Home Blog Page 504

Dr. Purnima Devi Burman : ইউৰোপীয়ান‌ এচ’চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ৰ জাৰ্মানী সন্মিলনত হাড়গিলা বাইদেউ ড° পূৰ্ণিমা দেৱী বৰ্মন

Dr. Purnima Devi Burman : ইউৰোপীয়ান‌ এচ'চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ৰ জাৰ্মানী সন্মিলনত হাড়গিলা বাইদেউ ড° পূৰ্ণিমা দেৱী বৰ্মন
গোলকীয় সংৰক্ষণৰ হকে আহ্বান হাড়গিলা বাইদেউ হিচাপে খ্যাত ড° বৰ্মনৰ

Dr. Purnima Devi Burman: ইউৰোপীয়ান‌ এচ’চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ৰ জাৰ্মানী সন্মিলনত হাড়গিলা বাইদেউ ড° পূৰ্ণিমা দেৱী বৰ্মনইউৰোপীয়ান এচ’চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ (European Association of Zoos and Aquariums Conference- EAZA)ৰ সন্মিলনত ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশীয় সন্মান “Champion of the Earth” বিজয়ী আৰু ৰাণী‌ এনৰ দ্বাৰা হুইটলি গোল্ড পুৰষ্কাৰকে‌ ধৰি দুবাৰকৈ হুইটলি ফাণ্ড ফৰ নেচাৰৰ‌ পৰা সেউজ অস্কাৰ‌ বঁটা লাভ কৰা‌ অসমৰ‌ ড° পূৰ্ণিমা দেৱী বৰ্মনে ইউৰোপ তথা‌ অন্য ঠাইৰ‌ পৰা অহা‌ সংৰক্ষণবিদ, বিজ্ঞানী, চিৰিয়াখানাৰ সঞ্চালক‌‌ আৰু‌ জড়িত ব্যক্তিসকলৰ এটা বিশাল সমাৰোহত অতি গুৰুত্বপূৰ্ণভাৱে তিনিটা বক্তৃতা প্ৰদান কৰে।

লেইপ্জিগৰ লেইপ্জিগ‌ চিৰিয়াখানাত ৮ অক্টোবৰৰ‌ পৰা‌ ১২ অক্টোবৰলৈ অনুষ্ঠিত ইউৰোপীয়ান এচ’চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচৰ এই বৰ্ষৰ সন্মিলনত প্ৰায় ১০০০ ব্যক্তিৰ সমাগম হয়।


হাড়গিলা আৰ্মীয়ে বোৱা মেৰুণ ৰঙৰ পৰম্পৰাগত অসমীয়া হাতেৰে বোৱা আৰু‌ হাড়গিলা অংকিত মেখেলা চাদৰ আৰু হাড়গিলা চৰাই সজ্জিত গামোছা পৰিধান কৰি ড° বৰ্মনে সংস্কৃতি, জৈৱ বৈচিত্ৰ্য, আৰু সম্প্ৰদায় চালিত সংৰক্ষণৰ মাজৰ অনন্য সংযোগ প্ৰদৰ্শন কৰে। ১২ অক্টোবৰত জাৰ্মানীৰ লাইপ্জিগ চিৰিয়াখানাত বন্যপ্ৰাণী সংৰক্ষণবিদৰ এক বিশ্বব্যাপী মঞ্চত তেওঁ অসমত মানুহ আৰু হাড়গিলাৰ সহাৱস্থানৰ ওপৰত আলোকপাত কৰে।


চিকনিফৰ্মেছ, পেলেকানিফৰ্মেছ, আৰু ফিনিকোপটেৰিফৰ্মছ টেগ গোটৰ অধ্যক্ষতাত ড° বৰ্মনৰ প্ৰথম বক্তৃতাত অসমৰ পৰা পৰিৱৰ্তনশীল হাড়গিলা সংৰক্ষণ আৰ্হিৰ ওপৰত আলোকপাত কৰা হয়। বিশেষকৈ পৰিৱেশ শিক্ষাৰ জৰিয়তে বিলুপ্তপ্ৰায় গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক (হাড়গিলা)ক সুৰক্ষা দিবলৈ তেওঁ সম্প্ৰদায়ভিত্তিক সংৰক্ষণৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে। স্থানীয় সম্প্ৰদায়ক জড়িত কৰি ড০ বৰ্মনৰ কামে প্ৰদৰ্শন কৰে যে আচৰণৰ পৰিৱৰ্তন কেনেকৈ জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ বাবে এক শক্তিশালী আহিলা হ’ব পাৰে।


দ্বিতীয় বক্তৃতাত, শিক্ষা অধ্যক্ষতাত ড° বৰ্মনে অসমৰ সংৰক্ষণৰ প্ৰচেষ্টাৰ নেতৃত্ব দিয়া সৰ্বমহিলা গোট হাড়গিলা আৰ্মীৰ জন্মৰ বিষয়ে গভীৰভাৱে আলোচনা কৰে। সংৰক্ষণৰ ক্ষেত্ৰত নাৰীৰ গভীৰ ভূমিকা আৰু হাড়গিলা আৰ্মীৰ অসমীয়া মহিলাসকল কেনেদৰে পৰিৱৰ্তনৰ প্ৰতিনিধি হৈ পৰিছে সেই বিষয়ে আলোচনা কৰে।

তেওঁলোকৰ নেতৃত্বৰ জৰিয়তে মহিলাসকলে পৰিৱেশ শিক্ষা আৰু পৰম্পৰাক একেডাল সূঁতাৰে গাঁঠি এক প্ৰেৰণাদায়ক আন্দোলনলৈ পৰিণত কৰিছে। ড° বৰ্মনে বিশ্ব সংৰক্ষণবিদসকলে সংঘাতক সংৰক্ষণৰ সুযোগলৈ ৰূপান্তৰিত কৰিবলৈ শিক্ষা আৰু সম্প্ৰদায়ৰ যৌথ শক্তিক আকোঁৱালি ল’বলৈ আহ্বান জনায়।


তৃতীয় বক্তৃতাত তেওঁ অসমৰ হাড়গিলা সংৰক্ষণ আৰ্হিক অন্য প্ৰজাতিৰ বাবে উদাহৰণ হিচাপে ব্যৱহাৰ কৰি মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ড° বৰ্মনে অসমৰ সাংস্কৃতিক পৰম্পৰা ইয়াৰ চহকী জৈৱ বৈচিত্ৰ্যৰ সৈতে কেনেদৰে গভীৰভাৱে জড়িত হৈ আছে সেই বিষয়ে গভীৰভাৱে আলোচনা কৰি সংৰক্ষণৰ প্ৰচেষ্টাসমূহে কেনেকৈ স্থানীয় জনগোষ্ঠী আৰু সাংস্কৃতিক মূল্যবোধক একত্ৰিত কৰি সফল হ’ব লাগিব, সেই বিষয়ে আলোকপাত কৰে। (global conservation)


ড° বৰ্মনে “বিশ্ব হাড়গিলা দিৱস”ৰ প্ৰৱৰ্তনৰ প্ৰস্তাৱো আগবঢ়ায় আৰু এই সুযোগতে ২০৩৫ চনৰ ভিতৰত হাড়গিলাৰ জনসংখ্যা ১০,০০০লৈ বৃদ্ধি কৰাৰ বাবে তেওঁৰ অভিলাষী সংৰক্ষণ দৃষ্টিভংগী মুকলি কৰে। (Germany)


নিজৰ বক্তৃতাৰ সময়ত ড০ বৰ্মনে হাড়গিলা আৰ্মীৰ সহাৱস্থান আৰ্হিৰ এক অনন্য প্ৰতীক হাড়গিলা হেডড্ৰেছ (মুখা)কো প্ৰদৰ্শন কৰে। তেখেতৰ নেতৃত্ব আৰু দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈ দৰ্শকে অসমৰ সাংস্কৃতিক আৰু পৰিৱেশ পৰিচয়ৰ সৈতে স্পষ্ট সংযোগ হিচাপে অসমীয়া গামোছা আৰু মেখেলা চাদৰক আগ্ৰহেৰে আকোঁৱালি লৈছিল।


ড° পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বই বিশ্ব সংৰক্ষণবিদসকলক অনুপ্ৰাণিত আৰু মোহিত কৰি আহিছে। গভীৰ সাংস্কৃতিক আৰু পৰিৱেশগত সংযোগৰ সৈতে সংযুক্ত তেওঁৰ সম্প্ৰদায়ভিত্তিক সংৰক্ষণৰ উদ্ভাৱনীমূলক আৰ্হিটোৱে বিশ্বজুৰি অন্যান্য প্ৰজাতি সংৰক্ষণ প্ৰচেষ্টাৰ বাবে এক মাইলৰ খুঁটি হিচাপে থিয় দিছে। সন্মিলনখনৰ অংশগ্ৰহণকাৰীসকলে কেৱল হাড়গিলাক ৰক্ষা কৰাই নহয়, এই প্ৰক্ৰিয়াত সমগ্ৰ সম্প্ৰদায় বিশেষকৈ মহিলাসকলকো উন্নীত কৰাৰ বাবে তেওঁৰ অক্লান্ত নিষ্ঠাৰ প্ৰতি আকৰ্ষিত হয়।


