Home Blog Page 516

MP Gaurav Gogoi: বিহালীত বিলাতী সুৰাৰ দোকান বন্ধ কৰি স্কুল খুলিব কংগ্ৰেছেঃ সাংসদ গৌৰৱ গগৈ

MP Gaurav Gogoi: বিহালীত বিলাতী সুৰাৰ দোকান বন্ধ কৰি স্কুল খুলিব কংগ্ৰেছেঃ সাংসদ গৌৰৱ গগৈ
MP Gaurav Gogoi: বিহালীত বিলাতী সুৰাৰ দোকান বন্ধ কৰি স্কুল খুলিব কংগ্ৰেছেঃ সাংসদ গৌৰৱ গগৈ

গুৱাহাটী, ৩০ অক্টোবৰঃ মন্ত্ৰী বিধায়কে ভৰি পৰিছে ৭৭নং বিহালী বিধান সভা সমষ্টিৰ(MP Gaurav Gogoi)। উল্লেখযোগ্য যে ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া উপ-নিৰ্বাচনকলৈ(Bihali By Election) ব্যস্ত ৰাজ্যৰ শাসক বিৰোধী ৰাজনীতি দল।

ইফালে মঙলবাৰে বিহালীত কংগ্ৰেছৰ জয় নিশ্চিত কৰাৰ লক্ষৰে বিৰোধী উপ দলপতি তথা যোৰহাট লোক সভাৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বিহালী সমষ্টিৰ বটিয়ামাৰী গাওঁ পঞ্চায়ত অন্তৰ্গত বৰাজুলিত ৰাজহুৱা ৰংঘ মঞ্চত এখনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে তীব্ৰ সমালোচনা কৰে বিজেপি দলক।

হাতী-মানুহৰ সংঘাত সৃষ্টিকাৰী বিজেপি চৰকাৰ

সাংসদ গৌৰৱ গগৈ বিজেপি দলক তীব্ৰ কটাক্ষ বিজেপি দলে চৰকাৰী বিদ্যালয় বন্ধ কৰি বিলাতী সুৰাৰ দোকান দিছে আমি এইবিলাতী দোকান বন্ধ কৰি চৰকাৰী স্কুল খুলিম বুলি উল্লেখ কৰে।

ইফালে এই সভাৰ পিছতে বিৰোধী(Opposition to the Ruling Political Party) উপ-দলপতিগৰাকীয়ে এক বৃহৎ ৰেলী জৰিয়তে অৰুণাচল সীমান্তৱৰ্তী অঞ্চল তথা বিহমাৰী ঠাণ্ডাপানীকে ধৰি কেইবাটাও অঞ্চলত মাৰাথান প্ৰচাৰ চলায় কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ(Political Policy)।

ইফালে সাংসদগৰাকীয়ে ভাষণত উল্লেখ কৰে অহা ২০২৬ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বেই বিহালীত উৎখাত হ’ব বিজেপি। বিহালী বিজেপি উৎখাতৰ কাৰণো উল্লেখ কৰিলে সাংসদগৰাকীয়ে।

সাংসদ গৰাকীয়ে উল্লেখ কৰে যে বিহালীত বিজেপিয়ে ৰাইজৰ কাম কৰাহেঁতেন আজি এই সাধাৰণ উপ-নিৰ্বাচনত অসমৰ বিজেপি বিধায়ক, মন্ত্ৰী, সাংসদকে ধৰি ৰথী মহাৰথীসকলক শাসকীয় দলটোৱে এনেদৰে নিৰ্বাচনী প্ৰচাৰত নমাব লগীয়া পৰাস্থিতি নহলহেঁতেন।

https://fb.watch/vxNfwKKkPy

যদি বিজেপি কাম কৰিলে হয় নিজেই বিহালী বাসী আগুৱাই গৈ বিজেপিত ভোট দিলে হয়। এই মন্ত্ৰী বিধায়কৰ আগমনে স্পষ্ট কৰে যে বিহালী বিজেপি দলে কোনো উন্নয়ন কৰা নাই যাৰ ফলত ঘৰে ঘৰে মন্ত্ৰী-বিধায়ক গৈ ভোট বিচৰিব লগা হৈছে।

লগতে সাংসদ গৰাকীয়ে উল্লেখ কৰে বিহালী মহিলা ভোটৰ সকল ভয় ভাবুকি দিছে চৰকাৰী আচঁনি কৰ্তন কৰাৰ কিন্তু এই চৰকাৰী আচঁনি কোনো বিজেপি দলৰ নহয় বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে।

ইফালে বিহালী সমষ্টিত দীৰ্ঘদিন ধৰি বনৰীয়া হাতী আৰু মানুহৰ সংঘাত(Elephant Human Conflict) যি সৃষ্টি হৈছে এয়া একমাত্ৰ বিজেপি চৰকাৰৰ বুলি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে সাংসদ গৰাকীয়ে। সাংসদগৰাকীয়ে উল্লেখ কৰে দিনক দিনে বনৰীয়া হাতী মানুহৰ সংঘাত অন্যতম কাৰণ বিজেপি চৰকাৰে পাহাৰত থকা গছ-গছনি কাটি ধংস মূলতে হাতী সমূহ সংঘাত সৃষ্টি হোৱা বুলি উল্লেখ কৰে।

উপ-নিৰ্বাচান শেষ হোৱা পিচতেই পুনৰ অসম সন্মিলিত মৰ্চাৰ নেতৃত্বত সৈতে আগন্তুক ২০২৬ চনৰ নিৰ্বাচনৰৰণ কৌশল প্ৰস্তুত কৰা হ’ব বুলি উল্লেখ কৰে।

আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে প্ৰাক্তন কংগ্ৰেছৰ সাংসদ ৰিপুন বৰা।

বৰাই সভাত অংশগ্ৰহণ কৰি এই দৰে কয় বৰ্তমান চৰকাৰৰ খনে এফালে দি আনফালে দি ৰাইজৰ পৰা লৈ গৈছে আজিকালি সাধাৰণ মানুহে ঘৰৰ ঘিউ, দৈ গাখীৰখিনি বিক্ৰী কৰিলেও বিজেপি চৰকাৰক টেক্স দিব লগা পৰিস্থিতি হৈছে।

কিন্তু চৰকাৰে ১২৫০ টকা অৰুণদোয় দি ১২৫০ গেছ চিলিণ্ডা মূল্য বৃদ্ধি কৰি সাধাৰণ জনতাক মাধমা দিছে বুলি উল্লেখ কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে।

Nature Lovers of The City: গুৱাহাটীত উৰণীয়া সেতু নিৰ্মাণৰ নামত গছ আৰু নাকাটিব

Nature Lovers of The City: গুৱাহাটীত উৰণীয়া সেতু নিৰ্মাণৰ নামত গছ আৰু নাকাটিব
Nature Lovers of The City: গুৱাহাটীত উৰণীয়া সেতু নিৰ্মাণৰ নামত গছ আৰু নাকাটিব

গুৱাহাটী, ৩০ অক্টোবৰঃ চৰকাৰে এপিনে অমৃত বৃক্ষ অভিযান অনুষ্ঠিত কৰিছে, আনপিনে উন্নয়নৰ দোহাই দি ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীৰ কাষৰ শ শ জোপা গছ কাটি পাবলৈ লৈছে।

এই কথাতে বিতুষ্ট হৈ পৰিছে মহানগৰীৰ প্ৰকৃতিপ্ৰেমী লোকসকল(Nature Lovers of The City)। নুনমাটি অঞ্চলৰ সৈতে সংযোগী উৰণীয়া সেতু নিৰ্মাণৰ ঠাই মুকলি কৰাৰ লক্ষ্যৰে দীঘলীপুখুৰীত(Dighalipukhuri) বৃহৎ পৰিসৰত গছ কটাৰ তীব্ৰ বিৰোধিতা(Protection of Nature) কৰিছে গুৱাহাটীবাসীয়ে।

গুৱাহাটী প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত ৰাজপথলৈ ওলাই আহিল জনতা, আইনী ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা

গুৱাহাটীবাসীয়ে চৰকাৰৰ এনেপদক্ষেপৰ বিৰুদ্ধে মঙলবাৰে ৰাজপথলৈ মাৰ বান্ধি ওলাই আহে। সেউজ পৰিৱেশৰ ক্ষতিসাধন কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীসকলে ইয়াৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে সতৰ্ক কৰি দিয়ে।

গছ কটাৰ সলনি কৰ্তৃপক্ষক বিকল্প সমাধান বিচাৰি উলিয়াবলৈও প্ৰতিবাদকাৰীসকলে দাবী জনায়(City Beautification)। বিক্ষোভত যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

প্ৰস্তাৱিত উৰণীয়া সেতুখনৰ বাবে চৰকাৰে প্ৰায় ৩০জোপা পুৰণি গছ কাটি পেলোৱাৰ পৰিকল্পনাই প্ৰকৃতিপ্ৰেমীসকলক উদ্বিগ্ন কৰি তোলা পৰিলক্ষিত হৈছে। ঐতিহাসিক দীঘলীপুখুৰীয়ে ঐতিহ্য(Damage to The Green Environment), পৰিৱেশ আৰু সাংস্কৃতিক আদি সকলো দিশতে তাৎপৰ্য বহন কৰি আহিছে।

বিশেষকৈ গৰমৰ দিনত ছাঁ দিয়াৰ বাবে ৰোপন কৰা গছবোৰ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে। সেই গছবোৰে বিৰল পৰিভ্ৰমী চৰাইৰো বাসস্থান হিচাপে কাম কৰি আহিছে।

ফলত সেই গছবোৰ কাটিলে অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহি পৰিব বুলি বহুতে মন্তব্য কৰিছে। প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি কয়, “পৰিৱেশ অবিহনে আমি কেনেকৈ জীয়াই থাকিম? চৰকাৰে জনসাধাৰণৰ কথা শুনিব লাগিব।”

এই বিষয়টোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ স্থানীয় লোকৰ স্বাক্ষৰৰ সৈতে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰাৰ পৰিকল্পনাৰ কথাও তেওঁ ঘোষণা কৰে। উল্লেখ্য গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিলৈ প্ৰায় ছয় কিলোমিটাৰ দীঘল উৰণীয়া সেতু নিৰ্মাণৰ কাম ইতিমধ্যে চলি আছে।

কিন্তু এতিয়া উৰণীয়া সেতুখনৰ নিৰ্মাণৰ নামত দীঘলীপুখুৰীৰ ঐতিহ্য আৰু নান্দনিকতাৰ ওপৰত ইয়াৰ কুপ্ৰভাৱৰ আশংকা কৰি প্ৰকৃতিপ্ৰেমী তথা অন্যান্য বহু লোক উদ্বিগ্ন হৈ পৰিছে। ২৮ অক্টোবৰত কৰ্তৃপক্ষই তয়বুল্লা পথৰ​কাষত আৰু সন্দিকৈ কন্যা মহাবিদ্যালয়ৰ সমীপৰ প্ৰায় ২৫জোপা গছ কটাৰ বাবে চিহ্নিত কৰিছিল।

সেই গঠসমূহৰ ভিতৰৰে বহু গছৰ বয়স ২০০ বছৰৰ ওপৰত হব বুলি ধাৰণা কৰা হৈছে। ইপিনে এক আৰ টি আইৰ উত্তৰত উত্তৰত গড়কাপ্টানী বিভাগৰ কাৰ্যবাহী অভিযন্তাই স্বীকাৰ কৰিছিল যে উৰণীয়া সেতু প্ৰকল্পটোৰ বাবে কোনো পৰিৱেশ প্ৰভাৱৰ মূল্যায়ন কৰা হোৱা নাছিল বা ৰাজহুৱা শুনানিও অনুষ্ঠিত কৰা হোৱা নাই।

এনে নকৰাত এতিয়া গুৱাহাটীৰ প্ৰকৃতিপ্ৰেমীসকল উদ্বিগ্ন হৈ পৰিছে। ইয়াৰ পূৰ্বে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও দীঘলীপুখুৰীত শতিকা প্ৰাচীন গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক আন্তঃগাঁথনি উন্নয়নতকৈ পৰিৱেশ সুৰক্ষাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছিল। এনে প্ৰতিবাদে চৰকাৰৰ গা লৰাব পাৰে নে নাই সেয়া সময়ত লক্ষ্যণীয় হ’ব।

Diwali 2024: দীপাৱলীৰ দিনা ভুলতেও নকৰিব এইসমূহ ভুল, দেৱী লক্ষ্মীৰ খং উঠিব

Diwali 2024: দীপাৱলী
Diwali 2024: দীপাৱলী

হিন্দুসকলৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ হ’ল দীপাৱলী উৎসৱ। বছৰৰ শেষৰ এই উৎসৱৰ বাবে অপেক্ষা কৰে সকলোৱে। চাকি-বন্তি, বিভিন্ন ৰঙৰ লাইটেৰে আলোকিত কৰি তোলে সকলো। এইবাৰ ৩১ অক্টোবৰত দীপাৱলী উৎসৱ পালন কৰা হ’ব।(Diwali 2024)দীপাৱলী উপলক্ষে মাতৃ লক্ষ্মী আৰু গণেশক পূজা কৰা হয়। দীপাৱলীৰ দিনা কিছু কথা মনত ৰখাটো অতি প্ৰয়োজনীয়। (Diwali 2024 do not make these mistakes)যদি এই নিয়মবোৰ মানি নচলে তেতিয়া দেৱী লক্ষ্মীৰ খং উঠিব পাৰে। দীপাৱলীৰ দিনা কি কৰিব আৰু কি নকৰিব জানো আহক-(Diwali Festivel)

দীপাৱলীত কি নকৰিব-

  • দীপাৱলীৰ দিনা ঘৰ খন পৰিষ্কাৰ কৰি ৰাখিব। লেতেৰা ঠাইত দেৱী লক্ষ্মীয়ে বাস নকৰে।(Maa Laxmi can get angry)
  • দীপাৱলী উপলক্ষে কাকো নিজৰ দুৱাৰমুখৰ পৰা খালী হাতেৰে ঘূৰাই নিদিব।
  • দীপাৱলীত জুৱা খেলিব নালাগে, মদ খাব নালাগে আৰু টেঙা খাদ্য খাব।
  • দীপাৱলীত কাৰো পৰা ঋণ ল’ব নালাগে।(Don’t borrow from anyone on Diwali)
  • দীপাৱলীৰ দিনা নখ নাকাটিব।
  • দীপাৱলীত কোনো নাৰীক অপমান নকৰিব।
  • এই দিনটোত কাৰো লগত কাজিয়া কৰিব নালাগে।

  • দীপাৱলীত কি কৰিব-
  • দীপাৱলী উপলক্ষে গোটেই ঘৰখন ভালদৰে পৰিষ্কাৰ কৰি চাকি-বন্তি আু ফুলেৰে সজাই তুলিব।
  • শুভ সময়ত দেৱী লক্ষ্মী আৰু গণেশ ভগৱানক পূজা কৰিব। সেই দিনটোত, ঘনিষ্ঠ, আত্মীয় আৰু পৰিয়ালৰ লোকক মিঠাই আৰু প্ৰসাদ বিতৰণ কৰাটো শুভ বুলি বিবেচিত হয়।
  • দীপাৱলী উপলক্ষে বেয়া অভ্যাস এৰি ভাল কাম আৰু অভ্যাস গ্ৰহণ কৰক।
  • দীপাৱলীত নিজৰ সামৰ্থ্য অনুযায়ী দান-বৰঙণি কৰক।(Donate on Diwali)

Atmanirbhar Assam Abhiyan scheme: নিয়ম ভাঙি চাকৰি দিয়াটো সহজ, কিন্তু স্বচ্চ-নিকা পৰীক্ষা অনুষ্ঠিত কৰি মেধাৰভিত্তিত চাকৰি দিয়াটো সহজ নহয়

Atmanirbhar Assam Abhiyan scheme: নিয়ম ভাঙি চাকৰি দিয়াটো সহজ, কিন্তু স্বচ্চ-নিকা পৰীক্ষা অনুষ্ঠিত কৰি মেধাৰভিত্তিত চাকৰি দিয়াটো সহজ নহয়
Atmanirbhar Assam Abhiyan scheme: নিয়ম ভাঙি চাকৰি দিয়াটো সহজ, কিন্তু স্বচ্চ-নিকা পৰীক্ষা অনুষ্ঠিত কৰি মেধাৰভিত্তিত চাকৰি দিয়াটো সহজ নহয়

গুৱাহাটী, ৩০ অক্টোবৰঃ নতুন প্ৰজন্মৰ মাজত আজি হতাশৰ পৰিৱৰ্তে আশাৰ ৰেঙনিয়ে দেখা দিছে। এটা ডাঙৰ পৰিৱেশ আজি আমাৰ চৰকাৰখনে সৃষ্টি কৰিলে।

আজি নতুন প্ৰজন্মৰ মনত এটা বিশ্বাস আহিছে যে মেধাৰ বলত চাকৰি লাভ কৰাটো সম্ভৱ(Atmanirbhar Assam Abhiyan scheme), পঢ়ি-শুনি চাকৰি লাভ কৰাটো সম্ভৱ। চাকৰিৰ বাবে এতিয়া কাকো ভৰসা কৰিব নালাগে।-এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ(Minister Jayanta Malla Baruah)।

মঙলবাৰে নলবাৰী জিলা পুথিভঁৰালত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ(New Generation) অসম অভিযান আঁচনিৰ বাছনিভুক্ত ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে।

আঁচনিত বাছনিভুক্ত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ৰাইজৰ ওচৰলৈ গৈছিল, তেতিয়া তেওঁ চৰকাৰ গঠন কৰিব পাৰিলে ১ লাখ যুৱক-যুৱতীক(New Generation Today) চৰকাৰী চাকৰি আৰু ২ লাখ যুৱক-যুৱতীক আত্মসংস্থাপন দিয়াৰ(Great Environment) প্ৰতিশ্ৰুতি দিছিল।

মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰে পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ নিকা-স্বচ্চ আৰু এক সুন্দৰ ব্যৱস্থাৰ যোগেদি প্ৰায় ডেৰ লাখ যুৱক-যুৱতীক চাকৰি প্ৰদান কৰিলে।

তেওঁ কয় যে লক্ষাধিক যুৱক-যুৱতীক যি চাকৰি প্ৰদান কৰা হ’ল, তাত কোনেও আঙুলি টোৱাই ক’ব পৰা নাই যে ক’ৰবাত দুৰ্নীতি হৈছে, ক’ৰবাত কেচ হৈছে, কোনোবাই অভিযোগ কৰিছে, তেনেকুৱা এটাও অভিযোগ উত্থাপন হোৱা নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে, ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমত কেনেদৰে ইমান নিকা-স্বচ্চ নিযুক্তি হ’ব পাৰে তাৰ ওপৰত প্ৰশিক্ষণ ল’বৰ বাবে বিষয়াসকল অসমলৈ আহিছে।

আমি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলো যে আজি নতুন প্ৰজন্মৰ মাজত হতাশৰ পৰিৱৰ্তে আশাৰ ৰেঙনিয়ে দেখা দিছে। এটা ডাঙৰ পৰিৱেশ আজি আমাৰ চৰকাৰখনে সৃষ্টি কৰিলে। আজি নতুন প্ৰজন্মৰ মনত এটা বিশ্বাস আহিছে যে মেধাৰ বলত চাকৰি লাভ কৰাটো সম্ভৱ, পঢ়ি-শুনি চাকৰি লাভ কৰাটো সম্ভৱ। চাকৰিৰ বাবে এতিয়া কাকো ভৰসা কৰিব নালাগে।

আজি গাঁৱত নিজৰ ওপৰত ভৰসা কৰি ল’ৰা-ছোৱালীয়ে শৰীৰ চৰ্চা কৰিছে, দৌৰিছে, অনুশীলন কৰিছে, পঢ়া-শুনা কৰিছে যাতে পুলিচৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে। মন্ত্ৰীগৰাকীয়ে অলপতে হৈ যোৱা অসম নিযুক্তি পৰীক্ষাৰ কথা উল্লেখ কৰি কয় যে একেলগে ১৩ৰ পৰা ১৭ লাখ মানুহে পৰীক্ষা দিয়া এনে ব্যৱস্থাত ক’তো অকণো বেমেজালি নোহোৱাকৈ আজি আমি নিযুক্তি পৰীক্ষাত অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছো।

আজি মানুহৰ মাজত সেই ধৰণৰ বিশ্বাস জন্মিছে। তেওঁ লগতে কয় যে এনেধৰণৰ সৰ্ববৃহৎ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ যাওঁতে ইণ্টাৰনেট বন্ধ কৰা বা কেতবোৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লগা হোৱাটো অতি স্বাভাৱিক। এনেধৰণৰ পৰীক্ষা পতাটো সহজ কথা নহয়, চৰকাৰখনে যথেষ্ট কষ্ট কৰিবলগীয়া হয়।

তেওঁ আৰু কয় যে নিয়ম ভাঙি চাকৰি দিয়াটো সহজ, কিন্তু স্বচ্চ-নিকা পৰীক্ষা অনুষ্ঠিত কৰি মেধাৰভিত্তিত চাকৰি দিয়াটো সহজ নহয়। মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি এই ব্যৱস্থা যে বহু প্ৰত্যাহ্বানমূলক সেই কথাও প্ৰকাশ কৰে। আনহাতে, ২৬’ৰ নিৰ্বাচনৰ পূৰ্বে অতি কমেও ডেৰ লাখ যুৱক-যুৱতীক সম্পূৰ্ণ মেধাৰভিত্তিত চাকৰি দিয়া হ’ব বুলি তেওঁ কয়।


অসমত বহু নিবনুৱা আছে আৰু সকলোকে চৰকাৰে চাকৰি দিব নোৱাৰে বা চাকৰি দিয়াটো সম্ভৱ নহয়। অৱশ্যে বাকী ৰাজ্যৰ তুলনাত চৰকাৰী চাকৰি লাভ কৰা লোকৰ সংখ্যাত অসমত আটাইতকৈ বেছি বুলি ভাষণত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

তেওঁ কয় যে নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ লগতে নিবনুৱা যুৱক-যুৱতীক আত্মসংস্থাপন দিয়াৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়তে এটা পৰিকল্পনা কৰিছিল।

সেই পৰিকল্পনাৰ অংশ আছিল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম। চৰকাৰী চাকৰিৰ ওপৰত ভৰসা নকৰি নতুন প্ৰজন্মক আত্মসংস্থাপনৰ বাট দেখুৱাই দিয়াটোৱে এই আঁচনিৰ মূল উদ্দেশ্য।

ভাষণত মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ বিষয়ে বিতং ব্যাখ্যা দাঙি ধৰাৰ লগতে এই আঁচনিত বাছনিভুক্ত লোকসকলৰ কৰণীয় কি হ’ব বা তেওঁলোকে কেনেদৰে কাম কৰিলে সফল হ’ব পাৰিব সেই বিষয়ে কেতবোৰ গঠনমূলক পৰামৰ্শও দাঙি ধৰে।

Dighalipukhuri Old Trees: গছ কটাৰ বিৰোধিতাৰ পিছতে বিকল্প চিন্তাৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গছ কটাৰ বিৰোধিতাৰ পিছতে বিকল্প চিন্তাৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
গছ কটাৰ বিৰোধিতাৰ পিছতে বিকল্প চিন্তাৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

দীঘলীপুখুৰী পাৰৰ গছ কটাৰ বিৰোধিতাৰে কৰা প্ৰতিবাদৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।(Dighalipukhuri Old Trees)

উৰণ সেতু নিৰ্মাণৰ নামত বিভিন্ন প্ৰান্তত চলিছে অবাধ ধ্বংসলীলা। উৰণ সেতু নিৰ্মাণৰ বাবে এতিয়া গুৱাহাটীৰ ঐতিহাসিক দীঘলীপুখুৰী পাৰৰ ২৮ জোপা গছ কাটি পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে।(Dighalipukhuri) এই গছ কেইজোপাতে লুকাই আছে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ সৌন্দৰ্য। চৰকাৰৰ তথা  লোক নিৰ্মাণ বিভাগৰ এনে হঠকাৰী সিদ্ধান্তত জাঙোৰ খাই উঠিছে সাধাৰণ ৰাইজ তথা দল-সংগঠন। আনহাতে সামাজিক মাধ্যমতো বিভিন্ন জনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।(Cm Himanta Hiswa Sarma)

গছ কটাক লৈ ২৯ অক্টোবৰতো দীঘলীপুখুৰীত বহুলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। আজিও প্ৰতিবাদ হৈছে দীঘলীপুখুৰীৰ পাৰত। নিশাও একাংশ সচেতন লোকে সাব্যস্ত কৰে প্ৰতিবাদ৷(Protest)

প্ৰতিবাদকাৰীৰ হুংকাৰ যে কোনো পধ্যেই এই গছ তেওঁলোকে কাটিবলৈ নিদিয়ে। এই গছ শ শ পক্ষীৰ আশ্ৰয়স্থল আৰু জিৰণি লোৱাৰ একমাত্ৰ স্থান। ইয়াৰোপৰি বহু মানুহৰ স্মৃতি জড়িত হৈ আছে এই গছসমূহৰ লগত। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই গছ কেইজোপা ৰক্ষা কৰিবলৈ কাতৰ আহ্বান জনাইছিল।

বিভিন্ন জনে সামাজিক মাধ্যমত গছ কটাৰ বিৰোধিতা কৰে। শিল্পী পাপনেও সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।(Papon)

    সামাজিক মাধ্যমত গছ কটাৰ বিৰোধীতাৰে জুবিনে ক’লে গছ নেকাটিব। নেপায়।(Zubeen Grag)

    সামাজিক মাধ্যমত দীঘলীপুখুৰীৰ পাৰৰ গছ কটাৰ বিৰোধীতাৰে কণ্ঠশিল্পী দিপলীনা ডেকাই ক’লে “সেঁতু নিৰ্মাণ কৰক, ধ্বংস নহয়- প্রাচীনগছবোৰ থাকক আমাৰ ভৱিষ্যতৰ মূল ৰূপে”(Deeplina Deka)

    দীঘলীপুখুৰীৰ পাৰৰ গছ কটাৰ বিৰোধীতাৰে গৰিমা শইকীয়া গাৰ্গে ক’লে যদি সঁচাকৈ গছ কটাৰ সিদ্ধান্ত সলনি কৰিছে তেন্তে সেয়া ভাল কথা। কিন্তু এনে নিকৃষ্ট কথাবোৰ ভাবে কোনে?এনেকুৱা পৰিস্থিতিবোৰৰ উদ্ভাৱন হয় কিয়?(Garima Saikia Garg)


    বিভিন্ন জনৰ বিভিন্ন মন্তব্যৰ মাজতে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ক’লে মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰোঁ যে চৰকাৰে আন্তঃগাঁথনি আগুৱাই নিয়াৰ সমান্তৰালকৈ আমাৰ চহৰৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ দিশতো আমি গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ। দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত আমি আন্তৰিকতাৰে অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত ৰখাৰ বাবে কাম কৰি আছোঁ৷ এটা বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক কেইদিনমান সময় দিবলৈ মই সকলো অংশীদাৰক আহ্বান জনাইছোঁ৷(Cm Himanta Hiswa Sarma assured to protect trees in the dighalipukhur)

    Salman Khan: ভাবুকিৰ মাজতে নতুন গাড়ী ক্ৰয় ছলমান খানৰ পিতৃ চেলিম খানৰ

    নতুন গাড়ী ক্ৰয় ছলমান খানৰ পিতৃ চেলিম খানৰ
    নতুন গাড়ী ক্ৰয় ছলমান খানৰ পিতৃ চেলিম খানৰ

    ইটোৰ পিছত সিটো মৃত্যুৰ ভাবুকি লাভ কৰিছে বলিউদৰ ভাইজান ছলমান খানে। ছলমান খানৰ মৃত্যুৰ ভাবুকিৰ মাজতে ছলমানৰ পিতৃয়েও মৃত্যুৰ ভাবুকি লাভ কৰে। মৃত্যুৰ ভাবুকিৰ মাজতে ধনতেৰছৰ দিনা ছলমান খানৰ পিতৃয়ে কিনিলে এখন বুলেট প্ৰুফ গাড়ী।(Salman Khan)এই গাড়ীখনৰ মূল্য ১.৩২ কোটি টকা। গাড়ীখন হৈছে মাৰ্চিডিজ বেঞ্জ জিএলএছ। বৰ্তমান এই গাড়ীখনেও বাতৰিৰ শিৰোনাম দখল কৰিছে কাৰণ ভাইজানক বিষ্ণুই দলৰ পৰা অহৰহ ভাবুকি আহি আছে। শেহতীয়াকৈ নয়ডাৰ এজন যুৱকে অভিনেতাগৰাকীক ভাবুকি দিছিল। বৰ্তমান আৰক্ষীয়ে এই বিষয়ত তদন্তত অব্যাহত ৰাখিছে।(Salim Khan)

    ভাবুকিৰ মাজতে কিনিলে গাড়ীখনঃ
    দীপাৱলী উপলক্ষে ধনতেৰছত এই গাড়ীখন ক্ৰয় কৰিছিল ছলমান খানৰ পিতৃ চেলিম খানে।(Dhanteras)বিশেষ কথাটো হ’ল চেলিম খানৰ মাত্ৰ কেইদিনমান আগতে ছলমানেও নিছানৰ এখন বুলেট প্ৰুফ গাড়ী কিনিছিল। যাৰ দাম প্ৰায় ২ কোটি টকা।(Salim Khan buys new car after amid death threat)

    আকৌ মৃত্যুৰ ভাবুকি লাভ কৰিলে
    এফালে বিষ্ণুই গেঙৰ পৰা ভাইজান জীৱনলৈ ভাবুকিৰ সন্মুখীন হোৱাৰ বিপৰীতে এতিয়া আৰু অধিক ভাবুকিৰ খবৰ আহিছে। (Lawrence Bishnoi)বাছলমান খানৰ বাহিৰেও বাবা ছিদ্দিকিৰ পুত্ৰ জীছান ছিদ্দিকীয়েও ভাবুকি লাভ কৰিছে। ভাবুকি দিয়া যুৱকজন নয়ডাৰ আৰু বয়স ২০ বছৰ। আৰক্ষীৰ মতে, ফোনযোগে এই ভাবুকি লাভ কৰিছিল। তেওঁ টকাও বিচাৰিছিল। অৱশ্যে এই ভাবুকিৰ সৈতে জড়িত এজনক নয়ডাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

    Jaya Kishori Responds to Criticism: মই এগৰাকী স্বাভাৱিক ছোৱালী, সাধু বা সাধ্বী নহয়

    Jaya Kishori Responds to Criticism Over Luxury Dior Bag
    Jaya Kishori Responds to Criticism: মই এগৰাকী স্বাভাৱিক ছোৱালী, সাধু, বা সাধ্বী নহয়

    দিল্লী, ৩০ অক্টোবৰঃ আধ্যাত্মিক প্ৰচাৰক, গায়িকা আৰু প্ৰেৰণাদায়ক বক্তা জয়া কিশোৰীয়ে ২ লাখ টকীয়া ডিঅ’ৰ হেণ্ডবেগ লৈ ফুৰাৰ বিষয়টোকলৈ বিতৰ্কৰ সৃষ্টি হৈছে(Renowned spiritual orator)। বহুতে এইবুলি প্ৰশ্ন কৰিছ- ঈশ্বৰৰ দূতে আকৈ ইমান দামী বেগ কিয় লব লাগে(Jaya Kishori Responds to Criticism)?

    বিভিন্ন জনৰ মাজত হোৱা সমালোচনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জয়া কিশোৰীয়ে(Spiritual speaker Jaya Kishori) স্পষ্ট কৰি দিছে যে তেওঁ কেতিয়াও লৌকিক সুখ ত্যাগ কৰাৰ কথা প্ৰচাৰ কৰা নাই।

    ২৯ বছৰীয়া শোৰীয়েসংবাদমাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দৃঢ়তাৰে কয় যে, “মই কোনো সাধু, বা সাধ্বী নহয়। মই এগৰাকী স্বাভাৱিক ছোৱালী।” তেওঁ এনে মন্তব্যৰ দ্বাৰা এই কথা স্পষ্ট কৰি দিয়ে যে তেওঁ লৌকিক সুখ ত্যাগ কৰিব নিবিচাৰে।

    যুৱক-যুৱতীসকলৰ মাজত জনপ্ৰিয় বক্তা কিশোৰীক কপাহ জন্তুৰ চামৰাৰ পৰা নিৰ্মিত ডাইঅ’ৰ বেগ লৈ থকা দেখা পোৱাৰ ফলত ছ’চিয়েল মিডিয়াত সমালোচনা হৈছিল(Luxury Dior bag)।

    কিশোৰীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ বেগটো “কাষ্টমাইজ” আৰু ইয়াত কোনো চামৰা নাছিল। তেওঁ কয় “বেগটো কাষ্টমাইজড বেগ। ইয়াত কোনো চামৰা নাই, আৰু কাষ্টমাইজড মানে আপোনাৰ ইচ্ছামতে বনাই দিব পৰা বেগ ।

    সেইবাবেই মোৰ নামো লিখা আছে। মই কেতিয়াও চামৰা ব্যৱহাৰ কৰা নাই, কেতিয়াও ব্যৱহাৰ নকৰো।”

    ভণ্ডামিৰ অভিযোগ উত্থাপন কৰা সমালোচকসকলকপ্ৰত্যুত্তৰ দি কিশোৰীয়ে নিজৰ জীৱনশৈলী আৰু দৰ্শনৰ বিষয়ে এনেদৰে কয় “মোৰ ‘কথা’লৈ অহা সকলে ভালকৈয়ে জানে যে মই কেতিয়াও সকলো ‘মোহ মায়া’ (ভ্ৰম) বুলি নকওঁ, টকা উপাৰ্জন নকৰিব বা সকলো ত্যাগ নকৰিব বুলিও মই নকওঁ(Financial independence)।

    মই একো ত্যাগ কৰা নাই, গতিকে আপোনালোকক কেনেকৈ ক’ম।” কিশোৰীয়ে যুৱক-যুৱতীসকলক কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু আৰ্থিক সফলতাক আকোৱালি ল’বলৈ উৎসাহিত কৰে।

    Ram Returns Home: ১৪ বছৰৰ পিছত নহয়, ৫০০ বছৰৰ পিছত ঘৰলৈ উভতি আহিছে ৰাম

    Ram Returns Home: ১৪ বছৰৰ পিছত নহয়, ৫০০ বছৰৰ পিছত ঘৰলৈ উভতি আহিছে ৰাম
    Ram Returns Home: ১৪ বছৰৰ পিছত নহয়, ৫০০ বছৰৰ পিছত ঘৰলৈ উভতি আহিছে ৰাম

    নতুন দিল্লী, ২৯ অক্টোবৰঃ দীপাৱলী সমাগত। সমগ্ৰ দেশৰ হিন্দুধৰ্মীলোকসকলে দীপাৱলীৰ বাবে প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দীপাৱলী উপলক্ষে অযোধ্যাত হাজাৰ হাজাৰ দিয়া জ্বলোৱাৰ অভিলেখ ভংগকাৰী প্ৰস্তুতিক প্ৰশংসা কৰে।

    উল্লেখযোগ্য যে ৰাম মন্দিৰ(Ram Returns Home) নিৰ্মাণৰ পিছত অযোধ্যাৰ বাবে এয়া প্ৰথম দীপাৱলী(Diwali)।

    প্ৰায় ১২,৮৫০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰি চৰকাৰৰ ফ্লেগশ্বিপ স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰতক ৭০ বছৰ আৰু তাৰ ওপৰৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ সম্প্ৰসাৰণ কৰাৰ পিছত ৰাইজৰ সৈতে হোৱা কথা-বতৰাত প্ৰধানমন্ত্ৰী মোদীয়ে(Prime Minister Narendra Modi) কয় -এই দীপাৱলী ঐতিহাসিক।

    প্ৰধানমন্ত্ৰীয়ে কয় যে এই দীপাৱলী ঐতিহাসিক(Historic) হ’ব, কাৰণ ১৪ বছৰৰ পিছত নহয় , ৫০০ বছৰৰ পিছত ঘৰলৈ উভতি আহিছে ৰাম। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই উপলক্ষে অযোধ্যাৰ ৰাম লাল্লাৰ জন্মস্থানত নিৰ্মিত মন্দিৰত হাজাৰ হাজাৰ দীপ জ্বলোৱা হ’ব।

    মোদীয়ে “এই দীপাৱলী ঐতিহাসিক, ৫০০ বছৰৰ(500 year) পিছত এনে এটা অনুষ্ঠান আহিছে যেতিয়া অযোধ্যাৰ ৰামলাল্লাৰ জন্মস্থানত নিৰ্মিত মন্দিৰত হাজাৰ হাজাৰ দীপ জ্বলোৱা হ’ব।

    ই এক আকৰ্ষণীয় উদযাপন হ’ব। এইবাৰ এনে এক দীপাৱালী হ’ব যি ৰামৰ বাবেই হ’ব। ৫০০ বছৰৰ পাছত এই অপেক্ষা পূৰণ হৈছে।’

    চলিত বৰ্ষৰ জানুৱাৰী মাহত অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লাল্লাৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছিল।

    প্ৰধানমন্ত্ৰী মোদীয়ে কয় “ধনতেৰাছ সৌভাগ্য আৰু স্বাস্থ্যৰ উদযাপনৰ দিন কেৱল নহয়, ই ভাৰতীয় সংস্কৃতিৰ জীৱন দৰ্শনৰ প্ৰতীক।

    আমাৰ ‘ঋষি’ সকলে কৈছে যে স্বাস্থ্যই হৈছে চূড়ান্ত সৌভাগ্য আৰু চূড়ান্ত সম্পদ।”

    Rozgar Mela in Shillong: শ্বিলঙৰ ৰোজগাৰ মেলাত প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ বিতৰণ কৰিলে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

    গুৱাহাটী, ২৯ অক্টোবৰঃ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শ্বিলঙত অনুষ্ঠিত ৰোজগাৰ মেলা ২০২৪ত অংশগ্ৰহণ কৰে(Rozgar Mela in Shillong) । সমাৱেশত ভাষণ প্ৰদান কৰি কেইবাহেজাৰ যুৱ প্ৰত্যাশীৰ বাবে নতুন আৰম্ভণি উদযাপন কৰে আৰু এক সমৃদ্ধ, স্বাৱলম্বিতাপূৰ্ণ ভাৰতৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে(government job distribution India)।

    মন্ত্ৰীগৰাকীয়ে কয়, “আজি কেৱল এটা অনুষ্ঠান নহয়, ই হৈছে আশা, নতুন আৰম্ভণি আৰু সীমাহীন সম্ভাৱনাৰ উৎসৱ। এই দিনটোত সপোনবোৰে উৰা মাৰিছে আৰু ইয়াৰ দ্বাৰা আমাৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যত আৰু অধিক উজ্জ্বল হৈ উঠিব।” ৰোজগাৰ মেলাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বক প্ৰতিফলিত কৰি আত্মনিৰ্ভৰ ভাৰতৰ বিকাশৰ যাত্ৰাত ইন্ধন যোগায় বুলি তেওঁ উল্লেখ কৰে।

    এই পদক্ষেপৰ অংশ হিচাপে দেশজুৰি ৫১,০০০ ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে, যাৰ ফলত যুৱকসকলক ভিন ভিন মন্ত্ৰালয়ৰ বিভাগত বিভিন্ন ভূমিকাত ৰখা হৈছিল। “উন্নত আৰু সমৃদ্ধ ভাৰতৰ দিশৰ আমাৰ যাত্ৰাত কাকো এৰি নোযোৱাটো নিশ্চিত কৰিবলৈ আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰীৰ এই প্ৰতিশ্ৰুতি” – মন্ত্ৰীগৰাকীয়ে কয়(Union MoS Pabitra Margherita)। মেঘালয়ত ২০৭ খন নিযুক্তিপত্ৰ প্ৰাৰ্থীসকলৰ মাজত বিতৰণ কৰা হৈছিল, যাৰ ভিতৰত ১৯১ খন ডাক বিভাগৰ, ১৫ খন ৰে’লৱেৰ আৰু এখন এন আই টি, মেঘালয়ৰ(Youth empowerment initiatives India)।

    শ্বিলঙত মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু অসমৰ সফল যুৱচামে এই মাইলৰ খুঁটি চিহ্নিত কৰিবলৈ একত্ৰিত হৈছিল, যাৰ দ্বাৰা ভাৰতৰ প্ৰতিটো কোণত উপনীত হোৱাৰ বাবে চৰকাৰৰ সমৰ্পণ প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ ভিতৰত আছে জীৱন্ত আৰু সম্পদসমৃদ্ধ উত্তৰ-পূব। যুৱসকলক তেওঁলোকৰ সেৱাত সমৰ্পণৰ বাবে অনুৰোধ জনাই মন্ত্ৰীগৰাকীয়ে কয়, “এই দিনটো পৰিসংখ্যাৰ বিষয়ে নহয়, ই আপোনাৰ বিষয়ে । আপোনালোক ভাৰতৰ প্ৰতি থকা আমাৰ চৰকাৰৰ দৃষ্টিভংগীৰ ৰাষ্ট্ৰদূত। আপোনালোকৰ অখণ্ডতা, নিষ্ঠা আৰু প্ৰতিশ্ৰুতি হৈছে আমাৰ দেশৰ বিকাশ তথা ই হ’ব আমাৰ মাতৃভূমি ভাৰতৰ বিকাশৰ ভেটি,” তেওঁ কয়।

    সকলো প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়াললৈ প্ৰেৰণ কৰা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীক দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰি আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কলে, “সকলোকে ভৱিষ্যত গঢ়ি তুলিবলৈ একেলগে কাম কৰিবলৈ উৎসাহিত কৰা, যি হৈছে সমৃদ্ধ, সামগ্ৰিক আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে সুযোগেৰে পৰিপূৰ্ণ।”

    এই কাৰ্যসূচীৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মাৰ্ঘেৰিটাই ৰোজগাৰ মেলাক ভাৰতৰ ৪০ টা বিভিন্ন স্থানত আয়োজিত এক অবিশ্বাস্য অনুষ্ঠান বুলি অভিহিত কৰে । “মই শ শ সফল যুৱক-যুৱতীক একত্ৰিত হোৱা দেখি গৌৰৱান্বিত, তেওঁলোক নতুন ভূমিকা গ্ৰহণ কৰিবলৈ আগ্ৰহী। চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতি প্ৰশংসা প্ৰকাশ কৰা প্ৰাৰ্থীসকলক প্ৰত্যক্ষ কৰি মোৰ মন আনন্দেৰে ভৰি পৰিছে”, তেওঁ লগতে কয়।

    তেওঁ লগতে কয়, “এই অনুষ্ঠানটো সঁচাকৈয়ে অভূতপূৰ্ব, আমাৰ সফল যুৱক-যুৱতীসকলক ৫১,০০০ তকৈও অধিক নিযুক্তিপত্ৰ বিতৰণ কৰা হৈছে। আমাৰ যুৱক-যুৱতীসকল আজি সন্মানীয় প্ৰধানমন্ত্ৰীৰ কথা শুনি ইমান ক্ষমতাশালী হৈ পৰিছে, কাৰণ প্ৰধানমন্ত্ৰীয়ে যুৱ আৰু অভিভাৱকসকলক সম্বোধন কৰি কৈছিল যে আমি সকলোৱে ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়াইছো। তেওঁ আমাৰ যুৱ আৰু চৰকাৰৰ অংশীদাৰসকলক বিকশিত ভাৰতৰ দিশত আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতিৰ বাবে প্ৰশংসা কৰিছে।”

    মন্ত্ৰীগৰাকীয়ে এই উল্লেখযোগ্য সাফল্যৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয়, “কেৱল এগৰাকী মন্ত্ৰী হিচাপে নহয়, ভাৰতৰ নাগৰিক হিচাপে আমি সমৃদ্ধিৰ পথত আগবাঢ়ি অহাৰ লগে লগে নতুন ভাৰতত এই অগ্ৰগতি প্ৰত্যক্ষ কৰি গৌৰৱান্বিত হৈছো।”

    ৰোজগাৰ মেলা ২০২৪ৰ সৈতে চৰকাৰে ভাৰতৰ যুৱসকলক দক্ষতা আৰু প্ৰশিক্ষণেৰে সমৰ্থন, নিৰ্দেশনা আৰু সজ্জিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰাৰ লগতে দেশক নিষ্ঠাৰে সেৱা কৰিবলৈ সাজু কৰ্মশক্তি গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰিছে(Atmanirbhar Bharat job opportunities)।

    ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাত ভাষণ দিয়ে আৰু চৰকাৰী বিভাগ তথা সংগঠনসমূহত নৱনিযুক্ত যুৱক-যুৱতীসকলক ৫১,০০০ তকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে।

    অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ধনতেৰাছ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। এই বছৰৰ দীপাৱলী বিশেষ হ’ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৫০০ বছৰৰ পাছত অযোধ্যাৰ সুন্দৰ মন্দিৰত ভগৱান শ্ৰী ৰামক স্থাপন কৰা হৈছে আৰু তাৰ পাছত এয়া হ’ব প্ৰথমটো দীপাৱলী। তেওঁ কয় যে কেইবাটাও প্ৰজন্মই এই দীপাৱলীৰ বাবে অপেক্ষা কৰিছে, আনহাতে বহুতে ইয়াৰ বাবে প্ৰাণ ত্যাগ কৰিছে বা প্ৰতিকূলতাৰ সন্মুখীন হৈছে।
    প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে বৰ্তমানৰ প্ৰজন্ম এনে উদযাপনৰ সাক্ষী হোৱাৰ বাবে অত্যন্ত সৌভাগ্যৱান। প্ৰধানমন্ত্ৰীয়ে কয় যে উৎসৱৰ পৰিবেশত ৫১,০০০ যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছে। তেওঁ নতুন নিযুক্তিপ্ৰাপকসকলক অভিনন্দন জনায় আৰু তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে।

    প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে লাখ লাখ যুৱক-যুৱতীক স্থায়ী চৰকাৰী চাকৰি প্ৰদান কৰাটো এক উত্তৰাধিকাৰী যি নিৰন্তৰভাৱে চলি আছে। তেওঁ যোগ দিছিল যে বিজেপি আৰু এন ডি এৰ মিত্ৰশক্তিৰ দ্বাৰা পৰিচালিত ৰাজ্যসমূহতো লাখ লাখ যুৱক-যুৱতীকক নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱপ্ৰজন্মই সৰ্বাধিক নিযুক্তি লাভ কৰিব লাগে বুলি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ বিষয়ে দোহাৰে।

    চৰকাৰৰ নীতি আৰু সিদ্ধান্তই চাকৰি সৃষ্টিৰ ক্ষেত্ৰত পোনপটীয়া প্ৰভাৱ পেলায় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সপ্ৰেছৱে, ঘাইপথ, পথ, ৰে’ল, বন্দৰ, বিমানবন্দৰ, ফাইবাৰ কেবল স্থাপন, মোবাইল টাৱাৰ স্থাপন আৰু দেশৰ সকলো প্ৰান্ততে নতুন উদ্যোগৰ সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰে।

    লগতে পঢ়ক: আঞ্চলিক স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে এইমছ গুৱাহাটীত অত্যাধুনিক স্বাস্থ্য সেৱা মুকলি

    AIIMS Guwahati Healthcare: আঞ্চলিক স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে এইমছ গুৱাহাটীত অত্যাধুনিক স্বাস্থ্য সেৱা মুকলি

    PM Modi Virtually Inaugurates Cutting-Edge Healthcare Facilities at AIIMS Guwahati
    AIIMS Guwahati Healthcare: আঞ্চলিক স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে এইমছ গুৱাহাটীত অত্যাধুনিক স্বাস্থ্য সেৱা মুকলি

    গুৱাহাটী, ২৯ অক্টোবৰঃ আজি এইমছ গুৱাহাটীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূব ভাৰতত স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ অৰ্থে একাধিক অত্যাধুনিক স্বাস্থ্যসেৱাৰ সুবিধা ভাৰ্ছুৱেলী উদ্বোধন কৰে(AIIMS Guwahati Healthcare)। অনুষ্ঠানটোত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংসদ, বিধান সভাৰ সদস্য, এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক অশোক পুৰাণিক, কেইবাগৰাকীও অনুষদ, জ্যেষ্ঠ চৰকাৰী বিষয়া আদি উপস্থিত থাকে।

    এইমছ গুৱাহাটীত আজি নতুনকৈ উদ্বোধন কৰা সুবিধাসমূহৰ ভিতৰত আছে অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী দ্ৰুতগতিত প্ৰদান কৰাৰ বাবে ড্ৰোন সেৱা, এটা আধুনিক প্ৰেক্ষাগৃহ আৰু উচ্চ-শক্তিৰ লিনিয়াৰ এক্সেলেৰেটৰ, এইচডিআৰ ব্ৰেকিথেৰাপী ইউনিট আৰু ৪ ডি-চিটি চিমুলেটৰেৰে সজ্জিত ৰেডিঅ’থেৰাপী ব্লক, যিবোৰে অঞ্চলটোত কৰ্কট ৰোগীৰ যত্ন লোৱাত বিপ্লৱৰ সূচনা কৰিব(Advanced Medical Facilities AIIMS)। এনে সুবিধাসমূহৰ লগতে এইমছ গুৱাহাটীয়ে জটিল স্বাস্থ্য প্ৰয়োজনীয়তা থকা ৰোগীসকলক চিকিৎসা প্ৰদান কৰাৰ ক্ষমতা সম্প্ৰসাৰিত কৰিব আৰু কৰ্কট ৰোগৰ চিকিৎসা প্ৰটোকলত উন্নত গৱেষণাৰ লগতে ভৱিষ্যতৰ বাবে ৰেডিয়েচন অংকলজিষ্ট আৰু চিকিৎসা পদাৰ্থবিজ্ঞানীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব(Cancer Treatment Northeast India)।

    ইয়াৰ উপৰি উন্নত ৰোগ নিৰ্ণয় আৰু চিকিৎসা সেৱা যেনে ৩টি স্কেনাৰৰ সৈতে মেগনেটিক ৰেজনেন্স ইমেজিং (এমআৰআই) গোট, বিপলেন ডিজি ছাবট্ৰেকছন এঞ্জিওগ্ৰাফী (DSA), কেথ লেব, আন্তৰ্জাতিক মানৰ ৰেডিঅ’লজীৰ সুবিধা আৰু নিউৰোভাস্কুলাৰ, হাড়ৰ স্বাস্থ্যৰ বাবে ডেক্সা স্কেনো আজি উদ্বোধন কৰা হয়(Assam Healthcare) । এইমছ গুৱাহাটীত নতুনকৈ স্থাপিত নিশাৰ আশ্ৰয়স্থলত ৰোগীৰ যত্নৰ বাবে দূৰনিৰ পৰা অহা ৰোগীসকলৰ পৰিয়ালৰ বাবে আশ্ৰয়স্থলৰো ব্যৱস্থা কৰা হৈছে। ফলত ৰোগীৰ সৈতে অহা পৰিয়ালৰ লোকৰ কষ্ট লাঘৱ হ’ব ।

    ভাৰতৰ চলিত স্বাস্থ্যসেৱাৰ উন্নতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইমছ গুৱাহাটীৰ সৈতে বিভিন্ন স্থানত উদ্বোধন কৰা এই নতুন সুবিধাসমূহ সুলভ, উচ্চ মানদৰ স্বাস্থ্যসেৱা, বিশেষকৈ সেৱা লাভৰ পৰা দূৰৈত থকা অঞ্চলসমূহৰ বাবে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে(PM Modi AIIMS Inauguration) । তেওঁ ভাৰতৰ স্বাস্থ্য নীতিৰ পাঁচটা স্তম্ভৰ বিষয়ে আলোকপাত কৰে – প্ৰতিৰোধমূলক যত্ন, আগতীয়া চিনাক্তকৰণ, সুলভ চিকিৎসা, সৰু চহৰসমূহত সম্প্ৰসাৰিত স্বাস্থ্যসেৱা আৰু প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰ।

    তেওঁ কয় “ভাৰতে স্বাস্থ্যৰ বিষয়টোত সামগ্ৰিকভাৱে দৃষ্টি ৰাখিছে”। তেওঁ কয় যে ৪ কোটিতকৈও অধিক নাগৰিকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা আয়ুষ্মান ভাৰত যোজনা আৰু ৭০ বছৰৰ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকৰ বাবে আয়ুষ্মান ভায়া বন্দনা কাৰ্ডৰ দৰে পদক্ষেপে সকলোৰে বাবে স্বাস্থ্যসেৱাৰ ব্যয় হ্ৰাস কৰিবলৈ চৰকাৰে স্থিৰ কৰা লক্ষ্যকে প্ৰতিফলিত কৰিছে।

    অনুষ্ঠানত অধ্যাপক পুৰাণিকে এইমছ গুৱাহাটীয়ে উত্তৰ-পূব ভাৰতলৈ উন্নত মানৰ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে আৰু অদূৰ ভৱিষ্যতে ট্ৰমা ইভেকুৱেচন চেণ্টাৰ, এটা শিশু বিকাশ গোট আৰু এটা ষ্ট্ৰোক কেন্দ্ৰ প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰে।

    এই অত্যাধুনিক সেৱাসমূহৰ সৈতে, এইমছ গুৱাহাটী অঞ্চলটোত স্বাস্থ্যসেৱাৰ বাবে এক মুখ্য গন্তব্য স্থান হিচাবে পৰিগণিত হৈছে। প্ৰতিষ্ঠানটো জনসাধাৰণৰ সেৱা কৰাৰ অৰ্থে প্ৰযুক্তিৰ সৈতে সহানুভূতিৰ মিশ্ৰণ ঘটাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ পৰিছে।