Home Blog Page 517

Village avoids diwali celebrations: এখন গাঁও য’ত দীপাৱলী উদযাপন কৰিলে হয় ঘৰত জুই লাগে, নতুবা গাঁওখনলৈ আহে অকালমৃত্যু!

why-himachal-pradesh-village-avoids-diwali-celebrations-due-to-ancient-curse
Village avoids diwali celebrations: এখন গাঁও য'ত দীপাৱলী উদযাপন কৰিলে হয় ঘৰত জুই লাগে, নতুবা গাঁওখনলৈ আহে অকালমৃত্যু!

নিউজ ডেস্ক, ২৯ অক্টোবৰ: সমগ্ৰ দেশজুৰি উলহ মালহেৰে উদযাপন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলী(Diwali celebrations) । কিন্তু ইয়াৰ বিপৰীতে হিমাচল প্ৰদেশৰ হামীৰপুৰ জিলাত এনে এখন গাঁও আছে য’ত দিপাৱলী উদযাপন কৰা নহয়(Village avoids diwali celebrations)। বহু দশক পূৰ্বৰে পৰাই গাওঁবাসীয়ে পাহৰি পেলাইছে দিপাৱলী উদযাপনৰ কথা । দিপাৱলী উদযাপন কৰাটো দূৰৰেই কথা, পোহৰৰ উৎসৱৰ এই দিনটোত গাঁওখনত কোনো খাদ্যও প্ৰস্তুত কৰা নহয় । ইয়াৰ কাৰণ গাঁওখনে বহু দশক পূৰ্বে লাভ কৰা এটা অভিশাপ।

এই গাওঁখন হৈছে হামীৰপুৰ জিলাৰ ভৰঞ্জ মহকুমাৰ অন্তৰ্গত ছাম্মু গাঁও(Himachal Pradesh village) । লোকসকলৰ বিশ্বাস, পূৰ্বতে দি থোৱা অভিশাপৰ বাবে গাঁওখনত দীপাৱলী পালন কৰা নহয় (ancient curse story)। যদি গাঁওখনৰ কোনো ব্যক্তিয়ে এনে কৰে তেন্তে গাওঁখনত দুৰ্যোগৰ সৃষ্টি হয় বা কোনো গাঁওবাসীয়ে অকাল মৃত্যুবৰণ কৰে। সেয়েহে এইবাৰো হামিৰপুৰ জিলা সদৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ছাম্মু গাঁৱত পূৰ্বৰ দৰে এইবাৰো নাই দীপাৱলী উপলক্ষ্যে হ’ব লগা আনন্দ উলাহ । বহু শতিকাৰ পূৰ্বৰে পৰাই গাঁওখনত দীপাৱলী উদযাপন পৰিহাৰ কৰি অহা হৈছে। অৱশ্যে দীপাৱলীৰ দিনা চাকি জ্বলোৱা হয়(Diwali traditions); কিন্তু গাঁওখনৰ কোনো এটা পৰিয়ালেও যদি ভুলবশতঃ আতচবাজী জ্বলাই বা ঘৰত খাদ্যও প্ৰস্তুত কৰে, তেন্তে গাঁওখলৈত দুৰ্যোগ অহাটো নিশ্চিত। এনে নহয় যে গাঁওবাসীয়ে এই অভিশাপৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰা নাই। গাঁওখনৰ লোকসকলে কেইবাবাৰো ইয়াৰ পৰা মুক্তি পাবৰ বাবে চেষ্টা কৰিলেও সকলো প্ৰচেষ্টা নিষ্ফল প্ৰমাণিত হৈছিল। এই অভিশাপটোক গাঁওবাসীয়ে ইমানেই ভয় কৰে যে, দীপাৱলীৰ দিনা ঘৰৰ পৰা ওলাই অহাটোও তেওঁলোকে উচিত বুলি নাভাবে।

অভিশাপৰ পৰা মুক্তি পাবলৈ গ্ৰহণ কৰা হৈছে বহু প্ৰচেষ্টা

ঠাকুৰ বিধি চন্দে নামৰ ৭০ উদ্ধৰ বৃদ্ধ লোকজনে কলে, শতিকা ধৰি গাঁওখনত দিপাৱলী উদযাপন কৰা হোৱা নাই। দিপাৱলী উদযাপন কৰিবলৈ চেষ্টা কৰিলেই গাঁওখনত কোনোবা লোকৰ অকালমৃত্যু ঘটে অথবা অন্য কোনো বিপদ আহে। গাঁওখনৰ আন এগৰাকীয়ে বহু আক্ষেপ প্ৰকাশ কৰি কয় যে, যেতিয়া দীপাৱলীৰ উৎসৱটি আহে, তেতিয়া তেওঁলোকৰ হৃদয়খন দুখেৰে কান্দি উঠে, কিয়নো অন্য ঠাইসমূহত সকলোৰে ঘৰসমূহত এক উৎসৱমূখৰ পৰিৱেশ দেখিবলৈ পোৱা যায়, কিন্তু তাৰ বিপৰীতে তেওঁলোকৰ গাঁৱখনত সেইদিনা কাৰো ঘৰতে দীপাৱলী উদযাপন কৰা দেখা নাযায়।

গাঁওখনৰ আন এজন ব্যক্তিয়ে ক’লে যে এই অভিশাপৰ পৰা গাঁওখনক মুক্ত কৰিবলৈ কেইবাবাৰো যজ্ঞ আদিৰোআয়োজন কৰা হৈছে যদিও সকলো বিফল হৈছে। তিনি বছৰ পূৰ্বে গাঁওখনত এখন ডাঙৰ যজ্ঞৰো আয়োজন কৰা হৈছিল। কিন্তু আজিলৈকে এই গাওঁখনে এই অভিশাপৰ পৰা মুক্তি লাভ কৰিব পৰা নাই।

পিছে কি আছিল এই অভিশাপ ?

আপোনালোকক জনাও যে, এই দীপাৱলীৰ দিনাই গাঁৱৰ এগৰাকী মহিলাই তেওঁৰ স্বামীৰ চিতাত নিজৰ সন্তানসহ সতি হৈছিল। এগৰাকী স্থানীয় বাসিন্দাই জানিবলৈা দিয়া অনুসৰি,, ‘মহিলাগৰাকীয়ে দীপাৱলী উদযাপনৰ বাবে মাকৰ ঘৰত যাবলৈ ওলাইছিল। কিন্তু মহিলাগৰাকয়ে গাঁৱৰ পৰা অলপ আগুৱাই যোৱাৰ সময়তেই তেওঁৰ স্বামীৰ মৃত্যুৰ খবৰ পায় যিজন ৰজাৰ সভাত সৈনিক হিচাপে নিযুক্ত আছিল । মহিলাগৰাকীয়ে সেই আঘাত সহ্য কৰিব নোৱাৰি তেওঁৰ স্বামীৰৰ চিতাত শিশুসহ সতি হৈছিল। লগতে গাঁৱখনক এই অভিশাপ দিছিল যে এই গাঁৱৰ লোকসকলে কেতিয়াও দীপাৱলীৰ উৎসৱ উদযাপন কৰিব নোৱাৰিব। সেই দিনৰ পৰা আজিলৈকে এই গাঁৱত দীপাৱলী উদযাপন কৰা নহয়। লোকসকলে কেৱল সতীৰ মূৰ্তিৰ পূজা কৰে। সেই দিনা যদিহে কোনোবাই দীপাৱলী উপলক্ষ্যে কোনো খাদ্যও বনাবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকৰো ক্ষতি হয় । কিছুবছৰ পূৰ্বে গাঁওখনৰে দুই-এটা পৰিয়ালে দীপাৱলী উদযাপন কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ মাজতে তেওঁলোকৰ ঘৰখনত জুই লগাৰ লগতে পৰিয়ালৰ কেইবাজনো সদস্য অসুস্থ হৈ পৰে আৰু পৰৱৰ্তী সময়ত মৃত্যুক আকোৱালি লয় । তাৰোপৰি পৰিয়ালকেইটাৰ বাকী সদস্যসকলেও গাঁও এৰি যাবলৈ বাধ্য হৈছিল।

Death threat to Salman Khan: ছলমান খানক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত নয়দাৰ পৰা গ্ৰেপ্তাৰ এজন যুৱক

Mumbai police arrest a man in Noida for issuing death threat to Salman Khan
Death threat to Salman Khan: ছলমান খানক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত নয়দাৰ পৰা গ্ৰেপ্তাৰ এজন যুৱক

নতুন দিল্লী, ২৯ অক্টোবৰ: মুম্বাইত বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছতে বলিউড অভিনেতা ছলমান খান আৰু এন চি পিৰ প্ৰয়াত নেতাগৰাকীৰ পুত্ৰ বিধায়ক জীছান ছিদ্দিকীয়ে অজ্ঞাত লোকৰ পৰা ধাৰাবাহিক হত্যাৰ ভাবুকি লাভ কৰি আহিছে(Death threat to Salman Khan)। এনে পৰিস্থিতিত মুম্বাই আৰু নয়দা আৰক্ষীয়ে যৌথ অভিযান চলাই নয়দাৰ পৰা এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত যুৱকজনৰ বয়স প্ৰায় ২৪ বছৰ বুলি উল্লেখ কৰা হৈছে । এই সন্দৰ্ভত নয়দা আৰক্ষীয়ে কোনো ধৰণৰ গ্ৰেপ্তাৰৰ তথ্য সদৰি কৰা নাই যদিও মুম্বাই আৰক্ষীয়ে নিশ্চিত কৰিছে যে ছলমান খানক ভাবুকি দিয়াৰ গোচৰৰ সন্দৰ্ভত নয়দাৰ পৰা এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

ছলমান খান আৰু জীশান ছিদ্দিকীক ফোনযোগে ভাবুকি দিয়া যুৱকজনক মুম্বাই আৰক্ষীয়ে নয়দাৰ পৰা গ্ৰেপ্তাৰ কৰে । নয়দাৰ ৩৯ নং ছেক্টৰ থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা অভিযুক্ত ২৪ বছৰীয়া যুৱকজন দিল্লীৰ বাসিন্দা মহম্মদ তায়াব বুলি জানিব পৰা গৈছে । যদিও মুম্বাই আৰক্ষীয়ে ছলমান আৰু জীছানক ভাবুকি দিয়াৰ অভিযোগত মহম্মদ টায়াবক নয়দাৰ পৰা গ্ৰেপ্তাৰ কৰিছে, কিন্তু এই সংক্ৰান্তত নয়ডা আৰক্ষীয়ে এতিয়ালৈকে কোনো কথা উল্লেখ কৰা নাই। তাৰোপৰি এনে কোনো গ্ৰেপ্তাৰৰ সন্দৰ্ভত কোনো বিষয়াৰ পৰাও কোনো সঁহাৰি পোৱা নাই।

সূত্ৰ অনুসৰি, ছলমান খান আৰু জীছান ছিদ্দিকীক ভাবুকি দিয়া অভিযুক্ত যুৱকজনক যোৱা দেওবাৰেই গ্ৰেপ্তাৰ কৰা হৈছে। সূত্ৰই জনোৱা অনুসৰি, শুকুৰবাৰে ছলমান আৰু জীছান খানে ভাবুকি লাভ কৰাৰ পাছতেই দেওবাৰে মুম্বাই আৰক্ষীয়ে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত যুৱকজনে কাঠমিস্ত্ৰীৰ কাম কৰে আৰু মূলতঃ বেৰেইলীৰ বাসিন্দা যদিও বৰ্তমান তেওঁ দিল্লীত বাস কৰি আছিল।

Arjun Kapoor: প্ৰথমবাৰৰ বাবে বিচ্ছেদৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ অৰ্জুন কাপুৰৰ, ক’লে – আই এম চিংগল

অৰ্জুন কাপুৰে ক'লে - আই এম চিংগল
অৰ্জুন কাপুৰে ক'লে - আই এম চিংগল

বলিউদৰ অভিনেত্ৰী মালাইকা অৰোৰা আৰু অভিনেতা অৰ্জুন কাপুৰৰ প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ হোৱা বুলি সামাজিক মাধ্যমত প্ৰায়ে চৰ্চা হৈছে। মালাইকা অৰোৰাৰ সৈতে চলি থকা ব্ৰেকআপৰ খবৰ চৰ্চাৰ পিছত অৰ্জুনে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।(Arjun Kapoor)তেওঁ স্বীকাৰ কৰে যে মালাইকাৰ সৈতে তেওঁৰ সম্পৰ্ক বিচ্ছেদ গৈছে। অৰ্জুন কাপুৰে কয় যে তেওঁ এতিয়া চিংগল।(Malaika Arora)কিছুদিনৰ পৰা উৰাবাতৰি ওলাই আছিল যে মালাইকা অৰোৰাৰ সৈতে তেওঁৰ সম্পৰ্ক বিচ্ছেদ হৈছে। এতিয়া প্ৰথমবাৰৰ বাবে অৰ্জুন কাপুৰে কয় যে তেওঁ চিংগল আছে। সোমবাৰে ৰাজ থাকৰেৰ দীপাৱলী পাৰ্টিত উপস্থিত হয় অৰ্জুন কাপুৰ। (Arjun kapoor says i am single)

দীপাৱলী পাৰ্টিৰ সময়ত অৰ্জুন কাপুক মলাইকা অৰোৰাক লৈ প্ৰশ্ন কৰিছিল। তেতিয়া অৰ্জুনে ক’লে, ‘নাই, মই এতিয়া অবিবাহিত। এতিয়া অভিনেতাগৰাকী অবিবাহিত হোৱাৰ কথা শুনি অনুৰাগীয়ে ছ’চিয়েল মিডিয়াতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে।(Arjun kapoor and Malaika Arora relationship)

ইয়াৰ পূৰ্বেএক প্ৰতিবেদনত কোৱা হৈছিল যে মলাইকা অৰোৰা আৰু অৰ্জুন কাপুৰৰ সম্পৰ্ক বিচ্ছেদ হৈছে। দুয়োজনে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে। দুয়োজনে বুজাবুজি মাজেৰে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে।(mutual decision of both)জনা যায় যে বিচ্ছেদ হোৱাৰ পিছতো যেতিয়া মলাইকাৰ দেউতাকৰ মৃত্যু হৈছিল তেতিয়া অৰ্জুন মালাইকা ঘৰত উপস্থিত হৈছিল।(breakup)

২০১৮ চনৰ পৰাই মলাইকা অৰোৰা আৰু অৰ্জুন কাপুৰৰ প্ৰেমৰ সম্পৰ্কত আছিল। দুয়োজনে বহুবাৰ ছ’চিয়েল মিডিয়াত ৰোমাণ্টিক ফটো শ্বেয়াৰ কৰিছিল।

আনহাতে বৰ্তমান সিংহামৰ বাবে শিৰোনামত আছে অৰ্জুন কাপুৰ। ৰোহিত শ্বেট্টী আৰু অজয় ​​দেৱগানৰ ছবিখনত অৰ্জুন কাপুৰে খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। এইবাৰ প্ৰথমবাৰৰ বাবে অৰ্জুন কাপুৰে পৰ্দাত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিব। এই ছবিখন ১ নৱেম্বৰত ছবিগৃহত মুক্তি পাব।

Bismoi: “বিস্ময়” সৃষ্টি কৰি গুচি গ’ল ‘বিস্ময় পুৰুষ’ শশী ফুকন

'বিস্ময়' সৃষ্টি কৰি গুচি গ'ল 'বিস্ময় পুৰুষ' শশী ফুকন
'বিস্ময়' সৃষ্টি কৰি গুচি গ'ল 'বিস্ময় পুৰুষ' শশী ফুকন

এটা সোণালী যুগৰ সমাপ্তি ঘটিল। অসমৰ চহকী সাহিত্যাকাশৰ এটি ভোটা তৰা যেন হঠাতে খহি পৰিল। ‘বিস্ময়’ৰ প্ৰাণপুৰুষ, অসমীয়া ভাষা-সাহিত্যৰ উজ্জ্বল জ্যোতিষ্ক, বিশিষ্ট সাহিত্যিক শশী ফুকন আৰু নাই। এটা সময় আছিল, যেতিয়া ফোন, ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ নাছিল।(Bismoi) সেই তেতিয়াই শশী ফুকনৰ সম্পাদনাত প্ৰকাশিত এখন আলোচনী অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ হাতে হাতে আছিল। আলোচনীখনে জন্মৰ পিছৰে পৰাই জনপ্ৰিয়তাৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছিল। আৰু সেইখন আলোচনীয়েই হ’ল ‘বিস্ময়’। যিখন আলোচনীয়ে অসমীয়া বিনোদন সাহিত্যৰ পৃথিৱীত খলকনি সৃষ্টিৰে এটা নতুন যুগৰ সৃষ্টি কৰিছিল। বিস্ময় বুলি ক’লেই প্ৰতিটো পৃষ্ঠা নপঢ়াকৈ কোনেও যেন এৰিবই পৰা নাছিল। কি নাছিল এই আলোচনীখনৰ পাতত। (Shashi Phukan)

গল্প, কবিতা, ৰস ৰচনা, ৰহস্য সাহিত্য, তত্ত্বগধূৰ প্ৰবন্ধ, যুৱ-প্ৰজন্মৰ বাবে উপযোগী লেখা সকলো আছিল এই আলোচনীখনত। বিশেষকৈ, বিস্ময়ৰ পাতত প্ৰকাশিত ‘পত্ৰবন্ধু’ শিতানটো প্ৰতিজন যুৱ-প্ৰজন্মৰ হিয়াৰ আমঠু। অকল যে যুৱ-প্ৰজন্মই এই শিতানটোৰ প্ৰতি আকৰ্ষিত হৈছিল এনে নহয়। সমাজৰ সকলো শ্ৰেণীৰ লোকৰে সমানে প্ৰিয় আছিল ‘পত্ৰবন্ধু’ শিতান। মোবাইল ফোনৰ জৰিয়তে আজিৰ প্ৰজন্মই যেনেদৰে নানান ঠাইৰ লোকৰ সৈতে ইজনে সিজনৰ সৈতে বন্ধুত্ব গঢ়িবলৈ সক্ষম হৈছে, ঠিক একেদৰে সেই সময়ত যদিও মোবাইল ফোনৰ ব্যৱহাৰ নাছিল তথাপি এই ‘বিস্ময়’ নামৰ আলোচনীখনত সন্নিৱিষ্ট ‘পত্ৰবন্ধু’ শিতানটোৰ জৰিয়তে বিভিন্ন ঠাইৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ অন্তৰংগ বন্ধুত্ব গঢ়ি তুলিছিল। বহু ক্ষেত্ৰত এনে বন্ধুত্বই কেতিয়াবা প্ৰেমলৈও পৰিণত হৈছিল আৰু পিছলৈ বিয়া পৰ্যন্ত হোৱাৰো উদাহৰণ বহুত আছে। এই শিতানটোৱেও বিস্ময়ৰ জনপ্ৰিয়তাত দুগুণ উৎসাহ বঢ়াইছিল পাঠক সমাজৰ মাজত।(Bismoi founding editor Shashi Phukan passes away)


১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰথম প্ৰকাশিত হৈছিল অসমীয়া আলোচনী ‘জোনাকী’। এই আলোচনীখন প্ৰকাশ হৈছিল কলিকতাৰ পৰা। আৰু এই আলোচনীখনৰ জৰিয়তেই প্ৰথমবাৰৰ বাবে পশ্চিমীয়া সাহিত্যৰ আৰ্হিৰে অসমীয়া সাহিত্যৰ বিভিন্ন দিশ সংযোজন ঘটে আৰু অসমীয়া সাহিত্য ক্ষেত্ৰখন সমৃদ্ধিশালী হৈ উঠে। অসমীয়া ভাষা-সাহিত্যৰ বিকাশত ‘জোনাকী’ কাকতখনৰ অৱদান অনস্বীকাৰ্য। জোনাকী কাকতৰ পাততেই প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাৰ জন্ম হৈছিল। সেই কবিতাটো আছিল চন্দ্ৰ কুমাৰ আগৰৱালাৰ ‘বনকুঁৱৰী’। আনহাতে, এই জোনাকীৰ পাততে প্ৰকাশ হৈছিল অসমীয়া প্ৰথম ‘চনেট’ কবিতা। কবিতাটো হৈছে হেমচন্দ্ৰ গোস্বামী ৰচিত চনেট ‘প্ৰিয়তমাৰ চিঠি’। যিটো কবিতাই আজিও প্ৰতিগৰাকী অসমীয়াৰ মাজত সমাদ্ৰিত হৈ আছে। জোনাকী কাকতে সেই তেতিয়াই আলোচনীৰ যি ধাৰা বোৱাই থৈ গ’ল সেই ধাৰা আজিও বৈ আছে অসমৰ প্ৰতিটো চুকে-কোণে। জোনাকী কাকতৰ মাধ্যমেৰে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম সাহিত্যৰ সৃষ্টি কৰে ‘কৃপাবৰ বৰুৱাৰ কাকতৰ তোপোলা’ৰ মাধ্যমেৰে। এই সমষ্ট শিতানৰ মাজেৰে সেই সময়তে আমাৰ অসমীয়া ভাষা-সাহিত্যলৈ যি বৰঙণি আগবঢ়াই গ’ল সেই অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলে সেই ধাৰাই আজি অসমীয়া জাতিৰ শিপা নিকপকপীয়াকৈ ধৰি ৰাখিবলৈ সক্ষম হৈছে আৰু যুগ-যুগান্তৰলৈ অলপো হাউলি নপৰাকৈ ধৰি ৰাখিব। এখন আলোচনীয়েই এটা জাতিক সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হয়। একোখন আলোচনীয়েই হ’ল এটা জাতিৰ দাপোণস্বৰূপ। একোখন কাকত-আলোচনীৰ পৰাই প্ৰমাণ কৰিব পাৰি সেই জাতিটো কিমান সংস্কৃতিৱান অথবা চহকী। ভাষাটোৰ শিপা কিমান শক্তিশালী।(Monthly magazine Bismoi)

গতিকে এই কাকত-আলোচনী আৰু সেই সময়ৰ ভাষা-সাহিত্যৰ কাণ্ডাৰীসকলৰ প্ৰচেষ্টাতে আজিৰ অসমীয়া ভাষা-সাহিত্যই বিশ্বৰ বুকুত উচ্চ শিৰে জিলিকি আছে। সেই সময়ত এই ভাষা-সাহিত্যৰ কাণ্ডাৰীসকলৰ বলিষ্ঠ পদক্ষেপ আৰু উদাত্ত কণ্ঠ নোহোৱা হ’লে কেতিয়াবাই অসমীয়া ভাষা বিলুপ্ত হৈ গ’লহেঁতেন। গৈছিলেই। ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ আমাৰ চিৰ চেনেহী অসমীয়া ভাষাটো অসমৰ বিদ্যালয়-মহাবিদ্যালয়, কাৰ্যালয়-আদালত আদিৰ পৰা উঠাই দিয়া হৈছিল সেই সময়ত অসমত কাম কৰি থকা বাঙালী আমোলা-বিষয়াসকলৰ প্ৰৰোচনাত পৰি ব্ৰিটিছসকলে। তেতিয়াৰ সময়খিনিত যদি আমাৰ সাহিত্যৰ কাণ্ডাৰী চন্দ্ৰ কুমাৰ আগৰৱালা, আনন্দ চন্দ্ৰ আগৰৱালা, চন্দ্ৰ কুমাৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, জ্ঞানদাভিৰাম বৰুৱা আদি লোকসকলে ভাষা ৰক্ষাৰ ক্ষেত্ৰত গুৰিব’ঠা নধৰিলেহেঁতেন হয়তো সেই সময়তে অসমীয়া ভাষাৰ মৃত্যু হ’লহেঁতেন। সেই সময়ত ‘বাঁহী’, ‘জোনাকী’ আদি কাকতেও অসমীয়া ভাষা প্ৰতিষ্ঠা কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ লগে লগে খ্ৰীষ্টান মিছনেৰীসকলৰো অসমীয়া ভাষা-সাহিত্য ৰক্ষাৰ ক্ষেত্ৰত অৱদান অনস্বীকাৰ্য। তেওঁলোকে যদিও মুখ্যতঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবেহে আহিছিল তথাপি তেওঁলোকৰে একাংশ শুভ চিন্তকে ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰথমবাৰৰ বাবে ‘অৰুণোদয়’ নামেৰে এখন কাকত প্ৰকাশ কৰি উলিয়ায়। এই কাকতখন, যিখন কাকত বা আলোচনী অসমীয়া ভাষাৰ প্ৰথম ‘সংবাদ পত্ৰ’ হিচাপে প্ৰকাশ পায়। য’ত হেৰাই যাব ধৰা অসমীয়া ভাষাটো উদ্ধাৰৰ ক্ষেত্ৰত আৱদান আছিল অতুলনীয়। এইখন অৰুণোদয় কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকগৰাকী আছিল নাথান ব্ৰাউন। অৰুণোদয়ৰ জৰিয়তেই অসমীয়া ভাষাই নতুন ৰূপ পাবলৈ সক্ষম হৈছিল। ১৮৪৬ চনৰ পৰা ১৮৮৮ এই সময়ছোৱা ‘অৰুণোদয় যুগ’ বুলি কোৱা হয়। লগতে, এই আলোচনীখনৰ পাততে কেইবাজনো লেখকৰো জন্ম হৈছিল। এই সময়ত খ্ৰীষ্টিয়ান লেখকসকলৰ উপৰি আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত আদি অখ্ৰীষ্টিয়ান লেখকসকলে অসমীয়া ভাষা-সাহিত্যক এক নতুন আলোকময় পথৰ সন্ধান দিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।(Bismoi launched in 1968)


ইয়াৰ পৰৱৰ্তী সময়ত ‘প্ৰকাশ’, ‘প্ৰান্তিক’, ‘গৰীয়সী’ আদি আলোচনীয়েও অসমীয়া ভাষা-সাহিত্যৰ অনেক অৱদান আগবঢ়াই আহিছে। এই আলোচনীসমূহৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণ ঘটোৱাৰ লগে লগে বহুতো অসমীয়া লেখক-লেখিকাৰ জন্ম হ’ল। কাৰণ এই কাকত-আলোচনীসমূহৰ জৰিয়তে লিখাৰ বাবে সুযোগ লাভ কৰিছে। যিটো আমাৰ অসমীয়াৰ বাবে অতিকে গৌৰৱৰ বিষয়। তদুপৰি বৰ্তমান অসমত কেইবাখনো দৈনিক বাতৰি কাকত প্ৰকাশ হৈ আছে। তাৰ ভিতৰত– ‘দৈনিক অসম’, ‘দৈনন্দিন বাৰ্তা’, ‘আমাৰ অসম’, ‘নিয়মীয়া বাৰ্তা’, ‘অগ্ৰদূত’ আদি কাকতে অসমীয়া- ভাষা-সাহিত্যৰ ক্ষেত্ৰখনত অনবদ্য বৰঙণি যোগাই আহিছে। লগে লগে সৃষ্টি হৈছে অসমীয়া লেখক-লেখিকাৰ।
বিস্ময়ৰ প্ৰসংগতে উল্লিখিত প্ৰসংগ উনুকিয়াব লগা হ’ল। বিস্ময় মানেই যেন শশী ফুকন। যিজনে ‘বিস্ময়’ আলোচনীখন জানে সেইজনে সম্পাদকগৰাকীৰো নামটো ভালকৈয়ে জানে। বহুত আলোচনীয়ে হয়তো বহুতে পঢ়িছে, কিন্তু আলোচনীখনৰ নামটো নাপাহৰিলেও আলোচনীখনৰ সম্পাদকগৰাকীৰ নামটো কিন্তু তেওঁ মনত নাই। শশী ফুকন এনে এজন ব্যক্তি যিজনৰ ‘বিস্ময়’ নামটোৰ লগে লগে শশী ফুকনৰ নামটো একেলগে উচ্চাৰিত হ’বই। এয়াও হয়তো শশী ফুকনৰ অন্য এক আকৰ্ষণ। প্ৰচাৰবিমুখ এই মহান ব্যক্তিগৰাকী সম্পাদক হ’ব লাগে কাৰণেই সম্পাদক হোৱা নাছিল। তেওঁৰ এজন সফল সম্পাদক হোৱাৰ এশ শতাংশই গুণ আছিল। এখন আলোচনী সম্পাদন কৰোতে কি কি সমলৰ দৰকাৰ এইগৰাকী সম্পাদকে খুব নিখুঁতভাৱে জানিছিল। আৰু এইখিনি মহান গুণৰ অধিকাৰী হোৱাৰ বাবেই হয়তো ৪০ বছৰ কাল একেৰাহে আলোচনীখন একে জনপ্ৰিয়তাৰে পাঠক সমাজে আঁকোৱালি ধৰি ৰাখিছিল। সাহিত্যৰ সকলোবোৰ দিশ তথা সকলোখিনি গুণ আছিল ‘বিস্ময়’ আলোচনীখনৰ মাজত। এখন আলোচনী সুদীৰ্ঘ দিন একে জনপ্ৰিয়তাৰে পাঠক সমাজৰ মাজত প্ৰচলিত আলোচনী সম্ভৱ এইখনেই হ’ব। ‘বিস্ময়ে’ সেয়ে আজিও ‘বিস্ময়’ সৃষ্টি কৰি আছে পাঠকৰ মাজত। এইসকল অসমীয়া ভাষা-সাহিত্যৰ পূজাৰীৰ অশেষ চেষ্টা আৰু সাধনা, একাগ্ৰতা, জাতি-ভাষা-সাহিত্যৰ প্ৰতি থকা নিৰ্ভেজাৰ স্বাৰ্থৰ বাবেই হয়তো অসমীয়া ভাষাই আজি ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাবলৈ সক্ষম হ’ল। এইগৰাকী নীৰৱ সাহিত্য সাধকে হঠাতে ২৫ অক্টোবৰৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৭৮ বছৰ বয়সত পৰলোকলৈ গমন কৰে। পাঁচ দশক ধৰি যুৱ-প্ৰজন্মক লগতে অসমীয়া জাতিক আলোড়িত কৰি ৰখা ‘বিস্ময়-ব্যক্তি’গৰাকীয়ে অসমৰ সাহিত্যাকাশ সুদা কৰি সকলোকে শোক সাগৰত এৰি গুচি গ’ল নীৰৱে-নিৰলে। অসমীয়া সাহিত্য জগতত বহু লেখক-সাহিত্যিক সৃষ্টিকাৰী আছিল এইগৰাকী মহান ব্যক্তি। ১৯৬৯ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা ‘বিস্ময়’ আলোচনীখনে অসমীয়া সাহিত্য জগতত এক অনন্য ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। বিস্ময়ৰ উপৰি শশী ফুকনৰ উদ্যোগতে আন দুখন আলোচনী ‘ৰংঘৰ’ আৰু ‘প্ৰিয় সখী’ প্ৰকাশ পাইছিল। উল্লেখ্য যে এই বিস্ময়ক সাৰথি কৰিয়েই পৰৱৰ্তী সময়ত আন কেইবাখনো বিনোদনধৰ্মী আলোচনী প্ৰকাশ পাইছিল।

বিস্ময়ে ৰাজ্যখনৰ প্ৰতিখন ঠাই, প্ৰতিটো অঞ্চলতে হাজাৰ হাজাৰ পঢ়ুৱৈৰ সৃষ্টি কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ বিভিন্ন কাৰণত ‘বিস্ময়’ আলোচনীখন প্ৰায় দুবছৰমান বন্ধ হৈছিল যদিও সুখৰ খবৰ যে যোৱা পূজাৰ সময়ত আলোচনীখনে পুনৰ পাঠক সমাজৰ মাজলৈ ওলাই আহিছিল। এই ধাৰা পুনৰ অব্যাহত থাকক তাকেই আজিৰ সময়ত আমি আশা কৰিম। শশী ফুকনৰ জন্ম হৈছিল বিশ্বনাথ চাৰিআলিত। তেওঁ এগৰাকী দক্ষ, বিচক্ষণ আৰু এগৰাকী ৰুচিপূৰ্ণ সম্পাদকেই নাছিল। তেওঁ আছিল প্ৰতিজন পাঠকৰ মন বুজি পোৱা অসাধাৰণ ব্যক্তি আৰু তেওঁ পাঠকে এখন আলোচনী বা কাকতৰ পৰা কি বিচাৰে তাক খুব ভালদৰে জানিছিল, বুজিছিল। সেয়ে হয়তো বঁটা-বাহনে এইগৰাকী ভাষা-সাহিত্যৰ পূজাৰীক ঢুকি নাপালেও প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত থিতাপি ল’বলৈ সক্ষম হৈছিল। জয় কৰিব পাৰিছিল সকলোৰে অন্তৰ। আৰু সেয়া ‘বিস্ময়ে’ই প্ৰমাণ। আজি এইগৰাকী সাহিত্যৰ পূজাৰীৰ বিয়োগত মৰ্মাহত অসমীয়া। শশী ফুকনৰ বিদেহ আত্মাই সৰগত বাস কৰক আজি তাকেই প্ৰাৰ্থনা জনালোঁ। আমি অসমীয়া হিচাপে সদায় কৃতজ্ঞ হৈ থাকিম এইগৰাকী পুৰোধা ব্যক্তিৰ ওচৰত। অসমীয়া ভাষা-সাহিত্য যিদিনালৈ জীয়াই থাকিব সেইদিনালৈ জীয়াই থাকি ‘বিস্ময় পুৰুষ’ শশী ফুকন।

Amitabh Bachchan on Ratan Tata: অমিতাভ, মোক অলপ টকা ধাৰলৈ দিব পাৰিবানে? কিয় ৰতন টাটাই ধন ধাৰলৈ বিচাৰিছিল মেগাষ্টাৰৰ পৰা

Ratan Tata Amitabh Bachchan: অমিতাভ, মোক অলপ টকা ধাৰলৈ দিব পাৰিবানে
Amitabh Bachchan on Ratan Tata: অমিতাভ, মোক অলপ টকা ধাৰলৈ দিব পাৰিবানে? কিয় ৰতন টাটাই ধন ধাৰলৈ বিচাৰিছিল মেগাষ্টাৰৰ পৰা

ৰতন টাটাই এসময়ত ধন ধাৰে লৈছিল মেগাষ্টাৰ অমিতাভ বচ্চনৰ পৰা! যদিও এই কথাষাৰ শুনিবলৈ অবিশ্বাস্য কিন্তু এয়াই সত্য । এই কাহিনীটো ৰিয়েলিটি শ্ব’ কৌন বনেগা কৰোৰপতিত মেগাষ্টাৰ অমিতাভ বচ্চনে নিজমুখেৰে কৰিলে বৰ্ণনা। বলিউড অভিনেতাগৰাকীয়ে বিশিষ্ট উদ্যোগপতি সদ্যপ্ৰয়াত ৰতন টাটাক প্ৰশংসা কৰি অনুষ্ঠানটোত কৈ গ’ল বহু কথা ।(Amitabh Bachchan on Ratan Tata)

উল্লেখ্য যে, উদ্যোগপতি ৰতন টাটাই ৮৬ বছৰ বয়সত ত্যাগ কৰে শেষ নিঃশ্বাস । ২০২৪ চনৰ ৯ অক্টোবৰত তেওঁৰ মৃত্যু হয়। ৰতন টাটাৰ মৃত্যুত দেশবাসীৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকসকলে শোক প্ৰকাশ কৰইল । শোক প্ৰকাশ কৰিছিল ভাৰতৰ চলচিত্ৰ জগতখনৰ লগত জড়িত প্ৰতিগৰাকী তাৰকাইও। শেহতীয়াকৈ মেগাষ্টাৰ অমিতাভ বচ্চনে পুনৰ এবাৰ স্মৰণ কৰিলে বিশিষ্ট উদ্যোগপতি ৰতন টাটাক। জনপ্ৰিয় অনুষ্ঠান ‘কৌন বনেগা কৰোৰপতি’ ত উদ্যোগপতিগৰাকীক স্মৰণ কৰি এসময়ত অভিনেতাগৰাকীৰ পৰা ৰতন টাটাই কিয় আৰু কেনেকৈ ধন ধাৰে ল’ব লগা হৈছিল সেই কাহিনী বৰ্ণনা কৰে।(Ratan Tata borrowed money from Amitabh Bachchan)

‘কৌন বনেগা কৰোৰপতি’ চমকৈ কেবিচিৰ শেহতীয়া এটা খণ্ডত দেখিবলৈ পোৱা যাব ফাৰাহ খান আৰু বোমন ইৰাণীক। এই খণ্ডতে চলচিত্ৰ উদ্যোগটোৰ বিষয়ে বিভিন্ন বিষয় চৰ্চা হোৱাৰ লগতে বিগ বিয়ে তেওঁৰ বহু স্মৰণীয় তথা আমোদজনক কাহিনী বৰ্ণনা কৰা দেখিবলৈ পোৱা যাব । মেগাষ্টাৰগৰাকীয়ে ৰতন টাটাৰ মৃত্যুত পুনৰ এবাৰ শোক প্ৰকাশ কৰি শ্ব’টোৰ এই বিশেষ খণ্ডটোত স্মৰণ কৰিব উদ্যোগপতিগৰাকীকো । শুনিবলৈ পোৱা যাব ৰতন টাটাৰ লগত জড়িত এটা আৱেগিক কাহিনী ।(KBC)

ৰতন টাটাৰ বিষয়ে চৰ্চা কৰি অমিতাভ বচ্চনে উদ্যোগপতিগৰাকীক অতি দয়ালু এগৰাকী ব্যক্তি আছিল বুলি উল্লেখ কৰে । লগতে ৰতন টাটা এগৰাকী ডাউন টু আৰ্থ ব্যক্তি আহিল বুলি উল্লেখ কৰি বিগ বিয়ে ক’লে, তেওঁ আছিল এগৰাকী অতি সহজ-সৰল মানুহ(Kaun Banega Crorepati)।

এবাৰ দুয়ো একেখন বিমানতে যাত্ৰা কৰিছিল লণ্ডনলৈ। লণ্ডনৰ হিথ্ৰ’ বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত বিমানৰ সকলো যাত্ৰী এজন এজনকৈ বিমানবন্দৰৰ পৰা নিজৰ গন্তব্যস্থানলৈ গুচি গৈছিল। মই বিমান বন্দৰতে ৰৈ থকা ৰতন টাটাৰ কাষলৈ গলো । এনে সময়তে তেওঁ কাৰোবাক ফোন কৰিবৰ বাবে কাষতে থকা এটা ক’ল চেণ্টাৰলৈ গ’ল।

ক’ল চেণ্টাৰটোৰ পৰা পুনৰ তেওঁ মোৰ কাষলৈ ঘূৰি আহি সুধিলে, অমিতাভ- মই তোমাৰ পৰা অলপ টকা ধাৰলৈ ল’ব পাৰিমনে? মোৰ হাতত ফোন কৰিবলৈ টকা নাই। সেইদিনা ৰতন টাটাৰ এই কথাত মই আচৰিত হৈছিলোঁ। ..এনেদৰেই অমিতাভ বচ্চনে ৰতন টাটাৰ সৈতে কটোৱা সেই সময়খিনিৰ কথা শ্বেয়াৰ কৰিছিল কেবিচিৰ সেই বিশেষ খণ্ডটিৰ শ্বটিঙৰ মুহূৰ্তত।

এইগৰাকী বিশিষ্ট উদ্যোগপতিৰ যোৱা ৯ অক্টোবৰত বিয়োগৰ বাতৰিটো পোৱাৰ পাছতেই নিজৰ চচিয়েল মেডিয়াৰ হেণ্ডেলত তেখেতক সোঁৱৰি এটা পোষ্ট লিখিছিল। তেওঁ লিখিছিল, ‘আজি এটা যুগৰ অৱসান ঘটিল৷ তেওঁৰ নম্ৰতা, তেওঁৰ মনোভাৱ আৰু কঠোৰ পৰিশ্ৰমে আমাক সদায় অনুপ্ৰাণিত কৰিব। মোৰ প্ৰাৰ্থনা।’

Terrorist Attacks in Jammu and Kashmir: নিৰ্বাচনৰ পিছৰে পৰা জম্মু-কাশ্মীৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰৱণতা – এটি পৰ্যালোচনা

Rise in Terrorist Attacks in Jammu and Kashmir Post-Election, Experts Link to Pakistani Infiltration
Terrorist Attacks in Jammu and Kashmir: নিৰ্বাচনৰ পিছৰে পৰা জম্মু-কাশ্মীৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰৱণতা - এটি পৰ্যালোচনা

জম্মু-কাশ্মীৰত শেহতীয়া অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা ৰাজ্যখনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰৱণতা যথেষ্ট পৰিমানে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে(Terrorist Attacks in Jammu and Kashmir) । বিশেষজ্ঞসকলৰ মতে, ইয়াৰ আঁৰত আছে পাকিস্তানী সন্ত্ৰাসবাদী(Pakistani infiltrators) । ৰাজ্যখনত নিৰাপত্তা বাহিনীৰ সংখ্যা হ্ৰাস পোৱাৰ লগে লগে সক্ৰিয় হৈ পৰিছে এইসমূহ দেশবিৰোধী শক্তি।

নিৰ্বাচন অন্ত পৰাৰ পিছতে কাশ্মীৰৰ পৰা কমাই দিয়া হৈছিল নিৰাপত্তা বাহিনী ।’ নিৰাপত্তা বাহিনীৰ সংখ্যা কমি অহাৰ লগে লগে উপত্যকাটোত বৃদ্ধি পাবলৈ ধৰে সন্ত্ৰাসবাদী আক্ৰমণ(Jammu and Kashmir security) । এইসমূহ দেশবিৰোধী শক্তিৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত নিজৰ উপস্থিতি প্ৰমাণ কৰা। এই আক্ৰমণৰ জৰিয়তে তেওঁলোকে দেখুৱাব বিচাৰে যে কাশ্মীৰ এতিয়াও তেওঁলোকৰ দুৰ্গ(Kashmir insurgency)।

জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কাৰণ ব্যাখ্যা কৰি অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল জি ডি বক্সীয়ে সংবাদ মাধ্যমত উল্লেখ কৰিছিল যে, কাশ্মীৰত আমাৰ চোৰাংচোৱা অতি শক্তিশালী। সেয়েহে উপত্যকাটোত কোনো সন্ত্ৰাসবাদী বেছি দিন জীয়াই থাকিব নোৱাৰিব।

যোৱা দুসপ্তাহত বাৰামুল্লা, ট্ৰাল, শ্বপিয়ান, আখনূৰ, গণ্ডাৰবালকে ধৰি ৫টা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। এই আক্ৰমণত তিনিজন জোৱানো শ্বহীদ হৈছে । তাৰোপৰি কৰ্মসূত্ৰে অন্য ৰাজ্যৰ পৰা অহা ৮ জন লোককো হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে।

৮ অক্টোবৰত জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দহ দিনৰ পাছতে ১৮ অক্টোবৰৰ পৰা উপত্যকাটোত ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদী আক্ৰমণ আৰম্ভ হৈছে(Post-election attacks)। একেধৰণে লোকসভা নিৰ্বাচনৰ পিছতো এই ধৰণৰ আৰ্হিকে দেখা গৈছিল। অৱশ্যে সেই সময়ত লক্ষ্য আছিল জম্মু। ৪ জুনৰ দিনা লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাঁচ দিনৰ পাছত অৰ্থাৎ ৯ জুনৰ পৰা ধাৰাৱাহিকভাৱে আৰম্ভ হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ । মাত্ৰ ৩০ দিনৰ ভিতৰতে জম্মুত সংঘটিত হৈছিল ৭টা সন্ত্ৰাসবাদী আক্ৰমণ।

নিৰ্বাচন চলি থকাৰ সময়চোৱাত সন্ত্ৰাসবাদী আক্ৰমণ বন্ধ হৈ পৰিছিল যদিও নিৰ্বাচনৰ পাছত ৰাজ্যখনত নিৰাপত্তা বাহিনীৰ সংখ্যা হ্ৰাস পোৱাৰ বাবেই আক্ৰমণ পুনৰ বৃদ্ধি পোৱা বুলি বিশেষজ্ঞসকলে ব্যাখ্যা কৰা দেখিবলৈ পোৱা গৈছে। এই আক্ৰমণৰ আঁৰত কোনো স্থানীয় সন্ত্ৰাসবাদী নহয়, ইহঁত পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰা সন্ত্ৰাসবাদী বুলিহে কলে অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল জি ডি বক্সীয়ে ।

লক্ষ্যণীয় য়ে, জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ পিছত হোৱা পাঁচোটা আক্ৰমণতেই নিৰাপত্তা বাহিনী আৰু অ-কাশ্মীৰীসকলক লক্ষ্য কৰি লোৱা দেখিবলৈ পোৱা গৈছে । ১৮ অক্টোবৰৰ পৰা জম্মু আৰু কাশ্মীৰত সংঘটিত এই আক্ৰমণৰ দায়িত্ব সন্ত্ৰাসবাদী গোট পিপলছ এণ্টি-ফেচিষ্ট ফ্ৰণ্ট আৰু দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে স্বীকাৰ কৰিছে ।

ইতিমধ্যে চোৰাংচোৱা সংস্থাই জনোৱা অনুসৰি, এই টাৰ্গেট কিলিং হৈছে কাশ্মীৰত অশান্তি সৃষ্টিৰ বাবে পাকিস্তানে কৰা ষড়যন্ত্ৰ। বিশেষজ্ঞসকলৰ মতে ইয়াৰ উদ্দেশ্য হৈছে ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত জম্মু-কাশ্মীৰৰ পৰিৱৰ্তিত পৰিৱেশ বিনষ্ট কৰা আৰু কাশ্মীৰী পণ্ডিতসকলৰ পুনৰ্বাসনৰ পৰিকল্পনাত বাধাৰ সৃষ্টি কৰা।

