Home Blog Page 515

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক
Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

গুৱাহাটী, ৩০ অক্টোবৰঃ (Dighalipukhuri)বোধহয়,গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী,সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই| শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল যে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ কেইজোপামান ঐতিহ্য বহনকাৰী বৃক্ষ কাটি পেলোৱা হ’ব। (Dighalipukhuri)
দীঘলী পুখুৰী কি? ক’ত ? কিয় বিখ্যাত ? তাৰ ব্যাখ্যা নিশ্চয় আপোনাসৱৰ আগত নতুনকৈ দাঙি নধৰিলেও হ’ব।
ৰাজ্যখনৰ প্ৰথমশাৰীৰ দুটা উচ্চশিক্ষাৰ অনুষ্ঠান ওচৰত সদাউন্নত শিৰেৰে বহু স্মৃতি বহন কৰি থকা অম্লজানদায়িনী গছ কেইজোপা নাইকীয়া হৈ যাব বুলি ওলোৱা খবৰটোৱে সচেতন সকলক উদ্বেগজনকভাৱে বিব্ৰত কৰি তোলাটো স্বাভাৱিক কথা| তাৰ বিৰোধত তৎক্ষণাত সামাজিক মাধ্যমত গঢ়ি উঠিল এক অভিলেখ সৃষ্টিকাৰী জনমত| যাৰ জোৱাৰ এতিয়াও অব্যাহত| ভাল লগা কথাটো হ’ল, প্ৰতিবাদৰ ক্ষেত্ৰত মানুহৰ ব্যস্ততা, ভৌগোলিক দূৰত্বকে মুখ্য কৰি বিভিন্ন প্ৰতিকূলতা থকাৰ সত্বেও বিৰোধৰ অৰ্থে বিদুৎক্ষিপ্ৰ গতিত সৃষ্টি হোৱা বিশাল জনমত| এই বিশাল জনমত দেখি, ভৱিষ্যত অসমৰ এখন উদীপ্ত ছবি মননত ক্ৰমাৎ স্পষ্ট হৈ উঠিছে| কিয়নো যি মাটি বা মাতৃৰ জাগ্ৰত সন্তানৰ সংখ্যা অধিক, সেই আইৰ আগত থিয় হ’ব খোজা দুৰ্যোগ-বিপত্তি দূৰতে বিদূৰ হৈ ৰয়| সুবিশাল সমদল, একেৰাহে বহুদিন ৰাজপথত জোৰদাৰ প্ৰতিবাদ নকৰাকৈয়ে কেনেকৈ পৰিশীলিতভাৱে ফলপ্ৰসূ প্ৰতিবাদ সাব্যস্ত কৰিব পৰা যায়, অসমীয়াই সেয়া গ্লবেলি দ্বিতীয়বাৰৰ বাবে কৰি দেখুৱালে।


(প্ৰথম বাৰ কভিড কালত প্ৰতিবাদৰ বাবে ৰাস্তালৈ নোলোৱাকৈ দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ বাবে নেচনেল বৰ্ড ফ’ৰ ৱাইল্ড লাইফে অনুমোদন জনোৱাৰ সময়ত অনুৰূপ জনমত গঢ়ি উঠিছিল)

মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়টোৰ গুৰুত্ব সহৃদয়তাৰে অনুভৱ কৰি, ইতিহাস সৃষ্টিকাৰী জনতাৰ দৃঢ় জনমতৰ প্ৰতি সন্মান জ্ঞাপন কৰি
জনতাক আশ্বস্ত কৰিবলৈ সামাজিক মাধ্যমত জনালে যে তেখেতসকলৰ চৰকাৰে আন্তঃগাঁথনি আগুৱাই নিয়াৰ সমান্তৰালকৈ চহৰৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ দিশতো গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ। দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত তেখেতসকলে আন্তৰিকতাৰে অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত ৰখাৰ বাবে কাম কৰি আছে৷ এটা বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক কেইদিনমান সময় দিবলৈ সকলো অংশীদাৰক আহ্বান কৰিলে।

তেখেতে যেনেকৈ কয় তেনেকৈ কথা ৰাখে।
কভিড কালত আমি সকলোৱে প্ৰত্যক্ষ কৰিছিলোঁ
কিদৰে তেখেতে কভিডক পৰাজয় কৰাই আমাক তাৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ দিন, ৰাতি নিৰন্তৰ অক্লান্ত ভাৱে সন্মুখৰ পৰা যুঁজিছিল।
ৰাজ্যবাসীৰ মনোবল ভাঙিব নিদিয়াকৈ অভয় কৰি ৰাখিছিল।

সেই বিশ্বাসেৰে পুনৰ তেখেতৰ কথাত আমি আশ্বাসিত হলোঁ- গছবোৰৰ ক্ষতি নোহোৱাকৈয়ে আমাৰ চহৰৰ উন্নয়ন হ’ব।

তাৎক্ষণিক বিপুল-বিৰোধৰ প্ৰতিক্ৰিয়ায়ে যে প্ৰথমতেই সঁহাৰি পাইছে, সেয়াই এই বিষয়ৰ বাহিৰেও অন্য বিভিন্ন উপলক্ষৰ হেতু যোগাত্মক কিম্বা আশাব্যঞ্জক কথা| এই জোৱাৰ স্তিমিত নহওক|
গছবোৰৰ লগতে তাৰ লগত সহবাস কৰা তৰু, তৃণ পতংগ সমূহ কুশলে থাকক|
নিৰ্যাতিত হ’বলৈ ওলোৱা
নিমাত বৃক্ষ, তৰু-তৃণে কৰিব লগা প্ৰতিবাদৰ ভাষা সংবেদনশীল উশাহ গ্ৰহণ কৰোতাই বিনম্ৰ-বলিষ্ঠ কন্ঠেৰে সামাজিক মাধ্যমত প্ৰকাশ কৰা দেখি, হৃদয় ভৰি উঠিল| লগতে হৃদয় ভৰি উঠিল ওৰে ৰাতি ছাত্ৰ সমাজে গছ বোৰ ৰখি থকা দৃশ্য বাতৰিত দেখি, একাধিকদিন ৰাজপথলৈ ওলাই অহা সচেতন যুৱ শক্তি আৰু জ্যেষ্ঠ সকলৰ প্ৰতিবাদৰ পৰিশীলিত ৰূপ দেখি।
আজিৰ মানুহে অন্ততঃ উশাহৰ ধাৰ সুজিবলৈ শিকিছে| এই কথা ঠিক, প্ৰকৃতিৰ কন্ঠ আমিয়েই হৈ থাকিব লাগিব কিয়নো আমি ইয়াৰ অন্যতম শ্ৰেষ্ঠ সৰৱ অংশ।

Hypocrite । তন্ত্ৰমন্ত্ৰৰ বাবে কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহি ৰাইজৰ হাতত এক ভণ্ড তান্ত্ৰিক আটক

Hypocrite । তন্ত্ৰমন্ত্ৰৰ বাবে কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহি ৰাইজৰ হাতত এক ভণ্ড তান্ত্ৰিক আটক
Hypocrite । তন্ত্ৰমন্ত্ৰৰ বাবে কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহি ৰাইজৰ হাতত এক ভণ্ড তান্ত্ৰিক আটক

দৈনন্দিন বাৰ্তাৰ সেৱা,শিলচৰ,৩০ অক্টোবৰ: নিশা কাছাৰ জিলাৰ উত্তৰ কৃষ্ণপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ কবৰস্থানৰ কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহি ৰাইজৰ হাতত আটক হল এক ভণ্ড তান্ত্ৰিক ৷ (Hypocrite) ধৃত তান্ত্ৰিক গৰাকী কাছাৰৰ শিলডুবিৰ অজিব উদ্দিন । জানিব পৰা মতে, স্থানীয় ফখৰ উদ্দিন নামৰ এগৰাকী ব্যক্তিৰ ২৯ দিন পূৰ্বে মৃত্যু হৈছিল । মৃত্যুৰ পাছত লোক জনক অঞ্চলটোৰ কবৰস্থানত কবৰস্ত কৰা হৈছিল ৷

যোৱা নিশা ফখৰ উদ্দিনৰ পুত্ৰ কবৰস্থানৰ সম্মুখৰে যোৱাৰ সময়ত হঠাৎ প্ৰত্যক্ষ কৰে যে দুজন লোকে তেওঁৰ পিতৃৰ কবৰ খান্দি মৃতদেহ তুলাৰ চেষ্টা কৰি আছে । ঘটনা প্ৰত্যক্ষ কৰি যুবক জনে চিঞৰবাখৰ আৰম্ভ কৰিলে স্থানীয় লোক সকল উপস্থিত হয়। আৰু কবৰ খান্দি থকা দুজন লোকৰ মাজত এজন স্থানীয় লোকে আটক কৰে যদিও আনজন পলাই যাবলৈ সক্ষম হয় । আটক হোৱা লোক জনক ৰাইজে সোধপোছ কৰিলে তেওঁ জনায় যে তন্ত্ৰমন্ত্ৰৰ বাবে তেওঁলোকে কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহিছিল। পলাই যোৱা তান্ত্ৰিক জনৰ নাম চাদ্দাম হুছেইন বুলি জনায় ধৃত তান্ত্ৰিক জনে। ইপিনে ভয়ংকৰ এই ঘটনাৰ পাছত উত্তেজিত একাংশ ৰাইজে লপাথপা দিয়ে ভণ্ড তান্ত্ৰিক জনক আৰক্ষীৰ হাতত গতাই দিয়ে। ঘটনা সন্দৰ্ভত শিলচৰ ৰাঙিৰখাৰি আৰক্ষী চকীত ৰুজু কৰা হৈছে গোচৰ। আনহাতে স্থানীয় ৰাইজৰ অভিযোগ যোৱা ১ বছৰ পূৰ্বে একেই কবৰস্থানৰ পৰা এগৰাকী মহিলাৰ মৃতদেহ কবৰৰ পৰা তুলি কোনো দুৰ্বৃত্তই মূৰ কাটি লৈ গৈছিল।

Harhi College, Dhakuakhana । ২৫ পতাকা উত্তোলনেৰে আৰম্ভ হ’ল ঢকুৱাখনাৰ হাৰ্হি কলেজৰ ৰূপালী জয়ন্তী মহোৎসৱ

Harhi College, Dhakuakhana । ২৫ পতাকা উত্তোলনেৰে আৰম্ভ হ'ল ঢকুৱাখনাৰ হাৰ্হি কলেজৰ ৰূপালী জয়ন্তী মহোৎসৱ
Harhi College, Dhakuakhana । ২৫ পতাকা উত্তোলনেৰে আৰম্ভ হ'ল ঢকুৱাখনাৰ হাৰ্হি কলেজৰ ৰূপালী জয়ন্তী মহোৎসৱ

ঢকুৱাখনাৰ পৰা-ৰাজীৱ বৰুৱা,৩০ অক্টোবৰ:-“এক সুস্থ শৈক্ষিক ব্যৱস্থা,সু-স্বাস্থ্য সেৱাৰ ব্যৱস্থা আৰু যাতায়তৰ সু-ব্যৱস্থাইহে এখন সমাজক উন্নতিৰ শিখৰলৈ লৈ যাব পাৰে। মানুহক কৰ্মহীন চিন্তাহীন কৰি তোলা বিভিন্ন চৰকাৰী আঁচনিয়ে কেতিয়াও সমাজৰ বা এটা জাতিৰ উন্নতি সাধিব নোৱাৰে।”-এই তাৎপৰ্যপূৰ্ণ মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক,তথা অধ্যাপক ড০উপেন্দ্ৰজিৎ শৰ্মাৰ। ( Harhi College, Dhakuakhana)

আৰম্ভ হ'ল ঢকুৱাখনাৰ হাৰ্হি কলেজৰ ৰূপালী জয়ন্তী মহোৎসৱ

উল্লেখ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱৰ স্মৃতিগ্ৰন্থ-
“স্বপ্নদ্ৰষ্টা হাৰ্হি” উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে কয় যে-“কেৱল হিতাধিকাৰী সৃষ্টি কৰি অনুদান দি ৰাজ্য এখনৰ নাগৰিক সকলক স্বাৱলম্বী কৰি তুলি নোৱাৰি।নাগৰিক সকলক স্বাৱলম্বী কৰিবলৈ তুলিবলৈ হ’লে চৰকাৰে মূলতঃ তিনিটা সুবিধা প্ৰদান কৰিব লাগিব প্ৰতিজন নাগৰিকক।চৰকাৰে নাগৰিকৰ বাবে সুস্থ শিক্ষা ব্যৱস্থা,সুস্থ-সুলভ চিকিৎসা ব্যৱস্থা আৰু সুচল যাতায়তৰ ব্যৱস্থা কৰি দিলেই ৰাজ্যৰ নাগৰিকসকলআপুনি স্বাৱলম্বী হৈ দেশক উন্নয়নৰ দিশত আগুৱাই নিব পাৰিব।ইয়াৰ বাবে ৰাজ্যত হিতাধিকাৰী সৃষ্টি কৰাৰ কোনো প্ৰয়োজন নাই।”

হাৰ্হি মহাবিদ্যালয়ে গুণগত জ্ঞানৰ গৰিমা বিলাই অতিক্ৰম কৰিলে গৌৰৱময় ২৫ টি বৰ্ষ


দুপৰীয়া ১-৩০ বজাত ৰূপালী জয়ন্তী মহোৎসৱ উপলক্ষে হাৰ্হি কলেজৰ অধ্যাপক ড০ জিতু কুমাৰ চমুৱাৰ সম্পাদনাত প্ৰকাশ হোৱা স্মৃতিগ্ৰন্থ ‘স্বপ্নদ্ৰষ্টা হার্হি’ উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ শৰ্মাই-
অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰা প্ৰসঙ্গত কয় যে অসমীয়া ভাষাৰ নিজস্ব-স্বাভিমানী সত্বাটোক আমি আমাৰ নতুন প্ৰজন্মলৈ আগবঢ়াই লৈ যাব লাগিব।কেৱল ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে ভাষাটোক ৰক্ষা কৰিব নোৱাৰে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাত দুখ-বেজাৰ পোৱা সকলক এঘৰীয়া কৰিবৰ সময় হ’ল। যিসকলে জাতিৰ গৌৰৱৰ আনন্দৰ সময়ত বেয়া পাই সেই সকলেই আমাৰ জাতিক বিপথে পৰিচালিত কৰিছে। সেইসকলে কিন্তু চৰকাৰী বঁটা-বাহন আগ্ৰহৰে গ্ৰহণ কৰে। অসমীয়া ভাষা জীয়াই থাকিলেহে জাতিটো জীয়াই থাকিব। প্ৰথমতে আমি বিশুদ্ধ অসমীয়া বুলি নিজক পৰিচয় দিব পাৰিব লাগিব; তাৰ পিছতহে আমি সকলো ভাৰতীয়।” এই গ্ৰন্থ উন্মোচনী সভাতে কেইবাগৰাকীও স্থানীয় লেখক-লেখিকাৰ ভিন্ন বিষয়ৰ অন্য তিনিখনকৈ গ্ৰন্থও উন্মোচন কৰা হয়।


ঢকুৱাখনাৰ পূৱ প্ৰান্তত ১৯৯৮ চনতে ঢকুৱাখনা সম জিলাৰ বৃহত্তৰ হাৰ্হি অঞ্চলৰ শিক্ষানুৰাগী বিদ্বৎ সমাজৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা উচ্চশিক্ষাৰ বাটকটীয়া অনুষ্ঠান হাৰ্হি মহাবিদ্যালয়ে গুণগত জ্ঞানৰ গৰিমা বিলাই অতিক্ৰম কৰিলে গৌৰৱময় ২৫ টি বৰ্ষ ।সেইয়ে আজিৰে পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰূপালী জ়য়ন্তী মহোৎসৱ। ফলত বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গোবিন্দপুৰস্থিত হাৰ্হি মহাবিদ্যালয়ৰ প্ৰাংগনত পুৱাৰে পৰা দেখিবলৈ পোৱা যায় এক উৎসৱমুখৰ পৰিৱেশ।ৰূপালী জয়ন্তীৰ কাৰ্যসূচী অনুসৰি-পুৱা ৯ বজাত উদযাপন সমিতিৰ সম্পাদক তথা অধ্যক্ষ ড৹ মানসজ্যোতি নেওগে মহাবিদ্যালয়ৰ পতাকা আৰু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ক্ষীৰোদ শইকীয়াই ৰূপালী জয়ন্তী মহোৎসৱৰ মূল পতাকা উত্তোলন কৰাৰ সমান্তৰালকৈ অন্যান্য ২৫ গৰাকী বিশিষ্ট ব্যক্তিয়ে সৰ্বমুঠ ২৫ খন পতাকা উত্তোলন কৰি ৰূপালী জয়ন্তীৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভণি ঘটাই।

পতাকা উত্তোলনৰ পূর্বেই উদ্যাপন সমিতিৰ সদস্যা সকলে আৰু মহাবিদ্যালয়ৰ ছাত্রীসকলে আটাইকে ফুলাম গামোচাৰে আদৰণি জনায়।ইয়াৰ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ টংক ৰাজখোৱাই।এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা নৱ-নিৰ্মিত মুখ্য তোৰণ উদ্বোধন কৰে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেই। আৰু ইয়াৰ পিছতে ঢকুৱাখনা সম জিলাৰ স্বাস্থ্য বিষয়া ডাঃ অতুল চন্দ্ৰ খাউণ্ডে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে।দুপৰীয়া ১২.৩০ বজাত মঞ্চ উদ্বোধন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ নাথ বৰুৱাই।উদ্ধোধনী ভাষণত ড° বৰুৱাই কয় যে-“শিক্ষা হৈছে সমাজ পৰিবৰ্তনৰ আহিলা।শিক্ষাৰ অবিহনে সমাজ এখন পৰিবৰ্তন সম্ভৱ হ’ব নোৱাৰে।সমাজক পৰিবৰ্তন কৰাৰ ক্ষেত্ৰত শিক্ষাই সমাজক জগাই তোলে।শিক্ষাৰ জ্ঞান নহ’লে সমাজৰ অন্তৰদৃষ্টি জাগ্ৰত হ’ব নোৱাৰে।শিক্ষাই সমাজৰ অন্তৰদৃষ্টি জাগ্ৰত কৰি তোলে।এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰিবলৈ শিক্ষাৰ জ্ঞান আহৰণ কৰাতো বৰ প্ৰয়োজন।”


তেওঁ লগতে আৰু কয় যে- শিক্ষাৰ জ্ঞান নহ’লে এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰাতো সম্ভৱ নহয়।শিক্ষাৰ জ্ঞানে শিক্ষাৰ্থীৰ চকু পোহৰ কৰি তোলে।আন্ধাৰৰ পৰা পোহৰৰ বাটলৈ আগুৱাই
লৈ যাব পাৰে।১২.৪৫ বজাৰ পৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন আৰম্ভ হয়।ইফালে বিয়লি ২ বজাৰ পৰা-“নতুন শিক্ষানীতি -২০২০ আৰু সংস্থাপনৰ সম্ভাৱনীয়তা”


শীৰ্ষক আলোচনা সত্ৰ অনুস্থিত হয়।লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° মুকুন্দ ৰাজবংশীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই আলোচনা সত্ৰত লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুবুল শইকীয়া আৰু চন্দ্ৰকান্ত বেজবৰুৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° দীপক শৰ্মাই আলোচক হিচাপে অংশগ্ৰহণ কৰে। আলোচনাত দুয়োজন আলোচকে শিক্ষাৰ সমগ্ৰ ব্যৱস্থাৰ লগত জড়িত মূল্যবোধৰ শিক্ষা,চৰিত্ৰ গঠন, আধ্যাত্মিকতা ইত্যাদি… দিশসমূহৰ আলোচনা কৰাৰ লগতে বহুমুখী গৱেষণা, আবেগিক বুদ্ধিমত্তা,শিক্ষাত মাতৃভাষাৰ গুৰুত্ব ইত্যাদি বিভিন্ন দিশত মননশীল বিশ্লেষণ দাঙি ধৰে।সন্ধিয়া-৫ বজাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়।ইয়াৰ মাজতে হাৰ্হি মহাবিদ্যালয়ৰ অতীত বৰ্তমানক প্ৰতিফলিত কৰি নিৰ্মাণ কৰা এখনি “তথ্যচিত্ৰ” উন্মোচন কৰা হয়।কাইলৈ পুৱা ৯ বজাত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব ৰূপালী জয়ন্তী উপলক্ষে।শোভাযাত্ৰা উদ্ধোধন কৰিব বিশিষ্ট নাট্যকৰ্মী অসীম শৰ্মাই।উল্লেখ্য যে-অহা ১ নৱেম্বৰত সামৰণি পৰিব ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱৰ।

India-China Border Tensions: ভাৰত চীন সীমান্তৰ দেপছাং আৰু ডেমচৌকৰ পৰা পিছুৱালে ভাৰত আৰু চীনৰ সেনা

India-China Border Tensions Ease as Troops Withdraw from Eastern Ladakh's Depsang and Demchok Areas
India-China Border Tensions: ভাৰত চীন সীমান্তৰ দেপছাং আৰু ডেমচৌকৰ পৰা পিছুৱালে ভাৰত আৰু চীনৰ সেনা

নতুন দিল্লী, ৩০ অক্টোবৰ: পূব লাডাখৰ সংঘাতজৰ্জৰ স্থান দুটাৰ পৰা চীন আৰু ভাৰতৰ সৈন্য প্ৰত্যাহাৰৰ কাম সম্পূৰ্ণ হৈছে। এই সন্দৰ্ভত বুধবাৰে ভাৰতীয় সেনাৰ এটা সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি পূব লাডাখৰ দেপছাং আৰু ডেমচৌক(Depsang and Demchok)ত ভাৰত আৰু চীনৰ মাজত অৱস্থান কৰি থকা সৈন্য প্ৰত্যাহাৰ প্ৰক্ৰিয়া আজি সম্পূৰ্ণ কৰিলে(India-China Troop Withdrawal)।

