Home Blog Page 530

Love Jihad Land Jihad: বিশেষ সম্প্ৰদায়ে লাভ জেহাদৰ লগতে ভূমি জেহাদৰ জৰিয়তে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে : পল্লৱ শইকিয়া

Love Jihad Land Jihad: বিশেষ সম্প্ৰদায়ে লাভ জেহাদৰ লগতে ভূমি জেহাদৰ জৰিয়তে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে : পল্লৱ শইকিয়া
হিন্দু যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পল্লৱ শইকীয়া

শিলচৰ, ২১ অক্টোবৰ : অসমত এটা বিশেষ সম্প্ৰদায়ে লাভ জেহাদৰ লগতে ভূমি জেহাদৰ জৰিয়তে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে। হিন্দু যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পল্লৱ শইকীয়াই এই মন্তব্য কৰিছে।হিন্দু যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত দেওবাৰে শিলচৰ গান্ধী ভৱনত হিন্দু সন্মিলন আৰু আলোচনা সভা অনুষ্ঠিত হয়। আলোচনা সভাত বিশিষ্ট ব্যক্তিসকলে ‘জিহাদ আগ্ৰাসন, প্ৰকৃতি আৰু প্ৰতিকাৰ’ বিষয়ত ভাষণ দিয়ে। লগেত হিন্দু যুৱ পৰিষদৰ(Hindu Yuva Parishad) কেন্দ্ৰীয় সভাপতি পল্লৱ শইকীয়াই জেহাদৰ আগ্ৰাসন, প্ৰকৃতি আৰু প্ৰতিকাৰৰ ওপৰতো বক্তব্য আগবঢ়ায়।

তেওঁ কয় যে, বৰ্তমান অসমৰ এটা বিশেষ সম্প্ৰদায়ৰ(Special Communities) ৰাইজে লাভ জেহাদৰ লগতে ভূমি জেহাদৰ(Love Jihad Land Jihad) জৰিয়তে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে। অসমত লাভ জেহাদৰ সৈতে ভূমি জেহাদৰ সমস্যা এতিয়া জটিল হৈছে৷

হিন্দু যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পল্লৱ শইকীয়া

লাভ জেহাদৰ বাবে ভুক্তভোগী হিন্দু ছোৱালী-বোৱাৰী যথেষ্ট ক্ষতিৰ সম্মুখীন হ’ব লগা হৈছে৷ তেওঁ হিন্দু যুৱ সমাজক জেহাদৰ আগ্ৰাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিৰোধ গঠন কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, বাঙালী, অসমীয়া(Assamese), হিন্দীভাষী লোকসকলক একত্ৰিত হৈ জেহাদৰ বিৰুদ্ধে থিয় দিবলৈ অনুৰোধ জনায়।তেওঁ কয়, মুছলমান পুৰুষে মিছা অভিনয় কৰি হিন্দু মহিলাক বিবাহৰ বাবে প্ৰলোভিত কৰি আছে, যাতে তেওঁলোকক ইছলাম ধৰ্ম গ্ৰহণ কৰি ভাৰতত হিন্দুৰ ওপৰত মুছলমানৰ আধিপত্য নিশ্চিত কৰা হয়।

অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই(Dr. Himanta Biswa Sarma) এই জেহাদসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও হিন্দু সমাজক এই ক্ষেত্ৰত সজাগ হোৱাৰ সময় হৈছে বুলি উল্লেখ কৰে তেওঁ।

এইদিনা এই উপলক্ষে আলোচনা সভাত বিশিষ্ট সমাজসেৱী শিৱানী গাংগুলী, হিন্দুত্ববাদী নেতা অসিত চক্ৰৱৰ্তী, পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰঞ্জু নাথ, সাধাৰণ সম্পাদক দীপজ্যোতি দুৱাৰা, প্ৰচাৰ সম্পাদক উজ্জ্বল তামুলী, সমাজসেৱক বাসুদেৱ ভট্টাচাৰ্য আদিয়ে ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত উত্তৰানয়ন সাংস্কৃতিক সংস্থাসহ বিভিন্ন সংগঠনৰ শিল্পীসকলে সমবেত সংগীত আৰু নৃত্য পৰিৱেশন কৰে।

17th Inter District Wrestling Championship 2024: গুৱাহাটীত সামৰণি পৰিল ১৭ সংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ

গুৱাহাটীত সামৰণি পৰিল ১৭ সংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ
17th Inter District Wrestling Championship 2024: গুৱাহাটীত সামৰণি পৰিল ১৭ সংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ

(17th Inter District Wrestling Championship 2024)ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত মল্লযুঁজক সুদৃঢ়ভাবে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ১৯ অক্টোবৰৰ পৰা অসম মল্লযুঁজ সন্থাৰ উদ্যোগত গুৱাহাটীৰ ডিটিআৰপি ষ্টেডিয়ামত আয়োজন কৰা সদৌ অসম আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতাৰ ২০ অক্টোবৰত সফল সামৰণি পৰে৷ সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য৷

নিজৰ ভাষণত ৰাজ্যপাল লক্ষ্মণ আচাৰ্যই প্ৰত্যহিক জীৱনত খেলৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে৷ ৰাজ্যপালগৰাকীয়ে কয়– পূৰ্বে পঢ়িলে শুনিলে হৈছিল মহাৰাজ, এতিয়া খেলিলেও হয় মহাৰজা৷ ৰাজ্যপাল লক্ষ্মণ আচাৰ্যই এনে মন্তব্যৰ জড়িয়তে বৰ্তমান সময়ত খেল-ধেমালিৰ গুৰুত্ব কিমান বৃদ্ধি পাইছে আৰু খেলো যে জীৱিকাৰ এক মাধ্যম হব পাৰে সেই কথাই বুজাবলৈ প্ৰয়াস কৰে৷ (Assam Wrestling Association)

ৰাজ্যপালগৰাকীয়ে আগতে খেলৰ গুৰুত্ব কম আছিল, কিন্তু এতিয়া খেলৰ গুৰুত্ব বৃদ্ধি পাইছে বুলিও কয়৷ সামৰণি অনুষ্ঠানত ৰাজ্যপালৰ উপৰি অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, সাংসদ দিলীপ শইকীয়া, অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ,প্ৰণৱ জোতি লহকৰ, অসম মল্লযুঁজ সন্থাৰ উপ-সভাপতি অভিজিত নাথ, অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ৰাজীৱ শৰ্মাকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয়- খেল-ধেমালিয়ে নৱ প্ৰজন্মক ড্ৰাগছৰ দৰে ভয়াৱহ আসক্তিৰ পৰা দূৰত ৰাখিব পাৰে৷ সামৰণি অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মাই কয় উত্তৰাখণ্ডৰ পিছত অসমত হোৱাৰ সম্ভাৱনা থকা ৰাষ্ট্ৰীয় গেমছৰ বাবে অসমৰ ১১ গৰাকী মল্লযোদ্ধাক সাজু কৰি তোলাৰ অৰ্থে প্ৰশিক্ষণ দিবলৈ অসম চৰকাৰে দায়িত্ব গ্ৰহণ কৰিব৷ (Wrestling Federation of India)

সেই ১১ গৰাকী খেলুৱৈৰ ভিতৰত গোলাঘাটৰ ২গৰাকী, লখিমপুৰৰ এগৰাকী, কোকৰাঝাৰৰ ২গৰাকী, শোণিতপুৰৰ ২ গৰাকী, গুৱাহাটীৰ ৰগৰাকী, কাৰ্বি আংলঙৰ ৰগৰাকী আৰু ডিমা হাচাওৰ ২গৰাকী খেলুৱৈ আছে৷ মল্লযুঁজক খেল মহাৰণৰ অন্তৰ্ভুক্ত কৰা হব বুলিও শৰ্মাই প্ৰকাশ কৰে৷ অসমৰ পৰা হেৰাই যোৱাৰ উপক্ৰম ঘটা মল্লযুঁজক পুনৰুজ্জীৱিত কৰাৰ বাবে ৰাতুল শৰ্মাৰ দৰে ব্যক্তিসকলে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে সাংসদ দিলীপ শইকীয়াকে ধৰি অন্যান্যসকলে৷ (Assam Wrestling Association President Ratul Sharma)

১৯ অক্টোবৰৰ পৰা আৰু ২০ অক্টোবৰলৈ চলা এই প্ৰতিযোগিতা শনিবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিছিল ৷প্ৰতিযোগিতাখনত ৰাজ্যৰ ৩০ খন জিলাৰ পৰা খেলুৱৈৱে অংশগ্ৰহণ কৰে৷ (nehru stadium guwahati)গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত সপ্তদশ আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতা অনুষ্ঠিত চেম্পিয়নশ্বিপৰ উদ্ধোধনী অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টি, হাৰিয়ানা প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, অসম চৰকাৰৰ মহাধিবক্তা তথা অসম মল্লযুঁজ সন্থাৰ মুখ্য ন্যায়িক উপদেষ্টা দেৱজিৎ ল’ন শইকীয়া, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক, পল্লৱলোচন দাস, পূৱ গুৱাহাটী আৰু নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আৰু ৰূপক শৰ্মা, গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ অশোক ভড়ালী, অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক উজ্জ্বল বৰুৱাকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তি সকলৰ উপস্থিত আছিল৷ প্ৰতিযোগিতা সুকলমে সম্পন্ন কৰাৰ বাবে খেলুৱৈ আৰু সমষ্টি সকলোকে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মাই৷ (17th Inter-District Wrestling Competition at Indore Stadium)

Bongaigaon AGP: দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হ’লে মোৰ ভাবমূৰ্তি ম্লান পৰিব- বঙাইগাঁৱত সাংসদ ফণীভূষণ চৌধুৰী

Bongaigaon AGP: দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হ'লে মোৰ ভাবমূৰ্তি ম্লান পৰিব- বঙাইগাঁৱত সাংসদ ফণীভূষণ চৌধুৰী
দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হ'লে মোৰ ভাবমূৰ্তি ম্লান পৰিব : বঙাইগাঁৱত সাংসদ ফণীভূষণ চৌধুৰী

বঙাইগাঁও, ২১ অক্টোবৰঃ মই কেতিয়াও সপোনোতো ভবা নাছিলোঁ যে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত(By Blection) আমাৰ দলৰ প্ৰাৰ্থী মোৰ পৰিবাৰ দীপ্তিময়ী চৌধুৰী(Diptimoy Chowdhury) হ’ব৷ কিন্তু কোনে এই নামটো উলিয়ালে সেইটো গৱেষণা কৰিবলগীয়া কথা হৈছে মোৰ কাৰণে৷ কাৰণ আপোনালোকে মোক ভাল পায়, শ্ৰদ্ধা কৰে৷

