Home Blog Page 534

JEE Main 2025 Exam Structure: মূল আৰ্হিলৈ ঘূৰি যাব JEE Main পৰীক্ষাৰ গাঁথনি; খ শাখাত অন্তৰ্ভুক্ত কৰা হ’ব কেৱল ৫টা প্ৰশ্ন

JEE Main 2025 Exam Structure: মূল আৰ্হিলৈ ঘূৰি যাব JEE Main পৰীক্ষাৰ গাঁথনি; খ শাখাত অন্তৰ্ভুক্ত কৰা হ'ব কেৱল ৫টা প্ৰশ্ন
JEE Main 2025 Exam Structure: মূল আৰ্হিলৈ ঘূৰি যাব JEE Main পৰীক্ষাৰ গাঁথনি; খ শাখাত অন্তৰ্ভুক্ত কৰা হ'ব কেৱল ৫টা প্ৰশ্ন

নিউজ ডেস্ক, ১৮ অক্টোবৰ: ক’ভিড-১৯ মহামাৰীৰ সময়ত প্ৰৱৰ্তন কৰা JEE Main পৰীক্ষাৰ ঐচ্ছিক বাছনি প্ৰক্ৰিয়া বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ NTAয়ে । এই সিদ্ধান্ত গ্ৰহণৰ লগে লগে ২০২৫ চনত হ’ব লগা যুটীয়া প্ৰৱেশ পৰীক্ষা (JEE Main)ৰ প্ৰশ্নকাকতৰ আৰ্হিত কিছু নতুন পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। অৰ্থাৎ JEE Main 2025 ৰ পৰীক্ষা মহামাৰীৰ পূৰ্বৰ আৰ্হিলৈ ঘূৰি আহিব(JEE Main 2025 Exam Structure) । ফলস্বৰূপে প্ৰাৰ্থীসকলে পৰীক্ষাৰ খ শাখাত পাঁচোটা প্ৰশ্নৰে উত্তৰ দিব লাগিব।

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই (National Testing Agency) জাৰি কৰা জাননী অনুসৰি, ক’ভিড মহামাৰীৰ আৰম্ভণিৰ সময়চোৱাত সংস্থাটোৱে JEE (Main) ২০২১ চনৰ পৰীক্ষাত প্ৰতিটো বিষয়ৰ Section B ত এটা বিকল্প প্ৰশ্ন বাছনি কৰাৰ সুবিধা প্ৰদান কৰিছিল য’ত পৰীক্ষাৰ্থীয়ে ১০ টা প্ৰশ্নৰ ভিতৰত যিকোনো পাঁচটা প্ৰশ্নৰ প্ৰয়াস কৰাৰ সুবিধা লাভ কৰিছিল(NTA JEE Main notice)।

মূল আৰ্হিলৈ ঘূৰি যাব JEE Main পৰীক্ষাৰ গাঁথনি

মহামাৰীৰ সময়চোৱাত সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈকে সাময়িকভাৱে পৰীক্ষাৰ এই গাঁথনিগত পৰিৱৰ্তন প্ৰৱৰ্তন কৰা হৈছিল আৰু ২০২৪ চনলৈকে JEE (Main) পৰীক্ষাৰ বাবে এই প্ৰক্ৰিয়া কাৰ্যকৰী হৈ আহিছে। অৱশ্যে এতিয়াৰ পৰা প্ৰতিটো বিষয়ৰ প্ৰশ্নকাকত দুটা শাখাত বিভক্ত কৰা হ’ব। ক শাখাত ২০টা আৰু খ শাখাত পাঁচটা প্ৰশ্ন থাকিব। এই প্ৰশ্নবোৰ পূৰ্ণসংখ্যাৰ ধৰণ(Integer-type)ৰ হ’ব।

এন টি এৰ জাননীখনত কোৱা হৈছে যে, “পৰীক্ষাৰ গাঁথনি পুনৰ মূল গাঁথনিলৈ ঘূৰি আহিব, য’ত খ শাখাৰ প্ৰতিটো বিষয়ত কেৱল পাঁচটা প্ৰশ্ন থাকিব, আৰু প্ৰাৰ্থীসকলে পাঁচোটা প্ৰশ্নৰেই প্ৰয়াস কৰিব লাগিব । অৰ্থাৎ JEE (Main) 2025 ৰ পৰীক্ষাত Paper 1 (B.E./B. Tech), Paper 2 A (B Arch) আৰু Paper 2 B (B Planning)ৰ বাবে কোনো বিকল্প প্ৰশ্ন নাথাকিব ।”

জাননীখনত উল্লেখ কৰা অনুসৰি, পঞ্জীয়ন প্ৰক্ৰিয়াৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকা দেশৰ লাখ লাখ প্ৰাৰ্থীক NTAৰ অফিচিয়েল ৱেবছাইটত পৰীক্ষাৰ আৰ্হি সম্পৰ্কীয় বিতং তথ্য আপডেট কৰা হ’ব। তাৰোপৰি JEE (Main) 2025 সম্পৰ্কীয় অধিক স্পষ্টীকৰণৰ বাবে প্ৰাৰ্থীসকলক শেহতীয়া আপডেটৰ বাবে NTAৰ অফিচিয়েল ৱেবছাইট www.nta.ac.in আৰু https://jeemain.nta.nic.in/ দুটাক চাই থাকিবৰ বাবে পৰামৰ্শ দিয়া হৈছে ।

জে ই ই মেইন পৰীক্ষাত থাকে তিনিটা শাখা অন্তৰ্ভূক্ত থাকে – পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, আৰু গণিত। ইয়াত সৰ্বমুঠ ৯০টা প্ৰশ্ন থকাৰ বিপৰীতে প্ৰতিটো শাখাত ৩০টা প্ৰশ্ন থাকে।

Salman Khan gets death threat: বিষ্ণৈৰ সৈতে শত্ৰুতা শেষ কৰিবৰ বাবে ৫ কোটি টকা দাবী

Salman Khan gets death threat: বিষ্ণৈৰ সৈতে শত্ৰুতা শেষ কৰিবৰ বাবে ৫ কোটি টকা দাবী
Salman Khan gets death threat: বিষ্ণৈৰ সৈতে শত্ৰুতা শেষ কৰিবৰ বাবে ৫ কোটি টকা দাবী

মুম্বাই, ১৮ অক্টোবৰ: মুম্বাই যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী(Mumbai Traffic Police)য়ে ভাবুকি ভৰা এটা বাৰ্তা লাভ কৰিছে । বাৰ্তাত উল্লেখ থকা অনুসৰি, লৰেন্স বিষ্ণৈৰ সৈতে হোৱা বিবাদৰ অন্ত পেলাবলৈ অভিনেতা ছলমান খানক ৫ কোটি টকা দাবী জনাইছে(Salman Khan gets death threat)। আৰক্ষীলৈ বাৰ্তা প্ৰেৰণ কৰাজনে নিজকে লৰেন্স বিষ্ণৈ গেঙৰ সদস্য বুলি দাবী কৰিছে। হোৱাটছএপত প্ৰৰেণ কৰা বাৰ্তাটোৰ অনুসৰি, ‘দাবী কৰা ধনৰাশি আদায় নিদিলে ছলমান খানৰ ভাগ্য শেহতীয়াকৈ হত্যা কৰা প্ৰাক্তন বিধায়ক বাবা ছিদ্দিকীতকৈ অধিক ভয়াৱহ হ’ব’।

“এই বাৰ্তাক সহজভাৱে নল’ব। যদি ছলমান খানে জীয়াই থাকিব বিচাৰে আৰু লৰেন্স বিষ্ণোইৰ সৈতে শত্ৰুতা শেষ কৰিব বিচাৰে তেন্তে তেওঁ ৫ কোটি দিব লাগিব । যদি ধন পৰিশোধ কৰা নহয়, তেন্তে ছলমান খানে বাবা ছিদ্দিকীতকৈও বেয়া ভাগ্যৰ সন্মুখীন হ’ব লাগিব।” – এইদৰে হোৱাটছএপত প্ৰৰেণ কৰা বাৰ্তাটোত উল্লেখ কৰা আছিল। বাৰ্তা প্ৰেৰণকাৰীৰ সন্ধানত ইতিমধ্যে মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য যে, অভিনেতা ছলমান খান(Actor Salman Khan)ৰ এজন অন্তৰংগ বন্ধু এন চি পি নেতা বাবা ছিদ্দিকী (৬৬)ক যোৱা ১২ অক্টোবৰত তেওঁৰ বিধায়ক পুত্ৰ জীছান ছিদ্দিকৰ বান্দ্ৰাস্থিত কাৰ্যালয়ৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল। হত্যাকাণ্ডৰ এই গোচৰটোৰ সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

বলীউডৰ এইগৰাকী অভিনেতাই বিষ্ণৈ গেঙৰ(Lawrence Bishnoi Gang) পৰা বিভিন্ন সময়ত ভাবুকিৰ সন্মুখীন হৈ অহাৰ লগতে যোৱা কেইমাহমানৰ পৰা টাৰ্গেট হৈ পৰিছে । যোৱা ১৪ এপ্ৰিলত বাণ্ড্ৰাস্থিত অভিনেতাগৰাকীৰ বাসগৃহৰ বাহিৰত দুজন শ্বুটাৰে পাঁচ ৰাউণ্ড গুলীচালনা কৰিছিল । এই ঘটনাৰ কেইটামান মাহৰ পিছতে বাবা ছিদ্দিকীৰ হত্যাকাণ্ডটো সংঘটিত হয়।

মুম্বাই আৰক্ষীয়ে এই বাৰ্তাৰ উৎসৰ সন্ধানত তদন্ত চলাই থকাৰ লগতে ছলমান খানৰ বান্দ্ৰাস্থিত বাসগৃহৰ চৌদিশৰ নিৰাপত্তা অধিক কটকটীয়া কৰি তুলিছে (Salman Khan Safety) । অৱশ্যে পূৰ্বে লাভ কৰা বহুকেইটা ভাবুকিৰ পিছতে অভিনেতাগৰাকীৰ নিৰাপত্তাৰ দিশটোক লৈ মুম্বাই আৰক্ষী অধিক শতৰ্ক হৈ থকা দেখিবলৈ পোৱা গৈছিল। উল্লেখ্য যে, বৃহস্পতিবাৰে নৱী মুম্বাই আৰক্ষীয়ে লৰেন্স বিষ্ণৈ গেঙৰ এজন গুৰুত্বপূৰ্ণ সদস্যক গ্ৰেপ্তাৰ কৰিছিল। পানীপাটত আটক কৰা সুখা ওৰফে সুখবীৰ বলবীৰ সিঙ নামৰ এই এই সদস্যজনক ছলমান খানৰ হত্যাৰ পৰিকল্পনাৰ ষড়যন্ত্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ।

