আৱাহন থিয়েটাৰ প্রায় ৪৫ বছৰীমা এক বর্ণিল যাত্রা। ২০২৪-২৫ বর্ষব আৱাহন থিয়েটাৰত মঞ্চস্থ কৰা অন্যতম সমাজ ধর্মী নাট ‘মেডাম মেনকা’। বিশিষ্ট নাট্যকাৰ তথা পৰিচালক অভিজিত ভট্রাচার্যৰ ৰচনা মেদাম মেনকাৰ যাদু চলিছে ভ্ৰাম্যমাণত।(Prastuti Porasor Abahan Theatre 2024-25)
বর্তমান সমমত য়ে নাৰী শক্তিশালি হৈ উঠিছে ইয়াৰ উপৰিও বর্তমান সমাজ ব্যৱস্থাত ঘটি থকা বাস্তৱ ছবি কিছুমান দেখা পাব দৰ্শকে ‘মেডাম মেনকা’ত।(Prastuti Porasor)
বিশেষজ্ঞসকলৰ মতে দীৰ্ঘদিন ধৰি মানসিক চাপৰ বাবে ৰক্তচাপ নিয়ন্ত্ৰণহীন হৈ পৰে। ইয়াৰ উপৰিও ধূমপান আৰু মদ্যপান কৰাটোও মানসিক চাপৰ পৰিস্থিতিত অধিক হোৱা দেখা গৈছে। মেট্ৰ’ চহৰৰ যুৱক-যুৱতীসকলৰ মাজত এই সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। মানসিক চাপৰ জীৱনে যুৱক-যুৱতীসকলৰ মাজত বিপদজনক কাৰক দ্ৰুতগতিত বৃদ্ধি কৰি আছে। মেটাবলিক চিনড্ৰম, অনিয়ন্ত্ৰিত ৰক্তচাপ, ডায়েবেটিছ, মেদবহুলতা, বেয়া জীৱনশৈলী, কম বয়সতে মানুহৰ অত্যধিক ধূমপান আৰু মদ্যপানৰ অভ্যাসে হৃদৰোগ গুৰুতৰ কৰি তুলিছে। বেয়া জীৱনশৈলীৰ বাহিৰেও যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগ বৃদ্ধি পোৱাৰ আঁৰত এটা বিপদজনক কাৰক।(the burden on the head is making the heart cry)
যুৱক-যুৱতীসকলৰ হৃদৰোগৰ আঁৰত আন বহু কাৰণ থাকিব পাৰে। ইয়াৰ ভিতৰত হৃদযন্ত্ৰৰ ক্ষতি, জন্মগত হৃদৰোগ আৰু অন্যান্য সমস্যাও অন্তৰ্ভুক্ত। যদি কাৰোবাৰ হৃদস্পন্দন দ্ৰুতগতিত হয়, খোজ কঢ়াৰ সময়ত উশাহ বন্ধ হৈ পৰে বা আন কোনো লক্ষণ দেখা দিয়ে, তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।(Heart disease)
ডেংগুৰ ভেকচিনৰ সফল পৰীক্ষণ: ভাৰতত শীঘ্ৰেই উপলব্ধ হ'ব ডেংগুৰ ভেকচিন
নতুন দিল্লী: প্ৰতি বছৰে বাৰিষাৰ সময়চোৱাত ডেংগু ৰোগৰ ঘটনা অসমকে ধৰি সমগ্ৰ ভাৰতত অধিক পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হয়। এই ৰোগত আক্ৰান্ত হৈ প্ৰতিবছৰে মৃত্যু ঘটে বহু লোকৰ । কিন্তু এতিয়া ডেংগুৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত আহিছে এটা সুখবৰ । ইতিমধ্যে ভাৰতত আৰম্ভ হৈছে ডেংগু ভেকচিনৰ মানৱ পৰীক্ষণ আৰু এই পৰীক্ষণ সফল হৈ উঠিলেই ৰক্ষা পৰিব ডেংগুত আক্ৰান্ত বহু ৰোগীৰ জীৱন(Dengue vaccine trial started in India) ।
পেনেছিয়া বায়’টেক আৰু ICMRৰ যৌথ প্ৰচেষ্টাত ডেংগুৰ এই ভেকচিনবিধ প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে এই ভেকচিনৰ তৃতীয় পৰ্যায়ৰ ট্রায়েল মানৱ শৰীৰৰ ওপৰত আৰম্ভ কৰা হৈছে । দিল্লীৰ ৰাম মনোহৰ লোহিয়া (RML) হাস্পতালত এই মানৱ পৰীক্ষণৰ আৰম্ভণি কৰা হৈছে।
ডেংগু ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ আঁচনি
ডেংগু ভেকচিনৰ তৃতীয় পৰ্যায়ৰ মানৱ পৰীক্ষণৰ বাবে ভাৰতৰ ১৯ টাকৈ কেন্দ্ৰত ১০,০০০ৰো অধিক লোকক অংশগ্ৰহণ কৰোৱা হৈছে। প্ৰত্যেক কেন্দ্ৰত প্ৰায় ৫৪৫ গৰাকীক এই ভেকচিন প্ৰদান কৰা হ’ব । ইয়াৰে অন্যতম কেন্দ্ৰ হৈছে দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতাল, য’ত স্বাস্থ্য মন্ত্ৰালয়ে এই ট্রায়েলৰ অনুমতি প্ৰদান কৰিছে। চিকিৎসালয়খনৰ কমিউনিটি মেডিচিন বিভাগৰ প্ৰধান চিকিৎস ডাঃ নীলম ৰয়ৰ নেতৃত্বত এটা চিকিৎসৰ দলক ডেংগু ভেকচিনৰ এই মানৱ পৰীক্ষণৰ দায়িত্ব প্ৰদান কৰা হৈছে।
ডাঃ নীলম ৰয়ে জানিবলৈ দিয়া অনুসৰি, তৃতীয় পৰ্যায়ৰ ট্রায়েলত প্ৰায় ৭০% লোক ১৮-৪৫ বছৰ বয়সৰ আৰু বাকী ৩০% লোক ৪৫ বছৰ ওপৰৰ বয়সৰ। এই ডেংগু ভেকচিনৰ ষ্ট্ৰেইন আমেৰিকাৰ এ আই এছ পৰা সংগ্ৰহ কৰি ইয়াৰ গুৰুত্বপূর্ণ পৰীক্ষণ আৰু বিশ্লেষণসমূহ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে।
যদি এই ভেকচিনবিধৰ মানৱ পৰীক্ষণ সফল হয়, তেন্তে দেশৰ সকলো প্ৰান্তৰ লোকক ইয়াক প্ৰদান আৰম্ভ হ’ব। ঠিক ক’ৰোনাৰ ভেকচিনৰ দৰে, এই ভেকচিনেও বহু লোকৰ জীৱন ৰক্ষা কৰিব।
গুৱাহাটী, ছেপ্টেম্বৰ ২৮ :( Cotton University) কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত তৃতীয় বাৰ্ষিক ভাৰত-জাপান শিক্ষা সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানটো ভাৰত-জাপান ব্যৱসায়িক পৰিষদ আৰু কটন বিশ্ববিদ্যালয়ৰ দক্ষতা বিকাশ কেন্দ্ৰৰ উদ্যোগ আৰু বিবেকানন্দ কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হয়। এই সন্মিলনখনৰ উদ্দেশ্য আছিল দুয়োখন ৰাষ্ট্ৰৰ মাজৰ শৈক্ষিক সম্বন্ধ সুদৃঢ় কৰা। অনুষ্ঠানটোত বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। (3rd Annual India-Japan Education Conference)
এই শিক্ষা সন্মিলনখনৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে ৰাজ্যিক শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগু আৰু জাপানৰ ৰাষ্ট্ৰদূত সন্মানীয় জিৰ’ ক’দেৰা, ভাৰত-জাপান ব্যৱসায়িক পৰিষদৰ সভাপতি সিদ্ধাৰ্থ দেশমুখ আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা।
অনুষ্ঠানটোৰ মুখ্য অতিথি তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে তেওঁৰ ভাষণত জাপান ভ্ৰমণৰ কথা বৰ্ণনা কৰে। জাপানৰ জনসাধাৰণৰ চহকী সংস্কৃতি আৰু অনুশাসনৰ কথা উল্লেখ কৰে আৰু উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ বিষয়ে শিকিবলৈ উৎসাহিত কৰে। আনহাতে অসমৰ শিক্ষামন্ত্ৰী ড° ৰানোজ পেগুৱে দুয়োখন দেশৰ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ লগত জাপানৰ সংস্কৃতি, খাদ্যাভ্যাস আৰু আতিথ্যৰ ক্ষেত্ৰত থকা সাদৃশ্যৰ কথা উল্লেখ কৰে।ভাৰত-জাপান ব্যৱসায়িক পৰিষদৰ সভাপতি সিদ্ধাৰ্থ দেশমুখে সন্মিলনখনৰ পাতনি মেলে আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই মুখ্য ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোৰ উদ্বোধনী ভাষণ প্ৰদান কৰে দক্ষতা বিকাশ কেন্দ্ৰৰ সঞ্চালক ড° সংগীতা বৰঠাকুৰে। ড° বৰঠাকুৰে ভাৰত জাপানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত দক্ষতা বিকাশ কেন্দ্ৰটোৱে লোৱা পদক্ষেপ কথা বৰ্ণনা কৰে আৰু এই সন্মিলনখন পঞ্চমটো পদক্ষেপ বুলি জানিব দিয়ে।
উদ্ধোধনী অনুষ্ঠানৰ পূৰ্বে, ভাৰত-জাপান ব্যৱসায়িক পৰিষদৰ উচ্চ শিক্ষা গৱেষণা সমিতিৰ অধ্যক্ষ সুধীৰ জয়ছৱালে ভাৰত-জাপান ব্যৱসায়িক পৰিষদ আৰু শিক্ষা সমিতিখনৰ চমু পৰিচয় দাঙি ধৰে। লগতে বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সংগঠক কুমাৰী সায়ন্তীয়ে অনুষ্ঠানটোত ভাষণ প্ৰদান কৰে।
উদ্ধোধনী অনুষ্ঠানৰ পিছত দিনটোৰ পৰৱৰ্তী কাৰ্যসূচীত আছিল উত্তৰ-পূব ভাৰতত জাপানী ভাষা আৰু শিক্ষাৰ ওপৰত আলোকপাত, জাপানত ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষা আৰু সংস্থাপন সুযোগ বিষয়ক আলোচনাচক্ৰ, আৰু বিভিন্ন জাপানী কাৰিকৰী দিশৰ প্ৰদৰ্শনী অনুষ্ঠান।
উচ্চ শিক্ষা, গৱেষণা, আৰু বৃত্তিমূলক শিক্ষাকে ধৰি বিভিন্ন শৈক্ষিক ক্ষেত্ৰত সহযোগিতা আৰু সুযোগ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানটোত অসমৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক আৰু বিষয়-ববীয়াসকলৰ লগতে অন্যান্য শিক্ষানুষ্ঠানৰ বহুকেইগৰাকী অধ্যাপক উপস্থিত থাকে।