ড° বৰ্মনে উজ্জ্বল, সেউজীয়া ভৱিষ্যতৰ দিশত পথ নিৰ্ধাৰণ কৰাৰ সময়তে মহিলাসকলৰ সংৰক্ষণ নেত্ৰী হিচাপে উত্থানৰ সমান্তৰালভাৱে হাড়গিলাৰ জনসংখ্যা বৃদ্ধি আৰু লাভৱান হোৱা দেখাৰ তেওঁৰ সপোনটোৱে আমাৰ গ্ৰহৰ জৈৱ বৈচিত্ৰ্যক ৰক্ষা কৰিব বিচৰাসকলৰ মাজত গভীৰভাৱে অনুৰণন ঘটায়। ড° পূৰ্ণিমা বৰ্মনক জাৰ্মানীৰ ষ্টুটগাৰ্টৰ উইলহেলমা জুলজিকেল এণ্ড বটানিকেল গাৰ্ডেনৰ দ্বাৰা শিক্ষণ বিনিময় কাৰ্যসূচীৰ বাবে এমাহৰ কাৰ্যসূচীৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

গোলকীয় সংৰক্ষণৰ হকে আহ্বান হাড়গিলা বাইদেউ (Hargila Baideu) হিচাপে খ্যাত ড° বৰ্মনৰ-
ড° পূৰ্ণিমা দেৱী বৰ্মনে জাৰ্মানীৰ সন্মিলনখনত সংৰক্ষণমূলক নেতৃত্বৰ সৈতে সংস্কৃতিক জড়িত কৰাৰ আহ্বান জনায়।

Satpara Durga Puja Samiti : মিৰ্জাত ৮০ৰ উৰ্দ্ধৰ ১৭ বিশিষ্ট নাগৰিকক নিমগছৰ পুলিৰে সম্বৰ্দ্ধনা সাতপাৰা দুৰ্গা পূজা সমিতিৰ

Satpara Durga Puja Samiti : মিৰ্জাত ৮০ৰ উৰ্দ্ধৰ ১৭ বিশিষ্ট নাগৰিকক নিমগছৰ পুলিৰে সম্বৰ্দ্ধনা সাতপাৰা দুৰ্গা পূজা সমিতিৰ
Satpara Durga Puja Samiti : মিৰ্জাত ৮০ৰ উৰ্দ্ধৰ ১৭ বিশিষ্ট নাগৰিকক নিমগছৰ পুলিৰে সম্বৰ্দ্ধনা সাতপাৰা দুৰ্গা পূজা সমিতিৰ

Satpara Durga Puja Samiti : মিৰ্জাত ৮০ৰ উৰ্দ্ধৰ ১৭ বিশিষ্ট নাগৰিকক নিমগছৰ পুলিৰে সম্বৰ্দ্ধনা সাতপাৰা দুৰ্গা পূজা সমিতিৰ কামৰূপ জিলাৰ মিৰ্জাৰ সাতপাৰা ৰাইজ গয়ৰহৰ সৌজন্যত আয়োজিত সাতপাৰা দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা পূজা সমিতিৰ সৈতে জৰিত ৮০ৰ‌ উৰ্দ্ধৰ ১৭জন বিশিষ্ট নাগৰিক কালি নিশা উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

এই উপলক্ষে সমিতিৰ সভাপতি কনক কাকতিৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়।‌

সভাত অংশ লৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা জ্যেষ্ঠ সাংবাদিক‌ দীপক শৰ্মাই কয়- “সাতপাৰা ৰাইজ গয়ৰহৰ পূজাৰ চিন্তা সুদূৰ প্ৰসাৰী। তেওঁলোকে জ্যেষ্ঠজনক সন্মান কৰিব জানে।

আনক সন্মান কৰিলে নিজেও সন্মান পায়। জ্যেষ্ঠজনৰ প্ৰতি আমি যথোচিত শ্ৰদ্ধা-সন্মান কৰিব লাগে। বোধহয়, সাতপাৰা দুৰ্গা পূজা সমিতিৰ দৰে এই ইতিবাচক অনুষ্ঠান অইন কোনো ঠাইতে হোৱা নাই।”

সভাত পূজা সমিতিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন ছাত্ৰ নেতা মদন দাসৰ লগতে কাৰ্যকৰী সভাপতি দুলাল দাস, উপ-সভাপতি পংকজ দেৱান, বীৰেণ শৰ্মা, প্ৰবীণ দাস, কোষাধ্যক্ষ বলেন শৰ্মা, বৰতীয়া ডিম্বেশ্বৰ শৰ্মা, সহঃসম্পাদক সঞ্জীৱ কুমাৰ দাস, পুলক গোস্বামী, যাদৱ দাস প্ৰকৃতিয়ে নিজৰ নিজৰ মতামত দাঙি ধৰে।

অনুষ্ঠানত ‌সৰপাৰাৰ‌ ভূৱন মজুমদাৰ, অমৃত দেৱান, চবিন ডেকা, নগেন্দ্ৰ চন্দ্ৰ কাকতি, সত্য কুমাৰ দাস, প্ৰভাত ডেকা, নৰেন দাস, ৰামেশ্বৰ কলিতা, কোছপাৰাৰ উপেন চন্দ্ৰ শৰ্মা, তাৰিণী চৰণ শৰ্মা, বসুদত্ত শৰ্মা, প্ৰভাত শৰ্মা, গৌৰীকান্ত গোস্বামী, বটিয়াপাৰাৰ কমলেশ্বৰ দাস, ৰত্নেশ্বৰ দাস, গোপাল দাস, প্ৰতীমা দাতা হিতেশ কলিতাক নিম গছৰ পুলি, গামোচা, মানপত্ৰ আদিৰে সন্মানিত কৰে। সাতপাৰা ৰাইজ পূজা সমিতিৰ এই প্ৰচেষ্টাক ভিন-ভিন প্ৰান্তৰ লোকসকলে ভূয়সী প্ৰশংসা কৰে।

Guru Avirbhav Mahotsav in Kaliabor: কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ গুৰুজয়ন্তী মহোৎসৱত মন্ত্ৰী কেশৱ মহন্ত

Assam minister Keshab Mahanta Emphasizes Sattriya Culture at 576th Guru Avirbhav Mahotsav in Kaliabor
Guru Avirbhav Mahotsav in Kaliabor: কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ গুৰুজয়ন্তী মহোৎসৱত মন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰ, ১৩ অক্টোবৰ: কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ উদ্যোগত আৰু শ্ৰীশ্ৰীজখলাবন্ধা সত্ৰৰ ব্যৱস্থাপনাত দুদিনীয়াকৈ অনুষ্ঠিত ৫৭৬ সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱৰ শনিবাৰে সামৰণী পৰে (Guru Avirbhav Mahotsav in Kaliabor)। দ্বিতীয় দিনৰ অন্তিম কাৰ্যসূচীত শ্ৰীশ্ৰীকৰতিপাৰ পুৰণি সত্ৰৰ প্ৰয়াত পূজ্যপাদ সত্ৰাধিকাৰ ৰুদ্ৰকান্ত গোস্বামী কৃত ‘দ্ৰৌপদীৰ সয়ম্বৰ’ ভাওনাত উপস্থিত থাকি গুৰুজনাৰ অৱদানক সশ্ৰদ্ধ সোঁৱৰণ কৰে শ্ৰীশ্ৰীবালি সত্ৰৰ ডেকাসত্ৰীয়া তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই(Assam Minister Keshab Mahanta)। মন্ত্ৰী মহন্তই অসমৰ জাতীয় জীৱনক চহকী কৰি থৈ যোৱা ক্ষণজন্মা মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱক স্মৰণ কৰি তেৰাৰ অনবদ্য অৱদানসমূহ চৰ্চা আৰু প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত সত্ৰ সমাজক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাই।

কলিয়াবৰৰ শ্ৰীশ্ৰীবালি সত্ৰৰ ডেকা সত্ৰীয়া তথা অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ‘দ্ৰৌপদীৰ সয়ম্বৰ’ ভাওনাৰ(Draupadi Swayamvar bhaona) প্ৰাকক্ষণত ভাওনাৰ কলা-কুশলী আৰু অনুষ্ঠানৰ উদ্যোক্তাসকলক উদ্দেশ্যি দিয়া শুভেচ্ছামূলক বাৰ্তাত কয় – ১৯১৫ চনতে স্থাপিত হোৱা সন্ত সন্মিলনীৰ যোগেদি শ্ৰীমন্তশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ অৱদানৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰ হৈ থকাৰ সময়তে ১৯৪৫ চনত কলিয়াবলতে অসম সত্ৰ সংঘৰ প্ৰতিষ্ঠা হৈছিল। পৰৱৰ্তী কালত অসম সত্ৰ মহাসভা নামেৰে গুৰু দুজনাৰ কৃষ্টি-সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰ কাৰ্যত ব্ৰতী হৈ আছে(Importance of Sattriya Culture)। কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ সত্ৰীয়া কৃষ্টি-সংস্কৃতিক আগবঢ়াই লৈ যোৱা সকলো পদক্ষেপতে কলিয়াবৰীয়া এগৰাকী সত্ৰীয়া হিচাপে আগলৈও সহায়-সহযোগিতাৰে সেৱা ধৰি যাব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে।

এই অনুষ্ঠানতে কলিয়াবৰৰ শ্ৰীশ্ৰীবাকৰীয়াল সত্ৰৰ সত্ৰাধিকাৰ, শিক্ষাসেৱী প্ৰভাত চন্দ্ৰ গোস্বামী আৰু শ্ৰীশ্ৰীজখলাবন্ধা সত্ৰৰ পৰিচালক সত্ৰীয়া ফটিক ভঁৰালীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। ভাৰতীয় জনতা পাৰ্টিৰ নেতা দিপ্লুৰঞ্জন শৰ্মায়ো ভাওনা অনুষ্ঠানত উপস্থিত থাকি গুৰুজনাই অসমীয়া সমাজলৈ আগবঢ়োৱা মহান অৱদানক স্মৰণ কৰে।

উল্লেখযোগ্য যে, কলিয়াবৰ জিলা সত্ৰ মহাসভাই কলিয়াবৰৰ শ্ৰীশ্ৰীজখলাবন্ধা সত্ৰৰ ব্যৱস্থাপনাত ৫৭৬ সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰিছিল । কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ অন্তৰ্গত সত্ৰীয়া কৃষ্টি কেন্দ্ৰ, সতী ৰাধিকা মহিলা তীৰ্থ আৰু সমন্বিত যুৱতীৰ্থ কলিয়াবৰ জিলা সমিতিৰ প্ৰত্যক্ষ সহযোগত ১১ আৰু ১২ অক্টোবৰ, ২০২৪ তাৰিখে দুদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে শ্ৰীশ্ৰীজখলাবন্ধা সত্ৰত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৰ ৫৭৬ সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱৰ শনিবাৰে নিশা সামৰণি পৰে।

প্ৰমদিনাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অহা ২৪ আহিন, ১১ অক্টোবৰ, শুক্ৰবাৰৰ প্ৰথম দিনা বৰগীত প্ৰতিযোগিতাৰ সম্পন্ন হয় । শনিবাৰে ২৫ আহিন, ১২ অক্টোবৰ, শনিবাৰে পুৱা ধৰ্মধ্বজা উত্তোলনেৰে দ্বিতীয় দিনৰ কাৰ্যসুচীৰ শুভাৰম্ভণি কৰে কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ সভাপতি শ্ৰীশ্ৰী বগাজন সত্ৰৰ সত্ৰাধিকাৰ কৈলাশ গোস্বামীয়ে। ধৰ্মধ্বজা উত্তোলনৰ পিছতেই বিশিষ্ট শিক্ষাসেৱী প্ৰয়াত অৰবিন্দ বৰগোহাঞি সোঁৱৰণী স্থায়ী তোৰণ উন্মোচন কৰে শ্ৰীশ্ৰীবালি সত্ৰৰ ডেকা সত্ৰীয়া তথা অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মণিমাধৱ মহন্তই । সত্ৰৰ নামঘৰত আইসকলৰ নামৰ পিছতেই ডেৰপৰীয়া প্ৰসংগৰে দিনৰ কাৰ্যসূচীৰ সামৰণি পৰে ।

Golden Langur Conservation: হলৌ বান্দৰ সংৰক্ষণৰ বাবে ৰাজাপাৰা আঞ্চলিক জনজাতীয় যুৱ সংঘৰ সুন্দৰ প্ৰয়াস

Rajapara Youth Association Takes Initiative for Golden Langur Conservation in Assam
Golden Langur Conservation: হলৌ বান্দৰ সংৰক্ষণৰ বাবে ৰাজাপাৰা আঞ্চলিক জনজাতীয় যুৱ সংঘৰ সুন্দৰ প্ৰয়াস

মিৰ্জা, ১৩ অক্টোবৰ: জৈৱ বৈচিত্ৰ্যত চহকী আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ ৰম্যভূমি চানডুবি(Chandubi biodiversity)ৰ কাষৰীয়া ৰাজাপাৰা অঞ্চলত অগ্ৰণী সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন ৰাজাপাৰা আঞ্চলিক জনজাতীয় যুৱ সংঘই অসমত দুষ্প্ৰাপ্য হবলৈ ধৰা হলৌ বান্দৰ প্ৰজাতিটো সংৰক্ষণৰ বাবে শেহতীয়াকৈ কেতবোৰ প্ৰচেষ্টা হাতত লৈছে (Golden Langur Conservation) । ইয়াৰ অংশ হিচাপে ১০ অক্টোবৰত বিশ্ব হলৌ বান্দৰ দিৱসৰ লগত সংগতি ৰাখি সংঘৰ উদ্যোগত ৰাজাপাৰাত এক সজাগতা মুলক অনুষ্ঠান অনুষ্ঠিত কৰা হয়(Rajapara youth efforts) ।

সংঘৰ সভাপতি পক্ষীৰাজ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, হাতীগড় মিলন জ্যোতি সংঘৰ সভাপতি উৎপল ৰাভা, ৰাজাপাৰা ৰাইজ গয়ৰহৰ সভাপতি পৱিত্ৰ ৰাভা, কাৰ্যকৰী সভাপতি ভাৰ্গিথ ৰাভা, পূৱ ৰাজাপাৰাৰ গাঁওবুঢ়া গণেশ ৰাভা, ছেভেন ৱেবচ ৰিচাৰ্ছ সংস্থাৰ কৰ্মকৰ্তা ক্ৰমে – ঋতুৰাজ দেৱান, টানিয়া তালোৱাৰ , ধীতিমণি দাস, সীমা তালুকদাৰ, হলৌ বান্দৰৰ সংৰক্ষণৰ বাবে কাম কৰি অহা কেবাজনো লোকে ভাগ লৈ ভাষণ প্ৰদান কৰে(Habitat conservation Assam)।

হলৌ বান্দৰ সংৰক্ষণৰ বাবে ৰাজাপাৰা আঞ্চলিক জনজাতীয় যুৱ সংঘৰ সুন্দৰ প্ৰয়াস

ভাষণ প্ৰসংগত বক্তাসকলে কয় হলৌ বান্দৰ প্ৰকৃতিৰ এক দুষ্প্রাপ্য ও অনন্য সৃষ্টি । ই জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ লগতে প্ৰকৃতিৰ শোভাবর্দ্ধনৰ ক্ষেত্ৰতো এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে । আনকি মানুহৰ খাদ্য-শস্যৰ কোনো অনিষ্ট সাধন নকৰে হলৌ বান্দৰে(Endangered species Assam) । কিন্তু জধে-মধে বন-জংঘল ধ্বংসৰ ফলত হলৌ বান্দৰ অহা-যোৱা কৰা হলৌ বাট (Golden Langur Corridor) বা ফল-মূলৰ গছ আৰু বাসস্থানবোৰ একাধিক্রমে সংকুচিত বা নোহোৱা হৈ আহিছে । ইয়াক উপযুক্তভাবে সংৰক্ষণ কৰাটো সকলোৰে দায়িত্ব আছে বুলি বক্তা সকলে সদৰি কৰে(Wildlife preservation in Assam) ।

আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাইজৰ মাজত হলৌ বান্দৰৰ অহা – যোৱা কৰা পথ, হলৌ বান্দৰৰ বংশবৃদ্ধিৰ বাবে বিচৰণথলীসমূহ চিহ্নিত কৰাৰ বাবে কেতবোৰ সংকেটমূলক হৰ্ডিং স্থাপন কৰাৰ লগতে ৰাইজৰ মাজত প্ৰচাৰ পুস্তিকা বিতৰণ কৰা হয় । উল্লেখ্য যে চানডুবিৰ নৈসর্গিক প্রাকৃতিক সৌন্দর্য্য, পৰ্ব্বত-পাহাৰ, ওখ-ওখ গছ, বিশুদ্ধ অক্সিজেন ও বিভিন্ন দুষ্প্রাপ্য বনৰীয়া জীৱ-জন্তুৰে ভৰা অঞ্চল হিচাপে পৰিচিত অঞ্চলটোত হলৌ বান্দৰৰ বিচৰণথলী হিচাপেও পৰিগণিত হৈ আহিছে ।

BJP MLA Manab Deka Brother Suicide: ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ভাতৃৰ মৃতদেহ

