Home Blog Page 56

Zubeen Garg Death Case: মুখ্যমন্ত্ৰীয়ে ক’লে–দেশত থাকিলে ধৰি আনিলো হয়

Zubeen Garg Death Case: মুখ্যমন্ত্ৰীয়ে ক’লে–দেশত থাকিলে ধৰি আনিলো হয়
Zubeen Garg Death Case: মুখ্যমন্ত্ৰীয়ে ক’লে–দেশত থাকিলে ধৰি আনিলো হয়

জুবিন গাৰ্গৰ মৃত্যু ৰহস্যত সাঙোৰ খাই পৰা (Zubeen Garg Death Case) ছিংগাপুৰৰ অসম এছ’চিয়েচনৰ নেতা-সদস্যই অসমলৈ আহিবনে৷ এয়া এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ উঠিছে৷ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বিষয়টোক লৈ চিন্তা কৰিছে৷ ‘জুবিনৰ লগত য়ট পাৰ্টীত থকা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকল তদন্তলৈ নাহিলে তদন্ত সম্পূৰ্ণ কৰিব নোৱাৰিম৷’ – এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয়– ‘আটাইতকৈ বেছি চিন্তা ছিংগাপুৰত থকা লোকসকল তদন্তৰ বাবে আহিব নে নাই, তেওঁলোক নাহিলে তদন্ত সম্পূৰ্ণ কৰিব নোৱাৰিম৷ জুবিনে য়ট যাত্ৰা কৰোঁতে তেওঁলোক মূল মানুহ আছিল৷ গতিকে অসমবাসী ৰাইজ হেঁচা দিব লাগে৷

ছিংগাপুৰৰ অসমীয়া সমাজখনক যাতে তেওঁলোক পঠিয়াই দিয়ে৷ যাক আনিব পাৰো, আনিলো, কিছুমানে আমালৈ লিখিছে অসুবিধা আছে আহিব নোৱাৰো৷ কিন্তু অসমীয়া হিচাপে তেওঁলোকৰ দায়িত্ব আছে৷’ তেওঁ কয়, ‘ভাৰতৰ ভিতৰত থাকিলে ধৰি আনিলো হয়৷ ছিংগাপুৰত অসমীয়া ