Home Blog Page 531

Indian Lighthouse Festival: অসমৰ কলা-সংস্কৃতিৰ উপস্থাপনেৰে ওড়িশাৰ পুৰীত উজলি উঠিল দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেল

Indian Lighthouse Festival: অসমৰ কলা-সংস্কৃতিৰ উপস্থাপনেৰে ওড়িশাৰ পুৰীত উজলি উঠিল দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেল
• অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিশেষকৈ ব্ৰহ্মপুত্ৰৰ সৈতে লাইট হাউচ স্থাপনৰ দিশ অন্বেষণত গুৰুত্ব আৰোপ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ওড়িশা, ২০ অক্টোবৰ : দেশৰ পৰ্যটন তথা সামুদ্ৰিক খণ্ডক এক নতুন গতি প্ৰদানেৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ওড়িশাৰ পুৰীত দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেলৰ(Indian Lighthouse Festival) শুভ উদ্বোধন কৰে। দুদিনীয়াকৈ আয়োজিত এই লাইট হাউচ ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন ঘটে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal) লাইট হাউচ ফেষ্টিভেলতে পাৰা দ্বীপ বন্দৰ প্ৰাধিকৰণৰ বিভিন্ন প্ৰকল্প আৰু কচ্ছ উপসাগৰ, গুজৰাটত কালৱানৰী ফলাইট হাউচ ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে।

এই অনুষ্ঠানত ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়েও অংশগ্ৰহণ কৰে। সোণোৱালে ঘোষণা কৰে যে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে লাইট হাউচৰ চাৰিওফালে থকা উপকূলীয় সম্প্ৰদায়সমূহৰ সবলীকৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব যাতে তেওঁলোকক ভাৰতৰ সামুদ্ৰিক খণ্ডৰ সমৃদ্ধ ঐতিহ্য বহন কৰি অহা লাইট হাউচবোৰৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ দিশত সমান্তৰালকৈ দায়বদ্ধ কৰি তোলা হয়। ওড়িশাৰ উপকূলত দুটা নতুন লাইট হাউচ স্থাপনৰ কথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে।(Lighthouse Tourism & Heritage)

এটা নাৰায়ণপুৰৰ চৌমুকত আৰু আনটো ভদ্ৰক জিলাৰ ধামৰাত স্থাপিত হ’ব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, “ভাৰতৰ সামুদ্ৰিক ঐতিহ্য উদযাপনেৰে আপোন দেশখনৰ ঐতিহ্য-সংস্কৃতিৰ সাক্ষী হোৱাৰ আমি যত্ন কৰিছোঁ। লাইট হাউচসমূহ দেশৰ সামুদ্ৰিক খণ্ডৰ আকৰ্ষণীয় পৰ্যটনৰ কেন্দ্ৰবিন্দু। ওড়িশাৰ ঐতিহ্যমণ্ডিত পুৰীত দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেলৰ শুভ উদ্বোধনৰ লগতে বিভিন্ন বন্দৰ প্ৰকল্প তথা লাইট হাউচ প্ৰকল্পৰ শুভ উদ্বোধনে দেশৰ পৰ্যটন তথা সামুদ্ৰিক খণ্ডত এক নতুন দিগন্তৰ সূচনা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত লাইট হাউচ পৰ্যটনৰ জৰিয়তে সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰত আমি বিশেষ গুৰুত্ব আৰোপ কৰি আহিছোঁ।

ইতিমধ্যে আজাদীকা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশৰ ৭৫টা লাইট হাউচ পৰ্যটনস্থলী হিচাপে বিকশিত কৰা হৈছে, যাৰ সৈতে সংলগ্ন আছে সংগ্ৰহালয়, ৰংগমঞ্চ, মুকলি থিয়েটাৰ, কেফেটেৰিয়া, শিশু উদ্যান আৰু পৰ্যটনৰ প্ৰসাৰৰ বাবে পৰিৱেশ-অনুকূলকুটিৰ।”সোণোৱালে লগতে কয়, “অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডত যথেষ্ট সুযোগ-সম্ভাৱনা আছে, যাক আমি নতুন ৰূপত উজ্জীৱিত কৰাত বিশেষ অগ্ৰাধিকাৰ দি আহিছোঁ। এই দিশৰ গুৰুত্ব উপলব্ধি কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ জলপথ খণ্ডত বিশেষকৈ ব্ৰহ্মপুত্ৰৰ সৈতে লাইট হাউচ স্থাপনৰ দিশ অন্বেষণত আমি যোগাত্মকভাৱে গুৰুত্ব আৰোপ কৰিছোঁ।”(Preservation and conservation of Lighthouse)

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কলা-সংস্কৃতিৰ উপস্থাপনেৰে ওড়িশাৰ পুৰীত উজলি উঠিল দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেল, য’ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ণাঢ্য সংস্কৃতিৰ বিশেষ অনুষ্ঠান পৰিৱেশন কৰা হয়। তদুপৰি, পাপনৰ সুমধুৰ গীতৰ পৰিৱেশনে সমগ্ৰ অনুষ্ঠানটোক দিয়ে অন্য এক মাত্ৰা। “তাহানিতে জগন্নাথ-পুৰীলৈ তীৰ্থ ভ্ৰমণলৈ অহা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, কৰ্মসূত্ৰে ওড়িশাত থকা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আদিৰ দৰে মহান ব্যক্তিসত্তাই ওড়িশা আৰু অসমৰ আধ্যাত্মিক, সাংস্কৃতিক, ঐতিহাসিক সম্পৰ্ক সুদৃঢ় কৰি থৈ গৈছে। এই সম্পৰ্ক যুগমীয়া কৰি ৰাখিবলৈ আমি দায়বদ্ধ”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে উল্লেখ কৰে।

৬০ কোটি টকাৰ বিনিয়োগৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ৯খন উপকূলীয় ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত ৭৫টা আকৰ্ষণীয় লাইট হাউচ বিকশিত কৰা হৈছে। প্ৰতি টোলাইট হাউচ ঐতিহ্য আৰু পৰ্যটন দুয়োটাৰে এক সংমিশ্ৰণ হৈ পৰিছে। ওড়িশাতো লাইট হাউচ পৰ্যটনৰ প্ৰসাৰৰ বাবে পাঁচটা লাইট হাউচ- গোপালপুৰ, পুৰী, চন্দ্ৰভাগ, পাৰাদ্বীপ আৰু ফলছপইণ্ট বিকশিত কৰা হৈছে। কেৱল ২০২৩-২৪ বিত্তীয় বৰ্ষতে এই ৭৫টা লাইট হাউচে ১৬ লাখ দৰ্শনাৰ্থীক আকৰ্ষিত কৰিছিল। চলিত বৰ্ষৰ ছেপ্টেম্বৰলৈকে বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ ভিতৰত ইতিমধ্যে ১০ লাখৰো অধিক দৰ্শনাৰ্থীৰ সমাগম হৈছে। “২০২৩-২৪ চনত লাইট হাউচত পৰ্যটকৰ সংখ্যা ২০১৩-১৪ চনৰ তুলনাত ৪০০% বৃদ্ধি হৈছে”, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে।