লোকসভা নিৰ্বাচনৰ পিছত জম্মুত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণতো একে ধৰণৰ আৰ্হিয়েই দেখিবলৈ পোৱা গৈছিল। যোৱা ৯ জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই জম্মুৰ ৰিয়াছিত সন্ত্ৰাসবাদীয়ে তীৰ্থযাত্ৰী ভৰ্তি এখন বাছক লক্ষ্য কৰি লৈছিল । এই আক্ৰমণত নিহত হৈছিল ৯ গৰাকী যাত্ৰী।

ইয়াৰ পিছত এটা মাহতে জম্মুত ধাৰাবাহিকভাৱে ৬ৰ পৰা ৭টা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। ৰাজৌৰীৰ ডোডাৰ কথুৱাত হোৱা আক্ৰমণত সন্ত্ৰাসবাদীয়ে সেনা আৰু ৰাজ্যিখনৰ আৰক্ষী বাহিনীক লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছিল ।

এই সন্দৰ্ভত নিৰাপত্তা বিশেষজ্ঞই অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল জি ডি বক্সীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত উল্লেখ কৰা অনুসৰি, ‘লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ বাবে জম্মু-কাশ্মীৰত বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী যেনে- অৰ্ধসামৰিক, আৰক্ষী, সেনা আৰু অন্যান্য সংস্থাসমূহক মোতায়েন কৰা হৈছিল। ৰাজ্যখনৰ সকলো প্ৰান্ততে নিৰাপত্তা বাহিনীৰ জোৱানসকল উপস্থিত থকাৰ লগতে প্ৰায় সকলো অঞ্চল ছীল কৰি দিয়া হৈছিল। সেয়েহে এই সময়ছোৱাত সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ সুযোগ পোৱা নাছিল।

নিৰাপত্তা বিশেষজ্ঞগৰাকীয়ে উল্লেখ কৰিছিল,’এইবোৰ নিয়ন্ত্ৰণ ৰেখাৰ পৰা অহা নতুন অনুপ্ৰৱেশকাৰী। ইহঁতৰ জীৱনটোও দীঘলীয়া নহয়। নিৰ্বাচনৰ পাছত ৰাজৌৰীৰ দক্ষিণ আৰু পীৰ পাঞ্জল ৰেঞ্জৰ পৰা নিৰাপত্তা বাহিনী প্ৰত্যাহাৰ কৰা হয় আৰু এই পথেৰেই এই শক্তিসমূহে নিশ্চয় আমাৰ দেশত প্ৰৱেশ কৰিছিল।’

তাৰোপৰি জি ডি বক্সীয়ে কয়, ‘পুলৱামা আক্ৰমণৰ পিছত আমি বালাকোট বিমান আক্ৰমণ কৰাৰ দৰেই একেধৰণে উত্তৰ দিয়াৰ প্ৰয়োজন আছে। আমাৰ সীমান্তৰ ভিতৰত নহয়, LoCৰ সিপাৰে হ’ব লাগে চাৰ্জিকেল ষ্ট্ৰাইক যাতে ইয়াৰ পৰিণতি গুৰুতৰ হয়।

এই সন্দৰ্ভত জম্মু-কাশ্মীৰৰ প্ৰাক্তন ডিজিপি ৰাজেন্দ্ৰ কুমাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত উল্লেখ কৰা অনুসৰি, ‘আমি জম্মু-কাশ্মীৰ দুয়োটা অঞ্চলতে সজাগ হৈ থকা উচিত। আমি আমাৰ বুদ্ধিমত্তা শক্তিশালী কৰাৰ পাছতহে অভিযান আৰম্ভ কৰিব লাগে। আমি অনুপ্ৰৱেশ বিৰোধী নেটৱৰ্ক শক্তিশালী কৰিব লাগিব, যাতে LoC পাৰ হোৱা সন্ত্ৰাসবাদীবোৰক বাধা দিব পৰা যায়।’

তেওঁ লগতে কলে, ‘আমি কেৱল এটা অঞ্চলকে গুৰুত্ব দিব নোৱাৰো। যেতিয়া আমি জম্মুত অভিযান আৰম্ভ কৰোঁ, তেতিয়া সন্ত্ৰাসবাদীয়ে নিজৰ শ্লীপাৰ চেল আৰু স্থানীয় সন্ত্ৰাসবাদীক শক্তিশালী কৰি কাশ্মীৰত ঘাটি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। গতিকে আমি দুয়োটা অঞ্চলৰ ওপৰতে সমানে মনোযোগ আৰু চাপ বজাই ৰখা উচিত। যেতিয়া সন্ত্ৰাসবাদীয়ে জম্মুত আক্ৰমণ আৰম্ভ কৰিছিল তেতিয়া সমগ্ৰ মনোযোগ তালৈ স্থানান্তৰিত হৈছিল। ইয়াৰ ফলত কাশ্মীৰত শূন্যতাৰ সৃষ্টি হ’ল।’

প্ৰাক্তন ডিজিপিগৰাকীয়ে চাৰ্জিকেল ষ্ট্ৰাইকৰো পৰামৰ্শ দি কয়, ‘কাশ্মীৰত হিংসা আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ পাকিস্তানৰ ষড়যন্ত্ৰৰ অংশ। ইয়াক বন্ধ কৰিবলৈ আমাক আকৌ উৰি আৰু পুলৱামা আক্ৰমণৰ পিছত কৰা একে ধৰণৰ চাৰ্জিকেলৰ ষ্ট্ৰাইকৰ প্ৰয়োজন আছে।’

উল্লেখ্য যে, প্ৰায় ১৫ বছৰ ধৰি জম্মুত আছিল এক শান্তিৰ পৰিৱেশ। কাশ্মীৰৰ তুলনাত এই অঞ্চলটোত সেনাৰ মোতায়েনও নগণ্য আছিল। এই সময়ছোৱাত অনুপ্ৰৱেশকাৰী সন্ত্ৰাসবাদীয়ে ঘন অৰণ্যত আত্মগোপন কৰিছিল। এই অৰণ্যবোৰ সিহঁতৰ বাবে চফ্ট টাৰ্গেট আছিল, য’ত সহজেই চেটআপ স্থাপন কৰি নিজৰ নেটৱৰ্ক শক্তিশালী কৰিব পাৰিছিল।

যোৱা এবছৰৰ পৰা জম্মু-কাশ্মীৰ বিশেষকৈ উত্তৰ কাশ্মীৰত অনুপ্ৰৱেশৰ প্ৰচেষ্টা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। উত্তৰ কাশ্মীৰত বান্দিপোৰা, কুপৱাৰা, বাৰামুল্লা, কিষ্টৱাৰ আদি জিলা অন্তৰ্ভুক্ত আৰু এই আটাইকেইখন জিলাই এতিয়া সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত হৈছে।

এই সন্দৰ্ভত ভাৰতীয় সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল এম কে চাহুৱে উল্লেখ কৰা অনুসৰি, “পাকিস্তানী সন্ত্ৰাসবাদীয়ে এইসমূহ আক্ৰমণৰ জৰিয়তে শান্তি আৰু স্থিৰতাৰ পৰিৱেশ বিঘ্নিত কৰিব বিচাৰি আহিছে যদিও সেনাই এই আক্ৰমণবোৰৰ উপযুক্ত প্ৰত্যুত্তৰ দি আহিছে।’

উপত্যকাটোত সংঘটিত আক্ৰমণ সন্দৰ্ভত জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই কয়, ‘পাকিস্তানে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰা বিৰত থকা নাই। উপত্যকাটোত ঢালি দিয়া নিৰীহৰ তেজৰ প্ৰতিটো টোপালৰ প্ৰতিশোধ লোৱা হ’ব। সন্ত্ৰাসবাদী নেটৱৰ্কবোৰ ধ্বংস কৰিবলৈ আমি কোনো সুৰুঙা নাৰাখিম।

এল জিয়ে লগতে কয় যে সন্ত্ৰাসবাদী নেটৱৰ্কৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীক আৰু অধিক শক্তিশালী কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ। বিএছএফ, সেনা, আৰক্ষী আৰু অন্যান্য সংস্থাসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰিলেহে সেয়া সম্ভৱ হ’ব।

উল্লেখ্য যে, ২০২৩ চনত ৰাজ্যসভাত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছিল ইউএপিএৰ অধীনত নিষিদ্ধ কৰা উপত্যকাটোৰ বহুকেইটা সন্ত্ৰাসবাদী সংগঠনৰ নাম । জম্মু-কাশ্মীৰৰ এই সমগ্ৰ উপত্যকাটোত যোৱা ৫ বছৰ ধৰি সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদী সংগঠনকেইটা হৈছে – ৰেজিষ্টেন্স ফ্ৰণ্ট (টি আৰ এফ), পিপলছ এণ্টি ফেচিষ্ট ফ্ৰণ্ট (PAFF), জম্মু-কাশ্মীৰ গাজনাৱী বাহিনী (JKGF), জম্মু-কাশ্মীৰ গাজনাৱী বাহিনী (JKGF) আৰু কাশ্মীৰ টাইগাৰছ (KT) ।

