Home Blog Page 468

Assam: ঢেকিয়াজুলিত অসম সাহিত্য সভাৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

Assam: ঢেকিয়াজুলিত অসম সাহিত্য সভাৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ "ভাৰতৰ স্বাধীনতা আন্দোলন, ঢেকিয়াজুলি, চন্দ্ৰনাথ শৰ্মা আৰু সমসাময়িক সমাজ জীৱন" - শীৰ্ষক বক্তৃতানুষ্ঠান । আজি ৩০ নৱেম্বৰত শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ বেজবৰুৱা সন্মিলন কক্ষত এখনি ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। অসম সাহিত্য সভা আৰু লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ দ্বাৰা অনুষ্ঠিত উক্ত আলোচনা চক্ৰ খনিত সহযোগিতা আগবঢ়াইছিল শোণিতপুৰ জিলা সাহিত্য সভাই। "ভাৰতৰ স্বাধীনতা আন্দোলন, ঢেকিয়াজুলি, চন্দ্ৰনাথ শৰ্মা আৰু সমসাময়িক সমাজ জীৱন" শীৰ্ষক আলোচনা চক্ৰৰ আৰম্ভণিতে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ শইকীয়াই। মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা "চিৰ চেনেহী মোৰ ভাষা জননী" শীৰ্ষক গীতটী পৰিৱেশনৰ পিছতেই আৰম্ভ হয় প্ৰথম সত্ৰৰ মূল সভা। ড° অৰিন্দম কুমাৰ ডেকাই আঁত ধৰা সভাখনত প্ৰথম সত্ৰৰ মূল সভাত বিশিষ্ট অতিথি সকলৰ আসন গ্ৰহণ আৰু সম্বৰ্দ্ধনাৰ জ্ঞাপনৰ পিছতেই উদ্বোধনী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড°শুকদেৱ অধিকাৰীয়ে। আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° হৰিপ্ৰসাদ বৰুৱাই। আলোচনা চক্ৰ সন্দৰ্ভত অসম সাহিত্য সভাৰ বক্তব্য ৰাখে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই। ভাষণ প্ৰসঙ্গত উপেন্দ্ৰজিৎ শৰ্মাই কয় যে - কেতিয়াবা অসাহিত্যিকৰ হাততো মোৰ জাতিটো, মোৰ ভাষাটো সুৰক্ষিত হ'ব পাৰে আৰু কেতিয়াবা সাহিত্যকৰ হাতটো মোৰ জাতিটোৰ বিনাশ সাধন হ'ব পাৰে। আনহাতে বীজ ভাষণ প্ৰদান কৰে কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক ড° কবিতা চৌধুৰীয়ে। ইয়াৰ পিছতেই ড° তোলন মোছাহাৰী ৰচিত উপন্যাস 'মনালিচা' উন্মোচন কৰা হয়। উন্মোচন কাৰ্যক্ৰমৰ সমাপনৰ পিছতেই ড° ডালিমা কাকতিয়ে শলাগৰ শৰাই জ্ঞাপনৰ লগে লগেই আৰম্ভ হয় দ্বিতীয় সত্ৰ (প্ৰথম বিদ্যায়তনিক সত্ৰ)। উক্ত বিদ্যায়তনিক সত্ৰৰ সঞ্চালনা কৰে তেজপুৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° জ্যোতি কমল হাজৰিকাই। ইয়াৰ আগেয়ে আজি পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়াই। মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড° শুকদেৱ অধিকাৰীয়ে। স্মৃতি তৰ্পণ কৰে শিক্ষাবিদ তথা 'দৈনিক অসম'ৰ প্ৰাক্তন সাংবাদিক ৰমেশ চন্দ্ৰ বৰাই।
Assam: ঢেকিয়াজুলিত অসম সাহিত্য সভাৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

“ভাৰতৰ স্বাধীনতা আন্দোলন, ঢেকিয়াজুলি, চন্দ্ৰনাথ শৰ্মা আৰু সমসাময়িক সমাজ জীৱন” – শীৰ্ষক বক্তৃতানুষ্ঠান ।

আজি ৩০ নৱেম্বৰত শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ বেজবৰুৱা সন্মিলন কক্ষত এখনি ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়।
অসম সাহিত্য সভা আৰু লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ দ্বাৰা অনুষ্ঠিত উক্ত আলোচনা চক্ৰ খনিত সহযোগিতা আগবঢ়াইছিল শোণিতপুৰ জিলা সাহিত্য সভাই।

“ভাৰতৰ স্বাধীনতা আন্দোলন, ঢেকিয়াজুলি, চন্দ্ৰনাথ শৰ্মা আৰু সমসাময়িক সমাজ জীৱন” শীৰ্ষক আলোচনা চক্ৰৰ আৰম্ভণিতে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ শইকীয়াই।

মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা “চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক গীতটী পৰিৱেশনৰ পিছতেই আৰম্ভ হয় প্ৰথম সত্ৰৰ মূল সভা।

ড° অৰিন্দম কুমাৰ ডেকাই আঁত ধৰা সভাখনত প্ৰথম সত্ৰৰ মূল সভাত বিশিষ্ট অতিথি সকলৰ আসন গ্ৰহণ আৰু সম্বৰ্দ্ধনাৰ জ্ঞাপনৰ পিছতেই উদ্বোধনী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড°শুকদেৱ অধিকাৰীয়ে।

আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° হৰিপ্ৰসাদ বৰুৱাই।

আলোচনা চক্ৰ সন্দৰ্ভত অসম সাহিত্য সভাৰ বক্তব্য ৰাখে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই।

ভাষণ প্ৰসঙ্গত উপেন্দ্ৰজিৎ শৰ্মাই কয় যে – কেতিয়াবা অসাহিত্যিকৰ হাততো মোৰ জাতিটো, মোৰ ভাষাটো সুৰক্ষিত হ’ব পাৰে আৰু কেতিয়াবা সাহিত্যকৰ হাতটো মোৰ জাতিটোৰ বিনাশ সাধন হ’ব পাৰে।

আনহাতে বীজ ভাষণ প্ৰদান কৰে কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক ড° কবিতা চৌধুৰীয়ে।

ইয়াৰ পিছতেই ড° তোলন মোছাহাৰী ৰচিত উপন্যাস ‘মনালিচা’ উন্মোচন কৰা হয়।

উন্মোচন কাৰ্যক্ৰমৰ সমাপনৰ পিছতেই ড° ডালিমা কাকতিয়ে শলাগৰ শৰাই জ্ঞাপনৰ লগে লগেই আৰম্ভ হয় দ্বিতীয় সত্ৰ (প্ৰথম বিদ্যায়তনিক সত্ৰ)।

উক্ত বিদ্যায়তনিক সত্ৰৰ সঞ্চালনা কৰে তেজপুৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° জ্যোতি কমল হাজৰিকাই।
ইয়াৰ আগেয়ে আজি পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়াই।
মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড° শুকদেৱ অধিকাৰীয়ে।
স্মৃতি তৰ্পণ কৰে শিক্ষাবিদ তথা ‘দৈনিক অসম’ৰ প্ৰাক্তন সাংবাদিক ৰমেশ চন্দ্ৰ বৰাই।

Wife-Husband: যিবোৰ কথা পত্নীৰ লগত আলোচনা নকৰাটোৱেই উত্তম

যিবোৰ কথা পত্নীৰ লগত আলোচনা নকৰাটোৱেই উত্তম সুখী বিবাহিত জীৱনৰ অন্য এক বৈশিষ্ট্য হ’ল- স্বামী-স্ত্ৰীৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখা। কিন্তু স্বামী-স্ত্ৰীৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ হ’লেও কিছুমান কথা আছে, যিবোৰ সংগীৰ সৈতে ভাগ-বতৰা কৰিলে সম্পৰ্কত কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ পুৰুষৰ বাবে কিছুমান বিশেষ কথা আছে যিবোৰ পত্নীৰ লগত আলোচনা নকৰাটোৱেই উত্তম। যেনে- ১. আত্মীয়ৰ গোপন সমস্যাঃ ঘৰৰ আত্মীয়ৰ যিকোনো গোপন সমস্যা, যিবোৰ তেওঁলোকৰ অনুমতি অবিহনে শ্বেয়াৰ কৰিব নালাগে। ২. পূৰ্বৰ সম্পৰ্কৰ বিষয়ে: অতীতৰ প্ৰেম বা সম্পৰ্কৰ বিষয়ে অপ্ৰয়োজনীয় তথ্য শ্বেয়াৰ কৰিলে অনাহক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। ৩. বন্ধু বা সহকৰ্মীৰ ব্যক্তিগত তথ্য: আনৰ ব্যক্তিগত তথ্য আপোনাৰ পত্নীৰ সৈতে ভাগ-বতৰা নকৰিব। ইয়াৰ ফলত আপোনাৰ পত্নীৰ সৈতে সম্পৰ্কত সমস্যাৰ সৃষ্টি হ’ব পাৰে। ৪. কাৰ্যালয়ৰ গোপনীয় তথ্য: আপোনাৰ কামৰ গোপনীয় তথ্য বা কৌশলসমূহ ভাগ-বতৰা কৰিলে পেছাদাৰীভাৱে সমস্যাৰ সৃষ্টি হ'ব পাৰে। ৫. অপ্ৰয়োজনীয় সমালোচনাঃ পত্নীৰ পৰিয়াল, বন্ধু-বান্ধৱী বা পছন্দৰ যিকোনো বিষয়ক অত্যাধিক সমালোচনা নকৰিব। ই আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্কৰ অৱনতি ঘটাব পাৰে। ৬. আৰ্থিক সমস্যা বা ঋণৰ পৰিস্থিতি: আপোনাৰ আৰ্থিক সমস্যা বা ঋণ সম্পৰ্কীয় জটিলতাই তেওঁক অযথা মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। কিন্তু যিকোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লওঁতে আপোনাৰ সংগীক অৱগত কৰাটো গুৰুত্বপূৰ্ণ। ৭. আন মহিলাক প্ৰশংসা কৰা: এগৰাকী মহিলা সহকৰ্মী বা বন্ধুক অতিমাত্ৰা প্ৰশংসা কৰিলে ঈৰ্ষাৰ সৃষ্টি হ’ব পাৰে। ৮. তেওঁৰ শাৰীৰিক বা মানসিক দুৰ্বলতাৰ বিষয়ে আলোচনা কৰা: তেওঁৰ যিকোনো শাৰীৰিক বা মানসিক সীমাবদ্ধতাক উত্থাপন কৰিলে আত্মবিশ্বাস হ্ৰাস পাব পাৰে। ৯. তেওঁৰ পেছাদাৰী দক্ষতাৰ সন্দৰ্ভত: তেওঁৰ কেৰিয়াৰ বা পেছাদাৰী দক্ষতাৰ বিষয়ে নেতিবাচক মন্তব্য কৰিলে সম্পৰ্কত প্ৰতিক্ৰিয়া হ’ব পাৰে। ১০. গোপন পৰিকল্পনা: আপোনাৰ গোপন সঞ্চয় বা ভৱিষ্যতৰ পৰিকল্পনা, যিবোৰ তেওঁৰ আগত প্ৰকাশ কৰিলে ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে। ১১. গোপন অতীতৰ ক্ষোভ: পত্নীৰ প্ৰতি প্ৰকাশ কৰা পুৰণি ক্ষোভ বা আঘাতে সম্পৰ্কত উত্তেজনা আৰু মানসিক চাপৰ সৃষ্টি কৰিব পাৰে।
যিবোৰ কথা পত্নীৰ লগত আলোচনা নকৰাটোৱেই উত্তম

সুখী বিবাহিত জীৱনৰ অন্য এক বৈশিষ্ট্য হ’ল- স্বামী-স্ত্ৰীৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখা। কিন্তু স্বামী-স্ত্ৰীৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ হ’লেও কিছুমান কথা আছে, যিবোৰ সংগীৰ সৈতে ভাগ-বতৰা কৰিলে সম্পৰ্কত কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে।

বিশেষকৈ পুৰুষৰ বাবে কিছুমান বিশেষ কথা আছে যিবোৰ পত্নীৰ লগত আলোচনা নকৰাটোৱেই উত্তম। যেনে-

১. আত্মীয়ৰ গোপন সমস্যাঃ ঘৰৰ আত্মীয়ৰ যিকোনো গোপন সমস্যা, যিবোৰ তেওঁলোকৰ অনুমতি অবিহনে শ্বেয়াৰ কৰিব নালাগে।

২. পূৰ্বৰ সম্পৰ্কৰ বিষয়ে: অতীতৰ প্ৰেম বা সম্পৰ্কৰ বিষয়ে অপ্ৰয়োজনীয় তথ্য শ্বেয়াৰ কৰিলে অনাহক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

৩. বন্ধু বা সহকৰ্মীৰ ব্যক্তিগত তথ্য: আনৰ ব্যক্তিগত তথ্য আপোনাৰ পত্নীৰ সৈতে ভাগ-বতৰা নকৰিব। ইয়াৰ ফলত আপোনাৰ পত্নীৰ সৈতে সম্পৰ্কত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

৪. কাৰ্যালয়ৰ গোপনীয় তথ্য: আপোনাৰ কামৰ গোপনীয় তথ্য বা কৌশলসমূহ ভাগ-বতৰা কৰিলে পেছাদাৰীভাৱে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

৫. অপ্ৰয়োজনীয় সমালোচনাঃ পত্নীৰ পৰিয়াল, বন্ধু-বান্ধৱী বা পছন্দৰ যিকোনো বিষয়ক অত্যাধিক সমালোচনা নকৰিব। ই আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্কৰ অৱনতি ঘটাব পাৰে।

৬. আৰ্থিক সমস্যা বা ঋণৰ পৰিস্থিতি: আপোনাৰ আৰ্থিক সমস্যা বা ঋণ সম্পৰ্কীয় জটিলতাই তেওঁক অযথা মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। কিন্তু যিকোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লওঁতে আপোনাৰ সংগীক অৱগত কৰাটো গুৰুত্বপূৰ্ণ।

৭. আন মহিলাক প্ৰশংসা কৰা: এগৰাকী মহিলা সহকৰ্মী বা বন্ধুক অতিমাত্ৰা প্ৰশংসা কৰিলে ঈৰ্ষাৰ সৃষ্টি হ’ব পাৰে।

৮. তেওঁৰ শাৰীৰিক বা মানসিক দুৰ্বলতাৰ বিষয়ে আলোচনা কৰা: তেওঁৰ যিকোনো শাৰীৰিক বা মানসিক সীমাবদ্ধতাক উত্থাপন কৰিলে আত্মবিশ্বাস হ্ৰাস পাব পাৰে।

৯. তেওঁৰ পেছাদাৰী দক্ষতাৰ সন্দৰ্ভত: তেওঁৰ কেৰিয়াৰ বা পেছাদাৰী দক্ষতাৰ বিষয়ে নেতিবাচক মন্তব্য কৰিলে সম্পৰ্কত প্ৰতিক্ৰিয়া হ’ব পাৰে।

১০. গোপন পৰিকল্পনা: আপোনাৰ গোপন সঞ্চয় বা ভৱিষ্যতৰ পৰিকল্পনা, যিবোৰ তেওঁৰ আগত প্ৰকাশ কৰিলে ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে।

১১. গোপন অতীতৰ ক্ষোভ: পত্নীৰ প্ৰতি প্ৰকাশ কৰা পুৰণি ক্ষোভ বা আঘাতে সম্পৰ্কত উত্তেজনা আৰু মানসিক চাপৰ সৃষ্টি কৰিব পাৰে।

Russia: পুনৰ পাৰমাণৱিক পৰীক্ষা কৰিবলৈ সাজু হৈছে ৰাছিয়া

পুনৰ পাৰমাণৱিক পৰীক্ষা কৰিবলৈ সাজু হৈছে ৰাছিয়া পুনৰ পাৰমাণৱিক পৰীক্ষণ আৰম্ভ কৰিবলৈ সাজু হৈছে ৰাছিয়াই। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দ্বাদশ মূল সঞ্চালকালয়ৰ প্ৰাক্তন মুৰব্বী কৰ্ণেল জেনেৰেল ভ্লাদিমিৰ ভেৰখভচেভে এই কথা কয়। নোভায়া জেমলিয়া দ্বীপপুঞ্জৰ এক নিদিষ্ট স্থানত হ'ব এই পৰীক্ষণ। ভ্লাদিমিৰ ভেৰখভচেভে কয় যে নোভায়া জেমলিয়া দ্বীপপুঞ্জৰ পৰীক্ষাণস্থলীত কেইবাবছৰো ধৰি পুনৰ পাৰমাণৱিক পৰীক্ষা আৰম্ভ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে। যদি কৰ্তৃত্বপ্ৰাপ্ত বিষয়াসকলে এই সন্দৰ্ভত সিদ্ধান্ত লয় তেন্তে অদূৰ ভৱিষ্যতে আমি কাম আৰম্ভ কৰিম। ইয়াৰ পূৰ্বে ৰাছিয়াৰ উপ-বিদেশ মন্ত্ৰী চাৰ্গেই ৰিয়াবকোভে টাছক দিয়া এক সাক্ষাৎকাৰত কয় যে ৰাছিয়াই আমেৰিকাৰ উত্তেজনা বৃদ্ধিৰ নীতিৰ অংশ হিচাপে পাৰমাণৱিক পৰীক্ষা পুনৰ আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে। উপ-বিদেশ মন্ত্ৰীগৰাকীয়ে কয়, আন একো অনুমান নকৰাকৈয়ে মই মাত্ৰ ক’ব বিচাৰিছো যে পৰিস্থিতিটো অতি কঠিনহৈ আছে। কাকতলীয়াকৈ ক’বলৈ গ’লে ছোভিয়েট ইউনিয়নৰ পতনৰ এবছৰৰ আগৰ ১৯৯০ চনৰ পৰা মস্কোৱে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰা নাই। ছোভিয়েট ইউনিয়নৰ অস্তিত্বৰ সময়ছোৱাত মুঠ ৭১৫টা পাৰমাণৱিক পৰীক্ষা কৰা হৈছিল। নোভায়া জেমলিয়া স্থানত শেষ পৰীক্ষাটো হৈছিল ১৯৯০ চনৰ ২৪ অক্টোবৰত।
পুনৰ পাৰমাণৱিক পৰীক্ষা কৰিবলৈ সাজু হৈছে ৰাছিয়া

পুনৰ পাৰমাণৱিক পৰীক্ষণ আৰম্ভ কৰিবলৈ সাজু হৈছে ৰাছিয়াই। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দ্বাদশ মূল সঞ্চালকালয়ৰ প্ৰাক্তন মুৰব্বী কৰ্ণেল জেনেৰেল ভ্লাদিমিৰ ভেৰখভচেভে এই কথা কয়। নোভায়া জেমলিয়া দ্বীপপুঞ্জৰ এক নিদিষ্ট স্থানত হ’ব এই পৰীক্ষণ।

ভ্লাদিমিৰ ভেৰখভচেভে কয় যে নোভায়া জেমলিয়া দ্বীপপুঞ্জৰ পৰীক্ষাণস্থলীত কেইবাবছৰো ধৰি পুনৰ পাৰমাণৱিক পৰীক্ষা আৰম্ভ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে। যদি কৰ্তৃত্বপ্ৰাপ্ত বিষয়াসকলে এই সন্দৰ্ভত সিদ্ধান্ত লয় তেন্তে অদূৰ ভৱিষ্যতে আমি কাম আৰম্ভ কৰিম।

ইয়াৰ পূৰ্বে ৰাছিয়াৰ উপ-বিদেশ মন্ত্ৰী চাৰ্গেই ৰিয়াবকোভে টাছক দিয়া এক সাক্ষাৎকাৰত কয় যে ৰাছিয়াই আমেৰিকাৰ উত্তেজনা বৃদ্ধিৰ নীতিৰ অংশ হিচাপে পাৰমাণৱিক পৰীক্ষা পুনৰ আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে।

উপ-বিদেশ মন্ত্ৰীগৰাকীয়ে কয়, আন একো অনুমান নকৰাকৈয়ে মই মাত্ৰ ক’ব বিচাৰিছো যে পৰিস্থিতিটো অতি কঠিনহৈ আছে।

কাকতলীয়াকৈ ক’বলৈ গ’লে ছোভিয়েট ইউনিয়নৰ পতনৰ এবছৰৰ আগৰ ১৯৯০ চনৰ পৰা মস্কোৱে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰা নাই। ছোভিয়েট ইউনিয়নৰ অস্তিত্বৰ সময়ছোৱাত মুঠ ৭১৫টা পাৰমাণৱিক পৰীক্ষা কৰা হৈছিল। নোভায়া জেমলিয়া স্থানত শেষ পৰীক্ষাটো হৈছিল ১৯৯০ চনৰ ২৪ অক্টোবৰত।

Volcano: এবছৰত কমেও সাতবাৰ সাৰ পাই উঠা আইচলেণ্ডৰ আগ্নেয়গিৰিটো

এবছৰত কমেও সাতবাৰ সাৰ পাই উঠা আইচলেণ্ডৰ আগ্নেয়গিৰিটো আইচলেণ্ডৰ এটা আগ্নেয়গিৰি, যিটোৱে এবছৰত কমেও সাতবাৰ সাৰ পাই উঠাত বিজ্ঞানীসকলক শংকিত কৰি তুলিছে।আইচলেণ্ডৰ দক্ষিণ-পশ্চিম গ্ৰীণ্ডাভিক চহৰত বুধবাৰে পুনৰ এই আগ্নেয়গিৰিটোৰ বিস্ফোৰণ ঘটে। এই ঘটনা সংঘটিত হোৱা অঞ্চলটোৰ পৰা অলপ দূৰৈতে আছে এখন মাছমৰীয়া গাঁও, যিখন পৰ্যটকৰ মাজত অতি জনপ্ৰিয়। অৱশ্যে এতিয়ালৈকে বাসিন্দাসকলক কোনো বিশেষ সতৰ্কবাণী জাৰি কৰা নাই বা আগ্নেয়গিৰিটোৱে কোনো হানি কৰা নাই। যদিও স্থানীয় বাসিন্দাসকলক স্থানান্তৰ কৰা হৈছে। আগ্নেয়গিৰিটোৱে গভীৰ নিশা বিস্ফোৰণ কৰা কেইবাটাও ফুটেজ ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে। অৱশ্যে কোনো লোকৰ প্ৰাণ হানিৰ খবৰ পোৱা নাই। প্ৰসংগক্ৰমে চলিত বৰ্ষৰ জানুৱাৰী মাহত এই চহৰত আগ্নেয়গিৰি বিস্ফোৰণ ঘটিছিল। পূৰ্বতে ২০২৩ চনৰ ডিচেম্বৰ মাহতো একে ঘটনা সংঘটিত হৈছিল। প্ৰশাসনে মহানগৰীৰ কমেও ৪০০০ বাসিন্দাক উদ্ধাৰ কৰে। বৰ্তমান বিস্ফোৰণৰ বাবেই বাসিন্দাসকলক স্থানান্তৰ কৰা হৈছে। পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে প্ৰশাসনে। অৱশ্যে একেটা ঘটনা বাৰে বাৰে সংঘটিত হোৱাৰ বাবে শংকিত হৈ পৰিছে প্ৰশাসন।
এবছৰত কমেও সাতবাৰ সাৰ পাই উঠা আইচলেণ্ডৰ আগ্নেয়গিৰিটো

Volcano। আইচলেণ্ডৰ এটা আগ্নেয়গিৰি, যিটোৱে এবছৰত কমেও সাতবাৰ সাৰ পাই উঠাত বিজ্ঞানীসকলক শংকিত কৰি তুলিছে।আইচলেণ্ডৰ দক্ষিণ-পশ্চিম গ্ৰীণ্ডাভিক চহৰত বুধবাৰে পুনৰ এই আগ্নেয়গিৰিটোৰ বিস্ফোৰণ ঘটে। এই ঘটনা সংঘটিত হোৱা অঞ্চলটোৰ পৰা অলপ দূৰৈতে আছে এখন মাছমৰীয়া গাঁও, যিখন পৰ্যটকৰ মাজত অতি জনপ্ৰিয়। অৱশ্যে এতিয়ালৈকে বাসিন্দাসকলক কোনো বিশেষ সতৰ্কবাণী জাৰি কৰা নাই বা আগ্নেয়গিৰিটোৱে কোনো হানি কৰা নাই। যদিও স্থানীয় বাসিন্দাসকলক স্থানান্তৰ কৰা হৈছে। আগ্নেয়গিৰিটোৱে গভীৰ নিশা বিস্ফোৰণ কৰা কেইবাটাও ফুটেজ ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে। অৱশ্যে কোনো লোকৰ প্ৰাণ হানিৰ খবৰ পোৱা নাই।
প্ৰসংগক্ৰমে চলিত বৰ্ষৰ জানুৱাৰী মাহত এই চহৰত আগ্নেয়গিৰি বিস্ফোৰণ ঘটিছিল। পূৰ্বতে ২০২৩ চনৰ ডিচেম্বৰ মাহতো একে ঘটনা সংঘটিত হৈছিল। প্ৰশাসনে মহানগৰীৰ কমেও ৪০০০ বাসিন্দাক উদ্ধাৰ কৰে। বৰ্তমান বিস্ফোৰণৰ বাবেই বাসিন্দাসকলক স্থানান্তৰ কৰা হৈছে। পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে প্ৰশাসনে। অৱশ্যে একেটা ঘটনা বাৰে বাৰে সংঘটিত হোৱাৰ বাবে শংকিত হৈ পৰিছে প্ৰশাসন।

Blood: তেজৰ প্ৰকাৰে কি কয় আপোনাৰ ব্যক্তিত্বৰ বিষয়ে

তেজৰ প্ৰকাৰে কি কয় আপোনাৰ ব্যক্তিত্বৰ বিষয়ে আপোনাৰ তেজৰ প্ৰকাৰে আপোনাৰ ব্যক্তিত্ব প্ৰকাশ কৰিব পাৰেনে? এই ধাৰণাটো বহু বছৰ ধৰি মানুহৰ আগ্ৰহৰ বিষয় হৈ আহিছে। এই বিশ্বাস বিশেষকৈ জাপান আৰু দক্ষিণ কোৰিয়াৰ দৰে দেশত জনপ্ৰিয়। বৈজ্ঞানিক ভিত্তি নাই যদিও সংস্কৃতিৰ অংশ হিচাপে ই গভীৰভাৱে শিপাই আছে। বিভিন্ন তেজৰ গোটৰ লগত জড়িত ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহ চাওঁ আহক। তেজৰ প্ৰকাৰ A মধ্যপন্থী শান্ত, পৰিপাটি, দায়িত্বশীল আৰু সংবেদনশীল। দলীয় কামৰ বাবে অতি উপযুক্ত আৰু নিৰ্ভৰযোগ্য। অত্যধিক সংবেদনশীল আৰু নিখুঁততাবাদত আবদ্ধ হোৱাৰ প্ৰৱণতা থাকে। এটা গোটৰ মানুহ সাধাৰণতে অন্তৰ্মুখী, যিয়ে কাজিয়া এৰাই চলি সমন্বয় বজাই ৰাখিবলৈ পছন্দ কৰে। তেজৰ গোট B সৃষ্টিশীল আৰু স্বাধীন। আবেগিক, উদ্ভাৱনীমূলক আৰু নমনীয়। ভাল সিদ্ধান্ত গ্ৰহণ আৰু সৃষ্টিশীল। কেতিয়াবা আত্মকেন্দ্ৰিক আৰু অস্থিৰ হ’ব পাৰে। বি গ্ৰুপৰ মানুহে নিজৰ নিয়ম মানি চলি ভাল পায় আৰু স্বতন্ত্ৰ ব্যক্তিত্ব লাভ কৰে। তেজৰ গোট এ বি যুক্তিবাদী আৰু সুষম। কূটনৈতিক, শীতল স্বভাৱৰ আৰু যুক্তিবাদী। বিভিন্ন দৃষ্টিভংগীৰ মাজত ভাৰসাম্য ৰক্ষা আৰু বুজিব পৰা। কেতিয়াবা অভাৱনীয় বা আঁতৰত থাকিব পাৰে। ক আৰু খৰ মিশ্ৰণ হিচাপে এবি গোটৰ মানুহ একে সময়তে সৃষ্টিশীল আৰু যুক্তিবাদী। তেজৰ গোট প্ৰাকৃতিক নেতা আত্মবিশ্বাসী, আৰ্টিকুলেট আৰু অভিলাষী। স্বাভাৱিক নেতৃত্ব গুণগত আৰু শক্তিশালী। অহংকাৰী বা প্ৰতিযোগিতামূলক হ’ব পাৰে। O গোটৰ মানুহক সাধাৰণতে শক্তিশালী আৰু প্ৰভাৱশালী, আনক অনুপ্ৰাণিত কৰিবলৈ সক্ষম বুলি গণ্য কৰা হয়। আধুনিক বিজ্ঞানৰ মতে তেজৰ গোট আৰু ব্যক্তিত্বৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। তেজৰ প্ৰকাৰ বহুলাংশে জিনীয় বিজ্ঞানৰ দ্বাৰা নিৰ্ধাৰিত হয় আৰু ই ব্যক্তিত্বত নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়।
তেজৰ প্ৰকাৰে কি কয় আপোনাৰ ব্যক্তিত্বৰ বিষয়ে

আপোনাৰ তেজৰ প্ৰকাৰে আপোনাৰ ব্যক্তিত্ব প্ৰকাশ কৰিব পাৰেনে? এই ধাৰণাটো বহু বছৰ ধৰি মানুহৰ আগ্ৰহৰ বিষয় হৈ আহিছে। এই বিশ্বাস বিশেষকৈ জাপান আৰু দক্ষিণ কোৰিয়াৰ দৰে দেশত জনপ্ৰিয়। বৈজ্ঞানিক ভিত্তি নাই যদিও সংস্কৃতিৰ অংশ হিচাপে ই গভীৰভাৱে শিপাই আছে। বিভিন্ন তেজৰ গোটৰ লগত জড়িত ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহ চাওঁ আহক।

তেজৰ প্ৰকাৰ A

মধ্যপন্থী শান্ত, পৰিপাটি, দায়িত্বশীল আৰু সংবেদনশীল। দলীয় কামৰ বাবে অতি উপযুক্ত আৰু নিৰ্ভৰযোগ্য। অত্যধিক সংবেদনশীল আৰু নিখুঁততাবাদত আবদ্ধ হোৱাৰ প্ৰৱণতা থাকে। এটা গোটৰ মানুহ সাধাৰণতে অন্তৰ্মুখী, যিয়ে কাজিয়া এৰাই চলি সমন্বয় বজাই ৰাখিবলৈ পছন্দ কৰে।

তেজৰ গোট B

সৃষ্টিশীল আৰু স্বাধীন। আবেগিক, উদ্ভাৱনীমূলক আৰু নমনীয়। ভাল সিদ্ধান্ত গ্ৰহণ আৰু সৃষ্টিশীল। কেতিয়াবা আত্মকেন্দ্ৰিক আৰু অস্থিৰ হ’ব পাৰে। বি গ্ৰুপৰ মানুহে নিজৰ নিয়ম মানি চলি ভাল পায় আৰু স্বতন্ত্ৰ ব্যক্তিত্ব লাভ কৰে।

তেজৰ গোট এ বি

যুক্তিবাদী আৰু সুষম। কূটনৈতিক, শীতল স্বভাৱৰ আৰু যুক্তিবাদী। বিভিন্ন দৃষ্টিভংগীৰ মাজত ভাৰসাম্য ৰক্ষা আৰু বুজিব পৰা। কেতিয়াবা অভাৱনীয় বা আঁতৰত থাকিব পাৰে। ক আৰু খৰ মিশ্ৰণ হিচাপে এবি গোটৰ মানুহ একে সময়তে সৃষ্টিশীল আৰু যুক্তিবাদী।

তেজৰ গোট

প্ৰাকৃতিক নেতা আত্মবিশ্বাসী, আৰ্টিকুলেট আৰু অভিলাষী। স্বাভাৱিক নেতৃত্ব গুণগত আৰু শক্তিশালী। অহংকাৰী বা প্ৰতিযোগিতামূলক হ’ব পাৰে। O গোটৰ মানুহক সাধাৰণতে শক্তিশালী আৰু প্ৰভাৱশালী, আনক অনুপ্ৰাণিত কৰিবলৈ সক্ষম বুলি গণ্য কৰা হয়।

আধুনিক বিজ্ঞানৰ মতে তেজৰ গোট আৰু ব্যক্তিত্বৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। তেজৰ প্ৰকাৰ বহুলাংশে জিনীয় বিজ্ঞানৰ দ্বাৰা নিৰ্ধাৰিত হয় আৰু ই ব্যক্তিত্বত নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়।

RAIL: এখন ৰে’লত উঠিলেই বিশ্বৰ ১৩খন দেশ পাৰ হ’ব পাৰি

এখন ৰে'লত উঠিলেই বিশ্বৰ ১৩খন দেশ পাৰ হ’ব পাৰি
এখন ৰে'লত উঠিলেই বিশ্বৰ ১৩খন দেশ পাৰ হ’ব পাৰি

ভাৰতৰ আটাইতকৈ দীঘলীয়া ৰে’লপথটো ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ, য’ত ৪২৭৩ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিে বিবেক এক্সপ্ৰেছে। ৯ খন ৰাজ্য পাৰ হৈ ৮০ ঘণ্টা ১৫ মিনিটত গন্তব্যস্থান পায়গৈ এই ৰে’লখন। কিন্তু আপুনি জানেনে বিশ্বৰ ভিতৰতে কোনটো ৰে’লপথ আটাইতকৈ দীঘল? বিশ্বৰ আটাইতকৈ দীঘল ৰে’লপথটোৰ মুঠ দৈৰ্ঘ্য ১৮৭৫৫ কিলোমিটাৰ আৰু এই যাত্ৰা সম্পূৰ্ণ কৰিবলৈ প্ৰায় ২১ দিন সময় লাগে। কিন্তু বতৰ বা আন কাৰণত যাত্ৰাৰ সময় বাঢ়িব পাৰে।এই দীঘলীয়া যাত্ৰা পৰ্তুগালৰ আলগাৰ্ভ অঞ্চলৰ লাগোছ চহৰৰ পৰা আৰম্ভ হৈ ছিংগাপুৰত শেষ হয়। এই ৰে’লখনে যাত্ৰাত মুঠ ১৩খন দেশ অতিক্ৰম কৰি বাটত মাত্ৰ ১১টা ষ্টেচনতহে ৰয়। এই ৰে’লখন স্পেইন, ফ্ৰান্স, ৰাছিয়া, চীন, ভিয়েটনাম, থাইলেণ্ড, ছিংগাপুৰকে ধৰি কেইবাখনো উল্লেখযোগ্য দেশৰ মাজেৰে পাৰ হৈ যায়। ইয়াৰ উপৰিও পেৰিছ, মস্কো, বেইজিং, বেংকক আদি বিখ্যাত চহৰৰ মাজেৰে এই ৰে’লখনে যাত্ৰা কৰে।

২১ দিনৰ এই অবিশ্বাস্য যাত্ৰা কৰিবলৈ হ’লে পকেট খালী কৰিব লাগিব। এই ৰেলখনৰ টিকটৰ মূল্য প্ৰায় ১৩৫০ ডলাৰ, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ১ কোটি ১৪ লাখ টকা। খাদ্যকে ধৰি সকলো সুবিধা টিকটৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছে। পৰ্তুগালৰ পৰা ছিংগাপুৰলৈ এই ব্যতিক্ৰমী ৰে’ল যাত্ৰা সম্ভৱ হৈছিল দেশসমূহৰ ৰে’ল মন্ত্ৰালয় আৰু সংস্থাসমূহৰ যৌথ প্ৰচেষ্টাত। ই বিশ্ববাসীলৈ ৰে’ল পৰিবহণৰ এক যুগান্তকাৰী উপহাৰ।

INTERNATE: দৈনন্দিন জীৱনত ব্যৱহৃত ইণ্টাৰনেট বা জিপিএছৰ জন্ম কেনেকৈ হৈছিল জানেনে

INTERNATE: দৈনন্দিন জীৱনত ব্যৱহৃত ইণ্টাৰনেট বা জিপিএছৰ জন্ম কেনেকৈ হৈছিল জানেনে বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱন যিকোনো দেশৰ অগ্ৰগতিৰ অন্যতম চিহ্ন। যিখন দেশে এই খণ্ডত সৰ্বাধিক ধন খৰচ কৰে সেইখন দেশ প্ৰযুক্তিগতভাৱে অধিক উন্নত। কিছুমান প্ৰযুক্তি আমাৰ দৈনন্দিন জীৱনৰ লগত ইমানেই জড়িত হৈ পৰিছে যে সেইবোৰ আমাৰ বাবে নিৰ্মাণ কৰা হোৱা নাছিল। বহুতে হয়তো নাজানে যে সেইবোৰ কেনেকৈ তৈয়াৰ কৰা হৈছে। ইণ্টাৰনেট ইণ্টাৰনেটৰ অবিহনে আমি আজি অচল হৈ পৰিছো। দৈনন্দিন কামৰ পৰা মনোৰঞ্জনলৈকে, মোবাইলৰ পৰা আৰম্ভ কৰি চিকিৎসা ব্যৱস্থালৈকে সকলো বস্তু ইণ্টাৰনেটৰ দ্বাৰাই সামৰি লোৱা হৈছে। ইণ্টাৰনেটে প্ৰযুক্তিৰ জগতখনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। কিন্তু ইয়াৰ উৎপত্তি কেৱল বিভিন্ন বিভাগৰ মাজত যোগাযোগ স্থাপনৰ বাবেই হৈছিল। ১৯৬৯ চনত সৃষ্টি হৈছিল আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ ‘আৰ্পানেট’। ইয়াৰ সহায়ত বিভিন্ন বিশ্ববিদ্যালয়, চৰকাৰী সংস্থা আৰু প্ৰতিৰক্ষা বিভাগৰ সৈতে যোগাযোগ স্থাপন কৰা হৈছিল। জিপিএছ গ্ল’বেল পজিচনিং চিষ্টেম (GPS) বৰ্তমান চীনৰ বাহিৰে প্ৰতিখন বিমান, গাড়ী, জাহাজ, পথ ইত্যাদিয়ে ব্যৱহাৰ কৰা হৈছে। ১৯৭০ চনত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে ইয়াক প্ৰস্তুত কৰিছিল। ১৯৭৮ চনত প্ৰথম নেভিগেচন উপগ্ৰহ ‘নৱষ্টাৰ’ উৎক্ষেপণ কৰা হৈছিল। ১৯৯৩ চনৰ ভিতৰত ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছিল। প্ৰথমতে ইয়াক কেৱল আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা হৈছিল। ১৯৮৩ চনৰ পৰাই জিপিএছ ৰাজহুৱা ব্যৱহাৰৰ বাবে উপলব্ধ। মাইক্ৰৱেভ অভেন শীতল যুদ্ধৰ সময়ত ইয়াৰ আৱিষ্কাৰ। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা ৰাডাৰ প্ৰযুক্তি দ্ৰুতগতিত আগবাঢ়িছে। ছোভিয়েট ইউনিয়নৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ ‘নাটো’ ৰাডাৰ প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল। ১৯৪৬ চনত বিজ্ঞানী পাৰ্চি স্পেন্সৰে বিদ্যুৎচুম্বকীয় তৰংগৰ ওপৰত গৱেষণা কৰি মাইক্ৰৱেভ আৱিষ্কাৰ কৰে। তেওঁৰ এই আৱিষ্কাৰত আকৰ্ষিত হৈ তেওঁ এটা কণী মাইক্ৰৱেভত ৰাখি বিস্ফোৰণ হোৱাটো চাই থাকিল। তাৰ পিছত গুমধানৰ বীজ থৈ পপকৰ্ণলৈ পৰিণত হোৱাটো চায়। এই অভাৱনীয় আৱিষ্কাৰৰ ফলত প্ৰথমটো মাইক্ৰৱেভ অভেনৰ সৃষ্টি হয়। ১৯৪৭ চনৰ পৰা সাধাৰণ মানুহৰ বাবে মাইক্ৰৱেভ অভেন উপলব্ধ হৈ আহিছে। এভিয়েটৰ ছানগ্লাছ এই চশমাবোৰ ১৯৩০ চনত বিমানচালকৰ বাবে নিৰ্মাণ কৰা হৈছিল। প্ৰথম অৱস্থাত বিমানখনৰ মুকলি ককপিটত ঠাণ্ডা বতাহ আৰু ৰ’দৰ পৰা ৰক্ষা পাবলৈ পাইলটসকলে ডাঙৰ ডাঙৰ চশমা পিন্ধিছিল। প্ৰযুক্তিৰ পৰিৱৰ্তনে বিমানৰ ককপিটৰ পৰিৱৰ্তন আনে। ঠাণ্ডা বতাহৰ পৰা ৰক্ষা পোৱাৰ পিছতো সূৰ্যৰ পোহৰত পাইলটসকলে অসুবিধা পাইছিল। সেই সমস্যাৰ সমাধানৰ বাবে আগবাঢ়ি আহিছিল আমেৰিকাৰ বায়ুসেনাৰ কৰ্ণেল জন মেকৰেডি। ১৯৩৬ চনত তেওঁ চিকিৎসা কোম্পানী এটাৰ সৈতে মিলি অতিবেঙুনীয়া ৰশ্মি প্ৰতিৰোধ কৰা ‘এণ্টি-গ্লেয়াৰ’ চশমা তৈয়াৰ কৰে। পিছত চশমাক ‘ৰে-বেন’ বুলি অভিহিত কৰা হয়।
INTERNATE: দৈনন্দিন জীৱনত ব্যৱহৃত ইণ্টাৰনেট বা জিপিএছৰ জন্ম কেনেকৈ হৈছিল জানেনে

বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱন যিকোনো দেশৰ অগ্ৰগতিৰ অন্যতম চিহ্ন। যিখন দেশে এই খণ্ডত সৰ্বাধিক ধন খৰচ কৰে সেইখন দেশ প্ৰযুক্তিগতভাৱে অধিক উন্নত। কিছুমান প্ৰযুক্তি আমাৰ দৈনন্দিন জীৱনৰ লগত ইমানেই জড়িত হৈ পৰিছে যে সেইবোৰ আমাৰ বাবে নিৰ্মাণ কৰা হোৱা নাছিল। বহুতে হয়তো নাজানে যে সেইবোৰ কেনেকৈ তৈয়াৰ কৰা হৈছে।

ইণ্টাৰনেট

ইণ্টাৰনেটৰ অবিহনে আমি আজি অচল হৈ পৰিছো। দৈনন্দিন কামৰ পৰা মনোৰঞ্জনলৈকে, মোবাইলৰ পৰা আৰম্ভ কৰি চিকিৎসা ব্যৱস্থালৈকে সকলো বস্তু ইণ্টাৰনেটৰ দ্বাৰাই সামৰি লোৱা হৈছে। ইণ্টাৰনেটে প্ৰযুক্তিৰ জগতখনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। কিন্তু ইয়াৰ উৎপত্তি কেৱল বিভিন্ন বিভাগৰ মাজত যোগাযোগ স্থাপনৰ বাবেই হৈছিল। ১৯৬৯ চনত সৃষ্টি হৈছিল আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ ‘আৰ্পানেট’। ইয়াৰ সহায়ত বিভিন্ন বিশ্ববিদ্যালয়, চৰকাৰী সংস্থা আৰু প্ৰতিৰক্ষা বিভাগৰ সৈতে যোগাযোগ স্থাপন কৰা হৈছিল।

জিপিএছ

গ্ল’বেল পজিচনিং চিষ্টেম (GPS) বৰ্তমান চীনৰ বাহিৰে প্ৰতিখন বিমান, গাড়ী, জাহাজ, পথ ইত্যাদিয়ে ব্যৱহাৰ কৰা হৈছে। ১৯৭০ চনত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে ইয়াক প্ৰস্তুত কৰিছিল। ১৯৭৮ চনত প্ৰথম নেভিগেচন উপগ্ৰহ ‘নৱষ্টাৰ’ উৎক্ষেপণ কৰা হৈছিল। ১৯৯৩ চনৰ ভিতৰত ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছিল। প্ৰথমতে ইয়াক কেৱল আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা হৈছিল। ১৯৮৩ চনৰ পৰাই জিপিএছ ৰাজহুৱা ব্যৱহাৰৰ বাবে উপলব্ধ।

মাইক্ৰৱেভ অভেন

শীতল যুদ্ধৰ সময়ত ইয়াৰ আৱিষ্কাৰ। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা ৰাডাৰ প্ৰযুক্তি দ্ৰুতগতিত আগবাঢ়িছে। ছোভিয়েট ইউনিয়নৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ ‘নাটো’ ৰাডাৰ প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল। ১৯৪৬ চনত বিজ্ঞানী পাৰ্চি স্পেন্সৰে বিদ্যুৎচুম্বকীয় তৰংগৰ ওপৰত গৱেষণা কৰি মাইক্ৰৱেভ আৱিষ্কাৰ কৰে। তেওঁৰ এই আৱিষ্কাৰত আকৰ্ষিত হৈ তেওঁ এটা কণী মাইক্ৰৱেভত ৰাখি বিস্ফোৰণ হোৱাটো চাই থাকিল। তাৰ পিছত গুমধানৰ বীজ থৈ পপকৰ্ণলৈ পৰিণত হোৱাটো চায়। এই অভাৱনীয় আৱিষ্কাৰৰ ফলত প্ৰথমটো মাইক্ৰৱেভ অভেনৰ সৃষ্টি হয়। ১৯৪৭ চনৰ পৰা সাধাৰণ মানুহৰ বাবে মাইক্ৰৱেভ অভেন উপলব্ধ হৈ আহিছে।

এভিয়েটৰ ছানগ্লাছ

এই চশমাবোৰ ১৯৩০ চনত বিমানচালকৰ বাবে নিৰ্মাণ কৰা হৈছিল। প্ৰথম অৱস্থাত বিমানখনৰ মুকলি ককপিটত ঠাণ্ডা বতাহ আৰু ৰ’দৰ পৰা ৰক্ষা পাবলৈ পাইলটসকলে ডাঙৰ ডাঙৰ চশমা পিন্ধিছিল। প্ৰযুক্তিৰ পৰিৱৰ্তনে বিমানৰ ককপিটৰ পৰিৱৰ্তন আনে। ঠাণ্ডা বতাহৰ পৰা ৰক্ষা পোৱাৰ পিছতো সূৰ্যৰ পোহৰত পাইলটসকলে অসুবিধা পাইছিল। সেই সমস্যাৰ সমাধানৰ বাবে আগবাঢ়ি আহিছিল আমেৰিকাৰ বায়ুসেনাৰ কৰ্ণেল জন মেকৰেডি। ১৯৩৬ চনত তেওঁ চিকিৎসা কোম্পানী এটাৰ সৈতে মিলি অতিবেঙুনীয়া ৰশ্মি প্ৰতিৰোধ কৰা ‘এণ্টি-গ্লেয়াৰ’ চশমা তৈয়াৰ কৰে। পিছত চশমাক ‘ৰে-বেন’ বুলি অভিহিত কৰা হয়।

Science Festival: আই আই টি গুৱাহাটীত আজিৰে পৰা আৰম্ভ হৈছে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ (আই আই এছ এফ ২০২০৪)ৰ দশম সংস্কৰণ

আই আই টি গুৱাহাটীত আজিৰে পৰা আৰম্ভ হৈছে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ (আই আই এছ এফ ২০২০৪)ৰ দশম সংস্কৰণ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ তত্বাৱধানত আৰু পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সহযোগত অহা ৩ ডিচেম্বৰলৈ চলিব এই বিজ্ঞান মহোৎসৱ। বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদে আয়োজন কৰা এই অনুষ্ঠানক ভাৰতৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাবে পৰিগণিত হ'ব । পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ বিভাগ, আই আই টি গুৱাহাটী আৰু বিজ্ঞান ভাৰতীয়েও ইয়াত সহযোগিতা আগবঢ়াইছে। ভাৰতক গ্ল’বেল মেনুফেকচাৰিং হাবলৈ ৰূপান্তৰিত কৰা” শীৰ্ষক বিষয়বস্তুৰে আয়োজন কৰা আইআইএছএফ ২০২৪ উত্তৰ-পূবত আয়োজিত প্ৰথম সংস্কৰণ হ'ব আৰু এই অনুষ্ঠানে বিজ্ঞান-প্ৰযুক্তিৰ প্ৰসাৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানে অপ্ৰতিনিধিত্বশীল অঞ্চলসমূহলৈ বিজ্ঞান আৰু উদ্ভাৱনক সম্প্ৰসাৰিত কৰিবলৈ ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে বিশেষভাবে আলোকপাত কৰিব। ইতিমধ্যে আই আই টি গুৱাহাটীত গঢ়ি তোলা হৈছে চাৰিখন কৈ চাইন্স ভিলেজ। প্ৰতিখন চাইন্স ভিলেজত দেশৰ ভিন্ন প্ৰান্তৰ ৬০০ কৈ মুঠ ২৪০০ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তদুপৰি গুৱাহাটী মহানগৰীৰ আশে পাশে থকা ভিন্ন শিক্ষানুষ্ঠানৰ প্ৰতিদিনে ৬০০ গৰাকী কৈ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব প্ৰতিখন চাইন্স ভিলেজত। আজিৰ শুভাৰম্ভ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী কেশৱ মহন্ত প্ৰমুখ্যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে।দেশৰ আগশাৰীৰ বিজ্ঞানী সকলে অংশগ্ৰহণ কৰিব লগীয়া বিজ্ঞান মহোৎসৱত মুঠ ১২ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
আই আই টি গুৱাহাটীত আজিৰে পৰা আৰম্ভ হৈছে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ (আই আই এছ এফ ২০২০৪)ৰ দশম সংস্কৰণ

আই আই টি গুৱাহাটীত আজিৰে পৰা আৰম্ভ হৈছে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ (আই আই এছ এফ ২০২০৪)ৰ দশম সংস্কৰণ

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ তত্বাৱধানত আৰু পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সহযোগত অহা ৩ ডিচেম্বৰলৈ চলিব এই বিজ্ঞান মহোৎসৱ।
বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদে আয়োজন কৰা এই অনুষ্ঠানক ভাৰতৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাবে পৰিগণিত হ’ব ।
পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ বিভাগ, আই আই টি গুৱাহাটী আৰু বিজ্ঞান ভাৰতীয়েও ইয়াত সহযোগিতা আগবঢ়াইছে।
ভাৰতক গ্ল’বেল মেনুফেকচাৰিং হাবলৈ ৰূপান্তৰিত কৰা” শীৰ্ষক বিষয়বস্তুৰে আয়োজন কৰা আইআইএছএফ ২০২৪ উত্তৰ-পূবত আয়োজিত প্ৰথম সংস্কৰণ হ’ব আৰু এই অনুষ্ঠানে বিজ্ঞান-প্ৰযুক্তিৰ প্ৰসাৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব বুলি আশা কৰা হৈছে।
এই অনুষ্ঠানে অপ্ৰতিনিধিত্বশীল অঞ্চলসমূহলৈ বিজ্ঞান আৰু উদ্ভাৱনক সম্প্ৰসাৰিত কৰিবলৈ ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে বিশেষভাবে আলোকপাত কৰিব।
ইতিমধ্যে আই আই টি গুৱাহাটীত গঢ়ি তোলা হৈছে চাৰিখন কৈ চাইন্স ভিলেজ।
প্ৰতিখন চাইন্স ভিলেজত দেশৰ ভিন্ন প্ৰান্তৰ ৬০০ কৈ মুঠ ২৪০০ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।
তদুপৰি গুৱাহাটী মহানগৰীৰ আশে পাশে থকা ভিন্ন শিক্ষানুষ্ঠানৰ প্ৰতিদিনে ৬০০ গৰাকী কৈ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব প্ৰতিখন চাইন্স ভিলেজত।
আজিৰ শুভাৰম্ভ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী কেশৱ মহন্ত প্ৰমুখ্যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে।দেশৰ আগশাৰীৰ বিজ্ঞানী সকলে অংশগ্ৰহণ কৰিব লগীয়া বিজ্ঞান মহোৎসৱত মুঠ ১২ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Asteroid: মহাকাশত লুকাই থকা ধন পালেই পৃথিৱীবাসী সকলো কোটিপতি হ’ব

মহাকাশত লুকাই থকা ধন পালেই পৃথিৱীবাসী সকলো কোটিপতি হ’ব 16 Psyche আমাৰ সৌৰজগতৰ অন্যতম ৰহস্যময় বস্তু। ই মংগল আৰু বৃহস্পতিৰ মাজৰ গ্ৰহাণু বেল্টত অৱস্থিত এটা বিশাল গ্ৰহাণু, ই ধাতুৰে গঠন হোৱা বাবে জনাজাত। বিজ্ঞানীসকলৰ মতে ই এটা প্ৰাচীন আদিগ্ৰহৰ উন্মুক্ত মূল হ’ব পাৰে, যিয়ে গ্ৰহটোৰ আভ্যন্তৰীণ গঠনৰ বিষয়ে জানিবলৈ এক বিৰল সুযোগ প্ৰদান কৰে। ১৮৫২ চনত ইটালীৰ জ্যোতিৰ্বিজ্ঞানী এনিবেল ডি গাস্পাৰিছে গ্ৰহাণুটো আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ নাম গ্ৰীক পৌৰাণিক কাহিনীৰ ‘চাইকে’ৰ নামেৰে ৰখা হৈছিল। সাধাৰণ শিলৰ বা বৰফৰ গ্ৰহাণুৰ দৰে নহয়, ১৬ চাইকে মূলতঃ নিকেল আৰু লোহাৰ দৰে ধাতুৰে নিৰ্মিত। গৱেষকসকলে ভাবে যে ইয়াত সোণ আৰু প্লেটিনামৰ দৰে বহুমূলীয়া ধাতুও থাকিব পাৰে। ইয়াৰ ব্যাস প্ৰায় ২২৬ কিলোমিটাৰ, যাৰ বাবে ই গ্ৰহাণুবোৰৰ ভিতৰত অন্যতম বৃহৎ গ্ৰহাণু বুলি কোৱা হয়। ই প্ৰায় ৩৭ কোটি কিলোমিটাৰ দূৰত্বৰে সূৰ্য্যক প্ৰদক্ষিণ কৰে। বিজ্ঞানীসকলৰ মতে যদি ইয়াৰ ধাতুৰ পৰিমাণ ধাৰণা কৰা ধৰণে চহকী হয়, তেন্তে ইয়াৰ মূল্য কেইবা কোড্ৰিলিয়ন ডলাৰ হ’ব পাৰে, যাৰ ফলত ভৱিষ্যতে মহাকাশ খননৰ বাবে ই আকৰ্ষণীয় হ’ব পাৰে। ইয়াৰ ধাতুৰ প্ৰকৃতিৰ বাবে ই আন শিলৰ বা বৰফৰ গ্ৰহাণুৰ পৰা একেবাৰে পৃথক। ১৬ চাইকেৰ এই ৰহস্য উন্মোচন কৰিবলৈ নাছাই চাইকে মিছন ২০২৩ চনৰ ১৩ অক্টোবৰৰ পৰা আৰম্ভ কৰিছিল আৰু ২০২৯ চনতহে সম্পূৰ্ণ হ’ব এই কাম। ২১ মাহৰ ভিতৰত ই ১৬ চাইকে প্ৰদক্ষিণ কৰি ইয়াৰ পৃষ্ঠ, গঠন আৰু চুম্বকীয় ক্ষেত্ৰ অধ্যয়ন কৰিব। ১৬ বিজ্ঞানীসকলৰ বাবে মনোবিজ্ঞান অতি গুৰুত্বপূৰ্ণ, ই মহাকাশ অন্বেষণ আৰু ইয়াৰ অৰ্থনৈতিক দিশৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। কিন্তু বৰ্তমানৰ প্ৰযুক্তিৰ দ্বাৰা এনে দূৰৈৰ গ্ৰহাণুৰ পৰা খনিজ পদাৰ্থ উলিওৱা সম্ভৱ নহয়। আজিও ১৬ চাইকে মহাকাশৰ এক ৰহস্যময় সম্পদ হৈয়েই আছে, য’ত আমাৰ সৌৰজগতৰ অতীত আৰু ভৱিষ্যতৰ বহু তথ্য সন্নিবিষ্ট কৰা হৈছে।
মহাকাশত লুকাই থকা ধন পালেই পৃথিৱীবাসী সকলো কোটিপতি হ’ব

16 Psyche আমাৰ সৌৰজগতৰ অন্যতম ৰহস্যময় বস্তু। ই মংগল আৰু বৃহস্পতিৰ মাজৰ গ্ৰহাণু বেল্টত অৱস্থিত এটা বিশাল গ্ৰহাণু, ই ধাতুৰে গঠন হোৱা বাবে জনাজাত। বিজ্ঞানীসকলৰ মতে ই এটা প্ৰাচীন আদিগ্ৰহৰ উন্মুক্ত মূল হ’ব পাৰে, যিয়ে গ্ৰহটোৰ আভ্যন্তৰীণ গঠনৰ বিষয়ে জানিবলৈ এক বিৰল সুযোগ প্ৰদান কৰে।

১৮৫২ চনত ইটালীৰ জ্যোতিৰ্বিজ্ঞানী এনিবেল ডি গাস্পাৰিছে গ্ৰহাণুটো আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ নাম গ্ৰীক পৌৰাণিক কাহিনীৰ ‘চাইকে’ৰ নামেৰে ৰখা হৈছিল। সাধাৰণ শিলৰ বা বৰফৰ গ্ৰহাণুৰ দৰে নহয়, ১৬ চাইকে মূলতঃ নিকেল আৰু লোহাৰ দৰে ধাতুৰে নিৰ্মিত।

গৱেষকসকলে ভাবে যে ইয়াত সোণ আৰু প্লেটিনামৰ দৰে বহুমূলীয়া ধাতুও থাকিব পাৰে। ইয়াৰ ব্যাস প্ৰায় ২২৬ কিলোমিটাৰ, যাৰ বাবে ই গ্ৰহাণুবোৰৰ ভিতৰত অন্যতম বৃহৎ গ্ৰহাণু বুলি কোৱা হয়। ই প্ৰায় ৩৭ কোটি কিলোমিটাৰ দূৰত্বৰে সূৰ্য্যক প্ৰদক্ষিণ কৰে।

বিজ্ঞানীসকলৰ মতে যদি ইয়াৰ ধাতুৰ পৰিমাণ ধাৰণা কৰা ধৰণে চহকী হয়, তেন্তে ইয়াৰ মূল্য কেইবা কোড্ৰিলিয়ন ডলাৰ হ’ব পাৰে, যাৰ ফলত ভৱিষ্যতে মহাকাশ খননৰ বাবে ই আকৰ্ষণীয় হ’ব পাৰে। ইয়াৰ ধাতুৰ প্ৰকৃতিৰ বাবে ই আন শিলৰ বা বৰফৰ গ্ৰহাণুৰ পৰা একেবাৰে পৃথক।

১৬ চাইকেৰ এই ৰহস্য উন্মোচন কৰিবলৈ নাছাই চাইকে মিছন ২০২৩ চনৰ ১৩ অক্টোবৰৰ পৰা আৰম্ভ কৰিছিল আৰু ২০২৯ চনতহে সম্পূৰ্ণ হ’ব এই কাম। ২১ মাহৰ ভিতৰত ই ১৬ চাইকে প্ৰদক্ষিণ কৰি ইয়াৰ পৃষ্ঠ, গঠন আৰু চুম্বকীয় ক্ষেত্ৰ অধ্যয়ন কৰিব।

১৬ বিজ্ঞানীসকলৰ বাবে মনোবিজ্ঞান অতি গুৰুত্বপূৰ্ণ, ই মহাকাশ অন্বেষণ আৰু ইয়াৰ অৰ্থনৈতিক দিশৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। কিন্তু বৰ্তমানৰ প্ৰযুক্তিৰ দ্বাৰা এনে দূৰৈৰ গ্ৰহাণুৰ পৰা খনিজ পদাৰ্থ উলিওৱা সম্ভৱ নহয়। আজিও ১৬ চাইকে মহাকাশৰ এক ৰহস্যময় সম্পদ হৈয়েই আছে, য’ত আমাৰ সৌৰজগতৰ অতীত আৰু ভৱিষ্যতৰ বহু তথ্য সন্নিবিষ্ট কৰা হৈছে।

Ven Ajahn Siripanyo: বিলাসী জীৱন ত্যাগ কৰি সন্ন্যাসী হ’ল এজন ব্যক্তি

Ven Ajahn Siripanyo
Ven Ajahn Siripanyo

সকলোৱে বিচাৰে এটা বিলাসী জীৱন কটাবলৈ। মানুহ বিলাসীতাৰ পিছত দৌৰি থকাৰ সময়তে পোহৰলৈ আহিছে শুনিলে বিশ্বাস নোহোৱা এক আচৰিত ঘটনা।(Ven Ajahn Siripanyo)

১৯৯৯ চনত লেখক ৰবীন শৰ্মাৰ বিখ্যাত গ্ৰন্থ ‘The Monk Who Sold His Ferrari’ প্ৰকাশ পাইছিল। সমগ্ৰ পৃথিৱীতে এই কিতাপখনে যথেষ্ট চৰ্চা লাভ কৰিছিল। গ্ৰন্থখনৰ বিষয়বস্তু আছিল এজন সফল উকীল ‘জুলিয়ান মেণ্টলে’ কেনেকৈ নিজৰ অট্টালিকা আৰু বিলাসী গাড়ী বিক্ৰী কৰি আধ্যাত্মিক জীৱনত প্ৰৱেশ কৰিছিল। জুলিয়ান আছিল ‘দ্য মংক হু ছল্ড হিজ ফেৰাৰী’ নামৰ কিতাপখনৰ কাল্পনিক চৰিত্ৰ। কিন্তু ভেন আজহোন ছিৰিপানিঅ’ৰ কাহিনী বাস্তৱ। জুলিয়ানৰ লগত ভেনৰ বহুত মিল আছে।

শেহতীয়াকৈ প্ৰয়াত মালয়েছিয়াৰ কোটিপতি আনন্দ কৃষ্ণনৰ একমাত্ৰ পুত্ৰ অজাহানে নিজৰ বিলাসী জীৱন ত্যাগ কৰি সন্ন্যাসী লোৱাৰ সিদ্ধান্ত লয়।আনন্দ আছিল মালয়েছিয়াৰ এটা বিখ্যাত টেলিকম কোম্পানীৰ মালিক। মালয়েছিয়াৰ টেলিকম উদ্যোগতো পৰিৱৰ্তন আনিবলৈ তেওঁৰ ভূমিকা আছিল। তেওঁ আছিল বন্ধ হৈ যোৱা টেলিকম কোম্পানী এয়াৰচেলৰ অন্যতম স্বতাধিকাৰী। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আনন্দৰ মুঠ সম্পত্তি ৪০ হাজাৰ কোটি।

আনন্দৰ সৌভাগ্য উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল তেওঁৰ একমাত্ৰ পুত্ৰ অজাহানে। কিন্তু পিতৃয়ে সৃষ্টি কৰা ব্যৱসায়িক সাম্ৰাজ্যৰ প্ৰতি তেওঁৰ আগ্ৰহ নাই। পিতৃৰ ধন-সম্পত্তিক আওকাণ কৰি অজাহানে সন্ন্যাসী হ’বলৈ আগবাঢ়ি আহিল। এজন বৌদ্ধ সন্ন্যাসীৰ জীৱন বাছি লৈছে। দেউতাক জীয়াই থাকোঁতে তেওঁ সন্ন্যাস লৈছিল।

বৌদ্ধ ধৰ্মৰ প্ৰতি অজাহানৰ বিশ্বাসৰ অন্যতম কাৰণ হৈছে তেওঁৰ পিতৃ। আনন্দই দেশ-বিদেশৰ বিভিন্ন বেচৰকাৰী সংস্থালৈ দান-বৰঙণি আগবঢ়োৱাৰ ক্ষেত্ৰতো তেওঁৰ সুনাম আছে।অজাহান আনন্দৰ প্ৰথম সন্তান। বৰ্তমান থাইলেণ্ডৰ এটা মঠত বৌদ্ধ সন্ন্যাসী হিচাপে থাকে অজাহানে।