দ্বিতীয় লাইট হাউচ ফেষ্টিভেলৰ বাবে ওড়িশাৰ পুৰীত উপস্থিত থকাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নীলাদ্ৰী সমুদ্ৰতীৰত সতীৰ্থ আৰু বিষয়াসকলৰ সৈতে চাফাই অভিযানত অংশ লয়। লগতে সমুদ্ৰ পাৰৰ বলুকা শিল্প প্ৰত্যক্ষ কৰি আৰু স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি আনন্দ প্ৰকাশক ৰে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত চলি অহা স্বচ্ছতাৰ আন্দোলনে এখন পৰিষ্কাৰ-পৰিচ্ছন্ন ভাৰত গঢ়াৰ বাবে দেশবাসীক একত্ৰিত কৰিছে বুলি সোণোৱালে উল্লেখ কৰে।

উক্ত বিভিন্ন অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, ওড়িশাৰ উপ-মুখ্যমন্ত্ৰী প্ৰভাতী পৰিদা, কেন্দ্ৰীয় পৰ্যটন আৰু পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যিক মন্ত্ৰী সুৰেশ গোপী, পুৰীৰ সাংসদ সম্বিত পাত্ৰ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি কে ৰামচন্দ্ৰন প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। ওড়িশাৰ পুৰীস্থিত তালাবনিয়া ময়দানত আয়োজিত অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল উপকূলীয়া অঞ্চলৰ খাদ্য-সম্ভাৰ, বিনোদন উদ্যান, লোকনৃত্য আৰু সংগীতৰ অনুষ্ঠান, সমুদ্ৰপাৰৰ হাট, বলীউডৰ প্ৰসিদ্ধ গায়কৰ গীতৰ অনুষ্ঠানইত্যাদি।(Mohan Charan Majhi)

Writer Imran Shah: কথা শিল্পী ইমৰাণ শ্বাহক ‘ছহিদ মোজাম্মিল হক মাতৃভাষা বঁটা’ প্ৰদান

Writer Imran Shah: কথা শিল্পী ইমৰাণ শ্বাহক 'ছহিদ মোজাম্মিল হক মাতৃভাষা বঁটা' প্ৰদান
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপিত ইমৰান শ্বাহৰ শিৱসাগৰৰ ধাই আলিৰ বাসগৃহত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ

গুৱাহাটী, ২০ অক্টোবৰঃ শিৱসাগৰৰ ঐতিহাসিক ধাই আলিৰ বাসগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ প্ৰখ্যাত কথা শিল্পী, কবি গীতিকাৰ, গল্পকাৰ ঔপন্যাসিক, অনন্য শৈলীৰ কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপিত(Assam Sahitya Sabha) ইমৰান শ্বাহক(Writer Imran Shah) ‘ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা-২০২৪(Sahid Mojammil Hok Matrivasa Bota) প্ৰদান কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিয়ে।

মঙলদৈত দুদিনীয়া কাৰ্যসূচীৰে ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী বীৰ ছহিদ মোজাম্মিল হকৰ আত্মবলিদানৰ দিন ৬ অক্টোবৰক কেন্দ্ৰ কৰি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ উদ্যোগত ৫-৬ অক্টোবৰত উদযাপন কৰা সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা ভাষা দিৱসত বাৰ্ধক্যজনিত কাৰণত উপস্হিত থাকিব নোৱাৰা বাবেই উদ্যোক্তাসকলে আজি বৰ্ষীয়ান সাহিত্যিকগৰাকীক তেওঁৰ বাসগৃহত উপস্থিত হৈ এই বঁটা প্ৰদান কৰে।

উল্লেখ্য, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, দৰং জিলা সমিতিয়ে আন আন জাতীয় সংগঠনৰ সহযোগত জাতীয় বীৰ ছহিদ গৰাকীৰ আত্মবলিদানৰ দিনটো ২০০৮ বৰ্ষৰ পৰা ‘অসম মাতৃভাষা দিৱস’ হিচাপে পালন কৰি আহিছে আৰু ২০২৩ বৰ্ষত ষষ্ঠদশ উদযাপনৰ লগত সংগতি ৰাখি জাতীয় বীৰ ছহিদ গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে ৰাজ্যিক ভিত্তিত প্ৰৱৰ্তন কৰে ‘ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা’ আৰু উক্ত বৰ্ষত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় অসমৰ সাৰস্বত সমাজৰ উজ্জ্বল নক্ষত্ৰ, ‘অসমীয়া মানুহৰ ইতিহাস’, ‘মিতভাষ’ৰ দৰে অমূল্য গ্ৰন্থৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমীয়া সাহিত্যৰ জীৱন্ত কিংবদন্তি ডঃ নগেন শইকীয়াক।

এইবেলি ২০২৪ বৰ্ষৰ মাতৃভাষা বঁটাৰ বাবে মনোনীত হৈছে ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰৰ ধাই আলিৰ বিখ্যাত নবাব পৰিয়ালত জন্মগ্ৰহণ কৰা ইমৰাণ শ্বাহ, যিয়ে নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই ‘বনবাসী’ নামৰ কাব্য গ্ৰন্থ ৰচনা কৰি উজ্জ্বল প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছিল।তাৰ পিছত ‘সংগীতৰ সিপাৰে’ নামৰ আন এখন গ্ৰন্থ লিখি তেওঁ কম বয়সতে বৌদ্ধিক মহল আৰু সমালোচক সকলৰ দৃষ্টি আকৰ্ষণ কৰি চমক সৃষ্টি কৰে।

পিয়ামুখচন্দা,পথিক, বন্দী বিহংগে কান্দে,অনমিতা,’তথাপি সাগৰ আদিকে ধৰি এখনৰ পিছত এখন গ্ৰন্থ ৰচনা কৰি ইমৰাণ শ্বাহে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰে। শিৱসাগৰ কলেজত অধ্যয়নৰ পৰা অধ্যাপনালৈকে ঈশান দত্ত ছদ্মনামেৰে অনেক গল্প, কবিতা ৰচনাৰে পাঠকৰ অন্তৰত সুকীয়া স্থান দখল কৰা ইমৰাণ শ্বাহে এতিয়ালৈকে দুই হাজাৰৰো অধিক গল্প ৰচনা কৰি নজিৰ সৃষ্টি কৰিছে। কবি, গীতিকাৰ, গল্পকাৰ হিচাপে খ্যাতি অৰ্জন কৰা অসমীয়া সাহিত্যৰ কাণ্ডাৰী শ্বাহৰ কাপৰ পৰা সৃষ্টি হোৱা জবানবন্দী নামৰ কালজয়ী উপন্যাসকে ধৰি এতিয়ালৈকে তেওঁ শতাধিক গ্ৰন্থই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।

