Home Blog Page 515

AAP: আদানি গোষ্ঠীক ৯ হাজাৰ বিঘা ভূমি আবন্টনৰ বিৰুদ্ধে আপৰ সংবাদমেল

AAP: আদানি গোষ্ঠীক ৯ হাজাৰ বিঘা ভূমি আবন্টনৰ বিৰুদ্ধে আপৰ সংবাদমেল
AAP: আদানি গোষ্ঠীক ৯ হাজাৰ বিঘা ভূমি আবন্টনৰ বিৰুদ্ধে আপৰ সংবাদমেল

গুৱাহাটী, ২ অক্টোবৰ – AAP: ডিমা হাছাও জিলাৰ উমৰাংছুত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি এটাৰ পাছত আনটো চিমেন্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে সৰৱ হ’ল আম আদমী পাৰ্টিৰ মুখপাত্ৰ পুনম গগৈ। আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ নেত্ৰীগৰাকীয়ে কয়, ” বৰ্তমানৰ চৰকাৰে ডিমা হাছাও জিলাৰ খিলঞ্জীয়া জনসাধাৰণক নিজৰ ভেটি – মাটিৰ পৰা উচ্ছেদ কৰি সেই মাটি পুঁজিপতিক গতাই দিব বিচাৰিছে। উমৰাংছুৰ ৯ হাজাৰ বিঘা মাটি গুজৰাটৰ ব্যৱসায়ী গৌতম আদানিৰ চিমেন্ট কাৰখানা স্থাপনৰ বাবে আবন্টন দিছে।(Adani group)

উমৰাংছু অঞ্চলৰ ডিমাছা, কুকি, কাৰ্বি আদি জনগোষ্ঠীৰ শ শ পৰিয়ালক উচ্ছেদ কৰি পুঁজিপতিৰ স্বাৰ্থ সিদ্ধি কৰিব বিচাৰিছে। এটা কথাত বিজেপিৰ ঘনিষ্ঠ গুজৰাটী বনিয়াৰ হাতত বিজেপি চৰকাৰে খিলঞ্জীয়াৰ জাতি- মাটি – ভেটি বিক্ৰী কৰিবলৈ ওলাইছে। আমি আম আদমী পাৰ্টিয়ে চৰকাৰৰ খিলঞ্জীয়া বিৰোধী পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। ”

সংবাদমেলত পুনম গগৈয়ে ডিমা হাছাও জিলাক উত্তৰ পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ডৰ সৈতে তুলনা কৰি অঞ্চলটোৰ মনোমোহা প্ৰাকৃতিক পৰিবেশৰ ওপৰত ভিত্তি কৰি পৰ্যটন উদ্যোগ গঢ়ি তুলিবলৈ দাবী জনায়। আনহাতে, অসমৰ ভূগৰ্ভত থকা প্ৰাকৃতিক গেছ উদ্ঘাটন আৰু তেল খননৰ বাবে হোলোঙাপাৰ গিবন অভয়াৰণ্য বেদান্ত গ্ৰুপক গতাই দিয়াৰ বিৰুদ্ধেও সৰৱ হয় আপৰ নেত্ৰী গৰাকী। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত দুষ্প্ৰাপ্য হলৌ বান্দৰৰ বাসভূমি গিবন অভয়াৰণ্যত খননৰ পৰিকল্পনা প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। ইপিনে, ৰাজ্য চৰকাৰে হকে-বিহকে চলোৱা উচ্ছেদ অভিযানৰো তীব্ৰ বিৰোধিতা কৰে পুনম গগৈয়ে। শেহতীয়া ভাৱে উচ্ছেদৰ বলি হোৱা সোণাপুৰৰ কচুতলীৰ ৪৭ টা পৰিয়ালে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিত ন্যায়ালয়ে অসম চৰকাৰলৈ আদালত অৱমাননাৰ জাননী প্ৰেৰণ কৰে। এই সন্দৰ্ভত আপৰ নেত্ৰী গৰাকীয়ে চৰকাৰৰ উচ্ছেদৰ ৰাজনীতিৰ বিৰোধিতা কৰি কয় যে কোনো ধৰণৰ পুনৰ্বাসন বা পুনৰসংস্থাপনৰ ব্যৱস্থা নকৰাকৈ চৰকাৰে উচ্ছেদ বন্ধ কৰা উচিত। সংবাদমেলত আপৰ নেত্ৰী মিতালী গগৈ আৰু যুৱ নেতা লক্ষ্যজিৎ গগৈয়ো উপস্থিত থাকে।

Manas National Park: মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৰু ৯ নল গাহৰি মুকলি

প্ৰজননৰ জৰিয়তে জন্ম দিয়া ৯ নল গাহৰি ৰাষ্ট্ৰীয় উদ্যানখনত মুকলি
Manas National Park: মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৰু ৯ নল গাহৰি মুকলি

গুৱাহাটী, ২ অক্টোবৰ : বিস্তীৰ্ণ এলেকা ব্যাপি থকা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কূলত শেহতীয়াকৈ আৰু ৯ নল গাহৰিৰ সংযোজন ঘটিছে । (Manas National Park)নল গাহৰি সংৰক্ষণ কাৰ্যসূচীৰ (পি এইচ চি পি) অধীনত আবদ্ধ প্ৰজননৰ জৰিয়তে জন্ম দিয়া ৯ নল গাহৰি ৰাষ্ট্ৰীয় উদ্যানখনত মুকলি কৰি দিয়া হয় (Manas National Park)। উল্লেখ্য যে, নল গাহৰি হৈছে অতি লুপ্তপ্ৰায় আৰু বিশ্বৰ ক্ষুদ্ৰতম আৰু বিৰলতম বন গাহৰি । অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মূৰব্বী আৰ পি সিঙৰ উপস্থিতিত মঙলবাৰে এই নল গাহৰি কেইটা মানাহৰ বনাঞ্চলত মুকলি কৰি দিয়া হয় । নল গাহৰি সংৰক্ষণ কাৰ্যসূচীৰ অধীনত বিপদাপন্ন নল গাহৰিক মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পুনৰ ঘূৰাই অনাৰ প্ৰচেষ্টাক অতি প্ৰশংসনীয় বুলি সিঙে অভিহিত কৰে আৰু নল গাহৰিৰ সুস্থিৰ বংশবৃদ্ধিয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্য প্ৰাণীকূলক সমৃদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে ।

২০২০ চনৰ পঞ্চমবাৰৰ বাবে মুকলি কৰা এই ৯ টা নল গাহৰিকে ধৰি মানাহৰ কাঞ্চনবাৰী বনভূমিত নল গাহৰিৰ সংখ্যা ২৭ টালৈ বৃদ্ধি হৈছে ।অসমৰ বন বিভাগ, ডুৰেল ৱাইল্ডলাইফ কনজাৰভেশ্যন ট্ৰাষ্ট, আই ইউ চি এন?এছ এছ চি বন গাহৰি বিশেষজ্ঞ গোট, ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়, ইক’চিচেষ্টমছ-ইণ্ডিয়া আৰু আৰণ্যকক অংশীদাৰ হিচাপে লৈ গঠন কৰা নল গাহৰি সংৰক্ষণ কাৰ্যসূচীয়ে ১৯৭০ চনত লুপ্ত হোৱা বুই ধাৰণা কৰা এই অমূল্য বন্যপ্ৰাণী প্ৰজাতিটোক পুনৰুদ্ধাৰ কৰাৰ বাবে নিৰলসভাবে কাম কৰি আহিছে ।

এই কাৰ্যসূচীৰ অধীনত এতিয়ালৈকে আবদ্ধ প্ৰজননৰ জৰিয়তে জন্ম দিয়া ১৭৯ নল গাহৰি অসমত মুকলি কৰা হৈছে আৰু অসমত নল গাহৰিৰ সংখ্যা প্ৰথমবাৰৰ বাবে পৃথিৱীৰ নল গাহৰিৰ সংখ্যা অতিক্ৰম কৰাৰ দিশে অগ্ৰসৰ হৈছে ।মানাহৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনভূমিত ৫৯ নল গাহৰি মুকলি কৰা হৈছিল আৰু ৰাষ্ট্ৰীয় উদ্যানখনত বৰ্তমান নল গাহৰিৰ সংখ্যা কমেও ১৩০ টালৈ বৃদ্ধি হোৱা বুলি ধাৰণা কৰা হৈছে ।মানাহত নল গাহৰি মুকলি কৰা অনুষ্ঠানত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড: চি ৰমেশ, পি এইচ পি চিৰ ক্ষেত্ৰ বিজ্ঞানী ড: ধৃতিমান দাস আৰু আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) ড: বিভৱ কুমাৰ তালুকদাৰ আদিও উপস্থিত থাকে ।

Besimari Press Club:বেছিমাৰী প্ৰেছক্লাৱৰ প্ৰশংসনীয় পদক্ষেপ…তিনি বৰেণ্য ব্যক্তিলৈ “বেছিমাৰী ৰত্ন বঁটা”

বেছিমাৰী প্ৰেছক্লাৱৰ প্ৰশংসনীয় পদক্ষেপ…তিনি বৰেণ্য ব্যক্তিলৈ "বেছিমাৰী ৰত্ন বঁটা"

দৈনন্দিন বাৰ্তা সেৱা, ২ অক্টোবৰঃ(Besimari Press Club)বেছিমাৰী প্ৰেছক্লাৱৰ প্ৰশংসনীয় পদক্ষেপ…তিনি বৰেণ্য ব্যক্তিলৈ “বেছিমাৰী ৰত্ন বঁটা” বৃহত্তৰ বেছিমাৰী সমাজ জীৱনলৈ অৰিহণা আগবঢ়োৱা তিনিগৰাকীকৈ ব্যক্তিক আজি “বেছিমাৰী ৰত্ন” বঁটাৰে সন্মানিত কৰা হয়। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা উক্ত অনুষ্ঠানত বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নুৰুল ইছলামক শিক্ষাৰ ক্ষেত্ৰত, অৱসৰপ্ৰাপ্ত শিক্ষক হাচমত আলীক বেছিমাৰী পাচলি বজাৰ প্ৰতিষ্ঠা ও শিক্ষাৰ ক্ষেত্ৰত আৰু তমিজ উদ্দিনলৈ বৃহত্তৰ এলেকাটোত প্ৰথমখন বিদ্যালয় প্ৰতিষ্ঠা কৰা ও নিঃস্বাৰ্থ সমাজ সেৱাৰ বাবে মৰোণোত্তৰ ভাৱে ৰত্ন বঁটা প্ৰদান কৰা হয়। সমাজৰ বিভিন্ন ক্ষেত্ৰত নিঃস্বাৰ্থ ভাৱে সেৱা আগঢ়োৱা লোক সকলক স্বীকৃতি দিয়াৰ উদ্দেশ্যে এই বঁটা প্ৰদান কৰা হয় বুলি প্ৰেছক্লাৱৰ সভাপতি মহম্মদ আলিম আৰু সম্পাদক আবুল খায়েৰে মন্তব্য কৰে।

উল্লেখ্য যে, ২০২৩ বৰ্ষৰ পৰা আৰম্ভ কৰা এই ধাৰা অব্যাহত ৰাখিব বুলিও প্ৰেছ ক্লাৱৰ কৰ্মকৰ্তা সকলে জানিবলৈ দিয়ে। ইফালে, বঁটা প্ৰাপক সকলে প্ৰেছক্লাৱৰ এনে ইতিবাচক প্ৰয়াসক প্ৰসংশা কৰি আগলৈও এনে অনুষ্ঠান আয়োজন কৰিবলৈ আহ্বান জনায়। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে বৃহত্তৰ বেছিমাৰী বিভিন্ন ব্যক্তিগত খণ্ডৰ বিদ্যালয় প্ৰধান,শিক্ষক সমাজ,বিভিন্ন দলীয় সংগঠনৰ কৰ্মকৰ্তা,দুই শতাধিক ছাত্ৰ ছাত্ৰী আৰু বেছিমাৰী প্ৰেছ ক্লাবৰ কৰ্মকৰ্তা ক্ৰমে মুখ্য উপদেষ্টা-ইমৰান আলী(গণ অধিকাৰ)উপদেষ্টা-আশ্বাদুল্লাহ-আল-গালিফ,সভাপতি-মহাম্মদ আলিম (আজাদ) প্ৰথম খবৰ, কাৰ্যকাৰী সভাপতি- মহিবুল হক(Two Circles.net)উপ-সভাপতি-সঞ্জয় লাহা (দৈনন্দিন বাৰ্তা,ডি.বি.নিউজ) ৰফিক তালুকদাৰ(ND 24, গনস্তম্ভ) সাধাৰণ সম্পাদক(যুটিয়া)- আবুল খায়েৰ(The Hill Times)মোস্তাক মেহবুব হাছান(AssamTalks)সহকাৰী সম্পাদক- জছমত আলী(NK Tv)ধনভড়ালী- মনিৰুল ইছলাম (NE Talks,গনস্তম্ভ) প্ৰচাৰ সম্পাদক- ছফিকুল ইছলাম( ঈশান নিউজ)সাংগঠনিক সম্পাদ- আজমহম্মদ আলী(R live 24) সাংস্কৃতিক সম্পাদক-আনোৱাৰ হুছেন(ভয়চ আফ দৰং) সদস্য স্বপন কুমাৰ দাস(ছেডো নিউজ ৭)মুস্তাফিজুৰ ৰহমান।

Deeplina Deka:কন্ঠশিল্পী দীপলিনা ডেকাৰ বিশেষ আলোকচিত্ৰ মহালয়াত

Deeplina Deka:কন্ঠশিল্পী দীপলিনা ডেকাৰ বিশেষ আলোকচিত্ৰ মহালয়াত
Deeplina Deka:কন্ঠশিল্পী দীপলিনা ডেকাৰ বিশেষ আলোকচিত্ৰ মহালয়াত

গুৱাহাটী, ২ অক্টোবৰঃ (Deeplina Deka) কন্ঠশিল্পী দীপলিনা ডেকাৰ বিশেষ আলোকচিত্ৰ মহালয়াত । মহালয়াৰ ক্ষণত দীপলিনাই পোষ্ট কৰিছে কেইখনমান বিশেষ আলোকচিত্ৰ। ইতিমধ্যে ছ’চিয়েল মিডিয়াত খলকনি তুলিছে আলোকচিত্ৰকেইখনে।মহালয়াৰ পবিত্ৰ দিনটোত ৰাজ্যবাসীক শুভেচ্ছা জনাইছে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই। ছ’চিয়েল মিডিয়া পোষ্টযোগে তেওঁ লিখিছে এনেদৰে- ‘এই মহালয়াত দেৱী দুর্গাৰ আগমনে পূৰ্ণ কৰক সকলোৰে জীৱন, আনন্দ সুখ আৰু শান্তিৰে।’

কন্ঠশিল্পী দীপলিনা ডেকাৰ বিশেষ আলোকচিত্ৰ
ছ’চিয়েল মিডিয়াত খলকনি তুলিছে আলোকচিত্ৰকেইখনে
ইতিমধ্যে ছ’চিয়েল মিডিয়াত খলকনি তুলিছে আলোকচিত্ৰকেইখনে

wrestling competition: ১৮-২০ অক্টোবৰত গুৱাহাটীত আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতা

মল্লযুঁজ প্ৰতিযোগিতা
মল্লযুঁজ প্ৰতিযোগিতা

গুৱাহাটী, ২ অক্টোবৰঃ অসম মল্লযুঁজ সন্থাৰ এখন কাৰ্যনিৰ্বাসক সভা আজি গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়৷ সন্থাৰ সভাপতি ৰাতুল শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উক্ত সভাত অসমৰ খেলুৱৈৰ উন্নত প্ৰশিক্ষণ তথা মল্লযুঁজৰ নতুন প্ৰতিভা বিকাশৰ লক্ষ্যৰে কেবাটাও সিদ্ধান্ত লোৱা হয়৷(wrestling competition)

আজিৰে সভাতে অহা ১৮-২০ অক্টোবৰলৈ গুৱাহাটীত আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতাখন আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হয়৷ সন্থাৰ সম্পাদক গৌৰাংগ ৰয়ে জনোৱা অনুসৰি তিনিদিনীয়া ৰাজ্যিক প্ৰতিযোগিতাখন ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুন ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ (Inter-district wrestling competition in Guwahati)

ইফালে, আজিৰ সভাত অসম অলিম্পিক সন্থাৰ নৱ নিৰ্বাচিত সম্পাদক লক্ষ্য কোঁৱৰক অসম মল্লযুঁজ সন্থাই অভিনন্দন জনাই সম্বৰ্ধনা জ্ঞাপন কৰে৷ তদুপৰি কোঁৱৰক সন্থাৰ মুখ্য উপদেষ্টা হিচাপেও মনোনীত কৰা হয়৷ আনহাতে, আজিৰ সভাতে অসম অলিম্পিক সন্থাৰ নতুন কমিটিত যুটীয়া সম্পাদকৰূপে নিৰ্বাচিত হোৱা অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মা, উপদেষ্টা উজ্বল বৰুৱা আৰু সদস্যৰূপে নিৰ্বাচিত হোৱা সন্থাৰ উপসভাপতি গীতাৰ্থ দাসকো সম্বৰ্ধনা জনোৱা হয় বুলি সন্থাৰ সম্পাদক ৰয়ে অবগত কৰিছে৷

Gandhi Jayanti: বিটিচি চৰকাৰৰ গান্ধী জয়ন্তী উদযাপন: শান্তি আৰু উন্নয়নৰ বাবে নতুন পদক্ষেপৰ শুভাৰম্ভ

Gandhi Jayanti: বিটিচি চৰকাৰৰ গান্ধী জয়ন্তী উদযাপন
Gandhi Jayanti: বিটিচি চৰকাৰৰ গান্ধী জয়ন্তী উদযাপন

কোকৰাঝাৰ, ২ অক্টোবৰ: আজি বিটিচি চৰকাৰৰ উদ্যোগত কোকৰাঝাৰস্থিত বিটিচি সচিবালয়ৰ সন্মুখত গান্ধী জয়ন্তী উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকি বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে – “মহাত্মা গান্ধীৰ সম্প্ৰীতি, শান্তি আৰু সহনশীলতাৰ বাৰ্তাই হিংসাৰ ইতিহাসৰ পৰা ভাতৃত্ববোধ আৰু উন্নয়নৰ দ্বাৰা পৰিচিত হোৱা বৰ্তমান বডোলেণ্ডৰ বাবে আশা আৰু প্ৰজ্ঞাৰ ৰেখা হিচাপে থিয় দিছে। দশক দশক পূৰ্বে অঞ্চলটোক কঁপাই তোলা হিংসাত্মক পৰিস্থিতি আৰু অশান্তিৰ মাজতো বডোলেণ্ডৰ জনসাধাৰণে এতিয়া শান্তি আৰু ঐক্যৰে জীৱন নিৰ্বাহ কৰি স্থায়ী বিকাশ গঢ়ি তুলিছে বুলি কয়।(Gandhi Jayanti)

অনুষ্ঠানত অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী তথা কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৗৰা ব্ৰহ্মৰ লগতে বিটিচিৰ প্ৰধান প্ৰমোদ বড়ো আৰু অন্যান্য গণ্যমান্য ব্যক্তিয়ে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিলৈ ফুলৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জাতিটোক আগবঢ়োৱা তেওঁৰ গভীৰ অৱদানৰ কথা স্মৰণ কৰে।

মন্ত্ৰী উৰ্খাও গৗৰা ব্ৰহ্মই তেওঁৰ ভাষণত কয় যে গান্ধীৰ আদৰ্শই সমাজত পেলোৱা স্থায়ী প্ৰভাৱৰ ওপৰত আলোকপাত কৰি অহিংসা, মানৱতাবাদ, আৰু সামাজিক পৰিৱৰ্তন গঢ় দিয়াৰ লগতে অসম চৰকাৰৰ “স্বচ্ছতা হি সেৱা” পদক্ষেপৰ গুৰুত্ব আৰোপ কৰি বডোলেণ্ডবাসীক শান্তি আৰু উন্নয়নৰ বাবে সামূহিক প্ৰতিজ্ঞা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

বিটিচিৰ প্ৰধান সচিব আকাশ দীপে উদ্বোধনী ভাষণ দি কয় যে উন্নয়নৰ বাবে শান্তি অপৰিহাৰ্য আৰু বিটিআৰ চৰকাৰে প্ৰৱৰ্তন কৰা পদক্ষেপসমূহ অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ পথ প্ৰশস্ত কৰা বুলি দাবী কৰে।

গান্ধী জয়ন্তী উদযাপনৰ লগতে ড° বাচী ৰাম বড়ো ডক্টৰেল ফেলোশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই ফেলোশ্বিপৰ জৰিয়তে বড়ো সম্প্ৰদায়ৰ প্ৰথম পিএইচডি ধাৰী ড° বাচী ৰাম বড়োৰ উত্তৰাধিকাৰীক সন্মানিত জনোৱা হয়, যিয়ে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। ফেলোশ্বিপটোৱে প্ৰতিষ্ঠিত ভাৰতীয় বিশ্ববিদ্যালয়সমূহত ডক্টৰেট অধ্যয়ন কৰি থকা বিটিআৰৰ ৫০ জন মেধাৱী শিক্ষাৰ্থীক বিত্তীয় সাহায্য আগবঢ়াব। প্ৰতিজন শিক্ষাৰ্থীক প্ৰতি ছয় মাহত ৯০,০০০ টকাকৈ বছৰত মুঠ ১,৮০,০০০ টকা কৰি দুবছৰ বাবে দিয়া হ’ব।

ইয়াৰ উপৰিও অনুষ্ঠানত মিছন বৈসুমথীৰ অধীনত ভূমি সম্পৰ্কীয় অভিযোগসমূহ দ্ৰুতগতিত সমাধান নিশ্চিত কৰিবলৈ ‘অভিযোগৰ বাকচ’ বিতৰণ কৰা হয়।শাসন ব্যৱস্থাত স্বচ্ছতা আৰু দক্ষতা বৃদ্ধি কৰিবলৈ চক্ৰ বিষয়াসকলক এই বাকচসমূহৰ দায়িত্ব অৰ্পণ কৰা হয়। উল্লেখযোগ্য যে বিটিচি হৈছে ভূমি ডিজিটেলাইজ কৰা ভাৰতৰ প্ৰথমখন ষষ্ঠ অনুসূচী।

এই পৱিত্ৰক্ষণত বিটিচি সচিবালয়ত গ্ৰীণ বডোলেণ্ড মিছনৰ অধীনত প্ৰতিজ্ঞা গ্ৰহণ অনুষ্ঠানৰো আয়োজন কৰা হয়। পৰিৱেশৰ প্ৰতি থকা বিটিচিৰ দায়বদ্ধতাক প্ৰতিফলিত কৰা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, নাগৰিক, আৰু বিষয়াসকলে অংশগ্ৰহণ কৰে।

অনুষ্ঠানটোত বিধায়ক লৰেন্স ইছলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্যক্ৰমে গৌতম দাস, দাওবৈছা বড়ো, ৰঞ্জিত বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰী, পাৰিষদ মাধব চন্দ্ৰ চেত্ৰী, বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বি এল আহুজা, কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্ম, সম্পাদক, অ’এছডি কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু অন্যান্য জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

Floods: ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা কেন্দ্ৰীয় অংশ হিচাপে বানাক্ৰান্ত অসমলৈ ৭১৬ কোটি টকা মোকলাই দিলে কেন্দ্ৰীয় গৃহ দপ্তৰে

বানাক্ৰান্ত অসমলৈ ৭১৬ কোটি টকা মোকলাই দিলে কেন্দ্ৰীয় গৃহ দপ্তৰে
বানাক্ৰান্ত অসমলৈ ৭১৬ কোটি টকা মোকলাই দিলে কেন্দ্ৰীয় গৃহ দপ্তৰে

দৈনন্দিন বাৰ্তা, ১ অক্টোবৰঃ গৃহ মন্ত্ৰালয়ে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ (এছডিআৰএফ) কেন্দ্ৰীয় অংশ হিচাপে আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ (এনডিআৰএফ) পৰা অগ্ৰিম হিচাপে ১৪ খন বানপীড়িত ৰাজ্যলৈ ৫৮৫৮.৬০ কোটি টকা মুকলি কৰি দিছে ইয়াৰ ভিতৰত আছে মহাৰাষ্ট্ৰলৈ ১৪৯২ কোটি টকা, অন্ধ্ৰ প্ৰদেশলৈ ১০৩৬ কোটি টকা, অসমলৈ ৭১৬ কোটি টকা, বিহাৰলৈ ৬৫৫.৬০ কোটি টকা, গুজৰাটলৈ ৬০০ কোটি টকা, হিমাচল প্ৰদেশলৈ ১৮৯.২০ কোটি টকা, কেৰালালৈ ১৪৫.৬০ কোটি টকা, মণিপুৰলৈ ৫০ কোটি টকা, মিজোৰামলৈ ২১.৬০ কোটি টকা, নাগালেণ্ডলৈ ১৯.২০ কোটি টকা, ছিকিমলৈ ২৩.৬০ কোটি টকা, তেলেংগানালৈ ৪১৬.৮০ কোটি টকা, ত্ৰিপুৰালৈ ২৫ কোটি টকা আৰু পশ্চিম বংগলৈ ৪৬৮ কোটি টকা আগবঢ়াইছে। এই বছৰ দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত এই ৰাজ্য কেই খনত ধাৰাসাৰ বৰষুণ, বান আৰু ভূমিস্খলনৰ ফলত এই ৰাজ্যসমূহ ক্ষতিগ্ৰস্ত হৈছে।(Floods)

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত মোদী চৰকাৰে জনসাধাৰণে সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰাৰ ক্ষেত্ৰত প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে।(narendra modi)

ক্ষতিৰ পৰিমাণ মূল্যায়নৰ বাবে অসম, মিজোৰাম, কেৰালা, ত্ৰিপুৰা, নাগালেণ্ড, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু মণিপুৰৰ দৰে বানপীড়িত ৰাজ্যসমূহত আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল (আইএমচিটি) প্ৰেৰণ কৰা হৈছিল।

লগতে, শেহতীয়াকৈ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বিহাৰ আৰু পশ্চিম বংগৰক্ষয়ক্ষতিৰ পৰমাণ মূল্যাঙ্কন কৰাৰ বাবে অতি শীঘ্ৰেই সেই ৰাজ্য দুখনলৈ আইএমচিটি প্ৰেৰণ কৰা হ’ব। আই.এম.চি.টি.-ৰ মূল্যাঙ্কন প্ৰতিবেদন লাভ কৰাৰ পিছত প্ৰচলিত প্ৰক্ৰিয়া অনুসৰি, দুৰ্যোগ প্ৰভাৱান্বিত ৰাজ্যবোৰলৈ এন.ডি.আৰ.এফ.-ৰ পৰা অতিৰিক্ত বিত্তীয় সাহায্য অনুমোদন কৰা হ’ব।(Centre releases Rs 716 Cr flood relief funds to Assam)

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত এই বছৰত ইতিমধ্যে ২১ খন ৰাজ্যলৈ ১৪,৯৫৮ কোটিতকৈও অধিক ধন মুকলি কৰি দিয়া হৈছে। ইয়াৰ ভিতৰত আছে এছডিআৰএফৰ পৰা ২১ খন ৰাজ্যলৈ ৯০৪৪.৮০ কোটি টকা, এনডিআৰএফৰ পৰা ১৫ খন ৰাজ্যলৈ ৪৫২৮.৬৬ কোটি টকা আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ (এছডিএমএফ) পৰা ১১ খন ৰাজ্যলৈ ১৩৮৫.৪৫ কোটি টকা।


বিত্তীয় সাহায্যৰ উপৰি, কেন্দ্ৰীয় চৰকাৰে বানাক্ৰান্ত ৰাজ্যসমূহলৈ সকলো লজিষ্টিক সহায় আগবঢ়াইছে, যাৰ ভিতৰত আছে প্ৰয়োজনীয় এনডিআৰএফ দল, সেনা বাহিনীৰ দল আৰু বায়ু সেনাৰ দল প্ৰেৰণ কৰা আদি।

Zakir Naik: ভাৰতৰ মোষ্ট ৱাণ্ডেড জাকিৰ নাইকক পাকিস্তানত ৰাজ আতিথ্য! ভাইৰেল ভিডিঅ’কলৈ প্ৰতিক্ৰিয়া

Zakir Naik: ভাৰতৰ মোষ্ট ৱাণ্ডেড জাকিৰ নাইক
Zakir Naik: ভাৰতৰ মোষ্ট ৱাণ্ডেড জাকিৰ নাইক

দৈনন্দিন বাৰ্তাৰ, ২ অক্টোবৰঃ ভাৰতে বিচাৰি থকা সন্ত্ৰাসবাদীক পাকিস্তানে ৰাজ আতিথ্য দিয়াৰ কথা এটা ভিডিঅ’ত পোহৰলৈ অহাৰ পিছতে ভাৰতত ব্যাপক প্ৰতিক্ৰিয়া হৈছে। পাকিস্তান সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ বাবে পৰিচিত আৰু এতিয়া দেশ খনে ৰাজ আতিথ্য প্ৰদান কৰিছে উগ্ৰ ইছলামিক প্ৰচাৰক জাকিৰ নাইকক। যিজন নাইকক ভাৰতত ধন সৰবৰাহৰ অভিযোগত বিচাৰি থকা হৈছে। (Zakir Naik) আমোদজনক কথাটো হ’ল নাইকক একাধিক এস্কৰ্ট বাহনৰ লগতে উচ্চ পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰিছে পাকিস্থানৰ চৰকাৰে। পাকিস্তানত তেওঁৰ আগমনৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

ধন সৰবৰাহৰ অভিযোগত ভাৰতে বিচাৰি থকা বিতৰ্কিত ইছলামিক প্ৰচাৰক জাকিৰ নাইকে সোমবাৰে পুৱা পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত কঠোৰ নিৰাপত্তাৰ মাজেৰে ইছলামাবাদ, কৰাচী আৰু লাহোৰত ধাৰাবাহিকভাৱে বক্তৃতাৰ দিবলৈ উপস্থিত হয়। নাইকৰ সৈতে আছে তেওঁৰ পুত্ৰ ফৰীক নাইক।(pakistan)


ইছলামবাদ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে জাকিৰ নাইকক পাকিস্তান চৰকাৰৰ জ্যেষ্ঠ নেতাসকলে আদৰণি জনায়, য’ত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ যুৱ কাৰ্যসূচীৰ অধ্যক্ষ ৰানা মাছহুদ, ধৰ্ম পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব চৈয়দ আত্তা-উৰ-ৰেহমানকে ধৰি জ্যেষ্ঠ নেতাসকলক দেখা গৈছে। নাইকে তেওঁৰ এমাহজোৰা এই ভ্ৰমণত চৰকাৰী উচ্চ পদস্থ বিষয়াৰ সৈতে বৈঠক আৰু দেশৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি পাক সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
এক্সৰ পোষ্টত জাকিৰ নাইকৰ দলে ঘোষণা কৰিছে,” পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত ড° জাকিৰ নাইক আৰু শ্বেইখ ফৰীক নাইকে পাকিস্তান ভ্ৰমণ কৰিছে: কৰাচীত – ৫ আৰু ৬ অক্টোবৰ লাহোৰত – ১২ আৰু ১৩ অক্টোবৰ ইছলামবাদ – ১৯ আৰু ২০ অক্টোবৰত তেওঁলোকে ভাষণ দিব।” (Zakir Naik Arrives in Pakistan)

প্ৰৰোচনামূলক ভাষণৰ বাবে পৰিচিত জাকিৰ নাইক ২০১৬ চনৰ ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত। ভাৰতৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই তেওঁক সেয়ে বিচাৰি আছে। ঘৃণামূলক ভাষণৰ জৰিয়তে হিংসাৰ উচটনি দিয়াৰ অভিযোগো তেওঁৰ বিৰুদ্ধে আছে । নাইকে পিচটিভি নামৰ এটা চেনেল চলায়, যিটো চেনেল বিতৰ্কিত বিষয়বস্তুৰ বাবে ভাৰত, বাংলাদেশ, আৰু শ্ৰীলংকাত নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰি অনুৰূপ কাৰণত তেওঁক কানাডা আৰু যুক্তৰাজ্যত প্ৰৱেশৰ পৰা বঞ্চিত কৰা হৈছে।

155th birth anniversary of Mahatma Gandhi: ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি অজস্ৰজনে বাপু আৰু লাল বাহাদুৰ শাস্ত্ৰীক জনালে শ্ৰদ্ধাঞ্জলি

155th birth anniversary of Mahatma Gandhi: ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি অজস্ৰজনে বাপু আৰু লাল বাহাদুৰ শাস্ত্ৰীক জনালে শ্ৰদ্ধাঞ্জলি
155th birth anniversary of Mahatma Gandhi: ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি অজস্ৰজনে বাপু আৰু লাল বাহাদুৰ শাস্ত্ৰীক জনালে শ্ৰদ্ধাঞ্জলি

নতুন দিল্লী, ২ অক্টোবৰ: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জন্মদিন উপলক্ষে আজি সমগ্ৰ ৰাষ্ট্ৰই উদযাপন কৰিছে জন্মজয়ন্তী(155th birth anniversary of Mahatma Gandhi)।

বাপুৰ জন্মজয়ন্তী উপলক্ষ্যে দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু(President Droupadi Murmu), উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাহুল গান্ধীকে ধৰি গণ্যমান্য ব্যক্তিসকলে ৰাজঘাটলৈ গৈ তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(Tribute to Mahatma Gandhi)।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(Prime Minister Narendra Modi) মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ছ’চিয়েল মিডিয়া ‘X’ৰ এটা পোষ্ট শ্বেয়াৰ কৰে । পোষ্টটোত তেওঁ সত্য, সমন্বয় আৰু সমতাৰ ওপৰত ভিত্তি কৰি বাপুৰ জীৱন আৰু আদৰ্শৰ স্থায়ী প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁৰ এইসমূহ আদৰ্শই দেশবাসীক সদায়েই অনুপ্ৰাণিত কৰি থাকিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মজয়ন্তী উপলক্ষ্যে তেখেতকো শ্ৰদ্ধাঞ্জলি জনাই ছ’চিয়েল মিডিয়া ‘X’ত এটা পোষ্ট শ্বেয়াৰ কৰে । পোষ্টটোত তেওঁ লিখিছে, “দেশৰ জোৱান, কৃষক আৰু স্বাভিমানৰ বাবে নিজৰ জীৱন সমৰ্পণ কৰা পূৰ্বৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীক তেওঁৰ জন্ম বাৰ্ষিকী উপলক্ষ্যে জনাইছো শ্ৰদ্ধাঞ্জলি” ।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ অৱদান অবিস্মৰণীয় । তেওঁ বৃটিছ চৰকাৰৰ শাসনৰ বিৰুদ্ধে দেশত স্বাধীনতাৰ সংগ্ৰাম আৰম্ভ কৰিছিল আৰু শেষ নিশ্বাস পৰ্যন্ত বৃটিছৰ সৈতে যুঁজ দিছিল। তেওঁৰ এই অৱদানক সমগ্ৰ দেশে সদায়ে সোঁৱৰে । ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰ চহৰত জন্ম গ্ৰহণ কৰা মহাত্মা গান্ধী বা মোহনদাস কৰমচাঁদ গান্ধীয়ে অহিংস প্ৰতিবাদ ৰূপায়ন কৰি গৈছিল আৰু অত্যন্ত ধৈৰ্যৰে ঔপনিবেশিক বৃটিছ শাসনৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ যুঁজখনত সকলোতকৈ আগত থাকি এই যুঁজ চলাই গৈছিল (Father of the Nation)। ইয়াৰ ফলস্বৰূপে ভাৰতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰিছিল।

একে সময়ত্ ১৯০৪ চনত উত্তৰ প্ৰদেশত জন্ম গ্ৰহণ কৰা লাল বাহাদুৰ শাস্ত্রী হৈছে ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী । তেওঁ ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈকে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত আছিল। পাকিস্তানৰ সৈতে তাছকেণ্ড চুক্তিত স্বাক্ষৰ কৰাৰ কিছু সময়ৰ পাছতেই ১৯৬৬ চনৰ ১১ জানুৱাৰীত ৬১ বছৰৰ বয়সত তাছকেণ্ডত তেওঁৰ মৃত্যু ঘটে। প্ৰাক্তন প্ৰধানমন্ত্ৰী শাস্ত্ৰী এগৰাকী মহান দূৰদৰ্শী নেতা আছিল, যিয়ে জনতাৰ ভাষা বুজি পোৱাৰ লগতে দেশক প্ৰগতিৰ দিশে আগবঢ়াই নিছিল। মহাত্মা গান্ধীৰ ৰাজনৈতিক শিক্ষাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত আছিল লাল বাহাদুৰ শাস্ত্রী।

Assam Cabinet meeting: অসম কেবিনেটৰ বৈঠকত গ্ৰহণ কৰা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Assam Cabinet meeting: অসম কেবিনেটৰ বৈঠক
Assam Cabinet meeting: অসম কেবিনেটৰ বৈঠক

দৈনন্দিন বাৰ্তা, ২ অক্টোবৰঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত মঙলবাৰে দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্রী জয়ন্তমল্ল বৰুৱাই। কেবিনেটৰ সিদ্ধান্তসমূহ হৈছে উচ্চতৰ মাধ্যমিম চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ ৰাজ্যৰ মুঠ ৪৮৬৭৩ গৰাকী ছাত্র আৰু ছাত্রীক এইবাৰ বাণীকান্ত কাকতি বঁটাৰ স্কুটি প্ৰদান কৰা হ’ব।(Assam Cabinet meeting)

৬০ শতাংশ তথা ততোধিক নম্বৰ লাভ কৰা ৪০৭৩৫ গৰাকী ছাত্রীক আৰু ৭৫ শতাংশ তথা ততোধিক নম্বৰ লাভ কৰা ৭৯৩৮ জন ছাত্রক প্ৰদান কৰা হ’ব স্কুটি। আজিৰ কেবিনেটে ইয়াৰ বাবে ৩৪৫.৭৫ কোটি টকাৰ অনুমোদন জনায়।অসম লোক সেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ বৰ্ষৰ পৰীক্ষাৰ তদন্ত কৰাৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়ালয় বি কে শৰ্মাৰ নেতৃত্বত এখন এজনীয়া তদন্ত আয়োগ গঠন কৰা হৈছিল। এই তদন্ত আয়োগৰ প্ৰতিবেদন বিধানসভাৰ আগন্তুক অধিৱেশনত দাখিল কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটত গ্ৰহণ কৰা হয়।(Chief Minister Himanta Biswa Sarma)

কেবিনেটত দাখিল হোৱাৰ পাছতে এই প্ৰতিবেদন ৰাজহুৱা হ’ব। জাগীৰোডত ছেমি কণ্ডাক্টৰ উদ্যোগৰ কাম চলি আছে। ছেমি কণ্ডাক্টৰ উদ্যোগ আৰু নতুন টাউনশ্বিপৰ বাবে জাগীৰোডত প্ৰয়োজন হ’বলগীয়‍া পানী যোগানৰ বাবে আজিৰ কেবিনেটে পানী যোগান প্ৰকল্প এটাৰ অনুমোদন জনায়। দৈনিক প্ৰয়োজন হ’বলগীয়া ১২.৫ মিলিয়ন লিটাৰ পানীৰ বাবে পানী যোগান প্ৰকল্প এটা স্থাপন কৰা হ’ব। ইয়াৰ বাবে কেবিনেটে ১২১.৩৬ কোটি টকাৰ অনুমোদন দিয়ে। ৰাজ্যৰ প্ৰতিটো সমষ্টিত সমজিলা গঠন কৰাৰ কথা মুখ্যমন্ত্রীয়ে ইতিমধ্যে ঘোষণা কৰিছে।(Semi Conduct at Jagiroad)

ইয়াৰে প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৩৯ টা সমষ্টিত অহা ৪ আৰু অক্টোবৰত সমজিলাৰ কাৰ্যালয় মুকলি কৰা হ’ব। মন্ত্রীসকলে এই কাৰ্যালয়ৰ শুভাৰম্ভনী কৰিব। সমজিলাৰ কাৰ্যালয়ত একোজন এডিচি পৰ্যায়ৰ বিষয়া সমজিলা আয়ুক্ত হিচাপে নিয়োজিত হ’ব। বিগত কেবিনেটত কাৰ্বি আংলং জিলাৰ ২৬৪ গৰাকী ইউ পি শিক্ষকৰ পদত অনুমোদন জনোৱা হৈছিল। আজিৰ কেবিনেটে তেওঁলোকৰ দৰমহাৰ প্ৰস্তাৱত অনুমোদন জনায়। বিদ্যুতৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ কেবিনেটে এ পি ডি চি এলৰ এটা প্ৰস্তাৱত অনুমোদন জনায়। সেই অনুসৰি ২০০ মেগাৱাট কালাই-২ হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰজেক্টৰ পৰা বিদ্যুৎ ক্ৰয় কৰাৰ বাবে কেবিনেটে এ পি ডি চি এলক অনুমোদন দিয়ে। প্ৰতি ইউনিট ৫.৪৬ টকা দৰত ক্ৰয় কৰিব পাৰিব।

থোৰতে কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ-
■ মেধাৱী শিক্ষাৰ্থীৰ বাবে নতুন দুচকীয়া বাহন
■ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনৰ বাণীকান্ত কাকতি মেধা বঁটাত দ্বাদশ শ্ৰেণীৰ মেধাসম্পন্ন শিক্ষাৰ্থীৰ যিসকলে ৬০% (ছাত্রী) আৰু ৭৫% (ছাত্র) নাইবা ইয়াৰ ওপৰত নম্বৰ লাভ কৰিছে তেওঁলোকক স্কুটাৰ প্ৰদান কৰা হ’ব
■ এই আঁচনিৰ অধীনত ২০২৪ চনৰ বাবে ৪৮,৬৭৩গৰাকী ছাত্ৰ-ছাত্ৰীক ৩৪৫,৭৪,০২,০৩৮ টকা ব্যয়েৰে স্কুটাৰ প্ৰদানৰ বাবে কেবিনেটত অনুমোদন জনোৱা হয়।
এই স্কুটাৰ প্ৰদানে দ্বাদশ শ্ৰেণীৰ আগন্তুক ছাত্র-ছাত্রীসকলক তেওঁলোকৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিবলৈও উৎসাহিত কৰিব।
২০১৩ আৰু ২০১৪ ৰাজহুৱা নিযুক্তি কেলেংকাৰিৰ আঁৰৰ তথ্য উন্মোচন
■ অসম লোকসেৱা আয়োগৰ দ্বাৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ২০১৩ আৰু ২০১৪ পৰিচালনাত অভিযোগ আৰু অসদাচৰণৰ তদন্তৰ বাবে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বি কে শৰ্মাৰ নেতৃত্বত ২খন এজনীয়া তদন্ত আয়োগ গঠন কৰা হৈছিল।
■ আয়োগমূহে প্রতিবেদন দাখিল কৰি এ পি এছ চিৰ দ্বাৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা পৰিচালনাত হিতাধিকাৰী আৰু অভিযুক্তসকলৰ দ্বাৰা আশ্ৰয় লোৱা কল্পনাতীত স্পষ্ট বিসংগতি আৰু অসদাচৰণৰ কথা উল্লেখ কৰিছিল।
■ বৃহত্তৰ জন স্বাৰ্থত কেবিনেটে পূর্বতে এ পি এছ চিত প্ৰচলিত দুৰ্নীতি আৰু অপকৰ্মৰ পৰিমাণ সম্পৰ্কে প্ৰতিবেদনখনৰ জৰিয়তে প্ৰাপ্ত তথ্য ৰাজহুৱা কৰিবলৈ অনুমোদন জনাইছে। বিষয়টো অসম বিধান সভাত উত্থাপন কৰা হ’।
জাগীৰোডত টাটা ছেমিকণ্ডাক্টৰৰ বাবে প্রস্তুতি
■ জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত ২৪ ঘণ্টা পানী যোগান নিশ্চিত কৰাৰ বাবে কেবিনেটে পানী যোগান আঁচনি স্থাপনত প্রশাসনিক অনুমোদন প্রদান কৰিছে

  • প্ৰকল্পটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা সম্পাদন কৰা হ’ব আৰু ই প্ৰকল্পটোৰ ঔদ্যোগিক আৰু আৱাসিক দুয়োটা প্রয়োজনীয়তা পূৰ্ণ কৰিব
  • প্ৰকল্পটোৰ সামগ্রিক ব্যয় হ’ব ১২১.৩৬ কোটি (১০ বছৰৰ বাবে কাৰ্যকৰীকৰণ আৰু ৰক্ষণাবেক্ষণসহ ) • কপিলী নৈৰ পৰা প্ৰতিদিনে ১২.৫ নিযুত লিটাৰ ক্ষমতাৰ পানী আহৰণ কৰা হ’ব আৰু প্ৰকল্পটো জুলাই ২০২৫ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে
    জিলাচালিত বিকাশৰ নতুন আৰ্হি : সম-জিলা
    ■ ৪ অক্টোবৰ ২০২৪ত, অতিৰিক্ত জিলা আয়ুক্তৰ নেতৃত্বত সম-জিলা মুকলি কৰাৰ লগে লগে অসমে জিলা পৰ্যায়ত এক নতুন প্রশাসনিক গাঁথনিৰ সূচনা কৰিব
    ■ তেওঁলোকক প্ৰদান কৰা বৰ্ধিত দায়িত্ব আৰু ক্ষমতাৰ কথা বিবেচনা কৰি, কেবিনেটে উপ-জিলাসমূহৰ নাম সম-জিলা হিচাপে পুনৰ নামকৰণ কৰাৰ বাবে অনুমোদন জনাইছে, যাৰ নেতৃত্ব এজন সম-জিলা আয়ুক্তৰ দ্বাৰা কৰা হ’ব
    শক্তিৰ বৰ্ধিত চাহিদা পূৰণৰ পদক্ষেপ
    ■ অসমৰ বৰ্ধিত শক্তিৰ চাহিদা পূৰ্ণ কৰিবলৈ, কেবিনেটে এ পি ডি চি এলৰ দ্বাৰা তেহৰি জল উন্নয়ন নিগম লিমিটেডৰ কালাই-২ জলবিদ্যুৎ প্ৰকল্পৰ পৰা ২০০ মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে
    প্ৰকল্পটোৰ পৰা বিদ্যুৎ সংগ্ৰহৰ বাবে সমতুল্য শুল্ক হ’ব ৫.৪৬ টকা/ইউনিট। ই ২০২২-২৩ বিত্তীয় বৰ্ষত ক্ৰয় কৰা বিদ্যুতৰ গড় হাৰতকৈ যথেষ্ট কম
    ■ এই সিদ্ধান্তই শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰাৰ লগতে নৱীকৰণযোগ্য শক্তি ক্ৰয়ৰ বাধ্যবাধকতা পূৰণত সহায় কৰিব।