BJP MLA Manab Deka Brother Suicide: ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ভাতৃৰ মৃতদেহ
BJP MLA Manab Deka Brother Suicide: ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ভাতৃৰ মৃতদেহ

লখিমপুৰ,১৩ অক্টোবৰ: দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে লখিমপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ ভাতৃৰ আত্মহনন(BJP MLA Manab Deka Brother Suicide) ।

লখিমপুৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা বিজেপি বিধায়ক মানৱ ডেকাৰ ভাতৃ কল্যাণ ডেকাই শনিবাৰে বাছি ললে চৰম পন্থা(BJP MLA Manab Deka Brother Suicide) । শনিবাৰে নিশা প্ৰায় ১১ মান বজাত এই ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । প্ৰাপ্ত খবৰ অনুসৰি, ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় কল্যাণ ডেকাৰ মৃতদেহ (Lakhimpur suicide case)।

ঘটনাটো সংঘটিত হোৱাৰ সময়ত ঘৰত কোনো লোক নাছিল বুলি জানিব পৰা গৈছে । বিধায়কজনৰ লগতে কল্যাণ ডেকা সহিতে পৰিয়ালৰ সকলো লখিমপুৰৰ বাসগৃহত একেলগে বসবাস কৰি আছিল । ঘটনাৰ দিনা দুৰ্গা পূজা উপলক্ষে পৰিয়ালৰ আনসকল সদস্য ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছিল । ঘৰত কোনো নথকাৰ সেই সময়চোৱাতে বিধায়কগৰাকীৰ ভাতৃ কল্যাণ ডেকাই ললে চৰম পন্থা(Kalyan Deka suicide) ।

এগৰাকী চিকিৎসকে জানিবলৈ দিয়া মতে, দীৰ্ঘদিন ধৰি কল্যাণৰ মানসিক অৱস্থা দুৰ্বল আছিল । বিগত পাঁচবছৰ মানৰ পৰা তেওঁ ‘বাইপোলাৰ ডিজৰদাৰ’ (Bipolar disorder) নামৰ এক মানসিক ৰোগত আক্ৰান্ত হৈ আছিল ।

চিকিৎসক চামিউল আখটাৰ বৰবৰাই জানিবলৈ দিয়া মতে, বিগত কেইবছৰ মানৰ পৰা কল্যাণৰ মানসিক চিকিৎসাও চলি আছিল যদিও চিকিৎসা চলি থকাৰ মাজতে এই ঘটনাটো সংঘটিত হয় । হতাশা আৰুমানসিক অস্থিৰতাৰ বাবেই তেওঁ এই চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা বুলি সকলোৱে এতিয়া সন্দেহ কৰিছে । ইফালে পূজাৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত এই অপ্ৰত্যাশিত ঘটনাটোক লৈ লখিমপুৰত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

NCP Leader Baba Siddique Shot Dead: মুম্বাইত এন চি পিৰ নেতা বাবা ছিদ্দিকক গুলীয়াই হত্যা; ২ জনক গ্ৰেপ্তাৰ

NCP Leader Baba Siddique Shot Dead: মুম্বাইত এন চি পিৰ নেতা বাবা ছিদ্দিকক গুলীয়াই হত্যা; ২ জনক গ্ৰেপ্তাৰ
NCP Leader Baba Siddique Shot Dead: মুম্বাইত এন চি পিৰ নেতা বাবা ছিদ্দিকক গুলীয়াই হত্যা; ২ জনক গ্ৰেপ্তাৰ

মুম্বাই, ১৩ অক্টোবৰ: শনিবাৰে সন্ধিয়া মুম্বাইৰ উপনগৰ অঞ্চল বান্দ্ৰাত অজিত-পাৱাৰ নেতৃত্বাধীন এন চি পি দলৰ(Nationalist Congress Party) নেতা তথা তিনিবাৰৰ বিধায়ক বাবা ছিদ্দিকীক আততায়ীয়ে গুলীয়াই হত্যা কৰে(NCP Leader Baba Siddique Shot Dead)।

দুটাকৈ গুলীয়ে বুকুত আঘাত কৰা বাবা ছিদ্দিকীক ততাতৈয়াকৈ চিকিৎসাৰ বাবে মুম্বাইৰ লীলাৱতী চিকিৎসালয়লৈ(Lilavati Hospital) নিয়া হয় যদিও কিছু সময়ৰ পিছতে তেওঁৰ মৃত্যু ঘটে।

লিলাৱতী হাস্পতালৰ চিকিৎসক ডাঃ জলিল পাৰ্কাৰে কলে, “নিশা প্ৰায় ৯.৩০ বজাত বাবা ছিদ্দিকক চিকিৎসালয়লৈ অনা হৈছিল যদিও নিশা প্ৰায় ১১.২৭ বজাত তেওঁক মৃত ঘোষণা কৰা হয়। তেওঁৰ বুকুত গুলীৰ আঘাত আছিল।” চিকিৎসালয়খনৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ নীতিন গোখলেই মৰণোত্তৰ পৰীক্ষাৰ পিছতহে কেইটাকৈ গুলীৰ দ্বাৰা তেওঁ আঘাতপ্ৰাপ্ত হৈছিল সেইয়া নিশ্চিত হ’ব পৰা যাব বুলি জানিবলৈ দিয়ে।

ইফালে এন চি পিৰ নেতাজনৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ দুজনক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। অতিৰিক্ত আৰক্ষী আয়ুক্ত পৰমজিৎ সিং দহিয়াই সাংবাদিকৰ আগত কয় যে, “নিশা প্ৰায় ৯:৩০ বজাত নিৰ্মল নগৰত এই ঘটনাটো সংঘটিত হৈছিল। ঘটনাটো সংঘটিত হোৱাৰ পিছতেই বাবা ছিদ্দিকক ততাতৈয়াকৈ লীলাৱতী চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়। ঘটনাটোৰ লগত জড়িত থকাৰ সন্দেহত ইতিমধ্যে দুজন লোকক আটক কৰা হৈছে ।তাৰোপৰি আক্ৰমণৰ এই ঘটনাটোক লৈ মুম্বাই ক্ৰাইম ব্ৰাঞ্চে তদন্ত অব্যাহত ৰাখিছে।” লগতে এই অপৰাধত ব্যৱহৃত ৯.৯ এম এমৰ এটা পিষ্টল উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

অহা মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকা ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ এতিয়া বিৰোধীও হৈ পৰিছে সৰব । শনিবাৰে এন চি পিৰ নেতাজনৰ হত্যাৰ এই ঘটনাক কংগ্ৰেছ দলে গৰিহনা দিয়াৰ লগতে একনাথ সিন্দে নেতৃত্বাধীন চৰকাৰখনক কৰিছে তীব্ৰ সমালোচনা । মহাৰাষ্ট্ৰৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ নিয়ন্ত্ৰণত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি এই ঘটনাৰ নিকা তথা উচিত তদন্তৰ দাবী জনায়।

উল্লেখ্য যে, বান্দ্ৰা ইষ্টক প্ৰতিনিধিত্ব কৰি তিনিবাৰকৈ বিধায়কৰ হোৱাৰ লগতে মহাৰাষ্ট্ৰৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীও আছিল বাবা ছিদ্দিক । শেহতীয়াকৈ কংগ্ৰেছৰ পৰা পদত্যাগ কৰি চলিত বৰ্ষৰ আৰম্ভণিতে এন চি পিৰ অজিত পাৱাৰৰ ফৈদত(Ajit-Pawar-led NCP) যোগদান কৰিছিল বাবা ছিদ্দিকে ।

RSS chief blasts : আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ বিস্ফোৰণ

RSS chief blasts : আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ বিস্ফোৰণ
RSS chief blasts : আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ বিস্ফোৰণ

RSS chief blasts : আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ বিস্ফোৰণভাৰতৰ যুৱক-যুৱতীসকলৰ ওপৰত বিকৃত মূল্যবোধৰ প্ৰভাৱ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সন্দৰ্ভত শনিবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে কঠোৰ সতৰ্কবাণী প্ৰকাশ কৰে।

বিজয়দশ্মী উপলক্ষে আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক বৃহৎ সমাৱেশত ভাষণ দি ভাগৱতে শিশুৰ ওপৰত আধুনিক প্ৰযুক্তি আৰু সংবাদ মাধ্যমৰ প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰি মোবাইল ফোন আৰু অভাৰ-দ্য-টপ (অ’টিটি) ষ্ট্ৰীমিং প্লেটফৰ্মক মূল অৱদান হিচাপে উল্লেখ কৰিছে।

ভাষণত ভাগৱতে কয়, ‘বিভিন্ন ব্যৱস্থা আৰু প্ৰতিষ্ঠানে প্ৰচাৰ কৰা বিকৃত অপপ্ৰচাৰ আৰু দুৰ্বল মূল্যবোধে ভাৰতৰ নৱপ্ৰজন্মৰ মন, কথা, কৰ্মত নেতিবাচক প্ৰভাৱ পেলাই আহিছে।

তেওঁ জোৰ দি কয় যে অ’টিটিৰ বিষয়বস্তুৰ ওপৰত নিয়ন্ত্ৰণৰ অভাৱে শিশুসকলক অনুপযুক্ত পৰিৱেশৰ সন্মুখীন কৰাইছে, সমাজৰ নৈতিকতা সুৰক্ষিত কৰিবলৈ বিজ্ঞাপন আৰু সংবাদ মাধ্যমৰ ওপৰত আইনী প্ৰক্ৰীয়া গ্ৰহণ কৰাৰ আহ্বান জনায়।

‘ম’বাইল ফোন এতিয়া শিশুৰ হাততো উপলব্ধ হৈছে। কি দেখুওৱা হৈছে আৰু আমাৰ ল’ৰা-ছোৱালীয়ে কি চাই আছে তাৰ ক্ষেত্ৰত অ’টিটি প্লেটফৰ্মৰ ওপৰত নিয়ন্ত্ৰণ কম বা একেবাৰেই নাই।’ -ভাগৱতে কয়।

কন্টেন্ট ইমানেই ঘৃণনীয় যে ইয়াৰ কথা উল্লেখ কৰিলেও শালীনতাৰ উলংঘা হ’ব। আমাৰ ঘৰ আৰু সমাজত বিজ্ঞাপন আৰু বিকৃত দৃশ্যগত বিষয়বস্তুৰ ওপৰত আইনী নিৰীক্ষণৰ জৰুৰী প্ৰয়োজনীয়তা যেন লাগে।-তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ এক্সত ভাগৱতৰ ভাষণৰ ভিডিঅ’ শ্বেয়াৰ কৰি আৰ এছ এছক শতবৰ্ষত ভৰি দিয়াৰ বাবে অভিনন্দন জনায়। মোদীয়ে সংস্থাটোৰ জাতিটোৰ প্ৰতি থকা নিষ্ঠাক প্ৰশংসা কৰি কয়, ‘মা ভাৰতীৰ প্ৰতি এই সংকল্প আৰু সমৰ্পণে দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰিব আৰু ‘উন্নত ভাৰত’ক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰতো নতুন শক্তি পূৰণ কৰিব। আজি বিজয়দশমীৰ শুভ উপলক্ষে মাননীয় সৰসংঘচালক মোহন ভাগৱত জীৰ ভাষণ নিশ্চয় শুনিব লাগিব…”

১৯২৫ চনত প্ৰতিষ্ঠা হোৱা আৰ এছ এছৰ অস্তিত্বৰ ১০০ বছৰ উদযাপন কৰা হৈছে, যিটো মাইলৰ খুঁটি ভাগৱতে কেৱল সংগঠনটোৰ বাবেই নহয় ভাৰতৰ বাবেও তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰিছে। তেওঁ উল্লেখ কৰে যে দেশখন “যোৱা কেইবছৰমানৰ পৰা বৃদ্ধি পোৱা বিশ্বাসযোগ্যতাৰ সৈতে বিশ্বত অধিক শক্তিশালী আৰু সন্মানীয়” হৈ পৰিছে। অৱশ্যে, এই উত্থানে বাহ্যিক শক্তিৰ ভাবুকিও আকৰ্ষণ কৰিছে বুলি তেওঁ সকীয়াই দিয়ে। ভাৰতক আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা দিশতে অস্থিৰ কৰাৰ প্ৰচেষ্টাৰ সতৰ্কবাণী দি ভাগৱতে কয় যে অশুভ ষড়যন্ত্ৰই দেশৰ সংকল্পৰ পৰীক্ষা কৰি আছে।

আৰ এছ এছে শতবাৰ্ষিকীত ভৰি দিয়াৰ লগে লগে ভাগৱতে কয় যে সংস্থাটোৱে পৰিৱেশ সংৰক্ষণ, নাগৰিক অনুশাসন, বাক্য আৰু কৰ্মত সংযমৰ ভাবনা গঢ়ি তোলা আদি বিষয়ত গুৰুত্ব দিব। এই মূল্যবোধসমূহে ভাৰতৰ শান্তি আৰু প্ৰগতিৰ ভেটি হিচাপে কাম কৰিব বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।

MP Rakibul Hussain : সাংসদ ৰকিবুল হুছেইনে কিনিলে ১০টা বেলুন

MP Rakibul Hussain : সাংসদ ৰকিবুল হুছেইনে কিনিলে ১০টা বেলুন
MP Rakibul Hussain : সাংসদ ৰকিবুল হুছেইনে কিনিলে ১০টা বেলুন

MP Rakibul Hussain : দৈনন্দিন বাৰ্তাৰ বিশেষ সেৱা, ধুবুৰী, ১২ অক্টোবৰ: মণ্ডপে মণ্ডপে এটি ১২ বছৰীয়া ল’ৰা। হাতত বেলুন, মুখা, বাঁহীৰ এটা জাপ লৈ ধুবুৰীৰ মণ্ডপে মণ্ডপে বিক্ৰীৰ বাবে ঘুৰি ফুৰিছে। ঘৰখন চলাব লাগে। পূজাৰ বতৰত খুবেই ব্যস্ত লৰাটি। ভৱিষ্যতে এগৰাকী সেনা জোৱান হোৱাৰ হেঁপাহলৈ এই দৰেই জীৱন সংগ্ৰাম কৰি গৈ আছে।

যি সময়ত লগৰবোৰে সমনিয়াৰ লগত ঘূৰি ফুৰি সময় অতিবাহিত কৰিছে, ঠিক সেই সময়ত পূজাৰ আনন্দ বাদ দি ল’ৰাটিয়ে নিজৰ মাতৃ-পিতৃক আৰ্থিকভাৱে সহায় কৰিবলৈ দিনে-নিশাই চলাই গৈছে অহৰহ চেষ্টা, মূৰত কঢ়িৱাই লৈছে গধূৰ দায়িত্ব। ধুবুৰীৰ বিদ্যাপাৰা এম ই বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ৰোকি মালোঁ দাস, পিতৃ দ্বীপ বাষ্কো দাসে ড্ৰাইভাৰৰ কাম কৰে আৰু মাকে কাম কৰে মানুহৰ ঘৰত।

পূজাৰ সময়ত বহু আৰ্থিক অনাটনত পৰিছিল পৰিয়ালটো। আৰু সেয়ে এতিয়া পূজাৰ মণ্ডপে মণ্ডপে এইদৰেই বিক্ৰী কৰিছে বেলুন। ৰাইজেও এটা দুটাকৈ কিনিছে বেলুন।

ধুবুৰীৰ কালীবাঢ়ি মন্দীৰ প্ৰাংগনত এই ল’ৰাটিয়ে বেলুন বিক্ৰী কৰি থকাৰ সময়তেই মন্দিৰত উপস্থিত হল ধুবুৰীৰ সাংসদ ৰকীবুল হুছেইন।

চকু গ’ল ল’ৰাটিলৈ, সাংসদ হুছেইনে আগুৱাই গৈ ল’ৰাটিৰ পৰা কিনিলে ১০টা বেলুন। বেলুনৰ বাবদ ল’ৰাটিৰ হাতত গুজি দিলে ১ হাজাৰ টকা। (balloons)

Tamilnadu Train Accident : মহীছুৰু-দৰভংগা বাগমতী এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ

মহীছুৰু-দৰভংগা বাগমতী এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ
মহীছুৰু-দৰভংগা বাগমতী এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ

Tamilnadu Train Accident: দেশত পুনৰ ৰে’ল দুৰ্ঘটনা। চেন্নাইৰ সমীপত শুকুৰবাৰে নিশা মহীছুৰু-দৰভংগা বাগমতী এক্সপ্ৰেছ (ট্ৰেইন নং ১২৫৭৮) আৰু এখন বস্তু কঢ়িওৱা ৰে’লৰ খুন্দাত ১৯ জন যাত্ৰী আহত হয়। নিশা প্ৰায় ৮:৩০ বজাত সংঘটিত হয় এই সংঘৰ্ষ। চেন্নাই-গুদুৰ অংশৰ কাভাৰাইপেট্টাই ৰে’লৱে ষ্টেচনত ১২টা ডবা ৰে’লপথৰ পৰা আঁতৰি যায়। ৰে’ল কৰ্তৃপক্ষই এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে আৰু দুৰ্ঘটনাস্থলীত ট্ৰেক পুনৰুদ্ধাৰৰ কাম দ্ৰুতগতিত আগবাঢ়িছে বুলি কয়।


বিষয়াসকলৰ মতে, তদন্ত অব্যাহত আছে। দক্ষিণ ৰে’লৱেৰ জেনেৰেল মেনেজাৰ আৰ এন সিঙে কয়, ৰে’লখন কাভাৰাইপেট্টাই ষ্টেচনত ৰোৱাৰ কথা নাছিল আৰু ইয়াৰ পৰিৱৰ্তে ৰে’লখন পাৰ হৈ য়োৱাৰ কথা আছিল।

চেন্নাইৰ পৰা ৰাওনা হোৱাৰ পিছত সংকেত অনুসৰণ কৰে মহীচুৰু-দৰভংগা এক্সপ্ৰেছৰ চালকে। কিন্তু মূল ট্ৰেকৰ পৰিৱৰ্তে ঘণ্টাত ৭৫ কিলোমিটাৰ বেগত চলি থকা ৰে’লখন ভুলৱশতঃ লুপ লাইনলৈ সলনি হোৱাৰ ফলত মাল ট্ৰেইনখনৰ সৈতে সংঘৰ্ষ হয়।

“ইয়াত (কাভাৰাপেট্টাই ষ্টেচন) ৰৈ যোৱাৰ কথা নাছিল), গতিকে ইয়াৰ মাজেৰে পাৰ হ’ব লাগিছিল। চেন্নাইৰ পৰা ওলাই অহাৰ পিছত এই ৰে’লখনৰ বাবে গ্ৰীণ চিগনেল দিয়া হৈছিল। চালকে চিগনেলবোৰ শুদ্ধকৈ অনুসৰণ কৰিছিল, কিন্তু ট্ৰেইনখনে মেইন লাইন ল’ব লাগিছিল।” তাৰ পৰিৱৰ্তে ই চুইচত লুপ লাইন লৈছিল, য’ত ভুল হল। ‘

যাত্ৰীবাহী ৰে’লখনে পাছফালৰ পৰা মালবাহী ট্ৰেইনখনত খুন্দা মৰাৰ ফলত ১২টা ডবা ৰে’লপথৰ পৰা ওলাই পেৰ।

আন এজন বিষয়াই জনোৱা মতে, কাভাৰাপেট্টাই ষ্টেচনত প্ৰৱেশ কৰাৰ সময়ত ৰে’লখনে গধুৰ জোকাৰণিৰ সন্মুখীন হয় আৰু চিগনেলে ইংগিত দিয়াৰ দৰে মূল লাইনেৰে নগৈ লুপ লাইনত থিয় হৈ থকা মালবাহী গাড়ীখনত খুন্দা মাৰে।

যোৱা নিশা কাৱৰাইপেট্টাইত সংঘটিত দুৰ্ঘটনাত পতিত হোৱা দৰভংগা বাগমতী এক্সপ্ৰেছৰ যাত্ৰীসকলে শনিবাৰে ধৰবাংগা অভিমুখে এখন বিশেষ ৰে’লত উঠে।

মহীচুৰু-দৰভঙা বাগমতী এক্সপ্ৰেছ দুৰ্ঘটনাৰ পিছতে ৰে’ল সেৱা ব্যাহত হৈ পৰে। এই কাণ্ডই সমগ্ৰ অংশটোত ৰে’লৰ চলাচলত প্ৰভাৱ পেলাইছিল, যাৰ ফলত দুখন ৰে’ল বাতিল কৰা হয় আৰু আন ছখনতকৈও অধিক ৰে’ল ডাইভাৰচন কৰা হয়। বাতিল কৰা ৰে’ল দুখনঃ (ট্ৰেইন নং-১২০৭৭) ড° এম জি আৰ চেন্নাই চেণ্ট্ৰেল-বিজয়াৱাদা জন শতাব্দী এক্সপ্ৰেছ, (ট্ৰেইন নং-১২০৭৮) বিজয়াৱাদা-ড° এম জি আৰ চেন্নাই চেণ্ট্ৰেল জন শতাব্দী এক্সপ্ৰেছ।

শুকুৰবাৰে গভীৰ নিশা চেন্নাইৰ চৰকাৰী ষ্টেনলি মেডিকেল কলেজ হাস্পতালত তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী উধয়ানিধি ষ্টেলিনে মহীছুৰু-দৰভংগা এক্সপ্ৰেছ ৰে’লৰ সংঘৰ্ষত আহত যাত্ৰীসকলক সাক্ষাৎ কৰে।

Srimanta Shankardev । মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ

Srimanta Shankardev । মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ
Srimanta Shankardev । মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ

১২ অক্টোৱৰ, গুৱাহাচীঃ Srimanta Shankardev ।

” জয় গুৰু শংকৰ সৰ্ব গুণাকৰ
যাকেৰি নাহিকে উপাম
তোহাৰি চৰণকো ৰেণু শতকোটি
বাৰেক কৰোহো প্ৰণাম।।”
বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমীয়া সাহিত্য, সংস্কৃতিৰ এক প্ৰোজ্জ্বল জ্যোতিষ্ক শংকৰদেৱ গুৰুজনাৰ আৰ্ৱিভাৱ হয় ১৪৪৯ চনত বৰদোৱাত (নগাঁও জিলা)। আৰু তিৰোভাৱ হয় ১৫৬৮ চনত মধুপুৰ সত্ৰ, ভেলাদংগা (কোচবিহাৰ)।
তেৰাৰ জন্ম সম্পৰ্কে ভিন্ন মতো পোৱা যায়।
“বাঁহী” কাকতত প্ৰকাশ হোৱানুসৰি গুৰুচৰিত পুথিত আছে যে ১৩২১ শকৰ কাতিৰ সংক্ৰান্তিৰ অমাৱস্যা তিথিত বৃহস্পতি বাৰে মাজনিশা গুৰুজনাৰ জন্ম হয়। কোনো কোনোৰ মতে আকৌ ১৩৭১ শকৰ আহিন মাহৰ পাঁচদিন যোৱাত শুক্লা দশমী তিথিত শুক্ৰবাৰে নিশা তেখেতৰ জন্ম হৈছিল। সন্তৰাম দৈৱগ্যৰ নিৰ্ণয় মতে মহাপুৰুষ শংকৰদেৱৰ ধনু ৰাশি, দেৱ গণ ,ৰোহিণী নক্ষত্ৰ আৰু মাহেন্দ্ৰ যোগত জন্ম হৈছিল।
তেওঁৰ প্ৰকাশ্য নাম শঙ্কৰ, গুপ্ত নাম গঙ্গাধৰ। দৈত্যাৰি ঠাকুৰৰ পুথিত উল্লেখ আছে যে…
“শঙ্কৰৰ বৰত পুত্ৰক লভিলন্ত।
এতেকে শঙ্কৰবৰ নামক থৈলন্ত
গুপ্তনাম তাৰ থৈলন্ত গঙ্গাধৰ।।”


তেৰাৰ দহটা নাম- শঙ্কৰ, গঙ্গাধৰ, মহাপুৰুষ, ডেকাগিৰি, অধিকাৰী, সন্ত, মহন্ত, আতা, গোমস্তা, জগন্নাথ। শংকৰদেৱ গুৰুজনাক ডেকাগিৰি বুলিও মতা হৈছিল। তেৰাৰ পিতৃ আছিল শিৰোমণি কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধা আই। পিতৃ মাতৃৰ বিয়োগৰ পিছত বুঢ়ীমাক খেৰসূতীয়ে তেৰাক তুলি তালি ডাঙৰ দীঘল কৰে। শংকৰদেৱৰ দুগৰাকী পত্নী আছিল সূৰ্যৱতী আৰু কালিন্দী আই। প্ৰথম গৰাকী পত্নীৰ ফালৰ পৰা তেখেতৰ এগৰাকী কন্যা সন্তানে জন্ম গ্ৰহণ কৰে নাম মনু। মনুৱে জন্ম হোৱাৰ পিছতেই মাতৃৰ বিয়োগ হয়। সূৰ্যৱতীৰ বিয়োগত গুৰুজনা বৰ মৰ্মাহত হৈছিল। পত্নীক হেৰুৱাৰ পিছত তেৰাই তীৰ্থ ভ্ৰমণলৈ যায়। তেখেতে দুবাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল। প্ৰথম বাৰৰ ভ্ৰমণকাল ১২ বছৰ আছিল। তাৰ পৰা উভতি আহি বুঢ়ীমাক খেৰসূতীৰ আগ্ৰহতেই কালিন্দী আইক বিয়া কৰাব লগা হয়। সেই সময়ত গুৰুজনাৰ বুঢ়ীমাকে টান নৰিয়াত পৰিছিল। বংশ ৰক্ষাৰ্থে সকলোৱে শংকৰদেৱক বিয়াত বহিবলৈ অনুৰোধ কৰিছিল। শংকৰদেৱে বাল্যকালত লগ সমনীয়াৰ লগত বহু ডাঙৰলৈ ধিতিঙালি কৰি ফুৰিছিল। যেতিয়া তেৰাই লৰি-ঢাপৰি ফুৰিব পৰা হৈছিল , গোটেই দিনটো লগৰীয়াৰ সৈতে ৰং-ধেমালি কৰাৰ বাহিৰে অন্য একো কাম নাছিল। কেতিয়াবা ঘিলা, কেতিয়াবা কোটোৰা, কেতিয়াবা ভটা খেলিছিল আৰু কেতিয়াবা‍ বিৰিণা বনৰ মাজত সোমাই লুকা-ভাকু কুক-ভা খেলিছিল। সেইবাবে খঙতে বুঢ়ীমাক খেৰসূতীয়ে তেৰাৰ ভৱিষ্যত জীৱনৰ মংগলাৰ্থে ১২ বছৰ বয়সত শিক্ষা জীৱনৰ আৰম্ভণিৰ বাবে গুৰু মাধৱ কন্দলিৰ শৰণাপন্ন হয় আৰু শংকৰদেৱে শিক্ষা গ্ৰহণ কৰে মাধৱ কন্দলিৰ টোলত। শংকৰদেৱৰ সৰু কালত কিছুমান অলৌকিক ঘটনা ঘটিছিল। এদিন শংকৰদেৱে শয্যাত শুই থাকোঁতে চকৰি-ফেটীসাপ এটাই ফনা তুলি তেৰাৰ মূৰৰ ওপৰত ছাতিৰ দৰে ছাঁ দি আছিল।