অসমীয়া ভাষা সাহিত্যলৈ যোগোৱা অনবদ্য বৰঙণিৰ বাবে কৃতজ্ঞ অসমীয়া জাতিয়ে তেওঁক অসম সাহিত্য সভাৰ সৰ্বোচ্চ আসন সভাপতি পদত অধিষ্ঠিত কৰিছে আৰু তেওঁ ২০১৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত সভাৰ বৰপেটা ৰোড অধিবেশনত সভাপতিত্ব কৰিছে। বিশিষ্ট সাহিত্যিক শ্বাহে ২০১০ বৰ্ষত অসম উপত্যকা সাহিত্য বঁটা, ২০২১ বৰ্ষত বৰ অসম সমন্বয় বঁটা লাভ কৰা ইমৰাণ শ্বাহক কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰিছে।

সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ সম্পাদক সম্পাদক চাহাবুদ্দিন আহমেদে আঁত ধৰা আৰু জিলা সভাপতি বাবুল মকছেদ আহমেদে পৌৰোহিত্য কৰা বঁটা প্ৰদান কৰা অনুষ্ঠানত ছহিদ মোজাম্মিক হক মাতৃভাষা বঁটা আৰু এই বঁটা প্ৰাপক কথা শিল্পী ইমৰান শ্বাহৰ বিষয়ে মুখ্য ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মুখ্য উপদেষ্টা তথা ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ সভাপতি ডঃ চহিৰ ভূঞাই ইমৰান শ্বাহৰ দৰে প্ৰচাৰ বিমুখ, সহজ সৰল, নিৰহংকাৰী আৰু নম্ৰতা, ভদ্ৰতাৰ মূৰ্ত প্ৰতীক হিচাপে জনমাসত পৰিচিত মহীৰূহ গৰাকীক বঁটা প্ৰদান কৰিবলৈ পাই উদ্যোক্তাসকল ধন্য হোৱাৰ লগতে জাতীয় বীৰ ছহিদ গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ ক্ষেত্ৰত এই পদক্ষেপে বৰঙণি যোগাব বুলি আশা কৰে।এই বঁটাৰ লগত এখন জাতীয় গামোচা, জনগোষ্ঠীয় কৱচ, অংগ বস্ত্ৰ, চেলেং, প্ৰশস্তি পত্ৰ, বঁটা স্মাৰক, ফুলাম জাপি, স্মৃতি গ্ৰন্থ ‘আই তোক কৰিহে পূজিমে’ আৰু মাননী সূচক নগদ ধন।

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুন, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট কবি প্ৰেম’ গগৈ, প্ৰাক্তন সভাপতি যুগ গগৈ, সম্পাদক সন্তোষ দত্ত, অৱসৰপ্ৰাপ্ত অধ্যাপিকা মনিকা শইকীয়া, সাহিত্যিক দিপালী ভট্টাচাৰ্য্য উপস্থিত থকা বঁটা প্ৰদান অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে গোলাঘাটস্থিত বীৰঙ্গণা সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য জ্যোতিপ্ৰসাদ শইকীয়াই। বঁটা গ্ৰহণ কৰি দিয়া ভাষণত বৰেণ্য সাহিত্যিক ইমৰান শ্বাহে কয়, ছহিদ মোজাম্মিল হক অসমীয়া ভাষা-সাহিত্য -সংস্কৃতিৰ ইতিহাস ঐতিহ্যৰ প্ৰতীক স্বৰূপ। তেওঁৰ নামেৰ সৈতে মোৰ নামটো জৰিত হোৱাটো এটা ডাঙৰ কথা।

এনে সন্মানজনক বঁটা লাভ কৰি মই সুখ অনুভৱ কৰিছোঁ আৰু এই বঁটা প্ৰদান কৰাৰ বাবে উদ্যোক্তাসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।

এই মহান বঁটাৰ ধাৰাবাহিকতা অব্যাহত থাকিব বুলি মই আশ প্ৰকাশ কৰিছোঁ। বিশিষ্ট কবি ওমৰ ফাৰুক, দিপালী ভট্টাচাৰ্য্য আৰু মফিদা উল্লাহে কবিতা পাঠ কৰা অনুষ্ঠানত গৰিয়া উন্নয়ন পৰিষদৰ সদস্য ৰছিদ আহমেদ, শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিলোৱাৰ হুছেইন, তিনিচুকীয়া জিলা সভাপতি চাহান শ্বাহ, চৰাইদেউ জিলা সমিতিৰ সভাপতি আমিৰুল হাজৰিকা, দৰং-জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উপ-সভাপতি ছফিকুল ইছলাম, সম্পাদক মহিবুল হক,সদৰ সমিতিৰ সভাপতি তমজিদ আলি, কাৰ্যকৰী সভাপতি কমৰুল হামিদ ভূঞা, সহকাৰী সম্পাদকদ্বয় চিদ্দিক আলি, তবিবুল্লা হক আৰু চমুৱাপাৰা আঞ্চলিক সমিতিৰ সহকাৰী সম্পাদক ৰাজ আহমেদ , শিৱসাগৰ অৰুনোদয় সাহিত্য সভাৰ সভাপতি মণিৰুল ইছলাম বৰা, সম্পাদক খাইৰুদ্দিন আহমেদ প্ৰমুখ্যে দুই শতাধিক বিশিষ্ট লোক।

Physician Dr. Nomal Chandra Bora: জন্মস্থানত কৃষক বন্ধু আৰু ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ চিকিৎসক নোমল চন্দ্ৰ বৰাৰ

Physician Dr. Nomal Chandra Bora: জন্মস্থানত কৃষক বন্ধু আৰু ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ চিকিৎসক নোমল চন্দ্ৰ বৰাৰ
জন্মস্থানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিকিৎসক ডাঃ নোমল চন্দ্ৰ বৰাৰ সৈতে অন্তৰংগ আলাপ

গহপুৰ, ২০ অক্টোবৰঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিকিৎসক নোমল চন্দ্ৰ বৰাই(Physician Dr. Nomal Chandra Bora) ১৮ অক্টোবৰত তেওঁৰ জন্মস্থান ডুবিয়াত উপস্থিত হৈ কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গহপুৰ সমজিলাৰ অন্তৰ্গত ডুবিয়াত উক্ত দিনা পুৱা ৯ বজাৰ‌ বিয়লি ৪ বজালৈকে গুৱাহাটীস্থিত জিএনআৰচিৰ উদ্যোগত বিনামূলীয়াকৈ বিশাল স্বাস্থ্য শিবিৰ ৰূপায়িত হয়। ডুবিয়া উন্নয়ন সমিতি আতিথ্যত ডুবিয়া আদৰ্শ ছোৱালী হাইস্কুলত অনুষ্ঠিত হোৱা এই বিনামূলীয়া স্বাস্থ্য শিবিৰত বৃহত্তৰ অঞ্চলটোৰ ছয় শতাধিক লোকে অংশগ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষা কৰে।

বিশেষকৈ বয়োজ্যেষ্ঠ পুৰুষ-মহিলাৰ লগতে যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰীয়ে এই স্বাস্থ্য শিবিৰত যোগদান কৰে। উল্লেখ্য, জিএনআৰচি হাস্পতালৰ উদ্যোগত আৰু ডুবিয়া উন্নয়ন সমিতিৰ সহযোগত অনুষ্ঠিত এই বিশাল স্বাস্থ্য পৰীক্ষা শিবিৰত বিশিষ্ট চিকিৎসক তথা জি এন আৰ চিৰ মুৰব্বী ডাঃ নোমল চন্দ্ৰ বৰাৰ সৈতে এই শিবিৰত কার্ডিঅল’জী, নেফ্র’ল’জী, নিউৰ’ল’জী আৰু মেডিচিন বিভাগৰ সাত গৰাকী বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায়।

অংশগ্রহণকাৰীসকলক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া পৰামর্শ প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধ, ৰক্ত শৰ্কৰা পৰীক্ষা আৰু ইচিজি পৰীক্ষা কৰা হয়। শিক্ষাবিদ তথা ৰাষ্ট্ৰপতিৰ কৃতী শিক্ষকৰ বঁটা প্ৰাপক ড০ যুগল বৰাই মুখ্য সমন্বয়ক হিচাপে উদ্যোগ লোৱা এই বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি কৰা হয় পুৱা ৯ বজাত।

স্থানীয় বিধায়ক উৎপল বৰাই এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। ডুবিয়াৰ কেইবাখনো স্কুলৰ তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিকিৎসক ডাঃ নোমল চন্দ্ৰ বৰাই। এই মত বিনিময় অনুষ্ঠানত সাৱলীল আৰু সকলোৰে বোধগম্য হোৱাকৈ ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আগবঢ়ায়।

এই কাৰ্যসূচীতে বিশিষ্ট চিকিৎসক গৰাকীৰ পত্নী তথা ডুবিয়াৰ বোৱাৰী কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ জয়শ্ৰী দাস বৰাই অংশগ্ৰহণ কৰিয়ো ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি নাতিদীৰ্ঘ ভাষণেৰে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

ছাত্ৰ-ছাত্ৰী তথা ৰাইজক সম্বোধন কৰি ডাঃ বৰাই কয়, ‘স্বাস্থ্যসেৱা এক মৌলিক মানৱ অধিকাৰ, বিশেষাধিকাৰ নহয়। সীমিত সামর্থ্য থকাসকলেও যাতে আর্থিক বোজা বহন নকৰাকৈ স্বাস্থ্যৰ যত্ন ল’ব পাৰে, তাৰ বাবে আমি অসমৰ প্ৰতিটো কোণলৈ উচ্চ মানদণ্ডৰ চিকিৎসা সেৱা আগবঢ়াই নিয়াৰ বাবে সংকল্পবদ্ধ।”

তেওঁ ভাষণ প্ৰসংগত ১৯৮৫ চনত জিএনআৰচি হস্পিতাল প্ৰতিষ্ঠা কৰাৰ সেই স্মৰণীয় মুহূৰ্তৰ কথাও অৱগত কৰে। ইফালে বিশিষ্ট চিকিৎসকগৰাকীয়ে জন্মভূমিত উপস্থিত হৈ কৈশোৰৰ জীৱন সংগ্ৰামৰ কথা ছাত্ৰ-ছাত্ৰীৰ আগত অৱগত কৰি আবেগিক হৈ পৰে। কৃষক বন্ধুৰ সৈতেও ভাব বিনিময় কৰাৰ অন্তত বিয়লি ৩ বজাত সাংবাদিকৰ সৈতে মত বিনিময়(Intimate Conversation) কৰে।

তেওঁ তেওঁৰ জন্ম স্থান ডুবিয়াত জি এন আৰ চিৰ এটি শাখা আৰম্ভ কৰাৰ পৰিকল্পনাৰ কথাও সাংবাদিকক অৱগত কৰে। এই স্বাস্থ্য শিবিৰৰ সফলতাই সমাজৰ অভাৱগ্ৰস্ত শ্ৰেণীৰ বাবে বিভিন্ন পদক্ষেপৰ জৰুৰী প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উত্তৰ-পূব ভাৰতত স্নায়ুজনিত সেৱাৰ অগ্রণী হিচাপে পৰিচিত জিএনআৰটি হাস্পতালে চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা অহৰহ সম্প্ৰসাৰণ কৰি আহিছে।

এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটো হৈছে অঞ্চলটোৰ কম আয়ৰ লোকসকলৰ স্বাস্থ্যসেৱাৰ সুলভতাৰ ব্যৱধান দূৰ কৰিবলৈ জিএনআৰচি চিকিৎসালয়সমূহে পৰিকল্পনা কৰা বহু অগ্ৰণী প্ৰচেষ্টাৰ ভিতৰত অন্যতম।

স্বাস্থ্য শিবিৰত উপস্থিত থকাসকলে বিশেষজ্ঞ চিকিৎসকৰ পৰা বিনামূলীয়া পৰামৰ্শ লাভ কৰাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন(Internationally Renowned Physician) চিকিৎসক ডাঃ নোমল চন্দ্ৰ বৰাৰ লগতে ডাঃ ধ্ৰুৱজ্যোতি চৌধুৰী, ডাঃ কৃষ্ণ চন্দ্ৰ নাৰ্জাৰী, ডাঃ পাৰভেজ বি চৌধুৰী, ডাঃ সুদীপ্ত হাজং, ডাঃ বিবেকানন্দ লেণ্ড, ডাঃ ইৰছাদ আহমেদ আৰু ডাঃ জাহিব হাছানে অংশগ্ৰহণ কৰি বিনামূলীয়া চিকিৎসা শিবিৰ প্ৰাণৱন্ত কৰি তোলে।

এই স্বাস্থ্য শিবিৰত ডাঃ বৰাৰ পুত্ৰ ডাঃ মাধুৰ্য বৰা, জী তথা জি এন আৰ চিৰ বিশেষ দায়িত্বত থকা শতাব্দী বৰাৰ লগতে চিকিৎসালয়খনৰ ভালেসংখ্যক চিকিৎসা কৰ্মীয়ে অংশগ্ৰহণ কৰে।

