অমৃতা সিং আৰু ছেইফ আলী খান দুই সন্তানৰ পিতৃ-মাতৃ। তেওঁলোকৰ দুই সন্তান হৈছে চাৰা আৰু ইব্ৰাহিম। কিন্তু, অমৃতা সিং আৰু ছেইফ আলী খানৰ বিবাহ বিচ্ছেদ হয়। বিবাহৰ ৮ বছৰৰ বিচ্ছেদৰ অন্তত কৰীনা কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় ছেইফ আলী খান। কিন্তু দ্বিতীয় বিবাহৰ পূৰ্বে নবাব পুত্ৰ ছেইফ আলী খানে তেওঁৰ প্ৰাক্তন পত্নীলৈ এখন বিশেষ চিঠি প্ৰেৰণ কৰে।(Saif Ali Khan)
সংস্থাৰ সভাপতি নগেন শৰ্মাৰ পৌৰোহিত্যত সম্পন্ন হোৱা এই অনুষ্ঠানত বিশিষ্ট পুথি প্ৰকাশক আৰু বিক্ৰেতা যাদৱ চন্দ্ৰ তালুকদাৰ, অজয় প্ৰসাদ ভট্টাচাৰ্য, পুষ্কৰ নাৰায়ণ গুপ্তা, মাধৱ শৰ্মা, অজিত শৰ্মা, দ্বীপেন্দ্ৰ কুমাৰ দে’, উমাকান্ত ঝাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানটিত অংশগ্ৰহণ কৰে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰাক্তন সভাপতি অজিত বৰ্মন, সম্পাদক হৰেণ কলিতা, কাৰ্যকৰী সভাপতি ধীৰাজ গোস্বামী, উপদেষ্টা নবীন বৰুৱা, নীহাৰেন্দ্ৰ চৌধুৰী, ক্ষীৰোদ কুমাৰ গোস্বামী, উপ-সভাপতি নাৰায়ণ কেজৰিৱাল, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকলে ৷ অনুষ্ঠানটিৰ আঁত ধৰে প্ৰবোধ দাসে ৷ বিয়লি অনুষ্ঠিত হয় “ গ্ৰন্থ প্ৰকাশৰ দায়ৱদ্ধতা, প্ৰচাৰ আৰু কৌশল অৱলম্বন” শীৰ্ষক আলোচনা সত্ৰ ৷ ইয়াত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে “দ্য ফেদাৰেশ্যন অব্ পাব্লিছাৰ্ছ এণ্ড বুক ছেলাৰ্ছ এছ’চিয়েশ্যন ইন ইণ্ডিয়া“ৰ সভাপতি সুৰিন্দৰ কুমাৰ ঘায়ে ৷ তেওঁ কয় যে কিতাপ ছপোৱাৰ ক্ষেত্ৰত প্ৰকাশৰ দায়ৱদ্ধতা অতি গুৰুত্বপূৰ্ণ বিষয় ৷ কিতাপে মানুহৰ মাজলৈ ভিন্ন তথ্য আৰু জ্ঞান কঢ়িয়াই নিয়ে ৷ এয়া কঢ়িয়াই নিয়ে ভাষাৰ মাধ্যমেৰে আৰু ভাষা হৈছে একোটা জনসমষ্টিৰ সমূহীয়া পৰিচয় ৷ গতিকে গ্ৰন্থ সদায় নিৰ্ভুল তথ্যৰ আধাৰ, শুদ্ধ ভাষাৰ প্ৰয়োগৰ চানেকি আৰু জ্ঞানৰ ভঁৰাল হ’ব পৰিব লাগিব ৷ (Assam Book Fair 2024 in Guwahati Khanapara)
এনে গ্ৰন্থবোৰে মানৱ সভ্যতাৰ মান নিৰ্ণয় আৰু প্ৰতিনিধিত্ব কৰে ৷ গতিকে এনেবোৰ গ্ৰন্থক মানুহৰ ওচৰলৈ লৈ যোৱাৰ বাবে প্ৰচাৰৰ কৌশল হ’ব লাগিব কৌতূহল উদ্দীপক ৷ সাম্প্ৰতিক সময়ত প্ৰযুক্তিয়ে এইক্ষেত্ৰত নতুন দুৱাৰ মুকলি কৰিছে ৷ তেওঁ ভাষণ প্ৰসংগত অনুবাদ গ্ৰন্থৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি কয় যে সাহিত্য বা আন আন বিষয়ৰো অনুবাদ গ্ৰন্থই সমাজত বিশেষ ভূমিকা বহন কৰে ৷ এই দিশটোৰ প্ৰতিও প্ৰকাশকে গুৰুত্ব প্ৰদান কৰা উচিত ৷ কেৱল এখন ৰাজ্য বা নিজৰ দেশতে নহয়, কিতাপৰ আন্তৰ্জাতিক বজাৰৰ প্ৰতিও লক্ষ্য বান্ধিব লাগে প্ৰকাশকে ৷ তেওঁ অসমত গ্ৰন্থৰ পৰিৱেশ অতি আশাব্যঞ্জক বুলি উল্লেখ কৰি পুনৰ কয়—“গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰেও গুৰত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ এয়া আনন্দৰ কথা ৷” ইয়াত বিশিষ্ট অতিথিৰূপে অংশ লৈ “নেশ্যনেল বুক ট্ৰাষ্ট”ৰ আঞ্চলিক (অসমীয়া) সম্পাদক দীপ শইকীয়াই কয় যে অসম গ্ৰন্থমেলাত এইটো বৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হৈছে ৷ দায়ৱদ্ধতা বুলি ইয়াত পঢ়ুৱৈ, ছাত্ৰ-ছাত্ৰী, সমাজ আৰু লেখকসকলৰ প্ৰতি থকা দায়িত্বৰ কথাকে নিশ্চয় কোৱা হৈছে ৷এজন প্ৰকাশকৰ দায়িত্ব হৈছে এখন ভাল বিষয়ৰ কিতাপ প্ৰকাশ কৰা ৷ সম্পাদনাৰ মাজেৰেহে এখন গ্ৰন্থক প্ৰকাশ কৰা উচিত ৷ লেখকৰ সমানেই প্ৰকাশকসকলো সৃষ্টিকৰ্তা ৷ গতিকে ত্ৰুটী ৰৈ গ’লে সৃষ্টি অথলে যাব ৷ সেয়ে প্ৰত্যেকখন কিতাপ প্ৰকাশৰ ক্ষেত্ৰত পঢ়ুৱৈ, ছাত্ৰ-ছাত্ৰী, সমাজ আৰু লেখকসকলৰ প্ৰতি দায়ৱদ্ধতাৰে আগবাঢ়িব লাগিব প্ৰকাশকে ৷ আজিকালি এনে কথাও শুনিবলৈ পোৱা যায় যে কোনো কোনো লেখকে নাম ক্ৰয় কৰাৰ বাবে প্ৰকাশকক ধন দি কিতাপ ছপোৱাৰ ব্যৱস্থা কৰে ৷ ইয়ে গ্ৰন্থ আৰু প্ৰকাশন জগতখনৰ ক্ষতি সাধন কৰে ৷
এইক্ষেত্ৰত লেখক-প্ৰকাশক উভয়ে নিষ্ঠা আৰু সততাৰে আগবাঢ়ি অহাটো প্ৰাথমিক চৰ্ত ৷ অধ্যাপক গংগাপদ চৌধুৰীয়ে অনুষ্ঠানটি সঞ্চালনা কৰে ৷ তেওঁ বিষয় প্ৰসংগত কয়—“ গ্ৰন্থ এখনৰ বিষয়বস্তুৰ পৰা সূচীলৈকে, সৰ্বাংগসুন্দৰ আৰু নিৰ্ভুলকৈ উলিয়াই দিয়াৰ বেলিকা প্ৰকাশকৰ দায়িত্ব অপৰিসীম ৷ তদুপৰি কিতাপখন কেনেদৰে মানুহৰ মাজলৈ যাব এইটোও প্ৰকাশকৰ প্ৰচাৰৰ কৌশলৰ ওপৰত নিৰ্ভৰ কৰে ৷ লেখকৰ সৃষ্টি আৰু পাঠকৰ মাজত যোগসূত্ৰ স্থাপনেৰে প্ৰকাশকেই সৰ্বাধিক দায়িত্ব পালন কৰে ৷”ইয়াত আলোচক অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট পুথি প্ৰকাশক, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপদেষ্টা নবীন বৰুৱা, ক্ষীৰোদ কুমাৰ গোস্বামী, ড° বসন্ত কুমাৰ ভূঞা আৰু সদস্য দেৱাশিস ভট্টাচাৰ্যই ৷ বিশিষ্ট শিল্পী, পদ্মশ্ৰী দ্ৰোণ ভূঞা আৰু তেওঁৰ সংগীবৃন্দৰ ওজাপালিৰে এই অনুষ্ঠান আৰম্ভ কৰা হয় ৷ বিয়লি ৬ বজাত পশ্চিমবংগৰ বিশিষ্ট লেখক, ইতিহাসবিদ, অধ্যাপক হিন্দোল সেনগুপ্তৰে অন্তৰংগ আলাপ পৰিচালনা কৰে বিশিষ্ট সাংবাদিক, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্ৰগুপ্ত কাশ্যপে ৷ তেওঁ ভাৰতৰ দ্বিতীয়খন পুৰণি চহৰ গুৱাহাটীলৈ সেনগুপ্তক আদৰণি জনাই অন্তৰংগ আলাপ অনুষ্ঠানটিক তথ্য-সমৃদ্ধ, ৰসপূৰ্ণ আৰু শ্ৰুতিমধুৰ কৰি তোলে ৷
প্ৰাগজ্যোতিষপুৰ, নীলাচলৰ শক্তিপীঠ, চিত্ৰাচলৰ নৱগ্ৰহ আদিকে ধৰি বিভিন্ন ঐতিহ্য তথা জ্যোতিৰ্বিজ্ঞানৰ প্ৰচীন চৰ্চা, পুৰনি পুথি-পাজিৰ পৰা সাম্প্ৰতিক সময়ৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ প্ৰসংগই এই আলাপত ঠাই লাভ কৰে ৷ অনুষ্ঠানত অংশ লৈ অধ্যাপক সেনগুপ্তই কয় যে অসমৰ তথা ভাৰতৰ বহু ইতিহাস মানুহে নজনাকৈ অন্ধকাৰতে আছে ৷ আনকি বহু স্বাধীনতা যুঁজাৰুৰ কথাই পোহৰলৈ অহা নাই ৷ আহোম ৰাজত্ব, প্ৰাচীন মণিপুৰৰ শাসনতন্ত্ৰ, মাৰঠাসকলৰ প্ৰাচীন শাসনতন্ত্ৰৰ বিষয়ে আমাৰ পাঠ্যক্ৰমৰ বুৰঞ্জীৰ পাতত নগন্য মাত্ৰহে উল্লেখ আছে ৷ কিন্তু মোগলৰ বুৰঞ্জী বিস্তাৰিতভাৱে দিয়া হৈছিল ৷ ফলত কেবাটাও প্ৰজন্মই আমাৰ প্ৰকৃত ইতিহাসৰ বিষয়ে জানিব নোৱাৰিলে ৷ সেয়ে নতুন প্ৰজন্মৰ বাবে এয়া পোহৰলৈ আনিব লাগিব ৷ তেওঁ গুৱাহাটীলৈ আহি সদায়ে আনন্দ লাভ কৰা বুলি উল্লেখ কৰি আজি কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ বিষয়েও সদৰী কৰে ৷ অন্তৰংগ আলাপ অনুষ্ঠানটিৰ আঁত ধৰে লেখক-সাংবাদিক নৱজ্যোতি পাঠকে ৷ ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয় গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত ৷
ইপিনে আজি গ্ৰন্থমেলাত উন্মোচিত হয় অন্তৰ আত্ৰেয়ৰ “মহাৰণঃ হৰি বনাম হৰ” শীৰ্ষক কিতাপখন ৷ ৰেখা প্ৰকাশনে ছপা কৰা এই গ্ৰন্থখন উন্মোচন কৰে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাই ৷ উল্লেখ্য যে আগশাৰীৰ প্ৰকাশন “বনলতা”ই এইবেলি প্ৰকাশ কৰি উলিয়াইছে বিশিষ্ট কলা-চলচ্চিত্ৰ সমালোচক উৎপল দত্তৰ “অসমীয়া চিনেমাৰ এটি অধ্যায়” শীৰ্ষক গ্ৰন্থখন ৷ কিতাপখন অসম গ্ৰন্থমেলাত উপলব্ধ হোৱা বুলি জনাইছে “বনলতা”ই ৷
প্ৰস্ৰাৱৰ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰাত খাদ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।(Foods For UTI)প্ৰস্ৰাৱৰ সংক্ৰমণ, যাক প্ৰায়ে প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ (UTI) বুলি কোৱা হয়। বহু কাৰণত হ’ব পাৰে, যেনে শৰীৰত বেক্টেৰিয়াৰ প্ৰৱেশ, জীৱনশৈলী বেয়া, পানীৰ অভাৱ। ইয়াৰ বাবে প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ, সঘনাই প্ৰস্ৰাৱ কৰিবলৈ হেঁপাহ, প্ৰস্ৰাৱ কৰাত অসুবিধা, প্ৰস্ৰাৱত তেজ, তলপেটৰ বিষ বা চাপ, জ্বৰ আৰু ঠাণ্ডা আদি লক্ষণ দেখা যায়।
যদিও ঔষধৰ দ্বাৰা ইয়াৰ চিকিৎসা সম্ভৱ, কিন্তু আপুনি খাদ্য তালিকাত কিছুমান খাদ্য সামগ্ৰী অন্তৰ্ভুক্ত কৰি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰে। এই খাদ্যসমূহৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে যিয়ে শৰীৰক সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। এনে পৰিস্থিতিত যদি আপুনি বাৰে বাৰে প্ৰস্ৰাৱৰ সংক্ৰমণত অসুবিধা পায়, তেন্তে আপুনি এই ৫ টা খাদ্য সামগ্ৰী আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে-
প্ৰস্ৰাৱৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত ক্ৰেনবেৰী সেৱনে অতি উপকাৰী হ’ব পাৰে। এই ফলৰ ফলত বেক্টেৰিয়া প্ৰস্ৰাৱ নলীত লাগি থকাত বাধা দিয়ে, যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনা কম হয়।
দৈত প্ৰ’বায়’টিক থাকে, যিয়ে শৰীৰৰ ভিতৰত ভাল বেক্টেৰিয়া বৃদ্ধি কৰে। এই ভাল বেক্টেৰিয়াই প্ৰস্ৰাৱ নলীত বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ কৰে, যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনা কম হয়। ইয়াৰ উপৰিও নিয়মিত দৈ খালে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব।