Home Blog Page 466

Saffron politics:পেইং কেবিনত আৰম্ভ হৈছিল নেকি ছেফ্ৰন পলিটিকছ

Saffron politics:পেইং কেবিনত আৰম্ভ হৈছিল নেকি ছেফ্ৰন পলিটিকছ
Saffron politics:পেইং কেবিনত আৰম্ভ হৈছিল নেকি ছেফ্ৰন পলিটিকছ

শিৱসাগৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা একালৰ ৰাজপথৰ আন্দোলনকাৰী নেতা অখিল গগৈৰ(Akhil Gogoi) বৰ্তমান কণ্ঠৰুদ্ধ নেকি?(Saffron politics) জিএমচিএমৰ পেইং কেবিনৰ পৰা এখনো নিৰ্বাচনী সভাত অংশ নোলোৱাকৈ দিছপুৰৰ এমএলএ হোষ্টেলৰ বাসিন্দা হোৱা নেতাজন আচলতে কাৰ আশীষধন্য।

একালৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ one man army হিচাপে পৰিচিত বৰ্তমানৰ ৰাজনীতিক জনে হেৰুৱাইছে নেকি পূৰ্বৰ সংগ্ৰামী সত্তা।(Paying Cabin) বিভিন্ন সময়ত বিভিন্ন বিতৰ্কৰ ধুমুহাত পৰিবেষ্টিত হৈ থকা একালৰ ৰাজপথৰ নেতাগৰাকী বিজেপি দলৰ undercover সদস্য নেকি?

শিৱসাগৰ সমষ্টিৰ নিৰ্বাচনত এখনো জনসভাত অংশগ্ৰহণ নকৰা অখিল গগৈক ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই সহায় কৰিছিল নেকি ধনে জনে? এসময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি বাতৰিৰ শিৰোনাম দখল কৰা ৰাজনীতিকজনে বৰ্তমান যেন আওপকীয়াকৈ বিজেপিৰ এজন সমৰ্থক।

বিগত উপ-নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলক নস্যাৎ কৰাত কোনোধৰণৰ কৃপনালী নকৰা নেতাজনে বৰ্তমান সংখ্যালঘু প্ৰধান অঞ্চলসমূহত বিৰোধীৰ ভোট বিভাজন আৰু গেৰুৱা দলটোৰ প্ৰতি ভোটাৰৰ আকৃষ্ট কৰাত সফল কাম হৈছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একালৰ এজেণ্ডাসমূহ সমূলি আওকান ৰাইজৰ দলৰ সভাপতিগৰাকী ব্যস্ত গেৰুৱা বাহিনীৰ undercover সদস্য হিচাপে।

কাজিৰঙাৰ অৰ্কিড গাৰ্ডেন আৰু ধাবাৰ মালিক একালৰ ৰাজপথৰ বিল্পৱীগৰাকীয়ে বহুলাংশে হেৰুওৱাই পেলাইছে ৰাইজৰ আস্থা আৰু বিশ্বাস। সততে মুখ্যমন্ত্ৰীক সমালোচনা, শীৰ্ষ বিষয়াক কটূ মন্তব্য কৰা অখিল গগৈৰ মন্তব্যসমূহত ৰাইজে বিচাৰি পাইছে ৰাজনৈতিক কালাৰ।

অসম সন্মিলিত মঞ্চৰ স্থিতি থৰক-বৰক কৰি উপ-নিৰ্বাচনত বিজেপিৰ ৰেড কাৰ্পেট পাৰি দিয়াটো ৰাজনৈতিকভাৱে সফল হ’ল অখিল গগৈ। প্ৰচুৰ মেধাসম্পন্ন আৰু অধ্যয়নশীল অখিল গগৈৰ এনে ৰাজনৈতিক কাৰ্যকলাপে স্বাভাৱিকতেই চিন্তিত কৰিছে এসময়ৰ অখিল গগৈৰ সমৰ্থকসকলক।

জিএমচিএইচৰ পৰা এমএলএ কোৱাৰ্টাৰলৈ অহা আন্দোলনকাৰী নেতাজনৰ কাৰ্যকলাপে তেওঁ যে বিজেপিৰ সমৰ্থক হিচাপে ৰাজনীতি কৰি আছে সেয়া সূৰ্যৰ পোহৰৰ দৰে স্পষ্ট।(Nationalism is Yellow)

লোখকঃ শান্তনু ভূঞা (Shantanu Bhuyan)

Drum Festival-Workshop:অসম সাহিত্য সভাৰ ঢুলীয়া সমাৰোহ-কৰ্মশালা

Drum Festival-Workshop:অসম সাহিত্য সভাৰ ঢুলীয়া সমাৰোহ-কৰ্মশালা
Drum Festival-Workshop:অসম সাহিত্য সভাৰ ঢুলীয়া সমাৰোহ-কৰ্মশালা

গুৱাহাটী, ২ ডিচেম্বৰঃ ‘‘ভাষা আৰু সংস্কৃতি শক্তিশালী হ’লেহে জাতি শক্তিশালী হৈ থাকে। প্ৰতিগৰাকী অসমীয়াই শুদ্ধকৈ অসমীয়া ভাষা কোৱা আৰু লিখাটো অতি জৰুৰী।(Drum Festival-Workshop) এই বিষয়টো অৱহেলা কৰা মানে জাতিটোৰ প্ৰতি অন্যায় কৰা বুজায়।’’

অসম সাহিত্য সভাৰ(Assam Sahitya Sabha) প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই আজি নলবাৰী জিলাৰ কৈহাটীত এইদৰে কয়।

অসম সাহিত্য সভাৰ ‘অসমৰ পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপ সমিতি’ৰ উদ্যোগত নলবাৰী জিলা সাহিত্য সভা, কৈহাটী ঢুলীয়া সমাজ তথা কৈহাটীবাসীৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে সংগীত নাটক অকাডেমি বঁটা প্ৰাপক প্ৰখ্যাত ঢুলীয়া মোহন ভাইৰাৰ জন্মস্থান কৈহাটীৰ কৈহাটী নিম্ন বুনিয়াদী বিদ্যালয়ত ঢুলীয়া সমাৰোহ(Dhulia Conference) আৰু কৰ্মশালাৰ আয়োজন কৰা হয়।

ঢুলীয়া শিল্পী ধনেশ্বৰ দাস, অতুল দাস আৰু ৰমনী দাসক সম্বৰ্ধনা

এই অনুষ্ঠানৰ মুকলি সভা উদ্বোধন কৰি সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে লগতে কয় যে এসময়ত যিসকল লোকে অসম সাহিত্য সভাত অবাধ লুণ্ঠন চলাইছিল, সেইসকল লোকেই এতিয়া নীতিবচন দিবলৈ ধৰিছে। অসম সাহিত্য সভা লুণ্ঠনৰ থলী নহয়। সেয়ে ইয়াৰ জাতীয় মৰ্যাদা অক্ষুণ্ণ ৰাখিবই লাগিব।

‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক গীতেৰে আৰম্ভ হোৱা আৰু নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি লক্ষী পাটোৱাৰীয়ে পৌৰোহিত্য কৰা এই সভাত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, বাক্সা জিলা সাহিত্য সভাৰ সভাপতি কামদেৱ দাস, বিশিষ্ট শিক্ষাব্ৰতী তথা অসম সাহিত্য সভাৰ আমন্ত্ৰিত সদস্য প্ৰমোদ ডেকা, লেখক মুনীন্দ্ৰনাথ পাঠক, তাৰিণীকান্ত গোস্বামী, অসম সাহিত্য সভাৰ ‘পত্ৰিকা’ৰ সম্পাদক ডঃ ৰঘুনাথ কাগয়ুং, সহকাৰী সম্পাদক অনংগ কুমাৰ নাথ, সুজাতা মেধি, দিলীপ ঠাকুৰীয়া প্ৰমুখ্যে বিশিষ্ট লোকসকলে ভাগ লয়।

অসম সাহিত্য সভাৰ ‘পত্ৰিকা’ উন্মোচন কৰে অসম সাহিত্য সভাৰ আইন উপদেষ্টা অনন্তৰাম মেধিয়ে। আকৌ ডাঃ সমৰ তালুকদাৰৰদ্বাৰা সম্পাদিত ‘লোক পৰিৱেশ্য কলা ঢুলীয়া’ শীৰ্ষক পুথিখন উন্মোচন কৰে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডঃ নৃপেন্দ্ৰনাথ তালুকদাৰে। কৈহাটীৰ ঢুলীয়া বিষয়ক তথ্যচিত্ৰৰ বাবে পজত কমল বঁটা প্ৰাপক পৰিচালক সত্যব্ৰত কলিতাই ঢুলীয়া সমাৰোহ উদ্বোধন কৰে।

‘অসমৰ পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপ সমিতি’ৰ আহ্বায়ক ডাঃ সমৰ তালুকদাৰ আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁতলধৰি পৰিচালনা কৰা এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে ঢুলীয়া সমাৰোহ আৰু কৰ্মশালা উদ্‌যাপন সমিতিৰ সভাপতি কৰুণা ভৰালীয়ে।

অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক ঢুলীয়া শিল্পী ধনেশ্বৰ দাস, প্ৰবীণ ঢুলীয়া শিল্পী অতুল দাস আৰু ৰমনী দাসক সাদৰ সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পূৰ্বে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সমাৰোহ আৰু কৰ্মশালা উদ্‌যাপন সমিতিৰ সভাপতি কৰুণাকান্ত ভৰালীয়ে। স্মৃতি তৰ্পণ কৰে শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নমিতা পাঠকে।

বন্তি জ্বলায় বিশিষ্ট নাগৰিক ধনেশ্বৰ দাস, লোহিত পাটোৱাৰী আৰু উদ্‌যাপন সমিতিৰ কাৰ্যকৰী সভাপতি জগদীশ বৰ্মনে। শ্বহীদ তৰ্পন কৰে পিপলিবাৰী গাঁ‌ও উন্নয়ন সমিতিৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ দাসে। সংগীত নাটক অকাডেমি বঁ‌টা প্ৰাপক ঢুলীয়া শিল্পী মোহন ভাইৰাৰ প্ৰতিচ্ছবিত বন্তি জ্বলায় প্ৰখ্যাত ঢুলীয়া মোহন ভাইৰাৰ পত্নী সৰস্বতী বৰ্মনে আৰু মাল্যাৰ্পণ কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই।

মুক্তিযুঁজাৰু মোহন চন্দ্ৰ ডেকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগ্ৰামীগৰাকীৰ জ্যেষ্ঠ পুত্ৰ তথা সমাজকৰ্মী দীনেশ ডেকাই।

আন কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উদ্‌যাপন সমিতিৰ সাধাৰণ সম্পাদক উপেন ভৰালীৰ পৰিচালনাৰে ইয়াৰ পাছত গছপুলি ৰোপণ কৰে বিশিষ্ট নাগৰিক ক্ৰমে অতুল চন্দ্ৰ দাস , লোহিত দাস , সতীশ ডেকা আৰু কনক ৰাজবংশীয়ে।

ঢুলীয়া দলসমূহৰ দ্বাৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ঢুলীয়া বিষয়ৰ বিশিষ্ট লেখক ধীৰেন ভৰালীয়ে।

ইয়াৰ পাছতে হোৱা কৰ্মশালাত প্ৰশিক্ষক হিচাপে ভাগ লয় ঢুলীয়া শিল্পী ক্ৰমে ধনেশ্বৰ দাস, জিতেন দাস (চাহেব) আৰু অনিল দাসে। অসম সংগীতেৰে অনুষ্ঠান সমাপন কৰা হয়।

Poetic City of Diphu:কাব্যিক নগৰী ডিফু চহৰত ‘ফাগুনৰ ৰংময় ক’লাজ’ আৰু ‘কবিতাৰ শেৱালি সুৱাস’ উন্মোচন

Poetic City of Diphu:কাব্যিক নগৰী ডিফু চহৰত 'ফাগুনৰ ৰংময় ক'লাজ' আৰু 'কবিতাৰ শেৱালি সুৱাস' উন্মোচন
Poetic City of Diphu:কাব্যিক নগৰী ডিফু চহৰত 'ফাগুনৰ ৰংময় ক'লাজ' আৰু 'কবিতাৰ শেৱালি সুৱাস' উন্মোচন

গুৱাহাটী, ২ ডিচেম্বৰঃ কবিতাই কবিৰ প্ৰাণ। কবিতাই(Poetic City of Diphu) কবিৰ প্ৰাণত আশাৰ সঞ্চাৰ কৰাৰ লগতে জগত পোহৰ কৰি তোলে। ইয়াকেই যেন আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে ডিফুৰ দুগৰাকী কবিয়ে।

উল্লেখযোগ্য যে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত ডিফু শাখা লেখিকা সমাৰোহ সমিতিৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা উপলক্ষে ডিফুস্থিত ড° মামণি ৰয়ছম গোস্বামী ভৱনত শনিবাৰে এক গাম্ভীর্যপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়।

প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসম তথা ভাৰতৰ বিখ্যাত সাহিত্যিক, জ্ঞানপীঠ বঁটা বিজয়ী তথা পদ্মশ্ৰী বঁটা প্ৰাপক ড° মামণি ৰয়ছম গোস্বামীৰ(Dr. Mamoni Roysom Goswami) মৃত্যু দিৱসো পালন কৰা হয়।

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা উক্ত কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন স্মৃতি তৰ্পণ আদি বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰা হয়।

ডিফু শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী গীতা বৰাৰ সঞ্চালনাত বিয়লি অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত ডিফুৰ বৰ্ষীয়ান মহিলা প্ৰেমদা দত্ত উপস্থিত থকাৰ লগতে কাৰ্বি আংলং জিলা মহিলা সমিতিৰ সভানেত্ৰী খিৰলা টেৰণপী, ডিফু শাখা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ৰীনা দেৱ, কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী তথা বিশিষ্ট লেখিকা সাৱিত্ৰী গগৈ, ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° লাটুমণি ডেকা, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা বিশিষ্ট সাহিত্যিক বিদুল বৰুৱা, বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ দেউৰী, সাংবাদিক সঞ্জু বৰাকে প্ৰমুখ্যে কৰি স্থানীয় বহুকেইগৰাকী গণ্য মান্য কবি-সাহিত্যিক আৰু সাহিত্য প্ৰেমী সকলো উপস্থিত থাকে।

উক্ত সভাতে ৰাণু শইকীয়া ক্ৰপীৰ (kropi) “ফাগুনৰ ৰংময় ক’লাজ”(Colorful collage of Fagun) আৰু মেৰী লাহনৰ “কবিতাৰ শেৱালি সুবাস”(lily of poetry) শীৰ্ষক কাব্য গ্ৰন্থ দুখনৰ শুভ উন্মোচন কৰে ক্ৰমে কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী তথা বিশিষ্ট লেখিকা সাৱিত্ৰী গগৈ আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা বিশিষ্ট সাহিত্যিক বিদুল বৰুৱাই।

ইপিনে শিশু শিল্পী নৈবেদ্য গগৈ, লক্ষ্মীকান্ত নাথ আৰু ডিফু শাখা লেখিকা সমাৰোহ সমিতিৰ সদস্য বৃন্দই পৰিবেশন কৰা গীত-মাতে গ্ৰন্থ উন্মোচনী সভাৰ সৌষ্ঠৱ দুগুনে বৃদ্ধি কৰাৰ উপৰি নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা ড° লাটুমণি ডেকাই জ্ঞানপীঠ বঁটা বিজয়ী ড° মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু লিখনিৰ ওপৰত প্ৰদান কৰা ভাষণে উপস্থিত সকলোকে মনোমুগ্ধ কৰি তোলে।

Vikrant Massey: অভিনয় জগতৰ পৰা বিদায় ল’লে অভিনেতা বিক্ৰান্ত মেছীয়ে

Vikrant Massey
Vikrant Massey

অভিনয়ৰ পৰা বিৰতি ল’লে বলিউডৰ অভিনেতা বিক্ৰান্ত মেছিয়ে। সামাজিক মাধ্যমৰ জৰিয়তে এইকথা জনালে অভিনেতাগৰাকীয়ে। বহু জনপ্রিয় চলচ্চিত্ৰত কাম কৰিছিল অভিনেতাজনে। (Vikrant Massey)

12th FAIL, SECTOR 36, LOVE HOSTELৰ দৰে জনপ্রিয় চলচ্চিত্ৰত কাম কৰিছিল। ২০২৫ চনত শেষবাৰৰ বাবে ছবিত দেখিবলৈ পোৱা যাব বিক্ৰান্তক। সামাজিক মাধ্যমৰ জৰিয়তে অভিনয়ৰ পৰা অৱসৰ ঘোষণা বিক্ৰান্তৰ।(Vikrant Massey Retirement Announcement)

পৰিয়ালৰ প্ৰতি থকা দায়িত্ব পালনৰ বাবে অভিনয়ৰ পৰা বিৰতি লোৱাৰ কথা ঘোষণা কৰে বিক্ৰান্তে। ইখনৰ পিছত সিখনকৈ বহু জনপ্ৰিয় ছবি দৰ্শকক উপহাৰ দিছিল। ইফালে অভিনেতা বিক্ৰান্ত মেছিয়ে হঠাতে অৱসৰৰ কথা ঘোষণা কৰে। সমগ্ৰ দেশৰ অগণন অনুৰাগীক স্তম্ভিত কৰি তুলিছে ‘সাবৰমতী’ অভিনেতাগৰাকীয়ে এনে এটা পোষ্টে। বিক্ৰান্তই ৩৭ বছৰ বয়সত ছবি জগতৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে।

যোৱা বছৰ বিক্ৰান্ত মেছিয়ে ‘12th fail’ চিনেমাত অভিনয় কৰি যথেষ্ট প্ৰশংসা লাভ কৰিছিল। ভাৰতীয় আই পি এছ বিষয়া মনোজ কুমাৰ শৰ্মাৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত ‘12th fail’ চিনেমাখনে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিছে। মনোজৰ চৰিত্ৰত অভিনয় কৰিছিল বিক্ৰান্ত মেছিয়ে।

দুটা দশকৰো অধিক সময় ধৰি বিক্ৰান্ত মেছেই বলীউড, টেলিভিছন আৰু অ’টিটি প্লেটফৰ্মত ইটোৰ পিছত সিটোকৈ ডাঙৰ ডাঙৰ অভিনয় কৰি আহিছে। ২০০৯ চনত ‘বালিকা বধু’ নামৰ ধাৰাবাহিকখনৰ জৰিয়তে বিক্ৰান্তই চিনাকি হৈছিল। ‘12th Fail’ৰ উপৰিও ‘হাছিনা দিলৰুবা’, ‘সাবৰমতী ৰিপ’ৰ্ট’, ‘ছেক্টৰ ত্ৰিশ ছয়’ আদি চিনেমাত তেওঁৰ অভিনয়ে সমালোচকৰ লগতে দৰ্শককো আপ্লুত কৰিছে। ২০২৫ত শেষবাৰৰ বাবে দেখা পাব ছবিত।

Potato: আলুৰ নাটনি হোৱাৰ সম্ভাৱনা! অসমলৈ আলু ৰপ্তানিত বাধা বংগৰ

Potato
Potato

শীঘ্ৰেই ৰাজ্যত আলুৰ নাটনি হোৱাৰ সম্ভাৱনা আছে। কিয়নো পশ্চিমবংগৰ আলু বহিঃৰাজ্যত বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।(Potato)

স্থানীয় বজাৰত আলুৰ দাম নিয়ন্ত্ৰণৰ বাবে তৎপৰ পশ্চিমবংগ চৰকাৰৰ। পশ্চিমবংগৰ আলু বহিঃৰাজ্যত বিক্ৰী কৰাত নিষেধাজ্ঞা।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশ। নিষেধাজ্ঞা বাতিল নহ’লে ৩ ডিচেম্বৰৰ পৰা ধৰ্ণাত বহাৰ হুংকাৰ আলু ব্যৱসায়ীৰ।

পশ্চিমবংগৰ এই সিদ্ধান্তৰ পাছতে ঝাৰখণ্ডত আলুৰ কৃত্ৰিম নাটনি। শীঘ্ৰে সমস্যা সমাধানৰ বাবে তৎপৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন। ৰাজ্যখনৰ মুখ্য সচিবক পশ্চিমবংগৰ মুখ্য সচিবৰে আলোচনা কৰি বিষয়টো সষ্পত্তিৰ নিৰ্দেশ।

আনহাতে পশ্চিমবংগত বহিঃৰাজ্যলৈ আলু সৰবৰাহ কৰাৰ চেষ্টাৰ অপৰাধত আটক এজনক।

Sprouted Gram: দৈনিক নিমখ আৰু পিয়াঁজৰ সৈতে গজালি ওলোৱা বুট খালে হ’ব ৰোগ প্ৰতিৰোধ

Sprouted Gram
Sprouted Gram

গজালি ওলোৱা বুটক পুষ্টিকৰ খাদ্য বুলি গণ্য কৰা হয়। স্বাস্থ্যৰ উপকাৰিতাৰ বাবে গজালি ওলোৱা বুট উত্তম খাদ্য। আচলতে গজালি ওলোৱা বুটৰ পুষ্টিকৰ মূল্য বৃদ্ধি পায়। নিমখ আৰু পিয়াঁজৰ লগত মিহলাই খালে এনে বুটৰ সোৱাদ বাঢ়িব। (Sprouted Gram)

গজালি ওলোৱা বুট খোৱাৰ উপকাৰিতা-
১/ পুষ্টিকৰ পদাৰ্থ শোষণ বৃদ্ধি পাব (Increased Nutrient Absorption)
গজালি ওলোৱা বুটে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰ জৈৱ উপলব্ধতা বৃদ্ধি কৰে, যাৰ ফলত আপোনাৰ শৰীৰে আইৰণ, কেলচিয়াম আৰু বি ভিটামিনৰ দৰে ভিটামিন আৰু খনিজ পদাৰ্থ শোষণ কৰাত সহজ হয়।(Health Benefits Of Sprouted Gram)

২) হজম শক্তি ভাল হব (Improved Digestibility)
গজালি ওলোৱা বুট ফাইটিক এচিডৰ দৰে মৌল হ্ৰাস কৰে, যিয়ে খনিজ শোষণত বাধাৰ সৃষ্টি কৰিব পাৰে আৰু পাচনতন্ত্ৰৰ সমস্যা বৃদ্ধি কৰিব পাৰে। এনে বুট খালে আপোনাৰ হজম শক্তি উন্নত হয়।

৩/ আঁহযুক্ত
গজালি ওলোৱা বুট খাদ্য আঁহৰ এক উৎকৃষ্ট উৎস, যিয়ে পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে আৰু লগতে সুস্থ মলত্যাগ কৰে।

৪) প্ৰটিনযুক্ত
গজালি ওলোৱা বুটক প্ৰটিনৰ সমৃদ্ধ উৎস যদিও গজালি ওলোৱাৰ ফলত ফলত ইয়াৰ প্ৰটিনৰ পৰিমাণ আৰু অধিক বৃদ্ধি পায়।

৫/ এমিনো এচিডেৰে সমৃদ্ধ
গজালি ওলোৱা বুটত অত্যাৱশ্যকীয় এমিনো এচিড প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে শৰীৰক শক্তিশালী কৰে আৰু পেশীবোৰ মেৰামতি কৰে।

৬/ গ্লাইচেমিক সূচকাংক কম
গজালি ওলোৱা বুটতৰ গ্লাইচেমিক সূচকাংক কম, অৰ্থাৎ ই তেজত চেনিৰ মাত্ৰা হ্ৰাস কৰে আৰু টাইপ-২ ডায়েবেটিছ ৰোগীক উপকৃত কৰে।

Bangladesh Chalo:বাংলাদেশ চলো- বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে শ্ৰীভূমিত গণ প্ৰতিবাদ

Bangladesh Chalo:বাংলাদেশ চলো- বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে শ্ৰীভূমিত গণ প্ৰতিবাদ
Bangladesh Chalo:বাংলাদেশ চলো- বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে শ্ৰীভূমিত গণ প্ৰতিবাদ

গুৱাহাটী, ১ ডিচেম্বৰঃ বাংলাদেশত(Bangladesh Chalo) সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ ঘটনাই ভাৰতত, বিশেষকৈ অসমতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ বাংলাদেশত এখন ভাৰতীয় বাছৰ ওপৰত হোৱা আক্ৰমণৰ পিছত তনে প্ৰতিক্ৰিয়া অধিক তীব্ৰ হৈ পৰিছে।

বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰক গৰিহণা দি আৰু মহাৰাজ চিন্ময় কৃষ্ণ দাসৰ মুক্তিৰ দাবীত বিভিন্ন সনাতনী গোটৰ উদ্যোগত “বাংলাদেশ চলো” অভিযানৰ আৰম্ভ কৰা হৈছে শ্ৰীভূমিত।

বাংলাদেশৰ বিৰুদ্ধে আজি শ্ৰীভূমিত সহস্ৰাধিক প্ৰতিবাদকাৰী সমবেত হয়। সুতাৰকান্দিৰ ভাৰত-বাংলাদেশ সীমান্তৰ সমীপত প্ৰতিবাদ তীব্ৰতৰ হৈ পৰে আৰু প্ৰতিবাদকাৰীয়ে নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষ তো লিপ্ত হয় বুলি খবৰ পোৱা গৈছে। এই ঘটনাত এজন প্ৰতিবাদকাৰী আহত হয়।

সীমান্তৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত হিন্দু জাতীয়তাবাদী সংগঠনসমূহে বৃহৎ সংখ্যাত সমবেত হৈ বাংলাদেশৰ বিৰুদ্ধে হুংকাৰ দিয়ে। আমনহাতে এক বাইক ৰেলীত অংশগ্ৰহণ কৰি বাংলাদেশৰ পতাকা ভৰিৰে মোহাৰি ‘জয় শ্ৰী ৰাম’, ‘ইউনুছ চৰকাৰ হায় হায়’, ‘ইউনুছ মুৰ্দাবাদ’ আদি শ্লোগান দি প্ৰতিবাদকাৰীয়ে পৰিবেশ উত্তাল কৰি তোলে।

ইয়াৰ মাজতে শ্ৰীভূমিৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰি প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলোৱা হয়। প্ৰতিবাদকাৰীয়ে বাংলাদেশত প্ৰৱেশ হোৱাৰ উদ্দেশ্য বেৰিকেড ভাঙি পেলোৱাৰো চেষ্টা চলায় যদিও স্পৰ্শকাতৰ সীমান্ত অঞ্চলত আইন-শৃংখলা বজাই ৰাখিবলৈ কৰ্তৃপক্ষই হস্তক্ষেপ কৰে।

উল্লেখ্য বাংলাদেশৰ মাজৰে যাত্ৰা কৰা ভাৰতৰ বাছ এখনৰ ওপৰত আজি মৌলবাদীয়ে বাংলাদেশৃৰ ভূমিত আক্ৰমণ চলায়৷ এই ঘটনাৰ পিছতে ত্ৰিপুৰাৰ পৰিবহণ মন্ত্ৰী সুশান্ত চৌধুৰীয়ে বাংলাদেশৰ মাজেৰে যাত্ৰা কৰা ভাৰতীয় বাছৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা কৰে।

শ্যামলী পৰিবাহনে পৰিচালনা কৰা বাছখন ত্ৰিপুৰাৰ আগৰতলাৰ পৰা কলকাতালৈ গৈ থকা অৱস্থাত বাংলাদেশৰ ব্ৰহ্মনবৰীয়া বিশ্ব ৰোডত আক্ৰমণৰ সন্মুখীন হয়৷

মন্ত্ৰী চৌধুৰীয়ে কয় যে বাছখনত এখন ট্ৰাকে খুন্দা মাৰে, এয়া যেন এক… ইচ্ছাকৃতভাৱে দুৰ্ঘটনা সংঘটিত কৰাৰ চেষ্টা আছিল। ঘটনাস্থলীত ভাৰতীয় যাত্ৰীসকলৰ প্ৰতি শত্ৰুতা প্ৰদৰ্শন কৰা স্থানীয় ব্যক্তি একাংশ সমবেত হোৱাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে।

আক্ৰমণকাৰীয়ে ভাৰত বিৰোধী শ্লোগানেৰে যাত্ৰীসকলক ভাবুকি প্ৰদান কৰে। স্থানীয় ৰাইজে ভাৰতীয় যাত্ৰীসকলক মৃত্যুৰ ভাবুকিও দিয়ে বুলি অভিযোগ উঠিছে।

Protesting farmers march towards Delhi:দেশত আকৌ জাগিব কৃষক

Protesting farmers march towards Delhi:দেশত আকৌ জাগিব কৃষক
Protesting farmers march towards Delhi:দেশত আকৌ জাগিব কৃষক

গুৱাহাটী, ১ ডিচেম্বৰঃ আকৌ জাগিব কৃষক।আকৌ উত্তাল হ’ব দেশৰ ৰাজধানী চহৰ নতুন দিল্লী(Protesting farmers march towards Delhi)। কাৰণ ৬ ডিচেম্বৰত পুনৰ প্ৰতিবাদী কৃষকে দিল্লী অভিমুখে যাত্ৰা কৰিব। আজি আনুষ্ঠানিকভাবে এই কথা প্ৰকাশ কৰে আগশাৰীৰ কৃষক নেতাই।

উল্লেখ্য সংযুক্ত কিষাণ মৰ্চা(United Kisan Morcha) (অৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চা (কেএমএম)ৰ(Kisan Mazdur Morcha) বেনাৰত কৃষকসকলে ১৩ ফেব্ৰুৱাৰীৰ পৰাই পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজৰ শম্ভু আৰু খানৌৰী সীমান্তত শিবিৰ পাতি আছে।

কৃষকসকলে কৃষকৰ দিল্লী অভিমুখী পদযাত্ৰা নিৰাপত্তা বাহিনীয়ে বন্ধ কৰি দিয়াৰ পিছৰে পৰাই বহু কৃষকে সীমান্তত শিবিৰ পাতি ৰৈ আছে।

ইয়াৰ মাজতে পঞ্জাৱৰ কৃষক নেতা সৰৱান সিং পাণ্ডেৰে দেওবাৰে কয় যে তেওঁলোকৰ নেতাৰ নেতৃত্বত এদল কৃষকে ৬ ডিচেম্বৰত খোজকাঢ়ি দিল্লী অভিমুখে যাত্ৰা কৰিব ।

তেওঁ প্ৰতিবাদকাৰী কৃষকৰ সমস্যা সমাধানৰ বাবে কোনো ধৰণৰ আলোচনা নকৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা কৰে । এম এছ পিৰ ওপৰত আইনী নিশ্চয়তাকে ধৰি তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰে পূৰণ কৰাৰো তেওঁ দাবী জনায়।

দেওবাৰে সাংবাদিকক সম্বোধন কৰি কেএমএম নেতা পান্ধেৰে কয় যে ২৯৩ দিন ধৰি শম্ভু আৰু খানৌৰীত কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এতিয়া কৃষকৰ প্ৰতিবাদ পুনৰ দিল্লীলৈ বিয়পিব।

শম্ভুৰ পৰা ৰাজধানী অভিমুখে যাত্ৰা কৰাৰ পৰিকল্পনা সন্দৰ্ভত সবিশেষ ব্যক্ত কৰি পাণ্ডেৰে কয় যে প্ৰথম “জাথা” (গোট) কৃষকৰ নেতৃত্বত থাকিব সতনম সিং পান্নু, সুৰিন্দৰ সিং চৌটালা, সুৰজিৎ ​​সিং ফুল আৰু বলজিন্দৰ সিং।

লগত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া গোটটোৱে শান্তিপূৰ্ণভাৱে দিল্লী অভিমুখে ৰাওনা হ’ব বুলিও তেওঁ কয়। প্ৰথমটো গোটৰ কৃষক, দিল্লীলৈ যাত্ৰাৰ সময়ত আম্বালাৰ জাগী চহৰৰ মাজমজিয়া, মহৰা শস্যৰ বজাৰ, খানপুৰ জাত্তন আৰু হাৰিয়ানাৰ পিপলিত ৰব বুলিও তেওঁ কয়।

পাণ্ডেৰে কয় যে কৃষকসকলে প্ৰতিদিনে পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ খোজকাঢ়ি গৈ ৰাতি পথতে কটাব।

বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰি পাণ্ডেৰে কয় যে ১৮ ফেব্ৰুৱাৰীৰ পিছৰে পৰা প্ৰতিবাদকাৰী কৃষকৰ সৈতে কোনো ধৰণৰ আলোচনা হোৱা নাই।কেন্দ্ৰৰ বিৰুদ্ধে গা এৰা দিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে তেওঁলোকে আমাৰ সৈতে হোৱা আলোচনা বন্ধ কৰি দিছে।

Dipa:দিপাৰ বিবাদমান ভূমিত অৰুণাচলৰ পেট্ৰল পাম্প স্থাপনক লৈ ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া

Dipa:দিপাৰ বিবাদমান ভূমিত অৰুণাচলৰ পেট্ৰল পাম্প স্থাপনক লৈ ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া
Dipa:দিপাৰ বিবাদমান ভূমিত অৰুণাচলৰ পেট্ৰল পাম্প স্থাপনক লৈ ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১ ডিচেমম্বৰঃ বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ চকুমুদা কুলিৰ স্বভাৱৰ গইনা লৈ অসমৰ ভূমিৰ ওপৰত অব্যাহত আছে অৰুণাচলৰ(Arunachal Pradesh) ব্যাপক আগ্ৰাসন।(Dipa)

দশক দশক ধৰি অসমৰ ভূমি হিচাপে পৰিচিত জোনাই সমষ্টিৰ ডিমৌ-দিপাৰ ৰে’ল পথৰ উত্তৰ দিশৰ বিশাল এলেকা অৰুণাচলৰ বুলি প্ৰদেশখনৰ একাংশই দাবী জনাই আহিছে।

নিৰ্মাণ কৰিছে বিলাতী মদৰ দোকান, প্ৰকাণ্ড ঘৰৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান।লিকাবালিৰ পৰা দিপালৈকে সাত হেজাৰোধিক হেক্টৰ ভূমি অৰুণাচলৰ বুলি পূৰ্বৰ পৰাই দাবী জনাই আহিছে।ইমানতে সীমাৱদ্ধ নাথাকি এইবাৰ ৰে’ল পথৰ দক্ষিণ দিশেৰ য’তেই অৰুণাচল লোকে ঘৰ সাজি আছে বা ভূমি কিনি খেতি বাতি কৰি আহিছে সেই ভূমিকেই অৰুণাচলৰ বুলি দাবী জনাই ব্যাপক আগ্ৰাসনৰ ব্লুপ্ৰিণ্ট ৰচিছে।

এই ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ প্ৰশাসনে সদায় আগ্ৰাসী অৰুণাচলৰ পক্ষ লৈ উৎসাহিত কৰি আহিছে। অবশ্যে এই অঞ্চলটোৰ অসমীয়া ৰাইজক অসমৰে প্ৰশাসনে ভূমি অধিকাৰ প্ৰাপ্তিত সহযোগ কৰাটো বাদেই শেহতীয়াকৈ বসুন্ধৰা ০.৩ প্ৰ-পত্ৰ পুৰনৰো সুবিধা দিয়া নাই।

আনপিনে দিপা ৰে’ল পথ আৰু বাছ পথৰ মাজৰ বিবদমান ভূমিত এইবাৰ অৰুণাচলৰ বেপৰীয়ে প্ৰস্তুতি চলালে এটা পেট্ৰল পাম্প স্থাপনৰ। অৰুণাচল প্ৰদেশৰ কোটাত নিৰ্মীয়ান ইণ্ডিয়ান অয়েলৰ ডিপুটোৰ ভূমিত ইতিমধ্যেই পকী চাৰিসীমা বেৰা নিৰ্মাণৰ প্ৰস্তুতি চলাইছে।

নিৰ্মীয়মান ডিপুটোৰ ভূমিডোখৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত আৰু গৰাকীয়ে ৰাজহ পৰিশোধ কৰে ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ত। তেনেস্থলত অসমৰ ভূমি হৈ নাথাকিলেও অন্ততঃ এই স্থানত বিবাদমান ভূমি হোৱাৰ বাবে স্থায়ী নিৰ্মাণ কাৰ্য বন্ধ হ’ব লাগিছিল।

অথচ অসমৰ প্ৰশাসনৰ ধৃতৰাষ্ট্ৰ ভূমিকাৰ বাবে লাই পাই ”এদেউ দুদেউ লোটা নিয়াৰ চেও” দৰে অব্যাহত ৰাখিছে বেদাখলৰ কুচকাৱাজ। এনেদৰে অসমৰ ভূমিত অৰুণাচলৰ নথি পত্ৰ উলিয়াই পেট্ৰল ডিপোৰ দৰে ডাঙৰ প্ৰতিষ্ঠান স্থাপন কৰি অসমৰ মোটা অংকৰ ৰাজহ লাভৰ পথো বন্ধ কৰিছে বুলি ৰাইজে অভিযোগ কৰিছে।

ডিপু স্থাপন কৰিছে অসমৰ মাটিত। গ্ৰাহক সকলো হব অসমৰ। পিছে ৰাজহ আৰু মুনাফা লাভ কৰিব অৰুণাচলে। তদুপৰি এই অঞ্চলটো বিবাদমান আখ্যা দিয়াৰ বাবে অসমৰ কোনো লোককে যিকোনো ধৰনৰ স্থায়ী নিৰ্মাণ কাৰ্য চলালে অৰুণাচলে নিজা থানাত এজাহাৰ দি তাৎক্ষণিকভাৱে নিৰ্মাণ বন্ধ কৰি দিয়ে।

অথচ যুগে যুগে অসমৰ ভূমি হিচাপে পৰিচিত এই ভূমিত অসমৰ লোকক এখন ক্লাৱ বা কাৰ্যালয় স্থাপন কৰিবলৈ নিদিয়ে বুলি সীমান্ত অঞ্চলটোৰ ৰাইজে তীব্ৰ আক্ষেপ কৰি শীঘ্ৰেই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰি পেট্ৰল পাম্পৰ লগতে যিকোনো স্থায়ী নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে। অন্যথা অঞ্চলত স্থানীয় ৰাইজৰ সম্পৰ্ক অৱনতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি সকিয়াই দিছে ৰাইজে।

Assam Secretariat Cricket Club:এছবিআই গুৱাহাটী অফিচ প্ৰিমিয়াৰ লীগ-২০২৪ত অসম সচিবালয় ক্ৰিকেট ক্লাব চেম্পিয়ন

Assam Secretariat Cricket Club:এছবিআই গুৱাহাটী অফিচ প্ৰিমিয়াৰ লীগ-২০২৪ত অসম সচিবালয় ক্ৰিকেট ক্লাব চেম্পিয়ন
Assam Secretariat Cricket Club:এছবিআই গুৱাহাটী অফিচ প্ৰিমিয়াৰ লীগ-২০২৪ত অসম সচিবালয় ক্ৰিকেট ক্লাব চেম্পিয়ন

গুৱাহাটী, ১ ডিচেম্বৰঃ অসম সচিবালয় ক্ৰিকেট ক্লাবৰ(Assam Secretariat Cricket Club) দ্বাৰা আয়োজিত SBI-গুৱাহাটী অফিচ প্ৰিমিয়াৰ লীগ-২০২৪ত(SBI Guwahati Office Premier League) অসম সচিবালয় ক্ৰিকেট ক্লাবে চেম্পিয়নৰ খিতাপ দখল কৰিছে।

আজি নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত চুড়ান্ত খেলখনত টছত জিকি চেন্ট্ৰেল ওৱাৰহাউচিং কৰ্পৰেচনে(Central Warehousing Corporation) ২০ অভাৰত ১৭১ ৰান সংগ্ৰহ কৰে।

কুশ্বাগ্ৰা মানসে ৮টা ছয় আৰু ৭টা চাৰিৰে ৯৮ ৰানৰ এক অনবদ্য ইনিংছৰ খেলে। প্ৰত্যুত্তৰত অসম সচিবালয় ক্ৰিকেট ক্লাবে পাৰ্থিৱ কাশ্যপ শৰ্মাৰ ৮৮ ৰান আৰু হিৰণ্য হাজৰিকাৰ ৬৪ ৰানৰ সহায়ত ১৬ অভাৰতে লক্ষ্য অতিক্ৰম কৰি ৯ উইকেটত বিজয় সাব্যস্ত কৰে।

খেলৰ শেষত জনস্বাস্থ্য-কাৰিকৰী বিভাগৰ সচিব কৈলাশ কাৰ্তিক, আইএএছ(IAS) দেৱে অসম সচিবালয় ক্ৰিকেট ক্লাবৰ এই প্ৰচেষ্টাৰ শলাগ লয় আৰু প্ৰতিযোগিতাখন ভৱিষ্যতেও অনুষ্ঠিত কৰাৰ বাবে মত পোষণ কৰে।

তেখেতৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ(Department of Health and Family Welfare) যুটীয়া সচিব ইন্দ্ৰাণী লস্কৰ, উপ-সচিব চন্দন কাকতি, ভাৰতীয় ষ্টেট বেংকৰ মেনেজাৰ বিকি মেছ, চেন্ট্ৰেল ওৱাৰহাউচিং কৰ্পৰেচনৰ ৰিজনেল মেনেজাৰ অভিশেষ আনন্দৰ লগতে বহুকেইজন গন্যমান্য ব্যক্তি উপষ্ঠিত থাকে।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেটাৰ আৰু বলাৰৰ বঁটা লাভ কৰে অসম সচিবালয়ৰ পাৰ্থিৱ কাশ্যপ শৰ্মাই আৰু নীলিম জ্যোতি গগৈয়ে আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে কুশ্বাগ্ৰ মানসে।