Home Blog Page 465

Constitution: সংবিধানৰ বিষয়টোক লৈ লোকসভা আৰু ৰাজ্যসভাত বিতৰ্ক

সংবিধানৰ বিষয়টোক লৈ লোকসভা আৰু ৰাজ্যসভাত বিতৰ্ক হ’ব
সংবিধানৰ বিষয়টোক লৈ লোকসভা আৰু ৰাজ্যসভাত বিতৰ্ক হ’ব

সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত চলি থকা অচলাৱস্থাৰ মাজতে এতিয়া অহা সপ্তাহত সংবিধান সন্দৰ্ভত বিতৰ্কৰ বাবে সাজু হৈছে সকলো দল। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে হোৱা সৰ্বদলীয় বৈঠকত সকলো দলৰ নেতাই এই কথাত সন্মতি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰন ৰিজিজুৱে কয় যে ১৩ আৰু ১৪ ডিচেম্বৰত লোকসভাত সংবিধানৰ ওপৰত বিতৰ্ক হ’ব, আনহাতে ১৬ আৰু ১৭ ডিচেম্বৰত ৰাজ্যসভাত বিতৰ্ক হ’ব। ইয়াৰ উপৰিও সকলো দলেই সদন সুচাৰুৰূপে চলাবলৈও সন্মতি প্ৰকাশ কৰিছে।

সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত বিৰোধীয়ে বিভিন্ন বিষয়ত হুলস্থুলৰ সৃষ্টি কৰে, সেয়েহে সদনৰ কাম-কাজৰ সময়ত অবিৰত অচলাৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সৰ্বদলীয় বৈঠক আহ্বান কৰে। একেখন বৈঠকতে লোকসভাৰ অধ্যক্ষই সকলো দলৰ নেতাৰ সন্মুখত সংবিধান সন্দৰ্ভত আলোচনাৰ প্ৰস্তাৱ আগবঢ়ায়। এই সন্দৰ্ভত সকলো দলৰ নেতাই সন্মতি প্ৰকাশ কৰিছে।

এছ পি আৰু টিএমচিৰ সাংসদে উত্থাপন কৰিব তেওঁলোকৰ সমস্যা
তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে জনোৱা মতে, অহা ১৩ আৰু ১৪ ডিচেম্বৰত লোকসভাত সংবিধান সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিব।

আজিৰ বৈঠকত মঙলবাৰে সমাজবাদী পাৰ্টিৰ সাংসদসকলে সম্বলৰ বিষয়টো উত্থাপন কৰিব আৰু তৃণমূল কংগ্ৰেছৰ সাংসদে বাংলাদেশ বিষয়ত নিজৰ মতামত দাঙি ধৰিব বুলি সহমতত উপনীত হোৱা বুলিও তেওঁ কয়।

কংগ্ৰেছ আৰু বিজেপিৰ মাজত অভিযোগ আৰু পাল্টা অভিযোগ

মোডী ৩.০ত সংবিধানৰ লগত খেলা-ধূলা কৰা হ’ব বুলি বিৰোধীৰ আক্ৰমণৰ প্ৰতি শাসকীয় বিজেপিয়ে ধাৰাবাহিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহে বহুবাৰ বিৰোধীয়ে লোকসভাত যদি বিজেপিয়ে পুনৰ নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা পায় তেন্তে সংবিধান সংশোধন কৰিব বুলি কৰা দাবী নাকচ কৰিছে।

২৫ নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল সংসদৰ শীতকালীন অধিৱেশন। কিন্তু বিভিন্ন বিষয়ত সংসদত অবিৰত অচলাৱস্থাৰ সৃষ্টি হৈছিল। সম্বলৰ হিংসাত্মক সমস্যা সন্দৰ্ভত আলোচনাৰ দাবী উত্থাপন কৰাৰ বিপৰীতে তৃণমূলৰ সাংসদসকলে বাংলাদেশৰ বিষয়টো উত্থাপন কৰিব বুলি দাবী জনাইছিল।

Tea: চাহৰ সৈতে পকৰা হয়তো আপুনিও ভালপাই! কিন্তু, নাখাব…

Tea
Tea

দিনটোত একাপ, দুকাপকৈ কিমান চাহ খোৱা হয়তো কাৰো হিচাব নাথাকে। দিনটোৰ ভিতৰত একাপ চাহটো প্ৰায় লোকেই খাই। চাহ খোৱাৰ অভ্যাস থকা মানুহে চাহ নোখোৱাকৈ থাকিব নোৱাৰে। চাহ এক অস্বাস্থ্যকৰ পানীয় যদিও চাহৰ ঔষধি গুণো আছে। কিন্তু চাহৰ লগত আপুনি কি কি মৌল যোগ কৰিছে তাৰ ওপৰত ভিত্তি কৰি চাহৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে ক’ব পাৰি। (Tea)

চাহত কি কি বস্তু যোগ নকৰিব জানো আহক-(Never Mix These Food Items With Tea)

১/ গাখীৰ আৰু চেনি
চাহত গাখীৰ আৰু চেনি মিহলি নকৰিলেহে চাহ স্বাস্থ্যকৰ, কিন্তু মানুহে চাহ আৰু চেনি যোগ নকৰাকে চাহৰ সোৱাদ নাপায়।

২/ গুড়
চাহত গুড় মিহলাই খাব নালাগে কাৰণ ইয়াৰ ফলত বদহজম আৰু মধুমেহ ৰোগৰ আশংকা সৃষ্টি হয়।

৩/ নিমখীয়া বস্তু
চাহৰ সৈতে নিমখীয়া বস্তু যেনে-পকৰা, ভুজিয়া কেতিয়াও চাহৰ লগত খাব নালাগে।

Lovmuna:একেলগে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁই আৰু যমুনা বড়ো

Lovmuna:একেলগে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁই আৰু যমুনা বড়ো
Lovmuna:একেলগে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁই আৰু যমুনা বড়ো

বৰপথাৰ, ২ ডিচেম্বৰঃ গোলাঘাট জিলাৰ বৰপথাৰত শনিবাৰে সন্ধ্যা উপস্থিত হয়হি দুই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁই আৰু (Jamuna Bodo) যমুনা বড়ো(Lovmuna)।

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত অলিম্পিক পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া লাভলীনাৰ গৃহভূমি বৰপথাৰত নিৰ্মাণ কৰা হৈছিল লাভলীনা বৰগোঁহাই(Lovlina Borgohain) নামেৰে এখন বক্সিং একাডেমী। উল্লেখ্য, শেষতীয়াকৈ অলিম্পিকৰ বাবে ব্যস্ত হৈ থকাৰ পিছত নৱ প্ৰজন্মৰ খেলুৱৈসকলৰ বাবে সময় দিব বিচাৰিছে লাভলীনাই৷

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত(World Women’s Boxing Championships) ব্ৰঞ্জৰ পদক বিজয়ী বান্ধৱী যমুনা বড়োৰ সৈতে লাভলীনা বৰগোহাঁই বক্সিং একাডেমীত(Lavlina Bargohai Boxing Academy) প্ৰশিক্ষন গ্ৰহণ কৰি থকা প্ৰশিক্ষাৰ্থী সকলক বক্সিঙৰ টিপছ দিয়ে দুই বক্সাৰ লাভলীনা বৰগোহাঁই আৰু যমুনা বড়োৱে।

অলিম্পিক আৰু বিশ্ব বক্সিংৰ দৰে খেলুৱৈ জীৱনৰ সৰ্ব্বোচ ক্ৰীড়া প্ৰতিযোগিতাত পদক অর্জন কৰি যথেষ্ট অভিজ্ঞতাৰে পুষ্ট দুই খেলুৱৈৰ লক্ষ্য অনাগত দিনত অসমৰ খেলুৱৈসকলক বিশ্ব ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোৱাৰ বাবে উপযুক্ত কৰি গঢ়ি তোলা।

যাৰ বাবে এই ক্ষেত্ৰত আগন্তুক দিনত বান্ধৱী যমুনা বড়োৰ সৈতে একে লগে কাম কৰাৰ ইচ্ছা থকা বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে। আৰু উক্ত অভিযানৰ আৰম্ভণি হিচাপে লাভলীনাই নিজা নামেৰে গৃহভুমি বৰপথাৰত স্থাপন কৰা লাভলীনা বৰগোহাঁই বক্সি একাডেমীৰ খেলুৱৈসকলক সাক্ষাৎ কৰে৷

আনহাতে, বান্ধৱী লাভলীনা বৰগোহাঁইৰ লগত প্ৰথমবাৰ বাবে গোলাঘাটলৈ আহি অতি আনন্দিত হোৱা বুলি জানিবলৈ দিয়ে বিশ্ব বক্সিংৰ পদক বিজয়ী যমুনা বড়োৱে৷

আনহাতে, সাম্প্ৰতিক সময়ত বিশেষকৈ নৱ প্ৰজন্মই ধপাতজাতীয় তথা অনান্য ৰাগিয়াল বস্তুৰ প্রতি অধিক আকৰ্ষিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নৱপ্ৰজন্মক সেই ৰাগিয়াল বস্তু সমুহ বৰ্জন কৰিবলৈ আহবান জনাই।

আৰু ক্ৰীড়াৰ জড়িয়তেহে নৱপ্ৰজন্মক এই নিচাজাতীয় বস্তৰ প্ৰতি থকা আসক্তি সলনি কৰিব পৰা যাব বুলি কয় বক্সাৰ লাভলীনা বৰগোঁহায়ে৷ এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী তথা নিজ সন্তানক বিশেষকৈ অভিভাৱক-অভিভাৱিকা সকলে অধিক গুৰুত্ব প্ৰদান কৰিবলৈও আহবান জনাই বক্সাৰগৰাকীয়ে।

Lampi football team:টুপামাৰীত ফুটবল প্ৰতিযোগিতাত মেঘালয়ৰ লাম্পি ফুটবল দল চেম্পিয়ন

Lampi football team:টুপামাৰীত ফুটবল প্ৰতিযোগিতাত মেঘালয়ৰ লাম্পি ফুটবল দল চেম্পিয়ন
Lampi football team:টুপামাৰীত ফুটবল প্ৰতিযোগিতাত মেঘালয়ৰ লাম্পি ফুটবল দল চেম্পিয়ন

গুৱাহাটী, ২ নৱেম্বৰঃ কামৰূপৰ ২৭নং ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ৰঙ্গেশ্বৰী-টুপামাৰী যুৱকসকলৰ উদ্যোগত আৰু টুপামাৰী(Tupamari) বজাৰৰ সৌজন্যত আয়োজন কৰা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন(Football Tournament) দেওবাৰে সামৰণি পৰে।

তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলনত লাম্পি এফচি(Lampi football team) দলে হাহিম জিজাং ফুটবল দলক ৩-২ গ’লত পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয়।(Nagarbera) খেলৰ শেষত সন্ধিয়া বটাঁ বিতৰণী সভাঅনুষ্ঠিত কৰে।

খেল পৰিচালনা সমিতিৰ সভাপতি আহমেদ ইমতিয়াজ বুলবুলৰ সঞ্চালনাত আৰু সম্পাদক আবুল হুছেইনে উদ্দেশ্য ব্যাখ্যা কৰা বটাঁ বিতৰণী সভাত ২০,০০১ টকা লগতে ট্ৰফী বিজয়ী আৰু ১৫,০০১ টকা লগতে ট্ৰফী বিজেতা দলক প্ৰদান কৰে।(Meghalaya)

উক্ত বটাঁ বিতৰণী সভাত সন্মানীয় অতিথি হিচাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা-অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যবাহী সদস্য কোৰবান আলী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ক্ৰমে আনোৱাৰ পৰামানিক, আজিবৰ ৰহমান, ছমৰীয়া আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰফিকুল ইছলাম, আমছু’ৰ সহঃসাধাৰণ সম্পাদক ফিৰাজুল হক, টুপামাৰী গাঁও পঞ্চায়ত সমবায় সমিতিৰ প্ৰাক্তন সভাপতি হাতেম আলী আহমেদ, টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভগৱান ডেকা, টুপামাৰী হাই স্কুলৰ সহঃশিক্ষক ছুৰুজ জামাল আহমেদ, টুপামাৰী এলপি স্কুলৰ প্ৰধান শিক্ষক জমিৰ উদ্দিন, টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ছাদ্দাম হুছেইন, সামাজ সেৱক ছুলতান মামুদ, টুপামাৰী মণ্ডল কংগ্ৰেছৰ কমিটিৰ সভাপতি আব্দুল হামিদ, জনপ্ৰিয় গায়িকা ৱাহিদা ৰহমান, যুৱ ব্যৱসায়ী ৰবিউল আলমৰ লগতে অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

খেলখন চাবলৈ খেলপথাৰৰ চৌপাশে কেবা সহস্ৰাধিক দৰ্শকৰ সমাগম ঘটে, চূড়ান্ত খেলখনক কেন্দ্ৰ কৰি উচৱমুখৰ হৈ পৰে বৃহত্তৰ টুপামাৰী অঞ্চল। অঞ্চলটোত ক্ৰমাগত ভাবে বৃদ্ধি পাব ধৰা নিচাসক্ত মানসিকতাৰ পৰা যুৱচামক মুক্ত কৰাৰ বাবেই আৰু টুপামাৰী (কড়িতলা) বজাৰৰ উন্নয়নৰ স্বাৰ্থত এই দীঘলীয়া খেল প্ৰতিযোগিতাৰ আয়োজন কৰা বুলি খেল পৰিচালনা সমিতিৰ সম্পাদক তথা ‘দৈনন্দিন বাৰ্তা’ কাকতৰ স্থানীয় সাংবাদিক আবুল হুছেইনে মন্তব্য কৰে।

Construction of Assam Mala Road:দুলীয়াজনত অসম মালাৰ পথ নিৰ্মাণৰ কাৰ্য শামুকীয়া গতিত ধুলিৰে ধুসৰিত পথে কাহ জ্বৰত আক্ৰান্ত শিশুসহ বৃদ্ধ

Construction of Assam Mala Road:দুলীয়াজনত অসম মালাৰ পথ নিৰ্মাণৰ কাৰ্য শামুকীয়া গতিত ধুলিৰে ধুসৰিত পথে কাহ জ্বৰত আক্ৰান্ত শিশুসহ বৃদ্ধ
Construction of Assam Mala Road:দুলীয়াজনত অসম মালাৰ পথ নিৰ্মাণৰ কাৰ্য শামুকীয়া গতিত ধুলিৰে ধুসৰিত পথে কাহ জ্বৰত আক্ৰান্ত শিশুসহ বৃদ্ধ

গুৱাহাটী, ২ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত লোকনিৰ্মাণ বিভাগৰ অধিনত(Construction of Assam Mala Road) দুলীয়াজন-ডিগবৈ দিশেৰে নিৰ্মাণ কাৰ্য চলি থকা দুলীয়াজান-ডিগবৈ মুখ্য পথৰ(Duliajan-Digboi main road) নিৰ্মাণৰ কাম শামুকীয়া গতিৰে(Snail’s Pace) অব্যাহত থকাত যাত্ৰীৰ লগতে যানবাহন চলাচল কৰাত ভীষণ অসুবিধাৰ সৃষ্টি হৈছে৷(Cough and Fever)

ইয়াৰ উপৰি পথৰ নিৰ্মাণৰ কাম অব্যাহত থকাত গাড়ী যাত্ৰায়ত অত্যাধিক হাৰত বৃদ্ধি হোৱাত ধুলিৰে পথছোৱা লগতে বায়ুমণ্ডল ছানি ধৰে৷ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন ক্ষেত্ৰলৈ যোৱা পথচাৰীক ধুলিৰে বাৰুকৈয়ে ধুসৰিত কৰি আহিছে৷

ধুলিৰ বাবে পথছোৱা আশে-পাশে থকা দুই শতাধিক পৰিয়ালক একপ্ৰকাৰে ধুলিয়ে গৃহ বন্দী কৰি ৰাখাত ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগ(Department of Public Works) আৰু ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে অসন্তুষ্টী প্ৰকাশ কৰিছে।

ধূলিৰ পথৰ কাষৰীয়া ঘৰবোৰৰ দৰজা আৰু খিৰিকী খুলিব নোৱাৰাৰ অৱস্থা সৃষ্টি হৈছে৷ ধুলিৰ বাবে বহু কন কন শিশু বৃদ্ধৰ চৰ্দি আৰু শুকান কাহৰ অসুখত অসুস্থ হ’বলগীয়াত পৰিছে৷

স্থানীয়ন ৰাইজে সংলিষ্ট কৰ্তৃতপক্ষক পথৰ ওপৰত পানী চটিয়াই ধূলি নিবাৰণ কৰাৰ দাবী জনাই আহিছে যদিও কাৰ্যক্ষেত্ৰত ফুটুকাৰ ফেনত পৰিণত হৈছে৷

যাত্ৰায়তৰ অনুপযুক্ত ধূলিৰে ওপচি পৰা পথতত দৈনিক দুবাৰতকৈ অত্যাধিক পানী ঢালি ধূলি নিবাৰণ কৰিব লাগে যদিও অকমণ্য লোকনিৰ্মাণ বিভাগে চকু মুদা কুলিৰ ভাও ধৰাত ঠিকাদাৰ প্ৰতিষ্ঠানে ৰাইজৰ দাবীক আওকাণ কৰাৰ পৰিলক্ষিত হৈছে।

বিশেষ সুত্ৰে জানিব পৰা অনুসৰি পথত পানী ঢলা টেংকাৰ গাড়ীৰ অভাৱ হোৱাৰ বাবে এনে অৱস্থাই ৰাইজক জ্বলা ক’লা খুৱাইছে।

আনহাতে টিপলিংৰ পৰা পদুমণী তিনিআলিলৈকে নিম্নমাণ অৱস্থাত থকা পথছোৱা মাটিৰ পৰিৰ্বতে বালি পলখে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লগতে লোক নিৰ্মাণ বিভাগে কি প্ৰদক্ষেপ গ্ৰহণকৰে লক্ষণীয় হ’ব।

IPS Harsh Bardhan: মৰ্মান্তিক! নিযুক্তিৰ প্ৰথম দিনাই পথ দুৰ্ঘটনাত মৃ*ত্যু IPS বিষয়াৰ

IPS Harsh Bardhan
IPS Harsh Bardhan

এক শোকাৱহ ঘটনা। নিযুক্তিৰ প্ৰথম দিনাই পথ দুৰ্ঘটনাত মৃত্যুক সাৱটিলে এগৰাকী IPS বিষয়াই। দেওবাৰে সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ পিছত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আৰক্ষী বিষয়াগৰাকীৰ নাম আছিল হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনৰ মৃত্যুত বহু জ্যেষ্ঠ আৰক্ষী বিষয়াই ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰিছে।(IPS Harsh Bardhan)

প্ৰশিক্ষণ সমাপ্ত কৰাৰ পিছত আই পি এছ বিষয়াজনে প্ৰথম পোষ্টিঙৰ বাবে গৈ থাকোঁতে মাজবাটতে পথ দুৰ্ঘটনা সংঘটিত হৈ এই পৃথিৱীৰ পৰাই বিদায় ল’লে। কৰ্ণাটকৰ হাছান জিলাত প্ৰথম পদবীৰ দায়িত্ব ল’বলৈ গৈ আছিল বিষয়াগৰাকী। আৰক্ষী বিষয়াগৰাকীৰ নাম আছিল হৰ্ষবৰ্ধনৰ বয়স মাত্ৰ ২৬ বছৰ।(Karantaka)

আৰক্ষীয়ে জনোৱা মতে, কৰ্ণাটক কেডাৰৰ ২০২৩ বেটচৰ আই পি এছ বিষয়া হৰ্ষ বৰ্ধন মধ্যপ্ৰদেশৰ বাসিন্দা আছিল। দেওবাৰে সন্ধিয়া হাছান তালুকৰ কিটানেৰ সমীপত আৰক্ষীৰ বাহনখনৰ টায়াৰ ফাটি যায়। ইয়াৰ পিছতে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে পথৰ দাঁতিত থকা এটা ঘৰ আৰু গছত খুন্দা মাৰে।(IPS Harsh Bardhan died)

Peak of the Autumn:আঘোণৰ উকি আৰু আঘোণৰ নষ্টালজিক অনুভূতি…

Peak of the Autumn:আঘোণৰ উকি আৰু আঘোণৰ নষ্টালজিক অনুভূতি…
Peak of the Autumn:আঘোণৰ উকি আৰু আঘোণৰ নষ্টালজিক অনুভূতি…

এই সময়খিনি বৰ হেঁপাহৰ।কৃষকৰ বুকুৰ আশাই গজালি মেলি বাস্তৱ হোৱাৰ সময়।আচলতে আঘোণৰ সময়বোৰ আগুৱাইছে।(Peak of the Autumn) আঘোণ মাহ শেষ হ’বলৈ এতিয়াও দহ-বাৰদিন বাকী।কিন্তু আঘোণৰ সোণোৱালী গুটীধানেৰে ভৰপুৰ পথাৰখনৰ পৰা ধানবোৰ প্ৰায় নোহোৱাৰ দৰে হৈ পৰিছে।

প্ৰায় কাতিৰ শেষৰপৰাই পথাৰৰ ধান পকিবলৈ ধৰে। আঘোণ মাহ সোমাল কি নোসোমাল মানুহে ধান দাবলৈ আৰম্ভ কৰেই। আৰু আঘোণ(Aaghon) মাহ শেষ হোৱাৰ আগেয়েই পথাৰ কেৱল ৰুক্ষ নৰাৰে ভৰপুৰ হৈ পৰে।(Nostalgic feelings of Aghoon) অথচ শাওনৰ পৰা আঘোণলৈ এই সময়ছোৱা কৃষকৰ ক’ত হেঁপাহ বিজড়িত সময়।

আনন্দভৰা উছাহেৰে অপেক্ষা কৰা প্ৰাণবন্ত সময় এখিনিক মানুহে মনৰ মাজতে ধাৰণ কৰি থাকে। পোক পতংগৰ পৰা ৰক্ষা কৰিবৰ বাবে শাওনতে ৰুই থৈ যোৱা পথাৰখন কাতিৰ কঙালীত চাকি এগচ দি আহে।

কিমান যে প্ৰাণ-প্ৰাচুৰ্যৰ সম্ভাৱনাক লৈ মানুহ আশাবাদী হৈ পৰে। প্ৰাচুৰ্যতাৰে ভৰপুৰ পথাৰখনে কৃষকৰ গা-মন শাত পেলাই যায়। তাহানিতে আঘোণক লৈ লিখা কবিতাই এতিয়াও গা-মনত হিল্লোল জগায়। ‘আঘোণৰ কুঁৱলী’- কেশৱ মহন্ত

“আঘোণৰ পথাৰত দাৱনীৰ কাম আছে
মুঠি মুঠি,কাচি কাচি ডাঙৰি ডাঙৰি
কাম আছে
আঘোণৰ পথাৰত কাম আৰু কাম”


হয়। আঘোণৰ পথাৰত দাৱনীৰে বহু বেছি কাম থাকে। শাওনৰ বোকাৰে লেটি লেটি খেতি কৰি দাৱনীয়ে আঘোণলৈকে অপেক্ষাৰে বাট চায়। আঘোণ মাহ কৃষিজীৱী সমাজ এখনৰ বাবে শাওনৰ পথাৰতে ৰচা এটি ভাললগা সপোন। চহা কৃষকৰ বাবে আঘোণ জানো কেৱল এটি ভাললগা মাহৰে নাম? ওঁহো নহয়।আঘোণ কৃষকৰ হেঁপাহ।

নাঙলৰ শিৰলুৰ কৰ্ষণেৰে ধৰাক জীপাল কৰি বীজ সিঁচি বছৰ জুৰি খাবৰ বাবে কৰা কষ্টৰ ফচলৰ বুনিয়াদ এই শাওন(Shawn)। শাওনৰ বুকুত ভৰ দি তাৰেই ফলশ্ৰুতিত আঘোণ মোক তোল মোক তোল যেন গাভৰু নাচোনৰ লয়লাস ভংগিমাৰে অপেক্ষা কৰি থাকে।দাৱনীবোৰ তৎপৰ হয়। কাঁচিবোৰ শানত দি চিকচিকীয়া কৰি লয়।

তাঁতৰ যুটিটো এই আঘোণৰ দিনবোৰত সযতনে এফলীয়া কৰি থয়। কৃষি সামৰিয়ে তাঁতত ধৰিব লাগিব। বাৰীৰ নেমু জলকীয়াবোৰেও যেন বহু কথা বুজি পায়। ৰ’দঘাই পথাৰত সিহঁত দাৱনীৰ সংগী হ’বলৈহে যেন অপেক্ষা কৰি থাকে। হালোৱাইও বিৰিয়া সাজু কৰি তোলে মুঠি ধানৰ ডাঙৰী বান্ধি ঘৰ, চোতাল, ভঁড়াল ভৰাবলৈ। কিমান যে আয়োজন।

কিমান যে আয়োজন এই আঘোণ মাহৰ পথাৰ ওন্দোলি থকা গুটী ধান চপাই ভঁড়াল চহকী কৰিবলৈ! জাতি ধৰ্ম নিৰ্বিশেষৰ এই কৃষিপ্ৰণালী এক প্ৰাণপ্ৰবাহ। আঘোণৰ এই সমৃদ্ধিশালী প্ৰাচুৰ্যতাক বাৰু কোনে বেয়া পায়?

গ্ৰামাঞ্চলৰ জীৱন-জীৱিকাৰ মান নিৰূপনৰ লগতে আৰ্থিক তথা সামাজিক দিশৰ মাপ-কাঠীস্বৰূপ আঘোণ মাহৰ কথা কৈ আচলতে শেষ কৰিব নোৱাৰি।

চহা জীৱনৰ বাবে আঘোণেই আশা-ভৰসাৰ স্থলী। দাৱনীৰ বাবেও যেন আঘোণ এক ৰঙীণতাৰে পৰিপূৰ্ণ, প্ৰাণবন্ত সময়। ক’ত দিনৰপৰা আলোচনা-বিলোচনা কাৰ পথাৰত কোনে ধান দাই সহায় কৰিব, কোনে ৰবাব টেঙা আনিব, কোনে মৌচুমী টেঙা আনিব, কোনে জলফাই আনিব ইত্যাদি ইত্যাদি।

গ্ৰামাঞ্চলত নিজেও এনে ৰসাল সময় এছোৱা অতিবাহিত কৰি আহিছোঁ বাবে আঘোণ মোৰ বাবে এক মিঠা সোঁৱৰণ। শৈশৱ, কৈশোৰৰৰ চপলতাৰপৰা যৌৱনৰ আঘোণৰ স্মৃতি বেলেগ বেলেগ হ’লেও যেন আঘোণৰ ৰাগিত পুনৰ হেৰাই যাবৰ মন যায়। আঘোণৰ সেই জাকৰুৱা মাহী, পেহী, মাহঁতৰ সেই খিল খিল হঁহিবোৰৰ সৈতে পুনৰ সংপৃক্ত হোচাৰ বাসনা জাগে।

কিন্তু সময়ৰ আলি কেঁকুৰীত মই, আমিবোৰ। ক’ত সেই আঘোণৰ পথাৰ? ক’ত আজি মই? আঘোণৰ পথাৰ এখন চকুৰ আগত দেখিলেই মনহাঁহ উৰি যায় সেই শৈশৱ, কৈশোৰৰ, যৌৱনৰো এৰি অহা আঘোণৰ দিনবোৰলৈ। পোৱা হ’লে পুনৰ বাৰ ঘূৰাই সেই দিন। পোৱা হ’লে পুবৰবাৰ আঘোণৰ সেই কুঁৱলীসনা দিন…


‘আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি,
একোকে নমনি।
কুঁৱলী নথকা হ’লে দেখিলোঁহেঁতেন
পতা সোণ বৰণীয়া ধানৰ আঁচল’


আঘোণ মানেই যেন ঘন কুঁৱলীৰ আচ্ছাদন। কিন্তু সময়বোৰ কিবা অলপ হলেও যেন সলনি হৈছে। ভৌগোলিক বাতাবৰণ, জলবায়ুৰ পৰিবৰ্তন হৈছে। তাহানিতে ভৰপক আঘোণত ঘনঘোৰ কুঁৱলীৰ আচ্ছাদনে পথাৰ পোতখাই আছিল। এতিয়া দেখোণ আঘোণ মাহ শেষ নহওঁতেই পথাৰৰ ধান দাই-কাটি শেষ হ’ল।

কুঁৱলীৰ আচ্ছাদন পৰাৰ সময় আহিয়ে যেন নাপালেহি। সময়বোৰ অলপ হ’লেও সলনি হৈছে এই কথাষাৰ মই অনুভৱ কৰিছোঁ। তাহানিতে আমাৰ বছেৰেকীয়া পৰীক্ষাবোৰ হৈছিল। ‘মাহঁতৰ আঘোণ’ৰ আকৌ ভৰপক হৈছিল। দাৱনী -হালোৱাৰ ব্যস্ততাৰ লগতে আমিবোৰেও পৰীক্ষাৰ প্ৰস্তুতি চলাইছিলোঁ। কিযে ভাললগা দিন আছিল।

পৰীক্ষা দি আহিয়েই পথাৰলৈ দৌৰিছিলোঁ। নৰা পেঁপা বজোৱাৰ পৰা চেঁচু খান্দি খোৱাৰ পৰা লেছেৰি কেইডাল বুটলালৈকে লগ লগৰীয়াৰ লগত প্ৰতিযোগিতাত নামিছিলোঁ। কেৱল সেয়াই নহয়। ৰবাব টেঙাকন পথাৰত খাইহে আনন্দ পাইছিলোঁ।

ঘৰত ভাত খোৱাৰ জুতিতকৈ পথাৰত খোৱাৰ জুতিটো আছিল এক অনন্য অনুভূতি।যাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। কৃষকৰ কপালৰ ঘাম পেলাই কৰা সেউজ শস্যবোৰ আঘোণৰ পথাৰত যেন সোণোৱালী ৰ’দ হৈ নামে।

আঘোণৰ সোণগুটীৰে শুৱনি সোণালী ধানবোৰ যেন কৃষকৰ বুকুৰ মুকুতাহে।শৰতৰ সেউজীয়া শোভা আঁতৰাই আঘোণে কৃষকৰ বুকুত সোণালী দলিচা পাতে। সোণালী ধানৰ মিঠা গোন্ধে কৃষকৰ বুকুত হেঁপাহ আৰু আনন্দৰ তোলপাৰ লগায়। এই লৈ অতখন কষ্ট সেই শাওনৰে পৰা!কৃষকৰ সপোনবোৰ শাওনৰপৰাই আঘোণলৈ যেন সপোন হৈ নামে।

সপোনবোৰ কৃষকৰ চকুত নাচি থাকে।সেই সপোনৰ অংকুৰিত বীজ বিগত বৰ্ষৰ জেঠৰ পৰাই আৰম্ভ হয়। কৰ্মঠ কৃষকৰ বুকুৰ ঘাম বিজড়িত কঠোৰ শ্ৰমৰ শেষ হাঁহি মাৰে আঘোণত।ধান গুটী বোৰ চপাই ভঁড়ালত থোৱালৈকে কোনেও কালৈও চাবলৈ অৱসৰ নাই।

সন্ধিয়া নামি অহাৰ লগে লগে পথাৰ সামৰি ঘৰমুখী হোৱা মানুহে ৰাতিয়েই লেম্প-চাকি জ্বলাই চোতালত মৰণা মাৰি ডুলি, বস্তাত ধানবোৰ সযতনে ভৰাই থয়। বছৰজুৰি খাব লাগিব।সেয়াই হেঁপাহ, সেয়াই আনন্দ। সেয়াই আঘোণ।

আৰু কি লাগে কৃষিজীৱী মানুহক?ওচৰ চুবুৰীয়া পথাৰত সহয় কৰি দিয়া জ্ঞাতি কটুম্বক মাতি এসাজ আকৌ নতুন চাউলৰে ন-ভাতো খায়।বাৰীৰ সতেজ লাই কোমোৰা হাঁহে মাহে, পুখুৰীৰ জীয়া কাৱৈ-পুঠিৰে এই সাজ ভাত লগে ভাগে খোৱাৰ আনন্দই বেলেগ।

এয়াই আঘোণ।আঘোণ মাহৰ কথা কৈ শেষ কৰিব নোৱাৰি।গাঁৱৰ প্ৰতিঘৰ মানুহৰ চোতাল- ঘৰ-ভৰি থাকে কেৱল গুটী ধানৰ সোণালী শোভাৰে।নৰানিত গৰু এৰাল দি, দুপৰীয়া পানী খুৱাবলৈ যোৱা দৃশ্যবোৰ সুলভ এই সময়ত।

আঘোণৰ এই স্মৃতিৰ প্ৰশান্তিৰে গ্ৰামাঞ্চলৰ চহা কৃষক তৃপ্ত হৈ পৰে। কোনে পাহৰিব? কোনেও নাপাহৰে আঘোণৰ সেই সুখানুভূতি।অৱশ্যে সময় সলনি হৈছে।গাঁৱৰ নাৰীবোৰ, পুৰুষবোৰ বৃত্তিজীৱী হৈ পৰিছে।

ধান দাবলৈ পথাৰলৈ যাবলৈ মানুহৰ সময় নোহোৱা হৈছে।অত্যাধুনিক ধান দোৱা আহিলাই মানুহে ধান দোৱা বা কষ্ট কৰা কাম লাঘৱ কৰিছে।চাবলৈ গ’লে কোনোবাফালে ভাল হৈছে যদিও কোনোবাফালে কিছুমান স্বত:স্ফূত আত্মিক আনন্দ বিজড়িত মাদকতাৰপৰা মানুহ বঞ্চিত হৈছে।

উপায়ো নাই। ই সময়ৰ আহ্বান। যাক আমি গ্ৰহণ কৰিবই লাগিব। তথাপিও নষ্টালজিক অনুভূতিৰে আঘোণক চুই চাওঁ। সৰগীয় অনুভূতিৰে ৰঞ্জিত হওঁ।সোণোৱালী পথাৰ এডৰা দেখিলেই নিজক বিচাৰি পাওঁ।

শাওন, কাতি, আঘোণ এইবোৰ বুকুৰ বৰপীৰাত বহাই লোৱা একো একোটা মাহ। গোন্ধাই থাকে মনৰ ভিতৰখন। আঘোণে সৌৰভ বিলায়। প্ৰাণ প্ৰাচুৰ্যতাৰ সৌৰভ।আৰ্থিক স্বচ্ছলতাৰ সৌৰভ।সম্প্ৰীতিৰো সৌৰভ। সকলো।

প্ৰিয়ম ৰাগিণী(Priyam Ragini)

Vitamin Deficiency: আনতকৈ বেছি ঠাণ্ডা নেকি আপোনাৰ! কাৰণ জানি লওক

Vitamin Deficiency
Vitamin Deficiency

ঠাণ্ডাত ৰ’দত থিয় হৈ থাকিবলগীয়া অৱস্থা সৃষ্টি হয় নেকি? যদি আপুনি শীততাপ নিয়ন্ত্ৰিত কোঠাত থাকে তেন্তে ঠাণ্ডাৰ সমস্যা নাই। কেৱল শীতকালতে নহয়, বহু লোকৰ হঠাতে ঠাণ্ডা লাগে।(Vitamin Deficiency)

চিকিৎসকৰ মতে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা ৯৮.৬ ডিগ্ৰী ফাৰেনহাইট। শৰীৰে নিজকে নিয়ন্ত্ৰণ কৰা স্বয়ংক্ৰিয় ব্যৱস্থাটোক চিকিৎসাৰ ক্ষেত্ৰত ‘থাৰ্মোৰেগুলেচন’ বোলা হয়। শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত মগজু, ধমনী আৰু স্নায়ুৱে বিশেষ ভূমিকা পালন কৰে। আমাৰ শৰীৰত কিছুমান ভিটামিন আৰু খনিজ পদাৰ্থৰ কম হ’লে ঠাণ্ডা বেছি হয়।(vitamin deficiency causes you feel cold)

১) আইৰণ

আইৰণে শৰীৰত স্বাভাৱিকভাৱে হিম’গ্লবিন উৎপন্ন কৰাত সহায় কৰে। তেজৰ যোগেদি অক্সিজেন শৰীৰলৈ যায়। ‘Lancet Hematology’ ৰ এক অধ্যয়নত কোৱা হৈছে যে শৰীৰত যদি স্বাভাৱিক মাত্ৰাত আইৰণ নাথাকে, তেন্তে অক্সিজেনৰ অভাৱ হ’লে ঠাণ্ডাৰ অনুভৱ বাঢ়ি যায়।

২) ভিটামিন বি১২

মগজুৰ স্বাভাৱিক কাৰ্য্যক্ষমতা আৰু স্বাভাৱিক ৰক্তকণিকাৰ যোগান ধৰি ৰখাত ভিটামিন বি১২ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰত এই ভিটামিনৰ অভাৱ হ’লে ৰক্তকণিকা সহজে উৎপন্ন নহয়। অক্সিজেনৰ যোগানত ব্যাঘাত জন্মালে ঠাণ্ডা বাঢ়িব পাৰে।

৩) ফোলেট

ভিটামিন বি ১২ য়ে ৰক্তকণিকা উৎপাদনত সহায় কৰে। কিন্তু কেৱল এই ভিটামিন হ’লেই নহ’ব। তাৰ বাবেই ফ’লেট নামৰ মৌলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। ফ’লেটৰ অভাৱত ৰক্তহীনতাৰ সমস্যাৰ সৃষ্টি হয়। তাৰ বাবেই কেতিয়াবা ঠাণ্ডাৰ অনুভৱ হ’ব পাৰে।

Saffron politics:পেইং কেবিনত আৰম্ভ হৈছিল নেকি ছেফ্ৰন পলিটিকছ

Saffron politics:পেইং কেবিনত আৰম্ভ হৈছিল নেকি ছেফ্ৰন পলিটিকছ
Saffron politics:পেইং কেবিনত আৰম্ভ হৈছিল নেকি ছেফ্ৰন পলিটিকছ

শিৱসাগৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা একালৰ ৰাজপথৰ আন্দোলনকাৰী নেতা অখিল গগৈৰ(Akhil Gogoi) বৰ্তমান কণ্ঠৰুদ্ধ নেকি?(Saffron politics) জিএমচিএমৰ পেইং কেবিনৰ পৰা এখনো নিৰ্বাচনী সভাত অংশ নোলোৱাকৈ দিছপুৰৰ এমএলএ হোষ্টেলৰ বাসিন্দা হোৱা নেতাজন আচলতে কাৰ আশীষধন্য।

একালৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ one man army হিচাপে পৰিচিত বৰ্তমানৰ ৰাজনীতিক জনে হেৰুৱাইছে নেকি পূৰ্বৰ সংগ্ৰামী সত্তা।(Paying Cabin) বিভিন্ন সময়ত বিভিন্ন বিতৰ্কৰ ধুমুহাত পৰিবেষ্টিত হৈ থকা একালৰ ৰাজপথৰ নেতাগৰাকী বিজেপি দলৰ undercover সদস্য নেকি?

শিৱসাগৰ সমষ্টিৰ নিৰ্বাচনত এখনো জনসভাত অংশগ্ৰহণ নকৰা অখিল গগৈক ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই সহায় কৰিছিল নেকি ধনে জনে? এসময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি বাতৰিৰ শিৰোনাম দখল কৰা ৰাজনীতিকজনে বৰ্তমান যেন আওপকীয়াকৈ বিজেপিৰ এজন সমৰ্থক।

বিগত উপ-নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলক নস্যাৎ কৰাত কোনোধৰণৰ কৃপনালী নকৰা নেতাজনে বৰ্তমান সংখ্যালঘু প্ৰধান অঞ্চলসমূহত বিৰোধীৰ ভোট বিভাজন আৰু গেৰুৱা দলটোৰ প্ৰতি ভোটাৰৰ আকৃষ্ট কৰাত সফল কাম হৈছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একালৰ এজেণ্ডাসমূহ সমূলি আওকান ৰাইজৰ দলৰ সভাপতিগৰাকী ব্যস্ত গেৰুৱা বাহিনীৰ undercover সদস্য হিচাপে।

কাজিৰঙাৰ অৰ্কিড গাৰ্ডেন আৰু ধাবাৰ মালিক একালৰ ৰাজপথৰ বিল্পৱীগৰাকীয়ে বহুলাংশে হেৰুওৱাই পেলাইছে ৰাইজৰ আস্থা আৰু বিশ্বাস। সততে মুখ্যমন্ত্ৰীক সমালোচনা, শীৰ্ষ বিষয়াক কটূ মন্তব্য কৰা অখিল গগৈৰ মন্তব্যসমূহত ৰাইজে বিচাৰি পাইছে ৰাজনৈতিক কালাৰ।

অসম সন্মিলিত মঞ্চৰ স্থিতি থৰক-বৰক কৰি উপ-নিৰ্বাচনত বিজেপিৰ ৰেড কাৰ্পেট পাৰি দিয়াটো ৰাজনৈতিকভাৱে সফল হ’ল অখিল গগৈ। প্ৰচুৰ মেধাসম্পন্ন আৰু অধ্যয়নশীল অখিল গগৈৰ এনে ৰাজনৈতিক কাৰ্যকলাপে স্বাভাৱিকতেই চিন্তিত কৰিছে এসময়ৰ অখিল গগৈৰ সমৰ্থকসকলক।

জিএমচিএইচৰ পৰা এমএলএ কোৱাৰ্টাৰলৈ অহা আন্দোলনকাৰী নেতাজনৰ কাৰ্যকলাপে তেওঁ যে বিজেপিৰ সমৰ্থক হিচাপে ৰাজনীতি কৰি আছে সেয়া সূৰ্যৰ পোহৰৰ দৰে স্পষ্ট।(Nationalism is Yellow)

লোখকঃ শান্তনু ভূঞা (Shantanu Bhuyan)

Drum Festival-Workshop:অসম সাহিত্য সভাৰ ঢুলীয়া সমাৰোহ-কৰ্মশালা

Drum Festival-Workshop:অসম সাহিত্য সভাৰ ঢুলীয়া সমাৰোহ-কৰ্মশালা
Drum Festival-Workshop:অসম সাহিত্য সভাৰ ঢুলীয়া সমাৰোহ-কৰ্মশালা

গুৱাহাটী, ২ ডিচেম্বৰঃ ‘‘ভাষা আৰু সংস্কৃতি শক্তিশালী হ’লেহে জাতি শক্তিশালী হৈ থাকে। প্ৰতিগৰাকী অসমীয়াই শুদ্ধকৈ অসমীয়া ভাষা কোৱা আৰু লিখাটো অতি জৰুৰী।(Drum Festival-Workshop) এই বিষয়টো অৱহেলা কৰা মানে জাতিটোৰ প্ৰতি অন্যায় কৰা বুজায়।’’

অসম সাহিত্য সভাৰ(Assam Sahitya Sabha) প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই আজি নলবাৰী জিলাৰ কৈহাটীত এইদৰে কয়।

অসম সাহিত্য সভাৰ ‘অসমৰ পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপ সমিতি’ৰ উদ্যোগত নলবাৰী জিলা সাহিত্য সভা, কৈহাটী ঢুলীয়া সমাজ তথা কৈহাটীবাসীৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে সংগীত নাটক অকাডেমি বঁটা প্ৰাপক প্ৰখ্যাত ঢুলীয়া মোহন ভাইৰাৰ জন্মস্থান কৈহাটীৰ কৈহাটী নিম্ন বুনিয়াদী বিদ্যালয়ত ঢুলীয়া সমাৰোহ(Dhulia Conference) আৰু কৰ্মশালাৰ আয়োজন কৰা হয়।

ঢুলীয়া শিল্পী ধনেশ্বৰ দাস, অতুল দাস আৰু ৰমনী দাসক সম্বৰ্ধনা

এই অনুষ্ঠানৰ মুকলি সভা উদ্বোধন কৰি সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে লগতে কয় যে এসময়ত যিসকল লোকে অসম সাহিত্য সভাত অবাধ লুণ্ঠন চলাইছিল, সেইসকল লোকেই এতিয়া নীতিবচন দিবলৈ ধৰিছে। অসম সাহিত্য সভা লুণ্ঠনৰ থলী নহয়। সেয়ে ইয়াৰ জাতীয় মৰ্যাদা অক্ষুণ্ণ ৰাখিবই লাগিব।

‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক গীতেৰে আৰম্ভ হোৱা আৰু নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি লক্ষী পাটোৱাৰীয়ে পৌৰোহিত্য কৰা এই সভাত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, বাক্সা জিলা সাহিত্য সভাৰ সভাপতি কামদেৱ দাস, বিশিষ্ট শিক্ষাব্ৰতী তথা অসম সাহিত্য সভাৰ আমন্ত্ৰিত সদস্য প্ৰমোদ ডেকা, লেখক মুনীন্দ্ৰনাথ পাঠক, তাৰিণীকান্ত গোস্বামী, অসম সাহিত্য সভাৰ ‘পত্ৰিকা’ৰ সম্পাদক ডঃ ৰঘুনাথ কাগয়ুং, সহকাৰী সম্পাদক অনংগ কুমাৰ নাথ, সুজাতা মেধি, দিলীপ ঠাকুৰীয়া প্ৰমুখ্যে বিশিষ্ট লোকসকলে ভাগ লয়।

অসম সাহিত্য সভাৰ ‘পত্ৰিকা’ উন্মোচন কৰে অসম সাহিত্য সভাৰ আইন উপদেষ্টা অনন্তৰাম মেধিয়ে। আকৌ ডাঃ সমৰ তালুকদাৰৰদ্বাৰা সম্পাদিত ‘লোক পৰিৱেশ্য কলা ঢুলীয়া’ শীৰ্ষক পুথিখন উন্মোচন কৰে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডঃ নৃপেন্দ্ৰনাথ তালুকদাৰে। কৈহাটীৰ ঢুলীয়া বিষয়ক তথ্যচিত্ৰৰ বাবে পজত কমল বঁটা প্ৰাপক পৰিচালক সত্যব্ৰত কলিতাই ঢুলীয়া সমাৰোহ উদ্বোধন কৰে।

‘অসমৰ পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপ সমিতি’ৰ আহ্বায়ক ডাঃ সমৰ তালুকদাৰ আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁতলধৰি পৰিচালনা কৰা এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে ঢুলীয়া সমাৰোহ আৰু কৰ্মশালা উদ্‌যাপন সমিতিৰ সভাপতি কৰুণা ভৰালীয়ে।

অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক ঢুলীয়া শিল্পী ধনেশ্বৰ দাস, প্ৰবীণ ঢুলীয়া শিল্পী অতুল দাস আৰু ৰমনী দাসক সাদৰ সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পূৰ্বে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সমাৰোহ আৰু কৰ্মশালা উদ্‌যাপন সমিতিৰ সভাপতি কৰুণাকান্ত ভৰালীয়ে। স্মৃতি তৰ্পণ কৰে শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নমিতা পাঠকে।

বন্তি জ্বলায় বিশিষ্ট নাগৰিক ধনেশ্বৰ দাস, লোহিত পাটোৱাৰী আৰু উদ্‌যাপন সমিতিৰ কাৰ্যকৰী সভাপতি জগদীশ বৰ্মনে। শ্বহীদ তৰ্পন কৰে পিপলিবাৰী গাঁ‌ও উন্নয়ন সমিতিৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ দাসে। সংগীত নাটক অকাডেমি বঁ‌টা প্ৰাপক ঢুলীয়া শিল্পী মোহন ভাইৰাৰ প্ৰতিচ্ছবিত বন্তি জ্বলায় প্ৰখ্যাত ঢুলীয়া মোহন ভাইৰাৰ পত্নী সৰস্বতী বৰ্মনে আৰু মাল্যাৰ্পণ কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই।

মুক্তিযুঁজাৰু মোহন চন্দ্ৰ ডেকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগ্ৰামীগৰাকীৰ জ্যেষ্ঠ পুত্ৰ তথা সমাজকৰ্মী দীনেশ ডেকাই।

আন কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উদ্‌যাপন সমিতিৰ সাধাৰণ সম্পাদক উপেন ভৰালীৰ পৰিচালনাৰে ইয়াৰ পাছত গছপুলি ৰোপণ কৰে বিশিষ্ট নাগৰিক ক্ৰমে অতুল চন্দ্ৰ দাস , লোহিত দাস , সতীশ ডেকা আৰু কনক ৰাজবংশীয়ে।

ঢুলীয়া দলসমূহৰ দ্বাৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ঢুলীয়া বিষয়ৰ বিশিষ্ট লেখক ধীৰেন ভৰালীয়ে।

ইয়াৰ পাছতে হোৱা কৰ্মশালাত প্ৰশিক্ষক হিচাপে ভাগ লয় ঢুলীয়া শিল্পী ক্ৰমে ধনেশ্বৰ দাস, জিতেন দাস (চাহেব) আৰু অনিল দাসে। অসম সংগীতেৰে অনুষ্ঠান সমাপন কৰা হয়।