Home Blog Page 520

Side-effects of Sprouts: প্ৰতিদিনে ৰাতিপুৱা গাজী বুট, মগু খোৱাৰ অভ্যাস আছে নেকি? সকলোৱে বাবে এই খাদ্য স্বাস্থ্যকৰ হয় নে…

গজালি ওলোৱা বুট, মগু
গজালি ওলোৱা বুট, মগু

বহুতে আনক দেখাৰ পিছত নিজৰ খাদ্যাভ্যাস সলনি কৰে। বহুতে সেই খাদ্য খাবলৈ আৰম্ভ কৰে যেতিয়া তেওঁলোকৰ চিনাকি কোনোবাই প্ৰতিদিনে ৰাতিপুৱা গজালি ওলোৱা বুট, মগু খোৱা দেখে। অৱশ্যে খাদ্য সঁচাকৈয়ে সকলোৰে বাবে স্বাস্থ্যকৰ হয় নে?(Side-effects of Sprouts)
বহুতৰে সাৰ পোৱাৰ পিছত খালী পেটতে পানী আৰু গজালি ওলোৱা বুট, মগু খোৱাৰ অভ্যাস আছে। বহুতে ভাল বেয়া নজনাকৈয়ে গজালি বুট, মগু খোৱাৰ আৰম্ভ কৰে। গজালি বুট, মগু খোৱাৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ইয়াত ভিটামিন, খনিজ আৰু প্ৰ’টিন প্ৰচুৰ পৰিমাণে থাকে, এই ধৰণৰ খাদ্যই আমাৰ পাচন শক্তি বৃদ্ধি কৰে, বিপাকীয় ক্ৰিয়া উন্নত কৰে, পাচনতন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও ই ৰক্তহীনতা দূৰ কৰে, তেজত থকা বেয়া কলেষ্টেৰল হ্ৰাস কৰে, ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। কেৱল সেয়াই নহয়, অংকুৰিত শস্য দীৰ্ঘদিন খালে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়। এই খাদ্যসমূহ ওজন কমাব পৰা খাদ্যতো অন্তৰ্ভুক্ত কৰিব পাৰি।(Sprouts)

গজালি ওলোৱা বুট, মগু খোৱাৰ উপকাৰিতা (advantages of eating sprouts)

গজালি ওলোৱা বুট, মগু খালে ইয়াৰ পুষ্টিকৰ মূল্য যথেষ্ট বৃদ্ধি পায়। স্বাস্থ্য উপকাৰৰ কথা আহিলে গজালি বুট, মগু কেঁচাকৈ খোৱাই ভাল। অংকুৰিত শস্যৰ চালাড এটা লঘু জলপান কিন্তু ভৰপূৰ আৰু স্বাস্থ্যৰ বাবে ভাল। আঠ বছৰ বয়সৰ পৰা পৰা আশী বছৰ বয়সৰলৈকে এই খাদ্য সকলোৱে খাব পাৰে।

কিন্তু বুট, মগু বিভিন্ন বেক্টেৰিয়াৰ প্ৰজনন ক্ষেত্ৰ। ছালমনেলা, ই-কলাইৰ দৰে বেক্টেৰিয়াৰ সংক্ৰমণে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে অত্যন্ত সাৱধানতাৰে খাব লাগে। অংকুৰিত শস্য কেঁচাকৈ খোৱাৰ আগতে ভালদৰে ধুব লাগে। অংকুৰিত শস্য বেছি সময় ফ্ৰীজত ৰখাৰ পিছত নাখাব। ফ্ৰীজত ৰাখিব বা বায়ুমণ্ডল বন্ধ পাত্ৰত ৰাখিব, কিন্তু এদিনতকৈ বেছি নহয়।(disadvantages of eating sprouts)

গজালি ওলোৱা বুট, মগু সকলোৱে খাব পাৰিবনে?

কিছুমান ৰোগ থাকিলে এই খাদ্য দৈনন্দিন খাদ্যত নাৰাখিলে ভাল।কেঁচা অংকুৰিত শস্যৰ বহু ক্ষেত্ৰত পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হয়। এই খাদ্য সকলোৱে হজম কৰিব নোৱাৰে। গতিকে যিসকলে বছৰটোৰ ভিতৰত পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে ​​তেওঁলোকৰ বাবে এই খাদ্য নাখাই ভাল। অংকুৰিত শস্য বৃক্ক ৰোগীৰ বাবেও ভাল নহয়, কিয়নো ই সমস্যাটো আৰু বেছি ভয়াৱহ কৰি তুলিব পাৰে। বাতবিষত আক্ৰান্তসকলৰ দৈনন্দিন খাদ্য তালিকাত এই খাদ্য নাৰাখিলে ভাল।

Drunk Woman Drives Car: মাতাল যুৱতীয়ে চলাই যোৱা বাহনে ডিব্ৰুগড় চহৰত নিশা সৃষ্টি কৰিলে ত্ৰাসৰ; মহতিয়াই নিয়া তিনিজনৰ অৱস্থা সংকটজনক

Drunk Woman Drives Car, Hits 3 in Dibrugarh City in Assam
Drunk Woman Drives Car: মাতাল যুৱতীয়ে চলাই যোৱা বাহনে ডিব্ৰুগড় চহৰত নিশা সৃষ্টি কৰিলে ত্ৰাসৰ; মহতিয়াই নিয়া তিনিজনৰ অৱস্থা সংকটজনক

ডিব্ৰুগড়,২৮ অক্টোবৰ: ডিব্ৰুগড় চহৰৰ মাজমজিয়াত সুৰাপায়ী মহিলাই চলাই যোৱা এখন বাহনে তাণ্ডৱ চলাই চহৰখনত বহুকেইটা দুৰ্ঘটনা সংঘটিত কৰে । বাহনখনৰ দ্বাৰা সংঘটিত দুৰ্ঘটনাৰ ফলত তিনিজন লোক গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাটোত আহত আটাইকেইজন লোকৰে অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে(Drunk Woman Drives Car)।

স্থানীয় ৰাইজে বৰ্ণনা কৰা অনুসৰি, বাহনখনে একাধিক যান বাহন আৰু পথচাৰীক খুন্দিওৱাৰ পাছত এটা ছেদত গৈ খুন্দা মাৰে (Dibrugarh accident)। ইফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনিজন লোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও তিনিওজন লোকৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণি অনুসৰি, AS 19E 4127 পঞ্জীয়ন নম্বৰৰ হুণ্ডাই i20 মডেলৰ বাহনখন চলাই অহা সুৰাসক্ত যুৱতীগৰাকীয়ে চহৰখনৰ পিএন ৰোড আৰু থানা চাৰিআলিত নির্মাণৰত ফ্লাইঅ’ভাৰৰ সমীপত একাধিক দুৰ্ঘনা সংঘটিত কৰে(Drunk Woman Drives Recklessly in Dibrugarh) । মাতাল যুৱতীগৰাকীয়ে চহৰখনত এক আতংকময় পৰিবেশৰ সৃষ্টি কৰাৰ পাছতে ক্ষুদ্ধ একাংশ স্থানীয় মহিলাই ঘটনাস্থলীলৈ আৰক্ষী নহা পৰ্যন্ত বাহনৰ লগতে যুৱতীগৰাকীক আবদ্ধ কৰি ৰাখে । ইফালে স্থানীয় লোকসকলে যুৱতীগৰাকীৰ বাহনৰ ভিতৰত উদ্ধাৰ কৰে বহুকেইটা সুৰাৰ বটলো । স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াৰ পিছত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰাৰ গতে মাতাল যুৱতীগৰাকীক আটক কৰি থানালৈ লৈ যোৱাৰ লগতে তদন্ত আৰম্ভ কৰে।