তাকে দেখি ধাইমাকে দৌৰি গৈ বুঢ়ীমাক খেৰসূতিক কোৱাত তেওঁ আহি শংকৰক সাৱটি ধৰিছিল। তাৰ পিছত সাপডাল গুছি গৈছিল। শংকৰে ষাঁড় গৰুৰ শিঙত ধৰি বগৰাই দিছিল। ভাদ মহীয়া ভৰা লুইত সাঁতুৰি ইপাৰ সিপাৰ হৈছিল। ব্ৰহ্মপুত্ৰ নদীত বুৰ মাৰি পানীৰ তলত বহুত সময় ধৰি আছিল। পানীৰ তলৰ পৰা শংকৰদেৱে বহু পৰলৈকে নোলোৱা দেখি লগৰীয়াবিলাকে কান্দিবলৈ ধৰাত তেওঁ পানীৰ পৰা ওলাই আহিছিল। আকৌ এদিন তেওঁ লগৰীয়াবিলাকৰ সৈতে বনলৈ গৈ তাৰ পৰা পহু পোৱালি এটা ধৰি আনিছিল । অলপ সময় তাৰ সৈতে খেলি আকৌ তাক বনত এৰি দিছিল। অইন এদিন শংকৰে লগৰীয়া বোৰৰ সৈতে ব্ৰহ্মপুত্ৰৰ পাৰত উমলি থাকোঁতে দেখিছিল যে এটা শিহুৱে পানীত বুৰ মাৰি উজাই গৈ আছে। শংকৰে সেই শিহুটোৰ সৈতে সাঁতুৰি গৈ তাক ধৰি আনি লগৰীয়া বোৰক দেখুৱাই আকৌ পানীত এৰি দিছিল। শংকৰৰ দহবছৰ বয়স হওতে তেওঁলোকৰ ঘৰত এটা ডাঙৰ সাপ সোমাইছিল। সাপটো দেখি বুঢ়ীমাক আৰু ধাইমাক চন্দৰীৰ চুলিৰ আগে জীৱ গৈছিল। শংকৰে সাপটো নেগুৰত ধৰি একেচোঁচাই টানি নি তাক চোতাল পোৱালেগৈ আৰু মূৰৰ ওপৰলৈ তুলি ঘূৰাই ঘূৰাই দূৰলৈ দলিয়াই মাৰি পেলাইছিল। শিক্ষা গ্ৰহণৰ সময়ত বৰ্ণমালা পঢ়ি শেষ কৰিয়েই গুৰুজনাই আ কাৰ ইকাৰ নোহোৱাকৈয়ে “কৰতল কমল কমলদল নয়ন” কবিতাটি লিখি গুৰুক দেখুৱায়।
“কৰতল কমল কমল দল নয়ন ।
ভৱ দৱ দহন গহন বন শয়ন ॥
নপৰ নপৰ পৰ সতৰত গময় ।
সভয় মভয় ভয় মমহৰ সততয় ॥
খৰতৰ বৰ শৰ হত দশবদন ।
খগচৰ নগধৰ ফণধৰ শয়ন ॥
জগদঘ মপ হৰ ভৱভয় তৰণ ।
পৰপদ লয় কৰ কমলজ নয়ন ॥”
তেওঁ শংকৰৰ প্ৰতিভা দেখি তৱধ মানে। আৰু শংকৰ যে কালক্ৰমত গৈ এজন মহাজ্ঞানী পুৰুষ হ’বগৈ তাক অনুমান কৰিব পাৰিছিল। আ কাৰ ই কাৰ নোহোৱাকৈ অথচ ভগৱানৰ গুণগৰিমাৰে পুষ্ট উপৰোক্ত কবিতাটি পঢ়ি গুৰু মহেন্দ্ৰ কন্দলিয়ে শংকৰদেৱৰ অসাধাৰণ প্ৰতিভাৰ উমান পাইছিল (প্ৰায় ৫৪০ বছৰৰ পূৰ্বে ৰচিত এই কবিতাটি অসমীয়া ভাষাৰ আ কাৰ ই কাৰবিহীন একমাত্ৰ কবিতা ৰূপে সৰ্বজন সমাদৃত হৈ আছে)। এই কবিতাটি পঢ়ি উঠাৰ পিছতেই গুৰু কন্দলিয়ে শংকৰৰ নামৰ পিছত “দেৱ” নাম লগ লগাই দিয়ে। অৰ্থাৎ তেতিয়াৰ পৰা শংকৰ “শংকৰদেৱ” হৈ পৰে। গুৰুসকলে শংকৰক এবাৰ কোনো এটা পাঠ শিকাই দিলে দুবাৰ সেইপাঠ তেওঁক শিকাবলগীয়া নহৈছিল। শাস্ত্ৰবিদ্যাৰ সোৱাদ পোৱাৰ পিছত শংকৰদেৱে দিনে ৰাতিয়ে একাণপতীয়াকৈ শাস্ত্ৰ চৰ্চা আৰু শাস্ত্ৰালাপৰ বাহিৰে আন কথাত সময় ব্যতিত কৰাৰ পৰা বিৰত আছিল। শংকৰদেৱে প্ৰায় সাতবছৰ কাল গুৰুগৃহত শাস্ত্ৰ অধ্যয়ন কৰিছিল। এই শাস্ত্ৰসমূহ অধ্যয়ন কৰি, বিজ্ঞ পণ্ডিত সকলোৰে সৈতে আলোচনাত অংশ গ্ৰহণ কৰি ”বিশাৰদ” উপাধি লয়।
শিক্ষা সাং কৰি উঠি পঢ়াশালিৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত গুৰুজনাৰ আত্মীয়সকলে তেওঁক ভূঞা বংশৰ “শিৰোমণি ভূঞাৰ” দায়িত্ব অৰ্পণ কৰিছিল। তেৰাই অতি দক্ষতাৰে শিৰোমণি ভূঞাৰ দায়িত্ব পালন কৰা দেখি আত্মীয় আৰু ৰাইজে তেওঁক “ডেকাগিৰি” উপাধিৰে সন্মানিত কৰিছিল। বিদ্যা সাং কৰি তেৰাই, যোগশাস্ত্ৰ অধ্যয়নৰ লগতেই যোগাভ্যাস কৰি সেই বিদ্যাটো নিপুন হৈ পৰিছিল। আৰু কুম্ভক যোগ অভ্যাস কৰি প্ৰাণ, অপান আদি বায়ু বশ কৰি লোকক তেওঁৰ যোগৰ ক্ষমতা দেখুৱাই অবাক কৰিছিল।
মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। তেখেতে সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেৰাই যি বিস্ময়কৰ অৱদান আগবঢ়াই থৈ গ’ল, তাৰ বাবে তেখেতক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।


মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বাৰ বছৰ বয়সতে “কৰতল কমল কমল দল নয়ন” কবিতাৰে শাব্দিক যাত্ৰাৰ আৰম্ভ কৰি জীৱনৰ প্ৰায় শেষ বয়সত ৰচনা কৰা “ৰাম বিজয়” নাটৰ সময়লৈকে প্ৰায় এশবছৰৰো অধিক কাল সাহিত্য চৰ্চা কৰা সাহিত্যিক আমাৰ অসমতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষ তথা পৃথিৱীতেই তেনে প্ৰতিভাৰ উপস্থিতি বিৰল। অসমীয়া জাতি তথা মানৱ সত্ত্বাৰ মংগলাৰ্থে তেৰাই কেৱল মানুহৰ মনত ভক্তি ভাৱৰ সঞ্চাৰ কৰি সামাজিক উত্তৰণৰ আশা কৰিয়েই সকলোৰে বোধগম্য হোৱাকৈ ব্ৰজাৱলী ভাষাৰ সৃষ্টি কৰি প্ৰায়বোৰ শাস্ত্ৰ লিখি উলিয়াই গীত মাত বাদ্য ভাওনা নৃত্য-নাটিকা আদি প্ৰকাশ আৰু প্ৰচাৰ কৰিছিল।
প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰোঁতে ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাৰ লগত সম্পৰ্কিত প্ৰায়বোৰ স্থান ভ্ৰমণ কৰি ভক্তিৰসেৰে আপ্লুত হৈ শঙ্কৰদেৱে নিজৰ চিন্তাধাৰা আৰু দৃষ্টিভংগীক বিস্তৃত আৰু গভীৰ কৰি তুলিলে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ কৃষ্টি-সংস্কৃতিৰ মুকুতা বুটলি নিজ মাতৃভূমিত এক নতুন ধৰ্ম-সংস্কৃতিৰ বীজ ৰোপণ কৰাৰ মানসেৰে বাৰ বছৰৰ মূৰত বিস্তৃত ভ্ৰমণসূচী সামৰি সংগীসকলৰ সৈতে ১৪১৫ শকত (১৮৯৩ খ্ৰী:) নিজ গৃহলৈ ঘূৰি আহিল। শঙ্কৰদেৱে তীৰ্থ ভ্ৰমণ কৰাৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষত ভক্তি আন্দোলনৰ ঢৌৱে ঢৌৱাই গৈছিল। তেওঁ ভক্তি আন্দোলনৰ মতবাদৰ সৰলতা আৰু কাৰ্যকাৰিতাত অতিকৈ মুগ্ধ হৈছিল।

নিজৰ ৰাজ্যৰ মানুহখিনিৰ মাজত এই সহজ-সৰল ধৰ্মীয় মতবাদ প্ৰচাৰৰ বাবে শঙ্কৰদেৱৰ মনত হাবিয়াস জন্মে। সেই সময়ত অসম ৰাজ্যখনত বিভিন্ন ধৰ্মীয় মতবাদ প্ৰচলিত আছিল। ভগৱানক উপাসনা কৰাৰ কোনো নিৰ্দিষ্ট পদ্ধতি নাছিল। অসংখ্য দেৱ-দেৱীৰ পূজা, বৃক্ষ পূজা, শিল পূজা, সৰ্প পূজা, ডাঙৰীয়া পূজা, প্ৰকৃতি পূজা আদি জনসাধাৰণৰ মাজত ব্যাপকভাৱে প্ৰচলিত আছিল। দেৱ-দেৱীৰ সন্তুষ্টিৰ অৰ্থে মানুহে বিগ্ৰহৰ আগত পশু বলি দিছিল। আনকি নৰবলি পৰ্য্যন্ত চলিছিল। ধৰ্মীয় আচাৰ-বিধিবোৰ সাধাৰণতে সহজ নাছিল। শঙ্কৰদেৱৰ মনত একান্ত বিশ্বাস জন্মিছিল যে ভক্তিধৰ্মই ভিন্‌ ভিন্‌ ধৰ্মীয় বিশ্বাসৰ মানুহবোৰক একগোট কৰিব পাৰিব বা একগোট কৰি ৰাখিব পাৰিব। সকলো লোককে এটি মাথোন ধৰ্মীয় বিশ্বাসৰ অধীনলৈ আনিবলৈ এই ভক্তিধৰ্মই হ’ব সৰ্বোত্তম পন্থা। এনে ব্যৱস্থাত উচ্চ-নীচ, ধনী-দুখীয়াৰ প্ৰভেদ নাথাকিব। ধৰ্মীয় অনুষ্ঠানত কোনো জাকজমকতা আৰু ব্যয়বহুলতা নাথাকিব। তীৰ্থ ভ্ৰমণ কৰা কালত লাভ কৰা অভিজ্ঞতা আৰু ঈশ্বৰ ভক্তি তত্ত্বৰ পৰম জ্ঞানেৰে সমৃদ্ধ হৈ সৰ্বসাধাৰণ মানুহখিনিৰ মাজত নামধৰ্ম প্ৰচাৰ কৰি মানুহক মোক্ষ লাভৰ সহজ পথৰ সন্ধান দিছিল। ভাগৱতৰ ভক্তি আৰু গীতাৰ একশৰণ একত্ৰ কৰি তেওঁ অসমত “এক শৰণ ভাগৱতী বৈষ্ণৱ নামধৰ্মৰ” খুঁটি পুতিছিল। বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বময় কৰ্তা ভগৱান এজন আৰু তেৱেই হৈছে পৰমেশ্বৰ বিষ্ণু। এইজনাৰ নাম ল’লেই জগতৰ সকলো দুখ-যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাব পৰি; সেয়ে আমি এইজনা সৰ্বশক্তিমান ভগৱানৰ চৰণত শৰণ ল’ব লাগে। শঙ্কৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মই হৈছে চমুকৈ একশৰণ নামধৰ্ম। ইয়াক নৱবৈষ্ণৱ ধৰ্ম বা মহাপুৰুষীয়া ধৰ্ম বুলিও কোৱা হয়।

শঙ্কৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মৰ মূল আধাৰ হ’ল ”দ্বাদশ স্কন্ধ ভাগৱত” গ্ৰন্থ। এই ধৰ্মমতত ক্ৰিয়াকাণ্ডৰ ব্যয়বহুলতা, বলি-বিধান, যাগ-যজ্ঞ, পূজা-পাতল, মূৰ্তি-উপাসনা অদি নাই। কেৱল “একদেৱ, একসেৱ এক বিনে নাই কেৱ”। অৰ্থাৎ‌ কায়মন বাক্যে হৰিৰ নাম শ্ৰৱণ-কীৰ্তন কৰা। শংকৰদেৱে সৃষ্টিকৰ্তা ভগৱান বিষ্ণুৰ মহান গুণৰাজি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ এক অভিনৱ নাট্যাভিনয়ৰ আয়োজন কৰিছিল। সেই নাট্যাভিনয়ক কোৱা হৈছিল চিহ্ন-যাত্ৰা (চিহ্ন=চিত্ৰ, যাত্ৰা= নাটক)। এনেদৰেই অসমত নাট্যকলাৰ জন্ম হয় গুৰুজনাৰ হাতত। গুৰুগৃহত থাকি অধ্যয়ন কৰোঁতে লাভ কৰা নাটকৰ জ্ঞান আৰু তীৰ্থভ্ৰমণ কালত লাভ কৰা অভিজ্ঞতাক ভেঁটি কৰি শংকৰদেৱে ”চিহ্ন” নামৰ নাট এখনি লিখি তাক “যাত্ৰা” হিচাবে অভিনয় কৰে। সেয়ে “চিহ্ন-যাত্ৰা”। শংকৰদেৱৰ নাট্য প্ৰতিভাৰ প্ৰথম স্বাক্ষৰ পোৱা যায় “চিহ্ন-যাত্ৰাত”। সংলাপহীন এই নাটকখনিৰ অভিনয় বৰদোৱাত চাৰিদিন সাতৰাতি হৈছিল বুলি কথিত আছে। নৃত্য-গীত আৰু চৰিত্ৰৰ সমাবেশেৰে ই ৰাইজক চমত্‌কৃত কৰিছিল। “চিহ্ন-যাত্ৰাৰ” ৰচনাকাল ১৪৬৮ খ্ৰীষ্টাব্দ বুলি জনা যায়।
শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলীসমূহ:
কাব্য গ্ৰন্থ : হৰিশ্চন্দ্ৰ উপাখ্যান, গজেন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিছলন কাব্য, অমৃত মন্থন, কুৰুক্ষেত্ৰ (দশম স্কন্ধ)।
নাট: পত্নী প্ৰসাদ, কালিয় দমন, কেলিগোপাল, ৰুক্মিনী হৰণ, পাৰিজাত হৰণ, আৰু ৰাম-বিজয় নাট।
ভক্তিতত্ত্বমূলক ৰচনা: ভক্তিপ্ৰদীপ অনাদি পাতন, ভক্তি ৰত্নাকৰ আৰু নিমি-নৱ-সিদ্ধ সংবাদ।
গীত: বৰগীত, ভটিমা, তোটয়, চপয়।
অনুবাদ ৰচনা: ভাগৱত পুৰাণৰ অজামিল উপাখ্যান, অমৃত মন্থন, বলিছলন, ১০ম, ১১শ আৰু ১২শ স্কন্ধ, ৰামায়নৰ উত্তৰাকাণ্ড।
নাম প্ৰসঙ্গৰ শাস্ত্ৰ: কীৰ্তন আৰু গুণমালা।
অন্যান্য আধ্যাত্মিক কৃষ্টিমূলক উদ্ভাৱন: মৃদং, খোল, বৰ তাল (ভোৰ তাল), ডবা, নাগাৰা, ভাওনা, বৰ সবাহ আৰু নামঘৰ, সত্ৰ।
কৃষ্ণ, জয় গুৰু শংকৰ।
“শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতৰু
তাহান্ত বিনাই নাই নাই নাই
আমাৰ পৰম গুৰু।”

সংগীতা ডেকা