Home Blog Page 522

Bononir Chokulo: বননীৰ চকুলো- এখন বৰ সুন্দৰ গ্ৰন্থ পঢ়িলোঁ

Bononir Chokulo: বননীৰ চকুলো- এখন বৰ সুন্দৰ গ্ৰন্থ পঢ়িলোঁ
এখন বৰ সুন্দৰ গ্ৰন্থ পঢ়িলোঁ

‘সমাজৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত যেতিয়াই আমি মনে মনে থাকিবলৈ আৰম্ভ কৰোঁ সেই দিনাই আমাৰ জীৱন শেষ হৈ যাবলৈ আৰম্ভ কৰে।’ কথাষাৰ কৈছিল মাৰ্টিন লুথাৰ কিং। ‘বননিৰ চকুলো'(Bononir Chokulo) নামৰ শিৱ সাধক, পৰশুৰাম কাকতিৰ দ্বাৰা ৰচিত উপন্যাসখনত সেই কথাই প্ৰতিপন্ন হৈছে। গ্ৰন্থখনৰ পাতনিতে তেওঁ উল্লেখ কৰিছে, এচাম অসাধু লোকৰ কু-মানসিকতাৰ ফলত বননি ৰাজ্যৰ জীৱকুলৰ পৰিৱেশ-পৰিস্থিতিৰ অশুভ বাতাবৰণৰ প্ৰভাৱ মানৱ ৰাজ্যত পৰিছে। ধনবল, বাহুবল, অহংকাৰেৰে মানুহৰ মনবোৰ কলুষিত হৈ পৰিছে(Tears of the Forest)।

এই বিষাক্ত মনবোৰ পৰিস্কাৰ কৰিবলৈ গংগাৰ পানীত গা ধুলেও পৰিস্কাৰ নহ’ব। প্ৰকৃতি প্ৰিয় ব্যক্তিজনে জীৱনৰ বাটত দেখি অহা নীৰৱ প্ৰকৃতিৰ ধংসলীলাৰ দৃৰ্শ্য সৰ্য্য কৰিব নোৱাৰি কাল্পনীক মনৰ ধাৰণাৰে নিজেই প্ৰকৃতিৰ মাজৰ এক প্ৰতিবাদী সত্বা হৈ যুদ্ধংদেহী মনোভাবেৰে প্ৰতিবাদ কৰি উঠিছে। মানৱ জীৱনৰ দৰে এই প্ৰতিবাদী ধাৰণাত অৱশ্যে নাই কোনো হিংসাৰ দাৱানল।

নাই যুদ্ধৰ কলুষিত বাতাবৰণ। ভীষণ এক যুদ্ধ হ’ব যেন এনে আগজাননী দিও আলোচনাৰ মাজেৰে কাহিনীটোৱে সমাপ্তিৰ দিশেৰে আগবাঢ়িছে(Book Review)।

অৱশ্যে উপন্যাস খনৰ আৰম্ভণীতে কেইটামান পৃষ্ঠালৈ প্ৰকৃতি সন্দৰ্ভত এটা চিন্তা গধূৰ প্ৰৱন্ধ পঢ়ি থকা যেন হে লাগে। সেই কথাই স্বাভাৱিক তে বিভ্ৰাত সৃষ্টি কৰিছে যদিও প্ৰকৃতিৰ ওপৰত লিখিত গ্ৰন্থ হিচাপে সৌন্দৰ্য্য হানি কৰা নাই। বৰং মানুহৰ অত্যাচাৰত প্ৰকৃতি আৰু জীৱকুলৰ জীৱনলৈ নামি অহা অশনি সমস্যা ৰাজিক জীৱন্ত ৰূপত উপস্থাপন কৰাত লেখক সাৰ্থক হৈছে।এখন বিৰাট কাল্পনিক ৰাজ্য।

মানৱ জীৱনৰ হাঁহি-কান্দোনৰ ৰংবোৰৰ দৰেই বননী ৰাজ্যৰ জীৱকুলৰ মাজতো বিৰাজমান ভিন্ন ৰঙীন সময়ৰ।বননী ৰাজ্যৰ ৰজা বিশ্বদেৱে কন্যা বননীক সৰস্বতী মাৰ ওচৰত শিক্ষা লাভৰ উদ্দেশ্যে পঠাইছে,নিজেও নৈতিক শিক্ষাদানেৰে গঢ়ি তুলিছে, উপযুক্ত উত্তৰাধিকাৰী ৰূপে। কন্যাক উপযুক্ত পাত্ৰত বিবাহ দিছে।

আৰু বননী ৰাজ্যৰ ৰাজদণ্ড তুলি দিছে কন্যাৰ হাতত। বননী ৰাজকুমাৰীয়েও পিতৃ-মাতৃ-শিক্ষাগুৰু আৰু স্বামী সূৰ্য দেৱতাৰ লগত পৰামৰ্শ কৰি বননী ৰাজ্যৰ সুৰক্ষাৰ উদ্দেশ্যে পদক্ষেপ গ্ৰহণ কৰিছ। উপন্যাস এখনত মানৱ জীৱনৰ পূৰ্ণাঙ্গ চিত্ৰণ ঘটাৰ দৰেই ব্যতিক্ৰমী আলোচিত উপন্যাসখনত বননী ৰাজ্যৰ ৰজা-প্ৰজা আটাইৰে জীৱনৰ ঘাট-প্ৰতিঘাত, আশা-আকাংশা, মিলন-বিৰস আদি বিতংকৈ ৰসাল ভাবে চিত্ৰিত কৰা হৈছে।কব গ’লে চিৰাচৰিত মানৱ জীৱনৰ ভিন্ন পৰ্য্যায় অতিক্ৰম কৰিছে ‘বননীৰ চকুলো’ৰ কাল্পনীক চৰিত্ৰসমূহে। কিন্তু একে হৈও পৃথক যেন কৰবাত।

কাৰণ চৰিত্ৰসমূহ কোনোবা যদি বনৰ পশু-পক্ষী, কোনোবা আকৌ জলচৰ জীৱ, নাইবা প্ৰকৃতিৰ গছ-লতিকা আৰু কেতিয়াবা দেৱতা বা মানুহৰ দৃষ্টিত ভগৱান। বনদস্যূ-জলদস্যূৰ উৎপাতত সবৰ্চ্চ হেৰুৱাৰ উপক্ৰম হোৱা চৰিত্ৰসমূহে নিজৰ দুভাৰ্গ্যৰ কাহিনী আৰু ইয়াৰ পৰিত্ৰানৰ উপায় সন্দৰ্ভত নিজৰ মতামত সমজুৱা ভাবে ব্যক্ত কৰিছে। যেন এখন ৰাজহুৱা মঞ্চত।সমগ্ৰ জীৱকুলেই য’ত একত্ৰিত। বাঘৰ পৰা মাছলৈকে।

ইয়াত প্ৰত্যেক জীৱৰে মানসিকতা তথা চিন্তাৰ পৰিধী, বননী ৰাজ্যৰ টূটী আহিব ধৰা গৰীমা আদি ভিন্ন অভিজ্ঞতাক লেখকে নিজস্ব দৃষ্টিভংগীৰে ফহিঁয়াই চাই সেই বোৰক কলমেৰে তুলি ধৰাৰ ফলত স্পষ্ট হৈ ধৰা দিছে বননীৰ সংকট কালৰ ছবি এখন। যিখন ছবিয়ে প্ৰকৃতিপ্ৰেমী ব্যক্তি এজনৰ মনত এক কৰুণ ৰসৰ সৃষ্টি কৰি তুলিব পাৰে খুব সহজে।

প্ৰকৃতিৰ কৰুণ বিননি লেখকৰ অন্ত:মনতো নিশ্চয় ক্ৰিয়া কৰিছিল। সেয়ে ইমান নিভাঁজ কৈ শব্দৰ মুকুতাৰে গাঁথি নিব পাৰিছে এই কাহিনীক। উপন্যাসখনৰ চৰিত্ৰ আৰু ঘটনা কাল্পনিক হ’লেও কিন্তু বাস্তৱধৰ্মী আৰু পত্যয়জনক।উপন্যাসখনত লেখকৰ জীৱনৰ আদৰ্শ আৰু প্ৰকৃতি আৰু জীৱন সম্পৰ্কে লেখকৰ অভিজ্ঞতা আৰু প্ৰকৃতি প্ৰীতি স্পষ্ট হৈ ধৰা দিছে। ‘বননীৰ চকুলো’ গ্ৰন্থখনত লেখকৰ পিতৃসুলভ মানসিকতা আৰু গুৰু সুলভ আদৰ্শ-স্পষ্ট।

শিৱ সাধক, পৰশুৰাম কাকতিৰ নিজস্ব দৃষ্টিভংগীৰে, এজন সচেতন নাগৰিক হিচাপে, এজন সচেতন অসমীয়া তথা ভাৰতীয় প্ৰকৃতি প্ৰেমীৰ জীৱনৰ অনুভৱ বুলি লৈ বিষয় বস্তুৰ গভীৰতা সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰিলে বহু ক্ষেত্ৰত উপকৃত হোৱাৰ অৱকাশ আছে।

বিষয় বস্তুৰ নিৰ্বাচন আৰু দৃষ্টিভংগী একান্তই ব্যক্তিগত হ’লেও ইয়াৰ অন্তৰালত নিহিত হৈ আছে গভীৰ প্ৰকৃতি প্ৰেমৰ ভাবনা। গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাতে প্ৰতিফলিত হয় লেখকৰ কল্পনা প্ৰৱন মনৰ সুক্ষ্ম অনুভৱ, জাতিষ্কাৰ প্ৰকৃতিৰ অলেখ সেউজীয়া।

উপন্যাসখনৰ নায়ক -নায়িকা হিচাপে যদি চাও, তেন্তে বননী ৰাজকুমাৰী কেন্দ্ৰীয় নাৰী চৰিত্ৰ হোৱাৰ বিপৰীতে নায়ক বুলি একেবাৰে কৈ দিব পৰাকৈ চৰিত্ৰ স্পষ্ট হৈ নুঠিল।

সূৰ্য দেৱ চৰিত্ৰটো আছিল যদিও কাহিনীৰ গতিত এই চৰিত্ৰ ই বিশেষ অগ্ৰগতি লাভ নকৰিলে। আনহাতে বিশ্ব দেৱৰ চৰিত্ৰটো পিতৃ, গুৰু বা পৰামৰ্শ দাতা হিচাপে উপস্থাপন কৰা দেখা গ’ল। বাঘ, তিমি মাছ, শিয়াল আদিকে ধৰি আৰু বহু চৰিত্ৰ আছিল যদিও নায়ক সজাব পৰা নাযায় সেই চৰিত্ৰক।

গতিকে একেষাৰে কব গ’লে গ্ৰন্থখন নায়িকা প্ৰধান উপন্যাস বুলিব পাৰি। কাহিনীয়ে ই যিহেতু উপন্যাসৰ মৌলিক উপাদান। গ্ৰন্থখনত লেখকৰ সুন্দৰ কাহিনী চিত্ৰন আৰু বৰ্ণনাত্মক কথা শিল্প খুবেই আকৰ্ষণীয় আছিল। কিন্তু কাহিনীয়ে উৎকণ্ঠা বহন কৰিব নোৱাৰিলে। উপন্যাস এখনৰ শৰীৰ স্বৰূপ কাহিনী আৰু প্লট।

কাহিনীৰ দিশটোক গুৰুত্ব প্ৰদান কৰাত কাহিনী আকৰ্ষণীয় হৈ উঠিল যদিও প্লট সৃষ্টি নহ’ল। কাহিনী আৰু প্লট এটা আনটোৰ পৰিপূৰক। গতিকে কাহিনীয়ে চৰিত্ৰ প্ৰকাশ কৰিলে।

কিন্তু প্লট নথকাৰ বাবেই চৰিত্ৰৰ বিকাশ নহ’ল। লেখকে কেতবোৰ আদৰ্শ বা নৈতিক প্ৰমূল্যৰ ওপৰত আলচ কৰাত অধিক উৎসাহ দেখুৱাইছে। ইয়াৰ বিপৰীতে ঘটনাৰ উপস্থাপন আৰু চৰিত্ৰৰ বিকাশত মুখথেকেচা খাব লগা হৈছে। প্ৰকৃতিৰ বৰ্ণনা তেওঁৰ সুন্দৰ হৈছে।

আমাজন, সপ্তসাগৰ আদিৰ কথা উল্লেখ কৰিলেও, বননীৰ চকুলোত বৰ্ণিত প্ৰকৃতি কিন্তু অসমৰ চিনাকী প্ৰকৃতিৰ ছবি। ভূ-গৰৰ্ভৰ মাজত পোৱা প্ৰাকৃতিক সম্পদক ‘ধন-সম্পদ’ শব্দ দুটাৰে বৰ সুন্দৰকৈ প্ৰতিকাত্মক ৰূপত লেখকে উপস্থাপন কৰিছে। ‘কঁপালত পিন্ধাই দিলো সূয্যৰ সেন্দুৰীয়া ৰঙা তিলক।

ৰাতিপুৱা-গধুলি সদায় তিলক ধাৰণ কৰিবা। উপহাৰ স্বৰূপে দিলো, ৰামধেনুৰ সাত ৰঙী বস্ত্ৰ। বননী ৰাজ্যৰ হৈ সংগ্ৰাম কৰিবলৈ গলে পৰিধান কৰিবা বস্তখনি।শত্ৰু জয়ৰ সাৰথি হমগৈ তোমাৰ।বাকী থকা কথা পিতৃ-মাতৃৰ লগত আলচ কৰিবা আনন্দেৰে গৈ নিজ গৃহলৈ। কৰিলো আশীৰ্বাদ মৰম, প্ৰেমেৰে।

‘সূয্যদেৱে প্ৰেমিকা বননী ৰাজকুমাৰীক দিয়া প্ৰেমৰ উপহাৰৰ কথাখিনিত প্ৰাচীন ৰোমাঞ্চৰ সুন্দৰ উপমা এটি প্ৰতিভাত হয়। উপন্যাসখনত কেন্দ্ৰীৰ চৰিত্ৰ টিৰ মাজেৰে শৃংগাৰ ৰসৰ প্ৰয়োগ কৰা হ’লে আৰু আকৰ্ষণীয় হৈ উঠিল হেঁতেন। কাহিনীৰ গতিত মিশ্ৰীতভাৱে কৰুণ ৰসৰ সমাবেশ ঘটিছে। সেই কৰুণতাক আৰু অধিক জীৱন্ত কৰাৰ থলো আছিল অৱশ্যে।

বহু সময়ত শব্দৰ গাঁঠনিত পুনৰাবৃত্তিয়ে স্থান পাইছে। অৱশ্যে লেখকৰ শুৱলা মধুৰ অসমীয়া ভাষাৰ শব্দ প্ৰয়োগ মন কৰিবলগীয়া।প্ৰথমৰ পৰা শেষলৈ মিশ্ৰিত ভাষাৰ এটা শব্দৰো প্ৰয়োগ নঘটাটো অন্যতম লেখত লবলগীয়া কথা। (ইংৰাজী, হিন্দী আদি) বননীৰ চকুলো গ্ৰন্থখনৰ আগতে অসমীয়া ভাষাত পৰিবেশ সম্বন্ধীয় এনে আন এখন মনোৰম গ্ৰন্থ পঢ়াৰ কথা মনত নপৰে।

বিশ্ববিশ্ৰুত মাৰ্কিন ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰ ‘দ্য অ’ল্ড মেন এণ্ড দ্য চি'(The Old Man and the Sea) নামৰ ন’বেল বঁটা প্ৰাপ্ত উপন্যাস খনত হেমিংৱেৰ বৰ্ণনাত “মাৰ্লিন মাছ”টোৱে এটা চৰিত্ৰৰ ৰূপ লাভ কৰাৰ দৰে বননীৰ চকুলো গ্ৰন্থখনত তিমি মাছ, বাঘ, জটায়ু, চিলনী, ঘোঁৰা, হাতী আদি জীৱ-জন্তু বোৰে একোটা সুন্দৰ চৰিত্ৰ ৰূপে কাহিনীৰ অগ্ৰগ্ৰতিত সমল যোগাইছে।

সহজ-সৰল কথাৰে এক কথাত কব গ’লে বননীৰ চকুলো উপন্যাসখন বৰ্ণনাত্মক কলাৰ এক উজ্বল নিদৰ্শন বুলিব পাৰি। উপন্যাস খনত ঔপন্যাসিকে নিজৰ আদৰ্শ প্ৰকাশৰ বাবে এটা সুকীয়া চৰিত্ৰ নিৰ্মাণ কৰি লোৱাৰ অৱকাশ আছিল।

সেই সুযোগ লেখকে নল’লে। অৱশ্যে তেওঁ সৃষ্ট চৰিত্ৰসমূহৰ মনৰ ভাব পাঠকৰ মনত প্ৰত্যয় জন্মাকৈ দিব পাৰিছে। শিৱ সাধক, পৰশুৰাম কাকতি, ব্যক্তিজন অত্যন্ত সৰল আৰু প্ৰকৃতি প্ৰাণ। সেই কথা গ্ৰন্থখনৰ পাতে পাতে প্ৰতিভাত হৈছে। উপন্যাসখনৰ জঢ়িয়তে লেখকে চৰকাৰী পক্ষৰো দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছে।

জ্ঞাত-অজ্ঞাত বন সুৰক্ষা কৰ্মীৰ স্মৃতিতে উৎসৰ্গা কৰিছে গ্ৰন্থখন। সেয়া লেখকৰ এক মহানুভৱতা। ক্ৰমাগত ভাৱে ধ্বংসৰ গ্ৰাহত সোমাই পৰা পৃথিৱী খনক কিদৰে মানৱ আৰু প্ৰকৃতিৰ বুজাবুজিৰ দ্বাৰা মুক্ত কৰিব পাৰি এই বিষয়ে তেওঁ যুক্তি সংগত মন্তব্য দাঙি ধৰিছে। হিংসাৰ অৱসান ঘটাই বিশ্বত শান্তি প্ৰতিষ্ঠাৰ আহ্বান আৰু তেওঁ লেখনিৰ মাজত প্ৰতিফলিত হৈছে।

সমাজত বাহি অহা নৃশংস ঘটনাসমূহৰ কাৰণ বিশ্লেষণ কৰি ইয়াৰ পৰা পৰিত্ৰাণ কিদৰে সম্ভৱ বা কিদৰে অপৰাধিৰ গতিপথ ৰুদ্ধ কৰাৰ ক্ষেত্ৰত প্ৰকৃতিয়েও প্ৰয়োজন হ’লে নিজৰ মৰণাস্ত মানৱৰ বিৰুদ্ধে প্ৰয়োগ কৰিব পাৰে সেই বিষয়ে লেখকে মত পোষণ কৰিছে।

অ-বিবেকী মানুহৰ কৰ্ম কাণ্ড ৰ বাবে ভৱিষ্যতে কেনেধৰণৰ ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে তাৰ ইংগিত দিয়াৰ লগতে, ইয়াৰ আঁৰৰ কাৰণ কি থাকিব পাৰে, এনেধৰণৰ বিপদৰ পৰা ৰক্ষা পাবলৈ বনাঞ্চল সমূহৰ ৰক্ষণা বেক্ষণ তথা বনাঞ্চলৰ প্ৰয়োজনীয়তাৰ বাৰ্তা এটাও বহন কৰিছে উপন্যাসখনে।

গোলকীয় উষ্ণতাৰ ফলত ধৰালে নামি অহা সংকট, বনাঞ্চল ধ্বংসৰ ফলত বন্য জন্তু আৰু মানুহৰ সংঘাটৰ কথা সাহিত্যৰ মাজেৰে আকৰ্ষিত ৰূপত উপস্থাপন কৰাত সক্ষম হৈছে লেখক।

প্ৰকৃতি ৰাজ্যৰ জাকজমকতা, অহংকাৰী মানুহৰ বাবে প্ৰকৃতি ৰাজ্যলৈ নামি অহিব ধৰা বিপদৰ কাহিনী সাধাৰণ মানুহে বুজি উপলব্ধি কৰিব পৰাকৈ শক্তিশালী ৰূপত উপস্থাপন কৰিব পৰাটো লেখকৰ অনন্য কৃতিত্ব। গ্ৰন্থখনৰ বিষয় বস্তু সমূহত কেৱল সচেতন পাঠকেই নহয় চৰকাৰী প্ৰশাসনেও দৃষ্টি নিক্ষেপ কৰিলে আমাৰ ৰাজ্যখনৰ বহু গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধান সূত্ৰ বিচাৰি পাব।

বৰ্তমান সময় উপযোগী অত্যন্ত প্ৰয়োজনীয়, বিষয় নিৰ্বাচন কৰি লিখা ‘বননীৰ চকুলোট’ গ্ৰন্থখন বৰ্তমানৰ প্ৰেক্ষাপটত নিতান্তই এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। যদিওবা লেখকে নিজস্ব দৃষ্টিভংগীৰে বিশ্লেষণ কৰিছে বাবে সৰু সুৰা দুই এটা কথাত পাঠকৰ সতে মত পাৰ্থক্যৰ অৱকাশ আছে। এনে সৰু সুৰা মত পাথক্য এৰাই চলিলে প্ৰত্যেকজন পাঠকেই নিশ্চয় ক’ব। এখন বৰ সুন্দৰ গ্ৰন্থ পঢ়িলোঁ(Beautiful Book)।

লেখক: পাৰিজাত সন্দিকৈ

Massive Hindu Protest in Bangladesh: বাংলাদেশত হিন্দুৰ শক্তি প্ৰদৰ্শন, সনাতন জাগৰণ মঞ্চৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল লাখে লাখে হিন্দু

Massive Hindu Protest in Bangladesh Against Attacks: Sanatan Jagaran Mancha’s Call to Action
Massive Hindu Protest in Bangladesh: বাংলাদেশত হিন্দুৰ শক্তি প্ৰদৰ্শন, সনাতন জাগৰণ মঞ্চৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল লাখে লাখে হিন্দু

ঢাকা, ২৬ অক্টোবৰ: ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰ ক্ষমতাচ্যুত হোৱাৰ পিছৰে পৰা দেশখনত হিন্দুসকলৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলি আহিছে। ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি শুকুৰবাৰে চট্টগ্ৰামত হিন্দুসকলে উলিয়ালে এক বৃহৎ সমদল(Massive Hindu Protest in Bangladesh)। সনাতন জাগৰণ মঞ্চৰ আহ্বানত ৰাজপথলৈ উলাই অহা সমদলকাৰীসকলে বৰ্তমানৰ চৰকাৰখনৰ সন্মুখত আঠটাকৈ গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে(Hindu Rights in Bangladesh)।

বৰ্তমান বাংলাদেশত চলি আছে মহম্মদ ইউনুছৰ নেতৃত্বত চৰকাৰ । ইউনুছ হৈছে চৰকাৰখনৰ মুখ্য উপদেষ্টা। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইউনুছক আমেৰিকা চৰকাৰৰ সমৰ্থক বুলি গণ্য কৰা হয়। ইউনুছে মৌলবাদী শক্তি জামাত-ই-ইছলামী আৰু বিএনপিৰ নিৰ্দেশত কাম কৰে।

যিসমূহ দাবীৰ বাবে হিন্দুসকলে এই বিশাল সমদলটো উলিয়াইছিল(Sanatan Jagaran Mancha protest), তাৰ ভিতৰত তেওঁলোকৰ নিৰাপত্তাৰ বিষয়টোৱেই আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ দাবী । হিন্দুসকলৰ দাবী বাংলাদেশৰ বিভিন্ন অঞ্চলত থকা হিন্দুৰ ওপৰত হোৱা আক্ৰমণ বন্ধ হওক। তেওঁলোকক নিৰাপত্তাৰ ব্যৱস্থা কৰক(Bangladesh Hindu security concerns)। হিন্দুসকলৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যি অভিযোগ দাখিল কৰা হৈছে, সেই অভিযোগসমূহৰ তৎকালীনভাৱে শুনানি গ্ৰহণ কৰিব লাগে।

এই হিংসাৰ বাবে বহু হিন্দুৱে ঘৰৰ পৰা ওলাই যাবলগীয়া হৈছিল । তেওঁলোকৰ বাবে চৰকাৰে পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। তাৰোপৰি চৰকাৰে সংখ্যালঘু সুৰক্ষা আইন কাৰ্যকৰী কৰা, সংখ্যালঘু মন্ত্ৰালয় গঠন কৰা, হিন্দু কল্যাণকামী ট্ৰাষ্টক মুকলিকৈ কাম কৰিবলৈঅনুমতি প্ৰদান আদিকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিলে সমদলত ভাগ লোৱা প্ৰতিবাদকাৰীসকলে(Minority protection laws Bangladesh)।

তাৰোপৰি দেশখনৰ সকলো শিক্ষানুষ্ঠানতে সংখ্যালঘুৰ বাবে পৃথক উপাসনাস্থান নিৰ্মাণ কৰিবলৈকো হিন্দুসকলে চৰকাৰক দাবী জনাইছে। তেওঁলোকৰ আন এক দাবী, সম্পত্তি হস্তান্তৰ প্ৰক্ৰিয়াত তেওঁলোকক স্বাধীনতা দিয়া উচিত। লগতে তেওঁলোকৰ দাবী, সংস্কৃত আৰু শিফ্ট শিক্ষা ব’ৰ্ডক আধুনিকীকৰণ কৰক। দুৰ্গা পূজাত পাঁচ দিনৰ ছুটী দিয়াৰ ব্যৱস্থা কৰক।

উল্লেখ্য যে, প্ৰায় দুসপ্তাহ পূৰ্বে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে বাংলাদেশত হিন্দুসকলৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দি এক বিবৃতি প্ৰকাশ কৰিছিল। বাংলাদেশ চৰকাৰে হিন্দুৰ ওপৰত হৈ অহা আক্ৰমণৰ ঘটনাক গুৰুত্বসহকাৰে লোৱা উচিত বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছিল।

ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে কৈছিল যে এনে ধৰণৰ ঘটনা নিন্দনীয় । আক্ৰমণকাৰীয়ে মন্দিৰ আৰু দেৱতাসকলক অপবিত্ৰ কৰি আছে আৰু ই এক প্ৰণালীবদ্ধ আৰ্হি হৈ পৰিছে। আমি বহু দিন ধৰি ইয়াক দেখি আহিছো। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, “হিন্দু আৰু সকলো সংখ্যালঘু আৰু তেওঁলোকৰ পূজাস্থলীসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমি বাংলাদেশ চৰকাৰক আহ্বান জনাইছো।”

লগতে পঢ়ক: Israel Carries Out Precise Strikes: ইৰাণৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, তেহৰাণৰ সামৰিক ঘাটি আৰু দাতিকাষৰীয়া অঞ্চলত বোমা বিস্ফোৰণ

Aaronyak: সংৰক্ষণ বিজ্ঞানী বিভৱ তালুকদাৰলৈ ‘আইইউচিএন বঁটা’

Aaronyak: সংৰক্ষণ বিজ্ঞানী বিভৱ তালুকদাৰলৈ 'আইইউচিএন বঁটা'
Aaronyak: সংৰক্ষণ বিজ্ঞানী বিভৱ তালুকদাৰলৈ 'আইইউচিএন বঁটা'

গুৱাহাটী, ২৬ অক্টোবৰ : প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনত একনিষ্ঠভাৱে কাম কৰি থকা অসমৰ আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংৰক্ষণ বিজ্ঞানী তথা অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা ‘আৰণ্যক’ৰ(Aaronyak) সচিৰ প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড: বিভৱ কুমাৰ তালুকদাৰক আন্ত:ৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ (আইইউচিএন)ৰ(IUCN Award 2024) “স্পেচিচ চাৰ্ভাইভেল কমিশ্যন” (এছএছচি)ৰ “দ্য হেৰী মেছেল” সংৰক্ষণ নেতৃত্ব বঁটা প্ৰদান কৰা হৈছে।

ধাবিত চলি থকা আৰু জৈৱ বৈচিত্ৰ্য আৰু জলবায়ু পৰিবৰ্তনৰ অংগাংগী সংকট মোচনৰ উপায় বিষয়ক আলোচনাৰ বাবে বিশ্বৰ প্ৰায় ৩০০ সংৰক্ষণ বিশেষজ্ঞ সমবেত হোৱা পঞ্চম “আইইউচিএন এছএছচি লীডাৰ্চ” বৈঠকত শুকুৰবাৰে ড: তালুকদাৰক এই বঁটাটো প্ৰদান কৰা হয়।

“স্পেচিচ চাৰ্ভাইভেল কমিশ্যন”ৰ কৰ্মৰ অংশহিচাপে বিভিন্ন প্ৰজাতিৰ সংৰক্ষণৰ দিশত নেতৃত্ব বহন কৰি আগবঢ়োৱা ক্ষেত্ৰভিত্তিক অবদানৰ স্বীকৃতিস্বৰুপে ড: তালুকদাৰক(Conservation Scientist Bibhab Talukdar) বঁটাটো প্ৰদান কৰা হৈছে।(Species Survival Commission SSC)

উল্লেখ্য, এছীয় গঁড়ৰ তিনিটা প্ৰজাতিৰ সংৰক্ষণ বাবে গ্ৰহণ কৰা শক্তিশালী উদ্যোগৰ অংশহিচাপে ড: তালুকদাৰে তিনিখন “এছিয়ান ৰাইনো ষ্টেটছ” সন্মিলন অনুষ্ঠিত কৰাত সময়োচিত আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰে প্ৰথমখন ইণ্ডোনেচিয়াৰ বন মন্ত্ৰালয়ৰ সহযোগত দেশখনৰ বন্দৰ লামপুঙত অনুষ্ঠিত কৰা হৈছিল।

দ্বিতীয়খন ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ সহযোগত নতুন দিল্লীত আৰু তৃতীয়খন নেপাল চৰকাৰৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী বিভাগৰ সহযোগত ছিটৱান ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত কৰা হৈছিল।

এই সন্মিলনত এছীয় গঁড়ৰ তিনিটা প্ৰজাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ অৰ্থে যুটীয়া ঘোষণাপত্ৰ প্ৰকাশ কৰা হৈছিল।

ড: তালুকদাৰ উত্তৰ পূৱ ভাৰতৰ অগ্ৰণী, গৱেষণা-চালিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ (www.aaranya.org) প্ৰতিষ্ঠাপক সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া।

১৯৮৯ চনত এমুঠিমান যুৱ প্ৰকৃতি অনুৰাগীক লৈ গঠন কৰা আৰণ্যক ড: তালুকদাৰৰ নেতৃত্বত এক গৰিমাময় আৰু ঘটনাবহুল পৰিক্ৰমাৰে দেশৰ অন্যতম লেখত লবলগীয়া জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থাত পৰিণত হৈ পৰিছে।

সংস্থাটোৰ বিভিন্ন বিভাগৰ সৈতে বৰ্তমান প্ৰায় দুশ লোক নিয়োজিত হৈ আছে।

গঁড় সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰলস অৱদানৰ স্বীকৃতিস্বৰুপে আই ইউ চি এনে ২০০৮ চনত ড: তালুকদাৰক ইয়াৰ এছীয় গঁড় বিশেষজ্ঞ গোটৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰে।

অসমৰ সংৰক্ষণবিদে লাভ কৰা এইটো এটা বিৰল স্বীকৃতি। অতি বিপন্ন জাভা আৰু সুমাত্ৰাৰ গঁড়ৰ সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে ইণ্ডোনেচিয়াৰ সংৰক্ষণ সংস্থাসমূহেও ড: তালুকদাৰক আমন্ত্ৰণ কৰিছিল।

তেওঁ ২০০৭ চনৰ জুলাইৰ পৰা ২০১০ চনৰ মে’ পৰ্যন্ত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ স্থায়ী সমিতিৰ, ২০১০ৰ পৰা ২০১২ লৈ হস্তী প্ৰকল্প কৰ্ণধাৰ সমিতিৰ আৰু ৰাষ্ট্ৰীয় বন্যপ্ৰাণী কৰ্মআঁচনি ২০১৭-৩১ প্ৰস্তুতি সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ অসম চৰকাৰক “ইণ্ডিয়ান ৰাইনো ভিছন ২০২০”ৰ কাৰ্যকৰীকৰণত সহায় কৰিছিল আৰু এই প্ৰকল্পৰ জৰিয়তে ২০০৮ আৰু ২০২২ চনৰ ভিতৰত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ২২ বন্য গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সফলতাৰে স্থানান্তৰ কৰা হৈছিল।(Eastern Himalaya)

ড: তালুকদাৰে ৭০খনৰো অধিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছে। তেওঁ সহ-প্ৰণেতা হিচাপে থকা দুখন গৱেষণা পত্ৰ প্ৰখ্যাত জাৰ্ণেল “ছায়েন্স”ত প্ৰকাশ হৈছে। বিগত ২৫ বছৰত তেওঁ সমন্বয়ক হিচাপে ৬০ টাৰো অধিক প্ৰকল্প সম্পূৰ্ণ কৰিছে।

Israel Carries Out Precise Strikes: ইৰাণৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, তেহৰাণৰ সামৰিক ঘাটি আৰু দাতিকাষৰীয়া অঞ্চলত বোমা বিস্ফোৰণ

Israel Carries Out Precise Strikes Against Iranian Military Installations
Israel Carries Out Precise Strikes: ইৰাণৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, তেহৰাণৰ সামৰিক ঘাটি আৰু দাতিকাষৰীয়া অঞ্চলত বোমা বিস্ফোৰণ

টেল আভিভ, ২৬ অক্টোবৰ: শনিবাৰে পুৱা ইৰাণত এক বৃহৎ আক্ৰমণ চলালে ইজৰাইলে। ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে তেহৰাণৰ সামৰিক ঘাটি আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহক লক্ষ্য কৰি চলাই এই আক্ৰমণ(Israel Carries Out Precise Strikes)। আক্ৰমণৰ সময়ছোৱাত কৰা তীব্ৰ বোমাবৰ্ষণ। ইজৰাইল সেনাই ইতিমধ্যে নিশ্চিত কৰিছে এই আক্ৰমণৰ তথ্য(Israel launched airstrikes on military targets in Tehran) । লগতে ইজৰাইলে ইৰাণৰ ওপৰত কৰা এই আক্ৰমণৰ বিষয়ে আমেৰিকাক অৱগত কৰে।

আইডিএফে আক্ৰমণ সন্দৰ্ভত প্ৰদান কৰিলে তথ্য

আই ডি এফে(Israel Defense Forces) টুইটাৰৰ এটা পোষ্টত কয় যে, “ইৰাণত শাসন ব্যৱস্থাই ইজৰাইলৰ বিৰুদ্ধে মাহৰ পিছত মাহ ধৰি বাৰে বাৰে আক্ৰমণ চলোৱাৰ প্ৰতিক্ৰিয়া স্বৰূপে এই মুহূৰ্তত ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে ইৰাণৰ সামৰিক লক্ষ্যৰ(Iranian military targets) বিৰুদ্ধে নিখুঁত আক্ৰমণ চলাই আছে। ইৰাণৰ শাসন আৰু অঞ্চলটোৰ প্ৰতিনিধিয়ে ৭ অক্টোবৰৰ পৰা ইজৰাইলক অবিৰতভাৱে আক্ৰমণ কৰি আহিছে। ইৰাণৰ ভূমিৰ পৰা সাতটা ফ্ৰণ্টত প্ৰত্যক্ষ আক্ৰমণ চলাইছে ।

বিশ্বৰ আন প্ৰতিখন সাৰ্বভৌম দেশৰ দৰে ইজৰাইলৰো ইয়াৰ প্ৰতি সঁহাৰি দিয়াৰ অধিকাৰ আৰু কৰ্তব্য আছে। আমাৰ প্ৰতিৰক্ষামূলক আৰু আক্ৰমণাত্মক ক্ষমতা সম্পূৰ্ণৰূপে কাৰ্যক্ষম। ইজৰাইল ৰাষ্ট্ৰ আৰু ইজৰাইলৰ জনসাধাৰণক সুৰক্ষা প্ৰদানৰ বাবে আমি যি কৰিব লাগে তাকেই কৰিম।”

ইৰাণৰ সামৰিক ঘাটিসমূহত নিখুঁত আক্ৰমণ চলাই আছে বুলি ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে প্ৰকাশ কৰিছে । প্ৰায় এমাহ পূৰ্বে তেহৰানে ইজৰাইলৰ ফালে প্ৰায় ২০০ টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছিল। আইডিএফে জনোৱা মতে, ৭ অক্টোবৰৰ পৰা ইৰাণ আৰু ইয়াৰ সমৰ্থকসকলৰ অবিৰত আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে এই আক্ৰমণ সংঘটিত কৰা হৈছে।

টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি আইডিএফৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে এক চমু ভিডিঅ’ বিবৃতিত ঘোষণা কৰে যে, এই সময়ত জনসাধাৰণক দিয়া নিৰ্দেশনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, কিয়নো এই আক্ৰমণ ইৰাণৰ ওপৰত চলি আছে । আক্ৰমণ আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ইজৰাইলৰ প্ৰস্তুতিৰ কথা উল্লেখ কৰি ডেনিয়েল হাগাৰীয়ে কয়, ‘আইডিএফ আক্ৰমণ আৰু প্ৰতিৰক্ষাৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত।

ইজৰাইলে এই আক্ৰমণৰ বিষয়ে অৱগত কৰিলে আমেৰিকাক

ইফালে ইৰাণৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে ইজৰাইলে অৱগত কৰিছে আমেৰিকাক । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক এই বিষয়ে অৱগত কৰা হৈছে। ইজৰাইলে আমেৰিকাক প্ৰতিটো বৃহৎ আক্ৰমণৰ খবৰ দিয়ে। যিহেতু ইৰাণ আৰু লেবাননৰ ওপৰত ইজৰাইলৰ আক্ৰমণক সমৰ্থন কৰি আহিছে আমেৰিকাই। সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবেই ইজৰাইলক সমৰ্থন কৰি আহিছে আমেৰিকাই।

Shah Rukh Khan: শ্বাহৰুখৰ অসংখ্য ভুলৰ ক্ষমা গৌৰীৰ! ৩৩ বছৰে কিদৰে সংসাৰ চলাই নিছে গৌৰীয়ে

৩৩ বছৰে কিদৰে সংসাৰ চলাই নিছে গৌৰীয়ে
৩৩ বছৰে কিদৰে সংসাৰ চলাই নিছে গৌৰীয়ে

শ্বাহৰুখ খান আৰু গৌৰী বিবাহৰ ৩৩ বছৰ হ’ল। বৰ্তমান শ্বাহৰুখ খান আৰু গৌৰী তিনিটা সন্তানৰ পিতৃ-মাতৃ। আৰিয়ান, সুহানা আৰু আব্রাম পৃথিৱীলৈ অহাৰ পিছত জীৱনৰ অৰ্থ সলনি হ’ল। ‘কফী উইথ কৰণ’ অনুষ্ঠানত এই কথা কয় শ্বাহৰুখে। কিন্তু তেওঁ কেতিয়াও ভবা নাছিল, গৌৰীৰ ভাল মাতৃ হোৱাৰ গুণ আছে বুলি। ইয়াৰ বিপৰীতে শ্বাহৰুখে ভাবিছিল যে গৌৰীয়ে ল’ৰা-ছোৱালীৰ লগত বিশেষ যোগাযোগ নাৰাখিব।(Shah Rukh Khan)

সাধাৰণতে ছোৱালীবোৰে ল’ৰা-ছোৱালী দেখিলে বৰ মৰমিয়াল হৈ পৰে। কিন্তু গৌৰী একেবাৰেই তেনেকুৱা নাছিল। গতিকে মই ভাবিলোঁ গৌৰী কেনেকৈ মাতৃ হিচাপে ইমান আচৰিত হৈ পৰিল।(Gauri Khan)

গৌৰীয়ে সাধাৰণ মধ্যবিত্তীয় জীৱনশৈলী পছন্দ কৰে বুলি শ্বাহৰুখে কয়। যিখন পৃথিৱীত এজন পিতৃ তেওঁৰ দৰে, সেইখন পৃথিৱীত ঠিক গৌৰীৰ দৰে মাতৃৰ প্ৰয়োজন। গৌৰীয়ে বুদ্ধিয়ে সকলো কথা বিবেচনাৰে পৰিচালনা কৰে।

কিন্তু কেৱল এগৰাকী মাতৃ হিচাপেই নহয়, গৌৰীয়ে জীৱনৰ প্ৰতিটো খোজতে শ্বাহৰুখৰ কাষত থিয় দিছে। গতিকে ৩৩ বছৰৰ পাছতো মৰমৰ অভাৱ নাই তেওঁলোকৰ মাজত। এটা সাক্ষাৎকাৰত শ্বাহৰুখে কয়, ‘মই ভাবো গৌৰীয়ে সকলো চম্ভালিছে। বহুত ভুল কৰিলোঁ। মই বহুত বেয়া কাম কৰিছো। কিন্তু ক’ৰবাত গৌৰীয়ে মোক মনে মনে ৰাখিবলৈ সক্ষম হ’ল।” শ্বাহৰুখৰ মতে গৌৰীয়েই তেওঁক ডাউন টু আৰ্থ হ’বলৈ শিকাইছিল।(Shah Rukh Khan never expected Gauri Khan would be a good mother)

প্ৰথম সন্তান আৰিয়ানৰ জন্ম হৈছিল ১৯৯৭ চনত। আৰিয়ান জন্মৰ সময়ত অপাৰেচন থিয়েটাৰতো শ্বাহৰুখ উপস্থিত আছিল। অভিনেতাজনে কয়, ‘মই ভাবিছিলো গৌৰী হয়তো বাচি নাথাকিব। সেই সময়ত শিশুটি মনৰ পৰা আঁতৰি গৈছিল। শিশুটিক ইমান গুৰুত্বপূৰ্ণ যেন নালাগিছিল। গৌৰী কঁপি উঠিছিল। সন্তান জন্ম দিওঁতে এনেকৈ কোনো মৰি নাযায়, মই জানো। কিন্তু মই বৰ ভয় খাইছিলো।”(Aryan Khan)

শ্বাহৰুখে অনুভৱ কৰে যে আৰিয়ানক তেওঁৰ আৰু গৌৰীৰ দৰে দেখাব লাগিব। শ্বাহৰুখেও কয় যে তেওঁ পুত্ৰৰ নাম আৰিয়ান ৰাখিছিল কাৰণ আৰিয়ান নামটো মহিলাসকলে ভাল পাব। শীঘ্ৰেই মুক্তি পাব আৰিয়ানৰ প্ৰথমটো পৰিচালক উদ্যোগ ‘ষ্টাৰডম’।

Rahul Gandhi: পদপথৰ চেলুনত দাড়ি কটাই নাপিতগৰাকীৰ খবৰ ল’লে ৰাহুল গান্ধীয়ে

চেলুনত দাড়ি কটাই নাপিতগৰাকীৰ খবৰ ল'লে ৰাহুল গান্ধীয়ে
চেলুনত দাড়ি কটাই নাপিতগৰাকীৰ খবৰ ল'লে ৰাহুল গান্ধীয়ে

প্ৰতিদিনে ৰাহুল গান্ধীয়ে জনসাধাৰণৰ সমস্যা বুজ লয়। শুকুৰবাৰে তেওঁ পশ্চিম দিল্লীৰ উত্তম নগৰৰ প্ৰজাপতি কলনীত উপস্থিত হয়। তাতে তেওঁ চেলুন মালিক অজিত ঠাকুৰ, মৃৎশিল্পী পৰিয়ালৰ ৰামৰাতি আদিক লগ পাইছিল। অজিত ঠাকুৰৰ চেলুনত দাড়ি কাটি তেওঁ ৰামৰাতিৰ ঘৰলৈ গৈ তেওঁৰ পৰা বাচন বনাবলৈ শিকিলে।(Rahul Gandhi)কংগ্ৰেছৰ সাংসদগৰাকীয়ে নিজ হাতেৰে চাকিও নিৰ্মাণ কৰিছিল। ইফালে তেওঁ চেলুনখনৰ এটা আৱেগিক ভিডিঅ’ও শ্বেয়াৰ কৰিছে।(Road Side Saloon)

আচলতে ৰাহুল গান্ধীয়ে অজিতক তেওঁৰ কাম, কৰ্মসংস্থাপন আৰু জীৱন সম্পৰ্কে বহু প্ৰশ্ন কৰিছিল। অজিতৰ উপাৰ্জন কি, তেওঁৰ দোকানৰ ভাড়া কিমান, জীৱনটো কেনেকৈ কটাইছে, সেই কথা জানিবলৈ মন গ’ল ৰাহুল গান্ধীৰ। অজিতে ক’লে যে তেওঁৰ ব্যৱসায় ১৯৯৩ চনৰ পৰা চলি আছে, আৰু কোনো নেতাই তেওঁৰ লগত এনেকৈ কেতিয়াও থকা নাছিল। তেওঁলোকৰ পৰিস্থিতি বুজি ৰাহুল গান্ধীয়ে তেওঁলোকক আশ্বাস দিলে। অজিতে মুকলিকৈ নিজৰ অসুবিধাৰ কথা ক’লে।(Rahul Gnadhi Video)

ৰাহুল গান্ধীয়ে তেওঁৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি তেওঁক সহায় কৰিবলৈ চেষ্টা কৰিব বুলিও কয়। অজিতে ক’লে যে এই সৰু সাক্ষাৎকাটোৱে মোক আশাৰ সঞ্চাৰ কৰিলে। মই উপলব্ধি কৰিলোঁ যে এজন নেতা কেৱল ৰাজনৈতিক আকাংক্ষাৰে ভৰি থকাই নহয়, সাধাৰণ জনতাৰ সৈতে সংযোগ স্থাপন আৰু তেওঁলোকৰ সমস্যা বুজিবলৈও তেওঁ আগ্ৰহী।(Delhi)

এই বৈঠক সন্দৰ্ভত ৰাহুলে ছ’চিয়েল মিডিয়াত লিখিছে যে একো বাকী নাই! অজিত ভাইৰ এই চাৰিটা কথা আৰু তেওঁৰ চকুপানীয়ে আজি ভাৰতৰ প্ৰতিজন শ্ৰমিক আৰু মধ্যবিত্ত শ্ৰেণীৰ কাহিনী কৈছে। নাপিতৰ পৰা আৰম্ভ কৰি মৃৎশিল্পীৰ পৰা কাঠমিস্ত্ৰীলৈকে, উপাৰ্জনৰ হ্ৰাস আৰু বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিই হাতৰ কাম কৰা শ্ৰমিকসকলৰ দোকান, ঘৰ আনকি আত্মসন্মানো থকাৰ আকাংক্ষা কাঢ়ি লৈ ​​গৈছে। আজি প্ৰয়োজন হৈছে এনে আধুনিক ব্যৱস্থা আৰু নতুন আঁচনি, যাৰ ফলত আয় বৃদ্ধি হ’ব আৰু ঘৰুৱা সঞ্চয় ঘূৰাই আনিব। যিখন সমাজত প্ৰতিভাই নিজৰ প্ৰাপ্য লাভ কৰে আৰু কষ্টৰ প্ৰতিটো খোজে আপোনাক প্ৰগতিৰ চিৰিৰে ওপৰলৈ লৈ যায়।(Rahul Gandhi On Road Side Saloon Shop Talk With Barber)

Who Should Avoid Bitter Gourd: সাৱধান! এইসকল ৰোগীয়ে নাখাব তিতা কেৰেলা

এইসকল ৰোগীয়ে নাখাব তিতা কেৰেলা
এইসকল ৰোগীয়ে নাখাব তিতা কেৰেলা

তিতা অতি পুষ্টিকৰ পাচলি। তিতা কেৰেলা খালে স্বাস্থ্যৰ বাবে বহু উপকাৰ হ’ব পাৰে। কিন্তু কিছুমান মানুহৰ বাবে তিতা কেৰেলাই সমস্যা সৃষ্টি কৰিব পাৰে। আনহাতে বহুতে তিতা কেৰেলা, তিতা ফুলৰ নাম শুনিবই নিবিচাৰে, কিয়নো ইয়াৰ সোৱাদ অতি তিতা। সকলোৱে তিতা খাব নোৱাৰে।(Who Should Avoid Bitter Gourd)

সোৱাদক আওকাণ কৰি ইয়াক অতি পুষ্টিকৰ শাক বুলি গণ্য কৰা হয় তিতা কেৰেলাক, ঔষধি গুণৰ বাবেও বিখ্যাত তিতা কেৰেলা।(Bitter Gourd)বহু স্বাস্থ্যজনিত সমস্যাৰ সমাধান বা প্ৰতিৰোধ কৰিব পাৰি তিতা খালে। কিন্তু যদি আপুনি তিতা কেৰেলা অত্যধিকভাৱে খায় তেন্তে ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে। তিতা কেৰেলা অতিৰিক্তভাৱে কালে কি কি অসুবিধা হয় আৰু কোন কোন লোকে তিতা কেৰেলা খাব নালাগে জানো আহক।(These People Should Not Eat Bitter Gourd)

১/ টাইপ-১ ডায়েবেটিছ ৰোগী
টাইপ ১ ডায়েবেটিছত(Type 1 Diabetes)আক্ৰান্ত লোকে তিতা পাচলি বা তিতাৰ ৰস খোৱাটো ভাল নহয়। কাৰণ ই হঠাতে তেজৰ চেনিৰ মাত্ৰা হ্ৰাস কৰিব পাৰে যাৰ ফলত দুৰ্বল হ’ব পাৰে আৰু ইমূৰ ঘূৰাব পাৰিব।

২/ গৰ্ভৱতী মহিলা (Pregnant Women) 
গৰ্ভৱতী মহিলাসকলেও তিতা কেৰেলা খাব নালাগেকাৰণ ই জৰায়ুৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু গৰ্ভস্থ শিশুৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

৩/ বৃক্কত পাথৰ হোৱা ৰোগী
তিতা কেৰেলা অক্সালেট প্ৰচুৰ পৰিমাণে থাকে, সেয়েহে তিতা খোৱা লোকৰ বৃক্কত পাথৰ হোৱাৰ সমস্যা হ’ব পাৰে।  (Kidney Stone)

তিতা তিতা কেনেদৰে কমাব পাৰি-
যদি আপুনি বিচাৰে যে তিতা কেৰেলাত উপস্থিত থকা তিতা কমাবলৈ আৰু ইয়াৰ ফলত বিশেষ ক্ষতি নহয়। তেন্তে আপুনি ইয়াক সঠিকভাৱে ৰান্ধিব লাগিব। প্ৰথমে তিতা কেৰেলা খিনি ভালদৰে ধুই তাৰ গুটিবোৰ আঁতৰাই পেলাব, কাৰণ গুটিবোৰ বৰ তিতা। ইচ্ছা কৰিলে তিতা কেৰেলা বনাবলৈ অধিক পিঁয়াজ ব্যৱহাৰ কৰিব পাৰে।

Suspected Gas Leak In Chennai School: চেন্নাইৰ এখন বিদ্যালয়ত গেছ নিৰ্গত হৈ অচেতন ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী

35 Students Hospitalised After Suspected Gas Leak In Chennai School
Suspected Gas Leak In Chennai School: চেন্নাইৰ এখন বিদ্যালয়ত গেছ নিৰ্গত হৈ অচেতন ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী

চেন্নাই, ২৬ অক্টোবৰ: চেন্নাইৰ ভিলেজ ষ্ট্ৰীটস্থিত(Village Street Chennai) ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ত সন্দেহজনক গেছ নিৰ্গত হোৱাৰ ফলত কমেও ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী অজ্ঞান হৈ পৰে(Suspected Gas Leak In Chennai School)। ২৫ অক্টোবৰৰ দুপৰীয়াৰ ভাগত বিদ্যালয়ৰ তিনি মহলীয়া অট্টালিকাটোৰ তৃতীয় মহলাত সংঘটিত হয় এই ঘটনা। হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰী অধ্যয়নৰত এই বিদ্যালয়খনত অভাৱনীয়ভাৱে গেছ নিৰ্গত হোৱাৰ ফলত ঘটনাস্থলীতে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে চেতনা হেৰুৱাই পেলায়।

ইয়াৰ পিছতে ততাতৈয়াকৈ আক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলক ততাতৈয়াকৈ এম্বুলেন্সৰ জড়িয়তে তিৰুভট্টিয়ুৰৰ চৰকাৰী সাধাৰণ চিকিৎসালয়লৈ (Government General Hospital in Tiruvottiyur) লৈ যোৱা হয়। একাংশ ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে মৃদু লক্ষণ থকা আন একাংশ ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক চিকিৎসাৰ অন্তত ডিচচাৰ্জ দিয়া হয়।

চিকিৎসালয়খনত চিকিৎসাধীন এগৰাকী ছাত্ৰীয়ে কয়, ‘আমি দুদিন ধৰি এই গেছৰ গোন্ধটো অনুভৱ কৰি বিদ্যালয়ৰ কৰ্তৃপক্ষক অৱগত কৰিছিলো । কিন্তু বিদ্যালয়ৰ কৰ্তৃপক্ষই এই লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আজি নিৰ্গত হৈ থকা এই গেছৰ বাবে মই উশাহ ল’ব নোৱাৰি অজ্ঞান হৈ পৰিলোঁ, বিদ্যালয় কৰ্তৃপক্ষই মোক পানী খাবলৈ পৰামৰ্শ দিলে যদিও অৱশেষত মোক চিকিৎসালৈ অনা হ’ল।”

আন এগৰাকী আক্ৰান্ত ছাত্ৰৰ মাতৃয়ে ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে, “বিদ্যালয় কৰ্তৃপক্ষই মোক পলমকৈ অৱগত কৰিছিল। মই বিদ্যালয় আহি পোৱালৈ মোৰ ছোৱালীক ইতিমধ্যে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। প্ৰকৃততে কি ঘটিছিল বিদ্যালয় কৰ্তৃপক্ষই তাৰ স্পষ্ট ব্যাখ্যা দিব লাগে।”

ইফালে বিদ্যালয়খনৰ দুগৰাকী ছাত্ৰীক উন্নত চিকিৎসাৰ বাবে ষ্টেনলি চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ(Stanley Government Medical College Hospital) স্থানান্তৰ কৰা হৈছে। তাৰোপৰি অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ এক্স-ৰে, চিটি স্কেন আৰু হাওঁফাওঁৰ কাৰ্য্যক্ষমতা পৰীক্ষা সম্পন্ন কৰা হয়।

ষ্টেনলি হাস্পতালৰ পৰা জনোৱা মতে, তেওঁলোকৰ পৰীক্ষাৰ ফলাফল স্বাভাৱিক পোৱা গৈছে। প্ৰথম অৱস্থাত ছাত্ৰ-ছাত্ৰীসকলে উশাহ-নিশাহ লোৱাত কষ্ট পাইছিল যদিও এতিয়া তেওঁলোকৰ অৱস্থা সুস্থিৰ । এদিন পৰ্যবেক্ষণৰ অন্তততেওঁলোকক ঘৰলৈ পঠিওৱা হ’ব।

ইফালে বিদ্যালয়খনৰ গেছ নিৰ্গত হোৱা স্থানটো পৰিদৰ্শন কৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে চলালে অনুসন্ধান । পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বাহিনীটোৰ কামাণ্ডেণ্ট এ কে চেলাখানে কয় যে গেছ নিৰ্গত হোৱাৰ অভিযোগ উত্থাপন হোৱা স্থানত গেছৰ কোনো গোন্ধ পোৱা নগ’ল। ক’ৰ পৰা কেনেধৰণৰ গেছ নিৰ্গত হৈছিল আৰু কিহৰ বাবে ছাত্ৰ-ছাত্ৰীসকল অচেতন হৈ পৰিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও তদন্ত অব্যাহত আছে।

লগতে পঢ়ক: লৰেন্স বিষ্ণৈ গেঙৰ ৭ জন শ্বুটাৰক গ্ৰেপ্তাৰ, ৰাজস্থানৰ এজন ব্যক্তিক হত্যাৰ বাবে কৰিছিল পৰিকল্পনা

Bismaya: ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান

Bismaya: ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান
Bismaya: ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান

গুৱাহাটী, ২৫ অক্টোবৰ: অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী ‘বিস্ময়’ৰ(Bismaya) সম্পাদক শশী ফুকনৰ শুকুৰবােৰ মৃত্যু হয়। শুকুৰবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শশী ফুকনে শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, নিশা ১০.৩০ বজাৰ পৰা স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটিছিল(Shashi Phukan)।

প্ৰাপ্ত তথ্য মতে সন্ধিয়াৰ পৰা দুটাকৈ ষ্ট্ৰ’কৰ সন্মুখীন হয় শশী ফুকন। চিকিৎসকে ধাৰাবাহিকভাৱে চেষ্টা চলাহ× আছিল যদিও তেওঁৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলে।

৭৮ বছৰ বয়সত মৃত্যু হয় ‘বিস্ময়’ আৰু ‘প্ৰিয়সখী’ৰ সম্পাদকজন(Founding Editor)। বিগত ডেৰ মাহতকৈও অধিক সময় ধৰি তেওঁ চিকিৎসাধীন হৈ আছিল।

উল্লেখ্য যে প্ৰথমে মহানগৰীৰ হায়াট হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়।

আনহাতে, যোৱা ৭ ছেপ্টেম্বৰত ঘৰতে পৰি আঘাতপ্ৰাপ্ত হৈছিল শশী ফুকন। যথেষ্ট ৰক্তক্ষৰণ হোৱা বাবে পৰিয়ালে ততাতৈয়াকৈ ভৰ্তি কৰিছিল সমীপতে থকা হায়াট হাস্পতালত। আজি তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন মহলত গভীৰ শোকৰ ছাঁ পৰিছে।

Shooters of Lawrence Bishnoi gang arrested: লৰেন্স বিষ্ণৈ গেঙৰ ৭ জন শ্বুটাৰক গ্ৰেপ্তাৰ, ৰাজস্থানৰ এজন ব্যক্তিক হত্যাৰ বাবে কৰিছিল পৰিকল্পনা

7 shooters of Lawrence Bishnoi gang arrested, they were about to kill a person in Rajasthan
Shooters of Lawrence Bishnoi gang arrested: লৰেন্স বিষ্ণৈ গেঙৰ ৭ জন শ্বুটাৰক গ্ৰেপ্তাৰ, ৰাজস্থানৰ এজন ব্যক্তিক হত্যাৰ বাবে কৰিছিল পৰিকল্পনা

নতুন দিল্লী, ২৫ অক্টোবৰ: পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানকে ধৰি দেশৰ বহুকেইখন ৰাজ্যত লৰেন্স বিষ্ণৈ গেঙৰ বিৰুদ্ধে তীব্ৰ আভিযান আৰম্ভ কৰিছে দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে। বিষ্ণৈ গেঙৰ বিৰুদ্ধে স্পেচিয়েল চেলটোৱে চলোৱা ‘পান ইণ্ডিয়া’ অভিযানৰ সময়ত গেংটোৰ ৭জন শ্বুটাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে(7 shooters of Lawrence Bishnoi gang arrested)। লগতে গ্ৰেপ্তাৰ কৰা পৰা শ্বুটাৰকেইজনৰ পৰা জব্দ কৰিছে বহু পৰিমানৰ অস্ত্ৰ-শস্ত্ৰও।

দিল্লী আৰক্ষীৰ তথ্য অনুসৰি, ৰাজস্থানত এজন ব্যক্তিক হত্যাৰ পৰিকল্পনা কৰা ৭জন সন্দেহযুক্ত শ্বুটাৰক দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে(Delhi Police Special Cell ) গ্ৰেপ্তাৰ কৰিছে। যোৱা ১২ অক্টোবৰত মুম্বাইত এন চি পিৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড(Baba Siddiqui murder case)ৰ কেইদিনমান পিছতে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি গ্ৰেপ্তাৰ কৰিলে এই সাতজনক । উল্লেখ্য যে, বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছিল বিষ্ণৈ গেঙে ।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, পঞ্জাৱ, ৰাজস্থানকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ পৰা দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলৰ দ্বাৰা ৭জনক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত লোককেইজনৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলীও জব্দ কৰা হৈছে। দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, কাৰাবন্দী গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ ঘনিষ্ঠ আৰ্জু বিষ্ণৈৰ নিৰ্দেশ অনুসৰি তেওঁলোকে ৰাজস্থানত কাৰোবাক হত্যাৰ লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰা হৈছে। তথ্য অনুসৰি আৰ্জু বিষ্ণৈ লৰেন্স গেঙৰ সৈতে জড়িত যদিও গেংটোৰ পৰিচালনা কৰি আহিছে আনমোল বিষ্ণৈয়ে।

১২ অক্টোবৰত মুম্বাইৰ বান্দ্ৰাত সংঘটিত হোৱা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকিৰ হত্যাকাণ্ডৰ আঁৰত আনমোল বিষ্ণৈ জড়িত থকা বুলি ধাৰণা কৰা হৈছে। শেহতীয়াকৈ মুম্বাইৰ এখন আদালতে ছলমান খানৰ ঘৰৰ বাহিৰত কৰা গুলীচালনাৰ ঘটনাত জড়িত দুজন অভিযুক্তৰ এজনক জামিন দিবলৈ অস্বীকাৰ কৰিছিল। আদালতে কৈছিল যে, তেওঁ আনমোল বিষ্ণৈৰ নিৰ্দেশত ছলমান খানক হত্যা কৰাৰ উদ্দেশ্য বা জ্ঞানেৰে এই কাৰ্য সংঘটিত কৰিছিল।

ইফালে লৰেন্স গেঙৰ ওপৰতো এন আই এৰ দৃষ্টি অধিক কঠোৰ কৰিছে। লৰেন্সৰ ভাতৃ আনমোল বিষ্ণৈৰ ওপৰত ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা NIA-এ। এই পুৰস্কাৰ ঘোষণাৰ পিছতে এতিয়া লৰেন্সৰ ভায়েক আনমোলৰ অসুবিধা আৰু অধিক বাঢ়িল। সিদ্ধু মুছৱালা হত্যাকাণ্ডৰ গোচৰতো আনমোলৰ নাম সংযুক্ত হৈছিল। ইফালে বৰ্তমানলৈকে গ্ৰেপ্তাৰ হোৱা আটাইকেইজন অভিযুক্তই পূৰ্বেও হত্যা আৰু ধন দাবীৰ দৰে কেইবাটাও অপৰাধমূলক ঘটনা সংঘটিত কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে।

লগতে পঢ়ক: https://www.dainandinbartagroup.in/salman-khan-gets-death-threat-5-crore-extortion-message/Salman Khan gets death threat: বিষ্ণৈৰ সৈতে শত্ৰুতা শেষ কৰিবৰ বাবে ৫ কোটি টকা দাবী