সীমান্তস্থিত এই অঞ্চল দুটাৰ পৰা সামৰিক বাহিনী প্ৰত্যাহাৰৰ পিছত অতি শীঘ্ৰেই দুয়োপক্ষই নিজ নিজ অঞ্চলত একেলগে পেট্ৰলিং অৰ্থাৎ টহল আৰম্ভ কৰিব বুলিও তেওঁ কয়। সেনাৰ সূত্ৰ অনুসৰি পূব লাডাখৰ দেপছাং আৰু ডেমচৌকত ইতিমধ্যে ভাৰত আৰু চীনৰ মাজত সৈন্য প্ৰত্যাহাৰ সম্পূৰ্ণ হৈছে(Eastern Ladakh Tensions)। শীঘ্ৰে দুয়োপক্ষৰ পৰা সমন্বিতভাৱে আৰম্ভ হ’ব টহল(LAC Patrolling) । আনহাতে গ্ৰাউণ্ড কমাণ্ডাৰে আলোচনা অব্যাহত ৰাখিব। লগতে কাইলৈ দীপাৱলী উপলক্ষ্যে মিঠাই বিনিময়ৰ এক অনুষ্ঠানো অনুষ্ঠিত হ’ব।

ভাৰতে এই দীৰ্ঘদিনীয়া বিবাদ সমাধানৰ দিশত কাম কৰি আছে, যাতে এই অঞ্চলত চীনৰ আগ্ৰাসন আৰম্ভ হোৱাৰ পূৰ্বৰ অৰ্থাৎ ২০২০ চনৰ এপ্ৰিলৰ পূৰ্বৰ পৰিস্থিতিলৈ ঘূৰি আহিব পাৰে। চীনৰ বৈদেশিক মন্ত্ৰালয়ে শুকুৰবাৰে নিশ্চিত কৰিছিল যে সীমান্ত সমস্যাৰ চুক্তি অনুসৰি দুয়োখন দেশৰ সীমান্তৰ সৈন্যবাহিনীয়ে প্ৰাসংগিক কামত নিয়োজিত হৈ আছে। এই সন্দৰ্ভত আয়োজিত সংবাদমেলখনত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে কয় যে এই কাম নিয়াৰিকৈ আগবাঢ়িছে ।

ভাৰত আৰু চীনে সংঘৰ্ষজৰ্জৰ স্থানৰ পৰা সেনাবিহিনী প্ৰত্যাহাৰৰ কাম আৰম্ভ কৰিছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত লিন জিয়ানে কয় যে, “শেহতীয়াকৈ দুয়োখন দেশৰ সীমান্তৰ সমস্যা সন্দৰ্ভত হোৱা বুজাবুজি অনুসৰি সীমান্তত থকা চীন আৰু ভাৰতৰ সৈন্যবাহিনীয়ে প্ৰাসংগিক কাৰ্যত নিয়োজিত হৈছে আৰু এই কাৰ্যসমূহ বৰ্তমান সুচাৰুৰূপে আগবাঢ়িছে।

উল্লেখ্য যে, যোৱা ২১ অক্টোবৰত ভাৰতে চীনৰ সৈতে পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (LAC) টহল দিয়াৰ বাবে এক চুক্তি ঘোষণা কৰিছিল, যাৰ ফলত চাৰি বছৰতকৈও অধিক পুৰণি সামৰিক অচলাৱস্থাৰ অৱসান ঘটিছিল। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সময়ত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰিছিল, য’ত দুয়োগৰাকী নেতাই পূব লাডাখৰ এল এ চিৰ কাষত টহল দিয়াৰ ব্যৱস্থাৰ চুক্তিক আদৰণি জনাইছিল।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলৰ এল এ চিৰ ওপৰত নতুন টহল দিয়াৰ ব্যৱস্থাৰ বিষয়ে ঘোষণা কৰাৰ পিছতে এই বৈঠকখন অনুষ্ঠিত হৈছিল । উল্লেখ্য যে, ২০২০ চনত পূব লাডাখৰ এল এ চিৰ কাষত হোৱা চীনৰ সামৰিক কাৰ্যকলাপৰ ফলত সীমান্তত অচলাৱস্থাৰ সৃষ্টি হৈছিল আৰু ইয়াৰ ফলত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কত দীঘলীয়া সময় ধৰি উত্তেজনা অব্যাহত আছিল।

লগতে পঢ়ক: Modi Xi Jinping Bilateral Meeting: ব্ৰিকছ সন্মিলনৰ মাজতে বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী

 Diwali । দীপাৱলী উৎসৱতো আধুনিকতাৰ প্ৰভাৱ

গুৱাহাটী, ৩০ অক্টোবৰঃ অসমীয়া কেলেণ্ডাৰৰ মতে লক্ষ্মী পূৰ্ণিমা তিথিৰ পাছত অৰ্থাৎ অমাৱ্যসাত পোহৰৰ উৎসৱ দীপাৱলী পালন কৰে । (Diwali) দীপাৱলী উৎসৱ সকলোৰে জীৱনত পোহৰ বিলোৱাৰ আশাৰে উদ্ যাপন কৰে । প্ৰতি বছৰে শৰৎ কালৰ কাতি মাহৰ অমাৱ্যসাত তিথিত (Hindu) হিন্দু, জৈন, শিখ আৰু কিছু সংখ্যক বৌদ্ধ ধৰ্মৰ লোকেও পালন কৰা দেখিবলৈ পাওঁ। এই উৎসৱ অৰ্থাৎ দীপাৱলী উৎসৱে আন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ অৰ্থাৎ বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়ীৰ প্ৰতিনিধিত্ব কৰে ।


সম্প্ৰতি পোহৰৰ উৎসৱটিক কিছুমান জাতীয় সামগ্ৰীৰে পালন কৰাৰ বিপৰীতে বিদেশী বস্তুৰে পালন কৰি অহা দেখিবলৈ পাইছোঁ। ইয়াৰ মূলতঃ কাৰণটো হৈছে আধুনিকতাৰ প্ৰভাৱ। কিন্তু আধুনিকতাৰ প্ৰভাৱত জাতীয় সমাজৰ কিছুমান সম্পদ হেৰুৱাই পেলাইছে বুলি গণ্য কৰিব পাৰোঁ। যিবোৰ পৰৱৰ্তী সময়ত সংগ্ৰহালয়তে দেখিবলৈ পোৱাৰ আশংকা হৈছে। ইয়াৰ ভিতৰত অন্যতম হৈছে মাটিৰে নিৰ্মিত চাকি। আজিকালি বিলাসী জীৱন যাপন কৰা লোক সকলে পোহৰৰ উৎসৱৰ নামত স্থানীয় লোকে প্ৰস্তুত কৰা মাটি চাকিৰ সলনি বজাৰত সহজে উপলব্ধ হোৱা লাইটেৰে নিজৰ ঘৰখন সজাই তোলা দেখিবলৈ পাওঁ। কিন্তু মাটিৰে নিৰ্মিত চাকি এটা দুখীয়া পৰিয়ালৰ লোকৰ লগত সম্পূৰ্ণ ৰূপে জড়িত থাকে। কাৰণ তেওঁলোক এনেকুৱা ধৰণৰ উৎসৱ পাৰ্ৱনবোৰত মাটিৰে চাকি আদি প্ৰস্তুত কৰি বিক্ৰী কৰি দুই-এটাৰ উপাৰ্জন কৰি পৰিয়াল পোহ পাল কৰে। কিন্তু সাম্প্ৰতিক সময়ত মাটিৰে বনোৱা সেই চাকি প্ৰায় লুপ্তপায়।

কিয়নো আজি কালি ৰঙ-বিৰঙী ভাল পোৱা মানুহবোৰে নিজৰ ঘৰত চাকি বহুত কমেই ব্যৱহাৰ কৰে। কাৰণ চাকিটোত মাত্ৰ এটা ৰঙে উপলব্ধ হয়। কিন্তু বিদেশী কোম্পানীৰ লাইটবোৰত বহু ধৰণৰ ৰঙ পায়। সেয়ে মানুহে সেইবোৰ অধিক ভাল পায়। যাৰ বাবে তেওঁলোকে লাইট ক্ৰয় কৰা অধিক পছন্দ কৰে। কিন্তু ভগৱান বিষ্ণুৰ ৰাম অৱতাৰৰ সময়ত যেতিয়া ৰাৱণক বধ কৰাৰ পাছত মাতা সীতাক উদ্ধাৰ কৰি নিজৰ ৰাজ্যলৈ উভতিছিল, তেতিয়া ভগৱান শ্ৰীৰামচন্দ্ৰক আদৰিবলৈ চাকি জ্বলাছিল বুলি কোৱা হয়। কিয়নো সেইদিনা আছিল শৰৎ কালৰ অমাৱ্যসাৰ ৰাতি। অযোধ্যাৰ লগতে সমগ্ৰ পৃথিৱীৰ ৰাইজে শ্ৰীৰামচন্দ্ৰৰ নিজ ৰাজ্য গমনত অসুবিধা নহয়। সেইদিনাৰ পৰা শৰৎ কালৰ অমাৱ্যসাক পোহৰৰ উৎসৱ দিপাৱলী নামেৰে পালন কৰি আহিছে বুলি সমাজ তাত্ত্বিকসকলে গণ্য কৰি আহিছে। দিপাৱলী এক বিজয়ৰ উৎসৱ বুলিও কোৱা হয়। কিন্তু সাম্প্ৰতিক সময়ত দিপাৱলী ব্যৱসায়িক ভিত্তিত পালন কৰিছে বুলি গণ্য কৰিব পাৰোঁ। কিয়নো দিপাৱলী অহাৰ লগে লগে ব্যৱসায়িক সকলে বিদেশৰ পৰা ৰঙীন লাইট আমদানি কৰে।

যিহেতু একবিংশ শতিকাৰ লোকে সেই ৰঙীন লাইট পছন্দ কৰে। কিন্তু সেই ৰঙীন লাইটে নিজৰ দেশৰ ওপৰত অৰ্থনৈতিক প্ৰভাৱ পেলায় বুলি ক’ব পাৰি। তদুপৰি দৰিদ্ৰতা সংখ্যা বৃদ্ধি পায়। কিয়নো সেই লাইটবোৰ ভাৰতৰ বহিঃ দেশৰ পৰা আমদানি কৰিব লাগে। চাকি বন্তি বা মাটিৰ পাত্ৰ এজন অভিজাত শ্ৰেণীৰ লোকে নিৰ্মাণ নকৰে। এটা দৰিদ্ৰৰ লগতে এটা বিশেষ শ্ৰেণীৰ লোকেহে নিৰ্মাণ কৰে। আমি ভাৰতৰ অৰ্থনৈতিক উন্নয়ন আৰু দৰিদ্ৰ নিৰ্মূল কৰিবলৈ চীন দেশৰ লাইটতকৈ নিজৰ জাতীয় লোকে কষ্টেৰে বনোৱা চাকিৰে পোহৰৰ উৎসৱ দিপাৱলীক পালন কৰিব লাগে বুলি ভাৱোঁ‌। কিয়নো চীনত নিৰ্মিত ৰঙীন লাইটৰ পোহৰতকৈ আমাৰ জাতীয় লোকে বনোৱা চাকি বন্তিৰ পোহৰ সৰ্বাধিক শক্তিশালী। এইকাৰণে শক্তিশালী সেই চাকিৰ পোহৰ বিজয়ৰ প্ৰতীক। চাকি এক সম্প্ৰীতিৰ বান্ধোন। তদুপৰি চাকি- বন্তি সৎ কৰ্মৰ সাক্ষীস্বৰূপা। আমি মাটিৰে নিৰ্মিত চাকি জ্বলাই প্ৰকৃত পোহৰৰ উৎসৱ পালন কৰোঁ আহক, তেতিয়া আমাৰ সংস্কৃতিৰ ৰক্ষা হ’ব। তদুপৰি নৱপ্ৰজন্মক আদৰ্শবোৰ দেখুৱাব পাৰিম। সেয়ে এইবাৰ ৰঙীন পৃথিৱীখনৰ ৰঙীন লাইটতকৈ জাতীয় লোকে মাটিৰে বনোৱা চাকি-বন্তিক প্ৰজ্বলিত কৰি পোহৰৰ উৎসৱ পালন কৰক।

লেখক: ভাস্কৰজ্যোতি কুটুম (Bhaskarjyoti Kutum)

Deepotsav celebration in Ayodhya: আজি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হ’ব অযোধ্যাৰ ২টা বিশ্ব অভিলেখ

Deepotsav celebration in Ayodhya Today 2 world records will be made in Ramnagari Ayodhya
Deepotsav celebration in Ayodhya:আজি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হ’ব অযোধ্যাৰ ২টা বিশ্ব অভিলেখ

অযোধ্যা, ৩০ অক্টোবৰ: আজি এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব ৰামনগৰী অযোধ্যাবাসী ৰাইজ। ৰাম কি পেইৰিৰ ৫৫ টা ঘাটত একেলগে ২৫ লাখ বন্তি প্ৰজ্বলন কৰা হ’ব(Deepotsav celebration in Ayodhya)। ইয়াৰ সমান্তৰালকৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগীৰ উপস্থিতিত সৰয়ুৰ পাৰত ১১০০ সাধু আৰু বেদাচাৰ্যই মহা আৰতিও কৰিব(Maha Aarti on Banks of Saryu)। এই দুই কাৰ্যসূচীৰ জৰিয়তে অযোধ্যাবাসীয়ে চলাইছে দুটা নতুন বিশ্ব অভিলেখ সৃষ্টিৰ প্ৰস্তুতি। তাৰোপৰি সন্ধিয়ালৈ ভগৱান শ্ৰীৰামৰ(Lord Shri Ram) আগমনৰ বাবে কৰা হৈছে বিশাল প্ৰস্তুতি । ৰাম মন্দিৰক আটকধুনীয়াকৈ সজাই তোলাৰ লগতে বিভিন্ন স্থানত স্থাপন কৰা হৈছে আদৰণি তোৰণ।

পোহৰৰ উৎসৱৰ আয়োজনক লৈ ইতিমধ্যে ইয়াৰ আখৰাও সম্পূৰ্ণ কৰা হৈছে। সৰ্যু আৰতিৰ সমন্বয়ক শশীকান্ত দাসে কয় যে ভগৱান শ্ৰীৰামক তেওঁৰ ঘৰত স্থাপন কৰাৰ পিছত এইটো হৈছে প্ৰথম পোহৰৰ উৎসৱ আৰু সামগ্ৰিকভাৱে ই হৈছে অষ্টম পোহৰৰ উৎসৱ । আজি সন্ধিয়া ২৫ লাখ বন্তি জ্বলোৱাৰ লগে লগে ইয়াক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ কৰা হ’ব। পোহৰৰ উৎসৱৰ বাবে ৰামৰ চহৰখনক ইতিমধ্যে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। তাৰোপৰি ২০০ কৈও অধিক মঠ আৰু মন্দিৰত জ্বলোৱা হ’ব বন্তি ।

সমন্বয়কগৰাকীয়ে লগতে কয় যে, প্ৰতিদিনে ৫১০০ বন্তিৰে আৰতি কৰা হয়। আজি ইয়াৰ লগতে ১১০০ সাধুৱে একেলগে মাতা সৰ্যুৰ আৰতি প্ৰদৰ্শন কৰিব। এই কাৰ্যসূচীকো বিশ্ব অভিলেখ হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ কৰা হ’ব। ইয়াৰ পূৰ্বে ইমান বৃহৎ সংখ্যক সন্ত আৰু ঋষিয়ে কেতিয়াও এনেধৰণৰ মহা আৰতি কৰা নাছিল। এই মহা আৰতিৰ অনুষ্ঠানটোত বহুসংখ্যক বিশিষ্ট ব্যক্তিয়েও অংশগ্ৰহণ কৰিব । এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও আজি দুপৰীয়াৰ পৰা প্ৰায় ২০ ঘণ্টা ৰামনগৰীত উপস্থিত থাকি তেওঁ পিছদিনা তেওঁ গোৰখপুৰলৈ যাত্ৰা কৰিব।

এটি শোভাযাত্ৰাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা পোহৰৰ এই উৎসৱ উপলক্ষ্যে ৰামনগৰী অযোধ্যাত বিভিন্ন কাৰ্যসূচী অন্তৰ্ভূক্ত কৰা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আদিত্যানাথ যোগীয়ে(CM Adityanath Yogi) সৰয়ু আৰতিত ভাগ লৈ সন্ধিয়া প্ৰায় ৬.৩০ বজাত দীপোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।

উল্লেখ্য যে, এই অনুষ্ঠানৰ পূৰ্বে মঙলবাৰে সন্ধিয়া অজস্ৰ মহিলাই মা সৰয়ুৰ আৰতি প্ৰদৰ্শন কৰে। ২০১৭ চনৰ পৰা আৰম্ভ হোৱা দীপোৎসৱৰ প্ৰথম বৰ্ষত ১.৭১ লাখ বন্তি জ্বলাই আলোকিত কৰা হৈছিল। ইয়াৰ পিছত ক্ৰমান্বয়ে ২০১৮ চনত ৩.০১ লাখ, ২০১৯ চনত ৪.০৪ লাখ, ২০২০ চনত ৬.০৬ লাখ, ২০২১ চনত ৯.৪১ লাখ, ২০২২ চনত ১৫.৭৬ লাখ, ২০২৩ চনত ২২.২৩ লাখ বন্তি জ্বলোৱা হৈছিল। এই বৰ্ষৰ দীপোৎসৱত ২৫ লাখ বন্তি জ্বলোৱাৰ প্ৰস্তুতি চলোৱা হৈছে ।

Land of Paradise: এজন সৈনিকৰ দৃষ্টিৰে ভূ-স্বৰ্গ কাশ্মীৰৰ জনজীৱন

Land of Paradise: এজন সৈনিকৰ দৃষ্টিৰে ভূ-স্বৰ্গ কাশ্মীৰৰ জনজীৱন
Land of Paradise: এজন সৈনিকৰ দৃষ্টিৰে ভূ-স্বৰ্গ কাশ্মীৰৰ জনজীৱন

গ্ৰন্থখনিত লেখকে ‘বিতৰ্কিত ৩৭০ অনুচ্ছেদ আৰু কাশ্মীৰ’ৰে(Land of Paradise) আৰম্ভ কৰিছে। কাশ্মীৰৰ জনজীৱন, কাশ্মীৰৰ(Bhushorg Kashmir) সমস্যা, সম্ভাৱনা, ইতিহাস প্ৰসিদ্ধ কাহিনী, শৈক্ষিক পৰিৱেশ, সন্তাসবাদ, জলবায়ু আদিৰ বিষয়েও বৰ্ণনা কৰিছে।

তাৰোপৰি লেখকে গ্ৰন্থখনিত কাশ্মীৰৰ সমস্যা লগতে কাশ্মীৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য, বৰফাবৃত্ত পৰিৱেশ বৰ্ণনা কৰিছে। কাশ্মীৰৰ জনপ্ৰিয় উৎসৱ(the controversial Article 370 and Kashmir), জনপ্ৰিয় কাংড়ী, জনপ্ৰিয় ফল-মূলৰ বিষয়েও বৰ্ণনা দিছে।

ভূ-স্বৰ্গ বুলি খ্যাত কাশ্মীৰৰ আছে বহু অভ্যন্তৰীণ সমস্যা। সেই সমস্যা বিশেষকৈ সন্তাসবাদৰ সমস্যাৰ মাজত সাধাৰণ জনগণ আৰু সৈনিকৰ জীৱন ধাৰণ বিষয়েও আভাস পোৱা যায়।

অশান্ত কাশ্মীৰত চৰকাৰৰ ভূমিকা লগতে নৱ প্ৰজন্মৰ শৈক্ষিক পৰিবেশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ভৱিষ্যতৰ প্ৰজন্মক সুশিক্ষাৰে শিক্ষিত কৰি তুলিলে অশান্ত কাশ্মীৰৰ সমস্যা হ’ব।

লেখকে গ্ৰন্থখনিত কাশ্মীৰৰ সামাজিক, ৰাজনৈতিক, ধৰ্মীয় আৰু সাংস্কৃতিক পৰিবেশ(Historical Stories)ৰ সম্পৰ্কেও উপস্থাপন কৰিছে। গ্ৰন্থখনি পঢ়ি কাশ্মীৰৰ বিষয়ে বহু কথাই জানিব পাৰিলো।

হাতত বন্দুক লৈ দেশ ৰক্ষাৰ দায়িত্বত থাকিও তেখেতৰ কলমেৰে পাঠক সমাজলৈ এনে এখন গ্ৰন্থ আগবঢ়াই দিছে। পাঠক সমাজে গ্ৰন্থখনি(Educational Environment) পঢ়ি বহু কথাই জানিব পাৰিব। এনে এখন গ্ৰন্থ পাঠক লৈ আগবঢ়াই দিয়া বাবে লেখক ভাস্কৰজ্যোতি কুটূমক আন্তৰিক ধন্যবাদ জনাইছো লগতে তেখেতৰ কলমেৰে নিগৰি উঠক ন ন সৃষ্টি।


লেখকঃ পুষ্পা চেতিয়া

Youngest Pancreatic Donor: মৃত্যুৰ পিছতো ৪ জনক নতুন জীৱন দিলে এটি শিশুৱে

৪ জনক নতুন জীৱন দিলে এটি শিশুৱে
৪ জনক নতুন জীৱন দিলে এটি শিশুৱে

কেনিয়াৰ ২ বছৰীয়া এটি শিশুৰ মৃত্যুয়ে ভাৰতত ইতিহাসৰ সৃষ্টি কৰিছে। এই দুখৰ সময়ত তেওঁৰ পিতৃ-মাতৃয়ে এনে এটা সিদ্ধান্ত ল’লে যিয়ে মানুহৰ জীৱন ৰক্ষা কৰে।(Youngest Pancreatic Donor) 

অংগ দান মানুহৰ জীৱন ৰক্ষাৰ দিশত এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। কিছুমান মানুহে জীয়াই থকা অৱস্থাত অংগ দান কৰে, আনহাতে কোনোবাই মৃত্যুৰ পিছত এই উদাৰ কাম কৰে আৰু চিৰদিনৰ বাবে মানুহৰ অন্তৰত থাকে। কেতিয়াবা অংগদানৰ ক্ষেত্ৰতো বিশ্ব অভিলেখো গঢ়ে। ভাৰতৰ অন্যতম ধুনীয়া চহৰ চণ্ডীগড়তো এনেধৰণৰ এটা খবৰ পোহৰলৈ আহিছে, এই খবৰ এতিয়া সকলোৱে প্ৰশংসা কৰিছে।(Chandigarh)

চণ্ডীগড়ৰ পিজিআইএমইআৰ (PGIMER)হাস্পতালত ২ বছৰীয়া এটি মৃত শিশুৱে কৰিলে দান । শিশুটিৰ প্ৰকৃত নাম লুণ্ডা কায়ুম্বা। তেওঁৰ বাবেই দুজন কিডনী ফেইলাৰ ৰোগীয়ে নতুন জীৱন পালে।(Youngest Pancreatic Donor In India)

প্ৰস্পাৰ তথা লুণ্ডা কায়ুম্বাৰ পৰিয়ালে নিজৰ পুত্ৰৰ অংগ দান কৰাৰ নিস্বাৰ্থ সিদ্ধান্ত গ্ৰহণ কৰিছিল, যিয়ে আৰু দুজন মানুহক দৃষ্টিশক্তিৰ উপহাৰো দিছিল। এইদৰেই লুণ্ডা কায়ুম্বাৰ পৰিয়ালৰ উদাৰতাই ৪ জন লোকৰ জীৱনলৈ নতুন আশাৰ সঞ্চাৰ কৰিলে।(Lunda Kayumba)

নিজৰ যন্ত্ৰণাৰ মাজতে আনৰ জীৱনলৈ পোহৰ আনিবলৈ লুণ্ডা কায়ুম্বাৰৰ পৰিয়ালে এটা কঠিন, সাহসী সিদ্ধান্ত লৈছিল। ১৭ অক্টোবৰত প্ৰস্পাৰে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল আৰু লগে লগে তেওঁক পিজিআইএমইআৰলৈ অনা হয় যদিও ২৬ অক্টোবৰত শিশুটিক মৃত বুলি ঘোষণা কৰা হয়। গভীৰ দুখৰ মাজতো প্ৰস্পাৰৰ পৰিয়ালে তেওঁৰ অংগ দান কৰাৰ সিদ্ধান্ত লয়, যাৰ ফলত শিশুটি দেশৰ আটাইতকৈ কম বয়সীয়া অংগদান দাতা হিচাপে পৰিগণিত হয়।

মৃত শিশু প্ৰস্পাৰৰ মাতৃ জেকলিন ডায়েৰীয়ে কয় যে আমাৰ হৃদয় ভাঙি গৈছে, কিন্তু আমি সকাহ পাইছো যে আমাৰ পুত্ৰৰ অংগবোৰে আনক নতুন জীৱন দিব। এইদৰে আমি তেওঁৰ স্মৃতি জীয়াই ৰাখিব পাৰিম আৰু আনক সহায় কৰিব পাৰিম।(Jackline Diary)

MP Gaurav Gogoi: বিহালীত বিলাতী সুৰাৰ দোকান বন্ধ কৰি স্কুল খুলিব কংগ্ৰেছেঃ সাংসদ গৌৰৱ গগৈ

MP Gaurav Gogoi: বিহালীত বিলাতী সুৰাৰ দোকান বন্ধ কৰি স্কুল খুলিব কংগ্ৰেছেঃ সাংসদ গৌৰৱ গগৈ
MP Gaurav Gogoi: বিহালীত বিলাতী সুৰাৰ দোকান বন্ধ কৰি স্কুল খুলিব কংগ্ৰেছেঃ সাংসদ গৌৰৱ গগৈ

গুৱাহাটী, ৩০ অক্টোবৰঃ মন্ত্ৰী বিধায়কে ভৰি পৰিছে ৭৭নং বিহালী বিধান সভা সমষ্টিৰ(MP Gaurav Gogoi)। উল্লেখযোগ্য যে ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া উপ-নিৰ্বাচনকলৈ(Bihali By Election) ব্যস্ত ৰাজ্যৰ শাসক বিৰোধী ৰাজনীতি দল।

ইফালে মঙলবাৰে বিহালীত কংগ্ৰেছৰ জয় নিশ্চিত কৰাৰ লক্ষৰে বিৰোধী উপ দলপতি তথা যোৰহাট লোক সভাৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বিহালী সমষ্টিৰ বটিয়ামাৰী গাওঁ পঞ্চায়ত অন্তৰ্গত বৰাজুলিত ৰাজহুৱা ৰংঘ মঞ্চত এখনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে তীব্ৰ সমালোচনা কৰে বিজেপি দলক।

হাতী-মানুহৰ সংঘাত সৃষ্টিকাৰী বিজেপি চৰকাৰ

সাংসদ গৌৰৱ গগৈ বিজেপি দলক তীব্ৰ কটাক্ষ বিজেপি দলে চৰকাৰী বিদ্যালয় বন্ধ কৰি বিলাতী সুৰাৰ দোকান দিছে আমি এইবিলাতী দোকান বন্ধ কৰি চৰকাৰী স্কুল খুলিম বুলি উল্লেখ কৰে।

ইফালে এই সভাৰ পিছতে বিৰোধী(Opposition to the Ruling Political Party) উপ-দলপতিগৰাকীয়ে এক বৃহৎ ৰেলী জৰিয়তে অৰুণাচল সীমান্তৱৰ্তী অঞ্চল তথা বিহমাৰী ঠাণ্ডাপানীকে ধৰি কেইবাটাও অঞ্চলত মাৰাথান প্ৰচাৰ চলায় কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ(Political Policy)।

ইফালে সাংসদগৰাকীয়ে ভাষণত উল্লেখ কৰে অহা ২০২৬ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বেই বিহালীত উৎখাত হ’ব বিজেপি। বিহালী বিজেপি উৎখাতৰ কাৰণো উল্লেখ কৰিলে সাংসদগৰাকীয়ে।

সাংসদ গৰাকীয়ে উল্লেখ কৰে যে বিহালীত বিজেপিয়ে ৰাইজৰ কাম কৰাহেঁতেন আজি এই সাধাৰণ উপ-নিৰ্বাচনত অসমৰ বিজেপি বিধায়ক, মন্ত্ৰী, সাংসদকে ধৰি ৰথী মহাৰথীসকলক শাসকীয় দলটোৱে এনেদৰে নিৰ্বাচনী প্ৰচাৰত নমাব লগীয়া পৰাস্থিতি নহলহেঁতেন।

https://fb.watch/vxNfwKKkPy

যদি বিজেপি কাম কৰিলে হয় নিজেই বিহালী বাসী আগুৱাই গৈ বিজেপিত ভোট দিলে হয়। এই মন্ত্ৰী বিধায়কৰ আগমনে স্পষ্ট কৰে যে বিহালী বিজেপি দলে কোনো উন্নয়ন কৰা নাই যাৰ ফলত ঘৰে ঘৰে মন্ত্ৰী-বিধায়ক গৈ ভোট বিচৰিব লগা হৈছে।

লগতে সাংসদ গৰাকীয়ে উল্লেখ কৰে বিহালী মহিলা ভোটৰ সকল ভয় ভাবুকি দিছে চৰকাৰী আচঁনি কৰ্তন কৰাৰ কিন্তু এই চৰকাৰী আচঁনি কোনো বিজেপি দলৰ নহয় বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে।

ইফালে বিহালী সমষ্টিত দীৰ্ঘদিন ধৰি বনৰীয়া হাতী আৰু মানুহৰ সংঘাত(Elephant Human Conflict) যি সৃষ্টি হৈছে এয়া একমাত্ৰ বিজেপি চৰকাৰৰ বুলি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে সাংসদ গৰাকীয়ে। সাংসদগৰাকীয়ে উল্লেখ কৰে দিনক দিনে বনৰীয়া হাতী মানুহৰ সংঘাত অন্যতম কাৰণ বিজেপি চৰকাৰে পাহাৰত থকা গছ-গছনি কাটি ধংস মূলতে হাতী সমূহ সংঘাত সৃষ্টি হোৱা বুলি উল্লেখ কৰে।

উপ-নিৰ্বাচান শেষ হোৱা পিচতেই পুনৰ অসম সন্মিলিত মৰ্চাৰ নেতৃত্বত সৈতে আগন্তুক ২০২৬ চনৰ নিৰ্বাচনৰৰণ কৌশল প্ৰস্তুত কৰা হ’ব বুলি উল্লেখ কৰে।

আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে প্ৰাক্তন কংগ্ৰেছৰ সাংসদ ৰিপুন বৰা।

বৰাই সভাত অংশগ্ৰহণ কৰি এই দৰে কয় বৰ্তমান চৰকাৰৰ খনে এফালে দি আনফালে দি ৰাইজৰ পৰা লৈ গৈছে আজিকালি সাধাৰণ মানুহে ঘৰৰ ঘিউ, দৈ গাখীৰখিনি বিক্ৰী কৰিলেও বিজেপি চৰকাৰক টেক্স দিব লগা পৰিস্থিতি হৈছে।

কিন্তু চৰকাৰে ১২৫০ টকা অৰুণদোয় দি ১২৫০ গেছ চিলিণ্ডা মূল্য বৃদ্ধি কৰি সাধাৰণ জনতাক মাধমা দিছে বুলি উল্লেখ কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে।

Nature Lovers of The City: গুৱাহাটীত উৰণীয়া সেতু নিৰ্মাণৰ নামত গছ আৰু নাকাটিব

Nature Lovers of The City: গুৱাহাটীত উৰণীয়া সেতু নিৰ্মাণৰ নামত গছ আৰু নাকাটিব
Nature Lovers of The City: গুৱাহাটীত উৰণীয়া সেতু নিৰ্মাণৰ নামত গছ আৰু নাকাটিব

গুৱাহাটী, ৩০ অক্টোবৰঃ চৰকাৰে এপিনে অমৃত বৃক্ষ অভিযান অনুষ্ঠিত কৰিছে, আনপিনে উন্নয়নৰ দোহাই দি ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীৰ কাষৰ শ শ জোপা গছ কাটি পাবলৈ লৈছে।

এই কথাতে বিতুষ্ট হৈ পৰিছে মহানগৰীৰ প্ৰকৃতিপ্ৰেমী লোকসকল(Nature Lovers of The City)। নুনমাটি অঞ্চলৰ সৈতে সংযোগী উৰণীয়া সেতু নিৰ্মাণৰ ঠাই মুকলি কৰাৰ লক্ষ্যৰে দীঘলীপুখুৰীত(Dighalipukhuri) বৃহৎ পৰিসৰত গছ কটাৰ তীব্ৰ বিৰোধিতা(Protection of Nature) কৰিছে গুৱাহাটীবাসীয়ে।

গুৱাহাটী প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত ৰাজপথলৈ ওলাই আহিল জনতা, আইনী ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা

গুৱাহাটীবাসীয়ে চৰকাৰৰ এনেপদক্ষেপৰ বিৰুদ্ধে মঙলবাৰে ৰাজপথলৈ মাৰ বান্ধি ওলাই আহে। সেউজ পৰিৱেশৰ ক্ষতিসাধন কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীসকলে ইয়াৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে সতৰ্ক কৰি দিয়ে।

গছ কটাৰ সলনি কৰ্তৃপক্ষক বিকল্প সমাধান বিচাৰি উলিয়াবলৈও প্ৰতিবাদকাৰীসকলে দাবী জনায়(City Beautification)। বিক্ষোভত যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

প্ৰস্তাৱিত উৰণীয়া সেতুখনৰ বাবে চৰকাৰে প্ৰায় ৩০জোপা পুৰণি গছ কাটি পেলোৱাৰ পৰিকল্পনাই প্ৰকৃতিপ্ৰেমীসকলক উদ্বিগ্ন কৰি তোলা পৰিলক্ষিত হৈছে। ঐতিহাসিক দীঘলীপুখুৰীয়ে ঐতিহ্য(Damage to The Green Environment), পৰিৱেশ আৰু সাংস্কৃতিক আদি সকলো দিশতে তাৎপৰ্য বহন কৰি আহিছে।

বিশেষকৈ গৰমৰ দিনত ছাঁ দিয়াৰ বাবে ৰোপন কৰা গছবোৰ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে। সেই গছবোৰে বিৰল পৰিভ্ৰমী চৰাইৰো বাসস্থান হিচাপে কাম কৰি আহিছে।

ফলত সেই গছবোৰ কাটিলে অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহি পৰিব বুলি বহুতে মন্তব্য কৰিছে। প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি কয়, “পৰিৱেশ অবিহনে আমি কেনেকৈ জীয়াই থাকিম? চৰকাৰে জনসাধাৰণৰ কথা শুনিব লাগিব।”

এই বিষয়টোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ স্থানীয় লোকৰ স্বাক্ষৰৰ সৈতে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰাৰ পৰিকল্পনাৰ কথাও তেওঁ ঘোষণা কৰে। উল্লেখ্য গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিলৈ প্ৰায় ছয় কিলোমিটাৰ দীঘল উৰণীয়া সেতু নিৰ্মাণৰ কাম ইতিমধ্যে চলি আছে।

কিন্তু এতিয়া উৰণীয়া সেতুখনৰ নিৰ্মাণৰ নামত দীঘলীপুখুৰীৰ ঐতিহ্য আৰু নান্দনিকতাৰ ওপৰত ইয়াৰ কুপ্ৰভাৱৰ আশংকা কৰি প্ৰকৃতিপ্ৰেমী তথা অন্যান্য বহু লোক উদ্বিগ্ন হৈ পৰিছে। ২৮ অক্টোবৰত কৰ্তৃপক্ষই তয়বুল্লা পথৰ​কাষত আৰু সন্দিকৈ কন্যা মহাবিদ্যালয়ৰ সমীপৰ প্ৰায় ২৫জোপা গছ কটাৰ বাবে চিহ্নিত কৰিছিল।

সেই গঠসমূহৰ ভিতৰৰে বহু গছৰ বয়স ২০০ বছৰৰ ওপৰত হব বুলি ধাৰণা কৰা হৈছে। ইপিনে এক আৰ টি আইৰ উত্তৰত উত্তৰত গড়কাপ্টানী বিভাগৰ কাৰ্যবাহী অভিযন্তাই স্বীকাৰ কৰিছিল যে উৰণীয়া সেতু প্ৰকল্পটোৰ বাবে কোনো পৰিৱেশ প্ৰভাৱৰ মূল্যায়ন কৰা হোৱা নাছিল বা ৰাজহুৱা শুনানিও অনুষ্ঠিত কৰা হোৱা নাই।

এনে নকৰাত এতিয়া গুৱাহাটীৰ প্ৰকৃতিপ্ৰেমীসকল উদ্বিগ্ন হৈ পৰিছে। ইয়াৰ পূৰ্বে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও দীঘলীপুখুৰীত শতিকা প্ৰাচীন গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক আন্তঃগাঁথনি উন্নয়নতকৈ পৰিৱেশ সুৰক্ষাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছিল। এনে প্ৰতিবাদে চৰকাৰৰ গা লৰাব পাৰে নে নাই সেয়া সময়ত লক্ষ্যণীয় হ’ব।