স্থানীয় লোকসকলে এই দুৰ্ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে চহৰখনত যাতে আৰু এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰবাবে আৰক্ষী তথা প্ৰশাসনক পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে ।

লগতে পঢ়ক: অৱশেষত আৰক্ষীৰ জালত পৰিল ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন

Free LPG Cylinders For Diwali:দীপাৱলীত চৰকাৰে দিব বিনামূলীয়া এলপিজি চিলিণ্ডাৰ, কোনে কৰিব পাৰিব আবেদন

Free LPG Cylinders For Diwali:দীপাৱলীত চৰকাৰে দিব বিনামূলীয়া এলপিজি চিলিণ্ডাৰ, কোনে কৰিব পাৰিব আবেদন
Free LPG Cylinders For Diwali:দীপাৱলীত চৰকাৰে দিব বিনামূলীয়া এলপিজি চিলিণ্ডাৰ, কোনে কৰিব পাৰিব আবেদন

নতুন দিল্লী, ২৭ অক্টোবৰঃ দীপাৱলীৰ ঠিক আগে আগে আৰম্ভ হৈছে বিভিন্ন চৰকাৰৰ বিনামূলীয়া চিলিণ্ডাৰ আঁচনি। কেইবাখনো ৰাজ্যই উৎসৱৰ বতৰৰ বাবে বিনামূলীয়া গেছ চিলিণ্ডাৰ বিতৰণৰ বাবে সাজুও হৈছে।

শেহতীয়াকৈ উত্তৰ প্ৰদেশ চৰকাৰে বিনামূলীয়া গেছ চিলিণ্ডাৰৰ(Free LPG Cylinders For Diwali) আঁচনি ঘোষণা কৰিছে। ইয়াৰ পিছতে অন্ধ্ৰ প্ৰদেশেও দীপাৱলীৰ বাবে বিনামূলীয়া গেছ চিলিণ্ডাৰ প্ৰদানৰ পৰিকল্পনা ঘোষণা(Govt Announces) কৰে।

কেনেকৈ লাভ কৰিব পাৰি?
এই সুবিধা লাভ কৰিবলৈ গেছ সংযোগধাৰীসকলে গেছ চিলিণ্ডাৰৰ বাবে সম্পূৰ্ণ ধন আগতেই দিব লাগিব। কিন্তু তিনিৰ পৰা চাৰি দিনৰ ভিতৰত গ্ৰাহকৰ বেংক একাউণ্টলৈ ধসেই ন ঘূৰাই দিয়া হ’ব(Pradhan Mantri Ujjwala Yojana)।

বিনামূলীয়া গেছ চিলিণ্ডাৰ কোনে লাভ কৰিব?
এই আঁচনিখনে কেৱল সেইসকল গ্ৰাহককহে উপকৃত কৰিব যিসকলে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত পঞ্জীয়ন কৰি ই-কেৱাইচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে।

যদি কোনোবাই এতিয়াও ই-কেৱাইচি সম্পূৰ্ণ কৰা নাই, তেন্তে এই সুবিধাৰ বাবে যোগ্য হ’বলৈ আধাৰ পৰীক্ষণৰ বাবে গেছ এজেন্সীলৈ যাব লাগিব।

বিনামূলীয়া চিলিণ্ডাৰৰ বাবে কেনেকৈ আবেদন কৰিব
উত্তৰ প্ৰদেশ চৰকাৰৰ এই ঘোষণাৰ পিছতে অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰাখণ্ডৰ চৰকাৰেও দীপাৱলীত উজ্জ্বলা যোজনাৰ অধীনত হিতাধিকাৰীৰ বাবে বিনামূলীয়া চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

ইয়াৰ সুবিধা ল’বলৈ হ’লে উজ্জ্বলা যোজনাৰ অধীনত পঞ্জীয়ন হ’ব লাগিব।

গ্ৰাহকে কমন চাৰ্ভিচ চেণ্টাৰ বা এল পি জি বিতৰকলৈ গৈ আবেদন কৰিব পাৰে। মূলতঃ মহিলাসকলৰ বাবে কৰা এই আঁচনিখনত নামভৰ্তি কৰিবলৈ নিৰ্দিষ্ট যোগ্যতাৰ মাপকাঠী পূৰণ কৰিব লাগিব।

উজ্জ্বলা যোজনাৰ অধীনত হিতাধিকাৰীসকলে ইতিমধ্যে নিয়মীয়া গ্ৰাহকতকৈ কম মূল্যত চিলিণ্ডাৰ লাভ কৰে, প্ৰতিটো চিলিণ্ডাৰত প্ৰায় ৩০০ টকা ৰাজসাহায্য পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত জমা হয়।

ISL Parthiv Gogoi: আইএছএলত অসম সন্তান পাৰ্থিৱ গগৈৰ অভিলেখ

ISL Parthiv Gogoi: আইএছএলত অসম সন্তান পাৰ্থিৱ গগৈৰ অভিলেখ
ISL Parthiv Gogoi: আইএছএলত অসম সন্তান পাৰ্থিৱ গগৈৰ অভিলেখ

গুৱাহাটী, ২৭ অক্টোবৰঃ ভাৰতীয় ফুটবলৰ যুৱ প্ৰতিভা বিকাশত ইণ্ডিয়ান ছুপাৰ লীগৰ অবিৰত অবদান অনন্য৷ আইএছএলৰ(ISL Parthiv Gogoi) প্ৰতিটো দলতে তাৰকা থকাৰ সময়তে কেবাগৰাকীও খেলুৱৈয়ে নিজৰ দক্ষতা আৰু প্ৰতিভাৰে চমক সৃষ্টি কৰি নায়কৰ দৰেই আবিৰ্ভাৱ হৈছে৷

আইএছএলে আৰম্ভনিৰ বৰ্ষৰ পৰাই সমগ্ৰ ভাৰততে অধিক যুৱ প্ৰতিভাৰ সমাহাৰ কৰাৰ ক্ষেত্ৰত অগ্ৰনি ভূমিকা পালন কৰিছে৷

ভাৰতৰ ভৱিষ্যতৰ সুনীল ছেত্ৰী বুলি ক’লে নৰ্থইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক বেনালিয়ে

নৰ্থ ইষ্ট ইউনাইটেড(Northeast United) এফ চিৰ যুৱ তাৰকা অসম সন্তান পাৰ্থিব গগৈ আইএছএলৰ মঞ্চৰ পৰাই জন্ম হোৱা ভাৰতীয় ফুটবলৰ নতুন আশাৰ বন্তী৷

নিজৰ ক্ষমতা, খেলপথাৰত বল নিয়ন্ত্ৰণ কৰাৰ দক্ষতা আৰু দীৰ্ঘ দূৰত্বৰ পৰাই শক্তিশালী শ্বট লোৱাৰ প্ৰতিভা থকা পাৰ্থিৱে যোৱা ছিজনতে বিশেষজ্ঞৰ মনজয় কৰাৰ লগতে অনুৰাগীৰো প্ৰিয় হৈ পৰিছিল৷

উল্লেখ্য যে ২১ বছৰীয়া ফৰৱাৰ্ডগৰাকীয়ে যোৱা আই এছ এলত পাঁচটা গ’ল দিয়াৰ লগতে চাৰিটা গ’লত সহায় কৰিছিল৷

নৰ্থ ইষ্ট ইউনাইটেডে ঐতিহাসিক ডুৰাণ্ড কাপৰ খিতাপ জয় কৰাতো অসম সন্তানৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল৷ পাৰ্থিৱে ফাইনেলত মোহন বাগানৰ বিৰুদ্ধে পেনাল্টি শ্বুটআউটত গল কৰি জয়ৰ পথ সাজু কৰিছিল৷

চলিত আইএছএলৰ শনিবাৰৰ গুৱাহাটীৰ মেচত জামছেদপুৰ এফচিৰ বিৰুদ্ধে নৰ্থ ইষ্ট ইউনাইটেডৰ ইতিহাসৰ শ্ৰেষ্ঠ জয়ৰ সফলতাত পাৰ্থিৱে মুখ্য ভূমিকা লয়(Head Coach Benali৷ ৫-০ত জয়ী হোৱা মেচখনত পাৰ্থিৱে দুটাকৈ গল কৰি আইএছএলত ১০টা গল কৰা খেলুৱৈ ৰূপে পৰিগনিত হয়৷

ইফালে, গলৰ সংখ্যা দহক কৰি দলৰ হৈ আই এছ এলত সৰ্বাধিক গল কৰাৰ তালিকাৰ তৃতীয় স্থানত উপনিত হয় পাৰ্থিৱ(Sunil Chhetri)৷

ইয়াৰপূৰ্বে বাৰ্থলমিউ অগবেচে আৰু দেশৰ্ণ ব্ৰাউনে বাৰটাকৈ গ’ল কৰিছিল৷ ইফালে, ২২ বছৰ বয়সতে সৰ্বাধিক গল কৰাৰ অভিলেখো আইএএলত গঢ়িলে পাৰ্থিৱে৷

‘পাৰ্থিব এজন সুদক্ষ খেলুৱৈ আৰু দলত সুযোগো পাইছে৷ তেওঁ আগবাঢ়ি যোৱাৰ প্ৰয়োজন৷ তেওঁৰ বাবে অন্তিম সীমা আকাশ৷ এইসময়ত প্ৰতিটো দিনেই তেওঁ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব৷

এয়া কৰিব পাৰিলে মই ক’ম পাৰ্থিৱ ভাৰতৰ ভৱিষ্যতৰ সুনীল ছেত্ৰী হ’ব৷’ নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালি কয়৷

২০২৭ চনলৈ নৰ্থ ইষ্ট ইউনাইটেডৰ সৈতে চুক্তি বৃদ্ধি কৰা পাৰ্থিৱৰ ক্লাবৰ লগত গভীৰ সম্পৰ্ক গঢ়ি উঠিছে৷ নিজৰ যাত্ৰাৰ বিষয়ে পাৰ্থিৱে কয়, আইএছএলত মুম্বাই চিটি এফচিৰ বিৰুদ্ধে মোৰ প্ৰথমটো পেছাদাৰী গ’ল কেতিয়াও পাহৰিৱ নোৱাৰো৷

আনহাতে, শ্বিলং লাজঙৰ বিৰুদ্ধে হেট্ৰিকৰ স্মৃতিও অনন্য৷ নৰ্থ ইষ্ট ইউনাইটেডত থাকিলে ঘৰৰ দৰে অনুভৱ হয়৷ মই আন ক’তো থকাৰ কথা কল্পনা কৰিব নোৱাৰো৷’

ইফালে, চলিত ছিজনত নৰ্থ ইষ্ট ইউনাইটেডে প্ৰথমবাৰৰ বাবে মেঘালয়ৰ শ্বিলঙতো ঘৰুৱা মেচ খেলিব৷

প্ৰশিক্ষক বেনালীয়ে নৰ্থ ইষ্ট ইউনাইটেডৰ দৰ্শনৰ বিষয়ে ব্যক্ত কৰি কয় যে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ স্থানীয় প্ৰতিভাক স্কাউটিং আৰু লালন-পালন কৰাটো ক্লাবৰ মুল কাম(Assamese FC)৷

‘ক্লাবৰ দৰ্শন একেবাৰে স্পষ্ট৷ আমি প্ৰতিখন ৰাজ্যলৈ গৈ প্ৰতিভা বিচাৰিম৷ ইতিমধ্যে ষ্টাফ আৰু মেনেজমেণ্টে বহল ভিত্তিত স্কাউটিং কৰিছে আৰু আমি বহুত প্ৰতিভা পাইছো৷

জন আব্ৰাহাম আৰু চিইঅ’ মাণ্ডাৰ টামহানেৰ এই দিশত স্পষ্ট ধাৰণা আছে আৰু ক্লাবেও ইয়াৰ পৰা লাভৱান হোৱাৰ প্ৰৱণতা আছে৷’ বেনালিয়ে লগতে হয়৷

উল্লেখ্য, নৰ্থ ইষ্ট ইউনাইটেডে এতিয়ালৈকে ছখন খেলত দুখনকৈ জয়, পৰাজয় আৰু ড্ৰ’ কৰিছে৷ আঠ পইণ্টেৰে তালিকাৰ পঞ্চম স্থানত গুৱাহাটীৰ দলটো আছে৷

অহা তিনি নৱেম্বৰত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আবেলি পাঁচ বজাত হ’বলগা মেচত দলে ওড়িছা এফচিৰ বিৰুদ্ধে খেলিব৷

BPL Nita Ambani: আইপিএল চলোৱা নীতা আম্বানী বনাম বিপিএলৰ ‘নীতা আম্বানী’

BPL Nita Ambani: আইপিএল চলোৱা নীতা আম্বানী বনাম বিপিএলৰ '‘নীতা আম্বানী’'
BPL Nita Ambani: আইপিএল চলোৱা নীতা আম্বানী বনাম বিপিএলৰ '‘নীতা আম্বানী’'

গুৱাহাটী, ২৭ অক্টোবৰঃ বহুকেইটা সৃষ্টিৰ আধাৰেই হ’ল সাহিত্য। ইয়াৰ মাজত গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ-নিৱন্ধ আৰু নাটকেই প্ৰধান(BPL Nita Ambani)। এটা গল্পই প্ৰচাৰ লাভ কৰি নাট্যৰূপ পোৱালৈকে সাহিত্যমুদীৰ মাজত যিদৰে চৰ্চা লাভ কৰে সেইদৰে নাট্যৰূপ পোৱাৰ পিছতো মূল কাহিনীটো কেনেধৰণে ব্ৰতী থাকে সেয়া নাট পৰিৱেশনৰ ওপৰত নিৰ্ভৰ কৰে(IPL Nita Ambani)।

কিছুদিনৰ পূৰ্বে অসমৰ এখন জনপ্ৰিয় মাহেকীয়া আলোচনী তথা বিশিষ্ট ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ সম্পাদিত ‘সাতসৰী’ত প্ৰকাশ পোৱা গল্পকাৰ অপু ভৰদ্বাজৰ গল্প ‘নীতা আম্বানী’ক একে নামেৰে নাট্যৰূপ দিয়ে জ্যোতিপ্ৰসাদ ভূঞাই।

দেওবাৰে নগাঁৱৰ নাট্য মন্দিৰত নাট্যৰূপ দিয়া জ্যোতিপ্ৰসাদ ভূঞাৰ পৰিচালনাতেই নগাঁৱৰ ‘নিবেদন নাট্য গোষ্ঠী’য়ে ‘নীতা আম্বানী’ মঞ্চস্থ কৰে।

দেওবাৰে দুটা দৰ্শনীৰ ব্যৱস্থা কৰা নিবেদনৰ ‘নীতা আম্বানী’ নাটখনৰ মূল চৰিত্ৰ দুটা হ’ল ড০ পাপু আৰু নীতা আম্বানী। চহৰে-নগৰে, অলিয়ে-গলিয়ে পদপথত বা ভিৰৰ মাজত কলম বিক্ৰী কৰি জীৱন-ধাৰণ কৰা নীতা আম্বানী এগৰাকী অতি দৰিদ্ৰ মহিলা। সুৰাপায়ী স্বামীৰ মৃত্যুৰ পিছত জটিল সমাজখনত জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবলগীয়া হোৱা মহিলাগৰাকীয়ে লগ পাই অধ্যাপক ড০ পাপুক। অধ্যাপক ড০ পাপুৱে নীতা আম্বানীক জীৱন পথৰ যাত্ৰাত আগুৱাই লৈ যায়।

ধনাঢ্য নীতা আম্বানীৰ(Rich Nita Ambani) বাবেই অতি দৰিদ্ৰ নীতা আম্বানীয়ে(Very Poor Nita Ambani) কেনেদৰে মিল থকা নামটোৰ বাবেই পদে পদে তিৰস্কৃত হ’বলগীয়া হৈছে আৰু ইয়াৰ প্ৰতিবাদ কেনেদৰে কৰিছে সেয়া নাটকখনৰ মূল উপজীব্য। ধনী আৰু দুখীয়াৰ মাজত আকাশ-পাতাল যে প্ৰাৰ্থক্য আছে সেয়া নাটকখন আগবাঢ়ি যোৱাৰ লগে লগে প্ৰমাণ পোৱা যায়।

জ্যোতিপ্ৰসাদ ভূঞাই নাট্যৰূপ দি পৰিচালনা কৰা ‘নীতা আম্বানী’ নাটকখনৰ মূল চৰিত্ৰ ড০ পাপু ভাৱত অভিনয় কৰে হেমাংগ ৰঞ্জন বৰাই আৰু নীতা আম্বানীৰ চৰিত্ৰ ৰূপায়ণ কৰে সুস্মিতা শৰ্মাই(Novelist Anuradha Sharma Pujari)।

নগাঁৱৰ নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত দুবাৰকৈ আজি পৰিৱেশন কৰা ‘নীতা আম্বানী’ নাটখনৰ আন চৰিত্ৰবোৰ ৰূপায়ণ কৰা কলা-কৌশলীসকল হ’ল— অম্লানদ্বীপ শইকীয়া, ৰাতুল ফুকন, সোণমণি বেজবৰুৱা, বিদ্যুতজ্যোতি, কৃষ্ণাংগ বৰা, হৰ্ষিতা বৰা, তমান্না স্বৱনম।

অনুৰাগ বৰুৱাৰ সংগীত, জ্যোতিপ্ৰসাদ ভূঞাৰ পোহৰ, পিকুমণি বৰাৰ সাজসজ্জা, প্ৰকাশ বৰাৰ ৰূপসজ্জা আৰু নিবেদনে প্ৰযোজনা কৰা নাট ‘নীতা আম্বানী’ মঞ্চ আৰু আচবাব জ্যোতি গগনৰ। উল্লেখ্য, দেওবাৰে পৰিৱেশন কৰা নাটখনৰ দুয়োটা দৰ্শনী দৰ্শকসকলে টিকট ক্ৰয় কৰি উপভোগ কৰে।

Krishnaguru: যুৱশক্তি মহাশক্তি : কৃষ্ণগুৰু আন্তর্জাতিক আধ্যাত্মিক যুৱ সমাজৰ অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Krishnaguru: যুৱশক্তি মহাশক্তি : কৃষ্ণগুৰু আন্তর্জাতিক আধ্যাত্মিক যুৱ সমাজৰ অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
Krishnaguru: যুৱশক্তি মহাশক্তি : কৃষ্ণগুৰু আন্তর্জাতিক আধ্যাত্মিক যুৱ সমাজৰ অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ২৭ অক্টোবৰ : ভাৰতে যুগ যুগ ধৰি বিশ্বক শান্তি-সমন্বয়, ভাতৃত্ববোধ আৰু আধ্যাত্মিকতাৰ পথ প্ৰদৰ্শন কৰি আহিছে(Krishnaguru)। বসুধৈৱ কুটুম্বকম(‘Vasudhaiva Kutumbakam)-ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মূলমন্ত্ৰ। মই উত্তৰ-পূৰ্বাঞ্চললৈ আহিলেই শান্তি-সমন্বয়, আত্ম-অন্বেষণ তথা ভক্তিচেতনাৰ বিশেষকৈ হৃদয়ংগম কৰোঁ।

আমাৰ দেশৰ বৈচিত্ৰ্যতাৰ মাজতেই আছে সমন্বয়ৰ বাৰ্তা। আমাৰ আধ্যাত্মিক জ্ঞান, ধ্যান-ধাৰণা শক্তিশালী হলেহে এখন সুস্থ-সবল সমাজ তথা ৰাষ্ট্ৰ নিৰ্মাণৰ ভেটি সুদৃঢ় হ’ব(Union Minister Sarbananda Sonowal)।-দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে(Vice President Jagdeep Dhankhar) তেওঁৰ সহধৰ্মিণী সুদেশ ধনখড়ৰ সৈতে কৃষ্ণগুৰু আন্তর্জাতিক আধ্যাত্মিক যুৱ সমাজৰ একবিংশতিতম দ্বি-বার্ষিক অধিৱেশনত(21st Biennial Convention of Krishnaguru International Spiritual Youth Society) অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত এই মন্তব্য আগবঢ়ায়।

উত্তৰ-পূবে শান্তি-সমন্বয়, ভাতৃত্ববোধ আৰু আধ্যাত্মিকতাৰ পথ প্ৰদৰ্শন কৰি আহিছে: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতিগৰাকীক আজি গায়ন-বায়নেৰে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ প্ৰাঙ্গণলৈ আদৰি অনা হয়। তেওঁ নিজেও খোলবাদন কৰি অসমীয়া সংস্কৃতিৰ প্ৰতি সন্মান যাচে আৰু কৃষ্ণগুৰু সেৱাশ্ৰমৰ এখন প্ৰদৰ্শনীও পৰিদৰ্শন কৰে।

এই অনুষ্ঠানত অসমৰ উপৰি উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তিপ্ৰাণ ৰাইজৰ আগমন ঘটে।

এই মাহেন্দ্ৰ ক্ষণত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা(CM Dr. Himanta Biswa Sarma), কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পৰম পূজ্যপাদ; গুৰু; গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু আৰু ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত আধ্যাত্মিকতাৰ অপৰিসীম শক্তি নিহিত হৈ আছে।

