Home Blog Page 502

Horoscope Today: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Horoscope Today: Astrological prediction for October 15, 2024
Horoscope Today: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: মা লক্ষ্মীৰ আশীৰ্বাদ লাভৰ লগতে আৰ্থিক লাভৰো সময় ৷ সামাজিকভাৱে খ্যাতি- মৰ্যদা বৃদ্ধিৰ সুযোগ ৷ব্যৱসায়ৰো হ’ব বিস্তাৰ ৷ জীৱনৰ নতুন অধ্যায়ৰ বাবে অপেক্ষা কৰাসকলে শীঘ্ৰেই বিবাহ বান্ধোনত বান্ধ খাব পাৰে ৷ দিনটোৰ পাছবেলা কিছু স্বাস্থ্যজনিত সমস্যা আহিব পাৰে ৷আজি সন্ধিয়াৰ সময়চোৱাত পৰিয়ালৰ লগত যিকোনো আলোচনাত নবহাটোৱেই মংগল(Horoscope Today) ।

বৃষ ৰাশি: ব্যৱসায়ীসকলৰ বাবে এটা সুন্দৰ দিন ৷কৰ্মস্থলীত প্ৰশংসাৰ পাত্ৰ হোৱাৰ থল আছে ৷তাৰোপৰি নাম, যশ আৰু সামাজিক মান্যতা লাভ কৰিব ৷ আৰ্থিক লাভালাভ হোৱাৰ সম্ভাৱনা আছে ৷ সংগীৰ লগত এক আনন্দময় সময় পাৰ হ’ব ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে একদম সঠিক সময় ৷সন্ধিয়াটি এটি সুন্দৰ স্থানত কটাওক ৷

মিথুন ৰাশি: কৰ্মস্থলীত মালিকপক্ষ বা জ্যেষ্ঠসকলৰ লগত সম্পৰ্ক বেয়া নকৰিব ৷অলপ এৰা ধৰা কৰিবলৈ চেষ্টা কৰিলে নিজৰ লগতে আনৰ বাবেও এটি সুন্দৰ পৰিবেশৰ সৃষ্টি হ’ব ৷ বিলাসিতাত ব্যয় হোৱাৰ সম্ভাৱনা ৷ এটা সুন্দৰ মনৰ স্থিতিয়ে ঘৰৰ পৰিবেশ স্থিৰআৰু শান্তিপ্ৰিয় কৰি ৰাখিব ৷অপ্ৰত্যাশিত ধন লাভৰ সুযোগ আছে ৷

কৰ্কট ৰাশি: আজিৰ দিনটোত অলপ সাৱধানতা অৱলম্বন কৰক ৷ অবৈধ আৰু অনৈতিক কামৰ পৰা আঁতৰত থাকক ৷যিকোনো শব্দ ব্যৱহাৰ কৰাৰ পূৰ্বে অলপ ভাবি চাব । অজানিতে আনক আঘাত হানিব পাৰে ৷ কৰ্মস্থলীত সহকৰ্মীৰ ব্যৱহাৰৰ বাবে হতাশা আহিব ৷ প্ৰতিদ্বন্দীৰ লগত বিবাদ বৃদ্ধি হ’ব পাৰে । কৰ্মস্থলীত বিবাদৰ পৰা আঁতৰত থাকক ৷ যিকোনো কিতাপ, আলোচনী আদি পঢ়ি সময় পাৰ কৰাৰ লগতে নিজৰ মনটোক শান্ত কৰি ৰাখক ৷

সিংহ ৰাশি: এই ৰাশিৰ লোকসকলে আজি এক সুস্থিৰ শাৰীৰিক আৰু মানসিক স্থিতিত থাকিব ৷ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত সামাজিক আৰু মিলাপ্ৰীতিৰ পৰিকল্পনাৰ বাবে এটা ভাল দিন । তাৰোপৰি তেওঁলোকৰ লগত ফুৰিবলৈ যোৱাৰো সুযোগ আছে ৷ ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীক অংশীদাৰৰ লগত এটা ভাল চুক্তি হোৱাৰো সম্ভাৱনা ৷ দিনটোৰ বিয়লিৰ ভাগত অপ্ৰত্যাশিত খৰচৰ বাবে কিছু আৰ্থিক সমস্যা আহিব পাৰে ৷ শান্তি লাভ কৰিবৰ বাবে যিকোনো ধৰ্মীয় স্থানলৈ গৈ ঈশ্বৰৰৰ নাম লওক । যোগাসন কৰিব ।

কন্যা ৰাশি: এই ৰাশিৰ লোকসকলে আজি অধিক আবেগিক আৰু সংবেদনশীল হৈ থাকিব ৷ যাৰ ফলত কৰ্মস্থলীত মন দি কাম কৰিব পাৰিব ৷ ভাল মনোভাৱ আৰু সফলতাৰ বাবে প্ৰশংসিত হ’ব ৷ পৰিয়ালৰ লগত সমীপৱৰ্তী কোনো স্থানলৈ ফুৰিবলৈ যাওক ৷

তুলা ৰাশি: এই ৰাশিৰ লোকসকলে আজি নিজৰ সৃষ্টিশীল দক্ষতাক সফলতাৰে ব্যৱহাৰ কৰিব পাৰিব ৷ অৱশ্যে চিন্তাৰ পাকচক্ৰই কিছু সমস্যা আৰু চাপত পেলাব পাৰে ৷ যদি পাৰে, আজি অলপ পলমকৈ কাৰ্যালয়লৈ যাওক ৷কৰ্মস্থলীত সফলতাৰে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব, যাৰ বাবে আপোনাক স্বীকৃতি প্ৰদান কৰিব পাৰে ৷অৱশ্যে আজি অপ্ৰত্যাশিত ব্যয় হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: এই ৰাশিৰ লোকসকলে আজি ব্যক্তিগত তথা শিক্ষাগত দিশত লাভান্বিত হ’ব ৷ শিক্ষাৰ্থীসকলে অধ্যয়নত বিচৰা ধৰণে ফল লাভ কৰিব ৷ সফল সম্পৰ্কৰ চাবিকাঠি বুজাপৰা আৰু সমন্বয়- এই মনোভাৱ লৈ নিজে্ বহু সমস্যাৰ সমাধান কৰিব পাৰিব ৷ কোনো নতুন কাম আৰম্ভ কৰাটো আপোনাৰ বাবে পক্ষপাতিত্বমূলক নহবও পাৰে ৷ সাজপাৰ আৰু গহণা আদি ক্ৰয় কৰি আপুনি মানসিক শান্তি পালেও লক্ষ্য ৰাখিব যাতে অত্যধিক ব্যয় নহয় একেলেথাৰিয়ে চিন্তা কৰি থকাৰ পৰা মনটোক আঁতৰত ৰাখক ৷

