BJP MLA Manab Deka Brother Suicide: ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ভাতৃৰ মৃতদেহ

লখিমপুৰ,১৩ অক্টোবৰ: দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে লখিমপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ ভাতৃৰ আত্মহনন(BJP MLA Manab Deka Brother Suicide) ।

লখিমপুৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা বিজেপি বিধায়ক মানৱ ডেকাৰ ভাতৃ কল্যাণ ডেকাই শনিবাৰে বাছি ললে চৰম পন্থা(BJP MLA Manab Deka Brother Suicide) । শনিবাৰে নিশা প্ৰায় ১১ মান বজাত এই ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । প্ৰাপ্ত খবৰ অনুসৰি, ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় কল্যাণ ডেকাৰ মৃতদেহ (Lakhimpur suicide case)।

ঘটনাটো সংঘটিত হোৱাৰ সময়ত ঘৰত কোনো লোক নাছিল বুলি জানিব পৰা গৈছে । বিধায়কজনৰ লগতে কল্যাণ ডেকা সহিতে পৰিয়ালৰ সকলো লখিমপুৰৰ বাসগৃহত একেলগে বসবাস কৰি আছিল । ঘটনাৰ দিনা দুৰ্গা পূজা উপলক্ষে পৰিয়ালৰ আনসকল সদস্য ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছিল । ঘৰত কোনো নথকাৰ সেই সময়চোৱাতে বিধায়কগৰাকীৰ ভাতৃ কল্যাণ ডেকাই ললে চৰম পন্থা(Kalyan Deka suicide) ।

এগৰাকী চিকিৎসকে জানিবলৈ দিয়া মতে, দীৰ্ঘদিন ধৰি কল্যাণৰ মানসিক অৱস্থা দুৰ্বল আছিল । বিগত পাঁচবছৰ মানৰ পৰা তেওঁ ‘বাইপোলাৰ ডিজৰদাৰ’ (Bipolar disorder) নামৰ এক মানসিক ৰোগত আক্ৰান্ত হৈ আছিল ।

চিকিৎসক চামিউল আখটাৰ বৰবৰাই জানিবলৈ দিয়া মতে, বিগত কেইবছৰ মানৰ পৰা কল্যাণৰ মানসিক চিকিৎসাও চলি আছিল যদিও চিকিৎসা চলি থকাৰ মাজতে এই ঘটনাটো সংঘটিত হয় । হতাশা আৰুমানসিক অস্থিৰতাৰ বাবেই তেওঁ এই চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা বুলি সকলোৱে এতিয়া সন্দেহ কৰিছে । ইফালে পূজাৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত এই অপ্ৰত্যাশিত ঘটনাটোক লৈ লখিমপুৰত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

Related Articles