Home Blog Page 54

Premdhar Sharma: বৰ্ষীয়ান ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল’লে পুলিন দাস স্মৃতি ৰক্ষা সমিতিয়ে

বৰ্ষীয়ান ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল'লে পুলিন দাস স্মৃতি ৰক্ষা সমিতিয়ে
বৰ্ষীয়ান ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল'লে পুলিন দাস স্মৃতি ৰক্ষা সমিতিয়ে

বৰ্ষীয়ান ক্ৰীড়া সাংবাদিক, (Premdhar Sharma) বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মা বাৰ্ধক্য জনিত কাৰণত দীৰ্ঘ দিন ধৰি শয্যাশায়ী হৈ আছে৷ তেখেতৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে ১১ অক্টোবৰ তাৰিখে ক্ৰীড়া মহীৰূহ পুলিন দাস স্মৃতি ৰক্ষা সমিতিয়ে স্বাস্থ্যৰ বুজ লবলৈ তেখেতৰ পাণবজাৰস্থিত বাসগৃহত উপস্থিত হয়৷

স্মৃতি ৰক্ষা সমিতিৰ সভাপতি নয়ন প্ৰসাদ, সম্পাদক কল্যাণ কুমাৰ দাস আৰু সদস্য পাৰ্থ চক্ৰৱৰ্তীয়ে তেখেতে অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰে৷ তদুপৰি স্মৃতি ৰক্ষা সমিতিয়ে তেখেতলৈ কিছু পৰিমাণে আৰ্থিক সাহাৰ্যও আগবঢ়োৱাৰ লগতে আশু আৰোগ্য কামনা কৰে৷

স্মৃতি ৰক্ষা সমিতিয়ে বৰ্ষীয়ান ক্ৰীড়া সাংবাদিকগৰাকীৰ চিকিৎসাৰ সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও ৰাজ্য চৰকাৰক অনুৰোধ জনায়৷

Tarun Gogoi Birth Anniversary: ছমৰীয়াৰ সোণতলীৰ ডেকাচাঙত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম জয়ন্তী পালন

ছমৰীয়াৰ সোণতলীৰ ডেকাচাঙত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম জয়ন্তী পালন
ছমৰীয়াৰ সোণতলীৰ ডেকাচাঙত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম জয়ন্তী পালন

ছমৰীয়াৰ সোণতলীৰ ডেকাচাঙত (Tarun Gogoi Birth Anniversary) প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম জয়ন্তী পালন। গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ উদ্যোগত বস্ত্ৰ, খাদ্য আৰু বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন।

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ডেকাচাঙস্থিত জবাল-ই ৰহমান একাডেমীত প্ৰয়াত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ জন্ম জয়ন্তী পালন কৰা হয়। আজি কামৰূপ জিলা গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ উদ্যোগত আয়োজন কৰা জন্ম জয়ন্তীৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ তৰফৰ পৰা দৰিদ্ৰ লোকৰ মাজত বস্ত্ৰ, খাদ্য আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে।

কাৰ্যসূচীত জেষ্ঠ কংগ্ৰেছী নেতা তথা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ২৭নং ছমৰীয়া সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা টিকট প্ৰত্যাশী ছাহজাহান আলীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বহুসংখ্যক বৃক্ষৰোপণ কৰে। বৃক্ষ ৰোপণৰ অন্তত বিদ্যালয় প্ৰাংগনত অনুষ্টুপীয়াকৈ এখন সভা অনুষ্ঠিত হয়।

গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ সদস্য কবিৰ আক্ৰাম হুছেইনৰ সঞ্চালনত অনুষ্ঠিত সভাত ছমৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি গোলজাৰ হুছেইন, গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ সদস্য হেফজুৰ ৰহমান, সদস্যা মৰ্জিনা বেগম প্ৰমুখ্যে সদস্য সকল, স্থানীয় মুৰব্বী, বিদ্যালয়ৰ খনৰ অধ্যক্ষ কলিম উদ্দিন আহমেদ, প্ৰমুখ্যে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সভাত প্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ একনিষ্ঠ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি শ্ৰোদ্ধাৰে সুঁৱৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰে।

Sualkuchi News: শুৱালকুছিত ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন

শুৱালকুছিত ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন
শুৱালকুছিত ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন

সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন (Sualkuchi News) সমিতি শুৱালকুছিৰ উদ্যোগত অহা ৫ নৱেম্বৰৰ পৰা অনুস্থিত হ’বলগীয়া ৩৩ সংখ্যক ৰাস মহোৎসৱৰ যোৱা শুকুৰবাৰে লাইখুঁটা স্থাপন কৰা হয়। শুৱালকুছি মাজটোল বালিচৰত সম্পূৰ্ণ মাঙ্গলিক পৰিবেশত লাইখুঁটা স্থাপন কৰে ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ৰাজীব লোচন সন্ত বাপে।উল্লেখ্য যে,অহা ৫ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ শুৱালকুছিৰ বালিচৰত উদযাপিত হ’ব ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ।

হায়দৰাবাদৰ শিল্পীৰে এইবেলি অত্যাধুনীক বিজুলীৰ চমকপ্ৰদ আলোক সজ্জাৰে সজাই টোলা হব ৰাস মহোৎসৱৰ মূল মন্দপ বৃন্দাবনৰ দৃশ্যাৱলী। আনহাতে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ নামত এক বিশেষ কাৰ্য্যসূচীও প্ৰস্তুত কৰা হ’ব বুলি সভাপতি ৰাজীৱ দাসে জানিবলৈ দিছে। লাইখুঁটা স্থাপন অনুস্থানত প্ৰাক্তন সভাপতি তথা বিশিষ্ট সমাজকৰ্মী দিনেশ বৈশ্য সমিতিৰ সম্পাদক ত্ৰয়ৰ লগতে শতাধিক ব্যক্তি উপস্থিত থাকে।

BAPS Swaminarayan Akshardham: বিশ্বৰ ২১ নং ভাষা হিচাপে সৎসংগ দীক্ষা গ্ৰন্থ অসমীয়ালৈ অনুবাদঃ জয়পুৰত দহ সহস্ৰ লোকৰ মাজত দিব্য উন্মোচন

বিশ্বৰ ২১ নং ভাষা হিচাপে সৎসংগ দীক্ষা গ্ৰন্থ অসমীয়ালৈ অনুবাদঃ জয়পুৰত দহ সহস্ৰ লোকৰ মাজত দিব্য উন্মোচন
বিশ্বৰ ২১ নং ভাষা হিচাপে সৎসংগ দীক্ষা গ্ৰন্থ অসমীয়ালৈ অনুবাদঃ জয়পুৰত দহ সহস্ৰ লোকৰ মাজত দিব্য উন্মোচন

বিশ্বৰ ভিতৰতে (BAPS Swaminarayan Akshardham) সনাতন ধৰ্মৰ সৰ্ববৃহৎ আৰু শক্তিশালী সংগঠন বিএপিএচ স্বামিনাৰায়ণ অক্ষৰধাম সংস্থাৰ সৰ্বোচ্চ সমাদৃত সংস্কৃত ধৰ্মগ্ৰন্থ সৎসংগদীক্ষাৰ অসমীয়া অনুবাদৰ সংস্কৰণ এটি জয়পুৰৰ স্বামিনাৰায়ণ মন্দিৰৰ দ্বিশতাব্দী মহোৎসৱত উন্মোচন কৰা হৈছে। যোৱা ৯ চেপ্তেম্বৰত বিএপিএচ স্বামিনাৰায়ণ সংস্থাৰ গুৰুহৰি, প্ৰকট ব্ৰহ্ম স্বামী শ্ৰীমহন্ত স্বামী মহাৰাজৰ কৰকমলৰ দ্বাৰা উন্মোচিত হোৱা সৎসংগ দীক্ষা গ্ৰন্থখন অসমীয়া ভাষালৈ অনুদিত হোৱাৰ পূৰ্বে পৃথিৱীৰ আন ২১ টা ভাষালৈ অনুবাদ হৈছিল।

উক্ত গ্ৰন্থখনৰ বিৰচক পূজ্য শ্ৰীমহান্ত স্বামী মহাৰাজ আৰু গ্ৰন্থখনৰ সংস্কৃত ভাষান্তৰ কৰিছিল নতুন দিল্লীৰ অক্ষৰধাম মন্দিৰৰ স্বামিনাৰায়ণ গৱেষণা কেন্দ্ৰৰ সঞ্চালক, মহামহোপাধ্যায় ড: ভদ্ৰেশ দাস স্বামীজীয়ে । অসমীয়া ভাষালৈ ভাবাৰ্থ সহ অনুবাদ কৰাত মুখ্য ভূমিকা লোৱা অসম সৎসংগ মণ্ডলৰ সম্পাদক কুশল কলিতাই জয়পুৰৰ স্বামিনাৰায়ণ মন্দিৰত উপস্থিত থাকি শ্ৰীমহান্ত স্বামী মহাৰাজৰ দিব্য স্পৰ্শৰে এই গ্ৰন্থখনৰ উন্মোচনৰ আনুষ্ঠানিকতা সম্পন্ন কৰে। উল্লেখযোগ্য যে বিএপিএচ স্বামিনাৰায়ণ অক্ষৰধাম সংস্থাৰ সুবিশাল হিন্দু সনাতন গ্ৰন্থ সমূহৰ মাজত সৎসংগ মণ্ডল অসমৰ উদ্যোগত এই গ্ৰন্থখনেই প্ৰথম খন গ্ৰন্থ হিচাপে অনুবাদিত হৈছে।

পূজ্য শ্ৰীমহান্ত স্বামী মহাৰাজৰ দ্বাৰা বিৰচিত এই গ্ৰন্থত ৩১৫ টা সংস্কৃত শ্লোক আছে । সংস্থাৰ অসম মণ্ডলৰ ক্ৰমে মহেন্দ্ৰ ডেকা, দীপক শৰ্মা আৰু তুলিকা চহৰীয়াই গ্ৰন্থখন অসমীয়া লিপিত আৰু ইয়াৰ ভাবাৰ্থ অসমীয়া ভাষাত লিখি সহযোগিতা আগবঢ়ায় । আনহাতে অসম মণ্ডলৰ অন্যতম সদস্য সঞ্জয় আগৰৱালাও জয়পুৰৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু সংস্থাৰ সনাতনী উদ্দেশ্যলৈ পৃষ্ঠপোষকতা কৰে। উল্লেখযোগ্য যে বিশ্বৰ ভিতৰত পঞ্চাশ হাজাৰৰো অধিক সৎসংগ কেন্দ্ৰ থকা সংস্থাটোৰ অসমৰ ভিতৰতে একমাত্ৰ কেন্দ্ৰটো মঙলদৈত অৱস্থিত আৰু উক্ত কেন্দ্ৰৰ জৰিয়তে মঙ্গলদৈত এটি সুবিশাল হিন্দু স্বামিনাৰায়ণ মন্দিৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।

Bhaskar Das: আন্তৰাষ্ট্ৰীয় মঞ্চত ভাৰতক প্ৰতিনিধিত্বৰে খ্যাতি অৰ্জন শিৱসাগৰৰ সন্তান ভাস্কৰ দাসৰ

আন্তৰাষ্ট্ৰীয় মঞ্চত ভাৰতক প্ৰতিনিধিত্বৰে খ্যাতি অৰ্জন শিৱসাগৰৰ সন্তান ভাস্কৰ দাসৰ
আন্তৰাষ্ট্ৰীয় মঞ্চত ভাৰতক প্ৰতিনিধিত্বৰে খ্যাতি অৰ্জন শিৱসাগৰৰ সন্তান ভাস্কৰ দাসৰ

শিৱসাগৰ জিলাৰ নাজিৰা (Bhaskar Das) চহৰৰ ৭ নং ৱাৰ্ডৰ স্থায়ী বাসিন্দা পিতৃ প্ৰয়াত ৰবিন চন্দ্ৰ দাসৰ সুযোগ্য সন্তান ভাস্কৰ দাসে আন্তৰ্জাতিক শ্ৰম সংস্থা’ৰ মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰি অসমৰ লগতে শিৱসাগৰ জিলালৈ কৃতিত্ব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইংৰাজী’ৰ ২০২৫ বৰ্ষ’ৰ অহা ১৪ অক্টোবৰ’ৰ পৰা ১৭ অক্টোবৰ’লৈ ছিংগাপুৰত অনুষ্ঠিত হ’বলগীয়া আন্তৰ্জাতিক শ্ৰম সংস্থা’ৰ আন্তঃৰাষ্ট্ৰীয় ট্ৰেইনিং চেণ্টাৰ’ৰ অধীনত আয়োজিত আন্তৰ্জাতিক প্ৰশিক্ষণ কাৰ্যসূচী ফেচ টু ফেচ কমপোনেণ্ট ‘ৰ বাবে নিৰ্বাচিত হৈ প্ৰথমজন অসমীয়া হিচাপে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। ১৫ দিনীয়া কঠোৰ ভাৰ্চিৱেল ট্ৰেইনিং প্ৰগে’ম’ৰ সফল সমাপ্তিৰ পাছত ভাস্কৰ দাসে উক্ত স্বীকৃতি লাভ কৰিছে।

উল্লেখ্য যে ভাস্কৰ দাসে বৰ্তমান অ’.এন.জি.চি. অসম সম্পদৰত কৰ্মৰত হৈ থকা’ৰ লগতে অ’.এন.জি.চি. শ্ৰমিক এছ’চিয়েচন, ভাৰতীয় মজদুৰ সংঘ, অসম প্ৰদেশৰ সাধাৰণ সম্পাদকৰ দায়িত্ব বহন কৰি আছে। বিগত ১৫ বছৰ ধৰি তেওঁ অসমৰ অন্যান্য সংগঠিত-অসংগঠিত ক্ষেত্ৰৰ কৰ্মচাৰীসকলৰ উন্নয়ন আৰু শ্ৰমিক সমাজৰ কল্যাণৰ হকে অক্লান্তভাৱে কাম কৰি অহাৰ লগতে বিভিন্ন সময়ত শ্ৰমিকৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে এক উচ্চ আৰু নিৰ্ভীক কণ্ঠ হিচাপে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আহিছে।আনহাতে ভাস্কৰ দাস শৈক্ষিকভাৱেও অতি সুদক্ষ। তেখেত শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

Zubeen Garg Death Case: গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে জুবিনৰ সৈতে তৰ্কত লিপ্ত হৈছিল সিদ্ধার্থ শৰ্মা !

গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে জুবিনৰ সৈতে তৰ্কত লিপ্ত হৈছিল সিদ্ধার্থ শৰ্মা !
গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে জুবিনৰ সৈতে তৰ্কত লিপ্ত হৈছিল সিদ্ধার্থ শৰ্মা !

SITৰ জেৰাত সিদ্ধাৰ্থ শৰ্মাৰ বিস্ফোৰক (Zubeen Garg Death Case) স্বীকাৰোক্তি। জুবিন গাৰ্গৰ সৈতে বহুবাৰ মনোমালিন্য হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ।এই কথা স্বীকাৰ সিদ্ধাৰ্থ শৰ্মাৰ। জুবিন গাৰ্গৰ অনিচ্ছাৰ পিছতো এদিনত দুটাকৈ অনুষ্ঠান ৰাখিছিল সিদ্ধাৰ্থে। বিগত দুটা বছৰৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি হৈছিল জুবিন-সিদ্ধাৰ্থৰ মনোমালিন্য। SITৰ জেৰাত স্বীকাৰ সিদ্ধাৰ্থ শৰ্মাৰ।

পত্নী গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে বহুবাৰ জুবিন গাৰ্গৰ সৈতে তৰ্কত লিপ্ত হৈছিল সিদ্ধার্থ শৰ্মা। জুবিন গাৰ্গক সম্পূৰ্ণৰূপে মেচিন কৰি তুলিছিল সিদ্ধার্থ শর্মাই। টকা ঘটাৰ সম্পূৰ্ণ মাধ্যমৰূপে ব্যৱহাৰ কৰিছিল দগাবাজ সিদ্ধার্থ শর্মাই। সিদ্ধার্থ শৰ্মাৰ এই চক্রান্তত পূর্ণ সহযোগ আছিল শেখৰজ্যোতি গোস্বামীৰ। শেখৰজ্যোতি আৰু সিদ্ধার্থে পৰিকল্পিতভাবে কৰিছিল সকলো কাম। অন্য লোকে জুবিন গাৰ্গৰ ঘনিষ্ঠ হোৱাৰ উমান পালে আঁতৰোৱাৰ চেষ্টা চলাইছিল সিদ্ধাৰ্থ, শ্যামকানুৱে। SITৰ জেৰাত এটা এটাকৈ স্বীকাৰোক্তি দিছে দুই অভিযুক্তই।

Zubeen Garg: জুবিনৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ ৰাইজলৈ বিশেষ আহ্বান…

জুবিনৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ ৰাইজলৈ বিশেষ আহ্বান
জুবিনৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ ৰাইজলৈ বিশেষ আহ্বান

বৃহস্পতিবাৰে নিশা প্ৰাণৰ শিল্পী (Zubeen Garg) জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ অসমবাসীক বিশেষ আহ্বান জনালে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।

স্বামীৰ সমাধিক্ষেত্ৰত মায়াবিনী গাই উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ।

কান্দি কান্দি ৰাইজক ক’লে, ‘আপোনালোকে জুবিনৰ ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰিব।’

‘সামাজিক মাধ্যমত সকলোৱে প্ৰতিদিনে এবাৰ লিখিব #JusticeForZubeenGarg।’

‘জুবিনৰ সৈতে কি হৈছিল আমি জানিব লাগিব’

‘জুবিনৰ লগত কি ঘটি গ’ল আমি নাজানিলো, কিন্তু আপোনালোকে ছ’চিয়েল মিডিয়াত লিখিবট

‘খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছো’

‘গতিকে ন্যায় আমি পাব লাগিব’

‘অশান্তি বিচৰা নাই, শান্তিপূৰ্ণভাৱে যাতে আমাক ন্যায় দিয়ে’


Zubeen Garg: আহি পালে জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট…

আহি পালে জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট
আহি পালে জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট

আহি পালে জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট। (Zubeen Garg)

দিল্লীৰ CFSLৰ পৰা ৰিপ’ৰ্ট লাভ কৰিলে CID-এ।

গুৱাহাটীৰ পৰা যোৱা CIDৰ বিষয়াৰ হাতত অৰ্পণ ভিছেৰা ৰিপ’ৰ্ট।

আজি SIT-এ লাভ কৰিব এই ৰিপ’ৰ্ট।

ৰিপ’ৰ্টৰ সবিশেষ আজি গৰিমা শইকীয়া গাৰ্গক অৱগত কৰিব CID-এ।

ৰাজহুৱাভাৱে প্ৰকাশ কৰা নহয় ভিচেৰা ৰিপৰ্ট।

Nobel Peace Prize 2025: ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা ঘোষণা, মাৰিয়া কৰিনা মাচাডোলৈ শান্তিৰ ন’বেল

মাৰিয়া কৰিনা মাচাডোলৈ শান্তিৰ ন’বেল
মাৰিয়া কৰিনা মাচাডোলৈ শান্তিৰ ন’বেল

২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা ঘোষণা। (Nobel Peace Prize 2025) ভেনিজুৱেলাৰ অভিযন্তা মাৰিয়া কৰিনা মাচাডোলৈ শান্তিৰ ন’বেল। নৰৱেৰ ন’বেল কমিটীয়ে ঘোষণা কৰিলে ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল। গণতান্ত্রিক অধিকাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অক্লান্ত প্রয়াসৰ স্বীকৃতি।(Maria Corina Machado)

দেশৰ গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ বাবে শান্তিপূৰ্ণ সংগ্ৰাম আৰু একনায়কত্ববাদী শাসনৰ অন্ত পেলোৱাৰ অভিযানৰ বাবে তেওঁক সন্মান জনোৱা হৈছে। মাচাডোৱে দীৰ্ঘদিন ধৰি ভেনিজুৱেলাত স্বৈৰাচাৰী ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দি আহিছে। হিংসা বা সশস্ত্ৰ প্ৰতিবাদৰ পৰিৱৰ্তে শান্তিপূৰ্ণ গণ আন্দোলন আৰু ৰাজনৈতিক আলোচনাৰ জৰিয়তে পৰিৱৰ্তন সাধন কৰিবলৈ বাছি লৈছিল।

নোবেল কমিটীয়ে তেওঁৰ এই প্ৰচেষ্টাক “গণতান্ত্ৰিক মূল্যবোধৰ বিশ্বব্যাপী প্ৰতিৰক্ষাৰ প্ৰতীক” বুলি অভিহিত কৰিছে। ভেনিজুৱেলাত গণতন্ত্ৰৰ প্ৰতি উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে এই বঁটা প্ৰদান কৰা হৈছে আৰু মাচাডোৰ সংগ্ৰামে তাত নাগৰিক সমাজক শক্তিশালী কৰি তুলিছে। এই ঘোষণাই ড’নাল্ড ট্ৰাম্পৰ নোবেল বঁটা লাভৰ সপোন ভাঙিলে।

Himanta Biswa Sarma: মোৰ কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে একোৱেই নাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মোৰ কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে একোৱেই নাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মোৰ কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে একোৱেই নাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজি ডিব্ৰুগড়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়-(Himanta Biswa Sarma)

‘মোক কোনো এটকাও সম্পত্তি নাই’

‘দৰমহাৰ বাদে একোৱেই নাই’

‘বাইদেউৱে কাম কৰি খায়’

‘চুৰি কৰিতো নাখায়’

‘ভালকৈ কাম কৰি খোৱাত আপত্তি কাৰ আছে’

‘হিমন্ত বিশ্ব শৰ্মা এক বেলেগ ধৰণৰ মানুহ’

‘সম্পত্তিয়ে একো কৰিব নোৱাৰে মোক’

মিঠাতেলৰ প্ৰসংগতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়-

‘মিঠাতেল দিম বুলি কওঁতে কংগ্ৰেছৰ ব্যক্তিসকলে ইতিকিং কৰিছে’

‘গৌৰৱ গগৈৰ সন্তানে ইংলেণ্ডত ছানফ্লাৱাৰ তেল খায়’

‘গতিকে মিঠাতেলৰ ভেল্যু গৌৰৱ গগৈয়ে নুবুজে’