কিন্তু মোৰ পৰিবাৰৰ নামটো ওলোৱাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হলো মই৷ যিটো বিষয়ত মই অজ্ঞাত, যি বিষয় মই নাজানো, যিটো বস্তু মই কেতিয়াও ভবা নাছিলো এই কথাটোৱে হৈ হ’ল৷ তাৰ কাৰণে আজি মই কিছুমানৰ মনত আৰু কিছুমানৰ মাজত এলাগী হৈ গৈছো৷ এই মন্তব্য বঙাইগাঁও(Bongaigaon AGP) বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বৰপেটা লোকসভা সমষ্টিৰ অগপ দলৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phani Bhusan Choudhury)৷

দেওবাৰে বঙাইগাঁও অগপ কাৰ্যালয়ত অনুষ্ঠিত এখন দলীয় সাধাৰণ সভাত সাংসদ চৌধুৰীয়ে এইদৰে কয়৷ উল্লেখ্য, শেতীয়াভাৱে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানকলৈ অগপ দলত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে চূড়ান্ত ৰূপ লোৱাৰ ফলত আচম্বিতে দলটোৰ বঙাইগাঁও বিধান পৰিষদৰ সভাপতি বিজয় সিংহ, সম্পাদক তথা প্ৰাৰ্থিত্বৰ প্ৰৱল দাবীদাৰ শৈলেন্দ্ৰ সৰকাৰসহ বহুকেইজন নেতা- কৰ্মীয়ে শনিবাৰে দলত্যাগ কৰাৰ ফলত দলৰ ভিতৰ চ’ৰাত উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকামিলা কৰাৰ বাবে তথা দলীয় শৃংখলা আৰু সাংগঠনিক দিশ অটুত ৰখাৰ স্বাৰ্থত দেওবাৰে দলটোৱে ততাতৈয়াকৈ এখন তদৰ্থভিত্তিক বঙাইগাঁও বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে৷

মোৰ পৰিবাৰৰ নামটো ওলোৱাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’লোঁ মই : ফণীভূষণ চৌধুৰী

দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ৰ সঞ্চালনাত অনুষ্ঠিত সাধাৰণ সভাত প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি দলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়টো আলোচনা হয়৷ অগপ দলৰ লগতে মহিলা পৰিষদ, যুৱ পৰিষদৰ নেতা-কৰ্মীসকল উপস্থিত থকা সভাত বিভিন্নজনে দলৰ পৰা ওলাই যোৱা সকলক সমালোচনা কৰাৰ লগতে দলত থকাসকলে আগন্তুক সময়ত দলটোক অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত কাম কৰি যাবলৈ সকলো দলীয় কৰ্মীকে আহ্বান জনায় ৷

সভাত দলটোৰ ১৯ খন আঞ্চলিকে সাংসদ পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী উত্থাপন কৰে৷ সেইদৰে ২৪ অক্টোবৰত অগপ দলৰ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰণেও সিদ্ধান্ত গ্ৰহণ কৰে৷ সভাত সৰ্বসন্মতভাবে অশোক নাৰায়ণ দেৱক সভাপতি, হেমন্ত ৰায়, লীনা সিংহ, মনোৰঞ্জন চৌধুৰী,শিবেন সৰকাৰ আৰু নিতেশ্বৰ ৰায়ক উপ সভাপতি, কিৰণ বৰ্মন আৰু শশীভূষণ মেধী সাধাৰণ সম্পাদক, পলাশ শাস্ত্ৰী, সুশান্ত দত্ত, বিকাশ পাঠক,হিমাংশু মহন্ত, বিকাশ ঘোষ, গোপাল কীৰ্তনীয়া আৰু পৰমেশ্বৰ শৰ্মাক সহঃসম্পাদক, নিৰ্মল চৌধুৰী আৰু ম়ণ্ময় নাথক তথ্য, প্ৰচাৰ আৰু প্ৰযুক্তি বিভাগৰ সম্পাদক, বিপুল চৌধুৰী আৰু ৰবি সৰকাৰক বিত্ত বিভাগৰ সম্পাদক, মণ্টুমোহন ৰায়, প্ৰণৱ চৌধুৰী আৰু বক্তিয়াৰ ৰহমানক সাংগঠনিক সম্পাদক, ৰছিদুল আহমেদ আৰু ধনঞ্জয় ৰায়ৰ কাৰ্যালয় সম্পাদক, নিৰেন চন্দ্ৰ দাসক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, মুকুল বৰুৱাক কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য তথা আন ৪৪ জনক কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ মুঠ ৭০ জনীয়া বঙাইগাঁও বিধান পৰিষদৰ তদৰ্থ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়৷

এই তদৰ্থ সমিতিখন কেন্দ্ৰিয় সমিতিৰ পৰা অনুমোদন জনাই আনিব বুলিও সভাৰ সভাপতি তথা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে অৱগত কৰে৷ ইপিনে সভাত উপস্থিত থকা অগপৰ জ্যেষ্ঠ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰীয়ে নিজৰ বক্তব্যত কয় যে তেওঁৰ পৰিবাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আটাইতকৈ তেওঁ বেছি ক্ষতিগ্ৰস্ত হ’ব৷ সেয়ে যদিহে পাৰে তেওঁক ক্ষতিগ্ৰস্ত হোৱাৰ পৰা মুক্তি দিয়ক৷ দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হলে ভাল পাম আৰু আন কোনোবা হলে বেয়া পাম এইটো নহয়৷

পাৰিলে আন প্ৰাৰ্থী চাবলৈকো কয়৷ লগতে তেওঁ দীপ্তিময়ী চৌধুৰীৰ নামটো যিসকলে প্ৰাৰ্থী হিচাপে উলিয়াছে আৰু সমৰ্থন জনাইছে সেইসকলৰ প্ৰতি আবেদন জনাই কয় যে অকল নামটো উলিয়াই দিলেই বা প্ৰাৰ্থিত্ব প্ৰদান কৰিলেই তথা প্ৰাৰ্থিত্ব প্ৰদানৰ পৰিৱেশ এটা সৃষ্টি কৰিলেই আপোনালোকৰ দায়িত্ব শেষ হৈ নাযায়৷

বৰং আপোনালোকৰ দায়িত্বৰ আৰম্ভণিহে হৈছে৷ মই আশা ৰাখিম বঙাইগাঁও সমষ্টিত অগপৰ যিটো ভেঁটি তথা যিটো দুৰ্গ বুলি আমি অসমৰ ৰাইজৰ আগত পৰিচিত সেই ভেঁটিটো অক্ষত ৰাখিব লাগিব৷ মই নিৰ্বাচনত যিমান ভোট লাভ কৰিছিলো তাতোকৈ এটা হলেও যাতে দীপ্তিময়ী চৌধুৰীয়ে বেছি ভোট লাভ কৰে সেই চিন্তাটো কৰক৷ তেতিয়াহে মই শান্তি পাম বুলিও কয়৷ তেওঁ সভাত কয় যে মোৰ ৩৮ টা বছৰৰ কাৰ্যকালত যিসকলক আটাইতকৈ বেছি সহায় কৰিলো, সুবিধা প্ৰদান কৰিলো সেইসকল তেওঁৰ ওচৰৰ পৰা আতৰি গৈ আছে৷ এই দলটো নেথাকিলে সেইসকল ব্যক্তিৰ আজিৰ যিটো অৱস্থা হৈছে হয়তো নহ’লহেতেন৷

অগপ দলৰ বাবেহে তেওঁলোকে আজিৰ অৱস্থা পাইছে৷ তেওঁ পদত্যাগ কৰা দুই এজন ব্যক্তিৰ নাম উল্লেখ নকৰাকৈ এইদৰে কৈ সমালোচনা কৰে৷ আনহাতে সভাৰ অন্তত সাংসদ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এতিয়াও যিহেতু প্ৰাৰ্থী ঘোষণা হোৱা নাই সেয়ে আমি অহা ২৪ অক্টোবৰতহে মনোনয়ন পত্ৰ দাখিল কৰিম৷ লগতে আমি যিহেতু অগপ দলে অকলে নিৰ্বাচন খেলা নাই সেয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে আমি যি তিনিটা ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ আছো সেই মিত্ৰ দলৰ এখন সভা অনুষ্ঠিত হ’ব আৰু সভাত এখন নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰা হ’ব৷

সেই নিৰ্বাচন পৰিচালনা সমিতিখনে নিৰ্বাচনটো পৰিচালনা কৰিব৷ সভাত যিহেতু অগপৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি আৰু সম্পাদকে পদত্যাগ কৰিছে সেয়ে দলটোৰ এখন তদৰ্থ সমিতি গঠন কৰা হয়৷ অশোক নাৰায়ণ দেৱক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে৷ জিলা সভাপতি আৰু সম্পাদকে পদত্যাগ কৰাৰ পিছত দলটো কিমান শক্তিশালী হ’ব বা দুৰ্বল হ’ব বুলি সাংবাদিকে সোধাক কয় যে মানুহৰ মনত হাতীটো আছে৷

মানুহৰ মনত আঞ্চলিকতাবাদ আছে৷ গতিকে মই ভাবো যে আমাৰ দলত যিসকল আছে সেইসকলে বিষয়টো প্ৰত্যাহ্বান হিচাপে লৈছে আৰু দলটো পূৰ্বতকৈ আৰু অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ কাৰণে এই সভাৰ জৰিয়তে সংকল্পবদ্ধ হৈছে৷ মই ভাবো যে দলটো আৰু অধিক শক্তিশালী হ’ব৷ কাৰণ মানুহৰ মনত যেতিয়া প্ৰত্যাহ্বান আহি যায় তেতিয়া সাধাৰণ পৰিৱেশত বেলেগ হয় আৰু প্ৰত্যাহ্বানৰ পৰিৱেশত বেলেগ হয়৷ সেয়ে পদত্যাগৰ বিষয়টোক যিহেতু প্ৰত্যাহ্বান হিচাপে লৈছে সেয়ে দলটো শক্তিশালী হ’ব৷

আনহাতে দীপ্তিময়ী চৌধুৰীৰ প্ৰাৰ্থিত্ব নিশ্চিত নেকি বুলি সাংবাদিকে সোধাত সাংসদ চৌধুৰীয়ে কয় যে মই দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হ’ব লাগে বুলি কেতিয়াও কোৱা নাই আৰু এতিয়াও কোৱা নাই৷ বৰং মই সভাত স্পষ্ট ভাষাত কৈছো যে দীপ্তিময়ী চৌধুৰীৰ নামটো কেনেকৈ আহিল এইটো গৱেষণা কৰিবলগীয়া কথা হৈছে৷ ৰাইজৰ মাজৰ পৰা নামটো আহিছে আৰু তেওঁলোকৰ এটাই লক্ষ্য যে দীপ্তিময়ী চৌধুৰীক পালে আমি ফণীভূষণ চৌধুৰীক পাম৷ এইটো যুক্তিতে তেওঁলোকে দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থী হিচাপে বিচাৰি আছে৷ দীপ্তিময়ী চৌধুৰী যে বিৰাট শিক্ষিত বা বিৰাট যোগ্য সেই কথাটোত মোৰ দ্বিমত আছে৷ প্ৰাৰ্থিত্বৰ কথাটোত মহিলা পৰিষদ, যুৱ পৰিষদ বা আমাৰ দলৰ যিসকল কৰ্মীয়ে দীপ্তিময়ী চৌধুৰীক বিচাৰি আছে তেওঁলোকৰ এটাই কাৰণ আৰু সেইটো হ’ল দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হোৱাটো তেওঁলোকৰ আচল লক্ষ্য নহয়৷

তেওঁলোকৰ লক্ষ্য হৈছে ফণীভূষণ চৌধুৰীক আমি পাম, ফণীভুষণ চৌধুৰীয়ে বিধায়ক হিচাপে আমাৰ কামবিলাক কৰিব পাৰিব আৰু এইটোৱে তেওঁলোকৰ একমাত্ৰ লক্ষ্য৷ লগতে সেই লক্ষ্য লৈয়ে তেওঁলোকে আগবাঢ়িছে৷ তেওঁ যদিওবা ৰাইজে দীপ্তিময়ী চৌধুৰীক সমৰ্থন জনাইছে তথাপিতো নিৰ্বাচনী প্ৰাৰ্থী বাচনি সমিতিয়ে প্ৰতিবেদন কেন্দ্ৰীয় সমিতিক দিয়াৰ পিছত প্ৰাৰ্থীৰ নাম চূড়ান্ত হ’ব বুলি কয়৷ লগতে কাইলৈ বা পৰহিৰ ভিতৰত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলিও কয়৷ ইপিনে দলৰ পৰা যিকলে পদত্যাগ কৰিছে তেওঁলোকৰ শুভবুদ্ধি উদয় হওক বুলি কৈ কয় যে তেওঁলোকে যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অভিযোগ আনিলে তাৰ কাৰণে দীপ্তিময়ী চৌধুৰীৰৰ নামটো কৰ পৰা উচ্চাৰিত হ’ল, কোনে আনিলে, কিয় এই পৰিৱেশটো হ’ল তাৰ সত্যসত্যতা তেওঁলোকে নিৰূপণ কৰক৷ লগতে এই ক্ষেত্ৰত ফণীভুষণ চৌধুৰী জড়িত আছো নে নাই ইয়াৰ সত্যসত্যতাও তেওঁলোকে নিৰূপণ কৰক বুলিও অগপ নেতা চৌধুৰীয়ে তেওঁলোকলৈ আহ্বান জনায়৷

তেওঁ আৰু কয় যে পদত্যাগ কৰাসকল দললৈ ঘুৰি অহাৰ প্ৰতি তেওঁৰ আহ্বান থাকিব, কিন্তু এনেকুৱাও দুই চাৰিজন আছে যিসকল পদত্যাগ কৰাই নাই৷ চোকাপাৰাৰ তিনিজন, নিত্য সৰকাৰ বুলি আন এজনে দলৰ পৰা পদত্যাগেই কৰা নাই৷ অথচ তেওঁলোকো পদত্যাগ কৰা বুলি নাম দিছে৷ নিত্য সৰকাৰক সভালৈ মাতিছিল যদিও কি সভা আছিল নাজানে৷ সভাত চহী কৰিছিল আৰু সেইটো পদত্যাগ কৰা বুলি উলিয়াই দিছে৷ আনহাতে পদত্যাগী সম্পাদক শৈলেন্দ্ৰ সৰকাৰে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বিচৰা নাই আৰু দীপ্তিময়ী চৌধুৰীৰ সলনি আন ব্যক্তি প্ৰাৰ্থী হলে তেওঁ দলত থাকিব বুলি কৰা মন্তব্য সন্দৰ্ভত জ্যেষ্ঠ অগপ নেতাগৰাকীয়ে কয় যে মই নিজেও কৈছো আন প্ৰাৰ্থী হওক৷ কাৰণ মানুহে সঁচা কথাটো উপলব্ধি কৰিব পৰা নাই আৰু বুজা নাই৷

মই এতিয়াও কৈছো যে মোৰ যিটো বদনাম হৈছে আৰু মানুহে মোক বদনাম কৰিছে যে মই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰি আছো বুলি, আচলতে পৰিয়ালকেন্দ্ৰিকটো মই কৰা নাই৷ সেই কাৰণে সভাত কৈছো যে এতিয়াও প্ৰাৰ্থিত্বৰ বিষয়টো চিন্তা কৰক আৰু যদি আন কোনোবা এজন প্ৰাৰ্থী পায় চাওক৷ এই কথাটো আজিয়ে নহয় এমাহ ধৰি মই কৈ আহিছো৷ কিন্তু শৈলেন্দ্ৰ সৰকাৰে আজি কৈছে৷ মই এজন তৃতীয় প্ৰাৰ্থী উলিয়াবলৈ কৈছিলো৷

কিন্তু পৰিৱেশটো এনেকুৱা হৈ গ’ল যে এতিয়া আৰু সেই পৰিৱেশটো ঘুৰাই আনিব পৰাৰ সময় নাই৷ এটা সুযোগ আছিল যদিও কোনোবাই হেৰুৱালে৷ সাংসদগৰাকীয়ে কয় যে এই ঘটনাৰ দ্বাৰা তেওঁৰ ভাৱমূৰ্তিক ম্লান পেলাব আৰু মই নিজে জানো ম্লান পৰিব৷ মই সভাত সেয়ে দলীয় কৰ্মীসকলক কৈছো যে আপোনালোকে মোক বদনামি কৰাই দিলে৷ মই পত্নী দীপ্তিময়ী চৌধুৰীৰ প্ৰাৰ্থিত্ব বিচৰা নাছিলো, আপোনালোকেহে বিচাৰিছিল৷ গতিকে মই যে দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থী হিচাপে বিচৰা নাছিলো বৰং আপোনালোকে বিচৰাৰ বাবেহে যে মই বাধ্য হ’বলগীয়া হৈছে এই কথাটো ৰাইজক বুজাওক৷

বেলেগ সমষ্টিত বুজাব নালাগে৷ অন্তত বঙাইগাঁও সমষ্টিৰ প্ৰতিগৰাকী ভোটাৰক বুজাওক যে দীপ্তিময়ী চৌধুৰী ফণীভূষণ চৌধুৰীৰ প্ৰাৰ্থী নহয়৷ দীপ্তিময়ী চৌধুৰী তেওঁলোকৰ প্ৰাৰ্থী বুলিহে বুজাবলৈ দলীয় কৰ্মীসকলক সভাত আহ্বান জনোৱা বুলিও কয়৷ তেওঁ কয় যে নিৰ্বাচনৰ সময়ত এনেকুৱা পৰিস্থিতি হয়ে৷ ১৯৮৫ চনত যেতিয়া মই প্ৰথম বিধায়ক হৈছিলো তেতিয়াও ইয়াত আন প্ৰাৰ্থী ওলাইছিল৷ তাৰ পিছত সাতটা কাৰ্যকালত ওলোৱা নাছিল যদিও কিছুমান মানুহৰ মাজত চিন্তা থাকে যে মই প্ৰাৰ্থী হ’ব পাৰিলে ভাল আছিল বুলি৷ কিন্তু তেওঁৰ জনপ্ৰিয়তাৰ লগত যেতিয়া মোৰ জনপ্ৰিয়তাটো ৰিজাই চায় তেতিয়া সাহস নকৰে ৷ যেনেকৈ প্ৰভাত বৈষ্ণৱে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব বিচাৰিছিল৷ তেতিয়া মই কৈছিলো যে তেওঁক কেৱল বঙাইগাঁৱৰ মানুহেহে জানে৷

গতিকে যদি প্ৰাৰ্থী হ’ব বিচৰা তেতিয়াহলে আমাৰ লগত ঘুৰা- ফিৰা কৰ যাতে লোকসভা সমষ্টিৰ মানুহে চিনি পায়৷ আজি এই কথাটো তেওঁ না কৰিব, কিন্তু এই কথাটো মই তেওঁক কৈছিলো৷ উল্লেখ্য, অগপ দলত সৃষ্টি হোৱা এই সংঘাতকলৈ বিৰোধী দলসমূহৰ মাজত ব্যাপক চৰ্চা চলিছে৷ আনকি আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অগপ দলত ঘটা এই সংঘাতে বিৰোধী দলক লাভাম্বিত কৰিব পাৰিব বুলিও আশা কৰিছে৷ লগতে এইবাৰৰ উপ নিৰ্বাচনতো অগপৰ কিছু ভোট আন দলৰ প্ৰাৰ্থীলৈ যাব পাৰে বুলিও বিভিন্নজনে শংকা প্ৰকাশ কৰিছে ৷ কাৰণ সাংসদ পত্নীৰ প্ৰাৰ্থিত্বকলৈ অগপৰ বহু দলীয় নেতা-কৰ্মীয়ে অসন্তুষ্ট যদিও বাহিৰত কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷ সেয়ে কিছু ভোট আন দলৰ প্ৰাৰ্থীয়ে লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷

সেইদৰে মিত্ৰদল বিজেপিয়ে ইতিমধ্যে ২০২৬ চনৰ নিৰ্বাচনত বঙাইগাঁও সমষ্টি নিজৰ দখললৈ নিয়াৰ বাবে ভিতৰি ভিতৰি ব্লুপ্ৰিণ্ট ৰচনা কৰি দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ বাবে উঠি পৰি লাগিছে৷ এনে অৱস্থাত অগপ দলত সংঘাত হোৱা মানে বিজেপি লাভাম্বিতহে হ’ব৷ কাৰণ ২৬’ত বিজেপিয়ে অগপক বঙাইগাঁও সমষ্টি এৰি দিয়ে নে নিদিয়ে বা দুই দলৰ মাজত মিত্ৰতা হয় নে নাই এতিয়াই ক’ব নোৱাৰি৷ গতিকে অগপৰ দুৰ্গখ্যাত বঙাইগাঁও সমষ্টিটো পৰৱৰ্তী সময়ত অগপৰ দখলতে থাকে নে আন দলৰ দখললৈ যায় সেয়ে সময়তহে স্পষ্ট হ’ব৷

Mission Basundhara 3.0:অসমত মিছন বসুন্ধৰা ৩.০ আৰম্ভ

Mission Basundhara 3.0:অসমত মিছন বসুন্ধৰা ৩.০ আৰম্ভ
ৰাজ্যৰ ভূমিপুত্ৰ হিচাপে অনুসূচিত জাতি, অনুসূচিত জনজাতি, আদিবাসী, চাহ জনজাতি আৰু গোৰ্খাসকলে ৩টা ›প্ৰজন্মৰ বংশ ›নিৰ্মাণ কৰাৰ ›প্ৰয়োজন নহ’'ব : মুখ্যমন্ত্ৰী

গুৱাহাটী, ২১ অক্টোবৰ: জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদানৰ উদ্দেশ্যে আৰু কেতবোৰ নতুন সেৱাৰ অন্তৰ্ভুক্তিৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Dr Himanta Biswa Sharma) দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মিছন বসুন্ধৰা ৩.০ৰ(Mission Basundhara 3.0) আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। আনহাতে জৰুৰীকালীন অৱস্থাত নিৰৱচ্ছিন্ন যোগাযোগ আৰু প্ৰয়োজনীয় সহযোগিতাৰ বাবে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ(Revenue and Disaster Management Department) বিষয়া, কৰ্মচাৰীসকলক প্ৰজেক্ট চি ইউ জিৰ(Project CUG) অধীনত চিম কাৰ্ড বিতৰণ কৰাৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পুননিৰ্মাণ আৰু মেপসমূহ জনসাধাৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰে।(Srimanta Sankardev Kalakshetra)

তদুপৰি পঞ্জীয়ন বিহীন আৰু ঐচ্ছিক পঞ্জীয়নযুক্ত নথি-পত্ৰসমূহৰ বাবে ডিজিটেল ব্যৱস্থাৰে সংৰক্ষণ কৰা ডিজিটেল ডাইৰেক্টৰীৰ উপৰি স্বমিত্ব আঁচনিৰ অধীনত জৰীপ নোহোৱা অনা-জৰীপ (এন চি) গাঁৱৰ ভূমি বন্দৱস্তিৰ বাবে আন এক প’ৰ্টেলো শুভাৰম্ভ কৰে। মৌজাদাৰসকলৰ কাৰ্যালয়সমূহক প্ৰযুক্তিগত উন্নয়নৰ বাবে ১ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য আনুষ্ঠানিকভাৱে বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য, মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে মিছন বসুন্ধৰা ২.০ৰ অধীনৰ অধিক স্পষ্টতাৰ বাবে স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা, নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়াম হাৰত একচনীয়া পট্টাৰ ম্যাদীকৰণ, পূৰ্বৰ গ্ৰাম্য কিন্তু পৰৱৰ্তী কালত নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলীস্বস্ত থকা ৰায়তক মালিকীস্বত্ব প্ৰদান, বন্দৱস্তি নোহোৱা পূৰ্বৰ ভূদান/গ্ৰামদান ভূমিৰ বন্দৱস্তি প্ৰদান, প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন, চাহ অনুদান/গ্ৰাণ্ট ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন ক্ৰমে পট্টা প্ৰদান, তদুপৰি মিছন বসুন্ধৰা ২.০ৰ অধীনৰ সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন, দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান (গ্ৰামাঞ্চল) আৰু খিলঞ্জীয়া লোকক কফি, চাহ, ৰবৰ খেতিৰ বাবে ব্যৱহাৰ কৰি থকা ভূমিৰ পট্টন সেৱা জনসাধাৰণৰ বাবে মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে উপলব্ধ হ’ব।

এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই মিছন বসুন্ধৰা ৩.০ শুভাৰম্ভ হোৱা আজিৰ দিনটো আনন্দ আৰু স্মৰণীয় দিন বুলি অভিহিত কৰে। তেওঁ কয় যে ক’ভিডৰ পৰিৱেশৰ মাজত বৰ্তমানৰ ৰাজ্য চৰকাৰে দায়িত্ব গ্ৰহণ কৰিছিল আৰু সেই সময়ছোৱাত উন্নয়নৰ কথা কোৱাটো এক অলীক কল্পনা আছিল। প্ৰতিকূল পৰিৱেশৰ মাজতো ৰাজহ সংস্কাৰৰ দিশত যুগান্তকাৰী পদক্ষেপ লোৱাৰ বিষয়ে আলোচনা কৰা হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে ২০২১ চনৰ ২ অক্টোবৰত মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ আৰম্ভ হৈছিল।

মিছন বসুন্ধৰা ১.০ত ৮,১৩,৯৮১ খন ভূমি সংক্ৰান্তীয় আৱেদন নিষ্পত্তি কৰা হৈছিল। প্ৰথম পৰ্যায়ত উত্তৰাধিকাৰী সূত্ৰে নামজাৰী, দলিলসূত্ৰে নামজাৰী, বিবাদহীন বাটোৱাৰা, একচনীয়া পট্টাৰ পৰা ম্যাদী পট্টালৈ পৰিৱৰ্তন, এবিঘাতকৈ কম ভূমিক কৃষি ভূমিৰ পৰা অকৃষিভূমিলৈ পৰিৱৰ্তন, ৰাজহ নথিৰ পৰা দখল স্বত্ব নথকা পট্টাদাৰৰ নাম কৰ্তন, ম্যাদী পট্টাৰ আবণ্টন পত্ৰ, লিগেছি ডাটাৰ অদ্যৱধিকৰণ আৰু পট্টাদাৰৰ মোৱাইল নম্বৰ সংলগ্নকৰণ সেৱাক সামৰি লোৱা হৈছিল।

এই সেৱাসমূহ সাধাৰণ আৰু নিত্যনৈমিত্তিক আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ত প্ৰায় ১২ লাখ লোকে আৱেদন কৰিছিল। নিজৰ অনুভৱ ব্যক্ত কৰি তেওঁ কয় যে চৰকাৰ আৰু জনসাধাৰণৰ মাজত এটা বিশাল ব্যৱধান আছে আৰু যিবোৰ কাৰণত সাধাৰণ সেৱাসমূহ জনসাধাৰণে আশা কৰা ধৰণে ল’বলৈ আগবাঢ়ি অহা নাই। তেওঁ লগতে কয় যে ভূমিৰ তথ্যসমূহত উন্নতীকৰণ হোৱা নাছিল আৰু চৰকাৰে ভূমিৰ বিনিয়মত পাবলগীয়া ৰাজহ আহৰণ কৰিব পৰা নাছিল।

এনে প্ৰেক্ষাপটত বিবাদবিহীন ভূমিসমূহ লাহে লাহে বিবাদৰফালে গতি কৰিছিল। মিছন বসুন্ধৰা ২.০ৰ আৰম্ভণিতে প্ৰযুক্তিৰ প্ৰয়োগৰ জৰিয়তে মানুহে যাতে ভূমিৰ অধিকাৰ বিবাদবিহীন ভাৱে ভোগ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা লোৱাৰ দিশত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে কাজিৰঙাত এই সন্দৰ্ভত আলোচনা কৰা হৈছিল। এই আলোচনাত ভূমি ব্যৱস্থাৰ আধুনিকীকৰণৰ দিশত অগ্ৰণী ৰাজ্য কৰ্ণাটকৰ বিষয়াসকলে অংশ লৈছিল। এনে প্ৰস্তুতিৰ পটভূমিতে ২০২২ চনৰ ১৪ নৱেম্বৰত মিছন বসুন্ধৰা ২.০ আৰম্ভ কৰা হৈছিল বুলি তেওঁ কয়।

মিছন বসুন্ধৰা ২.০ৰ অধীনত ডিজিটেল মাধ্যমেৰে সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন, দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান, একচনা পট্টাৰ ভূমি চৰকাৰীকৰণ ক্ৰমে পট্টন, খিলঞ্জীয়া লোকক চাহ, কফি, ৰবৰ আদি বিশেষ খেতিৰ বাবে ভূমি পট্টন, গাঁৱলীয়া চৰণীয়া পথাৰ, বৃত্তিগত চৰণীয়া পথাৰত পূৰ্বে আবণ্টন প্ৰাপ্ত, সংস্থাপিত উপযুক্ত লোকক ভূমি পট্টন দিয়া হৈছিল। তেওঁ লগতে কয় যে এই সংস্কৰণত জনজাতীয় সম্প্ৰদায়ৰ লোকক বংশানুক্ৰমে ভোগ দখল কৰি থকা ভূমিৰ সেৱা আগবঢ়োৱা হৈছিল। ১৫ বিঘা মাটিতকৈ অধিক মাটি পট্টা লাভ কৰাটো সম্ভৱ নাছিল বাবে জনজাতীয় লোকসকলে মাটিৰ পট্টাৰ বাবে চেষ্টা কৰা নাছিল বুলিও তেওঁ কয়।

জনজাতীয় সংগঠনসমূহৰ সৈতে আলোচনা কৰি জনজাতীয় লোকসকলৰ বাবে চিলিঙৰ সীমাবদ্ধতা ৫০ বিঘালৈ বৃদ্ধি কৰা হৈছিল যাতে অসমৰ ভূমিপুত্ৰ সকলে চৰকাৰীভাৱে মাটিৰ অধিকাৰী হ’ব পাৰে।

মিছন বসুন্ধৰাৰ লক্ষ্য হ’ল যোগ্যজনে মাটিৰ পট্টা লাভ কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে কয় যে যিকোনো মানুহে ভূমিৰ অধিকাৰ লাভ কৰিবলৈ হ’লে ১৯৫১ চনত অসমত থকাৰ প্ৰমাণ দিব লাগিব। মিছন বসুন্ধৰা ২.০ৰ আটাইতকৈ ডাঙৰ সফলতা আছিল যে ২,২৯,৬৫৯ জনক ভূমিৰ আবণ্টন দিয়া হৈছিল।

ইয়াৰ ৮৪ শতাংশ অনুসূচিত জনজাতি, অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু এম অ’ বিচিৰ অন্তৰ্গত খিলঞ্জীয়া আছিল বুলিও তেওঁ কয়। ইয়ে প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ পিছত খিলঞ্জীয়া লোকৰ বাবে মাটিৰ অধিকাৰ দিয়া শ্লোগানক যুক্তিসংগত প্ৰক্ৰিয়াৰ মাজলৈ লৈ আহিবলৈ ৰাজ্য চৰকাৰে সক্ষম হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সেই পদক্ষেপক খিলঞ্জীয়া লোকসকলে আদৰণী জনাইছিল আৰু চাহ জনগোষ্ঠী, আদিবাসী, গোৰ্খা জনজাতিসকলৰ শংকা নিৰাময় কৰাৰ আশ্বাস প্ৰদান কৰা হৈছিল।

মিছন বসুন্ধৰা ২.০ত ১৯৫১ চনৰ প্ৰমাণপত্ৰ থকাৰ প্ৰয়োজনীয়তা থকা বাবে বহু আৱেদন নিষ্পত্তিবিহীনভাৱে পৰি ৰৈছিল। মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা ২.০ৰ অধীনত ব্ৰহ্মপুত্ৰ উপত্যকাত ৩ লাখ বিঘা আৰু বৰাক উপত্যকাত ১,২১৪ বিঘা মাটি আবণ্টন দিয়া হৈছিল।

মিছন বসুন্ধৰা ১.০ আৰু মিছন বসুন্ধৰা ২.০ ৰ জৰিয়তে লাভ কৰা অভিজ্ঞতাক সমাহিত কৰি মিছন বসুন্ধৰা ৩.০ অসমৰ ৰাইজলৈ আগবঢ়াই দিয়া হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে তৃতীয় সংস্কৰণৰ বাবে কেইবাখনো আইনৰ সংশোধন, কেইবাটাও প্ৰযুক্তিৰ প্ৰয়োগ আৰু চৰকাৰী নিৰ্দেশনাৰ পৰিৱৰ্তনৰ জৰিয়তে ৰাজ্য চৰকাৰে মিছন বসুন্ধৰা ৩.০ৰ ফালে আগবাঢ়িছিল।

অসম বিধান সভাত চাৰিখন আইনৰ সংশোধন কৰিবলগীয়া হৈছিল বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে ১৯৫১ চনত যিসকল লোকৰ অসমত জন্ম হৈছিল আৰু নিৰন্তৰভাৱে তিনিটা প্ৰজন্ম অসমত আছে, তেওঁলোক মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত হ’ব। এই সন্দৰ্ভত প্ৰথমে যি নীতি লোৱা হৈছিল সেই নীতিৰ আধাৰত আজিও চৰকাৰখনে কাম কৰি গৈছে।

ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা কেইটামান জনগোষ্ঠীক আঁতৰাই ৰাখিব বিচৰা হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অনুসূচিত জনজাতি, অনুসূচিত জাতি, অসমৰ চাহ জনজাতি, আদিবাসী আৰু গোৰ্খা জনগোষ্ঠীৰ কোনো লোকে ১৯৫১ চনৰ জন্মৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজন নাই।

১৯৭১ চনৰ আগত যিসকলৰ বৈধ শৰণাৰ্থীৰ প্ৰমাণপত্ৰ আছে তেওঁলোকে মিছন বসুন্ধৰাত আবেদন কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তদুপৰি মিছন বসুন্ধৰা ৩.০ৰ অধীনত ২০২১ চনৰ ১ অক্টোবৰৰ পূৰ্বে গ্ৰাম্য অঞ্চলত ৩ বছৰৰ অধিক আৰু চহৰ অঞ্চলত ১০ বছৰ অধিক চৰকাৰী ভূমিত শিক্ষানুষ্ঠান, ধৰ্মীয় প্ৰতিষ্ঠান আৰু আৰ্থ-সামাজিক প্ৰতিষ্ঠানে ব্যৱহাৰ কৰি আছে তেনে প্ৰতিষ্ঠানক গ্ৰামাঞ্চলত প্ৰতি বিঘাত ৫০০ টকা আৰু চহৰাঞ্চলত ৫০ হাজাৰ টকাত চৰকাৰী ভূমি আবণ্টনৰ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

যি সমূহ ভূমি দাতাই শিক্ষানুষ্ঠান বা অন্যান্য অনুষ্ঠানলৈ পূৰ্বতে ভূমি দান কৰিছিল সেইসমূহ ভূমিৰ সন্দৰ্ভত যোৱা ১২ বছৰৰ ভিতৰত কোনো ধৰণৰ আপত্তি কৰা নাই সেই ভূমিদাতাৰ নাম ভূমি তথ্যৰ পৰা আঁতৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ভূদান বা গ্ৰামদান মাটিত বসতি স্থাপন কৰি থকা লোকসকলকো ভূমি বন্দোবস্তিৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। স্বমিত আঁচনিৰ অধীনত জৰীপ নোহোৱা অনাজৰীপ (এন চি) গাঁৱৰ ভূমি মাটিৰ বন্দোৱস্তি আৰম্ভ কৰা হ’ব।

কেডাষ্ট্ৰেল গাঁও হিচাপে অধিসূচনা কৰা লখিমপুৰ আৰু ধেমাজি জিলাৰ ৩০খন গাঁৱত আজিৰে পৰা ভূমি বন্দোৱস্তিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে নগৰাঞ্চলসমূহত বহু লোকক মাটিৰ পট্টা দিয়াৰ পিছতো প্ৰিমিয়ামৰ বাবে মাটিৰ সুবিধা গ্ৰহণ কৰিব পৰা নাই। প্ৰিমিয়াম প্ৰদানৰ বাবে বিভিন্ন সুবিধা দিয়া হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে জনসাধাৰণে এই ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ কথা অৱগত কৰিছিল আৰু এই দিশত চৰকাৰে বিবেচনা কৰাৰ বাবেও আশ্বাস প্ৰদান কৰিছিল।

জনসাধাৰণৰ প্ৰিমিয়ামৰ বোজা লাঘৱ কৰাৰ বাবে নগৰাঞ্চলৰ লোকসকলে মাটিৰ পট্টা পাবৰ বাবে অট্টালিকা থকাসকলে পূৰ্বৰ ১০০ শতাংশৰ পৰা হ্ৰাস কৰি ১০ শতাংশ প্ৰিমিয়াম প্ৰদান কৰিব লাগিব বুলি তেওঁ কয়। আনহাতে অসম আৰ্হিৰ ঘৰ থকাসকলে পূৰ্বৰ নিৰ্ধাৰিত ৩০ শতাংশ প্ৰিমিয়ামৰ পৰিৱৰ্তে আঞ্চলিক মূল্যাংকন ৩ শতাংশ দিব লাগিব।

অট্টালিক থকা মানুহে মাটি ক্ৰয়-বিক্ৰয় কৰিব লাগিলে আঞ্চলিক মূল্যাংকন ৪০ শতাংশ আৰু অসম আৰ্হিৰ ঘৰ থকা মানুহে মাটি ক্ৰয়-বিক্ৰয় কৰিব লাগিলে ২৭ শতাংশ পঞ্জীয়নৰ সময়ত দিব লাগিব। মিছন বসুন্ধৰা ২.০ৰ জৰিয়তে যিসকলে আবণ্টন পাইছিল তেওঁলোকৰ পৰাই এই ব্যৱস্থা কাৰ্যকৰী হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়াৰে পৰা ভূমি উপদেষ্টা সমিতিৰ বৈঠক সমজিলা ভিত্তিক হ’ব।

মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ একচনীয়া ভূমিসমূহক শৃংখলিত কৰিলে দালালৰাজ বন্ধ হৈ পৰিব। এইবাৰ এক শতাংশ প্ৰিমিয়ামেৰে একচনীয়া মাটি ম্যাদী কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে লগতে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে সময়ৰ বুকুত মিছন বসুন্ধৰা ৩.০ অসমৰ জনসাধাৰণৰ ভূমি আৰু পৰিচয় সুৰক্ষিত কৰাৰ বাবে লোৱা এক দৃঢ় পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰ’ব।

২০২১ চনৰ পৰা ৰাজ্য চৰকাৰে লোৱা প্ৰচেষ্টাই ৰাইজক ভূমি অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত, ভূমি সংস্কাৰৰ ক্ষেত্ৰত অসমত এটা স্বৰ্ণিল যুগৰ সূচনা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ৰাজ্য চৰকাৰে প্ৰযুক্তিৰ সহযোগত দুবছৰৰ ভিতৰত অসমৰ ভূমি ৰাজহ প্ৰশাসন ব্যৱস্থাটোত কৰা ভূমি সংস্কাৰ ভাৰতৰ ভিতৰতেই উৎকৃষ্ট হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইটোৱে হৈছে মিছন বসুন্ধৰাৰ ডাঙৰ সফলতা।

এই সময়খিনিত অসমৰ ইতিহাসত ভূমিৰ ক্ষেত্ৰত এক স্বৰ্ণিল ইতিহাসলৈ ৰূপান্তৰিত হ’ব। মিছন বসুন্ধৰাৰ সমাপ্তিৰ পিছত ৰাজ্য চৰকাৰে লেণ্ড পাছ বুক ব্যৱস্থালৈ লৈ যাবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

এই অনুষ্ঠানত শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, হস্ততাঁত আৰু বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, মুখ্য সচিব ড০ ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব এ কে তিৱাৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব জে বি এক্কা, দক্ষতা বিকাশ বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, ৰাজহ বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব কে কে দ্বিবেদী, ভূমি লেখা আৰু জৰীপ বিভাগৰ সঞ্চালক ড০ ওমপ্ৰকাশ, বি এছ এন এলৰ মুখ্য মহাপ্ৰৱন্ধক ৰূপা পাল চৌধুৰী, ষ্টক হল্ডিং ক’ৰ্পৰেচন লিমিটেডৰ উপাধ্যক্ষ শশী কান্ত নায়ক প্ৰমুখ্যে অসম চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

Drama Kathfula: আব্দুল মালিকৰ গল্পৰে বৰ্ণমৰ ‘কাঠফুলা’

Drama Kathfula: আব্দুল মালিকৰ গল্পৰে বৰ্ণমৰ ‘কাঠফুলা’
আব্দুল মালিকৰ গল্পৰে বৰ্ণমৰ ‘কাঠফুলা’

গুৱাহাটী, ২১ অক্টোবৰ: চৈয়দ আব্দুল মালিকৰ গল্পৰ(Drama Kathfula) মজা আৰু মোহ পূৰামাত্ৰাই ৰক্ষা কৰি পৰিচালক কুশল ডেকা আগবাঢ়িছে। মঞ্চত দেখা নাটকখন গল্পটোত সোমাই আছিল। গল্পত কোৱা কাহিনীটোৱে নাটকখনৰ পৰিৱেশ সহিতে সেই মজা আৰু মোহ সংস্থাপন কৰিছে।

মূল গল্পত মালিকে(Storyteller Syed Abdul Malik) লিখিছিল, “সমুখৰ পৰা অহা ছায়াটো প্রায় মমতাজৰ সমুখেই পালেহি। সিও যেন কিবা এটা ভাবি আহিছিল।

হঠাৎ মমতাজৰ ওচৰ পাই, হতভম্ব হোৱাৰ দৰে সেই আন্ধাৰৰ ছায়া মূৰ্তিটো আলিটোৰ একাষলৈ গ’ল। মূৰ্তিটো কাষলৈ যোৱা দেখি পিছফালৰ পৰা আক্ৰমণ কৰে বুলি লগে লগে মমতাজো ঘূৰিল।

মূৰ্তিটো ৰৈ দিলে। মমতাজো ৰ’ল। মূৰ্তিটোলৈ মমতাজে ভালকৈ চালে, পাতল আন্ধাৰত দেখিলে- মূৰত ওৰণি লোৱা এজনী তিৰোতা৷ মমতাজৰ কিন্তু প্রত্যয় নগ’ল। বহুত গুণ্ডাই এনেকৈ তিৰোতাৰ ভেশ ধৰি বাটত উপদ্ৰৱ কৰে।

মমতাজ ঘূৰিব খুজিলে, কিন্তু ভয় হ’ল জানোচা ঘূৰিলেই তাক পিছফালৰ পৰা হঠাৎ আক্ৰমণ কৰে। সাহস গোটাই মমতাজ মূৰ্তিটোৰ অলপ কাষ চাপি গ’ল। মূৰ্তিটো একে ঠাইতে থিয় দি থাকিল।” এই বৰ্ণনাৰ ন্যায়সংগত প্রয়োগ পৰিচালকে কৰিছে।

নাটকৰ বাবে আমোদ সৃষ্টি কৰিবলৈ গৈ ছায়া আৰু এন্ধাৰৰ মৰ্ম পাহৰি নোযোৱা পৰিচালক কুশল ডেকাই(Director Kushal Deka) যিমানখিনি details অটুট ৰাখিছে, যিমানখিনি ধীৰগতি অক্ষুণ্ণ ৰাখিছে সেয়ায়েটো মালিকৰ গল্প পঢ়াৰ আনন্দ।

মূৰত ওৰণি লৈ ওলোৱা সেই মূৰ্তিটো আছিল বেদানা নামৰ এগৰাকী ছোৱালীৰ৷ অসহায় ছোৱালীজনীক মমতাজে নিজৰ অকলশৰীয়া কোঠালৈ লৈ আহিল। মলিন; অপৰিষ্কাৰ কোঠাটোত বেদানাৰ আশ্ৰয় সম্ভৱ কৰি তুলিলে মমতাজে।

কৌমাৰৰ জীৱনৰ এটা এটা শ্ৰমক্লান্ত নিশা কটাব পৰাকৈ ব্যৱহৃত এই কোঠাটোত লাহে লাহে পোহৰ, চাবোন, কাপোৰ, চৌকা, বজাৰ আদিৰ প্রৱেশ ঘটিল।

একো সম্পৰ্কৰে মমতাজে বান্ধি পেলোৱা নাছিল বেদানা নামৰ এই ছোৱালীজনীক তথাপি খাকী পোছাক পিন্ধি ওলাই যোৱা মমতাজক হাতত আলকাতাৰাৰ দাগ লগাই ৰাতি ঘৰ সোমোৱা দেখি, শুবৰ পৰত মজিয়াত নামাজ পঢ়ি শুই থকা দেখি বিছনাখনৰ পৰা অকলে বেদানাই এটা মৰ্ম-সংবেদী সম্পৰ্ক মনে মনে গঢ়ি আছিল।

এইযে মমতাজ আৰু বেদানাৰ চিনাকি-অচিনাকি, ৰুদ্ধ-উন্মুক্ত, উদাসীন-দায়বদ্ধ চৰিত্ৰৰ পৰা আপোন এক স্থিতিলৈ বাঢ়ি অহা মহূৰ্তবোৰ নয়নজ্যোতি শইকীয়া আৰু প্রাচী শৰ্মাৰ অভিনয়ত সৰৱ আৰু সবল হৈ পৰা দৃশ্য আছিল। তেনে দৃশ্যৰ নিপুণ খনিকৰ কুশল ডেকা।

এদিন মমতাজৰ বেমাৰ হয়। বেমাৰ চোৱা ডাক্তৰ আহে। ডাক্তৰে বেদানালৈ এক আৱাহনী প্ৰণয় দেখুৱায়। এই প্রণয়ৰ ৰং বেদানাৰ বাবে মমতাজৰ দায়িত্বশীল প্রেমতকৈ যেন বেছি হৈ পৰিল।

বেদানা ডাক্তৰৰ হৈ গ’ল। মালিকে লিখিছে, “কাৰখানাৰ পৰা পৰা উলটি আহোতে তাৰ ঘৰৰ ফালৰ পৰা এখন মটৰ তাৰ কাষেদি লাহে লাহে পাৰ হৈ গ’ল। সি চকু তুলি দেখিলে ডাক্তৰৰ লগত বেদানা! আকৌ সি খোজ ল’লে।

তাৰ ঘৰৰ বন্ধ দুৱাৰখনৰ মুখত কাহানিবাই মাটি লৈৰে লিখা নামটো সি এবাৰ পঢ়িলে- “বেদানা” তাৰ বুকুৰ মাজৰ পৰা এটা হমুনিয়াহ ওলাই আহিল। হেঁচা মাৰি দুৱাৰখন মেলি সি ভিতৰলৈ সোমাই গ’ল। প্রথমতে সি যেন তাৰ ভিতৰখনত একো নেদেখিলে৷

সি চকীখনতে বহি পৰিল। এবাৰ বেদানাই সামৰি থৈ যোৱা বিছনাখনৰ ফালে চালে।” এই যে সংবেদনশীলতাৰে মূৰ্তমান একোটা বিৱৰণ মূল গল্পটোত পঢ়িবলৈ পোৱা যায়; পৰিচালক কুশল ডেকাই তাৰেই নিৰ্মাণ কৰিছে অনাহক মেদ মুঠেই নৰখাকৈ।

যাৰ বাবে চফুৰ (তপন গোস্বামী), ডাক্তৰ (মিলন দাস) মদন (খঞ্জন বৰা), শ্রমিক (দীপাংকৰ বৰা) এই চৰিত্ৰকেইটিও সাময়িক উপস্থিতিৰে অতি গভীৰ স্থিতি দেখুৱাই থৈ যাব পাৰিছে। মঞ্চত মমতাজৰ মলিন কোঠা, কোঠাৰ ভিতৰত ইকৰাৰ বেৰ-বিছনা, জলঙাৰে বিভাজিত দুটা কোঠা ইত্যাদিৰ উপস্থাপনত কুশল ডেকা সম্পূৰ্ণৰূপে মালিকৰ visualization তেই আছে।

ৰং-পোহৰৰ অৰ্থবহ প্রয়োগ, সংগীত-অভিনয়ৰ সুষম মিশ্ৰণ পূৰামাত্রাই ভাল লগা আছিল। আজিৰ পৰা ৫০-৬০ দশক পূৰ্বৰ এটি গল্পৰ নাট্যৰূপ দিবলৈ গৈও সময়ৰ মৰ্যাদা ম্লান হ’বলৈ নিদিলে কুশল ডেকাই।

ভাব-ভংগীৰ ব্যাপকতাৰ বিপৰীতে মূল গল্পৰ দ্বন্দ্ব পাৰদৰ্শিকতাৰে আঁকিছে পাণ্ডুলিপিখনিয়ে৷ প্ৰতীকী মঞ্চসজ্জাৰূপে ব্যৱহৃত কাঠফুলাৰ বৰণৰ যেন কঠন আৰু অনুভৱ স্পষ্ট হৈ গৈ আছিল। বেদানা আৰু ডাক্তৰৰ মাজত বাঢ়ি অহা আকৰ্ষণ কাঠফুলা সদৃশ যে আছিল তাকো অতি সুখ-মুগ্ধ পৰিচালনাৰে বুজাইছে।

অসমৰ সমসাময়িক নাট্যচৰ্চাত বিশ্বনাথ চাৰিআলিৰ নাট্যগোষ্ঠী বৰ্ণমে এইদৰে অতি উচ্চমানৰ আৰু সন্মানীয় নাটক পৰিৱেশন কৰি আহিছে। আব্দুল মালিকৰ গল্পৰ সাৰ্বজনীনতা অক্ষুণ্ন ৰাখি এই শতিকাৰ দৰ্শকৰ বাবে নাট্যৰূপ দিবলৈ গৈ কুশল ডেকাই সময়ৰ অভিৰুচি আওকাণ কৰা নাই।

নাট্যশিল্পী অসীম নাথৰ নেতৃত্বত ছিপাঝাৰত গঢ় লৈ উঠা চৰ্চাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহত প্ৰথম নিশাৰ প্ৰথমখন নাটক হিচাপে বৰ্ণমৰ ‘কাঠফুলা’ নিমন্ত্ৰিত হৈছিল। এই সমাৰোহখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰি ‘কাঠফুলা’ নাটকখনিয়ে এইবেলি চৰ্চাৰ বাবে আশাবাদ প্রতিষ্ঠা কৰিলে ছিপাঝাৰৰ নাটপ্রেমী সমাজত।

লোখকঃ হিল্লোল কুমাৰ পাঠক (Hillol Kumar Pathak)

Cyclone Dana: কালী পূজাৰ আগে আগে আহি আছে ডানা !

Cyclone Dana: কালী পূজাৰ আগে আগে আহি আছে ডানা !
Cyclone Dana: কালী পূজাৰ আগে আগে আহি আছে ডানা !

নিউজ ডেস্ক, ২১ অক্টোবৰঃ কালি পূজাৰ পূৰ্বে দক্ষিণ বংগ অভিমুখে আহি আছে ঘূৰ্ণীবতাহ। বহুকেইটা বেচৰকাৰী বতৰ পূৰ্বানুমান সংস্থাই দাবী কৰিছে যে বংগোপসাগৰ(Bay of Bengal)ৰ ওপৰত থকা নিম্ন চাপ তীব্ৰতৰ হৈ গভীৰ চাপলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে আৰু পিছলৈ এই চাপ ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। যদিহে ই ঘূৰ্ণীবতাহলৈ পৰিণত হয় তেন্তে ইয়াৰ নাম হ’ব পাৰে ‘ডানা’(Cyclone Dana)। ইতিমধ্যে ইয়াৰ নামাকৰণো কৰিছে কাটাৰে । ইতিমধ্যে আলিপুৰস্থিত বতৰ বিজ্ঞান বিভাগে মাছমৰীয়াসকলক সোমবাৰৰ পৰা সাগৰলৈ যোৱাৰ ক্ষেত্ৰত জাৰি কৰিছে নিষেধাজ্ঞা ।

এই সন্দৰ্ভতআলিপুৰস্থিত বতৰ বিজ্ঞান বিভাগৰ বতৰ বিজ্ঞানী সৌৰীশ বন্দোপাধ্যায়ে কয়, “আন্দামান সাগৰৰ সমীপত হৈ থকা ঘূৰ্ণীবতাহে আগন্তুক ২৪ ঘণ্টাত নিম্ন চাপলৈ পৰিণত হ’ব। ইয়াৰ স্থান উত্তৰ আন্দামান সাগৰৰ সমীপৰ পূব-মধ্য বংগোপ সাগৰৰ কাষত। ইয়াৰ পিছতে ২২ অক্টোবৰত ইয়াৰ তীব্ৰতা গভীৰ চাপলৈ পৰিণত হ’ব । ২৩ অক্টোবৰত পূব-মধ্য বংগোপসাগৰৰ ওপৰত ই ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। এই ঘূৰ্ণীবতাহৰ গতিৰ দিশ হ’ব উত্তৰ-পশ্চিম দিশে আৰু ২৪ অক্টোবৰৰ পুৱা পশ্চিম বংগ আৰু উৰিষ্যা উপকূলৰ দিশে্ গতি কৰিব(Cyclone alert in India) । “

