Home Blog Page 55

Himanta Biswa Sarma: জুবিন গাৰ্গৰ নামত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰততো উদাহৰণ নাইঃ মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ নামত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰততো উদাহৰণ নাইঃ মুখ্যমন্ত্ৰী
জুবিন গাৰ্গৰ নামত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰততো উদাহৰণ নাইঃ মুখ্যমন্ত্ৰী

প্ৰাণৰ শিল্পী জুবিন (Himanta Biswa Sarma)গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত বহুকেইটা কথা কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজি আমাৰ চৰকাৰখনে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বাবে যিমানখিনি কৰিছে কংগ্ৰেছ থাকিলে তাৰ ১০ শতাংশও নহ’লহেঁতেন৷ ড° ভূপেন হাজৰিকাৰ অন্তিম সংস্কাৰ কৰিবলৈ কংগ্ৰেছে মাটিডোখৰ বিচাৰি উলিয়াওঁতে তিনিদিন সময় লগাইছিল৷ সুধাকণ্ঠৰ নশ্বৰ দেহত সন্মান জনাবলৈ সেই সময়ত এজনো কেন্দ্ৰীয় মন্ত্ৰী অহা নাছিল৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘আমি ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছোঁ , ৰাইজে যিসকলক সন্দেহ কৰিছিল সকলোকে আমি গ্ৰেপ্তাৰ কৰিছোঁ, গতিকে কোনে আশা কৰিছিলে ইমান কম সময়তে সকলোকে এৰেষ্ট কৰিব বুলি। প্ৰথমে কৈছিলে হিমন্ত বিশ্বই নাটক কৰি আছে, আজি বিজেপি চৰকাৰখনে জুবিন গাৰ্গৰ কাৰণে যিমান কৰিছে, কংগ্ৰেছ থাকিলে তাৰ দহ শতাংশও নহ’লহেতেন। ভূপেন হাজৰিকাৰ সংস্কাৰ কৰিবৰ কাৰণে মাটি বিচাৰোতে তেওঁলোকে তিনিদিন লগাইছিল।আমি সকলো কৰি দিলো গতিকে জুবিন গাৰ্গৰ নামত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰততো উদাহৰণ নাই বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Dr Hiren Deka: কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বত ড° হীৰেণ ডেকা

কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বত ড° হীৰেণ ডেকা
কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বত ড° হীৰেণ ডেকা

গণিত বিভাগৰ সহযোগী (Dr Hiren Deka) অধ্যাপক ড° হীৰেণ ডেকাই কটন বিশ্ববিদ্যালয়ৰ নতুন পঞ্জীয়ক (ভাৰপ্ৰাপ্ত) হিচাপে দায়িত্ব গ্ৰহণ কৰে। পূৰ্বৰ পঞ্জীয়ক ড° অৰিন্দম গাৰ্গে স্বাস্থ্যজনিত কাৰণত অব্যাহতি লোৱাৰ পিছত ড° ডেকাই এই দায়িত্ব গ্ৰহণ কৰে।

ড° হীৰেণ ডেকা বিগত ২০০৫ চনৰ পৰাই কটন বিশ্ববিদ্যালয়ৰ সৈতে জড়িত আৰু তেতিয়াৰে পৰা তেওঁ গণিত বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে। যোৱা দুটা দশকত তেওঁ পৰীক্ষা নিয়ন্ত্ৰক (ভাৰপ্ৰাপ্ত) আৰু আভ্যন্তৰীণ গুণগত মান নিৰূপন কোষৰ(IQAC)-ৰ সঞ্চালক (ভাৰপ্ৰাপ্ত) লগতে শিক্ষানুষ্ঠানখনৰ বিভিন্ন গুৰুত্বপূর্ণ প্ৰশাসনিক দায়িত্বও পালন কৰি আহিছে।

দায়িত্বভাৰ গ্ৰহণৰ বিষয়ে নিজৰ মত প্ৰকাশ কৰি ড° ডেকাই কয় যে, “এই নতুন দায়িত্বত কটন বিশ্ববিদ্যালয়ক সেৱা কৰাৰ সুযোগ পোৱাটো মোৰ বাবে এক গৌৰৱৰ ক্ষণ। মই বিশ্ববিদ্যালয়ৰ সকলো সদস্যৰ সৈতে একেলগে কাম কৰি বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনিক উৎকর্ষতা বৃদ্ধি কৰিম বুলি দৃঢ় বিশ্বাসী।”

ড° হীৰেণ ডেকাৰ পঞ্জীয়ক হিচাপে নিযুক্তিয়ে বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰতিষ্ঠানিক বিকাশৰ যাত্ৰাত প্ৰশাসনিক স্থিৰতা আৰু ধাৰাবাহিকতা নিৰ্দ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।

Zubeen garg death case: ছিংগাপুৰত অধ্যয়নৰত সুস্মিতা গোস্বামীলৈ SITৰ চমন জাৰি…

ছিংগাপুৰত অধ্যয়নৰত সুস্মিতা গোস্বামীলৈ SITৰ চমন জাৰি
ছিংগাপুৰত অধ্যয়নৰত সুস্মিতা গোস্বামীলৈ SITৰ চমন জাৰি

জুবিন গাৰ্গৰ ৰহস্যজনক (Zubeen garg death case) মৃত্যুৰ তদন্তৰ বাবে CIDলৈ তলব ছিংগাপুৰত অধ্যয়নৰত সুস্মিতা গোস্বামী নামৰ এগৰাকী যুৱতীৰ। য়ট পার্টীত অমৃতপ্রভা মহন্তৰ সৈতে আছিল মহানগৰীৰ যুৱতীগৰাকী। অমৃতপ্ৰভা আৰু সুস্মিতাৰ ম’বাইলতে ৰেকর্ডিং হৈছিল জুবিন গাৰ্গৰ শেষ সময়ৰ ভিডিঅ’।

অৱশেষত SITয়ে চমন জাৰি কৰিলে সুস্মিতা গোস্বামীলৈ। ছিংগাপুৰত অধ্যয়ন কৰি আছে সুস্মিতা গোস্বামীয়ে।
CID কাৰ্যালয়ত হাজিৰ হ’বলৈ SIT-এ জাৰি কৰিছে চমন। জুবিন গাৰ্গৰ সৈতে য়ট পার্টিত উপস্থিত আছিল সুস্মিতা।
ছিংগাপুৰৰ য়ট পাৰ্টিৰ ভিডিঅ’ত স্পষ্টকৈ দেখা গৈছিল সুস্মিতা গোস্বামী।

Shyamkanu Mahanta Northeast Festival: জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো চলি আছিল নেকি নর্থ-ইষ্ট ফেষ্টিভেল?

জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো চলি আছিল নেকি নর্থ-ইষ্ট ফেষ্টিভেল?
জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো চলি আছিল নেকি নর্থ-ইষ্ট ফেষ্টিভেল?

CIDকাৰ্যালয়ত (Shyamkanu Mahanta Northeast Festival) হাজিৰ হৈ বিস্ফোৰণ নৰ্থ-ইষ্ট ফেষ্টিভেলৰ জনসম্পৰ্কৰক্ষী বিষয়া অনুজ কুমাৰ বৰুৱাৰ। অনুজ কুমাৰ বৰুৱাই কয়-


‘জুবিনৰ মৃত্যুৰ ঘটনাৰ পাছতে তেওঁ শ্যামকানু মহন্তক নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফেষ্টিভেল বাতিল কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। আনকি ছিংগাপুৰস্থিত হাই কমিছনেও শ্যামকানু মহন্তক অনুষ্ঠান বাতিলৰ পৰামৰ্শ দিছিল।’ 

ঘটনা সংঘটিত হোৱাৰ পাছতেই তেওঁ অনুষ্ঠানস্থলীৰ পৰা হোটেললৈ ঘূৰি আহিছিল আৰু পৰৱৰ্তী সময়ত অনুষ্ঠান চলি আছিল নে নাই সেই বিষয়ে অনুজ কুমাৰ বৰুৱা অৱগত নহয়।

২২ ছেপ্তেম্বৰত তেওঁ ছিংগাপুৰৰ পৰা অসমলৈ ঘূৰি আহিছিল।  জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰতে আছিল অনুজ কুমাৰ বৰুৱা।

Zubeen Garg Death Case: সিদ্ধাৰ্থৰ পৰা জুবিনে শীঘ্ৰেই হিচাপ বিচৰাৰ কথা আছিল…!

সিদ্ধাৰ্থৰ পৰা জুবিনে শীঘ্ৰেই হিচাপ বিচৰাৰ কথা আছিল
সিদ্ধাৰ্থৰ পৰা জুবিনে শীঘ্ৰেই হিচাপ বিচৰাৰ কথা আছিল

আজি পুনৰ CIDৰ কাৰ্যালয়ত উপস্থিত জুবিন (Zubeen Garg Death Case) গাৰ্গৰ বাদ্যযন্ত্ৰী শিল্পী পাৰ্থ প্ৰতীম গোস্বামী। CIDৰ কাৰ্যালয়ত উপস্থিত হৈ জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শিল্পী পাৰ্থ প্ৰতীম গোস্বামীয়ে সংবাদমেলত ক’লে-

‘মই ন্যায় বিচাৰিছোঁ। মূল কথাৰ পৰা আঁতৰি এচামে আন বিষয়ত ব্যস্ত হৈ পৰিছে। পিশাচে শাস্তি পাবই লাগিব। জুবিনক লক্ষ্মণৰেখাৰ মাজত সোমাই দিয়া হৈছিল। সিদ্ধাৰ্থ শৰ্মাৰ যদি ফাঁচী হ’ব লাগে তেনেহ’লে শেখৰৰো ফাঁচী হ’ব লাগেঃ পাৰ্থ প্ৰতীম গোস্বামী’


‘জুবিনৰ হাতত যে টকাৰ হিচাপ নাছিল মই গম পাইছিলো। সিদ্ধাৰ্থৰ পৰা জুবিনে শীঘ্ৰেই হিচাপ বিচৰাৰ কথা আছিল। মোৰ সৈতে যিখিনি তথ্য আছে সেয়া SITক প্ৰদান কৰিম।’

জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী পাৰ্থ প্ৰতিম গোস্বামীৰ এই বিস্ফোৰক মন্তব্য।

অখিল গগৈলৈ ফাৰ্ষ্ট ক্লাছ বিমানৰ টিকট আৰু Five star হোটেলৰ অফাৰ । অভিযোগ খণ্ডন কৰি অখিল গগৈৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ !Riniki Bhuyan Sharma

অখিল গগৈলৈ ফাৰ্ষ্ট ক্লাছ বিমানৰ টিকট আৰু Five star হোটেলৰ অফাৰ । অভিযোগ খণ্ডন কৰি অখিল গগৈৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ !
অখিল গগৈলৈ ফাৰ্ষ্ট ক্লাছ বিমানৰ টিকট আৰু Five star হোটেলৰ অফাৰ । অভিযোগ খণ্ডন কৰি অখিল গগৈৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ !

Riniki Bhuyan Sharma । অখিল গগৈলৈ ফাৰ্ষ্ট ক্লাছ বিমানৰ টিকট আৰু Five star হোটেলৰ অফাৰ


মাঁথো ছিংগাপুৰলৈ গৈ আনিব লাগিব অখিল গগৈয়ে অনা অভিযোগৰ প্ৰমাণ
থকা-খোৱাৰ সকলো খৰচ বহন কৰিব ৰিণিকি ভূঞা শৰ্মাই


ছিংগাপুৰলৈ যাবলৈ ফাৰ্ষ্ট ক্লাছ বিমানৰ টিকট কৰি দিয়াৰ কথা ঘোষণা
লগতে থকা-খোৱাৰ ব্যৱস্থাও Five star হোটেলত কৰি দিব ৰিণিকিয়ে


অখিল গগৈয়ে ‘গ’ল্ডেন থ্ৰেডছ’ক লৈ অপপ্ৰচাৰ চলোৱাৰ অভিযোগ
অভিযোগ খণ্ডন কৰি অখিল গগৈৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ

ঈশ্বৰৰ আশীৰ্বাদ থাকিলেহে শিক্ষক হ’ব পাৰে – ৰমাকান্ত দেউৰী । MLA Ramakanta Deori

MLA Ramakanta Deori । মৰিগাঁৱত অৱসৰৰ লগে লগে ১৯ গৰাকী শিক্ষকক পেঞ্চনৰ সুবিধা প্ৰদান । অৱসৰৰ লগে লগে পেঞ্চনৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে মৰিগাঁও জিলা শিক্ষা বিভাগে ৰূপায়ণ কৰি অহা ‘নিৰন্তৰ’ কাৰ্যসূচীৰ ১৮ সংখ্যক অনুষ্ঠান আজি অনুষ্ঠিত হয়। শিক্ষা বিভাগৰ ঐতিহ্য ভৱনত অনুষ্ঠিত এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ১৯ গৰাকী শিক্ষকক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে পেঞ্চনৰ সুবিধা প্ৰদান কৰে। সেই অনুসৰি মাধ্যমিক বিদ্যালয়ৰ ১৩ গৰাকী, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৪ গৰাকী আৰু প্ৰাথমিক বিদ্যালয়ৰ ২ গৰাকী সদ্য অৱসৰী শিক্ষকক পেঞ্চনৰ সুবিধাসমূহ যেনে জমা- ছুটী বেতন, বীমা ধন আদি প্ৰদান কৰে।

অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে শিক্ষা বিভাগৰ এনে আদৰণীয় পদক্ষেপৰ শলাগ লৈ ভাষণ প্ৰদান কৰে। তেওঁ ভাষণত ঈশ্বৰৰ আশীৰ্বাদ থাকিলেহে শিক্ষক হ’ব পাৰি বুলি উল্লেখ কৰি শিক্ষক সকল সদায়ে সমাজৰ সন্মানীয় ব্যক্তি বুলি কয়। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন,অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মা, বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক সমৰ বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই অনুষ্ঠানৰ আঁত ধৰা অনুষ্ঠানটোত কেইবাগৰাকীও অৱসৰী শিক্ষকে নিজৰ অনুভৱ ব্যক্ত কৰি বক্তব্য প্ৰদান কৰি বিভাগৰ এনে পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। সভাত অৱসৰী শিক্ষক সকলৰ উপৰি বিভাগৰ ভালে সংখ্যক বিষয়া-কৰ্মী উপস্থিত থাকে।

দুৰ্নীতিৰে ভৰি পৰিছে মঙলদৈস্থ অসম স্কিল ইউনিভাৰ্ছিটি!

মঙলদৈত নিৰ্মীয়মাণ অসম স্কীল ইউনিভাৰ্চিটিত দুৰ্নীতিৰ অভিযোগ অসমীয়া যুৱ মঞ্চ, দৰং জিলা সমিতিৰ ৷ ইউনিভাৰ্ছিটিখনৰ নিৰ্মাণ আৰম্ভ হোৱাৰে পৰা বিভিন্ন দুৰ্নীতিৰ অভিযোগ আছে। ইতিপূৰ্বে কোৱালিটি টেষ্ট নকৰাকৈ গৃহৰ নিৰ্মাণত ইটা ব্যৱহাৰ কৰাৰ অভিযোগ আছে ঠিকাদাৰৰ বিৰুদ্ধে ৷ সৰ্বত্ৰে দুৰ্নীতি সংঘটিত হোৱাৰ উমান পাই অসমীয়া যুৱ মঞ্চই তথ্য জনাৰ অধিকাৰৰ ভিত্তিত আবেদন কৰি চাৰিবেৰ নিৰ্মাণ আৰু মাটি পূৰন কৰাৰ বাবদ ৮৬ লাখ টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য লাভ কৰি ইতিমধ্যে মঙলদৈ আৰক্ষী থানাত এজাহাৰ দিখিল কৰিছে ৷ চাৰিবেৰ নিৰ্মাণ আৰু মাটি পূৰন কৰা বিতৰ্কিত ঠিকাদাৰ ভাস্কৰ বৰুৱাই চৰকাৰী নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি, চৰকাৰী ৰিভিনো পৰ্যন্ত নিদিয়াকৈ সমুদায় ধন আত্মসাৎ কৰা বুলি অসমীয়া যুৱ মঞ্চই দাবী কৰাৰ লগতে বিতৰ্কিত ঠিকাদাৰ ভাস্কৰ বৰুৱাৰ বিৰুদ্ধে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

ইয়াৰ উপৰিও বহুকেইগৰাকী ক্ষুদ্ৰ ব্যৱসায়িক শিল-বালিৰ প্ৰাপ্য ধন আৰু মহিলা শ্ৰমিকক বেতন নিদিয়াৰ অভিযোগ উত্থাপন কৰে শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়িসকলে।
অসমীয়া যুব মঞ্চই এনে অভিযোগ সম্বলিত এখন স্মাৰক পত্ৰ মঙলদৈৰ ৰাজহ চক্ৰ বিষয়া প্ৰাৰ্থ প্ৰতিম বৰুৱাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত হস্তক্ষেপ কৰি অসম দক্ষতা বিশ্ববিদ্যালয়খন সোনকালেই মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি অসমীয়া যুৱ মঞ্চই আশা প্ৰকাশ কৰে ৷

বান বিধ্বস্ত অসমলৈ কেন্দ্ৰীয় চৰকাৰৰ ৩১৩ কোটি ৬৯ লাখৰ সাহাৰ্য…

প্ৰতি বছৰে অসমখনক একাধিক বানে জোঁকাৰি যায়। ফলস্বৰূপে ৰাজ্যবাসী বিস্তৰ ক্ষতিৰ সন্মুখীন হয়। সেই উদ্দেশ্যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নেতৃত্বৰ উচ্চস্তৰীয় সমিতিয়ে ২০২৪ বর্ষত বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসমলৈ ৩১৩ কোটি ৬৯ লাখ টকা মুকলি কৰি দিছে।

তথ্য অনুসৰি, অসমৰ লগতে গুজৰাটলৈও প্রায় ৪০০ কোটি টকা মোকলাই দিয়া হৈছে। সমিতিখনে হাৰিয়ানা, মধ্যপ্রদেশ আৰু ৰাজস্থানলৈ এন ডি আৰ এফৰ সম্প্ৰসাৰণ আৰু অগ্নিনির্বাপন সেৱাৰ আধুনিকীকৰণৰ বাবে ৯০৩ কোটি ৬৭ লাখ টকাৰ আৱণ্টন দিছে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্রকাশ কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

তেওঁ কয়, প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ নেতৃত্বত ভাৰতে দূর্যোগ প্ৰতিৰোধৰ বাবে শক্তিশালী আন্তঃগাঁথনি সৃষ্টি কৰি আছে আৰু দুর্যোগৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সকলো ৰাজ্যকে সহযোগিতা আগবঢ়াইছে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ আনুষ্ঠানিক বিবৃতি অনুসৰি, এই ধনৰাশি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ(NDRF) পৰা প্ৰদান কৰা হ’ব, যাতে দুৰ্যোগগ্ৰস্ত অঞ্চলসমূহত সাহায্য অভিযান আৰু পুনৰ নিৰ্মাণৰ প্ৰচেষ্টাত সুবিধা হয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে চলিত মাহৰ আৰম্ভণিত ২০২২ চনৰ ভয়াৱহ বান আৰু ভূমিস্খলনৰ বাবে উচ্চ পর্যায়ৰ সমিতিখনে অসমক এহেজাৰ ২৭০ কোটি টকাৰ সাহায্য পুঁজি প্রদান কৰিছিল।

Roi Roi Binale: ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ ‘মোৰ মন’ শীৰ্ষক গীতটিৰ শব্দবোৰত অনুৰাগীয়ে বিচাৰি পাইছে জুবিনক

'ৰৈ ৰৈ বিনালে' চিনেমাখনৰ 'মোৰ মন' শীৰ্ষক গীতটিৰ শব্দবোৰত অনুৰাগীয়ে বিচাৰি পাইছে জুবিনক
'ৰৈ ৰৈ বিনালে' চিনেমাখনৰ 'মোৰ মন' শীৰ্ষক গীতটিৰ শব্দবোৰত অনুৰাগীয়ে বিচাৰি পাইছে জুবিনক

গীতটোৰ শব্দবোৰত যেন আছে জুবিন গাৰ্গৰ মনৰ কথাবোৰ! (Roi Roi Binale)

আজি মুক্তি দিয়া হয় ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ ‘মোৰ মন’ শীৰ্ষক গীতটি।

এই গীতটীৰ শব্দবোৰত, কণ্ঠত অনুৰাগীয়ে বিচাৰি পাইছে জুবিনক।

আনহাতে ৰৈ ৰৈ বিনালেত থাকিব জুবিন গাৰ্গৰ প্ৰকৃত কণ্ঠ।

এই কথা জনালে ৰাজেশ ভূঞাই।

জুবিন গাৰ্গৰ শেহতীয়া ছবি ‘ৰৈ ৰৈ বিনালে’ৰ দৃশ্য গ্ৰহণত উপস্থিত থাকি গৰিমা শইকীয়া গাৰ্গে ক’লে-

‘ৰৈ ৰৈ বিনালে’ ছবিখনক লৈ জুবিনৰ বহুত কিবা-কিবি আশা আছিল।’

‘৩১ অক্টোবৰত ‘ৰৈ ৰৈ বিনালে’ৰ মুক্তি দিবলৈ বাকী থকা কামখিনি কৰি আছোঁ।’

‘আমাৰ এটাই কথা ন্যায় পাব লাগে।’

‘ৰাজনীতি কৰা সকলোকে কৈছোঁ, অনুগ্ৰহ কৰি বাদ দিয়ক, ন্যায় দিয়ক।’

‘এটাই সঁচা কথা জানিব বিচাৰিছোঁ সেই দিনটোত কি হৈছিল? কিয় আমি জুবিনক হেৰুৱাব লগা হ’ল?’

‘ৰৈ ৰৈ বিনালে’ চলচ্চিত্ৰখনৰ আধৰুৱা দৃশ্য গ্ৰহণসমূহ কৰি এইদৰে মন্তব্য কৰিলে গৰিমা শইকীয়া গাৰ্গে?

আজি জুবিনবিহীন ৰৈ ৰৈ বিনালেৰ শ্বুটিং। শেষ পৰ্যায়ত ‘ৰৈ ৰৈ বিনালে।

৩১ অক্টোবৰত শুভমুক্তি চিনেমাখনৰ।

ৰ’য়েল গ্ল’ৱেল ইউনিভাৰ্চিটিত ৰৈ ৰৈ বিনালে’ৰ শেষ শ্বুটিং।