্টছ একাডেমী চেম্পিয়ন

Ludo Cup football
Ludo Cup football: লুড’ কাপ ফুটবল প্ৰতিযোগিতাঃ গোগামুখ স্প’ৰ্টছ একাডেমী চেম্পিয়ন

ধেমাজি জিলাৰ গোগামুখৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা লোকেল ইউনাইটেড ডেভেলপমেণ্ট অৰ্গেনাইচনৰ উদ্যোগত আৰু গোগামুখ ক্ৰীড়া সংস্থাৰ সহযোগত গোগামুখ নগৰ হাইস্কুল খেলপথাৰত(Ludo Cup football) অনুষ্ঠিত হৈ থকা লুড’ কাপ প্ৰাইজমাণি আৰু ট্ৰফি ফুটবল প্ৰতিযোগিতাত গোগামুখ স্প’ৰ্টছ একাডেমী চেম্পিয়নৰ খিতাপ দখল কৰিছে ৷ দেওবাৰে উত্তেজনপূৰ্ণ ফাইনেল খেলখনত গোগামুখ স্প’ৰ্টছ একাডেমীয়ে গা-ডাঙৰ চুক ২-১ গ’লত পৰাজিত কৰি দ্বিতীয়বাৰৰ বাবে লুড’ কাপ দখল কৰিবলৈ সক্ষম হয় ৷

আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে ভৰা খেলৰ প্ৰথমাৰ্ধত গোগামুখ স্প’ৰ্টছ একাডেমীয়ে দুয়োটা গ’ল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে গা-ডাঙৰ চুক এফ চিয়ে প্ৰথমাৰ্ধত অন্তিম মূহুৰ্তত এটা গ’ল পৰিশোধ কৰে ৷ খেলৰ দ্বিতীয়াৰ্ধত খেলখনৰ উত্তেজনা ম্লান পৰাৰ বিপৰীতে দুয়োটা খেলুৱৈৰ পৰস্পৰৰ টনা-আঁজোৰা, তৰ্কা-তৰ্কিলৈ পৰিণত হয় ৷ ফলত দুয়োটা দলে দ্বিতীয়াৰ্ধত কোনো গ’ল দিবলৈ সক্ষম নহ’ল  ৷ খেলৰ অন্তত বিজয়ী দল গোগামুখ স্প’ৰ্টছ একাডেমীক এক লাখ টকাৰ লগতে ট্ৰফি প্ৰদান কৰে ধেমাজি জিলা ক্ৰীড়া সংস্থাৰ সম্পাদক যতীন বুঢ়াগোঁহায়ে ৷

বিজিত দল গা-ডাঙৰচুক এফ চিক ৫০ হাজাৰ টকাৰ লগতে ট্ৰফি প্ৰদান কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰীয়ে ৷ খেলখনৰ শ্ৰেষ্ঠ গ’লদাতাৰ  সন্মান লাভ কৰে স্প’ৰ্টছ একাডেমীৰ জুমলা ব্ৰহ্মই ৷ খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে স্প’ৰ্টছ একাডেমীৰ অমিত ঠাকুৰীয়াই ৷ শ্ৰেষ্ঠ গ’লৰক্ষকৰ সন্মান লাভ কৰে স্প’ৰ্টছ একাডেমীৰ মেঘৰাজ বসুমতাৰীয়ে ৷ শ্ৰেষ্ঠ খেলুৱৈ, গ’ল দাতা, গ’লৰক্ষকৰ পুৰস্কাৰসমূহ প্ৰদান কৰে লুড’ কাপ অভ্যৰ্থনা সমিতিৰ সভাপতি গমুগ পেগু, সম্পাদক শুক্লেশ্বৰ স্বৰ্গীয়াৰী, যুৱ সমাজকৰ্মী ৰাহু পাতিৰ, লুড’ৰ সম্পাদক মন্টু টাইদ, ৰাজু চিন্তে, কমল কিৰণ পেগুৱে ৷ আজিৰ খেলখন পৰিচালনা কৰে ব্ৰজেন বুঢ়াগোঁহাই, মহানন্দ মিলি, দীপক গগৈ, জিন্টু ফুকনে ৷ ৰেফাৰী ইন্‌চাৰ্জ হিচাপে থাকে মণিৰাম পেগুৱে ৷ মেচ কমিচনাৰ হিচাপে থাকে বিমল স্বৰ্গীয়াৰীয়ে ৷

Assam Book Fair 2024: অসম গ্ৰন্থমেলাত “ভিন্ন সাহিত্য-ধাৰাৰ গ্ৰন্থ পঠনৰ আনন্দ” শীৰ্ষক আলোচনা সত্ৰ

Assam Book Fair 2024
Assam Book Fair 2024: অসম গ্ৰন্থমেলাত “ভিন্ন সাহিত্য-ধাৰাৰ গ্ৰন্থ পঠনৰ আনন্দ” শীৰ্ষক আলোচনা সত্ৰ

পুথিপ্ৰেমীৰ সঁহাৰিয়ে উৎসাহিত কৰিছে অসম গ্ৰন্থমেলা, গুৱাহাটীত অংশগ্ৰহণ কৰা প্ৰকাশন গোষ্ঠীসমূহক ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এইবেলি খানাপাৰস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা গ্ৰন্থমেলাখনত আজি তৃতীয় দিনা পঢ়ুৱৈৰ ভিৰ বৃদ্ধি হোৱা পৰিলক্ষিত হয় ৷ বছৰৰ অন্তিমটো দেওবাৰ কিতাপৰ সান্নিধ্যত কটাবলৈ পুৱাৰে আৰম্ভ হয় গ্ৰন্থপ্ৰেমীৰ সোঁত ৷ বিক্ৰীৰ পৰিমাণো আশাব্যঞ্জক বুলি জানিবলৈ দিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে ৷(Assam Book Fair 2024)


দেওবাৰে বিয়লি ১ বজাৰ পৰা শশী ফুকন সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় “ভিন্ন সাহিত্য-ধাৰাৰ গ্ৰন্থ পঠনৰ আনন্দ” শীৰ্ষক আলোচনা সত্ৰ ৷ ইয়াত সঞ্চালকৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক, সমালোচক ড° আনন্দ বৰমুদৈয়ে ৷ তেওঁ ভাষণ প্ৰসংগত কয়—“ আমি কি পঢ়িম আৰু কিয় পঢ়িম , নাইবা কিয় পঢ়া উচিত ? ইয়াৰ উত্তৰ নিজে বিচাৰিব পাৰিব লাগিব পাঠকে ৷ বিষয় বস্তুৰ বিচিত্ৰতাই সাহিত্যক বিভিন্ন ধৰণে সমৃদ্ধ কৰিছে ৷ সাহিত্যৰ পৰিমণ্ডল ন ন ৰূপেৰে প্ৰসাৰিত হৈছে ৷ গতিকে পঠনৰ বাবে পুথি এখন নিৰ্বাচন কৰাটো পাঠকৰ গুৰু দায়িত্ব ৷” তেওঁ লগতে কয় যে গ্ৰন্থ পঠন প্ৰক্ৰিয়াটো মূলত জ্ঞান অৰ্জনৰ সৈতে সম্পৰ্কিত ৷ কেৱল যে সাহিত্যৰ কিতাপেহে জ্ঞানৰ বাট দেখুৱায় এনে নহয়, ভিন্ন বিষয়ৰ গ্ৰন্থই ভিন্ন দুৱাৰ মুকলি কৰে ৷ এখন নাটক চোৱা, গান শুনা, ছবি চোৱাও একধৰণৰ পঠন প্ৰক্ৰিয়া ৷

পঠনৰ আনন্দৰ সৈতেই এয়া সংপৃক্ত হৈ আছে ৷ আলোচক অতিথি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট সাহিত্য-সমালোচক ড° বিভাস চৌধুৰীয়ে আলোচ্য বিষয় সন্দৰ্ভত কয় যে আজিকালি ভিন্ন বিষয়ৰ কিতাপ প্ৰকাশ পোৱাই নহয়, কিতাপৰ ৰূপো ভিন্ন হৈছে ৷ এসময়ত মানুহে হাতত লৈ পঢ়া কিতাপখন আজিৰ ল’ৰা-ছোৱালীয়ে স্ক্ৰীণত পঢ়ে ৷ এই পঠন প্ৰক্ৰিয়াৰ জৰিয়তে নতুন প্ৰজন্মই পলকতে অভিধান চাই নজনা শব্দটো বুজি লোৱাৰ, আনুষংগিক বিষয় খুচৰি চোৱাৰ সুবিধা গ্ৰহণ কৰে ৷ তেওঁলোকৰ বাবে এই অভিজ্ঞতা আনন্দদায়ক ৷ পুৰণি মানুহখিনিয়ে হাতত কিতাপ লৈ আনন্দ পায় ৷ অৰ্থাৎ আনন্দ লাভৰ প্ৰক্ৰিয়াও সলনি হৈছে ৷ তেওঁ লগতে কয়—“এখন কিতাপ পঢ়াৰ আনন্দই আন এখন কিতাপ পঢ়িবলৈ আগ্ৰহ জন্মায় আৰু এখন দীক্ষিত পঢ়ুৱৈ সমাজ গঢ়ি তোলে ৷” ইয়াত আলোচক অতিথিৰূপে অংশ লৈ ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট সাহিত্য-সমালোচক ড° অৰিন্দম শৰ্মাই কয় যে কিতাপ পঢ়ি ক’লৈকো নোযোৱাকৈয়ে পৃথিৱী ভ্ৰমণ কৰিব পাৰি ৷ কাৰণ কিতাপবোৰে লেখক-সাহিত্যিক সকলে য’ত বাস কৰে সেই ঠাইক পাঠকৰ ওচৰলৈ লৈ যায় ৷

এয়া গ্ৰন্থ পঠনৰ আনন্দদায়ক অভিজ্ঞতা ৷ পঠনৰ জৰিয়তে লেখক-পাঠকৰ উত্তৰণ ঘটে ৷ আন এগৰাকী আলোচক অতিথি, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে বিষয় প্ৰসংগত এনেদৰে কয়—“ সাহিত্যৰ যিকোনো বিষয় এগৰাকী পাঠকৰ বাবে আপেক্ষিকভাৱে গুৰুত্বপূৰ্ণ আৰু আনন্দদায়ক হ’ব পাৰে ৷বিষয় কেতিয়াবা সলনিও হ’ব পাৰে ৷ ইতিমধ্যে আমাৰ মাজলৈ বিভিন্ন ধাৰাৰ গ্ৰন্থ আহিছে ৷ এই গ্ৰন্থবোৰ পঠনৰ আনন্দও বেলেগ বেলেগ ৷ দৰাচলতে বিষয়ৰ ভিন্নতাই সাহিত্যক অধিক শক্তিশালী কৰিছে আৰু ৰসাস্বাদনৰ আনন্দ দিছে পঢ়ুৱৈ সমাজক ৷” একেদৰে আলোচক অতিথি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট সাহিত্য-সমালোচক ড° সত্যকাম বৰঠাকুৰৰ বক্তব্য হৈছে—“ গ্ৰন্থ পঠনৰ প্ৰথম আনন্দৰ অনুভৱ একান্ত ব্যক্তিগত ৷ কিন্তু এই আনন্দই বিস্তৃতি লাভ কৰে আৰু ভিন্ন ধাৰাৰ সাহিত্যৰ সোৱাদ ল’বলৈ উদ্বুদ্ধ কৰে৷ গ্ৰন্থ পঠনে এনেদৰে নতুন জ্ঞান লাভৰ আনন্দ প্ৰদান কৰে ৷

অৱশ্যে কোনে কি কিতাপ পঢ়িবলৈ ভাল পায় এয়া পাঠকৰ মানসিক গঠন আৰু ৰুচীৰ ওপৰত নিৰ্ভৰ কৰে ৷” আলোচক অতিথি, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট লেখক ড° প্ৰশান্ত চক্ৰৱৰ্তীয়ে কয় যে গ্ৰন্থ পঠনৰ প্ৰাথমিক আনন্দ হৈছে চিন্তাৰ উন্মেষ ঘটা কাৰ্য ৷ ভিন্ন কিতাপে ভিন্ন দৃষ্টিভংগীৰে পৃথিৱীখন চাবলৈ শিকায় ৷ অৰ্থাৎ বহুমুখী বিষয়েৰে মানুহৰ ধ্যান-ধাৰণা পৰিপূৰ্ণ হয় ৷ গ্ৰন্থ পঠনৰ এয়া হৈছে অনিৰ্বচনীয় আনন্দ ৷ সত্ৰখনত আলোচক অতিথিৰূপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট লেখক ড° প্ৰাঞ্জল শৰ্মা বশিষ্ঠ ৷ তেওঁ কয় যে সময়ৰ লগে লগে মানুহৰ চিন্তাৰ পৰিধিও বিশাল হৈছে ৷ সেয়ে বিভিন্ন বিষয় মানুহৰ মাজলৈ আহিছে ৷ লৈংগিক বিষয়, মনোজগতৰ বিভিন্ন স্তৰ, সমাজিক বৈষম্য আদিৰ নতুন নতুন দিশ উন্মোচিত কৰিছে এই বিষয়ক গ্ৰন্থসমূহে ৷ গ্ৰন্থ পঠনৰ মাজেৰেই এনে বিষয়ৰ মুখামুখী হোৱা, সমাধান সূত্ৰৰ সন্ধান কৰিব পৰাকৈ নিজৰ উত্তৰণ কৰাৰ আনন্দ লাভ কৰা যায় ৷ এই অনুষ্ঠানটিৰ আঁত ধৰে লেখক-সাংবাদিক নৱজ্যোতি পাঠকে ৷

বিয়লি ৩ বজাৰ পৰা আয়োজন কৰা হয় “গল্পৰ আবেলি” শীৰ্ষক আন এক মনোজ্ঞ অনুষ্ঠান ৷ এই অনুষ্ঠান উদ্বোধন কৰে সাহিত্য অকাদেমি বঁটা প্ৰাপক বিশিষ্ট কথা-শিল্পী মনোজ কুমাৰ গোস্বামীয়ে ৷ তেওঁ কয় যে আমাৰ দেশখন সাধুকথাৰ দেশ৷ ঋগ্বেদ, ৰামায়ণ- মহাভাৰতৰ যুগৰ পৰাই এই সাধুকথা অৰ্থাৎ গল্পৰ প্ৰচলন আছিল ৷ কিন্তু এতিয়া গল্প-কবিতাৰ প্ৰতি নতুন প্ৰজন্মৰ আকৰ্ষণ কমিছে নেকি ? এতিয়াৰ প্ৰজন্মই প্ৰযুক্তিৰ জৰিয়তে বিশ্বমাত্ৰিক বিষয়বস্তুৰে আৰম্ভণিৰ পৰাই পৰিচিত হয় ৷ সেয়ে আমাৰ সৃষ্টিয়ে তেওঁলোকৰ মনৰ খোৰাক যোগাব পৰা হ’ব লাগিব ৷ তেওঁ লগতে কয় যে অসমীয়া সাহিত্যক বিশ্বৰ মঞ্চলৈ আগবঢ়াই দিব পৰাকৈ ভাল অনুবাদ হোৱাৰ প্ৰয়োজন আছে ৷ কিন্তু অসমত সমালোচনা, অনুবাদ আৰু শিশু সাহিত্যৰ অভাৱ ঘটিছে ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে সাহিত্য অকাদেমি বঁটা প্ৰাপক বিশিষ্ট গল্পকাৰ অপূৰ্ব শইকীয়াই ৷

তেওঁ ভাষণ প্ৰসংগত কয়—“ অসমীয়া সাহিত্যৰ চহকীৰূপটোক বিশ্বত পৰিচিতি দিবলৈ হ’লে অনুবাদ অতি প্ৰয়োজনীয় ৷ কিন্তু এই অভাৱ পূৰণ হোৱা নাই এতিয়াও ৷ ভাষাটো এক বাহকহে ৷ ইয়াৰ জৰিয়তে কি ওলাই আহে সেয়াহে গুৰুত্বপূৰ্ণ ৷” তেওঁ নতুন লেখকসকলৰ সৃষ্টি উন্নত মানৰ বুলি আনন্দ প্ৰকাশ কৰে ৷ অনুষ্ঠানটিৰ আন এগৰাকী বিশিষ্ট অতিথি, সমাদৃত গল্পকাৰ বিতোপন বৰবৰাই এইবুলি কয়—“ভাষাটোৰ শুদ্ধ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ বিষয় ৷ বহুতে ভাল ভাল বিষয়কলৈ উন্নত মানৰ গল্প ৰচনা কৰা দেখিছোঁ ৷ কিন্তু তেওঁলোকৰ ভাষাৰ প্ৰয়োগ, বানান শুদ্ধ হয়নে নহয় সেই ক্ষেত্ৰত সচেতন হোৱাটো বাঞ্ছনীয় ৷” “গল্পৰ আবেলি” আকৰ্ষণীয় ৰূপত পৰিচালনা কৰে বিশিষ্ট কথা-শিল্পী অতনু ভট্টাচাৰ্যই ৷ তেওঁ কাহিনী কথনৰ বিভিন্ন দিশৰ বিশ্লেষণ আগবাঢ়াই কয় যে গল্প মানুহৰ মনৰ এক তাড়না ৷ সকলোৱে কাহিনী দেখে, কাহিনী কঢ়িয়ায় ৷ কিন্তু সকলোৱে গল্প নিলিখে ৷

“প্ৰকাশ” আলোচনীৰ সহযোগী সম্পাদক, গল্পকাৰ গীতালি বৰাই আঁত ধৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ফুল গোস্বামী, প্ৰকৃতি নাজিৰ, অনামিকা বৰা, সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা,মণিকা দেৱী, বিপাশা বৰা, অভিজিৎ বৰা, অপু ভৰদ্বাজ, নীলোৎপল বৰুৱা, মনস্বীনি মহন্ত, ভাস্কৰজ্যোতি বৰুৱা, পাপৰি বৰ্মন, পংকজ কুমাৰ দত্ত, নমিতা বৈশ্য, অৰ্চনা বৰঠাকুৰ, মেঘনা চৌধুৰী, সুপ্ৰকাশ ভূঞা, উপাসনা শইকীয়া আদি গল্পকাৰ সকলে ৷ সন্ধিয়া প্ৰবোধ দাসৰ পৰিচালনত শিক্ষানুষ্ঠানৰ মাজত অনুষ্ঠিত হয় সাংস্কৃতিক প্ৰতিযোগিতা ৷

Dr. Randeep Bora: প্ৰকাশৰ পথত ড° ৰণদ্বীপ বড়াৰ ‘নৰয় নদী এন্ধাৰত’

Dr. Randeep Bora
Dr. Randeep Bora: প্ৰকাশৰ পথত ড° ৰণদ্বীপ বড়াৰ ‘নৰয় নদী এন্ধাৰত’

‘আকাশ’ ‘পৰাণমুখৰ আবেলি’, ‘সুণীয়া’, ‘ইতিবাচক’, ‘নিস্তব্ধ উশাহ’, ‘মায়াবী ৰাতি’ ‘শেৱালিৰ সুবাস’, ‘উমাল পৰশে’, মোৰো আছে এটি সপোন’, ‘মোৰ গান’, ‘তৰা ফুল’ আদি গীতেৰে আধুনিক অসমীয়া সংগীতত গীতিকাৰ হিচাপে পৰিচিতি লাভ কৰিবলৈ সক্ষম হোৱা ড° ৰণদ্বীপ বড়াই এইবাৰ অসমীয়া গীতি সাহিত্যত নৱতম সংযোজন কৰিছে ‘নৰয় নদী এন্ধাৰত’ গীতৰ সংকলনৰ জৰিয়তে৷ (Dr. Randeep Bora)

এই গীতি-কবিতা সংকলনখনত প্ৰায় ৮০ টা গীত সন্নিৱিষ্ট হৈছে৷ অহা ৩০ ডিচেম্বৰ, সোমবাৰে পুৱা ১১.১১ বজাত পাণবজাৰস্থিত ‘পূৰ্বায়ণ প্ৰকাশন’ৰ কাৰ্যালয়ৰ সভাকক্ষত গ্ৰন্থখন উন্মোচিত হ’ব৷ এই উন্মোচনী অনুষ্ঠানত অসমৰ জনপ্ৰিয় সুৰকাৰ, কণ্ঠশিল্পীৰ উপৰি কেইবাগৰাকীও সাহিত্যিক উপস্থিত থাকিব৷ ‘নৰয় নদী এন্ধাৰত’— হতাশাৰ পৰিধি ভেদি ইতিবাচক শিৰোনামৰ এই গীতি-কবিতাৰ সংকলনখনি অসমৰ সাংস্কৃতিক ক্ষেত্ৰত তথা সুৰকাৰ, কণ্ঠশিল্পীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ হিচাপে বিবেচিত হৈছে৷


গ্ৰন্থখনৰ প্ৰকাশক তথা পূৰ্বায়ণ প্ৰকাশনৰ স্বত্বাধিকাৰী ড° অমৃত কুমাৰ উপাধ্যায় আৰু গীতিকাৰ ৰণদ্বীপ বড়াই অনুষ্ঠানটিৰ সফল সমাপনৰ কামনা কৰিছে৷

Chandan Kumar Das: কৃতি শিক্ষক চন্দন কুমাৰ দাসক সম্বৰ্ধনা

Chandan Kumar Das
Chandan Kumar Das: কৃতি শিক্ষক চন্দন কুমাৰ দাসক সম্বৰ্ধনা

আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰপেটা জিলা সমিতিৰ ২৮ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনত বৰপেটা জিলা শিক্ষা বিভাগৰ পৰা কৃতি শিক্ষক বটা লাভ কৰা শিক্ষক তথা বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।(Chandan Kumar Das)

উল্লেখযোগ্য যে বৰপেটা জিলা কৰ্মচাৰী পৰিষদৰ ২০২২-২৪ বৰ্ষৰ সাংগঠনিক সম্পাদক পদত অধিষ্ঠিত হৈ থকা কালছোৱাতে চন্দন কুমাৰ দাসক বিগত ১৬ ডিচেম্বৰ তাৰিখে শ্বিলং, মেঘালয়ত Integrated Global University, সনাতন আখৰা পৰিষদ আৰু দীন দয়াল উপাধ্যায় ফাউণ্ডেশ্যনৰ সহযোগত Global Chamber of Commerce, Industry & Agriculture এ “সেৱা ৰত্ন” বটা ২০২৪ প্ৰদান কৰিছিল। আজি বৰপেটা জিলা কৰ্মচাৰী পৰিষদে তেওঁৰ এই বঁটা শৈক্ষিক আৰু সামাজিক দুয়োটা দিশৰে আধাৰশিলা হ’ব বুলি আশা প্ৰদান কৰে। আজিৰ অনুষ্ঠানতে নবদীপ কুমাৰ গায়নকো সম্বৰ্ধনা জনোৱা হয়।


বৰপেটা আইন‌ মহাবিদ্যালয়ত অনুষ্ঠিত আজিৰ এই ২৮ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ সাধাৰণ সভাতেই বৰপেটা জিলা কৰ্মচাৰী পৰিষদৰ নতুন সভাপতি হিচাপে বাপন দাস আৰু সম্পাদক হিচাপে উৎপল দাসক নিৰ্বাচিত কৰা হয়। পিছলৈ বৰপেটা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিৰিঞ্চি কুমাৰ দাসে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা সংগ্ৰামী সত্তা বাসৱ চন্দ্ৰ কলিতাৰ জীৱন ভিত্তিক গীত এটাও কবিন চন্দ্ৰ দাসৰ আন এটি গীতৰ লগত উন্মোচন কৰা হয়। আজিৰ এই অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসৱ চন্দ্ৰ কলিতা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক প্ৰধান পংকজ বৰ্মন আৰু অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।

Babita Borthakur: প্ৰেছ ক্লাবত মনোজ্ঞ অনুষ্ঠান সম্পন্ন, লেখিকা ববিতা বৰঠাকুৰৰ প্ৰবন্ধ সংকলন “স্বচ্ছ আৰু অস্বচ্ছ দাপোনত নাৰী”ৰ শুভ উন্মোচন

Babita Borthakur
Babita Borthakur: প্ৰেছ ক্লাবত মনোজ্ঞ অনুষ্ঠান সম্পন্ন, লেখিকা ববিতা বৰঠাকুৰৰ প্ৰবন্ধ সংকলন "স্বচ্ছ আৰু অস্বচ্ছ দাপোনত নাৰী"ৰ শুভ উন্মোচন

সাহিত্য-সংস্কৃতিমূলক মাহেকীয়া আলোচনী ‘জোনাক’ৰ উদ্যোগত আৰু ‘উত্তৰ পুৰুষৰ মঞ্চ’ৰ সহযোগত যোৱা ২৯ ডিচেম্বৰ (Babita Borthakur)দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত দেৰগাঁৱৰ লেখিকা ববিতা বৰঠাকুৰৰ প্ৰথমখন প্ৰবন্ধ সংকলন “স্বচ্ছ আৰু অস্বচ্ছ দাপোনত নাৰী”ৰ শুভ উন্মোচনী অনুষ্ঠানটো অতি গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত হৈ যায়।

শিক্ষা-সাহিত্য-সংস্কৃতিলৈ অলেখ বৰঙণি আগবঢ়োৱা বিশিষ্টা লেখিকা, সমাজসেৱিকা ড° মন্দিৰা বৰুৱাই গ্ৰন্থ খনৰ শুভ উন্মোচন কৰে আৰু ভাষণত কয় যে– ‘বিশাল মনৰ অধিকাৰী ববিতা বৰঠাকুৰে নাৰীৰ হাঁহিৰ আঁৰৰ দুখবোৰ বুজি পাই, শব্দৰ সু-নিৰ্দিষ্ট গাঁঠনি, ভাষাৰ লালিত্য, নিজস্ব লেখনশৈলীৰে প্ৰবন্ধ সংকলনখনিৰ প্ৰতিটো প্ৰবন্ধত এনেকুৱা ৰস পাঠকৰ বাবে দিছে সেইয়া অভূতপূৰ্ব হৈ উঠিছে, নাৰী জীৱনৰ অধিকাংশ সচৰাচৰ ঘটি থকা ঘটনাক লেখাৰ মাজেৰে আনি প্ৰাণ দিছে; মুঠতে এখন মনোগ্ৰাহী গ্ৰন্থ মই আজি উন্মোচন কৰিলোঁ।” অনাতাঁৰ শিল্পী, লেখিকা শিখামণি দত্তৰ কন্ঠৰ এটি গীতেৰে আৰম্ভণি হোৱা সভাখনত অৱসৰী অধ্যাপিকা, কবি ড° অনিমা বৰা আৰু বিষয় শিক্ষয়িত্ৰী, কবি দীপা বৰঠাকুৰে যুটীয়াভাৱে বন্তি প্ৰজ্বলন কৰে আৰু মনৰ ভাব ব্যক্ত কৰে। সৃষ্টিৰ আঁৰৰ অকথ্য মিঠা কথাবোৰেৰে মনৰ ভাব নিগৰাই আদৰণি ভাষণ দিয়া লেখিকা তথা শিক্ষয়িত্ৰী ববিতা বৰঠাকুৰৰ বক্তব্যৰ পিছতে মুখ্য অতিথিৰ আসন অলংকৃত কৰা সাহিত্যিক, বিশিষ্ট সংগীত শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে সুধাকন্ঠৰ এটি গীত গাই আৰু ৰসাল কিছু কথাকৈ অনুষ্ঠানটো ৰসোত্তীৰ্ণ কৰি তোলে।

পূবাঞ্চী দাসৰ কবিতা আবৃত্তি, ৰাগিণী কাশ্যপৰ এটি গীতেৰে সভাৰ সময়খিনি প্ৰাণ পাই উঠা সময়ত দেৰগাঁৱৰ উদয়ন একাডেমীৰ অধ্যক্ষ ভাস্কৰজ্যোতি বৰাই ভাষণত কয় যে–‘ছাত্ৰ-ছাত্ৰীৰ সৈতে শ্ৰেণীকোঠাত অতি একাত্ম হৈ যোৱা ববিতা বৰঠাকুৰ এক বিশেষ সত্বা যাৰ সৃষ্টিৰ পথাৰখন অত্যন্ত সাৰুৱা আৰু পলসুৱা।’ বিশিষ্ট শিশু-সাহিত্যিক সুৰেন্দ্ৰ মোহন দাস আৰু ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ড° জ্ঞানজ্যোতি শৰ্মাই বিশিষ্ট অতিথিৰ আসনৰ পৰা শুভেচ্ছামূলক ভাষণ দিয়া অনুষ্ঠানটোত বিশিষ্ট গণিতজ্ঞ, সাহিত্যিক ড° দিব্যজ্যোতি মহন্ত, উত্তৰ পুৰুষৰ মঞ্চৰ কাৰ্যকৰী সভাপতি ৰীনা বুঢ়াগোহাঁই বৰুৱা, সৰগম সংগীত বিদ্যালয়ৰ অধ্যক্ষ নিৰেন চন্দ্ৰ বৈশ্য, প্ৰাক্তন ছাত্ৰনেতা অংকুৰণ ফুকন, সমাজকৰ্মী নৱজ্যোতি শৰ্মাই চমুৱাই দু-আষাৰ কয়। জ্যেষ্ঠ সাংবাদিক অৰুণিমা কলিতা মেধিসহ অনেকজন সুভানুধ্যায়ীক গামোচা, স্মাৰক, ফুলৰ পুলি আৰু এটি সামগ্ৰীৰ টোপোলাৰে আয়োজকে সম্বৰ্ধনা জনায়। মনপৰসা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত ‘জোনাক’ৰ মুখ্য সম্পাদক, কবি-লেখক পুলকেশ ৰায় বৰুৱাই আঁত ধৰে তথা শলাগৰ শৰাই আগবঢ়াই ‘উত্তৰ পুৰুষৰ মঞ্চ’ৰ সম্পাদক-লেখক হৰেকৃষ্ণ হালৈয়ে।

Aamir Khan: কেৰিয়াৰৰ আৰম্ভণিতে চুম্বনৰ দৃশ্য দেখি ভয়ত কঁপিছিল আমিৰ খান, ইয়াৰ আঁৰৰ কাৰণ প্ৰকাশ কৰিলে সহ অভিনেত্ৰীয়ে

Aamir Khan
Aamir Khan

আমিৰ খানে কেৰিয়াৰৰ আৰম্ভণিতে চুমা খোৱাৰ দৃশ্যত অভিনয় কৰিছিল। কিন্তু সেই দৃশ্যৰ শ্বুটিঙৰ সময়ত অভিনেতাজনৰ মনৰ অৱস্থা বেলেগ আছিল। (Aamir Khan)

১৯৮৪ চনত কেতন মেহতাৰ পৰিচালিত ৰাজনৈতিক থ্ৰিলাৰ ছবি ‘হোলী’ মুক্তি পাইছিল। আমিৰ খানে এই ছবিখনত অভিনয় কৰিছিল। তেতিয়া আমিৰ খান লাইমলাইটলৈ অহা নাছিল। অভিনেত্ৰী কিতু গিদ্ৱানীয়ে ছবিখনৰ অভিনেতা আমিৰ খানৰ বিষয়ে অজ্ঞাত তথ্য প্ৰকাশ কৰে।

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত কিটুক আমিৰৰ বিষয়ে সোধা হৈছিল। কাৰণ ‘হোলী’ ছবিখনত আমিৰৰ সহ অভিনেত্ৰী আছিল। ছবিখনত কিটুৱে কলেজীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত আমিৰৰ লগত চুমা খোৱাৰ দৃশ্যও আছিল। দৃশ্যটোৰ কথা কৈ কিটুৱে কয়, আমিৰে তেতিয়াহে কেৰিয়াৰ আৰম্ভ কৰিছিল। বহুত কষ্ট কৰিব পাৰিলেহেঁতেন। মই গম পোৱা নাছিলো যে তেওঁ এই চিনেমাখনত আছে। কিন্তু আমাৰ চুমাৰ দৃশ্যটোৱে শ্বুটিং কৰাটোও বৰ মানসিক চাপৰ সৃষ্টি কৰিছিল।

কিটুৱে কয় যে আমিৰে ভয় খাইছিল যদিও দৃশ্যটোৰ শ্বুটিং ভালদৰে শেষ হৈছিল। পিছলৈ আমিৰ আৰু কিটুৰ মাজত বহুত ভাল বন্ধুত্ব গঢ় লৈ উঠিল। অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ সেই সময়ত কলেজত চলচ্চিত্ৰ অধ্যয়ন কৰি আছিল। হঠাৎ তেওঁক এনে এখন ছবিৰ প্ৰস্তাৱ দিয়া হৈছিল। সেই সময়ত আমিৰ ছবিখনৰ শ্বুটিঙত চুম্বনৰ দৃশ্যত অস্বতি অনুভৱ কৰিছিল।