Home Blog Page 535

NRC Base Year : উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান’৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

NRC Base Year : উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান'৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
NRC Base Year : উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান'৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

গুৱাহাটী, ১৭ অক্টোবৰ : বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় । ১৯৫১ নহয়, ১৯৭১ চনৰ ২৫ মাৰ্চ হ’ব বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ । উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায় । ‘৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় ।(NRC Base Year)


দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ দ্বাৰা গঠিত বিচাৰপীঠে এই ৰায় ঘোষণা কৰে । ৰায়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ আৰু মনোজ মিশ্ৰই ১৯৭১ চন ভিত্তিবৰ্ষৰ সপক্ষে ৰায়দান কৰে । আনহাতে, জে বি পাৰ্দিৱালাই ১৯৫১ চন ভিত্তিবৰ্ষৰ সপক্ষে ৰায়দান কৰে ।


ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে বৃহস্পতিবাৰে নাগৰিকত্ব আইনৰ 6A ধাৰাৰ সাংবিধানিক বৈধতা বাহাল ৰাখে । উল্লেখ্য যে এই ধাৰাই বিদেশী ভূখণ্ড বিশেষকৈ বাংলাদেশৰ পৰা ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰত অসমত প্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্বৰ সুবিধা প্ৰদান কৰে ।

Foreigners’ identification in Assam: ৫১ নহয়, ৭১ চনেই হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

Foreigners' identification in Assam: ৫১ নহয়, ৭১ চনেই হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান
Foreigners' identification in Assam: ৫১ নহয়, ৭১ চনেই হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

নতুন দিল্লী, ১৭ অক্টোবৰ: বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান । ১৯৫১ নহয়, ১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ(Foreigners’ identification in Assam) । ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে প্ৰদান কৰিলে এই গুৰুত্বপূৰ্ণ ৰায় ।

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ দ্বাৰা গঠিত সৰ্বোচ্চ ন্যায়ালয়ৰ এই পাঁচজনীয়া বিচাৰপীঠৰ চাৰিগৰাকীয়ে ভিত্তিবৰ্ষ ১৯৭১ চনৰ সপক্ষে ৰায় প্ৰদান কৰে । আনহাতে, জে বি পাৰ্দিৱালাই ভিত্তিবৰ্ষ ১৯৫১ চনৰ সপক্ষে ৰায়দান কৰে ।

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ দ্বাৰা গঠিত সৰ্বোচ্চ ন্যায়ালয়ৰ এই পাঁচজনীয়া বিচাৰপীঠৰ চাৰিগৰাকীয়ে ভিত্তিবৰ্ষ ১৯৭১ চনৰ সপক্ষে ৰায় প্ৰদান কৰে যদিও জে বি পাৰ্দিৱালাই ভিত্তিবৰ্ষ ১৯৫১ চনৰ সপক্ষে ৰায় প্ৰদান কৰিছিল ।

অৱশ্যে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে বৃহস্পতিবাৰে নাগৰিকত্ব আইনৰ ধাৰা 6Aৰ সাংবিধানিক বৈধতাকে বাহাল ৰাখে । নাগৰিকত্ব আইনৰ ধাৰা 6A – এই ধাৰাই বিদেশী ভূখণ্ড, বিশেষকৈ বাংলাদেশৰ পৰা ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰৰ সময়চোৱাত অসমত প্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰীক নাগৰিকত্বৰ সুবিধা প্ৰদান কৰে ।

Significance of Kati Bihu: জানো আহক কাতি বিহুৰ তাৎপৰ্য

আজি কাতি বিহু: জানো আহক এই বিহুৰ তাৎপৰ্য

গুৱাহাটী, ১৭ অক্টোবৰ: অসমীয়াৰ তিনি বিহুৰ অন্যতম হ’ল এই কাতি বিহু বা কঙালী বিহু। তিনিওটা বিহুৰ মাজৰ এই কাতি বিহুৰো আছে নিজস্ব তাৎপৰ্য ৷ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই বিহুক লৈ ব্যস্ত হৈ পৰে প্ৰতিগৰাকী চহা অসমীয়া। তুলসীৰ তলৰ চাকি, আকাশবন্তিৰে উদ্ভাসিত হ’ব অসমৰ ইমূৰৰ পৰা সিমূৰ। জানো আহক এই কাতি বিহুৰ সৈতে জড়িত হৈ থকা পৰম্পৰা আৰু ইয়াৰ ৰীতি-নীতিসমূহ(Significance of Kati Bihu) –

ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰাই অসমীয়া লোক সমাজে পালন কৰি আহিছে কাতি বিহু । এই বিহুৰ সৈতে সাঙোৰ খাই আছে অসমীয়াৰ জাতীয় কৃষ্টি-সংস্কৃতিকে ধৰি বিভিন্ন পৰম্পৰা ।

কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে অসমীয়া জনজীৱনক প্ৰদান কৰি আহিছে সুকীয়া মৰ্যাদা । চহা অসমীয়াই বহাগ আৰু মাঘ বিহুৰ দৰেই মৰম আৰু চেনেহৰ উমেৰে আদৰে কাতি বিহুক । কাতি বিহুৰ সৈতে তাহানিৰে পৰা নিবিড়ভাৱে জড়িত হৈ আছে কৃষিকৰ্ম সম্পৰ্কীয় বিভিন্ন বিশ্বাসৰ লগতে ধৰ্মীয় বিশ্বাস ।

কাতি বিহুৰ তাৎপৰ্য-

সাধাৰণতে অসমত জেঠ, আহাৰ, শাওণ মাহ হৈছে খেতিৰ বতৰ । মূৰৰ ঘাম মাটিত পেলাই হাড়ভঙা কষ্টেৰে খেতিয়কসকলে পথাৰত ভূঁই ৰুই শেষ কৰে । মনত থাকে অফুৰন্ত আশা, এদিন সোণগুটিৰে ভঁৰাল ভৰিব, অন্ত পৰিব হ’ব আকালৰ দিন । নিজৰ খেতিডৰাতেই সকলো সপোন দেখা প্ৰতিগৰাকী খেতিয়ক শৰতৰ বতৰত হৈ পৰে উৎফুল্লিত । কিয়নো পথাৰৰ লাগি থকা গাখীৰতী ধানৰ থোকবোৰে বতাহত হালিবলৈ আৰম্ভ কৰে ৷

এই সময়তে পথাৰৰ শস্য নষ্টকাৰী কীট-পতংগৰো উপদ্ৰৱ বেছি হৈ পৰে ৷ পোক-পৰুৱা, চৰাই-চিৰিকটি আদিৰ লগতে প্ৰাকৃতিক উপসৰ্গসমূহে লহপহকৈ বাঢ়ি অহা ধাননিডৰা যাতে বিনষ্ট কৰিব নোৱাৰে, তাৰ বাবে খেতিয়কসকল বহু পৰিমানে সজাগ হৈ থাকে । শস্যৰ ৰক্ষাৰ বাবে বিভিন্ন বিধি-বিধান পালন কৰে ।

অৱশ্যে অসমীয়া ৰাইজে এই কাতি বিহুটি ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰূপত অনুষ্টুপীয়াকৈহে পালন কৰে । কিয়নো এই সময়চোৱাত অধিকভাগ খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ-অনাটনে কৃষক ৰাইজক হেঁচা মাৰি ধৰে । সেয়েহে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয় ৷ কিন্তু এই অনাতনৰ মাজতো অতীজৰে পৰা কৃষিজীৱী গঞাই শস্যৰ সুৰক্ষাৰ লগতে সকলোৰে মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে কাতি বিহু ।

ডাকৰ বচনত আছে, ‘‘আহিনে কাতিয়ে ৰাখিবা পানী, যেনেকৈ ৰাখে ৰজাই ৰাণী ।’’ শস্যৰ সুৰক্ষা আৰু শ্ৰীবৃদ্ধিৰ বাবে মান্ধাতা যুগৰ পৰাই অগ্নি অৰ্থাৎ জুইৰ ব্যৱহাৰ খেতিয়কসকলৰ প্ৰধান সাৰথি হিচাপে প্ৰচলিত হৈ আহিছে । কালক্ৰমত এই বৃহৎ জুইকুৰা সীমিত হৈ মাটিৰ চাকিৰ ৰূপ লোৱা বুলি ধাৰণা কৰিব পাৰি । এই মাটিৰ চাকিগছিক কৃষক ৰাইজে কাতি বিহুৰ দিনা শইচৰ পথাৰত সভক্তিৰে জ্বলাই আই লক্ষ্মীক আৱাহন কৰে ।

কাতি বিহুৰ দিনা প্ৰতিঘৰ অসমীয়াই নিজৰ ঘৰ-দুৱাৰ, আলি-পদূলি আদি পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ঘৰৰ চৌপাশ সুন্দৰ কৰি ৰাখে । লোক বিশ্বাস অনুসৰি, কাতি বিহুৰ দিনা ঘৰ-দুৱাৰ, পদূলি-চোতাল আদি চাফা হৈ থাকিলেহে লক্ষ্মীদেৱীয়ে গৃহস্থৰ ঘৰত প্ৰৱেশ কৰে ।

আহিনৰ শেষৰো দিনটোত প্ৰতিঘৰ অসমীয়াৰ চোতালৰ আগত বা ভঁৰালৰ কাষত নতুন মাটিৰে ঢিপ তুলি তাত এটি তুলসী পুলি ৰুই ভেটিটো মচি-কাচি নিকা কৰি লয় । সন্ধিয়ালৈ এই তুলসী তলৰ উপৰিও গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, হাঁহ-ছাগলীৰ গঁড়াল আদিৰ সন্মুখত মাটিৰ চাকি জ্বলোৱা হয় । গ্ৰাম্যাঞ্চলৰ পথাৰবোৰত মাটিৰ চাকিৰ পৰিৱৰ্তে বহুতে অৱশ্যে অমিতাক দুভাগ কৰি ফাল বা ঔটেঙাৰ বকলা ব্যৱহাৰ কৰিও চাকি জ্বলায় ।

আবেলিলৈ ঘৰখনৰ খেতিয়কজন অথবা পৰিয়ালৰ কোনো এজনে এবাৰ পথাৰ খন চাই অহাৰ নিয়ম । নহ’লে লখিমীয়ে গিৰিহঁত নাই বুলি ভাবি তেনে ব্যক্তিৰ ঘৰলৈ লখিমীৰ আগমন নহয় । ফলত তেনে লোকৰ ঘৰত আকাল, দুখ-কষ্টই আঁৱৰি ধৰে । সেয়ে ঘৰৰ মূল সদস্যগৰাকীয়ে হাতত কাঁচি লৈ ধাননীডৰা এবাৰ চাবলৈ যায় । তাৰোপৰি লগত নিয়া তিনিখন থুৰিয়া তামোল আগলি কলপাতত আগবঢ়াই ধাননি পথাৰত সেৱা লয়, আই লখিমীক গৃহলৈ জনায় আমন্ত্ৰণ । অজ্ঞাতে কৰা দোষ-ক্ৰুটিৰ বাবে বিচাৰে মাৰ্জনা।

সন্ধিয়া হোৱাৰ লগে লগে আৰম্ভ হয় বন্তি প্ৰজ্বলন । পথাৰত ওখকৈ বাঁহৰ গোজ পুতি মাটিৰ চাকি, অমিতাৰ ফাল অথবা ঔটেঙাৰ বকলাত চাকি জ্বলাই শস্যডৰা ভাল হোৱাৰ কামনা কৰে প্ৰতিগৰাকী চহা অসমীয়াই । ঘৰত ভঁৰালত এটা দুনৰিত কেঁচা পিঠাগুৰি, কল, থুৰিয়া তামোল, এঘটি পানীসহ মাটিৰ চাকি জ্বলাই লখিমী আইলৈ বুলি উছৰ্গা কৰে ।

কাতি বিহুৰ আটাইতকৈ মনোৰম আৰু উপভোগ্য অনুষ্ঠানটো হৈছে তুলসী তলৰ গধূলি । আধ্যাত্মিক নীতি-নিয়মেৰে ভৰপূৰ এই অনুষ্ঠানতধূপ-ধূনাৰ সুবাসেৰে মাহ-প্ৰসাদৰ শৰাই আগবঢ়াই তুলসী দেৱীৰ নাম লোৱা হয় । গ্ৰাম্যাঞ্চলৰ প্ৰতিটো চুবুৰীৰ পৰা ভাহি অহা হৰিনামৰ ধ্বনিয়ে আকশ-বতাহ কঁপাই তোলে । ঘৰে ঘৰে গৈ ল’ৰা-ছোৱালীহঁতে তুলসীৰ তলত নাম গাই প্ৰসাদ গ্ৰহণ কৰে ৷

এক কথাত কবলৈ গলে এই কাতি বিহুক কেন্দ্ৰ কৰি আমাৰ সমাজত যিমানবোৰ পৰম্পৰা প্ৰচলিত হৈ আছে সকলোতে যুক্তি নিষ্ঠতা নিহিত হৈ আছে । কাতিৰ উদং ভঁৰালে খেতিয়কৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কৰি তোলে । সেয়েহে মানসিক অৱস্থাও মানুহৰ ভালে নাথাকে । খং-ৰাগে আমনি কৰে । সেয়ে হয়তো কোনোবা অতীততে মানুহৰ মন সংযমী আৰু নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কাতি বিহুৰ সৈতে এনে ধৰ্মীয় নীতি-নিয়মবোৰ সমাজ ব্যৱস্থালৈ আনিছিল আমাৰ উপৰিপুৰুষসকলে ।

শস্য সুৰক্ষাৰ ব্যৱস্থা কৃষকে সমাজে যিদৰে কৰি আহিছে সিয়েই হ’ল কাতি বিহুৰ সাম্প্ৰতিক ৰূপ । কঙাল বা অভাৱ-অনাটনৰ দিনত এই বিহু উদযাপিত হ’লেও ইয়াৰ প্ৰাসংগিকতাক এৰাই চলিব নোৱাৰি ।

Lawrance Bishnoi gang: ডাউডৰ পদাংক অনুসৰণ কৰি আগবাঢ়িছে লৰেন্স বিষ্ণৈ গেং

Lawrence Bishnoi Gang Expands Network Following Murder of NCP Leader Baba Siddiqui
Lawrance Bishnoi gang: ডাউডৰ পদাংক অনুসৰণ কৰি আগবাঢ়িছে লৰেন্স বিষ্ণৈ গেং

নতুন দিল্লী, ১৬ অক্টোবৰ: মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা এনচিপি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছতেই চৰ্চালৈ আহিছে লৰেন্স বিষ্ণৈ গেং(Lawrance Bishnoi gang)ৰ নাম। ধৃত অভিযুক্তৰ জেৰাৰ পাছতেই মুম্বাই আৰক্ষী নিশ্চিত হৈছিল যে, যে হত্যাকাৰীয়ে লৰেন্স বিষ্ণৈ গেঙৰ পৰা হত্যাৰ চুপাৰী লৈছিল। হত্যাকাণ্ডৰ তদন্ত চলাই থকা ক্ৰাইম ব্ৰাঞ্চৰ দলে ঘটনাৰ এদিন পাছতে অৰ্থাৎ ১৩ অক্টোবৰৰ দিনা পুনেৰ পৰা প্ৰবীণ লনকৰক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, প্ৰবীণৰ ভাতৃ শুভম লনকৰৰ গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ সৈতে পূৰ্বৰে পৰা সম্পৰ্ক আছে।

আৰক্ষীৰ তদন্তত এই তথ্যও পোহৰলৈ আহিছে যে, বাবা ছিদ্দিকীৰ ওপৰত গুলীচালনা কৰা গুৰমাইল সিং, ধৰ্মৰাজ কাশ্যপ আৰু শিৱ কুমাৰৰো লৰেন্স বিষ্ণৈ গেঙৰ সৈতে সন্পৰ্ক আছে (Baba Siddiqui assassination)। ইফালে এই গেংটোৱে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে ।

ছচিয়েল মিডিয়াৰ পোষ্টৰ জৰিয়তে যুৱক-যুৱতীক আকৰ্ষিত কৰিছে বিষ্ণৈ গেংয়ে

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এৰ তদন্তত এই কথা স্পষ্ট হৈ পৰিছে যে, ছ’চিয়েল মিডিয়া প’ষ্টৰ জৰিয়তে যুৱক যুৱতীসকলক বিষ্ণৈ গেং‌ঙে নিজৰ ফালে আকৰ্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। কেৱল মাত্ৰ পঞ্জাৱতে সীমাবদ্ধ এই গেংটোৱে হাৰিয়ানা, দিল্লী আৰু ৰাজস্থানৰ অন্যান্য অপৰাধী চক্ৰৰ সৈতে সংযোজিত হৈ নিজৰ এটা বৃহৎ নেটৱৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছে। এন আই এয়ে উল্লেখ কৰা অনুসৰি, গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ সহযোগী গোল্ডি ব্ৰাৰৰ সহায়ত লৰেন্স বিষ্ণৈৰ গেংটোৱে নিজৰ পৰিধি সম্প্ৰসাৰণ কৰিছে।”

বিষ্ণৈ গেঙে একাংশ যুৱক-যুৱতীক গেঙত অন্তৰ্ভূক্ত কৰাৰ প্ৰক্ৰিয়াৰ বিষয়েও এন আই এৰ তদন্তত প্ৰকাশ পাইছে । গেংটোৱে যুৱক-যুৱতীসকলক কানাডা বা নিজৰ পছন্দৰ আন কোনো দেশলৈ যোৱাৰ প্ৰলোভন দেখুৱাই আকৃষ্ট কৰিবলৈ চেষ্টা কৰে । বৰ্তমান পঞ্জাৱ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান, ঝাৰখণ্ডকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত লৰেন্স বিষ্ণোই গেঙে বিস্তাৰ লাভ কৰিছে।

এন আই এৰ মতে, “ছ’চিয়েল মিডিয়া আৰু আন বহু পদ্ধতিৰে যুৱক-যুৱতীসকলক গেঙত ভৰ্তি কৰোৱা হয়। বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰৰ ফটো ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰকাশ কৰা হৈছে।”

সংস্থাটোৱে জনোৱা মতে, বিষ্ণৈক আদালতলৈ লৈ যোৱা আৰু ঘূৰাই অনাৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে যাতে বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে ইয়াক দেখি অনুপ্ৰাণিত হ’ব পাৰে।

এন আই এয়ে দাবী কৰিছে যে, ৬৫০ জনতকৈ অধিক শ্বুটাৰৰ সৈতে কাম কৰা লৰেন্স বিষ্ণৈ গেঙে ডাউদ ইব্ৰাহিমৰ পদাংক অনুসৰণ কৰি কুখ্যাত হ’বলৈ চেষ্টা কৰিছে । এন আই এয়ে ইতিমধ্যে লৰেন্স বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰ(Goldy Brar)কে ধৰি ১৬টা গেংষ্টাৰৰ বিৰুদ্ধেও ইউএপিএৰ অধীনত অভিযোগনামা দাখিল কৰিছে । এন আই এৰ অভিযোগনামাত প্ৰকাশ পাইছে যে লৰেন্স বিষ্ণৈ আৰু তেওঁৰ ক্ৰিমিনেল ছিণ্ডিকেটে দ্ৰুতগতিত বিস্তাৰ লাভ কৰিছে ।

মুম্বাই আৰক্ষীয়ে বিচাৰিও এই পৰ্যন্ত জিম্মাত ল’ব পৰা নাই লৰেন্স বিষ্ণৈক

ইফালে বাবা ছিদ্দিকিৰ হত্যাৰ ঘটনাত লৰেন্স বিষ্ণৈ গেংৰ সম্পৰ্ক ওলাই অহাৰ পাছত মুম্বাই আৰক্ষীয়ে(Mumbai Police) গুজৰাটৰ ছাবৰমতী জেলত কাৰবন্দী হৈ থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈক জিম্মাত লৈ জেৰা চলাব বিচাৰিছে যদিও আৰক্ষীয়ে বৰ্তমানেও জিম্মাত লব পৰা নাই ।

সূত্ৰ অনুসৰি, এপ্ৰিল মাহত অভিনেতা ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনাৰ পাছত মুম্বাই আৰক্ষীয়ে সাবৰমতী কাৰাগাৰত কাৰাবন্দী হৈ থকা বিষ্ণৈক জিম্মাত লবৰ বাবে বাবে বহুকেইবাৰ আবেদন জনাইছিল যদিও গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ বাবে এই আবেদনসমূহ প্ৰত্যাখ্যান কৰা হৈছে ।

ড্ৰাগছ সৰবৰাহৰৰ এটা গোচৰত ২০২৩ চনৰ আগষ্ট মাহত দিল্লীৰ তিহাৰ কাৰাগাৰৰ পৰা বিষ্ণোইক সাবৰমতী কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পিছতে ২০২৩ চনৰ অক্টোবৰ মাহত গৃহ মন্ত্ৰালয়ে ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ (CrPC) ধাৰা ২৬৮ৰ অধীনত এক নিৰ্দেশ জাৰি কৰিছিল যে কোনো ৰাজ্য বা তদন্তকাৰী সংস্থাই এবছৰৰ বাবে লৰেন্স বিষ্ণৈক জিম্মাত বিচাৰিব নোৱাৰিব।

অৱশ্যে এই ধাৰাৰ অধীনত আইন-শৃংখলা বিঘ্নিত হোৱাৰ আশংকা থাকিলে কয়দীৰ চলাচল নিষিদ্ধ কৰাৰ ক্ষমতা চৰকাৰক দিয়া হৈছে। গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশ চলিত বৰ্ষৰ আগষ্ট মাহ পৰ্যন্ত কাৰ্যকৰী আছিল যদিও সূত্ৰৰ পৰা জানিব পৰা মতে আৰু এবছৰলৈ নিৰ্দেশৰ ম্যাদ বৃদ্ধি কৰা হৈছে। ইয়াৰ বাবেই তদন্তকাৰী বিষয়াসকলে লৰেন্স বিষ্ণৈৰ জিম্মা লাভ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে।

উল্লেখ্য যে, ২০২২ চনত পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ড(Sidhu Moosewala murder)ৰ দায়িত্ব লোৱাৰ পিছতে বিষ্ণৈ গেংৰ এই চক্ৰটোৱে লাইমলাইটলৈ আহিছিল ৷ তাৰোপৰি চলিত বৰ্ষৰ এপ্ৰিল মাহত বান্দ্ৰাৰ ছলমান খানৰ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰত সংঘটিত গুলীচালনাৰ দায়িত্বও লৈছিল এই গেংটোৱে । লৰেন্স বিষ্ণৈৰ ভাতৃ আনমোল আৰু গেংষ্টাৰ গোল্ডি ব্ৰাৰ আৰু ৰোহিত গোডাৰাই এই অপৰাধী দলটোক চলাই আহিছে । এই গেংটোৱেই ক’লা হৰিণ চিকাৰৰ বিষয়টোৰ সন্দৰ্ভত ছলমান খান আৰু তেওঁৰ ঘনিষ্ঠসকলক বিভিন্ন সময়ত হত্যাৰ ভাবুকি দি আহিছে ।

সেয়েহে মুম্বাই আৰক্ষীয়েও ছলমান খানক ভাবুকি দিয়াৰ গোচৰটোক লৈ লৰেন্স বিষ্ণৈক জেৰা চলাবৰ বাবে জিম্মা বিচাৰি আহিছে । কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ পিছতহে মুম্বাই আৰক্ষীয়ে লৰেন্স বিষ্ণৈক জিম্মাত ল’ব পাৰিব।

লগতে পঢ়ক: NCP Leader Baba Siddique Shot Dead: মুম্বাইত এন চি পিৰ নেতা বাবা ছিদ্দিকক গুলীয়াই হত্যা; ২ জনক গ্ৰেপ্তাৰ

Tragic Snakebite Incident: এটা পৰিয়ালৰে পাঁচজন সদস্যক সৰ্প দংশন; ২ জনৰ মৃত্যু

Tragic Snakebite Incident: এটা পৰিয়ালৰে পাঁচজন সদস্যক সৰ্প দংশন; ২ জনৰ মৃত্যু
Tragic Snakebite Incident: এটা পৰিয়ালৰে পাঁচজন সদস্যক সৰ্প দংশন; ২ জনৰ মৃত্যু

কৰৌলী(ৰাজস্থান), ১৬ অক্টোবৰ: এটা পৰিয়ালৰে ৫ জন সদস্যক সৰ্প দংশন(Tragic Snakebite Incident) । বিষাক্ত সৰ্প দংশনত অসুস্থ হোৱা দুজন সদস্যৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজন চিকিৎসাধীন হৈ আছে । ৰাজস্থানৰ কৰৌলীৰ মাচি গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো(Snakebite in Rajasthan Village)।

সৰ্প দংশনত আহত আন তিনিজন সদস্য বৰ্তমান জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰি স্থানীয় এগৰাকী প্ৰশাসনীয় বিষয়াই জানিবলৈ দিয়া মতে, ঘটনাটো সংঘটিত হোৱাৰ পিছতেই গাঁওবাসীয়ে সাপটোক মাৰি পেলায়।

কৰৌলিৰ জিলা চিকিৎসালয়ৰ মুখ্য চিকিৎসা বিষয়া(Chief Medical Officer) ডাঃ ৰামকেশ মীনাই জনোৱা মতে, মাচি গাঁৱত পুষপেন্দ্ৰ সিং নামৰ এজন লোকৰ পৰিয়ালৰ পাঁচজন সদস্যক এডাল সাপে(Poisonous snake) দংশন কৰিছিল। আত্মীয়ই পুষ্পেন্দ্ৰক আনি চিকিৎসালয়খনত ভৰ্তি কৰাইছিল যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে । ইফালে তেওঁৰ চাৰি বছৰীয়া পুত্ৰ গোবিৰ্ট সিঙক জয়পুৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰো মৃত্যু ঘটে।”

পৰিয়ালটোৰ আন তিনিজন সদস্য ক্ৰমে নগেন্দ্ৰ সিং, বাবু সিং আৰু দীপেন্দ্ৰ সিঙক জিলা চিকিৎসালয়ত ভৰ্তি কৰি বৰ্তমান চিকিৎসা প্ৰদান কৰি থকা হৈছে ।

ইফালে গাঁওখনৰ অংকিতা সিং নামৰ আন এগৰাকী মহিলাকো বিষাক্ত সাপে দংশন কৰা বুলি স্থানীয় প্ৰশাসনৰ এগৰাকী বিষয়াই জানিবলৈ দিছে । বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, সৰ্প দংশনৰ পাছতে অংকিতাৰ আত্মীয়ই প্ৰথমে তন্ত্ৰ মন্ত্ৰ কৰা কোনোবা বেজৰ কাষলৈ লৈ গৈছিল যদিও পিছত তেওঁকো জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

গাঁওখনৰ আন কোনো লোক পুনৰ সৰ্প দংশনৰ বলি হ’লে শীঘ্ৰেই তেওঁলোকক চিকিৎসালয়লৈ অনাৰ বাবে গাঁওবাসীক আহ্বান জনাইছে কৰৌলিৰ জিলা চিকিৎসালয়ৰ মুখ্য চিকিৎসা বিষয়াগৰাকীয়ে । মুখ্য চিকিৎসা বিষয়া ডাঃ মীনাই লগতে কয়, যদি আক্ৰান্ত ব্যক্তিজনক তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি কৰোৱা নহয়, তেন্তে সাপৰ বিষৰ বাবে তেওঁৰ মৃত্যু ঘটিব পাৰে।

ইফালে স্থানীয় লোকে দাবী কৰা অনুসৰি, মাচি নামৰ গাঁওখনত আছে আৰু এডাল বিষাক্ত সাপ । সেয়েহে গাঁওখনৰ লগতে ইয়াৰ আশে-পাশে ঘূৰি ফুৰা আনটো সাপক ধৰিবৰ বাবে গাঁওবাসীয়ে বন বিভাগক জনাইছে আহ্বান ।

AAP। জীৱন দায়িনী ঔষধৰ মূল্যবৃদ্ধিৰ বিৰোধিতা ‘আপ’ৰ

AAP। জীৱন দায়িনী ঔষধৰ মূল্যবৃদ্ধিৰ বিৰোধিতা 'আপ'ৰ
AAP। জীৱন দায়িনী ঔষধৰ মূল্যবৃদ্ধিৰ বিৰোধিতা 'আপ'ৰ

গুৱাহাটী,১৬ অক্টোবৰঃ ” অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি তথা মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধিৰ প্ৰকোপৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জীৱন দায়িনী ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰৰ এনে জনবিৰোধী সিদ্ধান্তই নিম্ন আয়ৰ ৰোগীৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি ল’ব। যি সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ চৰকাৰী চিকিৎসালয় সমূহত বিনামূলীয়া ঔষধ যোগান দিয়াত ব্যৰ্থ হৈছে সেই সময়ত চৰকাৰে ৮ বিধ অতি প্ৰয়োজনীয় ঔষধৰ দাম ৫০ শতাংশলৈ বৃদ্ধি কৰি জনসাধাৰণৰ বাবে আতংক সৃষ্টি কৰিছে। (AAP)

আম আদমী পাৰ্টিয়ে ঔষধৰ মূল্যবৃদ্ধি অবিলম্বে প্ৰত্যাহাৰ কৰাৰ লগতে চৰকাৰী হাস্পতালত পৰ্যাপ্ত পৰিমাণে বিনামূলীয়া ঔষধ যোগানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাওঁ ।” আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে হঠাতে চৰকাৰে ঔষধৰ মূল্য বৃদ্ধি কৰাৰ বিৰুদ্ধে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তদুপৰি আপৰ নেতাগৰাকীয়ে অসমৰ চৰকাৰী হাস্পতালৰ শোচনীয় অৱস্থা সন্দৰ্ভত কয়,” ৰাজ্যৰ নিম্ন উপাৰ্জনৰ দৰিদ্ৰ ৰোগী সকলৰ একমাত্ৰ ভাৰসা চৰকাৰী চিকিৎসালয়। কিন্তু এই সমূহত প্ৰয়োজনীয় চিকিৎসক, লেবৰেটৰী আৰু পৰ্যাপ্ত ঔষধৰ ব্যৱস্থা নাই। সেয়েহে দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো মহল্লা ক্লিনিক স্থাপনৰ জৰিয়তে ৰোগীৰ বিনামূলীয়া আৰু উন্নত মানৰ চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা উচিত। “
আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা স্কুল ড্ৰপ আউট বা বিদ্যালয় এৰা শিক্ষাৰ্থীৰ বিষয় সন্দৰ্ভতো আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। শেহতীয়া তথ্য অনুসৰি অসমত স্কুল ড্ৰপ আউট শিক্ষাৰ্থীৰ সংখ্যা ৮.৪৯ শতাংশলৈ বৃদ্ধি পাইছে। এই সন্দৰ্ভত ধানোৱাৰে কয়, ” বিভিন্ন অজুহাতত চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয় বন্ধ কৰি চৰকাৰী শিক্ষাখণ্ডলৈ দুৰ্দিন কঢ়িয়াই আনিছে।

বছৰৰ পিছত বছৰ ধৰি শিক্ষক সকলক অশৈক্ষিক কাম-কাজত জড়িত কৰাই ৰাখিছে। এনে সময়ত ড্ৰপ আউট শিক্ষাৰ্থী বৃদ্ধিৰ হাৰ সচেতন ৰাজ্যবাসীৰ বাবে উদ্বেগৰ বিষয়। আমি আম আদমী পাৰ্টিয়ে অসম চৰকাৰক শিক্ষা খণ্ডৰ উন্নয়নৰ স্বাৰ্থত দিল্লী চৰকাৰৰ মডেল গ্ৰহণ কৰিবলৈ আহ্বান জনাও। দিল্লীৰ আপৰ চৰকাৰে যিদৰে চৰকাৰী স্কুলত বিশ্ব মানৰ শিক্ষা প্ৰদান কৰিছে, অসমতো একেধৰণৰ বিদ্যালয় স্থাপন আৰু সা সুবিধা প্ৰদান কৰিলে নিশ্চয় আধাতে স্কুল এৰা শিক্ষাৰ্থীৰ সংখ্যা নাইকিয়া হ’ব।

অসম চৰকাৰে প্ৰাথমিক শিক্ষাৰ উন্নয়নৰ বাবে কোটি কোটি টকাৰ পুঁজি আবন্টন দিছে, এনে সময়ত ড্ৰপ আউট ছাত্ৰ- ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাটো চিন্তনীয় বিষয়। তদুপৰি যি সময়ত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে, সেই সময়ত মাতৃভাষা মাধ্যমৰ স্কুল বন্ধ কৰা বা হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় ত্যাগ কৰাৰ তথ্য দুৰ্ভাগ্যজনক। “

Omar Abdullah takes oath: জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে ওমৰ আব্দুল্লাৰ শপতগ্ৰহণ

Omar Abdullah Takes Oath as First Chief Minister of Jammu and Kashmir Autonomous State
Omar Abdullah takes oath: জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে ওমৰ আব্দুল্লাৰ শপতগ্ৰহণ

নিউজ ডেস্ক, ১৬ অক্টোবৰ: নেচনেল কনফাৰেন্সৰ উপ-সভাপতি ওমৰ আব্দুল্লাই বুধবাৰে শ্বায়ত্ব শাসিত ৰাজ্য জম্মু-কাশ্মীৰ(Jammu and Kashmir)ৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে(Omar Abdullah takes oath) । উল্লেখ্য যে অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত শেহতীয়াকৈ অনুষ্ঠিত প্ৰথম বিধানসভা নিৰ্বাচনত নেচনেল কনফাৰেন্স দলে সৰ্বাধিক ৪২ খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল(Omar Abdullah sworn in as new CM) ।

মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানটো ডাল হ্ৰদৰ পাৰত অৱস্থিত শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হয় । শ্বায়ত্ব শাসিত ৰাজ্যখনৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ওমৰ আব্দুল্লা আৰু তেওঁৰ পাঁচ সতীৰ্থ মন্ত্ৰীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায় ।

চাৰিওফালে গঢ়ি তোলা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানটোত ভিভিআইপিকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে, যোৱা ১০ অক্টোবৰত ওমৰ আব্দুল্লাক সৰ্বসন্মতিক্ৰমে এন চি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছিল । ইয়াৰ ফলত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ দ্বিতীয়টো কাৰ্যকালৰ পথ প্ৰশস্ত হয় । প্ৰথমটো কাৰ্যকালত তেওঁ ২০০৯ চনৰ পৰা ২০১৪ চনলৈ মুখ্যমন্ত্ৰীৰ পদত অধিস্থিত আছিল । উক্ত সময়চোৱাত জম্মু-কাশ্মীৰ এখন পূৰ্ণাংগ ৰাজ্য আছিল আৰু নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰি ৰাজ্য শাসন কৰিছিল ।

অনুচ্ছেদ ৩৭০(Article 370) বাতিলৰ পিছত শ্বায়ত্ব শাসিত ৰাজ্যৰ স্বীকৃতি লাভ কৰাৰ পিছত ৰাজ্যখনৰ 90 খন বিধানসভা আসনৰ সদ্যসমাপ্ত নিৰ্বাচনত নেচনেল কনফাৰেন্সে ৪২ খন আসন লাভ কৰিবলৈ সক্ষম হয় । লগতে কংগ্ৰেছ দলে ছয়খন আসনত জয়লাভ কৰে । প্ৰাক-নিৰ্বাচনী সহযোগী এই দল দুটাই একেলগে ৯৫ জনীয়া বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে ।

ইফালে জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তাৰিক হামিদ কাৰা(Jammu and Kashmir Pradesh Congress Committee President Tariq Hameed Karra)ই বুধবাৰে এক বিবৃতিৰ জড়িয়তে জনোৱা অনুসৰি, কংগ্ৰেছে বৰ্তমান জম্মু-কাশ্মীৰ চৰকাৰৰ মন্ত্ৰীসভাত যোগদান নকৰে । “কংগ্ৰেছ দলে জম্মু-কাশ্মীৰক পূৰ্ণা ৰাজ্যৰ মৰ্যাদা(Statehood Restoration) প্ৰদানৰ বাবে কেন্দ্ৰক তীব্ৰ দাবী জনাই আহিছে । তাৰোপৰি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও ৰাজহুৱা সভাবোৰত বাৰে বাৰে একেটা প্ৰতিশ্ৰুতিকে দি আহিছে ; কিন্তু জম্মু-কাশ্মীৰক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হোৱা নাই । আমি এই লৈ অসন্তুষ্ট । সেয়েহে এই মুহূৰ্তত আমি মন্ত্ৰসভাত যোগদান কৰা নাই ।” এইদৰে উল্লেখ কৰি জে কে পি চি চিৰ সভাপতিগৰাকীয়ে লগতে কয় যে কংগ্ৰেছে ৰাজ্যখনৰ মৰ্যাদা পুনৰুদ্ধাৰৰ বাবে যুঁজ অব্যাহত ৰাখিব ।

লগতে পঢ়ক:১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন

Bomb threat on Air India flight: পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক ! কানাডাৰ বিমান বন্দৰত জৰুৰীকালীন অৱতৰণ

Bomb threat on Air India flight Emergency Landing Canada
Bomb threat on Air India flight: পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক ! কানাডাৰ বিমান বন্দৰত জৰুৰীকালীন অৱতৰণ

নিউজ ডেস্ক,১৬ অক্টোবৰ: পুনৰ আন এখন যাত্ৰীবাহী বিমানত বোমাতংক ৷ এইবাৰ উৰন্ত বিমান এখনত বোমা সংস্থাপন কৰি ৰখা বুলি অনলাইনযোগে ভাবুকি পোৱাৰ পিছতেই বিমানখনৰ পাইলটে বিমানখনৰ গন্তব্যস্থান সলনি কৰিবলৈ বাধ্য হ’ল ৷ এই ঘটনাটো সংঘটিত হৈছে এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমানত(Bomb threat on Air India flight) ৷ দিল্লীৰ পৰা চিকাগো অভিমুখে যাত্ৰা কৰা এখন বিমানে অনলাইনযোগে লাভ কৰে এক ভাবুকি য’ত বিমানখনত বোমা সংস্থাপন কৰি ৰখাৰ কথা উল্লেখ আছিল ৷ এয়াৰ ইণ্ডিয়াৰ এক সূত্ৰ অনুসৰি এই ভাবুকি পোৱাৰ পিছতে বিমানখনৰ পাইলটগৰাকীয়ে গন্তব্যস্থান চিকাগোৰ সলনি কানাডাৰ এটা বিমানবন্দৰলৈ পথ পৰিৱৰ্তন কৰি বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰোৱায়(Air India emergency landing) ।

এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই(Air India authorities) সংবাদ সংস্থাক জনোৱা অনুসৰি, ১৫ অক্টোবৰ অৰ্থাৎ মঙলবাৰে দিল্লীৰ পৰা চিকাগোলৈ যাত্ৰা কৰিছিল AI127 নম্বৰৰ বিমানখনে(AI127 bomb threat) । ইয়াৰ মাজতে যাত্ৰীবাহী বিমানখনত এটা বোমা সংস্থাপন কৰা আছে বুলি অনলাইনত ভাবুকিঙৰা এটা বাৰ্তা পায়। এই ভাবুকি পোৱাৰ পাছতেই নিৰাপত্তাৰ বাবে বিমানখনক গতিপথ সলনি কৰি কানাডাৰ ইকালুইট বিমানবন্দৰলৈ নি জৰুৰীকালীন অৱতৰণ কৰোৱা হয়(Air India flight diversion) । অৱতৰণৰ পাছতেই সুৰক্ষা প্ৰট’কল অনুসৰণ কৰি বিমানখনৰ যাত্ৰীসকলৰ লগতে সম্পূৰ্ণ বিমানখন পৰীক্ষা কৰা হয়। অৱশ্যে সৌভাগ্যবশতঃ বিমানখনত কোনো বোমা উদ্ধাৰ কৰিব পৰা নগ’ল ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱাটো সোমবাৰেও একে ধৰণে বোমা সংস্থাপনৰ ভাবুকি পাইছিল এয়াৰ ইণ্ডিয়াৰ আন এখন যাত্ৰীবাহী বিমানে ৷ মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ বিমানখনে অনলাইনযোগে বোমা বিস্ফোৰণৰ ভাবুকি(Bomb threat on Air India flight) পাইছিল । এক্সত লাভ কৰাৰ এই ভাবুকিৰ পিছতে বিমানখনক দিল্লীলৈ উভতাই আনি জৰুৰীকালিন অৱতৰণ কৰোৱা হয়। অৱশ্যে পৰৱৰ্তী সময়ত তালাচী চলোৱাৰ পিছত পোৱা নগ’ল কোনো সন্দেহজনক সামগ্ৰী ৷ টাটা এয়াৰলাইনছ কৰ্তৃপক্ষই এই সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰি বিভিন্ন সময়ত এয়াৰ ইণ্ডিয়াকে ধৰি কেইবাটাও বিমান সংস্থাই বোমাৰ ভাবুকি লাভ কৰি অহাৰ কথা সদৰী কৰে ৷

এক বিবৃতিযোগে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই কয় যে, বৰ্তমানলৈকে পাই অহা সকলোবোৰ ভাবুকিয়েই পাছত ভুৱা প্ৰমাণিত হৈছে যদিও দায়িত্বশীল এয়াৰলাইন হিচাপে, প্ৰতিটো ভাবুকিকে গুৰুত্বসহকাৰে গ্ৰহণ কৰা হৈছে ৷ লগতে অসুবিধাৰ সন্মুখীন হোৱা যাত্ৰীসকলৰ ওচৰত এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষ ক্ষমাপ্ৰাৰ্থী বুলি উল্লেখ কৰিছে ।

সংস্থাটোৱে লগতে উল্লেখ কৰিছে যে এই ধৰণৰ ভাবুকিৰ ফলত যাত্ৰীসকলেও সমস্যাৰ মুখামূখী হ’বলগীয়া হৈছে ৷ লগতে বিমান পৰিসেৱাতো ব্যাঘাতৰ সৃষ্টি হৈছে ৷ এনে কাণ্ড কৰাসকলক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষক এয়াৰ ইণ্ডিয়াই সকলোধৰণৰ সহযোগিতা কৰিবলৈ সাজু বুলি উল্লেখ কৰিছে ৷

লগতে পঢ়ক: এয়াৰ ইণ্ডিয়াৰ মুম্বাই-নিউয়ৰ্ক বিমানক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; ভাবুকিৰ পাছতেই বিমানখন ঘূৰোৱা হ’ল দিল্লীলৈ

Lakshmi Puja 2024: আজি লক্ষ্মী পূজা, জানো আহক আজিৰ দিনটোৰ মহত্ত্ব

Lakshmi Puja 2024: আজি লক্ষ্মী পূজা, জানো আহক আজিৰ দিনটোৰ মহত্ত্ব
Lakshmi Puja 2024: আজি লক্ষ্মী পূজা, জানো আহক আজিৰ দিনটোৰ মহত্ত্ব

আজি লক্ষ্মী পূজা । লক্ষ্মী পূজাৰ এই শুভ দিনটো ধন-সম্পত্তি আৰু সমৃদ্ধিৰ আৰাধ্য দেৱী লক্ষ্মীৰ বাবে উৎসৰ্গা কৰা হয়(Lakshmi Puja 2024) । আজিৰ দিনটোত ভক্তসকলে দেৱী লক্ষ্মীৰ ব্ৰত পালন কৰি উপবাসত থাকে আৰু নিশাটো মা লক্ষ্মীৰ আৰাধনা কৰে । বিশেষকৈ পশ্চিমবংগ, ওড়িশা, অসমকে আদি কৰি পূৱ ভাৰতৰ বিভিন্ন প্ৰান্তত কোজাগৰী লক্ষ্মী পূজাৰ আয়োজন কৰা হয় ।

জনবিশ্বাস মতে, লক্ষ্মীপূজাৰ দিনটোত মা লক্ষ্মী(Goddess Lakshmi)য়ে তেওঁৰ ভক্তসকলৰ গৃহলৈ আহি আশীৰ্বাদ প্ৰদান কৰে । লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে নিজৰ ঘৰখন পৰিস্কাৰ কৰি ফুল আৰু প্ৰদীপেৰে আলোকিত কৰি ৰাখে । তাৰোপৰি বিভিন্ন প্ৰকাৰৰ মিঠাই, ভোগ আদি তৈয়াৰ কৰি মা লক্ষ্মীলৈ বুলি উৎসৰ্গা কৰে ।

ধৰ্মীয় বিশ্বাস অনুযায়ী, লক্ষ্মী পূজাৰ নিশা মাৰ আৰাধনা কৰিলে ঘৰখন ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিৰে নদন-বদন হৈ পৰে । সেয়েহে ভক্তসকলে ধনৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীৰ পূজাভাগ অতি ধুমধামেৰে পালন কৰা দেখা যায়(Lakshmi Puja rituals) ।

এইবাৰৰ লক্ষ্মী পূজাৰ সময়সূচী আৰু শুভ সময়(Auspicious timings)

পূজাৰ শুভ সময়: বুধবাৰ, ১৬ অক্টোবৰ, ২০২৪
আজিৰ দিনটোত চন্দ্ৰ উদয়: সন্ধিয়া ৫:০৬ বজাত
পূৰ্ণিমা তিথি আৰম্ভ হ’ব: নিশা ৮:৪০ বজাত
পূৰ্ণিমা তিথিৰ অন্ত পৰিব: ১৭ অক্টোবৰৰ বিয়লি ৪:৫৫ বজাত

কোজাগৰী লক্ষ্মী পূজা(Kojagari Lakshmi Puja)ৰ মহত্ব

কোজাগৰী শব্দৰ অৰ্থ হৈছে – কো জাগৰ্তী অৰ্থাৎ “কোন জাগ্ৰত” । প্ৰচলিত ধৰ্মীয় বিশ্বাস অনুসৰি, এই নিশা মা লক্ষ্মীয়ে ধৰালৈ আহি যিসকলক জাগ্ৰত হৈ থকা প্ৰত্যক্ষ কৰে, তেওঁলোকক ধন-সম্পত্তিৰ লগতে সুখ-সমৃদ্ধিৰ বাবে আশীৰ্বাদ প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়(wealth and prosperity) । গতিকে কোজাগৰী লক্ষ্মী পূজাৰ দিনটোত ভক্তসকলে মা লক্ষ্মীক পূজা-অৰ্চনা কৰাৰ লগতে সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে ।

লক্ষ্মী পূজাৰ নিশা মাক আদৰিবলৈ ভক্তসকল গোটেই নিশাটো উজাগৰে থাকি মাক স্মৰণ কৰে । প্ৰবাদ অনুসৰি, এই ব্ৰত পালন কৰিলে ঐশ্বৰিক আশীৰ্বাদ পোৱাৰ লগতে বিভিন্ন আৰ্থিক সমস্যা আঁতৰ হয় বুলি হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰে ।

Wild Elephants attack । বন্যহস্তীৰ আক্ৰমণ !

Wild Elephants attack । বন্যহস্তীৰ আক্ৰমণ !
Wild Elephants attack । বন্যহস্তীৰ আক্ৰমণ !

১৬ অক্টোৱৰ,পশ্চিম কাৰ্বি আংলং : পশ্চিম কাৰ্বি আংলংৰ হাৱাইপুৰ জিৰিবাছা নেপালী গাওঁৰ ৰাজপথত পূৱা প্ৰায় ৪মান বজাত এটি প্ৰকাণ্ড সাৰ গৰুক বন্যহস্থীৰ জাকে আক্ৰমণ কৰাৰ ফলত থিতাতে নিহত হয় সাৰ গৰু।
জিলাখনত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত,হাতী মানুহ সংঘাতৰ পিছত এইবাৰ হাতী জাক আৰু সাৰ গৰুৰে সতে সংঘাত ৷ইফালে গভীৰ নিদ্ৰাত অসম চৰকাৰৰ বিয়াগুম বনবিভাগ। (Wild Elephants attack)


বন্যহস্তীৰ জাকৰ তাণ্ডব এইয়া প্ৰথম নহয় যাৰ পৰিণতিত বিভিন্ন জনৰ প্ৰাণ যোৱা পৰিলক্ষিত হৈছে। সন্ধিয়া হলে হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা হাবাইপুৰ ৰেল লাইন পাৰ হৈ পশ্চিম কাৰ্বি আংলংঙৰ খেৰণীস্থিত দক্ষিণ বনাঞ্চলিক বিভাগৰ এলেকাধীন গোহাগাওঁ, জিৰিমবৰহলি, জিৰিবাছা কাৰ্বিগাওঁ ,নেপালী গাওঁত, ভেটাপাৰ,মাইলু ,মচকা আৰু অন্যান্য গাওঁৰ সেউজীয়া ধাননি পথাৰত প্ৰবেশ কৰে বন্যহস্থীৰ জাক, লগতে স্হানীয় ৰাইজ আতংকিত হৈ পৰে ৷খেতি পথাৰও তহিলং কৰে ৷ দূখীয়া খেতিযকৰ দোষ বেদনা এতিয়া বুজিবলৈ যেন কোনো নাই ৷