Home Blog Page 51

Zubeen Garg Death Case: ছিংগাপুৰলৈ যাব SIT: ছিংগাপুৰত তদন্ত চলাব SIT-এ

Zubeen Garg Death Case: ছিংগাপুৰলৈ যাব SIT: ছিংগাপুৰত তদন্ত চলাব SIT-এ
Zubeen Garg Death Case: ছিংগাপুৰলৈ যাব SIT: ছিংগাপুৰত তদন্ত চলাব SIT-এ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত আন এক বৃহৎ অগ্রগতি।(Zubeen Garg Death Case)

ছিংগাপুৰত তদন্তৰ বাবে যোৱাৰ অনুমতি SITক।

২০ অক্টোবৰত ছিংগাপুৰলৈ যাব SIT।

দুজনীয়া দলটোৰ নেতৃত্বত থাকিব মুন্না প্রসাদ গুপ্তা ।

২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ সৈতে তদন্তত নামিব মুন্না প্রসাদ গুপ্তা।

সামাজিক মাধ্যমত সদৰী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘আমাৰ প্ৰিয় জুবিন গাৰ্গৰ ন্যায়ৰ দিশে আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হৈছোঁ৷ অহা ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষী কৰ্তৃপক্ষই অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান আৰু বিশেষ তদন্তকাৰী গোটৰ (SIT) মুৰব্বী বিষয়া শ্ৰীমুন্না গুপ্তাৰ নেতৃত্বত অসমৰ আৰক্ষী দলৰ সৈতে সাক্ষাতত মিলিত হ’ব।

আমাৰ ঐক্যবদ্ধ সংকল্প — জুবিনৰ ন্যায়ে নিশ্চয়েই মৰ্যাদা পাব।’

Tezpur University: তেজপুৰ বিশ্ববিদ্যালয়ৰ ২ জনৰ পদত্যাগঃ পদত্যাগৰ পিছতে উপাচাৰ্যৰ বিৰুদ্ধে সৰৱ

তেজপুৰ বিশ্ববিদ্যালয়ৰ ২ জনৰ পদত্যাগঃ
তেজপুৰ বিশ্ববিদ্যালয়ৰ ২ জনৰ পদত্যাগঃ

তেজপুৰ বিশ্ববিদ্যালয়ৰ ২ জনৰ পদত্যাগ। (Tezpur University) ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্রীতম দেৱৰ পদত্যাগ আৰু SCHOOL OF ENGINEERINGৰ ডীন শংকৰ চন্দ্ৰ ডেকাৰ পদত্যাগ। বুধবাৰে নিশা ছাত্ৰ-ছাত্ৰী, শিক্ষক-কর্মচাৰী উত্তাল প্ৰতিবাদৰ পাছতে পদত্যাগ। শোণিতপুৰ জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উপস্থিতিত পদত্যাগ। পদত্যাগৰ পিছতে উপাচাৰ্য শম্ভু নাথ সিঙৰ বিৰুদ্ধে সৰৱ দুয়োজন।

তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য্য শম্ভূনাথ সিঙৰ ছত্ৰছায়াত সংঘটিত পৰ্বতসম দুৰ্নীতিৰ তদন্ত কৰিবলৈ কালি আহি কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ তিনিজনীয়া উচ্চস্তৰীয় দল আহি দিনটো তদন্ত অব্যাহত ৰখাৰ মাজতে নিশা তদন্তকাৰী দল আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ তদন্তকাৰী দলৰ উপস্থিতিতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিশ্ববিদ্যালয়খনত।উল্লেখ্য যে বিভিন্নজনৰ অভিযোগ ,বিভিন্ন সংগঠনৰ স্মাৰক পত্ৰ আৰু সংবাদ মাধ্যমত ধাৰাবাহিক ভাৱে বিশ্ববিদ্যালয়খনত উপাচাৰ্য্য শম্ভূনাথ সিঙৰ প্ৰতক্ষ পৃষ্ঠপোষকতাত উপাচাৰ্য্যৰ আশীৰ্বাদপুষ্ট একাংশ বিষয়া -শিক্ষকে চলাই অহা চূড়ান্ত অনিয়ম আৰু লুন্ঠন কাৰ্যৰ বিৰুদ্ধে ৰাজ্যপালে নিয়োজিত সত্যানুসন্ধান সমিতিয়ে তদন্ত চলাই বিভিন্ন পক্ষৰ সাক্ষ্য গ্ৰহণ কৰাৰ পিছত কালি বিশ্ববিদ্যালয়খনত তদন্তৰ বাবে আহি উপস্থিত হয়হি কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ যুটীয়া সচিব আৰ্মষ্ট্ৰং পামে ,শিক্ষা বিভাগৰ যুটীয়া সচিব সৌম্য গুপ্তা আৰু কেন্দ্ৰীয় শিক্ষা বিভাগৰ সঞ্চালক বিশ্বজিৎ কুমাৰ ।তিনিওগৰাকী তদন্তকাৰী বিষয়াই উপাচাৰ্য্য শম্ভূনাথ সিঙৰ দুৰ্নীতি -অনিয়মৰ তদন্ত পৰ্যবেক্ষণ কৰি থকাৰ মাজতে উপাচাৰ্য্য শম্ভূনাথ সিঙৰ সময়তে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ জৰিয়তে পদাৰ্থ বিজ্ঞান বিভাগৰ purse অৰ্থাৎ প্ৰমোচন অব ইউনিভাৰ্ছিটি ৰিছাৰ্চ এণ্ড চায়েন্টিফিক এক্সিলেন্সৰ ১০ কোটি টকীয়া এক প্ৰকল্পৰ ফাইলটো বিচৰাত ভাৰপ্ৰাপ্ত উপাচাৰ্য্য ৰাজা ৰফিকুল হক আৰু পঞ্জীয়ক প্ৰীতম দেৱে উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি এই ফাইলটো দেখুওৱাবলৈ অমান্তি হৈ পৰাত ক্ষুব্ধ হৈ পৰে বিশ্ববিদ্যালয়খনৰ শিক্ষক -কৰ্মচাৰী সকল ।উল্লেখ্য যে এই ১০ কোটি টকীয়া প্ৰকল্প কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত উপাচাৰ্য্য শম্ভূনাথ সিঙে ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপন হোৱাৰ বাবেই তদন্তকাৰী দলটোৱে প্ৰকল্পটোৰ ফাইল প্ৰতক্ষ কৰিব বিচাৰে ।ভাৰপ্ৰাপ্ত উপাচাৰ্য্য আৰু ভাৰপ্ৰাপ্ত পঞ্জীয়ক গৰাকীয়ে শম্ভুনাথ সিঙৰ নিৰ্দেশতেই সেই ফাইলটো দেখুওৱাব নিবিচৰা পিছতেই বিশ্ববিদ্যালয়খনত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।শিক্ষক -কৰ্মচাৰী সকলে ভাৰপ্ৰাপ্ত উপাচাৰ্য্য ৰাজা ৰফিকুল হকক জবাবদিহি কৰি কঠোৰ বাক্য বাণেৰে এনেদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।


উল্লেখ্য যে শিক্ষক -কৰ্মচাৰী সকলৰ ৰুদ্ৰমূৰ্তি দেখি ভাৰপ্ৰাপ্ত উপাচাৰ্য্য আৰু ভাৰপ্ৰাপ্ত পঞ্জীয়ক গৰাকীয়ে উপাচাৰ্য্য শম্ভূনাথ সিঙৰ নিৰ্দেশনাৰ বাবেই সেই ফাইলটোৰ লগতে কম্পিউটাৰ চায়েঞ্চ বিভাগৰ সঞ্চালক নিযুক্তিৰ কেলেংকাৰীৰ ফাইলটোও দিবলৈ অপাৰগ হৈছিল বুলি পাকে প্ৰকাৰে স্বীকাৰ কৰিবলৈ বাধ্য হোৱাত উপাচাৰ্য্য শম্ভূনাথ সিঙৰ স্বেচ্ছাচাৰীতাৰ দিশটো কালি তদন্তকাৰী দলৰ সন্মুখতেই উন্মোচিত হৈ পৰাৰ পিছত ভাৰপ্ৰাপ্ত পঞ্জীয়ক গৰাকীয়ে সেই মুহূৰ্ততে উপাচাৰ্য্যলৈ পদত্যাগ পত্ৰ দাখিল কৰাত তাৎক্ষণিক ভাৱে সেই পদত্যাগ পত্ৰও গ্ৰহণ কৰা বিষয়টোৱে বিশ্ববিদ্যালয়খনত সংঘটিত হৈ অহা চূড়ান্ত দুৰ্নীতি আৰু অনিয়ম স্পষ্ট কৰি তোলাত স্বাভাৱিকতে সচেতন মহল উদ্বিগ্ন হৈ পৰিছে ।উল্লেখ্য যে কালি নিশা এই উত্তপ্ত পৰিস্থিতি অব্যাহত থকাৰ সময়ত শোণিতপুৰ জিলা প্ৰশাসনে তদন্তৰ বাবে নিয়োগ কৰা জ্যেষ্ঠ দণ্ডাধীশ তথা অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱা আৰু সদৰ ৰাজহ চক্ৰ বিষয়া মাধুৰ্য্য বুঢ়াগোঁহাইও উপস্থিত থাকি সমগ্ৰ দৃশ্য প্ৰতক্ষ কৰে।আনহাতে বিশ্ববিদ্যালয়খনত উদ্ভৱ হোৱা এই পৰিস্থিতিৰ সম্ভেদ লাভ কৰি নিশাই শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্হ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

আনহাতে আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ ২ জনৰ পদত্যাগ। ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্রীতম দেৱৰ পদত্যাগ আৰু SCHOOL OF ENGINEERINGৰ ডীন শংকৰ চন্দ্ৰ ডেকাৰ পদত্যাগ। বুধবাৰে নিশা ছাত্ৰ-ছাত্ৰী, শিক্ষক-কর্মচাৰী উত্তাল প্ৰতিবাদৰ পাছতে পদত্যাগ। শোণিতপুৰ জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উপস্থিতিত পদত্যাগ। পদত্যাগৰ পিছতে উপাচাৰ্য শম্ভু নাথ সিঙৰ বিৰুদ্ধে সৰৱ দুয়োজন।

Ajay Phukan: অজয় ফুকনৰ জামিন লাভঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে

অজয় ফুকনৰ জামিন লাভঃ
অজয় ফুকনৰ জামিন লাভঃ

অজয় ফুকনৰ জামিন লাভ। (Ajay Phukan)

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে অজয় ফুকনৰ।

দ্বিতীয়টো গোচৰত জামিন মঞ্জুৰ অজয় ফুকনৰ।

সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখত জুবিন-মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰোঁতেই ভিক্টৰসহ গ্ৰেপ্তাৰ হৈছিল অজয় ফুকন।

অৱশেষত আজি অজয় ফুকনৰ জামিন মঞ্জুৰ।

প্ৰথমটো গোচৰত জামিন লাভ কৰা পিছতে পুনৰ দ্বিতীয়টো গোচৰত গ্ৰেপ্তাক কৰিছিল অজয় ফুকনক।

আজি দ্বিতীয়টো গোচৰতো জামিন লাভ কৰে অজয় ফুকনে।

অতি সোনকালে মুকলি আকাশৰ তললে আহিব অজয়।

অজয় ফুকনৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা বিজন মহাজনে।

Rahul Gandhi: জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী
জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী

অসমলৈ আহিব লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী।(Rahul Gandhi)

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী।


কাইলৈ গুৱাহাটীত উপস্থিত হ’ব কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী।


জুবিন গাৰ্গৰ সমাধিস্থলত শ্রদ্ধাঞ্জলি জনাব ৰাহুল গান্ধীয়ে।

Baksa News: পৰীক্ষা দি উভতি অহাৰ পথত পুত্ৰক আটকঃ বাক্সাৰ কাৰাগাৰৰ সন্মুখত এগৰাকী মাতৃৰ কান্দোন

পৰীক্ষা দি উভতি অহাৰ পথত পুত্ৰক আটকঃ বাক্সাৰ কাৰাগাৰৰ সন্মুখত এগৰাকী মাতৃৰ কান্দোন
পৰীক্ষা দি উভতি অহাৰ পথত পুত্ৰক আটকঃ বাক্সাৰ কাৰাগাৰৰ সন্মুখত এগৰাকী মাতৃৰ কান্দোন

বাক্সাৰ জিলা কাৰাগাৰৰ সন্মুখত (Baksa News) এগৰাকী মাতৃৰ কান্দোন। কান্দোনত ভাগি পৰিছে এগৰাকী অসহায় মাতৃ।পৰীক্ষা দি উভতি অহাৰ পথতে পুত্ৰক আটক কৰে আৰক্ষীয়ে। পুত্ৰক বিচাৰি যোৱা মাতৃক দাবী, ধমক দি খেদি পঠিয়ালে আৰক্ষীয়ে। বাক্সাত সংগঠিত হোৱা ঘটনাৰ জৰিত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে যুৱজনক।

পুত্ৰক বিচাৰি যোৱা মাতৃক লাঠী দেখুৱাই, ধমক দি আৰক্ষীয়ে খেদি পঠিয়ালে। পুত্ৰক মোকলাই দিবলৈ মাতৃগৰাকীৰ কাতৰ আহ্বান। পুত্ৰক বিচাৰি কাৰাগাৰত মাতৃৰ আৰ্তনাদ,কান্দোন। এয়া অসম আৰক্ষীৰ কেনে ব্যৱহাৰ বুলি প্ৰশ্ন ৰাইজৰ?

Baksa : ক্ৰমাৎ নিয়ন্ত্ৰণলৈ বাক্সাৰ পৰিস্থিতিঃ মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী

Baksa : ক্ৰমাৎ নিয়ন্ত্ৰণলৈ বাক্সাৰ পৰিস্থিতিঃ মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী
Baksa : ক্ৰমাৎ নিয়ন্ত্ৰণলৈ বাক্সাৰ পৰিস্থিতিঃ মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী

বাক্সাৰ হিংসাত্মক ঘটনাৰ (Baksa) পাছতে চৰ্চালৈ আহিছে অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাৰ কাণ্ড। বাক্সাৰ জিলা কাৰাগাৰৰ সন্মুখত শান্তিপূৰ্ণভাৱে কাৰাগাৰৰ সন্মুখত প্ৰতিবাদ কৰা পুৰুষ মহিলাৰ ওপৰত লাঠীচালনা কৰিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই। এটা ভিডিঅ’ত পোহৰলৈ আহে সেই দৃশ্য। তাৰপিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল বাক্সাত। আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত হৈছিল একাংশ জুবিন অনুৰাগী।


পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাক্সাত ইণ্টাৰনেট সেৱা বাতিল কৰা হৈছিল। মোবাইল ফোনত বৰ্তমানো ইণ্টাৰনেট সেৱা উপলব্ধ নহয় জিলাখনত। বাক্সাত সংঘটিত হিংসাত্মক ঘটনাৰ পিছতে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

বাক্সাৰ নিকাছিত এই সংঘৰ্ষত আহত বহু কেইগৰাকী লোক। তেওঁলোকক মুছলপুৰত চিকিৎসা কৰোৱা হয়। সাধাৰণ লোকৰ লগতে সাংবাদিক, আৰক্ষী বিষয়াও আহত হয় এই হিংসাত্মক ঘটনাত। এই হিংসাত্মক ঘটনাৰ সন্দৰ্ভত দল- সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নিশাই বাক্সাত উপস্থিত হয় DGP হৰমীত সিং। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় DGPগৰাকীয়ে। বাক্সাত মোতায়েন কৰা হৈছে হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী।


পুৱালৈ ক্ৰমাৎ নিয়ন্ত্ৰণলৈ বাক্সাৰ নিকাছিৰ অগ্নিগৰ্ভা পৰিস্থিতি। জিলা কাৰাগাৰৰ সমীপত হিংসাত্মক প্ৰতিবাদৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাক্সা জিলাত ইণ্টাৰনেট কৰ্তনৰ লগতে ১৬৩ ধাৰা জাৰি কৰা হৈছিল। ইপিনে, ঘটনা সন্দৰ্ভত নিশাই ১১জনকৈ লোকক আটক কৰা হৈছে।

আনহাতে বাক্সা জিলা কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশত বাধা দিয়া হৈছে। স্থায়ী বাসিন্দাৰ বাহিৰে প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোক। জৰুৰীকালীন অৱস্থাতহে প্ৰৱেশৰ অনুমতি দিব প্রশাসনে।

উল্লেখযোগ্য যে সিদ্ধাৰ্থ-শ্যামকানুসহ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত এই পাঁচ অভিযুক্তক বাক্সা কেন্দ্ৰীয় কাৰাগাৰলৈ নিয়া পিছতে এই উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।

Zubeen Garg Death Case: কেমেৰাৰ আগত প্ৰথমবাৰ মুখ খুলিলে ছিংগাপুৰৰ দুই প্ৰৱাসী অসমীয়াই…

Zubeen Garg Death Case: কেমেৰাৰ আগত প্ৰথমবাৰ মুখ খুলিলে ছিংগাপুৰৰ দুই প্ৰৱাসী অসমীয়াই...
Zubeen Garg Death Case: কেমেৰাৰ আগত প্ৰথমবাৰ মুখ খুলিলে ছিংগাপুৰৰ দুই প্ৰৱাসী অসমীয়াই...

কেমেৰাৰ আগত প্ৰথমবাৰ (Zubeen Garg Death Case) মুখ খুলিলে ছিংগাপুৰৰ দুই প্ৰৱাসী অসমীয়াই। জুবিনৰ গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত SITএ তলব কৰিছিল ১১ প্ৰৱাসী অসমীয়াক। তাৰেই ১০ জনেই SITৰ সৈতে সহযোগ কৰিছে। বুধবাৰে নিশা কেমেৰাৰ সন্মুখত প্ৰথমবাৰৰ বাবে মুখ খুলিলে ছিংগাপুৰৰ দুই প্ৰৱাসী অসমীয়া অসম এছ’চিয়েশ্যনৰ সম্পাদক দেৱজ্যোতি হাজৰিকা আৰু অভিমন্যু তালুকদাৰে।

অসম এছ’চিয়েশ্যনৰ সম্পাদক দেৱজ্যোতি হাজৰিকাই সংবাদমাধ্যমৰ আগত ক’লে, ‘য়টত আছিল ছিংগাপুৰৰ ১১জন প্ৰৱাসী অসমীয়া। আমি ১০ জনেই SITৰ সন্মুখত উপস্থিত হৈছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আমিও বিচাৰিছোঁ। ছিংগাপুৰৰ আৰক্ষীৰ তদন্ততো আমি সহযোগিতা কৰিছোঁ, তন্ময় ফুকনে আমাক য়ট পাৰ্টীৰ বাবে যোগাযোগ কৰিছিল’ বুলি কয় দেৱজ্যোতি হাজৰিকাই।

আনহাতে অভিমন্যু তালুকদাৰে ক’লে ‘আৰক্ষীক তদন্তত সম্পূৰ্ণ সহযোগ কৰিম, জুবিন দাৰ ন্যায় বিচাৰো, পৰৱৰ্তী পৰ্যায়ত ৰাইজক সকলো খুলি ক’ম, ছিংগাপুৰতো চলি আছে তদন্ত, পৰীক্ষা কৰিছে সকলো CCTV ভিজুৱেল মাতিলে তদন্তৰ খাতিৰত পুনৰ অসমলৈ আহিম।’

Pankaj Dheer: মহাভাৰতৰ কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা পংকজ ধীৰৰ মৃত্যু…

Pankaj Dheer: মহাভাৰতৰ কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা পংকজ ধীৰৰ মৃত্যু
Pankaj Dheer: মহাভাৰতৰ কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা পংকজ ধীৰৰ মৃত্যু

মহাভাৰতৰ কৰ্ণৰ চৰিত্ৰত (Pankaj Dheer) অভিনয় কৰা পংকজ ধীৰৰ মৃত্যু। ৬৮ বছৰ বয়সত মৃত্যু অভিনেতাগৰাকীৰ। আজি দিনৰ ২.৩৫ বজাত শেষ নিঃশ্বাস ত্যাগ কৰে পংকজ ধীৰে।বি আৰ চোপ্ৰাৰ মহাভাৰত ধাৰাবাহিকৰ কৰ্ণৰ চৰিত্ৰত অভিনয় কৰিছিল পংকজ ধীৰে।কৰ্কত ৰোগত আক্ৰান্ত হৈ মৃত্যু পংকজ ধীৰৰ।

পংকজ ধীৰৰ পত্নীৰ নাম অনিতা ধীৰ। তেওঁৰ মৃত্যুত টি ভি উদ্যোগটোত পৰিছে শোকৰ ছাঁ। ১৯৭৬ চনৰ ১৯ ​​অক্টোবৰত পংকজ আৰু অনিতাৰ বিবাহ হৈছিল।মন কৰিবলগীয়া যে অনিতা ধীৰ ছবি উদ্যোগৰ সৈতেও জড়িত আৰু এগৰাকী সাজ-পোছাক ডিজাইনাৰ হিচাপে পৰিচিত। পংকজ আৰু অনিতাৰ আছে দুই সন্তান। পুত্ৰ নিকিতিন ধীৰ আৰু কন্যা নীতিকা শ্বাহ। নিকিতিন টি ভি উদ্যোগত উজ্জ্বল আৰু নেতিবাচক চৰিত্ৰৰ বাবেও পৰিচিত।

Baksa Protest: বাক্সা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি, উত্তেজিত জনতাই জ্ব*লাই দিছে বাহন

বাক্সা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি
বাক্সা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

বাক্সা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি, উত্তেজিত জনতাই জ্বলাই দিছে বাহন। নিক্ষেপ কৰিছে শিলগুটি।(Baksa Protest)

বাক্সাৰ জিলা কাৰাগাৰৰ সন্মুখত এতিয়া উত্তপ্ত পৰিস্থিতি।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনা। কেইবাখনো বাহনত অগ্নিসংযোগ উত্তেজিত জনতাৰ।

কাৰাগাৰৰ সন্মুখত জুবিন অনুৰাগীৰ উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ বাহন ভাঙি লণ্ডভণ্ড।


জুবিন গাৰ্গে ন্যায় পাবই লাগিব-বাক্সা জিলা কাৰাগাৰৰ সন্মুখত জুবিন অনুৰাগীৰ দাবী মাত্ৰ এটাই।

Baksa News: জুবিনৰ ন্যায় দাবীত কঁপিছে বাক্সাঃ জেলৰ বাহিৰত হাজাৰ হাজাৰ লোক

Baksa News: জুবিনৰ ন্যায় দাবীত কঁপিছে বাক্সাঃ জেলৰ বাহিৰত হাজাৰ হাজাৰ লোক
Baksa News: জুবিনৰ ন্যায় দাবীত কঁপিছে বাক্সাঃ জেলৰ বাহিৰত হাজাৰ হাজাৰ লোক

জুবিনৰ ন্যায় দাবীত কঁপিছে বাক্সা।(Baksa News)

আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি।

ৰাজপথলৈ ওলাই আহিছে হেজাৰ-হেজাৰ লোক।

শ্যামকানু-সিদ্ধাৰ্থক কাৰাগাৰলৈ নিয়া পথত উত্তপ্ত পৰিস্থিতি।

অভিযুক্তক ফাঁচীৰ দাবী স্থানীয় লোকৰ।

বাক্সাৰ কাৰাগাৰৰ বাহিৰত এতিয়া হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ।

আৰক্ষীৰ সৈতে বাক্সা কাৰাগাৰত উপস্থিত ৫ অভিযুক্ত।

জেলৰ বাহিৰত জুবিন অনুৰাগীৰ ক্ষোভ।