স্বাস্থ্য শিবিৰ মুকলি অনুষ্ঠানত গহপুৰ মহকুমাৰ চিকিৎসা বিভাগ, শিক্ষা বিভাগৰ লগতে অন্যান্য বিভিন্ন ক্ষেত্ৰৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য, ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপৰ অন্তত বৃক্ষমানৱ বকুল গগৈৰ উদ্যোগত বিশিষ্ট চিকিৎসক ডাঃ নোমল চন্দ্ৰ বৰাই বিদ্যালয়ৰ চৌহদত এটি মূল্যবান গছপুলি ৰোপণ কৰে।(Farmers and Students)

Daytime Sleepiness: দিনত সঘনাই টোপনি আহে নেকি? ইয়াৰ কাৰণ জানি লওক…

Daytime Sleepiness: দিনত সঘনাই টোপনি আহে নেকি
Daytime Sleepiness: দিনত সঘনাই টোপনি আহে নেকি

দিনত সঘনাই টোপনি অহাটো স্বাস্থ্যৰ বাবে ভাল বুলি গণ্য কৰা নহয়, দিনত টোপনি অহাৰ কাৰণ জানিবলৈ সঠিক স্বাস্থ্য পৰীক্ষা কৰাব লাগিব। ইয়াৰ পিছত সঠিক ব্যৱস্থা গ্ৰহণ কৰকিব লাগিব।(Daytime Sleepiness)

আপুনি হয়তো প্ৰায়ে অনুভৱ কৰে যে আপোনাৰ প্ৰায়ে দিনত অফিচত টোপনি আহিবলৈ আৰম্ভ কৰে বা কলেজৰ লাইব্ৰেৰীত পঢ়ি থকাৰ সময়ত লগে লগে টোপনি অহাৰ দৰে অনুভৱ হয়। কেতিয়াবা গুৰুত্বপূৰ্ণ কাম কৰাৰ সময়তো টোপনি আহে দিনৰ ভাগতে। দিনত টোপনি আহিলে কামৰ মানদণ্ড আৰু উৎপাদনশীলতাত প্ৰভাৱ পেলায়। দিনত টোপনি যোৱাৰ প্ৰধান কাৰণ কি কি সেয়া জানি লওঁ আহক-(Reasons of Daytime Sleepiness)

১/ ৰাতি শান্তিৰে শুব নোৱাৰে

দিনত সঘনাই টোপনি অহাৰ এটা সাধাৰণ কাৰণ হ’ল ৰাতি পৰ্যাপ্ত পৰিমাণে টোপনি নোপোৱা। সাধাৰণতে এজন সুস্থ প্ৰাপ্তবয়স্কই দৈনিক ৭ৰ পৰা ৮ ঘণ্টা আৰামত শুব লাগে, কিন্তু যদি ৭ৰ পৰা ৮ ঘণ্টা টোপনি নাহে তেন্তে দিনটোত অলস আৰু ভাগৰুৱা অনুভৱ কৰাটো স্বাভাৱিক।

২) শৰীৰত পুষ্টিৰ অভাৱ(Lack of nutrition in the body)

কিছুমান পুষ্টিৰ অভাৱ, যেনে আইৰণ, ভিটামিন ডি বা ভিটামিন বিৰ অভাৱত ভাগৰুৱা আৰু দিনৰ ভাগত টোপনি অহাৰ কাৰণ হ’ব পাৰে। উদাহৰণস্বৰূপে আইৰণৰ অভাৱত ৰক্তহীনতা হয়, যিটো চিকিৎসাজনিত অৱস্থাত শৰীৰত অক্সিজেন কঢ়িয়াই নিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ ৰক্তকণিকা নাথাকে, যাৰ ফলত স্থায়ী ক্লান্তিৰ সৃষ্টি হয়। শক্তি বিপাকীয় ক্ৰিয়াৰ বাবে ভিটামিন ডি আৰু বি ভিটামিন অতি প্ৰয়োজনীয়, আৰু ইয়াৰ অভাৱে কোষীয় প্ৰক্ৰিয়াসমূহ লেহেমীয়া কৰিব পাৰে, যাৰ ফলত দিনটোত আপুনি মন্থৰ অনুভৱ কৰিব পাৰে।

৩/ ডিহাইড্ৰেচন(Dehydration)

ডিহাইড্ৰেচনৰ ফলত মগজু আৰু পেশীলৈ তেজৰ সোঁত কমি যায়, যাৰ ফলত দিনটোত ভাগৰুৱা আৰু টোপনি অহাৰ সৃষ্টি হয়। যেতিয়া শৰীৰত পৰ্যাপ্ত পৰিমাণৰ তৰল পদাৰ্থৰ অভাৱ হয় তেতিয়া ই অনুকূলভাৱে কাম কৰিব নোৱাৰে, যাৰ ফলত শক্তিৰ মাত্ৰা আৰু সজাগতা হ্ৰাস পায়।

(Tension)যদি আপোনাৰ মানসিক স্বাস্থ্য ভাল নহয় তেন্তে ই আপোনাৰ টোপনিৰ ওপৰত নিশ্চয় প্ৰভাৱ পৰিব। বহু লোকৰ টোপনিৰ ধৰণ উত্তেজনা, হতাশা আৰু উদ্বেগৰ বাবে বিঘ্নিত হয়, যাৰ বাবে দিনত টোপনি আহিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত কোনো কাম কৰিবলৈ মন নাযায়।

Police Raid in Pub: পাবত চলি আছিল অশ্লীল নৃত্য, এই সময়তে চলিল আৰক্ষীৰ অভিযান; আটক ৪০ যুৱতী সহিতে ১০০ৰো অধিক লোক

Police Raid in Pub: Over 140 Arrested, Including 40 Women, for Obscene Dance Performance in Hyderabad
Police Raid in Pub: পাবত চলি আছিল অশ্লীল নৃত্য, এই সময়তে চলিল আৰক্ষীৰ অভিযান; আটক ৪০ যুৱতী সহিতে ১০০ৰো অধিক লোক

হায়দৰাবাদ, ২০ অক্টোবৰ: তেলেংগানাৰ হায়দৰাবাদৰ এটা আভিজাত অঞ্চল বাঞ্জাৰা হিলছৰ এখন পাবত ‘অবৈধ কাৰ্যকলাপ’ত লিপ্ত থকাৰ অভিযোগত ৪০ গৰাকী যুৱতীকে ধৰি ১৪০ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে(Police Raid in Pub) । দেওবাৰে এই তথ্য অৱগত কৰিলে হায়দৰাবাদ আৰক্ষীয়ে ।

হায়দৰাবাদ আৰক্ষীয়ে এক বিবৃতিত উল্লেখ কৰে যে, শুকুৰবাৰে আৰক্ষীৰ এটা দলে বাঞ্জাৰা হিলছত অৱস্থিত টি অ’ এছ পাবত অভিযান চলাই অশ্লীল নৃত্যৰ প্ৰদৰ্শনত অংশগ্ৰহণ কৰাৰ অভিযোগত ১৪০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে(Hyderabad pub raid) । ইতিমধ্যে পাবখন ছীল কৰি দিয়াৰ লগতে এই অসামাজিক কাৰ্যৰ লগত জড়িত ২০জন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে(Hyderabad police arrests)। উল্লেখ্য যে, ইয়াৰে আধা সংখ্যক মহিলা।

মহানগৰখনৰ এগৰাকী সহকাৰী আৰক্ষী আয়ুক্ত (ACP) ই সংবাদ মাধ্যমক জনোৱা অনুসৰি, শুকুৰবাৰে নিশা বাঞ্জাৰা হিলছৰ ৩ নং পথত অৱস্থিত এখন পাবত অভিযান চলাই পাবখনত অবৈধ কাৰ্যত লিপ্ত হোৱাৰ অপৰাধত ১০০ জন পুৰুষ আৰু ৪০ গৰাকী মহিলাক আৰক্ষীয়ে আটক কৰে(Pub raid in Banjara Hills)। ইতিমধ্যে এই পাবখন ছীল কৰি দিয়া হৈছে ।”

সহকাৰী আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে কয় যে, “বিভিন্ন ধাৰাত গোচৰ পঞ্জীয়ন কৰাসকলৰ ভিতৰত বাউঞ্চাৰ, ডিজে অপাৰেটৰ আদিৰ লগতে আছে পাবখনৰ মালিক।” জানিব পৰা অনুসৰি, অভিযুক্তসকলৰ বিৰুদ্ধে আৰোপ কৰা ধাৰাসমূহৰ ভিতৰত আছে ৪২০ (অসৎ উপায়েৰে সামগ্ৰীৰ ডেলিভাৰী), ২৯০ (ৰাজহুৱা উপদ্ৰৱ) আৰু ২৯৪ (অশ্লীল কাৰ্য আৰু সংগীত)।

ইণ্ডিয়া টুডেত প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি , পাবখনত অশ্লীল নৃত্য প্ৰদৰ্শনৰ অভিযোগৰ বাবেই আৰক্ষীৰ দ্বাৰা এই অভিযান চলোৱা হৈছিল। পাবখনৰ গৰাকীয়ে পুৰুষ গ্ৰাহকসলক আকৰ্ষণ কৰি অধিক মুনাফা লাভৰ বাবে বিভিন্ন ৰাজ্যৰ পৰা একাংশ মহিলাক আনি অশ্লীল নৃত্য প্ৰদৰ্শনৰ বাবে নিয়োগ কৰিছিল বুলি অভিযোগ উঠিছিল ।

প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে অভিযানৰ পূৰ্বে পাবখনত চলি অহা অবৈধ কাৰ্যকলাপ নিৰিক্ষণৰ বাবে প্ৰথমে চোৰাংচোৱা নিয়োগ কৰা হৈছিল । চোৰাংচোৱাৰ পৰা অবৈধ কাৰ্যকলাপৰ তথ্য নিশ্চিত হোৱাৰ পিছতে আৰক্ষীৰ দ্বাৰা এই অভিযান চলোৱা হৈছিল। উল্লেখ্য যে যোৱাটো মাহতো তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ পাঁচখনকৈ প্ৰতিষ্ঠিত পাবত আৰক্ষীৰ দ্বাৰা অভিযান চলোৱা হৈছিল(Illegal activities in Hyderabad pubs)।

লগতে পঢ়ক: এগৰাকী বিধায়কলৈ আহিল নগ্ন ভিডিঅ’ কল; ইয়াৰ পিছত কি কৰিলে বিধায়কে ?

Rajasthan Road Accident: চলন্ত বাছে মহতিয়াই নিলে এখন টেম্প’ক; শোকাৱহ দুৰ্ঘটনাটোত ৯টিকৈ শিশুসহ নিহত ১২ গৰাকী লোক

Rajasthan Road Accident Claims 12 Lives, Including 9 Children
Rajasthan Road Accident: চলন্ত বাছে মহতিয়াই নিলে এখন টেম্প’ক; শোকাৱহ দুৰ্ঘটনাটোত ৯টিকৈ শিশুসহ নিহত ১২ গৰাকী লোক

ঢোলপুৰ(ৰাজস্থান), ২০ অক্টোবৰ: ৰাজস্থানৰ ঢোলপুৰ জিলাৰ বাৰি সদৰ থানাৰ অন্তৰ্গত এটা অঞ্চলত ১১ বি নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত শনিবাৰে নিশা প্ৰায় ১১ বজাত এখন শ্লীপাৰ কোচ বাছে খুন্দা মাৰে এখন টেম্প’ক(Rajasthan Road Accident)। এই শোকাৱহ পথ দুৰ্ঘটনাটোত ৯ টি শিশুসহ ১২ গৰাকী লোকৰ মৃত্যু ঘটে। দুৰ্ঘটনাটোৰ পাছতে অঞ্চলটোত এক আতংকময় পৰিবেশে বিৰাজ কৰে(Dholpur bus accident)। ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি কৰি বাৰী চৰকাৰী সাধাৰণ চিকিৎসালয়লৈ প্ৰেৰণ কৰি মৰ্গত ৰখাৰ ব্যৱস্থা কৰে। ইফালে আহত তিনিগৰাকী লোকক সংকটজনক অৱস্থাত ঢোলপুৰৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে(Rajasthan tempo collision) ।

বাৰি কোতৱালি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে, বাৰি চহৰৰ কৰিম কলনী গুমত মহল্লাৰ বাসিন্দা নাহনু আৰু জহীৰ নামৰ ব্যক্তি দুগৰাকীৰ পৰিয়ালৰ সদস্যই সমীপৰে বাৰাউলী গাঁৱৰ কোনো আত্মীয়ৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰি এখন টেম্প’ত ঘৰলৈ উভতি আহিছিল। ঘৰলৈ উভতি অহাৰ অৱস্থাতে সুনিপুৰ গাঁৱৰ সমীপত এখন শ্লীপাৰ কোচ বাছে তেওঁলোকৰ টেম্প’খনত খুন্দা মাৰে(Sleeper coach collision)।

এই শোকাৱহ দুৰ্ঘটনাটোত ৯ টি শিশুকে ধৰি ১২ গৰাকী লোকৰ মৃত্যু ঘটিছে(Fatal accident in Rajasthan)। ইফালে আহতসকলৰ ভিতৰত শ্লীপাৰ কোচ বাছখনৰ চালক আৰু কণ্ডাক্টৰজনো আছে। ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, আটাইকেইটা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা দেওবাৰে কৰা হ’ব।

আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন জিম্মাত লোৱাৰ লগতে এই শোকাৱহ দুৰ্ঘটনাটোৰ কাৰণ উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে । এই খবৰ অৱগত হোৱাৰ পাছতে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ জিলা উপায়ুক্ত, বাৰি চক্ৰ বিষয়াকে ধৰি আৰক্ষী আৰু প্ৰশাসনৰ বহুকেইগৰাকী শীৰ্ষ বিষয়াই সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: নৰ বলি! এটি শিশুৰ মৃতদেহ উদ্ধাৰৰ পিছতে পৰিয়ালৰ লোকে আনিলে এই গুৰুতৰ অভিযোগ

Singer Bornali Kalita: কণ্ঠশিল্পী বৰ্ণালী কলিতালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

Barnali Kalita: কণ্ঠশিল্পী বৰ্ণালী কলিতালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী
Barnali Kalita: কণ্ঠশিল্পী বৰ্ণালী কলিতালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

কণ্ঠশিল্পী বৰ্ণালী কলিতালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী। দিল্লীৰ Integrated Global University য়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে কণ্ঠশিল্পী বৰ্ণালী কলিতাক।(Singer Bornali Kalita)

২৯ মে’ত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত এক অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হয় কণ্ঠশিল্পীগৰাকীক। দিল্লীৰ একেখন বিশ্ববিদ্যালয়ৰে Global Chamber Of Commerce Industry & Agriculture বিভাগে ‘Lord Gautam Buddha International Peace Award 2024’ও প্ৰদান কৰে বৰ্ণালী কলিতাক। এই সন্মানত স্বাভাৱিকতে উৎফুল্লিত শিল্পী বৰ্ণালী কলিতা।(Doctorate degree to vocalist Bornali Kalita)

সামাজিক মাধ্যমত কণ্ঠশিল্পীগৰাকীয়ে কয় যে Integrated Global University, Delhi য়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদানৰ বাবে দুগৰাকীমান ব্যক্তিৰ লগতে মোকো নিৰ্বাচিত কৰে। ২৯ মে’ ২০২৪ চনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে যদিও সেই সময়ত Singapore ত মোৰ গীতৰ অনুষ্ঠান থকাৰ বাবে সেই অনুষ্ঠানত মই উপস্থিত থাকিব নোৱাৰিলোঁ। Integrated Global University, Delhi ক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

উল্লেখযোগ্য যে, Integrated Global University আৰু Global Chamber Of Commerce Industry & Agriculture ৰে মোলৈ ‘Lord Gautam Buddha International Peace Award 2024’ আগবঢ়ায়। এই বঁটাৰ বাবে মোক যোগ্য বুলি বিবেচিত কৰাৰ বাবে দুয়োটি অনুষ্ঠানক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মৰম, আৰ্শীবাদে মোক এই প্ৰাপ্তিৰ সুখ প্ৰদান কৰিছে। সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।

এইদৰে উৎফুল্লিত হৈ শিল্পী বৰ্ণালী কলিতাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Lukewarm Water: কুহুমীয়া পানী খাই নেকি? কুহুমীয়া পানীৰ আছে বহু অপকাৰিতা

Lukewarm Water: কুহুমীয়া পানী
Lukewarm Water: কুহুমীয়া পানী

পানীয়ে জীৱৰ প্ৰাণ। পানী আমাৰ জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ অংগ। বায়ুৰ পিছত জীয়াই থকাৰ বাবে পানী আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান বুলি গণ্য কৰা হয়। বহুতো স্বাস্থ্য বিশেষজ্ঞই আমাক সাধাৰণ পানীৰ পৰিৱৰ্তে কুহুমীয়া পানী খাবলৈ পৰামৰ্শ দিয়ে। (Lukewarm Water)

(drink only lukewarm water for a month)কুহুমীয়া পানী আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। কুহুমীয়া পানী খাব লাগে, কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে যদি আপুনি এমাহৰ বাবে দৈনিক কেৱল কুহুমীয়া পানীহে খায় তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰ হ’বনে ক্ষতি হ’ব! আহকচোন জানো আজি ঠাণ্ডা, গৰমৰ পৰিৱৰ্তে কুহুমীয়া পানীৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে।(Effect Of Lukewarm Water)

কুহুমীয়া পানী খোৱাৰ উপকাৰিতাৰ-(benefits of drinking lukewarm water)

১/ জিলিকি থকা ছাল(skin)
বহু ছালৰ যত্ন বিশেষজ্ঞৰ মতে এজন ব্যক্তিয়ে যদি এমাহ কুহুমীয়া পানী খায় তেন্তে তেওঁৰ ছালখন উজ্বল হৈ উঠিব আৰু ছালৰ বহু সমস্যাৰ পৰাও আৰোগ্য হ’ব পাৰে।

২/ শীতকালত লাভৱান হোৱা(Benefit in winter season)
বিশেষকৈ শীতকালত গৰম পানীয়ে শাৰীৰিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে। চৰ্দি, কাহ, জ্বৰৰ দৰে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে।

৩/ ওজন নিয়ন্ত্ৰণ(Weight Control)
কুহুমীয়া পানী সেৱনে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে, কিয়নো ই ভোক কমায় আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে।

আনহাতে কুহুমীয়া পানী খোৱাৰ অসুবিধাও আছে-

১) শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ(Lack of nutrients in the body)
যদি আপুনি এমাহলৈকে কেৱল কুহুমীয়া পানীহে খাই থাকে তেন্তে অত্যাৱশ্যকীয় পুষ্টি আৰু ভিটামিনৰ অভাৱত ভুগিব পাৰে, যাৰ ফলত শৰীৰত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।

২/ শাৰীৰিক সমস্যা
কুহুমীয়া পানী খালে শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। যেনে- প্ৰস্ৰাৱত অসুবিধা, ভাগৰুৱা, আৰু সঘনাই প্ৰস্ৰাৱ কৰা ইত্যাদি।

এই কথা মনত ৰাখিব
সুস্বাস্থ্যৰ বাবে প্ৰয়োজন অনুসৰি কুহুমীয়া পানী খাব পাৰে, কিন্তু কেৱল কুহুমীয়া পানী খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। ইয়াৰ পৰিমাণ কিমান হ’ব লাগে সেই বিষয়ে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।

Floating cash incident: নলাৰে ভাঁহি আহিল অসংখ্য ৫০০ টকীয়া নোট, নলাত জপিয়াই বিভিন্নজনে সংগ্ৰহ কৰিলে প্ৰায় ২.৫ লাখ টকা

Floating cash incident: ₹500 Notes Worth Over ₹2.5 Lakh Float in Sangli Drain, Locals Rush to Collect Cash
Floating cash incident: নলাৰে ভাঁহি আহিল অসংখ্য ৫০০ টকীয়া নোট, নলাত জপিয়াই বিভিন্নজনে সংগ্ৰহ কৰিলে প্ৰায় ২.৫ লাখ টকা

সাংগলী(মহাৰাষ্ট্ৰ), ১৯ অক্টোবৰ: নলাৰে ভাঁহি অহা অৱস্থাত অসংখ্য ৫০০ টকীয়া নোট দেখাৰ পাছত কোন মানুহ ৰৈ থাকিব পাৰে ? নলাটোৰে বৈ যোৱা নোটবোৰ সংগ্ৰহ কৰিবলৈ নলাটোত জপিয়াই পৰিল অসংখ্য লোক(Floating cash incident)। লোকসকলৰ মাজত দেখিবলৈ পোৱা গ’ল ব্যাপক উৎসাহ।

আচলতে এইন ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ সাংলি জিলাৰ অন্তৰ্গত আটপাডী নামৰ এটা অঞ্চলত(Maharashtra news)। অঞ্চলটোৰ এটা নলাৰে অসংখ্য ৫০০ টকীয়া নোট বৈ অহাৰ খবৰটো চৌদিশে বিয়পি পৰাৰ পাছতে নোটবাৰ সংগ্ৰহ কৰিবৰ বাবে সেই স্থানত ভিৰ কৰিলেহি বহু লোকে(Sangli drain money)।

প্ৰথমে এই দৃশ্য প্ৰত্যক্ষ কৰিলে আটপাডীত বহা শনিবাৰীয়া সাপ্তাহিক বজাৰলৈ অহা একাংশ লোকে । ইয়াৰ পিছতে সেই স্থানত গোট খোৱা লোকবোৰে নোটবোৰ সংগ্ৰহৰ বাবে নলটোত জপিয়াই পৰিল । অনুমান কৰা অনুসৰি, নলাটোৰ পৰা লোকসকলে প্ৰায় দুইৰ পৰা আঢ়ৈ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।

তথ্য অনুসৰি প্ৰতি শনিবাৰে আটাপাডী নামৰ অঞ্চলটোত বঢ়া সাপ্তাহিক বজাৰৰ সমীপতে থকা আম্বাবাই মন্দিৰৰ কাষেৰে বৈ গৈছে এটা নলা। যিহেতু শনিবাৰে আছিল এই বজাৰৰ দিন । সেয়েহে পুৱাৰে পৰা সেই অঞ্চলটোত অজস্ৰ লোকে ভিৰ কৰিছিলহি। ইয়াৰ মাজতে পুৱা প্ৰায় ৯ মান বজাত বজাৰলৈ যোৱা একাংশ লোকে নলাটোৰে বৈ যোৱা অৱস্থাত টকাবোৰ প্ৰত্যক্ষ কৰে।

প্ৰথমে কেইজনমান লোকে নলটোত নামি নোটবোৰ আচল নে নকল সেইয়া পৰীক্ষা কৰে । যেতিয়া তেওঁলোকে ৫০০ টকীয়া এই নোটবোৰ সঁচা বুলি নিশ্চিত হ’ল তাৰ পাছতে খবৰটো বতাহৰ দৰে অঞ্চলটোত বিয়পি পৰিল। ইয়াৰ পিছতে সেই স্থানত উপস্থিত হোৱা বৃহৎ সংখ্যক লোকে নলাটোত জপিয়াই নোটবোৰ সংগ্ৰহ কৰাত লাগে।

ইফালে এই খবৰ লাভ কৰাৰ পিছতেই সেই স্থানত উপস্থিত হ’লহি আটাপাডী আৰক্ষী । উপস্থিত আৰক্ষীয়ে নলাটোৰ পৰা মানুহবোৰক আতঁৰাই নিজেও নোটবোৰ সংগ্ৰহৰ কামত লাগি যায়। কিন্তু এই টকাবোৰ ক’ৰ পৰা আহিল? কোনে নলাত পেলালে সেইয়া এতিয়াও সাথৰ হৈ আছে । এই ঘটনাটোক লৈ ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক: নৰ বলি! এটি শিশুৰ মৃতদেহ উদ্ধাৰৰ পিছতে পৰিয়ালৰ লোকে আনিলে এই গুৰুতৰ অভিযোগ

All Assam Inter-District Wrestling Championship: সপ্তদশসংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ শুভাৰম্ভ

All Assam Inter-District Wrestling Championship: সপ্তদশসংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ শুভাৰম্ভ
All Assam Inter-District Wrestling Championship: সপ্তদশসংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ শুভাৰম্ভ

গুৱাহাটী, ১৯ অক্টোবৰঃ আজিৰ পৰা অসম মল্লযুঁজ সন্থাৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণ ৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত(Tarun Ram Fukan Indore Stadium) বহু প্ৰত্যাশিত সদৌ সপ্তদশ অসম আন্তঃ জিলা মল্লযুঁজ প্ৰতিযোগিতা (All Assam Inter-District Wrestling Championship)আৰম্ভ হৈছে।

১৯ অক্টোবৰৰ পৰা আৰু ২০ অক্টোবৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতা আজি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে।

আজি উদ্বোধনী অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টী, হাৰিয়ানা প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, অসম চৰকাৰৰ মহাধিবক্তা তথা অসম মল্লযুঁজ সন্থাৰ মুখ্য ন্যায়িক উপদেষ্টা দেৱজিৎ ল’ন শইকীয়া, ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাস, পূব গুৱাহাটী আৰু নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰূপক শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ অশোক ভৰালী, অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক উজ্জ্বল বৰুৱাকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত থাকে।

উল্লেখ্য যে আজি আন্তঃ জিলা প্ৰতিযোগিতাখনত ৰাজ্যৰ ৩০খন জিলাৰ পৰা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এই চেম্পিয়নশ্বিপৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কত অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মাই কয় যে— এই প্ৰতিযোগিতাৰ জৰিয়তে অসমৰ চহকী মল্লযুঁজৰ পৰম্পৰা প্ৰদৰ্শন, উদীয়মান খেলুৱৈসকলক নিজৰ দক্ষতা প্ৰদৰ্শন আৰু উচ্চ পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণৰ মঞ্চ প্ৰদান কৰা।

ইয়াত বিভিন্ন জিলাৰ মল্লযুঁজাৰুসকলে অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানে প্ৰতিযোগীসকলৰ এথলেটিক দক্ষতাক উজ্জ্বল কৰি তোলাই নহয়, অংশগ্ৰহণকাৰীসকলৰ মাজত একতাৰ মনোভাব আৰু ক্ৰীড়াসুলভ মানসিকতাক অধিক গাঢ় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে।

তেওঁ লগতে কয়- অসমত মল্লযুঁজক খেল হিচাপে প্ৰচাৰ কৰি যুৱক-যুৱতীসকলৰ শাৰীৰিক ফিটনেছক উৎসাহিত কৰাৰ উদ্দেশ্যে এই চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছে।