Home Blog Page 55

মন্ত্ৰী বিধায়কে কৰিব নোৱাৰা কাম কৰি দেখুৱালে সমাজ সচেতন লোকে

মন্ত্ৰী বিধায়কে কৰিব নোৱাৰা কাম কৰি দেখুৱালে সমাজ সচেতন লোকে
মন্ত্ৰী বিধায়কে কৰিব নোৱাৰা কাম কৰি দেখুৱালে সমাজ সচেতন লোকে

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ কাপলাবড়ীত জৰাজীৰ্ণ পথ মেৰামতি কৰিলে মিলিজুলি বেপাৰী সন্থা আৰু ট্ৰেক্টৰ সন্থাই।
নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ কাপলাবড়ীৰ পৰা কাপলাবড়ী পাৰঘাট হৈ চৰাঞ্চলৰ তিনিখন মূল পঞ্চায়তলৈ যোৱা মুখ্য পথটো বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ আছিল। জৰাজীৰ্ণ পথৰ ফলত কুৰিহামাৰী,শিয়ালমাৰী আৰু কালাৰচৰ পঞ্চায়তক সামৰি বৃহত্তৰ চৰাঞ্চলৰ লোকে বেহা-বেপাৰকে ধৰি দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় কামলৈ নিতৌ অহা-যোৱা কৰোঁতে যমৰ যন্ত্ৰনা ভুগিবলগীয়া হৈছিল।

সাধাৰণ পথচাৰীৰ যন্ত্ৰনা সহিব নোৱাৰা মিলিজুলি বেপাৰী সন্থা আৰু ট্ৰেক্টৰ সন্থাই বৰক্ষেত্ৰী সমষ্টিৰ উক্ত জৰাজীৰ্ণ পথটো গাঁঠিৰ ধন ভাঙি মেৰামতি কৰি ৰাইজৰ দুৰ্ভোগৰ অন্ত পেলায় আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে।উল্লেখ্য যে উক্ত অতি ব্যস্ততাপূৰ্ণ পথটো বিভাগীয়ভাৱে চৰকাৰী আঁচনিৰ অধীনত মেৰামতি কৰা হোৱা নাই যদিও একাংশ লোকে উক্ত পথটো চৰকাৰী আঁচনিৰ অধীনত মেৰামতি কৰা বুলি ৰাজনৈতিক ৰহণ সানিব বিচৰাত অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Anand Mishra: অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব আনন্দ মিশ্ৰ

Anand Mishra: অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব আনন্দ মিশ্ৰ
Anand Mishra: অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব আনন্দ মিশ্ৰ

অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব আনন্দ মিশ্ৰ।(Anand Mishra)

তিনিচুকীয়া, লখিমপুৰ আৰু নগাঁৱত চলাব প্ৰচাৰ অভিযান।

৫ এপ্রিলত তিনিচুকীয়াত বিজেপি প্রার্থী পুলক গোহাঁই হৈ চলাব প্ৰচাৰ।

৬ এপ্ৰিলত লখিমপুৰত লখিমপুৰৰ বিজেপি প্রার্থী মানৱ ডেকাৰ হৈ চলাব প্ৰচাৰ।

৭ এপ্ৰিলত নগাঁৱত বিজেপি প্রার্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলাব।

অসমত ঘোষণা হ’ল ড্ৰাই ডে’: ৭ এপ্ৰিলৰ পৰা ড্ৰাই ডে’ ঘোষণা

অসমত ঘোষণা হ'ল ড্ৰাই ডে': ৭ এপ্ৰিলৰ পৰা ড্ৰাই ডে’ ঘোষণা
অসমত ঘোষণা হ'ল ড্ৰাই ডে': ৭ এপ্ৰিলৰ পৰা ড্ৰাই ডে’ ঘোষণা

ৰাজ্যজুৰি ঘোষণা হ’ল ড্ৰাই ডে’।

৭ এপ্ৰিলৰ পৰা ড্ৰাই ডে’ ঘোষণা।

৭ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ সন্ধিয়া ৫ বজা পৰ্যন্ত ড্ৰাই ডে’ ঘোষণা।

নিৰ্দেশ অমান্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লব প্ৰশাসনে।

নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নলবাৰীত ‘ড্রাই ডে’ ঘোষণা।

আনহাতে ভোট গণনাৰ দিনটোতো (৪ মে’) থাকিব ‘ড্রাই ডে’।

ভোট গণনা শেষ নোহোৱা পর্যন্ত বলবৎ থাকিব এই নিষেধাজ্ঞা।

মাৰ্ঘেৰিটাত ভক্তি আৰু উলহ-মালহেৰে পালন হনুমান জয়ন্তী

মাৰ্ঘেৰিটাত ভক্তি আৰু উলহ-মালহেৰে পালন হনুমান জয়ন্তী
মাৰ্ঘেৰিটাত ভক্তি আৰু উলহ-মালহেৰে পালন হনুমান জয়ন্তী

‘জয় শ্ৰীৰাম’ ধ্বনিৰে মুখৰিত মাৰ্ঘেৰিটা।

ভক্তি আৰু উলহ-মালহেৰে পালিত পৱিত্ৰ হনুমান জয়ন্তী।

সমগ্ৰ দেশৰ লগতে আজি মাৰ্ঘেৰিটাতো অত্যন্ত ভক্তিপূৰ্ণ তথা আধ্যাত্মিক পৰিৱেশত পালন কৰা হয় পৱিত্ৰ হনুমান জয়ন্তী।

ৰামভক্ত হনুমানৰ জন্মোৎসৱক কেন্দ্ৰ কৰি আজি পুৱাৰে পৰা মাৰ্ঘেৰিটাৰ আকাশ-বতাহ মুখৰিত হৈ পৰে।

​হনুমান জয়ন্তীৰ এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটাৰ ৰাজপথত উলিওৱা হয় এক বিশাল ধৰ্মীয় শোভাযাত্ৰা।

​সমদলত অংশগ্ৰহণ কৰা হাজাৰ হাজাৰ ভক্তৰ ‘জয় শ্ৰীৰাম’ আৰু ‘জয় হনুমান’ ধ্বনিৰে অঞ্চলটোত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়।

গেৰুৱা পতাকা আৰু শংখ-ঘণ্টাৰ ধবনিৰে মাৰ্ঘেৰিটাৰ মূল পথসমূহ এক আধ্যাত্মিক সুৰত বিলীন হৈ পৰে।

​​উৎসৱৰ দিনটোত অঞ্চলটোৰ মন্দিৰসমূহতো দেখিবলৈ পোৱা যায় ভক্তৰ ভিৰ।

​”মাৰ্ঘেৰিটাৰ এই বিশাল সমদলে কেৱল ধৰ্মীয় আৱেগকেই প্ৰতিফলিত কৰা নাই, বৰঞ্চ অঞ্চলটোৰ ভক্তি আৰু একতাৰ নিদৰ্শনো দাঙি ধৰিছে।”

​হনুমান জয়ন্তী উপলক্ষে সমগ্ৰ মাৰ্ঘেৰিটা নগৰত এক বিশেষ উছাহ-উদ্দীপনা দেখিবলৈ পোৱা যায়।

স্থানীয় ৰাইজৰ লগতে বিভিন্ন ধৰ্মীয় সংগঠনৰ সহযোগত এইবাৰৰ জয়ন্তী অত্যন্ত সাফল্যমণ্ডিত হৈ উঠে।

প্ৰতিকূল বতৰকো নেওচি দুলীয়াজানত মুখ্যমন্ত্ৰীৰ বিশাল নিৰ্বাচনী সভা

প্ৰতিকূল বতৰকো নেওচি দুলীয়াজানত মুখ্যমন্ত্ৰীৰ বিশাল নিৰ্বাচনী সভা
প্ৰতিকূল বতৰকো নেওচি দুলীয়াজানত মুখ্যমন্ত্ৰীৰ বিশাল নিৰ্বাচনী সভা

প্ৰতিকূল বতৰকো নেওচি দুলীয়াজানত মুখ্যমন্ত্ৰীৰ বিশাল নিৰ্বাচনী সভা। ধাৰাসাৰ বৰষুণ আৰু প্ৰতিকূল বতৰৰ বাবে পূৰ্বনিৰ্ধাৰিত সূচীৰ কিছু সালসলনি ঘটিলেও, আজি দুলীয়াজানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভাত জনতাৰ উছাহ আছিল লক্ষ্যণীয়। উল্লেখ্য যে, আজিৰ এই বিশাল সভাখন প্ৰথমে দুলীয়াজানৰ দিৰিয়েল চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ধাৰাসাৰ বৰষুণৰ ফলত খেলপথাৰখন ব্যৱহাৰৰ অনুপযোগী হৈ পৰাত পৰৱৰ্তী সময়ত সভাখন কছাৰী পথাৰ ৰাজহুৱা খেলপথাৰলৈ স্থানান্তৰ কৰা হয়।

​কছাৰী পথাৰৰ এই বিশাল জনসভাত বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে: দুলীয়াজানৰ মহিলাসকলৰ বাবে অতিৰিক্ত ১০ হাজাৰ অৰুণোদয় আঁচনি আৰু মহিলা উদ্যমিতা বিকাশৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। চৰকাৰী খণ্ডত ২ লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দোহাৰি তেওঁ ৰাজ্যৰ যুৱ প্ৰজন্মৰ উন্নয়নৰ কথা উল্লেখ কৰে।

​বিৰোধী দল কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, “কংগ্ৰেছৰ ৰাজনীতি কেৱল ধূতি, কম্বল, লুঙী আৰু সূতা বিতৰণতে সীমাবদ্ধ। কিন্তু বিজেপিয়ে চাকৰি আৰু আঁচনিৰ জৰিয়তে ৰাইজক স্বাৱলম্বী কৰাত বিশ্বাস কৰে।”

​প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ মৰ্যাদা বৃদ্ধিৰ ইংগিত দি মুখ্যমন্ত্ৰী ড° শৰ্মাই ঘোষণা কৰে যে যদি দুলীয়াজানৰ ৰাইজে তেলীক জয়ী কৰি বিধানসভালৈ পঠিয়ায়, তেন্তে তেওঁক বিধানসভাত এখন উচ্চ আসন (মৰ্যাদাপূৰ্ণ স্থান) প্ৰদান কৰা হ’ব।
​প্ৰতিকূল বতৰকো নেওচি কছাৰী পথাৰত সমবেত হোৱা সহস্ৰাধিক লোকে আগন্তুক নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ শক্তিৰ পৰিচয় দিছে।

বকোত এন পি পিৰ নিৰ্বাচনী কাৰ্যালয় মুকলিঃ উপস্থিত ৰাষ্ট্ৰীয় উপ-সভাপতি, মেঘালয়ৰ মন্ত্ৰী

বকোত এন পি পিৰ নিৰ্বাচনী কাৰ্যালয় মুকলিঃ উপস্থিত ৰাষ্ট্ৰীয় উপ-সভাপতি, মেঘালয়ৰ মন্ত্ৰী
বকোত এন পি পিৰ নিৰ্বাচনী কাৰ্যালয় মুকলিঃ উপস্থিত ৰাষ্ট্ৰীয় উপ-সভাপতি, মেঘালয়ৰ মন্ত্ৰী

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতাও বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

বুধবাৰে এন পি পি দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা মণিপুৰ ৰাজ্যৰ প্ৰাক্তন বিধায়ক ইৰেংবাম হেমচন্দ্ৰ সিং, মেঘালয়ৰ জনস্বাস্থ্য কাৰিকৰী দপ্তৰৰ মন্ত্ৰী মাৰকিউচ এন মাৰাকে বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ এন পি পি দলৰ প্ৰাৰ্থী জি বি চাংমাৰ হৈ দিনযোৰা কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে গধূলি বকোৰ মাজমজিয়াত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এন পি পি দলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয় মুকলি কৰে।

কাৰ্যালয় মুকলি অনুষ্ঠানত নিজৰ ভাষণ প্ৰসংগত হেম’চন্দ্ৰ সিংয়ে ৰাইজৰ এন পি পি দলৰ প্ৰতি থকা আকৰ্ষণ দেখি অভিভূত হৈ পৰা বুলি মন্তব্য কৰাৰ লগতে এন পি পি দলৰ সদস্য সকলক অধিক কষ্ট কৰাৰ বাবে আহ্বান জনাই।

মধ্য গুৱাহাটীৰ AJPৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ মুখ্যমন্ত্ৰীৰ

কুংকী চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ মুখ্যমন্ত্ৰীৰ
কুংকী চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ মুখ্যমন্ত্ৰীৰ

খোৱাঙৰ পৰা লুৰিণজ্যোতি গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ। খোৱাঙত চক্ৰ গগৈৰ হৈ নিৰ্বাচনী ব্যাপক প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে। ৪০ হাজাৰ ভোটত খোৱাং সমষ্টিত চক্ৰ গগৈ বিজয় হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তিনি গগৈৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ। আনহাতে আমাৰ আমাৰ তিনি গগৈ ৰাইজৰ লগত থাকে বুলি কয়।লুৰিণজ্যোতি গগৈৰ ওপৰত ডাঙৰ অভিযোগ আনে মুখ্যমন্ত্ৰীয়ে।

লুৰিণজ্যোতি গগৈয়ে প্ৰাৰ্থীত্ব দিয়া মধ্য গুৱাহাটীৰ AJPৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। গো মাংস ভক্ষণৰ ফটো সামাজিক মাধ্যমত দি কুংকী চৌধুৰীৰ মাতৃ চুজাতা চৌধুৰীয়ে সনাতনী পৰম্পৰাক অপমান কৰিছে। পাকিস্তান ভাৰতৰ শত্ৰু নহয় বুলি পোষ্ট দি চিকেন নেক কটাৰহুংকাৰ দিয়া চাৰ্জিল ইমাম আৰু উমৰ খালিদক সমৰ্থন সুজাতা চৌধুৰীৰ। লুৰিণজ্যোতি গগৈক এই প্ৰত্যাহ্বান প্ৰত্যাখ্যান কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

অগপৰ নিৰ্বাচনী সংকল্প পত্ৰত জুবিন গাৰ্গৰ স্মৃতিত সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি

অগপৰ নিৰ্বাচনী সংকল্প পত্ৰত জুবিন গাৰ্গৰ স্মৃতিত সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি
অগপৰ নিৰ্বাচনী সংকল্প পত্ৰত জুবিন গাৰ্গৰ স্মৃতিত সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি

জুবিন গাৰ্গৰ স্মৃতিত সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি অগপৰ।

জুবিন ক্ষেত্ৰ বিশ্বমানৰ হিচাপে নিৰ্মাণৰ বাবেও অগপই ল’ব পদক্ষেপ।

নিৰ্বাচনী সংকল্প পত্ৰৰ জৰিয়তে ঘোষণা অগপৰ।

অগপৰ নিৰ্বাচনী সংকল্প পত্ৰত উল্লেখ আছে যে অসম গণ পৰিষদ দলে অসমীয়া ভাষা আৰু সংস্কৃতিৰ লগতে সকলো থলুৱা ভাষা তথা সংস্কৃতিৰ উন্নয়ন, বিকাশত গুৰুত্ব দিব। জুবিন গাৰ্গৰ নামেৰে এটা সাংস্কৃতিক গৱেষণা কেন্দ্ৰ আৰু এটা বিশাল অত্যাধুনিক সাংস্কৃতিক কেন্দ্র গঢ়ি তোলাত গুৰুত্ব প্রদান কৰিব। গুৱাহাটীৰ সোণাপুৰৰ জুবিন ক্ষেত্রক অসমৰধ স্বাভিমান প্রতিফলিত হোৱাকৈ নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট পক্ষক দৃষ্টিগোচৰ কৰিব। ভাৰতৰ প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়সমূহত অসমৰ মহান মনীষীসকলৰ নামত আসন প্রতিষ্ঠা কৰিবলৈ গুৰুত্ব প্রদান কৰিব।

সট্টা বজাৰত অসম নিৰ্বাচনৰ গৰম—এনডিএক আগবঢ়াই ভৱিষ্যৎ বাণী

সট্টা বজাৰত অসম নিৰ্বাচনৰ গৰম—এনডিএক আগবঢ়াই ভৱিষ্যৎ বাণী
সট্টা বজাৰত অসম নিৰ্বাচনৰ গৰম—এনডিএক আগবঢ়াই ভৱিষ্যৎ বাণী

সট্টা বজাৰত আহিবলৈ আৰম্ভ কৰিছে অসম নিৰ্বাচনৰ বাতৰি।

সট্টা বজাৰৰ ভৱিষ্যৎ বাণী এনডিএ য়ে লাভ কৰিব ৯০-৯৪খন আসন।

অসমত ব্যাপক নিৰ্বচানী প্ৰচাৰ চলি থকাৰ সময়ত ভাৰতৰ সট্টা বজাৰলৈ আহিছে অসম নিৰ্বাচনৰ তুলচনী। ফল’দী সট্টা বজাৰত এনডিএক প্ৰদান কৰা হৈছে ৯০-৯৪খন আসন আৰু বিৰোধী ঐক্যক প্ৰদান কৰা হৈছে ২৬-৩০ খন আসন।

আনহাতে সট্টা মক্কাত চলিছে আন এক দৰদাম। অসমৰ মুখ্যমন্ত্ৰী কোন হ’ব। গৌৰৱ গগৈৰ দৰদামত ১টকাত প্ৰদান কৰা মূল্য হৈছে ১.৮৫ টকা আৰু হিমন্ত বিশ্ব শৰ্মাৰ ১ টকাত মূল্য হৈছে ৪৫ পইচা। ই স্পষ্ট সংকেত প্ৰদান কৰিছে যে সট্টা মক্কাত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম সকলোতকৈ বেছি চৰ্চাত আছে। আচৰিত কথাটো হ’ল সট্টা মক্কাত প্ৰথমবাৰলৈ অসমৰ নিৰ্বাচনত নাম আহিছে অখিল গগৈৰো।
অখিল গগৈৰ মূল্য ১ টকাত ৩.২০ পইচা।

অৱশ্যে অবৈধ বজাৰ কেইখনত ভিন্ন সময়ত ৰাজস্থান আৰক্ষীয়ে অভিযান চলাই আছে যদিও, এই দিশত সফল হ’ব পৰা নাই।

টেলিভিছনৰ পৰা ডাঙৰ পৰ্দালৈঃ কঠিন পথৰ মাজতো থমকি নাথকা অভিনেতা সুশোভন সোনু ৰায়

টেলিভিছনৰ পৰা ডাঙৰ পৰ্দালৈঃ কঠিন পথৰ মাজতো থমকি নাথকা অভিনেতা সুশোভন সোনু ৰায়
টেলিভিছনৰ পৰা ডাঙৰ পৰ্দালৈঃ কঠিন পথৰ মাজতো থমকি নাথকা অভিনেতা সুশোভন সোনু ৰায়

অভিনেতা আৰু মডেল সুশোভন সোনু ৰায় টেলিভিছন, মডেলিং আৰু চলচ্চিত্ৰ—এই তিনিটা মাধ্যমতে কাম কৰি আহিছে। টেলিভিছন ধাৰাবাহিকৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। তাৰ পিছত তেওঁ মডেলিং ক্ষেত্ৰতো কাম কৰে আৰু চলচ্চিত্ৰতো দেখা যায়। হাওড়াত জন্ম হোৱা আৰু কলকাতা তথা গুৱাহাটী মাজত ডাঙৰ হোৱা সুশোভনৰ বাবে অভিনয় ক্ষেত্ৰত প্ৰৱেশ কৰাৰ পথ বিভিন্ন অভিজ্ঞতা আৰু প্ৰচেষ্টাৰ মাজেৰে আগবাঢ়ে।

সুশোভনৰ জন্ম হাওড়াত হৈছিল আৰু তেওঁৰ শৈশৱ কলকাতা আৰু গুৱাহাটী মাজত কটাইছিল। সৰু বয়সতে পিতৃৰ মৃত্যুৰ পিছত পৰিয়ালৰ দায়িত্ব তেওঁৰ মাতৃৰ ওপৰত আহি পৰে। একমাত্ৰ সন্তান হোৱাৰ বাবে তেওঁৰ লালন-পালন আৰু শিক্ষাৰ দায়িত্বো তেওঁৰ মাতৃয়েই সামলালে।


সৰু বয়সৰ পৰা সাংস্কৃতিক কাৰ্যকলাপৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল। নৃত্যৰ জৰিয়তে তেওঁ পৰফৰ্মিং আৰ্টছৰ সৈতে জড়িত হয়। এটা নৃত্য প্ৰতিষ্ঠানত প্ৰায় দুবছৰ ধৰি তেওঁ ৱেষ্টাৰ্ণ ডান্সৰ প্ৰশিক্ষণ লয়, য’ত পপ শৈলী তেওঁৰ প্ৰিয় আছিল। এই সময়ছোৱাত তেওঁ বিভিন্ন মঞ্চ অনুষ্ঠানতো অংশগ্ৰহণ কৰে। মাতৃৰ ইচ্ছা আছিল তেওঁ সংগীত শিকে, কিন্তু তেওঁৰ আগ্ৰহ নৃত্যৰ প্ৰতি বেছি আছিল। দমদম মতিঝিল ৰবীন্দ্ৰ মহাবিদ্যালয়ৰ পৰা বাণিজ্যত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ অভিনয়ক পেচা হিচাপে বাছি লয়। তাৰ পিছত তেওঁ বিভিন্ন প্ৰকল্পৰ বাবে মুম্বাইত অডিশন দিয়ে। পাছত কলকাতালৈ উভতি পৰিচালক আৰু প্ৰযোজক পীয়ুষ সাহাৰ নিৰ্দেশনাত অভিনয় কৰ্মশালাত অংশগ্ৰহণ কৰে, য’ত তেওঁ অভিনয়ৰ প্ৰাথমিক প্ৰশিক্ষণ লাভ কৰে।

২০১৯ চনত আকাশ আট চেনেলৰ ধাৰাবাহিক “আনন্দময়ী মা”ৰ জৰিয়তে তেওঁ টেলিভিছনত অভিনয়ৰ আৰম্ভণি কৰে। প্ৰয়াত পৰিচালক দেবিদাস ভট্টাচাৰ্যৰ নিৰ্দেশনাত তেওঁ এজন বৈষ্ণৱ ভক্তৰ চৰিত্ৰত অভিনয় কৰে। তাৰ পিছত তেওঁ ষ্টাৰ জলসাৰ ধাৰাবাহিক “মোহৰ” আৰু “কোড়াপাখি”ত দেখা যায়। “কোড়াপাখি”ত তেওঁ কৰা নেতিবাচক চৰিত্ৰটো তেওঁৰ অভিনয় অভিজ্ঞতাৰ এটা অংশ হৈ পৰে। ইয়াৰ উপৰিও জি বাংলাৰ “যমুনা ঢাকি” আৰু ষ্টাৰ জলসাৰ “তিতলি” আৰু “খেলাঘৰ”তো তেওঁ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে।

কোভিড-১৯ মহামাৰীৰ সময়ত টেলিভিছন উদ্যোগৰ কাম কিছু সময়ৰ বাবে ধীৰ হৈ পৰাত তেওঁ আন ক্ষেত্ৰতো কাম আৰম্ভ কৰে। ২০২৩ চনত তেওঁ মডেলিং ক্ষেত্ৰত কাম আৰম্ভ কৰে আৰু বিভিন্ন ব্ৰেণ্ডৰ সৈতে যুক্ত হয়। ইয়াৰ ভিতৰত হ’লিডে ইন হোটেল, ডাবৰ, টাইটান আই+, ভেল’চিটি আইৱেৰ, আমাজন, স্পেঞ্চাৰ’স, কেম্পাছ শুজ, বিগ বজাৰ, বায়োটিক আৰু ফিয়ামা ডি উইলছ আদি নাম উল্লেখযোগ্য। একে সময়তে কলকাতাত অনুষ্ঠিত “এথনিক এলিগেন্স ২০২৫” প্ৰতিযোগিতাত তেওঁ প্ৰথম ৰানাৰ-আপ হয়।

টেলিভিছনত কাম কৰাৰ পিছত তেওঁ চলচ্চিত্ৰতো পদাৰ্পণ কৰে। বাংলা চলচ্চিত্ৰ “টেক কেয়াৰ ভালবাসা”ত ‘জয়’ নামৰ চৰিত্ৰৰ জৰিয়তে তেওঁ ডাঙৰ পৰ্দাত অভিনয় কৰে। চাৰি বন্ধুৰ জীৱন, তেওঁলোকৰ পাৰস্পৰিক সম্পৰ্ক আৰু সময়ৰ সৈতে হোৱা পৰিবৰ্তনৰ ওপৰত আধাৰিত এই কাহিনীত ‘জয়’ এটা গুৰুত্বপূর্ণ চৰিত্ৰ হিচাপে দেখা যায়। ছবিখনত এই চৰিত্ৰটো কেতিয়াবা সংযত, কেতিয়াবা দ্বিধাগ্ৰস্ত ৰূপত দেখা যায় আৰু কেতিয়াবা বন্ধুত্বৰ প্ৰতি সহজ আৰু স্বাভাৱিক ব্যৱহাৰৰ সৈতে কাহিনীৰ ঘটনাক্ৰমৰ সৈতে জড়িত হৈ থাকে।