Home Blog Page 521

Ratan Tata Will: ৰতন টাটাৰ ১০ হাজাৰ কোটি টকাৰ উত্তৰাধিকাৰী কোন হ’ব?উদ্যোগপতিগৰাকীৰ ইচ্ছা কি আছিল

ৰতন টাটাৰ ১০ হাজাৰ কোটি টকাৰ উত্তৰাধিকাৰী কোন হ'ব
ৰতন টাটাৰ ১০ হাজাৰ কোটি টকাৰ উত্তৰাধিকাৰী কোন হ'ব

ৰতন টাটাৰ মৃত্যুৰ পিছত তেওঁৰ সম্পত্তিৰ কি হ’ব সেই সম্পৰ্কে বিভিন্ন মহলত আলোচনা আৰম্ভ হয়। ৮৭ বছৰ বয়সত ৰতন টাটাৰ মৃত্যুৰ পিছত টাটা সাম্ৰাজ্যত এক শূন্যতাৰ সৃষ্টি হয়।(Ratan Tata Will)lৰতনৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ নোৱেল টাটা টাটা ট্ৰাষ্টৰ অধ্যক্ষ হয়।(Ratan Tata)

ৰতন টাটা ১০ হাজাৰ কোটি ধনৰ উত্তৰাধিকাৰী কোন হব
জনসাধাৰণৰ মনত আন এটা প্ৰশ্ন উত্থাপন হয়। ৰতন নৱল টাটাৰ ব্যক্তিগত সম্পত্তিৰ মালিক কোন হ’ব সেই বিষয়ে মানুহৰ মনত কৌতুহল। কাৰণ এসময়ত টাটা সাম্ৰাজ্যৰ কোনো সন্তান বা উত্তৰাধিকাৰী নাছিল। ৰতন টাচাৰ মৃত্যুৰ পিছত তেওঁৰ সম্পত্তিৰ কি হ’ব সেই লৈ আলোচনা আৰম্ভ হ’ল।(wealth of ratan tata)

দেশৰ ধনী লোকৰ শীৰ্ষ দহৰ তালিকাত তেওঁৰ নাম নাছিল। ‘হুৰুণ ইণ্ডিয়া ৰিচ লিষ্ট’ তালিকাত ভাৰতীয় কোটিপতিসকলৰ ভিতৰত দেশৰ অন্যতম শ্ৰেষ্ঠ উদ্যোগপতিৰ নাম আছিল ৩৫০ নম্বতৰ।(Ratan Tata’s Will)

সংবাদ মাধ্যমৰ পৰা পোৱা তথ্য অনুসৰি ৰতন টাটাই আগতীয়াকৈ সিদ্ধান্ত লৈছিল যে তেওঁৰ মৃত্যুৰ পিছত এই বিশাল সম্পত্তি কোনে পাব। তেওঁ ইচ্ছাপত্ৰৰ ঘনিষ্ঠ দুই এজনৰ ওপৰত ন্যস্ত কৰিলে। শেহতীয়াকৈ সেই ইচ্ছা পোহৰলৈ আহিছে।

ৰতনৰ উইল অনুসৰি তেওঁৰ মৰমৰ পোহনীয়া জন্তু টিটোৰ আজীৱন ৰক্ষণাবেক্ষণ এই বাগিচাৰ পৰাই দিয়া হ’ব। ইয়াৰ ফলত জাৰ্মান শ্বেফাৰ্ড টিটোৰ যত্নৰ সকলো ব্যৱস্থা ত্ৰুটিহীন হৈ পৰিব।(Care For Dog, Portion To Cook, Butler And Half-Siblings)

৬ বছৰ আগতে আন এটা পোহনীয়া জন্তুৰ মৃত্যুৰ পিছত ৰতন টাটাই টিটোক নিজৰ ওচৰলৈ লৈ আহিছিল। তেতিয়াৰ পৰাই টিটো প্ৰায় তেওঁৰ সংগী হৈ পৰিছিল।মৃত্যুৰ পিছত এতিয়া ৰতন টাটাৰ সম্পত্তিৰ তথ্য পোহৰলৈ আহিছে, য’ত তেওঁ নিজৰ পোহনীয়া জাৰ্মান শ্বেফাৰ্ড কুকুৰ ‘টিটো’ৰ বাবেও এটা অংশ ৰাখিছে। লগতে এই উইলত তেওঁ ৰান্ধনী ৰাজন শ্ব’ আৰু তেওঁৰ সৈতে কাম কৰা চুবিয়াৰ বাবেও ব্যৱস্থা কৰি থৈ গৈছে।(Ratan Tata will have a part for dog tito)

প্ৰিয় পোহনীয়া জন্তুৰ বাবে ধন এৰি যোৱাটো পশ্চিমীয়া দেশত অস্বাভাৱিক নহয় যদিও ভাৰতত বহুতে ইয়াক বিৰল ঘটনা বুলি বিবেচনা কৰে। আনহাতে ৰতন টাটাই বহুতো পদপথৰ কুকুৰক আশ্ৰয় দিছিল।

মুম্বাইৰ প্ৰথমখন ২৪ ঘণ্টীয়া পশু চিকিৎসালয় টাটা গ্ৰুপে স্থাপন কৰিছিল। যেতিয়া তেওঁৰ নিজৰ ৰোগীয়া পোহনীয়া জন্তুটোক চিকিৎসাৰ বাবে মিনেছ’টালৈ লৈ গ’ল, তেতিয়া তেওঁ উপলব্ধি কৰিলে যে দেশখনত পোহনীয়া জন্তুৰ চিকিৎসালয়ৰ প্ৰয়োজন আছে। ইয়াৰ পিছত তেওঁ এই চিকিৎসালয়খন নিৰ্মাণ কৰিছিল।

ৰতন টাটাৰ ব্যক্তিগত সম্পত্তিৰ পৰিমাণ প্ৰায় ১০,০০০ কোটি টকাৰ অনুমান কৰা হৈছে। এই সম্পত্তিত নিজৰ ভাতৃ জিম্মী টাটা, তেওঁৰ সতীয়া ভগ্নী শিৰিন আৰু ডীনা জিজভাইৰ বাবেও এটা অংশ ৰখা হৈছে। বাকী অধিকাংশ সম্পত্তি তেওঁৰ নিজৰ ফাউণ্ডেচনৰ নামত কৰিছে, যিটো টাটা পৰিয়ালৰ এক পৰম্পৰাৰ দৰে।

khichdi benefits: খিচিৰিৰ আছে বহু উপকাৰিতা, খিচিৰিক কিয় ছুপাৰফুড বুলি কোৱা হয়

খিচিৰিৰ আছে বহু উপকাৰিতা
খিচিৰিৰ আছে বহু উপকাৰিতা

খিচিৰি হৈছে ভাৰতৰ প্ৰায় প্ৰতিটো ঠাইতে খোৱা খাদ্য। খিচিৰি সোৱাদযুক্ত হোৱাৰ উপৰিও ছুপাৰফুডৰ দৰে আপোনাৰ স্বাস্থ্যৰ বহু দিশত উপকাৰ কৰে। (khichdi benefits)খিচিৰি ৰন্ধাত কোনো সমস্যা নাই আৰু বেছিভাগ বিশেষজ্ঞই ছিচিৰিৰ খোৱাৰ পৰামৰ্শ দিয়ে কাৰণ খিচিৰিয়ে আপোনাক বহুতো ডাঙৰ ৰোগৰ পৰা ৰক্ষা কৰে।(khichdi)

খিচিৰি পুষ্টিকৰ উপাদানেৰে ভৰপূৰ-

খিচিৰিৰ আটাইতকৈ বিশেষ কথাটো হ’ল বনাবলৈ অতি সহজ। সাধাৰণতে দাইল আৰু ভাত দি খিচিৰিৰ তৈয়াৰ কৰা হয় যদিও সোৱাদ আৰু পুষ্টিৰ বাবে ইয়াত শাক-পাচলি আৰু ঘিউও দিব পাৰে। খিচিৰি সহজে হজম হয়, সেয়েহে ইয়াক খাবলৈ স্বাস্থ্যকৰ বিকল্প বুলি গণ্য কৰা হয়। কিছুমানে স্বাস্থ্যৰ সম্পদ হিচাপে পৰিগণিত হোৱা চেগুৰেও খিচিৰি ৰান্ধে। খিচিৰিত প্ৰটিন, কাৰ্বহাইড্ৰেট, আঁহ, স্বাস্থ্যকৰ চৰ্বিকে ধৰি সুষম মেক্ৰ’নিউট্ৰিয়েণ্ট থাকে যিয়ে আপোনাৰ শৰীৰক উপকৃত কৰে।(Benefits of eating khichdi)


খিচিৰি খোৱাৰ ৫ টা উপকাৰ-

১) পাচনতন্ত্ৰ সুস্থ হৈ থাকিব

খিচিৰি এনে এক খাদ্য যি সহজে হজম হয়। বহু বস্তু খালে অন্ত্ৰৰ বেৰত বিষ হয়, কিন্তু খিচিৰি খালে এনে নহয়।

২) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক

আয়ুৰ্বেদৰ মতে খিচিৰি খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ই আপোনাৰ শৰীৰৰ শক্তিৰ ভাৰসাম্য ৰক্ষা কৰে।

৩) শৰীৰ বিষমুক্ত কৰা

খিচিৰি সেৱন কৰিলে শৰীৰৰ বিষমুক্ত হয়। কিছুমান খাদ্য সামগ্ৰীয়ে শৰীৰৰ ভিতৰত বিষাক্ত পদাৰ্থ জমা কৰে। আপুনি খিচিৰি খাই শৰীৰৰ বিষমুক্ত কৰিব পাৰে।

৪/ ওজন নিয়ন্ত্ৰণত ফলপ্ৰসূ

খিচিৰিত কেলৰি আৰু চৰ্বি কম থাকে। ইয়াৰ ফলত ওজন কমাবলৈ সহায়ক হয়। আঁহৰ পৰিমাণ বেছি হোৱাৰ বাবে খিচিৰি খালে দীৰ্ঘদিন ধৰি ভৰপূৰ অনুভৱ হয়। যদি আপুনি ওজন কমাব বিচাৰে তেন্তে নিশ্চিতভাৱে খিচিৰি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।(Weight control)

৫/ ডায়েবেটিছ প্ৰতিৰোধ কৰিব

চেগুৰ সহায়ত তৈয়াৰী খিচিৰি খালে মধুমেহ ৰোগ প্ৰতিৰোধত সহায়ক হয়। শৰীৰত ইনচুলিন বজাই ৰখাত ই সহায়ক। খিচিৰি ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী হ’ব।(sago)

iPhone 16 Bans: এপলৰ নতুন মডেল iPhone 16 নিষিদ্ধ; iPhoneৰ নতুন মডেলটোৰ ব্যৱহাৰক অবৈধ ঘোষণা

iPhone 16 Bans Indonesia bans Apple iPhone 16
iPhone 16 Bans: এপলৰ নতুন মডেল iPhone 16 নিষিদ্ধ; iPhoneৰ নতুন মডেলটোৰ ব্যৱহাৰক অবৈধ ঘোষণা

নিউজ ডেস্ক, ২৭ অক্টোবৰ: iPhone 16 আৰু Apple Watch Series 10ৰ বিক্ৰী আৰু ব্যৱহাৰৰ ওপৰত এতিয়া কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে(iPhone 16 Bans)। কোনো ব্যক্তিয়ে যদি এই নতুন মডেলসমূহ ক্ৰয় অথবা ব্যৱহাৰ কৰে, তেন্তে সেয়া সম্পূৰ্ণৰূপে অবৈধ হিচাপে গণ্য কৰা হ’ব। লগতে বিদেশৰ পৰা এনে ডিভাইচ ক্ৰয় কৰি অনাৰ ক্ষেত্ৰতো জনসাধাৰণক সতৰ্ক কৰি দিয়া হৈছে। নতুন iPhone 16 আৰু iPhone 16 Pro মডেলৰ লগতে Apple Watch Series 10ৰ বিক্ৰী, ক্ৰয়, আৰু ব্যৱহাৰ সপূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে, যাৰ বাবে IMEI (International Mobile Equipment Identity)ৰ প্ৰমাণপত্ৰ মঞ্জুৰ কৰা হোৱা নাই। ফলস্বৰূপে, এই ডিভাইচসমূহ কোনো মেজৰ ই-কমাৰ্চ প্লেটফৰ্মতো উপলব্ধ নহ’ব। ইতিমধ্যে বলবৎ কৰা হৈছে নিষেধাজ্ঞা।

অৱশ্যে, এই নিষেধাজ্ঞা ভাৰতত নহয়, ইন্দোনেছিয়াতহে নিষিদ্ধ কৰা হৈছে iPhone 16 (Indonesia bans Apple iPhone 16)। দেশখনৰ উদ্যোগ মন্ত্ৰী অগুছ গুমিৱাং কাৰ্তসমিতাই ঘোষণা কৰে যে ইন্দোনেছিয়াৰ ভিতৰত ব্যৱহাৰ হৈ থকা এপলৰ যিকোনো শেহতীয়া মডেলক অবৈধ বুলি গণ্য কৰা হ’ব।

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে তেওংলোকৰ দেশত ডিভাইচটোৰ প্ৰয়োজনীয় আন্তঃৰাষ্ট্ৰীয় ম’বাইল ইকুইপমেণ্ট আইডেন্টিটি (আইএমইআই) প্ৰমাণপত্ৰ মঞ্জুৰ কৰা হোৱা নাই।

ইন্দোনেছিয়াই iPhone 16 আৰু Appleৰ আন নতুন মডেলসমূহ নিষিদ্ধ কৰাৰ মূল কাৰণ হিচাপে কোম্পানীটোৱে দেশখনৰ লগত কৰা বিনিয়োগৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ কথা উল্লেখ কৰিছে। স্থানীয় সমবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, এপলে দেশখনক ১.৭১ ট্ৰিলিয়ন টকা (১০৯ মিলিয়ন ডলাৰ) বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমানলৈকে ১.৪৮ ট্ৰিলিয়ন টকা (৯৫ মিলিয়ন ডলাৰ)হে বিনিয়োগ কৰিছে, যাৰ ফলত ২৩০ বিলিয়ন টকা (১৪.৭৫ মিলিয়ন ডলাৰ) এতিয়াও বিনিয়োগ কৰিবলৈ বাকী আছে। এই কাৰণতেই উদ্যোগ মন্ত্ৰালয়ে ইণ্ডোনেছিয়াত আইফোন ১৬ বিক্ৰীৰ ক্ষেত্ৰত প্ৰয়োজনীয় অনুমতি প্ৰদান কৰা নাই বুলি মন্ত্ৰীগৰাকীৰ উদ্ধৃতিৰে দেশখনৰ সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে ।

ইয়াৰ উপৰিও, ইন্দোনেছিয়াই Appleক দেশখনত গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ স্থাপনৰো দাবী কৰিছে, যাৰ অভাৱত এই নতুন মডেলসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Bismay:’বিস্ময়’ক জীয়াই ৰাখিলে শশীদা সদায় জীয়াই থাকিব- জুবিন গাৰ্গ

Bismay:'বিস্ময়'ক জীয়াই ৰাখিলে শশীদা সদায় জীয়াই থাকিব- জুবিন গাৰ্গ
Bismay:'বিস্ময়'ক জীয়াই ৰাখিলে শশীদা সদায় জীয়াই থাকিব- জুবিন গাৰ্গ