ইতিমধ্যে অভিনেতাজনৰ নিৰাপত্তাক লৈ সকলোৰে মাজত উত্তেজনা বৃদ্ধি হোৱাৰ মাজতে ছলমান খানক Y+ নিৰাপত্তা প্ৰদান কৰা হৈছে। মুম্বাই আৰক্ষীয়ে গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰতো মুখ চিনাক্তকৰণ প্ৰযুক্তিৰে সজ্জিত এআই সক্ষম হাই ৰিজ’লিউচন চিচিটিভি কেমেৰা সংস্থাপন কৰিছে।

লগতে পঢ়ক: মুম্বাইত এন চি পিৰ নেতা বাবা ছিদ্দিকক গুলীয়াই হত্যা; ২ জনক গ্ৰেপ্তাৰ

Man kills wife and lover: অবৈধ সম্পৰ্কৰ সন্দেহত পত্নী আৰু প্ৰেমিকক হত্যা কৰি নিজেও কৰিলে আত্মহত্যা

Man kills wife and lover: অবৈধ সম্পৰ্কৰ সন্দেহত পত্নী আৰু প্ৰেমিকক হত্যা কৰি নিজেও কৰিলে আত্মহত্যা
Man kills wife and lover: অবৈধ সম্পৰ্কৰ সন্দেহত পত্নী আৰু প্ৰেমিকক হত্যা কৰি নিজেও কৰিলে আত্মহত্যা

বেংগালুৰু, ১৯ অক্টোবৰ: কৰ্ণাটকৰ বেংগালুৰুত পত্নী আৰু প্ৰেমিকক প্ৰহাৰ কৰি হত্যা কৰাৰ পাছতে লোকজনেও কৰিলে আত্মহত্যা(Bengaluru man kills wife and lover) । বৃহস্পতিবাৰে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক জনালে সবিশেষ ।

আৰক্ষীয়ে উল্লেখ কৰা মতে, বেংগালুৰুৰ ক’নাংকন্টে থানা এলেকাৰ অন্তৰ্গত সোমেশ্বৰ কলনীৰ এটা নিৰ্মাণৰত অট্টালিকাত গোলাবাবু (৪১) নামৰ এজন লোকে তেওঁৰ পত্নী লক্ষ্মী (৩৩) আৰু গণেশ কুমাৰ (২০) নামৰ এজন যুৱকক লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰে । দুয়োকে হত্যা কৰাৰ পিছতে তেওঁ নিজেও কৰিলে আত্মহত্যা(Tragic Bengaluru Incident) ।

আৰক্ষীয়ে জনোৱা মতে, মৃত তিনিওজনেই অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা আছিল । কিছু বছৰ ধৰি তিনিওজনেই বেংগালুৰুত নিৰ্মাণ কাৰ্য্যত(Construction workers) নিয়োজিত হৈ আছিল। বেংগালুৰুৰ দক্ষিণ সংমণ্ডলৰ ডিচিপি লোকেশ বি জগলাছাৰে সংবাদ মাধ্যমক কয় যে, গণেশৰ সৈতে তেওঁৰ লক্ষ্মীৰ অবৈধ সম্পৰ্ক(Extramarital affair) থকা বুলি গোলাবাবুৱে পূৰ্বৰে পৰা সন্দেহ কৰি আহিছিল।

উপ আৰক্ষী আয়ুক্তগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বুধবাৰে নিশা গোলাবাবুৱে লক্ষ্মী আৰু গণেশ দুয়োকে একেলগে প্ৰত্যক্ষ কৰিছিল। ইয়াৰ পিছতেই খঙত অগ্নিশৰ্মা হৈ দুয়োকে লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰে । ঘটনাটো সংঘটিত কৰাৰ পিছতে লক্ষ্মীৰ ভগ্নীক ফোন কৰি হত্যাকাণ্ডৰ বিষয়ে অৱগত কৰি লোকজনে নিজেও আত্মহত্যা কৰিব বুলি অৱগত কৰে ।

আৰক্ষীয়ে জনোৱা অনুসৰি(Bengaluru police), বুধবাৰে ঘটনাটো সংঘটিত কৰি বৃহস্পতিবাৰে পুৱাই গোলাবাবুৱেও আত্মহত্যা কৰে। ঘটনা সন্দৰ্ভত কনাংকন্টে থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু অধিক তথ্য উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

শেহতীয়াকৈ অলপতে বেংগালুৰুত একেধৰণৰ আন এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছিল । ১৪ অক্টোবৰত আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, যোৱা সপ্তাহত বেংগালুৰুৰ য়েদিয়ুৰাপ্পা নগৰত এহাল দম্পতী আৰু তেওঁলোকৰ দুটা নিৰীহ সন্তানক তেওঁলোকৰ ঘৰতে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। আৰক্ষীৰ তদন্ত অনুসৰি, পত্নী আৰু সন্তানক হত্যা কৰাৰ পাছত লোকজনেও নিজে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে।

Citizenship Under Assam Accord: অসম চুক্তিৰ যুক্তিযুক্ততা পুনৰ প্ৰমাণ হ’ল: উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে আছুৰ প্ৰতিক্ৰিয়া

Supreme Court Upholds Citizenship Under Assam Accord: AASU Hails Historic Verdict
Citizenship Under Assam Accord: অসম চুক্তিৰ যুক্তিযুক্ততা পুনৰ প্ৰমাণ হ'ল: উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে আছুৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১৭ অক্টোৰঃ ছবছৰীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত স্বাক্ষৰ হৈছিল অসম চুক্তি। ১৯৮৫ চনৰ ১৫ আগষ্টতত স্বাক্ষৰিত অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে চুক্তিখনত উল্লেখিত বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক(Supreme Court verdict) আদৰণি জনাই কয় যে ইয়াৰ দ্বাৰা ঐতিহাসিক চুক্তিখনৰ “যুক্তিযুক্ততা” পুনৰ প্ৰতিষ্ঠা হৈছে (Citizenship Under Assam Accord)।

উচ্চতম ন্যায়ালয়ে ৰায় ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছতে আছুৱে(AASU) এই ৰায়ক আদৰণি জনাই কয় যে বিগত চাৰিটা দশক ধৰি অসম চুক্তিৰ সপক্ষে নিস্বাৰ্থভাৱে থিয় দি থকা অসমৰ সংগ্ৰামী জনসাধাৰণৰ জয় হৈছে ।
বৃহস্পতিবাৰে ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰত অসমলৈ অহা অনুপ্ৰৱেশকাৰীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা নাগৰিকত্ব আইনৰ ৬এ ধাৰাৰ সাংবিধানিক বৈধতাক সমৰ্থন কৰি ন্যায়ালয়ে ৰায় প্ৰদান কৰে । মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধানিক বিচাৰপীঠে এই কথা প্ৰকাশ কৰে । চুক্তিখন আছিল অবৈধ প্ৰব্ৰজনৰ সমস্যাৰ ৰাজনৈতিক সমাধান।

ইয়াৰ পিছতে আছুৱে কয়- এই ৰায়দানৰ জৰিয়তে অসম আন্দোলন(Assam Movement) আৰু অসম চুক্তিৰ যুক্তিক পুনৰ প্ৰতিষ্ঠা কৰা হ’ল(Assam Accord) । এই ঐতিহাসিক ক্ষণত আমি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাইছো। আমি পুনৰ দাবী জনাইছো যে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰা হওক।

উল্লেখ্য যে, ঐতিহাসিক চুক্তিখনৰ তৃতীয় স্বাক্ষৰকাৰী আছিল কেন্দ্ৰীয় চৰকাৰ। সাংবিধানিক বিচাৰপীঠৰ ৰায়দানত অসমত প্ৰৱেশ আৰু নাগৰিকত্ব প্ৰদানৰ বাবে ১৯৭১ চনৰ ২৫ মাৰ্চৰ কাট অফ তাৰিখ শুদ্ধ বুলি ধৰা হয় । নাগৰিকত্ব আইনত ৬এ ধাৰা সন্নিৱিষ্ট কৰা হৈছিল ।

ইয়াত ১৯৮৫ চনত অসম চুক্তিৰ অধীনত সামৰি লোৱা লোকসকলৰ নাগৰিকত্বৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ ব্যৱস্থা ৰখা হৈছে । ৬এ ধাৰাত কোৱা হৈছে যে যিসকল লোকে ১৯৬৬ চনৰ ১ জানুৱাৰী বা তাৰ পিছত বা ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে বাংলাদেশকে ধৰি নিৰ্দিষ্ট অঞ্চলসমূহৰ পৰা অসমলৈ আহিছিল(illegal immigration in Assam) আৰু তেতিয়াৰে পৰা উত্তৰ-পূবৰ ৰাজ্যখনৰ বাসিন্দা, ১৯৮৫ চনৰ সংশোধিত নাগৰিকত্ব আইন অনুসৰি তেওঁলোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ ১৮ ধাৰাৰ অধীনত নিজকে পঞ্জীয়ন কৰিব লাগিব । অৰ্থাৎ এই ব্যৱস্থাই ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখটো অসমত বাংলাদেশী প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদানৰ কাট-অফ তাৰিখ নিৰ্দিষ্ট কৰি দিছিল ।

লগতে পঢ়ক: অসমত বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষৰ ৰায়দানৰ সন্দৰ্ভত অগপৰ প্ৰতিক্ৰিয়া

Citizenship Under Assam Accord: অসমত বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষৰ ৰায়দানৰ সন্দৰ্ভত অগপৰ প্ৰতিক্ৰিয়া

Supreme Court Upholds 1971 Cut-off for Citizenship Under Assam Accord, AGP Welcomes Decision
Citizenship Under Assam Accord: অসমত বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষৰ ৰায়দানৰ সন্দৰ্ভত অগপৰ প্ৰতিক্ৰিয়া

কলিয়াবৰ, ১৭ অক্টোবৰ: দশকজোৰা এক ন্যায়িক যুঁজৰ যেন আজি অন্ত পৰিল । অসমত বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তি বৰ্ষ সন্দৰ্ভত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে এক ঐতিহাসিক ৰায়(Supreme Court ruling) । উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি, অসমত বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৫১ নহয়, ১৯৭১ চনৰ ২৫ মাৰ্চহে ধৰা হ’ব(Citizenship Under Assam Accord)।

সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়ক লৈ বিভিন্ন মহলত ইতিমধ্যে বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানক লৈ অসম গণ পৰিষদ(Assam Gana Parishad) দলৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে(Assam minister Keshab Mahanta) । তেওঁ কলে, অসম চুক্তিৰ যি নায্যতা সেইয়া আজিৰ এই ৰায়ে পুনৰবাৰ প্ৰমাণ কৰিলে। অসম চুক্তিৰ মতেই অসমৰ বিদেশী বহিস্কৰণৰ ব্যৱস্থা বাহাল থাকিব। অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত কোনো দ্বিমত নাই, এই চুক্তি আখৰে-আখৰে পালন কৰিবলৈ দুয়োখন চৰকাৰ দায়বদ্ধ।

লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী পুনৰীক্ষণ সন্দৰ্ভতো মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে। তেঁও কলে, এই বিষয়টো ইতিমধ্যে বিবেচনাধীন হৈ আছে। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আগ-ভাগ লৈ আছে ।

উল্লেখ্য যে, ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে বৃহস্পতিবাৰে নাগৰিকত্ব আইনৰ ৬ক (6A) ধাৰাৰ সাংবিধানিক বৈধতাক বাহাল ৰাখে(Section 6A of Citizenship Act)। এই ধাৰাই বিদেশী ভূখণ্ড বিশেষকৈ বাংলাদেশৰ পৰা ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰত অসমত প্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্বৰ সুবিধা প্ৰদান কৰে ।

১৯৮৫ চনৰ ১৫ আগষ্টত অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিচত নাগৰিকত্ব আইন, ১৯৫৫ত অন্তৰ্ভুক্ত কৰা ৬ক ধাৰাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা কেইবাটাও পক্ষৰ আবেদনৰ ওপৰত শীৰ্ষ ন্যায়ালয়ে এই ৰায় ঘোষণা কৰে।

৬ক ধাৰাত কোৱা হৈছে যে যিসকল লোকে ১৯৬৬ চনৰ ১ জানুৱাৰী বা তাৰ পিচত বা ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে বাংলাদেশকে ধৰি নিৰ্দিষ্ট অঞ্চলসমূহৰ পৰা অসমলৈ আহিছিল(Foreign nationals in Assam) আৰু তেতিয়াৰে পৰা উত্তৰ-পূবৰ ৰাজ্যখনৰ বাসিন্দা, ১৯৮৫ চনৰ সংশোধিত নাগৰিকত্ব আইন অনুসৰি তেওঁলোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ ১৮ ধাৰাৰ অধীনত নিজকে পঞ্জীয়ন কৰিব লাগিব। অৰ্থাৎ এই ব্যৱস্থাই ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখটো অসমত বাংলাদেশী প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদানৰ ‘কাট-অফ'(Cut-off year for citizenship) তাৰিখ নিৰ্দিষ্ট কৰি দিয়ে।

১৯৮৫ চনৰ ১৫ আগষ্টত তদানীন্তন ৰাজীৱ গান্ধী চৰকাৰে অসম আন্দোলনৰ নেতাসকলৰ সৈতে স্বাক্ষৰ কৰা ‘অসম চুক্তি’ৰ সন্দৰ্ভত ১৯৫৫ চনৰ আইনখনত ৬ক ধাৰা অন্তৰ্ভুক্ত কৰা হৈছিল, যাতে অসমৰ সংস্কৃতি, ঐতিহ্য, ভাষিক আৰু সামাজিক পৰিচয় ৰক্ষা আৰু সুৰক্ষা দিব পৰা যায় ।

লগতে পঢ়ক: ৫১ নহয়, ৭১ চনেই হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

kati bihu: কাতি বিহুৰ পৰম্পৰা পালন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

kati bihu: কাতি বিহুৰ পৰম্পৰা পালন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
kati bihu: কাতি বিহুৰ পৰম্পৰা পালন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

টিংখাং, ১৭ অক্টোবৰ ২০২৪: দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ টিংখাঙৰ কৃষিজীৱী ৰাইজৰ সহযোগত টিংখাঙৰ নখাট লেঙেৰী পথাৰত আয়োজিত কাতি বিহু পালন অনুষ্ঠানত মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। ( kati bihu)

সোণোৱালে আজি উল্লেখ কৰে, “বাপতিসাহোন কাতি বিহুৰ ঐতিহ্য-পৰম্পৰা, আকাশবন্তিৰ পোহৰে ন আশাৰ সঞ্চাৰ কৰি অসমৰ সমাজ জীৱন উজলাই তোলে, তুলসী তলৰ বন্তিয়ে কঢ়িয়াই আনে পৱিত্ৰতা। কাতি বিহুৰ যুগ যুগৰ এই পৰম্পৰাসমূহেৰে চৌদিশ উদ্ভাসিত হৈ উঠক আৰু খেতিপথাৰসমূহ কীট-পতংগৰ আক্ৰমণৰপৰা সুৰক্ষিত হৈ নদন-বদন হৈ পৰক, কৃষিজীৱী ৰাইজৰ মংগল হওক, তাৰেই কামনা কৰিলোঁ।”

এই সময়ছোৱাত লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, বিধায়কসকল- বিনোদ হাজৰিকা, তৰংগ গগৈ, তেৰছ গোৱালা প্ৰমুখ্যে স্থানীয় ৰাইজ আৰু গণ্য-মান্য ব্যক্তিসকল।

Railways ticket booking: ৰে’ল বিভাগে সলনি কৰিলে টিকট বুকিঙৰ নিয়ম; এতিয়াৰ পৰা আপুনি ৪ মাহ আগৰ পৰাই টিকট বুকিঙৰ বাবে কৰিব নালাগে চিন্তা

Indian Railways Ticket Booking Rules Changes to 60 Days from November 2024
Railways ticket booking: ৰে'ল বিভাগে সলনি কৰিলে টিকট বুকিঙৰ নিয়ম; এতিয়াৰ পৰা আপুনি ৪ মাহ আগৰ পৰাই টিকট বুকিঙৰ বাবে কৰিব নালাগে চিন্তা

নতুন দিল্লী, ১৭ অক্টোবৰ: ৰে’লযোগে যাত্ৰা কৰা যাত্ৰীসকলৰ বাবে এটা ভাল খবৰ। ভাৰতীয় ৰে’লৱেই টিকট বুকিং সন্দৰ্ভত কৰিছে এক বৃহৎ পৰিৱৰ্তন । ৰে’ল মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি, আগতীয়াকৈ আসন সংৰক্ষণৰ সময়সীমা ১২০ দিনৰ পৰা ৬০ দিনলৈ হ্ৰাস কৰা হৈছে (Indian Railways Ticket Booking Rules Change)।

ৰে’লৱেৰ এই নিয়ম চলিত বৰ্ষৰেই ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী কৰা হ’ব। অৱশ্যে বৰ্তমানলৈকে বুকিং কৰা সকলৰ ৰিজাৰ্ভেচন অপৰিৱৰ্তিত থাকিব। বৰ্তমানেও যাত্ৰীসকলে ৩১ অক্টোবৰলৈকে ১২০ দিনৰ ভিতৰত ৰিজাৰ্ভেচন কৰিব পাৰিব(Indian Railways Advance reservation)। ৰে’ল মন্ত্ৰালয়ে জাৰি কৰা জাননীখনত উল্লেখ কৰা হৈছে যে, চাৰি মাহ পূৰ্বৰে পৰা টিকট বুকিং কৰা যাত্ৰীসকলৰ বহুতেই পৰৱৰ্তী সময়ত বৃহৎ সংখ্যক টিকটৰ বুকিং বাতিল কৰে । সেয়েহে এতিয়া যদি ৬০ দিন আগতীয়াকৈ টিকট বুকিং কৰাৰ ব্যৱস্থা কৰা হয়, তেন্তে টিকট বাতিলৰ সংখ্যা কম হ’ব ।

কম দূৰত্বৰ টিকট বুকিঙৰ ক্ষেত্ৰত নহয় কোনো পৰিৱৰ্তন:

ৰে’ল মন্ত্ৰালয়ে জাৰি কৰা জাননীখনত লগতে এই কথাও উল্লেখ কৰা হৈছে যে, যিসমূহ ৰে’লে এদিনতে যাত্ৰা সম্পূৰ্ণ কৰে, সেইসমূহ ৰে’লৰ বাবে ৩০ দিন আগতেই টিকট বুকিং কৰিব পাৰিব । এই ৰে’লসমূহৰ আসন সংৰক্ষণৰ ক্ষেত্ৰত কোনো সালসলনি কৰা হোৱা নাই । তাজ এক্সপ্ৰেছ, গোমটি এক্সপ্ৰেছৰ দৰে ৰেলসমূহে ১ দিনৰ ভিতৰতে গন্তব্যস্থানত উপস্থিত হয়। এনেসমূহ ৰে’লৰ টিকট বুকিঙৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন কৰা হোৱা নাই। দীৰ্ঘ দূৰত্বৰ যিসমূহ ৰে’ল নিশাও চলে তেনেসমূহ ৰে’লৰ ৰিজাৰ্ভেচনৰ সময় ১২০ দিনৰ পৰা ৬০ দিনলৈ হ্ৰাস কৰা হৈছে (Long-distance train tickets)।

বিদেশী নাগৰিকে এবছৰ পূৰ্বে কৰিব পাৰিব টিকট বুকিং :

ভাৰত ভ্ৰমণলৈ অহা বিদেশী পৰ্যটকসকলে এবছৰ আগতীয়াকৈ ৰে’লত টিকট বুকিং কৰাৰ বাবে সুবিধা পায়(Foreign tourist railway booking)। ৰে’ল মন্ত্ৰালয়ে বিদেশী পৰ্যটকসকলক প্ৰদান কৰা এই সুবিধাৰ কোনো পৰিৱৰ্তন কৰা নাই। সেয়ে বিদেশী পৰ্যটসকলে এবছৰ আগতীয়াকৈয়েই পূৰ্বৰ দৰেই ৰে’লৰ টিকট বুকিং কৰিব লাগিব ।

Mising: গোগামুখত মিচিং দৃৰবৃ কৗবাঙৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস

Missing: গোগামুখত মিচিং দৃৰবৃ কৗবাঙৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস
Missing: গোগামুখত মিচিং দৃৰবৃ কৗবাঙৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ১৭ অক্টোবৰঃ মিচিং জনজাতিসকলৰ একমাত্ৰ জাতীয় সাংস্কৃতিক সংগঠন মিচিং দৃৰবৃ কৗবাঙৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস গোগামুখত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৷ ধেমাজি জিলাৰ গোগামুখস্থিত আবতানি লত্তাত অনুষ্ঠিত হ’ব লগা উক্ত প্ৰতিষ্ঠা দিৱসৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে ৷ (Mising)

মিচিং দৃৰবৃ কৗবাঙৰ কেন্দ্ৰীয় সভাপতি অশ্বিনী কুমাৰ দলে আৰু সম্পাদক প্ৰশান্ত বড়িয়ে জনোৱা মতে প্ৰতিষ্ঠা দিৱসৰ দিনা গুমৰাগ্‌ নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ প্ৰতিযোগিতাৰ প্ৰথম বিজেতাই লাভ কৰিব নগদ ৫০ হাজাৰ টকাসহ মানপত্ৰ, দ্বিতীয় বিজেতাই লাভ কৰিব নগদ ৪০ হাজাৰ টকাসহ মানপত্ৰ আৰু তৃতীয় বিজেতাই লাভ কৰিব নগদ ৩০ হাজাৰ টকাসহ মানপত্ৰ ৷ সভাপতি-সম্পাদকে লগতে জনোৱা মতে প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ অনুষ্ঠিত কৰা হ’ব ৷

দুপৰীয়া মুকলি সভা অনুষ্ঠিত হ’ব ৷ মুকলি সভা উদ্ধোধন কৰিব মিচিং বাঃনৗ কৗবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াই ৷ মুকলি সভাত অতিথি হিচাপে উপস্থিত থাকিব তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ চেন্টাৰ ফ’ৰ ইন্‌ক্লুছিভ ডেভেলপমেণ্টৰ সঞ্চালক তথা ছ’চিঅ’ লিংগুইষ্টিক বিভাগৰ প্ৰাধ্যাপক ড° ৰাজীৱ দলে, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগু,  মিচিং দৃৰবৃ কৗবাঙৰ প্ৰাক্তন সভাপতি সুৰুজ কুমাৰ পাতিৰি, উপ-সভাপতি পবিত্ৰ কুমাৰ পাতিৰ আদিৰ লগতে বাঃনৗ কৗবাং, টি এম পি কে, এম এম কে, টি এম এম কে, মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দই ৷ সাংস্কৃতিক নিশাৰ কাৰ্যসূচীত গীত পৰিৱেশ কৰিব কুকিল কন্ঠি গায়িকা তথা শিল্পী ৰূপা মিলিয়ে ৷ অভ্যৰ্থনা সমিতিয়ে প্ৰতিষ্ঠা দিৱসত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে ৷

Assam Jatiya Parishad: উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই অসম জাতীয় পৰিষদৰ বক্তব্য ‘কা’ বাতিল কৰাটো চৰকাৰৰ জাতীয় দায়িত্ব; বিদেশী চিনাক্ত-বহিষ্কৰণৰ লওক পদক্ষেপ’

Assam Jatiya Parishad: উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই অসম জাতীয় পৰিষদৰ বক্তব্য 'কা' বাতিল কৰাটো চৰকাৰৰ জাতীয় দায়িত্ব; বিদেশী চিনাক্ত-বহিষ্কৰণৰ লওক পদক্ষেপ'
Assam Jatiya Parishad: উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই অসম জাতীয় পৰিষদৰ বক্তব্য 'কা' বাতিল কৰাটো চৰকাৰৰ জাতীয় দায়িত্ব; বিদেশী চিনাক্ত-বহিষ্কৰণৰ লওক পদক্ষেপ'

গুৱাহাটী, ১৭ অক্টোবৰ: নাগৰিকত্ব আইনৰ ৬ক ধাৰাক সাংবিধানিক বৈধতা প্ৰদান কৰি আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক আদৰণি জনাইছে অসম জাতীয় পৰিষদে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিযোগে উচ্চতম ন্যায়ালয়ৰ ৰায়ক বাস্তৱমুখী, সময়োপযোগী আৰু দূৰদৰ্শী আখ্যায়িত কৰে। (Assam Jatiya Parishad)


বিবৃতিটোত গগৈ আৰু ভূঞাই কয়, “উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ লগে লগে অসম চুক্তিৰ সাংবিধানিক বৈধতা পুনৰ নিশ্চিত হ’ল। নাগৰিকত্বৰ ভিত্তি বৰ্ষ ১৯৭১ চন হ’ব লাগে বুলি আমি ইমান দিনে কৈ অহা কথাটোৰ ন্যায্যতা প্ৰতিপন্ন হ’ল। ইয়াৰ লগে লগে বিদেশী বিতাৰণ সন্দৰ্ভত বিজেপি দলে গ্ৰহণ কৰি অহা স্থিতি যে বিভ্ৰান্তিকৰ আৰু স্বাৰ্থান্বেষী সেয়াও প্ৰমাণ হ’ল।”


আনহাতে আজিৰ ৰায়দানে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা’ৰ সাংবিধানিক বৈধতাৰ ওপৰত পুনৰ প্ৰশ্নচিহ্নৰ অৱতাৰণা কৰা বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয়, “ন্যায়ালয়ে স্পষ্টভাৱে কৈছে যে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অন্য দেশৰ পৰা অসমলৈ অবৈধভাৱে অহা প্ৰতিজন ব্যক্তি অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে বিবেচিত হ’ব। আদালতৰ এই বক্তব্যই কা’ৰ আইনী বৈধতাক নস্যাৎ কৰে। অৰ্থাৎ কা’খন সাংবিধানিকভাৱে অবৈধ বুলি ন্যায়ালয়ৰ মজিয়াত পুনৰ উন্মোচিত হ’ল। এতিয়া কা’ বাতিল কৰাটো চৰকাৰৰ জাতীয় দায়িত্ব।”

বিজেপিৰ চৰকাৰে প্ৰতিশ্ৰুতি দিও বিদেশী বহিষ্কাৰ নকৰাৰ কথাটো আদালতত উন্মোচিত হোৱা বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে এতিয়া অন্ততঃ ন্যায়ালয়ক সন্মান জনাই বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ পদক্ষেপ চৰকাৰখনে গ্ৰহণ কৰা উচিত।

Female Army Captain Dies by Suicide: স্বামীৰ মৃত্যুৰ বিয়োগ সহ্য কৰিব নোৱাৰি পত্নীয়েও কৰিলে আত্মহত্যা

Female Army Captain Dies by Suicide in Delhi After Husband's Death
Female Army Captain Dies by Suicide: স্বামীৰ মৃত্যুৰ বিয়োগ সহ্য কৰিব নোৱাৰি পত্নীয়েও কৰিলে আত্মহত্যা

নতুন দিল্লী, ১৭ অক্টোবৰ: ৰাজধানী দিল্লীৰ কেণ্ট অঞ্চলস্থিত গৌৰোদা শৰত অফিচাৰ্ছ গেষ্ট হাউচত এগৰাকী মহিলা কেপ্তেইনে কৰিলে আত্মহত্যা(Female Army Captain Dies by Suicide) । এই ঘটনাটোৰ এদিন পূৰ্বে অৰ্থাৎ মঙলবাৰে মহিলাগৰাকীৰ ফ্লাইট লেফটেনেণ্ট হিচাপে কৰ্মৰত স্বামীয়ে আগ্ৰাত আত্মহত্যা কৰিছিল। স্বামীৰ মৃত্যুৰ বিয়োগ সহ্য কৰিব নোৱাৰি মহিলাগৰাকীয়েও আত্মহত্যা কৰা বুলি উল্লেখ কৰা হৈছে(Delhi suicide case)। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন ছুইচাইড নোটও উদ্ধাৰ কৰিছে।

মঙলবাৰে মাজনিশা এই ঘটনাটো সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ দোৱাৰ ভাঙি ভিতৰত প্ৰবেশ কৰি ফেনত ওলমি থকা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে(Military officer death)। আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, স্বামীয়ে আত্মহত্যা কৰি মৃত্যুক আকোৱালি লোৱাৰ দুখ সহ্য কৰিব নোৱাৰি মহিলাগৰাকীয়েও আত্মহত্যা কৰিলে (Army officer suicide)। মৃতদেহৰ কাষত উদ্ধাৰ হোৱা ছুইচাইড নোটত লিখা আছে, তেওঁক বিদায়ৰ অন্তিম ৰীতি-নীতিসমূহ স্বামীৰ সৈতে একেলগে সম্পন্ন কৰিব যাতে অন্তুষ্টিক্ৰিয়াৰ সময়ত তেওঁলোকৰ হাতদুখন একেলগে ৰাখিব(Officer’s last wish) । জানিব পৰা অনুসৰি, দুয়োৰে প্ৰেমৰ বিবাহ আছিল(Tragic love marriage)।

দিল্লী আৰক্ষীৰ ডিচিপি সুৰেন্দ্ৰ কুমাৰ চৌধুৰীয়ে উল্লেখ কৰা অনুসৰি, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষীৰ লগতে এফ এছ এলৰ এটা দলেও ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল। আগ্ৰাৰ সৈনিক চিকিৎসালয়ত কেপ্তেইনৰ পদবীত কৰ্মৰত থকা মহিলাগৰাকীগৰাকীয়ে যোৱা ১৪ আগষ্টত মাতৃৰ চিকিৎসাৰ বাবে দিল্লীলৈ আহিছিল। ভায়েকও তাৰ লগত দিল্লীলৈ আহিছিল। ঘটনাৰ নিশা তেওঁ এইমছৰ পৰা অফিচাৰ্ছ গেষ্ট হাউচলৈ গৈছিল আৰু তাতেই আত্মহত্যা কৰিছিল। বৰ্তমান আত্মহত্যাৰ এই গোচৰটোৰ তদন্তৰ দ্বায়িত্ব এছডিএমৰ হাতত অৰ্পণ কৰাৰ লগতে তেওঁৰ পৰিয়ালক অৱগত কৰা হৈছে ।