সদৌ তিৱা ছাত্র সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা মহিলা সন্থা আৰু তিৱা সাংস্কৃতিক সমাজৰ এই প্ৰতিবাদত টাটা চেমি কণ্ডাক্টৰ প্রকল্পত স্থানীয় যুৱক-যুৱতীক সংস্থাপন দিয়াৰ বাবে অতিশীঘ্ৰে ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায় সংগঠনকেইটাই৷
তিৱা স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰিবলৈ সদৌ তিৱা ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনসমূহে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছে। কিন্তু কোনোখন চৰকাৰেই বিষয়টো গুরুত্ব প্রদান কৰা নাই।
শেহতীয়াকৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত অসম চৰকাৰৰ কেবিনেটে তিৱা, ৰাভা, মিচিং স্বায়ত্ব পৰিষদক সাংবিধানিক মর্যাদা প্রদান কৰাৰ বাবে কেবিনেট সিদ্ধান্ত গ্রহণ কৰা বুলি জানিব পৰা গৈছিল যদিও কিন্তু সেই বিষয়ে জাতীয় সংগঠন আৰু পৰিষদৰ বিষয়ববীয়াই আজিলৈকে এই সন্দৰ্ভত অৱগত কৰা পৰিলক্ষিত নহ’ল আৰু কেন্দ্ৰীয় চৰকাৰলৈ সেই সিদ্ধান্ত প্ৰেৰণ কৰা হ’ল নে নাই অৱগত নহয় বুলি অভিযোগ উত্থাপন কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক প্ৰশান্ত মচৰঙে৷
গতিকে এই সন্দর্ভত অসম চৰকাৰৰ জাতীয় সংগঠন আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত অতিশীঘ্ৰে এখন ত্রি-পাক্ষীক বৈঠক অনুষ্ঠিত কৰিবলৈ দাবী জনায় জাতীয় সংগঠন কেইটাই। তিৱা স্বায়ত্ব পৰিষদ আৰু ট্রাইবেল বেল্ট ব্লকৰ অধীনৰ ২০ খন গাঁও সামৰি জাগীৰোড টাউন কমিটী গঠন কৰাৰ বাবে এক সিদ্ধান্ত গ্রহণ কৰিছে।
প্রাপ্ত তথ্য মতে, বিয়লি এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল এই অভিযান(Charikadiya River)৷ এই অভিযানত ঢকুৱাখনা সদৰ থানাৰ অ’চি প্ৰিয়বত গগৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটাদলে এনে এক মাৰাত্মক বেহা উৎখাত কৰিবলৈ সক্ষম হয়(Brahmaputra)৷
আটক কৰে অজয় পেগু নামৰ এটা ড্ৰাগছ বেপাৰীৰ লগতে জব্দ কৰে এখন য়ামহা এফ জেদ এক্স বাইক। তথ্য মতে ঢকুৱাখনা আৰক্ষীৰ এজন জোৱানে কঠালগুৰি গাঁৱৰ অজয় পেগুৰ পৰা নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰাৰ প্ৰস্তাৱ দিয়ে।
কলৰ এবিধ অতি পুষ্টিকৰ ফল, য’ত বহু ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়। এইটো এটা সাধাৰণ ফল যিটো কিনিবলৈ আপুনি বেছি টকা খৰচো কৰিব নালাগে। কিন্তু আপুনি কাঁচ কল খাইছেনে। কাঁচ কলৰ পিটিকা, ভাজি, চিপচ বনাই খাব পাৰে। নিয়মিতভাৱে কাঁচ কল খালে স্বাস্থ্যৰ বহু উপকাৰ হ’ব পাৰে।(Green Banana)
আমাৰ বহুতেই ওজন কমাবলৈ চেষ্টা কৰে, কিন্তু সফলতা লাভ নকৰে। এনে পৰিস্থিতিত কাঁচ কল খালে প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায় আৰু কেলৰিও কম। ইয়াৰ ফলত ভোক কমি যায়, কম খাদ্য খোৱা হয় আৰু লাহে লাহে ওজন কমি যায়।(Green Banana Benefits)
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হ’বলৈ হ’লে এজন প্ৰাৰ্থীয়ে কমেও ২৭০টা নিৰ্বাচনী ভোট লাভ কৰাটো প্ৰয়োজনীয়। আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হোৱাৰ মূল যুঁজখন ৰিপাব্লিকান ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেট কমলা হেৰিছৰ মাজত।(US Presidential Election 2024)সকলোৱে মনত প্ৰশ্ন কোনে মাৰিব শেষ হাঁহি। গুৱাম দ্বীপত স্থানীয় সময় অনুসৰি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান। সকলো সমীক্ষা আৰু অন্যান্য অনুমানৰ ভিত্তিত ২০২৪ চনত অতি কঠিন প্ৰতিযোগিতা হ’ব বুলি কোৱা হৈছে। দুয়োৰে কোনোৱেই ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হ’বলৈ প্ৰয়োজনীয় হয়তো ২৭০টা নিৰ্বাচনী ভোট লাভ কৰিব নোৱাৰিব।(Donald Trump)
আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনত টাই(Tie) হ’লে ‘জৰুৰীকালীন নিৰ্বাচন’ অনুষ্ঠিত কৰাৰ ব্যৱস্থা আছে। অৰ্থাৎ যদি নিৰ্বাচন টাইত শেষ হয়, তেন্তে ট্ৰাম্প আৰু হেৰিছে ২৬৯-২৬৯টা নিৰ্বাচনী ভোট লাভ কৰে, তেন্তে পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব সেইটো কংগ্ৰেছে সিদ্ধান্ত ল’ব।(Kamala Harris)