একনামৰ মহৎ উদ্দেশ্যই সমাজৰ হিত সাধন কৰি ভক্তিচেতনা জাগ্ৰত কৰি আহিছে। এখন আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত উত্তৰ-পূবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব। আমাৰ ঐতিহ্য-পৰম্পৰা, আধ্যাত্মিকতাৰ উৎকৰ্ষ সাধনৰ বাবে আমি সকলোৱে ঐক্যবদ্ধভাৱে সংকল্প ল’ব লাগিব।

পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰে আধ্যাত্মিক শক্তি আৰু সমন্বয়ৰ বীজ সিঁচি এখন আদৰ্শ সমাজৰ পথ প্ৰশস্ত কৰি থৈ গৈছে। উত্তৰ-পূবৰ প্ৰাকৃতিক সমন্বয়ে আত্ম-আৱিষ্কাৰ আৰু আভ্যন্তৰীণ শান্তিৰ বাবে অনুপ্ৰেৰণা যোগায়। ম‌ই আজিৰ এই বাতাবৰণত এক আভ্যন্তৰীণ শান্তি অনুভৱ কৰিছোঁ। আজি ম‌ই ইয়ালৈ আহি ধন‍্য অনুভৱ কৰিছোঁ।

যি ধন ম‌ই আজি ইয়াৰ পৰা লৈ যাবলৈ ওলাইছোঁ, তাৰ শক্তিৰ কথা অনুমান কৰিব নোৱাৰি, হৃদয়ংগমহে কৰিব পাৰি। আমাৰ আধ‍্যাত্মিক ঐতিহ্য পৃথিৱীৰ ভিতৰতে বিৰল।

ৰামায়ণ, মহাভাৰত, শ্ৰীমদ্ভাগৱতগীতাৰ জ্ঞান বিশ্বৰ ভিতৰতে অতুলনীয়। আমাৰ যুৱ সমাজক এই জ্ঞানৰ বিশেষ প্ৰয়োজন আছে। এই আধ‍্যাত্মিক মহাজ্ঞানক জীৱন্ত কৰি ৰখাত পৰম ভুমিকা গ্ৰহণ কৰিছিল পৰমগুৰু কৃষ্ণগুৰুৱে।

আজিৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয়, প্ৰেমানন্দ প্ৰভুৰ পথ প্ৰদৰ্শনে যুৱ সমাজক জনসেৱাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে আগুৱাই দিছে, যাৰ জৰিয়তে হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে কল্যাণমূলক কাৰ্যকলাপত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত নিয়োজিত হৈছে।

ৰাজ্যপালগৰাকীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত যুৱচামৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কয়, আমাৰ ভাৰত এখন যুৱ প্ৰধান দেশ, আৰু আমাৰ দেশখনক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত কৰাৰ লক্ষ্যৰে যুৱচামে গুৰি-বঠা ধৰিব লাগিব।

পৰমগুৰু কৃষ্ণগুৰুৰ অসাধাৰণ আধ্যাত্মিক চেতনাশক্তি আৰু শান্তি তথা ভাতৃত্ববোধৰ দিশত আগবঢ়োৱা অনবদ্য অৱদানে সমাজ জীৱনক উদ্বুদ্ধ কৰি থাকিব বুলি তেখেতে উল্লেখ কৰে। আনহাতে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰে আধ্যাত্মিকতাৰ উপৰি আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰি থৈ গৈছে। এখন উদ্যমী যুৱ সমাজৰ বাট তেখেতে দেখুৱাই থৈ গৈছে।

২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত যুৱচামে সবল ভূমিকা পালন কৰিব। এই দিশত আধ্যাত্মিক চেতনাশক্তিও হ’ব অত্যন্ত প্ৰয়োজনীয়। আজি এই বিশেষ ক্ষণত উপস্থিত থাকি অসমবাসীক উদ্বুদ্ধ কৰাৰ বাবে উপ-ৰাষ্ট্ৰপতিক অশেষ ধন্যবাদ জনাইছোঁ।

যুৱশক্তি মহাশক্তি। যুৱ সমাজৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামগ্ৰিক সবলীকৰণে এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব। আজি যুৱ সমাজৰ এই দ্বি-বাৰ্ষিক অধিৱেশনত শান্তি-সমন্বয়, ভাতৃত্ববোধ আৰু যুৱ সবলীকৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰতিফলিত হ’ল।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উল্লেখ কৰে। ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত সহস্ৰাধিক ভক্তক সম্বোধন কৰি কয়, পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ সান্নিধ্যভৰা স্মৃতিয়ে মোক কৰ্মক্ষেত্ৰত ন-উদ্যমেৰে আগুৱাই যাবলৈ সাহস আৰু শক্তি দিয়ে।

পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰে আধ্যাত্মিকতাৰ মাজেৰে সমাজত আমূল পৰিৱৰ্তনৰ সূচনা কৰিছিল। তেৰাই আধ্যাত্মিক, সাংস্কৃতিক, শৈক্ষিকভাৱে সমাজক সংস্কাৰ প্ৰদান কৰি থৈ গৈছে। গুৰুৰ আশিস শিৰত লৈ সমাজ, ৰাজ্য তথা দেশক সৰ্বাংগসুন্দৰ কৰাৰ বাবে আমি সংকল্প ল’ব লাগিব।

তেখেতৰ আদৰ্শ অনুসৰণ কৰি আমি সকলোৱে মানৱীয় প্ৰমূল্যবোধ আৰু সাতামপুৰুষীয়া সমন্বয় সুদৃঢ় কৰাত মনোনিৱেশ কৰোঁ আহক। সমন্বয় আৰু ভক্তিচেতনাই সমাজ সুদৃঢ় কৰে।

সেয়েহে আমাৰ সমাজত আধ্যাত্মিকতাৰ অতিকৈ প্ৰয়োজন। ইয়াৰ দ্বাৰা সমাজে ভক্তিৰ আলোকেৰে উদ্ভাসিত হৈ ন-উদ্যমেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত আগুৱাই যোৱাৰ শক্তি লাভ কৰে। আজি উপ-ৰাষ্ট্ৰপতি গদীপ ধনখড়ৰ বহুমূলীয়া উপস্থিতিয়ে আমাক উদ্বুদ্ধ কৰিছে। ভক্তিচেতনা আৰু আধ্যাত্মিকতাক জীৱন যাত্ৰাৰ শক্তিশালী অংশ হিচাপে লৈ দেশক সবল কৰাত তেখেতে অগ্ৰণী ভূমিকা লৈ আহিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ বুকুত আধ্যাত্মিক চেতনা জাগ্ৰত কৰি তুলিছে আৰু প্ৰাচীন ভাৰতীয় জ্ঞান, সেৱা আৰু মানৱতাৰ পৰম্পৰাৰ প্ৰসাৰ কৰিছে। আমাৰ দেশৰ মনীষীসকলে আধ্যাত্মিক জ্ঞান, মানৱপ্ৰেম আৰু শান্তি-সমন্বয়ৰ বাৰ্তাৰে সমাজক উদ্বুদ্ধ কৰি থৈ গৈছে।

ভাতৃত্ববোধসম্পন্ন এখন সুস্থ-সবল সমাজ গঢ়াৰ ক্ষেত্ৰত তেৰাসৱৰ আদৰ্শ আৰু অমৃত বাণীয়ে আমাক সদায়েই পথ প্ৰদৰ্শন কৰি থাকিব। এইক্ষেত্ৰত পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰো অন্যতম।

সোণোৱালে কয়, ভক্তিতেই আছে শক্তি-শান্তি-সম্প্ৰীতি। ভক্তিমাৰ্গে আমাক সুস্থ আৰু যোগাত্মক চিন্তাৰ অধিকাৰী হৈ আগুৱাই যাবলৈ উৎসাহিত কৰে।

সেয়েহে ভক্তিমাৰ্গৰ পৰা বিচলিত নহৈ একান্তচিত্তে আমি সমাজৰ হকে, দহৰ হকে কাম কৰি যাব লাগিব আৰু মোদী ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগীক সাৰোগত কৰি ভাৰতবৰ্ষক ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ তথা আগশাৰীৰ উন্নত ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব লাগিব।

বিগত ১০ বছৰ হৈছে ভাৰতৰ বিকাশৰ সোণালী সময়, যি সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আমাৰ দেশখনে পঞ্চম বৃহৎ অৰ্থনীতিলৈ উন্নীত হৈছে। আমাৰ চৰকাৰৰ দিনত সকলো জাতি-জনগোষ্ঠীৰ লোকে সম-মৰ্যাদা আৰু সম-বিকাশ লাভ কৰিছে।

ইতিমধ্যে মোদীয়ে বিকশিত ভাৰতৰ চাৰিটা মূল স্তম্ভ হিচাপে নাৰী শক্তি, যুৱ শক্তি, কৃষক আৰু দৰিদ্ৰ পৰিয়ালসমূহক অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত উত্তৰ-পূব ভাৰত ৰূপান্তৰিত হৈছে ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ এক শক্তিক্ষেত্ৰ হিচাপে।

মোদীৰ বলিষ্ঠ আৰু দূৰদৰ্শী নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলে এতিয়া উন্নয়ন আৰু স্থায়ী শান্তিৰ এক নতুন অধ্যায় লিপিবদ্ধ কৰি দেশৰ বিকাশৰ নতুন ইঞ্জিনৰূপে চিহ্নিত হৈছে।

এই সময়ছোৱাত লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰীসকল- চন্দ্ৰমোহন পাটোৱাৰী, ডাঃ ৰণোজ পেগু, যোগেন মহন, ইউ জি ব্ৰহ্ম, অতুল বৰা, কেশৱ মহন্ত, জয়ন্ত মল্ল বৰুৱা, সঞ্জয় কিষাণ, বিমল বড়া, বিধায়ক নৱ কুমাৰ দলে প্ৰমুখ্যে অন্যান্য জনপ্ৰতিনিধিসকল আৰু বিশিষ্ট ব্যক্তিসকল।

DB Stock Owner Dipankar Barman Arrested: অৱশেষত আৰক্ষীৰ জালত পৰিল ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন

DB Stock Owner Dipankar Barman Arrested for Alleged Multi-Crore Scam
DB Stock Owner Dipankar Barman Arrested: অৱশেষত আৰক্ষীৰ জালত পৰিল ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন

গুৱাহাটী, ২৭ অক্টোবৰ: অৱশেষত আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন । মহানগৰ আৰক্ষীৰ এটা দলে গোৱা ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে দীপাংকৰক(DB Stock Owner Dipankar Barman Arrested) ৷ ডি বি ষ্টক জৰিয়তে বহু লোকৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰি পলাতক হৈ আছিল দীপাংকৰ(Multi-Crore Scam in Assam) ।

অৱশেষত গুৱাহাটী মহানগৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত অমিত মাহাতোৰ নেতৃত্বত যোৱা এটা দলে দেওবাৰে সন্ধিয়া গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰিলে দীপাংকৰ বৰ্মনক ৷ গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই সামাজিক মাধ্যমৰ জৰিয়তে জনালে এই তথ্য ৷

ৰাজ্যখনৰ অসংখ্য বিনিয়োগকাৰীৰ পৰা দিপাংকৰে প্রায় ৭০০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছিল(Dipankar Barman fraud case) ৷এই সংক্ৰান্তত মহানগৰৰ পল্টন বজাৰ আৰক্ষী থানাত ৰুজু হৈছিল বহুকেইটা গোচৰ এই গোচৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে দীপাংকৰৰ পিতৃ-মাতৃৰ লগতে তেওঁৰ প্রেমিকা মনালিছা দাসক গ্ৰেপ্তাৰ কৰি অনুসন্ধান অব্যাহত ৰাখিছিল ।

অভিযোগ অনুসৰি, তেওঁৰ প্ৰতিষ্ঠানত ধন বিনিয়োগ কৰিলে এমাহত ৭ শতাংশ, দুই মাহত ১৪ শতাংশ, ছয় মাহত ৫১ শতাংশ আৰু এবছৰত ১২০ শতাংশ ধন দিয়াৰ প্রলোভন দিছিল সর্বসাধাৰণক(High-return scheme scam) ৷ এই লাভদায়ক প্ৰলোভনৰ প্ৰতিশ্ৰুতিত প্রলোভিত হৈ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ অসংখ্য লোকে ডি বি ষ্টক কনচাল্টটেঞ্চিত ৫০ হাজাৰ টকাৰ পৰা ১০ লাখ টকা পৰ্যন্ত ধন বিনিয়োগ কৰিছিল(Investment fraud in Assam) ৷ প্ৰথম অৱস্থাত ডি বি ষ্টক কনচাল্টটেঞ্চিৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনে প্রতিশ্রুতি অনুসৰি বিনিয়োগকাৰীসকলক ধন দিছিল যদিও পৰৱৰ্তী সময়ত দীপাংকৰে আত্মগোপন কৰে । প্রতিষ্ঠানটোৰ জৰিয়তে প্রায় ৭০০ কোটি টকা আত্মসাৎ কৰি বিগত প্ৰায় দুমাহ ধৰি দীপাংকৰ বৰ্মনে আত্মগোপন কৰি আছিল।

PM Modi Big Warning: ‘ডিজিটেল এৰেষ্ট’ সন্দৰ্ভত সকীয়ালে প্ৰধানমন্ত্ৰী মোদীয়ে, দিলে ইয়াৰ পৰা হাত সৰাৰ উপায়

PM Modi Big Warning PM Modi addresses digital arrest scame issue
PM Modi Big Warning: ‘ডিজিটেল এৰেষ্ট’ সন্দৰ্ভত সকীয়ালে প্ৰধানমন্ত্ৰী মোদীয়ে, দিলে ইয়াৰ পৰা হাত সৰাৰ উপায়

গুৱাহাটী, ২৭ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ‘মন কি বাত’(Mann Ki Baat) কাৰ্যসূচীত ‘ডিজিটেল এৰেষ্ট’ৰ বিষয়ে আলোচনা কৰি ইয়াক প্ৰৱঞ্চনামূলক কাৰ্যকলাপ বুলি অভিহিত কৰে(Prime Minister Narendra Modi expressed concern over digital arrest fraud)। তেওঁ জনসাধাৰণক সজাগ আৰু সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায়(PM Modi Big Warning)। এই অপৰাধৰ লগত জড়িত লোকসকলক সমাজৰ শত্ৰু বুলি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে আইনত ‘ডিজিটেল এৰেষ্ট’ৰ দৰে কোনো ব্যৱস্থা নাই। এয়া কেৱল প্ৰৱঞ্চনা, প্ৰতাৰণা, মিছা, অপৰাধীৰ দল। এইবোৰ মানুহ সমাজৰ শত্ৰু।

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰযুক্তিগত অপৰাধক লৈ ক্ৰমাৎ বৃদ্ধি পোৱা গোচৰৰ কথা উল্লেখ কৰি উদ্বেগ প্ৰকাশেৰে জনসাধাৰণক সতৰ্ক কৰি দিয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰোতা ৰাইজৰ আগত কয় যে এই জালিয়াতিৰ মোকাবিলা কৰিবলৈ বিভিন্ন তদন্তকাৰী সংস্থাই ৰাজ্য চৰকাৰসমূহৰ সৈতে সহযোগিতা আগবঢ়াই আহিছে । তেওঁ কয় যে এই সংস্থাসমূহৰ মাজত সমন্বয় বৃদ্ধিৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় চাইবাৰ সমন্বয় কেন্দ্ৰ(National Cyber ​​Coordination Centre) স্থাপন কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে চাইবাৰ অপৰাধৰ বিৰুদ্ধে প্ৰচেষ্টা শক্তিশালী কৰা আৰু নাগৰিকক এনে প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰা। ইয়াৰ দ্বাৰা ডিজিটেল ক্ষেত্ৰখনত জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰা হৈছে। ‘ডিজিটেল এৰেষ্ট’ প্ৰৱঞ্চনাৰ পৰা সাৱধান হ’ব। কোনো তদন্তকাৰী সংস্থাই কেতিয়াও আপোনাৰ সৈতে ফোন অথবা ভিডিঅ’ কলৰ জৰিয়তে সোধা-পোছাৰ বাবে যোগাযোগ নকৰে।

‘ডিজিটেল এৰেষ্ট’ কৰা প্ৰৱঞ্চকসকলে কেতিয়াবা আৰক্ষী, কেতিয়াবা চিবিআই, নাৰ্কটিকছ আৰু কেতিয়াবা আৰবিআইৰ দৰে বিভিন্ন লেবেল ব্যৱহাৰেৰে ভুৱা বিষয়া হৈ অতি আত্মবিশ্বাসেৰে কথা পাতে। প্ৰধানমন্ত্ৰী মোদীয়ে এটা অডিঅ’ বজাই জনসাধাৰণক সকীয়াই দিলে যে প্ৰৱঞ্চকৰ গেঙে কেনেদৰে কাম কৰে।

তেওঁ কয় যে এই প্ৰৱঞ্চনা বুজি পোৱাটো অতি প্ৰয়োজনীয়। শ্ৰোতা ৰাইজক প্ৰৱঞ্চকৰ কাৰ্যপ্ৰণালী ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰৱঞ্চকৰ প্ৰথম পদক্ষেপ হ’ল আপোনাৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰা। ইয়াত এনে প্ৰশ্ন সোধা হয় যে যোৱা মাহত আপুনি গোৱালৈ গৈছিল নহয়? তোমাৰ ছোৱালীজনীয়ে দিল্লীত পঢ়ে নহয়? তেওঁলোকে আপোনাৰ বিষয়ে ইমান তথ্য সংগ্ৰহ কৰে যে আপুনি আচৰিত হ’ব।

এনে প্ৰৱঞ্চকৰ দ্বিতীয় পদক্ষেপটো হ’ল, আপোনাৰ মাজত ভয়ৰ পৰিৱেশ সৃষ্টি কৰা। ইউনিফৰ্ম, চৰকাৰী কাৰ্যালয় ব্যৱস্থা, আইনী বিভাগৰ নাম উল্লেখ কৰি ফোনত ইমানেই ভয় খুৱাব যে আপুনি ভুল কৰি পেলাব। কথাৰ মাজতে আপুনি একো ভাবিব নোৱাৰিব আৰু তাৰ পিছত তেওঁলোকৰ তৃতীয় পদক্ষেপ আৰম্ভ হয়। ইয়াৰ অধীনত তেওঁলোকে আপোনাক সময়ৰ হেঁচাত পেলাব। আপোনাক কোৱা হ’ব যে এতিয়াই সিদ্ধান্ত ল’ব লাগিব নহ’লে গ্ৰেপ্তাৰ হ’ব। এই লোকসকলে ভুক্তভোগীৰ ওপৰত ইমানেই মানসিক চাপ দিয়ে যে, ব্যক্তিজনে ভয় খাই যায়।

প্ৰতিটো শ্ৰেণী আৰু বয়সৰ লোক ডিজিটেল এৰেষ্টৰ বলি হ’বলগাত পৰিছে। ভয়ৰ বাবে মানুহে নিজৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে উপাৰ্জন কৰা লাখ লাখ ধন হেৰুৱাইছে। যেতিয়াই আপোনালৈ এনেধৰণৰ ফোন আহিব, তেতিয়া আপুনি আতংকিত নহ’ব। আপুনি জনা উচিত যে কোনো তদন্তকাৰী সংস্থাই কেতিয়াও ফোন কল বা ভিডিঅ’ কলৰ জৰিয়তে এনেধৰণে জেৰা নকৰে।

এই সময়চোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ডিজিটেল নিৰাপত্তাৰ বাবে তিনিটা পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ কয় যে নিৰাপত্তা ব্যৱস্থাৰ প্ৰথম পদক্ষেপ হিচাপে থমকি ৰওক, দ্বিতীয় পদক্ষেপত চিন্তা কৰক আৰু তৃতীয় পদক্ষেপত ব্যৱস্থা গ্ৰহণ কৰক। তেওঁ বুজাই দিলে যে ফোন পোৱাৰ লগে লগে আতংকিত নহ’ব, শান্ত হৈ থাকক, খৰখেদাকৈ কোনো পদক্ষেপ গ্ৰহণ নকৰিব, আপোনাৰ ব্যক্তিগত তথ্য কাকো নিদিব। সম্ভৱ হ’লে এটা স্ক্ৰীণশ্বট লওক আৰু ইয়াক ৰেকৰ্ড কৰক।

তেওঁ লগতে ৰাষ্ট্ৰীয় চাইবাৰ হেল্পলাইন ১৯৩০, বা cybercrime.gov.in, বা পৰিয়াল আৰু আৰক্ষীক অৱগত কৰা আৰু প্ৰমাণ সুৰক্ষিত ৰখাৰ কথাও উল্লেখ কৰে। সংস্থাসমূহে এনে হাজাৰ হাজাৰ ভুৱা ভিডিঅ’ কলিং আইডি ব্লক কৰিছে বুলিও কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে । লগতে লাখ লাখ চিম কাৰ্ড, মোবাইল ফোন আৰু বেংক একাউণ্টো ব্লক কৰা হৈছে। তেওঁ কয় যে সংস্থাসমূহে নিজৰ দ্বায়িত্ব পালন কৰি আছে, কিন্তু ডিজিটেল এৰেষ্টৰ নামত প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সকলোৱে সচেতন হোৱাটো যথেষ্ট প্ৰয়োজনীয়।

Fake Amul Ghee: সাৱধান! উৎসৱৰ বতৰত বজাৰত আমূলৰ নকল ঘিউ; কেনেকৈ চিনাক্ত কৰিব এই নকল ঘিউ ?

How to Identify Fake Amul Ghee in Market This Festive Season
Fake Amul Ghee: সাৱধান! উৎসৱৰ বতৰত বজাৰত আমূলৰ নকল ঘিউ; কেনেকৈ চিনাক্ত কৰিব এই নকল ঘিউ ?

