Home Blog Page 53

এইবাৰ অসমে দুটা কাম কৰিবঃ এটা বিজেপি চৰকাৰৰ হেট্ৰিক, আনটো ৰাহুল গান্ধীৰ পৰাজয়ৰ চেঞ্চুৰী

এইবাৰ অসমে দুটা কাম কৰিবঃ এটা বিজেপি চৰকাৰৰ হেট্ৰিক, আনটো ৰাহুল গান্ধীৰ পৰাজয়ৰ চেঞ্চুৰী
এইবাৰ অসমে দুটা কাম কৰিবঃ এটা বিজেপি চৰকাৰৰ হেট্ৰিক, আনটো ৰাহুল গান্ধীৰ পৰাজয়ৰ চেঞ্চুৰী

বৰপেটাৰোডত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশাল নিৰ্বাচনী প্ৰচাৰ। বৰপেটাৰোডৰ লগতে তিনিখনকৈ জনসভাত অংশ গ্ৰহণ কৰে আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। বৰপেটাৰোড ষ্টেডিয়ামত অনুষ্ঠিত বিশাল বিজয় সংকল্প সভা অংশ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

নামনি অসমৰ ৭টা কৈ বিধান সভা সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী ৰণডংকা বজালে প্ৰধানমন্ত্ৰীগৰাকীয়ে।ভৱানীপুৰ সৰভোগ সমষ্টিৰ NDA প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাসৰ লগতে বজালী, বৰপেটা, মানস, পাকাবেতবাৰী, বিজনী আৰু বঙাইগাঁও সমষ্টিৰ NDA প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

লক্ষাধিক জনতাৰ সন্মুখত উদাত্ত ভাষণ প্ৰধান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অসমীয়াতে ৰঙালী বিহুৰ শুভেচ্ছা অসমবাসীলৈ। লগতে তেওঁ কয় যে এইবাৰ অসমে দুটা কাম কৰিব এটা বিজেপি চৰকাৰৰ হেট্ৰিক আনটো ৰাহুল গান্ধীৰ পৰাজয়ৰ চেঞ্চুৰী।

ৰাইজক বিজেপি প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিগত ১০ বছৰত অসম শান্তি সম্প্ৰীতি বিৰাজ কৰিছে। অনাগত দিনত সমৃদ্ধিৰ আৰু আত্মনীৰ্ভৰশীলতাৰ দিন হ’ব। মা কামাখ্যাৰ আশীৰ্বাদ আছে অসমৰ ওপৰত।

অসমত যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ লগতে পৰ্যটন ক্ষেত্ৰৰ বিকাশ হৈছে। লগতে কৃষকৰ বাবেও বৃহৎ ঘোষণা। অসমৰ জহা চাউলৰ সুগন্ধি বিদেশলৈ বিয়পিছে । অসনৰ জহা চাউল ইউৰোপ, ইটালীলৈ ৰপ্তানি আৰম্ভ হৈছে ।

দেশৰ দুই এখন ৰাজ্যতহে কংগ্ৰেছ চৰকাৰ বৰ্তি আছে গৈ বুলি মন্তব্য মুখ্যমন্ত্ৰী। ২০১৩ত যেতিয়ালকৈ দেশত কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া প্ৰতি কুইণ্টলত এমএচপি ১৩০০ টকা আছিল ,বৰ্তমান ২৩০০ টকা এমচছপি | পূৰ্বে দেশত ৪লাখ কোটি টকাৰ ধান ক্ৰয় কৰিছিল, বৰ্তমানৰ সংখ্যা ১৬ লাখ কোটি টকা ‌।

কৃষক সন্মান নিধিত চাৰে সাত লাখ কোটি ব্যয় |কৃষকৰ হিতৰ বাবে লোৱা আঁচনিৰ বাবে অসমৰ কৃষকৰ প্ৰথম পচন্দ বিজেপি, এনডিএ । ৩ কোটি মহিলা লাখপতি দিদি হৈছে।

প্ৰতিটো বুথত বিজেপি জিকিব লাগিব। ভোটাধিকাৰ বৃদ্ধি কৰিব লাগিব। সভাত উপস্থিত সকলক সভাৰ পৰা ঘৰলৈ গৈ সকলো ভোটাৰৰ ঘৰলৈ যাবলৈ আৰু ভোট দিবলৈ কবলৈ আহ্বান। মোডীৰ হৈ এই আহ্বান জনাবলৈ কয় সভাত উপস্থিত সমৰ্থক সকলক। মোডীয়ে ভাষণত বড়ো আৰু কোচ সকলৰ উৎসৱ সম্পৰ্কে ভুলকৈ মন্তব্য কৰা দেখা যায়। প্ৰতিটো পৰিয়ালক মোডীৰ ৰঙালী বিহুৰ শুভেচ্ছা আৰু সেৱা জনাবলৈ কয়।

আস্মিতা খেল’ ইণ্ডিয়া ছাব্-জুনিয়’ৰ, জুনিয়’ৰ পেন্‌চাক চিলাট লীগ ২০২৬ত অসমৰ সাফল্য

আস্মিতা খেল' ইণ্ডিয়া ছাব্-জুনিয়'ৰ, জুনিয়'ৰ পেন্‌চাক চিলাট লীগ ২০২৬ত অসমৰ সাফল্য
আস্মিতা খেল' ইণ্ডিয়া ছাব্-জুনিয়'ৰ, জুনিয়'ৰ পেন্‌চাক চিলাট লীগ ২০২৬ত অসমৰ সাফল্য

ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত আৰু গুজৰাট পেন্‌চাক চিলাট এছ’চিয়েশ্বনৰ সহযোগত ৩০ মাৰ্চৰ পৰা ১ এপ্ৰিল তাৰিখলৈকে গুজৰাটস্থিত যোগ পুৰুষ স্পৰ্ট্‌ছ কম্‌প্লেক্স ইণ্ড’ৰ ষ্টেডিয়ামত সৰ্বভাৰতীয় পৰ্য্যায়ত তিনিদিনিয়াকৈ অনুষ্ঠিত হোৱা আস্মিতা খল’ ইণ্ডিয়া ছিনিয়’ৰ পেন্‌চাক চিলাট লীগ্‌:২০২৬ ত অসমে দুটা সোণৰ, এটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে মুঠ পাঁচটা পদক অৰ্জন কৰি ৰাজ্যখনক উজ্জ্বলাই তুলিছে। দেশৰ ২৯খন ৰাজ্যৰ প্ৰায় ৭০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগীতাখনত অসমৰ ১০ গৰাকী খেলুৱৈয়ে ৰাজ্যখনক প্ৰতিনিধিত্ব কৰে। অসম দলটিৰ নেতৃত্ব দিয়ে পেনচাক চিলাট সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মাষ্টাৰ স্বপন দৈমাৰী আৰু ৰাষ্ট্ৰীয় বিচাৰক তথা প্ৰশিক্ষক মাষ্টাৰ ঔম চন্দ্ৰ চেত্ৰীয়ে।

উল্লেখ্য যে মাষ্টাৰ ঔম চন্দ্ৰ চেত্ৰীয়ে বিচাৰকৰূপে প্ৰতিযোগীতাখনত দায়িত্বভাৰ লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে। ৰাজখনৰহৈ ধেমাজী জিলাৰ হেমী মেদক আৰু ৰাজশ্ৰী বৰাই সোনৰ পদক, পূবালী চুতিয়া আৰু দীপশিখা গগৈয়ে ব্ৰঞ্জৰ পদক, শোণিতপুৰ জিলাৰ প্ৰগতি মহন্তই ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। গুজৰাটৰ পৰা গৃহাভিমুখী হোৱা অসম দলটি ৬ এপ্ৰিল তাৰিখে গুৱাহাটী আহি পাবহি বুলি অসম পেন্‌চাক চিলাট সন্থাৰ সাধাৰন সম্পাদক লক্ষ্যজিত দলে জানিবলৈ দিয়ে।

কাইলৈ অন্ত পৰিব বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান

কাইলৈ অন্ত পৰিব বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান
কাইলৈ অন্ত পৰিব বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান

কাইলৈ অন্ত পৰিব বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান।

বিয়লি ৫ বজাৰ পাছত সকলোৱে বন্ধ কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ।

ভোটগ্ৰহণৰ ৪৮ ঘণ্টাৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা।

জন প্ৰতিনিধি আইনৰ অনুসৰিয়ে জিলাই জিলাই নিষেধাজ্ঞাৰ নিৰ্দেশনা জাৰি।

জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা।

৯ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা ৰাজ্যত আৰম্ভ হ’ব ভোটগ্ৰহণ।

ইয়াৰ বাবে ৰাজ্যত সাজু ৩১,৪৯০টা ভোটকেন্দ্ৰ।

শিৱসাগৰ ৰটাৰী ক্লাৱত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ, জিলা সমিতি উদ্যোগত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

শিৱসাগৰ ৰটাৰী ক্লাৱত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ, জিলা সমিতি উদ্যোগত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন
শিৱসাগৰ ৰটাৰী ক্লাৱত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ, জিলা সমিতি উদ্যোগত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত তথা ৰটাৰী ক্লাৱ, শিৱসাগৰ আৰু সাংস্কৃতিক অনুষ্ঠান মধুৱন্তী গুৱাহাটীৰ সহযোগত “ধ্রুপদী সুৰৰ সান্ধয়া” বিশেষ অনুষ্ঠানৰ আয়োজন । দেওবাৰে সন্ধিয়া আয়োজন কৰা অনুষ্ঠানত জিলা খনৰ বিভিন্ন প্ৰান্তৰ একাধিক কলা কৌশলীৰ লগতে স্থানীয় আৰু বহিঃৰাজ্যৰ সাংস্কৃতিক কৰ্মীয়েও অংশগ্ৰহণ কৰে । ‘হাৰ্টথ্ৰৱ’ জুবিন গাৰ্গক শ্ৰদ্ধা জনায় আমন্ত্ৰিত শিল্পীকে ধৰি বহু প্ৰতিভাৱান নৱ-প্ৰজন্মৰ যুৱতীয়ে উক্ত অনুষ্ঠানত নিজৰ প্ৰতিভা সমূহ উপস্থিত ৰাইজৰ আগত পদৰ্শন কৰে ।

আনহাতে মনালিচা দাস সহ তেওঁৰ দুগৰাকী সহযোগীয়ে classical গীতৰ জড়িয়তে উপস্থিত অনুৰাগীৰ মন মুগ্ধ কৰা পৰিলক্ষিত হয় । উদীয়মান সাংস্কৃতিক কৰ্মীসকলৰ প্ৰতিভা সমূহক বিচাৰক সকলে শ’লাগ লৈ সম্বৰ্ধনা ও মানপত্ৰ প্ৰদান কৰা দেখা যায় । যুৱক-যুৱতী তথা অভিভাৱসকলৰ শৌক্ষিক, বৌদ্ধিক বিকাশৰ লগতে সমাজত কলা-সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্য আগত ৰাখি এনে ধৰণৰ কাৰ্যসূচী হাতত লোৱা বুলি সংবাদ-মাধ্যমৰ আগত মন্তব্য কৰে সংগঠনটোৰ নেতা ৰঞ্জন বৰদলৈৱে । সহযোগ কৰে ৰিতু আলীকে ধৰি সংগঠনটোৰ বহু কেইজন গণ্যমান্য নেতা, কৰ্মীয়ে । লগতে শিৱসাগৰ জিলা শ্ৰম বিষয়ায়ানী ড০ চয়নিকা গোস্বামীয়েও সাংবাদিকৰ আগত হেৰাই যাব ধৰা ধ্রুপদী সুৰ, কলা-সংস্কৃতিৰ বিষয়ে অৱগত কৰি মধুৱন্তী গুৱাহাটীৰ বিষয়ববীয়াও সংগঠনটোৰ এই পদক্ষেপক আদৰণি জনাই ।

মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ ৰূপক শৰ্মাক নিৰ্মালি প্ৰদানঃ নগাঁৱত প্ৰায় তিনি শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰো আৰ্শীবাদ প্ৰদান

মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ ৰূপক শৰ্মাক নিৰ্মালি প্ৰদানঃ নগাঁৱত প্ৰায় তিনি শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰো আৰ্শীবাদ প্ৰদান
মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ ৰূপক শৰ্মাক নিৰ্মালি প্ৰদানঃ নগাঁৱত প্ৰায় তিনি শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰো আৰ্শীবাদ প্ৰদান

নগাঁও চহৰস্থিত খগেন মহন্ত প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত নগাঁৱৰ সু-সন্তান তথা বিধায়ক ৰূপক শৰ্মালৈ আৰ্শীবাদ প্ৰদানৰ কাৰ্যসূচী অনুষ্ঠিত হয়। নগাঁও -বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান আৰু গণ্যমান্য ব্যক্তি সকল উপস্থিত থকা এই অনুষ্ঠানতে নগাঁৱৰ বিধায়ক তথা বিশিষ্ট সমাজকৰ্মী ৰূপক শৰ্মাক মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, বটদ্ৰৱাৰ শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত আৰু শ্ৰী শ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি গোস্বামী আৰু বিশিষ্ট কথাছবি পৰিচালক অৰূপ মান্নাই আগন্তুক দিনত মঙ্গল কামনাৰে আৰ্শীবাদ- নিৰ্মালি প্ৰদান কৰে। এই অনুষ্ঠানৰ প্ৰাৰম্ভতে নৱৰূপ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ কণকণ শিল্পী সকলে মহাপুৰুষ মাধৱদেৱ বিৰচিত এটি বৰগীত পৰিৱেশন কৰে।

ইয়াৰ পাছতে বিধায়ক ৰূপক শৰ্মাই আমন্ত্ৰিত অতিথি সকলক আদৰণি জনোৱাৰ লগতে বিগত সময়খিনিত বিধায়ক গৰাকীৰ নগাঁৱৰ সমাজ জীৱনৰ লগত থকা সম্পৰ্ক আৰু বিগত এটা দশক জুৰি বিধায়ক হিচাপে সেৱা আগবঢ়োৱাৰ সুযোগ সুবিধা প্ৰদান কৰাৰ বাবে সকলো দল-মত নিৰ্বিশেষে আনুষ্ঠানিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। বিধায়ক হিচাপে বিগত সময়খিনিত নগাঁৱৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ ৰূপায়ণ আৰু বুকুত সাঁচি ৰখা উন্নয়ন মুখী সপোনৰ সাকাৰ ৰূপ দিবলৈ কৰা প্ৰয়াসক সকলোৱে সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পাছতে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে নিজৰ ভাষণ প্ৰসংগত বিধায়ক ৰূপক শৰ্মাৰ কৰ্ম দক্ষতা আৰু ৰাইজৰ প্ৰতি নি: স্বাৰ্থ সেৱাক শ্ৰদ্ধাৰে সোঁৱৰে।

তদুপৰি আন তিনিওগৰাকী বিশিষ্ট অতিথি সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ মহন্ত, সত্ৰাধিকাৰ অম্লান জ্যোতি গোস্বামী আৰু কথাছবি পৰিচালক অৰূপ মান্নায়ো চমু ভাষণ প্ৰদান কৰি বিধায়ক গৰাকীৰ প্ৰতি আৰ্শীবাদ আৰু শুভকামনা প্ৰদান কৰে। এই অনুষ্ঠানৰ পাছতে নগাঁৱৰ আগশাৰীৰ অনুষ্ঠান- প্ৰতিষ্ঠান সমূহৰ নেতৃবৰ্গক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে উক্ত অনুষ্ঠান সমূহেও বিধায়ক ৰূপক শৰ্মাক শুভেচ্ছা জ্ঞাপন কৰি আদৰণি জনায়।

বুকিং কৰিলেও যোগানত বিলম্বঃ ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ গ্ৰাহকৰ জ্বলাকলা

বুকিং কৰিলেও যোগানত বিলম্বঃ ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ গ্ৰাহকৰ জ্বলাকলা
বুকিং কৰিলেও যোগানত বিলম্বঃ ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ গ্ৰাহকৰ জ্বলাকলা

ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনৰ গৰম বতাহ৷ নেতা-পালিনেতা ব্যস্ত নিৰ্বাচনী প্ৰচাৰত৷ ইয়াৰ মাজতে মধ্য প্ৰাচ্যৰ যুদ্ধৰ অচিলালৈ অসমত ৰন্ধন গেছৰ তীব্ৰ নাটনি হোৱাৰ আশংকা প্ৰকাশ কৰিছে বহু গ্ৰাহকে৷ চৰকাৰে যদিও ৰাজ্যত ৰন্ধন গেছৰ কোনো নাটনি হোৱা নাই বুলি কৈ আছে তথাপি বহু গ্ৰাহকে এইবুলি অভিযোগ কৰিছে যে তেওঁলোকে বুকিং কৰাৰ পিছতো গেছ চিলিণ্ডাৰৰ বাবে বহুদিন অপেক্ষা কৰিবলগীয়া হৈছে৷ ৰাজ্যত গেছৰ নাটনি হ’ব পাৰে বুলি বিভিন্ন মহলত চৰ্চা হৈ থকাৰ বাবেই বহু গ্ৰাহকে এতিয়া পুৱাৰে পৰা গেছ এজেন্সীৰ বাহিৰত শাৰী পতা পৰিলক্ষিত হৈছে৷ চৰকাৰে গেছৰ নাটনিৰ বিষয়ত প্ৰচাৰিত উৰা বাতৰিত বিশ্বাস নকৰিবলৈ বাৰে বাৰে কৈ আহিছে যদিও সাধাৰণ গ্ৰাহক যেন এই কথাত সম্পূৰ্ণৰূপে পতিয়ন যােবে পৰা নাই৷ ইপিনে এনে পৰিবেশৰ সুবিধা গ্ৰহণ কৰিছে একাংশ অসাধু লোকে৷ এইচাম লোকে গেছ চিলিণ্ডাৰ অবৈধভাবে মজুত কৰাৰ অভিযোগ উঠিছে৷

ইয়াৰ মাজতে চৰকাৰে এনে বহু চিলিণ্ডাৰ জব্দও কৰিছে৷ ইপিনে ৰাজ্যত গেছ চিলিণ্ডাৰৰ কোনো নাটনি হোৱা নাই বুলি পুনৰ দৃঢ়তাৰে কৈছে কেন্দ্ৰীয় চৰকাৰে৷ অসমত ঘৰুৱা এল পি জিৰ যোগান সুস্থিৰ আৰু পৰ্যাপ্ত হৈ আছে৷ সম্প্ৰতি চলি থকা ভূ-ৰাজনৈতিক সংকটে বিশ্বৰ শক্তিৰ বজাৰত প্ৰভাৱ পেলোৱাৰ পিছতো অসমত নিৰৱচ্ছিন্ন সৰবৰাহ নিশ্চিত কৰা হৈছে৷ ইণ্ডিয়ান অইল, ভাৰত পেট্ৰলিয়াম আৰু হিন্দুস্তান পেট্ৰলিয়ামৰ দৰে তেল বিপণন কোম্পানীসমূহে ঘৰুৱা এল পি জিৰ যোগানক সৰ্বোচ্ছ অগ্ৰাধিকাৰ দি আহিছে আৰু সমগ্ৰ ৰাজ্যজুৰি গ্ৰাহকৰ বাবে নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰিবলৈ বিতৰণ ব্যৱস্থাটোক তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি থকা হৈছে৷ বৰ্তমান ইণ্ডিয়ান অইলে অসমত দৈনিক প্ৰায় ৰ লাখ এল পি জি চিলিণ্ডাৰ যোগান ধৰিছে, যাৰ ফলত ঘৰুৱা পৰিয়াললৈ নিয়মীয়া আৰু সময়মতে যোগান নিশ্চিত কৰিব পৰা গৈছে৷ ৰাজ্যখনে ডিজিটেল সুবিধাৰ দিশত এক শক্তিশালী পৰিৱৰ্তনৰ সাক্ষী হৈছে৷ এতিয়া প্ৰায় ৮০ণ এলপিজি ৰিফিল বুকিং ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে লাভ কৰা হৈছে, যিয়ে এল পি জিৰ যোগান সুশৃংখলিত কৰাত আৰু গ্ৰাহকৰ সন্তুষ্টি বৃদ্ধি কৰাত সহায় কৰিছে৷

চিলিণ্ডাৰসমূহে নিশ্‌টিতভাবে হিতাধিকাৰীসকলৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড [ডিএচি অ’টিপি] ব্যৱহাৰ কৰি যোগান অব্যাহত ৰখা হৈছে৷ ক’লা ব্যৱসায় , অবৈধ মজুতকৰণ আৰু অন্যান্য অসৎ কাৰ্য ৰোধ কৰিবলৈ ইণ্ডিয়ান অইল আৰু অন্যান্য অ’এমচিয়ে অসম চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি থকাৰ লগতে কঠোৰ নিৰীক্ষণ তথা অভিযান অব্যাহত ৰাখিছে৷ ৰাজ্য চৰকাৰৰ সহযোগত ইণ্ডিয়ান অইলে অসমত এল পি জি বিতৰকত ৭০০ৰো অধিক পৰিদৰ্শন কৰাৰ বিপৰীতে অ’এমচিৰ জৰিয়তে সমগ্ৰীকভাবে ১৫০০ৰো অধিক পৰিদৰ্শন কৰা হৈছে৷ এই পৰিদৰ্শনৰ ভিত্তিত স্বচ্ছতা তথা গ্ৰাহক সুৰক্ষাৰ প্ৰতি দায়বদ্ধতাৰ দিশটোক পুনৰ দৃঢ় কৰি অ’এমচি ভিত্তিত প্ৰায় ১৮ টা এলপিজি বিতৰকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ৰাজ্যিক পৰ্যায়ত গ্ৰহণ কৰা এনে প্ৰচেষ্টাসমূহ হৈছে যোগানৰ স্থিতিশীলতা বজাই ৰখা আৰু বলৱৎকৰণৰ ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে দেশজুৰি চলাই থকা অভিযানৰ এক অংশ৷

সমগ্ৰ দেশতে ইণ্ডিয়ান অইলে দৈনিক প্ৰায় ২৮ লাখ এলপিজি চিলিণ্ডাৰ যোগান ধৰিছে, আনহাতে অ’এমচি আৰু ৰাজ্য চৰকাৰে ৬৮ হাজাৰৰো অধিক অভিযান চলাইছে, ৮৫৫খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু অবাধ মজুতকৰণ ৰোধ কৰি ন্যায্য বিতৰণ নিশ্চিত কৰিবলৈ ৪৮ হাজাৰতকৈ অধিক চিলিণ্ডাৰ জব্দ কৰা হৈছে৷ অসমৰ গ্ৰাহকসকলক নিশ্চিত কৰা হৈছে যে ৰাজ্যখনত এল পি জিৰ যোগান পৰ্যাপ্ত হৈয়েই আছে আৰু এল পি জিৰ অভাৱ হোৱা নাই৷ গ্ৰাহকসকলক ডিজিটেল বুকিং মোড ব্যৱহাৰ কৰিলৈ, আতংকিত হৈ বুকিং কৰা বা ষ্টকিংমজুত কৰা এৰাই চলিবলৈ তথা কেৱল চৰকাৰী তথ্যৰ উৎসৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ উৎসাহিত কৰা হৈছে৷

জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰা বুদ্ধিজীৱী, দল-সংগঠনক ধুৰন্ধৰ আখ্যা খুৰাক মনোজ কুমাৰ বৰঠাকুৰৰ

জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰা বুদ্ধিজীৱী, দল-সংগঠনক ধুৰন্ধৰ আখ্যা খুৰাক মনোজ কুমাৰ বৰঠাকুৰৰ
জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰা বুদ্ধিজীৱী, দল-সংগঠনক ধুৰন্ধৰ আখ্যা খুৰাক মনোজ কুমাৰ বৰঠাকুৰৰ

জুবিন গাৰ্গক লৈ একাংশ বুদ্ধিজীৱী আৰু দল-সংগঠনে ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰিছে জুবিনৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰে৷ জুবিন গাৰ্গৰ নামত কৰা ৰাজনীতি কৰা বুদ্ধিজীৱী আৰু দল-সংগঠনক ধুৰন্ধৰ আখ্যা জুবিনৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰৰ৷ অসমৰ এখন অগ্ৰণী বাতৰি কাকতত আজি নিজৰ মনৰ ভাৱ ব্যক্ত কৰে জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰে৷

বাতৰি কাকতত প্ৰকাশিত প্ৰৱন্ধত তেওঁ কয় যে, ‘‘জুবিনে যি সময়ত খীণ-মীন ভাগৰুৱা দেহাটিৰেই প্ৰাণে-মনে ভালপোৱা অসমখনক বিশ্ব সংস্কৃতিৰ বৰঘৰলৈ আগুৱাই নিবলৈ নিশা নোশোৱাকৈ অহোপুৰুষাৰ্থ কৰিছিল, হাজাৰ হাজাৰ গান গাই, লিখি, সুৰ সংযোজন কৰি বিশ্ববাসীক অবাক কৰিছিল, সেই সময়ত এই বুদ্ধিজীৱীগণে জুবিনৰ দুৰ্নাম ৰতিছিল৷ আজি তেওঁলোকে জুবিনক ন্যায় দিব লাগে বুলি চিঞৰিছে, ৰাজনৈতিক মঞ্চখনত জুবিনৰ ফটো লগাই চাকি-বন্তি দিছে যাতে তেওঁলোকৰ বা তেওঁলোকে সমৰ্থন কৰা ৰাজনৈতিক দলটো ক্ষমতালৈ আহে৷’’ জুবিনৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰৰ অভিযোগ, জুবিন জীৱিত অৱস্থাত যিসকল বুদ্ধিজীৱীয়ে তেওঁক তুচ্ছ-তাচ্ছিল্য কৰিছিল, আজিৰ দিনত সেইসকলেই জুবিনৰ নাম ব্যৱহাৰ কৰি ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ চেষ্টা কৰিছে৷

তেওঁ এই ধৰণৰ লোকক ধুৰন্ধৰ বুলি আখ্যা দিছে৷ আনহাতে, মনোজ কুমাৰ বৰঠাকুৰে কয়, জুবিনে নিজৰ অসুস্থ দেহেৰেও অসমৰ সংস্কৃতিক বিশ্বমঞ্চত লৈ যোৱাৰ বাবে অহৰহ পৰিশ্ৰম কৰিছিল৷ কিন্তু সেই সময়ত এইসকল লোক তেওঁৰ সমৰ্থনত আগবাঢ়ি অহা দেখা নগ’ল৷ বৰ্তমান তেওঁৰ মৃত্যুৰ পাছত হঠাতে সক্ৰিয় হৈ ন্যায় বিচাৰৰ দাবী তুলিছে৷ তেওঁ আৰু কয় যে, এই ধৰণৰ কাৰ্যকলাপৰ আঁৰত নিৰ্বাচনী স্বাৰ্থ জড়িত থাকিব পাৰে৷ লগতে কিছুমানে জুবিনৰ নাম ব্যৱহাৰ কৰি ব্যক্তিগত লাভ লোৱাৰো চেষ্টা কৰিছে৷

অসমত কংগ্ৰেছ চৰকাৰ ৪০ বছৰলৈ নাহেঃ ৪ মে’ত বিজেপিয়েই চৰকাৰ গঠন কৰিব

৪ মে’ত বিজেপিয়েই চৰকাৰ গঠন কৰিব
৪ মে’ত বিজেপিয়েই চৰকাৰ গঠন কৰিব

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে যিদৰে অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াবলৈ সক্ষম হৈছে সেয়া প্ৰশংসনীয়৷ মূলতঃ ৰাজ্যবাসীৰ অধিকাৰ ঘূৰাই অনাৰ বাবেই বিজেপি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে৷খেতি আৰু মাটি যে অনুপ্ৰৱেশকাৰীৰ দখলত থাকিব সেয়া কল্পনা কৰিব নোৱাৰি৷ অথচ কেইটামান ভোটৰ বাবে তুষ্টিকৰণৰ ৰাজনীতি কৰাসকলেহে এই কাম কৰিব পাৰে৷ কিন্তু বিজেপি চৰকাৰ যেতিয়ালৈকে ক্ষমতাত থাকিব আৰু দলৰ বিষয়াসকল থাকিব তেতিয়ালৈকে সাধাৰণ ৰাইজে নিজৰ অধিকাৰ লাভ কৰিব৷ কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ লাবক ময়দানত বিজেপি প্ৰাৰ্থী কৌশিক ৰয়ৰ বিজয় সংকল্প সমাৱেশত এনেদৰে কয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনে এইদিনা বিজেপি প্ৰাৰ্থী কৌশিক ৰয়ৰ বিজয় সংকল্প সমাবেশত জনতাৰ মাজত অভূতপূৰ্ব উ২৬৩াস দেখা যায়৷ সমাবেশত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি নিতীন নবীনে কয়, জনসভাত ৰাইজৰ ব্যাপক উপস্থিতিত প্ৰকট হৈছে যে অহা ৯ এপ্ৰিল বিজেপিৰ পক্ষতে ভোটদান কৰিব৷ ৪ মে’ত বিজেপিৰ চৰকাৰ গঠন হ’ব৷

লক্ষীপুৰৰ ৰাইজে ইয়াৰ সংকেত দি ৰাখিছে৷ কৌশিক ৰয়ৰ বিপুল ভোটত আৰু ঐতিহাসিক বিজয় হ’ব৷ তেওঁ কয় যে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই যিদৰে নেতৃত্বত অসমৰ উন্নয়ন ত্বৰান্বিত হৈছে৷ এই নেতৃত্বই ৰাজ্যবাসীৰ সামগ্ৰিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ কথা চিন্তা কৰিছে৷ ই সাধাৰণ জনতাক এক নিৰাপদ জীৱন প্ৰদানৰ কথা চিন্তা কৰিছে৷ এই চৰকাৰখনে ৰাজ্যৰ প্ৰতিটো পৰিয়ালক সমৃদ্ধিশালীৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে৷ অসম উত্তৰ পূব ভাৰতৰ গেটওয়ে৷ বিজেপি চৰকাৰৰ সময়তে উত্তৰ-পূৰ্বাঞ্চলৰ সম বিকাশ আৰু সম উন্নয়ন সম্ভৱ হৈছে৷ কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে৷ কংগ্ৰেছ শাসনত দিল্লীৰ পৰা এটকা দিলে ১৫ পইচা পাইছিল৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰৰ আমোলত দিল্লীত যি অৰ্থ দিয়া হৈছিল, চব ৰাইজে লাভ কৰিছে৷ কংগ্ৰেছ শাসনত প্ৰধানমন্ত্ৰী মনমোহন সিং অসমলৈ মাথো তিনিবাৰ আহিছিল৷ বিগত সময়ত অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৭৫ বাৰ আহিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে ৩ কোটি লাখপতি দিদি কৰিছে৷ কংগ্ৰেছে ৭০ বছৰত কি দিছে বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় অসমত এতিয়া হিংসা হত্যা নাই৷ যোগাযোগ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হৈছে৷ নিবনুৱা সমস্যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেমি কণ্ডা”ৰ স্থাপন কৰিছে৷ ইয়াত ২৭ হাজাৰ বেকাৰে কৰ্মসংস্থাপন পাব৷ তেওঁ কয়, মোডিয়ে যি গেৰািণ্টি দিয়ে সেয়া বাস্তবায়ন হৈছে৷ অহা চ্ছ্ৰ মে’ত উৎসৱ পালন কৰিব বিজেপিয়ে৷ ইতিমধ্যে ৰাইজে নিজৰ সিদ্ধান্ত লৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠনৰ বাবে অহা জ্ঝ এপ্ৰিলত পদুম ফুলেৰে ভোটদান কৰিব সাধাৰণ জনতাই৷ এইবাৰ বিজেপিৰ জয়ৰ হেট্ৰিক হ’ব৷ বিগত ছটা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিছে৷তেওঁ কয় যে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই যিদৰে নেতৃত্ব দিছে, অসমৰ উন্নয়ন ত্বৰান্বিত হৈছে৷ এই নেতৃত্বই ৰাজ্যবাসীৰ সামগ্ৰিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ কথা চিন্তা কৰিছে৷ যোৱা সময়ত আমাৰ ডাবল ইঞ্জিন চৰকাৰে সেই সপোনৰ গুৰুত্বক অনুধাৱন কৰি অসমত ২২ লাখ পৰিয়ালক পকী গৃহ নিৰ্মাণ কৰি দিছিলোঁ৷ অহা ৫ বছৰত আমি আৰু ১৫ লাখ পৰিয়ালক নতুন পকী ঘৰ উপহাৰ দিম৷ এয়া আমাৰ প্ৰতিশ্ৰুতিয়েই নহয়, এয়া আমাৰ বৃহৎ সংকল্পও৷ৰাজ্যত কংগ্ৰেছ চৰকাৰৰ সময়ত অসমৰ প্ৰতিটো অঞ্চল অৱহেলিত হৈ আছিল, উন্নয়ন থমকি আছিল, জনসাধাৰণৰ আশা-আকাংক্ষা অপূৰ্ণ হৈ ৰ’ল৷ কিন্তু বিজেপি চৰকাৰ অহাৰ পাছত এই ধাৰা সম্পূৰ্ণ সলনি কৰিবলৈ সক্ষম হৈছিলোঁ৷ বিগত ১০ বছৰত এন ডি এৰ দ্বৈত ইঞ্জিন চৰকাৰে অসমক উন্নয়নৰ নতুন দিগন্তলৈ লৈ গৈছে৷ ৰাজিক সভাপতি দিলীপ শইকীয়া কয়, এইবাৰ অসমত বিজেপি চৰকাৰ আহিব৷ পাঁইতিমধ্যে ৰাইজে নিজৰ সিদ্ধান্ত লৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠনৰ বাবে অহা জ্ঝ এপ্ৰিলত পদুম ফুলেৰে ভোটদান কৰিব সাধাৰণ জনতাই৷ এইবাৰ বিজেপিৰ জয়ৰ হেট্ৰিক হ’ব৷ বিগত ছটা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিছে৷ এইদিনা ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, কংগ্ৰেছে শাসনলৈ আহিলে ১০০ দিনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব বুলি যি প্ৰতিশ্ৰুতি দেছে, সেয়া ভুয়া প্ৰতিশ্ৰুতি৷ তেওঁ কয়, অসমত কংগ্ৰেছ চৰকাৰ ৪০ বছৰত নাহে৷ চৰকাৰ নাহিলে কেনেকৈ ন্যায় দিব বুলি প্ৰশ্ন উত্থাপন কৰে তেওঁ৷ দিলীপ শইকীয়াই কয়,ৰাহুল গান্ধীৰ গেৰািKI× ফেইলাৰ হয়৷ এইদিনা তেওঁ কয়,কৌশিক ৰয়ৰ নেতৃত্বত লক্ষীপুৰ সমষ্টিৰ ব্যাপক উন্নতি সাধন হৈছে৷ লক্ষীপুৰত উন্নয়নৰ ঢেউ বলিছে৷ লক্ষীপুৰত এইবাৰ ইতিহাস ৰচনা কৰি বিজয় হ’ব৷ লগতে ডাঃ ৰাজদীপ ৰয় সহ কাছাৰ জিলাৰ আটাইকেইজন প্ৰাৰ্থীয়ে বিশাল ব্যৱধানত বিজয়ী হ’ব৷ অসমৰ ৰাইজৰ মুখত এটাই কথা ‘আকৌ এবাৰ বিজেপি চৰকাৰ৷’১৯৯১ চনত বৰাক উপত্যকাৰ পৰা জ্ঝ গৰাকী বিধায়ক জয়ী হৈছিল৷ এইবাৰ ইয়াতকৈ অভূতপূৰ্ব ফলাফল হ’ব৷

কাছাৰ জিলাৰ সুৰক্ষা আৰু উন্নতিৰ বাবে বিজেপি প্ৰাৰ্থীক পদুম ফুলত ভোট দিবলৈ আহ৩ান জনায় তেওঁ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠনৰ বাবে অহা জ্ঝ এপ্ৰিলত পদুম ফুলেৰে ভোটদান কৰিব সাধাৰণ জনতাই৷ এইবাৰ বিজেপিৰ জয়ৰ হেট্ৰিক হ’ব৷ বিগত ছটা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰি আহিছে৷ এইদিনা বিজেপি প্ৰাৰ্থী কৌশিক ৰয়ে কয়, আজি লক্ষীপুৰৰ বাবে গৌৰৱৰ বিষয়৷ সৰ্বভাৰতীয় সভাপতি নিতীন নবীন ইয়াত উপস্থিত হৈছে৷ ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈও গৈ আছে লক্ষীপুৰবাসীয়ে৷ জনসভাত উপস্থিত আছিল বৰিষ্ঠ বিজেপি নেতা হৰিশ ত্ৰিবেদী, সহ প্ৰভাৰী সুনীল শৰ্মা, সাংসদ কবিতা পাটিদাৰ, সাংসদ পৰিমল শুক্লবৈদ্য, সাংসদ কনাদ পুৰকায়স্থ, কাছাৰ জিলাৰ সভাপতি ৰূপম সাহা, সাধাৰণ সম্পাদক অমিতাভ ৰয়, শিলচৰৰ বিজেপি প্ৰাৰ্থী ডাঃ ৰাজদীপ ৰয়, ধলাইৰ বিজেপি প্ৰাৰ্থী অমিয় কান্তি দাস, প্ৰাক্তন বিধায়ক দীপায়ন চক্ৰৱৰ্তী আৰু মিহিৰ কান্তি সোম,ৰীণা সিংহ৷

কুংকী চৌধুৰীৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ

কুংকী চৌধুৰীৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ
কুংকী চৌধুৰীৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ

কুংকী চৌধুৰীৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ।

নিৰ্বাচনী প্ৰচাৰৰ মাজতে কুংকী চৌধুৰীৰ পিতৃ-মাতৃৰ সন্দৰ্ভত পুনৰ বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে-

মা কামাখ্যা, মাজুলী, বটদ্ৰৱা থানৰ পৱিত্ৰ ভূমিত গো-মাংস খোৱা সহ্য কৰা নহ’ব।

কুংকী যদি সনাতনী হয় পিতৃ-মাতৃৰ পক্ষত নাই বুলি ৰাজহুৱা মন্তব্য কৰক।

গৰু মাংস খালে মই গোটেই পৃথিৱীৰ বিৰুদ্ধে যাম।

নিৰ্বাচনৰ পাছত গো-মাংস ভক্ষণৰ বাবে কুংকীৰ পিতৃ-মাতৃৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব : মুখ্যমন্ত্ৰী।

পবিত্ৰ ভূমিত নিষিদ্ধ মাংস খোৱাটো মই সহ্য নকৰোঁ।

কুংকি চৌধুৰী যদি সনাতনী হয়, তেন্তে পিতৃ-মাতৃক ত্যাগ কৰিব লাগে।

নিৰ্বাচনৰ পাছত কেটল প্ৰিভেনশ্যন এক্টৰ অধীনত গোচৰ তৰিম।

কুংকি চৌধুৰীৰ পিতৃ-মাতৃৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক মুখ্যমন্ত্ৰী।

কুংকিৰ পিতৃ-মাতৃৰ বিৰুদ্ধে নিৰ্বাচনৰ পাছতে FIR দাখিল কৰিব বুলি মন্তব্য় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

ভুৱা TRP প্ৰকাশৰ দিন উকলিলঃ টিভি ৰেটিং নিৰীক্ষণৰ দায়িত্ব ল’লে চৰকাৰে

টিভি ৰেটিং নিৰীক্ষণৰ দায়িত্ব ল’লে চৰকাৰে
টিভি ৰেটিং নিৰীক্ষণৰ দায়িত্ব ল’লে চৰকাৰে

‘ভুৱা টিআৰপি’ প্ৰকাশৰ দিন উকলিল৷ কাৰণ এতিয়াৰে পৰা টিভি ৰেটিং নিৰীক্ষণৰ দায়িত্ব নিজৰ হাতলৈ নিলে কেন্দ্ৰীয় চৰকাৰে৷ দেশৰ প্ৰায় ৩৬,০০০ কোটিটকীয়া দূৰদৰ্শন বিজ্ঞাপন উদ্যোগৰ মূল আধাৰস্বৰূপ ‘টিভি ৰেটিং’ বা টিআৰপি ব্যৱস্থাৰ ওপৰত এতিয়াৰে পৰা সম্পূৰ্ণ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ভাৰতীয় দূৰসংযোগ নিয়ন্ত্ৰণ কতৃৰ্পক্ষক এই ৰেটিং নিৰীক্ষণ প্ৰক্ৰিয়াৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই পেলাইছে৷ ইয়াৰ ফলত এতিয়াৰে পৰা দূৰদৰ্শনৰ ৰেটিং সংস্থাসমূহে দৰ্শকৰ পছন্দ আৰু অভ্যাস কেনেদৰে নিৰ্ধাৰণ কৰিব, সেই সম্পৰ্কীয় সকলো নীতি-নিয়ম কেৱল তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়েহে গ্ৰহণ কৰিব৷ উল্লেখ্য যে, ২০১২ চনত তদানীন্তন চৰকাৰৰ কাৰ্যকালত নীতিগত সালসলনি ঘটাই ট্ৰাইক দূৰদৰ্শনৰ ৰেটিং নিৰীক্ষণৰ দায়িত্ব অৰ্পণ কৰা হৈছিল৷

মূলতঃ দূৰসংযোগ খণ্ডৰ নিয়ন্ত্ৰক হিচাপে কাম কৰা ট্ৰায়ে পৰৱৰ্তী সময়ত সম্প্ৰচাৰ নিয়ন্ত্ৰণৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ চোৱাচিতা কৰিছিল৷ শেহতীয়াকৈ প্ৰকাশিত প্ৰতিবেদন অনুসৰি, চৰকাৰৰ নতুন নীতি-নিৰ্দেশনাত ট্ৰাইৰ নিৰীক্ষণৰ কথা উল্লেখ কৰা হোৱা নাই, যাৰ ফলস্বৰূপে এই ক্ষমতা এতিয়া একচেটিয়াভাৱে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ হাতলৈ গৈছে৷ অৱশ্যে, চেনেলৰ মাচুল, বিজ্ঞাপনৰ সময়সীমা, বিতৰণৰ নিয়ম আৰু সেৱাৰ মানৰ দৰে সম্প্ৰচাৰ নিয়ন্ত্ৰণৰ আন আন দিশবোৰ এতিয়াও ট্ৰাইৰ অধীনতেই বাহাল থাকিব৷ দূৰদৰ্শনৰ ৰেটিং বা টিআৰপিয়ে নিৰ্ধাৰণ কৰে যে বিজ্ঞাপনদাতাসকলে কোনটো চেনেল বা অনুষ্ঠানত তেওঁলোকৰ ধন বিনিয়োগ কৰিব৷ সেয়েহে, এই গুৰুত্বপূৰ্ণ ব্যৱস্থাটোৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ বৃদ্ধি পোৱাক লৈ বিভিন্ন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

এই সন্দৰ্ভত ট্ৰাইৰ প্ৰাক্তন প্ৰধান উপদেষ্টা সত্য এন গুপ্তাই সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে যে চৰকাৰৰ হাতত ক্ষমতা থাকিলেও, নীতিৰ সৈতে নিয়ন্ত্ৰণ ব্যৱস্থাক একত্ৰিত কৰা আৰু নিৰীক্ষণ প্ৰক্ৰিয়াৰ পৰা এক স্বতন্ত্ৰ সংস্থাক আঁতৰাই পেলোৱাটো এক পশ্চাদগামী পদক্ষেপ৷ লক্ষণীয়ভাৱে বিগত কেইবা বছৰ ধৰি ভাৰতত দূৰদৰ্শনৰ ৰেটিং আৰু ইয়াৰ লগত জড়িত সংস্থাসমূহ ব্যাপক বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে৷ বিশেষকৈ ‘বাৰ্ক’ বিতৰ্কৰ পিছত ৰেটিং সংস্থাসমূহৰ বিশ্বাসযোগ্যতাক লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছিল৷ আনকি ভুৱা ৰেটিং প্ৰস্তুত কৰাৰ অভিযোগত প্ৰথমবাৰৰ বাবে ৰেটিং সংস্থাৰ বিষয়াসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থাও গ্ৰহণ কৰা হৈছিল৷