Home Blog Page 521

Cucumber Benefits: তিয়হ খালে বহু পুৰণি কথাও মনত থাকে

তিয়হ
তিয়হ

তিয়হ অতি স্বাস্থ্যকৰ খাদ্য। তিয়হ খালে শৰীৰত পানীৰ অভাৱ নহয়, আমাৰ মগজুৰ শক্তি বৃদ্ধিতো তিয়হে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।(Cucumber Benefits)

স্বাস্থ্যকৰ খাদ্যৰ কথা আহিলেই তিয়হ নিশ্চিতভাৱে আপুনি আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰে, তিয়হত ভিটামিন বি, ভিটামিন চি, ভিটামিন কে, পটাছিয়ামৰ দৰে বহুতো গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান পোৱা যায়। কিন্তু আপুনি জানেনে যে তিয়হৰ গুৰুত্বৰ বিষয়ে। তিয়হ সাধাৰণতে চালাড হিচাপে খোৱা হয়। নিয়মিতভাৱে তিয়হ খোৱা লোকৰ কি কি উপকাৰিতা হয় জানো আহক-(cucumber for memory brain power)

তিয়হ খোৱাৰ ৬ টা উপকাৰ হৈছে-

১/ স্মৃতিশক্তি অধিক শক্তিশালী হ’ব

তিয়হে কেৱল আপোনাৰ শৰীৰক সুস্থ কৰি ৰখাই নহয়, তিয়হ মানসিক স্বাস্থ্যৰ বাবেও ভাল বুলি বিবেচিত কৰা হয়। শসাত Fisetin নামৰ এবিধ উপাদান থাকে যিয়ে আপোনাৰ স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰে। স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত লোকে তিয়হ খাব লাগিব। ইয়াৰ ফলত আপোনাৰ মন চোকা হৈ পৰিব আৰু পুৰণি কথাবোৰো মনত পৰিব।

২) শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰি যায়

তিয়হে শৰীৰৰ পৰা বিষাক্ত উপাদান আঁতৰাই পেলায়। ইয়াত ৯৫ শতাংশ পানী থাকে, যাৰ সহায়ত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ওলাই আহে।

৩) হজম শক্তিত সহায়ক

তিয়হত পোৱা আঁহযুক্ত মৌলবোৰ হজম প্ৰক্ৰিয়াত সহায়ক। এইখিনি খালে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাবোৰ নাইকিয়া হয়।

৪) কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে

তিয়হত লিগনান আৰু পলিফিনল থাকে যিয়ে ডিম্বাশয়, জৰায়ু, স্তন আৰু প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে। ইয়াত কুকাৰবিটাচিন থাকে, যিবোৰক কেন্সাৰ প্ৰতিৰোধী উপাদান বুলি গণ্য কৰা হয়।

৫) শৰীৰ শীতল কৰি ৰাখে

তিয়হ খালে দিনটোত পানী খাবলৈ পাহৰিলেও শৰীৰত পানীৰ অভাৱ পূৰণ কৰে। ইয়াৰ উপৰিও গৰমত পোৰা, ছালৰ এলাৰ্জী আৰু ৰ’দত পোৰাৰ পৰাও সকাহ দিয়ে। য’তেই এই সমস্যাৰ সৃষ্টি হয় তাতেই তিয়হ লগাব লাগে।

৬) বৃক্ক সুস্থ কৰি ৰাখে

তিয়হ খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰি যায় আৰু শৰীৰৰ ব্যৱস্থা সুচাৰুৰূপে চলি থাকে। তিয়হৰ ৰস খালে বৃক্ক সুস্থ হৈ থাকে।

লগতে পঢ়ক- Migraine: মাইগ্ৰেইনৰ কোনো ঔষধ নাই! কিন্তু খোৱা-বোৱাত কিছু নিয়ম মানি চলিব লাগে


Kolkata News: কলকাতাত চকলেটৰ লোভ দেখুৱাই ৭ বছৰীয়া কন্যা শিশুৰ সৈতে অপকৰ্মঃ আদালতে মৃত্যুদণ্ড বিহিলে এজনক

কলকাতা
কলকাতা

দৈনন্দিন বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ এটি ৭ বছৰীয়া কিশোৰীক ধৰ্ষণৰ পিছত হত্যা কৰি বস্তাৰ ভিতৰত মৃতদেহ ভৰাই থোৱা এজন লোকক অৱশেষত আদালতে মৃত্যুদণ্ড বিহিলে। ঘটনা সংঘটিত হোৱাৰ ডেৰ বছৰৰ পাছত কলকাতাৰ এখন আদালতে ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিলে।(Kolkata News)

আদালতে এই অপৰাধটো “বিৰলতকৈ বিৰল” শ্ৰেণীৰ অন্তৰ্গত বুলি ধৰি লয় আৰু স্কটিছ দাৰ্শনিক তথা অৰ্থনীতিবিদ এডাম স্মিথৰ উদ্ধৃতি দি বৃহস্পতিবাৰে শাস্তি ঘোষণা কৰে। স্পেছিয়েল প্ৰটেকচন অৱ চিলড্ৰেনছ এগেইনষ্ট চেক্সুৱেল অফেন্স (POCSO) আদালতে কয় যে, “দোষীসকলৰ প্ৰতি কৰা দয়া নিৰীহৰ প্ৰতি কৰা নিষ্ঠুৰতা” ২০২৩ চনৰ ২৬ মাৰ্চৰ পুৱা কলকাতাৰ তিলজালা অঞ্চলত সংঘটিত হৈছিল এই নাৰকীয় কাণ্ড।

শিশুটিৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত কলকাতা আৰক্ষীয়ে ব্যাপক তালাচী আৰম্ভ কৰিছিল আৰু পিছদিনা সন্ধিয়া, চুবুৰীয়া লোক এজনৰ ফ্লেটৰ পাকঘৰৰ ভিতৰত বস্তাত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। চুবুৰীয়াজনক আলোক কুমাৰ শ্ব’ বুলি চিনাক্ত কৰা হৈছিল।(Kolkata Court Sentences Death Penalty)

তদন্তত জানিব পৰা গৈছে যে তেওঁ কিশোৰীগৰাকীক চকলেট দিয়া লোভ দেখুৱাই অপহৰণ কৰি ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। এই ঘটনাই অঞ্চলটোত ক্ষোভৰ সৃষ্টি কৰাৰ লগতে প্ৰতিবাদকাৰীয়ে কেইবাখনো গাড়ী জ্বলাই দিছিল। প্ৰতিবাদকাৰীয়ে এখন থানাও ভাঙি লণ্ডভণ্ড কৰিছিল।

কলকাতা আৰক্ষীৰ অপৰাধ তদন্তকাৰী শাখাই এই গোচৰৰ তদন্ত কৰি ১৬ জুনত অভিযোগনামা দাখিল কৰে। যোৱা ২৪ জুলাইত বিশেষ POCSO আদালতৰ সন্মুখত অভিযোগৰ গতিগোত্ৰ লগোৱা হয় আৰু বৃহস্পতিবাৰে আদালতে লোকজনৰ মৃত্যুদণ্ডৰ ৰায়দান কৰে।

আদালতে কয় যে ৭ বছৰীয়া শিশুটিক যি ধৰণে যৌন নিৰ্যাতন আৰু হত্যা কৰা হৈছে, সেই ঘটনাই অপৰাধটোক “বিৰল গোচৰৰ ভিতৰত আটাইতকৈ বিৰল” শ্ৰেণীত স্থান দিছে।(rarest of rare)

Shipping and Waterway সাজু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়

Shipping and Waterway সাজু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়
Shipping and Waterway সাজু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়

Shipping and Waterways সাজু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়।স্বচ্ছতাক প্ৰতিষ্ঠানিকৰণ আৰু লেহেমীয়া গতি ৰোধৰ বাবে বিশেষ অভিযান ৪.০ৰ জৰিয়তে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে এই মূল্যবোধসমূহক দৈনন্দিন কাৰ্য্যকলাপত সন্নিৱিষ্ট কৰাৰ বাবে ব্যাপক প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰিছে। এই অভিযানৰ নিৰ্দেশনা মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা সকলো সংগঠন আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সৈতে ভাগ কৰা হৈছে।

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৬ ছেপ্টেম্বৰ

Shipping and Waterway স্বচ্ছতাক প্ৰতিষ্ঠানিকৰণ আৰু লেহেমীয়া গতি ৰোধৰ বাবে বিশেষ অভিযান ৪.০ৰ জৰিয়তে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে এই মূল্যবোধসমূহক দৈনন্দিন কাৰ্য্যকলাপত সন্নিৱিষ্ট কৰাৰ বাবে ব্যাপক প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰিছে। এই অভিযানৰ নিৰ্দেশনা মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা সকলো সংগঠন আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সৈতে ভাগ কৰা হৈছে। অনাময় মন্ত্ৰালয়ৰ সচিবে মন্ত্ৰালয়ৰ বিষয়া আৰু সকলো সংস্থা/ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ মুৰব্বীৰ সৈতে কেইবাখনো পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি অভিযানৰ প্ৰস্তুতি আৰু লক্ষ্য নিৰ্ধাৰণৰ সুবিধা প্ৰদান কৰিছে।প্ৰাৰম্ভিক পৰ্যায়ত (১৬ৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২৪) বাকী থকা ৰেফাৰেন্স, ভৌতিক আৰু ইলেক্ট্ৰনিক ফাইল/ৰেকৰ্ডসমূহ পৰ্যালোচনা কৰা হৈছে। এতিয়ালৈকে ১৬৪টা স্বচ্ছতা অভিযানৰ পৰিকল্পনা কৰা হৈছে৷ এই সময়ছোৱাত পৰ্যালোচনাৰ বাবে প্ৰায় ২১,২০০টা ভৌতিক আৰু ইলেক্ট্ৰনিক ফাইল চিনাক্ত কৰা হৈছে।অভিযানৰ পূৰ্বৰ সংস্কৰণ বিশেষ অভিযান ৩.০ত সাংসদ, ৰাজ্য চৰকাৰ, অন্যান্য মন্ত্ৰালয় আৰু জনসাধাৰণৰ পৰা ৰেফাৰেন্সৰ বেকলগ হ্ৰাস কৰাৰ লগতে সংসদীয় আশ্বাস নিষ্পত্তি কৰাৰ ক্ষেত্ৰতো মন্ত্ৰালয়ে যথেষ্ট অগ্ৰগতি লাভ কৰে। এই সময়ছোৱাত প্ৰায় ২,১২,০০০ ফাইল পৰ্যালোচনা কৰা হৈছিল, ইয়াৰে প্ৰায় ২৮,০০০ ফাইল আঁতৰোৱা হৈছিল। তদুপৰি, প্ৰায় ১,১৮,০০০ ই-ফাইল বন্ধ কৰা হৈছিল আৰু ৩৬টা নিয়ম সৰল কৰা হৈছিল। আৱৰ্জনা নিষ্কাশনৰ জৰিয়তে মন্ত্ৰালয়ে ২১.২৫ কোটি টকাৰ ৰাজহ লাভ কৰি প্ৰায় ৭২ হাজাৰ বৰ্গফুট ঠাই মুকলি কৰে৷বিশেষ অভিযান ৪.০ সফল ৰূপায়ণ নিশ্চিত কৰিবলৈ মন্ত্ৰালয়ত নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ পৰ্যালোচনা কৰা হৈছে।

অধিক খৱৰ পঢ়িবলৈ

ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত সহপাঠী

Student attack in Tezpur school: ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত সহপাঠী

Student Attack in Tezpur School Leaves Classmate Seriously Injured
Student attack in Tezpur school: ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত সহপাঠী

তেজপুৰ,২৭ছেপ্টেম্বৰ: ৰাজ্যত ইতিমধ্যেই সঘনে সংঘটিত হোৱা বিদ্যালয়ৰ ছাত্ৰৰ মাজত হোৱা একাধিক আক্ৰমণৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে আজি তেজপুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এজন ছাত্ৰই সহপাঠী এজনক শ্ৰেণীকোঠাৰ ভিতৰতে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাই তেজপুৰত (Shocking incident) চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে,তেজপুৰৰ অল চেইন্ট ডায়’চেছন স্কুলত আজি সংঘটিত হয় এই ঘটনা ৷ বিদ্যালয়খনৰ (Student attack in Tezpur school)ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰক শ্ৰেণীকোঠাতে আক্ৰমণ কৰে সহপাঠী ছাত্ৰই ৷

সামান্য কথাতে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটাৰ সময়তে এজন ছাত্ৰই মুহুৰ্ততে তেওঁৰ পানী নিয়া ষ্টিলৰ বটলেৰে আনজন ছাত্ৰৰ মূৰত আঘাত কৰাত শ্ৰেণী কোঠাতে ঢলি পৰে আহত ছাত্ৰজন৷লগে লগে আহত ছাত্ৰজনৰ যথেষ্ট ৰক্তক্ষৰণ হয়এই ঘটনাৰ বিষয়ে বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকক জনোৱাৰ পাছতে অভিভাৱক বিদ্যালয়ত উপস্হিত হৈ আহত ছাত্ৰজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ নি চিকিৎসাৰ ব্যৱস্হা কৰে৷ উল্লেখযোগ্য যে,ছাত্ৰজনে মূৰৰ পিছফালে গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে যদিও সম্প্ৰতি তেওঁ বিপদমুক্ত বুলি চিকিৎসকে প্ৰকাশ কৰে৷

আনহাতে,ভুক্তভোগী ছাত্ৰজনৰ অভিভাৱকে ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চপাৰ কথা জানিবলৈ দিছে ৷ঘটনাৰ পিছতে বিদ্যালয়খনত অনুৰূপ ঘটনা ইয়াৰ পূৰ্বেও আন ছাত্ৰৰ লগত সংঘটিত হোৱা বুলি একাধিক অভিযোগ উত্থাপিত হৈছে৷একাংশ অভিভাৱকে এইক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে,আঘাতপ্ৰাপ্ত ছাত্ৰক দিব পৰাকৈ প্ৰাথমিক চিকিৎসাৰ সামগ্ৰীও বিদ্যালয়ত নাই ৷

ইপিনে বিদ্যালয়খনৰ অধ্যক্ষাগৰাকীয়ে কয় যে,ঘটনাটো আজি ষষ্ঠ পিৰিয়ডত সংঘটিত হয়৷বিদ্যালয় কৰ্তৃপক্ষই এনেবোৰ ঘটনা যাতে সংঘটিত নহয়,তাৰ প্ৰতি চকু ৰাখে বুলিও উল্লেখ কৰি অধ্যক্ষা গৰাকীয়ে পুনৰ কয় যে,ইয়াৰ মাজতে অতি কম সময়ৰ ভিতৰত এনে ঘটনা সংঘটিত হৈ যায় ৷ আহত ছাত্ৰজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা বুলিও দাবী কৰি তেওঁ ঘটনাটো সংঘটিত কৰা ছাত্ৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক: Assam Welfare Fund Corruption: অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ১৪০ কোটি টকাৰ বৃহৎ কেলেংকাৰী !

Bihar Jitiya festival: বিহাৰত জিতিয়া উৎসৱৰ সময়তে অঘটনঃ পানীত বুৰি ৩৭টা শিশু আৰু ৭গৰাকী মহিলাকে ধৰি ৪৬ জন লোকৰ প্ৰাণহানি

বিহাৰত জিতিয়া উৎসৱৰ সময়ত অঘটন
বিহাৰত জিতিয়া উৎসৱৰ সময়ত অঘটন

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৭ ছেপ্টেম্বৰঃ বিহাৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ৰাজ্যখনত পৰম্পৰাগতভাৱে পালন কৰা জিতিয়া উৎসৱৰ সময়তে ৩৭টা শিশু আৰু ৭গৰাকী মহিলাকে ধৰি ৪৬জন লোকে প্ৰাণ হেৰুৱায়।(Bihar Jitiya festival)

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ক্ষতিগ্ৰস্ত পৰিয়ালৰ প্ৰতি শোক প্ৰকাশ কৰি প্ৰতিজন ভুক্তভোগীৰ নিকট আত্মীয়ক ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। বিগত ২৪ ঘন্টাত এই শোকাৱহ ঘটনা সংঘটিত হৈছে পূব আৰু পশ্চিম চম্পাৰণ জিলাত।(Chief Minister Nitish Kumar)

ঔৰংগাবাদ, কাইমুৰ, বাক্সাৰ, ছিৱান, ৰোহতাছ, সাৰণ, পাটনা, বৈশালী, মুজাফ্ফৰপুৰ, সমস্তীপুৰ, গোপালগঞ্জ, আৰু আৰৱালতো বহু লোকৰ সলিল সমাধি ঘটাৰ খবৰ পোৱা গৈছে। দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ইতিমধ্যে ৪৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে, বাকী থকা ব্যক্তিসকলক বিচাৰি উলিওৱাৰ প্ৰচেষ্টা অব্যাহত আছে।

সন্তানৰ কল্যাণ আৰু সমৃদ্ধিৰ বাবে মাতৃসকলে উদযাপন কৰা জিতিয়া উৎসৱত পানীৰ মাজলৈ শিশুসহ পৰিয়ালৰ লোকে গৈছিল। ফলত এনে অঘটনসমূহ ঘটে। এই অনুষ্ঠানৰ সময়তে বহু শিশুক পানীৰ কোবাল সোঁতে উটুৱাই নিয়ে। ঔৰংগাবাদত ৮টা শিশু পানীত ডুব যায়, ইটাহাট গাঁৱত চাৰিটা আৰু কুশাহা গাঁৱত আন চাৰিটাকৈ শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।(46, including 37 children, drown across Bihar during Jitiya festival)

একেদৰে কাইমুৰ জিলাত ৭ জন নাবালক পানীত উটি যোৱাটো নিশ্চিত কৰা হৈছে।উদ্ধাৰ প্ৰচেষ্টাত সহায়ক হোৱাকৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ)ৰ দল নিয়োগ কৰা হৈছে। ঔৰংগাবাদৰ জিলা দণ্ডাধীশ শ্ৰীকান্ত শাস্ত্ৰীয়ে প্ৰকাশ কৰা মতে পৰিয়ালসমূহে শিশুসহ পানীত ডুব বিচৰাৰ সময়ত এনে ঘটনা সংঘটিত হয় ।

AGP gratitude’Chief Ministerমুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ

AGP gratitude'Chief Ministerমুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ
AGP gratitude'Chief Ministerমুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ

AGP gratitude’Chief Minister অসম চুক্তি ৰূপায়ণৰ দিশত অসম চৰকাৰৰ বৃহৎ পদক্ষেপ ৷ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ ৷ অসম গণ পৰিষদৰ হৈ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, উপ সভাপতিদ্বয় বিষ্ণু দাস আৰু অপূৰ্ব ভট্টাচাৰ্য, সাধাৰণ সম্পাদক মনোজ শইকীয়া, ড° তপন দাস, সুনীল ডেকা আৰু মণিমাধৱ মহন্ত তথা সম্পাদক গুণমণি ভূঞাৰ লগতে কেইবাগৰাকীও দলীয় বিষয়ববীয়াই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।

দৈনন্দিন বাৰ্তা গুৱাহাটী, ২৬ ছেপ্টেম্বৰ

AGP gratitude’Chief Minister অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ উদ্দেশ্যে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শসমূহৰ ভিতৰত ৰাজ্য চৰকাৰৰ আওতাত পৰা দফাসমূহ কাৰ্যকৰী কৰিবলৈ লোৱা যুগান্তকাৰী পদক্ষেপৰ বাবে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অসম গণ পৰিষদৰ তৰফৰপৰা আনুষ্ঠানিকভাৱে কৃতজ্ঞতা তথা অভিনন্দন জ্ঞাপন কৰা হয় ৷ অসম গণ পৰিষদৰ হৈ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, উপ সভাপতিদ্বয় বিষ্ণু দাস আৰু অপূৰ্ব ভট্টাচাৰ্য, সাধাৰণ সম্পাদক মনোজ শইকীয়া, ড° তপন দাস, সুনীল ডেকা আৰু মণিমাধৱ মহন্ত তথা সম্পাদক গুণমণি ভূঞাৰ লগতে কেইবাগৰাকীও দলীয় বিষয়ববীয়াই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে । ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ প্ৰতিশ্ৰুতিৰে জন্ম লাভ কৰা অগপৰ সৰ্বস্তৰৰ নেতা-কৰ্মী এতিয়া অতিকৈ সুখী আৰু উৎসাহিত। মাননীয় মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত পৰিচালিত চৰকাৰখনত অগপ অংশীদাৰ হৈ থকাৰ সময়তে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ কাম হাতে-কামে আগবঢ়াত অগপ দল গৌৰৱান্বিত বুলি উল্লেখ কৰে অগপৰ সভাপতি অতুল বৰাই৷

অধিক খৱৰ পঢ়িবলৈ

ৰাহুল গান্ধীক প্ৰশংসা অভিনেতা ছেইফ আলী খানৰ! ক’লে, তেওঁ সৎ আৰু সাহসী…

Saif Ali Khan Praised Rahul Gandhi: ৰাহুল গান্ধীক প্ৰশংসা অভিনেতা ছেইফ আলী খানৰ! ক’লে, তেওঁ সৎ আৰু সাহসী…

ৰাহুল গান্ধীক প্ৰশংসা ছেইফ আলী খানৰ
ৰাহুল গান্ধীক প্ৰশংসা ছেইফ আলী খানৰ

বৰ্তমান ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ট্ৰেণ্ডিঙত আছে বলিউদৰ জনপ্ৰিয় অভিনেতা ছেইফ আলী খানৰ। যাৰ আঁৰৰ কাৰণ হ’ল তেওঁৰ এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ আছে। ভিডিঅ’টোত ছেইফ আলী খানে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰশংসা কৰা দেখা গৈছে। আন আন ব্যৱহাৰকাৰীসকলেও ভিডিঅ’টোত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।(Saif Ali Khan Praised Rahul Gandhi)

আনহাতে অহা ১১ অক্টোবৰত ছবিগৃহত মুক্তি পাব ছেইফ আলী খানৰ আটাইতকৈ প্ৰত্যাশিত একচন থ্ৰিলাৰ ছবি ‘দেৱৰা – পাৰ্ট ১’। ইফালে তেওঁৰ এটা ভিডিঅ’ টুইটাৰত ট্ৰেণ্ডিঙত আছে। ভিডিঅ’টোৰ বিশেষ কথাটো হ’ল যে তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰশংসা কৰিছে।(rahul gandhi)

কেৱল এয়াই নহয়, আনেও এই ভিডিঅ’টোত লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিছুমানে তেওঁৰ কথাত একমত হোৱাৰ বিপৰীতে কিছুমানে ইয়াৰ বাবেও তেওঁক ট্ৰলিং কৰিছে। ছেইফ আলী খানক এটা সাক্ষাৎকাৰৰ সময়ত তেওঁক সোধা হৈছিল যে তেওঁ কেনেকুৱা নেতাক ভাল পায়? ইয়াৰ উত্তৰত ছেইফে কয়, ‘যিসকল নেতা সৎ আৰু সাহসী, মই ভাল পাওঁ’। ইয়াৰ পিছত তেওঁৰ আগত দেশৰ একাংশ ভৱিষ্যত নেতাৰ নাম লোৱা হ’ল। তেওঁক সোধা হৈছিল, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অৰবিন্দ কেজৰিৱাল আৰু ৰাহুল গান্ধীৰ ভিতৰত তেওঁ কাক আটাইতকৈ সৎ আৰু সাহসী বুলি বিবেচনা কৰে? এই বিষয়ে ছেইফে ক’লে, ‘মই ভাবো এই তিনিওজন নেতা সাহসী, কিন্তু ৰাহুল গান্ধীয়ে যি কৰিছে সেয়া প্ৰশংসনীয়।(DEVRA telegu movie)

আপোনালোকক কওঁ, আমাজন প্ৰাইমত প্ৰচাৰিত ‘টাণ্ডৱ’ ধাৰাবাহিকত প্ৰধানমন্ত্ৰীৰ উত্তৰাধিকাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল ছেইফে। এই ধাৰাবাহিকখন মুক্তি পোৱাৰ সময়ত বহুতে তেওঁৰ চৰিত্ৰক ৰাহুল গান্ধীৰ লগত তুলনা কৰিছিল। বৰ্তমান ছেইফ আলী খানক চাউথ ছুপাৰষ্টাৰ জুনিয়ৰ এন টি আৰ আৰু জানহৱী কাপুৰৰ সৈতে ‘দেৱৰা – ১ম খণ্ড’ত দেখা যাব। ছবিখনত ছেইফক খলনায়কৰ চৰিত্ৰত দেখা যাব। ইয়াৰ উপৰিও তেওঁৰ অনুৰাগীসকলেও তেওঁৰ ছবিখন মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।(saif ali khan)

jagiroad news: কিশোৰীৰ সৈতে অপকৰ্ম বিজয় বিশ্বাসৰ

বিজয় বিশ্বাস
বিজয় বিশ্বাস

জাগীৰোডত সংঘটিত হৈছে এক জঘন্য কাণ্ড ৷ এগৰাকী কিশোৰীক ফুচুলাই অপকৰ্ম কৰে এটা নৰপিশাচে৷ জাগীৰোডৰ বাগানবস্তিত সংঘটিত হয় এই জঘন্য ঘটনা। (jagiroad news)

জাগীৰোডত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ড ৷ এগৰাকী কিশোৰীক ফুচুলাই নি উপৰ্যুপৰি ধৰ্ষণ কৰে এটা নৰপিশাচে৷ জাগীৰোডৰ বাগানবস্তিত সংঘটিত হয় এই জঘন্য ঘটনা৷ ঘটনা মতে জাগীৰোডৰ ডোঙাবড়ীৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে বুধবাৰে নিজ ঘৰতে ভনিয়েকৰ সৈতে বাকবিতণ্ডাত লিপ্ত হৈ ওলাই আহে ঘৰৰ পৰা ৷

জাগীৰোডৰ মইনাজানত থকা মোমায়েকৰ ঘৰলৈ অহাৰ সময়তে সন্ধিয়া প্ৰায় ৬ বজাত কিশোৰী গৰাকীক লগ পায় পেচাত গাড়ীচালক লম্পট বিজয় বিশ্বাসে ৷ তেতিয়াই কিশোৰীগৰাকীক ফুচুলাই নিজৰ AS-01-DN-3731 নম্বৰৰ আৰটিগা গাড়ীখনত উঠাই অজ্ঞাত স্থানলৈ লৈ যায় লম্পটটোৱে ৷

তাৰ পিছতে ১৬ বছৰীয়া কিশোৰীগৰাকীক নিশা উপৰ্যুপৰি ধৰ্ষণ কৰে ৷ উপৰ্যুপৰি ধৰ্ষণৰ পিছত কিশোৰীগৰাকীৰ অভিভাৱকক ফোন কৰি কিশোৰী গৰাকী সুৰক্ষিত আছে বুলি জনায় নৰপিশাচ বিজয় বিশ্বাসে ৷ বৃহস্পতিবাৰে পুৱা অভিভাৱকে কিশোৰী গৰাকীক ঘৰলৈ লৈ যোৱাৰ পিছতে কিশোৰীগৰাকীয়ে অৱগত কৰে সকলো কথা ৷

ঘটনা সন্দৰ্ভত দৰিদ্ৰ পৰিয়ালটোৱে জাগীৰোড আৰক্ষীক অবগত কৰাত গ্ৰেপ্তৰ কৰে ধৰ্ষণকাৰী বিজয় বিশ্বাসক ৷ ভাৰতীয় ন্যায় সংহিতা 65 (1) / 3(5) আৰু POCSO (6) ধাৰাৰ অধীনত 187/2024 নম্বৰ গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ উল্লেখ্য যে, ইতিমধ্যে আৰক্ষীৰ জেৰাত সমগ্ৰ ঘটনা স্বীকাৰ কৰিছে অভিযুক্ত বিজয় বিশ্বাসে৷

Meat traders: কাহিলিপাৰা, লালগণেশত মাংস ব্যৱসায়ীৰ মাজত পৰিষ্কাৰ পৰিচন্নতা বিষয়ক সজাগতা সভা

মাংস ব্যৱসায়ী
মাংস ব্যৱসায়ী

গুৱাহাটী, ২৭ ছেপ্টেম্বৰ : গুৱাহাটীৰ লখৰা বজাৰ শিৱ মন্দিৰ আৰু লালগণেশ গণেশ মন্দিৰ প্ৰাংগনত কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তৰ নিৰ্দেশত, কামৰূপ মহানগৰ জিলাৰ জিলা পশুপালন বিষয়াৰ উদ্যোগত ১৯ আৰু ২৫ ছেপ্টেম্বৰত মাংস ব্যৱসায়ী সকলৰ মাজত পৰিষ্কাৰ-পৰিচন্নতা বিষয়ক এখনকৈ মুঠ দুখন সজাগতা সভা অনুষ্ঠিত হয়।(Meat traders)

কামৰূপ মহানগৰ জিলাৰ জিলা পশুপালন বিষয়া ডাঃ নাৰায়ন চন্দ্র দেউৰীৰ নেতৃত্বত অনুষ্ঠিত হোৱা সজাগতা সভাত মাংস ব্যৱসায়ী সকলে কিদৰে পৰিষ্কাৰ-পৰিচন্নতাৰ দিশটোৰ ওপৰত অধিক গুৰুত্ব দি গ্ৰাহকক মাংস যোগান ধৰিব লাগে সেই বিষয়ে বিশদ বাখ্যা দাঙি ধৰে কামৰূপ মহানগৰ জিলাৰ পশুপালন বিষয়া ডাঃ বিজিত দেৱচৌধুৰী আৰু এছ পি চি এৰ কৰ্মকৰ্তা সকলে।


উল্লেখযোগ্য যে সভাত গুৱাহাটী পৌৰ নিগমৰ ২৪ নং ৱাৰ্ডৰ পাৰিষদ বিজু মেধি, ২৫ নং ৱাৰ্ডৰ প্ৰাক্তন পাৰিষদ তথা ওদালবাক্ৰা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী অনন্ত ৰাভা, কাহিলিপাৰা, দক্ষিণগাঁৱৰ সমাজ সেৱক নকুল কলিতা, লখৰা বজাৰ পৰিচালনা সমিতিৰ সভাপতি ধৰ্মেশ্বৰ তুমুং আৰু সম্পাদক পদ্ম ৰংপীকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে আৰু মাংস ব্যৱসায়ী সকলৰ মাজত জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এনে ধৰণৰ সজাগতা সভা অনুষ্ঠিত কৰা বাবে জিলা পশুপালন বিষয়াক ধন্যবাদ জ্ঞাপন কৰে।

Migraine: মাইগ্ৰেইনৰ কোনো ঔষধ নাই! কিন্তু খোৱা-বোৱাত কিছু নিয়ম মানি চলিব লাগে

মাইগ্ৰেইন
মাইগ্ৰেইন

মাইগ্ৰেইনৰ কোনো ঔষধ নাই। চিকিৎসকৰ মতে মাইগ্ৰেইন ৰোগীয়ে কি খায় বা পান কৰে সেয়া অতি গুৰুত্বপূৰ্ণ। খোৱা-বোৱাত কিছু নিয়ম মানি চলিলেহে মাইগ্ৰেইন নিয়ন্ত্ৰণত ৰাখিব পাৰি। মাইগ্ৰেইনৰ বিষৰ তুলনা স্বাভাৱিক মূৰৰ বিষৰ দৰে নহয়। মাইগ্ৰেইনৰ বিষ কেৱল বিষ নহয়, ইয়াৰ লগত আন বহুতো লক্ষণো আনে। কিছুমানৰ বমি হয়, কিছুমানৰ মূৰ ঘূৰাই, চকুত বিষ হয়, কিছুমানৰ ডিঙি আৰু পিঠিত অজ্ঞানতাও অনুভৱ হয়।(Migraine)

সমীক্ষা অনুসৰি বিশ্বৰ ১১ কোটি লোক নিয়মিতভাৱে মাইগ্ৰেইনৰ সমস্যাত ভুগিছে। কিন্তু মাইগ্ৰেইনৰ তেনে কোনো ঔষধ নাই। চিকিৎসকে কয় যে ঔষধ হওক বা নহওক, মাইগ্ৰেইন ৰোগীয়ে কি খায় বা পান কৰে সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ। খোৱা-বোৱাত কিছু নিয়ম মানি চলিলেহে মাইগ্ৰেইন নিয়ন্ত্ৰণত ৰাখিব পাৰি।(how to controle your migraine)

মাইগ্ৰেইন ৰোগীয়ে কি কি খাদ্য-পানীয় খাব লাগে জানি লওক-

খনিজ পদাৰ্থ, ভিটামিন, ফেটি এচিডযুক্ত খাদ্যই মাইগ্ৰেইন হ্ৰাস কৰিব পাৰে।

১. মেগনেছিয়াম সমৃদ্ধ খাদ্য

মাইগ্ৰেইন ৰোগীয়ে খাব পৰা মেগনেছিয়াম সমৃদ্ধ খাদ্য হ’ল গাঢ় সেউজীয়া পাতৰ পাচলি, এভোকেডো, কল, টুনা মাছ। কিন্তু ডাৰ্ক চকলেটত মেগনেছিয়াম বেছি হ’লেও খাব নোৱাৰি। বহুতে বিশ্বাস কৰে যে এই খাদ্যই মাইগ্ৰেইনৰ দুখ বৃদ্ধি কৰিব পাৰে।(food)

২. ওমেগা ৩ যুক্ত খাদ্য

মাইগ্ৰেইন ৰোগীয়ে ওমেগা থ্ৰী ফেটি এচিডযুক্ত মাছ যেনে হিলছা, ছালমন, বিভিন্ন প্ৰকাৰৰ গুটি, দাইলও খাব পাৰে। ই মাইগ্ৰেইনৰ বিষ আঁতৰাই ৰাখিব।

৩. আঁহ বেছিকৈ খাব

২০২২ চনত কৰা এক অধ্যয়নত দেখা গৈছে যে অধিক আঁহ খালে মাইগ্ৰেইন পুনৰ ঘূৰি অহাৰ সম্ভাৱনা হ্ৰাস পায়। যিবোৰ খাদ্যত আঁহ বেছি থাকে সেইবোৰ হ’ল – জলকীয়া, গোটা শস্য যেনে বাজৰা, গোটা ফলমূল, শাক-পাচলি, আলু, বীন ইত্যাদি।

কি কি খাদ্য পৰিহাৰ কৰিব লাগে?

কোনো ধৰণৰ প্ৰচেছড খাদ্য বা পানীয় পৰিহাৰ কৰিব লাগে

১. নাইট্ৰেট বেছি থকা খাদ্য যেনে হটডগ, চালামি, চচ্চেজ।

২. যিবোৰ খাদ্যত মনোছডিয়াম গ্লুটামেট বা এম এছ জি থাকে। যেনে, পেকেটত ভৰোৱা নুডলছ।

৩. চুক্ৰাল’জ, পনিৰ, ৰুটিৰ দৰে যিকোনো মিঠা খাদ্য।

৪. ৱাইন, বিয়েৰৰ দৰে মদ্যপানীয়।

৫. দুগ্ধজাত সামগ্ৰী আৰু আইচক্ৰীম।

৬. বিলাহী, পিয়াঁজ আদি শাক-পাচলি।

৭. কেফেইন থকা পানীয়।

৮. শুকান ফল বা হিষ্টামিনযুক্ত খাদ্য।

৯. গ্লুটেন থকা খাদ্য।

১০. চকলেট, বাদাম, টেঙা ফল, সৰিয়হ, ভিনেগাৰ আদি, য’ত ‘ফেনিলেথাইলামাইন’ নামৰ এমিনো এচিড থাকে।