Home Blog Page 50

১৯ অক্টোবৰত পূৰ হ’ব অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সন্দৰ্ভত গুৱাহাটী মহানগৰী আৰক্ষী আয়ুক্তালয়ৰ বিশেষ ফেচবুক পোষ্ট

এদিন দুদিনকৈ প্ৰায় এমাহ বাগৰি গ’ল জুবিন বিহীন অসমৰ ৰাইজে পাৰ কৰা দিন।
১৯ অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পূৰ হ’ব । ছেপ্টেম্বৰ মাহৰ ১৯ তাৰিখেই ছিংগাপুৰত সাগৰত সাঁতুৰিবলৈ গৈ এক ৰহস্যজনক পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। শিল্পীগৰাকীৰ এমহীয়া মৃত্যু তিথিত ৰাজ্যবাসীয়ে বিভিন্ন কাৰ্যসূচীৰে প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰিব। সেইমৰ্মে ১৮ আৰু ১৯ অক্টোবৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰত অনুষ্ঠিত হ’ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।এনে সময়তে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানকলৈ সামাজিক মাধ্যমযোগে এক পোষ্ট কৰিছে গুৱাহাটী মহানগৰী আৰক্ষী আয়ুক্তালয়ে ।

গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ এক ফেচবুক পোষ্টযোগে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে যাতে যান-বাহনৰ চলাচল ব্যাহত নহয় আৰু সাধাৰণ ৰাইজ তথা জুবিন গাৰ্গৰ অনুৰাগীসকলৰ দৈনন্দিন কাম-কাজত কোনো অসুবিধা নহয় তাৰ বাবে অনুৰোধ জনাইছে। । ফেচবুক পোষ্টটোত এনেদৰে কোৱা হৈছে- ”আমাৰ দৃষ্টিগোচৰ হৈছে যে, কোনোধৰণৰ আগতীয়া অনুমতি নোলোৱাকৈ বা সংশ্লিষ্ট কৰ্তৃপক্ষক নজনোৱাকৈ অহা ১৮ অক্টোবৰ, ২০২৫ তাৰিখে বিয়লি ৪ বজাত উলুবাৰী উৰণ সেতুৰ তলত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছে । আমাৰ অতিকৈ আদৰৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আমাৰ অনুমতি ল’ব লাগিব বুলি কোনো কথা নাই । কিন্তু সেয়ে হ’লেও আমি এইটোও নিশ্চিত কৰিব লাগিব যে, এই অনুষ্ঠানৰ বাবে যাতে যান-বাহনৰ চলাচল ব্যাহত নহয় আৰু সাধাৰণ ৰাইজ তথা জুবিন গাৰ্গৰ অনুৰাগীসকলৰ দৈনন্দিন কাম-কাজত কোনো অসুবিধা নহয় । এনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমতি লৈ লতাশিল, চানমাৰি আদি মুকলি ফিল্ডত আয়োজন কৰিব পৰা যায় । আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানসমূহ এনে হোৱা উচিত যাতে ইয়াৰ দ্বাৰা প্ৰেম, একতা আৰু সমন্বয়ৰ সোপান ৰচিত হয় আৰু সমূহ ৰাইজৰ বাবে কোনো ধৰণৰ অসুবিধাৰো সৃষ্টি নহয় ।”ইপিনে কাইলৈ ১৮ অক্টোবৰৰ তাৰিখে পুৱা ৯ বজাৰ পৰা গুৱাহাটীৰ জোনালীতস্থিত “ডিজি মিউজিক”ত শিল্পীগৰাকী শ্ৰদ্ধাঞ্জলি জনাই নাম-প্ৰসংগ কৰা হ’ব বুলি জানিব পৰা গৈছে।

সোণাপুৰৰ সমাধিস্থলীত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই ৰাহুল গান্ধীৰ মন্তব্য: “ছিংগাপুৰত আচলতে কি হৈছিল সেয়া সকলোৱে জানিব লাগিব”

Rahul Gandhi

ছিংগাপুৰত আচলতে কি হৈছিল সেয়া সকলোৱে জানিব লাগিব। অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ৰহস্যক লৈ এনেদৰে মন্তব্য কৰিলে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। ১৭ অক্টোবৰত গুৱাহাটীলৈ আহি ৰাহুল গান্ধীয়ে জুবিনৰ পৰিয়ালৰ কাষত থিয় দিয়াৰ লগতে সোণাপুৰৰ সমাধিস্থলীলৈ গৈ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায়। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কয়, “মই পৰিয়ালবৰ্গক জনাওঁ যে মই ভাল সময়ত, সুখৰ কালত আহিব পৰা হ’লে ভাল পালোঁহেঁতেন । যেতিয়া মই ১৭ বছৰৰ আছিলোঁ, মই ছিকিমলৈ এবাৰ পৰ্বতাৰোহণৰ পাঠ্যক্ৰমৰ বাবে গৈছিলোঁ আৰু প্ৰতিদিনে আমি প্ৰশিক্ষণৰ বাবে যাওঁতে আমাৰ সন্মুখত কাঞ্চনজংঘা পৰ্বত দেখিছিলোঁ । মই পৰ্বতটোৰ বিষয়ে যিটো ভাল পাইছিলোঁ, সেয়া আছিল ইয়াৰ সততা, স্বচ্ছতা, অটলতা আৰু সৌন্দৰ্য । আজি, যেতিয়া মই আহি আছিলোঁ, গৌৰৱে কৈছিল যে জুবিন ডাঙৰীয়াই কৈছিল যে তেওঁ কাঞ্চনজংঘা ৷ তৎক্ষণাত মোৰ মনত এই কথা সংযোগ হ’ল যে তেওঁ কাঞ্চনজংঘা আছিল । কাৰণ তেওঁৰ মাজত কাঞ্চনজংঘাৰ গুণসমূহ আছিল… ।”জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰি আহি এইদৰে কয় ৰাহুল গান্ধীয়ে— “তেওঁৰ সম্পদ আছিল, সফলতা আছিল ৷ তেওঁৰ মানৱতা আছিল । যিটো লৈ অসমবাসীয়ে গৌৰৱ কৰে । মই জুবিনজীৰ পিতৃক কৈছোঁ, তেওঁৰ জ্ঞান আছিল, তেওঁৰ সহযোগিতাই জুবিনক গঢ় দিলে , এই ধুনীয়া ৰাজ্যখনলৈ এক কণ্ঠ আগবঢ়ালে । সেই কাৰণে তেখেতৰ লগতে গোটেই পৰিয়ালবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।”’আমি কেৱল এইটোৱেই বিচাৰোঁ যে সত্যটো স্পষ্ট হওক’ বুলি কৈ ৰাহুল গান্ধীয়ে কয়, “এয়া গোটেই ৰাজ্যৰ বাবে এক দুখৰ ঘটনা । মই পৰিয়ালৰ সৈতে কথা পাতিলোঁ, আৰু তেওঁলোকে মাত্ৰ এটা কথাহে ক’লে: আমি আমাৰ জুবিনক হেৰুৱাইছোঁ আৰু আমি কেৱল এইটোৱেই বিচাৰোঁ যে সত্যটো স্পষ্ট হওক… চৰকাৰৰ কৰ্তব্য হ’ল— যিটো ঘটিছে, সেইটো তৎক্ষণাত তদন্ত কৰা, স্বচ্ছভাৱে তদন্ত কৰা আৰু পৰিয়ালক ঠিক কি ঘটিছিল ছিংগাপুৰত সেইটো সদৰী কৰা…।”
শিল্পী জুবিন গাৰ্গৰ বাবে ভাৰতৰত্নৰ দাবী জনাব নেকি সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ অন্যতম মুখ্য ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীয়ে কয়, “মই কথা সলনি কৰিব নিবিচাৰোঁ । মই সমবেদনা জ্ঞাপন, অসমৰ জনতাক আমি জুবিন গাৰ্গক ভালপাওঁ বুলি কোৱাৰ পৰা আঁতৰাই নিব নোখোজো । আমি তেওঁক সন্মান জনাব বিচাৰোঁ । আমি তেওঁক সন্মান কৰিব বিচাৰোঁ । কিন্তু প্ৰথমে, আমি স্বচ্ছতা আৰু ন্যায় বিচাৰোঁ । ছিংগাপুৰত কি ঘটিছিল, অসমৰ সকলোৱে সেইটো জানিব লাগে । আৰু যিমান সোনকালে সম্ভৱ, সিমানেই ভাল ।”

Zubeen Garg Death Case: জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট দিপলীনা ডেকাৰ

জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট দিপলীনা ডেকাৰ
জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট দিপলীনা ডেকাৰ

জুবিন গাৰ্গৰ ন্যায় বিচাৰি পুনৰ (Zubeen Garg Death Case) সামাজিক মাধ্যমত আৱেগিক পোষ্ট কণ্ঠশিল্পী দিপলীনা ডেকাৰ। কণ্ঠশিল্পী দিপলীনা ডেকাই সামাজিক মাধ্যমত লিখিছে-

‘২৯ দিন জুবিন গাৰ্গ বিহীন…

এফালে চলিছে ন্যায় বিচাৰৰ সংগ্ৰাম,

আনফালে ৰাজনৈতিক মেৰপাক।

আমি একো নুবুজো, সত্যটো এটায়ে —প্ৰাণৰ শিল্পীজন যে আৰু কেতিয়াও ঘূৰি নাহে,

কেতিয়াও নেদেখিম তেওক বহাগৰ মঞ্চত, ৰসাল কথাৰে, অন্যতম চুপতিৰে।

জুবিন দা,

প্ৰতিটো দিন পাৰ কৰিবলৈ যেন বহুত কষ্ট হৈছে।

সকলো চলি থাকে, কিন্তু ভিতৰত এটা শূন্যতা, কিবা এটা খালী খালী অনূভৱ !

সৃষ্টি-শীল মনটোত যোৱা এমাহ ধৰি নিস্তব্ধতা ।

জীৱিত জুবিনতকৈ মৃত জুবিন হেনো অধিক শক্তিশালী। ইতিমধ্যে আমি প্ৰভাৱ দেখিছোঁ।

তোমাৰ এই energy, শক্তি আমাক সঠিক আৰু সচা পথ দেখুৱাব বুলিয়ে আমি এতিয়া বাট চাই ৰলোঁ।

জনসাধাৰণ, ডেকা, বৃদ্ধ, আৰক্ষী, আমি সকলো জুবিন অনুৰাগী, সকলোৱে যেন কিছু সংবেদনশীল হয় তাকেই প্ৰাৰ্থনা। কোনো কাৰণত আৰু কাকো হেৰুৱাব নোখোজোঁ, আচলতে নোৱাৰো। অসমীয়া জাতি বোলে আৱেগিক। হয়, আমি আৱেগিক, তাতে আমাৰ জীৱন স্বৰূপ জুবিন গাৰ্গৰ বিষয় যেতিয়া, আমি পাগল, বলিয়া!!

তোমাৰ ন্যায়ৰ বাবে সকলো ত্যাগ কৰি যুজি যোৱাৰ প্ৰতিশ্ৰুতিৰে’

Baksa News: বাক্সাৰ হিংসাত্মক ঘটনাৰে জড়িত ১৯ জনক চিনাক্ত

বাক্সাৰ হিংসাত্মক ঘটনাৰে জড়িত ১৯ জনক চিনাক্ত
বাক্সাৰ হিংসাত্মক ঘটনাৰে জড়িত ১৯ জনক চিনাক্ত

বাক্সাৰ হিংসাত্মক ঘটনা সন্দর্ভত ৪জনক গ্ৰেপ্তাৰ।(Baksa News)

ৰমিজ আলী, আহেলা মিঞা, চুলেমন আলী আৰু কাদেৰ আলীক গ্ৰেপ্তাৰ।

হিংসাৰ লগত জড়িত ১৫ জনক চিনাক্ত। সেই কেইজন হৈছে-

নুৰুল আলম (মাদুলীবাৰীৰ), ৰূপম আলী (আহোপা), মহিদুল ইছলাম (ABMSU), হৰেকৃষ্ণ পাঠক (গৰমদেউ), মোস্তাফা আহমেদ (ABMSU), চম্পক নাথ (পশ্চিম চুপা), ছিবজন আলীৰ পুত্ৰ (দীঘলডোঙা), কুলেন ডেকা (কুৱেৰী চ’ক), ছহিদুল (দীঘলডোঙা), বিকী দাস (কুৱেৰী চ’ক), আছিক (মাদুলিবাৰী), বিকাশ ৰয়, হামিদ আলী (ডাঙৰচুবা), বিদু ছেত্রী, আব্দুল আলী (দীঘলডোঙা)।

sekhar jyoti-amritprava: জে’ললৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক

sekhar jyoti-amritprava: জে’ললৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক
sekhar jyoti-amritprava: জে’ললৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক

জে’ললৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক।(sekhar jyoti-amritprava)

দুয়োকে কাৰাগাৰলৈ প্ৰেৰণ CJM আদালতৰ।

CJM আদালতৰ পৰা উলিয়াই নিয়া হ’ল দুয়োকে।

এই দুই অভিযুক্ত কোন কাৰাগাৰলৈ নিয়া হ’ব তাক লৈ চলিছে চৰ্চা।

বাক্সা কাৰাগাৰৰ সন্মুখত দেখিবলৈ পোৱা গৈছে কটকটীয়া নিৰাপত্তা।

আনহাতে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখতো বৃহৎ সংখ্যক আৰক্ষীক মোতায়েন।

হাফলং কাৰাগাৰলৈ দুই অভিযুক্ত নিয়াৰ সম্ভাৱনা।

Rahul Gandhi: আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী

আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী
আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী

আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী।(Rahul Gandhi)

দুপৰীয়া ভাগত গুৱাহাটীত উপস্থিত হ’ব নেতাগৰাকী।

কংগ্ৰেছ নেতাগৰাকী বিমান বন্দৰৰ পৰা ৰাহুল গান্ধী যাব জুবিনক্ষেত্রলৈ।

সোণাপুৰৰ জুবিন সমাধিক্ষেত্ৰত ৰাহুল গান্ধীয়ে শ্রদ্ধাঞ্জলি জনাব জুবিন গাৰ্গক।

কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহলৈও যাব ৰাহুল গান্ধী।

আনহাতে আজিয়েই কংগ্ৰেছ নেতাগৰাকী উভতি যাব দিল্লীলৈ।

Kakopathar army camp attack: তিনিচুকীয়াৰ কাকপথাৰস্থিত ভাৰতীয় সেনাবাহিনীৰ শিবিৰত আলফাৰ আক্ৰমণ!

তিনিচুকীয়াৰ কাকপথাৰস্থিত ভাৰতীয় সেনাবাহিনীৰ শিবিৰত আলফাৰ আক্ৰমণ!
তিনিচুকীয়াৰ কাকপথাৰস্থিত ভাৰতীয় সেনাবাহিনীৰ শিবিৰত আলফাৰ আক্ৰমণ!

তিনিচুকীয়াৰ কাকপথাৰস্থিত ভাৰতীয় সেনা চাউনীত ভয়ংকৰ আক্ৰমণৰ ঘটনা।(Kakopathar army camp attack)

সেনা শিবিৰলৈ লক্ষ্য কৰি তিনিটা UBGL নিক্ষেপ।

লগতে প্ৰায় আধা ঘণ্টা ধৰি গুলীচালনা।

এখন ট্ৰাকত আহিছিল আক্ৰমণকাৰী দলটো।

ডুমডুমা দিশৰ পৰা আহিছিল আক্ৰমণকাৰী দলটো।

আক্ৰমণ কৰি অৰুণাচল দিশে ৰাউনা হয় আক্ৰমণকাৰী দলটো।

ঘটনাত ভাৰতীয় সেনাৰ তিনিগৰাকী জোৱান আহত হয়।

আলফা স্বাধীনৰ দ্বাৰা এই আক্ৰমণ সংঘটিত কৰাৰ সন্দেহ।

ভাৰতীয় সেনাবাহিনীৰ শিবিৰত আক্ৰমণৰ পিছতে চলিছে ব্যাপক অভিযান।

আলফাৰ দলটোক বিচাৰি অসম-অৰুণাচল সীমান্তত অভিযান।

ইতিমধ্যে উদ্ধাৰ হৈছে আলফা স্বাধীনে ব্যৱহাৰ কৰা ট্ৰাকখন।

অসম-অৰুণাচলৰ সীমান্তৰ থাপাবাৰী-টেঙাপানী ঘাটত উদ্ধাৰ কৰা হৈছে বাহনখন।

কাকপথাৰ সেনা চাউনীৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগত আলফা স্বাধীনৰ দলটোৱে এৰি থৈ যায় AS25EC2359 নম্বৰৰ বাহনখন।

উত্তৰ-পূবৰ শীৰ্ষ পৰ্যটন স্থলী হিচাপে মিজোৰামৰ উত্থান, পৰ্যটকৰ সংখ্যা ১৩৯.৫%লৈ বৃদ্ধি । Mizoram

উত্তৰ-পূবৰ শীৰ্ষ পৰ্যটন স্থলী হিচাপে মিজোৰামৰ উত্থান, পৰ্যটকৰ সংখ্যা ১৩৯.৫%লৈ বৃদ্ধি । Mizoram
উত্তৰ-পূবৰ শীৰ্ষ পৰ্যটন স্থলী হিচাপে মিজোৰামৰ উত্থান, পৰ্যটকৰ সংখ্যা ১৩৯.৫%লৈ বৃদ্ধি । Mizoram

Mizoram । উত্তৰ-পূবৰ শীৰ্ষ পৰ্যটন স্থলী হিচাপে মিজোৰামে স্থান লাভ কৰিছে।মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই কয় যে ৰাজ্যখন উত্তৰ-পূবৰ অন্যতম শীৰ্ষ পৰ্যটনস্থলী হিচাপে আত্মপ্ৰকাশ কৰিছে, যোৱা বছৰ দৰ্শনাৰ্থীৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে।


চৰকাৰী তথ্য অনুসৰি ২০২৪ চনত ৫.২ লাখৰো অধিক পৰ্যটকে মিজোৰাম ভ্ৰমণ কৰিছিল, যিটো পূৰ্বৰ বছৰৰ তুলনাত ১৩৯.৫ শতাংশ বৃদ্ধি পাইছে। ৰাজ্যখনক প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰে’ল মানচিত্ৰত স্থান দিয়া বৈৰাবি–ছৈৰাং ৰে’লপথ উদ্বোধনৰ পিছতো এই উত্থান অব্যাহত থকাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেলপথটোৱে অসমৰ শিলচৰ চহৰৰ মাজেৰে মিজোৰামৰ ৰাজধানী আইজলক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰে। ভাৰতীয় ৰে’লৱেৰ ইতিহাসৰ অন্যতম প্ৰত্যাহ্বানমূলক প্ৰকল্প বুলি গণ্য কৰা এই প্ৰকল্পটোৱে পৰ্যটন আৰু বাণিজ্যৰ যথেষ্ট উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে।চাম্পাই জিলাত অনুষ্ঠিত হ্নাহচিন (কচমছ ফুল) উৎসৱত ভাষণ দি লালডুহোমাই কয় যে মিজোৰামৰ পৰ্যটনৰ সম্ভাৱনা কেৱল ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যতেই নহয়, ইয়াৰ সাংস্কৃতিক সমৃদ্ধিৰ ওপৰতো নিহিত হৈ আছে।

‘পৰ্যটকক আমাৰ ৰাজ্যলৈ আহিলে নিস্বাৰ্থ সেৱা, সততা, বয়োজ্যেষ্ঠৰ প্ৰতি সন্মান আৰু অচিনাকি লোকক আতিথ্যৰ মিজো নৈতিকতা দেখুৱাব লাগে।’পৰ্যটনক অৰ্থনৈতিক বিকাশৰ মূল চালক হিচাপে আকোৱালি লোৱাৰ সমান্তৰালকৈ বাসিন্দাসকলক নিজৰ মাটি আৰু পৰম্পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে ৰাজ্যৰ বাহিৰত দীৰ্ঘদিন ধৰি নিষ্কাশন হৈ থকা ধন-সম্পত্তি পুনৰ উদ্ধাৰ কৰাত পৰ্যটনে সহায় কৰিব পাৰে।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত ফাষ্ট ট্ৰেক আদালতত কৰাৰ সিদ্ধান্ত অসম চৰকাৰৰ,নিযুক্তি দিব বিশেষ চৰকাৰী অধিবক্তাক

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ ক্ষিপ্ৰ বিচাৰব্যৱস্থা নিশ্চিত কৰিবলৈ অসম চৰকাৰে ফাষ্ট ট্ৰেক আদালতলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছে। এই গোচৰটো একচেটিয়াভাৱে চম্ভালিবলৈ বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি দিয়া হ’ব।সূত্ৰসমূহে জনোৱা মতে, গোচৰটোৰ তদন্ত কৰা বিশেষ তদন্তকাৰী দলটোৱে তদন্তৰ অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু নৱেম্বৰৰ পিছত যিকোনো সময়তে অভিযোগনামা দাখিল কৰাৰ সম্ভাৱনা আছে।
প্ৰিয় শিল্পীগৰাকীৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি চৰকাৰৰ এই সিদ্ধান্তই ক্ষিপ্ৰতাৰে ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে।ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুক ৰাজনৈতিক লাভালাভৰ বাবে বহুতে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
‘জুবিন জীয়াই থকাৰ সময়ত বহুতে তেওঁক বদনাম কৰিছিল।আজি তেওঁৰ মৃত্যুৰ পিছত একেখিনি মানুহেই তেওঁক দেৱতা হিচাপে পূজা কৰিছে।’-এক্সত মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে।

তেওঁ লগতে কয়, ‘এইসকল প্ৰকৃত প্ৰশংসক নহয় – ভুৱা অনুৰাগী যাৰ একমাত্ৰ উদ্দেশ্য হৈছে তেওঁৰ নাম ব্যৱহাৰ কৰি বিজেপিক আক্ৰমণ আৰু বিৰোধিতা কৰা।প্ৰকৃত মৰম আৰু সন্মান প্ৰদৰ্শন কৰা হয় যেতিয়া এজন ব্যক্তি জীয়াই থাকে, মৃত্যুৰ পিছত সুবিধাজনক হৈ পৰে তেতিয়া নহয়।”১৯ ছেপ্টেম্বৰত ছিংগাপুৰত গাৰ্গৰ মৃত্যুৰ সৈতে অভিযুক্ত পাঁচজন লোকক কঢ়িয়াই অনা কনভয়ত আক্ৰমণ চলোৱা জনসমাগমক আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠিচালনা কৰি ছত্ৰভংগ দিয়াবলগীয়া হৈছিল

গুজৰাটৰ সকলো মন্ত্ৰীয়ে কৰিলে পদত্যাগ, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাব মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে

Gujrat CM Bhupendra Patel

গুজৰাটৰ সকলো মন্ত্ৰীয়ে কৰিলে পদত্যাগ।মন্ত্ৰীসভাৰ সালসলনিৰ পূৰ্বে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ বাহিৰে গুজৰাট চৰকাৰৰ সকলো মন্ত্ৰীয়ে পদত্যাগ কৰিছে। মুখ্যমন্ত্রীয়ে তেওঁলোকৰ পদত্যাগ স্বীকাৰ কৰি আজিৰ শেষৰ ফালে ৰাজ্যপাল আচাৰ্য দেৱভ্রতক সাক্ষাৎ কৰি দাবী উত্থাপন কৰি নতুন মন্ত্রীসভা গঠন কৰাৰ সম্ভাৱনা আছে৷ৰাজ্যৰ মূল ৰাজনৈতিক পৰিঘটনাৰ পূর্বে এই পদক্ষেপক প্রশাসনিক অভাৰহ’লৰ অংশ হিচাপে দেখা গৈছে৷ সূত্ৰ অনুসৰি বৰ্তমানৰ মন্ত্ৰীসকলৰ ভিতৰত নতুন মন্ত্ৰীসভাত কেৱল হৰ্ষ সংঘৱী আৰু ৰুশিকেশ পেটেলকহে ৰখাৰ সম্ভাৱনা আছে।কাইলৈ ​​মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ নেতৃত্বত গুজৰাটৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা। বিজেপিৰ এজন জ্যেষ্ঠ নেতাৰ মতে, প্ৰায় ১০ জন নতুন মন্ত্ৰীক নিযুক্তি দিয়াৰ সম্ভাৱনা আছে, আনহাতে বৰ্তমানৰ প্ৰায় আধা মন্ত্ৰীক সলনি কৰা হ’ব পাৰে এই সালসলনিৰ অংশ হিচাপে।শুকুৰবাৰে পুৱা ১১:৩০ বজাত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা হ’ব
বৰ্তমানৰ গুজৰাটৰ মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীকে ধৰি ১৭ জন মন্ত্ৰী, আঠজন মন্ত্ৰীসভাৰ পদবী আৰু সমান সংখ্যকে ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।ৰাজ্য বিধানসভাৰ বিধান অনুসৰি, যাৰ মুঠ শক্তি ১৮২ জন, গুজৰাটত ২৭ জনলৈকে মন্ত্ৰী থাকিব পাৰে, বা সদনৰ মুঠ শক্তিৰ ১৫ শতাংশ। চলিত মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰী চি.আৰ.পাটিলৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ গুজৰাট গোটৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল ৰাজ্যিক মন্ত্ৰী জগদীশ বিশ্বকৰ্মাক। ২০২১ চনত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱা ভূপেন্দ্ৰ পেটেলে ২০২২ চনৰ ১২ ডিচেম্বৰত দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰে।