Home Blog Page 532

Wayanad Lok Sabha constituency by-election: ৱায়ানাডত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীৰ সমুখত সমৰত বিজেপিৰ নব্য হৰিদাস

Wayanad Lok Sabha constituency by-election: ৱায়ানাডত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীৰ সমুখত সমৰত বিজেপিৰ নব্য হৰিদাস
Wayanad Lok Sabha constituency by-election: ৱায়ানাডত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীৰ সমুখত সমৰত বিজেপিৰ নব্য হৰিদাস

গুৱাহাটী, ১৯ অক্টোবৰঃ দেশৰ কেইবাটাও বিধানসভা সমষ্টিৰ লগতে ৱায়ানাড লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক (Wayanad Lok Sabha constituency by-election)লৈ এতিয়া ৰানৈতিক দলসমূহ সক্ৰিয় হৈ পৰিছে। ২৩ অক্টোবৰ বুধবাৰে ৱায়ানাড লোকসভা উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই (Congress’ Priyanka Gandhi)। ৰাহুল গান্ধীৰ সৈতে কৰা ৰ’ডশ্ব’ৰ অন্তত ভাদ্ৰাই ৱায়ানাডৰ কালেক্টৰেটৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিব।নিৰ্বাচন আয়োগে ৱায়ানাড উপ-নিৰ্বাচন ঘোষণা কৰাৰ কিছু সময়ৰ পাছতেই কংগ্ৰেছে আসনখনৰ পৰা প্ৰিয়ংকা গান্ধী প্ৰাৰ্থী হ’ব বুলি ঘোষণা কৰিছিল।


২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ কিছুদিন পিছতে ৰাহুল গান্ধীয়ে পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ হাতত থকা উত্তৰ প্ৰদেশৰ ৰায়েবৰেলী সংসদীয় সমষ্টিটো অক্ষুণ্ণ ৰাখিব আৰু কেৰেলাৰ ৱায়ানাডৰ আসনখন খালী কৰিব বুলি সিদ্ধান্ত লৈছিল। সেই সমষ্টিটোৰ পৰা এতিয়া তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী অভিষেক ঘটাব।


যদি তেওঁ আসনখনত জয়ী হয় তেন্তে এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰিয়ংকা গান্ধীয়ে সদনত প্ৰৱেশ কৰিব। গান্ধী পৰিয়ালৰ তিনিজন সদস্য- ছোনিয়া, ৰাহুল, আৰু প্ৰিয়ংকা- একেলগে সংসদত উপস্থিত হ’ব পাৰিব।

ইফালে, চিপিআইৰ জ্যেষ্ঠ নেতা সত্যন মকেৰী ৱায়ানাড লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে এলডিএফৰ প্ৰাৰ্থী হ’ব। বৃহস্পতিবাৰে এই সিদ্ধান্ত ঘোষণা কৰে চিপিআইৰ ৰাজ্যিক সম্পাদক বিনয় বিশ্বেই।

শনিবাৰে মকেৰীয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি প্ৰিয়ংকা গান্ধীক সমালোচনা কৰি জয়ী হ’লে সমষ্টিটোত প্ৰিয়ংকা উপস্থিত থাকিব নে বুলি প্ৰশ্ন উত্থাপন কৰে।

চিপিআইৰ জ্যেষ্ঠ নেতা মকেৰীয়ে ২০১৪ চনত ৱায়ানাডৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

মকেৰীয়ে কয় “ৰাহুল গান্ধীয়ে গ্ৰহণ কৰা স্থিতিলৈ চাওক। তেওঁ জয়ী হৈ তাৰ পিছত গুচি গ’ল।

তেওঁ ইয়াত কিমান দিন আছিল? যিসকলে এনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহি তাৰ পিছত গুচি যায়, তেওঁলোকে সমষ্টিৰ ৰাইজে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান কৰিব নোৱাৰে।”

আনহাতে, বিজেপিৰ পৰা নব্য হৰিদাসক টিকট দিছে। এতিয়া প্ৰিয়ংকা গান্ধীৰ সমুখত বিজেপিৰ নব্য হৰিদাস (BJP’s Navya Haridas)। ৰাহুল গান্ধীয়ে দুটা সমষ্টিত জয়ী হৈ এই সমষ্টিটো এৰি দিছিল।

Assam, By-elections : উপ-নিৰ্বাচনঃ অসমৰ তিনি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

Assam, By-elections : উপ-নিৰ্বাচনঃ অসমৰ তিনি সমষ্টিত বিজেপিৰ প্ৰাৰ্থাী তালিকা ঘোষণা
Assam, By-elections : উপ-নিৰ্বাচনঃ অসমৰ তিনি সমষ্টিত বিজেপিৰ প্ৰাৰ্থাী তালিকা ঘোষণা

গুৱাহাটী, ১৯ অক্টোবৰঃ ১৩ নবেম্বৰত অসমৰ পাঁচ সমষ্টিত উপ-নিৰ্বাচন (Assam, By-elections)। উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে (BJP) শনিবাৰে তিনিটা সমষ্টিত প্ৰাৰ্থীৰ নাম তালিকা প্ৰকাশ কৰে।

সেইমৰ্মে ধলাইত নিহাৰ ৰঞ্জন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে বিহালীত দিগন্ত ঘাটোৱাৰক আৰু চামগুৰিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে দীপ্লু ৰঞ্জন শৰ্মাক।

উল্লেখ্য অসমৰ পাঁচটা বিধানসভা (Assembly Elections) সমষ্টিৰ উৰপি দেশৰ ৪৮টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। লগতে দুটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিনো ঘোষণা নিৰ্বাচন আয়োগৰ।

ভাৰতীয় নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে বহুকেইখন ৰাজ্যত হ’বলগা উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছিল। এই উপ-নিৰ্বাচন দুটা পৰ্যায়ত ১৩ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব।

অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এই উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগা অসমৰ সমষ্টিকেইটা হৈছে– ১১নং ধলাই, ৩১নং চিদলী, ৩২নং বঙাইগাঁও, ৭৭নং বিহালী আৰু ৮৮নং চামগুৰি সমষ্টি।

মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম তাৰিখ হ’ব ২৫ অক্টোবৰ। ২৮ অক্টোবৰত হ’ব মনোনয়ন পৰীক্ষা। প্ৰাৰ্থীসকলৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৩০ অক্টোবৰৰ দিন ধাৰ্য।

ইয়াৰ উপৰি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ।

Debate Competition: নিতাইপুখুৰীত সদৌ অসম আন্তঃশিক্ষানুষ্ঠানতৰ্ক প্ৰতিযোগিতা কোনে পালে প্ৰথম পুৰস্কাৰ ?

Debate Competition: নিতাইপুখুৰীত সদৌ অসম আন্তঃশিক্ষানুষ্ঠানতৰ্ক প্ৰতিযোগিতা কোনে পালে প্ৰথম পুৰস্কাৰ ?
Debate Competition: নিতাইপুখুৰীত সদৌ অসম আন্তঃশিক্ষানুষ্ঠানতৰ্ক প্ৰতিযোগিতা কোনে পালে প্ৰথম পুৰস্কাৰ ?

দৈনন্দিন বাৰ্তাৰ বিশেষ সেৱা,ডিমৌ,১৯ অক্টোবৰঃ– সামাজিক সংগঠন সুৰক্ষা আৰু নিতাইপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ জিলাৰ নিতাইপুখুৰী ৰাজহুৱা ভৱনত আজি অনুষ্ঠিত শিক্ষাবিদ প্ৰয়াত মংগল দেউৰী আৰু পুণ্যেশ্বৰ চেতিয়া সোঁৱৰণি সদৌ অসম আন্তঃশিক্ষানুষ্ঠান তৰ্ক প্ৰতিযোগিতা সফলতাৰে সমাপ্ত হয়৷কাৰ্যসূচী অনুসৰি পুৱা প্ৰয়াত মংগল দেউৰী আৰু পুণ্যেশ্বৰ চেতিয়াৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে পৰিয়ালবৰ্গই৷ইয়াৰ পিছতে প্ৰতিযোগিতা উদ্ধোধন কৰে নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰজনী কান্ত দত্তই ৷(Debate Competition)

উদযাপন সমিতিৰ সম্পাদক ভাগৱ লিগিৰাই আঁত ধৰা তথা দৈনিক জনমভূমি কাকতৰ যোৰহাট সংস্কৰণৰ জ্যেষ্ঠ বাৰ্তা সম্পাদক শাংকৱ কৌশিক বৰুৱাই সঞ্চালনা কৰা সদনৰ মতে “ কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক প্ৰয়োগে গণতন্ত্ৰ আৰু সমাজ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ” শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিক হিচাপে নিৰ্বাচিত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উৎপল বৰা৷দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক হিচাপে নিৰ্বাচিত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মিন্ময় বৰা ৷তৃতীয় শ্ৰেষ্ঠ তাৰ্কিক লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ কপিলদেৱ গোস্বামী ৷

আনহাতে প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উৎপলজ্যোতি বৰা আৰু মণ্ময় বৰা৷দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ গীতাৰ্থ বৰা আৰু কপিল দেৱগোস্বামীয়ে৷ বিচাৰকৰ বিশেষ বঁটা লাভ কৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাণৱন্ত প্ৰন্ত হাজৰিকাই৷বিচাৰকৰ দায়িত্বত থাকে ক্ৰমে ড° মহাশ্বেতা দেৱী , অভিশেষ কব্ৰা আৰু ছন্দোপল শইকীয়া৷ইফালে বিজয়ী প্ৰতিযোগিসকলক বঁটা প্ৰদান কৰে ক্ৰমে দৈনিক জনমভূমি আৰু প্ৰাগ নিউজ, যোৰহাটৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক আচাৰ্য , শাংকৱ কৌশিক বৰুৱা , দাতা পৰিয়ালৰ হৈ খীৰোদ চেতিয়া , মৃদুল দেউৰী , দৈনিক জনমভূমি কাকতৰ প্ৰচলন বিভাগৰ পৰিচালক ৰাজীৱ ভট্টাচাৰ্য , মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক ড° নিৰোদ গোঁহাই , সমাজকৰ্মী নিৰোজ কুমাৰ মেধি আৰু উদযাপন সমিতিৰ সভাপতি বিপিন দত্তই৷শলাগৰ শৰাই আগবঢ়াই সামাজিক সংগঠন সুৰক্ষাৰ সভাপতি খীৰোদ গগৈয়ে৷

Hargila । জাৰ্মানীত ড: পূৰ্ণিমা দেৱী বৰ্মনৰ পৰিৱেশ কৰ্মশালাত অসমৰ হৰগিলাৰ বেবী শ্বাৱাৰ অনুষ্ঠান

Hargila । জাৰ্মানীত ড: পূৰ্ণিমা দেৱী বৰ্মনৰ পৰিৱেশ কৰ্মশালাত অসমৰ হৰগিলাৰ বেবী শ্বাৱাৰ অনুষ্ঠান
Hargila । জাৰ্মানীত ড: পূৰ্ণিমা দেৱী বৰ্মনৰ পৰিৱেশ কৰ্মশালাত অসমৰ হৰগিলাৰ বেবী শ্বাৱাৰ অনুষ্ঠান

