Home Blog Page 441

Gandhi Family: নতুন দিল্লীৰ আইকনিক কোৱালিটি ৰেষ্টুৰেণ্টত গৰম গৰম চোলে ভাতুৰে সোৱাদ ল’লে গান্ধী পৰিয়ালে

Gandhi Family
Gandhi Family: নতুন দিল্লীৰ আইকনিক কোৱালিটি ৰেষ্টুৰেণ্টত গৰম গৰম চোলে ভাতুৰে সোৱাদ ল'লে গান্ধী পৰিয়ালে

শীতকালত দিল্লীৰ গৰম গৰম চোলে ভাতুৰে আৰু সুস্বাদু খাদ্যৰ সোৱাদ কোনে ভাল নাপায়। নতুন দিল্লীৰ আইকনিক কোৱালিটি ৰেষ্টুৰেণ্টত গৰম গৰম চোলে ভাতুৰে আৰু সুস্বাদু খাদ্যৰ সোৱাদ ল’লে গান্ধী পৰিয়ালে।(Gandhi Family)শেহতীয়াকৈ ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু ৰবাৰ্ট ভাদ্ৰাক এখন ৰেষ্টুৰেণ্টত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা দেখা গৈছিল। এই বিশেষ অনুষ্ঠানৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এই ছবিখনত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু ৰবাৰ্ট ভাদ্ৰা একেলগে এখন টেবুলত বহি আছে। সকলোৰে মুখত হাঁহি।(Gandhi Family Lunch Photos)

এই স্লাইডখনত এটা ডাঙৰ আৰু ফুলা ভতুৰাৰ ছবি আছে। এনে লাগে যেন এই খাদ্যৰ মূল আকৰ্ষণ এইটোৱেই আছিল। ভাতুৰৰ আকাৰৰ ওপৰত চকু স্থিৰ।(Sonia Gandhi)

এই ছবিখনত ছোনিয়া গান্ধীয়ে খাদ্যৰ সোৱাদ লোৱা দেখা গৈছে।

ভাতুৰে দেখুৱাই ৰবাৰ্ট ভাদ্ৰা আৰু প্ৰিয়ংকা গান্ধীক অতি সুখী দেখা গৈছে। দেখাত এই দুপৰীয়াৰ আহাৰ তেওঁলোকৰ বাবে বিশেষ আছিল।

ছবিখনত টেবুলত বহু খাদ্য সামগ্ৰী ৰখা হৈছে। ইয়াৰ ভিতৰত ভাতুৰে, চোলে, চালাড আদি ব্যঞ্জন। এই খাদ্যৰ অতি সুস্বাদু দেখা গৈছে।

এইদৰে বহুত দুনৰ পিছত যেন গান্ধী পৰিয়ালৰ সদস্যসকলে ইজনে সিজনৰ সৈতে সময় কটোৱা দেখা গৈছে। এই ছবিসমূহ ৰাহুল গান্ধীয়ে নিজৰ এক্স একাউণ্টত পোষ্ট কৰিছে। ছবিখসমূহৰ কেপচনত তেওঁ লিখিছে ‘পৰিয়ালৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়’।

Child Marriage: ধুবুৰী জিলাত বাল্য বিবাহৰ লগত জড়িত ৬৮ জনক আটক

Child Marriage
Child Marriage

ধুবুৰী জিলাত বাল্য বিবাহৰ লগত জড়িত ৬৮  জনক আটক। সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ চলিল অভিযান।(Child Marriage)

আৰক্ষীৰ অভিযানত ধুবুৰী, গৌৰীপুৰ, আগমনি, তামাৰহাট, বিলাসীপাৰা, চাপৰ, আৰক্ষী চকীৰ বিভিন্ন ঠাইত অভিযান চলাই গ্ৰেপ্তাৰ বাল্য বিবাহ কৰোৱা স্বামী আৰু অভিভাৱকক।

ধুবুৰী জিলাৰ আৰক্ষীয়ে অভিযান চলাই ধুবুৰীত ১০ গৰাকী গৌৰীপুৰ ১৩ গৰাকী, গোলকগঞ্জ ১৭ গৰাকী, আগমণি ২ গৰাকী, তামাৰহাট ৩ গৰাকী, বিলাসীপাৰা ১৫ গৰাকী, চাপৰ ৫ গৰাকী, শাপটগ্ৰাম ৩ গৰাকী বাল্য বিবাহ কৰা স্বামীৰ লগতে আত্মীয়ক গ্ৰেপ্তাৰ কৰে, অৱশ্যে ধুবুৰীত আটকাধীন ১o গৰাকী ব্যক্তি সকলক আটক কৰিছে । ধুবুৰীত বাল্য বিবাহ বিৰোধী অভিযানত ১০ জনক আটক ধুবুৰী আৰক্ষীৰ।

আটকাধীন ব্যক্তি সকলক ধুবুৰী  ন্যায়িক আদালত হাজিৰ কৰোৱা হয়। বাল্য বিবাহত আটক হোৱা আত্মীয়ৰ ভিৰ দেখিবলৈ পোৱা যায় ধুবুৰী সদৰ স্থানৰ সন্মুখত ।

Child Marriage: পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, চাপৰ, বিলাসীপাৰা; নগৰবেৰাত আটক অবৈধ স্বামীক

Child Marriage
Child Marriage

ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত অন্যান্য প্ৰান্তৰ লগতে চাপৰ, বিলাসীপাৰা; নগৰবেৰাত আটক বহু অবৈধ স্বামীক। (Child Marriage)

চাপৰ থানাৰ অন্তৰ্গত বিভিন্ন স্থানত শনিবাৰে নিশালৈ চলিল বাল্য বিবাহ, অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান। চাপৰ আৰক্ষীয়ে অভিযান চলাই বিভিন্ন স্থানৰ পৰা আটক কৰিলে ৫জনক। পুৱতি নিশালৈ চলা এই অভিযানত চাপৰ আৰক্ষীয়ে আৰক্ষীয়ে আটক কৰা লোক কেইজন ক্ৰমে-

১-জাকিৰুল হক, (ঘুনিমাৰী)
২-মণ্ডল আলী , (ৰঙামাটি)
৩-হাকিনুৰ ইছলাম, (ৰৌমাৰী(
৪-আছমত আলী, (ফৌচদাৰচৰ)
৫-গিয়াছ উদ্দিন, (টোকৰাবান্ধা)

আনহাতে বিলাসীপাৰাতো আৰক্ষীৰ অভিযানত আটক ১৫ জন। আটকাধীন অবৈধ স্বামী সকল কাজাইকাটা, চুৱাপাতা,হাতিপোতা, মায়াৰচৰ,পষুৱাৰখাল, আন্দুৰঝাৰ আদি বিভিন্ন চৰাঞ্চলৰ পৰা আটক কৰে। বাল্য বিবাহৰ লগত জড়িত থকাৰ অভিযোগত আটক ১৫ জন ব্যক্তিক। আটকাধীন অবৈধ স্বামীক এবাৰ চাবলৈ বিলাসীপাৰা থানাত কান্দোনৰ ৰোল। ইফালে সাপটগ্ৰাম আৰক্ষীৰ অভিযানত তিনিজনক আটক, ভেৰভেৰীৰ এজন আৰু ৰাণীগঞ্জৰ পৰা দুজনক আটক কৰে।

নিশা নগৰবেৰা আৰু টুপামাৰীটো আৰক্ষীয়ে চলাই এই অভিযান। অভিযানত তিনিজনকৈ অবৈধ স্বামী গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ হোৱা অবৈধ স্বামী ক্ৰমে – ভখুৰাদিয়া গাঁৱৰ মুজ্জামেল হক, পলাহৰটাৰী গাওৰ নুৰ আলম আৰু খামেৰী গাঁওৰ অফিল উদ্দিন। আনহাতে বকোৰ মন্দিৰা আৰক্ষীয়েও নিশা অভিযান চলাই বিবাহৰ সৈতে জড়িত দুজনকৈ অভিভাৱক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে চৰকাৰৰ বাল্য বিবাহ বিৰোধী অভিযানক পূৰ্ন সমৰ্থন জনাইছে সংখ্যালঘু ৰাইজে। এই অভিযান অব্যাহত ৰাখিবলৈ ৰাইজে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।

School Week: বিশ্বনাথৰ বালিচাঙত বিদ্যালয় সপ্তাহ পালন

School Week
School Week

বিশ্বনাথ বালিচাং উচ্চ ইংৰাজী বিদ্যালয়ত পালন কৰা হয় বিদ্যালয় সপ্তাহ ৷ বিভিন্ন কাৰ্যক্ৰমণিকাৰ মাজেৰে উদযাপন কৰা বিদ্যালয় সপ্তাহ উপলক্ষে ছাত্ৰছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় কৃষ্টি প্ৰতিযোগিতা ৷ জ্যোতি সংগীত , ৰাভা সংগীত পৰিবেশন কৰাৰ লগতে দলীয় তথা আধুনিক নৃত্যও প্ৰদৰ্শন কৰে ছাত্ৰছাত্ৰী সকলে৷ (School Week)

এইদৰে সাংস্কৃতিক কাৰ্যসূচীৰে জীপাল হৈ পৰে বালিচাং উচ্চ ইংৰাজী বিদ্যালয়ৰ বিদ্যালয় সপ্তাহৰ কাৰ্যসুচী৷ ইয়াৰ পাছতে বিদ্যালয়ৰ পৰিছালনা সমিতিৰ সভাপতি গোপাল গুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুলসভা আৰু বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকললৈ উদ্দেশ্যি শিক্ষামুলক বক্তব্য আগবঢ়াই বিজ্ঞানকৰ্মী তথা শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে ৷ ইয়াৰ উপৰিও অনুষ্ঠানটোত উপস্থিত থকা শিক্ষকমণ্ডলী, অৱসৰপ্ৰাপ্ত শিক্ষক, আছুৰ বিষয়ববীয়া সকলৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক দিশত উৎসাহিত কৰে৷

প্ৰধানশিক্ষক ৰমেশ নাথে বিদ্যালয়খনৰ প্ৰতিবেদন পাঠ কৰে ৷ অনুষ্ঠানটি পৰিছালনা কৰে শিক্ষক নিত্যানন্দ শৰ্মা ৷ কাৰ্যসূচীভাগ সৰ্বতোদিশে সাফল্যমণ্ডিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে ছাত্ৰ সংসদৰ অধ্যক্ষ দিগন্ত শইকীয়াকে ধৰি ছাত্ৰ সংসদৰ বিষয়ববীয়া সকল৷

Silapathar: চিলাপথাৰত বিধংসী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তৰ কাষত সাংসদ প্ৰদান বৰুৱা

Silapathar
Silapathar

চিলাপথাৰত বিধংসী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তৰ কাষত সাংসদ প্ৰদান বৰুৱা।(Silapathar)

শনিবাৰে দুপৰীয়া হঠাত চিলাপথাৰৰ পুৰণি গৰু বজাৰৰ সমীপত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে জ্বলি ভস্মীভূত হয় এটি কাপোৰৰ গুডাম।(Pradan Baruah)

ক্ষতিগ্ৰস্তৰ কাষত পুৱাই উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লয় লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই।

শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি ক্ষতিগ্ৰস্তক কিছু চৰকাৰী অৰ্থসাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে।

Arunodoi 3.0: অৰুণোদয় ৩.০ত নালাগে বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ

Arunodoi 3.0
Arunodoi 3.0

এক ভাল খবৰ। বৈধ ৰেচন কাৰ্ড থাকিলে অৰুণোদয় ৩ ৰ বাবে নালাগে কোনো উৰ্পাজনৰ প্ৰমাণপত্ৰ। এই তথ্য চৰকাৰৰ ঘোষণা।(Arunodoi 3.0)

May be an image of text

অৰুণোদয়ৰ ধন পাবলৈ পৰিয়ালৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ নালাগে ।

এতিয়াৰে পৰা ৰেচন কাৰ্ড দেখুৱালেই পাব অৰুণোদয়ৰ ধন।

অৰুণোদয় ৩.০ত নালাগে বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰও।

চৰকাৰে দিলে স্পষ্টীকৰণ।

Barack Obama: বাৰাক ওবামাৰ প্ৰিয় ছবিৰ তালিকাত ভাৰতীয় ছবি

Barack Obama
Barack Obama

বাৰাক ওবামাৰ প্ৰিয় ছবিৰ তালিকাত প্ৰথমখন ভাৰতীয় ছবি! ভাৰতীয় প্ৰেক্ষাপটত নিৰ্মিত অন্ধ্ৰ প্ৰদেশৰ এগৰাকী কন্যাই নিৰ্মাণ কৰা এখন ছবিয়ে বাৰাক ওবামাৰ ছবিৰ তালিকাত শীৰ্ষস্থান দখল কৰে।(Barack Obama)

গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি আৰু এটা বছৰৰ অন্ত পৰিবলৈ দহ দিন বাকী। বছৰৰ শেষত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ২১ ডিচেম্বৰত এক্স হেণ্ডেলত ২০২৪ চনত চাবলগীয়া কিছুমান শ্ৰেষ্ঠ চিনেমাৰ নাম শ্বেয়াৰ কৰিছিল। এই ছবি সমূহৰ ভিতৰত পায়াল কাপাদিয়াৰ ছবি ‘অল উই ইমেজিন এজ লাইফ’ৰ কথাও উল্লেখ আছে।

কেৱল সেয়াই নহয়, পায়াল কাপাডিয়াৰ ‘অল উই ইমেজিন এজ লাইফ’ হৈছে ওবামাৰ প্ৰিয় ছবিৰ তালিকাৰ প্ৰথম স্থানত। ইয়াৰ পিছতে ‘কনক্লেভ’, ‘দ্য পিয়ানো লেছন’, ‘দ্য প্ৰমিজড লেণ্ড’, ‘দ্য ছিড অৱ দ্য চেক্ৰেড ফিগ’, ‘ডুন: পাৰ্ট টু’, ‘ডিডি’, ‘ছুগাৰকেন’, ‘এ কম্প্লিট আনন’ন’। এক্স হেণ্ডেলত থকা তালিকাখনৰ ওপৰত লিখা আছে, ‘২০২৪ চনত বাৰাক ওবামাৰ প্ৰিয় ছবি’। (payal kapadias)

যোৱা মে’ মাহত ভাৰতীয় পৰিচালক পায়াল কাপাডিয়াই তেওঁৰ ছবি ‘অল উই ইমেজিন এজ লাইট’ৰ বাবে গ্ৰেণ্ড প্ৰিক্স লাভ কৰিছিল। এইবাৰ প্ৰায় ত্ৰিশ বছৰৰ পাছত কান চলচ্চিত্ৰ মহোৎসৱৰ প্ৰথম শাৰীত এখন ভাৰতীয় ছবি মনোনীত হয়। পায়ালে কানৰ সৰ্বোচ্চ সন্মান পালম ডি অৰৰ পৰা সংকীৰ্ণভাৱে হেৰুৱাইছিল যদিও উৎসৱৰ দ্বিতীয় সৰ্বোচ্চ সন্মান গ্ৰেণ্ড প্ৰিক্স লাভ কৰিছিল। একান্তভাৱে ভাৰতীয় প্ৰেক্ষাপটত নিৰ্মিত অন্ধ্ৰ প্ৰদেশৰ কন্যা ছবিখনে বাৰাক ওবামাৰ ইচ্ছা তালিকাত শীৰ্ষস্থান দখল কৰে।

Tea Is Healthy: ‘চাহ এতিয়া স্বাস্থ্যকৰ’, চাহলৈ ‘স্বাস্থ্যকৰ’ পানীয়ৰ স্বীকৃতি আমেৰিকাৰ

Tea Is Healthy
Tea Is Healthy

চাহ প্ৰেমীৰ বাবে ভাল খবৰ। লাখ লাখ ভাৰতীয়ৰ প্ৰিয় চাহ, কিন্তু চাহক প্ৰায়ে অস্বাস্থ্যকৰ পানীয়ৰ শ্ৰেণীত ৰখা হয়। কিন্তু এতিয়া চাহৰ সন্দৰ্ভত মতামতও সলনি হৈছে। চাহলৈ এতিয়া ‘স্বাস্থ্যকৰ’ পানীয়ৰ স্বীকৃতি, আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (US FDA) কেমেলিয়া চাইনেন্সিছৰ পৰা তৈয়াৰী চাহক স্বাস্থ্যসন্মত পানীয় হিচাপে স্বীকৃতি দিয়াৰ বাবে উত্তৰ-পূব চাহ সন্থা (NETA) আৰু ভাৰতীয় চাহ সন্থাই আদৰণি জনাইছে। এই ঐতিহাসিক সিদ্ধান্তই চাহৰ অসংখ্য স্বাস্থ্য উপকাৰিতাৰ সন্দৰ্ভত বিশ্ব চাহ উদ্যোগৰ দাবীক ন্যায্যতা প্ৰদান কৰে। চাহলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে প্ৰদান কৰে এই আনুষ্ঠানিক স্বীকৃতি। ইণ্ডিয়ান টি এছ’চিয়েশ্যনে শুকুৰবাৰে সদৰী কৰে এই কথা।(Tea Is Healthy)

আমেৰিকাৰ চাহ সংস্থাৰ সভাপতি পিটাৰ এফ গগীয়ে এই স্বীকৃতিক বিশ্ব চাহ উদ্যোগৰ বাবে “কল্পনীয় খবৰ” বুলি অভিহিত কৰি চাহক স্বাস্থ্য প্ৰসাৰক পানীয় হিচাপে লোৱাৰ সম্ভাৱনাক সহজ কৰি তুলিছে। একেদৰে নেটাৰ উপদেষ্টা তথা ভাৰতীয় চাহ ব’ৰ্ডৰ প্ৰাক্তন উপাধ্যক্ষ বিদ্যানন্দ বৰকাকোটিয়ে উল্লাস প্ৰকাশ কৰি কয় যে, “এফ ডি এৰ স্বীকৃতিত আমি সুখী। বিশ্বৰ বিভিন্ন প্ৰান্তৰ গৱেষণাই চাহৰ স্বাস্থ্য উপকাৰিতাৰ দিশটো আঙুলিয়াই দিয়ে। আমি আমি অনুৰোধ কৰিছো।” ভাৰত চৰকাৰে চাহক সুস্থতা আৰু জীৱনশৈলীৰ পানীয় হিচাপে প্ৰচাৰ কৰিবলৈ।”

অৱশ্যে সংস্থাটোৱে স্পষ্ট কৰি দিয়ে যে এই ‘স্বাস্থ্যকৰ’ দাবী কেমোমিল, পদিনা, আদা, হিবিস্কাছ, বা মছলা চাহকে ধৰি অন্যান্য উদ্ভিদৰ পৰা তৈয়াৰী বনৌষধি চাহৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।

Narendra Modi’s Kuwait Visit: কুৱেইটত উপস্থিত মোডী, দুয়োখন দেশৰ সম্পৰ্কত গুৰুত্ব, প্ৰতিৰক্ষাৰ আলোচনাৰ সম্ভাৱনা! মোডীৰ কুৱেইট ভ্ৰমণক সমালোচনা কংগ্ৰেছৰ

Narendra Modi’s Kuwait Visit
Narendra Modi’s Kuwait Visit

কুৱেইটত উপস্থিত মোডী, দুয়োখন দেশৰ সম্পৰ্কত গুৰুত্ব, প্ৰতিৰক্ষাৰ আলোচনাৰ সম্ভাৱনা! ১৯৮১ চনত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কুৱেইট ভ্ৰমণ কৰিছিল। তাৰ পিছত আন কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে কুৱেইট ভ্ৰমণ কৰা নাছিল। ৪৩ বছৰৰ পাছত শনিবাৰে কুৱেইটৰ ৰাজকুমাৰৰ আমন্ত্ৰণত নৰেন্দ্ৰ মোদীয়ে কুৱেইট ভ্ৰমণ কৰে।(Narendra Modi’s Kuwait Visit)

দুদিনীয়া এই ভ্ৰমণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কুৱেইটৰ প্ৰশাসনৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব। কুৱেইটৰ প্ৰবাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে মোদীয়ে। দ্বিপাক্ষিক চুক্তি স্বাক্ষৰৰ পৰা আৰম্ভ কৰি ফুটবল প্ৰতিযোগিতাৰ দৰে বহুতো বিষয়ৰ ওপৰত আলোচনা কৰাৰ সম্বাৱনা।।

১৯৮১ চনত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কুৱেইট ভ্ৰমণ কৰিছিল। ৪৩ বছৰৰ পাছত শনিবাৰে কুৱেইটৰ ক্ৰাউন প্ৰিন্স আমিৰ শ্বেখ মেছাল আল আহমেদ আল জাবেৰ আল ছাবাহৰ আমন্ত্ৰণত কুৱেইট ভ্ৰমণ কৰে মোদীয়ে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰা। ইয়াৰ উপৰিও এই ভ্ৰমণৰ সময়ত কিছু দ্বিপাক্ষিক চুক্তিও স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। ভাৰত আৰু উপসাগৰীয় সহযোগিতা পৰিষদৰ (জিচিচি)ৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ আলোচনা হ’ব পাৰে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সম্পাদক অৰুণ কুমাৰ চেটাৰ্জীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ ঐতিহাসিক। দুয়োখন দেশৰ মাজত আৰম্ভ হ’ব নতুন অধ্যায়। বাণিজ্য, উদ্যোগ, প্ৰতিৰক্ষা আদি বিষয়ত আলোচনা কৰা হ’ব। শনিবাৰে কুৱেইটলৈ যোৱাৰ পূৰ্বে মোদীয়ে কয় যে তেওঁ এই ভ্ৰমণক লৈ উৎফুল্লিত। কুৱেইটৰ ক্ৰাউন প্ৰিন্স প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকৰ বাবে অপেক্ষা কৰি আছে।


কুৱেইটৰ শীৰ্ষ বাণিজ্যিক অংশীদাৰৰ তালিকাত ভাৰতৰ স্থান উচ্চ। ইয়াৰ বাহিৰেও দেশৰ জনসংখ্যাৰ এক বৃহৎ অংশ প্ৰবাসী ভাৰতীয়। কুৱেইটৰ কৰ্মশক্তিৰ ৩০ শতাংশ ভাৰতীয় নাগৰিক। ভাৰতলৈ খাৰুৱা তেল যোগান ধৰা দেশৰ তালিকাত কুৱেইটৰ স্থান ষষ্ঠ।

কংগ্ৰেছে মোডীৰ কুৱেইট ভ্ৰমণক সমালোচনা কৰে। মণিপুৰ বিষয়টোও উত্থাপন কৰিছে। বিৰোধীৰ মতে কিয় তেওঁ অশান্ত মণিপুৰলৈ নাযায়। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে মোডীয়ে মণিপুৰৰ জনসাধাৰণৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু কুৱেইটৰ ৰাজকুমাৰক লগ কৰিবলৈ তেওঁৰ সময় আছে।

Allu Arjun Pushpa 2: বিপদত আল্লু অৰ্জুন, সমস্যা বাঢ়িছে; তেলেংগানা মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ উত্থাপন

Allu Arjun Pushpa 2: বিপদত আল্লু অৰ্জুন, সমস্যা বাঢ়িছে; তেলেংগানা মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ উত্থাপন
Allu Arjun Pushpa 2: বিপদত আল্লু অৰ্জুন, সমস্যা বাঢ়িছে; তেলেংগানা মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ উত্থাপন

দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ ছবি ‘পুষ্পা ২: দ্য ৰুল’ বক্স অফিচত দুসপ্তাহতকৈও অধিক হ’ল যদিও ছবিখনক লৈ বিতৰ্কৰ অন্ত পৰা নাই। অভিনেতা আল্লুৰ বিপদবোৰ দিনক দিনে বাঢ়ি গৈ আছে। ছবিখন মুক্তি পোৱাৰ এদিন পূৰ্বে ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল, য’ত আল্লু অৰ্জুন হঠাতে উপস্থিত হয়, যাৰ বাবে তেওঁক চাবলৈ অনুৰাগীৰ ভিৰ গোট খাইছিল, তাতে পদপিষ্ট হৈ এগৰাকী ৩৫ এবছৰীয়া মহিলাৰ মৃত্যু হৈছিল।(Allu Arjun Pushpa 2)

মহিলাগৰাকীৰ ৮ বছৰীয়া পুত্ৰই চিকিৎসালয়ত জীৱন ৰক্ষাৰ সৈতে যুঁজি আছে। ইফালে এতিয়া এই বিষয়ত তেলেংগানাৰ মুখ্যমন্ত্ৰী এ. ৰেৱন্ত ৰেড্ডীয়ে শনিবাৰে অভিযোগ কৰে যে আৰক্ষীৰ পৰা অনুমতি নোলোৱাকৈ আল্লু অৰ্জুনে সেই চিনেমা হাউচত উপস্থিত হৈছিল। কিন্তু অভিনেতাজনে এই অভিযোগ অস্বীকাৰ কৰিছে। মুখ্যমন্ত্রীয়ে অভিযোগ উত্থাপন কৰে যে এই ভয়াবহতাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ পাছতো অভিনেতাসকলে থিয়েটাৰৰ পৰা ওলাই নাহিল, তাৰ পাছত আৰক্ষীয়ে তেওঁলোকক বলপূৰ্বকভাৱে বাহিৰলৈ উলিয়াই দিব লগা হয়৷ বিধানসভাত এই বিষয়টো উত্থাপন কৰে এআইএমআইএমৰ বিধায়ক আকবৰুদ্দিন ওৱেছিয়ে।

ইয়াৰ পিছতে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী এ.ৰেৱন্তই ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ’টোৰ কথা উল্লেখ কৰে ৰেভান্ত ৰেড্ডীয়ে। তেওঁ আল্লু অৰ্জুনক দোষাৰোপ কৰে যে তেওঁ ৰোড শ্ব’ৰ আয়োজন কৰি বিপুল জনসমাগমৰ মাজতো ৰাইজৰ আগত হাত জোকাৰিছিল। কিন্তু মুখ্যমন্ত্রীৰ এই অভিযোগৰ পাছত অভিনেতাগৰাকীয়েও সংবাদমেল সম্বধোন কৰি এই সকলো অভিযোগ নাকচ কৰি এই কথা সঁচা নহয় বুলি কয়৷ আৰক্ষীয়ে তেওঁলোকৰ বাবে বাট মুকলি কৰিছিল আৰু আৰক্ষীৰ নিৰ্দেশতে তেওঁলোকে অনুষ্ঠানটোত উপস্থিত হৈছিল। ৰাইজৰ ফালে হাত জোকাৰি ৰোড শ্ব’ কৰা বুলি উত্থাপিত অভিযোগো তেওঁ অস্বীকাৰ কৰে।

আল্লু অৰ্জুনে কয় ‘মোৰ বিষয়ে ভুল তথ্য প্ৰচাৰ হৈ আছে, মোৰ চৰিত্ৰক লৈ আঙুলি উঠোৱা হৈছে’। হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত পদপিষ্ট হোৱাৰ ঘটনাক লৈ সংবাদমেল সম্বোধন অভিনেতা আল্লু অৰ্জুনৰ। তেলেংগানা বিধানসভাত আল্লু অৰ্জুনৰ আচৰণক লৈ সমালোচনা কৰে AIMIM নেতা আকবৰুদ্দিন ওৱাইচি আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ।