Home Blog Page 533

BYE ELECTION । উপ-নিৰ্বাচনক লৈ কেন্দৰে সাজু বিৰোধী ঐক্য

ready-for-opposition-unity-over-for-the-bye-election
BYE ELECTION । উপ-নিৰ্বাচনক লৈ কেন্দৰে সাজু বিৰোধী ঐক্য

গুৱাহাটী, ১৯ অক্টোবৰ: উপ-নিৰ্বাচনৰ বাবে ৫টা সমষ্টিৰ চাৰিটাতে ঐক্যমত্যত উপনীত হৈছে বিৰোধীৰ সকলো দল । অসম সন্মিলিত মৰ্চাৰ সভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, “ বিহালীৰ বাবে প্ৰাৰ্থী ঠিক কৰিবলৈ পাঁচজনীয়া কমিটী গঠন কৰি দিয়া হৈছে ৷ ( BYE ELECTION )

বিহালীৰ প্ৰাৰ্থিত্বক লৈ একমতত উপনীত হ’ব পৰা নাই অসম সন্মিলিত মৰ্চা আৰু কংগ্ৰেছ ৷ সেয়েহে অজিত ভুঞা, অখিল গগৈ, লুৰীণজ্যোতি গগৈ, সুপ্ৰকাশ তালুকদাৰ, জয়ৰাম কাথাৰক দায়িত্ব দি ৫ জনীয়া কমিটীখন গঠন কৰা হৈছে । এই পাঁচজন নেতাৰ নাম দিয়া হৈছে জীতেন্দ্ৰ সিঙক ৷ দিল্লীলৈ গৈ দলৰ হাইকমাণ্ডৰ লগত আলোচনাত মিলিত হ’ব ৷ শনি নাইবা দেওবাৰৰ ভিতৰত ঘোষণা কৰা হ’ব উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ।”

অসম সন্মিলিত মৰ্চাৰ শুকুৰবাৰে গুৱাহাটী মহানগৰীত অনুষ্ঠিত সভাখনত অংশগ্ৰহণৰ পাছত লুৰীণজ্যোতি গগৈয়ে কয়,” বিৰোধীৰ অসম সন্মিলিত মৰ্চাই দুখন আসন কংগ্ৰেছৰ পৰা বিচাৰিছিল ৷ কিন্তু ৰাইজৰ দলে নিজৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে ৷” লুৰীণজ্যোতি গগৈয়ে পুনৰ কয়,“ উপ-নিৰ্বাচনক লৈ প্ৰতিটো সমষ্টিৰ প্ৰতিটো বিষয়ৰ ওপৰত আলোচনা হৈছে বৈঠকত ৷ এইবাৰ উপ-নিৰ্বাচনৰ বাবে দুটা সমষ্টি কংগ্ৰেছৰ পৰা মিত্ৰদলে বিচাৰিছিল -বঙাইগাঁও আৰু বিহালী ।

এই দুটা সমষ্টি বিচাৰিছিল মিত্ৰদলে ৷ বঙাইগাঁও সমষ্টিত নিৰ্বাচন খেলাৰ প্ৰস্তাৱৰ পৰা ৰাইজৰ দলে নিজৰ নাম প্ৰত্যাহাৰ কৰিছে ৷” বঙাইগাঁও সমষ্টিত উপ-নিৰ্বাচন খেলাৰ প্ৰস্তাৱ অসম সন্মিলিত মৰ্চাৰ বৈঠকত প্ৰত্যাহাৰ কৰি অখিল গগৈয়ে কয় যে বিহালী সমষ্টিটটো চি পি আই এমক এৰি দিবলৈ অনুৰোধ জনাইছে বিৰোধী মিত্ৰ দলে । তেওঁ কয়,“ উপ-নিৰ্বাচনত আমি পাঁচখন আসনৰ দুখন আন দলক দিবলৈ আহ্বান জনাইছিলো ৷ কংগ্ৰেছে বঙাইগাঁও দিবলৈ সন্মত হৈছে । কিন্তু আমি বৃহত্তৰ ইউনিয়নৰ স্বাৰ্থত বিহালী সমষ্টি চি পি আই এমক এৰি দিবলৈ অনুৰোধ জনাইছো ৷ বিপৰীতে কংগ্ৰেছক আমি বঙাইগাঁও এৰি দিছো ৷ আমি সকলোৰে স্বাৰ্থত ত্যাগ কৰিছো ৷”

Vistara Bomb Threat: দিল্লীৰ পৰা লণ্ডন অভিমূখী বিমানত বোমাৰ ভাবুকি, ফ্ৰেংকফৰ্টত জৰুৰীকালিন অৱতৰণ

Vistara Bomb Threat: দিল্লীৰ পৰা লণ্ডন অভিমূখী বিমানত বোমাৰ ভাবুকি, ফ্ৰেংকফৰ্টত জৰুৰীকালিন অৱতৰণ
Vistara Bomb Threat: দিল্লীৰ পৰা লণ্ডন অভিমূখী বিমানত বোমাৰ ভাবুকি, ফ্ৰেংকফৰ্টত জৰুৰীকালিন অৱতৰণ

নতুন দিল্লী, ১৯ অক্টোবৰ: শুকুৰবাৰে দিল্লীৰ পৰা লণ্ডন অভিমুখী ভিষ্টাৰাৰ এখন বিমানে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰাৰ পাছতে বিমানখনক ডাইভাৰ্ট কৰি লৈ গৈ ফ্ৰেংকফৰ্টত(Frankfurt airport) বিমানখনৰ জৰুৰী অৱতৰণ কৰা হয়(Vistara Bomb Threat)। অৱতৰণৰ পিছত বিমানখনৰ পৰীক্ষা কৰা হ’ল যদিও বিমানত সন্দেহজনক কোনো বস্তু পোৱা নগ’ল। শেহতীয়াকৈ বহুকেইখন বিমানৰ ক্ষেত্ৰত দেখা দিয়া বোমা বিস্ফোৰণৰ কেইবাটাও ভুৱা ভাবুকিয়ে চিন্তিত কৰি তুলিছে সকলোকে ।

শনিবাৰে পুৱা বিমান সংস্থাটোৰ(Vistara airline) এগৰাকী মুখপাত্ৰই এটা বিবৃতিত কয় যে, বোমাৰ ভাবুকি লাভ কৰাৰ পাছতে বিমানখন ফ্ৰেংকফৰ্ট বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰি পৰীক্ষা কৰা হয়। নিৰাপত্তা সংস্থাৰ পৰা ক্লিয়াৰেন্স পোৱাৰ পিছতে পুনৰ গন্তব্যস্থানলৈ যাত্ৰা কৰিব বিমানখন(Vistara flight from Delhi to London)। মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, যোৱা ১৮ অক্টোবৰতো দিল্লীৰ পৰা লণ্ডন অভিমুখী ভিষ্টাৰৰ আন এখন বিমানতো ছ’চিয়েল মিডিয়াৰ জড়িয়তে নিৰাপত্তা সম্বন্ধীয় আন এটা ভাবুকি পোৱা গৈছিল।

শুকুৰবাৰে লণ্ডন অভিমুখী ভিষ্টাৰাৰ বিমানখনে লাভ কৰা বোমা বিস্ফোৰণৰ ভাবুকিৰ পিছতেই এই তথ্য ততাতৈয়াকৈ সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা হৈছিল । লগতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিমানখনত থকা পাইলটে বিমানখনক ফ্ৰেংকফৰ্টৰ দিশে লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ইফালে, আকাছা এয়াৰ কৰ্তৃপক্ষই জনোৱা মতে, শুকুৰবাৰে বেংগালুৰুৰ পৰা মুম্বাই(Bengaluru to Mumbai) অভিমুখী QP 1366 নম্বৰৰ বিমানখনে উৰণৰ কিছু সময়ৰ পূৰ্বে নিৰাপত্তাৰ ভাবুকিক লৈ এক সতৰ্কবাণী লাভ কৰিছিল।

বিমান সংস্থাটোৱে টুইটাৰত দিয়া এটা পোষ্টৰ জড়িয়তে উল্লেখ কৰে যে, এই বাৰ্তা লাভ কৰাৰ পাছতেই নিৰাপত্তা প্ৰক্ৰিয়া অনুসৰি যাত্ৰীসকলক ডিব’ৰ্ড কৰি বিমানখনত তালাচী চলোৱা হয়।

উল্লেখ্য যে, যে যোৱা কেইটামান দিনত ইণ্ডিয়ান এয়াৰলাইন্সৰ দ্বাৰা পৰিচালিত প্ৰায় ৪০ খন বিমানে ভুৱা বোমাৰ ভাবুকি লাভ কৰিছিল। ইতিমধ্যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমানত ভুৱা বোমাৰ ভাবুকিৰ ঘটনা ৰোধ কৰিবৰ বাবে কঠোৰ নিয়ম বলবৎ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াত অপৰাধীসকলক ন’-ফ্লাই তালিকাত ভৰোৱাটোও অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক: Bomb threat on Air India flight: পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক ! কানাডাৰ বিমান বন্দৰত জৰুৰীকালীন অৱতৰণ

Kaziranga National Park: মুকলিৰ দুসপ্তাহতে কাজিৰঙাত অভিলেখ সংখ্যক পৰ্যটক, ২৪ লক্ষাধিক টকা ৰাজহ সংগ্ৰহ

Kaziranga National Park: মুকলিৰ দুসপ্তাহতে কাজিৰঙাত অভিলেখ সংখ্যক পৰ্যটক
Kaziranga National Park: মুকলিৰ দুসপ্তাহতে কাজিৰঙাত অভিলেখ সংখ্যক পৰ্যটক

দৈনন্দিন বাৰ্তাৰ ডিজিটেল সেৱাঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অভিলেখ সংখ্যক পৰ্যটকৰ আগমন ঘটিছে৷ ৰাষ্ট্ৰীয় উদ্যানখন মুকলিৰ মাত্ৰ দুসপ্তাহতে দেশী-বিদেশী পৰ্যটকৰ উপস্থিতিত প্ৰাণ পাই উঠিছে কাজিৰঙা৷ বিভাগীয় সূত্ৰে জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ মাত্ৰ দুসপ্তাহতে ১১ হাজাৰ পৰ্যটকে ভ্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত বনবিভাগে ৰাজহ হিচাপে সংগ্ৰহ কৰিছে ২৪ লক্ষাধিক টকা৷(Kaziranga National Park)

চলিত বৰ্ষৰ বানৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পৰ্যটকে ভ্ৰমণ কৰা স্থানৰ একাংশ পথ কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল৷ যাৰ বাবেই যোৱা পহিলা অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আংশিকভাৱে অৰ্থাৎ কহঁৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল কেৱল জীপ ছাফাৰীৰ বাবে মুকলি কৰা হৈছিল৷ (Tiger Reserve reopened)কেৱল জীপ ছাফাৰীৰে আৰম্ভ কৰা পৰ্যটন বৰ্ষত নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা হাতী ছাফাৰী আৰম্ভ হ’ব৷ ইপিনে, বাষ্ট্ৰীয় উদ্যানখন আংশিকভাৰে মুকলি হ’লেও যথেষ্ট সংখ্যক দেশী-বিদেশী পৰ্যটক উপস্থিত উদ্যান দৰ্শন কৰিছে৷(Revenue collection of Rs 24 lakh)

বনবিভাগৰ সূত্ৰটোৰে জনোৱা অনুসৰি, পৰ্যটন বৰ্ষ মুকলিৰ মাত্ৰ দুটা সপ্তাহতে ১০,৯২৮জন দেশীয় পৰ্যটক আৰু ১১৭জন বিদেশী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী কৰিছে৷ আনহাতে, পৰ্যটকসকলৰ পৰা বনবিভাগে সংগ্ৰহ কৰিছে ২৪ লাখ ১৬ হাজাৰ ৫৩১ টকাৰ ৰাজহ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত শেহতীয়া পৰ্যটন বৰ্ষত পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে৷(Kaziranga National Park Sees Surge In Tourist Footfall)

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নয়নাভিৰাম দৃশ্য, অতুলনীয় জৈৱ-বৈচিত্ৰ্য্য দৰ্শৰ বাবে চলিত বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলোবোৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছিল৷(tourists) উল্লেখ্য, জৈৱ- বৈচিত্ৰ্যৰে ভৰপূৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা প্ৰাকৃতিক দৃশ্য, বিভিন্ন প্ৰজাতিৰ পক্ষী, জলজ প্ৰাণীৰ লগতে গঁড়, হাতী ম’হ, দুষ্প্ৰাপ্য দল হৰিণ আৰু ঢেকীয়াপতীয়া বাঘ অৰ্থাৎ বিগ ফাইভ হিচাপে বিখ্যাত৷ কিন্তু এতিয়া উক্ত বিগ ফাইভ জন্তুৰ ভিতৰত মানুহৰ লোক চক্ষুৰ আঁতৰত থকা ঢেকীয়াপতীয়া বাঘ পৰ্যটকে সঘনাই দৰ্শন কৰাৰ সুযোগ পোৱাত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতি অধিক আকৰ্ষিত হোৱা বুলি পৰ্যটন ব্যৱসায়ীয়ে মত প্ৰকাশ কৰে৷(foreign tourists)

Maida Side Effects: সাৱধান! প্ৰতিদিনে ময়দাৰে তৈয়াৰী পুৰী খাই নেকি?

ময়দাৰে তৈয়াৰী পুৰী
ময়দাৰে তৈয়াৰী পুৰী

ময়দাৰে তৈয়াৰী পুৰী দেখিলে নিজৰ লোভ সামৰিব লাগিব? কিয়নো ময়দাৰে তৈয়াৰী খাদ্য খালে স্বাস্থ্যৰ গুৰুতৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে।(Maida Side Effects)

আটাৰ পৰা তৈয়াৰী প্ৰতিটো খাদ্যই সোৱাদযুক্ত হয়। কিন্তু যদি আপুনি আপোনাৰ লোভ নিয়ন্ত্ৰণ নকৰে, তেন্তে ভৱিষ্যতে আপোনাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হ’ব পাৰে।

আটা আৰু ময়দাৰ পৰা তৈয়াৰী পুৰী, চিংৰা, নিমকি খাবলৈ অতি সোৱাদযুক্ত হয়। আটা আৰু ময়দাৰ পৰা তৈয়াৰী প্ৰতিটো ৰেচিপিয়ে মানুহক আকৰ্ষণ কৰে, কিন্তু যদি আমি এনে খাদ্য অত্যধিকভাৱে খাওঁ তেন্তে আমাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।(refined flour)

আটা-ময়দা খোৱাৰ ফলত হোৱা স্বাস্থ্যৰ ক্ষতিঃ

প্ৰচুৰ পৰিমাণে আটা-ময়দা খালে শৰীৰত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। প্ৰথমতে, আটাত উচ্চ কেলৰি আৰু কাৰ্বহাইড্ৰেটৰ উৎস থাকে, যাৰ ফলত ওজন বৃদ্ধি পায় আৰু ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও আটা খোৱাৰ ফলত আপোনাৰ শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ হ’ব পাৰে। এই পুষ্টিকৰ উপাদানসমূহৰ বাহিৰেও ইয়াত আঁহ কম পৰিমাণে পোৱা যায়।(effects of eating too much maida)

আটাৰে কেৱল পুষ্টিকৰ উপাদানৰ অভাৱ কৰাই নহয়, ই আপোনাৰ শৰীৰৰ আন বহু দিশত ক্ষতি কৰিব পাৰে। যদি আপুনি চেনিৰ পৰা তৈয়াৰী বস্তু বেছিকৈ খায় তেন্তে আপোনাৰ কঁকাল আৰু পেটৰ চৰ্বি বৃদ্ধি হ’ব পাৰে। মেদবহুলতাৰ ফলত বেয়া কলেষ্টেৰল বাঢ়িবলৈ আৰম্ভ কৰে। যাৰ বাবে ৰক্তচাপ বৃদ্ধি পায়। ৰক্তচাপ বৃদ্ধি পালে হৃদৰোগ হ’ব পাৰে। যেনে হাৰ্ট এটেক, হাৰ্ট ফেইলাৰ হোৱাৰ সম্ভাৱনা। এই ৰোগবোৰৰ বাবে এজন ব্যক্তিৰ মৃত্যুও হ’ব পাৰে।(Disadvantages of eating refined flour)

ইয়াৰ উপৰিও আটা, ময়দাৰ পৰা তৈয়াৰী বস্তুত মছলা আৰু তেল বেছিকৈ ব্যৱহাৰ কৰা হয়। যিবোৰ শাৰীৰিক স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক। চিপচ, পিজ্জা আৰু বহু ধৰণৰ ফাষ্ট ফুডে অধিক ক্ষতি কৰিব পাৰে। গতিকে আমি বুজিব লাগিব যে আটাৰ পৰা তৈয়াৰী বস্তু নূন্যতম পৰিমাণে খোৱা উচিত। কিন্তু এনে খাদ্য বেছি পৰিমাণে খালে আমাৰ স্বাস্থ্যৰ বহু ক্ষতি হোৱাৰ সম্ভাৱনা। গতিকে আমি আমাৰ খাদ্যত আটাৰ সলনি গোটা শস্য ব্যৱহাৰ কৰি স্বাস্থ্যসন্মত আৰু সুষম খাদ্যৰ গুৰুত্ব বুজিব লাগে।(refined flour bad for human body)

Online Trading Scam in Assam: অসমত অনলাইন ট্ৰেডিং কেলেংকাৰীৰ ৪১টা গোচৰৰ তদন্ত আৰম্ভ কৰিলে চিবিআইয়ে

CBI Initiates Investigation into Multi-Crore Online Trading Scam in Assam
Online Trading Scam in Assam: অসমত অনলাইন ট্ৰেডিং কেলেংকাৰীৰ ৪১টা গোচৰৰ তদন্ত আৰম্ভ কৰিলে চিবিআইয়ে

গুৱাহাটী, ১৮ অক্টোবৰঃ সমগ্ৰ অসমকে জোকাৰি যোৱা কেইবা হেজাৰ কোটিটকীয়া অনলাইন ট্ৰেডিং কেলেংকাৰী(Online Trading Scam in Assam)ৰ ৪১ টা গোচৰৰ তদন্ত আৰম্ভ কৰিলে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে । অনলাইন ট্ৰেডিং কেলেংকাৰীৰ মুঠ ৪১টা গোচৰ চিবিআইলৈ হস্তান্তৰ কৰা হৈছিল । জানিব পৰা মতে এই তদন্তত প্ৰথমে দীপাংকৰ বৰ্মনৰ গোচৰটোৰ বিষয়ত গুৰুত্ব দিয়া হ’ব । এই প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ সৈতে জড়িত ভুক্তভোগীক তদন্ত প্ৰক্ৰিয়াৰ অংশ হিচাপে চিবিআইৰ কাৰ্যালয়লৈ মাতি অনাও হৈছে ।

ইফালে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত অভিনেত্ৰী চুমি বৰাক জেৰা কৰিবলৈ চিবিআইৰ তিনিজনীয়া এটা দলে ডিব্ৰুগড়লৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে । চুমি বৰাৰ ভাতৃ আৰু স্বামীকে ধৰি বহুসংখ্যক সন্দেহযুক্ত লোককো চিবিআইয়ে জেৰা কৰাৰ সম্ভাৱনা আছে ।

চিবিআইয়ে বৰ্তমান এই কেলেংকাৰীৰ গোচৰ নং ০৩৫২/২০২৪ তদাৰক কৰি আছে, যাৰ অধীনত এই ব্যক্তিসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে । এই তদন্ত দিল্লী বিশেষআৰক্ষী প্ৰতিষ্ঠা আইন, ১৯৪৬ অনুসৰি চলোৱা হব বুলিও জানিব পৰা গৈছে । চিবিআইয়ে ভাৰতীয় দণ্ডবিধিৰ (IPC), ২০২৩ চনৰ ভাৰতীয় ন্যায় সংহিতা (BNS), আৰু অনিয়ন্ত্ৰিত জমা আঁচনি নিষিদ্ধকৰণ আইন, ২০১৯ৰ বিভিন্ন ধাৰাত অনিয়ন্ত্ৰিত জমা আৰু বৃহৎ পৰিসৰৰ জালিয়াতিপূৰ্ণ লেনদেনৰ সৈতে জড়িত অপৰাধৰ তদন্ত কৰি আহিছে ।

৪১টা গোচৰৰ ভিতৰত তদন্তৰ অধীনত উল্লেখযোগ্য গোচৰ কেইটা হল-

১. প্ৰাসংগিক এফআইআৰসমূহ (আৰ্থিক কেলেংকাৰি আৰু জমা আঁচনি উলংঘা):

  • পল্টন বজাৰ থানা – এফআইআৰ নং ০২৮৮/২০২৪
  • ডিব্ৰুগড় থানা – এফ আই আৰ নং ০৩৫২/২০২৪
  • শিলচৰ থানা – এফআইআৰ নং ০৭৮৯/২০২৪

২. অনিয়ন্ত্ৰিত জমা আঁচনি নিষিদ্ধকৰণ সংক্রান্তীয় এফআইআৰসমূহ:

  • পল্টন বজাৰ থানা – এফ আই আৰ নং ০০২৮/২০২৪
  • বিজনী থানা – এফ আই আৰ নং ০০৭৪/২০২৪
  • মুছলপুৰ থানা – এফ আই আৰ নং ০১০২/২০২৪
  • হাইলাকান্দি থানা – এফ আই আৰ নং ০২০১/২০২৪
  • তামাৰহাট থানা – এফ আই আৰ নং ০০৫৫/২০২৪
  • কৰিমগঞ্জ থানা – এফ আই আৰ নং ০৫৩৪/২০২৪
  • শিৱসাগৰ থানা – এফ আই আৰ নং ০১১৩/২০২৪
  • দলগাঁও থানা – এফ আই আৰ নং ০১৮৪/২০২৪
  • ধুবুৰী থানা – এফ আই আৰ নং ০৩১০/২০২৪
  • চি আই ডি চাইবাৰ থানা – এফ আই আৰ নং ০০১২/২০২৪
  • দলগাঁও থানা – এফ আই আৰ নং ০১৮২/২০২৪
  • ৰঙাপাৰা থানা – এফ আই আৰ নং ০০৬৬/২০২৪
  • দলগাঁও থানা – এফ আই আৰ নং ০১৮৫/২০২৪
  • মিছামাৰী থানা – এফ আই আৰ নং ০০৯০/২০২৪
  • পুলিবৰ থানা – এফ আই আৰ নং ০০৯২/২০২৪
  • তামাৰহাট থানা – এফ আই আৰ নং ০০৬৮/২০২৪
  • মিছামাৰী থানা – এফ আই আৰ নং ০০৮৯/২০২৪
  • দলগাঁও থানা – এফ আই আৰ নং ০১৮৬/২০২৪
  • চাৰিদুৱাৰ থানা – এফ আই আৰ নং ০১৪৬/২০২৪
  • কাজলগাঁও থানা – এফ আই আৰ নং ০০৮৭/২০২৪
  • দলগাঁও থানা – এফ আই আৰ নং ০১৮৩/২০২৪
  • হোজাই থানা – এফ আই আৰ নং ০২৬০/২০২৪
  • গৌৰীপুৰ থানা – এফ আই আৰ নং ০২৬৮/২০২৪
  • গোলকগঞ্জ থানা – এফ আই আৰ নং ০২০১/২০২৪
  • গোলকগঞ্জ থানা – এফ আই আৰ নং ০২০৩/২০২৪
  • কৰিমগঞ্জ থানা – এফ আই আৰ নং ০৫৪৩/২০২৪
  • দিছপুৰ থানা – এফ আই আৰ নং ০৯৩৪/২০২৪
  • তেজপুৰ থানা – এফ আই আৰ নং ০৫২৭/২০২৪
  • ৰূপহীহাট থানা – এফ আই আৰ নং ০২৫০/২০২৪
  • দিছপুৰ থানা – এফ আই আৰ নং ৮৪৯/২০২৪

৩. ভাৰতীয় ন্যায় সংহিতা (বিএনএছ) ২০২৩ অনুসৰি এফ আই আৰসমূহ:

  • পল্টন বজাৰ থানা – এফ আই আৰ নং ০২৮৮/২০২৪
  • ডিব্ৰুগড় থানা – এফ আই আৰ নং ০৩৫৪/২০২৪
  • ডিব্ৰুগড় থানা – এফ আই আৰ নং ০৩৫২/২০২৪
  • তেজপুৰ থানা – এফ আই আৰ নং ০৫৩৩/২০২৪
  • নগাঁও থানা – এফ আই আৰ নং ০৮৫৯/২০২৪
  • আজাৰা থানা – এফ আই আৰ নং ১৮৪/২০২৪
  • গীতা নগৰ থানা – এফ আই আৰ নং ০১৭৪/২০২৪
  • মুছলপুৰ থানা – এফ আই আৰ নং ০১০২/২০২৪
  • শিৱসাগৰ থানা – এফ আই আৰ নং ০১১৩/২০২৪
  • ৰঙাপাৰা থানা – এফ আই আৰ নং ০০৬৬/২০২৪
  • মিছামাৰী থানা – এফ আই আৰ নং ০০৯০/২০২৪
  • মিছামাৰী থানা – এফ আই আৰ নং ০০৮৯/২০২৪
  • চাৰিদুৱাৰ থানা – এফ আই আৰ নং ০১৪৬/২০২৪
  • কাজলগাঁও থানা – এফ আই আৰ নং ০০৮৭/২০২৪
  • হোজাই থানা – এফ আই আৰ নং ০২৬০/২০২৪
  • গোলকগঞ্জ থানা – এফ আই আৰ নং ০২০১/২০২৪
  • গোলকগঞ্জ থানা – এফ আই আৰ নং ০২০৩/২০২৪
  • তেজপুৰ থানা – এফ আই আৰ নং ০৫২৭/২০২৪
  • ৰূপহীহাট থানা – এফ আই আৰ নং ০২৫০/২০২৪

৪. ভাৰতীয় দণ্ডবিধি (আই পি চি), ১৮৬০ অনুসৰি এফ আই আৰসমূহ:

  • ভঙাগড় থানা – এফ আই আৰ নং ১৩০ /২০২৪
  • শিলচৰ থানা – এফ আই আৰ নং ০৭৮৯/২০২৪
  • দেৰগাঁও থানা – এফ আই আৰ নং ০১৪০/২০২৪
  • বিজনী থানা – এফ আই আৰ নং ০০৭৪/২০২৪
  • হাইলাকান্দি থানা – এফ আই আৰ নং ০২০১/২০২৪
  • তামাৰহাট থানা – এফ আই আৰ নং ০১৪০/২০২৪
  • কৰিমগঞ্জ থানা – এফ আই আৰ নং ০৫৩৪/২০২৪
  • দলগাঁও থানা – এফ আই আৰ নং ০১৮৪/২০২৪
  • ধুবুৰী থানা – এফ আই আৰ নং ০৩১০/২০২৪
  • পুলিবৰ থানা – এফ আই আৰ নং ০০৯২/২০২৪
  • তামাৰহাট থানা – এফ আই আৰ নং ০০৬৮/২০২৪
  • দলগাঁও থানা – এফ আই আৰ নং ০১৮৬/২০২৪
  • গৌৰীপুৰ থানা – এফ আই আৰ নং ০২৬৮/২০২৪
  • গোলকগঞ্জ থানা – এফ আই আৰ নং ০২০১/২০২৪
  • কৰিমগঞ্জ থানা – এফ আই আৰ নং ০৫৪৩/২০২৪
  • দিছপুৰ থানা – এফ আই আৰ নং ০৯৩৪/২০২৪
  • দিছপুৰ থানা – এফ আই আৰ নং ৮৪৯/২০২৪

তাৰোপৰি তথ্য প্ৰযুক্তি (IT) আইন, ২০০০ ৰ সৈতে জড়িত এফ আই আৰসমূহৰ ভিতৰত আছে-

চি আই ডি চাইবাৰ থানা-এফ আই আৰ নং ০০১২/২০২৪,৬  – আদি ।

Heavy Rains in Assam: অহা সপ্তাহত আহিব লগা ধাৰাসাৰ বৰষুণে শীত নমাব অসমত

Heavy Rains in Assam: অহা সপ্তাহত আহিব লগা ধাৰাসাৰ বৰষুণে শীত নমাব অসমত
Heavy Rains in Assam: অহা সপ্তাহত আহিব লগা ধাৰাসাৰ বৰষুণে শীত নমাব অসমত

গুৱাহাটী, ১৮ অক্টোবৰঃ শৰতৰ প্ৰাৰম্ভতে অসমত তীব্ৰ গৰমে মানুহৰ অৱস্থা নাজল-নাথল কৰিছিল। ইয়াৰ পিছতে একেলেথাৰিয়ে কেইবাদিনো হোৱা বৰষুণে অসমবাসীক সামান্য সকাহ দিছিল(Cold Weather Assam)। কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলত ৰাজ্যবাসীৰ নানান অসুবিধাও হৈছিল। বহু স্থানত আনকি কৃত্ৰিম বানে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰি তুলিছিল। দুৰ্গা পূজাৰ পিছৰে পৰা অসমত এতিয়া সংগোপনে শীত নামিবলৈ লৈছে(Winter Arrival in Assam) । শীতক অধিক তীব্ৰতা প্ৰদান কৰিব পাৰে ধাৰাসাৰ বৰষুণে । আপাততঃ তেনে ভৱিষ্যতবাণীয়েই কৰিছে বতৰ বিজ্ঞানীয়ে । আগন্তুক সপ্তাহত বংগোপ সাগৰত সৃষ্টি হব এক প্ৰচণ্ড ঘূৰ্ণী বতাহৰ। এই ঘূৰ্ণী বতাহৰ প্ৰভাৱতে অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে(Heavy Rains in Assam)।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অহা সপ্তাহত পূব ভাৰতৰ উপকূলত ঘূৰ্ণীবতাহৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে(Bay of Bengal Cyclone)। কিন্তু ভাৰতৰ বতৰ বিজ্ঞান বিভাগে এতিয়াও ঘূৰ্ণীবতাহৰ তীব্ৰতা সম্পৰ্কে একো নিশ্চিত কৰা নাই। দেশৰ পৰা মৌচুমীয়ে বিদায় লোৱাৰ পিছত ১৭ অক্টোবৰত দক্ষিণ অন্ধ্ৰ প্ৰদেশ আৰু উত্তৰ তামিলনাডুৰ উপকূলৰ ওপৰেৰে দ্বিতীয়টো নিম্নচাপৰ সৃষ্টি হৈছে । একেদৰে দুই এদিনতে সৃষ্টি হব তৃতীয়টো নিম্নচাপৰ ।

সাগৰত হোৱা নিম্নচাপৰ ফলতে যোৱা কেইদিনমানৰ পৰা দক্ষিণ ভাৰতৰ বহু অঞ্চলত ধাৰাসাৰ বৰষুণ হৈছে । সাগৰৰ পৃষ্ঠৰ উষ্ণতা আৰু অন্যান্য পৰিৱেশৰ অৱস্থা যেনে উলম্ব বতাহ ঘূৰ্ণীবতাহৰ সৃষ্টিৰ বাবে অনুকূল। সাধাৰণতে উত্তৰ ভাৰতৰ মহাসাগৰ অঞ্চলত প্ৰতি বছৰে অক্টোবৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত ঘূৰ্ণীবতাহৰ সৃষ্টি হয় । ভাৰতৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি, অহা ২০ অক্টোবৰৰ আশে-পাশে উত্তৰ আন্দামান সাগৰৰ ওপৰত নতুন ঘূৰ্ণীবতাহৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ।

একেদৰে ২২ অক্টোবৰত মধ্য বংগোপ সাগৰৰ ওপৰত নিম্ন চাপৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে । এই ঘূৰ্ণী বতাহ উত্তৰ-পশ্চিম দিশলৈ গতি কৰাৰ লগে লগে ই অধিক শক্তিশালী হৈ পৰিব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে । কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই কয় যে ১৭ অক্টোবৰৰ পৰা ৬-৭ দিনৰ বাবে ‘চাইক্লোজেনেছিছ’ (নিম্ন চাপৰ গঠন)ৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে দুবাৰকৈ ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছিল যদিও বে’ অব বেংগলত সেয়া ধুমুহালৈ পৰিণত হোৱা নাছিল । অৱশ্যে তৃতীয় নিম্নচাপ অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে।

১৭ অক্টোবৰত বতৰ বিশ্লেষণে ২০ অক্টোবৰত উত্তৰ আন্দামান সাগৰৰ ওপৰত নিম্ন চাপ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে । খবৰ অনুসৰি এই চাপে ২২ অক্টোবৰত ঘূৰ্ণীবতাহলৈ পৰিণত হ’ব পাৰে। ঘূৰ্ণীবতাহৰ প্ৰভাৱ বংগৰ লগতে অসমতো ব্যাপকভাবে পৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে(Cyclone Impact)। ফলত অহা সপ্তাহত অসমত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে(Assam Rainfall) । লাহে লাহে শীত নামি অহা অসমত অহা সপ্তাহত হ’ব পৰা ধাৰাসাৰ বৰষুণে শীতৰ তীব্ৰতা অধিক বৃদ্ধি কৰিব বুলিও ধাৰণা কৰা হৈছে ।

UAE visa on arrival for Indian tourists: ভাৰতীয় পৰ্যটকে এতিয়াৰ পৰা ভিছা অবিহনে যাব পাৰিব ডুবাইলৈ

UAE visa on arrival for Indian tourists: ভাৰতীয় পৰ্যটকে এতিয়াৰ পৰা ভিছা অবিহনে যাব পাৰিব ডুবাইলৈ!
UAE visa on arrival for Indian tourists: ভাৰতীয় পৰ্যটকে এতিয়াৰ পৰা ভিছা অবিহনে যাব পাৰিব ডুবাইলৈ

নতুন দিল্লী, ১৮ অক্টোবৰ: সংযুক্ত আৰব আমিৰাত (UAE)ৰ ডুবাইকে ধৰি দেশখনৰ অন্যান্য চহৰলৈ ভ্ৰমণ কৰিবৰ বাবে যাব বিছৰা ভাৰতীয় পৰ্যটকসকলে(Indian tourists) এতিয়াৰ পৰা আৰু ভিছাৰ বাবে কোনো অসুবিধাৰ সন্মুখীন হ’ব নালাগে। ভাৰতীয় পৰ্যটকসকলে এতিয়া দেশখনত আগমনৰ সময়ত লাভ কৰিব ভিছাৰ সুবিধা(UAE visa on arrival for Indian tourists) ।

ইউ এ ইত থকা ভাৰতীয় উচ্চায়ুক্তই জনোৱা মতে, সাধাৰণ পাছপ’ৰ্ট থকা ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে ইউ এ ইত প্ৰৱেশৰ পাছত যিকোনো স্থানতে উপস্থিত হোৱাৰ লগে লগে ভিছা লাভ কৰিবলৈ সক্ষম হ’ব। অৱশ্যে এই ভিছা ১৪ দিনৰ বাবেহে বৈধ হৈ থাকিব(Dubai travel) । যাৰ ফলত দেশখনত বসবাস কৰা প্ৰবাসী ভাৰতীয়সকলে এটা ডাঙৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।

ভাৰতীয় ভ্ৰমণকাৰীৰ বাবে ইউ এ ইৰ নতুন ‘ভিছা অন এৰাইভেল’ নীতিয়ে আমেৰিকা, যুক্তৰাজ্য বা যি্কোনো ইউৰোপীয় সংঘৰ দেশৰ পৰা বৈধ স্থায়ী বাসিন্দা কাৰ্ড বা ভিছা থকা ব্যক্তিসকলৰ প্ৰৱেশ সহজ কৰি তুলিব। এই পৰিৱৰ্তনৰ ফলত যোগ্য ভাৰতীয় নাগৰিকসকলে ইউ এ ইত উপস্থিত হোৱাৰ লগে লগে ১৪ দিনৰ ‘ভিছা-অন-এৰাইভেল’ৰ সুবিধা লাভ কৰিব(UAE visa)।

বৰ্তমান ৩৫ লাখতকৈ অধিক ভাৰতীয় লোক বসবাস কৰা ইউ এ ই আৰু ভাৰতৰ মাজত বৃদ্ধি পোৱা ক্ৰমবৰ্ধমান অংশীদাৰিত্বৰ অংশ হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে(UAE travel policy)। এই নীতিগত পৰিৱৰ্তন দুয়োখন দেশৰ মাজত ভ্ৰমণ আৰু বাণিজ্যৰ সুযোগ বৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

ইউ এ ইত উপস্থিত হোৱাৰ সময়ত পাব লগা ভিছাৰ বাবে থাকিব লগা যোগ্যতাসমূহ হৈছে(visa requirements for Indians) –

আমেৰিকাই প্ৰদান কৰা বৈধ ভিছা, ৰেচিডেন্স পাৰ্মিট অথবা গ্ৰীণ কাৰ্ড।

ইউৰোপীয় সংঘৰ যিকোনো দেশ বা যুক্তৰাজ্যই প্ৰদান কৰা বৈধ ভিছা বা আৱাস অনুমতি পত্ৰ।

কমেও ছমাহৰ বৈধতা থকা পাছপ’ৰ্ট।

এই প্ৰয়োজনীয়তাসমূহ পূৰণ কৰা পৰ্যটকসকলক ইউ এ ইত উপস্থিত হোৱাৰ সময়ত ১৪ দিনৰ ভিছা প্ৰদান কৰা হ’ব । যদিহে পৰ্যটকসকলে প্ৰয়োজনীয় মাচুল পৰিশোধ কৰে, তেন্তে অতিৰিক্ত ৬০ দিনৰ বাবে এই ভিছাৰ ম্যাদ বৃদ্ধি কৰিব পৰা যাব। এই সুবিধাজনক প্ৰক্ৰিয়াৰ লক্ষ্য হৈছে, ভাৰতীয় নাগৰিকসকলৰ বাবে ইউ এ ই ভ্ৰমণক অধিক সহজলভ্য কৰি তোলা । লগতে ভাৰতীয় পৰ্যটক, ব্যৱসায়িক পেছাদাৰী আৰু প্ৰবাসীসকলৰ বাবে প্ৰধান গন্তব্যস্থান হিচাপে ইউ এ ইৰ ভূমিকা আৰু অধিক শক্তিশালী কৰা।

PM Modi to Visit Russia: ৰাষ্ট্ৰপতি পুটিনৰ আমন্ত্ৰণত ৰাছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে, ব্ৰিকছ সন্মিলনত কৰিব অংশগ্ৰহণ

PM Modi to Visit Russia: ৰাষ্ট্ৰপতি পুটিনৰ আমন্ত্ৰণত ৰাছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে, ব্ৰিকছ সন্মিলনত কৰিব অংশগ্ৰহণ
PM Modi to Visit Russia: ৰাষ্ট্ৰপতি পুটিনৰ আমন্ত্ৰণত ৰাছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে, ব্ৰিকছ সন্মিলনত কৰিব অংশগ্ৰহণ

নতুন দিল্লী, ১৮ অক্টোবৰ: অহা ২২-২৩ অক্টোবৰত ৰাছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(PM Modi to Visit Russia)। লগতে ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া ১৬ সংখ্যক ব্ৰিকছ সন্মিলন(16th BRICS Summit)ত মোডীয়ে অংশগ্ৰহণ কৰিব। এই সন্দৰ্ভত শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে সন্মিলনৰ সদস্য ৰাষ্ট্ৰসমূহৰ নেতাৰ লগতে অন্যান্য আমন্ত্ৰিতসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হ’ব। উল্লেখ্য যে এইবছৰত প্ৰধানমন্ত্ৰী মোডীৰ এইটো হৈছে দ্বিতীয়টো ৰাছিয়া ভ্ৰমণ।

এই সন্মিলনৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৯ লৈ সম্প্ৰসাৰণ হোৱাৰ পিছত এইখন হৈছে ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন শীৰ্ষ সন্মিলন। ২০২৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনৰ সময়ত ইজিপ্ত, ইথিঅ’পিয়া, ইৰাণ আৰু ইউ এ ইয়ে এই গোটত যোগদান কৰাৰ বিপৰীতে চৌদি আৰব আৰু আৰ্জেণ্টিনাকো আমন্ত্ৰণ জনোৱা হৈছিল। যদিও চৰকাৰ সলনি হোৱাৰ পিছত আৰ্জেণ্টিনাই সন্মিলনত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে, ইফালে ছৌদি আৰবে এই ক্ষেত্ৰত বৰ্তমানেও কোনো সঁহাৰি দিয়া নাই।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণত ২২-২৩ অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰিব। এই সময়ছোৱাত তেওঁ ৰাছিয়াৰ অধ্যক্ষতাত কাজানত আয়োজিত ১৬ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ বিষয়বস্তু হৈছে ‘ন্যায়সংগত বিশ্ব উন্নয়ন আৰু নিৰাপত্তাৰ বাবে বহুপক্ষীয়তাবাদ শক্তিশালী কৰা’। এই অনুষ্ঠানে নেতাসকলৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিব( Global development)।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে ব্ৰিকছৰ সদস্য দেশৰ সমকক্ষ আৰু কাজানলৈ আমন্ত্ৰিত নেতাসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠক আৰু আলোচনাত মিলিত হ’ব। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সহকাৰী ইউৰি উছাকোভৰ মতে, কাজানত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনত ২৪খন দেশৰ নেতা আৰু মুঠ ৩২খন দেশৰ প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব। ইয়াৰ বাবেই এই সন্মিলন ৰাছিয়াৰ ইতিহাসত এতিয়ালৈকে অনুষ্ঠিত হোৱা বৈদেশিক নীতিৰ এক সৰ্ববৃহৎ অনুষ্ঠান হিচাপে পৰিণত হ’ব(Russia foreign policy)।

Yuva Morcha : যুৱ মৰ্চাৰ “য়ুথ কেন লীড” অভিযানৰ শুভাৰম্ভণি

Yuva Morcha : যুৱ মৰ্চাৰ "য়ুথ কেন লীড" অভিযানৰ শুভাৰম্ভণি
Yuva Morcha : যুৱ মৰ্চাৰ "য়ুথ কেন লীড" অভিযানৰ শুভাৰম্ভণি

১৮ অক্টোবৰ,২০২৪, গুৱাহাটীঃ ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত আয়োজিত “য়ুথ কেন লীড” অভিযানৰ আজি শুভাৰম্ভণি হয়। (Yuva Morcha)গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্য্যালয় বাজপেয়ী ভৱনৰ সভাগৃহত দলৰ জ্যেষ্ঠ নেতৃত্বৰ উপস্থিতিত শুভাৰম্ভণি অনুষ্ঠানটো আয়োজিত হৈ যায়। উল্লেখযোগ্য যে, আজি অৰ্থাৎ ১৮ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ অনুষ্ঠিত হ’ব লগা য়ুথ কেন লীড শীৰ্ষক অভিযানৰ জড়িয়তে অৰাজনৈতিক যুৱ তথা ছাত্ৰ নেতৃত্বক যুৱ মৰ্চাৰ উদ্যোগত এক ক্ষেত্ৰভিত্তিক অধ্যয়ণৰ ব্যৱস্থা কৰা হৈছে।

যুৱ মৰ্চাৰ উদ্যোগত ৰাজ্যৰ ভিন্ন জিলাৰ পৰা কেইবা শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে ।এই অভিযানৰ যোগেদি এজন যুৱকে গৃহ জিলাৰ পৰা গৈ অন্য এখন জিলাত থাকি সেই জিলাৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ঐতিহাসিক, পৰম্পৰা, লোকাচাৰ, জনসংখ্যাৰ গাঠনি, আদি বিষয় সমুহৰ অধ্যয়ন কৰাৰ উপৰিও বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দিনত হোৱা কল্যাণকামী কাম কাজ , যুগান্তকাৰী উন্নয়ণ সমুহৰ ওপৰতো তুলনামুলক অধ্যয়ন কৰিব । উল্লেখযোগ্য যে,এই অভিযানত অংশগ্ৰহণ কৰা যুৱক যুৱতীসকল বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্ব বহনকাৰী, বিভিন্ন অৰাজনৈতিক সংগঠন আদিৰ কৰ্মকৰ্তা ।


যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসে আদৰণি ভাষণ আগবঢ়োৱা শুভাৰম্ভণি অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত কুমাৰ দাস, বিজেপিৰ মুখপাত্ৰ ঋতুবৰণ শৰ্মা আৰু যুৱ ইউটিউবাৰ অৱয়ৱ ভূঞা অতিথি হিচাপে উপস্থিত থাকে। সাংসদ বিজুলী কলিতা মেধিয়ে ভাষণ প্ৰসঙ্গত শিক্ষয়িত্ৰী জীৱনৰ পৰা সাংসদলৈ বিস্তৃত জীৱন অভিজ্ঞতা ব্যক্ত কৰে।

আনহাতে জ্যেষ্ঠ মুখপাত্ৰ ঋতুবৰণ শৰ্মাই ভাষণত কয় যে, ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিষ্ঠা কালৰে পৰা দেশক পৰম বৈভৱশালী স্থানত অধিস্থিত কৰাৰ স্বপ্নৰে কাম কৰি আহিছিল। কাশ্মীৰৰ পৰা পৰা ৩৭০ ধাৰা আতৰোৱা, ৰাম মন্দিৰ নিৰ্মাণৰ সংকল্প ভাৰতীয় জনতা পাৰ্টীয়ে জন্মকালতে লৈছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৰ্শন, ইতিহাস, লক্ষ্য উদ্দেশ্যৰ বিষয় উল্লেখ কৰি শৰ্মাই কয় যে, ব্যক্তি নিৰ্মাণৰ জড়িয়তে সমাজ নিৰ্মাণ আৰু সমাজ নিৰ্মাণৰ জড়িয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আৰ এছ এছে যোৱা এটা শতিকাজুৰি কাম কৰি আহিছে।

Phulaguri Uprising। ব্ৰিটিছৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ “ফুলগুৰি ধেৱা”

Phulaguri Uprising। ব্ৰিটিছৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ "ফুলগুৰি ধেৱা "
Phulaguri Uprising। ব্ৰিটিছৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ "ফুলগুৰি ধেৱা "

নিউজ ডেস্ক, ১৮ অক্টোবৰ: ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পৰৱৰ্তী সময়ত নগাঁৱৰ ফুলগুৰিত ব্ৰিটিছৰ কৰ নীতিৰ বিৰুদ্ধে কৃষক ৰাইজ গৰজি উঠিছিল। এই কৃষক বিদ্ৰোহকে “ফুলগুৰি ধেৱা” বুলি জনাজাত। এই সন্দৰ্ভত “ফুলগুৰি ধেৱা” গ্ৰন্থৰ আগ কথাত বেনুধৰ কলিতাই উল্লেখ কৰিছে যে “অন্যায়ৰ গৰ্ভৰ পৰাই বিপ্লৱৰ জন্ম। সেইবাবেই দেশৰ প্ৰতিটো বিপ্লৱেই জাতীয় জীৱনৰ একোগছি বন্তি স্বৰূপ। ফুলগুৰিৰ ধেৱা বা ফুলগুৰি বিদ্ৰোহো ব্ৰিটিছ চৰকাৰৰ অবৰ্ণনীয় নিষ্পেষণ আৰু ভাৰতৰ অন্যান্য প্ৰদেশৰ দৰেই কৰ কাটলৰ হেঁচা ৰাইজে কেকোঁ-জেকোঁকৈ ব’ব নোৱাৰি সেইবোৰৰ বিৰুদ্ধে কৰা স্বত:স্ফূত আন্দোলন। ইংৰাজ আৰু চিপাহী বিলাকে বিদ্ৰোহক “ধাৱা ” বুলিছিল। (Phulaguri Uprising)

ই অসমীয়া জিভাত ধাৱা গুছি “ধেৱা” হ’ল। সেয়েহে ফুলগুৰিৰ বিদ্ৰোহটো ‘ফুলগুৰি ধেৱা’ নামেৰেহে জনাজাত হৈ পৰিল।” ইংৰাজ চৰকাৰৰ অত্যাধিক কৰ নীতিৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিবলৈ সংগঠিত হোৱা কৃষক সকলক গুলীয়াই কলঙৰ পানী ৰাঙলী কৰা ১৮৬১ চনৰ ১৮ অক্টোৱৰত নগাঁও জিলাৰ ফুলগুৰিত ৫৪ জনৰো অধিক কৃষকে প্ৰাণ আহুতি দিয়া ইতিহাস প্ৰসিদ্ধ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ ‘ফুলগুৰি ধেৱা’ চাওঁতে চাওঁতে আজি ১৬৩ বছৰত ভৰি দিলে ৷
ইতিহাসৰ পাট লুটিয়ালে দেখা যায় অতীতৰেপৰা বৰ্তমানলৈকে বিভিন্ন গণবিদ্ৰোহ, গণ- আন্দোলন আৰু গণ- বিপ্লৱত নগঞা ৰাইজে অংশগ্ৰহণ কৰি নিজৰ সংগ্ৰামী মনৰ পৰিচয় দি আহিছে ৷ এই ক্ষেত্ৰত কৃষক তথা শ্ৰমজীৱি সাধাৰণ জনতাৰ ভুমিকা উল্লেখ যোগ্য আছিল ৷ শাসকীয় ইংৰাজ চৰকাৰৰ শোষণ- নিৰ্যাতন, নিষ্পেষণৰ বিৰুদ্ধে ১৮ অক্টোবৰ ১৮৬১ চনত এনে এক জংগী কৃষক বিদ্ৰোহ হৈছিল মধ্য অসমৰ নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰি অঞ্চলত ৷ সেই বিদ্ৰোহ “ফুলগুৰি ধেৱা” নামেৰে খ্যাত। ইংৰাজ চৰকাৰৰ কৰ নীতিৰ বিৰুদ্ধে উপযুক্ত নেতৃত্ব অবিহনেই জিলাখনৰ বিভিন্ন অঞ্চলৰপৰা কৃষকসকল স্বতঃস্ফুৰ্তভাৱে ওলাই আহি সংঘটিত কৰিছিল এই কৃষক বিদ্ৰোহ ৷


১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ৰাজ ভৰাঁল টনকিয়াল কৰাৰ স্বাৰ্থত সমগ্ৰ অসমৰ লগতে নগাঁও জিলাতো আয় কৰ প্ৰৱৰ্তন কৰিলে। তদুপৰি কৃষকৰ মূৰত অধিক আৰ্থিক হেঁচা দিয়াৰ বাবে ব্ৰিটিছ চৰকাৰে আদালতৰ নিৰ্দেশ অমান্য কৰি ৰাজ্যখনৰ আন জিলাৰ লগতে নগাঁৱতো “ষ্টাম্প ডিউটি” প্ৰৱৰ্তন কৰিছিল। কামৰূপ, দৰং আৰু নগাঁও সদৰত আবকাৰী কৰ প্ৰৱৰ্তন কৰে। আবকাৰী কৰৰ পৰা জনজাতীয় এলেকা বাদ দিয়া হৈছিল। ইপিনে বিল, নদী আদিত মাছ মাৰিবলৈ নিৰ্দিষ্ট মহল সৃষ্টি কৰি জলকৰ লোৱাৰ ব্যৱস্থা কৰিছিল। কঠৰ ওপৰত গড়মাটি কৰ, ইকৰা খাগৰিৰ ওপৰত বনকৰ আৰু চৰণীয়া পথাৰৰ বাবে খুচাৰীকৰ নিৰ্ধাৰণ কৰিছিল। এনেদৰে ব্ৰিটিছ চৰকাৰে বিভিন্ন কৰ- কাটলৰে কৃষকৰ জীৱন দুৰ্বিসহ কৰি তোলাৰ ফলত সেই সময়ৰ নগাঁৱৰ জিলাধিপতি মি. হাবাৰ্ট স্কন্সৰ ওপৰত ৰাইজৰ ক্ষোভ দুগুণে চৰিছিল। তদুপৰি স্কন্স চাহাবে সহজ সৰল অসমীয়া মানুহৰ ধৰ্মীয় অনুভূতিত আঘাত হানি ফুলগুৰিৰ গড়মুৰ সত্ৰৰ নামঘৰত জোতা মোজা পিন্ধি সোমাই গৈ সিংহাসনত হাত দিয়ে। যাৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে অঞ্চলবাসীৰ মনত ক্ষোভ তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠে।

আনহাতে ১৮৫১-৫২ চনত ব্ৰিটিছ চৰকাৰে আবকাৰী কানি কিনা- বেচা প্ৰথা প্ৰৱৰ্তন কৰিছিল। তেওঁলোকে ভাবিছিল মানুহে সৰহ পইচা দি কানি কিনিব লগা হ’লে কানি খোৱাটো কমাব। অভ্যস্ত কানিয়াই যিমানেই দাম হওক কানি কিনিব বুলি আৰু পইচাৰ বাবে চাহবাগানত কাম কৰিব বুলি চাহ খেতিয়কে ধৰি লৈছিল। কানিয়াক আবকাৰী কানিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হবলৈ ১৮৬১ চনত আফু খেতি কৰাটো বন্ধ কৰে। সৰহ দামত কানি কিনিব নোৱাৰি কৃষক, বিশেষকৈ জনজাতীয় এলেকাৰ মানুহ অতিকৈ ক্ষোভিত হয়। বেণুধৰ কলিতাই তেওঁৰ “ফুলগুৰি ধেৱা” নামৰ গ্ৰন্থখনত এনেদৰে লিখিছে- “ৰাইজে যেতিয়া দেখিলে যে জনসাধাৰণৰ উপকাৰৰ অৰ্থে চৰকাৰে কানি তুলিবলৈ ইচ্ছা কৰা নাই।

কৰিছিল একমাত্ৰ কানি খেতি অসমীয়াৰ হাতৰপৰা নি চৰকাৰীভাৱে কৰি বেছি দামত বিক্ৰী কৰি সস্তীয়া দৰত বিলাতী চাহ বাগিচাত অসমীয়া কুলিৰ সৃষ্টি কৰাটোহে, তেতিয়া ৰাইজ জকি উঠিছিল।” বিভিন্ন কাৰণত অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হোৱা নগঞা সংগ্ৰামী জনতাই ধৰি লৈছিল যে ব্ৰিটিছে মানুহৰ ঘৰ, বাৰী, পাণ- তামোল আৰু পামৰ খেতিৰ ওপৰতো কৰ লগাব। ব্ৰিটিছৰ এনে শোষণ নীতিৰ প্ৰতিবাদ জনাবলৈ মণিৰাম দেৱান, ৰহাৰ ৰহিয়াল বৰুৱা, তিৱাৰ সাতো ৰজা- পাচো ৰজা সেনাপতি লক্ষণ সিং আদিয়ে ফুলগুৰি অঞ্চলৰ নেতৃত্বত স্থানীয় ব্যক্তি সকলৰ সহযোগত একত্ৰিত হয়।পৰৰ্ৱৰ্তী সময়ত ১৮৬১ চনৰ ৭ ছেপ্টেম্বৰত নগাঁৱৰ জিলাধিপতিৰ স্কন্স চাহাবৰ কাৰ্যালয়ত প্ৰৱেশ কৰি অতিৰিক্ত কৰৰ বিৰোধিতা কৰে। স্বন্স চাহাবে কৃষকৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে তেওঁলোকক মাৰ কিল কৰি খেদি পঠাইছিল। পুনৰ সেই চনৰে ৯ অক্টোবৰত ‌প্ৰতিবাদী জনতাই কৰৰ বোজা পৰিশোধ নকৰাৰ সিদ্ধান্ত জিলাধিপতিক অবগত কৰে।

এইবাৰো জিলাধিপতিয়ে কোনো গুৰুত্ব নিদিয়াত ৰাইজে বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ ১৫ অক্টোবৰৰ পৰা ৫ দিনীয়াকৈ ৰাইজ মেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। ৰাইজ মেল অনুষ্ঠিত কৰাৰ খবৰ জিলাধিপতিৰ কাণত পৰাত নগাঁও সদৰৰ পৰা হৰধৰ ডাৰোগাক ১০ জন বৰ কান্দাজ সৈন্য সহ এটা দল ফুলগুৰিলৈ পঠিয়াই। ফুলগুৰিত সমবেত জন সমুদ্ৰক আতৰাই পঠোৱাত ডাৰোগা বিফল হয়। সেই দিনাই সন্ধিয়া চাৰিটা বৰকান্দাজ আৰু পল্টনীয়া সেনা লৈ কীৰ্ত্তিকান্ত মহৰী ফুলগুৰিত উপস্থিত হয় । ১৭ অক্টোবৰ তাৰিখে আগবেলা ১০ বজাত মানুহবোৰ আকৌ তাত সমবেত হ’বলৈ ধৰিলে। সেইদিনা বিয়লি ২ বজাত প্ৰায় চাৰি হেজাৰ মান মানুহ গোট খালে। তাৰে প্ৰায় ৫০০- ৬০০ মানুহৰ হাতত লাঠি-জোং ইত্যাদি আছিল। ডাৰোগাই এই সমগ্ৰ বিষয় জিলাধিপতিক অবগত কৰিছিল। জিলাধিপতি লেফটেনেন্ট স্কন্স চাহেবে ১৮ অক্টোবৰত ফুলগুৰিলৈ গৈ ৰাইজৰ লগত আলোচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে।

ৰাইজে জিলাধিপতিৰ এই আশ্বাসৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ তীব্ৰতৰ কৰি তোলে। ১৮ অক্টোবৰৰ দিনা স্কন্স চাহাবৰ সলনি নতুনকৈ অসমলৈ অহা এচিষ্টেন্ট কমিচনাৰ লেফটেণেন্ট চিংগাৰ চাহাব ফুলগুৰিলৈ আহিল। ফুলগুৰি নামঘৰটোৰপৰা কেইশগজমান দূৰত থকা মানুহৰ জুমটোৰ ওচৰলৈ হৰনাথ বৰুৱা ডাৰোগা, জেইল দাৰোগা, মহৰী, ৪ টা চিপাহী, আদিৰ সৈতে ১১ টা বাৰাকান্দাজ সহ চিংগাৰ চাহাব যায়। চিংগাৰে গৈ কলং নৈৰ পাৰৰ তিনিজোপা ডাঙৰ আহত গছৰ তলত আহল-বহল মুকলি ঠাইত তিনিজুমহৈ অতি কমেও প্ৰায় ৩,০০০ মানুহৰ সমাবেশ হোবা দেখা পায়। প্ৰায়বোৰ মানুহৰ মুৰত পাগুৰি আৰু লাঠী-জোংৰে সু-সজ্জিত, কিছুমানৰ হাতত যাঠী আৰু ধনুকাড় আছে। কেইজনমান নেতাৰ লগত আলোচনা কৰি চিংগাৰে লাঠিবোৰ জমাদি ঘটনাস্থলৰপৰা আঁতৰি যাবলৈ হুকুম কৰে। কিছুমানে তাৎক্ষণাত হুকুম মান্য কৰিলে, বেছিভাগে কৰ্ণপাত নকৰিলে। কম বয়সীয়া অসমীয়া মানুহৰ ৰীতি-নীতিৰ সৈতে পৰিচয় নথকা চিংগাৰে জোৰকৈ প্ৰজাক নিৰস্ত্ৰ কৰিবলৈ পুলিচক আদেশ দিয়াৰ লগতে নিজেও বিদ্ৰোহীসকলক নিৰস্ত্ৰ কৰিবলৈ তৎপৰ হয়। সেই কথাত মানুহবোৰ খঙত জ্বলি উঠিল আৰু বহাৰ পৰা থিয় হ’ল। এটা বিৰাট হুলস্থুলীয়া পৰিবশৰ সৃষ্টি হ’ল। চাৰিওফালে ধৰধৰ মাৰমাৰ ধ্বনি হ’ল। চিংগাৰৰ হুকুমত দাৰোগাই ২ জন মানুহক বান্ধি আটক কৰিলে।

এজনে আহি হঠাতে চিপাহী এজনক লাঠীৰে মাৰ মাৰি দিলে। পোনপ্ৰথমে মাৰটো সোধোৱা মানুহটো আছিল মৈৰাচিং। চিংগাৰে নিজেই মৈৰাচিং নামৰ লোকজনৰ লাঠীদাল জব্দ কৰিবলৈ টনা-আজোৰা কৰিলে আৰু লাঠীডাল কাঢ়ি আনিলে। ডাৰোগাই গ্ৰেপ্তাৰ কৰা মানুহ দুজনে লগৰ মানুহবোৰক চিঞৰি চিঞৰি তেওঁলোকক অকলশৰীয়া কৰি এৰি থৈ যাবগৈ নেকি বুলি সুধিবলৈহে পালে, বচিগপুৰ মৌজাৰ (প্ৰকৃততে হাতীগড় মৌজাৰ) বাহু কৈবৰ্ত্তই মূৰত মাৰ মাৰি একেকোবতে চিংগাৰক ধৰাসায়ী কৰিলে। ইয়াৰ লগতে আৰু তিনিজন চিপাহী নিহত হ’ল। ৰাইজৰ জুমৰ মাজলৈ চিপাহীয়ে গুলিয়ালে যদিও জংগী লোকসকলৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি চিপাহীবোৰ পলাই যাবলৈ বাধ্য হ’ল। হত্যা সংক্ৰান্তত পুলিচ- মহৰীয়ে চিনাক্ত কৰা লোকসকল হ’ল ৰাহু কৈৱৰ্ত্ত, কাতি লালুং, থম্বা লালুং, জবালালুং কাটিয়া লালুং, মহিকোঁচ আৰু কলি ডেকা আদি।ক্ষোভিত ৰাইজে “চিংগাৰৰ শটো কলংনদীত উটুৱাই দিলে। তিনিজন চিপাহী হতাহত হ’ল। চিপাহী বিদ্ৰোহৰ আগৰেপৰা প্ৰশিক্ষণ লৈ থকা অথচ পিছত ঘৰা- ঘৰি যোৱা মেলত উপস্থিত থকা সৈন্যবোৰৰ কিছুমানে কলঙৰ দুয়োপাৰে সশস্ত্ৰে সদৰৰ খাৰঘৰ দখল কৰিবলৈ হৈচৈকে যাত্ৰা আৰম্ভ কৰে।

এটা দলে ৰহা থানা দখল কৰি ডাৰোগা গোলাপ সিঙকো আধামৰা কৰি কলঙত উটুৱাই দিয়ে। শেনচোৱাৰ আগত ডিমৌ বিলৰ কাষত চিংগাৰৰ সাহাৰ্য্যে যোৱা চিপাহীৰ লগত এটা দলৰ মুখামুখি হয় আৰু খণ্ডযুদ্ধত ববৰা আটিৰ চোৱাৰৰ লালুং চিপাহীৰ গুলিৰ আঘাতত মৃত্যু হয়। কৰঙৰ দক্ষিণপাৰে যোৱা দলটোৰ ঘাঁহি গাঁৱৰ ওচৰত মুখামুখি হয়। সেই ঠাইত দুয়ো পক্ষৰ এঘাৰজন লোকৰ মৃত্যু হয়। এজন হাবিলদাৰৰ নেতৃত্বত এটা পুলিচবাহিনী ফুলগুৰিলৈ পঠায়। অসম লাইট ইনফেনট্ৰিৰ ২৫ টা চিপাহীৰে ডেপুটী কমিচনাৰে ট্ৰেজাৰী লুট আৰু সদৰ জ্বলাই দিব বুলি হাবাৰ্ট স্কঞ্চে নিৰুপায় হৈ দৰঙৰ ডেপুটী কমিচনাৰ ডব্লিউ ফেয়াৰৰপৰা সিদিনাই সৈন্যবল বিচাৰি পঠালে। লক্ষ্ণৌ নামৰ জাহাজত গুৱাহাটীৰপৰা ডিব্ৰুগড় অভিমুখে আহি থকা তদানীন্তন কমিচনাৰ হেনৰী হপকিঞ্চৰ ১৯ অক্টোবৰৰ দিনা বেলি ডুবাৰ সময়ত তেজপুৰ পায়। লেঃ ফেয়াৰে সৈন্যবলৰ প্ৰয়োজনীয়তাৰ কথা জনায়। লক্ষ্ণৌ জাহাজৰ সহযাত্ৰী চেকেণ্ড আছাম ইনফেন্ট্ৰিৰ ভাৰপ্ৰাপ্ত কামাণ্ডাৰ মেজৰ কেম্পবেলক তেজপুৰৰ পৰা ৫০ জন মান সৈন্য লৈ লাওখোৱা ঘাটেৰে নগাওঁলৈ যাবলৈ ব্যৱস্থা কৰি দিয়ে আৰু হপকিঞ্চে নিজে গুৱাহাটীলৈ অধিক সৈন্যৰ বাবে যাত্ৰা কৰে।

২০ অক্টোবৰত কেম্পবেলৰ সৈন্যবাহিনী ফুলগুৰি পায়। কেপ্তেইন চেম্বেৰছে চেকেণ্ড আছাম লাইট ইনফেন্ট্ৰীৰ প্ৰায় ৮০ জন সৈন্য লৈ ২০ তাৰিখে তেজপুৰ পায় আৰু ২৩ অক্টোবৰত তেওঁলোকৰ লগত নিজে আহি নগাঁও পায়হি। ১৯ অক্টোবৰত ফুলগুৰিত বিদ্ৰোহীয়ে ধনুকাড় যাঠী কঢ়িয়াই লৈ পুলিচৰ মুখামুখি হ’ল। ২০ অক্টোবৰত কেম্পবেলৰ সৈন্যবাহিনীৰ হাতত বহুতো বিদ্ৰোহীৰ মৃত্যু হ’ল, বহুতো চিৰকাললৈ ঘূণীয়া হ’ল। ২৩ অক্টোবৰৰ দিনা গুৱাহাটীৰপৰা অহা চেকেণ্ড আসাম লাইট ইনফেনট্ৰিৰে বলবান হৈ ডেপুটী কমিচনাৰ স্কনচে ফুলগুৰি, নেলি, কচুহাট, ৰহা আৰু অন্যান্য ঠাই ভ্ৰমণ কৰে। লালুং ৰজা সমূহৰ ল’ৰাহঁতক চিংগাৰৰ হত্যাত জড়িত কৰি তেওঁলোককে ধৰি ৪১ জন লোকক গ্ৰেপ্তাৰ কৰে। ফুলগুৰিত সৈন্য শিবিৰ পাতি প্ৰজাৰ ওপৰত নানান অত্যাচাৰ কৰে। ৩৯ জন মানুহক নৃশংসভাৱে হত্যা কৰে। আঘাতপ্ৰাপ্ত ১৫ জন বিনা চিকিত্সাত মৃত্যু হয়। ইফালে আকৌ শবোৰ আতৰোৱাৰ কোনো ব্যৱস্থা নকৰাত শবোৰ গেলি পচি যোৱাতহে পৰিয়াল বৰ্গক নিবলৈ দিছিল। চিনাক্ত হ’লে অত্যাচাৰী ইংৰাজৰ হাতত গৃহস্থৰ অপকাৰ হবৰ আশংকা কৰি আত্মীয় স্বজনে শবোৰ লুকাই চুৰকৈ নি কলঙৰ দক্ষিণ পাৰৰ, ফুলগুৰিৰ পৰা এমাইল দূৰত হাবিৰ মাজত থকা বিলখনৰ কাষত সমূহীয়ৈকৈ সৎকাৰ কৰিছিল। আজিও সেই বিলখনৰ নাম মানুহ পোৰা বিল নামেৰে জনাজাত। ইয়াৰ পাছতো লাইট ইনফেনট্ৰিৰ চিপাহীয়ে ফুলগুৰিত ৬ মাহলৈ চাউনী পাতি অঞ্চলটোত পহৰা দিয়াৰ নামত নিদাৰুন অত্যাচাক চলাইছিল। তিৰুতা মানুহো সিহঁতৰ পাশৱিক অত্যাচাৰপৰা সাৰি যোৱা নাছিল।

সিফালে বাৰাকান্দাজ চিপাহীবোৰৰ ভৰণ পোষণৰ বাবে ফুলগুৰি আৰু ৰহা অঞ্চলৰ মানুহক ৰচদ পাতিৰ যোগান ধৰিবলৈ বাধ্য কৰিছিল। জিলাধিপতিয়ে বিনাজুৰিৰে বিচাৰ পাতি নগাঁও সদৰ জেলত (ব্ৰিটিছ চৰকাৰে) নামমাত্ৰ বিচাৰ পাতি অনাদৰ পুলিচ মহৰী আৰু হলধৰ বৰুৱাৰ জৱানবন্দী আৰু জেইল দাৰোগা, সদৰ থানাৰ কেৰাণী- জমাদাৰ (হলধৰ বৰুৱাৰ লগত অহা), কীৰ্তিনাথ মহৰী আদিৰ জৱানবন্দীৰ ওপৰত ভিত্তি কৰি কটহগুৰী গাঁৱৰ লক্ষণ চিং ডেকা, টোপাকুচিৰ ৰংবৰ ডেকা, ঔগুৰিৰ চাংবৰ লালুঙক নগাঁও জেইলতে ফাঁচি দিয়ে। তাৰোপৰি ৰুপচিং লালুং, চিবচিং লালুং, নৰচিং লালুং,কটঁহগুৰিৰ হেবেৰা লালুং, দেউৱালিৰ বাহু কৈবৰ্ত্ত আৰু বনমালী কৈবৰ্ত্ত এই ৬ জনক যাৱজ্জীৱন-জীপান্তকৰী কৰি কলিয়া-পানীলৈ পঠালে। এই হুকুমৰ বিৰূদ্ধে কলিকতাৰ সদৰ জৰ্জ আদালতত আপিল হৈছিল। কাটিং লালুং, অম্বালালুং, জব লালুং, কটীয়া লালুং, মহিকোচ আৰু কলী ডেকা প্ৰভৃতি ৩১ জন মানুহক ১ বছৰৰ পৰা ১০ বছৰ পৰ্য্যন্ত সশ্ৰম কাৰাদণ্ড বিহা হয়। পূৰ্ব উল্লেখিত পাঁচোৰজা আৰু সাতো ৰজা সকলৰ সকলো চৰকাৰী পদ ও সুবিধা ৰহিত কৰে। ৰহীয়াল বৰুৱা, জাগীয়াল গোসাঁই প্ৰমুখ্যে সভ্ৰান্ত লোক সকলক কছাৰীলৈ আনি লটি ঘটি কৰে। কেইবাজনো মৌজাদাৰৰ মৌজা কাঢ়ি লয় আৰু কেবাজনো চাকৰিয়ালক কামৰপৰা অব্যাহতি দিয়ে ৷ বিচাৰৰ লগতে ছমাহ ধৰি ফুলগুৰিত চাউনী পাতি থকা চিপাহীবোৰৰ অমানুষিক অত্যাচাৰ উৎপীড়ণত বিদ্ৰোহৰ জুইকুৰা একেবাৰে নিৰ্বাপিত কৰি পেলালে। পিয়লি ফুকন, মণিৰাম দেৱানৰ কৰুণ স্মৃতিক লৈ গোৱা গীতবোৰৰ দৰে ফুলগুৰি ধেৱাৰ বেদনাদায়ক স্মৃতিক লৈয়ো অঞ্চলটোৰ মানুহৰ মুখে মুখে কিছুমান গীত প্ৰচলিত হৈছিল।


যেনে- অ’ আইটী/ অ’ আইটী তিনিজোপা আহতৰ তলতে, অ’ আইটী ধেৱাখন লাগিলে…। ৰূপচিং- চিৰচিং- বাহু- বনমালী…”। এতিয়া এই গীতবোৰ শুনিবলৈ পোৱা নাযায়। জীৱনৰ প্ৰত্যাহিকতাত মানুহে ফুলগুৰি ধেৱাৰ কথা পাহৰি যোৱাৰ লগে লগে তাৰ স্মৃতিত মুখে মুখে ৰচিত বেদনাদায়ক গীতবোৰো পাহৰণিৰ গৰ্ভত বিলীণ হ’ল। নগাঁও জিলাৰ সংগ্ৰামী ৰাইজ তথা ফুলগুৰিয়া ৰাইজৰ বাবে ১৮ অক্টোবৰ তাৰিখটো এতিয়া ৰৈ গ’ল মাথো স্মৃতি দিৱস হিচাপেহে ৷ ইতিমধ্যে ফুলগুৰিৰ এই বিদ্ৰোহক যাওতি-যুগীয়া কৰি ৰাখিবৰ বাবে ধেৱা স্মৃতি সৌধ, ধেৱা স্মৃতি তোৰণ, ৰাইজমেল ভৱন নিৰ্মাণ কৰা হৈছে। সৰ্বভাৰতীয় প্ৰেক্ষাপটত ফুলগুৰি ধেৱাক জিলিকাই ৰাখিবলৈ এইয়া যথেষ্ট নহয়। ফুলগুৰি ধেৱাক পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ পূৰ্ণ সম্ভাৱনা আছে যদিও এই ক্ষেত্ৰত চৰকাৰে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। ব্ৰিটিছৰ বিৰুদ্ধে একত্ৰিতভাৱে প্ৰথম বৃহৎ কৃষক বিদ্ৰোহৰ স্থলি ফুলগুৰিৰ ধেৱা‌ অসমীয়া জাতীয় জীৱনৰ এক গুৰুত্বপূৰ্ণ দলিল আৰু প্ৰেৰণাৰ প্ৰতীক। সাম্ৰাজ্যবাদী শাসনৰ বিৰুদ্ধে ফুলগুৰিৰ ধেৱা অসমীয়া জাতিৰ এক ঐতিহাসিক সংগ্ৰাম। এই সংগ্ৰামৰ ইতিহাস নৱ প্ৰজন্মৰ মাজত বিলাই দিয়াটো অতি প্ৰয়োজনীয়। (বিভিন্ন গ্ৰন্থৰ সহায়ত)

লেখক ঃ কনক হাজৰিকা