গুৱাহাটী, ২৬ অক্টোবৰ : অসমৰ সাহিত্যজগত উকা কৰি, নৱপ্ৰজন্মৰ হাতত কলম তুলিবলৈ শিকোৱা, কাকত-আলোচনী পঢ়িবলৈ উদ্বুদ্ধ কৰা শশীদাৰ স্বৰ্গগামী হোৱা বাতৰিয়ে আবেগিক কৰিছে।

মাত্ৰ ২৩ বছৰ বয়সত, যি সময়ত অসমৰ কাকত আলোচনী মুষ্টিমেয় একাংশ লোকেহে পঢ়িছিল, তেনে সময়তে সকলো স্তৰৰ পঢ়ুৱৈয়ে পঢ়িব পৰাকৈ বিস্ময় যুৱকজনে ‘বিস্ময়'(Bismay) প্ৰকাশ কৰি অসমৰ বৌদ্ধিক জগতখনৰ বিকাশৰ ক্ষেত্ৰত মাইলৰ খুঁটি স্থাপন কৰিছিল, সেইগৰাকী দূৰদৰ্শী সাংবাদিক, সাহিত্যিক শশী ফুকন ডাঙৰীয়াৰ মৃত্যু অসমৰ বৌদ্ধিক জগতৰ বাবে দুঃখজনক খবৰ(Zubeen Garg)।

মোৰ দৰে সহস্ৰাধিক লোকৰ কৈশোৰ-যৌৱন আলোড়িত তথা অধ্যয়নৰ প্ৰতি সন্মোহিত কৰা ‘বিস্ময়’ৰ শ্ৰষ্টাগৰাকীৰ সপোনৰ ‘বিস্ময়’খনক এতিয়াৰে পৰা জীয়াই ৰখাৰ দায়িত্ব অসমবাসীৰ।

শশীদাৰ লগত মোৰ আচলতে বংশগত সম্পৰ্ক। সম্বন্ধত যদিও খুড়া হয় মই দাদা বুলিয়েই সম্বোধন কৰিছিলোঁ।

শেহতীয়াকৈ তেখেতৰ ভাতৃ গুঞ্জনদাৰ মুখুৰে শশীদাৰ স্বাস্থ্যৰ সকলো খবৰ পাই আছিলোঁ।

ভবা নাছিলোঁ, শশীদা(Shashi Phukan) ইমান সোনকালে গুছি যাব অজান দেশলৈ। শশীদাৰ আত্মাৰ সদগতি কামনা কৰিলোঁ।

Book Fair Dhemaji । ৯ দিনীয়া তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ২০২৪ৰ শুভাৰম্ভ

Book Fair Dhemaji । ৯ দিনীয়া তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ২০২৪ৰ শুভাৰম্ভ
Book Fair Dhemaji । ৯ দিনীয়া তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ২০২৪ৰ শুভাৰম্ভ

ধেমাজি ২৬ অক্টোবৰ : ( Dhemaji )গ্ৰন্থক বাদ দি জীৱন গঢ়াৰ উপায় নাই, সংগ্ৰাম কৰি জীয়াই থকা ভাষাটোৱেই হল অসমীয়া ভাষা, এই মন্তব্য সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মাৰ ৷ (Book Fair Dhemaji ) উদুলিমুদুলি ধেমাজি গ্ৰন্থ উৎসৱৰ বাকৰি ৷ আজিৰে পৰা ন দিনীয়াকৈ ধেমাজিৰ ঐতিহাসিক কাছাৰী ময়দানৰ বাকৰিত অনুষ্ঠিত হৈছে তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ৷

সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত , আঞ্চলিক ছাত্ৰ সন্থা পৰু পুথি প্ৰকাশক তথা বিক্ৰেতা সংস্থাৰ সহযোগত (Book)অনুষ্ঠিত কৰা হৈছে তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ । এইবাৰৰ ধেমাজি গ্ৰন্থ উৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ৬০ খনকৈ বিপনীয়ে অংশগ্ৰহণ কৰিছে ৷ ইপিনে ৰাজ্যৰ কেবাটাও প্ৰকাশন গোষ্ঠীয়ে অংশ গ্ৰহণ কৰাৰ উপৰিও কলিকতা আৰু মুম্বাইৰ দুটা প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে। আজি পুৱা সামুহিক চাফাই অভিযানৰ পিছতে গ্ৰন্থ উৎসৱৰ দ্বাৰ মুকলি কৰে সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই ৷ ইয়াৰ পাছতে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ মূল পতাকা উত্তোলন কৰে সভাপতি সঞ্জীৱ দাসে আৰু গ্ৰন্থ উৎসৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ড° দীপক বৰগোহাঁইয়ে ৷ স্মৃতি তৰ্পণ কৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদনক জয়ন্ত বৰগোহাঁইয়ে ৷

উল্লেখ্য যে – প্ৰতিদিনেই গ্ৰন্থ উৎসৱৰ বাকৰিত ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু কৰ্মশালাৰ আয়োজন কৰিছে উদ্যোক্তা সমিতিয়ে ৷ উল্লেখ কৰিব পাৰি যে – সভাত মুখ্য অতিথি হিচাপে অংশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয় যে, দ্ৰুপদী ভাষাৰ মৰ্যাদা পালেই নহব, অসমীয়া ভাষাটো শুদ্ধকৈ কব আৰু লিখিব পাৰিব লাগিব ৷ আমাৰ ল’ৰা – ছোৱালীয়ে অসমীয়া কমকৈ কৈছে নেকি , শুদ্ধকৈ অসমীয়া নোকোৱা হৈছে নেকি !আদি বোৰৰ ওপৰত আমি লক্ষ্য কৰিব লাগিব ৱুলি মন্তব্য কৰে ৷ ইফালে ধেমাজিৰ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ উমেশ চেতিয়াই ভাষনত তেওঁ কয় যে, বতৰ্মান সময়ত গ্ৰন্থৰ প্ৰতি ভয়ংকৰ দুৰ্যোগ নামি আহিছে ৷ অসমৰ পুৰনি শব্দবোৰ লুকাই যাব ধৰিছে বুলি আক্ষেপ কৰে বিশিষ্ট সাহিত্যিক জনে ৷

দিনৰ ১.০০ বজাত উদ্বোধনী অনুষ্ঠানৰ উদ্বোধন কৰে ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে ৷ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে অভ্যর্থনা সমিতিৰ সভাপতি ড° দীপক বৰগোহাঁইয়ে ৷ উদ্বোধনী সভাত ধেমাজিৰ মৰিঢ়ল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দ্বীপেন শইকীয়া, ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈ, ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সভাপতি ড° কবিতা গগৈ, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক নয়নজ্যোতি দাস, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, সহকাৰী সম্পাদক দিপক শৰ্মা, উপদেষ্টা ৰবি কছাৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নন্দেশ্বৰ বৰগোহাঁই, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী দুৱৰা, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, সহকাৰী সম্পাদক দিপক শৰ্মা, উপদেষ্টা ৰবি কছাৰী, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কংকন জ্যোতি শৰ্মা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অলকেশ নাথ, সাংগঠনিক সম্পাদক বুলবুল দত্ত, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰূপম কুমাৰ দাসে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷

অনুষ্ঠানৰ আঁত ধৰে জিলা ছাত্ৰ সন্থাৰ উপসভাপতি ঋতুপৰ্ণ কোঁচ আৰু সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে ৷ আবেলি ১.০০ বজাত গ্রন্থ শোভাযাত্রাৰ উদ্বোধন কৰে ‘বার্তালাপ শ্রেণীকোঠাৰ সঞ্চালক তথা জেষ্ঠ্য সাংবাদিক চক্রপাণি পৰাশৰে ৷ সন্ধিয়া অনুষ্ঠিত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° বনজিৎ ভট্টই ৷ আমন্ত্রিত শিল্পী পম্পী পূৰৱী, ৰিতম বড়াৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয় ৷ইফালে নদিনৰ সকলো কাৰ্যসুচীতে উদ্যোক্তা সকলে ধেমাজি বাসী ৰাইজৰ সহযোগীতাৰ কামনা কৰে ৷

BTC Elections: বিটিচি নিৰ্বাচনত বিপিএফে কাৰো লগত নকৰে মিত্ৰতা

BTC Elections: বিটিচি নিৰ্বাচনত বিপিএফে কাৰো লগত নকৰে মিত্ৰতা
BTC Elections: বিটিচি নিৰ্বাচনত বিপিএফে কাৰো লগত নকৰে মিত্ৰতা

গুৱাহাটী, ২৬ অক্টোবৰঃ বিটিচিৰ নিৰ্বাচন ২০২৫ চনৰ এপ্ৰিল মাহতে অনুষ্ঠিত হ’ব আৰু বিপিএফ দলে কমেও ২৫-৩০খন আসনত জয়লাভ কৰি অকলেই চৰকাৰ বনাব। নিৰ্বাচনৰ(BTC Elections) আগে পাছে বিপিএফ দলে কোনো দলৰ লগত মিত্ৰতা নকৰে। মিত্ৰতাৰ বিষয়ে ইউপিপি এল দলে যি বিলাক কথা কয় সেই বিলাক কথা বিশ্বাস নকৰিব৷

ৰাইজক বিভ্ৰান্ত কৰিবলৈ ইউপিপিএলৰ এয়া ষড়যন্ত্ৰ। অকল ইউপিপিএল নহয় বিপিএফে কংগ্ৰেছ, অগপ, বিজেপি বা অন্য কোনো দলৰ লগত মিত্ৰতা নকৰে এয়া স্পষ্ট কথা৷ মিত্ৰতা সম্পৰ্কীয় কোনো কথাতে দলৰ কৰ্মী-সমৰ্থকক দুশ্চিন্তাত ভূগিব নালাগে৷ বিপিএফ(BPF) দলে ১৭ বছৰে শান্তিৰে শাসন কৰিছে৷

অলপ সময় ধৈৰ্য ধৰক৷ পুনৰায় বিটিচিত বিপিএফ দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব৷” এই ভাষ্য বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ(Hagrama Mohilary)। তেঁও আজি বিটিচিৰ ২ নম্বৰ গুমা সমষ্টিৰ চাকমাত অনুষ্ঠিত গুমা ব্লক বিপিএফৰ ষষ্ঠ ত্ৰিবাৰ্ষিক অধিবেশনৰ মুকলি সভাত মুখ্য অতিথিৰ ভাষনত বিগত চাৰে চাৰি বছৰে ইউপিপিএল দলে ক’ত উন্নয়ণ কৰিছে বুলি প্ৰশ্ন কৰে৷

প্ৰমোদ বড়োই আমি সম্পূৰ্ণ কৰি যোৱা ৰাস্তা ঘাট বিলাকৰ মেৰামতিয়ে কৰিব পৰা নাই। তেঁও উন্নয়ণ কৰিছে যদি সেয়া হ’ল কোকৰাঝাৰৰ পৰা কাৰিগাঁওলৈ যোৱা ৰাস্তাত গতিৰোধ বনোৱাৰ কাম। তেঁও কামৰ গতি ৰোধ কৰাত সিদ্ধহস্ত বুলি হাগ্ৰামাই কটাক্ষ কৰে৷

আমাৰ ১৭ বছৰৰ শাসনত অতিকৈ পাছ পৰা বিটিএডি অঞ্চলত শান্তি আৰু উন্নয়নৰ জোৱাৰ উঠিছিল। কিন্তু বৰ্তমানত শাসনত থকা সকলেই বিপিএফৰ বদনাম কৰিবলৈ অহৰহ চেষ্টা চলাই ৰাইজক ভূল বুজাই পৰিৱৰ্তনৰ শ্লোগান আওৰাই ইউপিপিএল দল বিটিচিৰ শাসনত আহি কি পৰিৱৰ্তন কৰিব পাৰিছে সেয়া আজি ৰাইজে দেখিছে আৰু উপলদ্ধি কৰিছে৷

বিপিএফ দলৰ দিনতে বহু উন্নয়ণ হৈছে সেয়া ৰাইজেই কয় আমি কোৱা কথা নহয়৷ চাৰি বছৰ পাৰ হ’ল ইউপিপিএল(UPPL) দল বিটিচিৰ শাসনত আছে কিন্তু এই দলে বিটিচিৰ উন্নয়ণ কৰাটো দূৰৰ কথা আমি কৰা উন্নয়নৰ কাম বিলাক ৰক্ষণাবেক্ষণ কৰাতো ব্যৰ্থ হৈছে। পৰিৱৰ্তনৰ আশাত ৰাইজে বিশেষ বড়ো সকলে প্ৰমোদ বড়োক বিশ্বাস কৰিছিল৷

এবছুৰ নেতা হিচাপে প্ৰমোদ বড়ো বড়ো জাতিৰ স্বাৰ্থত কাম কৰিব লাগিছিল৷ তাৰ পৰিৱৰ্তে বড়ো জাতিকে তিনিবাৰ উচ্ছেদ কৰিছে। বড়ো জাতিক তেঁও ঠগিছে(BTR)। নিজৰ জাতিৰ লগত প্ৰতাৰণা কৰা প্ৰমোদ বড়োই আন জাতিৰ বাবে কী কৰিব বুলি মহিলাৰীয়ে প্ৰশ্ন কৰি পুনৰ কয় আমি কাকো উচ্ছেদ নকৰো৷

২০০৩ চনত বিটিচি চুক্তিৰ আগৰ পৰা যি সকলে বিটিচিত বসবসাস কৰি আছে সেই সকলেই বিটিচিৰ বাসিন্দা। যদি কাৰো ভূমি নাই আমি সকলোকে ভূমি দিম৷ তেঁও প্ৰমোদ বড়োৰ মন্ত্ৰীসভাৰ সদস্য এজনৰ বিৰুদ্ধেও বিস্ফোৰক মন্তব্য কৰে।

বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেংগা বিটিচিৰ বাসিন্দা নহয় বুলি তেঁও দাবী কৰে৷ ফেৰংগা ২০০৮তহে বিটিচিত আহিছে। আমি শাসনত আহিলে তেঁওৰ বাসিন্দাৰ প্ৰমান পত্ৰ পৰীক্ষা কৰিম আৰু বিধিগত ব্যৱস্থা গ্ৰহণ কৰিম৷” চিদলীৰ উপ-নিৰ্বাচনত বিপিএফ জিকিব বুলিও হাগ্ৰামাই দাবী কৰে৷

বিপিএফ দলৰ গুমা ব্লকৰ সভাপতি তথা পাৰিষদ ৰহিন্দ্ৰ কুমাৰ ব্ৰহ্মই পৰিচালনা কৰা সভাত বিপিএফৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় উপ-সভাপতি বক্তাৰ আলী আহমেদে তেওঁৰ ভাষণত পৰোক্ষভাৱে বিজেপি দলৰ সমালোচনা কৰি কয় “ধৰ্মৰ দোহাই দি ৰাজনীতি কৰিলে সেই ৰাজনীতি দীৰ্ঘম্যাদি নহয়৷

বিজেপি দলে সদায় সাম্প্ৰ দায়িক বিষবাষ্প বিয়পিয়াই দি এটা গোষ্ঠীৰ লগত আন এটা গোষ্ঠীৰ মনোমালিন্য সৃষ্টি কৰি নিকৃষ্ট ৰাজনীতি কৰাৰ মনোবৃত্তি লৈছে৷ কিন্ত অসমৰ ৰাইজ বিজেপি দলৰ সম্প্ৰাদায়িক ৰাজনীতিৰ পৰা বহু যোজন দূৰত থাকি সমিলমিলেৰে বসবাস কৰি শংকৰ-আজানৰ অসমৰ মানমৰ্য্যাদা অক্ষুণ্ণ ৰাখিছে৷

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতাধীন চৰকাৰখনৰ কামেই হৈছে মানুহৰ মাজত বিভেদ সৃষ্টি কৰি ৰাজনৈতিক মুনাফা আদায় কৰা। বিপিএফ দলক লৈ যাতে কোনো অশুভ শক্তিয়ে ষড়যন্ত্ৰ কৰিব নোৱাৰে তাৰ বাবে সকলোৱে সচেতন হ’ব লাগিব৷ সন্মুখত বিটিচি নিৰ্বাচন৷

বিপিএফ দলত যাতে প্ৰাৰ্থীত্ব কেন্দ্ৰিক কোনো সংঘাতৰ সৃষ্টি নহয় তাৰ প্ৰতি বিপিএফ প্ৰেমী ৰাইজৰো লক্ষ্য ৰাখিব লাগিব৷ দলৰ হাইকামাণ্ডে যাকে প্ৰাৰ্থীত্ব প্ৰদান কৰিব সেইজন প্ৰাৰ্থীৰ হকে দলৰ কৰ্মী-নেতা-নেত্ৰী, সমৰ্থকসকলে নিৰ্বাচনী যুদ্ধ ক্ষেত্ৰত মাৰবান্ধি নামিব লাগিব আৰু প্ৰাৰ্থীজনৰ জয় নিশ্চিত কৰিব লাগিব বুলি জ্যেষ্ঠ নেতাগৰাকীয়ে দলীয় কৰ্মী সমৰ্থকৰ প্ৰতি আহ্বান জনায়৷

২০২৫ চনত বিটিচিত বিপিএফ দলৰ হাতত শাসনভাৰ তুলি দিয়াৰ বাবে সকলো জনগোষ্ঠীৰ লোকক পুনৰ হাগ্ৰামা মহিলাৰীৰ হাত মজবুত কৰাৰ বাবে আহ্বান জনায়৷ বিপিএফ দল শাসনত আহিলে বিটিচিৰ উন্নয়ণ আগৰ দৰে তৰাণ্বিত হোৱাৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ সম উন্নয়ন সম বিকাশ ঘটিব বুলি কয় অভিজ্ঞ নেতা বক্তাৰ আলী আহমেদে৷

উক্ত সভাত চৰাইবিল সমষ্টিৰ পাৰিষদ মৃত্যুঞ্জয় নাৰ্জাৰী, বিপিএফৰ জ্যেষ্ঠ নেতা ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, বিল্লা কুমাৰ ব্ৰহ্ম, গুমা সমষ্টিৰ সম্ভাব্য প্ৰাৰ্থী ইন্তাজ আলী আদিকে ধৰি পাঁচ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। উক্ত সভাত পাঁচ শতাধিক লোক বেলেগ দল এৰি বিপিএফত যোগদান কৰে।

আজি অনুষ্ঠিত প্ৰতিনিধি সভাত পুনৰ ৰহিন্দ্ৰ কুমাৰ ব্ৰহ্মক সভাপতি আৰু নতুনকৈ মকেন্দ্ৰ নাৰ্জাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ বিপিএফৰ গুমা ব্লক সমিতি গঠন কৰা হয়।

Jyoti Chitraban । জ্যোতি চিত্ৰবনত চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ আৰম্ভ

Jyoti Chitraban । জ্যোতি চিত্ৰবনত চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ আৰম্ভ
Jyoti Chitraban । জ্যোতি চিত্ৰবনত চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ আৰম্ভ

গুৱাহাটী -২৬ অক্টোবৰ : চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ মহান উদ্দেশ্য সন্মুখত ৰাখি আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে । গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কয় যে, ছবি এখন নিৰ্মাণ কৰোতে কাৰিকৰ, ব্যৱসায়ীক, সাংস্কৃতিক দিশ আদিৰ প্ৰতি মনোযোগ দিয়াৰ সমান্তৰালভাৱে চৰিত্ৰ সমূহ উপস্হাপনত লক্ষ্য ৰাখিব লাগে ৷ (Jyoti Chitraban)

চলচ্চিত্ৰ নিৰ্মাণত চৰিত্ৰ সমূহ উপস্হাপনৰ বেলিকা বিশেষকৈ শিক্ষকৰ চৰিত্ৰ ৰূপায়ণত বেছিভাগ সময়তে নেতিবাচক দিশ সমূহ দেখুওৱালে সমাজত নেতিবাচক প্ৰভাৱ পৰে বুলি উপাচাৰ্য গৰাকীয়ে প্ৰকাশ কৰে ৷ চিনেমা বা নাটকত বিশেষকৈ শিক্ষক বা তেনে ধৰণৰ সম্মানীয় চৰিত্ৰৰ নেতিবাচকভাৱে প্ৰদৰ্শন কৰিব নালাগে বুলি তেখেতে আক্ষেপ প্ৰকাশ কৰে ৷ আনহাতে, চিনেমা প্ৰদৰ্শনৰ আৰম্ভণিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা পুস্তিকাখন মুকলি কৰি ৰাষ্ট্ৰীয় বঁটা প্ৰাপক সংগীত শিল্পী তৰালী শৰ্মাই কয় যে, চলচ্চিত্ৰমে মহোৎসৱ অনুষ্ঠিত কৰি উদ্যোগটোৰ লগত জড়িত লোক সকলক উৎসাহিত কৰিব ৷ এনে ধৰণৰ অনুষ্ঠান ব্যাপক হাৰত হ’ব লাগে বুলি তৰালী শৰ্মাই মন্তব্য কৰে ৷

উল্লেখ্য, চলচ্চিত্ৰমৰ ছবি মহোৎসৱত ৫০ খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মহোৎসৱত মুঠ ২৮ খন ছবি প্ৰদৰ্শন কৰা হৈছে ৷ প্ৰতিযোগিতামুলক আৰু অনা-প্ৰতিযোগিতামুলক এই দুই শাখাত ছবিসমূহ প্ৰদৰ্শিত হ’ব। আজি মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হ’ব প্ৰবাল খাউণ্ড পৰিচালিত আৰু গোপাল জালান আৰু ধ্ৰুৱজ্যোতি কাকতি প্ৰযোজিত ছবি “দ্য লাষ্ট জেনেৰেশ্যন” প্ৰদৰ্শন কৰা হয়।

কাইলৈ বঁটা বিজয়ী চিত্ৰ নিৰ্মাতাসকলক সামৰণি অনুষ্ঠানত অসমৰ স্বনামধন্য অভিনেত্ৰী মৃদুলা বৰুৱা, ইণ্ডিয়ান ডকুমেন্টৰী প্ৰযোজক সন্হাৰ সভাপতি সংস্কাৰ দেশাই, চলচ্চিত্ৰ নিৰ্মাতা ড: সন্তোষ পাঠাৰে, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰাপ্ত পৰিচালক যদুমণি দত্ত, মণিপুৰৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ঐনাম গৌতমৰ লগতে চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তি তথা চিনেমা অনুৰাগীৰ উপস্থিতিত নগদ ধনৰ পুৰস্কাৰ, ট্ৰফী আৰু প্ৰমান পত্ৰেৰে সন্মানিত কৰা হ’ব। আয়োজক সমিতিৰ সম্পাদক তথা বিশিষ্ট অভিনেতা ভগৱৎ প্ৰীতমে জানিবলৈ দিয়া মতে , এই মহোৎসৱৰ আয়োজনে উদীয়মান চলচ্চিত্ৰ নিৰ্মাতা সকলক চলচ্চিত্ৰ নিৰ্মাণ অকল ধন ঘটাৰ মাধ্যম হিচাপে নহয়, সমগ্ৰ উপমহাদেশখনত সামাজিক পৰিবৰ্তনৰ শক্তিশালী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে অনুপ্ৰাণিত কৰিব ।

Israeli Airstrikes On Iran: ইৰাণৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণক গৰিহনা কাটাৰ, জৰ্ডান, ইউ এ ইৰ

Qatar, Jordan And UAE Join Saudi Arabia In Condemning Israeli Airstrikes On Iran
Israeli Airstrikes On Iran: ইৰাণৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণক গৰিহনা কাটাৰ, জৰ্ডান, ইউ এ ইৰ

ইণ্টাৰনেশ্যলেন ডেস্ক, ২৬ অক্টোবৰ: ইৰাণৰ ভূখণ্ডত ইজৰাইলে চলোৱা বিমান আক্ৰমণক চৌদি আৰৱৰ পাছতে কাটাৰ, জৰ্ডান আৰু ইউএইয়ে দিলে গৰিহণা (Israeli Airstrikes On Iran)। লগতে অঞ্চলটোৰ নিৰাপত্তা আৰু স্থিৰতাক লৈ প্ৰকাশ কৰিছে গভীৰ উদ্বেগ।

কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত ৰাষ্ট্ৰখনে, ইজৰাইলে ইছলামিক গণৰাজ্য ইৰাণক লক্ষ্য কৰি লোৱাৰ কাৰ্য্যক কঠোৰ নিন্দা প্ৰকাশ কৰাৰ লগতে এই কাৰ্য্যক ইৰাণৰ সাৰ্বভৌমত্ব আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতিৰ স্পষ্ট উলংঘন বুলি বিবেচনা কৰিছে(State of Qatar) ।

এই সংঘাতৰ ফলত হ’ব পৰা গুৰুতৰ প্ৰতিক্ৰিয়াৰ সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ে(Qatar Foreign Ministry) দুয়োপক্ষক সংযম হৈ আলোচনা আৰু শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি কৰি, অঞ্চলটোৰ নিৰাপত্তা আৰু স্থিতিশীলতাক অস্থিৰ কৰি তুলিব পৰা যিকোনো কামৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰিও কাটাৰে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক শান্তিৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ কৰি অঞ্চলটোৰ জনসাধাৰণৰ বিশেষকৈ গাজা আৰু লেবাননত হৈ অহা অশান্তি অন্ত পেলোৱাৰ বাবে আহ্বান জনাইছে ।

জৰ্ডানৰ বৈদেশিক পৰিক্ৰমা আৰু প্ৰবাসী মন্ত্ৰালয়ে(Jordan Ministry of Foreign Affairs) ইৰাণৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণ আন্তঃৰাষ্ট্ৰীয় আইন উলংঘন বুলি দৃঢ়তাৰে কৈ ইয়াৰ ফলত অঞ্চলটোত অধিক উত্তেজনাৰ সৃষ্টি হ’ব পাৰে বুলি উল্লেখ কৰে ।

জৰ্ডানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰাষ্ট্ৰদূত চুফিয়ান আল-কুদাহে অঞ্চলটোৰ বিপজ্জনক সংঘৰ্ষ আৰু আন্তঃৰাষ্ট্ৰীয় আইন উলংঘাক ৰাষ্ট্ৰখনে সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অঞ্চলটোৰ স্থিৰতা আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সংঘাতৰ বিৰুদ্ধে সকীয়নি প্ৰদান কৰে ।

আল-কুদাহে তেওঁৰ মন্তব্যত কলে, ‘আমি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্দায়ক নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছো আৰু গাজা, পশ্চিম তীৰ আৰু লেবাননত ইজৰাইলৰ আক্ৰমণ বন্ধ কৰোৱাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো, যিটো হৈছে ইজৰাইলৰ আন্তৰ্জাতিক আইন আৰু ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ উলংঘন বন্ধ কৰাৰ দিশত প্ৰথম পদক্ষেপ আৰু ইজৰাইলৰ নিৰন্তৰ আক্ৰমণৰ ধ্বংসাত্মক পৰিণামৰ পৰা অঞ্চলটোৰ নিৰাপত্তা আৰু স্থিৰতাক সুৰক্ষিত কৰা।’

ইউ এ ইয়ে ইৰাণৰ সামৰিক ঘাটিক লক্ষ্য কৰি ইজৰাইলে কৰা বিমান আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ লগতে অঞ্চলটোৰ নিৰাপত্তা আৰু স্থিৰতাৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।

ইউ এ ইৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিৰ জৰিয়তে বিপদাশংকা আৰু সংঘাতৰ সম্প্ৰসাৰণ পৰিহাৰ কৰিবলৈ অত্যাধিক সংযম আৰু বুদ্ধিমত্তাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

মন্ত্ৰালয়ে লগতে উল্লেখ কৰে যে, আলোচনা বৃদ্ধি, আন্তঃৰাষ্ট্ৰীয় আইন পালনৰ লগতে ৰাষ্ট্ৰসমূহৰ সাৰ্বভৌমত্বক সন্মান কৰাটোৱেই হৈছে বৰ্তমানৰ সংকটসমূহ সমাধানৰ বাবে সৰ্বোত্তম উপায়। এই প্ৰেক্ষাপটত ইউ এ ইয়ে কূটনৈতিক উপায়েৰে বিবাদ নিষ্পত্তি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

ইয়াৰ পূৰ্বে ছৌদি আৰবে ইৰাণক লক্ষ্য কৰি ইজৰাইলী সেনাই গ্ৰহণ কৰা আক্ৰমণক তীব্ৰ গৰিহনা দিয়াৰ লগতে গভীৰ উদ্বেগ প্ৰকাশ কৰে । এই আক্ৰমণক সাৰ্বভৌমত্ব উলংঘন আৰু আন্তঃৰাষ্ট্ৰীয় আইন আৰু নীতি-নিয়ম উলংঘা কৰা বুলি ছৌদি আৰবে উল্লেখ কৰে ।

চৌদি আৰবৰ বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিৰ জৰিয়তে বৰ্তমান অব্যাহত থকা তীব্ৰ সংঘাত আৰু অঞ্চলটোৰ দেশ আৰু জনসাধাৰণৰ নিৰাপত্তা আৰু স্থিৰতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সংঘাতৰ সম্প্ৰসাৰণক প্ৰত্যাখ্যান কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰখনে নিজৰ অটল স্থিতি নিশ্চিত কৰিছে । ৰাষ্ট্ৰখনে সকলো পক্ষকে অত্যাধিক সংযম হৈ উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান জনাইছে। লগতে অঞ্চলটোত অব্যাহত সামৰিক সংঘৰ্ষৰ পৰিণতিৰ বিষয়ে সতৰ্ক কৰি দিছে।

লগতে বিবৃতিটোত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় আৰু প্ৰভাৱশালী আৰু সক্ৰিয় পক্ষসমূহক উত্তেজনা হ্ৰাস কৰা আৰু অঞ্চলটোত সংঘাতৰ অন্ত পেলোৱাৰ দিশত নিজৰ ভূমিকা আৰু দায়িত্ব পালন কৰিবলৈ আহ্বান জনোৱা হৈছে। ইফালে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে শনিবাৰে ঘোষণা কৰে যে ইৰাণৰ একাধিক সামৰিক ঘাটিৰ বিৰুদ্ধে “সঠিক আৰু লক্ষ্যভিত্তিক আক্ৰমণ” সফলতাৰে সম্পূৰ্ণ কৰা হৈছে যিয়ে ইজৰাইলৰ বাবে তাৎক্ষণিক ভাবুকিৰ সৃষ্টি কৰিছে।

ইজৰাইলী বায়ুসেনাৰ সহযোগত শনিবাৰে পুৱতি নিশা তিনিটা ৱেভত চলোৱা এই আক্ৰমণ যোৱা ১ অক্টোবৰত বেলিষ্টিক মিছাইল আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে সংঘটিত হৈছিল বুলি আইডিএফৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল ডেনিয়েল হাগাৰে প্ৰকাশ কৰে।

“আমাৰ বাৰ্তা স্পষ্ট – যিসকলে ইজৰাইলক ভাবুকি দিয়ে আৰু অঞ্চলটোক অধিক অস্থিৰ কৰিবলৈ চেষ্টা কৰিব, তেন্তে তাৰ মূল্য যথেষ্ট ভুগিব লাগিব । আমি আজি প্ৰমাণ কৰিলোঁ যে আমাৰ নিৰ্ণায়কভাৱে কাৰ্য কৰাৰ ক্ষমতা আছে আৰু আক্ৰমণ আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমি সাজু।” ইজৰাইল আৰু ইজৰাইলী নাগৰিকসকলক সুৰক্ষা দিবলৈ এইদৰে কলে আইডিএফৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে। তেওঁ লগতে কয় যে, “আইডিএফে(Israeli Air Force) নিজৰ মিছন সফলতাৰে সমাপ্ত কৰিছে।ইৰাণ চৰকাৰে যদি নতুনকৈ কোনো সংঘাত সূচনা কৰাৰ ভুল কৰে তেন্তে আমি ইয়াৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিম।”

লগতে পঢ়ক: ইৰাণৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, তেহৰাণৰ সামৰিক ঘাটি আৰু দাতিকাষৰীয়া অঞ্চলত বোমা বিস্ফোৰণ

BJP National President: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ’ব পাৰে ৰাষ্ট্ৰীয় উপ-সভাপতি

BJP National President: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰে ৰাষ্ট্ৰীয় উপ-সভাপতি
BJP National President: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰে ৰাষ্ট্ৰীয় উপ-সভাপতি

গুৱাহাটী, ২৬ অক্টোবৰ: সলনি হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি।দিল্লীৰ এক বিশ্বাসযোগ্য সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ(BJP National President) নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সভাপতিৰ পদৰ বাবে উচ্চাৰিত হৈছে কেইবাগৰাকীও শীৰ্ষ নেতাৰ নাম। সূত্ৰটোৱে প্ৰকাশ কৰা মতে সভাপতিৰ উপৰি ডিচেম্বৰ মাহতে বিজেপিৰ উপ-সভাপতি পদতো যোগ্য ব্যক্তিক নিযুক্তি দিবলৈ তৎপৰ হৈ পৰিছে গেৰুৱা শিবিৰৰ ঊধৰ্বতন মহল।

ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দাবীদাৰ হিচাপে কেইবাগৰাকীও শীৰ্ষ নেতাৰ নাম উচ্চাৰিত হৈছে। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে নাম উচ্চাৰিত হোৱা ব্যক্তি কেইগৰাকী হৈছে ক্ৰমে— শিৱৰাজ সিং চৌহান, ধৰ্মেন্দ্ৰ প্ৰধান, অনুৰাগ ঠাকুৰ, সুনীল বাঞ্চাল আদি।

সূত্ৰটোৰ মতে এইসকল ব্যক্তিৰ মাজৰ পৰাই কোনো এগৰাকী ব্যক্তিক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হ’ব পাৰে। এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে, বিজেপিৰ উপ-সভাপতি(Vice President) পদ কোনে কোনে অলংকৃত কৰিব? সূত্ৰটোৱে সদৰী কৰা অনুসৰি উপ-সভাপতি পদৰ বাবে উচ্চাৰিত হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ(CM Himanta Biswa Sharma) নাম।

উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপটত এতিয়া জিলিকি উঠিছে। দেশৰ কেইবাখনো ৰাজ্যৰ নিৰ্বাচনী গুৰু দায়িত্ব লাভ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকী এতিয়া কেৱল অসমৰেই মুখ্যমন্ত্ৰী হৈ থকা নাই, এক কথাত এগৰাকী শক্তিশালী ৰাষ্ট্ৰীয় নেতা হিচাপে পৰিগণিত হৈছে।

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা গেৰুৱা দলৰ শীৰ্ষ নেতৃত্বৰ অগাধ বিশ্বাসৰ বাবেই তেওঁক ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড আদি ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নেতৃত্বই দায়িত্ব অৰ্পণ কৰিছে(PM N Modi)।

দেশত বিজেপিশাসিত বহুকেইখন ৰাজ্য থকাৰ পিছতো তেনে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সলনি বিভিন্ন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত গেৰুৱা দলৰ শীৰ্ষ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাকেই বাছনি কৰাৰ কথা নেতাগৰাকীৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠা ভাবমূৰ্তিকেই বাৰে বাৰে প্ৰমাণ কৰি আহিছে।(Anurag Thakur)

সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি ডিচেম্বৰ মাহতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যাত্ৰা হয়তো আৰম্ভ হ’ব পাৰে।

কাৰণ সেই সময়তে বিজেপিয়ে ৰাষ্ট্ৰীয় সভাপতিগৰাকী নিৰ্বাচন কৰাৰ উপৰি উপ-সভাপতিৰ পদবীও পূৰণ কৰিব। সূত্ৰটোৱে এই কথা প্ৰকাশ কৰিছে যে বিজেপিৰ শীৰ্ষ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাক দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ উপ-সভাপতি হিচাপে নিযুক্ত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

উল্লেখ্য, অসমৰ পৰা দিলীপ শইকীয়া বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সাধাৰণ সম্পাদক পদত আছিল। কিন্তু সাধাৰণ সম্পাদকৰ দৰে এটা গুৰুত্বপূৰ্ণ পদত থকাৰ পিছতো দিলীপ শইকীয়াৰ কাৰ্যকলাপ আছিল তেনেই সীমিত। কিন্তু এইক্ষেত্ৰত বিজেপিৰ শীৰ্ষ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাৰ পৰা বহু বেছি আশা কৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰে।

সূত্ৰটোৱে লগতে এই বুলিও কৈছে যে হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ উপ-সভাপতি পদত অধিষ্ঠিত কৰাৰ পিছতে তেওঁৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ যাত্ৰা অতি সুচল হৈ পৰিব।

‘দৈনন্দিন বাৰ্তা’ত(Dainandin Barta) পূৰ্বে এক প্ৰতিবেদনত বিশ্বস্ত সূত্ৰৰ তথ্যৰ ভিত্তিত এই বুলি প্ৰকাশ কৰা হৈছিল যে হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ শীৰ্ষ নেতৃত্বই ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যোৱাটো একান্ত মনে কামনা কৰি আহিছে। সেই সময়ত সূত্ৰটোৱে এই বুলিও প্ৰকাশ কৰিছিল যে হিমন্ত বিশ্ব শৰ্মাক হয়তো দেশৰ গৃহমন্ত্ৰীৰ দায়িত্বও অৰ্পণ কৰা হ’ব পাৰে। উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ পথাৰত শেহতীয়াকৈ নিজৰ দক্ষতা পুনৰবাৰ প্ৰমাণ কৰিবলৈ সক্ষম হৈছে।

শৰ্মাই ইতিমধ্যে কৰ্ণাটক বিধানসভা নিৰ্বাচনত প্ৰচাৰ চলাইছে। একেদৰে মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা, ছত্তীশগড়, ঝাৰখণ্ড আদি ৰাজ্যতো হিমন্ত বিশ্ব শৰ্মাই এগৰাকী শক্তিশালী ৰাষ্ট্ৰীয় নেতাৰ দৰেই প্ৰচাৰ চলাইছে।

কেৱল সেয়াই নহয় দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ সময়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদেশতে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল। চলিত বৰ্ষৰ ৯ মে’ৰ পৰা ২৮ মে’লৈ হিমন্ত বিশ্ব শৰ্মাই দেশৰ বিভিন্ন স্থানত ৫৭খন নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিছে।

গড়ে তেওঁ ১৯ দিনত প্ৰতিদিনে ৩খনকৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ পুনৰ ঝাৰখণ্ডত হিমন্ত বিশ্ব শৰ্মাক ষ্টাৰ কেম্পেইনাৰ হিচাপে নিযুক্তি দিছে গেৰুৱা বাহিনীয়ে।

এনেবোৰ দিশলৈ চাই সূত্ৰটোৱে প্ৰকাশ কৰাৰ দৰেই হয়তো ডিচেম্বৰ মাহতে হিমন্ত বিশ্ব শৰ্মা হ’ব পাৰে ৰাষ্ট্ৰীয় ৰাজনীতিমুখী যাত্ৰা। অৱশ্যে ক’ৰ পানী ক’লৈ যায় সেয়া সময়েহে ক’ব।

Prominent Social Worker: নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক বল্লদেৱ শৰ্মাৰ দেহাৱসান

Prominent Social Worker: নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক বল্লদেৱ শৰ্মাৰ দেহাৱসান
Prominent Social Worker: নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক বল্লদেৱ শৰ্মাৰ দেহাৱসান

গুৱাহাটী, ২৬ অক্টোবৰ: সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আৰু উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান(Prominent Social Worker) নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাৰ শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে দিনৰ প্ৰায় ২.২০ বজাত পৰলোক প্ৰাপ্তি ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ(All Assam Rural Library Association)।উল্লেখযোগ্য যে, ২ অক্টোবৰত গুৱাহাটীৰ কাৰ্যালয়ৰ কামত ব্যস্ত থকাৰ সময়তে উচ্চচাপ জনিত ৰোগত আক্ৰান্ত হৈছিল শৰ্মা।

ততাতৈয়াকৈ তেওঁক গুৱাহাটীৰ ছয়মাইলস্থিত জিএনআৰচি হাস্পতালত চিকিৎসাধীন কৰা হয় যদিও পৰবৰ্তী দুদিন পাছত শৰ্মাক হেল্থ চিটি হাস্পতালত লৈ যোৱা হয়। চিকিৎসালয়ত তেওঁৰ মগজুৰ ৰক্তক্ষৰণৰ সমস্যা চিনাক্ত কৰা হয় আৰু যোৱা ৫ অক্টোবৰত উক্ত ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও শৰ্মা চেতনাহীন হৈয়ে থাকিল।

ইয়াৰ মাজতে ২২ অক্টোবৰত শৰ্মাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ(GMCH) স্থানান্তৰিত কৰা হৈছিল। চিকিৎসকৰ নেৰানেপেৰা যত্ন সত্বেও আজি দিনৰ ২.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বল্লদেৱ শৰ্মাই। নগাঁৱৰ ঘাঁহীত জন্ম গ্ৰহণ কৰা বল্লদেৱ শৰ্মা অসমৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী ৰূপে পৰিচিত হৈ উঠে।

প্ৰায় চাৰি দশকৰ আগতে তেওঁ প্ৰতিষ্ঠা কৰা সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই আজি সমগ্ৰ অসমতে বিস্তাৰ লাভ কৰিছে। সমাজৰ প্ৰতি আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ যুৱ বঁটাও লাভ কৰিছিল। অসমত পুথিভঁৰাল আন্দোলনৰ অগ্ৰণী ভুমিকা গ্ৰহণ কৰা বল্লদেৱ শৰ্মাই ৰাজ্য খনৰ ইমূৰৰ পৰা সিমুৰলৈ গ্ৰন্থ পঢ়াৰ এক পৰিৱেশ গঢ়ি তোলাৰ বাবে চেষ্টা চলাই আহিছিল।

বল্লদেৱ শৰ্মাই বিগত সময়খিনিত “গ্ৰন্থ অধ্যয়নে সমাজলৈ পোহৰ আনে”, “গ্ৰন্থাগাৰ বিশ্ব দৰ্শনৰ মূৰ দ্বাৰ ” শীৰ্ষক শ্লোলগানেৰে এক নিৰৱ গ্ৰন্থ আন্দোলন গঢ়ি তুলিছিল।

নগাঁৱৰ কলংপাৰ কাকতৰ স্বত্বাধিকাৰী বল্লদেৱ শৰ্মা শ্ৰীমন্ত শংকৰ মিশ্যনৰো সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈ আছিল। বিগত এবছৰৰ পূৰ্বে পত্নীৰ বিয়োগ হোৱা শৰ্মাই মৃত্যুৰ সময়ত তেওঁৰ একমাত্ৰ জীয়ৰী অভিলেখ শৰ্মাক এৰি গৈছে। বল্লদেৱ শৰ্মাৰ মৃত্যুৰ বাতৰিয়ে নগাঁৱৰ বৃহৎ সংখ্যক লোকক শোকাভিভূত কৰি তুলিছে।

তাৎপৰ্যপূৰ্ণ কথা যে – বল্লদেৱ শৰ্মা শ্ৰীমন্ত শংকৰ মিশ্যনৰ(Sreemanta Sankar Mission) ১৩ কাৰ্যকালৰ বাবে সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষ হিচাপে এটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। শ্ৰীমন্ত শংকৰ মিশ্যনৰ বহু দূৰ্যোগপূৰ্ণ সময়ত সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি মিশ্যনৰ বাবে অনবদ্য সেৱা আগবঢ়ায়।

উল্লেখযোগ্য যে- বল্লদেৱ শৰ্মা নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সংগঠক,অসম জ্যেষ্ঠ নাগৰিক সন্মিলন কল্যাণ পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য,অসম সাংস্কৃতিক মহাসভাৰ পৃষ্ঠপোষক তথা বহুসংখ্যক অনুষ্ঠানৰ জন্মদাতা বল্লদেৱ শৰ্মাৰ মৃত্যুত অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত,জনসংযোগ মন্ত্ৰী পিযূষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: শৰৎ বৰকটকী, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই গভীৰ শোকৰ প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে(Guwahati)।


শ্ৰীমন্ত শংকৰ মিশ্যন আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ তিনিদিনীয়া শোক পালন: শ্ৰীমন্ত শংকৰ মিশ্যন আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তিনিদিনীয়াকৈ শোক পালনৰ ঘোষণা কৰিছে।

শুকুৰবাৰে বিয়লি শৰ্মাৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে শ্ৰীমন্ত শংকৰ মিশ্যনৰ মুখ্য কাৰ্যালয়ত সকলো সমবেত হৈ মিশ্যনৰ সভাপতি প্ৰেমেশ্বৰ দাসে মিশ্যন পতাকা আনুষ্ঠানিকভাৱে অৰ্ধমিত কৰি শোক পালন কৰাৰ লগতে স্বৰ্গগামী আত্মাৰ সদগতি কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়।

আনহাতে, কালিলৈ পুৱা ৯ বজাত শৰ্মাৰ নশ্বৰ দেহ মিশ্যনৰ মুখ্য কাৰ্যালয়লৈ আনি এক শ্ৰদ্ধাঞ্জলি তৰ্পণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তদুপৰি সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই জানিবলৈ দিয়ে যে- শুকুৰবাৰে শৰ্মাৰ নশ্বৰ দেহ তেওঁৰ বাসভৱনতে ৰখাৰ ব্যৱস্থা কৰাৰ লগতে পিছদিনা পুৱা পুথিভঁৰালত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ অন্তত নগাঁৱৰ অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে।