Home Blog Page 528

BRICS Summit 2024: ৰাছিয়াৰ কাজানত উপস্থিত প্ৰধানমন্ত্ৰী মোডীক আদৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে, কাইলৈ ভাগ ল’ব ​শীৰ্ষ সন্মিলনত

PM Modi Arrives in Kazan for BRICS Summit 2024, Welcomed by Russian President Putin
BRICS Summit 2024: ৰাছিয়াৰ কাজানত উপস্থিত প্ৰধানমন্ত্ৰী মোডীক আদৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে, কাইলৈ ভাগ ল'ব​শীৰ্ষ সন্মিলনত

কাজান, ২২ অক্টোবৰ: ব্ৰিকছ সন্মিলন ২০২৪ত অংশগ্ৰহণৰ বাবে ৰাছিয়াৰ কাজান চহৰত মঙলবাৰে উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(BRICS Summit 2024)। চহৰখনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আদৰণি জনায় প্ৰধানমন্ত্ৰী মোডীক(PM Modi welcomed by Russian President Putin) আৰু ইয়াৰ পিছতেই দুয়োগৰাকী নেতাই এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়(India-Russia relations) । পুটিনৰ সৈতে হোৱা বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আপোনালোকৰ বন্ধুত্ব, উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো”।

ৰাছিয়াৰ কাজান চহৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাছিয়াৰ স্থানীয় নাগৰিকসকলেও হিন্দী ভাষাত জনালে আদৰণি(Prime Minister Modi in Kazan) । পিএমঅ’ইও ইয়াৰ বহুকেইখন ছবি X হেণ্ডেলত শ্বেয়াৰ কৰিছে ।

ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ৰাছিয়ান যুৱতীসকলে পৰিবেশন কৰা তেওঁলোকৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শনেও আপ্লুত কৰিলে মোডীক ।

একেধৰণে ৰাছিয়াৰ কাজান চহৰত ভাৰতীয় মূলৰ লোকসকলে প্ৰধানমন্ত্ৰী মোডীক হাত চাপৰি বজাই জনালে আদৰণি । তাৰোপৰি ৰাছিয়াত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলেও গীতেৰে প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনায়।

প্ৰধানমন্ত্ৰী মোদীক স্বচক্ষে প্ৰত্যক্ষ কৰি উৎফুল্লিত এগৰাকী ভাৰতীয় শিক্ষাৰ্থীয়ে কলে, তেওঁ প্ৰধানমন্ত্ৰী মোডীক কাষৰ পৰা এবাৰ চাবলৈ বহুতেই আগ্ৰহী হৈ আছিল। মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত এক নতুন ধাৰাৰ সৃষ্টি হৈছে।

উল্লেখ্ যে, কাইলৈ প্ৰধানমন্ত্ৰী মোডীয়ে ভাগ ল’ব ব্ৰিকছ​সন্মিলনৰ কাৰ্যসূচীত ।এইবাৰৰ ব্ৰিকছ সন্মিলন ২০২৪ৰ কাৰ্যসূচীতসন্নিবিষ্ট বিষয়সমূহৰ ভিতৰত আছে অৰ্থনৈতিক সহযোগিতাৰ অধিক সম্প্ৰসাৰণ, ৰাষ্ট্ৰীয় মুদ্ৰাত বাণিজ্যিক নিষ্পত্তি, বহনক্ষম উন্নয়ন আদি(BRICS Summit agenda 2024) ।

দুদিনীয়া কাৰ্যসূচীৰে ৰাছিয়ালৈ যাত্ৰা কৰাৰ পূৰ্বে প্ৰকাশ কৰা এক বিবৃটিযোগে উল্লেখ কৰিছিল যে ২০২৪ চনৰ জুলাই মাহত মস্কোত অনুষ্ঠিত হোৱা বাৰ্ষিক শীৰ্ষ সন্মিলনৰ ওপৰত নিৰ্ভৰ কৰি মোৰ কাজান ভ্ৰমণে ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰিব। তাৰোপৰি ব্ৰিকছৰ আন নেতাসকলকো লগ পাবলৈ আগ্ৰহী বুলিও তেওঁ কয়।

লগতে পঢ়ক: ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

Ranoj Pegu: শিক্ষাগ্ৰহণ হৈছে এক জীৱনজোৰা সাধনা- শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

Ranoj Pegu: শিক্ষাগ্ৰহণ হৈছে এক জীৱনজোৰা সাধনা- শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু
Ranoj Pegu: শিক্ষাগ্ৰহণ হৈছে এক জীৱনজোৰা সাধনা- শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

দিছপুৰ, ২২ অক্টোবৰ, ২০২৪: ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অনুসৰি ভাৰত চৰকাৰে আৰম্ভ কৰা নৱভাৰত সাক্ষৰতা কাৰ্যসূচী- উল্লাসৰ তৃতীয়খন আঞ্চলিক সন্মিলন আজি ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উদ্বোধন কৰে। এই কাৰ্যসূচীৰ অধীনত ২০২২চনৰ পৰা ২০২৭ চনৰ ভিতৰত সমগ্ৰ দেশতে শিক্ষা লাভৰ পৰা বঞ্চিত ১৫ বছৰৰ ঊৰ্ধ্বৰ সকলো নাগৰিককে সাক্ষৰ কৰি এগৰাকী দক্ষ মানৱ সম্পদ ৰূপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। ( Ranoj Pegu)


এন চি ই আৰ টিৰ ৰাষ্ট্ৰীয় সাক্ষৰতা কেন্দ্ৰৰ উদ্যোগত তথা ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰীৰ সহযোগত আজিৰ পৰা দুদিনীয়াকৈ আয়োজিত উল্লাস (ULLAS)ৰ সন্মিলনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি ভাষণত উল্লেখ কৰে- আধুনিক যুগ হৈছে লিখা-পঢ়া কৰি জ্ঞান অৰ্জন কৰা আৰু কৌশল আয়ত্ব কৰাৰ যুগ। আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোৱা “পঢ়ে ভাৰত বঢ়ে ভাৰত” কাৰ্যসূচী হৈছে এক অতি উল্লেখনীয় পদক্ষেপ।

সেয়েহে একে ধৰণে আমি উল্লাসক এক কেৱল চৰকাৰী কাৰ্যসূচী বুলি গণ্য নকৰি প্ৰতিগৰাকী নাগৰিকৰে নিজ দায়িত্ব বুলি স্বীকাৰ কৰি এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত আমি সকলোৱে জড়িত হ’ব লাগে।” মন্ত্ৰীগৰাকীয়ে উল্লাসক এক জন আন্দোলনলৈ পৰ্যবসিত কৰিবলৈ সকলোকে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক উল্লাসৰ এই কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণেৰে ৰাজ্যখনৰ চুকে-কোণে জ্ঞান আৰু শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিবলৈ কয়।

ৰাজ্যখনৰ সকলো লোককে জ্ঞানৰ আলোকেৰে উজ্জীৱিত কৰি স্বাক্ষৰতাৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে বিভাগীয় বিষয়াসকলকো অতি সোনকালে মন্ত্ৰীগৰাকীয়ে এক নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ লগতে পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ স্বেচ্ছাসেৱক আৰু ইয়াৰ দ্বাৰা উপকৃত হোৱা লোকসকলে অংশগ্ৰহণ কৰে।

সন্মিলনত ভাৰত চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ যুটীয়া সচিব শ্ৰীমতী অৰ্চনা শৰ্মা অৱাস্থি, উত্তৰ-পূব আঞ্চলিক শিক্ষা প্ৰতিষ্ঠান (NERIE)ৰ অধ্যক্ষ ড০ ফ্লোৰেট ডি ডাখাৰ, এন চি ই আৰ টিৰ ৰাষ্ট্ৰীয় সাক্ষৰতা কেন্দ্ৰৰ ইনচাৰ্জ প্ৰফেছৰ ঊষা শৰ্মা, অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব শ্ৰীনাৰায়ণ কোঁৱৰৰ লগতে আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

Karwa Chauth UP News: পতিৰ দীৰ্ঘায়ূ কামনা কৰা কৰৱা চৌথৰ দিনটোতে আহাৰত বিহ মিহলাই স্বামীক হত্যা কৰিলে পত্নীয়ে

স্বামীক হত্যা কৰিলে পত্নীয়ে
স্বামীক হত্যা কৰিলে পত্নীয়ে

ভাৰতত, বিশেষকৈ উত্তৰ ভাৰতত কৰৱা চৌথৰ দিনটোত হিন্দুধৰ্মী পত্নীসকলে স্বামীৰ দীৰ্ঘায়ূ কামনা কৰি প্ৰাৰ্থনা কৰে৷ কিন্তু স্বামীৰ দীৰ্ঘায়ূ কামনা কৰাৰ সেই দিনটোতে এগৰাতী পত্নীয়ে তেওঁৰ স্বামীক খাদ্যত বিহ মিহলাই হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ (Karwa Chauth UP News)

(Uttra pardesh)ঘটনাটো ঘটিছে উত্তৰ প্ৰদেশৰ কৌশম্বিত৷ কৌশম্বিত এগৰাকী মহিলাই স্বামীক বিষাক্ত দ্ৰব্য খুৱাই দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ লক্ষ্যণীয়ভাবে এই ঘটনা সংঘটিত হৈছে হিন্দু উৎসৱ কৰৱা চৌথৰ শুভ দিনটোতে৷ ছিৰাথুৰ চক্ৰ বিষয়া আৱাধেশ কুমাৰ বিশ্বকৰ্মাই জনোৱা মতে, দেওবাৰে নিশা কৰৱা চৌথ উৎসৱ উপলক্ষে প্ৰস্তুত কৰা ৰাতিৰ আহাৰ গ্ৰহণ কৰি হঠাতে লোকজন অসুস্থ হৈ পৰে৷ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, মৃত লোকজন উত্তৰ প্ৰদেশৰ কদা ধাম অঞ্চলৰ ইছমাইলপুৰ গাঁৱৰ বাসিন্দা শৈলেশ৷ (Woman poisons husband after keeping Karwa Chauth fast for him)

(Shailesh Kumar)অসুস্থ হৈ পৰাৰ পিছতে লোকজনক স্থানীয় সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়৷ বিশ্বকৰ্মাই জানিবলৈ দিয়া মতে, শৈলেশৰ পৰিয়ালে লোকজনৰ পত্নী সবিতাই তেওঁৰ খাদ্যত বিষক্ৰিয়া কৰাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে৷ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ আৰু ১২৩ ধাৰাত সবিতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷অভিযুক্ত মহিলাগৰাকীক জিম্মাত লৈ সোধা-পোছা কৰা হৈছে বুলিও তেওঁ লগতে কয়৷ আৰক্ষীয়ে বিভিন্ন দিশৰ পৰা ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷(Uttar Pradesh’s Kaushambi district)

Supreme Court Summons Assam Chief Secretary: চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিক অবজ্ঞাৰ অভিযোগেৰে অসমৰ মুখ্য সচিবলৈ উচ্চতম ন্যায়ালয়ৰ চমন

Supreme Court Summons Assam Chief Secretary Over Tea Workers Dues
Supreme Court Summons Assam Chief Secretary: চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিক অবজ্ঞাৰ অভিযোগেৰে অসমৰ মুখ্য সচিবলৈ উচ্চতম ন্যায়ালয়ৰ চমন

গুৱাহাটী, ২২ অক্টোবৰ: অসমৰ চাহ শ্ৰমিকসকলৰ প্ৰাপ্য ধন পৰিশোধ কৰাত ব্যৰ্থ অসম চৰকাৰ ব্যৰ্থ হৈছে । যাৰ বাবে অসম চৰকাৰক দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৰিছে তীব্ৰ সমালোচনা । এই গোচৰটোৰ প্ৰসংগত অসমৰ মুখ্য সচিবলৈ উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে চমন জাৰি কৰিছে(Supreme Court Summons Assam Chief Secretary) ।

ন্যায়াধীশ অভয় এছ ওকা আৰু আগষ্টিন জৰ্জ মাছিহৰ দুজনীয়া বিচাৰপীঠে অসমৰ মুখ্য সচিবগৰাকীক পৰৱৰ্তী শুনানিত ন্যায়ালয়ত শাৰীৰিকভাৱে উপস্থিত থাকিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে । চাহ শ্ৰমিকসকলৰ প্ৰাপ্য ধন পৰিশোধ(Assam Tea Workers’ Dues) কৰিবলৈ কোনো আন্তৰিক প্ৰচেষ্টা নকৰাৰ অভিযোগেৰে অসম চৰকাৰক তীব্ৰ সমালোচনাও কৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ।

গোচৰটোৰ শুনানিৰ সময়ত ন্যায়াধীশ ওকাই অসম চৰকাৰক জবাবদিহি কৰি কয়, “অসমৰ চাহ বাগিচাত কাম কৰা শ্ৰমিকসকলৰ(Assam tea garden workers) প্ৰাপ্য ধন পৰিশোধ কৰিবলৈ কিয় আন্তৰিক প্ৰচেষ্টা গ্ৰহণ কৰা হোৱা নাই ?”