দৈনন্দিন বাৰ্তা সেৱা, বংশৰ,১৯ অক্টোবৰ:– অসমৰ প্ৰখ্যাত সংৰক্ষণবিদ তথা হুইটলী স্বৰ্ণ বঁটা বিজয়ী ড: পূৰ্ণিমা দেৱী বৰ্মনে জাৰ্মানীৰউইলহেলমা জুলজিকেল এণ্ড বটানিকেল গাৰ্ডেনত ২০ জন সংৰক্ষণমুখী যুৱক-যুৱতী, চিৰিয়াখানা ৰক্ষক আৰু মালিকৰ বাবে আয়োজিত এই অনুষ্ঠানত শিক্ষা, শিল্প আৰু পৰিৱেশ সজাগতাৰ এক অনন্য ৰূপত সংমিশ্ৰণ ঘটিছিল। ড: পূৰ্ণিমা দেৱী বৰ্মনে অংশগ্ৰহণকাৰী সকলক অসমৰ চহকী জৈৱ বৈচিত্ৰ্যৰ সৈতে পৰিচয় কৰাই দি অধিৱেশনৰ আৰম্ভণি কৰে, বিশেষকৈ বিৰল বৃহত্তৰ এডজুটেণ্ট ষ্টৰ্ক (হাৰগিলা)কে ধৰি বিভিন্ন প্ৰজাতিৰ ষ্টৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।(Hargila) (Germany)

সকলো যুৱক-যুৱতীয়ে তেওঁলোকক আগুৰি থকা নিজ নিজ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি গভীৰ প্ৰেম অৰ্জন কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছতে তেওঁ হৰগিলা আৰু ইয়াৰ বাসস্থান ৰক্ষাৰ বাবে কাম কৰি থকা অসমৰ মহিলা সকলৰ নেতৃত্বত জনগোষ্ঠী চালিত সংৰক্ষণ পদক্ষেপ ‘হাৰগিলা সেন’ৰ প্ৰেৰণা দায়ক যাত্ৰাৰ বিষয়ে অৱগত কৰে। কৰ্মশালাত পৰিৱেশ শিক্ষাৰ আধাৰত গীত আৰু প্ৰতীকী ‘পঞ্চমৃত’ (বেবী শ্বাৱাৰ) অনুষ্ঠান অনুষ্ঠিত হয়। য’ত হৰগিলা পোৱালিৰ মংগলৰ বাবে প্ৰয়োজনীয় যত্ন আৰু লালন পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। হৰগিলা সেনাবাহিনীৰ মহিলা সকলৰ অসমীয়া নাম কীৰ্তন (সম্প্ৰদায়ৰ প্ৰাৰ্থনা) ভিডিঅ’বজাই ছাত্ৰ-ছাত্ৰী সকলক হৰগিলা সেনাবাহিনীৰ পৰা অসমীয়া মহিলা সকলৰ সৈতে সংযোগ স্থাপন কৰিবলৈ অনুৰোধ জনায়।


” পঞ্চমৃত” অনুষ্ঠানৰ তাৎপৰ্যৰ বিষয়ে বুজাই দি তাৰ পিছত চৰাই প্ৰজাতিৰ মাজৰ গৰ্ভৱতী মাতৃসকলকো প্ৰতীকীভাৱে একে সন্মান আৰু উদযাপনৰ প্ৰয়োজন বুলিও কয় আৰু অংশগ্ৰহণকাৰী সকলোকো একে কাম কৰিবলৈ আহ্বান জনায়। ড: পূৰ্ণিমা দেৱী বৰ্মনে কয় যে কেনেকৈ তেওঁ আৰু তাইৰ দলটোৱে বেবী শ্বাৱাৰ উদযাপন কৰিছিল, প্ৰতি বছৰে হৰগিলাৰ মাতৃ, হৰগিলা আৰু তেওঁলোকৰ কেঁচুৱাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ। ড: বৰ্মনে কয় যে প্ৰকৃতিও মাতৃত্বৰ কথা আৰু আমি ইয়াক উপলব্ধি আৰু সন্মান কৰাটো প্ৰয়োজন। ইয়াৰ উপৰিও কৰ্মশালাখনত চৰাইৰ বিলৰ ক্লাট ক্লাটাৰিং গীতকে ধৰি আন বহুতো সৃষ্টিশীল কাৰ্যকলাপো অন্তৰ্ভুক্ত কৰা হৈছিল।ড: বৰ্মনে অংশগ্ৰহণকাৰী সকলক হৰগিলা থিমৰ চিত্ৰকলা, জেটুকা, শিল্প আৰু সংগীতৰ দৰে সৃষ্টিশীল কাৰ্যকলাপত জড়িত কৰি শিল্প আৰু সংস্কৃতিৰ জৰিয়তে সংৰক্ষণ প্ৰচেষ্টাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ উৎসাহিত কৰিছিল।


অনুষ্ঠানটোৰ এটা আলোকপাত হ’ল হৰগিলা সেনাবাহিনীৰ অসমীয়া নাম-কীৰ্তন পৰিৱেশন, যিয়ে উপস্থিত সকলৰ মাজত গভীৰভাৱে অনুৰণন ঘটালে। ড: বৰ্মনে চৰাইৰ মাতও প্ৰৰ্দশন কৰিছিল আৰু শিক্ষামূলক খেলৰ নেতৃত্ব দিছিল, যাৰ ফলত শিক্ষণ অভিজ্ঞতা আকৰ্ষণীয় আৰু উপভোগ্য দুয়োটা হৈ পৰিছিল। যুৱক-যুৱতী সকলে কৰ্মশালা খনক অন্তদৃৰ্ষ্টিসম্পন্ন আৰু প্ৰেৰণাদায়ক বুলি বিবেচনা কৰিছিল। ড: বৰ্মনে কয় যে এই যুৱক-যুৱতী সকলেক লগ পোৱাটোৱে মোক আশা আৰু আশাবাদেৰে ভৰাই তোলে। সঁচা অৰ্থত এইসকলই হৈছে সংৰক্ষণ ক্ষেত্ৰত আমি সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ সমাধান।মোৰ মিছনত বিশ্বৰ সকলো যুৱক-যুৱতীক লগ পোৱা আৰু তেওঁলোকক আশা আৰু আশাবাদ দিয়াটোও অন্তৰ্ভুক্ত যাতে প্ৰকৃতিক ভাল পায় আৰু প্ৰকৃতিৰ দুত হ’ব পাৰে।

