Home Blog Page 487

এইবাৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ ৰূপত এঞ্জেলিনা(Angelina)

এইবাৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ ৰূপত এঞ্জেলিনা হলিউডৰ অভিনেত্ৰী জ’লীয়ে নতুন চিনেমা এখনত স্বাক্ষৰ কৰিছে। চিনেমাখনৰ নাম ‘চিলাই’। ইয়াৰ পৰিচালনা কৰিছে ফৰাচী পৰিচালক এলিছ উইনোকোৰে। চিনেমাখনত জ’লীয়ে এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ চৰিত্ৰত অভিনয় কৰিব। জ’লিৰ ‘ষ্টিচছ’ চিনেমাখনৰ মূল কাহিনীভাগ পেৰিছৰ ফেশ্বনৰ জগতখনক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ হৈছিল, য’ত ফেশ্বন উইকৰ সময়ত তিনিগৰাকী মহিলাৰ জীৱন একত্ৰিত হয়। ছবিখনত অভিনেত্ৰীগৰাকীয়ে ছবি নিৰ্মাতাৰ চৰিত্ৰত অভিনয় কৰিব। ইয়াৰ প্ৰযোজক হৈছে ফ্ৰেমেণ্টল, এপাৰ্টমেণ্ট আৰু নেটফ্লিক্স। এই ছবিখন বিতৰণ কৰিব শক্তিশালী প্ৰতিষ্ঠান পাথী ফিল্মছে। ফৰাচী আৰু ইংৰাজী ভাষাত নিৰ্মাণ কৰা হ’ব ছবিখন। অৱশ্যে কেতিয়াৰ পৰা শ্বুটিং আৰম্ভ হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ইতিমধ্যে বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে জলীৰ শেহতীয়া ছবি ‘মাৰিয়া’। প্ৰশংসা লাভ কৰিলে। ‘মাৰিয়া’ৰ চিত্ৰনাট্য লিখিছে নেটফ্লিক্সৰ জনপ্ৰিয় ধাৰাবাহিক ‘পিকি ব্লাইণ্ডাৰছ’ৰ সৃষ্টিকৰ্তা ষ্টিভেন নাইটে। চিনেমাখনত অপেৰা গায়িকা মাৰিয়া কেলাছৰ জীৱনৰ শেষ দিনবোৰ চিত্ৰিত কৰা হৈছে। বহু চিনেমাপ্ৰেমীয়ে ভাবে যে মাৰিয়া কেলাছৰ চৰিত্ৰত অভিনয় কৰি জলীয়ে অস্কাৰ লাভ কৰিব পাৰে। অহা বছৰৰ ১০ জানুৱাৰীত ব্ৰিটেইনৰ চিনেমাগৃহত মুক্তি পাব। ছবিখনৰ পৰিচালনা কৰিছে পাবলো লাৰেইন। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত জীৱনৰ বিষয়ে বহু চৰ্চিত হৈছিল। প্ৰাক্তন স্বামী ব্ৰেড পিটৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ আৰু আইনী যুদ্ধই প্ৰায়ে শিৰোনাম দখল কৰি আহিছে। কিন্তু শেহতীয়াকৈ ব্ৰেড পিটৰ সৈতে হোৱা আইনী সমস্যা সমাধানতকৈ জ’লীক অলপ বেছি নমনীয় হোৱা দেখা গৈছে। ব্যক্তিগত জীৱনৰ বিতৰ্কবোৰ এৰাই চলি এতিয়া অভিনয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে জ’লীয়ে। অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ৪০ সংখ্যক চান্টা বাৰ্বাৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জলীক মালটিন মডাৰ্ণ মাষ্টাৰ বঁটাৰে সন্মানিত কৰা হ’ব।
এইবাৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ ৰূপত এঞ্জেলিনা

হলিউডৰ অভিনেত্ৰী জ’লীয়ে(anjelina) নতুন চিনেমা এখনত স্বাক্ষৰ কৰিছে। চিনেমাখনৰ নাম ‘স্টিচেছ’। ইয়াৰ পৰিচালনা কৰিছে ফৰাচী পৰিচালক এলিছ উইনোকোৰে। চিনেমাখনত জ’লীয়ে এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ চৰিত্ৰত অভিনয় কৰিব।

জ’লিৰ ‘ষ্টিচছ’ চিনেমাখনৰ মূল কাহিনীভাগ পেৰিছৰ ফেশ্বনৰ জগতখনক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ হৈছিল, য’ত ফেশ্বন উইকৰ সময়ত তিনিগৰাকী মহিলাৰ জীৱন একত্ৰিত হয়। ছবিখনত অভিনেত্ৰীগৰাকীয়ে ছবি নিৰ্মাতাৰ চৰিত্ৰত অভিনয় কৰিব। ইয়াৰ প্ৰযোজক হৈছে ফ্ৰেমেণ্টল, এপাৰ্টমেণ্ট আৰু নেটফ্লিক্স। এই ছবিখন বিতৰণ কৰিব শক্তিশালী প্ৰতিষ্ঠান পাথী ফিল্মছে।

ফৰাচী আৰু ইংৰাজী ভাষাত নিৰ্মাণ কৰা হ’ব ছবিখন। অৱশ্যে কেতিয়াৰ পৰা শ্বুটিং আৰম্ভ হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই।
ইতিমধ্যে বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে জলীৰ শেহতীয়া ছবি ‘মাৰিয়া’। প্ৰশংসা লাভ কৰিলে।

‘মাৰিয়া’ৰ চিত্ৰনাট্য লিখিছে নেটফ্লিক্সৰ জনপ্ৰিয় ধাৰাবাহিক ‘পিকি ব্লাইণ্ডাৰছ’ৰ সৃষ্টিকৰ্তা ষ্টিভেন নাইটে। চিনেমাখনত অপেৰা গায়িকা মাৰিয়া কেলাছৰ জীৱনৰ শেষ দিনবোৰ চিত্ৰিত কৰা হৈছে। বহু চিনেমাপ্ৰেমীয়ে ভাবে যে মাৰিয়া কেলাছৰ চৰিত্ৰত অভিনয় কৰি জলীয়ে অস্কাৰ লাভ কৰিব পাৰে। অহা বছৰৰ ১০ জানুৱাৰীত ব্ৰিটেইনৰ চিনেমাগৃহত মুক্তি পাব। ছবিখনৰ পৰিচালনা কৰিছে পাবলো লাৰেইন।
শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত জীৱনৰ বিষয়ে বহু চৰ্চিত হৈছিল। প্ৰাক্তন স্বামী ব্ৰেড পিটৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ আৰু আইনী যুদ্ধই প্ৰায়ে শিৰোনাম দখল কৰি আহিছে। কিন্তু শেহতীয়াকৈ ব্ৰেড পিটৰ সৈতে হোৱা আইনী সমস্যা সমাধানতকৈ জ’লীক অলপ বেছি নমনীয় হোৱা দেখা গৈছে। ব্যক্তিগত জীৱনৰ বিতৰ্কবোৰ এৰাই চলি এতিয়া অভিনয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে জ’লীয়ে। অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ৪০ সংখ্যক চান্টা বাৰ্বাৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জলীক মালটিন মডাৰ্ণ মাষ্টাৰ বঁটাৰে সন্মানিত কৰা হ’ব।

Elephant। দুই আঘাতপ্ৰাপ্ত বন্যহস্তীৰ মৰণ কাতৰ আৰ্তনাদ !

Elephant। দুই আঘাতপ্ৰাপ্ত বন্যহস্তীৰ মৰণ কাতৰ আৰ্তনাদ !
Elephant। দুই আঘাতপ্ৰাপ্ত বন্যহস্তীৰ মৰণ কাতৰ আৰ্তনাদ !

গুৱাহাটী, ২১ নৱেম্বৰঃ গোলাঘাট বন সংমণ্ডলৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ মৰঙি অঞ্চলত আঘাতপ্ৰাপ্ত দুটাকৈ বনৰীয়া হাতীৰ বিচৰণে প্ৰকৃতিপ্ৰেমীসকলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । ( Elephant )মৰঙিৰ উদয়ন চাহ বাগিচাত কালি এটা বনৰীয়া হাতীক ৰক্তাক্ত অৱস্থাত বিচৰণ কৰি থকা অৱস্থাত দেখাৰ পিছত আজি ৰংবঙতো ভৰিত আঘাতপ্ৰাপ্ত এটা হাতীয়ে লেঙেৰাই লেঙেৰাই গাঁৱৰ পথত ঘুৰি ফুৰা দেখা যায় ।

হৃদয়স্পৰ্শী দৃশ্যসমূহ সামাজিক মাধ্যমত প্ৰচাৰ হোৱা পিচতো বনবিভাগে কোনো চিকিৎসাৰ ব্যৱস্থা নকৰাত ৰাইজ আচৰ্য হৈ পৰিছে । ইয়াকে লৈ সমগ্ৰ গোলাঘাটতে প্ৰকৃতিপ্ৰেমীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিন্তু, গোলাঘাটৰ বন প্ৰাধিকাৰী সুশীল কুমাৰ ঠাকুৰীয়াৰ নেতৃত্বত বন বিভাগৰ দল এটাই কালি দেখা পোৱা আহত হাতীটোক বিচাৰি অভিযান চলাইছিল যদিও বিচাৰি উলিয়াব নোৱাৰিটো পৰিতাপৰ কথা ।

অন্যহাতে আজি অন্য এটা হাতী ভৰিত আঘাতপ্ৰাপ্ত হৈ ঘুৰি ফুৰাৰ পাছতো বাতৰি লিখা পৰলৈকে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ নকৰাত বিষয়টোৱে চৌদিশে তীব্ৰ চৰ্চা লাভ কৰিছে।দুয়োটা হাতীয়ে কেনেকৈ আঘাত পাইছে সেই সম্পৰ্কে সঠিককৈ একো জানিব পৰা হোৱা নাই যদিও কোনো দুস্কৃতিকাৰীয়ে শেল জাতীয় কোনো চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

ADANI: গৌতম আদানীৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ

ADANI: গৌতম আদানীৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ
ADANI: গৌতম আদানীৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ

নিউজ ডেস্ক: ADANI । ভাৰতীয় টাইকুন গৌতম আদানীৰ (gautam adani) বিৰুদ্ধে আমেৰিকাত উৎকোচ আৰু প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰে নিউয়ৰ্কৰ আদালতত দাখিল কৰা এজাহাৰত আদানীয়ে ২৫ কোটি টকা উৎকোচ দি আমেৰিকাৰ পৰা ধন সংগ্ৰহ কৰাৰ লগতে সেই তথ্য লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰিছে।

অভিযোগনামাত কোৱা হৈছে যে আদানী(adani) আৰু ইয়াৰ শীৰ্ষ কাৰ্যবাহীসকলে ভাৰত চৰকাৰৰ বিষয়াসকলক উৎকোচ দিছিল যাতে নবীকৰণযোগ্য শক্তি খণ্ডত লাভজনক চুক্তি লাভ কৰিব পাৰে। এই চুক্তিসমূহে ২০ বছৰত ২০০ বিলিয়ন ডলাৰতকৈ অধিক লাভৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

Gautam adani....গৌতম আদানী(CEO,adani group)

অৱশ্যে এই অভিযোগ সন্দৰ্ভত আদানী গ্ৰুপে ততাতৈয়াকৈ কোনো মন্তব্য কৰা নাই। ইয়াৰ উপৰিও আদানী গ্ৰুপে ৩ বিলিয়ন ডলাৰৰ ঋণ আৰু বণ্ডো সংগ্ৰহ কৰিছে, য’ত কিছুমান আমেৰিকাৰ প্ৰতিষ্ঠানৰ পৰাও সংগ্ৰহ কৰা হৈছে। কিন্তু এই প্ৰক্ৰিয়াত ভুৱা তথ্য প্ৰদান কৰাৰ লগতে উৎকোচ গোচৰৰ তদন্তত বাধাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে।

আমেৰিকাৰ এটৰ্নী ব্রায়ান পিছে কয় যে প্ৰতিবাদকাৰীসকলে ভাৰত চৰকাৰৰ বিষয়াসকলক উৎকোচ দি চুক্তি জয় কৰিবলৈ আৰু আমেৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীক বিপথে পৰিচালিত কৰাৰ এক জটিল ষড়যন্ত্ৰৰ পৰিকল্পনা কৰিছিল।লগতে তেওঁ কয় যে আমাৰ বিত্তীয় বজাৰৰ অখণ্ডতা ৰক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতিৰ বিৰুদ্ধে আমি কঠোৰ স্থিতি গ্ৰহণ কৰিছো।

Sivasagar । শিৱসাগৰ জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি !

Sivasagar । শিৱসাগৰ জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি !
Sivasagar । শিৱসাগৰ জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি !

নাজিৰা ২১ নৱেম্বৰ:– চৰকাৰী জাননী নং ই ফাইল নং ৩৭৪৪৬৫/ ২৮৭৯২১০/ ২০২৪/পশুধন শাখা, তাৰিখ গুৱাহাটী ১৯ নৱেম্বৰ, ২০২৪ আৰু শিৱসাগৰ (Sivasagar) জিলা পশু চিকিৎসা বিষয়াৰ কাৰ্য্যালয় পৰা লাভ কৰা পত্ৰ নং.ডিভিএছ/এএছএফ/২০২৪-২৫/৬৯০ তাৰিখ ১৯ নৱেম্বৰ/২০২৪ অনুসৰি ডিমৌ ৰাজহ চক্ৰৰ অধীনত ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত একাৰাণী গ্ৰান্ট(Ekarani Grant) আৰু বৰ দেওধাই জাপিছাজিয়া (বটকা পুৰাণী পাম)গাঁওখন দুখনক আফ্ৰিকান ছোৱাইন ফিভাৰ ডিজিজ”ৰ “এপিচেণ্টাৰ- উৎপত্তিৰ স্থল” হিচাপে ঘোষণা কৰা হৈছে।


শিৱসাগৰ জিলা পশু চিকিৎসা বিষয়াৰ কাৰ্য্যালয়ৰ যোগেদি লাভ কৰা জাননীৰ অনুসৰী এপিচেণ্টাৰৰ আশে-পাশে ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ গাঁওসমূহক “সংক্ৰমিত অঞ্চল” হিচাপে নিৰ্ধাৰণ কৰা হৈছে আৰু ইপিচেণ্টাৰৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ অন্তৰ্গত গাঁওসমূহক “চাৰভেইলেন্স জ’ন” হিচাপে চিহ্নিত কৰা হৈছে।


তদুপলক্ষ্য সতৰ্কতামূলক ব্যৱস্থা হিচাপে আফ্ৰিকান ছোৱাইন ফিভাৰ’ৰ সংক্ৰমণ যাতে ৰুদ্ধ কৰিব পাৰি তাৰে পৰিপ্ৰেক্ষিতত সমগ্ৰ শিৱসাগৰ জিলাতে গাহৰিৰ পৰিবহণৰ ওপৰত নিষেধাজ্ঞা আদেশ জাৰি কৰা হৈছে। শিৱসাগৰ জিলা দণ্ডাধীশ আয়ুষ গাৰ্গে এক আদেশ যোগে ১৬৩ বিএনএচএচ ২০২৩ ৰ অধীনত — সমগ্ৰ শিৱসাগৰ জিলাৰ ভিতৰত জীয়া গাহৰি/গাহৰিৰ সামগ্ৰী/গাহৰিৰ মাংস পৰিবহণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। দ্বিতীয়তে জিলাখনত গাহৰি মাংস বিক্ৰী আৰু গাহৰি উৎপাদন নিষিদ্ধ কৰা হৈছে।


তৃতীয়তে শিৱসাগৰ জিলাৰ ভিতৰত গাহৰি বধ, বিক্ৰী বা কিনা সম্পূৰ্ণ নিষিদ্ধ।চতুৰ্থতে শিৱসাগৰ জিলাৰ ভিতৰত গাহৰিৰ যিকোনো মৃত্যু পশু চিকিৎসা বিভাগৰ দৃষ্টিগোচৰ কৰিব লাগিব লগতে গাহৰিৰ মৃত্যু হলে মৃতদেহ দ’ গাতত পুতি থব লাগিব। পঞ্চমতে সকলো গাহৰি উৎপাদক, প্ৰজননকাৰীয়ে কঠোৰ জৈৱ সুৰক্ষা ব্যৱস্থা বজাই ৰাখিব লাগিব যাতে নতুন পকেটত কোনো ধৰণৰ ৰোগ বিয়পি নাযায়।ষষ্টতে গাহৰিৰ খাদ্যৰ যিকোনো ধৰণৰ পৰিবহণ পশু চিকিৎসা বিভাগৰ পূৰ্বৰ অনুমতি সাপেক্ষে কৰিব লাগিব।এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে আৰু পৰৱৰ্তী আদেশ নোপোৱা পৰ্যন্ত বাহাল থাকিব। এই আদেশ উলংঘা কৰিলে ধাৰা ২২৩বিএনএছ বিধানৰ অধীনত আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

যিকোনো ফল কেতিয়া আৰু কোন সময়ত খাব লাগে

যিকোনো ফল কেতিয়া আৰু কোন সময়ত খাব লাগে প্ৰবাদ আছে যে খালী পেটত পানী খাওক আৰু ভৰ পেটত ফল...। বিশেষজ্ঞসকলে কয় যে খালী পেটত পানী খোৱাটো অতি স্বাস্থ্যকৰ, কিন্তু ভৰপূৰ পেটত ফল-মূল খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী কেতিয়াও উপকাৰী নহয়। ফল-মূল খোৱাৰো কিছুমান নিয়ম আছে। যদিও ফল-মূল অতি স্বাস্থ্যকৰ প্ৰাকৃতিক খাদ্য, সকলো ফল-মূলেই সকলোৰে শৰীৰত ভাল প্ৰতিক্ৰিয়া নকৰে। ওজন বৃদ্ধিৰ আশংকা বিশেষজ্ঞসকলে কয় যে গধুৰ আহাৰ খোৱাৰ পিছত ফল-মূল খোৱাটো একেবাৰেই স্বাস্থ্যকৰ নহয়। ইয়াৰ ফলত এচিডিটি, বদহজম আৰু ওজন বৃদ্ধি হ’ব পাৰে। দুপৰীয়া বা ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত নিয়মিতভাৱে ফলমূল সেৱন কৰিলে শৰীৰত বিভিন্ন ৰোগ হ’ব পাৰে। খালী পেটত ফল নহয় খালী পেটত ফল-মূল খোৱাটো একেবাৰেই স্বাস্থ্যকৰ নহয়। ইয়াৰ ফলত এচিডিটিৰ গুৰুতৰ সমস্যাও হ’ব পাৰে। গতিকে কিছু খাদ্য খাওক আৰু তাৰ পিছত ফল-মূল খাওক। খালী পেটত ফল নাখাব। ফলৰ খোৱাৰ আগতে শুকান ফল খাওক পুষ্টিবিদসকলে ফল খোৱাৰ আগতে বাদাম খাবলৈ পৰামৰ্শ দিয়ে। ফল খোৱাৰ আগতে বাদাম খালে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে। লগতে বাদাম চৰ্বিৰ উত্তম উৎস। ফল খোৱাৰ পিছত পানী নাখাব কেতিয়াও ফলৰ লগত পানী খাব নালাগে। কেৱল ফলৰ লগত নহয়, কোনো খাদ্যৰ লগত পানী সেৱন কৰিব নালাগে। ই হজম শক্তি দূৰ্বল কৰিব পাৰে। গোটা ফল খাবলৈ চেষ্টা কৰক বহুতে ফলৰ ৰস খাবলৈ ভাল পায়। কিন্তু এই প্ৰথা ভাল নহয়। ফলৰ সকলো পুষ্টিকৰ উপাদান পাবলৈ গোটেই ফলটো চোবাই খালে অধিক উপকাৰী। এই অভ্যাস দাঁত আৰু আঁঠুৰ বাবে উপকাৰী। সতেজ ফল প্ৰথম কথা সতেজ ফল খোৱাটো সদায় স্বাস্থ্যকৰ। ইয়াৰ বাহিৰেও সতেজ ফলত থকা ভিটামিন আৰু খনিজ পদাৰ্থই শৰীৰত থকা পুষ্টিকৰ উপাদানৰ অভাৱৰ ক্ষতিপূৰণ সোনকালে কৰে। খোলাটোৰ লগত খাব পৰা সকলো ফল খাব লাগে। আপেল, অমিতা, আঙুৰ, নাচপতি শৰীৰৰ বাবে উপকাৰী। টেঙা ফল পৰিহাৰ কৰক এচিডিটিৰ সমস্যা থাকিলে নেমু আৰু আন টেঙা পৰা বিৰত থাকিব লাগে। এই ফলত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকিলেও অতিৰিক্তভাৱে সেৱন কৰিলে ক্ষতিকাৰক হ’ব পাৰে।
fruits

প্ৰবাদ আছে যে খালী পেটত পানী খাওক আৰু ভৰ পেটত ফল…। বিশেষজ্ঞসকলে কয় যে খালী পেটত পানী খোৱাটো অতি স্বাস্থ্যকৰ, কিন্তু ভৰপূৰ পেটত ফল-মূল খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী কেতিয়াও উপকাৰী নহয়। ফল-মূল খোৱাৰো কিছুমান নিয়ম আছে।

যদিও ফল-মূল অতি স্বাস্থ্যকৰ প্ৰাকৃতিক খাদ্য, সকলো ফল-মূলেই সকলোৰে শৰীৰত ভাল প্ৰতিক্ৰিয়া নকৰে।

ওজন বৃদ্ধিৰ আশংকা

বিশেষজ্ঞসকলে কয় যে গধুৰ আহাৰ খোৱাৰ পিছত ফল-মূল খোৱাটো একেবাৰেই স্বাস্থ্যকৰ নহয়। ইয়াৰ ফলত এচিডিটি, বদহজম আৰু ওজন বৃদ্ধি হ’ব পাৰে। দুপৰীয়া বা ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত নিয়মিতভাৱে ফলমূল সেৱন কৰিলে শৰীৰত বিভিন্ন ৰোগ হ’ব পাৰে।

খালী পেটত ফল নহয়

খালী পেটত ফল-মূল খোৱাটো একেবাৰেই স্বাস্থ্যকৰ নহয়। ইয়াৰ ফলত এচিডিটিৰ গুৰুতৰ সমস্যাও হ’ব পাৰে। গতিকে কিছু খাদ্য খাওক আৰু তাৰ পিছত ফল-মূল খাওক। খালী পেটত ফল নাখাব।

ফলৰ খোৱাৰ আগতে শুকান ফল খাওক

পুষ্টিবিদসকলে ফল খোৱাৰ আগতে বাদাম খাবলৈ পৰামৰ্শ দিয়ে। ফল খোৱাৰ আগতে বাদাম খালে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে। লগতে বাদাম চৰ্বিৰ উত্তম উৎস।

ফল খোৱাৰ পিছত পানী নাখাব

কেতিয়াও ফলৰ লগত পানী খাব নালাগে।

কেৱল ফলৰ লগত নহয়, কোনো খাদ্যৰ লগত পানী সেৱন কৰিব নালাগে। ই হজম শক্তি দূৰ্বল কৰিব পাৰে।

গোটা ফল খাবলৈ চেষ্টা কৰক

বহুতে ফলৰ ৰস খাবলৈ ভাল পায়। কিন্তু এই প্ৰথা ভাল নহয়। ফলৰ সকলো পুষ্টিকৰ উপাদান পাবলৈ গোটেই ফলটো চোবাই খালে অধিক উপকাৰী। এই অভ্যাস দাঁত আৰু আঁঠুৰ বাবে উপকাৰী।

সতেজ ফল

প্ৰথম কথা সতেজ ফল খোৱাটো সদায় স্বাস্থ্যকৰ। ইয়াৰ বাহিৰেও সতেজ ফলত থকা ভিটামিন আৰু খনিজ পদাৰ্থই শৰীৰত থকা পুষ্টিকৰ উপাদানৰ অভাৱৰ ক্ষতিপূৰণ সোনকালে কৰে। খোলাটোৰ লগত খাব পৰা সকলো ফল খাব লাগে। আপেল, অমিতা, আঙুৰ, নাচপতি শৰীৰৰ বাবে উপকাৰী।

টেঙা ফল পৰিহাৰ কৰক

এচিডিটিৰ সমস্যা থাকিলে নেমু আৰু আন টেঙা পৰা বিৰত থাকিব লাগে। এই ফলত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকিলেও অতিৰিক্তভাৱে সেৱন কৰিলে ক্ষতিকাৰক হ’ব পাৰে।

DOG । চামগুৰিত জীৱশ্ৰেষ্ঠ মানুহৰ কুকৰ্ম

DOG । চামগুৰিত জীৱশ্ৰেষ্ঠ মানুহৰ কুকৰ্ম
DOG । চামগুৰিত জীৱশ্ৰেষ্ঠ মানুহৰ কুকৰ্ম

চামগুৰি ,২১ নৱেম্বৰ:— (Nagaon) নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পুৰণিগুদাম মিকিৰহাট হাতীৰ গাঁৱত জীৱশ্ৰেষ্ঠ মানুহৰ নৃশংসতাৰ বলি হ’ল এজনী প্ৰভূভক্ত মাইকী কুকুৰ (DOG) ৷ পাঁচটাকৈ সদ্যোজাত পোৱালিক মাতৃহীনা কৰি স্থানীয় দিব্যজ্যোতি শইকীয়া ওৰফে দাদুল নামৰ যুৱকজনে মৰিয়াই মৰিয়াই নৃশংসভাৱে মাইকী কুকুৰজনীক হত্যা কৰাৰ বাবে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে এক প্ৰতিবাদমুখৰ পৰিস্থিতি ৷

জানিব পৰা মতে, ব্ৰইলাৰ ফাৰ্মত সোমাই ব্ৰইলাৰ খোৱাৰ অপৰাধতে দাদুলে কুকুৰজনীক নৃশংস ভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল , যদিও নৃশংসতাৰ বলি হোৱা কুকুৰ জনীয়ে মাত্ৰ দুদিন পূৰ্বে জন্ম দিছিল পাঁচটাকৈ কুকুৰ পোৱালী । সম্প্ৰতি সদ্যোজাত পোৱালী কেইটাই মাতৃক বিচাৰি ব্যাকুল হৈ পৰিছে । মাতৃৰ মৃতদেহৰ কাষত পোৱালী কেইটাই মাতৃৰ দুগ্ধ বিচাৰি বিচাৰি কান্দি থকা হৃদয় বিদাৰক দৃশ্য দেখিলে প্ৰতিগৰাকী প্ৰকৃতিপ্ৰেমীৰ হৃদয় হয়তো আন্দোলিত নোহোৱাকৈ নাথাকিব ৷ এই ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় মহিলা সকলে মৃত কুকুৰ জনীৰ পক্ষত ন্যায় বিচাৰি ওলাই আহিল ৷

সদ্যোজাত পোৱালী কেইটাই মাকক বিচাৰি ব্যাকুল হোৱাৰ দৃশ্য দেখি স্থানীয় আইমাতৃ সকলো কান্দি কান্দি ব্যাকুল হৈ পৰা পৰিলক্ষিত হয় । মাতৃত্বৰ বেদনা উপলব্ধি কৰা মহিলা সকলে ন্যায় বিচাৰি পুৰণিগুদাম আৰক্ষীৰ চকীৰ কাষ চাপিছে। স্থানীয় মহিলা সকলে দোষীক উপযুক্ত শাস্তিৰ দাবী জনোৱাৰ লগতে অৰণ্য সুৰক্ষা সমিতি ,অসমৰ নগাঁও জিলা সমিতিয়েও গৰিহণা দিয়ে বুলি জানিব পৰা গৈছে ।

Air Pollution । বায়ু প্ৰদূষণৰ পৰা সুৰক্ষিত কেনেকৈ হ’ব !

