Home Blog Page 518

Mrs. India Galaxy 2024: অসম জীয়াৰী ৰিণিমালৈ মিছেছ ইণ্ডিয়া গেলেক্সী ২০২৪ খিতাপ

Mrs. India Galaxy 2024 Crowned to Assam’s Rinima Bora Agarwal
Mrs. India Galaxy 2024: অসম জীয়াৰী ৰিণিমালৈ মিছেছ ইণ্ডিয়া গেলেক্সী ২০২৪ খিতাপ

কলিয়াবৰ, ২৮ অক্টোবৰ: ‘মিছেছ ইণ্ডিয়া গেলেক্সী ২০২৪’ খিতাপ অসমৰ ৰিণিমা বৰা আগৰৱাললৈ(Mrs. India Galaxy 2024)। ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত মিছেছ ইণ্ডিয়া আই এন চি ২০২৪ চীজন – ৫ত যোগদান কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰৰ জীয়াৰী ৰিণিমা বৰা আগৰৱালাই। দেশ-বিদেশৰ প্ৰায় তিনি হাজাৰ প্ৰতিযোগীৰ তীব্ৰ প্ৰতিদ্বন্দ্বীতাৰ মাজত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ অন্তত কলিয়াবৰৰ ৰিণিমাৰ শিৰত জিলিকিল এই সন্মানীয় মুকুট।

কলিয়াবৰৰ জীয়াৰী এইগৰাকী ফেছন ডিজাইনাৰে বিগত ২০ বছৰ ধৰি বাংগালুৰুত ফেচন ডিজাইনিং কৰি সফলতা বুটলিছে(Assam fashion designer)। বাংগালুৰুৰ ফেচন জগতখনৰ এক চিনাকী নাম ৰিণিমা(Rinima Bora Agarwal)।বাঙ্গালুৰুতে প্ৰতিষ্ঠিত হৈ বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ফেছন ডিজাইনাৰ হিচাবে কাম কৰিছে অসমৰ জীয়াৰী ৰিনিমাই। দেশ-বিদেশৰ মহিলাৰ বাবে অনুষ্ঠিত এই সৌন্দৰ্য্য প্ৰতিযোগিতাত লাভ কৰা ৰিণিমাৰ এই ঈৰ্ষণীয় সফলতাত উৎফুল্লিত মাতৃ¸ ভগ্নী, পৰিয়াল তথা কলিয়াবৰবাসী।

বৰ্তমান বাংগালুৰুত নিগাজীকৈ বাস কৰা ৰিণিমাই ফেছন জগতখনৰ লগত জড়িত হৈ এই ক্ষেত্ৰখনত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে(Indian fashion industry)। ইয়াৰ পূৰ্বেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউইয়ৰ্কত ‘নিউয়ৰ্ক ফেছন উইক, ২০২৪’ত ভাৰতৰ পৰা ফেছন ডিজাইনাৰ ইন্‌ফ্লুয়েঞ্চাৰ হিচাপে অংশগ্ৰহণ কৰিছিল ৰিণিমা বৰাই।

তাৰোপৰি বহু অভিনেতা-অভিনেত্ৰীৰ সাজ-পোচাকৰ ডিজাইন কৰি সমাদৰ লাভ কৰিছে ৰিণিমাই। কলিয়াবৰৰ সৰুভগীয়াৰ প্ৰয়াত চম্পাক বৰা আৰু বিনু বৰাৰ জীয়ৰী বাংগালুৰুতে প্ৰতিষ্ঠিত বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ফেছন ডিজাইনাৰ হিচাবে কাম কৰিছে অসমৰ জীয়াৰী ৰিণিমাই।

Bomb Threat: দূৰ হোৱা নাই বোমাতংক সোমবাৰেও দেশৰ ৬০ খনতকৈও অধিক বিমানত বোমা স্থাপনৰ ভাবুকি

Bomb Threat: দূৰ হোৱা নাই বোমাতংক সোমবাৰেও দেশৰ ৬০ খনতকৈও অধিক বিমানত বোমা স্থাপনৰ ভাবুকি
Bomb Threat: দূৰ হোৱা নাই বোমাতংক সোমবাৰেও দেশৰ ৬০ খনতকৈও অধিক বিমানত বোমা স্থাপনৰ ভাবুকি

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৮ অক্টোবৰঃ কেন্দ্ৰীয় চৰকাৰে বহু চেষ্টা চলায়ো ভাৰতীয় বিমানত বোমা স্থাপনৰ ভাবুকি অহাটো বন্ধ কৰিব পৰা নাই। শেহতীয়াকৈ পুনৰ সোমবাৰেও দেশৰ ৬০খনতকৈও অধিক বিমানে লাভ কৰিলে বোমা স্থাপনৰ ভাবুকি। (Bomb Threat)

ইয়াৰ ফলত মাত্ৰ ১৫ দিনতে ৪১০খনতকৈও অধিক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানলৈ ভুৱা বোমাৰ ভাবুকি প্ৰেৰণ কৰা হৈছে। এই ভাবুকিসমূহৰ অধিকাংশই ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জড়িয়তে দিয়া হৈছে। ফলত নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধি পাইছে আৰু বিমান পৰিবহন সংস্থা তথা চৰকাৰী কৰ্তৃপক্ষই বিষয়টোক অতি গুৰতৰ বিষয় হিচাবে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

কেৱল সোমবাৰে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ’ৰ প্ৰায় ২১খন বিমানৰ লগতে প্ৰায় ২০খন ভিষ্টাৰ বিমানে বোমাৰ ভাবুকি লাভ কৰিছে । এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই কয় , “বোমা স্থাপনৰ খবৰ লাভ কৰাৰ পিছতে নিৰ্ধাৰিত প্ৰট’কল অনুসৰণ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক তৎক্ষণাত সতৰ্ক কৰি দিয়া হৈছে আৰু নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ সকলো নিৰ্দেশনা কঠোৰভাৱে মানি চলা হৈছে।” ইপিনে কেন্দ্ৰই বোমাতংকৰ ভুৱা ভাবুকি সম্পৰ্কীয় সকলো খবৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ পৰা আঁতৰাই পেলাবলৈ নিৰ্দেশ দিছে।

ভুৱা খবৰৰ প্ৰচাৰ ৰোধ কৰাৰ বাবেই এনে নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। ভাৰতীয় বিমান সংস্থাসমূহে বোমা স্থাপনৰ ভুৱা ভাবুকি পোৱাৰ লগে লগে চৰকাৰী সংস্থা তথা বেচৰকাৰী বিমান সংস্থা দুয়োটাই নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

Census । জাতিগত লোকপিয়লৰ দাবীত অটল কংগ্ৰেছ

Census । জাতিগত লোকপিয়লৰ দাবীত অটল কংগ্ৰেছ
Census । জাতিগত লোকপিয়লৰ দাবীত অটল কংগ্ৰেছ

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৮ অক্টোবৰঃ ভাৰতত প্ৰতি দহ বছৰৰ মূৰে মূৰে লোকপিয়ল অনুষ্ঠিত হয় যদিও নানান কাৰকৰ বাবে শেহতীয়াকৈ লোকপিয়ল (Census) দহ বছৰৰ মূৰত অনুষ্ঠিত কৰিব পৰা হোৱা নাই। কিন্তু শেহতীয়া এক খবৰ অনুসৰি বহু বিলম্ব ঘটাৰ অন্তত এতিয়া চৰকাৰে লোকপিয়ল কৰিবলৈ সাজু হৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অহা বছৰৰ পৰা আৰম্ভ হ’ব লোকপিয়ল। খবৰ অনুসৰি ২০২৫ চনৰ পৰা লোকপিয়ল আৰম্ভ হ’ব আৰু ২০২৬ চনলৈকে চলি থাকিব। ফলত পৰৱৰ্তী লোকপিয়ল ২০৩৫ চনত হ’ব । একমাত্ৰ প্ৰতি দহ বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰিবলগীয়া লোকপিয়লত বিলম্ব ঘটাৰ বাবেই লোকপিয়লৰ চক্ৰটোও সলনি হ’ব পাৰে।

২০২২ চনৰ জুলাই মাহত চৰকাৰে লোকসভাত জনাইছিল যে ২০২১ চনৰ লোকপিয়ল অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ভাৰতৰ গেজেটত ২৮ মাৰ্চ, ২০১৯ তাৰিখে অধিসূচনা কৰা হৈছিল। আগন্তুক লোকপিয়লৰ তথ্য সংগ্ৰহৰ বাবে প্ৰথমবাৰৰ বাবে ডিজিটেল মোবাইল এপ আৰু লোকপিয়ল সম্পৰ্কীয় বিভিন্ন কাৰ্য্যকলাপ পৰিচালনা তথা নিৰীক্ষণৰ বাবে এটা লোকপিয়ল পৰ্টেল প্ৰস্তুত কৰা হৈছে।’


চলিত বৰ্ষৰ আৰম্ভণিতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে অতি শীঘ্ৰে লোকপিয়ল অনুষ্ঠিত হ’ব। অৱশ্যে এইবাৰৰ লোকপিয়লত জাতি সম্পৰ্কীয় তথ্যও অন্তৰ্ভুক্ত হ’ব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে দেশজুৰি জাতি সম্পৰ্কীয় লোকপিয়লৰ দাবী জনাই আহিছে। উল্লেখ্য ২০২৪-২৫ চনৰ বাজেটত লোকপিয়লৰ বাবে ধন আবণ্টন দিয়া হোৱা নাছিল। ভাৰতে ১৮৮১ চনৰ পৰা প্ৰতি ১০ বছৰৰ মূৰে মূৰে লোকপিয়ল অনুষ্ঠিত কৰি আহিছে।

C-295 aircraft । Modi, Spain’s Sanchez launch India’s first private military Aircraft Plant । ভাৰতৰ বাবে নতুন যুগৰ আৰম্ভনিঃগুজৰাটত চি-২৯৫ বিমান নিৰ্মাণ কাৰখানা যৌথভাৱে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদী, স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে

C-295 aircraft । Modi, Spain’s Sanchez launch India’s first private military Aircraft Plant । ভাৰতৰ বাবে নতুন যুগৰ আৰম্ভনিঃগুজৰাটত চি-২৯৫ বিমান নিৰ্মাণ কাৰখানা যৌথভাৱে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদী, স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে
C-295 aircraft । Modi, Spain’s Sanchez launch India’s first private military Aircraft Plant । ভাৰতৰ বাবে নতুন যুগৰ আৰম্ভনিঃগুজৰাটত চি-২৯৫ বিমান নিৰ্মাণ কাৰখানা যৌথভাৱে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদী, স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৮ অক্টোবৰঃ ভাৰতৰ বাবে নতুন যুগৰ আৰম্ভনি। ভাৰতৰ বিমান প্ৰযুক্তিৰ দিশৰ পৰা এক উল্লেখযোগ্য দিন হিচাবে পৰিগণিত হৈছে। সোমবাৰে ভদোদৰাৰ টাটা এডভান্সড চিষ্টেমছ লিমিটেড (টিএএছএল) (C-295 aircraft ) কেম্পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে যৌথভাৱে চি-২৯৫ বিমান নিৰ্মাণৰ অৰ্থে টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন কৰে।ভাৰতত এয়া হৈছে এনেধৰণৰ প্ৰথম প্ৰকল্প।(Modi, Spain’s Sanchez launch India’s first private military aircraft plant)

চি-২৯৫ কাৰ্যসূচীৰ অধীনত মুঠ ৫৬খন বিমান আছে, ইয়াৰে ১৬খন স্পেইনৰ এয়াৰবাছে পোনপটীয়াকৈ যোগান ধৰিব আৰু বাকী ৪০খন বিমান ভাৰতত নিৰ্মাণ কৰা হ’ব। ভাৰতত এই ৪০ খন বিমান নিৰ্মাণৰ দায়িত্ব টাটা এডভান্সড চিষ্টেমছ লিমিটেডক অৰ্পন কৰা হৈছে। ইয়াত চি-২৯৫ বিমানৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি এচেমব্লিং , পৰীক্ষণ আৰু বিমানখনৰ সম্পূৰ্ণ জীৱনচক্ৰ নিৰ্ধাৰণ তথা ৰক্ষণাবেক্ষণলৈকে সকলো সুবিধা থাকিব।

প্ৰকল্পটো উদ্বোধন উপলক্ষ্যে সমগ্ৰ বদোদাৰা চহৰখন আলোকসজ্জাৰে সজাই তোলা হয়। চহৰ খনৰ এজন বাসিন্দা ঋষি খাৰভাই কয়, “স্পেইনৰ প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী মোদীৰ বদোদৰা ভ্ৰমণত আমি সুখী। তেওঁলোকৰ আগমনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ দেশক উপকৃত কৰিব। আমাৰ দেশৰ যুৱক-যুৱতীসকলো লাভৱান হ’ব। “

উল্লেখ্য প্ৰধানমন্ত্ৰী মোদীয়ে ২০২২ চনৰ অক্টোবৰ মাহত বদোদৰাত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। বদোদৰাৰ পৰা প্ৰধানমন্ত্ৰীয়ে আমৰেলীলৈ যাত্ৰা কৰে , তাত তেওঁ ভাৰত মাতা সৰোৱৰ উদ্বোধন কৰিব। তেওঁ ৪৮০০ কোটিৰো অধিক টকা বিনিয়োগ কৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে আমৰেলী, জামনগৰ, মৰ্বি, দেৱভূমি দ্বাৰকা, জুনাগড়, পৰবন্দৰ, কাছ্চ, আৰু বোটাড জিলাৰ নাগৰিকসকলক উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীয়ে ২৮০০ কোটিৰো অধিক টকাৰ বিভিন্ন পথ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ১৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ, ১৫১এ, আৰু ৫১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন অংশৰ চাৰিলেনিং আৰু জুনাগড় বাইপাছ। জামনগৰ জিলাৰ ধ্রোল বাইপাছৰ পৰা মর্বি জিলাৰ আমৰাণলৈকে বাকী থকা অংশটোৰ চাৰিলেনযুক্ত প্রকল্পৰ আধাৰশিলাও স্থাপন কৰিব মোদীয়ে।

প্রধানমন্ত্রীয়ে প্রায় ১১০০ কোটি টকা ব্যয় সাপেক্ষে সম্পূর্ণ হোৱা ভুজ-নলীয়া ৰে’ল গেজ ৰূপান্তৰ প্রকল্প দেশৰ বাবে উৎসর্গ কৰিব৷ এই বিস্তৃত প্ৰকল্পটোত ২৪খন ডাঙৰ দলং, ২৫৪খন সৰু দলং, ৩খন পথৰ অভাৰব্ৰিজ, আৰু ৩০খন আণ্ডাৰব্ৰিজৰ ব্যৱস্থা আছে। প্ৰধানমন্ত্ৰীয়ে আমৰেলি জিলাৰ পৰা পানী যোগান বিভাগৰ ৭০০ কোটিৰো অধিকটকীয়া বিভিন্ন উন্নয়নমূলক প্ৰকল্পও উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব।

Pabitra Margherita । গুৱাহাটীত কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ মুগা এৰি চিল্কৱৰ্ম বীজ সংগঠন পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই

Pabitra Margherita । গুৱাহাটীত কেন্দ্ৰীয় ৰেচম ব'ৰ্ডৰ মুগা এৰি চিল্কৱৰ্ম বীজ সংগঠন পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই
Pabitra Margherita । গুৱাহাটীত কেন্দ্ৰীয় ৰেচম ব'ৰ্ডৰ মুগা এৰি চিল্কৱৰ্ম বীজ সংগঠন পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৮ অক্টোবৰঃ কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই ভাৰতৰ ৰেচম খণ্ডৰ উন্নতিৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ বাৰ দোহাৰিলে। মন্ত্ৰীগৰাকীয়ে গুৱাহাটী আজি কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ মুগা এৰি চিল্কৱৰ্ম বীজ সংগঠন (এমইএছএছঅ’) পৰিদৰ্শন কৰে।( Pabitra Margherita) সমগ্ৰ উত্তৰ-পূব ভাৰত আৰু তামিলনাডুত ইয়াৰ ১৩ টা ক্ষেত্ৰ গোটৰ নেটৱৰ্কৰ সৈতে এমইএছএছঅ’ হৈছে উচ্চ মানসম্পন্ন ৰ মুগা আৰু এৰি ৰেচম পলু বীজ উৎপাদনৰ এক উল্লেখনীয় সংস্থা। এই সংস্থাই ৰেচম খণ্ডৰ বিকাশ আৰু উদ্ভাৱনীমূলক কৰ্মৰ বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।


তেওঁৰ এই পৰিদৰ্শনকালত মন্ত্ৰী মাৰ্ঘেৰিটাই উত্তৰ-পূবৰ ৰেচম শিল্পৰ পৰিৱৰ্তন, বিশেষকৈ মুগা আৰু এৰি ৰেচমৰ উৎপাদন তথা খেতিৰ প্ৰশংসা কৰে। এই শিল্প এতিয়া পৰম্পৰাগত জনজাতীয় শিল্পৰ পৰা এক প্ৰতিশ্ৰুতিপূৰ্ণ উদ্যোগলৈ বিকশিত হৈছে। এই বিৱৰ্তনে গ্ৰাম্য আৰু জনজাতীয় সম্প্ৰদায়ৰ বাবে জীৱিকাৰ যথেষ্ট সুযোগ মুকলি কৰিছে, বিশেষকৈ মহিলা শিল্পীসকলৰ বাবে যিসকলে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰেচম পৰিষদৰ কৌশলগত প্ৰচেষ্টাৰ কথাও এই প্ৰসংগতে উল্লেখ কৰে। পৰিষদৰ গৱেষণা আৰু উন্নয়নমূলক পদক্ষেপসমূহে ভাৰত চৰকাৰৰ সমৰ্থনত গুৰুত্বপূৰ্ণ উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে। তেওঁ উল্লেখ কৰে যে এই পদক্ষেপসমূহে ৰেচম শিল্পৰ সৈতে নিয়োজিতসকলৰ সামাজিক পৰিস্থিতিৰ ওপৰত এক স্পষ্ট প্ৰভাৱ পেলোৱাৰ লগতে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰি তেওঁলোকৰ জীৱনৰ মান উন্নত কৰিছে।


মাৰ্ঘেৰিটাই এমইএছএছঅ’ গুৱাহাটীৰ সুদূৰপ্ৰসাৰী পদক্ষেপ, বিশেষকৈ মুগা সংস্কৃতিক বিশেষ অঞ্চল, যেনে পশ্চিম বংগৰ কালিম্পং আৰু উত্তৰাখণ্ডৰ নিৰ্বাচিত অঞ্চললৈ সম্প্ৰসাৰিত কৰাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। এই অঞ্চলবোৰত মুগা সংস্কৃতিৰ স্বকীয় পৰিচয় উদ্ভাসিত কৰািব বিচৰা হৈছে আরু এমইএছএছঅ’ৰ লক্ষ্য হৈছে ৰেচম উৎপাদনৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱ হ্ৰাস কৰা তথা গুণগত মানৰ মুগা ৰেচমৰ বহনক্ষম যোগান নিশ্চিত কৰাৰ বাবে উৎপাদনত বৈচিত্ৰতা অনা।


মন্ত্ৰীগৰাকীয়ে অনন্য ৰেচমৰ বৰ্ধিত ৰাষ্ট্ৰীয় চাহিদাৰ সৈতে সংগতি ৰাখি উত্তৰ-পূবৰ মুগা আৰু এৰি সংস্কৃতিৰ প্ৰতি সমৰ্পিত সকলো মৌলিক বীজ উৎপাদন গোটত বীজ উৎপাদন দক্ষতা বৃদ্ধি অব্যাহত ৰখাৰ বাবে এমইএছএছঅ’ৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। । তেওঁ এমইএছএছঅ’ক ইয়াৰ বীজ উৎপাদন প্ৰক্ৰিয়াৰ মান আৰু তাৰ পৰিমাপৰ বিষয়ক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় । যাতে ভাৰতৰ মুগা আৰু এৰি ৰেচমে ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় দুয়োধৰণৰ চাহিদা পূৰণ কৰিব পাৰে। যাৰ ফলত বিশ্বৰ ৰেচম বজাৰত ভাৰতৰ স্থিতি শক্তিশালী হয়।


তত্বাৱধানত মাৰ্ঘেৰিটাই ৰেচম উদ্যোগৰ বহনক্ষম বিকাশৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক বিভাগসমূহৰ মাজত সহযোগিতাৰ গুৰুত্বৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ হস্ততাঁত আৰু হস্তশিল্প খণ্ডৰ লগতে গ্ৰাম্য সম্প্ৰদায়সমূহক নিযুক্তি সৃষ্টি আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰেচম শিল্পৰ সম্ভাৱনাৰ বিষয়ত আলোকপাত কৰে। মন্ত্ৰীগৰাকীৰ মতে, পৰম্পৰাগত কাৰুশিল্পক সমৰ্থন কৰাটোৱে কেৱল জীৱিকা বৰ্তাই ৰখাই নহয়, লগতে ভাৰতৰ সমৃদ্ধ ঐতিহ্যক সংৰক্ষণ কৰা আৰু ইয়াক দেশৰ বিশাল আৰ্থ-সামাজিক উন্নয়নৰ লক্ষ্যত উপনীত হোৱাত এক গুৰুত্বপূৰ্ণ অৱদানকাৰী হিচাপে স্থান দিব পাৰে।

Pandu Multi Modal Terminal: পাণ্ডু বন্দৰত নিৰ্মীয়মান উত্তৰ-পূবৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে

Pandu Multi Modal Terminal: পাণ্ডু বন্দৰত নিৰ্মীয়মান উত্তৰ-পূবৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
Pandu Multi Modal Terminal: পাণ্ডু বন্দৰত নিৰ্মীয়মান উত্তৰ-পূবৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে

গুৱাহাটী, ২৮ অক্টোবৰ: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে পাণ্ডু বন্দৰত(Pandu Multi Modal Terminal) উপস্থিত হৈ উত্তৰ-পূব ভাৰতৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ খতিয়ান লয়।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ আৰু জাহাজ পৰিবহণ খণ্ডক সুসজ্জিত কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰ(Northeast’s First Ship Repair Facility) গুৱাহাটীৰ পাণ্ডু বন্দৰত ক্ষিপ্ৰতাৰে নিৰ্মাণ হৈ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে জানিবলৈ দিয়ে।

তদুপৰি ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰয়েদি আমদানি-ৰপ্তানি সুচল কৰাৰ লক্ষ্যৰে নিৰ্মীয়মান গুৱাহাটীৰ পাণ্ডু বন্দৰ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ওখ পথটিৰ (Elevated Road) কামৰ অগ্ৰগতিৰো সোণোৱালে আজি পৰ্যালোচনা কৰে। সোমবাৰে পাণ্ডু বন্দৰত উপস্থিত হৈ তেখেতে সংশ্লিষ্ট বিষয়াসকল আৰু অংশীদাৰসকলক উক্ত প্ৰকল্পসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে।

২০১৪ চনৰ আগতে নদীপথৰ বিকাশত গুৰুত্ব দিয়া হোৱা নাছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১০ বছৰৰ কল্যাণমূলক শাসনকালতহে দেশৰ লগতে অসমৰ জলপথ খণ্ডই যথেষ্ট অগ্ৰগতি লাভ কৰিছে: কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

প্ৰধানমন্ত্ৰী গতি শক্তিক ত্বৰান্বিত কৰিবলগীয়া এই প্ৰকল্পই জলপথৰ আন্তঃগাঁথনি সুদৃঢ় কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি সোণোৱালে উল্লেখ কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে দেশৰ জলপথ বিকাশৰ বাবে দায়বদ্ধ নডেল সংস্থা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় আৰু ব্ৰহ্মপুত্ৰ(Majuli Bridge over Brahmaputra) নদক (ৰাষ্ট্ৰীয় জলপথ ২) কেন্দ্ৰ কৰি ৬৪৫ কোটি টকা বিনিয়োগেৰে বিকশিত কৰি থকা বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ মূল্যায়ন কৰে।

ইতিমধ্যে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে অসমত ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি ১০টা নতুন জলপথ প্ৰকল্পৰ বাবে ৬৪৫ কোটি টকাৰ অনুমোদন জনাইছে(Pandu Port Complex)।

এই নতুন প্ৰকল্পৰ লক্ষ্য হৈছে নদী পৰ্যটন ত্বৰান্বিত কৰা, সুচল যাতায়াত বৃদ্ধিৰ বাবে ব্ৰহ্মপুত্ৰত নতুন সক্ষমতা গঢ়ি তোলা। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সাগৰমালা কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ১০০% পুঁজিৰে প্ৰকল্পসমূহ কাৰ্যকৰী কৰা হ’ব।

ধুবুৰী জিলাৰ মায়া ঘাট আৰু মাজুলী জিলাৰ দৰে কৌশলগত স্থানত স্লিপৱে নিৰ্মাণৰ পৰা আৰম্ভ কৰি উত্তৰ লখিমপুৰৰ ঘাগৰ আৰু বৰপেটা জিলাৰ বহৰীত যাত্ৰী টাৰ্মিনেল স্থাপনলৈকে, প্ৰতিটো পদক্ষেপে সংযোগ বৃদ্ধি আৰু সমগ্ৰ অঞ্চলটোত নিৰৱচ্ছিন্ন জল পৰিবহণৰ সুবিধাৰ বৃদ্ধি কৰিব।

গোৱালপাৰা, গুঁইজান, কুৰুৱা, ধুবুৰী, দিচাংমুখ আৰু মাটমৰাতো অতিৰিক্ত যাত্ৰী টাৰ্মিনেল স্থাপন কৰা হ’ব, যিয়ে অসমৰ বিভিন্ন জিলাৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰিব। এই দহটা প্ৰকল্পই পৰিবহণ দক্ষতা বৃদ্ধি কৰিব, সমগ্ৰ অঞ্চলটোত ঔদ্যোগিক বিকাশ আৰু বাণিজ্যক উৎসাহিত কৰিব।

যিকোনো অসুবিধা নেওচি মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম ক্ষিপ্ৰতাৰে ৰূপায়ণ হ’ব বুলিও কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আজি উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, নদীক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছে আমাৰ সভ্যতা-সংস্কৃতি।

নদী কাষৰীয়া জাতি হিচাপে জলপথ সদায়েই আমাৰ জীৱনৰেখা হৈ আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমাৰ সভ্যতাৰ এই গুৰুত্বপূৰ্ণ দিশটো অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ বাবে বহনক্ষম সমাধান বিচাৰি উলিওৱাৰ প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ মহাবাহু ব্ৰহ্মপুত্ৰই অসমৰ জনসাধাৰণৰ বাবে প্ৰবল সুযোগ-সম্ভাৱনা কঢ়িয়াই আনিছে। যাত্ৰীবাহী জাহাজ আৰু মালবাহী জাহাজৰ মসৃণ যাত্ৰাৰ বাবে নিম্নতম উপলব্ধ গভীৰতা (এলএডি) বজাই ৰখাৰ বাবে নিয়মীয়াকৈ ড্ৰেজিঙৰ দৰে কাৰ্যকলাপ গ্ৰহণ কৰা হৈছে। আমি নদীৰ কাষৰীয়া আন্তঃগাঁথনিৰ বিকাশৰ ব্যৱস্থা ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰি যাম।

সোণোৱালে লগতে কয়, “আমাৰ সমৃদ্ধ জলপথ ব্যৱস্থা কংগ্ৰেছ চৰকাৰৰ দিনত সকলোধৰণৰ মনোযোগৰ পৰা বঞ্চিত হৈ আছিল। ২০১৪ চনৰ আগতে নদীপথৰ বিকাশত গুৰুত্ব দিয়া হোৱা নাছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০ বছৰৰ কল্যাণমূলক শাসনকালতহে দেশৰ লগতে অসমৰ জলপথ খণ্ডই যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ইয়াৰ বাবে বিভিন্ন নতুন প্ৰকল্প আমি হাতত লৈ আহিছোঁ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাদায়ক নেতৃত্বত জলপথসমূহক সক্ষম আৰু শক্তিশালী কৰাৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত ব্ৰহ্মপুত্ৰ নদীয়ে এক সমৃদ্ধ বাণিজ্য আৰু অৰ্থনৈতিক উজ্জীৱিতকৰণৰ পথ হিচাপে ইয়াৰ পুৰণি গৌৰৱ পুনৰুদ্ধাৰ কৰাৰ পথত আগবাঢ়িছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোৰ লোকসকলৰ বাবে বিশাল অৰ্থনৈতিক সুযোগ-সম্ভাৱনা মুকলি হৈছে।

মেৰিটাইম ইণ্ডিয়া ভিজন (এমআইভি)ৰ অধীনত ২০৩০ চনৰ ভিতৰত আভ্যন্তৰীণ জল পৰিবহণ খণ্ডক এক নতুন শিখৰত উপনীত কৰোৱাৰ সংকল্প লোৱা হৈছে।

উত্তৰ-পূবত সম্প্ৰতি ২০টা জলপথ পৰিচালনা কৰা হৈ আছে, যি ২০১৪ চনলৈকে কেৱল এটাহে আছিল। উত্তৰ-পূব অঞ্চলত জলপথ পৰিবহণ আৰু পৰ্যটন আন্তঃগাঁথনিত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ কেইবাটাও পৰিৱৰ্তনশীল প্ৰকল্প সাজু কৰা হৈছে।

ইয়াৰ ভিতৰত আছে যোগীঘোপা, তেজপুৰ, বিশ্বনাথঘাট, নিমাতী, শদিয়া আৰু বিন্ধাকটাত মুঠ ৮.৪৫ কোটি টকাৰ বিনিয়োগৰ সৈতে ছয়খন পৰ্যটক জেটিৰ নিৰ্মাণ।

এনেদৰে বিভিন্ন দূৰদৰ্শী প্ৰকল্পৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডত এক আমূল পৰিৱৰ্তনৰ সূচনা কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে লগতে উল্লেখ কৰে।

Karate Training Camp: গুজু-ৰিউ স্পোৰ্টছৰ কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ

Karate Training Camp: গুজু-ৰিউ স্পোৰ্টছৰ কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ
Karate Training Camp: গুজু-ৰিউ স্পোৰ্টছৰ কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ

গুৱাহাটী, ২৮ অক্টোবৰঃ ইণ্ডিয়ান কাৰাটে সংস্থাৰ অসম ৰাজ্যিক গুজু-ৰিউ স্পোৰ্টছ কাৰাটে-ডোৰ অধিনৰ কাৰাটে একাডেমীৰ উদ্যোগত গোৱালপাৰাৰ শোলমাৰাত অনুষ্ঠিত হয় বাৰ্ষিক কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ-২০২৪ৰ(Karate Training Camp)।

উল্লেখ্য, ইণ্ডিয়ান গুজু-ৰিউ স্পোৰ্টছ কাৰাটে-ডো সংস্থাৰ তত্বাৱধানত ৰাজ্যিক ভিত্তিত আয়োজন কৰা প্ৰশিক্ষণ শিবিৰটো টেকনিকেল ডাইৰেক্টৰ চিহান সঞ্জীৱ বসুমতাৰী আৰু প্ৰাক্তন সৈনিক তথা ৰাষ্ট্ৰীয় প্ৰশিক্ষক লক্ষণ ৰয়ৰ পৰিচালনাত অনুষ্ঠিত হয়(Martial Arts Training Camp)।

ইফালে বাৰ্ষিক কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ আয়োজক তথা খেলৰ ইনষ্ট্ৰাক্টৰ বুদ্ধেশ্বৰ ৰাভাই জনোৱা মতে, প্ৰশিক্ষণ শিবিৰত ১০০গৰাকীতকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে(Karate originates from Japan)।

ইফালে ডিচেম্বৰত উত্তৰ প্ৰদেশত অনুষ্ঠিত হ’ব লগা খেলৰ বাবে খেলুৱৈ বাচনি কৰাৰ বাবে এই প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে(Indian Karate Association)।

ইফালে গোৱালপাৰা জিলা ড্ৰাগন কাৰাটে একাডেমী গুজু-ৰিউৰ তৰফৰ পৰা জনোৱা মতে প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ইনষ্ট্ৰাক্টৰ ডেৰহাছত নাৰ্জাৰী, বয়ৰাম বসুমতাৰীৰ উপৰি বহু সংখ্যক খেলুৱৈ তথা প্ৰশিক্ষকে অংশগ্ৰহণ কৰে(martial arts management software)।

Aishwarya Rai Bachchan: ৫০ বছৰতো চিকচিকিয়া ছাল আৰু চুলিৰ গৰাকী ঐশ্বৰ্য ৰায় বচ্চন! কেনেকৈ সম্ভৱ

Aishwarya Rai Bachchan: চিকচিকিয়া ছাল আৰু চুলিৰ গৰাকী ঐশ্বৰ্য ৰায় বচ্চন
Aishwarya Rai Bachchan: ৫০ বছৰতো চিকচিকিয়া ছাল আৰু চুলিৰ গৰাকী ঐশ্বৰ্য ৰায় বচ্চন

৫০ বছৰতো ইমান চিকচিকিয়া ছাল আৰু চুলিৰ গৰাকী ঐশ্বৰ্য ৰায় বচ্চন। কেৱল খাদ্য আৰু ছালৰ যত্ন ল’লেই নহয়, ঐশ্বৰ্যই পালন কৰে এক বিশেষ জীৱনশৈলী।(Aishwarya Rai Bachchan)

ঐশ্বৰ্য ৰায় বচ্চন ৫০ বছৰ বয়সতো চিকচিকিয়া ছাল আৰু চুলিৰ গৰাকী (Aishwarya Rai Bachchan Hair Care)

তেওঁৰ কেইটামান টিপছ আপোনালৈ আগবঢ়ালোঁ-(Hair and Skin Care Tips)

ঐশ্বৰ্য ৰায় বচ্চনে সহজ ছালৰ যত্নত বিশ্বাস কৰে। কেৱল সেয়াই নহয়, তেওঁ নিয়মীয়া জীৱন যাপন কৰে, যিটো তেওঁৰ যৌৱনৰ অন্যতম কাৰণ।


ঐশ্বৰ্যই সদায় ৰাতিপুৱা সোনকালে উঠে, এইটোৱেই তেওঁৰ অভ্যাস আৰু উঠিয়ে প্ৰথমে ছালখন ভালদৰে ধুই দিয়ে।


ঐশ্বৰ্য ৰায়ৰ মতে ছাল পৰিষ্কাৰ আৰু আৰ্দ্ৰ কৰি ৰখাটো ছালৰ যত্নৰ অন্যতম চাবিকাঠি।

ঐশ্বৰ্যই ফেচ ৱাছেৰে ছালখন ধুই মইশ্ব’ৰাইজ কৰিবলৈ নাপাহৰে। মুখ আৰু হাতত অলপ মইশ্ব’ৰাইজাৰ লগাব আপুনিও।


ঐশ্বৰ্যই বেছি মেকআপ কৰি ভাল নাপায়। তেওঁৰ আটাইতকৈ বেছি ব্যৱহাৰ কৰা দুটা মেকআপ হ’ল আইলাইনাৰ আৰু কাজল। আৰু তেওঁ বহুত ফেচ পাউদাৰ ব্যৱহাৰ কৰে।


ঐশ্বৰ্যৰ মতে গোটেই দিনটো পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো ছালৰ বাবে উপকাৰী। ইয়াৰ বাবে ঐশ্বৰ্যই মনত ৰাখিছে যে তেওঁ গোটেই দিনটো পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।


ঐশ্বৰ্যই ঘৰৰ খাদ্য খাই ভাল পায়। তেওঁৰ খাদ্যত কোনো ভাত বা ৰুটি নাৰাখে।


নিয়মিতভাৱে চুলিৰ তেল প্ৰয়োগ কৰিলে চুলিত ৰক্ত সঞ্চালন উন্নত হয়। ঐশ্বৰ্যই সাধাৰণতে মূৰত নাৰিকল তেল লগাই।


কণী আৰু তেলেৰে তৈয়াৰী এভোকেডো মাস্ক আৰু ঘৰতে বনোৱা মাস্ক মূৰৰ ছালত লগাই ঐশ্বৰ্য চুলিখিনি ৰক্ষণাবেক্ষণ দিয়ে। বাহিৰৰ পৰা কিনা বস্তু তেওঁ ব্যৱহাৰ নকৰে।(Skin Care Aishwarya)

Hoolock Gibbon: অসমৰ পৰ্যটনৰ ক্ষেত্ৰ নৱ সংযোজন কাছিজানৰ হলৌ বান্দৰ

Hoolock Gibbon: অসমৰ পৰ্যটনৰ ক্ষেত্ৰ নৱ সংযোজন কাছিজানৰ হলৌ বান্দৰ
Hoolock Gibbon: অসমৰ পৰ্যটনৰ ক্ষেত্ৰ নৱ সংযোজন কাছিজানৰ হলৌ বান্দৰ

গুৱাহাটী, ২৮ অক্টোবৰঃ অসমৰ তিনিচুকীয়া জিলাখনক এক বাণিজ্যিক কেন্দ্ৰ হিচাপে গণ্য কৰা হয়।সমান্তৰালকৈ তিনিচুকীয়া জিলাখন প্ৰাকৃতিক, সাংস্কৃতিক, ধৰ্মীয় তথা আধ্যাত্মিক আদি বিভিন্ন দিশৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ঠাই হিচাপে পৰিচিত। উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু তিনিচুকীয়াৰ বাৰেকুৰিত দুষ্প্ৰাপ্য তথা বিৰল প্ৰজাতিৰ হলৌ বান্দৰ(Hoolock Gibbon) পোৱা যায় বুলি অসম, ভাৰতৰ লগতে আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো জনাজাত(Dihing Patkai National Park)।

কিন্তু তিনিচুকীয়া জিলাৰে কাকপথাৰ অন্তৰ্গত কাছিজান গাঁৱতো(Kasijan Reserved Forest) যে হলৌ বান্দৰ পোৱা এই কথা একেবাৰে কম সংখ্যক লোকেহে জানে। অৱশ্যে অসমৰ প্ৰেক্ষাপটত কাছিজানৰ হলৌ বান্দৰে বহু বছৰ পূৰ্বে চৰ্চা লাভ কৰিছিল।

ইয়াৰ ওপৰত অসম চৰকাৰৰ অধীনত থকা বিভাগীয় কৰ্তৃপক্ষ, পৰিৱেশকৰ্মী, প্ৰাকৃতিক পৰিৱেশৰ লগত জড়িত দল-সংগঠন, সংস্থা আদি সমূহে আওকাণ কৰাৰ বাবেই কাছিজানৰ দুষ্প্ৰাপ্য হলৌ বান্দৰ অৱহেলিত হৈ ৰ’ল আৰু আজিও অৱহেলিত হৈ আছে(Assam Tourism Sector)।

সম্প্ৰতি অতি তাৎপৰ্যপূৰ্ণ কথা এইয়ে যে, ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত কুমচাং চাহ বাগিচা, কাছিজান গাঁৱৰ গাতে লাগি থকা কাছিজান সংৰক্ষিত বনাঞ্চলত গছ-গছনি কটা প্ৰতিযোগিতা চলিছে। বন ৰক্ষাৰ বাবে থকা বন বিভাগৰ কিছু কৰ্মচাৰীয়েই গছ কাটি এক প্ৰকাৰৰ ব্যৱসায়ত নামিছে।

এই অভিযোগ স্থানীয় লোকৰ। অৱশ্যে এই অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ মৰাণ ছাত্ৰ সন্থাই সংবাদ মাধ্যম যোগে প্ৰকাশ কৰিছিল। উল্লেখ্য, কাছিজান সংৰক্ষিত বনাঞ্চলৰ দাঁতি কাষৰীয়া গাঁও কাছিজানত বৰ্তমান ৬ টাকৈ হলৌ বান্দৰ বিচৰণ কৰি ফুৰা তথ্য পোৱা গৈছে।

অতি শেহতীয়াকৈ ২৩ অক্টোবৰ, ২০২৪ তাৰিখে কাছিজান গাঁৱৰ নৰেন্দ্ৰ মৰাণৰ বাৰীত তিনিটা হলৌ বান্দৰে একেলগে বিচৰণ কৰি ফুৰা দেখা যায়। নৰেন্দ্ৰ মৰাণৰ ভাষ্য অনুসৰি কাছিজান গাঁও প্ৰতিষ্ঠা হোৱাৰ আগৰ পৰাই অৰ্থাৎ ১৯০৩ চনৰ পূৰ্বৰ পৰা কাছিজানত হলৌ বান্দৰ আছিল।

হলৌ বান্দৰ আৰু কাছিজানবাসীৰ মাজত আছে এক নিবীড় সম্পৰ্ক। কাছিজানৰ যুৱক সপোনজ্যোতি মৰাণ, কনক মৰাণ আৰু স্থানীয় লোকে কোৱা অনুসৰি, ২০২২ চনত প্ৰৱল দুমুহাৰ ফলত গছ পৰি এটা হলৌৰ মৃত্যু হয়। ২০২৩ চনৰ ৩ জুন তাৰিখে উচ্চ ক্ষমতাৰ বিদ্যুত পৰিবাহী তাঁৰত লাগি কৰুণভাৱে মৃত্যু হয় আন এটা হলৌ বান্দৰ। দুষ্প্ৰাপ্য হলৌ বান্দৰৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে কাছিজানবাসীয়ে(Tinsukia)।

উল্লেখ্য, অসমীয়া সমাজত মানুহ মৃত্যু হ’লে যেনেকৈ নীতি-নিয়ম অনুসৰি তিনিদিনত তিলনী তথা শ্ৰাদ্ধ পাতে ঠিক তেনেকৈ হলৌ বান্দৰৰ মৃত্যুৰ তিনিদিনৰ অন্তত অৰ্থাৎ ৫ জুন তাৰিখে শোকস্তব্ধ কাছিজানবাসীয়ে হলৌৰ আত্মাৰ মুক্তি কামনা কৰি পালন কৰে শ্ৰাদ্ধ। হলৌৰ প্ৰতি থকা মৰমৰ বাবেই আজিও স্থনীয় লোকে হলৌক কল খাবলৈ দিয়ে।

কাছিজানো হ’ব পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ ঠাই। কাছিজানত থকা হলৌ বান্দৰসমূহ সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে। এই সংৰক্ষণৰ দ্বাৰাই হলৌ বান্দৰৰ ওপৰত পৰ্যটন কৰি কাছিজান অঞ্চলৰ বহু যুৱক-যুৱতীয়ে নিশ্চিতভাৱে কৰ্মসংস্থাপনৰ দিশ হিচাবে ল’ব পাৰিব। কাছিজান সংৰক্ষিত বনাঞ্চলখন অতি মূল্যৱান বনাঞ্চল হিচাবে চিহ্নিত হৈছে।

কিয়নো তাত আছে অসমৰ ৰাজ্যিক তথা জাতীয় গছ হোলোং, দুস্প্ৰাপ্য লাজুকী বান্দৰ, ৰাজ্যিক পক্ষী দেওহাঁহ, হাতী, ছাগলী পহু, বাঘ, চৰাই, পখিলা, বনৌষধ, অৰ্কিড, গছ-গছনি ইত্যাদি। সেয়ে এই বনাঞ্চলখন প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত যথেষ্ট চহকী। গতিকে ইয়াক সংৰক্ষণ কৰিব নোৱাৰিলে অসমৰ এক মূল্যৱান সম্পদ হেৰাই যাবলৈ বৰ বেছি সময় নালাগিব।

তিনিচুকীয়া লিহিৰি ইক’ ক্লাবৰ সম্পাদক সোনজিত মৰাণে কাছিজানৰ হলৌ বান্দৰৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম চৰকাৰৰ লগতে প্ৰকৃতিপ্ৰেমী, পৰিৱেশকৰ্মী, পৰিৱেশৰ লগত জড়িত দল-সংগঠনক আহ্বান জনাইছে। কাইলৈ অৰ্থাৎ ২৪ অক্টোবৰ তাৰিখে “বিশ্ব হলৌ দিৱস”। এই দিৱস ২০১৫ চনৰ পৰা সমগ্ৰ দেশতে পালন কৰি আহিছে।

অসমৰ অকণিৰ পাঠ্যপুথিত বহু বছৰ পূৰ্বে প্ৰকাশিত কবি মিত্ৰদেৱ মহন্তৰ- “হলৌ উঠিল টকৌ গছত, লগাই খদৌ মদৌ জৌ জৌ কৈ সৰিল নিয়ঁৰ হ’ল জলৌ জপৌ।” শীৰ্ষক কাব্যশাৰী আজি পুনৰবাৰ দুহাৰি সমগ্ৰ দেশবাসীলৈ ‘বিশ্ব হলৌ দিৱস’ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Mehdi Xeroxwala: শিক্ষাৰ্থীৰ সপোনৰ সহযোগী মেহদী জেৰক্সৱালা

Mehdi Xeroxwala: শিক্ষাৰ্থীৰ সপোনৰ সহযোগী মেহদী জেৰক্সৱালা
Mehdi Xeroxwala: শিক্ষাৰ্থীৰ সপোনৰ সহযোগী মেহদী জেৰক্সৱালা

গুৱাহাটী, ২৮ অক্টোবৰঃ চৰম ধৈৰ্য আৰু একাগ্ৰতাৰে অসম্ভৱকো সম্ভৱ কৰি দেখুৱাবলৈ সক্ষম হৈছে এজন যুৱক। নগাঁৱত এক ব্যতিক্ৰমী তথা অতিকৈ ক্ষুদ্ৰ ব্যৱসায় কৰি নিজকে সমাজৰ আগত এগৰাকী জনপ্ৰিয় আৰু হৃদয়ৱান যুৱক(Mehdi Xeroxwala) হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে যুৱকজন।

কেৱল মাত্ৰ শিক্ষাৰ্থী সমাজক সহায়ৰ হাত(Students’ Dreams) আগবঢ়োৱাৰ উদ্দেশ্য নগাঁও চহৰৰ আমোলাপট্টি বি বি ৰোডত ‘জেৰক্সৱালা’ নামাৰে ব্যৱসায়িক প্ৰতিষ্ঠানৰ জৰিয়তে এক ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰা এই দুৰদৰ্শী যুৱকজন হ’ল মেহদী আলম হাজৰিকা। ২৬ বছৰীয়া এই যুৱকজনৰ ঘৰ মৰিগাঁও জিলাৰ দৰঙীগাঁও।

তেওঁ বিগত প্ৰায় চাৰি বছৰ ধৰি প্ৰতি পৃষ্ঠা জেৰক্সৰ বাবদ মাত্ৰ পঞ্চাশ প‌ইচা আৰু প্ৰতি কপি পিডিএফ প্ৰিন্টৰ বাবদ মাত্ৰ এক টকাৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন পূৰণ কৰি আহিছে।

উল্লেখ্য যে নগাঁৱত বৰ্তমান প্ৰতিকপি জেৰক্সৰ দাম কোনোবা প্ৰতিষ্ঠানত দুটকা হোৱাৰ বিপৰীতে কোনোবাখনত তিনি টকা আৰু পিডিএফ প্ৰিন্টৰ প্ৰতি কপিৰ দাম ১০ টকা(World Test Championship)। ছাত্র-ছাত্ৰী সকলক এই সুবিধা দিয়াই নহয় প্ৰয়োজন অনুসাৰে ফটো কপি বা প্ৰিন্ট সমুহ হোম ডেলিভাৰীৰ ব্যৱস্থা কৰি আহিছে এই ব্যতিক্ৰমী ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে।

এইদৰে ইমান কম মূল্যত এই সুবিধা কেনেকৈ প্ৰদান কৰি আহিছে বুলি বিভিন্ন জনৰ কৌতূহলৰ অৱসান ঘটাই সংবাদ মাধ্যমৰ আগত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ গৰাকী মেহদী আলম হাজৰিকাই কয় যে অভাৱেই আৱিস্কাৰৰ মুল(Education World)। আৰ্থিক দৈন্যতাই বহু সন্ধান আৰু অনুপ্ৰেৰণা যোগাব পাৰে। মৰিগাঁৱৰ এটা ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰি যুৱকজনে একমাত্ৰ ভগ্নীৰ সৈতে বহু আৰ্থিক সমস্যাৰ মাজেৰে ছাত্র জীৱন পাৰ কৰিব লগা হৈছিল।

মেট্ৰিক পা‌ছ কৰি নিজৰ কনিষ্ঠ ভগ্নীৰ সৈতে ২০১৮ চনতে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ নগাঁৱলৈ আহি এটা ভাৰাঘৰত দুয়ো থাকিবলৈ লৈছিল(Human Development Magazine)।

বিজ্ঞান শাখাত শিক্ষা গ্ৰহণ কৰি থকা কভিডকালীন পৰিস্থিতিত ভগ্নীৰ বাবে প্ৰয়োজন হোৱা গাইড বুক এখন জেৰক্স কৰিবলৈ গৈ এক অৰ্থ সংকট জনিত পৰিস্থিতিৰ সন্মুখীন হৈছিল তেওঁ। তেওঁ পূৰ্বতে অনুমান নকৰাকৈ ৩০০মান পৃষ্ঠা জেৰক্স কৰিবলৈ যাওঁতে জেৰক্সৰ দোকানীয়ে ১৭০০টকা বিচাৰোঁতে চকু কপালত উঠে।

তাৰোপৰি সেই জটিল সময়ছোৱাত অনলাইন ক্লাচ সমূহত দিয়া প্ৰশ্ন কাকতৰ প্ৰিন্ট উলিয়াবলৈ গৈয়ো টকাৰ অভাৱৰ বাবে তেওঁ সমস্যাত পৰে।

ইমান টকা কেনেকৈ দিব তেওঁ তাকে কিছু সময় ভাৱি মনতে কেতবোৰ চিন্তাৰ উদ্বেগ ঘটে। লগতে আন দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলেনো কেনেকৈ ইমান টকাকৈ কেৱল জেৰক্সৰ নামত ব্যয় কৰিব।

তাক ভাৱিও আৱেগিক হৈ পৰাৰ লগতে বিষয়টোৱে তেওঁক কিবা নতুন চিন্তাৰ উন্মেষ ঘটাই। ইয়াৰ পৰাই তেওঁ কিছু অনুপ্ৰেৰণাও লাভ কৰে। সৰুৰে পৰা কম্পিউটাৰ চফ্টৱেৰৰ কামত পাকৈত যুৱকজনে বানিজ্য শাখাত সেই বৰ্ষটোতে দ্বিতীয়-তৃতীয় ষান্মসিকত অধ্যায়ন কৰাৰ সমান্তৰাল ভাবে ব্যক্তিগত কোম্পানী এটাৰ সৈতে কম্পিউটাৰ চফ্টৱেৰ কাম কৰি কিছু আৰ্থিক সকাহ লাভ কৰিছিল। এইদৰে কম্পিউটাৰ চলোৱা অথবা প্ৰযুক্তিগত ভাৱে পাৰ্গত যুৱক হাজৰিকাই এটা চফ্টৱেৰ ডেভলপ কৰিবলৈ সক্ষম হ’ল।

এইদৰে তেওঁ এটা প্ৰিন্টাৰ আৰু লেপটপ লৈ কভিডকালীন সময়ত নগাঁও বানিজ্য মহাবিদ্যালয়ৰ সমীপত এখন সৰু দোকান লৈ ব্যৱসায় আৰম্ভ কৰিলে। তেওঁ জনোৱা মতে, তেওঁ আৱিষ্কাৰ কৰা চফ্টৱেৰটোৰ জৰিয়তে কম সময়ত অধিক কপি জেৰক্স আৰু পি ডি এফ ফাইলটো দিয়াৰ লগে লগে কিমান সংখ্যা কপি আৰু ইয়াৰ বিনিময়ত লব লগা ধনৰ পৰিমাণ আদি সকলো আপোনা আপুনি ওলাই আহে।

যাৰ বাবে তেওঁ অতি নগন্য খৰছত শিক্ষাৰ্থী সমাজক নিজৰ ঘৰতে বহি নিজৰ প্ৰয়োজনীয় শৈক্ষিক হাতপুথি সমূহ যোগান ধৰিবলৈ সক্ষম হৈছে। বৰ্তমান নগাঁও জিলাৰ ওপৰিও কাষৰীয়া মৰিগাঁও আৰু হোজাই জিলাৰ ছাত্ৰ-ছাত্ৰীকো এই সুবিধা প্ৰদান কৰি আহিছে।

ইপিনে, ইমানেই নহয় হৃদয়বান যুৱকজনে অতি কম খৰচত কেৱল শিক্ষাৰ্থী সকলক পৰীক্ষা বা নাম ভৰ্তি, চাকৰিৰ আবেদনৰ ক্ষেত্ৰত অনলাইনৰ কামো কৰি দিয়ে।

আনকি তেওঁ কিছু ছাত্ৰ-ছাত্ৰীক ধন নোলোৱাকৈ কম্পিউটাৰ শিক্ষা দিও নিজৰ বদান্যতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। অকল শিক্ষাৰ্থী সমাজকেই নহয় এটা সৰু ব্যৱসায়ৰ জৰিয়তে নিজে অৰ্থনৈতিক ভাবে স্বচ্ছল হোৱাৰ লগতে আন বহুতক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে যুৱকজন।

লেখকঃ ভাস্কৰ জ্যোতি শ‌ইকীয়া (Bhaskar Jyoti Shaikia)