Home Blog Page 54

আমেৰিকাৰ দুখন যুদ্ধ বিমান গুলীয়াই ভূপতিত ইৰাণৰ

আমেৰিকাৰ দুখন যুদ্ধ বিমান গুলীয়াই ভূপতিত ইৰাণৰ
আমেৰিকাৰ দুখন যুদ্ধ বিমান গুলীয়াই ভূপতিত ইৰাণৰ

মধ্য প্ৰাচ্যৰ সংকটৰ মাজতে আমেৰিকাৰ দুখন যুদ্ধ বিমান গুলীয়াই ভূপতিত কৰিলে ইৰাণে৷ ৩ এপ্ৰিলত ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে এক বিবৃতিত কয় যে তেওঁলোকৰ অত্যাধুনিক আৰু নতুনকৈ বিকশিত এয়াৰ ডিফেন্স ছিষ্টেমে মধ্য ইৰাণত আন এখন আমেৰিকাৰ ‘ষ্টেলথ এফ-৩৫’ যুদ্ধ বিমান গুলীয়াই পেলাইছে৷ লেকেনহিথ স্কোয়াড্ৰনৰ অন্তৰ্গত যুদ্ধ বিমানখন ক্ষেপণাস্ত্ৰৰ খুন্দাত সম্পূৰ্ণৰূপে ধবংস হৈ দুৰ্ঘটনাগ্ৰস্ত হয়৷ বিমানখন ইমানেই বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে যে ইয়াৰ পাইলটৰ ভাগ্য সম্পৰ্কে এতিয়াও কোনো নিৰ্দিষ্ট তথ্য পোৱা হোৱা নাই৷ ইয়াৰ পূৰ্বে শুকুৰবাৰে পুৱা আই আৰ জি চিয়ে পাৰস্য উপসাগৰৰ কেছম দ্বীপৰ দক্ষিণে আন এখন আমেৰিকাৰ উন্নত যুদ্ধ বিমান গুলীয়াই ভূপতিত কৰাৰ কথা ঘোষণা কৰে৷ বিবৃতিটোত কোৱা হৈছে যে উন্নত ৰাডাৰ আৰু প্ৰতিৰক্ষা ব্যৱস্থাৰ আক্ৰমণৰ পিছত হেংহাম আৰু কেছম দ্বীপৰ মাজত পাৰ্চী উপসাগৰৰ গভীৰ জলসীমাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়৷

এই সফল অভিযানৰ পিছত আই আৰ জি চিয়ে ড’নাল্ড ট্ৰাম্পক পোনপটীয়াকৈ সমালোচনা কৰি কয় যে এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই দাবী এক গোকাট মিছা৷ এই অভিযান ইৰাণৰ সংহত বায়ু প্ৰতিৰক্ষা নেটৱৰ্কৰ অধীনত আই আৰ জি চি নৌসেনাৰ আধুনিক ব্যৱস্থাই চলাইছিল৷ মন কৰিবলগীয়া যে শেহতীয়াকৈ আমেৰিকাৰ সেনাবাহিনীৰ বাবে বিমান ক্ষতিৰ তালিকাখন দীঘলীয়া হৈ আহিছে৷ ইয়াৰ পূৰ্বে ১১ মাৰ্চত ইৰাণৰ মধ্য আকাশমাৰ্গত প্ৰথমবাৰৰ বাবে এফ-৩৫ যুদ্ধ বিমান আক্ৰান্ত হৈছিল৷ সেই সময়ত আমেৰিকাৰ সংবাদ মাধ্যমে জৰুৰী অৱতৰণৰ বাতৰি প্ৰকাশ কৰিছিল যদিও পিছত এন পি আৰৰ এক প্ৰতিবেদনত ইৰাণৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হোৱা বিমানখনে অদূৰ ভৱিষ্যতে পুনৰ উৰণৰ ক্ষমতা লাভ নকৰে বুলি প্ৰকাশ পাইছিল৷

এই চলি থকা উত্তেজনাৰ আৰম্ভণিৰ পৰাই ইৰাণে মুঠ দুখন এফ-৩৫, এখন এফ-১৮, দুখন এফ-১৬ আৰু চাৰিখন এফ-১৫ বিমান ভূপতিত কৰা বুলি দাবী কৰিছে৷ ইফালে পেণ্টাগনে আনুষ্ঠানিকভাৱে তিনিখন এফ-১৫ আৰু এখন কেচি-১৩৫ টেংকাৰ বিমান হেৰুওৱাৰ কথা স্বীকাৰ কৰিছে যদিও বেছি ভাগ ক্ষেত্ৰতে লোকচান ঢাকিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ বহু সামৰিক বিশেষজ্ঞৰ মতে, আমেৰিকা কতৃৰ্পক্ষই তেওঁলোকৰ অত্যাধুনিক ষ্টীলথ বিমান ধবংস হোৱাৰ কথা ঢাকি ৰাখিবলৈ প্ৰায়ে ‘বন্ধুত্বপূৰ্ণ শক্তিৰ গুলীত ভূপতিত’ বা ‘যান্ত্ৰিক দুৰ্ঘটনা’ হিচাপে প্ৰচাৰ কৰে৷

৭ এপ্ৰিলৰ সন্ধিয়াৰ পৰা অসমত ৪৮ ঘণ্টীয়া ‘মৌনতাকাল’

৭ এপ্ৰিলৰ সন্ধিয়াৰ পৰা অসমত ৪৮ ঘণ্টীয়া ‘মৌনতাকাল’
৭ এপ্ৰিলৰ সন্ধিয়াৰ পৰা অসমত ৪৮ ঘণ্টীয়া ‘মৌনতাকাল’

অসমত এতিয়া জোৰেৰে বলিছে নিৰ্বাচনী বতাহ৷ শাসক-বিৰোধী উভয়পক্ষই ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বলৈ কঁকালত টঙালি বান্ধিছে৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন দলে অনুষ্ঠিত কৰিছে নিৰ্বাচনী প্ৰচাৰ সভা৷ এক কথাত নিৰ্বাচনী প্ৰচাৰত এতিয়া ৰজনজনাই উঠিছে অসম৷ এনে সময়তে নিৰ্বাচন আয়োগে ৭ এপ্ৰিলৰ সন্ধিয়াৰ পৰা অসমত ৪৮ ঘণ্টীয়া মৌনতা কাল ঘোষণা কৰিছে৷ ৰাজ্যজুৰি ৯ এপ্ৰিলত এটা পৰ্যায়ত হ’ব ভোটগ্ৰহণ৷ ভোটগ্ৰহণৰ পূৰ্বে ৭ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈকে অব্যাহত থাকিব মৌনতা কাল৷ নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে জনপ্ৰতিনিধিত্ব আইন-১৯৫১১ ধাৰা ১২৬[ৰ][খ]ৰ অধীনত ভোটগ্ৰহণ এলেকাত নীৰৱতাৰ মৌনতাৰ সময়ছোৱাত টেলিভিছন, ৰেডিঅ’ বা অনুৰূপ মাধ্যমৰ জৰিয়তে নিৰ্বাচন সম্পৰ্কীয় বিষয়বস্তুৰ প্ৰচাৰ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে৷ এই নিষেধাজ্ঞাৰ লক্ষ্য হৈছে ভোটগ্ৰহণৰ পূৰ্বে ভোটাৰৰ ওপৰত অযথা প্ৰভাৱ ৰোধ কৰা৷ আয়োগে টেলিভিছন চেনেল, ৰেডিঅ’ ষ্টেচন, কেৱল নেটৱৰ্ককে ধৰি সকলো সংবাদ প্ৰতিষ্ঠানক এই নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিছে৷ ইয়াত গুৰুত্ব আৰোপ কৰা হৈছে যে এই সময়ছোৱাত নিৰ্বাচনবিষয়ক আলোচনা, প্ৰচাৰ সম্পৰ্কীয় বিষয়বস্তু, নিৰ্বাচনী মতামত, নিৰ্বাচনী সমীক্ষাকে ধৰি কোনো নিৰ্বাচন সম্পৰ্কীয় বিষয় সম্প্ৰচাৰ বা প্ৰদৰ্শন কৰিব নোৱাৰিব৷