গুৱাহাটী, ২৭ অক্টোবৰ: এতিয়া চলি আছে উৎসৱৰ বতৰ(Festive Season)। পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। এই উৎসৱৰ বতৰত বিশেষকৈ দীপাৱলীত সকলোৱে ঘৰতে তৈয়াৰ কৰে বিভিন্ন সুস্বাদু ব্যঞ্জন(Diwali sweets) । তাৰ বাবে মহিলাসকলে তেল, ঘিউ, চেনি, আটা , মইদা আদি প্ৰয়োজনীয় সামগ্ৰীসমূহ ক্ৰয় কৰিবৰৰ বাবে ভিৰ কৰেগৈ বজাৰ । অৱশ্যে এই সামগ্ৰীসমূহ ক্ৰয় কৰাৰ সময়ত গ্ৰাহকসকলে সাৱধান হোৱা উচিত। কাৰণ দীপাৱলীৰ উৎসৱৰ বজাৰত নকল ঘিউ বিক্ৰি কৰি অহা পৰিলক্ষিত হৈছে(Fake Amul Ghee)। সেয়ে এই সন্দৰ্ভত আমূল কৰ্তৃপক্ষই এক সতৰ্কতামূলক বিজ্ঞাপন প্ৰকাশ কৰি সাৱধান কৰি দিছে গ্ৰাহকসকলক।

কেনেকৈ চিনাক্ত কৰিব নকল ঘিউ :

‘আমুল’ ভাৰতীয় গাখীৰৰ ব্ৰেণ্ডসমূহৰ ভিতৰত আমূলক এক জনপ্ৰিয় আৰু বিশ্বাসযোগ্য গাখীৰৰ ব্ৰেণ্ড হিচাপে গণ্য কৰা হয়(Amul Company)। আমূলৰ উৎপাদিত বহু সামগ্ৰী বজাৰত বিক্ৰী হৈ আহিছে । ইয়াৰ ভিতৰত গাখীৰ, ঘিউ, মাখন, দৈ আদি সামগ্ৰী উল্লেখযোগ্য। কিন্তু বৰ্তমান বজাৰত আমূল কোম্পানীৰ নামত ভুৱা ঘিউ বিক্ৰী হৈ অহা কোম্পানীটোৰ দৃষ্টিগোচৰ হৈছে। এই সন্দৰ্ভত আমূল কোম্পানীয়ে এক বিজ্ঞাপন জাৰি কৰি গ্ৰাহকসকলক সাৱধান হ’বলৈ সকীয়াই দিছে। একাংশ এজেণ্টে আমূল কোম্পানীৰ ঘিউ বুলি কৈ আমূলৰ লেবেল লগাই নকল ঘিউ বিতৰণ কৰিছে। এই নকল ঘিউক এক লিটাৰৰ পেকেটত পেক কৰি বিক্ৰী কৰা হৈছে। কিন্তু যোৱা ৩ বছৰৰ পৰা এনে এক লিটাৰৰ পেকেট উৎপাদন কৰাই হোৱা নাই বুলি কোম্পানীটোয়ে জানিবলৈ দিয়ে।

অভিযোগৰ বাবে ক’ত আৰু কেনেকৈ কৰিব যোগাযোগ ?

সাধাৰণতে, গ্ৰাহকসকলে যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ সময়ত সামগ্ৰাবিধ পৰীক্ষা কৰি চাব লাগে। আন সামগ্ৰীৰ দৰে আমূলৰ ঘিউ কিনাৰ সময়তো ইয়াক ভালদৰে এবাৰ পৰীক্ষা কৰক। “অমুলৰ নামত উলোৱা ভুৱা ঘিউৰ পৰা হাত সাৰিবলৈ ডুপ্লিকেচন প্ৰুফ কাৰ্টন পেক মুকলি কৰা হৈছে। আমূলৰ আই এছ অ’ প্ৰমাণিত ডেইৰীত উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি এই পেকেজিং প্ৰস্তুত কৰা হৈছে। এই প্ৰযুক্তিয়ে ঘিউৰ মান নিশ্চিত কৰে। সেয়েহে গ্ৰাহকে ঘিউ ক্ৰয় কৰাৰ আগতে এবাৰ এই পেকেজিং পৰীক্ষা কৰি লব লাগে। লগতে, যদি যিকোনো অনিয়ম প্ৰত্যক্ষ কৰিলে গ্ৰাহকে অভিযোগৰ বাবে ১৮০০ ২৫৮ ৩৩৩৩ নম্বৰত ফোন কৰি যোগাযোগ কৰক।’- গ্ৰাহকসকলক এই আহ্বান জনাইছে আমূল কোম্পানীয়ে ।

Horoscope Prediction: দীপাৱলীতে এই ৭ ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব, সুখ-সমৃদ্ধি বৃদ্ধি পাব

দীপাৱলীতে এই ৭ ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব
দীপাৱলীতে এই ৭ ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব

অক্টোবৰৰ শেষ সপ্তাহত অৰ্থাৎ ২৯ অক্টোবৰত ধনতেৰাছ। ধনতেৰাছৰ সপ্তাহত বহু লোকে নিজৰ সৌভাগ্য পৰীক্ষা কৰিবলৈ আগ্ৰহী হৈ থাকে। আপোনাৰ ভাগ্যও দুৱাৰ খোল খাব। এই সপ্তাহত কোন কোন ৰাশিয়ে ভাল ফলাফল পাব জানি লওক।(Horoscope Prediction)

মেষ ৰাশি – মেষ ৰাশিৰ স্থানীয় লোকে এই সপ্তাহৰ আৰম্ভণিতে লটাৰীৰ টিকট কিনিব পাৰে, কিন্তু এই সপ্তাহৰ শেষৰ ফালে লটাৰীৰ টিকট কিনাৰ পৰা বিৰত থাকক। ভাল ফল পোৱাৰ কোনো সম্ভাৱনা নাই।(zodiac signs)

বৃষ ৰাশি – এই সপ্তাহটো বৃষ ৰাশিৰ লোকৰ বাবে ভাল দেখা গৈছে। ভাল ফল লাভ কৰিব পাৰে এই ৰাশিৰ লোকে।

মিথুন ৰাশি – মিথুন ৰাশিৰ স্থানীয় লোকৰ আৰ্থিক সংমিশ্ৰণ ভাল। এই ৰাশিৰ লোকে এই মাহত ভাল ফলাফল লাভ কৰিব পাৰে।(Lucky Horoscope)

কৰ্কট ৰাশি – কৰ্কট ৰাশিৰ লোকৰ সপ্তাহৰ মাজভাগত ভাগ্য ভাল হ’ব ।(Dhanteras)

সিংহ ৰাশি – সিংহ ৰাশিৰ স্থানীয় লোকৰ বাবে এই সপ্তাহটো অতি ভাল। কিন্তু ইমান টকা লাভ নকৰিব।

কন্যা ৰাশি – কন্যা ৰাশিৰ স্থানীয় লোকে এই সপ্তাহত আশা কৰা ধৰণৰ ফলাফল পাব পাৰে, সুযোগ দেখা যায়।

তুলা ৰাশি – এই সপ্তাহটো তুলা ৰাশিৰ লোকৰ বাবে অতি ভাল। কিন্তু সপ্তাহৰ আৰম্ভণি শেষতকৈ ভাল।(diwali 2024)