Stroke in Women: বয়সৰ পৰা ধূমপানলৈকে, মহিলাৰ ষ্ট্ৰোকৰ বাবে দায়ী এই ৫টা কাৰক

মহিলাৰ ষ্ট্ৰোকৰ বাবে দায়ী এই ৫টা কাৰক
মহিলাৰ ষ্ট্ৰোকৰ বাবে দায়ী এই ৫টা কাৰক
পুৰুষতকৈ মহিলাৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বেছি। ইয়াৰ বাবে বহু কাৰক দায়ী। ইয়াৰ ভিতৰত মূলতঃ জীৱনশৈলীৰ অভ্যাস আৰু স্বাস্থ্যজনিত সমস্যাও অন্তৰ্ভুক্ত।(Stroke in Women)প্ৰতি বছৰে লাখ লাখ লোকে ষ্ট্ৰোকৰ বাবে প্ৰাণ হেৰুৱাইছে, এই ৰোগ প্ৰতিৰোধ কৰিবলৈ এই ৫টা কাৰণৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়-

বয়স

বয়সৰ লগে লগে মহিলাৰ ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। বিশেষকৈ ৫৫ বছৰৰ ওপৰৰ মহিলাৰ ক্ষেত্ৰত ষ্ট্ৰোকৰ সম্ভাৱনা বেছি। এই বয়সত হৰম’নৰ পৰিৱৰ্তন আৰু উচ্চ ৰক্তচাপৰ মাত্ৰা আদি কাৰণে ইয়াক আৰু অধিক বৃদ্ধি কৰে।(Age and Smoking)

হৰম’নৰ পৰিৱৰ্তন

মহিলাৰ হৰম’নৰ পৰিৱৰ্তন, যেনে ৰজোনিবৃত্তিৰ সময়ত হোৱা পৰিৱৰ্তনে ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। ইষ্ট্ৰজেন হৰম’নৰ মাত্ৰা কমি গ’লে ৰক্তবাহী নলী ফুলা আৰু উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে, যাৰ ফলত ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়।(5 major reasons responsible for stroke in women)

উচ্চ ৰক্তচাপ

উচ্চ ৰক্তচাপ মহিলাৰ ষ্ট্ৰোকৰ প্ৰধান কাৰণ। এনে পৰিস্থিতিত সময়মতে নিয়ন্ত্ৰণ নকৰিলে ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পাব পাৰে।(High blood pressure)

ডায়েবেটিছ

ডায়েবেটিছে মহিলাৰ ষ্ট্ৰোকৰ সম্ভাৱনাও বৃদ্ধি কৰে। ব্লাড চুগাৰ বৃদ্ধি হ’লে ৰক্তবাহী নলীৰ ক্ষতি হ’বলৈ আৰম্ভ কৰে, যাৰ বাবে ৰক্ত সঞ্চালন বিকল হোৱাৰ বাবে ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পায়।(Diabetes)

ধূমপান আৰু মদ্যপান

ধূমপান আৰু অত্যধিক মদ্যপানেও মহিলাৰ ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। এই অভ্যাসবোৰে ৰক্তবাহী নলীবোৰো দুৰ্বল কৰি তোলে, যাৰ ফলত ষ্ট্ৰোক হয়।(smoking and drinking)

এই পাঁচটা কাৰকৰ প্ৰতিটো মহিলাই গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়।

Dhanteras 2024 auspicious time: আজি ধন্বন্তৰি পূজা আৰু ধনতেৰাছ। পূজা আৰু বজাৰ কৰাৰ শুভ সময় জানি লওক

আজি ধন্বন্তৰি পূজা আৰু ধনতেৰাছ
আজি ধন্বন্তৰি পূজা আৰু ধনতেৰাছ

আজি সমগ্ৰ দেশতে ধনতেৰাছ উৎসৱ পালন কৰা হৈছে। এই উপলক্ষে সোণ, ৰূপ, গহনা, যান-বাহন আৰু বাচন-বৰ্তন ক্ৰয় কৰা হয়। ধনতেৰাছৰ উৎসৱ কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখত পালন কৰা হয়।(Dhanteras 2024 auspicious time)বিশ্বাস কৰা হয় যে এই দিনটোত পূজা-পাতল আৰু বজাৰ-সমাৰ কৰি ব্যক্তিয়ে ধন-শস্যৰ অভাৱৰ সন্মুখীন নহয়। এইবাৰ ধনতেৰাছৰ পূজা আৰু বজাৰ কৰাৰ শুভ সময় আৰু গুৰুত্ব জানি লওক।(Good time for worship and shopping)এই দিনটোত কি কিনিব আৰু কি কিনিব নালাগে জানো আহক-

ধনতেৰাছ ২০২৪ তাৰিখঃ (what to buy what not to buy know)
বৈদিক পঞ্জিকা অনুসৰি কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখ ২৯ অক্টোবৰৰ পুৱা ১০:৩১ বজাৰ পৰা আৰম্ভ হৈছে।৩০ অক্টোবৰত দিনৰ ১:১৫ বজাত ইয়াৰ অন্ত পৰিব।

ধনতেৰাছ ২০২৪ পূজাৰ শুভ সময়ঃ (Dhanteras 2024)
ধনতেৰাছত সন্ধিয়া ৬:৩৬ বজাৰ পৰা ৮:৩৬ বজালৈ প্ৰদোষ কাল থাকিব। এনে পৰিস্থিতিত ধনপতি কুবেৰ আৰু ভগৱান ধনবন্তৰীৰ পূজাৰ বাবে এয়া এক শুভ সময় হ’ব। লগতে এই সময়ত বজাৰ কৰাটোও অতি শুভ হ’ব।

বজাৰ কৰাৰ শুভ সময়ঃ
জ্যোতিষৰ মতে এই ধনতেৰাছত ত্ৰিপুষ্কৰ যোগৰ গঠন হৈছে। এই যোগাসন কাইলৈ ​​পুৱা ৬:৩১ বজাৰ পৰা ১০:৩১ বজালৈ চলিব। এনে পৰিস্থিতিত এই সময়ত মানুহে বজাৰ কৰিব পাৰে। একে সময়তে সোণ ক্ৰয়ৰ আটাইতকৈ শুভ সময় হ’ল ২৯ অক্টোবৰৰ সন্ধিয়া ৬:৩২ বজাৰ পৰা নিশা ০৮:১৪ বজালৈ।

বাহন ক্ৰয়ৰ শুভ সময়ঃ
এইবাৰ ধনেৰাছত বাহন ক্ৰয় কৰাৰ তিনিটা শুভ সময়।
প্ৰথম মুহুৰ্ত- ১০:৪১ বজাৰ পৰা ১২:০৫ বজালৈ।
দ্বিতীয় মুহুৰ্ত- দুপৰীয়া ১২:০৫ বজাৰ পৰা ১:২৮ বজালৈ।
তৃতীয় মুহুৰ্ত- সন্ধিয়া ৭:১৫ বজাৰ পৰা নিশা ৮:৫১ বজালৈ।

কিমান গচি চাকি জ্বলোৱাৰ বাবে শুভ বুলি গণ্য কৰা হয়?
ধনতেৰাছৰ উৎসৱত ঘৰত ১৩গচি চাকি জ্বলোৱা হয়। এই চাকিবোৰ ঘৰৰ বিভিন্ন ঠাইত ৰখা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি ১৩গচি চাকি জ্বলালে ধন-সম্পত্তি আহে আৰু আৰ্থিক অসুবিধাৰ পৰা সকাহ পোৱা যায়।

ধনতেৰাছত কি কিনিব পাৰি
সোণ, ৰূপ, বাচন-বৰ্তন, যান-বাহন আৰু কুবেৰযন্ত্ৰ ইত্যাদি বস্তু ধনতেৰাছত কিনিব পাৰি। ধনতেৰাছৰ দিনা ঝাড়ু কিনিলে শুভ বুলি কোৱা হয়। কোৱা হয় যে ইয়াৰ দ্বাৰা মাতৃ লক্ষ্মীৰ বিশেষ আশীৰ্বাদ পৰে।

ধনেৰাছত কি কিনিব নালাগে:
এই দিনটোত ঘৰত লোহা বা লোহাৰে তৈয়াৰী বস্তু আনিব নালাগে। এলুমিনিয়াম বা তীখাৰে নিৰ্মিত বস্তু কিনাৰ পৰাও বিৰত থাকিব লাগে। ধনতেৰাছত কাঁচ বা কাঁচেৰে তৈয়াৰী বস্তু ক্ৰয় কৰিব নালাগে। ধনতেৰাছত প্লাষ্টিকৰ বস্তুও কিনিব নালাগে, ই ঘৰলৈ সমৃদ্ধি কঢ়িয়াই নানে।

C-295 Aircraft: এতিয়াৰ পৰা বদোদৰাত নিৰ্মাণ হ’ব লগা C-295 বিমানখনৰ বৈশিষ্ট্যসমূহ জানো আহক

India Begins Manufacturing C-295 Aircraft in Vadodara, Boosting Defense Capabilities
C-295 Aircraft: এতিয়াৰ পৰা বদোদৰাত নিৰ্মাণ হ’ব লগা C-295 বিমানখনৰ বৈশিষ্ট্যসমূহ জানো আহক

