মুখৰ সৌন্দৰ্য্যৰ বাবে আমি বহু ধৰণৰ ব্যয়বহুল চিকিৎসা গ্ৰহণ কৰি চিকিৎসকৰ পৰামৰ্শ লওঁ। এনে চিকিৎসাত আমাৰ বহু সময় আৰু ধন অপচয় হয়। কিন্তু, তেতিয়াও আমাৰ ছালৰ কোনো উন্নতি নহয়। দৈনিক ছালৰ যত্ন লোৱা হয় যদিও কপালৰ দৰে কিছুমান অংশত ক’লা দাগ আমি প্ৰায়ে মহিলা গাত দেখিবলৈ পাওঁ।(Face Glow)
আজি আমি আপোনালোকক ক’ম যে ঘৰতে থকা বস্তুৰে এই সমস্যাৰ পৰা কেনেকৈ মুক্তি পাব পাৰি। ঘৰুৱা এই ঔষধবোৰ অতি উপকাৰী আৰু সস্তা।(Remove blackness of your forehead with 5 home remedies)আপোনাৰ ছালৰ যত্ন ল’বলৈ এই টিপছসমূহ জানি লওকঃ
গাড়ী এখন ট্ৰেফিক পইণ্টত ১ মিনিট ৰ’লে কিমান পেট্ৰল খৰচ হয়? এই কথা জানেনে গাড়ীৰ মালিকসকলে বা কেতিয়াবা এই বিষয়ে জানিবলৈ চেষ্টা কৰিছে নে? আজি আমি এই বিষয়ে জনাম আপোনালোকক।(Car Petrol Consumption)
গাড়ী চলোৱাৰ সময়ত ১ মিনিটৰ বাবে থকা ট্ৰেফিক লাইটত আবদ্ধ হৈ থাকিলে বহুলোকে সেই সময়ত গাড়ীখনৰ ষ্টাৰট বন্ধ নকৰে। এনে পৰিস্থিতিত আপোনাৰ গাড়ীত ইন্ধনৰ ব্যৱহাৰ অব্যাহত থাকে। আপুনি হয়তো কোনোবা এটা সময়ত অনুমান কৰে যে ইন্ধনৰ খৰচ কিমান হয়। যদি আপুনিও এই কাম সঘনাই কৰে আৰু ট্ৰেফিক লাইটত ১ মিনিটৰ বাবে আপোনাৰ গাড়ীৰ ইন্ধন খৰচৰ বিষয়ে জানিব বিচাৰে তেন্তে এই লেখাটো আপোনাৰ বাবে।(traffic point)
গাড়ী ৰখাওঁতে ইন্ধন (পেট্ৰল/ডিজেল) (Petrol/Diesel)খৰচ গাড়ীৰ প্ৰকাৰ, ইঞ্জিনৰ ক্ষমতা, আৰু ইঞ্জিনৰ কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে যদি আপোনাৰ গাড়ীৰ ইঞ্জিন ১০০০ৰ পৰা ২০০০ চিচিৰ ভিতৰত হয়, তেন্তে ১ মিনিটৰ ষ্টপত প্ৰায় ০.০১ৰ পৰা ০.০২ লিটাৰ পেট্ৰল খৰচ হয়।
ডাঙৰ ইঞ্জিন (২০০০ চিচিতকৈ অধিক): ডাঙৰ ইঞ্জিনত ১ মিনিটত প্ৰায় ০.০২ লিটাৰ বা তাতকৈ অধিক ইন্ধন ব্যৱহাৰ কৰিব পাৰি।
এই ভিত্তিত যদি আপোনাৰ গাড়ীখন অনবৰতে ট্ৰেফিক লাইটত ৰৈ থাকিবলগীয়া হয়, তেন্তে ইয়াৰ ফলত এমাহত বহুত অতিৰিক্ত ইন্ধন ব্যয় হ’ব পাৰে।
আনহাতে ট্ৰেফিক লাইটত বহু সময় ৰৈ থকাৰ সময়ত গাড়ীৰ ইঞ্জিন বন্ধ কৰিলে বহু ইন্ধন ৰাহি হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে যদি ষ্টপিং টাইম ৩০ ছেকেণ্ডতকৈ অধিক হয় তেন্তে ইঞ্জিনটো চুইচ অফ কৰিলে ইন্ধনৰ খৰচ কমোৱাৰ এটা ভাল উপায়।
ইয়াৰ সুবিধাসমূহ হ’ল-
ইন্ধন অৰ্থনীতি: ইঞ্জিন চলি থকাৰ সময়ত ইন্ধন অবিৰতভাৱে ব্যৱহাৰ কৰা হয়। ইঞ্জিন বন্ধ কৰিলে ইন্ধনৰ ব্যৱহাৰ পোনপটীয়াকৈ বন্ধ হৈ যায়।
প্ৰদূষণ হ্ৰাস: গাড়ীৰ ইঞ্জিন বন্ধ কৰিলে নিৰ্গমন বন্ধ হৈ পৰে, যাৰ ফলত পৰিৱেশৰ প্ৰদূষণ হ্ৰাস পায়।
ধন সঞ্চয়: ইন্ধন ৰাহি কৰিলেও দীৰ্ঘকালীনভাৱে ধন ৰাহি হয়।
গতিকে ট্ৰেফিক লাইটত ৩০ ছেকেণ্ডতকৈ অধিক সময় ৰৈ থাকিলে ইঞ্জিন বন্ধ কৰাটো এটা ভাল সিদ্ধান্ত।
৩ নৱেম্বৰ দেওবাৰে এক কথোপকথনত ট্ৰাম্পে কয় যে ৰবাৰ্ট এফ. কেনেডি জুনিয়ৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেনেডি জুনিয়ৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী দৌৰৰ অংশ আছিল যদিও পিছত তেওঁৰ নাম প্ৰত্যাহাৰ কৰি ট্ৰাম্পক সমৰ্থন কৰে। শনিবাৰে কেনেডি জুনিয়ৰে কয় যে ২০২৪ চনৰ নিৰ্বাচনত যদি ট্ৰাম্প জয়ী হয় তেন্তে তেওঁৰ প্ৰথম পদক্ষেপ হ’ব খোৱাপানীৰ পৰা ফ্ল’ৰাইড আঁতৰোৱাৰ কথা ঘোষণা কৰা।(Donald Trump)
আনহাতে ট্ৰাম্পক সোধাত তেওঁ কয় যে তেওঁ কেনেডি জুনিয়ৰৰ সৈতে এই বিষয়ে কথা পতা নাই। ট্ৰাম্পে কয় কেনেডীয়ে কিছুমান ভেকচিন নিষিদ্ধ কৰাৰ পৰামৰ্শও আগবঢ়ায়। এই সন্দৰ্ভত ট্ৰাম্পে তেওঁক প্ৰশংসা কৰি কয় যে তেওঁ কেনেডীৰ সৈতে এই বিষয়ে কথা পাতিব।(Fluoride)
ফ্ল’ৰাইড কি?
ফ্ল’ৰাইড হৈছে পৃথিৱীত প্ৰাকৃতিকভাৱে পোৱা এক খনিজ। কেনেডীয়ে ফ্ল’ৰাইডৰ সৈতে বহু ৰোগৰ সম্পৰ্ক ৰাখিছে। কিন্তু আমেৰিকান ডেণ্টেল এছ’চিয়েশ্যনকে ধৰি বহু চিকিৎসা গোটে ফ্ল’ৰাইডযুক্ত পানীক সমৰ্থন কৰে। দাঁতৰ ক্ষয় ৰোধ কৰে বুলি কয়। বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (CDC)য়েও ফ্ল’ৰাইডক নিৰাপদ বুলি বিবেচনা কৰে। তেওঁলোকে খোৱাপানীত প্ৰতি লিটাৰত ১.৫ মিলিগ্ৰামৰ সীমা নিৰ্ধাৰণ কৰিছে। কেনেডীয়ে অন্যান্য বিষয়ৰ লগতে Covid ভেকচিনক সমালোচনা আৰু সন্দেহ কৰাৰ বাবেও পৰিচিত।
প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কংগ্রেছ দলে বঙাইগাঁও সমষ্টিত প্রার্থিত্ব প্রদান কৰা ব্ৰজেনজিৎ সিংহই যদি জিকে আমাৰ কি হ’ব বুলি কৈ কয় যে গণতন্ত্রত প্রতিবাদৰ ভাষা আছে৷ প্রতিবাদৰ ভাষা হৈছে উপ নির্বাচনৰ ১৩ তাৰিখৰ ভোটটো৷ মই এনেকৈ নকও যে ব্ৰজেনজিৎ সিংহ জিকাৰ লগে লগে আপোনাৰ সকলো সমস্যা সমাধান হৈ যাব৷
কিন্তু তেখেতক জিকোৱাৰ লগে লগে আপুনি চৰকাৰক এটা প্রতিশোধ, চৰকাৰক এটা বার্তা দিব যে তোমালোকে আমাক যেনেকে ঠগিব পাৰা, তোমালোকে যেনেকে কথাবিলাক লুটি বাগৰ মাৰিব পাৰা, তোমালোকে যেনেকে আমাক মিছা কথা কব পাৰা, সেয়ে আমি এই বঙাইগাঁৱত হৰুৱাই পেলাই দিছো৷
এই দৃষ্টিভংগীৰ অংশ হিচাপে বড়োৱে বড়োলেণ্ডৰ সামাজিক-সাংস্কৃতিক দৃশ্যপট বৃদ্ধিৰ লক্ষ্যৰে কেইবাটাও উন্নয়নমূলক পদক্ষেপৰ কথা ঘোষণা কৰে। গুৰুত্বপূৰ্ণ ঘোষণাসমূহৰ ভিতৰত আছে তামুলপুৰত প্ৰখ্যাত সাংস্কৃতিক ব্যক্তিত্ব কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তি নিৰ্মাণ, বাক্সাত ড° ভূপেন হাজৰিকা ভৱন স্থাপন আদি। ইয়াৰ বাবে ব্যয় কৰা হৈছে ১০ কোটি টকাৰো অধিক ধন।
তদুপৰি, বড়োৱে ড° ভূপেন হাজৰিকাৰ ২০০ তকৈও অধিক গান বড়ো ভাষালৈ অনুবাদ কৰাৰ বাবে সমৰ্থন আগবঢ়াব বুলি কয়। কোকৰাঝাৰত সম্পন্ন হ’বলগীয়া প্ৰকল্পই ইতিমধ্যে গতি লাভ কৰিছে বুলি জানিব পৰা গৈছে।
অনুষ্ঠানত উপস্থিত থাকি অসমৰ বস্ত্ৰ দপ্তৰৰ মন্ত্ৰী তথা কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী ইউজি ব্ৰহ্মই ড° ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টিৰাজিৰ প্ৰশংসা কৰি সমবেত লোকসকলক সম্বোধন কৰে। তেওঁ বড়োলেণ্ডৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত সম্প্ৰীতি আৰু সহযোগিতা মনোভাব বৃদ্ধিৰ লগতে অঞ্চলটোৰ সাংস্কৃতিক পৰিচয় সংৰক্ষণৰ বাবে বিটিচিৰ প্ৰতিশ্ৰুতিৰ বিষয়ে কয়।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন ডিজিপি কুলধৰ শইকীয়াই বিটিচি প্ৰশাসনে সুধাকণ্ঠৰ প্ৰতি জনোৱা সন্মানক প্ৰশংসা কৰে। তেওঁ সুধাকণ্ঠৰ প্ৰতিমূৰ্তিটোক মানৱতাৰ এক শক্তিশালী প্ৰতীক আৰু ভৌগোলিক তথা সাংস্কৃতিক সীমা অতিক্ৰম কৰা ড° হাজৰিকাৰ বিশ্বব্যাপী প্ৰভাৱৰ স্মাৰক হিচাপেও অভিহিত কৰে।
অনুষ্ঠানত সাংসদ জয়ন্ত বসুমতাৰী, বিধায়ক লৰেন্স ইছলাৰী, কোকৰাঝাৰৰ আয়ুক্ত মাচন্দা পাৰ্টিন, বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰী, বিশিষ্ট শিল্পী কমল চন্দ্ৰ কটকীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
সংবাদ মেলত সংগঠনকেইটাৰ নেতৃত্বই কয় যে অসমৰ ভূমিপুত্ৰ কোচ-ৰাজবংশী সকলে সুদীৰ্ঘদিন ধৰি জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুণৰ গঠনৰ বাবে গণতান্ত্ৰিকভাবে আন্দোলন কৰি আহিছে যদিও আজিলৈকে কেন্দ্ৰ আৰু অসমত শাসন কৰা কোনো এখন চৰকাৰে কোচ- ৰাজবংশীসকলৰ সমস্যা সমাধানৰ বাবে বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা দেখা নগল।
বৰং কূট কৌশল কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠন সমূহক বিভাজনৰ ৰাজনীতিৰে আন্দোলনৰ পৰা আতৰাই ৰাখি সমস্যা সমূহ গাপ দি ৰাখিহে আছে৷ সেইদৰ সুদীৰ্ঘদিন ধৰি অসম তথা কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ আছিল যদিও কংগ্ৰেছেও কোচ ৰাজবংশী সকলৰ সমস্যা সমাধান নকৰিলে৷
একেদৰে বৰ্তমান অসম তথা কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ চলি আছে যদিও কোচ ৰাজবংশী সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত হোহকা পিছলা নীতি গ্ৰহণ কৰি প্ৰতাৰণা কৰিব ওলাইছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ ভিজন ডকুমেণ্টত আৰু নিৰ্বাচনী সভা সমূহত স্পষ্টকৈ উল্লেখ কৰিছিল যে ‘কেন্দ্ৰ আৰু অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ’লে ছয় মাহৰ ভিতৰত জনজাতিকৰণ কৰিব৷
কিন্তু দুৰ্ভাগ্যজনক কথাতো হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰত তিনিবাৰ আৰু অসমত দুবাৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ’ল যদিও বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি পালন নকৰি এতিয়া কংগ্ৰেছ দলৰ ওপৰত দোষাৰোপ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা জনজাতিকৰণ দাবী সমাধানৰ পৰা আতৰি আহিছে৷