য়াৰ পূৰ্বে ১৬ অক্টোবৰত ড: বৰ্মনে উইলহেলমাত ২০ জন সংৰক্ষণ শিক্ষাবিদৰ সৈতে আন এক সফল কৰ্মশালা অনুষ্ঠিত কৰিছিল, য’ত হৰগিলা সংৰক্ষণ আৰু সহাৱস্থান শিক্ষাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। অসমত সংৰক্ষণৰ প্ৰচেষ্টাত সহাৱস্থান শিক্ষা কেনেদৰে একত্ৰিত কৰা হয় সেই সম্পৰ্কে মুল অন্তদৃৰ্ষ্টি ভাগ-বতৰা কৰে। ইয়াৰ উপৰিও ড: বৰ্মনে উইলহেলমা চিৰিয়াখানাৰ বিষয়া সকলে আয়োজন কৰা শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসমৰ পৰিৱেশ শিক্ষা আৰু শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ পৰা লাভ কৰা অভিজ্ঞতাসমুহ শিকিব আৰু ধাৰণা বিনিময় কৰে, প্ৰকৃতিৰ সুৰক্ষাৰ বাবে পৰৱৰ্তী প্ৰজন্মক শিক্ষিত কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ড: পূৰ্ণিমা দেৱী বৰ্মনৰ উইলহেলমাত অনুষ্ঠিত কৰ্মশালাসমুহে অসমৰ জৈৱ বৈচিত্ৰ্য, চহকী সংস্কৃতিক শক্তিশালী ভাৱে প্ৰতিনিধিত্ব কৰাৰ লগতে সংৰক্ষণৰ বিশ্বব্যাপী গুৰুত্ব আৰু বৃহত্তৰ এডজুটেণ্ট ষ্টৰ্কৰ দৰে বিলুপ্ত প্ৰায় প্ৰজাতিৰ সংৰক্ষণৰ বাবে জনগোষ্ঠীসমুহক অনুপ্ৰাণিত কৰাত শিক্ষা, শিল্প, সাংস্কৃতিক বিনিময়ৰ ভুমিকাক আলোকপাত কৰিছে।

Tai Ahom Community : তাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত প্ৰতিবাদ

Tai Ahom Community : তাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত প্ৰতিবাদ
Tai Ahom Community : তাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত প্ৰতিবাদ

১৯ অক্টোবৰ, ২০২৪, গুৱাহাটী– টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা আৰু স্বায়ত্ব শাসনৰ প্ৰদানৰ দাবীত জনগোষ্ঠীটোৰ চাৰিটাকৈ শক্তিশালী সংগঠন টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপা, সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু, আহোম সভা আৰু আহোম সেনাই এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰৰ দুয়োখন চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। (Tai Ahom Community )

ইয়াৰ প্ৰতিবাদত টাই আহোম জনগোষ্ঠীৰ সংগঠন কেইটাই একত্ৰিত ভাৱে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে কয় যে – ২০১৪ চনৰ পৰা লোকসভাৰ নিৰ্বাচনেই হওক অসম বিধান সভাৰ নিৰ্বাচনেই হওক প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহোমৰ ভোট লৈ ক্ষমতালৈ আহি প্ৰতিশ্ৰুতি পূৰণ নকৰি বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে।

টাইপাৰ সভাপতি গৰাকীয়ে লগতে উল্লেখ কৰে যে – বৰ্তমানৰ অসমৰ মূখ্যমন্ত্ৰীজন ক্ষমতাত থকালৈকে টাই আহোম সকলৰ জনজাতিকৰণ সম্ভৱ নহয় কিয়নো তেখেতৰ অধ্যক্ষতাত গঠিত মন্ত্ৰীগোটৰ প্ৰতিবেদন আজিকোপতি কেন্দ্ৰলৈ প্ৰেৰণ নকৰিলে।যদিহে ২০২৬ ৰ অসম বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান নকৰে তেতিয়া তাৰ প্ৰত্যুত্তৰ টাই আহোম জনগোষ্ঠীয়ে বেলটৰ জৰিয়তে দিব আৰু প্ৰয়োজনত ইয়াৰ বাবে জনগোষ্ঠীটোৱে বিকল্প ৰাজনীতিৰ কথাও চিন্তা কৰিব বুলি দিগন্ত তামুলীয়ে উল্লেখ কৰে।

আটাছু সভাপতি মিলন বুঢ়াগোহাঁইয়ে কয় যে – জনজাতিকৰণ নকৰা বাবে টাই আহোম সকলে স্ব-জনগেষ্ঠীয় মূখ্যমন্ত্ৰীয়ে ক্ষমতাৰ পৰা অপসাৰিত কৰিছে তেনেক্ষেত্ৰত বৰ্তমানৰ মূখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ একে পৰিণতিতে হোৱাটো স্বাভাৱিক। বিধান সভাৰ নিৰ্বাচনৰ আগতেই টাই আহোমক জনজাতিকৰণ নকৰিলে বিজেপিক জনগোষ্ঠীটোৱে অসমৰ শাসনৰ পৰা উৎখাত কৰিব বুলিও মিলন বুঢ়াগোহাঁইয়ে কয়। আহোম সভাৰ সম্পাদক প্ৰাঞ্জল ৰাজ কোঁৱৰে কয় যে – আমি জনজাতিকৰণ নোপোৱা পৰ্যন্ত ধাৰাবাহিক ভাৱে আন্দোলন কাৰ্যসূচীত চলাই যাব লাগিব আৰু এই কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচীৰ লগতে ৰাজনৈতিক কৰ্মসূচীয়ো চলাই যাব লাগিব।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কেউটা সংগঠনৰ পাঁছ শতাধিক সদস্যই ” ন’ এছ.টি., ন’ ৰেষ্ট “, ‘ ন’ এছ.টি., ন’ ভোট”, জাগিছে আহোম জাগিবই, জনজাতিকৰণ আমাক লাগিবই “, ” বিজেপি চৰকাৰ মুৰ্দাবাদ”, ” নৰেন্দ্ৰ মোদী হুচিয়াৰ “, “হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই ” ইত্যাদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। ইয়াৰ ওপৰিও অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আটাছুৰ উপদেষ্টা অনিল গগৈ, কাৰ্যকৰী সভাপতি দেবজিত গগৈ, সম্পাদক ভাস্কৰ বৰগোহাঁই, টাইপাৰ কাৰ্যকৰী সভাপতি ভৃগু হাটীমুৰীয়া, যুটীয়া সম্পাদক দ্বয় দীপজ্যোতি দুৱৰা, শোভন কোঁৱৰ, আহোম সেনাৰ জয়ন্ত গগৈকে ধৰি বহুকেইজন টাই আহোম সংগঠনৰ নেতাই প্ৰতিবাদী বক্তব্য প্ৰদান কৰে। কাৰ্যসূচীৰ অন্তত টাই আহোম সকলক শিঘ্ৰেই জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত কেউটা সংগঠনৰ সভাপতি, সম্পাদকৰ দ্বাৰা স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰতিবাদ স্থলীত উপস্থিত হোৱা উপ আৰক্ষী আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Human Sacrifice: নৰ বলি! এটি শিশুৰ মৃতদেহ উদ্ধাৰৰ পিছতে পৰিয়ালৰ লোকে আনিলে এই গুৰুতৰ অভিযোগ

