Home Blog Page 486

Cracked Heels Problem: কি ভিটামিনৰ অভাৱত গোৰোহা ফাটে? শীতকালৰ এটা প্ৰধান সমস্যা গোৰোহা ফটা

Cracked Heels Problem
Cracked Heels Problem

শীতকাল আৰম্ভ হোৱাৰ লগে লগে নতুন ৰোগ আৰু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। শীতকালত এনে এটা সমস্যা হ’ল গোৰোহা ফটা। যেতিয়া গোৰোহা ফাটিবলৈ আৰম্ভ কৰে তেতিয়া আপুনি হয়তো লাজৰ সন্মুখীন হ’বলগীয়া হয়, বিশেষকৈ ৰাজহুৱা সমাৱেশত আপুনি এনে সমস্যাৰ সন্মুখীন হ’ব পাৰে। কাৰণ এই সমস্যাই আপোনাৰ ভৰিৰ সৌন্দৰ্য্যত প্ৰভাৱ পেলাই। যদিও বহু কাৰক গোৰোহা ফটাৰ বাবে দায়ী, তথাপিও কোনো বিশেষ পুষ্টিকৰ উপাদানৰ অভাৱো ইয়াৰ আঁৰৰ এটা গুৰুত্বপূৰ্ণ কাৰণ বুলি কোৱা হয়।(Cracked Heels Problem)

কি ভিটামিনৰ অভাৱত গোৰোহা ফাটে জানো আহক-
তিনিটা বিশেষ ভিটামিনৰ অভাৱত গোৰোহা ফাটে। যদি শৰীৰত ভিটামিন বি-৩, ভিটামিন চি(vitamin C) আৰু ভিটামিন ই(Vitamin E)ৰ অভাৱ হয়, তেন্তে শীতকালত গোৰোহা ফটাৰ সমস্যা সন্মুখীন হ’ব পাৰে। এনে পৰিস্থিতিত আপুনি পুষ্টিৰে সমৃদ্ধ খাদ্য খোৱাটো জৰুৰী যাতে আপুনি এনে সমস্যাৰ সন্মুখীন হ’ব নালাগে। কিন্তু খালী ভৰিৰে খোজ কঢ়া, বাৰে বাৰে গোৰোহা পানীৰে ধোৱা, শুকান ছাল আৰু বেয়া ছালৰ যত্নৰ ৰুটিন আদিও গোৰোহা ফটাৰ গুৰুত্বপূৰ্ণ কাৰণ। ইয়াৰ পৰা হাত সাৰিবলৈ কি কি খাব লাগে জানক।(vitamin b-3)

ভিটামিন বি ৩ সমৃদ্ধ খাদ্য

১/ চৰ্বিযুক্ত মাছ
২/ ৰঙা মাংস
৩) বাদাম
৪) এভোকেডো
৫/ ব্ৰাউন ৰাইচ
৬/ পটল

ভিটামিন চি সমৃদ্ধ খাদ্য

১/ কমলা
২/ নেমু
৩/ মৌছুমী
৪/ অমিতা
৫/ হালধীয়া কেপচিকাম
৬/ বন্ধাকবি

ভিটামিন ই সমৃদ্ধ খাদ্য

১/ এভোকেডো
২/ আমলখি
৩/কিউই
৪/ ব্ৰকলি

গোৰোহা ফটাৰ সমস্যা সমাধানৰ বাবে খাব পাৰে এইসমূহ খাদ্য।

Victory Sculptures:বিজয় ভাস্কৰ্যৰে জাতিষ্কাৰ অসম বিধানসভা

Victory Sculptures:বিজয় ভাস্কৰ্যৰে জাতিষ্কাৰ অসম বিধানসভা
Victory Sculptures:বিজয় ভাস্কৰ্যৰে জাতিষ্কাৰ অসম বিধানসভা

গুৱাহাটী, ২২ নৱেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ আনন্দই(Victory Sculptures) ৰাজ্যবাসীক উল্লাসিত কৰি ৰখাৰ সময়তে অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অনাদৃত ৰূপত পৰি থকা জনজাতীয় কলা-সংস্কৃতি তথা ভাস্কৰ্যক এক নৱৰূপ প্ৰদান কৰাৰ অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে। সেই পদক্ষেপৰ বৃহস্পিতবাৰে সুন্দৰ প্ৰতিফলন ঘটিল অসম বিধানসভাৰ(Assam Assembly) বাকৰিত।

প্ৰধানমন্ত্ৰীয়ে অসমীয়াক দিলে ধ্ৰুপদী ভাষা স্বীকৃতিৰ উপহাৰ

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ একান্ত প্ৰচেষ্টা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ(CM Himanta Biswa Sharma) আন্তৰিক সদিচ্ছাৰ ফলশ্ৰুতিত আজি অসম বিধানসভাৰ প্ৰৱেশদ্বাৰত প্ৰাণ পাই উঠিল শতিকা প্ৰাচীন কছাৰী ৰাজত্বৰ বিজয় ভাস্কৰ্যই। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ(Speaker Biswajit Daimari) উপস্থিতিত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ প্ৰৱেশদ্বাৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কছাৰী সাম্ৰাজ্যৰ বিজয় ভাস্কৰ্য।

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত জনজাতীয় ঐতিহ্যৰ পুনৰ উজ্জ্বীৱিতকৰণ

একেদৰে অসম বিধানসভাৰ আন্তঃগাঁথনিত নতুন আয়তন সংযোগ কৰি নিৰ্মাণ হোৱা আদেশ তথা নিয়ন্ত্ৰণ কক্ষ, অসম বিধানসভা নতুন ভৱনৰ কেফেটেৰীয়া, ডিজিটেল কৰিড’ৰ, স্মাৰ্ট খুঁটা আৰু প্ৰাচীন অসমৰ বালীয়া পাথৰৰ একক স্তম্ভৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসম বিধানসভাৰ আন্তগাঁথনিত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য-প্ৰযুক্তি সংক্ৰা™ন্তীয় পদেŽপ, কেফেটেৰীয়া আৰু ›প্ৰাচীন অসমৰ বালিয়া পাথৰৰ একক স্তম্ভৰ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

অসম বিধানসভা চৌহদত আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰাচীন অসমৰ কছাৰী ৰাজ্যৰ ঐতিহাসিক কীৰ্তিচিহ্নৰ স্বাক্ষৰ বহন কৰা নিখুঁতভাৱে তৈয়াৰী আৰু উৎকৃষ্ট ভাস্কৰ্য শিল্পৰ নিদৰ্শন স্বৰূপ মনলিথ বা শিলাস্তম্ভকে ধৰি তথ্য-প্ৰযুক্তি সংক্ৰান্তীয় পদক্ষেপেৰে অসম বিধানসভাক নৱৰূপ প্ৰদান কৰাৰ দিশত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিন আৰু বিধানসভাৰ সমূহ বিষয়া-কৰ্মচাৰীৰ ভূমিকাক শলাগ লৈ কয় যে অসম বিধানসভাই ডিজিটেল ৰূপান্তৰৰ যাত্ৰাত আজি এক সবল খোজ পেলাবলৈ সক্ষম হৈছে।

অসম বিধানসভাত সূচনা হ’’ল ডিজিটেল ৰূপান্তৰৰ অন্য এক যাত্ৰাঃ মুখ্যমন্ত্ৰী

অসমৰ সাংস্কৃতিক দৃশ্যপটত জনজাতীয় লোকসকলৰ কলা-কৃষ্টি-সংস্কৃতিয়ে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে অসমৰ গৌৰৱময় ইতিহাস ইয়াৰ প্ৰাণৱন্ত সাংস্কৃতিক প্ৰকাশভংগীৰ জৰিয়তে দৃশ্যমান হৈ আহিছে। এই সাংস্কৃতিক সমলসমূহৰ ভিতৰত প্ৰাচীন অসমৰ কছাৰী ৰাজ্যৰ কীৰ্তিচিহ্নসমূহৰ ধ্বংসাৱশেষে উত্তৰ-পূব ভাৰতৰ ইতিহাসত বিশিষ্ট ভূমিকা পালন কৰি আহিছে বুলিও তেওঁ কয়।

অসমৰ সাংস্কৃতিক দৃশ্যপটত জনজাতীয় লোকসকলৰ কলা-কৃষ্টি†-সংস্কৃতিয়ে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছেঃ মুখ্যমন্ত্ৰী

পুৰণি ইতিহাসৰ অধ্যয়ন তথা ৰাজ্য চৰকাৰৰ দ্বাৰা ইতিহাস, সংস্কৃতি উদ্ধাৰৰ দিশত কৰা অবিৰত ›প্ৰয়াসে জাতিটোক এক ঐতিহ্যবান আৰু সংস্কৃতিবান জাতিলৈ পৰিৱৰ্তন কৰিবঃ মুখ্যমন্ত্ৰী

শিল্প আৰু স্থাপত্যৰ প্ৰতি কছাৰী ৰজাসকলৰ আগ্ৰহ আৰু প্ৰচেষ্টা এই কীৰ্তিচিহ্নবোৰে প্ৰকাশ কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে অঞ্চলটোৰ অন্যতম পুৰণি ৰাজ্য বুলি গণ্য কৰা কছাৰী ৰাজ্যৰ শিপা সমগ্ৰ উত্তৰ-পূব ভাৰততে বিয়পি আছিল আৰু বৰ্তমানৰ নাগালেণ্ডৰ ডিমাপুৰ খ্ৰীষ্টীয় দশম-ত্ৰয়োদশ শতিকাৰ সময়ছোৱাত কছাৰী ৰাজ্যৰ ৰাজধানী আছিল।

মুখ্যমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী সময়ত কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰৰ পৰা মাইবঙলৈ(Maibong) স্থানান্তৰিত হৈছিল। তেওঁ লগতে কয় যে ডিমাপুৰত থকা কছাৰী ৰাজ্যৰ স্থাপত্য, নিখুঁত ভাস্কৰ্য শিল্পৰ অপূৰ্ব চানেকি। সম্প্ৰতি ধ্বংসাৱশেষ হিচাপে অৱশিষ্ট হৈ ৰোৱা ৰাজবাৰী পূৰ্বতে তিনিখন দেৱাল আৰু ধনশিৰি নদীৰে সুৰক্ষিত আছিল আৰু বৰ্তমান দেৱাল তিনিখনৰ অস্তিত্ব নাই যদিও ৰাজবাৰীৰ পূব দিশৰ প্ৰৱেশ পথে এতিয়া ডিমাপুৰৰ ঐতিহাসিক তাৎপৰ্য প্ৰতিফলিত কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে কছাৰী ৰাজ্যৰ ধ্বংসাৱশেষত তিনিটা সমান্তৰাল শাৰীত প্ৰায় এশটা শিলৰ খুঁটা আছে। এই মনলিথ বা একক শিলৰ স্তম্ভবোৰ বালিচহীয়া শিলৰ পৰা খোদিত কৰা হৈছে। বুৰঞ্জীবিদৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই শিলাস্তম্ভবোৰ মহাদেৱ শিৱৰ সন্মানত নিৰ্মাণ কৰা হৈছিল। ৰাজবাৰী আছিল বিশিষ্ট কছাৰী ব্যক্তিসকলৰ সমাধিস্থল।

বুৰঞ্জীবিদসকলে ভিন্ন আখ্যান আগবঢ়ালেও এই একক শিল্পকলাক কছাৰী ৰাজ্যৰ বিজয় কীৰ্তিচিহ্ন হিচাপে গণ্য কৰা হয় বুলি মন্তব্য কৰি তেওঁ কয় যে ডিমাপুৰৰ কছাৰী ৰাজ্যৰ ধ্বংসাৱশেষে খ্ৰীষ্টীয় দশম শতিকাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সময়ছোৱাৰ প্ৰতিফলন ঘটায়। মুখ্যমন্ত্ৰীয়ে কয় যে একক শিলাখণ্ডত খোদিত আকৃতি আৰু আৰ্হিবোৰে কছাৰী ৰজাসকলৰ তীক্ষ্ন কলাত্মক আগ্ৰহ চিত্ৰিত কৰিছে আৰু সম্প্ৰতি এই কালজয়ী গাঁথনিবোৰ উত্তৰ-পূব ভাৰতৰ গৌৰৱময় অতীতৰ সাক্ষী হিচাপে থিয় দিছে।

অসম বিধানসভাৰ মজিয়াত এই মনলিথৰ প্ৰতিৰূপ উন্মোচন কৰিবলৈ পাই তেওঁ আনন্দিত হৈছে বুলি মন্তব্য কৰি কয় যে এই পদক্ষেপে জনজাতীয় কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণ তথা প্ৰসাৰ সাধনৰ দিশত এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে সদায়ে চিহ্নিত হৈ ৰ’ব। তেওঁ লগতে কয় যে জনজাতীয় কৃষ্টি-সংস্কৃতিৰ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস চলাই আহিছে।

গুৱাহাটীৰ হেঙেৰাবাৰীত নিৰ্মাণ কৰা অমৃত উদ্যানত অসমৰ মহান জনজাতীয় স্বাধীনতা সংগ্ৰামী ডিমাচা জাতিৰ স্বাভিমান সম্বোধন ফংলোৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সমাজৰ আন ৭গৰাকী স্বনামধন্য স্বাধীনতা সংগ্ৰামী নাগালেণ্ডৰ ৰাণী গাইডিলু, মণিপুৰৰ বীৰ টিকেন্দ্ৰজিৎ সিং, ত্ৰিপুৰাৰ বিদ্ৰোহী ৰতনমণি ৰিয়াং, ছিক্কিমৰ হেলেন লেপছা, মেঘালয়ৰ ইউ তিৰৎ সিং চিয়েম, মিজোৰামৰ ৰাণী ৰপুইলিয়ানী, অৰুণাচল প্ৰদেশৰ মজে ৰিবাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।

তেওঁ লগতে কয় যে জনজাতীয় সংস্কৃতি, পৰম্পৰা আৰু ধৰ্মীয় বিশ্বাসৰ সংৰক্ষণ তথা প্ৰসাৰৰ দিশত কাম কৰিবলৈ অসম চৰকাৰে ৰাজ্যত প্ৰথমবাৰৰ বাবে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ স্থাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে আজি বিধানসভাত ডিজিটেল কৰ্মৰাজিৰ পৰা ৰাজ্যখনৰ বৰ্ণাঢ্য ঐতিহ্যৰ স্বাক্ষৰ স্থাপনৰ দ্বাৰা, পৰম্পৰা আৰু আধুনিকতা তথা ঐতিহ্য বহন কৰা এক প্ৰচেষ্টা চলোৱা হৈছে।

তেওঁ কয় যে এনে ধৰণৰ ব্যৱস্থাসমূহে অসমৰ পুৰণি ইতিহাস অৱলোকন কৰিবলৈ সকলোকে প্ৰেৰণা যোগাব। পুৰণি ইতিহাসৰ অধ্যয়ন তথা ৰাজ্য চৰকাৰৰ দ্বাৰা ইতিহাস, সংস্কৃতি উদ্ধাৰৰ দিশত কৰা অবিৰত প্ৰয়াসে জাতিটোক এক ঐতিহ্যবান আৰু সংস্কৃতিবান জাতিলৈ পৰিৱৰ্তন কৰি বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

তেওঁ লগতে মন্তব্য কৰে যে চতুৰ্দশ শতিকাতে অসমীয়া ভাষাৰ আৰম্ভণি সম্পৰ্কে ৰাজ্য চৰকাৰে দাখিল কৰা তথ্যসমৃদ্ধ দলিলৰ পৰিপ্ৰেক্ষিততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰি যি সন্মান আগবঢ়ালে সিয়ে ৰাজ্য চৰকাৰৰ সমগ্ৰ প্ৰচেষ্টাৱলীক আৰু এখোজ আগলৈ লৈ গ’ল। তেওঁ কয় যে এই সময়ছোৱাৰ ভিতৰতে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যলৈ লৈ যোৱাটো সম্ভৱ হৈ উঠিল।

তেনেদৰে অসমৰ বিহুৱে নতুন ৰূপত বিশ্ব দৰবাৰত পৰিচিতি লাভ কৰিলে। ইয়াৰ উপৰি ঝুমুৰ নৃত্যকো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলিও তেওঁ কয়। এনেধৰণৰ প্ৰচেষ্টাসমূহে অসমক এখন সংস্কৃতিবান প্ৰদেশ আৰু অসমীয়াক এটা সংস্কৃতিবান জাতিলৈ ৰূপান্তৰ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

এই অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকা, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰাজহ আৰু পুনৰ সংস্থাপন আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, চাহ জনজাতি কল্যাণ আদি বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ উপৰি কেইবাগৰাকীও বিধায়ক, অসম বিধানসভা সচিবালয়ৰ শীৰ্ষ বিষয়া আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Road Accident: বিদ্যালয়লৈ যাওতে পিতৃ-কন্যাৰ সৈতে ঘটিল এই ঘটনা

Road Accident
Road Accident

আল্টা বাছৰ খুন্দাত নিহত শিক্ষক পিতৃ-কন্যা।(Road Accident)

বঙাইগাঁও জিলাৰ তালগুৰীৰ নিত্যবজাৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা।(Bongaigaon)

আল্টা বাছ আৰু বাইকৰ মাজত সৃষ্টি হয় সংঘৰ্ষ।

থিতাতে নিহত হয় বাইক আৰোহী শিক্ষক পিতৃৰ লগতে কন্যাৰ।(Talguri bazar of Bongaigaon District)

বহলপুৰৰ SFS বিদ্যালয়লৈ কন্যাক থবলৈ তথা নিজেই যাওতে সংঘটিত হয় উক্ত ভয়াবহ পথ দুৰ্ঘটনা।

নিহত শিক্ষক গৰাকীৰ নাম নাছিৰ আহমেদ আৰু কন্যা গৰাকী স্বাহানছ আহমেদ বুলি জানিব পৰা গৈছে।

আল্টা বাছৰ দৌৰাত্মৰ বাবে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।(death father and daughter)

ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতি স্থানীয় ৰাইজৰ।

উত্তেজিত ৰাইজে বাছখন জ্বলাই দিলে।

Tulsi: প্ৰতিদিনে চুবাই খাব ৫ টা কৈ তুলসীৰ পাত, শৰীৰৰ পৰা নাইকিয়া হ’ব এইসমূহ ৰোগ

Tulsi
Tulsi

তুলসীৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। দৈনিক পাঁচটা তুলসীৰ পাত চোবাই খালে শৰীৰে বহু ৰোগৰ পৰা সকাহ পাব পাৰে।(Tulsi) তুলসী উদ্ভিদৰ ধৰ্মীয় গুৰুত্বই নহয়, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও অতি উপকাৰী। আয়ুৰ্বেদত তুলসীৰ পাতক ‘ঔষধৰ ৰাণী’ বুলি কোৱা হয়। তুলসীত ভিটামিন চি, এন্টিঅক্সিডেন্ট, এন্টিবেক্টেৰিয়েল আদি গুণ থাকে।

পুৱা খালী পেটত প্ৰতিদিনে পাঁচটাকৈ তুলসীৰ পাত চোবাই খালে আপোনাৰ শৰীৰৰ পৰা এটা এটাকৈ বহুতো ৰোগ নাইকিয়া কৰিব তুলসীয়ে। আপুনি তুলসীৰ পাত খোৱাৰ এনে কিছুমান উপকাৰৰ বিষয়ে জানি লওক-

তুলসীৰ পাতত প্ৰাকৃতিক এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল গুণ থাকে, যিয়ে শৰীৰত হোৱা ভাইৰাছৰ সংক্ৰমণ দূৰ কৰাত সহায় কৰে। নিয়মিতভাৱে তুলসীৰ পাত চোবাই খালে ভাইৰেল জ্বৰৰ দৰে সমস্যা কমাব পাৰে আৰু শৰীৰ সোনকালে সুস্থ হৈ উঠিব পাৰে।(Health Benefits of Tulsi)

তুলসীৰ পাতে চৰ্দি, কাহ আৰু ফ্লুৰ পৰা সকাহ দিয়ে। এই পাতৰ আয়ুৰ্বেদিক গুণ আছে যিয়ে শ্বাস-প্ৰশ্বাসতন্ত্ৰ শক্তিশালী কৰি ৰখাত আৰু শ্বাস-প্ৰশ্বাসৰ নলী পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।

তুলসী পাতে পেট পৰিষ্কাৰ কৰি ৰখাত আৰু পাচন শক্তি উন্নত কৰাত সহায় কৰে। এই পাতবোৰৰ প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, যাৰ ফলত পেটৰ ফুলা কম হয় আৰু গেছ, কোষ্ঠকাঠিন্য আদি সমস্যা দূৰ কৰাত সহায়ক হয়।(Digestive problems)

তুলসীৰ পাত খালে মানসিক চাপ কমোৱাত সহায়ক হয়। তুলসীত ‘আদ্ৰক’ নামৰ এবিধ উপাদান থাকে যিয়ে মানসিক শান্তি আৰু স্থিৰতা অনাত সহায় কৰে।(Relief from stress)

তুলসীৰ পাত খালে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই শৰীৰত ইনচুলিনৰ প্ৰভাৱ উন্নত কৰে, যাৰ বাবে ডায়েবেটিছৰ সমস্যা নিয়ন্ত্ৰণ কৰিব পৰা যায়।

Salman Khan: ৮৮ বছৰ বয়সত ভিনটেজ বাইক চলালে ছলমান খানৰ পিতৃয়ে, কাষতে থিয় হৈ চাই থাকিল ছলমানে

Salim Khan Vintage Bike
Salim Khan Vintage Bike

পিতৃ চেলিম খান আৰু মাতৃ ছালমাৰ সৈতে অতি ঘনিষ্ঠ ছলমান খান। অভিনেতাগৰাকীয়ে প্ৰায়ে পিতৃ চেলিম আৰু মাতৃ ছালমাৰ সৈতে ফটো শ্বেয়াৰ কৰে সামাজিক মাধ্যমত।(Salman Khan)শেহতীয়াকৈ অভিনেতাগৰাকীয়ে পিতৃ চেলিম খানৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত। এই ফটোখনত ৮৮ বছৰীয়া চেলিম খানক ভিনটেজ বাইক চলাই থকা দেখা গৈছে। ছলমানে এই ফটোখন শ্বেয়াৰ কৰাৰ লগে লগে এই বাইকখনৰ বৰ্তমানৰ দাম জানি মানুহ আচৰিত হৈ পৰিল।(Salim Khan Vintage Bike)

ছলমানে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ছবিখনত চেলিম খানক ৮৮ বছৰ বয়সত যথেষ্ট ফিট দেখা গৈছে আৰু বাইকত শ্বেগ লৈ বহি থকা দেখা গৈছিল। এই ফটোখন শ্বেয়াৰ কৰি ভাইজানে লিখিছে – ‘পাপাৰ প্ৰথম বাইক, ট্ৰাইমফ টাইগাৰ ১০০, ১৯৫৬।'(expensive bike)

প্ৰথমখন বাইকৰ যথেষ্ট যত্ন লৈছে চেলিম খানে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বাইকখনৰ মূল্য বৰ্তমান প্ৰায় ৯,৪৯,০০০ টকা। ৬৮ বছৰ পূৰ্বে লক্ষাধিক মূল্যৰ এই বাইকখন ক্ৰয় কৰিছিল চেলিম খানে।

আনহাতে বৰ্তমান ছলমান খানে আয়োজন কৰিছে ‘বিগ বছ ১৮’ ছিজন। আনহাতে, চিকন্দৰে ছবিখনৰ শ্বুটিংও কৰি আছে ছলমানে।

Refined Oil: ৰিফাইন তেলত পুৰী, পুলাও ৰান্ধে নেকি? ৰিফাইনৰ আছে বহু অপকাৰিতা

Refined Oil
Refined Oil

ৰিফাইন তেল আমাৰ পাকঘৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ৰিফাইন তেলৰ সহায়ত পুৰি, পুলাও, চিপচ, পিঠা আদি ভাজিবলৈ ব্যৱহাৰ কৰা হয়। এই তেলৰ কোনো গোন্ধ বা সোৱাদ নাথাকে, সেয়েহে বহুতে এই তেল ভাল পায়, কিন্তু ৰিফাইন তেল অত্যধিক ব্যৱহাৰ আমাৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে।ৰিফাইন তেলৰ অত্যাধিক ব্যৱহাৰৰ ফলত কি কি অসুবিধা হ’ব পাৰে জানো আহক।(Refined Oil)

আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল ৰিফাইন অইলত অত্যধিক প্ৰকাৰৰ চৰ্বি থাকে, ইয়াৰে বেছিভাগতে ট্ৰেন্স ফেট আৰু চেচুৰেটেড ফেট থাকে। এইসমূহ আমাৰ শৰীৰৰ বাবে একেবাৰেই উপকাৰী নহয়। এই তেল অত্যধিক ব্যৱহাৰ কৰা লোকৰ হৃদৰোগ, ডায়েবেটিছ, মেদবহুলতা সমস্যা হয়। এই তেলে ইউৰিক এচিডো বৃদ্ধি কৰিব পাৰে যিয়ে পিছলৈ গাঁঠিৰ বিষৰ সৃষ্টি কৰে।(Harmful Effects of Refined Oil)

ৰিফাইন তেলৰ সলনি আমি আমাৰ দৈনন্দিন খাদ্যত স্বাস্থ্যসন্মত প্ৰাকৃতিক তেল ব্যৱহাৰ কৰিব লাগে। যেনে য’ত নাৰিকল তেল, অলিভ অইল আৰু তিল তেল। এইবোৰ ব্যৱহাৰ কৰিলে আমি বহুতো মাৰাত্মক ৰোগৰ পৰা ৰক্ষা পাম।

জোখতকৈ অধিক যিকোনো বস্তুৱে ভাল নহয়। সেইবাবে বেছিকৈ খাদ্যত ৰিফাইন তেল ব্যৱহাৰ কৰিব নালাগে।

Guwahati। দেশৰ ভিতৰতে পিৰষ্কাৰ বায়ু উত্তৰ-পূবৰ আইজল আৰু গুৱাহাটীত!

Guwahati। দেশৰ ভিতৰতে পৰিস্কাৰ বায়ু উত্তৰ-পূবৰ আইজল আৰু গুৱাহাটীত!
Guwahati। দেশৰ ভিতৰতে পৰিস্কাৰ বায়ু উত্তৰ-পূবৰ আইজল আৰু গুৱাহাটীত!

গুৱাহাটী, ২১ নবেম্বৰঃ Guwahati । উত্তৰ পূবৰ আইজল আৰু গুৱাহাটী চহৰে ভাৰতৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ বায়ুৰ বাবে স্বীকৃতি লাভ কৰিছে। প্ৰদূষণ নিয়ন্ত্ৰণ আৰু বহনক্ষম পদ্ধতিৰ ফলত এই কৃতিত্ব লাভ কৰিছে দুইখন চহৰে ৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ প্ৰদূষণ সংকটৰ মাজতে বায়ুৰ গুণাগুণ প্ৰদৰ্শন কৰি মিজোৰামৰ আইজল, গুৱাহাটী, আৰু নগাঁৱে পৰিৱেশৰ উৎকৃষ্টতাৰ চিন হিচাপে আত্মপ্ৰকাশ কৰিছে। আইজলে ৩২ ৰ আকৰ্ষণীয় বায়ুৰ গুণাগুণ সূচকাংক (একিউআই)ৰে প্ৰথম স্হান দখল কৰিছে, যাক “ভাল” হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।

গুৱাহাটীয়ে ৪২ এ কিউ আইৰে দ্বিতীয় আৰু নগাঁৱে সন্তোষজনক ৰেটিং ৫৬ বজাই ৰাখিছে। দিল্লীৰ শ্বাসৰুদ্ধকৰ বায়ুমণ্ডলীয় পৰিস্থিতিৰ বিপৰীতে উত্তৰ-পূবৰ চহৰকেইখনে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে ৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ (চিপিচিবি) শেহতীয়া তথ্যই উত্তৰ-পূবৰ চহৰবোৰে সহজে উশাহ লোৱাৰ বিপৰীতে দিল্লী বিষাক্ত কুঁৱলীৰ মাজত আবদ্ধ হৈ থকাটো পৰিস্ফুট কৰিছে । দিল্লীৰ প্ৰদূষণ সংকটৰ সুদূৰপ্ৰসাৰী পৰিণতি আছে, পৰিবহণ ব্যৱস্থাত ব্যাঘাত জন্মাইছে আৰু একাধিক ৰে’ল সেৱাত পলম আৰু পুনৰ নিৰ্ধাৰণৰ সন্মুখীন হৈছে। ৰাজধানীৰ পৰা ভিজুৱেল সেৱাসমূহে পলম আৰু পুনৰ নিৰ্ধাৰণৰ সন্মুখীন হৈছে। ৰাজধানীৰ পৰা পোৱা দৃশ্যত দেখা গৈছে যে কাৰ্তব্য পথত ধোঁৱাৰ মাজেৰে জগাৰসকলে ঠেলি দিছে আৰু কন’ট প্লেচ আৰু এইমছৰ দৰে গুৰুত্বপূৰ্ণ স্থানত দৃশ্যমানতা হ্ৰাস পাইছে।

Child: শিশুক কিয় মাৰ্ছেল আৰ্ট শিকাব লাগে..

Child: শিশুক কিয় মাৰ্ছেল আৰ্ট শিকাব লাগে
Child: শিশুক কিয় মাৰ্ছেল আৰ্ট শিকাব লাগে

মাৰ্ছেল আৰ্ট কেৱল শাৰীৰিক ব্যায়াম নহয়; ই এক সম্পূৰ্ণ জীৱনশৈলীক শিকোই যিয়ে শিশুৰ (Child) মানসিক আৰু শাৰীৰিক বিকাশৰ লগতে আত্মবিশ্বাস আৰু অনুশাসনৰ বিকাশ ঘটায়। আজিৰ যুগত শিশুৰ সামগ্ৰিক বিকাশৰ বাবে যুদ্ধ কলা শিকাৰ গুৰুত্ব বাঢ়িছে। আপোনাৰ সন্তানক কিয় যুদ্ধ কলা শিকাব লাগে জানো আহক।

মাৰ্ছেল আৰ্ট কেৱল শাৰীৰিক ক্ৰিয়া-কলাপ নহয়, শিশুৰ বাবেও এক মূল্যৱান জীৱনৰ শিক্ষা

আত্মৰক্ষাৰ শিক্ষা দিয়ে


মাৰ্ছেল আৰ্টত শিশুক আত্মৰক্ষাৰ দক্ষতা শিকোৱা হয়। আজিৰ সমাজত নিৰাপত্তা অতি গুৰুত্বপূৰ্ণ। যুদ্ধ কলাৰ কৌশলে শিশুৱে বিপদত নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়।

আত্মবিশ্বাস বৃদ্ধি কৰে

মাৰ্ছেল আৰ্ট শিকি শিশুৱে নিজৰ ওপৰত আত্মবিশ্বাস লাভ কৰে। নতুন কৌশল শিকিবলৈ পাকৈত হোৱাৰ লগে লগে ই আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰে।

শাৰীৰিক ফিটনেছ নিশ্চিত কৰে
শিশুৰ শাৰীৰিক ফিটনেছৰ বাবে যুদ্ধ কলা অতি ফলপ্ৰসূ। ই শৰীৰক ফিট কৰি ৰাখে, পেশী শক্তিশালী কৰে আৰু শাৰীৰিক সহনশীলতা বৃদ্ধি কৰে।

অনুশাসন আৰু মনোযোগ বৃদ্ধি কৰে
যুদ্ধ কলাত শিশুৰ মাজত অনুশাসন আৰু মনোযোগৰ সৃষ্টি হয়। ই তেওঁলোকক নিয়মিতভাৱে অনুশীলন কৰিবলৈ প্ৰেৰণা দিয়ে আৰু জীৱনৰ অন্যান্য ক্ষেত্ৰতো অনুশাসনৰ গুৰুত্ব শিকাই।

মানসিক শক্তি বৃদ্ধি কৰে
কেৱল শাৰীৰিক নহয়, যুদ্ধ কলাৰ মানসিক শক্তি আৰু স্থিৰতা লাভ কৰাত সহায় কৰে। ই শিশুসকলক ধৈৰ্য্য ধৰিবলৈ শিকায় আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাহসী হ’বলৈ সহায় কৰে।

সামাজিক দক্ষতা বৃদ্ধি কৰে
যুদ্ধ কলাৰ ক্লাছত বিভিন্ন বয়স আৰু পটভূমিৰ শিশুৰ সৈতে মিহলি হোৱাটো জড়িত হৈ থাকে। ই শিশুসকলক গোটত কাম কৰা, বন্ধুত্ব গঢ়ি তোলা আৰু সামাজিক যোগাযোগৰ দক্ষতা বৃদ্ধি কৰাত সহায় কৰে।

ক্ষতিকাৰক অভ্যাস আঁতৰায়
অতিৰিক্ত পৰ্দাৰ সময়, মোবাইল গেম বা টিভিৰ নিচা হ্ৰাস কৰি শিশুসকলক শাৰীৰিক আৰু সৃষ্টিশীল কাৰ্য্যকলাপত নিয়োজিত কৰি ৰাখক।

মানসিক চাপৰ সৈতে মোকাবিলা কৰাত সহায়ক
মানসিক চাপো আজিকালি শিশুৰ ক্ষেত্ৰত দেখা যায়। মাৰ্ছেল আৰ্টৰ অনুশীলন কৰি শিশুৱে শাৰীৰিক ব্যায়াম কৰাৰ লগতে মানসিক চাপ দূৰ কৰিব পাৰে।

ক’ৰ পৰা আৰম্ভ কৰিব?
আপোনাৰ সন্তানক এটা নিৰ্ভৰযোগ্য যুদ্ধ কলা প্ৰশিক্ষণ কেন্দ্ৰত নামভৰ্তি কৰক। প্ৰথমতে কাৰাটে, টাইকোৱাণ্ডো বা জুডোৰ দৰে সহজ কৌশলেৰে আৰম্ভ কৰিব পাৰি।

মাৰ্ছেল আৰ্ট কেৱল শাৰীৰিক ক্ৰিয়া-কলাপ নহয়, শিশুৰ বাবেও এক মূল্যৱান জীৱনৰ শিক্ষা। গতিকে, আপোনাৰ সন্তানৰ শাৰীৰিক আৰু মানসিক বিকাশ নিশ্চিত কৰিবলৈ আজিয়েই এটা সিদ্ধান্ত লওক।

Jatiya Vidyalaya । পাঠ্যপুথিৰ অধ্যায়ৰ বিষয়বস্তুক জীৱন্ত ৰূপত উপস্থাপন এজাক শিশুৰ

Jatiya Vidyalaya । পাঠ্যপুথিৰ অধ্যায়ৰ বিষয়বস্তুক জীৱন্ত ৰূপত উপস্থাপন এজাক শিশুৰ
Jatiya Vidyalaya । পাঠ্যপুথিৰ অধ্যায়ৰ বিষয়বস্তুক জীৱন্ত ৰূপত উপস্থাপন এজাক শিশুৰ

বঢ়মপুৰ , ২১ নৱেম্বৰ : বৰ্তমান সময়ৰ প্ৰতিযোগিতামূলক পাঠ্যক্ৰমৰ জৰিয়তে শিশুৰ শিক্ষণ প্ৰণালী অধিক জটিল আৰু যান্ত্ৰিক কৰি তোলা হৈছে, সেইসময়তে নগাঁও জিলাৰ বঢ়মপুৰৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞানদীপ জাতীয় বিদ্যালয়ে (jatiya vidyalaya) পাঠ্যক্ৰমৰ বিষয়সমূহক সজীৱ আৰু সাৱলীল কৰিবলৈ সৰল আৰু সহজে বোধগম্য হোৱাকৈ এক সুন্দৰ পন্থা অৱলম্বন কৰি দাঙি ধৰিলে উৎকৃষ্ট নিদৰ্শন ।

বঢ়মপুৰ জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ আদৰণীয় পদক্ষেপ

প্ৰচলিত শিক্ষা ব্যৱস্থাৰ বিপৰীতে বিদ্যালয়খনিয়ে পাঠ্যপুথিৰ বিষয় বা অধ্যায়ক জীৱন্ত ৰূপত উপস্থাপন কৰাৰ উদ্দেশ্য আগত ৰাখি শিশুসকলে সহজে বুজি পাবলৈ বা মনত ৰাখিবলৈ যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়,তাৰ বাবে বিদ্যালয়খনিয়ে অভিনৱ পন্থা আৰু পদ্ধতি অৱলম্বন কৰি সমাদৰ লাভ কৰিছে জনমানসত। বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এজাক শিশুৱে তেওঁলোকৰ অসমীয়া পাঠ্যপুথিত থকা অসমৰ সত্ৰ-অনুষ্ঠান শীৰ্ষক অধ্যায়টিত উল্লেখ থকা অসমীয়া সমাজ জীৱনত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা উল্লেখযোগ্য অৱদান হিচাপে সৃষ্টি হোৱা সত্ৰসমূহৰ ভূমিকা, নামঘৰত ভকতসকলৰ নাম – কীৰ্তনৰ লগতে শাস্ত্ৰ ব্যাখ্যা , সত্ৰ – নামঘৰসমূহৰ আধ্যাত্মিক পৰিৱেশ , শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ সুবিধাৰ কাৰণে সৃষ্টি কৰা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা আৰু ভাওনা আদি ছাত্ৰ – ছাত্ৰীসকলে নৃত্য, গীত আৰু অভিনয়ৰ যোগেদি প্ৰদৰ্শন কৰি আজি বিদ্যালয়খনত উপস্থিত থকা অভিভাৱক আৰু স্থানীয় ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে ।

ছাত্ৰ – ছাত্ৰীসকলে অধ্যায়টিত উল্লেখ থকা বিভিন্ন চৰিত্ৰ যেনে- সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ, মেধি, মুক্তিয়াৰ, খাটনিয়াৰ, পাচনি, আলধৰা, পালধৰীয়া, সুত্ৰধাৰ, গায়ন-বায়ন, নামঘৰীয়া আদি সাৱলীল আৰু নিখুঁত অভিনয়ৰে বিদ্যালয়খনত এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাৰ লগতে উপস্থিত ৰাইজৰ দৃষ্টি নিৱদ্ধ কৰি ৰাখে । সত্ৰ বা নামঘৰ সমূহৰ প্ৰচলিত পৰম্পৰা সমূহক দাঙি ধৰি সেই পবিত্ৰ অনুষ্ঠান সমূহত কেনেকৈ পূৱা-গধূলি ঈশ্বৰৰ আৰাধনা কৰা হয়,গধূলি ডবাত হৰিধ্বনি তুলি কেনেকৈ শ্ৰীহৰিৰ গুণাণুকীৰ্তন কৰা হয়, নিতৌ শাস্ত্ৰ পাঠ আৰু ব্যাখ্যা কিদৰে কৰা হয় সেইসমূহ অভিনয়ৰ মাজেৰে সজীৱ ৰূপত তুলি ধৰাৰ প্ৰয়াস কৰে শিশুসকলে । ভাদমহীয়া নাম-প্ৰসঙ্গ, প্ৰসঙ্গীয়া নাম, ভাগৱত পাঠ আৰু ভাওনা আদিৰো জীৱন্ত ছবি দাঙি ধৰে সফলতাৰে । ছাত্ৰ -ছাত্ৰীসকলে বিভিন্ন চৰিত্ৰৰ বাবে প্ৰয়োজনীয় ৰূপসজ্জাৰ লগতে সাজ-পোছাক আদি পৰিধান কৰি পাঠ্যপুথিত থকা অধ্যায়টিক আৰু অধিক প্ৰাণৱন্ত কৰি তোলে । তাৰ লগে লগে সত্ৰাধিকাৰ সকলৰ নিৰ্দেশত কেনেকৈ ধৰ্মপ্ৰচাৰ কৰা হৈছিল, কিদৰে অসমীয়া গ্ৰাম্য জীৱনৰ সামাজিক সমস্যা সমূহ বা গোচৰ আৰু ওজৰ আপত্তিসমূহ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত নামঘৰ সমূহে এক গুৰত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, সেয়াও অভিনয়ৰ মাজেৰেই ফুটাই তোলে ছাত্ৰ-ছাত্ৰীসকলে ।

বিশেষকৈ অনুষ্ঠানটিৰ আঁত ধৰা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ক্ৰমে অলংকৃতা কাশ্যপ আৰু মূৰ্ছনা বৰাৰ সুন্দৰ বাকশৈলীয়ে সকলোকে মোহিত কৰে ।এই ক্ষেত্ৰত বিদ্যালয়খনৰ শিক্ষক – শিক্ষয়ত্ৰীসকলেও তেওঁলোকক পূৰ্ণ সহযোগিতা আগবঢ়ায় । অনুষ্ঠানভাগ উপস্থাপন কৰাক লৈ ছাত্র-ছাত্ৰীসকলৰ মাজত দেখা যায় ব্যাপক উৎসাহ। অনুষ্ঠানটিত বিভিন্ন চৰিত্ৰত অভিনয় কৰা বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীসকল ক্ৰমে – বিদিশা বৰা ( শ্ৰী কৃষ্ণ) , পাহি শইকীয়া ( ৰাধা), প্ৰিয়ংকা বৰা ( গোপী) , ৰিম্পী শইকীয়া ( গোপী) , দিচান বৰা ( সত্ৰাধিকাৰ আৰু শংখচূড় ) , নিয়ৰ নীলিম ( ডেকা সত্ৰাধিকাৰ আৰু শংখচূড়) , ভাৰ্গৱ লামা ( শংখচূড় আৰু গায়ন- বায়ন) ,ধ্ৰুৱজিত শৰ্মা ( মেধি আৰু গায়ন -বায়ন) , ধৰম টকবি ( নামঘৰীয়া আৰু পাঠক ) , ঋতিক এন শিৱম ( পাচনি ) , সৌৰভ জ্যোতি শইকীয়া ( খাটনিয়াৰ ) , দিবাকৰ ডেকা ( আলধৰা) , হৰজিত কাকতি ( সূত্ৰধাৰ) , ৰণবীৰ পাটৰ ( মুক্তিয়াৰ আৰু শংখচূড়) , হীৰক জ্যোতি দাস ( পালধৰীয়া) । অনুষ্ঠানটি আৰম্ভ হয় ছাত্ৰী বনশ্ৰী শইকীয়াৰ সুকণ্ঠত নিগৰা এটি বৰগীতেৰে । তাৰ লগতে অলংকৃতা কাশ্যপ আৰু সুদৰ্শনা বৰাই সত্ৰীয়া নৃত্য পৰিৱেশন কৰি অধিক আকৰ্ষণীয় কৰি তোলে। আজিৰ সমগ্র অনুষ্ঠানটিৰ সন্দৰ্ভত সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালক হিচাপে দায়িত্বত থকা বিদ্যালয়খনৰ প্ৰধান শিক্ষক শিৱ বৰ্মনে কয় যে – ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগবঢ়োৱা পাঠ্যক্ৰমসমূহক এনেদৰে জীৱন্ত ৰূপত আগবঢ়ালে পাঠৰ বিষয়বস্তু সমূহ তেওঁলোকৰ বাবে অধিক মনোগ্ৰাহী হয় । সেয়েহে বৰ্তমানে প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাৰ মাজত তেওঁলোকক Parrot Learning নকৰাই, তাৰ পৰিৱৰ্তে নাটকীয় ৰূপদানৰ মাজেৰে বা পাঠসমূহক সম্ভৱ হ’লে আলেখ্য প্ৰস্তুত কৰাৰ পঠন-পাঠন শৈলী বাছি ল’লে অধিক ফলপ্ৰসূ হয় । সেয়েহে কেতিয়াবা খেলৰ মাজেৰে আৰু কেতিয়াবা নাট্য ৰূপত বা আলেখ্য ৰূপত তেওঁলোকৰ গুণগত শিক্ষণ পদ্ধতি বাছি ল’ব লাগে । পাঠগ্ৰহণ কৰোঁতে যেনেকৈ আনন্দ পাব পাৰি, তেনেকৈ পাঠদান কৰিও আনন্দ লাভ কৰিব পাৰে । তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক শিকোৱাৰ প্ৰতি থাকিব লাগিব আন্তৰিকতা আৰু আগ্ৰহ । আজিৰ অনুষ্ঠানটিৰ বাবে অভিভাৱকসকলে বিদ্যালয়খনিৰ এনে প্ৰয়াসক ভূয়সী প্ৰশংসা কৰে আৰু বিদ্যালয়খনিৰ উত্তৰোত্তৰ কামনা কৰে

এইবাৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ ৰূপত এঞ্জেলিনা(Angelina)

এইবাৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ ৰূপত এঞ্জেলিনা হলিউডৰ অভিনেত্ৰী জ’লীয়ে নতুন চিনেমা এখনত স্বাক্ষৰ কৰিছে। চিনেমাখনৰ নাম ‘চিলাই’। ইয়াৰ পৰিচালনা কৰিছে ফৰাচী পৰিচালক এলিছ উইনোকোৰে। চিনেমাখনত জ’লীয়ে এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ চৰিত্ৰত অভিনয় কৰিব। জ’লিৰ ‘ষ্টিচছ’ চিনেমাখনৰ মূল কাহিনীভাগ পেৰিছৰ ফেশ্বনৰ জগতখনক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ হৈছিল, য’ত ফেশ্বন উইকৰ সময়ত তিনিগৰাকী মহিলাৰ জীৱন একত্ৰিত হয়। ছবিখনত অভিনেত্ৰীগৰাকীয়ে ছবি নিৰ্মাতাৰ চৰিত্ৰত অভিনয় কৰিব। ইয়াৰ প্ৰযোজক হৈছে ফ্ৰেমেণ্টল, এপাৰ্টমেণ্ট আৰু নেটফ্লিক্স। এই ছবিখন বিতৰণ কৰিব শক্তিশালী প্ৰতিষ্ঠান পাথী ফিল্মছে। ফৰাচী আৰু ইংৰাজী ভাষাত নিৰ্মাণ কৰা হ’ব ছবিখন। অৱশ্যে কেতিয়াৰ পৰা শ্বুটিং আৰম্ভ হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ইতিমধ্যে বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে জলীৰ শেহতীয়া ছবি ‘মাৰিয়া’। প্ৰশংসা লাভ কৰিলে। ‘মাৰিয়া’ৰ চিত্ৰনাট্য লিখিছে নেটফ্লিক্সৰ জনপ্ৰিয় ধাৰাবাহিক ‘পিকি ব্লাইণ্ডাৰছ’ৰ সৃষ্টিকৰ্তা ষ্টিভেন নাইটে। চিনেমাখনত অপেৰা গায়িকা মাৰিয়া কেলাছৰ জীৱনৰ শেষ দিনবোৰ চিত্ৰিত কৰা হৈছে। বহু চিনেমাপ্ৰেমীয়ে ভাবে যে মাৰিয়া কেলাছৰ চৰিত্ৰত অভিনয় কৰি জলীয়ে অস্কাৰ লাভ কৰিব পাৰে। অহা বছৰৰ ১০ জানুৱাৰীত ব্ৰিটেইনৰ চিনেমাগৃহত মুক্তি পাব। ছবিখনৰ পৰিচালনা কৰিছে পাবলো লাৰেইন। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত জীৱনৰ বিষয়ে বহু চৰ্চিত হৈছিল। প্ৰাক্তন স্বামী ব্ৰেড পিটৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ আৰু আইনী যুদ্ধই প্ৰায়ে শিৰোনাম দখল কৰি আহিছে। কিন্তু শেহতীয়াকৈ ব্ৰেড পিটৰ সৈতে হোৱা আইনী সমস্যা সমাধানতকৈ জ’লীক অলপ বেছি নমনীয় হোৱা দেখা গৈছে। ব্যক্তিগত জীৱনৰ বিতৰ্কবোৰ এৰাই চলি এতিয়া অভিনয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে জ’লীয়ে। অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ৪০ সংখ্যক চান্টা বাৰ্বাৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জলীক মালটিন মডাৰ্ণ মাষ্টাৰ বঁটাৰে সন্মানিত কৰা হ’ব।
এইবাৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ ৰূপত এঞ্জেলিনা

হলিউডৰ অভিনেত্ৰী জ’লীয়ে(anjelina) নতুন চিনেমা এখনত স্বাক্ষৰ কৰিছে। চিনেমাখনৰ নাম ‘স্টিচেছ’। ইয়াৰ পৰিচালনা কৰিছে ফৰাচী পৰিচালক এলিছ উইনোকোৰে। চিনেমাখনত জ’লীয়ে এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ চৰিত্ৰত অভিনয় কৰিব।

জ’লিৰ ‘ষ্টিচছ’ চিনেমাখনৰ মূল কাহিনীভাগ পেৰিছৰ ফেশ্বনৰ জগতখনক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ হৈছিল, য’ত ফেশ্বন উইকৰ সময়ত তিনিগৰাকী মহিলাৰ জীৱন একত্ৰিত হয়। ছবিখনত অভিনেত্ৰীগৰাকীয়ে ছবি নিৰ্মাতাৰ চৰিত্ৰত অভিনয় কৰিব। ইয়াৰ প্ৰযোজক হৈছে ফ্ৰেমেণ্টল, এপাৰ্টমেণ্ট আৰু নেটফ্লিক্স। এই ছবিখন বিতৰণ কৰিব শক্তিশালী প্ৰতিষ্ঠান পাথী ফিল্মছে।

ফৰাচী আৰু ইংৰাজী ভাষাত নিৰ্মাণ কৰা হ’ব ছবিখন। অৱশ্যে কেতিয়াৰ পৰা শ্বুটিং আৰম্ভ হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই।
ইতিমধ্যে বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে জলীৰ শেহতীয়া ছবি ‘মাৰিয়া’। প্ৰশংসা লাভ কৰিলে।

‘মাৰিয়া’ৰ চিত্ৰনাট্য লিখিছে নেটফ্লিক্সৰ জনপ্ৰিয় ধাৰাবাহিক ‘পিকি ব্লাইণ্ডাৰছ’ৰ সৃষ্টিকৰ্তা ষ্টিভেন নাইটে। চিনেমাখনত অপেৰা গায়িকা মাৰিয়া কেলাছৰ জীৱনৰ শেষ দিনবোৰ চিত্ৰিত কৰা হৈছে। বহু চিনেমাপ্ৰেমীয়ে ভাবে যে মাৰিয়া কেলাছৰ চৰিত্ৰত অভিনয় কৰি জলীয়ে অস্কাৰ লাভ কৰিব পাৰে। অহা বছৰৰ ১০ জানুৱাৰীত ব্ৰিটেইনৰ চিনেমাগৃহত মুক্তি পাব। ছবিখনৰ পৰিচালনা কৰিছে পাবলো লাৰেইন।
শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত জীৱনৰ বিষয়ে বহু চৰ্চিত হৈছিল। প্ৰাক্তন স্বামী ব্ৰেড পিটৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ আৰু আইনী যুদ্ধই প্ৰায়ে শিৰোনাম দখল কৰি আহিছে। কিন্তু শেহতীয়াকৈ ব্ৰেড পিটৰ সৈতে হোৱা আইনী সমস্যা সমাধানতকৈ জ’লীক অলপ বেছি নমনীয় হোৱা দেখা গৈছে। ব্যক্তিগত জীৱনৰ বিতৰ্কবোৰ এৰাই চলি এতিয়া অভিনয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে জ’লীয়ে। অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ৪০ সংখ্যক চান্টা বাৰ্বাৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জলীক মালটিন মডাৰ্ণ মাষ্টাৰ বঁটাৰে সন্মানিত কৰা হ’ব।