বদোদৰা, ২৯ অক্টোবৰ: দেশৰ প্ৰধানমন্ত্ৰী মোডী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজৰ মাজত প্ৰথমে এখন বিশেষ বৈঠক অনুষ্ঠিত হয় । ইয়াৰ পিছতেই দুয়োগৰাকী নেতাই বদোদৰাত এক বৃহৎ ৰোড শ্ব’ অনুষ্ঠিত কৰি ভাৰত-স্পেইনৰ মজবুত বন্ধুত্বক কৰিলে প্ৰদৰ্শন । – C-295 Aircraft

স্পেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ বিশেষ গুৰুত্বপূৰ্ণ; কাৰণ এতিয়াৰ পৰা স্পেইনৰ চি-২৯৫ বিমানখন ভাৰতৰ বদোদৰাৰ টাটা এয়াৰক্ৰাফ্ট প্লাণ্টত নিৰ্মাণ কৰা হ’ব(Indian Air Force transport aircraft)। এই সন্দৰ্ভত ভাৰত আৰু স্পেইনৰ মাজত ৫৬খন বিমান নিৰ্মাণৰ চুক্তি স্বাক্ষৰ কৰা হৈছে।

দেশৰ নতুন শক্তি হৈছে চি-২৯৫ বিমান

চি-২৯৫ৰ প্ৰথম ১৬খন বিমান নিৰ্মাণ কৰা হ’ব স্পেইনত আৰু বাকী ৪০ খন বিমানৰ আটাইকেইখন টাটা এডভান্স চিষ্টেমছ লিমিটেডে ভাৰতৰ বদোদৰা প্লাণ্টত নিৰ্মাণ কৰিব(India-Spain defense collaboration)। এই প্ৰকল্পটোও গুৰুত্বপূৰ্ণ, কাৰণ দেশৰ কোনো ব্যক্তিগত কোম্পানীয়ে প্ৰথমবাৰৰ বাবে সেনাবাহিনীৰ বাবে সামৰিক বিমান নিৰ্মাণ কৰিব(Military aerospace manufacturing)।

ভাৰতীয় বায়ুসেনাৰ বাবে পৰিবহণ বিমান অতি গুৰুত্বপূৰ্ণ, যাতে ই এটা স্থানৰ পৰা আন এটা স্থানলৈ সৈন্য, অস্ত্ৰ-শস্ত্ৰ, ইন্ধন আৰু বিভিন্ন সামগ্ৰী পৰিবহণ কৰিব পাৰে(Indian Air Force transport aircraft)। তাৰোপৰি লঘু ওজনৰ পৰিবহণৰ ক্ষেত্ৰতো ভাৰতীয় সেনাৰ বাবে চি-২৯৫ বিমানখন খুবেই গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’বলৈ গৈ আছে।

চি-২৯৫ বিমানৰ ক্ষমতা আৰু বৈশিষ্ট্যসমূহ

চি-২৯৫ বিমানৰ বিশেষত্বৰ বিষয়ে ক’বলৈ গ’লে ইয়াক দুজন পাইলটে পৰিচালনা কৰে (C-295 aircraft features)। ইয়াত ৭৩ জন সেনা জোৱান, ৪৮ জন পেৰাট্ৰুপাৰ, ১২ খন ষ্ট্ৰেচাৰ ইনটেনচিভ কেয়াৰ মেডেভেক অথবা ২৭ খন ষ্ট্ৰেচাৰ মেডেভেক আৰু ৪ জন মেডিকেল এটেণ্ডেণ্ট কঢ়িয়াই নিব পাৰে। এই বিমানখনে ৯২৫০ কিলোগ্ৰাম ওজন বহন কৰিব পাৰে। বিমানখনৰ দৈৰ্ঘ্য ৮০.৩ ফুট, পাখিৰ দৈৰ্ঘ্য ৮৪.৮ ফুট আৰু উচ্চতা ২৮.৫ ফুট। তাৰোপৰি চি-২৯৫ বিমানখনে প্ৰায় ৭৬৫০ কিলোগ্ৰাম ইন্ধন কঢ়িয়াব পাৰে।

ইয়াৰ বাহিৰেও ই ঘণ্টাত ৪৮২ কিলোমিটাৰ বেগত উৰিব পাৰে। ইয়াৰ আন এটা বিশেষ গুণ হ’ল, বিমানখনে সৰু ৰানৱেতে অৱতৰণ কৰিব পাৰে। ৪২০ মিটাৰ দৈৰ্ঘ্যৰ ৰাণৱে এটাত বিমানখনে সহজেই অৱতৰণ কৰিব পাৰে। তাৰোপৰি উৰা মাৰিবলৈ অৰ্থাৎ টেক অফৰ বাবে বিমানখনক ৮৪৪ মিটাৰৰ পৰা ৯৩৪ মিটাৰ দৈৰ্ঘ্যৰ ৰাণৱেৰ প্ৰয়োজন। ইয়াৰ উপৰিও এই বিমানখনত ৮০০ কেজি ওজনৰ অস্ত্ৰ-শস্ত্ৰও সংস্থাপন কৰিব পৰা যায়।

কেইমিনিটমানৰ ভিতৰতে কোনো এটা স্থানৰ পৰা পৰা অন্য এটা স্থানলৈ সৈন্য, অস্ত্ৰ-শস্ত্ৰ, ইন্ধন আৰু বিভিন্ন সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব লগা এই বিমানখনে গ্ৰহণ কৰিব ভাৰতৰ পুৰণি HS748 বিমানখনৰ স্থান ।

লগতে পঢ়ক: বদোদৰাত ভাৰত আৰু স্পেইনৰ দুই মূৰব্বীৰ বিশাল ৰোড শ্ব’; দুয়ো উদ্বোধন কৰিলে এয়াৰবাছৰ এচেম্বলিৰ এটা প্ৰকল্প

Mrs. India Galaxy 2024: অসম জীয়াৰী ৰিণিমালৈ মিছেছ ইণ্ডিয়া গেলেক্সী ২০২৪ খিতাপ

Mrs. India Galaxy 2024 Crowned to Assam’s Rinima Bora Agarwal
Mrs. India Galaxy 2024: অসম জীয়াৰী ৰিণিমালৈ মিছেছ ইণ্ডিয়া গেলেক্সী ২০২৪ খিতাপ

কলিয়াবৰ, ২৮ অক্টোবৰ: ‘মিছেছ ইণ্ডিয়া গেলেক্সী ২০২৪’ খিতাপ অসমৰ ৰিণিমা বৰা আগৰৱাললৈ(Mrs. India Galaxy 2024)। ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত মিছেছ ইণ্ডিয়া আই এন চি ২০২৪ চীজন – ৫ত যোগদান কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰৰ জীয়াৰী ৰিণিমা বৰা আগৰৱালাই। দেশ-বিদেশৰ প্ৰায় তিনি হাজাৰ প্ৰতিযোগীৰ তীব্ৰ প্ৰতিদ্বন্দ্বীতাৰ মাজত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ অন্তত কলিয়াবৰৰ ৰিণিমাৰ শিৰত জিলিকিল এই সন্মানীয় মুকুট।

কলিয়াবৰৰ জীয়াৰী এইগৰাকী ফেছন ডিজাইনাৰে বিগত ২০ বছৰ ধৰি বাংগালুৰুত ফেচন ডিজাইনিং কৰি সফলতা বুটলিছে(Assam fashion designer)। বাংগালুৰুৰ ফেচন জগতখনৰ এক চিনাকী নাম ৰিণিমা(Rinima Bora Agarwal)।বাঙ্গালুৰুতে প্ৰতিষ্ঠিত হৈ বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ফেছন ডিজাইনাৰ হিচাবে কাম কৰিছে অসমৰ জীয়াৰী ৰিনিমাই। দেশ-বিদেশৰ মহিলাৰ বাবে অনুষ্ঠিত এই সৌন্দৰ্য্য প্ৰতিযোগিতাত লাভ কৰা ৰিণিমাৰ এই ঈৰ্ষণীয় সফলতাত উৎফুল্লিত মাতৃ¸ ভগ্নী, পৰিয়াল তথা কলিয়াবৰবাসী।

বৰ্তমান বাংগালুৰুত নিগাজীকৈ বাস কৰা ৰিণিমাই ফেছন জগতখনৰ লগত জড়িত হৈ এই ক্ষেত্ৰখনত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে(Indian fashion industry)। ইয়াৰ পূৰ্বেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউইয়ৰ্কত ‘নিউয়ৰ্ক ফেছন উইক, ২০২৪’ত ভাৰতৰ পৰা ফেছন ডিজাইনাৰ ইন্‌ফ্লুয়েঞ্চাৰ হিচাপে অংশগ্ৰহণ কৰিছিল ৰিণিমা বৰাই।

তাৰোপৰি বহু অভিনেতা-অভিনেত্ৰীৰ সাজ-পোচাকৰ ডিজাইন কৰি সমাদৰ লাভ কৰিছে ৰিণিমাই। কলিয়াবৰৰ সৰুভগীয়াৰ প্ৰয়াত চম্পাক বৰা আৰু বিনু বৰাৰ জীয়ৰী বাংগালুৰুতে প্ৰতিষ্ঠিত বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ফেছন ডিজাইনাৰ হিচাবে কাম কৰিছে অসমৰ জীয়াৰী ৰিণিমাই।