অধিসূচনা অনুসৰি ৯ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা ২৯ এপ্ৰিলৰ সন্ধিয়া ৬.৩০ বজাৰ ভিতৰত এগ্‌জিট প’ল অনুষ্ঠিত বা প্ৰকাশ কৰিব নোৱাৰিব৷ নিৰ্বাচন আয়োগে সকীয়াই দিছে যে এই নিৰ্দেশনা উলংঘা কৰিলে দুবছৰ পৰ্যন্ত কাৰাদণ্ড, জৰিমনা বা দুয়োটা শাস্তিৰেই সন্মুখীন হ’ব পাৰে৷ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে নিৰ্বাচন আয়োগে শেহতীয়াকৈ অসম আৰু অন্যান্য নিৰ্বাচনমুখী অঞ্চলৰ ২৮২জন কেন্দ্ৰীয় পৰ্যবেক্ষক আৰু মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে৷ কেৱল অসমৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ ১৩৬জন পৰ্যবেক্ষক নিয়োগ কৰা হৈছে৷ অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ বাবে জ্ঝ এপ্ৰিলত একক পৰ্যায়ত ভোটগ্ৰহণ কৰা হ’ব৷ মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ বাবে কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে৷

Free Cylinder: বিহু আৰু দুর্গাপূজাত বিনামূলীয়া চিলিণ্ডাৰ পাব অসমৰ প্ৰতিটো পৰিয়ালে

Free Cylinder: বিহু আৰু দুর্গাপূজাত বিনামূলীয়া চিলিণ্ডাৰ পাব অসমৰ প্ৰতিটো পৰিয়ালে
Free Cylinder: বিহু আৰু দুর্গাপূজাত বিনামূলীয়া চিলিণ্ডাৰ পাব অসমৰ প্ৰতিটো পৰিয়ালে

বিনামূলীয়া চিলিণ্ডাৰ।(Free Cylinder)

বছৰত পাব দুটাকৈ ফ্রী চিলিণ্ডাৰ।

বিহু আৰু দুৰ্গাপূজাত লাভ কৰিব বিনামূলীয়া চিলিণ্ডাৰ।

অসমৰ প্ৰতিটো পৰিয়ালে পাব ফ্ৰী চিলিণ্ডাৰ।

ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

বিহু আৰু দুর্গাপূজাত বিনামূলীয়া চিলিণ্ডাৰ পাব অসমৰ প্ৰতিটো পৰিয়ালে।

মাহমৰা নিৰ্বাচনী সভাত বিনামূলীয়া চিলিণ্ডাৰৰ কথা ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

পুনৰ বিজেপিৰ চৰকাৰ হ’লে ২ লাখ যুৱক-যুৱতীক দিয়া হ’ব চাকৰি

পুনৰ বিজেপিৰ চৰকাৰ হ'লে ২ লাখ যুৱক-যুৱতীক দিয়া হ'ব চাকৰি
পুনৰ বিজেপিৰ চৰকাৰ হ'লে ২ লাখ যুৱক-যুৱতীক দিয়া হ'ব চাকৰি

পুনৰ বিজেপিৰ চৰকাৰ হ’লে ২ লাখ যুৱক-যুৱতীক দিয়া হ’ব চাকৰি।

ৰাজ্যত বিজেপিৰ চৰকাৰ হ’লে আগন্তুক ৫ বছৰত ২ লাখ যুৱক-যুৱতীক দিয়া হ’ব নিযুক্তি।

চাকৰিৰ ক্ষেত্ৰত দুৰ্নীতিৰ লগত শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিব চৰকাৰে।

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ১০ লাখ নিবনুৱা যুৱক-যুৱতীক ৫ লাখকৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি চৰকাৰৰ।

জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত ২৯ হাজাৰ নিবনুৱাই পাব সংস্থাপন।

বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন কৰি এই ঘোষণা পীয়ূষ হাজৰিকাৰ।

প্ৰসিদ্ধ ফুটবলাৰ গিলবাৰ্টছন চাংমাৰ দেহাৱসান

প্ৰসিদ্ধ ফুটবলাৰ গিলবাৰ্টছন চাংমাৰ দেহাৱসান
প্ৰসিদ্ধ ফুটবলাৰ গিলবাৰ্টছন চাংমাৰ দেহাৱসান

প্ৰসিদ্ধ ফুটবলাৰ গিলবাৰ্টছন চাংমাৰ দেহাৱসান।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল অসম ফুটবলৰ ৰাজপুত্ৰগৰাকী।

পুৱা ৭:৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ খেলুৱৈগৰাকীয়ে

নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰসিদ্ধ ফুটবলাৰগৰাকীয়ে।

গো-মাংস ভক্ষণ কৰা লোক নামঘৰত প্ৰৱেশ নিষিদ্ধ: ভকত বৈষ্ণৱ

গো-মাংস ভক্ষণ কৰা লোক নামঘৰত প্ৰৱেশ নিষিদ্ধ: ভকত বৈষ্ণৱ
গো-মাংস ভক্ষণ কৰা লোক নামঘৰত প্ৰৱেশ নিষিদ্ধ: ভকত বৈষ্ণৱ

গো-মাংস ভক্ষণ বিষয়টোক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

ভকত বৈষ্ণৱ সমাজত গো-মাংস ভক্ষণ কৰা লোকক নিষিদ্ধ কৰাৰ দাবী

গো-মাংস ভক্ষণ কৰা লোক নামঘৰত প্ৰৱেশ নিষিদ্ধ: ভকত বৈষ্ণৱ

শেহতীয়াকৈ গো-মাংস ভক্ষণ কৰা বিষয়টোক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰ মাজতে ভকত বৈষ্ণৱ সমাজে এটা কথা স্পষ্ট কৰি দিছে যে গো মাংস ভক্ষণ কৰা ব্যক্তিক নামঘৰত প্ৰৱেশ কৰিবলৈ দিব নালাগে। উল্লেখ্য যে, চিছিবৰগাঁৱৰ কেইগৰাকীমান ভকতেও এই বিষয়টোত নিজৰ মত প্ৰকাশ কৰি কয় যে, আমাৰ মূল্যবোধ, পৰম্পৰা আৰু আস্থাক সন্মান কৰা প্ৰতিজন ব্যক্তি আমাৰ সমাজৰ অংশ।

কিন্তু যদি কোনোবাই সেয়া অবজ্ঞা কৰে, তেনে বিষয়ত সমাজে বিবেচনাৰে সিদ্ধান্ত ল’ব লাগিব। ইফালে, ৰাজ্যৰ ভিন্ন প্ৰান্তত আই সমাজৰ সদস্যা সকলেও মত প্ৰকাশ কৰি কয় যে, আমি গো মাতৰ পূজা কৰোঁ, তেনেক্ষেত্ৰত সামাজিক মাধ্যমত মুকলিকৈ আমাৰ বিশ্বাসক অপমান কৰি গো মাংস ভক্ষণৰ ফটো প্ৰচাৰ কৰা বিষয়টোৱে আমাক বিব্ৰত কৰি তুলিছে। তেওঁলোকে কয়, “এনে ধৰণৰ বিষয়বস্তু প্ৰকাশে আমাৰ ধৰ্মীয় অনুভূতিক আঘাত দিয়ে আৰু সামাজিক পৰিৱেশক উত্তেজিত কৰিব পাৰে।”

গৌৰৱ গগৈক পাকিস্তানী মিডিয়াই ক্লীনশ্বীট দিয়া বিষয়টোৱে প্ৰমাণ কৰিছে, গৌৰৱ পাকিস্তানী এজেন্ট হয়: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

গৌৰৱ গগৈক পাকিস্তানী মিডিয়াই ক্লীনশ্বীট দিয়া বিষয়টোৱে প্ৰমাণ কৰিছে, গৌৰৱ পাকিস্তানী এজেন্ট হয়: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
গৌৰৱ গগৈক পাকিস্তানী মিডিয়াই ক্লীনশ্বীট দিয়া বিষয়টোৱে প্ৰমাণ কৰিছে, গৌৰৱ পাকিস্তানী এজেন্ট হয়: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাই থকা সময়ত এক বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পাকিস্তানৰ মিডিয়াই গৌৰৱক ক্লীনশ্বীট দি সনাতনী ধ্বংস কৰিবলৈ ষড়যন্ত্ৰত লিপ্ত হৈছে

গৌৰৱ গগৈক পাকিস্তানী মিডিয়াই ক্লীনশ্বীট দিয়া বিষয়টোৱে প্ৰমাণ কৰিছে, গৌৰৱ পাকিস্তানী এজেন্ট হয়: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বৰাক উপত্যকাত নিৰ্বাচনী প্ৰচাৰ চলাই থকা সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে পাকিস্তানৰ মিডিয়াই গৌৰৱ গগৈক ক্লীনশ্বীট দিয়াটো এক গভীৰ ষড়যন্ত্ৰৰ অংশ। সাংবাদিকে কৰা প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় – পাকিস্তান মিডিয়াই যদি কোনো ভাৰতীয় ৰাজনীতিবিদক সমৰ্থন কৰে বা ক্লীনশ্বীট দিয়ে, তেন্তে তাৰ পিছত নিশ্চয় কোনো উদ্দেশ্য থাকে। পাকিস্তানৰ মিডিয়াই এতিয়া গৌৰৱক ক্লীনশ্বীট দি সনাতনী ধ্বংস কৰিবলৈ ষড়যন্ত্ৰত লিপ্ত হৈছে। লগতে, গৌৰৱ গগৈক পাকিস্তানী মিডিয়াই সম্পূৰ্ণ ক্লীনশ্বীট দিয়াটোৱে প্ৰমাণ কৰিছে যে গৌৰৱ গগৈ পাকিস্তানী এজেন্ট হয়।

ইয়াৰ লগতে হিমন্ত বিশ্ব শৰ্মাই জনতাক সাৱধান হ’বলৈ আহ্বান জনায় আৰু কয় যে আগন্তুক নিৰ্বাচনত সঠিক সিদ্ধান্ত লোৱাটো অত্যন্ত জৰুৰী।

সাৱধান! অধ্যয়নত প্ৰকাশ ভয়ংকৰ তথ্যঃ ৰাতি টোপনিত বাধা আহিলে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাই

সাৱধান! অধ্যয়নত প্ৰকাশ ভয়ংকৰ তথ্যঃ ৰাতি টোপনিত বাধা আহিলে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাই
সাৱধান! অধ্যয়নত প্ৰকাশ ভয়ংকৰ তথ্যঃ ৰাতি টোপনিত বাধা আহিলে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাই

গ্ৰীষ্মকালত মানুহৰ প্ৰায়ে টোপনি ভাল নহয়। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে উষ্ণতা বৃদ্ধিয়ে টোপনিৰ ওপৰত প্ৰভাৱ পেলায়। শেহতীয়াকৈ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে অব্ষ্ট্ৰাক্টিভ স্লিপ এপনিয়াই হৃদযন্ত্ৰত প্ৰভাৱ পেলায়। অব্ষ্ট্ৰাক্টিভ স্লিপ এপনিয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা ৭১ শতাংশ বৃদ্ধি পায়।


ইউৰোপীয় কংগ্ৰেছ অন অবেচিটিৰ নতুন গৱেষণাৰ মতে, অব্ষ্ট্ৰাক্টিভ স্লিপ এপনিয়াই হৃদযন্ত্ৰত প্ৰভাৱ পেলায়। লণ্ডনৰ ইম্পেৰিয়েল কলেজ হেল্থ পাৰ্টনাৰ্ছৰ এই গৱেষণাৰ লেখিকা হিদাৰ ফিট্জকে কয় যে অব্ষ্ট্ৰাক্টিভ স্লিপ এপনিয়াৰ সৈতে যুৱক-যুৱতী বিশেষকৈ মেদবহুল লোকৰ হৃদযন্ত্ৰৰ সমস্যাৰ সম্পৰ্ক আছে। অব্ষ্ট্ৰাক্টিভ স্লিপ এপনিয়াৰ ফলত টোপনিৰ সময়ত সঘনাই বাধা আহি পৰে, যাৰ ফলত টোপনিৰ মানদণ্ড বেয়া হয়, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।


এই অধ্যয়নত ২৯ লাখ বাসিন্দাৰ ইলেক্ট্ৰনিক স্বাস্থ্য অভিলেখ ব্যৱহাৰ কৰা হৈছিল। এই ৰেকৰ্ডসমূহত দেখা গৈছে যে মেদবহুলতাও অব্ষ্ট্ৰাক্টিভ স্লিপ এপনিয়া ৰোগীৰ ক্ষেত্ৰত এক সাধাৰণ সমস্যা। অব্ষ্ট্ৰাক্টিভ স্লিপ এপনিয়া ৰোগীৰ ৫৭ শতাংশ লোক মেদবহুল। এই সমস্যা দূৰ কৰিবলৈ মেদবহুলতা নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। টোপনিৰ সময়ত মানুহৰ উশাহ-নিশাহ বন্ধ হৈ পৰা অৱস্থাক স্লিপ এপনিয়া বোলে।


Oily Skin: গৰমৰ দিনত তেলীয়া ছালৰ পৰা মুক্তি পাব বিচাৰে নেকি ? এই ঘৰুৱা উপায়বোৰে আপোনাক সহায় কৰিব…

Oily Skin: গৰমৰ দিনত তেলীয়া ছালৰ পৰা মুক্তি পাব বিচাৰে নেকি ?
Oily Skin: গৰমৰ দিনত তেলীয়া ছালৰ পৰা মুক্তি পাব বিচাৰে নেকি ?

গ্ৰীষ্মকালৰ (Oily Skin) আগমনৰ লগে লগে আমি ছালৰ লগত জড়িত বহু সমস্যাৰ সন্মুখীন হওঁ। ৰ’দ, ঘাম আৰু আৰ্দ্ৰতা বৃদ্ধিৰ ফলত ছালখন আঠাযুক্ত আৰু তেলীয়া হ’ব পাৰে। ছালত তেল জমা হ’লে পিম্পলছ, ক’লা দাগৰ সৃষ্টি হ’ব পাৰে, যিয়ে আপোনাৰ সৌন্দৰ্য্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আজিকালি প্ৰতিগৰাকী মহিলাই নিজৰ ছালখন পৰিষ্কাৰ, সতেজ আৰু ত্ৰুটিহীন কৰি ৰাখিব বিচাৰে যদিও গ্ৰীষ্মকালে তেওঁৰ ছাল খন বেয়া কৰি পেলাই। ছালখন ভালে ৰাখিবলৈ ঘৰতে বনোৱা কিছুমান উপাদান প্ৰয়োগ কৰিলে বহু সমস্যা দূৰ হ’ব পাৰে।

১/ তিয়হৰ ৰস

যদি আপুনি গ্ৰীষ্মকালত তেলীয়া ছালৰ পৰা মুক্তি পাব বিচাৰে তেন্তে তিয়হৰ ৰস মুখত লগাই ভালদৰে মালিচ কৰিব পাৰে। তিয়হৰ ৰসে ছালৰ ছিদ্ৰ কমায় আৰু ছালখন জলসিঞ্চিত কৰি ৰাখে।

২/ এলোভেৰা

এলোভেৰাৰ এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে ব্ৰণৰ ব্ৰেকআউট আৰু অতিৰিক্ত তেল হ্ৰাস কৰি আপোনাৰ ছালখন পৰিষ্কাৰ কৰাত সহায় কৰে। এলোভেৰা ছালৰ বাবে এক আশীৰ্বাদ।

৩) দিনটোত দুবাৰকৈ মুখ ধোৱা

দিনত দুবাৰকৈ ফেচ ৱাছ ব্যৱহাৰ কৰিব পাৰে। ই আপোনাৰ ছালখন সতেজ কৰি ৰাখে আৰু তেলীয়া হোৱাৰ পৰা ৰক্ষা কৰে। যদি আপুনি সতেজ ছাল বিচাৰে তেন্তে এইটোৱেই আটাইতকৈ উত্তম বিকল্প। শুকান নহ’বলৈ নিয়মিতভাৱে ছালখন ধুব লাগে।

৪/ তেলমুক্ত মইশ্ব’ৰাইজাৰ

গৰমৰ দিনত বাহিৰলৈ ওলাই যোৱাৰ সময়ত তেলবিহীন মইশ্ব’ৰাইজাৰ প্ৰয়োগ কৰিব লাগে। বহুতে মইশ্ব’ৰাইজাৰ একেবাৰে এৰি দিয়ে, কিন্তু আপুনি কৰা উচিত নহয়। সদায় প্ৰয়োগ কৰিব লাগে।

৫/ ছানস্ক্ৰীণ

গ্ৰীষ্মকালীন কঠোৰ ৰ’দৰ পৰা ছালখনক ৰক্ষা কৰিবলৈ ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব লাগিব। ছালৰ ক্ষতি ৰোধ কৰিবলৈ বাহিৰলৈ ওলোৱাৰ আগতে ছানস্ক্ৰীণ প্ৰয়োগ কৰাটো অতি প্ৰয়োজনীয়। মহিলাসকলে প্ৰায়ে নিজৰ ছাল সুৰক্ষাৰ বাবে বহু সামগ্ৰী ব্যৱহাৰ কৰে, কিন্তু কেইটামান সহজ অভ্যাস গ্ৰহণ কৰিলে আপুনি আপোনাৰ ছালখন পৰিষ্কাৰ কৰি ৰাখিব পাৰে।

মোৰ নীৰৱতাক পৰাজয় বুলি ভাবি নল’বঃ আপৰ বিৰুদ্ধে সৰৱ ৰাঘৱ চাদ্দা

মোৰ নীৰৱতাক পৰাজয় বুলি ভাবি নল’বঃ আপৰ বিৰুদ্ধে সৰৱ ৰাঘৱ চাদ্দা
মোৰ নীৰৱতাক পৰাজয় বুলি ভাবি নল’বঃ আপৰ বিৰুদ্ধে সৰৱ ৰাঘৱ চাদ্দা

আপৰ বিৰুদ্ধে সৰৱ ৰাঘৱ চাদ্দা।

আম আদমী পাৰ্টীলৈ বাৰ্তা প্ৰেৰণ সাংসদগৰাকীৰ।

‘মোৰ ‘নীৰৱতাক পৰাজয় বুলি ভাবি নল’ব’।

‘মোৰ কণ্ঠ ৰোধ কৰিলেও মই হাৰ মনা নাই’।

কিয় মোৰ কণ্ঠ ৰোধ কৰা হৈছে বুলি প্ৰশ্ন চাদ্দাৰ।

উপ-দলপতি পদৰ পৰা অপসাৰনৰ পাছতে আম আদমী পাৰ্টিক উভতি ধৰিলে ৰাঘৱ চাদ্দাই।