বায়ু প্ৰদূষণৰ পৰা সুৰক্ষিত কেনেকৈ হ'ব !
বায়ু প্ৰদূষণৰ পৰা সুৰক্ষিত কেনেকৈ হ'ব !

Air Pollution । প্ৰদূষণৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ কিছুমান ফলপ্ৰসূ অভ্যাস গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ।

বায়ু প্ৰদূষণৰ পৰা সুৰক্ষিত কেনেকৈ হ’ব :

মাস্ক ব্যৱহাৰ কৰক: বাহিৰলৈ ওলাই যাওঁতে ভাল মানৰ মাস্ক ব্যৱহাৰ কৰক। ই বায়ুক ক্ষতিকাৰক ধূলি আৰু বীজাণুৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

ঘৰৰ ভিতৰৰ বায়ু পৰিষ্কাৰ কৰি ৰাখক: ঘৰৰ ভিতৰৰ বায়ু বিশুদ্ধকৰণ ব্যৱহাৰ কৰক। বিশেষকৈ যিবোৰ অঞ্চলত প্ৰদূষণ বেছি, সেইবোৰ অঞ্চলত বায়ু বিশুদ্ধকৰণ যন্ত্ৰ অতি ফলপ্ৰসূ।

গছ ৰোপণ: ঘৰৰ চাৰিওফালে অধিক গছ ৰোপণ কৰক। বিশেষকৈ এলোভেৰা, আৰেকা পাম, সাপৰ গছ বা মানি গছৰ দ্বাৰা বতাহ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।

ধূলিময় পৰিৱেশ পৰিহাৰ কৰক : ধূলিময় ঠাই পৰিহাৰ কৰক আৰু সম্ভৱ হ’লে ব্যস্ত পথত খোজ কঢ়াৰ পৰিৱৰ্তে বিকল্প পথ ব্যৱহাৰ কৰক।

সঠিক খাদ্যাভ্যাস পালন কৰক: ভিটামিন চি, ই, আৰু ওমেগা-৩ ফেটি এচিডযুক্ত খাদ্য খাব লাগে। ইহঁতে শ্বাস-প্ৰশ্বাসতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।

বাহিৰত ব্যায়াম কৰাৰ সময়ত সাৱধান হওক : প্ৰচণ্ড প্ৰদূষণৰ সময়ত ৰাতিপুৱা বা বাহিৰত ব্যায়াম কৰাৰ পৰিৱৰ্তে ঘৰৰ ভিতৰতে ব্যায়াম কৰক। এই সময়ত বায়ুত প্ৰদূষণৰ মাত্ৰা অধিক।

ধূমপান পৰিহাৰ কৰক: নিজে ধূমপান নকৰিব আৰু চেকেণ্ড হেণ্ড ধূমপানৰ পৰা আঁতৰি থাকক। হাওঁফাওঁৰ বাবে ই ক্ষতিকাৰক।

ঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক: ঘৰৰ ভিতৰত জমা হোৱা ধূলি নিয়মিতভাৱে পৰিষ্কাৰ কৰক। সময়মতে এয়াৰ ফিল্টাৰ পৰিষ্কাৰ বা সলনি কৰক।

পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে: গোটেই দিনটো যথেষ্ট পৰিমাণে পানী খাব লাগে যাতে হাওঁফাওঁ হাইড্ৰেটেড হৈ থাকে আৰু প্ৰদূষক পদাৰ্থবোৰ বাহিৰ কৰি পেলাব পাৰে।

বায়ু প্ৰদূষণৰ বাতৰি অনুসৰণ কৰক : স্থানীয় বায়ু প্ৰদূষণৰ মান (AQI) নিয়মিতভাৱে নিৰীক্ষণ কৰক। প্ৰদূষণৰ মাত্ৰা বেছি হ’লে বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকক।

প্ৰদূষণৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ এই টিপছসমূহ মানি চলক। লগতে পৰিৱেশৰ বাবে সচেতনভাৱে কাম কৰক আৰু বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ বাবে ব্যক্তিগত দায়িত্ব লওক।

Uric Acid:শৰীৰত ইউৰিক এচিডৰ প্ৰভাৱ আৰু নিৰাময়

Uric Acid:শৰীৰত ইউৰিক এচিডৰ প্ৰভাৱ আৰু নিৰাময়
Uric Acid:শৰীৰত ইউৰিক এচিডৰ প্ৰভাৱ আৰু নিৰাময়

ইউৰিক এচিড(Uric Acid) হৈছে জীৱৰ তেজত পোৱা এটা আৱৰ্জনা আৰু ই শৰীৰত পিউৰিন ভাঙিলে সৃষ্টি হয়। আকৌ পিউৰিন হ’ল আমি দৈনন্দিন খোৱা কিছুমান খাদ্য আৰু পানীয়ত পোৱা যায়।

সাধাৰণতে ইউৰিক এচিড তেজত দ্ৰৱীভূত হৈ বৃক্কৰ মাজেৰে পাৰ হৈ প্ৰস্ৰাৱত নিৰ্গত হয়। কিন্তু শৰীৰত যদি অত্যধিক পৰিমাণৰ ইউৰিক এচিড উৎপন্ন হয় বা আমাৰ বৃক্কই সঠিকভাৱে কাম নকৰে তেন্তে ই আমাৰ তেজত জমা হৈ আমাৰ দেহত সমস্যাৰ সৃষ্টি কৰিব পাৰে।(Diet)


ইউৰিক এচিডে শৰীৰত কিছুমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে(Kidney Stones)। শৰীৰত এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰি শৰীৰক ফ্ৰী ৰেডিকেল আৰু অক্সিডেটিভ চাপৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

সাধাৰণতে ইউৰিক এচিদ আমাৰ প্ৰস্ৰাৱৰ জৰিয়তে নিৰ্গত হয় আৰু ই শৰীৰৰ পৰা আৱৰ্জনা আঁতৰোৱাত সহায় কৰে(Hyperuricemia)। এই সকলোখিনি কাম তেতিয়াহে ভালদৰে হৈ থাকিব যদিহে আমাৰ দেহত ইউৰিক এচিদ নিৰ্দ্দিষ্ট মাত্ৰাত নিয়ন্ত্ৰণত থাকে।(Medication)


ইউৰিক এচিডৰ উচ্চ মাত্ৰাৰ ফলত আমাৰ দেহৰ গাঁঠিসমূহত বিষ হয় আৰু ফুলি যায়। ইয়েকেই এক প্ৰকাৰৰ বাত বিষ বা গাউট বুলি কোৱা হয়। তাৰ উপৰি শৰীৰত ইউৰিক এচিড বেছি হ’লে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা থাকে আৰু বৃক্ক বিকল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।


দেহত ইউৰিক এচিদ বৃদ্ধি হোৱাৰ কাৰণসমূহৰ ভিতৰত প্ৰধান কাৰণ হল, খাদ্যত অত্যধিক পিউৰিনযুক্ত খাদ্য, যেনে- মাছ, সকলো ধৰণৰ মাংস, আৰু সকলো প্ৰটিন জাতীয় খাদ্য ইত্যাদি।

দ্বিতীয়তে জিনেটিক্স অৰ্থাৎ পৰিয়াল কেন্দ্ৰিক অৰ্থাৎ পৰিয়ালৰ উচ্চ ইউৰিক এচিডৰ ইতিহাসও এটা প্ৰধান কাৰণ হব পাৰে, যিটো আমি এটা বিশেষ জিনে কঢ়িৱাই বুলি কোৱা হয়। তাৰ উপৰি অতিৰিক্ত ওজন বা শৰীৰ মেদবহুল হ’লেও শৰীৰত ইউৰিক এচিডৰ উৎপাদন বৃদ্ধি পাব পাৰে।

শৰীৰত কিছুমান ৰোগ থাকিলে যেনে ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদিয়ে শৰীৰত ইউৰিক এচিডৰ মাত্ৰাত প্ৰভাৱ পেলাব পাৰে। গতিকে এই ৰোগসমূহ নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। গতিকে এইসকল ব্যক্তিয়ে শৰীৰত ইউৰিক এচিদ নিয়ন্ত্ৰণত ৰাখিব লাগে আৰু তেখেতসকলে ভুগি থকা উপৰোক্ত ৰোগসমূহো নিয়ন্ত্ৰণত ৰাখিব লাগে।


ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো সুস্বাস্থ্য বজাই ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা। শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে, তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী। কিছুমান ঘৰুৱা ব্যবস্থাৰ দ্বাৰাইও ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিব পাৰি। এই ব্যৱস্থাৰ ভিতৰত খাদ্যভাসৰ সাল সলনি অতীৱ প্ৰয়োজন।

কিছুমান খাদ্যত অধিক পৰিমাণৰ পিউৰিন থাকে, আৰু এই পিউৰিনৰ পৰা শৰীৰত ইউৰিক এচিডৰ উৎপাদন হয় বা উৎপাদন বৃদ্ধি হয়। গতিকে এনে ব্যক্তিয়ে পিউৰিন সমৃদ্ধ খাদ্যৰ পৰা আঁতৰি থাকিব লাগে।

ইয়াৰ পৰিৱৰ্তে পিউৰিনৰ পৰিমাণ কম থকা খাদ্য বাছি ল’ব লাগে, যেনে- ফলমূল আৰু শাক-পাচলি, বাদাম আৰু বাদামৰ ঘিউ, চৰ্বিমুক্ত বা কম চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰী, ৰুটি, ভাত ইত্যাদি।

এনে ব্যক্তিয়ে অলপ বেছি পৰিমাণে পানী অথবা পনীয়া খাদ্য খাব লাগে। মানুহৰ শৰীৰৰ ৭০ শতাংশ ইউৰিক এচিড বৃক্কৰ জৰিয়তে ফিল্টাৰ কৰি উলিওৱা পঠিওৱা হয়। গতিকে গোটেই দিনটো পৰ্যাপ্ত পৰিমাণৰ পানী খালে, বৃক্কই মসৃণভাৱে কাম কৰাত সহায় হয় আৰু ইউৰিক এচিড প্ৰসৱৰ জৰিয়তে অধিক সোনকালে বাহিৰ হয়।

গতিকে এনে ৰোগীয়ে প্ৰচুৰ পৰিমাণে পানী খোৱাটো নিশ্চিত কৰাৰ প্ৰয়োজন। খাদ্যত চেনিৰ পৰিমাণ সীমিত কৰা প্ৰয়োজন। ইউৰিক এচিডৰ পৰিমাণ সুষমভাৱে বজাই ৰাখিবলৈ চেনিৰ ব্যৱহাৰ নিৰীক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ। স্বাস্থ্যসন্মত জীৱনশৈলীৰ বাবে ফ্ৰুক্টজ, কৰ্ণ চিৰাপ, চেনি, আদিৰ পৰিমাণ হয় নাইকিয়া কৰা উচিত অথবা বহু পৰিমাণে হ্ৰাস কৰাটো বাঞ্ছনীয়।

খাদ্যত চেনিৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে খাদ্য তালিকাত অধিক গোটা খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। এনে ব্যক্তিয়ে প্ৰচেছড আৰু পেকেজ কৰা বস্তুসমূহ বৰ্জন কৰিব লাগে। গতিকে এনে ব্যক্তিয়ে চেনিযুক্ত জলপানৰ সলনি সতেজ ফল গ্ৰহণ কৰা উচিত। এনে ৰোগীয়ে আহাৰত ফাইবাৰ যুক্ত খাদ্য বৃদ্ধি কৰিব লাগে। কাৰণ এনে খাদ্যত থকা আঁহে ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।

ই তেজৰ চেনি আৰু ইনচুলিন নিয়ন্ত্ৰণ কৰাটো সহায় কৰে। কফি খালে ইউৰিক এচিডৰ মাত্ৰা দুটা মূল উপায়েৰে হ্ৰাস কৰিব পাৰে। প্ৰথমতে, ই পিউৰিন ভাঙি পেলোৱা এনজাইমৰ সৈতে প্ৰতিযোগিতা কৰে, যাৰ ফলত ইউৰিক এচিডৰ উৎপাদন হ্ৰাস পায়।

দ্বিতীয়তে, ই শৰীৰৰ ইউৰিক এচিডৰ নিষ্কাশন বৃদ্ধি কৰে। নেমুৰ পানী আন এবিধ পানীয়, যিয়ে শৰীৰৰ ক্ষাৰকীয় প্ৰভাৱৰ মাত্ৰ হ্ৰাস কৰে আৰু ই ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। নেমুৰ ৰসত থকা চাইট্ৰিক এচিডে ইউৰিক এচিড নিষ্ক্ৰিয় কৰাত সহায় কৰে, যাৰ ফলত ইয়াৰ নিঃসৰণ বৃদ্ধি পায়।

ইয়াৰ উপৰি নেমুত ভিটামিন চিৰ পৰিমাণ বেছি থাকে বাবে ই বৃক্কৰ ফিল্টাৰ কৰা ব্যৱস্থা অধিক শক্তিশালী কৰি ইউৰিক এচিডৰ নিষ্কাষণত সহায় কৰে। নিয়মিতভাৱে নেমুৰ পানী বিশেষকৈ খালী পেটত সেৱন কৰিলে ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণৰ এক ফলপ্ৰসূ আৰু স্বাভাৱিক উপায় হ’ব পাৰে।

শক্তিশালী প্ৰদাহ নিবাৰণকাৰী গুণৰ বাবে আদাই ইউৰিক এচিডৰ মাত্ৰা ফলপ্ৰসূভাৱে হ্ৰাস কৰাত সহায় কৰে আৰু ই প্ৰদাহ আৰু বিষ কমোৱাটো সহায় কৰে। চেৰী আৰু মিঠা নকৰা চেৰীৰ ৰস সেৱনে গাউট ৰোগীৰ ইউৰিক এচিডৰ মাত্ৰা ফলপ্ৰসূভাৱে হ্ৰাস কৰিব পাৰে। চেৰীত এন্থ’চাইনিন প্ৰচুৰ পৰিমাণে থাকে, যিটো এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী এজেণ্ট।

ইয়াৰ উপৰি ইহঁত আঁহ আৰু ভিটামিন চিৰ উৎকৃষ্ট উৎস। গতিকে চেৰী বা চেৰিৰ ৰসে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস কৰে। বিভিন্ন এলকহলত পিউৰিনৰ পৰিমাণ বেলেগ বেলেগ, বিয়েৰত বিশেষভাৱে বেছি থাকে।

গতিকে এনে ব্যক্তিয়ে মদ্যপান ত্যাগ কৰিব লাগিব। যদিও কিছুমান এলকহলত পিউৰিনৰ মাত্ৰা কম থাকে বুলি কোৱা হয়, তথাপিও কিন্তু এলক’হলে শৰীৰত পিউৰিন উৎপাদন প্ৰক্ৰিয়াক উদ্দীপিত কৰিব পাৰে।

তদুপৰি ই শৰীৰৰ পৰা ইউৰিক এচিড বাহিৰ হোৱাৰ হাৰত প্ৰভাৱ পেলায়, যাৰ ফলত তেজত ইউৰিক এচিডৰ ঘনত্ব অধিক হয়। যোগাসনে ৰক্ত সঞ্চালন বৃদ্ধি কৰি ইউৰিক এচিদ নিয়ন্ত্ৰণত সহায় কৰে।

লেখকঃ ডাঃ ভবেন চৌধুৰী

Atul Bora । নতুন প্ৰজন্মৰ বাবে অগপৰ সকলো দুৱাৰ খিৰিকী খোলা আছে:মন্ত্ৰী অতুল বৰা

Atul Bora । নতুন প্ৰজন্মৰ বাবে অগপৰ সকলো দুৱাৰ খিৰিকী খোলা আছে:মন্ত্ৰী অতুল বৰা
Atul Bora । নতুন প্ৰজন্মৰ বাবে অগপৰ সকলো দুৱাৰ খিৰিকী খোলা আছে:মন্ত্ৰী অতুল বৰা

যোৰহাট ২১নৱেম্বৰ: Atul Bora। যোৰহাট জিলা ছাত্ৰ পৰিষদ আৰু গোলাঘাট জিলা ছাত্র পৰিষদৰ উদ্যোগত যোৰহাটৰ অগপ জিলা কাৰ্যালয় বাকৰিত অসম ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়।ৰাজ্য বিভিন্ন প্ৰান্তত সিচৰিত হৈ থকা সকলো ছাত্র কৰ্মীয়ে উক্ত প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণ কৰে।উক্ত প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি অগপৰ সভাপতি তথা কৃষি পশুপালন মন্ত্ৰী অতুল বৰাই (Atul Bora) কয় যে ….অগপৰ দল প্ৰতি এটা পুৰণি অভিযোগ আছিল নতুনক আকোঁৱালি নলয় বুলি কিন্তু সেই অভিযোগ আজি অগপত নাই ,কাৰণ অগপলৈ নতুন প্ৰজন্ম আগমণ ঘটিছে সেয়েহে নতুন প্ৰজন্ম ,যুৱ প্ৰজন্ম বাবে অগপৰ সকলো দুৱাৰ খিৰিকি খোলা আছে।লগতে তেওঁ কয় যে কম সময়ৰ ভিতৰতে অসম ছাত্র পৰিষদে নিজৰ সাংগঠনিক ভেটি সৃদঢ় কৰি তোলাৰ লগতে বিশ্ব বিদ্যালয় আৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাত নিজৰ আধিপত্য বিস্তাৰ ৰাখিবলৈ সক্ষম হৈছে ।

যোৰহাটৰ অগপ জিলা কাৰ্যালয় বাকৰিত অসম ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

আনহাতে পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত মন্ত্ৰী বৰাই কয় যে পঞ্চায়ত নিৰ্বাচনৰ বাবে অগপ ই ২০২৪ ৰ আৰম্ভণি পৰাই ৰণ কৌশল ৰচনা কৰিছিল ,সমগ্ৰ অসমত ব্যাপক সদস্য ভৰ্তি অভিযান আৰম্ভ কৰা হৈছে,ইয়াত সংখ্যাক লৈ সদস্য অভিযান হোৱা নাই কাৰণ অগপৰ শিপাডাল ৰাজ্য ইমূৰ পৰা সিমূৰলৈ সিচৰিত হৈ আছে।লগতে পঞ্চায়ত নিৰ্বাচনৰ বাবে অগপ ই বিধানসভা পৰ্যায়ত বিভিন্ন কৰ্মশালা আয়োজন কৰি ছে আৰু তৃণমূল কৰ্মীসকলক শক্তিশালী কৰা হৈছে।আনহাতে দলত অগপৰ একাংশ নেতাই বিসম্বাদত লিপ্ত হোৱা সন্দৰ্ভত মন্ত্ৰী বৰাই কয় যে দলত কোনো বিসম্বাদ নাই আৰু অগপৰ নেতা সকলে দলীয় মঞ্চত সকলো কথা কোৱা অধিকাৰ আছে ।

আনহাতে ৰাজ্য পাচটা সমষ্টিত হৈ যোৱা উপ নিৰ্বাচনৰ সন্দভত তেওঁ কয় যে অগপৰ মিত্ৰজোটে পাচটা সমষ্টিতেই জয় লাভ কৰিব ।আজি ষষ্ঠ বাৰ্ষিক অসম ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসত অগপৰ জেষ্ঠ নেতা ভৱেন্দ্ৰ নাথ ভৰালী, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য সহিতে অগপৰ বিভিন্ন নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।।

UKRAIN: ইউক্ৰেইনত প্ৰথমটো আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল নিক্ষেপ ৰাছিয়াৰ

UKRAIN: ইউক্ৰেইনত প্ৰথমটো আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল নিক্ষেপ ৰাছিয়াৰ বৃহস্পতিবাৰে ৰাছিয়াই প্ৰথমবাৰৰ বাবে ইউক্ৰেইনত আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল নিক্ষেপ কৰে। ইউক্ৰেইনৰ বায়ুসেনাই এক বিবৃতিত কয় যে ৰাছিয়াই পুৱা ড্নিপ্ৰ’ চহৰৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি লক্ষ্য কৰি বিভিন্ন ধৰণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। বিশেষকৈ ৰাছিয়ান ফেডাৰেচনৰ আষ্ট্ৰাখান অঞ্চলৰ পৰা আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল নিক্ষেপ কৰে। এক সামৰিক সূত্ৰই নিশ্চিত কৰিছে যে ক্ৰেমলিন আক্ৰমণ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে এনে অস্ত্ৰ ব্যৱহাৰ কৰা হৈছে। সূত্ৰটোৱে লগতে কয় যে গতানুগতিক আৰু পাৰমাণৱিক দুয়োটা ৱাৰহেড কঢ়িয়াই নিব পৰা এই মিছাইলটোৱে পাৰমাণৱিক ৱাৰহেড কঢ়িয়াই নিব পৰা নাছিল বুলি “স্পষ্ট” হৈছে। অৱশ্যে মস্কোৱে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে নেকি বুলি সোধাত ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিট্ৰি পেস্কোভে কয় যে তেওঁৰ এই বিষয়ে একো ক’বলগীয়া নাই। ইফালে এয়াৰ ডিফেন্স ইউনিটে ছটা মিছাইল নিক্ষেপ কৰে বুলি বায়ুসেনাই জানিবলৈ দিয়ে। ড্নিপ্ৰ’ চহৰ অৱস্থিত বৃহত্তৰ অঞ্চলটোৰ মুৰব্বী চেৰহি লিছাকে কয় যে ৰাছিয়াৰ বিমান আক্ৰমণত এটা পুনৰ্বাসন কেন্দ্ৰ, কেইবাটাও ঘৰ আৰু এটা ঔদ্যোগিক উদ্যোগৰ ক্ষতিসাধন হৈছে। ইয়াৰ উপৰিও দুজন লোক আহত হয়। ঘটনাস্থলীত এজন ৫৭ বছৰীয়া যুৱকক চিকিৎসাৰ লগতে ৪২ বছৰীয়া এগৰাকী মহিলাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। শেহতীয়াকৈ আমেৰিকাই ইউক্ৰেইনক ৰাছিয়াৰ সামৰিক লক্ষ্যৰ বিৰুদ্ধে আমেৰিকাৰ এ টি এ চি এম এছ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ পিছত ৰাছিয়া আৰু ইউক্ৰেইন মাৰাত্মক দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰত অধিক সক্ৰিয় হৈ পৰিছে। আনহাতে, বুধবাৰে ব্ৰিটিছ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি কিয়েভে লণ্ডনৰ পৰা অনুমতি লাভ কৰি ৰাছিয়াৰ লক্ষ্যত ব্ৰিটেইনৰ যোগান ধৰা ষ্টৰ্ম শ্বেড’ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। মস্কোৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষাই দুটা ষ্টৰ্ম শ্বেড’ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। কিন্তু তেওঁলোকে ৰাছিয়াৰ ভূখণ্ডত অৱতৰণ কৰিছিল নে ইউক্ৰেইন দখল কৰিছিল সেই কথা স্পষ্ট কৰা হোৱা নাই।
ukrain

বৃহস্পতিবাৰে ৰাছিয়াই প্ৰথমবাৰৰ বাবে ইউক্ৰেইনত আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল নিক্ষেপ কৰে।

ইউক্ৰেইনৰ বায়ুসেনাই এক বিবৃতিত কয় যে ৰাছিয়াই পুৱা ড্নিপ্ৰ’ চহৰৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি লক্ষ্য কৰি বিভিন্ন ধৰণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। বিশেষকৈ ৰাছিয়ান ফেডাৰেচনৰ আষ্ট্ৰাখান অঞ্চলৰ পৰা আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল নিক্ষেপ কৰে। এক সামৰিক সূত্ৰই নিশ্চিত কৰিছে যে ক্ৰেমলিন আক্ৰমণ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে এনে অস্ত্ৰ ব্যৱহাৰ কৰা হৈছে।

সূত্ৰটোৱে লগতে কয় যে গতানুগতিক আৰু পাৰমাণৱিক দুয়োটা ৱাৰহেড কঢ়িয়াই নিব পৰা এই মিছাইলটোৱে পাৰমাণৱিক ৱাৰহেড কঢ়িয়াই নিব পৰা নাছিল বুলি “স্পষ্ট” হৈছে। অৱশ্যে মস্কোৱে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে নেকি বুলি সোধাত ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিট্ৰি পেস্কোভে কয় যে তেওঁৰ এই বিষয়ে একো ক’বলগীয়া নাই।

ইফালে এয়াৰ ডিফেন্স ইউনিটে ছটা মিছাইল নিক্ষেপ কৰে বুলি বায়ুসেনাই জানিবলৈ দিয়ে।

ড্নিপ্ৰ’ চহৰ অৱস্থিত বৃহত্তৰ অঞ্চলটোৰ মুৰব্বী চেৰহি লিছাকে কয় যে ৰাছিয়াৰ বিমান আক্ৰমণত এটা পুনৰ্বাসন কেন্দ্ৰ, কেইবাটাও ঘৰ আৰু এটা ঔদ্যোগিক উদ্যোগৰ ক্ষতিসাধন হৈছে। ইয়াৰ উপৰিও দুজন লোক আহত হয়। ঘটনাস্থলীত এজন ৫৭ বছৰীয়া যুৱকক চিকিৎসাৰ লগতে ৪২ বছৰীয়া এগৰাকী মহিলাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

শেহতীয়াকৈ আমেৰিকাই ইউক্ৰেইনক ৰাছিয়াৰ সামৰিক লক্ষ্যৰ বিৰুদ্ধে আমেৰিকাৰ এ টি এ চি এম এছ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ পিছত ৰাছিয়া আৰু ইউক্ৰেইন মাৰাত্মক দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰত অধিক সক্ৰিয় হৈ পৰিছে।

আনহাতে, বুধবাৰে ব্ৰিটিছ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি কিয়েভে লণ্ডনৰ পৰা অনুমতি লাভ কৰি ৰাছিয়াৰ লক্ষ্যত ব্ৰিটেইনৰ যোগান ধৰা ষ্টৰ্ম শ্বেড’ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। মস্কোৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষাই দুটা ষ্টৰ্ম শ্বেড’ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। কিন্তু তেওঁলোকে ৰাছিয়াৰ ভূখণ্ডত অৱতৰণ কৰিছিল নে ইউক্ৰেইন দখল কৰিছিল সেই কথা স্পষ্ট কৰা হোৱা নাই।