Home Blog Page 49

“‘No-Loss’ আৰ্হিত হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ, দক্ষিণৰ ৰাজ্যসমূহৰ লোকচান নহ’ব:  অমিত শ্বাহ Amit Shah

“‘No-Loss’ আৰ্হিত হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ, দক্ষিণৰ ৰাজ্যসমূহৰ লোকচান নহ’ব:  অমিত শ্বাহ Amit Shah
“‘No-Loss’ আৰ্হিত হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ, দক্ষিণৰ ৰাজ্যসমূহৰ লোকচান নহ’ব:  অমিত শ্বাহ Amit Shah

সংসদৰ বিশেষ অধিৱেশনত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক ২০২৬ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। এই আলোচনাৰ মাজতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী Amit Shahই দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ মাজত সৃষ্টি হোৱা আশংকাক লক্ষ্য কৰি স্পষ্টীকৰণ আগবঢ়ায়।

গৃহমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণ ব্যৱস্থাটো “No-Loss” আৰ্হিত কাৰ্যকৰী কৰা হ’ব। অৰ্থাৎ এই ব্যৱস্থাৰ অধীনত কোনো ৰাজ্যই লোকসভাত নিজৰ বৰ্তমানৰ প্ৰতিনিধিত্ব হেৰুৱাব নোৱাৰে। তেওঁ কয় যে এই নতুন আৰ্হিৰ জৰিয়তে সকলো ৰাজ্যকে অতিৰিক্ত আসন প্ৰদান কৰা সম্ভৱ হ’ব।

Amit Shahই আৰু কয় যে লোকসভাৰ মুঠ আসনৰ সংখ্যা ৮৫০খনলৈ বৃদ্ধি কৰিলে মহিলাৰ সংৰক্ষণ নীতি কাৰ্যকৰী কৰাৰ লগতে ৰাজ্যসমূহৰ মাজত সমতা ৰক্ষা কৰিব পৰা যাব। বিশেষকৈ জনসংখ্যা নিয়ন্ত্ৰণত সফল হোৱা দক্ষিণৰ ৰাজ্যসমূহৰ কোনো ধৰণৰ লোকচান নহ’ব বুলি তেওঁ আশ্বাস দিয়ে।

উদাহৰণ হিচাপে তেওঁ উল্লেখ কৰে যে প্ৰস্তাৱিত পুনৰ নিৰ্ধাৰণ অনুসৰি তামিলনাডুৰ আসন সংখ্যা ৩৯ৰ পৰা ৫৯লৈ বৃদ্ধি পাব পাৰে, যাৰ ফলত মুঠ আসনৰ প্ৰায় ৭.২৩ শতাংশ অংশ বজাই ৰাখিব। সেইদৰে কৰ্ণাটকৰ আসন ২৮ৰ পৰা ৪২ (৫.১৪ শতাংশ) আৰু অন্ধ্ৰ প্ৰদেশৰ আসন ২৫ৰ পৰা ৩৮ (৪.৬৫ শতাংশ)লৈ বৃদ্ধি পাব পাৰে বুলি তেওঁ প্ৰকাশ কৰে।

গৃহমন্ত্ৰীগৰাকীৰ এই ঘোষণাই দক্ষিণৰ ৰাজ্যসমূহৰ মাজত চলি থকা উদ্বেগ কিছু পৰিমাণে লাঘৱ হোৱাৰ সম্ভাৱনা দেখা গৈছে।

প্রায় ৪০মিনিট সময়প্রধানমন্ত্রী নৰেন্দ্র মোডীৰে বাৰ্তালাপ ট্রাম্পৰ

প্রায় ৪০মিনিট সময়প্রধানমন্ত্রী নৰেন্দ্র মোডীৰে বাৰ্তালাপ ট্রাম্পৰ
প্রায় ৪০মিনিট সময়প্রধানমন্ত্রী নৰেন্দ্র মোডীৰে বাৰ্তালাপ ট্রাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি Donald Trump আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী Narendra Modiৰ মাজত এক গুৰুত্বপূৰ্ণ টেলিফোনিক বাৰ্তালাপ অনুষ্ঠিত হয়। প্ৰায় ৪০ মিনিট ধৰি চলা এই আলোচনা সময়ছোৱাত দুয়ো দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বিভিন্ন দিশত মত-বিনিময় কৰা হয়।

বাৰ্তালাপত বিশেষকৈ পশ্চিম এচিয়াৰ বৰ্তমান পৰিস্থিতি আৰু চলি থকা সংঘাতক লৈ দুয়ো ৰাষ্ট্ৰনেতাই গভীৰ আলোচনা কৰে। ইয়াৰ উপৰি শেহতীয়াভাৱে হৰমুজ প্ৰণালীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাৰ বিষয়টোও আলোচনাৰ মুখ্য অংশ আছিল। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে হৰমুজ প্ৰণালীক মুক্ত, নিৰাপদ আৰু অবাধ বাণিজ্যৰ বাবে সুৰক্ষিত কৰি ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰী মোডীয়ে এই ফোনালাপৰ বিষয়ে সামাজিক মাধ্যম Xত জনাই কয় যে ভাৰত আৰু আমেৰিকাৰ মাজত সহযোগিতা আৰু সমন্বয় আগন্তুক দিনসমূহত আৰু অধিক মজবুত হ’ব।

উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ “নিজৰ দিন” উদযাপন

উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ "নিজৰ দিন" উদযাপন
উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ "নিজৰ দিন" উদযাপন

পহিলা ব’হাগত পাঁচগৰাকী বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন । অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা হিচাপে সুপৰিচিত মাজুলী জিলাৰ অন্তৰ্গত উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাই পহিলা ব’হাগৰ দিনটোত অসম সাহিত্য সভাৰ আহ্বান মৰ্মে “নিজৰ দিন”ৰ কাৰ্যসূচী সম্পূৰ্ণ সফলতাৰে উদযাপন কৰে। সেই অনুসৰি অসমীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি তথা সমাজ জীৱনলৈ অৰিহণা আগবঢ়াই অহা উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ বৃহত্তৰ এলেকাৰ পাঁচ গৰাকী বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তিক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰে।

অসম সাহিত্য সভাৰ মাজুলী জিলাৰ প্ৰতিনিধি মনোজ্যোতি ৰেগন, অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, মাজুলী জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰুৱা, সম্পাদক সঞ্জীৱ বৰা, কাৰ্যনিৰ্বাহক সদস্যা কৃষ্ণাৰাণী শইকীয়া বৰুৱা, উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি অনুপ্ৰভা দেৱী, সম্পাদক বিজয় শইকীয়া, সহকাৰী সম্পাদক জ্যোতি শইকীয়াৰ নেতৃত্বত জাতীয় সাজ পৰিধান কৰা এটি প্ৰতিনিধি দলে সোণাপৰা গাওঁৰ সমাজকৰ্মী-সাতোলা বংশীধৰ পামেগাম, বিষ্ণুপুৰ গাওঁৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ কাৰ্যালয় সহায়ক ডিম্বেশ্বৰ বৰা, ১ নং মৰিটুনী গাওঁৰ সমাজকৰ্মী বক্সিৰাম ৰেগন, দৰিয়া গাওঁৰ ধৰ্মপ্ৰাণ ব্যক্তি গোপীৰাম বৰা আৰু ভাৰতীয় সামৰিক বাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান দিলীপ বৰুৱাক অসম সাহিত্য সভাই প্ৰেৰণ কৰা ওলগনি পত্ৰৰ লগতে থলুৱা শিপিনীয়ে বোৱা ফুলাম গামোচা আৰু থুৰীয়া তামোলেৰে ‘নিজৰ দিন’ৰ সম্বৰ্ধনা জ্ঞাপন কৰে।সম্বৰ্ধনা অনুষ্ঠানত চমু বক্তব্য প্ৰদান কৰি সম্বৰ্ধিত পাঁচোগৰাকী ব্যক্তিয়ে উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ এনে পদক্ষেপে তেওঁলোকক উৎসাহিত কৰিছে বুলি উল্লেখ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।।

এশ শতাংশ উত্তীৰ্ণৰে উজলিল জাতীয় বিদ্যালয় ৰঙাদৰিয়া — মেহেনাজ চুলতানাৰ ডিষ্টিংশ্যন সফলতাই কঢ়িয়ালে গৌৰৱ

এশ শতাংশ উত্তীৰ্ণৰে উজলিল জাতীয় বিদ্যালয় ৰঙাদৰিয়া — মেহেনাজ চুলতানাৰ ডিষ্টিংশ্যন সফলতাই কঢ়িয়ালে গৌৰৱ
এশ শতাংশ উত্তীৰ্ণৰে উজলিল জাতীয় বিদ্যালয় ৰঙাদৰিয়া — মেহেনাজ চুলতানাৰ ডিষ্টিংশ্যন সফলতাই কঢ়িয়ালে গৌৰৱ

অসমীয়াত ১০০ৰ ভিতৰত ১০০ নম্বৰ, ছয়টা বিষয়ত লেটাৰ মাৰ্ক; গাঁওবাসীৰ মাজত আনন্দৰ পৰিবেশ

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণ হোৱাৰ গৌৰৱ অৰ্জন কৰি উজলি উঠিছে মৰিগাঁও জিলাৰ বালিগাঁওস্থিত জাতীয় বিদ্যালয়, ৰঙাদৰিয়া। ২০০৪ চনত স্থাপিত এই বিদ্যালয়খনে চলিত বৰ্ষতো উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰি নিজৰ শৈক্ষিক মানদণ্ড পুনৰবাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

এইবাৰ বিদ্যালয়খনৰ মাজৰ পৰা উজ্জ্বল সফলতা অৰ্জন কৰা ছাত্ৰী মেহেনাজ চুলতানাই ৮৯.৬ শতাংশ নম্বৰ লাভ কৰি ডিষ্টিংশ্যনসহ উত্তীৰ্ণ হৈছে। তেওঁ ছয়টা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰাৰ লগতে অসমীয়া বিষয়ত ১০০ নম্বৰৰ ভিতৰত পূৰ্ণ ১০০ নম্বৰ লাভ কৰি এক বিশেষ কৃতিত্ব অৰ্জন কৰিছে।

মেহেনাজ চুলতানা এজন সাধাৰণ খেতিয়ক মহিদুল ইছলাম আৰু গৃহিণী আনোৱাৰা বেগমৰ কন্যা। মৰিগাঁও জিলাৰ চতৰিবড়ী গাঁৱৰ বাসিন্দা এই কৃতী ছাত্ৰীগৰাকীয়ে নিজৰ সফলতাৰ জৰিয়তে বিদ্যালয়খনৰ লগতে নিজ গাঁওলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ছাত্ৰী গৰাকীৰ এই অসাধাৰণ সফলতাত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। চতৰিবড়ীৰ ৰাইজে মেহেনাজক লৈ গভীৰ গৌৰৱ অনুভৱ কৰাৰ লগতে উজ্জ্বল ভৱিষ্যতৰ বাবে আশীৰ্বাদ জনাইছে।

ইফালে, মেহেনাজ চুলতানাৰ এই কৃতিত্বক স্বীকৃতি জনাই ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে থিয়েটাৰৰ মঞ্চত তেওঁক আদৰণি জনায়। আনহাতে, সদৌ অসম গৰিয়া জাতীয় পৰিষদেও ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰাৰ খবৰ পোৱা গৈছে।

উল্লেখযোগ্য যে, সীমিত সুবিধাৰ মাজতো এনে সফলতা অৰ্জন কৰা এই ছাত্ৰীগৰাকীৰ প্ৰচেষ্টা আৰু অধ্যৱসায়ে আন শিক্ষাৰ্থীসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। বিদ্যালয়খনৰ এই সাফল্যই অঞ্চলটোৰ শিক্ষা ক্ষেত্ৰত নতুন আশাৰ সঞ্চাৰ কৰিছে।

এশ শতাংশ উত্তীৰ্ণৰে উজলিল ৰৌমাৰী-মৈৰাধ্বজ আল-আমিন জাতীয় বিদ্যালয়

এশ শতাংশ উত্তীৰ্ণৰে উজলিল ৰৌমাৰী-মৈৰাধ্বজ আল-আমিন জাতীয় বিদ্যালয়
এশ শতাংশ উত্তীৰ্ণৰে উজলিল ৰৌমাৰী-মৈৰাধ্বজ আল-আমিন জাতীয় বিদ্যালয়

কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা মেহেবুব মুক্তাৰৰ, গ্ৰাম্য বিদ্যালয়ৰ সফলতাত আনন্দৰ জোৱাৰ

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণ হোৱাৰ গৌৰৱ অৰ্জন কৰি পুনৰবাৰ উজলিল ধিং সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী-মৈৰাধ্বজ আল-আমিন জাতীয় বিদ্যালয়। পুৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবেলিও বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।জানিব পৰা অনুসৰি, ২০২৫-২৬ শিক্ষাবৰ্ষত বিদ্যালয়খনৰ পৰা সৰ্বমুঠ ১২ গৰাকী পৰীক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ৮ গৰাকী শিক্ষাৰ্থীয়ে লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে অৱশিষ্ট ৪ গৰাকী শিক্ষাৰ্থীয়ে দ্বিতীয় বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। লক্ষণীয় যে, এইবেলি বিদ্যালয়খনত তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা শূন্য। এই তথ্য বিদ্যালয়খনৰ অধ্যক্ষ আবুল কাচেমে সংবাদ মাধ্যমক অৱগত কৰে।

উল্লেখযোগ্য যে, পৰ্যাপ্ত আন্তঃগাঁথনি আৰু উন্নত যাতায়তৰ সুবিধা নথকাৰ পিছতো গ্ৰাম্যাঞ্চলৰ এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ এনে সাফল্যে সমগ্ৰ অঞ্চলটোত আনন্দৰ পৰিবেশ সৃষ্টি কৰিছে।

ইফালে, ৫৫ নং ধিং বিধানসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী মেহেবুব মুক্তাৰে ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছতেই ঘোষিত ফলাফলৰ খবৰ ল’বলৈ আৰু শিক্ষাৰ্থীসকলক উৎসাহিত কৰিবলৈ সমষ্টিটোৰ
বিভিন্ন স্থানত উপস্থিত হোৱা দেখা গৈছে। ইয়াৰ অংশ হিচাপে তেওঁ আজি ৰৌমাৰী-মৈৰাধ্বজ আল-আমিন জাতীয় বিদ্যালয়তো উপস্থিত হয়।

বিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰা কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি মেহেবুব মুক্তাৰে প্ৰতিগৰাকী উত্তীৰ্ণ শিক্ষাৰ্থীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে উপহাৰ হিচাপে কলম, মিঠাইৰ টোপোলা আৰু চকলেট প্ৰদান কৰে। লগতে তেওঁ বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ বুজ লয় আৰু উন্নয়নৰ ক্ষেত্ৰত সহায়ৰ আশ্বাস প্ৰদান কৰে।

মেহেবুব মুক্তাৰৰ এই ইতিবাচক পদক্ষেপক বিদ্যালয় কৰ্তৃপক্ষ, স্থানীয় সচেতন মহল আৰু সাধাৰণ ৰাইজে ভুয়সী প্ৰশংসা কৰিছে। বিদ্যালয়খনৰ এই সাফল্য আৰু সমাজৰ সহযোগিতাই আগন্তুক দিনত অধিক উন্নত ফলাফলৰ পথ সুগম কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলো সচেতন মহলে।

হোটেলৰ বিল দিব নোৱাৰা অৱস্থাত পাকিস্তানৰ ! বাঢ়িছে অৰ্থনৈতিক সংকট

হোটেলৰ বিল দিব নোৱাৰা অৱস্থাত পাকিস্তানৰ ! বাঢ়িছে অৰ্থনৈতিক সংকট
হোটেলৰ বিল দিব নোৱাৰা অৱস্থাত পাকিস্তানৰ ! বাঢ়িছে অৰ্থনৈতিক সংকট

মধ্য প্ৰাচ্যৰ উত্তেজনামূলক পৰিস্থিতিৰ মাজত শান্তি আলোচনা আয়োজন কৰি নিজকে মধ্যস্থতাকারী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা পাকিস্তান এইবাৰ নিজেই পৰিল চৰম অস্বস্তিত। ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ-ৰ মাজত অনুষ্ঠিত শান্তি আলোচনা আধৰুৱাকৈ শেষ হোৱাৰ পাছতে পোহৰলৈ আহিল পাকিস্তানৰ আৰ্থিক দুৰ্দশাৰ এক লজ্জাজনক ছবি।

১০ৰ পৰা ১২ এপ্ৰিললৈ ইছলামাবাদ-ৰ ছেৰেনা হোটেল-ত এই বৈঠকৰ আয়োজন কৰিছিল পাকিস্তানে। বৈঠকৰ বাবে সম্পূৰ্ণ হোটেলখন বুক কৰি আন অতিথিসকলক প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল, লগতে ৰাজধানীত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

কিন্তু মাত্ৰ ২১ ঘণ্টাৰ ভিতৰতে আলোচনা ব্যৰ্থ হোৱাৰ ফলত ইৰাণ আৰু আমেৰিকাৰ প্ৰতিনিধিসকলে ঘৰলৈ উভতি যায়। তাৰ পিছতে হোটেলৰ বিল পৰিশোধ নকৰাৰ অভিযোগ উত্থাপন কৰে ছেৰেনা হোটেল কৰ্তৃপক্ষই। খবৰ অনুসৰি, হোটেল কৰ্তৃপক্ষই বিল আদায়ৰ বাবে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ-ৰ দৃষ্টি আকৰ্ষণ কৰিবলগীয়া হৈছে।

ইয়াৰ মাজতে পাকিস্তানৰ ওপৰত আৰ্থিক চাপ আৰু বৃদ্ধি পাইছে। সংযুক্ত আৰৱ আমিৰশ্বাহী-এ বৃহৎ পৰিমাণৰ ঋণ ওভতাই দিবলৈ হেঁচা প্ৰদান কৰিছে। বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ হ্ৰাস পোৱাত পাকিস্তানে পুনৰ সহায় বিচাৰিবলৈ গৈছে ছৌদি আৰৱ আৰু কাটাৰ-ৰ ওচৰত।

আনফালে, চীন-এ এই পৰিস্থিতিৰ সুযোগ লৈ পাকিস্তানত নিজৰ আৰ্থিক প্ৰভাৱ বঢ়োৱাৰ চেষ্টা চলাইছে বুলি অভিযোগ উঠিছে, যাৰ প্ৰতি তীব্ৰ নজৰ ৰাখিছে আমেৰিকাই।

এই জটিল পৰিস্থিতিৰ মাজতেই পাকিস্তানৰ স্বাস্থ্য ব্যৱস্থাৰো এক ভয়ংকৰ ছবি পোহৰলৈ আহিছে। পঞ্জাব প্ৰদেশৰ তৌনছা চহৰত একেটা চিৰিঞ্জেৰে একাধিক শিশুক বেজী দিয়াৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত HIV সংক্ৰমণ ভয়ংকৰভাৱে বৃদ্ধি পাইছে। ২০২৪ৰ পৰা ২০২৫ চনৰ অক্টোবৰলৈকে প্ৰায় ৩৩১জন শিশুৰ দেহত এই ভাইৰাছ ধৰা পৰাৰ ঘটনা পুনৰ চৰ্চালৈ আহিছে।

সমগ্ৰ ঘটনাই স্পষ্ট কৰি দিছে যে, আন্তঃৰাষ্ট্ৰীয় মঞ্চত গুৰুত্ব লাভ কৰিবলৈ চেষ্টা কৰা পাকিস্তান এতিয়া নিজৰ আভ্যন্তৰীণ অৰ্থনৈতিক আৰু সামাজিক সংকটৰ সৈতে সংগ্ৰাম কৰি আছে।

“বহুত কান্দিলো, এতিয়া শক্তিশালী হৈ থিয় হ’ম” — গুৱাহাটী বিহু মঞ্চত আৱেগিক গৰিমা শইকীয়া গাৰ্গ

“বহুত কান্দিলো, এতিয়া শক্তিশালী হৈ থিয় হ’ম” — গুৱাহাটী বিহু মঞ্চত আৱেগিক গৰিমা শইকীয়া গাৰ্গ
“বহুত কান্দিলো, এতিয়া শক্তিশালী হৈ থিয় হ’ম” — গুৱাহাটী বিহু মঞ্চত আৱেগিক গৰিমা শইকীয়া গাৰ্গ

গুৱাহাটীঃ ব’হাগৰ উল্লাসৰ মাজতো এইবাৰৰ বিহু মঞ্চত স্পষ্ট হৈ উঠিল এক গভীৰ আৱেগ। লতাশিল খেলপথাৰ-ত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ মঞ্চত উপস্থিত হৈ অশ্ৰুসিক্ত কণ্ঠে বহু কথা ক’লে গৰিমা শইকীয়া গাৰ্গ-এ।

জুবিন গাৰ্গ-ৰ অনুপস্থিতিত মঞ্চত উঠি তেওঁ কয়, “এইখন মঞ্চলৈ আহি মই অনুভৱ কৰা নাই যে জুবিন আমাৰ মাজত নাই। জুবিন আমাৰ মাজত আছে, আমাৰ অন্তৰত আছে আৰু সদায় থাকিব।”

ব’হাগ মানেই যি কণ্ঠ, যি উপস্থিতি — সেই জুবিন গাৰ্গ অবিহনে এইবাৰৰ বিহু যেন সঁচাকৈয়ে শূন্য। একেদৰে আগতে মানুহে তেওঁৰ নামত উল্লাস কৰিছিল, এইবাৰ সেই চিঞৰত স্পষ্ট আৱেগ আৰু আকুলতা।

দশকজুৰি ব’হাগৰ মঞ্চত সংগী হৈ থকা গৰিমাই এইবাৰ নিজকে ধৰি ৰাখিবলৈ চেষ্টা কৰি কয়, “বহুত দিন ধৰি মানুহৰ মাজলৈ আহিবলৈ সাহস নাছিল। কিন্তু আপোনালোকৰ পৰা শক্তি পাইছোঁ। মই অনুভৱ কৰিছোঁ, জুবিন ইয়াতেই আছে।”

মঞ্চত উপস্থিত আছিল জুবিনৰ ঘনিষ্ঠ বাদ্যযন্ত্ৰীসকল — ৰাজা বৰুৱা, পাৰ্থ গোস্বামী, প্ৰিয়াংকু বৰদলৈ, ঋষভ ভূঞা আদি। তেওঁলোকৰ সঙ্গত গৰিমাৰ ভাষণে মঞ্চত উপস্থিত সকলোকে আৱেগিক কৰি তোলে।

নিজৰ অনুভৱ ব্যক্ত কৰি তেওঁ আৰু কয়, “আমি সকলো জুবিনৰ কণ্ঠ। আপোনালোক সকলোৰে মাজতেই জুবিন জীয়াই আছে। মই চেষ্টা কৰিম — আজিৰ পৰা আৰু চকুলো বোৱাই নাথাকোঁ। শক্তিশালী হৈ আপোনালোকৰ মাজত থাকিম।”

জুবিনৰ সপোন আৰু কাম আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দি গৰিমাই কয় যে সংগীত, চিনেমা, সমাজ আৰু সংস্কৃতিৰ বাবে জুবিনে যি কৰিবলৈ বিচাৰিছিল, সেয়া সকলোৰে সহযোগত আগবঢ়াই নিয়া হ’ব।

এই আবেগিক মুহূৰ্তই পুনৰ এটা বাৰ প্ৰমাণ কৰিলে — জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, তেওঁ অসমবাসীৰ হৃদয়ত জীয়াই থকা এক অনুভৱ।

সংসদত নাৰী শক্তি বিধেয়ক উত্থাপন — ৩৩% আসন সংৰক্ষণক লৈ মোদীৰ ‘ঐতিহাসিক’ অভিহিত

সংসদৰ বিশেষ অধিৱেশনত আজি মহিলাসকলৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ প্ৰস্তাৱ থকা নাৰী শক্তি বিধেয়ক উত্থাপন কৰা হয়। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-এ কয়, “আমাৰ মাতৃ-ভগ্নীৰ প্ৰতি সন্মান মানে দেশৰ প্ৰতি সন্মান,” আৰু এই পদক্ষেপক দেশৰ বাবে এক ‘ঐতিহাসিক’ পদক্ষেপ বুলি অভিহিত কৰে।

আজিৰে পৰা আৰম্ভ হোৱা তিনিদিনীয়া বিশেষ অধিৱেশনত এই গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হৈছে। চৰকাৰৰ মতে, প্ৰশাসনিক ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

প্ৰস্তাৱ অনুসৰি, দেশজুৰি আসন পুনৰ্গঠন (Delimitation) প্ৰক্ৰিয়াৰ জৰিয়তে লোকসভাৰ মুঠ আসন বৰ্তমানৰ ৫৪৩খনৰ পৰা প্ৰায় ৮৫০খনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ভিতৰত ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব। অৰ্থাৎ, প্ৰায় ১৮১খন (বৰ্তমানৰ আসনৰ হিচাপত) বা পুনৰ্গঠনৰ পিছত প্ৰায় ২৭৩খন আসন মহিলাসকলৰ বাবে সংৰক্ষণ কৰাৰ সম্ভাৱনা আছে।

সংবাদ সংস্থা ANI-ৰ সূত্ৰ অনুসৰি, এই নতুন প্ৰস্তাৱত ৰাজ্যসমূহৰ বাবে ৮১৫খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে ৩৫খন আসন নিৰ্ধাৰণ কৰাৰ কথা উল্লেখ কৰা হৈছে।

অৱশ্যে, এই বিধেয়কক লৈ বিৰোধী দলসমূহে তীব্ৰ আপত্তি প্ৰকাশ কৰিছে। তেওঁলোকৰ অভিযোগ অনুসৰি, ২০২৯ চনৰ পূৰ্বে ৰাজনৈতিক সুবিধা লাভ কৰাৰ লক্ষ্যৰে এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে।

বিশেষকৈ পশ্চিম বংগত, মমতা বেনাৰ্জী-ৰ নেতৃত্বত তৃণমূল কংগ্ৰেছ-এ এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ সাজু হৈছে। খবৰ অনুসৰি, দলটোৰ কমেও ২০গৰাকী সাংসদে সংসদত উপস্থিত থাকি এই প্ৰস্তাৱৰ বিৰোধিতা কৰিব।

বৰ্তমান, নাৰী শক্তি বিধেয়কক লৈ দেশজুৰি ৰাজনৈতিক বিতৰ্ক তীব্ৰ হৈ উঠিছে আৰু ইয়াৰ চূড়ান্ত সিদ্ধান্তলৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।

আমেৰিকাক কড়া সকিয়নী ইৰাণৰ — “হৰমুজেদি আহিলে জাহাজ ডুবাই দিম”

আমেৰিকাক কড়া সকিয়নী ইৰাণৰ — “হৰমুজেদি আহিলে জাহাজ ডুবাই দিম”
আমেৰিকাক কড়া সকিয়নী ইৰাণৰ — “হৰমুজেদি আহিলে জাহাজ ডুবাই দিম”

ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ-ৰ মাজত পুনৰ তীব্ৰ হৈছে উত্তেজনা। শান্তি চুক্তি বাতিল হোৱাৰ পাছতে দুয়োখন দেশৰ মাজত শত্ৰুতামূলক পৰিস্থিতি অধিক জটিল ৰূপ ল’বলৈ ধৰিছে।

আমেৰিকাই ইৰাণৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে বাণিজ্যিক জলবন্দৰসমূহতো সীমাবদ্ধতা আৰোপ কৰিছে। ইয়াৰ মাজতে হৰমুজ জলপথ-ৰ জৰিয়তে আমেৰিকাৰ জাহাজ চলাচল অব্যাহত ৰাখিব বুলি স্পষ্ট জনাইছিল আমেৰিকাই।

এই প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰত ইৰাণে কঠোৰ ভাষাত সতৰ্কবাণী জাৰি কৰিছে। ইৰাণৰ মুখ্য নিৰাপত্তা উপদেষ্টাই কয় যে, হৰমুজ জলপথেদি পাৰ হ’ব খোজা প্ৰতিখন আমেৰিকাৰ জাহাজ লক্ষ্য কৰি ধ্বংস কৰা হ’ব। লগতে, এই বিষয়ত পুনৰ ভাবুকি নিদিবলৈও আমেৰিকাক সকীয়াই দিয়ে ইৰাণে।

বিশেষজ্ঞসকলৰ মতে, নৌ-সামৰিক ক্ষেত্ৰত ইৰাণ যথেষ্ট শক্তিশালী আৰু কৌশলী। সেইবাবে, হৰমুজ জলপথ — যি বিশ্ব বাণিজ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ — তাত কোনো সামৰিক সংঘাত বিশ্বজুৰি প্ৰভাৱ পেলাব পাৰে।

বৰ্তমান, এই উত্তেজনামূলক পৰিস্থিতিয়ে মধ্যপ্ৰাচ্যত নতুন সংকটৰ সৃষ্টি কৰাৰ সম্ভাৱনা বৃদ্ধি কৰিছে। বিশ্ব সমাজে এতিয়া এই পৰিস্থিতিৰ ওপৰত গভীৰ নজৰ ৰাখিছে।

বৰপেটাত হিন্দু বাঙালী গাঁওবাসীৰ গৰু বিহু পালন, চাউলখোৱা নদীত গৰু ধুৱাই উদযাপন

বৰপেটাত হিন্দু বাঙালী গাঁওবাসীৰ গৰু বিহু পালন, চাউলখোৱা নদীত গৰু ধুৱাই উদযাপন
বৰপেটাত হিন্দু বাঙালী গাঁওবাসীৰ গৰু বিহু পালন, চাউলখোৱা নদীত গৰু ধুৱাই উদযাপন

সত্ৰনগৰী বৰপেটাত গৰু বিহুৰ দিনটোত দেখা গ’ল এক অনন্য আৰু ব্যতিক্ৰমী পৰিৱেশ। বৰপেটাৰ দঙৰকুছিৰ মাধৱ নগৰত বিগত কেইবছৰৰ দৰে এইবাৰো হিন্দু বাঙালী সম্প্ৰদায়ৰ লোকসকলে উলহ-মালহৰে পালন কৰিলে গৰু বিহু।

মাধৱ নগৰ অঞ্চলটোৰ অসমীয়া আৰু হিন্দু বাঙালী সম্প্ৰদায়ৰ বহু লোক গো-পালনৰ সৈতে জড়িত। সেই সূত্ৰেই গৰু বিহুক কেন্দ্ৰ কৰি গাঁওখনত পুৱাৰে পৰাই সৃষ্টি হয় উৎসৱমুখৰ পৰিৱেশ।

উদযাপনৰ অংশ হিচাপে দুয়োটা সম্প্ৰদায়ৰ লোকসকলে অসমীয়া পৰম্পৰা অনুসৰি গৰুক মাহ আৰু হালধী সানি চাউলখোৱা নদীত গা ধুৱাই। তাৰ পাছত গৰুক লাও-বেঙেনাৰ মালা পিন্ধাই দীঘলতি আৰু মাখিয়তিৰে কোবাই গৰুৰ স্বাস্থ্য আৰু শ্ৰীবৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে।

এই অনুষ্ঠানত অসমীয়া আৰু হিন্দু বাঙালী সম্প্ৰদায়ৰ মিলিত অংশগ্ৰহণে সামাজিক সম্প্ৰীতি আৰু ঐক্যৰ এক সুন্দৰ দৃষ্টান্ত দাঙি ধৰে। গাঁওবাসীৰ মতে, এনে অনুষ্ঠানেই বিভিন্ন সম্প্ৰদায়ৰ মাজত ভাতৃত্ববোধ আৰু পাৰস্পৰিক সম্পৰ্ক অধিক মজবুত কৰে।