Home Blog Page 49

জুবিনৰ এমহীয়া মৃত্যু তিথিত জোনালীৰ ষ্টুডিঅ’ত উপস্থিত গৰিমা শইকীয়া ৰ্গাগ । Zubeen Garg

জুবিনৰ এমহীয়া মৃত্যু তিথিত জোনালীৰ ষ্টুডিঅ’ত উপস্থিত গৰিমা শইকীয়া ৰ্গাগ । Zubeen Garg
জুবিনৰ এমহীয়া মৃত্যু তিথিত জোনালীৰ ষ্টুডিঅ’ত উপস্থিত গৰিমা শইকীয়া ৰ্গাগ । Zubeen Garg

Zubeen Garg । অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি এমহীয়া মৃত্যু তিথি৷ আজিৰ এই দিনটোত ৰাজ্যজুৰি সূৰ্যকণ্ঠ জুবিন গাৰ্গক স্মৰণ কৰিবলৈ বিভিন্ন ধৰণৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ আজিৰ এই দিনটোতে জুবিন গাৰ্গৰ অৰ্ধাংগিনী গৰিমা শইকীয়া গাৰ্গে গুৱাহাটীৰ জোনালীত থকা সেই বিশেষ ষ্টুডিঅ’টোলৈ যায়৷

জুবিনক অসমবাসীয়ে জুবিন গাৰ্গ হিচাপে চিনি পোৱাৰ ক্ষেত্ৰত সেই ©ু†ডিঅ’টোৰ অৰিহণা আছিল অপৰিসীম৷ জুবিনে তেওঁৰ জীৱনৰ বহু সময় সেই ষ্টুডিঅ’টোতে কটাইছে৷ আজি গৰিমা শইকীয়া গাৰ্গে ষ্টুডিঅ’টোলৈ গৈ স্বামীক স্মৰণ কৰে৷ গৰিমা শইকীয়া গাৰ্গে সাংবাদিকৰ আগত কয় যে এই ষ্টুডিঅ’টো আছিল জুবিনৰ অতি প্ৰিয়৷ তেওঁ এই ষ্টুডিঅ’টোতে সময় কটাই ভাল পাইছিল৷ তেওঁ কোনো ফ্লেট বিচৰা নাছিল৷ তেওঁ সেয়ে এই ষ্টুডিঅ’টোলৈ সঘনাই আহিছিল৷ ইয়াৰ প্ৰাকৃতিক পৰিৱেশো তেওঁ বাৰুকৈয়ে আকৃষ্ট কৰিছিল৷ গৰিমা শইকীয়া গাৰ্গে লগতে ষ্টুডিঅ’টো দৰ্শন কৰি সোণাপুৰলৈ যাত্ৰা কৰে৷ আজি সোণাপুৰত জুবিন সমাধি ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই নানান অনুষ্ঠানৰ আয়োজন কৰা হয়৷

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত নিষ্প্ৰাণ দীপাৱলীৰ আনন্দ


কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী। কিন্তু অসমত নাই দীপাৱলীৰ বিশেষ কোনো আনন্দ। অন্যবাৰ দীপাৱলীৰ দুই-তিনিদিন আগৰে পৰা বোমা-ফটকা ফুটি থাকে যদিও এইবেলি অসমত তেনে পৰিবেশ দেখিবলৈ পোৱা যোৱা নাই। চৌপাশে যেন এক শোকৰ পৰিবেশে বিৰাজ কৰিছে। মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বোমা-ফটকাৰ বিক্ৰী এইবেলি লক্ষ্যণীয় হাৰত কমি গৈছে। বহু ঠাইত জনতাই এই বেলি নিৰব দীপাৱলী পালন কৰিব বুলি ঘোষণা কৰিছে। আনকি ফাঁচী বজাৰতো মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে বোমা-ফটকা হীন নিৰব দীপাৱলী পালন কৰিব বুলি ঘোষণা কৰিছে।

ৰাজ্যৰ বহু লোকে কেৱল চাকি জ্বলাই দীপাৱলী উদযাপন কৰিব বুলি মন্তব্য কৰা পৰিলক্ষিত হৈছে। এইবাৰ সমগ্ৰ অসমতে দীপাৱলী আৰু কালি পূজাৰ আনন্দময় জিলিকনি শোকৰ ছাঁত যেন ম্লান হৈ পৰিছে। দীপাৱলী যেন এইবাৰ সংগীত কিংবদন্তি জুবিন গাৰ্গৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলিলৈ ৰূপান্তৰিত হব । গুৱাহাটীত ৬১ সংখ্যক কালী পূজা উদযাপন কৰা কালাপাহাৰৰ কলনী বজাৰৰ বিবেকানন্দ স্প’ৰ্টিং ক্লাবে এইবাৰৰ উদযাপন সম্পূৰ্ণৰূপে জুবিনৰ স্মৃতিত উৎসৰ্গা কৰাৰ কথা ঘোষণা কৰিছে। উলুবাৰীৰ ডাইনামো ক্লাব আৰু পাণ্ডুৰ কালি পূজা সমিতি দুয়োয়ে পূৰ্বৰ পৰম্পৰাগত মঞ্চ অনুষ্ঠানৰ ঠাইত ভক্তিমূলক সমাৱেশৰ জৰিয়তে বিদায়ী শিল্পীগৰাকীৰ আত্মাৰ বাবে প্ৰাৰ্থনা জনাব বুলি ঘোষণা কৰিছে।

জুবিন গাৰ্গৰ মৃত্যুৰ পক্ষপাতিত্বহীন তদন্তৰ দাবীত ৰাজ্যজুৰি AJYCPৰ আন্দোলন

অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীয়ে নতুন গতি লাভ কৰিছে। ১৯ অক্টোবৰ দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
সমগ্ৰ অসমৰ প্ৰতিবাদস্থলীত ছাত্ৰ-ছাত্ৰী, যুৱ কৰ্মী, নাগৰিকৰ বৃহৎ দলে সমবেত হয় ।

প্ৰতিবাদকাৰীসকলে হাতত বেনাৰ লৈ আৰু চলি থকা তদন্তত জবাবদিহিতাৰ দাবীত শ্লোগান দিয়ে। বিক্ষোভকাৰীসকলে জুবিন মৃত্যুৰ গোচৰটোৰ তদন্তত যাতে কোনো ৰাজনৈতিক এজেণ্ডাৰ প্ৰভাৱ নপৰে সেই বিষয়ত সতৰ্ক হবলৈ আহ্বান জনায়।সমাৱেশত ভাষণ দি এজেৱাইচিপিৰ নেতাসকলে গোচৰ সন্দৰ্ভত ৰাজহুৱা মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আবেদন জনায়, এনে বক্তব্যই তদন্ত প্ৰক্ৰিয়াৰ নিৰপেক্ষতাক ক্ষতিগ্ৰস্ত কৰিব পাৰে বুলি নেতাসকলে দৃঢ়তাৰে কয়। এজেৱাইচিপিৰ এজন প্ৰতিনিধিয়ে কয়, ‘অসমৰ ৰাইজে সত্য জানিব বিচাৰে।

ন্যায় প্ৰদান নোহোৱালৈকে আমি আমাৰ আন্দোলন অব্যাহত ৰাখিম। এজেৱাইচিপিৰ এই আন্দোলন কেৱল গুৱাহাটীতে সীমাবদ্ধ নাছিল। সোণাৰিত এজেৱাইচিপিৰ চৰাইদেউ জিলা গোটে নিকা আৰু ক্ষিপ্ৰ বিচাৰৰ একে দাবীকে প্ৰতিধ্বনিত কৰি দিনজোৰা অনশন পালন কৰে। প্ৰতিবাদকাৰীসকলে গুৰুত্ব আৰোপ কৰে যে যদিও চৰকাৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পদক্ষেপৰ ক্ষেত্ৰত এখোজ আগুৱাই গৈছে, ই জনবিশ্বাস ঘূৰাই অনাৰ বাবে যথেষ্ট নহয়।“আমি প্ৰাৰম্ভিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৰ্তৃপক্ষক সন্মান কৰো, কিন্তু বিশ্বাসযোগ্য তদন্ত আৰু স্বচ্ছ আইনী প্ৰক্ৰিয়া অবিহনে ন্যায় অসম্পূৰ্ণ হৈয়েই থাকিব ” এজন প্ৰতিবাদকাৰীয়ে মন্তব্য কৰে। জুবিন গাৰ্গৰ ন্যায় নিশ্চিত নোহোৱালৈকে প্ৰতিবাদ কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছে এজেৱাইচিপিয়ে। নিৰপেক্ষ তদন্তৰ আহ্বান এতিয়া ৰাজ্যজুৰি এক আন্দোলনত পৰিণত হৈছে, এই দাবী এতিয়া অসমৰ জনসাধাৰণৰ সত্য আৰু জবাবদিহিতাৰ সামূহিক দাবীৰ প্ৰতীক হিচাবে পৰিগণিত হৈছে।

জুবিনৰ সমাধিক্ষেত্ৰত জীয়াই আছে “মায়া”…

জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ দিনটোৰ পৰা জুবিনৰ সমাধিৰ কাষতে আছিল এটা কুকুৰ। বিগত ৩০টা দিনে সেই কুকুৰটো জুবিনৰ সমাধিৰ কাষৰ পৰা আঁতৰ হোৱা নাই। সমাধিৰ আশে-পাশে নাইবা সমাধিৰ কাষতেই শুই থাকে কুকুৰটো। গৰিমা গাৰ্গে উক্ত কুকুৰটোৰ নাম দিছিল ‘মায়া’।

মায়া আছিল জুবিনৰ সমাধি ক্ষেত্ৰৰ অতন্দ্ৰ প্ৰহৰী। দিনে-ৰাতিয়ে সদায়েই জুবিনৰ সমাধিৰ কাষতেই দেখা গৈছিল মায়াক। জীৱিত কালত জুবিনৰ জীৱ-জন্তুৰ প্ৰতি থকা মৰম যেন বুজি পাইছিল মায়াই। সেয়েহে মৃত্যুৰ পাছতো জুবিনক অকলশৰীয়া কৰা নাছিল মায়াই।

কিন্তু যোৱা ১৮অক্টোবৰ, ২০২৫ৰ নিশা বিয়পি পৰিল এটা খবৰ। একাংশ সংবাদমাধ্য়মেও প্ৰকাশ কৰিলে যে, জুবিন সমাধিক্ষেত্ৰৰ মায়াৰ মৃত্যু হৈছে। সামাজিক মাধ্যমত এই খবৰ বিয়পি পৰাৰ লগে লগে সকলোৱে দুখ প্ৰকাশ কৰিলে। কিন্তু এই খবৰ সচাঁ নাছিল।

জুবিন সমাধি ক্ষেত্ৰৰ মায়াৰ মৃত্যু হোৱা নাই। মায়া এতিয়াও জীয়াই আছে। জুবিন গাৰ্গৰ সমাধিৰ কাষতেই পুনৰ দেখা পোৱা গ’ল মায়াক।

চিক্কিম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাত উজলিল অসমৰ ওদালগুৰি সন্তান ববিতা ছেত্ৰী । Sikkim University

চিক্কিম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাত উজলিল অসমৰ ওদালগুৰি সন্তান ববিতা ছেত্ৰী । Sikkim University
চিক্কিম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাত উজলিল অসমৰ ওদালগুৰি সন্তান ববিতা ছেত্ৰী । Sikkim University

Sikkim University । উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম্ মনোমোহা ৰাজ্য চিক্কিমত উজলিল অসম সন্তান ববিতা ছেত্ৰী। যোৱা ১৬ তাৰিখে সম্পন্ন হোৱা চিক্কিম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত স্নাতকোত্তৰ অন্তিম বৰ্ষৰ ছাত্ৰী ববিতা ছেত্ৰীয়ে চিক্কিম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাত “Secretary For Social Service Affairs” পদত ৩৯৯টা ভোট প্ৰাপ্ত কৰি বিজয়ী হয় অসম সন্তান ববিতা ছেত্ৰী। বৰ্তমান চিক্কিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগত অধ্যয়নৰত ববিতা ছেত্ৰী অসমৰ ওদালগুৰি জিলাৰ খাউৰাং নিবাসী বিশিষ্ট সাংস্কৃতিক কৰ্মী শান্তা চিৰ্পালী আৰু পদ্মা চিৰ্পালীৰ একমাত্ৰ কন্যা সন্তান।

ববিতা ছেত্ৰীয়ে ডিমাকুচী ডনবস্কো স্কুলৰপৰা মেট্ৰিকত ৮৬ শতাংশ নম্বৰ প্ৰাপ্ত কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত দৰং জিলাৰ কলাইগাওঁ স্থিত পি এমশ্ৰী জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা ৯৫ শতাংশ নম্বৰ প্ৰাপ্ত কৰি সুখ্যাতিৰে হায়াৰ চেকেণ্ডেৰীত উত্তীৰ্ণ হয়। ববিতাই দৰং মহাবিদ্যালয়ৰ পৰা ৮৬ শতাংশ নম্বৰ প্ৰাপ্ত কৰি গ্ৰেজুৱেচন কৰাৰ পিছত লিখিত পৰীক্ষাত প্ৰথমে গোলাঘাট জিলা স্থিত সতী সাধনী বিশ্ববিদ্যালয়ত নাম ভৰ্তী কৰে যদিও পুনৰ চিক্কিম বিশ্ববিদ্যালয়ৰ পৰা সুযোগ পোৱাত ২০২৪বৰ্ষৰ পৰা চিক্কিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগত অধ্যয়ন কৰি আছে। সৰুৰে পৰা অধ্যয়নত সুখ্যাতি থকা ববিতাই ২০২০চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তত্বাৱধানত আয়োজন কৰা “পৰীক্ষাপে চৰ্চা” কাৰ্য্যসূচীত দিল্লীৰ তালকটোৰা স্টেডিয়ামত অনুষ্ঠিত পৰীক্ষা পে চৰ্চা কাৰ্য্যসুচীত বি টি চিৰ পৰা অকলে নিৰ্বাচিত হৈছিল। প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ অন্তিম বৰ্ষলৈকে সুখ্যাতিৰে অধ্যয়নত ব্ৰতী থকা ববিতা ছেত্ৰীয়ে অজিলৈকে নাপালে কোনো চৰকাৰী সা-সুবিধা।

বি টি চিৰ পূৰ্বৰ চৰকাৰৰ বিধায়ক,পাৰ্ষদ, ডেপুটী চীফৰ লগতে মনোনীত পাৰ্ষদৰ লগতো অধ্যয়নৰ বাবে হবলগীয়া আৰ্থিক অনুদানত কোনো সুবিধা নাপালে ববিতা ছেত্ৰীয়ে। তথাপিও জীৱন সংগ্ৰামত হাৰ নমনা ববিতাই অধ্যয়নত আগুৱাই গৈ চিক্কিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যনৰত থকাৰ লগতে চিক্কিম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ ২০২৫-২৬ বৰ্ষৰ একাডেমীক বৰ্ষত সমাজ সংগঠক পদৰ সম্পাদিকা পদত বিজয়ী হবলৈ সক্ষম হয় অসম সন্তান ববিতা ছেত্ৰী। অৱশ্যে অসম সন্তান ববিতা ছেত্ৰীৰ লগতে Secretary for Academic Affairsপদত ৰিত্তিকা কলিতা আৰু ট্ৰেজাৰাৰ পদত অম্ৰিত বিশ্বকৰ্মায়ো বিজয়ী হবলৈ সক্ষম হয়। যোৱা ১৭ অক্টোবৰ তাৰিখে উক্ত সমিতিয়ে বিশ্ববিদ্যালয়ৰ উপকুলপতিৰ পৰা শপতগ্ৰহণো কৰিবলৈ সক্ষম হ

বঙাইগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ বৃহৎ জয় ।University of Bongaigaon

বঙাইগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ বৃহৎ জয় ।University of Bongaigaon
বঙাইগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ বৃহৎ জয় ।University of Bongaigaon

 University of Bongaigaon । বঙাইগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ বৃহৎ জয়

সভাপতি, সাধাৰণ সম্পাদক পদকে ধৰি ১৫ টাৰ ১৪ টা পদেই কৰিলে দখল

বঙাইগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ প্ৰথম বাৰৰ বাবে অনুষ্ঠিত নিৰ্বাচনত অসম ছাত্ৰ পৰিষদে বৃহৎ জয়লাভ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷ শুকুৰবাৰে অনুষ্ঠিত বঙাইগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নির্বাচনত অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীয়ে ১৫ টা পদৰ ভিতৰত ১৪ টা পদতে দখল কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে এটা পদত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থী জয়ী হৈছে ৷ উল্লেখ্য যে ছাত্ৰ একতা সভাৰ ১৫ টা পদৰ ভিতৰত ২ টাকৈ পদত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল অসম ছাত্ৰ পৰিষদ সমৰ্থিত প্ৰাৰ্থী ৷ শুকুৰবাৰে সভাপতি, উপ সভাপতি, সাধাৰণ সম্পাদক ,সহকাৰী সাধাৰণ সম্পাদক আদিকে ধৰি ১৩ টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ কিন্তু নিৰ্বাচন অনুষ্ঠিত হোৱা ১৩ পদৰ ভিতৰত ১২ টা পদতে অসম ছাত্ৰ পৰিষদ সমৰ্থিত প্ৰাৰ্থীয়ে জয় লাভ কৰিবলৈ সক্ষম হয় ৷ বঙাইগাঁও বিশ্ববিদ্যালয় ছাত্ৰ কল্যাণ সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত সঞ্চালক ৰূপনাথ ওৱাৰীৰ তত্বাৱধানত অনুষ্ঠিত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলে অংশ গ্ৰহণ কৰি নিজৰ পচন্দৰ প্ৰাৰ্থীসকলৰ সপক্ষে ভোটদান কৰে ৷

ইপিনে শান্তিপূৰ্ণভাবে ভোট গ্ৰহণৰ অন্তত ঘোষিত ফলাফল অনুসৰি অসম ছাত্ৰ পৰিষদৰ প্ৰাৰ্থী বিমলেন্দু কুমাৰ ঘোষে ১,১৭৬ টা ভোট লাভ কৰি সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে অসম ছাত্ৰ পৰিষদৰে ৰুদ্ৰমণি ৰায়ে ১,৪১৯ টা ভোট লাভ কৰি সাধাৰণ সম্পাদক পদত জয় লাভ কৰে ৷ সেইদৰে অন্যান্য পদত বিজয়ী হোৱা অসম ছাত্ৰ পৰিষদৰ প্ৰাৰ্থীসকলৰ ভিতৰত উপ সভাপতি পদত সৰিভা দৈমাৰী, সহকাৰী সাধাৰণ সম্পাদক পদত পূজা বিশ্বাস, সাহিত্য সম্পাদক পদত হীৰকজ্যোতি খাকলাৰী, সাংস্কৃতিক সম্পাদক পদত মুচকান শৰ্মা, গুৰু খেল সম্পাদক পদত পীযুষ দাস, ক্ৰীড়া সম্পাদক পদত আমিনুৰ আলী, ছাত্ৰ জিৰণী কোঠা সম্পাদক পদত মণিৰাম ৰায়, ছাত্ৰী জিৰণী কোঠা সম্পাদিকা পদত মৰমী নাথ, শৰীৰচৰ্চা সম্পাদক পদত নিউটন বড়ো আৰু সমাজ সেৱা সম্পাদকৰ পদত কহিনুৰ খাতুন ৷ সেইদৰে ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা অসম ছাত্ৰ পৰিষদৰ প্ৰাৰ্থী দুজন হ’ল সংগীত সম্পাদক পদত নীহা কলিতা আৰু তৰ্ক আৰু আলোচনা চক্ৰ সম্পাদক পদত চাকিল আফতাপ ৷ আনহাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা জয় লাভ কৰা একমাত্ৰ প্ৰাৰ্থীজন হ’ল লঘু খেল সম্পাদক সমীৰণ ৰায় ৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে বিশ্ববিদ্যালয় চৌহদত আনন্দমুখৰ পৰৱেশৰ সৃষ্টি হয় ৷

ইপিনে উপাচাৰ্য অধ্যাপক তৰণী ডেকাই নৱনিৰ্বাচিত ছাত্ৰ একতা সভাৰ প্ৰতিনিধিসকলক অভিনন্দন জনাই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু সামগ্ৰিক উন্নয়নৰ বাবে সামূহিকভাৱে কাম কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে অহা ২৩ অক্টোবৰৰ বিয়লি ৩ বজাত বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান।

জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ: দীপাৱলীৰ পৰিবেশৰ মাজতে অসমত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন । Zubeen

জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ: দীপাৱলীৰ পৰিবেশৰ মাজতে অসমত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন ।
জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ: দীপাৱলীৰ পৰিবেশৰ মাজতে অসমত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন ।

Zubeen । ১৯ অক্টোবৰত অসমবাসীৰ প্ৰিয় শিল্পী , অভিনেতা, সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হ’ব। সমগ্ৰ ৰাজ্যতে অসমীয়া সংগীত, চিনেমা, সংস্কৃতিত অমলিন ছাপ এৰি থৈ যোৱা শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ সাজু হৈছে অনুৰাগী আৰু শুভাকাংক্ষীসকল।

প্ৰাণৰ শিল্পীগৰাকীৰ অবৰ্তমানত দীপাৱলীৰ আনন্দতো যতি পৰিছে। ৰাঝ্যৰ বিভিন্ন ঠাইত শিল্পীগৰাকীক সুঁৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। ছেপ্টেম্বৰ মাহত জুবিন গাৰ্গৰ হঠাৎ মৃত্যুৱে অসম আৰু উত্তৰ-পূবক স্তম্ভিত কৰি তুলিছে । সুৱদী কণ্ঠ, শক্তিশালী অভিনয়, সামাজিক কামৰ বাবে পৰিচিত গাৰ্গৰ সকলো বয়সৰ লোকৰ সৈতে সংযোগ স্থাপনৰ এক বিৰল ক্ষমতা আছিল। অনুৰাগীসকলে তেওঁক কেৱল সংগীতজ্ঞ হিচাপেই নহয়, অসমীয়া গৌৰৱ আৰু পৰিচয়ৰ প্ৰতীক হিচাপে গ্যণ কৰি আহিছে। জুবিন গাৰ্গৰ গীতে প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে আৰু তেওঁৰ মানৱীয় প্ৰচেষ্টাই অগণন জীৱনক স্পৰ্শ কৰিছে ।সমগ্ৰ অসমতে তেওঁৰ সন্মানত কেইবাটাও স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ শ্ৰদ্ধাঞ্জলি, অনুৰাগীৰ ভিডিঅ’ আৰু সংগীত তথা সমাজলৈ গাৰ্গৰ অৱদানক উজ্জ্বল কৰি তোলা বাৰ্তাৰে উপচি পৰিছে।

গুৱাহাটীত নাগৰিক গোট আৰু সাংস্কৃতিক সংগঠনসমূহে তেওঁৰ স্মৃতিসৌধৰ সমীপত চাকি জ্বলোৱাৰ পৰিকল্পনা কৰিছে, দীপাৱলীৰ উৎসৱমুখৰ মনোভাৱক এক আন্তৰিক স্মৃতি কাৰ্য্যৰ সৈতে একত্ৰিত কৰি। শিলচৰ, যোৰহাট, ডিব্ৰুগড়কে ধৰি অন্যান্য চহৰতো অনুৰূপ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি জনসাধাৰণক শিল্পীগৰাকীক মৰ্যাদাৰে স্মৰণ কৰিবলৈ আহ্বান জনায়। জুবিন গাৰ্গ এজন শিল্পীতকৈও অধিক আছিল;তেওঁ আছিল অসমীয়া সংস্কৃতিৰ এক ঐক্যবদ্ধ শক্তি।আমি দীপাৱলী উদযাপন কৰাৰ সময়ত তেওঁৰ স্মৃতিক সন্মান জনাই তেওঁৰ উত্তৰাধিকাৰক হৃদয়ত লালন-পালন কৰি যাওঁ আহক।’

প্ৰকৃত জুবিন অনুৰাগীয়ে ভয় খোৱাৰ প্ৰয়োজন নাইঃ আৰক্ষী । Zubeen Garg

প্ৰকৃত জুবিন অনুৰাগীয়ে ভয় খোৱাৰ প্ৰয়োজন নাইঃ আৰক্ষী । Zubeen Garg
প্ৰকৃত জুবিন অনুৰাগীয়ে ভয় খোৱাৰ প্ৰয়োজন নাইঃ আৰক্ষী । Zubeen Garg


Zubeen Garg । অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বাক্সাৰ কাৰাগাৰলৈ নিয়াৰক সময়ত একাংশ লোকে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছিল। জুবিন অনুৰাগী হিচাবে তাত উপস্থিত থকা একাংশ লোকে শিলাবৰ্ষণ কৰাৰ ফলত বহুকেইজন সাংবাদিকৰ লগতে আৰক্ষীৰ লোকৰ মূৰ ফাটি তেজ বৈছিল। একেদৰে প্ৰতিবাদকাৰীয়ে সংবাদ মাধ্যমৰ বাহনকে ধৰি কেইবা খনো বাহন জ্বলাই দিছিল।

এনে ঘটনাত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে এতিয়ালৈকে মুঠ নজন লোকক গ্ৰেপ্তাৰ কৰিছে। চলিত সপ্তাহৰ আৰম্ভণিতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পাঁচজন অভিযুক্তক বাক্সা জিলা কাৰাগাৰলৈ বদলি কৰাৰ সময়ত সংঘটিত হোৱা হিংসাত্মক প্ৰতিবাদৰ সৈতে জড়িত ৯ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।এই কথা নিশ্চিত কৰি বাক্সাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক উজ্জল প্ৰতিম বৰুৱাই কয় যে আন কেইবাজনো সন্দেহযুক্ত লোকক চিনাক্ত কৰা হৈছে, আৰু সেইসকলক গ্ৰেপ্তাৰ কৰিবলৈ অব্যাহত আছে। তেওঁ কয় ‘আমি এই ঘটনাক অতি গুৰুত্ব সহকাৰে লৈছো আৰু আৰক্ষীৰ এটা নিষ্ঠাবান দলে অভিযান চলাই গৈছে।’ এন ই আই এফৰ মুখ্য আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁৰ আত্মীয় তথা আৰক্ষী বিষয়া সন্দিপন গাৰ্গ আৰু ব্যক্তিগত নিৰাপত্তা বিষয়া নন্দেশ্বৰ বৰা আৰু প্ৰবীণ বৈশ্যক — ন্যায়িক জিম্মালৈ নিয়াৰ সময়তে অশান্তিৰ সূত্ৰপাত ঘটিছিল ।অভিযুক্তক কঢ়িয়াই অনা কনভয়ে কাৰাগাৰৰ কাষ চাপি অহাৰ লগে লগে প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰাৰৰ লগতে বহি বাহন জ্বলাই দিয়ে, যাৰ ফলত কেইবাজনো আৰক্ষী জোৱান আৰু সাংবাদিক আহত হয়। আৰক্ষী বাহিনীয়ে লাঠিচালনা আৰু কন্দুৱা গেছৰ প্ৰয়োগ কৰি পৰিস্থিতি চম্ভালিবলৈ চেষ্টা চলায়।

আৰক্ষীয়ে আনকি শূন্যলৈ গুলীচালনা কৰাত ছাত্ৰ আহত হয় ।তাৰ পিছতে বাক্সা জিলাত কৰ্তৃপক্ষই ভুৱা তথ্যৰ প্ৰচাৰ ৰোধ কৰিবলৈ ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা বন্ধ কৰি দিয়ে। মুছলপুৰ চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ১৪৪ ধাৰা চি আৰ পি চিৰ অধীনত নিষেধাজ্ঞামূলক আদেশ প্ৰযোজ্য হৈ আছে । বাক্সাৰ পৰিস্থিতি বৰ্তমান সুস্থিৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। কাৰাগাৰৰ আশে-পাশে নিৰাপত্তাও কটকটীয়া কৰা হৈছে।জনসাধাৰণক আশ্বস্ত কৰি এছ এছ পি বৰুৱাই কয়, ‘জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে ভয় কৰিবলগীয়া একো নাই।অনুৰাগীৰ বেশত হিংসাৰ উচটনি দিয়াসকলক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সন্মুখীন হ’বলগীয়া হ’ব।’ ইপিনে শুকুৰবাৰে কামৰূপ (মেট্ৰ’)ৰ মুখ্য ন্যায়িক দণ্ডাধীশে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক ডিমা হাছাও জিলাৰ হাফলং কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।অসমৰ অন্যতম প্ৰিয় শিল্পী জুবিন গাৰ্গে যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰিবলৈ গৈ ৰহস্যজনকভাবে শেষ নিশ্বাস ত্যাগ কৰিছিল। তেওঁৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ বন্যাৰ সৃষ্টি হয়। সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ীসকলে শাস্তি পোৱাটো।

অসমবাসীয়ে পালন কৰিলে জুবিন বিহীন প্ৰথমটো কাতি বিহু । BIHU

অসমবাসীয়ে পালন কৰিলে জুবিন বিহীন প্ৰথমটো কাতি বিহু । BIHU
অসমবাসীয়ে পালন কৰিলে জুবিন বিহীন প্ৰথমটো কাতি বিহু । BIHU

BIHU । অসমবাসীয়ে পালন কৰিলে জুবিন বিহীন প্ৰথমটো কাতি বিহু । সোণাপুৰৰ জুবিন ক্ষেত্ৰত শুকুৰবাৰে মাজনিশা উপস্থিত হ’ল গৰিমা শইকীয়া গাৰ্গ


অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নাই। শনিবাৰে ৰাজ্যবাসীয়ে পালন কৰিলে জুবিন বিহীন প্ৰথমটো কাতি বিহু। বিহুক বিশ্বৰ আগত নতুন ৰূপত পৰিচয় কৰি দিয়া জুবিন গাৰ্গৰ অবৰ্তমানে শোকাহত কৰি ৰাখিছে ৰাজ্যবাসীক। ইয়াৰ মাজতে আজি পৰম্পৰা ৰক্ষা কৰি অসমীয়াই কাতি বিহু পালন কৰে। আজি কাতিবিহু । ৰাজ্যৰ চহা অসমীয়াই উদযাপন কৰিছে বাপতিসাহোন কাতি বিহু । অসমবাসীয়ে বেদনা গধুৰ মনেৰেই লখিমীক আহ্বান জনাই তুলসীৰ তলত বন্তি জ্বলায় ।ৰাজ্যৰ বহু ঠাইত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই আমগুৰিৰ জালুক গাঁওৰ বৰনামঘৰ প্ৰাংগণত পুৱাৰে পৰা কাতি বিহুৰ পৰম্পৰা পালন কৰা হৈছে । নামঘৰৰ বাটচ’ৰাত জুবিন গাৰ্গৰ ফটোত ধূপ-চাকি জ্বলাই তুলসীৰ তলত গাঁৱৰ কিশোৰ-কিশোৰীসকলে প্ৰাৰ্থনা কৰিছে । যুৱক-যুৱতী তথা মহিলাসকলে দিহানাম পৰিৱেশন কৰি উঠি অহা প্ৰজন্মক কাতি বিহুৰ পৰম্পৰা সম্পৰ্কে জ্ঞান দিয়ে । উল্লেখ্য শস্যৰ সুৰক্ষা আৰু কৃষক ৰাইজৰ মংগল আৱাহন কৰি তুলসী তলত বন্তি জ্বলোৱাৰ নিয়ম তথা পৰম্পৰা অসমৰ জনজীৱনৰ ভিন্ন লোকাচাৰ ।

ইপিনে সোণাপুৰৰ জুবিন ক্ষেত্ৰত শুকুৰবাৰে মাজনিশা উপস্থিত হ’ল জনতাৰ শিল্পীজনাৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গ ।স্বামীৰ সমাধিস্থলীত মাজনিশা উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে জুবিনৰ সমাধিত চাকি-ধূপ জ্বলাই কিছু সময়ৰ বাবে নিৰৱ হৈ বহি পৰে তেওঁৰ কাষত ৷ অজস্ৰ অনুৰাগীয়ে ভিৰৰ মাজতে গালে মায়াবিনী ৷ জুবিনৰ লগত মনৰ কথা পাতিবলৈ এনেদৰেই সমাধিলৈ আহি থাকিব বুলি মন্তব্য কৰে গৰিমাই ৷গৰিমাই কয়, “যেতিয়াই মোৰ জুবিনক কথা ক’বলৈ মন যাব, মই আহিম ৷ জুবিনে মনৰ কথা শুনিব, মোক আশীৰ্বাদ দিব, ম‌ই তেওঁক সকলো কম, তেওঁ শুনিব ৷ আপোনালোকে প্ৰাৰ্থনাত জুবিনক ৰাখক, মোক আশীৰ্বাদ কৰক ৷ জুবিনে বৰ অসমৰ সপোন দেখিছিল, সেই বৰ অসমখন আমি সকলোৱে মিলি গঢ়িব লাগিব ৷ এই জুবিন ক্ষেত্ৰখন সমন্বয় সম্প্ৰীতিৰ ক্ষেত্ৰ আমিয়েই কৰিব লাগিব ৷” এনেদৰে কৈ আবেগিক হৈ পৰিল গৰিমা ৷জুবিনৰ বহু পুৰণি বন্ধু তথা বাদ্যযন্ত্ৰী ৰাজাও গৈছিল সমাধিস্থলীলৈ ৷ আচম্বিতে তালৈ যোৱাৰ পৰিকল্পনা কৰি তাত উপস্থিত হৈ আচৰিত হৈ পৰে সকলো ।

শ্যামকানু-সিদ্ধাৰ্থহতঁৰ সমৰ্থনত নামি পৰিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক ৰাজদ্বীপ সৰদেশাই

 জুবিন গাৰ্গ মৃত্যুকাণ্ডৰ সৈতে নাম সাঙোৰ খাই বৰ্তমান কাৰাবন্দী হৈ থকা শ্যামকানু-সিদ্ধাৰ্থহতঁৰ সমৰ্থনত নামি পৰিল এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট সাংবাদিক। ছিংগাপুৰ আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত জুবিনৰ মৃত্যুত কোনো অস্বাভাৱিকতা নাই বুলি ৰাজহুৱা কৰাৰ পাছতে সাংবাদিক ৰাজদ্বীপ সৰদেশাইয়ে এক্স হেণ্ডেলত অসম চৰকাৰক এই তদন্ত প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰে।

সাংবাদিকগৰাকীয়ে কয় যে, ছিংগাপুৰ আৰক্ষীয়ে এয়া হত্যাকাণ্ড নহয় বুলি কোৱাৰ পিছতো কি যুক্তিত অসম চৰকাৰে ৭গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ২০২৬ৰ নিৰ্বাচনৰ বাবে জনতাৰ আৱেগ জয় কৰিবলৈকে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নেকি বুলিও প্ৰশ্ন কৰে সাংবাদিকগৰাকীয়ে।

অসমত আইনৰ কোনো ব্যৱস্থাক মানি চলা নহয় নেকি বুলি প্ৰশ্ন কৰিছে ৰাজদ্বীপ সৰদেশায়ে। সাংবাদিকগৰাকীয়ে এই পোষ্ট সামাজিক মাধ্যমত দিয়াৰ পাছতে গালিৰ বৰষুণ হয় তেওঁৰ পোষ্টত। ভিতৰুৱা কথা নজনাকৈ অপৰাধীক ৰক্ষণাবেক্ষণৰ বাবে অসমৰ ভিতৰুৱা কথাত মাত নামাতিবলৈ একাংশই সকিয়নী প্ৰদান কৰে সাংবাদিকগৰাকীক।