ধনু ৰাশি: এই ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো এটা সাধাৰণ দিন ৷ সু স্বাস্থ্যই আপোনাক উত্‍সাহিত আৰু আনন্দিত কৰি ৰাখিব ৷ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত ওচৰতে হোৱাকৈ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ প্ৰিয়জনৰ লগত সময় কটাবৰ বাবে সোণালী সুযোগ পাব পাৰে ৷ দিনটোৰ পিছৰফালে ঘৰৰ আচবাব আৰু গৃহসজ্জাৰ সামগ্ৰী ক্ৰয় কৰাৰ সম্ভাৱনা আছে ৷ সম্পত্তি সম্বন্ধীয় যিকোনো আইনী নথি-পত্ৰত স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত সাৱধান হ’ব ৷

মকৰ ৰাশি: এই ৰাশিৰ লোকসকলে আজি কোনো অবাঞ্চিত পৰিস্থিতিত নপৰিবৰ বাবে মনে মনে থকাই উচিত ৷ মানসিক শান্তি লাভৰ বাবে নিজৰ ধনৰ এটা অংশ ধৰ্মীয় কৰ্ম, ৰীতি নীতিত খৰচ কৰিব পাৰে ৷ দিনটোৰ পিছৰ ফালে নিজকে অধিক আনন্দিত অনুভৱ কৰিব ৷ এই সময়চোৱা পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত থাকি উপভোগ কৰক ৷

কুম্ভ ৰাশি: এই ৰাশিৰ লোকসকলে আজি নেতিবাচক চিন্তা এৰাই ইতিবাচক চিন্তাৰে মানসিক ভাৰসাম্যক ধৰি ৰাখক ৷ ই আপোনাক শক্তিশালী আৰু উত্‍সাহী কৰি ৰাখিব ৷ সন্ধিয়ালৈ কোনো ধৰ্মীয় অনুষ্ঠানত ভাগ লব পাৰে ৷ শিক্ষাৰ্থীসকলৰ বাবেও আজিৰ দিনটো এটা ভাল দিন ৷ অপ্ৰত্যাশিত ধন লাভৰ সম্ভাৱনা আছে ৷ সন্ধিয়াটো পৰিয়ালৰ সদস্যসকলৰ লগত থাকি কটাওক ।

মীন ৰাশি: এই ৰাশিৰ লোকসকলে আজি নিজৰ শক্তিসমূহক একত্ৰিত কৰিব চেষ্টা কৰক আৰু এক ইতিবাচক চিন্তাৰ দিশে আগুৱাই যাওক ৷ ধ্যান আৰু যোগাসন অব্যাহত ৰাখৰ । পৰিয়ালৰ লোক আৰু প্ৰিয়জনৰ লগত বিবাদ হ’ব পাৰে ৷ যিকোনো লোকক কথা কওতে নিজক নিয়ন্ত্ৰণত ৰাখক ৷ বিয়লিৰ ফাললৈ চিন্তা আৰু কথা কওঁতে নিজৰে এটা ইতিবাচক পৰিৱৰ্তন দেখা পাব যাৰ বাবে নিজেই আনন্দিত হোৱাৰ লগতে আৰু মানসিক সন্তুষ্টি লাভ কৰিব ৷আজি বন্ধুবৰ্গ আৰু প্ৰিয়্জনক লগ কৰিব পাৰে ৷নিজৰ ঘৰখনত এটি আনন্দৰ পৰিবেশ থাকিব ৷ অৱশ্যে খৰচ সীমিত কৰক ৷

Srimanta Sankardev’s Borgeet: সিংহলী ভাষাত পৰিৱেশন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত

Historic Presentation of Srimanta Sankardev's Borgeet in Sinhala Language by Ankuron Dutta
Srimanta Sankardev's Borgeet: সিংহলী ভাষাত পৰিৱেশন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত

গুৱাহাটী, ১৫ অক্টোবৰ: অসমৰ বাবে এক ঐতিহাসিক পদক্ষেপ ৷ পোনপ্ৰথমবাৰৰ বাবে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত(Srimanta Sankardev’s Borgeet)ক আন্তঃৰাষ্ট্ৰীয় ভাষাত অনুবাদ কৰাৰ লগতে পৰিৱেশনৰো দিহা কৰা হয় । কলম্বোস্থিত ভাৰতীয় উচ্চায়োগ(Indian High Commission in Colombo)ৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ(Swami Vivekananda Cultural Centre) উদ্যোগত পোন প্ৰথমবাৰৰ বাবে শ্ৰীলংকাত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছিল । শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অংকুৰণ দত্তৰ একক প্ৰচেষ্টাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ‘নাৰায়ণ কাহে ভকতি কৰো তেৰা’ বৰগীতটিক সিংহলী ভাষালৈ অনুবাদ কৰি ইয়াক পৰিৱেশন কৰা হয়(Assamese devotional songs) ।

শংকৰ উৎসৱৰ এই অনুষ্ঠানটিত শ্ৰীলংকাৰ পুৰাতত্ত্ব বিভাগৰ প্ৰাক্তন সঞ্চালক প্ৰধান অধ্যাপক অনুৰা মানটুংগা, শ্ৰীলংকা আই অ’ চিৰ পৰিচালন সঞ্চালক দীপক দাস, ছাৰ্ক সাংস্কৃতিক কেন্দ্ৰৰ উপ-সঞ্চালক ডঃ বীনা গান্ধী দেউৰীয়ে ভাৰতৰ কলা আৰু নান্দনিক দিশত শংকৰদেৱ আৰু মাধৱদেৱ – এই দুই গুৰুজনাৰ অৱদানৰ বিষয়ে বক্তব্য আগবঢ়ায়(Assamese spiritual legacy) ।

আনহাতে অংকুৰণ দত্তই বৰগীতটিক সিংহলী ভাষালৈ অনুবাদ কৰি ইয়াক পৰিৱেশন কৰাৰ কথা জনাবলৈ পাই অত্যন্ত আনন্দিত হোৱা বুলি উল্লেখ কৰি কলে, “মই যিমান দূৰ জানো ইংৰাজী আৰু হিন্দীৰ বাহিৰে আন কোনো ভাষালৈ বৰগীত অনুবাদ হোৱা নাই বা আন বিদেশী ভাষালৈও বৰগীত এতিয়ালৈকে অনুবাদ কৰা হোৱা নাই বা তাক পৰিৱেশনো কৰা হোৱা নাই(Assamese culture) ৷”

এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংকুৰণ দত্তৰ এই পদক্ষেপৰ শলাগ লৈ শ্ৰীমন্ত শংকৰদেৱক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিবলৈ অংকুৰণ দত্তই যি প্ৰয়াস চলাইছে, সেইয়া অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুজনাৰ সৃষ্টিৰাজিক এনেদৰে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰয়াসৰ বাবে কলম্বোস্থিত ভাৰতীয় উচ্চ আয়োগৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অংকুৰণ দত্তক জনালে শুভেচ্ছা । মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ এক্স হেণ্ডেলযোগে এই সন্দৰ্ভত আনন্দ প্ৰকাশ কৰি কয়, “গুৰুজনাৰ সৃষ্টিৰাজিক অন্য দেশলৈ লৈ যোৱাৰ প্ৰচেষ্টা দেখি মই বহুত সুখী । ন্যায় বিচাৰ আৰু ন্যায়সংগত এখন সমাজ প্ৰতিষ্ঠাৰ বাবে বিশ্বব্যাপী গুৰুজনাৰ দৰ্শনৰ অপৰিসীম প্ৰাসংগিকতা আছে ।”

শ্ৰীলংকাস্থিত ভাৰতৰ উপ-উচ্চায়ুক্ত ডঃ সত্যঞ্জল পাণ্ডেয়ে সিংহলী ভাষাত পৰিবেশিত বৰগীতৰ চিডিখন আনুষ্ঠানিকভাৱে মুকলি কৰে । কেলানিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক উপুল ৰঞ্জিত হেৱাৱিটানগমগেয়ে সিংহলী ভাষালৈ অনুবাদ কৰা বৰগীতটি অংকুৰণ দত্তৰ পৰিচালনাত বাণীবদ্ধ কৰা হৈছে । তাৰোপৰি চিডিখনত অংকুৰণ দত্তই বৰগীতটি মূল ভাষাতো পৰিবেশন কৰিছে ।

ইয়াৰে সিংহলী সংস্কৰণটো কলম্বোৰ সৌন্দৰ্য বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা অসীথ আটাপাট্টুৱে পৰিবেশন কৰিছে । ইয়াৰ সংগীত ব্যৱস্থাপনা আৰু বাণীবদ্ধ মিলিণ্ডা টেনাকুন আৰু ডেভিন ডি আলৱিছৰ । এয়া হয়তো প্ৰথমবাৰৰ বাবে কোনো বিদেশী ভাষাত বৰগীত মূল আৰু অনুবাদিত সংস্কৰণত একেলগে বাণীবদ্ধ কৰা এক ঐতিহাসিক প্ৰয়াস ।

Haryana CM: শক্তিপীঠ কামাখ্যা মন্দিৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পূজা – অৰ্চনা

Haryana CM: শক্তিপীঠ কামাখ্যা মন্দিৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পূজা - অৰ্চনা
Haryana CM: শক্তিপীঠ কামাখ্যা মন্দিৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পূজা - অৰ্চনা

গুৱাহাটী , ১৪ অক্টোবৰ : Haryana CM। সদ্য সমাপ্ত হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত দুদিনীয়া ব্যক্তিগত ভ্ৰমণসুচীৰে কালি বিয়লি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনি । তেওঁৰ লগত আহিছিল সহধৰ্মিনী আৰু পৰিয়ালৰ দুজনমান সদস্য , বিজেপিৰ হাৰিয়ানাৰ দায়িত্ববাহী তথা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ নিবাসী ফণীন্দ্ৰ নাথ শৰ্মা , বিজেপিৰ হাৰিয়ানা প্ৰদেশৰ সভাপতি মোহন লাল কৌশিক ।

নিশাটো হোটেল তাজ ভিভান্তত কটোৱাৰ পাছত পুৱা প্ৰায় ৮.৩০ মান বজাত শক্তিপীঠ কামাখ্যা মন্দিৰত সহধৰ্মিনী আৰু পৰিয়ালৰ আন সদস্যৰে সৈতে উপস্থিত হয় হাৰিয়ানাৰ মুখ্যমন্ত্ৰী গৰাকী । তেঁওৰ লগত আহে ফণীন্দ্ৰ নাথ শৰ্মা, অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘলকে ধৰি বিজেপিৰ কেবাজনো দলীয় নেতা । আনহাতে কামাখ্যা মন্দিৰত প্ৰায় আধাঘণ্টা ধৰি পূজা – অৰ্চনা কৰে মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ সদস্যসকলে। পূজা – অৰ্চনা কৰাৰ পাছত কামাখ্যা দলৈ সমাজৰ কাৰ্যালয়ত বৰদলৈ কৱীন্দ্ৰ প্ৰসাদ শৰ্মা আৰু সৰুদলৈ হিমাদ্ৰী শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীক কামাখ্যা মন্দিৰৰ পৰম্পৰাৰে আদৰণি জনোৱা হয়। আনহাতে মন্দিৰত উপস্থিত সাংবাদিকক হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনিয়ে কয় – হাৰিয়ানাৰ ৰাইজৰ সৰ্বাংগীন উন্নয়ন , মঙ্গলৰ বাবে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছো । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন গতিশীল আৰু অনুভবী নেতা ।

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে উন্নয়নৰ দিশত দোপত দোপে আগবাঢ়িছে । ইফালে কামাখ্যা মন্দিৰৰ পৰা হাৰিয়ানাৰ মূখ্যমন্ত্ৰী গৰাকী পোনে পোনে ৰাওনা হয় বশিষ্ঠত থকা প্ৰদেশ বিজেপিৰ মূখ্য কাৰ্যালয়লৈ। তাত দলীয় কাৰ্যসূচীত ভাগ লৈ মুখ্যমন্ত্ৰী গৰাকী দুপৰীয়া আহে আজাৰা থানাৰ অন্তৰ্গত খানামুখত থকা ফণীন্দ্ৰ নাথ শৰ্মাৰ নিজ বাসগৃহত। মুখ্যমন্ত্ৰী গৰাকীক তাত সংগ দিয়ে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘল , বিজেপিৰ জ্যেষ্ঠ নেতা বিজয় কুমাৰ গুপ্তা , গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাসকে ধৰি কেবাজনো জ্যেষ্ঠ নেতাই ।

তাত তেওঁলোকে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। আনকি বিজেপিৰ খানামুখ বুথ কমিটিৰ সভাপতি ধীৰাজ কলিতা ( দুলু) , অনিল কলিতাকে ধৰি দলৰ তৃণমূল পৰ্য্যায়ৰ কেবাজনো নেতাই গামোচাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী আৰু প্ৰদেশ বিজেপিৰ সভাপতি গৰাকীক আদৰণি জনায়। ইফালে ফণীন্দ্ৰ নাথ শৰ্মাৰ পৰিয়ালৰ লোকে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীসহ তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলক সম্পুৰ্ণ অসমীয়া পৰম্পৰাৰে আপ্যায়ন কৰে । জানিব পৰা মতে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী আৰু তেঁওৰ সহধৰ্মিনীয়ে অসমীয়া পৰম্পৰাগত খাদ্যৰ ভূয়সী প্ৰশংসা কৰে।

বিশেষকৈ কম তেল, কম মচলা ব্যৱহাৰ কৰি প্ৰস্তুত কৰা খাদ্য স্বাস্থ্যসন্মত আৰু বিশ্বমানৰ বুলি ফণীন্দ্ৰ নাথ শৰ্মাৰ পৰিয়ালৰ লোক সকলক হাৰিয়ানাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উচ্চ প্ৰসংশা কৰে । আনহাতে ফণীন্দ্ৰ নাথ শৰ্মাৰ ঘৰত আহাৰ গ্ৰহণ কৰাৰ পাছত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত হাৰিয়ানাৰ মূখ্যমন্ত্ৰী গৰাকীয়ে কয় নিৰ্বাচনৰ পূৰ্বে যোৱা ৩ আগষ্টত মা কামাখ্যাৰ আশীৰ্বাদ লবলৈ গুৱাহাটীলৈ আহিছিলো। আৰু আজি বিজয়ী হৈ চৰকাৰ গঠন কৰাৰ প্ৰাকক্ষণত পুনৰ মা কামাখ্যাৰ আশীৰ্বাদ লবলৈ আহিছো। হাৰিয়ানাত একেৰাহে তৃতীয় বাৰৰ বাবে বিজেপিৰ নেতৃত্বত ৰাইজৰ আশীৰ্বাদত চৰকাৰ গঠন হব। এন ডি এৰ অংশীদাৰী দল সমূহৰ নেতৃবৃন্দৰ উপস্থিতিত অহা ১৭ অক্টোবৰত দ্বিতীয় বাৰৰ বাবে মই হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিম। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ নেতা ফণীন্দ্ৰ নাথ শৰ্মাই সদ্য সমাপ্ত হাৰিয়ানা বিধানসভা নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

ডঃ হিমন্ত বিশ্ব শৰ্মা দেউতা বিজেপিৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা। ডঃ শৰ্মাই হাৰিয়ানাত পাচঁটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত আছিল। তাৰ ভিতৰত তিনিটাত বিপুল ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ বিপৰীতে দুটা সমষ্টিত মাত্ৰ ৩২ টাৰ পৰা ৯০ টা ভোটৰ ব্যৱধানত দলৰ দুগৰাকী প্ৰাৰ্থী পৰাজিত হৈছে । তেনেদৰে ফণীন্দ্ৰ নাথ শৰ্মা দলৰ এগৰাকী সাংগঠনিক দিশত দক্ষতা থকা নেতা। তেঁওৰ মাৰ্গদৰ্শনত আমাৰ দলে হাৰিয়ানাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। হাৰিয়ানাৰ নিৰ্বাচনত বিজেপিৰ ভাল ফলাফলত শৰ্মাৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ।

ইফালে নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত ই ভি এম মেচিনক দোষাৰোপ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় নিৰ্বাচনত পৰাজিত হলে ই ভি এম মেচিনক দোষ দিয়াটো কংগ্ৰেছ দলৰ এটা পুৰণি অভ্যাস । তেনে হোৱা হলে বিজেপিৰ আঠ – দহজনমান প্ৰাৰ্থী মাত্ৰ ৩০ ৰ পৰা ৫০০ মান ভোটৰ ব্যৱধানত পৰাজিত হব নালাগিলেহেতেন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কুশল নেতৃত্বত দেশ আজি বিকাশৰ দিশলৈ আগুৱাই গৈছে। অসমৰ দৰে হাৰিয়ানাতো ডাবল ইঞ্জিনৰ চৰকাৰ গঠন হৈছে বুলি মূখ্যমন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰে।

আনহাতে সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত ফণীন্দ্ৰ নাথ শৰ্মাই কয় তেঁও দলৰ সাংগঠনিক দিশত নিজকে সমৰ্পিত কৰিছে। দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই তেঁওক হাৰিয়ানাৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে দায়িত্ব দিছে। তেঁও তাক সাধ্যানুসৰি পালন কৰিবলৈ চেষ্টা চলাই যাব। ইফালে প্ৰায় ডেৰ ঘণ্টা খানামুখত কটোৱাৰ পাছত বিয়লি ডেৰ বজাত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী গৰাকী বৰঝাৰ বিমানবন্দৰ অভিমুখে ফণীন্দ্ৰ নাথ শৰ্মাৰ সৈতে ৰাওনা হয । অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিমান বন্দৰৰত মুখ্যমন্ত্ৰী গৰাকীক আগবঢ়াই দিয়ে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘলে। উল্লেখ্য যে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী গৰাকীৰ আগমণ উপলক্ষে অসম চৰকাৰে ফণীন্দ্ৰ নাথ শৰ্মাৰ ঘৰলৈ অহা – যোৱা কৰা পথৰ উপৰি সমগ্ৰ যাত্ৰাপথত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল।।

Anup Chetia । ৰাজনৈতিক দলত যোগদান নকৰে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই

Anup Chetia । ৰাজনৈতিক দলত যোগদান নকৰে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই
Anup Chetia । ৰাজনৈতিক দলত যোগদান নকৰে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিব্ৰুগড়,১৪,অক্টোবৰ: উজনিৰ ডিব্ৰুগড় জিলাৰ চাবুৱাত অনুষ্ঠিত হৈছে অসম গণ পৰিষদৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । ১৯৮৫ চনৰ ১৪ অক্টোবৰ তাৰিখে জন্মলাভ কৰা দলটোৰ এইবাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস চাবুৱাৰ জেৰাই গাঁৱত অনুষ্ঠিত কৰি দলটোৱে ৰাজ্যত আঞ্চলিক শক্তি শক্তিশালী কৰিবলৈ সংকল্প গ্ৰহণ কৰে । আজি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰিলে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তসহ ৪০ নেতাই । অসম গণ পৰিষদৰ ৪০ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ দিনটোত দলটোৰ বাবে নিজৰ জীৱন ত্যাগ কৰা প্ৰতিজন শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । (Anup Chetia)

ৰাজ্যত আঞ্চলিকতাবাদ শক্তিশালী কৰিবলৈ সংকল্প ল’বলৈ সকলোকে আহ্বান জনাই অগপৰ নেতৃত্বই। ইয়াৰ পাছতে শ্বহীদ তৰ্পণ, সতীৰ্থ সোঁৱৰণ, সাংস্কৃতিক এনাজৰী কাৰ্যসূচী অনুষ্ঠিত হোৱা পাছতেই অনুষ্ঠিত হ’ল মুকলি সভা। চাবুৱাবাসী ৰাইজৰ সহযোগত আৰু জেৰাই গাঁওবাসী ৰাইজৰ আতিথ্যত অনুষ্ঠিত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অগপৰ সভাপতি অতুল বৰা, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাংসদ ফনীভূষণ চৌধুৰী, লগতে দলটোৰ সকলো বিধায়ক, জিলা সমিতিৰ সভাপতি সম্পাদক সকলৰ লগতে দলটোৰ ভাতৃ সংগঠন সমূহৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।


উল্লেখযোগ্য যে, অসম গণ পৰিষদৰ ৪০ সংখ্যক কেন্দ্রীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত উপস্থিত থাকে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া। বিগত কেইবা দিনৰ পৰা চৰ্চা চলিছিল আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই আজিৰ দিনটোতে অসম গণ পৰিষদত যোগদান কৰিব । কিন্তু অসম গণ পৰিষদক মুকলি সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিয়ো দলীয় গামোচা নিপিন্ধিলে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই। আজি আলফা নেতা গৰাকী অগপত যোগদানৰ সৰৱ চৰ্চা চলি থকা সময়তে এই কথা পোনচাটেই নসাৎ কৰে।

বৰ্তমান পৰিস্থিতিত তেওঁ পক্ষে কোনো ৰাজনৈতিক দলত যোগদান কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰে। তেওঁ অসমত নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক অগপৰ সৈতে একত্ৰিত হৈ কাম কৰি যোৱাৰ আহ্বান জনায়। কাৰণ বৰ্তমান সময়ত আন আঞ্চলিক দলসমূহে সাংগঠনিক ভেঁটি শক্তিশালী কৰাটো সহজ নহয়। তেওঁ অগপৰ আমোলৰ গুপ্ত হত্যাৰ বাবেই ৰাইজৰ আস্থা হেৰুৱাইছিল যদিও বৰ্তমানৰ অগপৰ নেতৃত্বই সেই পৰিস্থিতি হ’বলৈ নিদিয়ে । লগতে অগপক শক্তিশালী জাতীয়তাবাদী আঞ্চলিকতাবাদী দল বুলি মন্তব্য কৰে অনুপ চেতিয়াই।

Durga Puja 2024: শাৰদীয় দুৰ্গোৎসৱৰ মাজত শোণিতপুৰত সংঘটিত হৈছে ৬৬টা পথ দুৰ্ঘটনা

Durga Puja 2024: শাৰদীয় দুৰ্গোৎসৱৰ মাজত শোণিতপুৰত সংঘটিত হৈছে ৬৬টা পথ দুৰ্ঘটনা
Durga Puja 2024: শাৰদীয় দুৰ্গোৎসৱৰ মাজত শোণিতপুৰত সংঘটিত হৈছে ৬৬টা পথ দুৰ্ঘটনা

তেজপুৰ,১৪অক্টোবৰ:শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ মাজতে এইবেলি শোণিতপুৰত একাংশ উদণ্ড অতপালিত সংঘটিত হোৱা কেবাটাও পথ দুৰ্ঘটনাত একাধিক লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে ৬০ৰ অধিক লোক৷ উল্লেখ্য যে,কালি তেজপুৰৰ পৰ্বতীয়াৰ কৌশিকপুৰত এদল উদণ্ড মটৰচাইকেল চালকৰ অতপালিৰ ফলত পূজাৰ বিসৰ্জন দৰ্শনৰে সপত্নীক ঘৰলৈ উভতি অহা দীপৰঞ্জন বৰা নামৰ লোকজনক মহতিয়াই নিয়ে এদল উদণ্ড মটৰচাইকেল চালকে ৷ (Durga puja 2024)

ঘটনাৰ বিৱৰণী অনুসৰি,পৰিয়াল সহ বিসৰ্জনৰ পৰা কৌশিকপুৰৰ নিজা ঘৰলৈ উভতি অহা দীপৰঞ্জন বৰা নিজা ঘৰৰ চৌহদত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে নিজৰ মাজতে মটৰচাইকেল ৰেচিং প্ৰতিযোগিতাত নমা এদল উদণ্ড মটৰচাইকেল চালকৰ অতপালিৰ বাবেই নিজা ঘৰৰ সন্মুখতে বিবাহিত যুৱকজনক মহতিয়াই নিয়ে৷গুৰুতৰ ভাবে আহত দীপৰঞ্জনক ততাতৈয়াকৈ তেজপুৰৰ নেমকেয়াৰ হাস্পতাললৈ নিয়া হয় যদিও তেওঁক সংকটজনক অৱস্থাত গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়৷প্ৰনিধানযোগ্য যে,বৰ্তমান দীপৰঞ্জন সংকটজনক অৱস্থাত গুৱাহাটীত চিকিৎসাধীন হৈ আছে ৷

এই ঘটনাকলৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ যুৱকজন এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বিপৰীতে উদণ্ড মটৰচাইকেল চালকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ৰাইজে এইদৰে অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে নিৰীহৰ জীৱনলৈ বিপৰ্যয় কঢ়িয়াই অনা উদণ্ড মটৰচাইকেল চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ শোণিতপুৰ আৰক্ষীৰ প্ৰতি আহ্বান জনাইছে ৷ ইপিনে এইবেলি শাৰদীয় দুৰ্গোৎসৱৰ সময়ত শোণিতপুৰত মুঠ ৬৬টা পথ দুৰ্ঘটনা সংঘটিত হৈছে৷অবিভক্ত শোণিতপুৰত ৮ অক্টোবৰত ৫ টা,৯ অক্টোবৰত ৮টা,১০অক্টোবৰত ১০টা,১১অক্টোবৰত ১৪টা,১২অক্টোবৰত ২১টা আৰু ১৩অক্টোবৰত ৮টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য গ্ৰীণ হেল্থ ১০৮এম্বুলেঞ্চ সেৱাই প্ৰকাশ কৰিছে ৷

Anup Chetia: অগপ, অজাপ, ৰাইজক দলক এক হোৱাৰ আহ্বান-আলফা নেতা অনুপ চেতিয়াৰ

Anup Chetia: অগপ, অজাপ, ৰাইজক দলক এক হোৱাৰ আহ্বান-আলফা নেতা অনুপ চেতিয়াৰ
Anup Chetia: অগপ, অজাপ, ৰাইজক দলক এক হোৱাৰ আহ্বান-আলফা নেতা অনুপ চেতিয়াৰ

দৈনন্দিন বাৰ্তাৰ সেৱা,ডিব্ৰুগড়,১৪ অক্টোবৰঃ Anup Chetia। দীৰ্ঘ দিনৰ মূৰকত পুনৰবাৰ প্ৰাণ পাই উঠিল অসম গণ পৰিষদ দলৰ মজিয়া৷ তিনিটা দশক ধৰি অসমৰ একমাত্ৰ আঞ্চলিক দল হৈ থকা অগপক বিগত এটা দশকত নতুনকৈ প্ৰতিষ্ঠা হোৱা কেইবাটাও আঞ্চলিক দলে প্ৰত্যাহ্বান জনোৱাৰ সময়তে অসম গণ পৰিষদৰ নেতৃত্বই দলটোক নতুন ৰূপত ৰাইজৰ মাজলৈ নিবৰ বাবে সাজু হৈছে৷ সেয়েহে অগপই পুনৰ পূৰ্বৰ ইতিহাস বিচাৰি নতুন পথ লৈছে৷ হিন্দুত্ববাদৰ ৰাজনীতি অসমত প্ৰৱেশ কৰিছে যদিও নিজৰ আদৰ্শ ত্যাগ নকৰাৰ শপত লৈ পুনৰ নতুন যাত্ৰা কৰাৰ সংকল্প ল’লে অগপৰ নেতৃত্বই৷ আজি ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাইত পূৰ্বৰ ঐতিহ্যত দেখা গ’ল অগপ দলটোক৷ আকৌ সেই ১৯৮৫ চনৰ কথা আওৰালে প্ৰতিগৰাকী নেতাই ৷ (Ex ULFA leader Anup Chetia)

অসম আন্দোলন, ৮৫৫ গৰাকী শ্বহীদৰ কথা আওৰাই দলটোৰ ন-পুৰণি নেতাক অগপৰ পতাকাৰ তলত থিয় হ’বলৈ আহ্বান জনালে কেন্দ্ৰীয় নেতৃত্বই৷ লোকসভা নিৰ্বাচনৰ পাছত আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি উজনি অসমত অসম গণ পৰিষদ দলে শক্তি প্ৰদৰ্শন কৰে৷ দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত এদিনীয়া কাৰ্যসূচীৰে আজি পুৱাৰে পৰা ডিব্ৰুগড় জিলাৰ জেৰাইত অসম গণ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰম্ভ হয়৷ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে চাবুৱাৰ জেৰাই ৰজাচুক খেলপথাৰত ৪০ খনকৈ পতাকা উত্তোলন কৰা হয়৷ দলটোৰ চাবুৱা-লাহোৱাল বিধানসভা সমষ্টি সমিতি, ডিব্ৰুগড় জিলা সমিতি আৰু তিনিচুকীয়া জিলা সমিতি, জেৰাই আঞ্চলিক সমিতিৰ আতিথ্যত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসত পুৱা মূল পতাকা উত্তোলন কৰে অগপৰ সভাপতি অতুল বৰাই

। আন ৩৯ খন পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, দলৰ জ্যেষ্ঠ নেতা সাংসদ ফণীভূষণ চৌধুৰী, সাংসদ বীৰেণ বৈশ্য, কুমাৰ দীপক দাস, বিধায়ক পোণাকণ বৰুৱা, ভৱেন ভড়ালী আদিয়ে। শ্বহীদ তৰ্পণ কৰে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। মঞ্চৰ কাষত নিৰ্মাণ কৰা অস্থায়ী নামঘৰত সেৱা লয় অগপ নেতৃত্বই। সতীৰ্থ সোঁৱৰণ অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰতিষ্ঠাৰ দিনৰে দলটোৰ এগৰাকী অক্লান্ত কৰ্মী সাংসদ ফণীভূষণ চৌধুৰীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে সতীৰ্থ সোঁৱৰণ অনুষ্ঠান। বিয়লি সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰী, সাংসদ বীৰেণ বৈশ্য, কুমাৰ দীপক দাস উপস্থিত থাকে৷ কিন্তু সকলোকে আঁচৰিত কৰি অসম গণ পৰিষদৰ কেন্দ্রীয় প্ৰতিষ্ঠা দিৱসত উপস্থিত হয় আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়া৷ অনুপ চেতিয়াই অগপক শক্তিশালী জাতীয়তাবাদী আঞ্চলিকতাবাদী দল আখ্যা দি অগপত যোগদানৰ সৰৱ চৰ্চাক নস্যাৎ কৰে।

বৰ্তমান পৰিস্থিতিত তেওঁৰ পক্ষে কোনো ৰাজনৈতিক দলত যোগদান কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰি নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক অগপৰ সৈতে একত্ৰিত হৈ কাম কৰি যোৱাৰ আহ্বান জনায়। অগপৰ সভাপতি অতুল বৰাই আজিৰ কাৰ্যসূচীৰ পৰিৱেশ প্ৰত্যক্ষ কৰি আবেগিত হৈ কয় যে এয়া এক সুকীয়া পৰিৱেশ৷ ক’বলৈ ভাষা নাই৷ ৩৯ বছৰে দলটোক অৰিহণা যোগোৱা লোকসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছো৷ বৰাই আহি থকা দিনবোৰত পূৰ্বেৰ দৰেই অসমৰ ৰাইজৰ সহায়-সহযোগ কামনা কৰিছে৷ অতুল বৰাই কয় যে অসমত অগপক শক্তিশালী কৰাৰ মানে আঞ্চলিকতাবাদক সুৰক্ষিত কৰা, অসমক সুৰক্ষিত কৰা৷ সেয়েহে ভৱিষ্যতৰ দিনৰ বাবে অসমবাসীৰ পৰা আশীষ বিচাৰিছো৷ অসম আন্দোলন, আলফাৰ বিদ্ৰোহৰ অন্যতম দুৰ্গ জেৰাইৰ কথা উল্লেখ কৰি অতুল বৰাই কয় যে জেৰাই গাঁও আঞ্চলিকতাবাদৰ দুৰ্গ৷ অসম আন্দোলনে অসমত এটা জনজাগৰণ সৃষ্টি কৰিছিল৷ জাতীয় সমস্যাসমূহ দাঙি ধৰিছিল৷ জাতি-জনগোষ্ঠীসমূহেও নিজৰ অধিকাৰৰ কথা উত্থাপন কৰিছিল৷ স্বাধীনতাৰ পাছতে কংগ্ৰেছে অসমখন শাসন কৰিছিল৷ কিন্তু কংগ্ৰেছে ৰাজ্যবাসীক উপেক্ষা কৰাৰ কাৰণে সুকীয়া পৰিৱেশে দেখা দিছিল৷ যাৰ ফলত আন্দোলন হ’ল৷ সেই আন্দোলন জেৰায়ে মুখ্য ভূমিকা লৈছিল৷

যাৰ বাবে পুনৰ জেৰাইৰ পৰা দলক শক্তিশাৰী কৰিবলৈ প্ৰতিষ্ঠা দিৱস পালন কৰাৰ কথা দোহাৰে বৰাই৷ আনহাতে, আলফা নেতা অনুপ চেতিয়াই অগপৰ কাৰ্যসূচীত অনুষ্ঠিত হোৱাত অগপত যোগদান কৰিব নেকি বুলি প্ৰশ্ন কৰাত তেওঁ এটা বেলেগ পন্থাৰে সংগ্ৰাম কৰে আৰু তেওঁ নিজেই সিদ্ধান্ত ল’ব লাগিব যে শান্তি, উন্নয়ন বিচাৰে নে আন কিবা বিচাৰে বুলি কয় বৰাই৷ ১৯৮৫ চনৰ আজিৰ দিনটোতে অসম আন্দোলনৰ ফলশ্ৰুতিত প্ৰতিষ্ঠা হৈছিল অসম গণ পৰিষদ। দুবাৰকৈ চৰকাৰ গঠন কৰা দলটোৱে ২০১৬ চনৰ পৰা শাসকীয় বিজেপিৰ অংশীদাৰ দল হিচাপে আছে৷ বহু উত্থান পতনৰ সাক্ষী দলটোৱে পুনৰ আঞ্চলিকতাবাদী দলৰ আদৰ্শক সাৰোগত কৰি নতুন ৰূপত আত্মপ্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছে। প্ৰতিষ্ঠা দিৱসৰ দিনটোতে অগপই অনলাইন আৰু অফলাইন দলীয় সদস্য ভৰ্তি অভিযান আৰম্ভ কৰে৷

Assam BJP । ঘোষণা হ’ব ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন

Assam BJP । ঘোষণা হ’ব ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন
Assam BJP । ঘোষণা হ’ব ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন

গুৱাহাটী, ১৪ অক্টোবৰ : দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত উপ-নিৰ্বাচনক লৈ ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। অচিৰেই ঘোষণা হ’ব ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন। মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সৈতে একেলগে ঘোষণা হ’ব পাৰে অসমৰ লগতে আন ৰাজ্যৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ তাৰিখ৷ বিহালী আৰু ধলাইৰ বাবে তিনিজনীয়া তালিকা প্ৰস্তুত কৰিছে ৰাজ্যিক বিজেপিয়ে। চামগুৰিৰ বাবে প্ৰস্তুত কৰিছে দুজনীয়া পেনেল। (Assam BJP)


উল্লেখযোগ্যে যে পাঁচটা সমষ্টিৰ অন্যতম চিদলী-চিৰাং আৰু বঙাইগাঁও UPPL, অগপক গতোৱা বিজেপিয়ে বিহালী, ধলাই, চামগুৰিত প্ৰক্ষেপ কৰিব নিজা প্ৰাৰ্থী ৷ দেওবাৰে কইনাধৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত নিৰ্বাচন সমিতিৰ বৈঠকত সাংগঠনিক দিশৰ বিশদ বিশ্লেষণ কৰি ধলাইৰ বাবে তিনিজনীয়া, বিহালীৰ বাবে তিনিজনীয়া আৰু চামগুৰিৰ বাবে দুজনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে বিজেপিয়ে ৷দলটোৱে এইক্ষেত্ৰত ধলাইৰ বাবে পেনেলত ৰাখিছে অমিয়কান্তি দাস, নিহাৰ ৰঞ্জন দাস, স্বপন শুক্লবৈদ্যৰ নাম।

Pobitora:পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাবে মুকলি

Pobitora:পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাবে মুকলি
Pobitora:পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাবে মুকলি

মৰিগাঁও, ১৪ অক্টোবৰ : দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণস্থলী পবিতৰা অভয়াৰণ্য দৰ্শনৰ বাবে আনুষ্ঠানিক ভাবে মুকলি কৰা হ’ল পবিতৰা অভয়াৰণ্য । দিনৰ ১০.৩০ বজাত পবিতৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমীপতে ফিটা কাটি ২০২৪-২০২৫ পৰ্যটন বৰ্ষৰ বাবে অভয়াৰণ্যৰ দ্বাৰ আনুষ্ঠানিক ভাবে মুকলি কৰে অসম চৰকাৰৰ বন আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। (Pobitora)

এই দ্বাৰ মুকলি অনুষ্ঠানত মন্ত্ৰী গৰাকীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই। এই অনুষ্ঠানত মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোঁৱৰ, জাগীৰোড সম জিলাৰ আয়ুক্ত বিমান দাস, পবিতৰাৰ বনাঞ্চলিক বিষয়া নয়নজ্যোতি দাসৰ
লগতে বন বিভাগৰ বহুকেইজন উচ্চ পদস্থ বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অভয়াৰণ্যখনত থকা বন বিভাগৰ ৯ টা হাতীৰ দ্বাৰা পৰ্যটকক কৰোৱা হাতী ছাফাৰী নবেম্বৰ মাহৰ পৰাহে আৰম্ভ কৰিব পবিতৰা কৰ্তৃপক্ষই। আনহাতে বন বিভাগৰ অধীনত পৰিচালিত ২০ খন জীপ গাড়ীৰ জীপ চাফাৰী থাকিব ।

AGP : ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

AGP : ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
AGP : ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

চাবুৱা ১৪ অক্টোবৰঃ ঐতিহাসিক অসম আন্দোলনৰ পৰিসমাপ্তিত গোলাঘাট চহৰত জন্মলাভ কৰা অসমৰ একমাত্ৰ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল (AGP)অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসত ৰাজ্যজুৰি উদযাপন কৰাৰ লগতে ডিব্ৰুগড় জিলাৰ চাবুৱাত কেন্দ্ৰীয় ভাৱে বণ্যাধ্য কাৰ্যসূচীৰে পালন কৰা হয়। দলটোৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতিৰ সহযোগত আৰু চাবুৱা সমষ্টি সমিতিৰ উদ্যোগত জেৰাই ৰজা চুক খেলপথাত বিশাল দিনযোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা প্ৰতিষ্ঠা দিৱসত ৰাতিপুৱা প্ৰভাতী সংগীত, দলীয় নেতৃত্বক সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনাৰ পিছত দলৰ পতাকা উত্তোলন কৰে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। (Atul Bora)

শ্বহীদ তৰ্পন কাৰ্য্যসূচী মুকলি কৰে কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই। শ্বহীদ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সতীৰ্থ সোৱঁৰণ কাৰ্য্যসূচী মুকলি কৰে জ্যেষ্ঠ নেতা তথা লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে। কেইবা সহস্ৰাধিক দলীয় সদস্য, বিষয়ববীয়া আৰু শুভাকাঙ্খী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে সভাপতি অতুল বৰাই। সভাপতিৰ ভাষণ বৰাই অসম গণ পৰিষদৰ প্ৰগতিশীল জাতীয়তাবাদী দৰ্শনে জনসাধাৰণৰ আত্মবিশ্বাস বৃদ্ধিৰ মূল কাৰক। বৰাই কয় যে, জন্মৰ আঁৰত অসম গণ পৰিষদৰ সংগ্ৰাম আৰু ত্যাগ আছে।বৰাই জাতীয় শ্বহীদ সকলক স্মৰন কৰি আজি ডিব্ৰুগড়ৰ চাবুৱাৰ জেৰাই গাঁৱত আয়োজিত অগপৰ ৪০তম প্ৰতিষ্ঠা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোকে শ্ৰদ্ধা জনোৱাৰ লগতে সকলো দলীয় কৰ্মীকে প্ৰতিষ্ঠা দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰে। বৰাই এই ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসত দলৰ গৌৰৱময় পতাকাৰ তলত থিয় হৈ পুনৰবাৰ অসমৰ জাতীয় জীৱন, জাতীয়তাবাদক শক্তিশালী কৰাৰ অঙ্গীকাৰ প্ৰকাশ কৰে। অসম মাতৃৰ বুকুত আঞ্চলিকতাবাদৰ পতাকা সগৌৰৱেৰে ধৰি অসমৰ ৰাইজৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি দোহাৰি বৰাই কয় যে, দলে অসমৰ স্বাৰ্থত জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ অসমৰ ৰাইজক সেৱা কৰি যাব।

অসমৰ খিলঞ্জীয়া জনসাধাৰণ সুৰক্ষা আৰু ৰাজ্যখনৰ বিকাশৰ বাবে দলৰ প্ৰতিগৰাকী সদস্য দায়বদ্ধ বুলি উল্লেখ কৰি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী আৰু ধৰ্মালম্বী লোকৰ মাজত বিশ্বাস আৰু একতাৰ মাজেৰে অসমৰ জাতীয় সমস্যাসমূহ সমাধানৰ বাবে দলে কাম কৰি যাব বুলিও সভাপতি বৰাই মন্তব্য কৰে। দিন বাগৰাৰ লগে লগে আঞ্চলিকতাবাদৰ প্ৰাসংঙ্গীকতা আৰু গুৰুত্ব অধিক বৃদ্ধি পাইছে বুলি মতপোষণ কৰি বৰাই সকলো দলীয় সদস্যকে জনসাধাৰণৰ কাষত থাকি দলৰ হকে কাম কৰিবলৈ আহ্বান জনায়। দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে, দলৰ তৃণমূল সদস্যসকল হৈছে দলটোৰ মূল চালিকা শক্তি।

দলক সৰ্বস্তৰতে শক্তিশালী কৰা তৃণমূল পৰ্য্যায়ৰ সদস্যসকলৰ ভূমিকা অপৰিসীম বুলি উল্লেখ কৰি মহন্তই কয় যে, সভাপতি অতুল বৰাৰ নেতৃত্বত অসম গণ পৰিষদ দল এক ঐক্যবদ্ধ শক্তি। অসমৰ প্ৰতিটো জাতীয় বিষয়ত দলে অতি গুৰুত্ব সহকাৰে আৰু ধাৰাবাহিক ভাৱে ভূমিকা গ্ৰহণ কৰি আহিছে।অসম গণ পৰিষদ দল এক আঞ্চলিকতাবাদী দল হলেও দলৰ এক সৰ্বভাৰতীয় দৃষ্টিভঙ্গী আছে। ৰাজ্যখনৰ উন্নয়ণৰ স্বাৰ্থত, ৰাজ্য খনৰ সমস্যাসমূহ সমাধানৰ স্বাৰ্থত সময়ৰ আহ্বান দলে মানি চলিবলগীয়া হৈছে। দলে মূল লক্ষ্য আৰু আদৰ্শৰ পৰা বিচলিত নোহোৱাকৈ আগবাঢ়ি যাবলৈ বদ্ধপৰিকৰ বুলি মহন্তই মন্তব্য প্ৰকাশ কৰে। আদৰণি ভাষণ প্ৰদান কৰে বিধায়ক তথা সাধাৰণ সম্পাদক পোনাকণ বৰুৱাই। উদ্দেশ্য ৰাখ্যা কৰে সাংসদ তথা সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য।

মুকলি সভাত দলৰ জ্যেষ্ঠ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰী, প্ৰবীন হাজৰিকা, ভূপেন ৰায়, সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ, তোলন কোৱঁৰ, ড০ তপন দাস, জ্যোতিমণি মৰাণ, উপ-সভাপতি কুমাৰ দীপক দাস, পৃথ্বীৰাজ ৰাভা, জ্যোতিষ দাস, তুলসী গগৈ, দিগন্ত শইকীয়া, পুতুল সোণোৱাল, পুতুল বৰুৱা, মামনি বৰা, অপূৰ্ব ভট্টাচাৰ্য্য, বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱা,ভাতৃ-ভগ্নী সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি দলটোৰ সকলো শীৰ্ষ নেতৃত্ব আৰু জিলা সমিতি সমূহ, সমষ্টি সমিতিসমূহৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।

আনহাতে অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস নলবাৰী, জালুকবাৰী, বৰপেটা, ভৱানীপুৰ-সৰভোগ, বঙাইগাওঁ, গোলাঘাট, যোৰহাট, বোকাখাত, কলিয়াবৰ, নগাওঁ, লখিমপুৰ, বিহপুৰীয়া, মাজুলী, মৰিগাওঁ, বিশ্বনাথ, তেজপুৰ, মঙ্গলদৈ, দলগাওঁ, ছিপাঝাৰ, ছয়গাওঁ, গৌৰীপুৰ, ধুবুৰী, গোৱালপাৰা, দুধনৈ, অভায়াপুৰী, ৰঙিয়া, কমলপুৰ, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, তামুলপুৰ, ডিমৰীয়া, বৰক্ষেত্ৰী, টিহু, বজালী, হাজো, পলাশবাৰী, বকো, বিলাসীপাৰা আদি বিভিন্ন সমষ্টিত দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়।
দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত নিউ গুৱাহাটী সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত দলৰ পতাকা উত্তোলন কৰে দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই। এই উপলক্ষে মুখ্য কাৰ্য্যালয়ত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। সন্ধিয়ালৈ মুখ্য কাৰ্য্যালয়ৰ লগতে সকলো জিলা আৰু বিধান সভা সমষ্টি সমিতিৰ কাৰ্য্যালয়ত বন্তি প্ৰজ্বলন কৰা হয়।

Delhi CM Atishi Meets PM Modiপ্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে

Delhi CM Atishi Meets PM Modi
Delhi CM Atishi Meets PM Modiপ্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে

গুৱাহাটী, ১৪ অক্টোবৰঃ প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ পিছত, আতিশীয়ে কয় যে তেওঁ কেন্দ্ৰ আৰু দিল্লী চৰকাৰৰ মাজত সম্পূৰ্ণ সহযোগিতাৰ বাবে আশাবাদী। দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে, মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত তেওঁৰ সৈতে তেওঁৰ প্ৰথম বৈঠক। ( Delhi CM Atishi Meets PM Modi)

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স সন্দৰ্ভত মুখ্যমন্ত্ৰী আতিশীৰ সৈতে বৈঠকৰ কথা ঘোষণা কৰে, কিন্তু কোনো অতিৰিক্ত বিৱৰণ প্ৰদান কৰা হোৱা নাছিল ।