আলিপুৰ বতৰ বিজ্ঞান বিভাগৰ বতৰ বিজ্ঞানীয়ে দাবী কৰা অনুসৰি, এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ দক্ষিণ বংগত ইমান নহয়। কাৰণ দক্ষিণ বংগত দেও আৰু সোমবাৰে বৰষুণ অহাৰ সম্ভাৱনা নাই। অৱশ্যে ২২ অক্টোবৰ মঙলবাৰে পাতলৰৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। কিন্তু বুধবাৰ অৰ্থাৎ ২৩ অক্টোবৰৰ দিনা ইয়াৰ প্ৰভাৱ উপকূলীয় জিলাসমূহত অধিক হ’ব, বিশেষকৈ দুই ২৪ পৰগনা আৰু দুই মেডানীপুৰৰ ওপৰত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনাৰ ভৱিষ্যতবাণী কৰিছে। (Assam weather update)

বংগোপ সাগৰত সৃষ্টি হব লগা এই প্ৰচণ্ড ঘূৰ্ণী বতাহৰ প্ৰভাৱৰ ফলত অসমকে(Dana Impact on Assam) ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে(Heavy Rains in Assam)।

Karva Chauth 2024: কোন কোন বলীউড সুন্দৰীয়ে পতিৰ বাবে থাকিলে উপবাসে! স্বামীৰ দীৰ্ঘায়ুৰ বাবে কৰিলে প্ৰাৰ্থনা

Karva Chauth 2024: কোন কোন বলীউড সুন্দৰীয়ে পতিৰ বাবে থাকিলে উপবাসে
Karva Chauth 2024: কোন কোন বলীউড সুন্দৰীয়ে পতিৰ বাবে থাকিলে উপবাসে

(Karva Chauth 2024) ২০ অক্টোবৰত সমগ্ৰ দেশজুৰি কৰৱা চৌথ ২০২৪ উৎসৱ উদযাপন কৰা হয়। বলীউডৰ সুন্দৰীসকলেও স্বামীৰ বাবে ব্ৰত ৰাখি আৰু তেওঁলোকৰ দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰে। কেটৰিনা কাইফ, প্ৰিয়ংকা চোপ্ৰা, পৰিনীতি চোপ্ৰাৰ পৰা আৰম্ভ কৰি শিল্পা শ্বেট্টী আৰু সোনাক্ষী সিনহালৈকে বহু অভিনেত্ৰীয়ে স্বামীৰ মংগলৰ বাবে এই বিশেষ দিনটো অতি বিশেষ ধৰণে উদযাপন কৰে।

বিশেষ কথাটো হ’ল এই অভিনেত্ৰীসকলৰ বহুতৰে বাবে এয়া তেওঁলোকৰ প্ৰথম কৰৱা চৌথ, যাৰ ফটো আৰু ভিডিঅ’ তেওঁলোকে তেওঁলোকৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।(katrina kaif priyanka chopra and other actress share beautiful photo videos of karva chauth)

(katrina kaif)বলীউডৰ সকলো অভিনেত্ৰীয়ে নিজৰ নিজৰ শৈলীৰে উদযাপন কৰিছে কৰৱা চৌথ। ইফালে, কেটৰিনা কাইফেও নিজৰ ইনষ্টাগ্ৰামত কৰৱা চৌথৰ সুন্দৰ ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁক পৰিয়ালৰ সৈতে এই উৎসৱ উদযাপন কৰা দেখা গৈছে। এই বিশেষ দিনটোৰ বাবে কেটে বাছি লৈছিল গোলাপী ৰঙৰ শাৰী। লগতে ফটোখনত কেটৰিনাৰ স্বামী ভিকি আৰু শাহুৱেক আৰু শহুৰেকৰ সৈতে পোজ দিয়া দেখা গৈছে।

চলিত বৰ্ষৰ জুন মাহত দীৰ্ঘদিনীয়া প্ৰেমিক জহীৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা সোণাক্ষী সিনহাইও প্ৰথমবাৰৰ বাবে কৰৱা চৌথ উদযাপন কৰে। সোণাক্ষীয়ে নিজৰ ইনষ্টাগ্ৰামতো এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত জহীৰৰ সৈতে ফূৰ্তি কৰা দেখা গৈছে।(sonaksi sinha)

যোৱা বছৰৰ নৱেম্বৰ মাহত বিবাহপাশত আবদ্ধ হোৱা ৰনদীপ হুদা আৰু লিন লায়শ্ৰমেও প্ৰথমবাৰৰ বাবে কৰৱা চৌথ উদযাপন কৰে। যদিও লিনে উপবাসে থকা নাছিল, তথাপিও তেওঁৰ ইনষ্টাগ্ৰামত কিছুমান ছবি শ্বেয়াৰ কৰিছিল, য’ত লিনক মেৰুণ ৰঙৰ শাৰী পিন্ধি দেখা গৈছে। লগতে তাই জলপানৰ দ্বিতীয়খন ছবি শ্বেয়াৰ কৰি কয় যে ৰনদীপে তাইক ব্ৰতত থাকিবলৈ মানা কৰিছে। সেইবাবেই তেওঁ জলপান খাই কৰৱা চৌথ উদযাপন কৰিছে।

শ্বাহিদ কাপুৰৰ পত্নী মীৰা ৰাজপুতেও তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত কিছু ছবি শ্বেয়াৰ কৰিছে, যিবোৰ কৰৱা চৌথ উদযাপনৰ। মীৰা কৰৱা চৌথ পূজাৰ বাবে অনিল কাপুৰৰ ঘৰত উপস্থিত হৈছিল। এই বিশেষ দিনটোৰ বাবে মীৰাই বাছি লৈছিল গোলাপী ৰঙৰ শাৰী। শ্বাহিদ কাপুৰৰ সৈতে এখন মৰমলগা চেলফিও পোষ্ট কৰিছিল, য’ত দুয়োকে অতি ৰোমান্টিকভাৱে সাৱটি ধৰা দেখা গৈছে।

পৰিনীতি চোপ্ৰাই এইবাৰ দ্বিতীয়টো কৰৱা চৌথ উদযাপন কৰে, যাৰ বাবে তেওঁ গোলাপী ৰঙৰ চুট বাছি লৈছিল। পৰিনীতি চোপ্ৰাইও নিজৰ ইনষ্টাগ্ৰামত কৰৱা চৌথ উদযাপনৰ বহু ফটো শ্বেয়াৰ কৰে, য’ত তেওঁক পৰিয়ালৰ সৈতে এই বিশেষ দিনটো উদযাপন কৰা দেখা গৈছে।

প্ৰিয়ংকা চোপ্ৰাইও স্বামী নিক জ’নাছৰ সৈতে কৰৱা চৌথ উদযাপন কৰে, যাৰ কিছু ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। ফটোখনত নিকে প্ৰিয়ংকাক পানী খোৱাই থকা দেখা গৈছে। অনুৰাগীসকলে এই সকলোবোৰ ছবি বৰ ভাল পাইছে। ফটোখনত প্ৰিয়ংকাক ৰঙা সাজ পিন্ধি দেখা গৈছে। লগতে ফটোখনত প্ৰিয়ংকাই হাতত মেহেন্দী লগোৱা দেখা গৈছে।(priyanka chopra)

cinnamon water benefits: প্ৰতিদিনে পুৱা খাব এই মছলাযুক্ত পানী, ডায়েবেটিছ আৰু মেদবহুলতাকে ধৰি ৫ টা ৰোগৰ পৰা হ’ব মুক্ত

cinnamon water benefits: প্ৰতিদিনে পুৱা খাব এই মছলাযুক্ত পানী
cinnamon water benefits: প্ৰতিদিনে পুৱা খাব এই মছলাযুক্ত পানী

Cinnamon Water Benefits: ভাৰতীয় পাকঘৰত ব্যৱহাৰ কৰা মছলা ডালচেনি স্বাস্থ্যৰ বাবে অতি উপকাৰী। খালী পেটত ডালচেনি পানী খালে মধুমেহ ৰোগৰ দৰে সমস্যাবোৰ সহজে নিয়ন্ত্ৰণ কৰিব পৰা যায়। ভাৰতত ব্যৱহৃত মছলাৰ ভিতৰত ডালচেনি অন্যতম। আনহাতে আয়ুৰ্বেদত ডালচেনি লালা বৃদ্ধি আৰু পাচনতন্ত্ৰৰ কাম-কাজ উন্নত কৰে বুলি জনা যায়। ডালচেনিৰ এন্টিবেক্টেৰিয়েল ক্ৰিয়াৰ বাবে ই এন্টিচেপ্টিক হিচাপেও কাম কৰে।

(Cinnamon Water)ডালচেনিয়ে খাদ্যৰ সোৱাদ বৃদ্ধিয়ে নকৰে, ইয়াৰ স্বাস্থ্য উপকাৰীতাও বহুত বেছি। বিশ্বাস কৰা হয় যে ডালচেনিৰ পানী খাই আপোনাৰ স্বাস্থ্য উন্নত কৰাৰ এক সহজ আৰু ফলপ্ৰসূ উপায়। ডালচেনি উপকাৰিতাৰ ভিতৰত এই ৫ টা ৰোগৰ পৰাও সকাহ-

নিয়মিত ডালচেনিৰ পানী খালে ওজন কমোৱাত সহায় হ’ব পাৰে। ইয়াত থকা প্ৰাকৃতিক উপাদানে বিপাকীয় ক্ৰিয়াত সহায় কৰে, যাৰ বাবে শৰীৰে কেলৰি দ্ৰুতভাৱে জ্বলাবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ই ভোক নিয়ন্ত্ৰণৰ কাম কৰে যাতে অতিমাত্ৰা খাদ্য খোৱাৰ কোনো সমস্যা নহয়।(drink cinnamon water in morning)

ডায়েবেটিছত উপকাৰী(cinnamon water benefits for diabetes)

ব্লাড চুগাৰ নিয়ন্ত্ৰণত ডালচেনি সহায়ক। নিয়মিতভাৱে ডালচেনি খালে শৰীৰৰ ইনচুলিনৰ প্ৰতি সংবেদনশীলতা বৃদ্ধি পায়, যিটো ডায়েবেটিছৰ বাবে অতি উপকাৰী।

হজম শক্তি উন্নত কৰা

ডালচেনিৰ পানী খালে পাচনতন্ত্ৰ শক্তিশালী হয়। পেটৰ সমস্যা যেনে গেছ, পেট ফুলা আৰু বদহজম কমায়। ডালচেনিত প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যিয়ে পেটৰ সমস্যা দূৰ কৰাত সহায় কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে

ডালচেনিৰ পানীত এন্টিঅক্সিডেন্ট আৰু এন্টি বেক্টেৰিয়েল গুণ থাকে, যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ই সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ডালচেনি স্বাস্থ্যকৰ। ৰক্তচাপ নিয়ন্ত্ৰণত ই সহায়ক। ডালচেনিৰ পানীয়ে কলেষ্টেৰলৰ মাত্ৰাও সুষম কৰি ৰাখে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

এইদৰে ডালচেনিৰ পানী কেনেকৈ প্ৰস্তুত কৰিব জানেনে-

১-২ কাপ উতলি থকা পানীত ১-২ টা ডালচেনি ডাল দিব। তাৰ পিছত ১০-১৫ মিনিট উতলিবলৈ দিব। এতিয়া ইয়াক ফিল্টাৰ কৰি সেৱন কৰক।

এইদৰে ডালচেনিৰ পানী খালে স্বাস্থ্যৰ বহু সমস্যাৰ পৰা মুক্ত হ’ব পাৰিব।(cinnamon spice)

Terrorist Attack in Jammu and Kashmir: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত নিহত সাতজন প্ৰব্ৰজিত শ্ৰমিক

Terrorist Attack in Jammu and Kashmir: Two Migrant Workers Killed in Ganderbal Shooting
Terrorist Attack in Jammu and Kashmir: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত নিহত দুজন শ্ৰমিক

শ্ৰীনগৰ, ২১ অক্টোবৰ: দেওবাৰে নিশা জম্মু-কাশ্মীৰৰ গণ্ডাৰবলত সংঘটিত হৈছে এক সন্ত্ৰাসবাদী আক্ৰমণ(Terrorist Attack in Jammu and Kashmir)। স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, সন্ত্ৰাসবাদীয়ে একাংশ স্থানীয় আৰু প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত কৰা ধাৰাষাৰ গুলীচালনাত সাতজন প্ৰব্ৰজিত শ্ৰমিক নিহত হোৱাৰ লগতে বহুকেইজন আহত হৈছে(Migrant workers killed)। সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত এই আক্ৰমণটো ছ’নেবাৰ্গৰ এটা নিৰ্মাণৰত সুৰংগৰ সমীপত সংঘটিত হৈছে ।

স্থানীয় আৰক্ষীয়ে জনোৱা মতে, জিলাখনৰ গুণ্ড অঞ্চলত এটা সুৰংগ নিৰ্মাণৰ কাম কৰি থকা ব্যক্তিগত কোম্পানী এটাৰ শিবিৰত থকা শ্ৰমিকৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে(Kashmir terrorism)। এই আক্ৰমণত দুজন শ্ৰমিক ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে আন বহুকেইজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। ইফালে, এই ঘটনাৰ পিছতেই আৰক্ষী আৰু সেনাবাহিনীয়ে আক্ৰমণকাৰীৰ সন্ধানত সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান আৰম্ভ কৰে(Jammu and Kashmir security)।

দেওবাৰে নিশা সংঘটিত এই সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত কাশ্মীৰ মণ্ডল আৰক্ষীয়ে এক্সৰ জড়িয়তে জনোৱা মতে, গণ্ডাৰবলৰ গগাংগীৰত সংঘটিত হৈছে এক সন্ত্ৰাসবাদী আক্ৰমণ। ইতিমধ্যে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰিছে । সবিশেষ তথ্য পৰৱৰ্তী সময়ত শ্বেয়াৰ কৰা হ’ব।

ইফালে সন্ত্ৰাসবাদীৰ এই আক্ৰমণক লৈ শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই(Chief Minister Omar Abdullah) । মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াক কাপুৰুষৰ আক্ৰমণ বুলি অভিহিত কৰি X ৰ জড়িয়তে কৰিলে এটা পোষ্ট । পোষ্টটোত তেখেতে লিখিলে, “শ্ৰমিকসকলে অঞ্চলটোৰ এটা বৃহৎ আন্তঃগাঁথনি প্ৰকল্পত কাম কৰি আছিল । এই সন্ত্ৰাসবাদী আক্ৰমণত দুজন লোক নিহত হোৱাৰ লগতে ২-৩ জন লোক আহত হৈছে(infrastructure project attack)। নিৰস্ত্ৰ নিৰীহ লোকৰ ওপৰত কৰা এই আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।”

মুখ্যমন্ত্ৰীগৰাকীয়ে আন এটা পোষ্টত উল্লেখ কৰে যে, বৰ্তমান এই আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা স্পষ্ট নহয় । কাৰণ স্থানীয় আৰু প্ৰব্ৰজিত উভয় শ্ৰমিককে ধৰি বহুকেইগৰাকী শ্ৰমিক আহত হৈছে। গুৰুতৰভাৱে আহতসকলক SKIMS শ্ৰীনগৰলৈ প্ৰেৰণ কৰা হৈছে। আহতসকলৰ সম্পূৰ্ণ আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে বুলিও তেওঁ উল্লেখ কৰে।

ইফালে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়েও (Union Minister Nitin Gadkari) প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত কৰা এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে। টুইটাৰৰ এটা পোষ্টত তেওঁ কয় যে, “নিৰীহ শ্ৰমিক’সকলে সোণামাৰ্গৰ গগাংগীৰত এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পত নিয়োজিত হৈ আছে। এক জটিল আন্তঃগাঁথনি প্ৰকল্পত নিয়োজিত নিৰীহ শ্ৰমিকৰ ওপৰত কৰা এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণক মই তীব্ৰ গৰিহণা দিছো।”

Delhi Bomb Blast: দিল্লী বিস্ফোৰণৰ তদন্তৰ দ্বায়িত্ব বিশেষ কোষ বা এন আই এলৈ হস্তান্তৰ কৰাৰ সম্ভাৱনা

Delhi Bomb Blast: Case Registered Under Explosives Act, May Be Transferred to Special Cell or NIA
Delhi Bomb Blast: দিল্লী বিস্ফোৰণৰ তদন্তৰ দ্বায়িত্ব বিশেষ কোষ বা এন আই এলৈ হস্তান্তৰ কৰাৰ সম্ভাৱনা

নতুন দিল্লী, ২০ অক্টোবৰ: দিল্লীৰ প্ৰশান্ত বিহাৰ অঞ্চলত অৱস্থিত চি আৰ পি এফ বিদ্যালয়ৰ দেৱালৰ সমীপত দেওবাৰে পুৱা সংঘটিত হোৱা বিস্ফোৰণ(Delhi Bomb Blast)ৰ পাছতে বিস্ফোৰক আইন(Explosives Act)ৰ অধীনত প্ৰশান্ত বিহাৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে এই গোচৰটোৰ তদন্তৰ দ্বায়িত্ব বিশেষ কোষ অথবা এন আই এ(NIA investigation)লৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে । বিস্ফোৰণৰ পিছতে ঘটনীস্থলীত উপস্থিত হোৱা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ এটা দলে প্ৰায় পাঁচ ঘণ্টা ধৰি অনুসন্ধান কৰাৰ লগতে বিভিন্ন তথ্য প্ৰমাণ সংগ্ৰহ কৰে(National Investigation Agency)। ইফালে ঘটনাৰ পিছতে গৃহ মন্ত্ৰালয়ে দিল্লী আৰক্ষীৰ পৰা ঘটনাৰ প্ৰতিবেদন বিচৰাত প্ৰাথমিক তদন্তৰ এক প্ৰতিবেদন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰে ।

ঘটনাস্থলীক উপস্থিত প্ৰতিটো অনুসন্ধানকাৰী সংস্থাৰ বিশেষজ্ঞই সেই স্থানৰ পৰা ৰাসায়নিক সামগ্ৰীকে ধৰি অন্যান্য নমুনাসমূহ সংগ্ৰহ কৰি ওচৰৰ মুকলি স্থানত নিজৰ নিজৰ স্তৰত প্ৰাইমা ফেচি পৰীক্ষা কৰে। এই মুহূৰ্তলৈকে এই বিস্ফোৰণত নাইট্ৰেট আৰু ক্লৰাইড ব্যৱহাৰ হোৱা বুলি অনুমান কৰা গৈছে । সাধাৰণতে এনেবোৰ সামগ্ৰীক উচ্চ ক্ষমতা সম্পন্ন বিস্ফোৰক বুলি গণ্য কৰা নহয় । ইফালে সেই স্থানৰ পৰা কোনো টাইমাৰ, ডিটনেটৰ, তাঁৰ, বেটাৰী, ঘড়ী আদিৰ দৰে কোনো সামগ্ৰী উদ্ধাৰ নোহোৱাত অনুসন্ধানকাৰী সংস্থাসমূহে বিস্ফোৰণটো কেনেকৈ সংঘটিত হ’ল সেইয়া এতিয়াও উদ্ঘাটন কৰিব পৰা নাই। সংস্থাসমূহে ধাৰণা কৰা অনুসৰি, ৰিম’টৰ জড়িয়তে বিস্ফোৰণটো সংঘটিত কৰা হৈছিল(Prashant Vihar explosion) ।

অনুসন্ধানকাৰী সংস্থাই জনোৱা মতে, বিস্ফোৰণটোত বহু পৰিমানৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছিল। যদিও ইয়াক থলুৱা অৰ্থাৎ খাৰুৱা বোমাৰ দৰেও দেখা নাযায়। কাৰণ খাৰুৱা বোমাত চিঁচা, নখ আৰু শ্ৰাপনেল আদি ব্যৱহাৰ কৰা হয়। ৰেডিঅ’-সক্ৰিয় কৰা সঁজুলিৰ দৰে কোনো সামগ্ৰী আছে নেকি সেইয়া নিৰ্ধাৰণ কৰিবৰ বাবে ঘটনাস্থলীলৈ এনডিআৰএফৰ দলকো অনা হৈছিল যদিও অনুসন্ধানত তেনে কোনো সামগ্ৰী নগ’ল।

অনুসন্ধানকাৰী সংস্থাসমূহে অনুমান কৰা অনুসৰি, উৎসৱৰ সময়চোৱাত আতংক বিয়পাবৰ বাবেই কোনোবাই এনে ধৰণৰ কাৰ্য্য কৰিছে। বিস্ফোৰণৰ সমগ্ৰ ঘটনাটো কাষৰ চিচিটিভি কেমেৰাত বন্দী হৈছিল। ফুটেজত স্পষ্টকৈ দেখা পোৱা গৈছে যে, পুৱা ৭:০২ বজাত, বিদ্যালয়খনৰ সন্মুখৰ পথচোৱাৰে বাহনসমূহ চলাচল কৰি আছে। । ইয়াৰ পিছতে ঠিক ৭:০৩ বজাত বিদ্যালয়খনৰ দেৱালৰ সমীপতে এক শক্তিশালী বিস্ফোৰণ সংঘটিত হয় আৰু ইয়াৰ পিছত সমগ্ৰ অঞ্চলটো আৱৰি পেলাই ধোঁৱাৰে ।