Human Sacrifice: নৰ বলি! এটি শিশুৰ মৃতদেহ উদ্ধাৰৰ পিছতে পৰিয়ালৰ লোকে আনিলে এই গুৰুতৰ অভিযোগ
Human Sacrifice: নৰ বলি! এটি শিশুৰ মৃতদেহ উদ্ধাৰৰ পিছতে পৰিয়ালৰ লোকে আনিলে এই গুৰুতৰ অভিযোগ

বালাংগীৰ(ওড়িশা), ১৯ অক্টোবৰ: ওড়িশাৰ এখন বনাঞ্চলত এটি ১৩ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনাটো সংঘটিত হৈছে ওড়িশাৰ বালাংগীৰ জিলাৰ লাথোৰ আৰক্ষী চক্ৰৰ অন্তৰ্গত ঝলিয়ালিটি নামৰ এখন গাঁৱত । অঞ্চলটোত অৱস্থিত এখন হাবিৰ পৰা উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ । কোনো অচিনাক্ত লোকে শিশুটিক অপহৰণ কৰি নি বলিদান(Human sacrifice)ৰ বাবে হত্যা কৰা বুলি পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে(ritualistic killings)। বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল সোমনাথ বিৱৰ নামৰ শিশুটি ।

প্ৰাপ্ত তথ্য অনুসৰি, জলপাংকেল গাঁৱৰ তপন বিৱৰ নামৰ লোকজনৰ পুত্ৰ সোমনাথক শেষবাৰৰ বাবে বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত দেখা গৈছিল। পৰৱৰ্তী সময়ত শিশুটিক বিচাৰি নাপাই তেওঁৰ পিতৃ-মাতৃয়ে গাঁৱৰ লগতে আত্মীয়ক খবৰ দিয়ে । বহু বিচাৰ খোচাৰৰ পিছতো শিশুটিৰ কোনো সন্ধান নাপাই স্থানীয় আৰক্ষী থানাত শিশুটিৰ নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰে যদিও পিছদিনা শুকুৰবাৰে পুৱা অঞ্চলটোৰ এখন হাবিত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ (Odisha crime)।

কোনো লোকে পুতিবলৈ চেষ্টা কৰিছিল যদিও মুকলি অৱস্থাতে মৃতদেহটো উদ্ধাৰ কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে(Child murder) । মৃত শিশুটিৰ পিতৃ তপন বিৱৰে এক গুৰুতৰ অভিযোগ উত্থাপনেৰে নিশ্চিত কৰি কয় যে, “তেওঁৰ পুত্ৰক নৰবলিৰ নামত হত্যা কৰা হৈছে । পূৰ্ণিমাৰ ৰাতি এনেধৰণৰ কৰ্ম (নৰ বলি) সাধাৰণ কথা।”

নাৰায়ণ হান্সে নামৰ স্থানীয় লোকজনে কয়, “আমি গোটেই নিশা সোমনাথক বিচাৰি উজাগৰে থাকিলোঁ, কিন্তু ক’তো তেওঁৰ সন্ধান নাপালে।” ইয়াৰ পিছতে ক্ষুব্ধ গাঁওবাসী আৰু ভুক্তভোগীৰ পৰিয়ালে পথ অৱৰোধ কৰি দোষীক কৰায়ত্ত কৰি কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে। ইফালে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত চলোৱাৰ লগতে ফৰেনচিকৰ দল আৰু স্নিফাৰ ডগৰ সহায়ত সকলো দিশৰ পৰা অনুসন্ধান আৰম্ভ কৰিছে।

পাটনাগড়ৰ এছডিপিঅ’ সদানন্দ পূজাৰীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, “গাঁওখনৰ এজন সন্দেহজনক লোকক আটক কৰি আমি জেৰা চলাই আছো। আমি সন্দেহ কৰা অনুসৰি, দীৰ্ঘদিনীয়া পাৰিবাৰিক শত্ৰুতাৰ বাবে এই ঘটনাটো সংঘটিত হ’ব পাৰে।” তেওঁ লগতে কয় যে, ঘটনাটোক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰু পৰিয়ালৰ অভিযোগকে ধৰি সকলো সম্ভাৱ্য দিশ পৰীক্ষা কৰি থকা হৈছে।

উল্লেখ্য যে, দেশৰ বিভিন্ন ৰাজ্যৰ পৰা কু সংস্কাৰ অথবা অন্ধবিশ্বাসৰ নামত নৰবলিৰ দৰে ঘটনা সংঘটিত হৈ অহাৰ বাতৰি পোৱা যায়(Superstitions in India)। যদিও ডাইনী, ক’লা যাদু আৰু অন্ধবিশ্বাসৰ দৰে প্ৰথাসমূহ নাইকিয়া কৰাৰ লগতে ইয়াক নিষিদ্ধ কৰি গঠন কৰা কঠোৰ আইন আছে, তথাপিও বিভিন্ন দুৰ্গম অঞ্চলত আজিও এনে ঘটনা অবিৰতভাৱে সংঘটিত হৈ আহিছে ।

ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ তথ্য অনুসৰি ২০১৪ চনৰ পৰা ২০২১ চনলৈ দেশত মুঠ ১০৩টা এনে ঘটনাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা হৈছে। ২০১৫ চনত সৰ্বাধিক ২৪টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০১৮ চনত চাৰিটা গোচৰ পঞ্জীয়ন কৰা হৈছে। ২০১৪ ৰ পৰা ২০২১ চনৰ ভিতৰত ছত্তীশগড়ত সৰ্বাধিক ১৪টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে কৰ্ণাটকত ১৩টা আৰু ঝাৰখণ্ডত ১১টা গোচৰ পঞ্জীয়ন হৈছে।

লগতে পঢ়ক: Nude Video Call: এগৰাকী বিধায়কলৈ আহিল নগ্ন ভিডিঅ’ কল; ইয়াৰ পিছত কি কৰিলে বিধায়কে ?

AAP support teachers agitation: শিক্ষকৰ আন্দোলনৰ প্ৰতি ‘আপ’ৰ সমৰ্থন

AAP support teachers agitation: শিক্ষকৰ আন্দোলনৰ প্ৰতি 'আপ'ৰ সমৰ্থন
AAP support teachers agitation: শিক্ষকৰ আন্দোলনৰ প্ৰতি 'আপ'ৰ সমৰ্থন

গুৱাহাটী, ১৯ অক্টোবৰ – ৰাজ্যৰ প্ৰায় ২ লাখ শিক্ষকে বিভাগীয় হোৱাটছ এপ গ্ৰুপ ত্যাগ কৰাৰ জৰিয়তে আৰম্ভ কৰা প্ৰতিবাদী আন্দোলনলৈ সমৰ্থন আগবঢ়াইছে আম আদমী পাৰ্টিয়ে। (AAP support teachers agitation)

আজি এই সন্দৰ্ভত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুনম গগৈয়ে কয়, ” ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষক সকলক বিভিন্ন ধৰণৰ অনা শৈক্ষিক কাম-কাজত জড়িত কৰোৱাৰ ফলত বিদ্যালয় সমূহৰ পাঠদান ব্যাহত হৈছে। (AAP state general secretary Poonam Gogoi)চৰকাৰে জাৰি কৰা নিৰ্দেশনা মানি লৈ শিক্ষাবৰ্ষৰ বেছিভাগ সময়তে অনা শৈক্ষিক কৰ্মত লিপ্ত থকাৰ বাবেই চৰকাৰী স্কুলত গুণগত শিক্ষা দানৰ ক্ষেত্ৰত সফল হ’ব পৰা নাই।

(AAP against involvement of teachers in non-academic work)অতিষ্ঠ হৈ শিক্ষক সকলে বিভাগীয় হোৱাটছ এপ গ্ৰুপ ত্যাগ কৰিছে। আম আদমী পাৰ্টিয়ে শিক্ষক সকলৰ এই প্ৰতিবাদী পদক্ষেপৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। কিয়নো পাঠদানৰ লগত একে সময়তে শিক্ষক সকলে আন কামত জড়িত হোৱাৰ ফলত সঠিক সময়ত পাঠ্যক্ৰম সমাপ্ত কৰাত বাধাৰ সৃষ্টি হয়। (Teachers have left the departmental WhatsApp group)

সেয়েহে শৈক্ষিক দিনপঞ্জীৰ বাহিৰে শিক্ষক সকলক আন কামত যুক্ত কৰোৱাটো উচিত নহয়। ” আপৰ নেত্ৰী পুনম গগৈয়ে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ দাবী চৰকাৰক মানি লৈ বিদ্যালয় সমূহত গুণগত শিক্ষা দানৰ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ দাবী জনায়।(All Assam Sammilita Teachers’ Forum)

Zubeen Garg: হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ হ’ব নতুন ঠিকনা! কাহিলীপাৰাত নাথাকে আৰু কণ্ঠশিল্পীগৰাকী

Zubeen Garg: হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ হ'ব নতুন ঠিকনা
Zubeen Garg: হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ হ'ব নতুন ঠিকনা

নতুনকৈ সপোনৰ এখন ঘৰ সাজিছে জুবিন-গৰিমাই। এটা অুষ্ঠানত গীত পৰিৱেশনৰ মাজতে হঠাৎ জুবিন গাৰ্গে অনুৰাগীক উদ্দেশ্যি ক’লে ‘মই নতুনকৈ ঘৰ বনালো। মই আৰু কাহিলীপাৰাত নাথাকো। এতিয়া অনুৰাগীৰ মনত হাজাৰটা প্ৰশ্ন, ক’ত হ’ব অসমবাসীৰ মৰমৰ কণ্ঠশিল্পীগৰাকীৰ নতুন ঠিকনা?(Zubeen Garg)

(heartthrob of Assam)শুকুৰবাৰে নিশা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে বোন্দা চপাইদাংৰ এক সংগীতানুষ্ঠানত দৰ্শকক উদ্দেশ্যে এই মন্তব্য কৰে। মহানগৰীৰ বোন্দা চপাইদাঙ লক্ষ্মী পূজাৰ সোনালী জয়ন্তী বর্ষৰ অনুষ্ঠানত জুবিন গাৰ্গে এটাৰ পিছত আনটো অসমীয়া আৰু হিন্দী গীত পৰিবেশন কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰে। জনপ্রিয় সংগীত শিল্পী গৰাকীৰ গীত শুনিবলৈ অগণন দর্শকে ভিৰ কৰা পৰিলক্ষিত হয়। সাধাৰণতে জুবিন গাৰ্গৰ অনুষ্ঠান চাবলৈ বিৰ দি বাট নোপোৱা অৱস্থা। কাৰণ জুবিন মানেই জনসমুদ্ৰ। জুবিনক এবাৰ চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে হাজাৰ হাজাৰ অনুৰাগীয়ে।(Zubeen Garg to have new address)

(Zubeen Garg news)অুষ্ঠানৰ গীত পৰিৱেশনৰ মাজতে হঠাৎ জুবিন গাৰ্গে অনুৰাগীক উদ্দেশ্যি ক’লে ‘মই নতুনকৈ ঘৰ বনালো। মই আৰু কাহিলীপাৰাত নাথাকো। এতিয়া অনুৰাগীৰ মনত হাজাৰটা প্ৰশ্ন, ক’ত হ’ব অসমবাসীৰ মৰমৰ কণ্ঠশিল্পীগৰাকীৰ নতুন ঠিকনা? লগতে জুবিনে ক’লে মোক লগ কৰিবলৈ আহিলে এতিয়া নতুন ঘৰলৈ আহিব লাগিব?’ জুবিনৰ ঘোষণা শুনি উৎসুক বাঢ়িল অনুৰাগীসকলৰ। ‘দাদা ক’ত থাকিব? দাদাক লগ পাবলৈ এতিয়াৰ পৰা ক’ত যাব লাগিব? হাজাৰ হাজাৰ অনুৰাগীৰ মনত হাজাৰটা প্ৰশ্ন?’(zubeen garg program)

জুবিনৰ মন্তব্যৰ পৰা ক’ব পৰা যায় যে সলনি হ’ব জুবিন গাৰ্গৰ স্থায়ী ঠিকনা। গুৱাহাটীৰ কাহিলীপাৰাৰ ফ্লেটৰ পৰিৱৰ্তে খাৰঘুলিত স্থায়ীভাৱে থাকিব জুবিন গাৰ্গ। ইতিমধ্যে জুবিনে খাৰঘুলীত নিৰ্মান কৰি আছে বাসগৃহ।(kharghuli will be the permanent address of zubeen garg)

Nude Video Call: এগৰাকী বিধায়কলৈ আহিল নগ্ন ভিডিঅ’ কল; ইয়াৰ পিছত কি কৰিলে বিধায়কে ?

Nude Video Call: এগৰাকী বিধায়কলৈ আহিল নগ্ন ভিডিঅ’ কল; ইয়াৰ পিছত কি কৰিলে বিধায়কে
Nude Video Call: এগৰাকী বিধায়কলৈ আহিল নগ্ন ভিডিঅ’ কল; ইয়াৰ পিছত কি কৰিলে বিধায়কে ?

নিউজ ডেস্ক, ১৯ অক্টোবৰ: এক চাঞ্চল্যকৰ ঘটনাত এগৰাকী বিধায়কে এটা নগ্ন ভিডিঅ’ কলৰ চিকাৰ হ’বলগীয়া হ’ল(Nude Video Call to MLA)। যৌন নিৰ্যাতনৰ অভিযোগেৰে ধন দাবী কৰাৰ আশংকাত বিধায়কগৰাকীয়ে লগে লগে কাষ চাপে আৰক্ষীৰ । আৰক্ষী বিভাগৰ চাইবাৰ ছিকিউৰিটি ব্যুৰোত দাখিল কৰিলে এখন এজাহাৰ ।

ঘটনাটো চলিত মাহৰ ১৪ তাৰিখে তেলেংগানাৰ কৰিমনগৰ জিলাৰ এগৰাকী বিধায়ক(Telangana MLA)ৰ লগত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । বিধায়কগৰাকীয়ে মাজনিশাৰ পিছত এটা অচিনাকি নম্বৰৰ পৰা অহা ভিডিঅ’ কলটো গ্ৰহণ কৰে । বিধায়কগৰাকীয়ে ভাবিছিল যে তেওঁৰ সমষ্টিৰ কোনো লোক বিপদত পৰিছে । সেইবাবেই লোকজনে ইমান গভীৰ নিশা সহায়ৰ বাবে তেওঁলৈ ফোন কৰিছে। লগে লগে ফোনটো তুলি বিধায়কগৰাকীয়ে মবাইলৰ স্ক্ৰীণত উলংগ অৱস্থাত এগৰাকী মহিলাক দেখি স্তম্ভিত হৈ পৰে(Video call scam)। ঘটনাটোক লৈ অস্থিৰ হৈ পৰা বিধায়কগৰাকীয়ে তৎক্ষণাত কলটো কাটি দিয়ে।

এইয়া বিধায়কগৰাকীৰ সুনাম কলংকিত কৰাৰ ইচ্ছাকৃত ষড়যন্ত্ৰৰ অংশ আছিল নেকি – তাক লৈ তেওঁ নিশ্চিত নহয়। লগতে এনে ভিডিঅ’ কলৰ দ্বাৰা যৌন নিৰ্যাতনৰ অভিযোগেৰে ধন দাবীৰ দৰে কাৰ্যকলাপত জড়িত হোৱাৰ আশংকাও প্ৰকাশ কৰে বিধায়কগৰাকীয়ে(Sextortion attempt) । এই ঘটনাৰ পিছতেই বিধায়কগৰাকীয়ে চাইবাৰ ছিকিউৰিটি ব্যুৰোত লিখিত অভিযোগ দাখিল কৰে । তাৰোপৰি ব্লেকমেইলিঙৰ সন্দেহত তেওঁ নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপ’ৰ্টিং প’ৰ্টেলকো ঘটনা সম্পৰ্কে অৱগত কৰে(Cybercrime)।

জানিব পৰা মতে, বৃহস্পতিবাৰে তেলেংগানা চাইবাৰ ছিকিউৰিটি ব্যুৰো (Telangana Cyber Security Bureau)কো লিখিত অভিযোগ দাখিল কৰিলে বিধায়কগৰাকীয়ে। টিজিচিএছবিয়ে এটা গোচৰ পঞ্জীয়ন কৰি সংশ্লিষ্ট নম্বৰটোৰ সন্ধান উলিয়াবৰ বাবে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: Man kills wife and lover: অবৈধ সম্পৰ্কৰ সন্দেহত পত্নী আৰু প্ৰেমিকক হত্যা কৰি নিজেও কৰিলে আত্মহত্যা

Karwa Chauth 2024: কৰৱা চৌথৰ ব্ৰত পালন নকৰিব এইসকল লোকে!

Karwa Chauth 2024: কৰৱা চৌথ
Karwa Chauth 2024: কৰৱা চৌথ

প্ৰতি বছৰে কাৰ্তিক মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্থী তাৰিখত বিবাহিত মহিলাসকলে কৰৱা চৌথৰ ব্ৰত পালন কৰে। এইবাৰ ২০ অক্টোবৰত এই পবিত্ৰ উৎসৱ পালন কৰা হ’ব। সেই দিনটোতে মহিলাসকলে স্বামীৰ দীৰ্ঘায়ু আৰু সমৃদ্ধিৰ বাবে উপবাসে থাকে। ইয়াৰ পিছত ৰাতি চন্দ্ৰক অৰ্ঘ্য দি ব্ৰত ভাঙে।(Karwa Chauth 2024)

কৰবা চৌথৰ পূজাৰ বাবে পূজাৰ থালি খন সজাই-পৰাই তোলা হয় বহু ধৰণৰ বস্তুৰে। যদি আপুনি প্ৰথমবাৰৰ বাবে কৰৱা চৌথ ব্ৰত পালন কৰিব পূজাৰ সামগ্ৰী আৰু প্লেটত ৰাখিব লগা বস্তুৰ বিষয়ে জানি লওক।(do not keep karwa chauth vrat in these situations)

কৰৱা চৌথ পূজা সামগ্ৰীৰ তালিকা-(Karwa Chauth Puja Samagri)
কৰভা মাতাৰ ছবি, ষ্ট্ৰেনাৰ, কুমকুম, ৰলি, চন্দন, ফুল, পানীৰে ভৰা কলহ, হালধি, চাউল, মিঠাই, অক্ষত, পান, মাটিৰ কলহ, দৈ, দেশী ঘিউ, কেঁচা গাখীৰ, চেনি, মৌ, নাৰিকল, লেম্প, কপাহ, ঘেঁহু, বিন্দী, চুনৰি ইত্য়াদি।

পূজা থালিত কি ৰাখিব-(Karwa Chauth thali)
কৰৱা চৌথৰ প্লেটত চন্দ্ৰক অৰ্ঘ্য আগবঢ়াবলৈ তামৰ পাত্ৰ, ফুল, বিয়া সম্পৰ্কীয় বস্তু, কৰৱা মাতাৰ ছবি, চালনী, লেম্প, পানী, মিঠাই, চন্দন, কুমকুম, অক্ষত, ভাৰমিলিয়ন ৰখা হয়।

কৰৱা চৌথ পূজাৰ শুভ সময়-(Karwa Chauth Puja Muhurat 2024)
কৰভা চৌথ পূজাৰ শুভ সময় সন্ধিয়া ০৫:৪৬ বজাৰ পৰা ০৭:২ বজালৈ। এই সময়ত আপুনি ৰীতি-নীতি অনুসৰি পূজা কৰিব পাৰে।

পূজাত এই মন্ত্ৰ জপ কৰক

মাতৃ পাৰ্বতীৰ পূজাৰ মন্ত্ৰ
শৰীৰত শুভকামনা, শৰীৰত স্বাস্থ্য, চূড়ান্ত সুখ। সন্তান শৰীৰত, ধন-সম্পত্তি শৰীৰত, সকলো কামনা শৰীৰত।

ণেশ পূজা মন্ত্ৰ
বক্ৰতুণ্ড মহাকায় সূৰ্য্যকোটি সম্প্ৰভা। ভগৱানে সদায় কুৰুত কোনো বাধা নোহোৱাকৈ কাম কৰি আছে।

শিৱ পূজা মন্ত্ৰ
ওম নমঃ শিৱয়

আনহাতে কৰৱা চৌথ ব্ৰত পালন কৰিবলৈ বহু নিয়ম মানি চলাটো অতি প্ৰয়োজনীয়। কোনসকল লোকে কৰৱা চৌথ পূজা পালন কৰিব নালাগে জানি লওক-

বিশ্বাস কৰা হয় যে যদি আপোনাৰ ঘৰত বৰ্তমান কোনোবা এজনৰ জন্ম হৈছে বা কোনোবাই মৃত্যুবৰণ কৰিছে, তেনেহ’লে এনে পৰিস্থিতিত পূজা কৰা উচিত নহয়। এনে পৰিস্থিতিত কৰৱা চৌথৰ ব্ৰত ৰাখিব পাৰে কিন্তু পূজা কৰা উচিত নহয়।

বহু সময়ত মহিলাসকলে লীভ-ইন ৰিলেচন বা সামাজিকভাৱে বিবাহ নোহোৱাকৈয়ে নিজৰ সংগীৰ সৈতে থাকে। এনে পৰিস্থিতিতো কৰৱা চৌথ ব্ৰত পালন কৰা উচিত নহয়। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি এইটো শুভ নহয়।

গৰ্ভৱতী মহিলাৰ বাবে সময় অতি প্ৰয়োজনীয়। ভোক পিয়াহত থকাটো তেওঁলোকৰ স্বাস্থ্যৰ বাবে ভাল নহয়। ব্ৰত ৰাখিলে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। এনে পৰিস্থিতিত গৰ্ভৱতী মহিলাই ব্ৰত ৰাখিব নালাগে আৰু কেৱল পূজাহে কৰিব পাৰে।

যিসকল মহিলাই কোনো ধৰণৰ গুৰুতৰ ৰোগত ভুগি আছে আৰু তেওঁলোকৰ বাবে ঔষধ খোৱাটো অতি প্ৰয়োজনীয়, তেন্তে এনে ক্ষেত্ৰতো তেওঁলোকে ভোকত থকা উচিত নহয়। ইয়াৰ ফলত স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। আপুনিও কেৱল পূজা কৰিব পাৰে।

নাৰীয়ে স্বামীৰ বাহিৰে আন পুৰুষৰ প্ৰেমত পৰিলেও কৰৱা চৌথৰ ৰোজা পালন কৰা উচিত নহয়। ইয়াৰ ফলত পূজা আৰু ব্ৰতৰ ফল পোৱা নাযায়।