ইফালে অসম চৰকাৰৰ অধিবক্তাগৰাকীয়ে যেতিয়া ন্যায়ালয়ে মুখ্য সচিবলৈ চমন দিয়া এই নিৰ্দেশনাক কঠোৰ বুলি উল্লেখ কৰে, তেতিয়া ন্যায়াধীশ ওকাই ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “আমি দৰিদ্ৰ শ্ৰমিকসকলৰ প্ৰাপ্যৰ বাবে মোকাবিলা কৰি আছো । যেতিয়ালৈকে আমি কঠোৰ নহওঁ, তেতিয়ালৈকে একোৱেই কাম নহয় । আপুনি উল্লেখ কৰা এই উদ্বেগক আমি মানি লৈছোঁ; কিন্তু এয়া নিত্যান্তই প্ৰয়োজনীয় ।”

ইফালে ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীয়ে চাহ বাগিচাৰ শ্ৰমিকসকলক পৰিশোধ কৰিবলগীয়া পুঁজি মুকলাই দিয়াত কেন্দ্ৰীয় চৰকাৰৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰে । ইতিমধ্যে ন্যায়ালয়ে কেন্দ্ৰীৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়কো জাননী জাৰি কৰিবলৈ সাজু হৈছে ।

উল্লেখ্য যে, ২০২৩ বৰ্ষতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক অসমৰ চাহ বাগিচাসমূহৰ শ্ৰমিকসকলক ৬৪৫ কোটি টকা পৰিশোধ কৰিবলৈ এক নিৰ্দেশ প্ৰদান কৰিছিল । ভৱিষ্য নিধিৰ (Provident Fund) অৱদানৰ কথা বিবেচনা কৰি ন্যায়ালয়ে চাহ আইনৰ অধীনত ৰাজ্যখনৰ ২৫ খন চাহ বাগিচাৰ প্ৰায় ২৮,৫৫৬ গৰাকী শ্ৰমিকক সামৰি লৈ প্ৰাপ্য ধনসমূহ পৰিশোধ কৰিবলৈ এই নিৰ্দেশ জাৰি কৰিছিল । ইয়াৰে ১৫ খন চাহ বাগিচা চৰকাৰী অৰ্থাৎ অসম চাহ কোম্পানী লিমিটেডৰ অধীনৰ ।

এই সন্দৰ্ভত অসমৰ দুটাকৈ চাহ শ্ৰমিক সংগঠনৰ লগতে আন্তৰ্জাতিক খাদ্য আৰু কৃষি কৰ্মী সংঘ আৰু পশ্চিমবংগ খেট মজদুৰ সমিতিয়ে প্ৰথমে ২০০৬ চনত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ আবেদন দাখিল কৰিছিল । ২০১০ চনৰ আগষ্ট মাহত এই আবেদন নিষ্পত্তি কৰি শীৰ্ষ আদালতে কেন্দ্ৰীয় চৰকাৰক ছয় মাহৰ ভিতৰত শ্ৰমিকসকলৰ প্ৰাপ্য ধন মোকলাই দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ।

২০১০ চনৰ এই নিৰ্দেশনাক পালন কৰি চৰকাৰে কাৰ্যকৰী নকৰাত ২০১২ চনত বৰ্তমানৰ বিচাৰাধীন আবেদনখন দাখিল কৰা হৈছিল । উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ. এম. চাপ্ৰেৰ নেতৃত্বত পৰৱৰ্তী সময়ত সৰ্বোচ্চ ন্যায়ালয়ে এখন এজনীয়া সমিতি গঠন কৰি দিছিল ।

India and Bangladesh extradition treaty: হাছিনাৰে গাখীৰ-মিঠৈ সম্পৰ্ক থকাৰ পিছতো বাংলাদেশৰ সৈতে ভাৰতৰ নহ’ল বিদেশী নাগৰিক প্ৰত্যৰ্পনৰ কোনো চুক্তি

বাংলাদেশৰ সৈতে ভাৰতৰ নহ'ল বিদেশী নাগৰিক প্ৰত্যৰ্পনৰ কোনো চুক্তি
বাংলাদেশৰ সৈতে ভাৰতৰ নহ'ল বিদেশী নাগৰিক প্ৰত্যৰ্পনৰ কোনো চুক্তি

দৈনন্দিন বাৰ্তাৰ ডিজিটেল সেৱাঃ ৮৫৫ গৰাকী শ্বহীদৰ আত্মবলিদানৰ বলত স্বাক্ষৰিতত হৈছিল অসম চুক্তি৷ অসম চুক্তিত উল্লেখিত বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তি বৰ্ষকলৈ নানান মহলত ব্যাপক ক্ৰিয়া-প্ৰতিক্ৰিয়া তথা ন্যায়িক বিবাদ চলি থকাৰ মাজতে উচ্ছতম ন্যায়ালয়ে শেহতীয়াকৈ অসমত বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তি বৰ্ষৰ ১৯৭১ চন বাহাল ৰাখিলে৷(India and Bangladesh extradition treaty)

(AASU)আক্ষৰিক অৰ্থত জয় হ’ল আছু আৰু অগপৰ৷(AGP) এই জয়ৰ আনন্দত আনকি উটি-ভাণহি গ’ল আছুৰ বহু নেতা৷ মুখ মিঠা কৰি বহু আছু নেতাই আনুষ্ঠানিকভাবে উচ্ছতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনালে৷ কোৱা হ’ল- উচ্ছতম ন্যায়ালয়ৰ ৰায়ে অসম চুক্তিৰ ন্যায্যতাক প্ৰতিপন্ন কৰিলে৷ ন্যায়ালয়ৰ ৰায়ৰ পিছতে বহু আছু নেতাই মিডিয়াৰ সন্মুখত আদালতৰ ৰায়ক ঐতিহাসিক ৰায় বুলিও আখ্যা দিলে৷ কিন্তু কোনো এজন আছু নেতাৰেই মুখত শুনা নগল অসম চুক্তি স্বাক্ষৰ হোৱাৰ প্ৰায় ৪০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো অসমক বিদেশী মুক্ত কৰিব নোৱাৰাৰ কথা৷

কোনো এজন আছু নেতাই নকলে খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বাংলাদেশী প্ৰব্ৰজনৰ কথা৷ মাত্ৰ আছুৱে ৪০ বছৰ আগতে মানি লোৱাৰ দৰেই ১৯৭১ চনৰ ভিত্তি বছৰকলৈয়েই আ!াদিত হৈ থাকিল বুলি বিভিন্ন জনে এতিয়া মন্তব কৰিছে৷ লক্ষ্যণীয় কথাটো হল দেশৰ ভিতৰত কেৱল অসমতে বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন, বাকীবোৰ ৰাজ্যত সেয়া ১৯৫১ চন৷ কাৰণ ১৯৫১ চনতেই প্ৰথম লোকপিয়ল হৈছিল আৰু তথ্যৰ ভিত্তিত এই চনটোকে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে গণ্য কৰা হয়৷

বিদেশী নাগৰিক চিনাক্ৰণৰ ভিত্তি বৰ্ষকলৈ ২০১২ চনৰ নৱেম্বৰ মাহত অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফৰাম, আছামে উচ্ছতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল৷ অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফৰাম, আছামে দাবী কৰিছিল যে অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ পৰিবৰ্তে ১৯৫১ চনহে হ’ব লাগে৷ কিয়নো কেৱল অসমৰ ক্ষেত্ৰতহে নাগৰিকত্ব চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১৷১৯৭১ চনৰ ২৫ মাৰ্চত পাকিস্তানৰ ৰাষ্ট্ৰপতি য়াহায়া খানেৰ নিৰ্দেশত পূব পাকিস্তানত অপাৰেশ্যন চাৰ্জলাইট নামৰ সামৰিক অভিযান চলাৰ সময়ত নিৰীহ লোকৰ ওপৰত অত্যাচাৰ হৈছিল৷ সেনাৰ নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ পূব পাকিস্তানৰ(pakistan) পৰা অসমলৈ বহু লোকে প্ৰব্ৰজন কৰিছিল৷ সেইসকলক বিদেষী হিচাবে গণ্য কৰাৰ উদ্দেশ্যেই আছুয়ে মানি লৈছিল বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন৷ অসম চুক্তি অনুসৰি ১৯৬৬ চনৰ ৰ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চলৈকে অসমত প্ৰৱেশ কৰা পাকিস্তানীক চৰ্ত সাপক্ষে নাগৰিকত্ব প্ৰদানৰো আনকি আন এক ব্যৱস্থা ৰখা হৈছিল৷ কিন্তু সমগ্ৰ ভাৰততে বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৫১ হোৱাৰ বিপৰীতে অসমত আছুৱে মানি লৈছিল ১৯৭১১ ভিত্তি বৰ্ষ৷ ফলত অসমে কমেও ২০ লাখ বাংলাদেশীৰ অতিৰিক্ত বোজা বহুকৰিবলগীয়া হৈছে বুলি বিভিন্ন জনে আলোচনা কৰি আহিছে৷ লক্ষ্যণীয় কথাটো হল দেশত ২ কোটি কোটি অবৈধ বাংলাদেশীয়ে বাস কৰি থকাৰ কথা স্বয়ং চৰকাৰেই স্বীকাৰ কৰি লৈছে৷ এই প্ৰসংগতে উনুকিয়াব পাৰি যে ২০১৬ চনত সংসদৰ মজিয়াত কেন্দ্ৰীয় চৰকাৰে স্বীকাৰ কৰিছিল যে ভাৰতত প্ৰায় দুই কোটি অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীয়ে বাস কৰি আছে ৷ (bangladesh)

সেই সময়ত গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে লিখিত প্ৰশ্নৰ উত্তৰ দি ৰাজ্যসভাক অৱগত কৰিছিল যে, ভাৰতত প্ৰায় ২ কোটি অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীয়ে বাস কৰি আছে৷ ৰিজিজুৱে কৈছিল যে, বৈধ ভ্ৰমণ নথি-পত্ৰ অবিহনে বাংলাদেশী নাগৰিকে দেশত প্ৰৱেশ কৰাৰ তথ্যও পোৱা গৈছে৷ যিহেতু এনে বাংলাদেশী নাগৰিকৰ দেশত গোপনে প্ৰৱেশ কৰিছে সেয়ে বাংলাদেশী নাগৰিকৰ সঠিক তথ্য থকাটো সম্ভৱ নহয়৷ৰিজিজুৰ কথাৰ পৰাই স্পষ্ট হৈছিল যে অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত কোটিৰ ঘৰত বাংলাদেশীয়ে বাস কৰি আছে৷ বিদেশী নাগৰিক চিনাক্ৰণৰ ভিত্তি বৰ্ষ ১৯৭১ ধৰিলেও এয়া অসম তথা সমগ্ৰ দেশৰ বাবেই এক বিপজ্জনক কথা৷ তথ্য অনুসৰি উত্তৰ পূবৰ ত্ৰিপুৰা, মেঘালয়, মিজোৰা আদি ৰাজ্যত বহু বাংলাদেশী লোকে বাস কৰি থকাৰ লগতে অসমত বাকী বাংলাদেশী লোকসকলে বাস কৰি আছে৷ কিন্তু অসমত থকা অবৈধ বাংলাদেশী লোকৰ প্ৰকৃত সংখ্যা আজিলৈকে কোনো এখন চৰকাৰেই নিৰ্ধাৰণ কৰিব নোৱাৰিলে, বিতাড়ণৰ কথাটো বহু দূৰৈতে আছে৷ বাংলাদেশ আৰু ভাৰতৰ মাজত ৪০৯৬ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে৷ ইয়াৰ বহু অংশ অসমৰ সৈতে সংলগ্ন হৈ আছে৷ ২ কোটি বাংলাদেশীয়ে অসম তথা ভাৰতত প্ৰৱেশ কৰাৰ সময়ত সীমান্তত নিৰাপত্তাৰ দায়িত্বতত থকাসকল কত শুই আছিল বুলিও এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ কিন্তু সাধাৰণ ৰাইজে তেনে প্ৰশ্ন কৰিলেও আছুৰ পিনৰ পৰা অৱশ্যে বিষয়টো প্ৰায়েই এৰাই চলিব বিচৰা বুলিহে বহুতে মন্তব্য কৰিছে৷ বাংলাদেশৰ সদ্য অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে ভাৰতৰ গাখীৰ-মিঠৈ সম্পৰ্ক থকাৰ পিছতো ভাৰতত অবৈধভাবে বাস কৰি থকা বাংলাদেশী লোকক কিয় বাংলাদেশলৈ ওভতাই পঠিয়াবলৈ ভাৰতে বাংলাদেশৰ সৈতে কোনো চুক্তি নকৰিলে বুলিও বহুতে এতিয়া প্ৰশ্ন কৰিছে৷ উল্লেখ্য ইউ পি এ চৰকাৰৰ দিনত তদানীন্ত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী শ্ৰীপ্ৰকাশ জয়ছৱালে ২০০৪ চনৰ ১৪ জুলাইত সংসদত এক বিবৃতি দি কৈছিল যে দেশৰ বিভিন্ন প্ৰান্তত ৰ কোটি ২০ লাখৰো অধিক অবৈধ বাংলাদেশীয়ে বাস কৰি আছে৷ সংসদত জয়ছোৱালে কৈছিল যে আনুমানিক ৰ কোটি ২০ লাখ অবৈধ প্ৰব্ৰজনকাৰীৰ ভিতৰত ২০০১ চনৰ ৩১ ডিচেম্বৰলৈকে কেৱল অসমতে ৫০ লাখ বাংলাদেশী আছিল৷

(Prime Minister Sheikh Hasina)একেদৰে পশ্চিম বংগত ৫৭ লাখ বাংলাদেশী আছিল বুলি তেওঁ কৈছিল৷ মন্ত্ৰীগৰাতীৰ এনে মন্তব্যৰ পিছত ৰাজনৈতিক স্তৰত হোৱা প্ৰতিক্ৰিয়াৰ বাবেই শেষত জয়ছোৱালে নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল৷ একাংশ ৰাজনীতিকেই কেৱল ভোটৰ স্বাৰ্থত বাংলাদেশীক বুকুৰ কুটুম কৰি ৰখাৰ কথাও সেই সময়তে পুনৰবাৰ প্ৰমাণ হৈছিল৷ অসম চুক্তিৰ প্ৰায় ৪০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো অসমৰ পৰা মাত্ৰ আঙুলিৰ মূৰত গণিব পৰা বাংলাদেশীকহে বিতাড়ণ কৰা হৈছে৷ তথ্য অনুসৰি অসমৰ বিদেশী ন্যায়াধিকৰণসমূহে ২০২১ চনৰ ৩১ ডিচেম্বৰলৈকে মুঠ ৰ,৪৩,৪৬৬ জন লাঞ্জকক বিদেশী বুলি ঘাঞ্জষণা কৰিছিল৷ কিন্তু ইয়াৰে ভিতৰৰে মাত্ৰ ৩২৯জন লাঞ্জককহে বিতাড়ণ কৰা হৈছিল৷ এই তথ্য তাদনীন্তন কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাৰ মজিয়াত প্ৰকাশ কৰিছিল৷ অথচ বিদেশী ন্যায়াধিকৰণৰ নামত প্ৰতিবছৰে চৰকাৰে কোটি কোটি টকা ব্যয় কৰিছিল ৷ মাত্ৰ তিনিটা বিত্তীয় বৰ্ষতে বিদেশী ন্যায়াধীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুঠ ৬৯ কোটি টকা মাঞ্জকোলাই দিছিল৷ কিন্তু ধন খৰচ হলেও বিদেশীহে বিতাড়ণ নহল৷ উচ্ছতম ন্যায়ালয়ৰ ৰায়কলৈ উল্লাস প্ৰকাশ কৰা আছুৱে কিন্তু এনেবোৰ বিষয়ত নিমাত বুলিও এতিয়া বহুতে চৰ্চা কৰা পৰিলক্ষিত হৈছে৷ লক্ষ্যণীয় কথাটো হল উচ্ছতম ন্যায়ালয়ৰ শেহতীয়া ৰায়কলৈ আছুৱে আনন্দ প্ৰকাশৰ লগতে আত্ম সন্তুষ্টি লভিছে যদিও খোদ অসমৰ মুখ্যমন্ত্ৰী ঞ্জমন্ত বিশ্ব শৰ্মাই আদালতৰ ৰায়ক আদৰণি জনায়ো কৈছে যে তেওঁ এই বিষয়ত সম্পূৰ্ণ সুখী হব পৰা নাই৷ এক কথাত কবলৈ গলে মুখ্যমন্ত্ৰীয়ো শৰ্মায়ো হয়তো বিদেশী নাগৰিক চিনাক্ৰণৰ ভিত্তি বৰ্ষ ১৯৫১১ সলনি ১৯৭১ হোৱাৰ ফলত হব পৰা বিষম পৰিমাণ অনুমাণ কৰিছে বুলি বহুতে এতিয়া আলোচনা কৰা পৰিলক্ষিত হৈছে৷ এনে পৰিস্থিতিৰ মাজতে আছুৰ উল্লাস প্ৰকৃততে কিমান যুক্তিসংগত তাকেলৈয়ো এতিয়া বহুতে প্ৰশ্ন কৰিছে৷

Lawrence Bishnoi: লৰেন্স বিষ্ণোইৰ মুখামুখি হোৱা আৰক্ষীক ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা

Lawrence Bishnoi: লৰেন্স বিষ্ণোইৰ মুখামুখি হোৱা আৰক্ষীক ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা
Lawrence Bishnoi: লৰেন্স বিষ্ণোইৰ মুখামুখি হোৱা আৰক্ষীক ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা

লৰেন্স বিষ্ণোইৰ সন্মুখীন হোৱা আৰক্ষীক এক কোটি এঘাৰ লাখ এঘাৰ হাজাৰ এঘাৰ শ এঘাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে কৰ্ণী সেনাই।(Lawrence Bishnoi)

এনচিপি নেতা তথা বাবা ছিদ্দিকক হত্যা কৰি বলীউডৰ অভিনেতা ছলমান খানক হত্যাৰ ভাবুকি দিয়াৰ পিছৰে পৰা গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ বাতৰিয়ে শিৰোনাম দখল কৰি আহিছে। এতিয়া ইফালে কৰ্ণী সেনাই লৰেন্স বিষ্ণোইৰ মুখামুখি হোৱা আৰক্ষীক ১,১১,১১,১১১/- টকা (এক কোটি এঘাৰ লাখ এঘাৰশ এঘাৰ) টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। আনহাতে কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গোগামেদিৰ হত্যাকাণ্ডৰ গোচৰতো বিষ্ণই গেঙৰ নাম আহিছিল।(Karni Sena)

কৰ্ণী সেনাৰ সভাপতিয়ে মুকলি কৰিলে এটা ভিডিঅ’-

কৰ্ণী সেনাৰ সভাপতি কে ৰাজ শ্বেখাৱটৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত তেওঁ লৰেন্স বিষ্ণয়ৰ সন্মুখীন হোৱা আৰক্ষীক ১,১১,১১,১১১ টকা দিয়া বুলি দাবী কৰিছে। তেওঁ কয়, ‘আমাৰ অমূল্য ৰত্ন আৰু ঐতিহ্য অমৰ শ্বহীদ সুখদেৱ সিং গোগামেডি জীৰ হত্যাকাৰী লৰেন্স বিছনয়ৰ সন্মুখীন হোৱা আৰক্ষীক ক্ষত্ৰীয় কৰ্ণী সেনাই এক কোটি এঘাৰ লাখ এঘাৰ হাজাৰ এঘাৰ শতক টকা দি পুৰস্কৃত কৰিব আৰু সেই সাহসী পুলিচজনৰ পৰিয়ালৰ নিৰাপত্তা আৰু সম্পূৰ্ণ ব্যৱস্থা নিশ্চিত কৰাটোও আমাৰ দায়িত্ব হ’ব। জয় মা কৰ্ণী।(Sukhdev Singh Gogamedi) 

গুজৰাটৰ সাবৰমতী কাৰাগাৰত ভৰ্তি লৰেন্স বিষ্ণোই-

বৰ্তমান লৰেন্স বিষ্ণোই গুজৰাটৰ সাবৰমতী কাৰাগাৰত বন্দী হৈ আছে আৰু জেলৰ পৰা কোনো ভয় নোহোৱাকৈ লৰেন্স বিষ্ণোই প্ৰায় ৭০০ গুণ্ডাক লৈ এটা গেং চলাই আছে। কাৰাবন্দী গেংষ্টাৰ লৰেন্স বিষ্ণই ওৰফে বালকাৰণ ব্ৰাৰৰ বয়স আছিল মাত্ৰ পাঁচ বছৰ যেতিয়া অভিনেতা ছলমান খানৰ সৈতে জড়িত ক’লা হৰিণ চোৰাং চিকাৰৰ গোচৰটো ১৯৯৮ চনত ৰাজস্থানত ‘হম সাথ সাথ হেইন’ৰ শ্বুটিংৰ সময়ত সংঘটিত হৈছিল। এই বিষয়ত বিষ্ণুই জনগোষ্ঠী অতিশয় ক্ষুব্ধ হৈ পৰিছিল।(karni sena announces reward rs 11111111 for gangster lawrence bishnoi encounter)

বহু বছৰৰ পাছতো কাৰাগাৰত থকাৰ পিছতো ছলমানৰ প্ৰতি কুখ্যাত গেংষ্টাৰৰ গভীৰ ক্ষোভ শিৰোনামত অব্যাহত আছে। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ নেতা বাবা ছিদ্দিকীক ছলমানৰ ঘনিষ্ঠ বুলি গণ্য কৰা বাবা ছিদ্দিকী)ক যোৱা সপ্তাহত মুম্বাইত তিনিজন আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰাৰ পিছত বিষ্ণুই গেঙৰ নাম পোহৰলৈ আহিছে। মুম্বাই আৰক্ষীয়ে সন্দেহ কৰিছে যে বিষ্ণয়ৰ নিৰ্দেশত বাবা ছিদ্দিকীক হত্যা কৰা হৈছে, কাৰণ ফেচবুকত এটা পোষ্ট ওলাইছিল, য’ত দাবী কৰা হৈছিল যে যিকোনো ব্যক্তিয়ে ‘ছলমান খান আৰু ডাউদ গেঙক সহায় কৰে’ তেওঁৰ একাউণ্ট নিষ্পত্তি কৰিব লাগে।(Salman Khan)

Indian Navy Welcomed Russian Submarine: ভাৰতীয় নৌসেনাই কোচিত আদৰিলে ৰাছিয়ান ছাবমেৰিন উফাক

Indian Navy Welcomed Russian Submarine Ufa at Kochi
Indian Navy Welcomed Russian Submarine: ভাৰতীয় নৌসেনাই কোচিত আদৰিলে ৰাছিয়ান ছাবমেৰিন উফাক

কোচি, ২২ অক্টোবৰ: সামুদ্ৰিক সহযোগিতাৰ শক্তিশালী প্ৰদৰ্শনত ৰাছিয়াৰ চাবমেৰিন উফা কোচিত উপস্থিত(Russian submarine Ufa docked in Kochi) হোৱাৰ লগে লগে ভাৰতীয় নৌসেনাই চাবমেৰিনখনক উষ্ম আদৰণি জনায়(Indian Navy Welcomed Russian Submarine)।

মঙলবাৰে প্ৰতিৰক্ষা বিভাগৰ এগৰাকী পি আৰ অ’ই(Defence PRO) কয় যে, এই অনুষ্ঠানটোৱে ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষকৈ নৌসেনাৰ সহযোগিতাৰ ক্ষেত্ৰত এক“অদম্য বন্ধুত্ব”ক(Unshakeable friendship) আলোকপাত কৰিছে।

‘এক্স’ৰ এটা পোষ্টত তেওঁ কয় যে, “Russian submarine #Ufa docks at #Kochi, met with a warm welcome by the #IndianNavy. A symbol of the unshakable friendship between India & Russia, maritime cooperation continues to sail strong,”

PM Modi Russia Visit: ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

PM Modi Russia Visit: ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী
PM Modi Russia Visit: ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

নতুন দিল্লী, ২২ অক্টোবৰ: মঙলবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, বিশ্বৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী সম্পৰ্কীয় একাধিক মূল বিষয়ৰ(Global issues and fostering bilateral relations) ওপৰত আলোচনাৰ বাবে ব্ৰিকছ সন্মিলনে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে । ১৬ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে দুদিনীয়া ভ্ৰমণ(PM Modi Russia Visit)ৰ কাৰ্যসূচীৰে ৰাছিয়াৰ কাজান চহৰলৈ যাত্ৰাৰ পূৰ্বে মোদীয়ে এক বিবৃতিৰ জড়ডিয়তে এইদৰে উল্লেখ কৰে।

বিগত বছৰত নতুন সদস্যৰাষ্ট্ৰ সংযোজনৰ ফলত হোৱা ব্ৰিকছৰ সম্প্ৰসাৰণে বিশ্ব উন্নয়নৰ বাবে ইয়াৰ সৰ্বাংগীনতা আৰু এজেণ্ডাক অধিক শক্তিশালী কৰা বুলিও তেওঁ উল্লেখ কৰে।

ৰাছিয়াই আয়োজন কৰা এই সন্মিলন(BRICS Summit in Kazan)ক​ইউক্ৰেইনৰ সংঘাত আৰু পশ্চিম এছিয়াৰ পৰিস্থিতি বৃদ্ধি পোৱাৰ মাজতে অপশ্চিমীয়া শক্তিসমূহে নিজৰ প্ৰভাৱ প্ৰদৰ্শন কৰাৰ এক প্ৰয়াস হিচাপে গণ্য কৰা হৈছে।

ব্ৰিকছ (ব্ৰাজিল-ৰাছিয়া-ভাৰত-চীন-দক্ষিণ আফ্ৰিকা)ৰ মাধ্যমেৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈকো সাজু হৈছে মোদী।

যোৱা বছৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনত গোটটোৰ সম্প্ৰসাৰণৰ পিছত এইখন হ’ব এই গোটৰ প্ৰথমখন শীৰ্ষ সন্মিলন।

‘ভাৰতে বিশ্ব উন্নয়নমূলক কাৰ্যসূচী, সংস্কাৰিত বহুপক্ষীয়তাবাদ, জলবায়ু পৰিৱৰ্তন, অৰ্থনৈতিক সহযোগিতা, স্থিতিস্থাপক যোগান শৃংখল নিৰ্মাণ, সংস্কৃতি আৰু জনসাধাৰণৰ সংযোগ প্ৰসাৰিত কৰা আদি বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে এই সন্মিলনে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে’- ৰাচিা ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী(Prime Minister Narendra Modi)য়ে নিজৰ বিবৃতিটোত এইদৰে উল্লেখ কৰে।

মোদীয়ে লগতে কয় যে, তেওঁৰ কাজান ভ্ৰমণে ভাৰত আৰু ৰাছিয়াৰ মাজত থকা ‘বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব’ক আৰু অধিক শক্তিশালী কৰিব। উল্লেখ্য যে, চলিত বৰ্ষৰ জুলাই মাহত প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰা মস্কো ভ্ৰমণৰ সময়ত ৰাচিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে তেওঁ শীৰ্ষ আলোচনাত মিলিত হৈছিল।

মোদীয়ে বিবৃটিটোত উল্লেখ কৰে যে ২০২৪ চনৰ জুলাই মাহত মস্কোত অনুষ্ঠিত হোৱা বাৰ্ষিক শীৰ্ষ সন্মিলনৰ ওপৰত নিৰ্ভৰ কৰি মোৰ কাজান ভ্ৰমণে ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰিব। ব্ৰিকছৰ আন নেতাসকলকো লগ পাবলৈ আগ্ৰহী বুলিও তেওঁ কয়।

‘এক্স’ৰ এটা পোষ্টত মোদীয়ে উল্লেখ কৰিছিল, শীৰ্ষ সন্মিলনত বিস্তৃত বিষয়ৰ ওপৰত ব্যাপৰ আলোচনা কৰিবলৈ তেওঁ আগ্ৰহী।

২০০৬ চনত চেণ্ট পিটাৰ্ছবাৰ্গত ৰাছিয়া, ভাৰত আৰু চীনৰ নেতাসকলৰ বৈঠকৰ পিছত আনুষ্ঠানিক গোট হিচাপে ব্ৰিক আৰম্ভ হৈছিল।২০১০ চনত দক্ষিণ আফ্ৰিকাক অন্তৰ্ভুক্ত কৰি ব্ৰিকক ব্ৰিকছলৈ সম্প্ৰসাৰণ কৰিবলৈ সন্মত হৈছিল।

যোৱাটো বছৰৰ অন্তৰ্ভুক্তি আছিল ২০১০ চনৰ পিছত সদস্য সম্প্ৰসাৰণৰ প্ৰথমটো প্ৰয়াস।ইয়াৰ নতুন সদস্যসকলৰ ভিতৰত আছিল ইজিপ্ত, ইথিওপিয়া, ইৰাণ আৰু সংযুক্ত আৰব আমিৰেট।

Dhanteras: ধনতেৰাছত সলনি হ’ব মিথুন সিংহ ৰাশিকে ধৰি এই ৪টা ৰাশিৰ ভাগ্য! প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব অগ্ৰগতি

Dhanteras: ধনতেৰাছত সলনি হ’ব মিথুন সিংহ ৰাশিকে ধৰি এই ৪টা ৰাশিৰ ভাগ্য
Dhanteras: ধনতেৰাছত সলনি হ’ব মিথুন সিংহ ৰাশিকে ধৰি এই ৪টা ৰাশিৰ ভাগ্য

ধনতেৰাছৰ দিনা বুধ গ্ৰহৰ ৰাশিৰ ভাগ্য সলনি হ’ব, মিথুন সিংহ ৰাশিকে ধৰি এই ৪টা ৰাশিৰ ভাগ্য সলনি হ’ব, প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে অগ্ৰগতি লাভ কৰিব! ২৯ অক্টোবৰ অৰ্থাৎ ধনতেৰাচত গ্ৰহবোৰে বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশিত প্ৰৱেশ কৰাৰ পিছত বুধ আৰু শুক্ৰৰ সংযোগ হ’ব যিয়ে লক্ষ্মী নাৰায়ণ যোগৰ সৃষ্টি কৰিব।(dhanteras)

(Mercury Transit 2024 Horoscope) জ্যোতিষৰ মতে এইবাৰ ধনতেৰাছৰ উৎসৱ অতি শুভ হ’বলৈ গৈ আছে। ২৯ অক্টোবৰ অৰ্থাৎ ধনতেৰাচত গ্ৰহৰ ৰাজকুমাৰে বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশিত বুধে প্ৰৱেশ কৰি শুক্ৰৰ সৈতে সংযুক্ত হৈ লক্ষ্মী নাৰায়ণ যোগৰ সৃষ্টি কৰিব।(Budh Gochar 2024)বুধ ট্ৰেনজিটে ১২ টা ৰাশিৰ সকলো লোকক প্ৰভাৱিত কৰিব যদিও ৪ টা ৰাশিৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়।(mithun singh tula kumbh rashi can get success of dhanteras)এই ৪ ৰাশিৰ বিষয়ে জানো আহক…

১/ মিথুন ৰাশি
বুধ ৰাশিৰ পৰিৱৰ্তন মিথুন ৰাশিৰ লোকৰ বাবে উপকাৰী হ’ব। ব্যৱসায় কৰা মানুহৰ বাবে সময় অনুকূল হ’ব। দেৱী লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব আৰু আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতিও দেখিব। পাৰিবাৰিক সম্পৰ্ক অধিক মজবুত হৈ পৰিব।

২/ সিংহ ৰাশি
বুধ গ্ৰহে সিংহ ৰাশিৰ লোকৰ বাবে কঢ়িয়াই আনিব ভাল খবৰ। যিসকলে বিনিয়োগ কৰাৰ কথা ভাবিছে তেওঁলোকে কৰিব পাৰে। অর্থনৈতিক পৰিস্থিতি আগতকৈ ভাল হ’ব৷ এই সময়ত বাহনৰ সুখো পাব পাৰে। কাম কৰা মানুহৰ বাবে সময় ভাল হ’বলৈ গৈ আছে। আপোনাৰ বছ আপোনাৰ কামত সুখী হ’ব আৰু আপোনাৰ কামৰ প্ৰশংসাও কৰিব।

৩/ তুলা ৰাশি
তুলা ৰাশিৰ লোকসকলে প্ৰতিটো ক্ষেত্ৰতে অগ্ৰগতিৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকৰ দৰমহা বৃদ্ধি হ’ব পাৰে আৰু পদোন্নতিও হ’ব পাৰে। প্ৰেম জীৱন উন্নত হ’ব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। ব্যৱসায়ীসকলৰ ব্যৱসায় সম্প্ৰসাৰণ হ’ব পাৰে।

৪) কুম্ভ ৰাশি
এই সময়ত কুম্ভ ৰাশিৰ লোকৰ আত্মবিশ্বাস বাঢ়িব পাৰে। যদি কোনো কাম বহুদিন ধৰি বাকী আছিল তেন্তে সেয়া সফল হ’ব। চাকৰিৰ সমস্যাও নাইকিয়া হৈ যাব। নতুন চাকৰি বিচৰা লোকসকলে হয়তো নিজৰ আকাংক্ষিত চাকৰিৰ অফাৰ পাব।(dhanteras will shine luck of mithun singh tula kumbh rashi)

covid 19: কৰণাৰ পৰা সুস্থ হোৱা লোকৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা দুগুণ! শেহতীয়া এক অধ্যয়নত চাঞ্চল্যকৰ তথ্য

covid 19: কৰণাৰ পৰা সুস্থ হোৱা লোকৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা দুগুণ
covid 19: কৰণাৰ পৰা সুস্থ হোৱা লোকৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা দুগুণ

সচাকৈয়ে কৰণাৰ পৰা সুস্থ হোৱা লোকৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা দুগুণ হয় নেকি? শেহতীয়াকৈ এক অধ্যয়নত চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে! কৰ’না ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ বিশ্বকে আগুৰি ধৰিছিল আৰু এতিয়া ইয়াৰ প্ৰভাৱক লৈ নতুন চিন্তাৰ উন্মেষ ঘটিছে।(covid 19)

শেহতীয়াকৈ প্ৰকাশিত এক অধ্যয়নত বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠা লোকৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা দুগুণ হ’ব পাৰে। আমেৰিকাৰ বিজ্ঞানীসকলে কৰা এই অধ্যয়নটো যোৱা সপ্তাহত প্ৰকাশ পাইছিল।(A study revealed sensational facts)

(American scientists)যোৱা সপ্তাহত আমেৰিকাৰ বিজ্ঞানীসকলে শেহতীয়াকৈ প্ৰকাশ কৰা এক অধ্যয়নত কৰ’নাৰ প্ৰথম ঢৌত সংক্ৰমণ হোৱা ১০ হাজাৰ লোকৰ ওপৰত গৱেষণা কৰা হৈছিল। এই লোকসকলক তিনিবছৰ ধৰি অনুসৰণ কৰি দেখা গ’ল যে যিসকল লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল তেওঁলোকৰ হাৰ্ট এটেক, ষ্ট্ৰোক বা মৃত্যুৰ সম্ভাৱনা দুগুণ, তেওঁলোকৰ সংক্ৰমণ ইমানেই ভয়াৱহ আছিল যে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল, এই আশংকা চাৰিগুণলৈ বৃদ্ধি পাইছিল। (people recovered from covid 19 have the risk of heart attack and stroke)

এই বিপদ কেৱল ভেকচিন নোলোৱাসকলৰ বাবে নেকি-
কিন্তু এই অধ্যয়ন ক’ৰ’নাৰ ভেকচিন উপলব্ধ নোহোৱা সময়ৰ পৰাই কৰা হৈছে। কিন্তু তথাপিও ভেকচিনৰ পিছতো কৰ’নাৰ দীৰ্ঘম্যাদী প্ৰভাৱ শৰীৰত কি হ’ব সেই লৈ বিশেষজ্ঞসকলৰ মাজত গুৰুতৰ উদ্বেগ প্ৰকাশ পাইছে। ৰিডিং বিশ্ববিদ্যালয়ৰ অধ্যাপিকা এঞ্জেলা ক্লাৰ্কৰ মতে, ‘হৃদযন্ত্ৰই নিজকে ঠিক কৰিব নোৱাৰে, গতিকে এবাৰ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত ক্ষতিসাধন কৰাটো প্ৰায় অসম্ভৱ।’ লগতে তেওঁ কয় যে হৃদযন্ত্ৰ এটা শক্তিশালী অংগ, যাৰ অৱস্থা অতি বেয়া নোহোৱালৈকে কোনো সংকেত নিদিয়ে।

কৰ’না ভাইৰাছে হৃদযন্ত্ৰত বহু ধৰণে প্ৰভাৱিত কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে এই ভাইৰাছে তেজ জমা হোৱাৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ উপৰিও মায়োকাৰ্ডিটিছ অৰ্থাৎ হৃদযন্ত্ৰৰ প্ৰদাহও কিছুমান ক্ষেত্ৰত দেখা গৈছে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

(how to take care of your heart)নিজৰ হৃদয়ৰ যত্ন কেনেকৈ লব জানেনে-
কিন্তু কৰ’না সংক্ৰমণৰ বেছিভাগ ক্ষেত্ৰতে সামান্য আৰু দীৰ্ঘম্যাদী কোনো সমস্যাৰ সৃষ্টি নহয়। কিন্তু হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ অধ্যাপক ক্লাৰ্কে সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে। তেওঁ কয় যে আপোনাৰ এটা হাৰ্ট আছে যিয়ে আপোনাৰ জীৱনজোৰা কাম কৰিব লাগে, গতিকে ইয়াৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়।