১৩ বছৰ অনুৰ্দ্ধ শাখাত ভৌমিক কিশোৰ ডেকাই ৬ ৰাউণ্ডৰ পৰা ৬ পইণ্ট লাভ কৰি চেম্পিয়ন হয়। সম সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্ট লাভ কৰি আনিশ গোস্বামীয়ে দ্বিতীয় স্থান লাভ কৰে। হৰ্ষ দীপ ডেকা আৰু আৰহান ৰহমান বৰাইও ৫ পইণ্টকৈ লাভ কৰি টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান ঘোষণা কৰে। নীহাৰ দাসে ৪.৫ পইণ্ট লাভ কৰি ১১ বছৰ অনুৰ্দ্ধ শাখাত প্ৰথম স্থান লাভ কৰে আৰু চাণক্য মেধিয়ে ১১ বছৰ অনুৰ্ধ শাখাত ৪ পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে।
৫ ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰি ১৩ বছৰ অনুৰ্ধৰ ছোৱালী শাখাত খিতাপ দখল কৰিবলৈ সক্ষম হয় আমেয়া গুপ্তাই। ঋতিশা মায়ৰা ৰাজবংশীয়ে ৪ পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে। নিষ্ঠা শইকীয়াইও ৪ পইণ্ট লাভ কৰিছিল যদিও টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত তৃতীয় স্থানত ঘোষণা কৰে। প্ৰতিধ্বনি সন্দিকৈ ৩ পইণ্ট সংগ্ৰহ কৰি চতুৰ্থ স্থান লাভ কৰে। ১১ বছৰ অনুৰ্ধৰ ছোৱালীৰ শাখাত ৩ আৰু ২.৫ পইণ্ট লাভ কৰি প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে আৰিয়ানা কাশ্যপ আৰু হৰিপ্ৰিয়া বৰাই।
অনূৰ্ধ্ব-৯ বছৰ লৰা শাখাত সৰস্বত ডেকাই অপৰাজিত হৈ থাকি ৬ ৰাউণ্ডৰ পৰা ৬ পইণ্ট লাভ কৰি চেম্পিয়ন হয়। ৫ পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে প্ৰাচুৰ্য্য চাংমাই। মাহিৰ জৈন আৰু হ্ৰেয়াশ ডেকাইও ৫ পইণ্টকৈ লাভ কৰে যদিও টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান ঘোষণা কৰে। ৭ বছৰ অনুৰ্ধৰ শাখাত ৪ পইণ্টকৈ লাভ কৰি ৰেয়ান নোবিছ আৰু সূৰ্য্যংশু শইকীয়াই প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে।
৯ বছৰ অনুৰ্ধ ছোৱালী শাখাত ৫ ৰাউণ্ডৰ পৰা ৪.৫ পইণ্ট লাভ কৰি চেম্পিয়ন হয় চাৰ্ভি শ্ৰী বৰ্মন। ধান্যতা গোস্বামী আৰু ধানীক্ষা দাস দুয়োজনে ৪ পইণ্ট লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। আব্ৰি নাইলা বৰাই ৩.৫ পইণ্ট সংগ্ৰহ কৰি চতুৰ্থ স্থান লাভ কৰে। চানভি কাশ্যপ আৰু ধান্যতা শৰ্মাই ৩ পইণ্টকৈ লাভ কৰি ৭ বছৰ অনুৰ্ধৰ ছোৱালী শাখাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে।
নিশা ধলাইৰ নৰসিংপুৰত অনুষ্ঠিত হোৱা বৈঠকত তেওঁ এই কথা ঘোষণা কৰে । অমিয় কান্তি দাসে কয়, “মই দীৰ্ঘদিন ধৰি মানুহৰ বাবে কাম কৰি আহিছো। দলটোৰ বাবে কাম কৰাৰ পিছতো দলটোৱে মোৰ অৱদানক উপযুক্ত স্বীকৃতি নিদিলে। গতিকে দল এৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছি। মোৰ উদ্দেশ্য ধলাইবাসীৰ সেৱা কৰা আৰু তেওঁলোকৰ উন্নয়নৰ বাবে কাম কৰা।” তেওঁ কয়, সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত দলৰ শীৰ্ষ নেতৃত্বৰ সিদ্ধান্তৰ সৈতে একমত নহয় । সেই কাৰণেই তেওঁ দলৰ সকলো পদ আৰু সদস্যপদৰ পৰা পদত্যাগ কৰে। অমিয় কান্তি দাসৰ এই সিদ্ধান্তই ধলাই সমষ্টিত ৰাজনৈতিক উত্তেজনা বৃদ্ধি কৰিছে।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে , বিজেপিৰ প্ৰাক্তন নেতাগৰাকীৰ এই পদক্ষেপে উপ-নিৰ্বাচনত নতুন সমীকৰণৰ সৃষ্টি কৰিব পাৰে। ধলাইৰ সাধাৰণ ৰাইজেও এই বিষয়ত বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কোনো কোনোৱে অমিয় কান্তি দাসৰ এই সাহসী পদক্ষেপক সমৰ্থন কৰাৰ বিপৰীতে আন কোনোৱে তেওঁৰ সিদ্ধান্তক সমালোচনা কৰে। তেওঁৰ এই নতুন ভূমিকাই আগন্তুক উপ-নিৰ্বাচনত কি প্ৰভাৱ পেলাব সেয়া হ’ব লক্ষ্যণীয়।
সমষ্টিবাসীৰ মাজতো পৰিচিত শৈলেন্দ্ৰ সৰকাৰক দলটোৰ বহু নেতা-কৰ্মীয়ে প্ৰাক্তন বিধায়ক ফনীভূষণ চৌধুৰীৰ বিকল্প প্ৰাৰ্থী হিচাপে বিচাৰিছিল৷ কিন্তু তেওঁক মনে প্ৰাণে প্ৰাৰ্থিত্ব প্ৰদানৰ সপক্ষে নাছিল প্ৰাক্তন বিধায়ক তথা সাংসদ চৌধুৰী৷ এই কথা শৈলেন্দ্ৰ সৰকাৰে নিজেই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল৷
অগপৰ জ্যেষ্ঠ নেতা চৌধুৰীৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া অভিযোগ আছে যে দলটোত তেওঁৰ সমকক্ষ হ’বলৈ কোনো নেতা-কৰ্মীকে সুবিধা নিদিয়ে৷ যাৰ বাবে এটা সময়ত দলটোৰ লগত জড়িত তথা অগপ নেতাগৰাকীৰ বিশ্বস্ত বুলি পৰিচিত প্ৰভাত বৈষ্ণৱেও দল ত্যাগ কৰিবলগীয়া হৈছিল৷ তাৰ পিছত দল ত্যাগ কৰিছিল আন এগৰাকী অগপ নেতা তথা প্ৰাক্তন পৌৰপতি দীপু চৌধুৰীয়ে৷ দলত যাৰ প্ৰভাৱ ক্ৰমাৎ শক্তিশালী হৈ উঠে তেওঁকেই যেন দল ত্যাগ কৰিবলৈ কূট কৌশল ৰচনা কৰা হয় আৰু এটা সময়ত লাঞ্চনা, বঞ্চনা সহিব নোৱাৰি দল ত্যাগ কৰিবলৈ বাথ্য হৈ পৰে তেওঁলোক৷
পিছে এইবাৰ প্ৰাক্তন বিধাকগৰাকীয়ে সাংসদ নিৰ্বাচিত হোৱাৰ পিছত বঙাইগাঁও অগপৰ লগতে সমষ্টিবাসীয়ে এগৰাকী বিকল্প নেতাক বিধায়ক হিচাপে পাব বুলি তথা একঘেমিয়া পৰিৱেশৰ অন্ত পৰিব বুলি আশা কৰিছিল৷ অন্তত নতুন মুখৰ ব্যক্তিক তথা পৰিয়ালৰ বাহিৰৰ লোকক অগপ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলিয়ে ভাবিছিল৷ পিছে বিধায়ক পদ যোৱাৰ পিছতো পদটো যেন প্ৰাক্তন বিধায়কগৰাকীয়ে নিজৰ ঘৰতে ৰাখিব বিচাৰিলে৷ বিধায়কৰ ক্ষমতাৰ লোভ পোৱা অগপ নেতা চৌধুৰীয়ে সাংসদৰ পদ লাভ কৰাৰ পিছতো যেন সন্তুষ্ট নহ’ল আৰু অধিক ক্ষমতা ধৰি ৰখাৰ চেষ্টাত এইবাৰ নিজৰ পত্নীকে উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে আগবঢ়াই দিলে৷ নিজে আন্ধাৰত থাকি আনৰ দ্বাৰা নিজ পত্নীৰ নাম প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে আগবঢ়াই দিলে যদিও সততে সকলোৰে আগত তথা সংবাদ মাধ্যমৰ আগত প্ৰাৰ্থিত্ব প্ৰদান আৰু প্ৰাৰ্থী নিৰ্বাচনৰ বিষয়ত তেওঁ জড়িত নহয় বুলি মন্তব্য কৰি আহিছে৷
ইপিনে প্ৰাৰ্থিত্বক লৈ বঙাইগাঁও অগপ দুটা ভাগত বিভক্ত হৈ পৰে৷ এটা ভাগে সাংসদ পত্নীক সমৰ্থন কৰাৰ বিপৰীতে আনটো ভাগে জিলা অগপৰ সম্পাদক শৈলেন্দ্ৰ সৰকাৰৰ পক্ষত ঠিয় দিয়ে৷ লগতে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক কোনো পধ্যে সমৰ্থন কৰে বুলি ৰাজহুৱাভাৱে শৈলেন্দ্ৰ সৰকাৰে মন্তব্য কৰে৷ আনকি সাংসদ চৌধুৰীয়ে নিজ পত্নীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে ভিতৰেদি উঠি পৰি লগাৰ অভিযোগ কৰি তেওঁক যদি প্ৰাৰ্থিত্ব প্ৰদান কৰা নহয় তেতিয়া হ’লে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰাত বঙাইগাঁও জিলা অগপৰ লগতে কেন্দ্ৰীয় নেতৃত্বৰ মাজতো হাহাকাৰ লাগে৷ যাৰ বাবে অগপ দলত সৃষ্টি হোৱা প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ মষিমূৰ কৰাৰ লগতে দলটোৰ নেতা-কৰ্মীসকলৰ বিসম্বাদৰ পৰিসমাপ্তিৰ বাবে কেন্দ্ৰীয় নেতৃত্বই চেষ্টা চলায়৷
প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আঁতৰাই দুয়োটা গোটক একত্ৰিত কৰি দলটোক শক্তিশালী ৰূপত ৰখাৰ বাবে যোৱা বুধবাৰে বঙাইগাঁৱত কেন্দ্ৰীয় সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তসহ কেইগৰাকীও নেতা উপস্থিত হৈ দুয়ো পক্ষৰ সৈতে আলোচাত মিলিত হৈ সংঘাতৰ অৱসানৰ চেষ্টা চলায়৷ লগতে অগপত কোনো বিসম্বাদ নাই বুলি কৈ সকলো ঠিক হৈ যাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল৷ কিন্তু সেই প্ৰচেষ্টা যে কোনো কামত নাহিল তাৰ শেহতীয়া প্ৰমাণ জিলা সমিতিৰ সভাপতি- সম্পাদককে আদি কৰি দলটোৰ বিভিন্ন পৰ্যায়ৰ ৩৬গৰাকী বিষয়ববীয়াই নিজ পদবী তথা প্ৰাথমিক সদস্য পদৰ পৰা কৰা পদত্যাগ৷ জিলা অগপৰ সভাপতি আৰু সম্পাদক শৈলেন্দ্ৰ সৰকাৰে কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা নিজৰ পদত্যাগ পত্ৰত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সাংসদ ফনীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিৰোধিতা কৰি দলীয় পদবী তথা প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰে৷ সেইদৰে পদত্যাগ কৰা দলৰ বিভিন্ন পৰ্যায়ৰ আন ৩৪গৰাকী দলীয় নেতা-কৰ্মীয়েও একেই কাৰণ উল্লেখ কৰিছে৷ পদত্যাগ কৰাসকলৰ মাজত অগপৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি তিলক নাৰায়ণ দেৱ, বঙাইগাঁও টাউন (দক্ষিণফাল) সমিতিৰ সভাপতি খৰ্গেশ্বৰ ৰায়, সম্পাদক মতীন সৰকাৰ, ঢালিগাঁও আঞ্চলিক সমিতিৰ সভাপতি গৌৰীশংকৰ বৰ্মন, ছিপছিলা আঞ্চলিক সমিতিৰ সভাপতি বিষ্ণু ৰাম মেধি, সম্পাদক বিষ্টু ৰাম নাৰ্জাৰী, চোকাপাৰা আঞ্চলিক সমিতিৰ সম্পাদক বিনয় ৰায়, কান্দুলিমাৰী সমিতিৰ সম্পাদক তৰণী কান্ত ৰায়, ২৪নং ৱাৰ্ডৰ হীৰু বাগদী আদি আছে৷
তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে এই অখিলঞ্জীয়া লোকসকলে(Agricultural Land of Indigenous Peoples) খিলঞ্জীয়া মানুহৰ কৃষিভূমি ভয় ভাবুকিৰে দখল কৰাত খিলঞ্জীয়া লোকসকল প্ৰাণৰ শংকাত কৃষি ভূমি এৰি থৈ আহিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে।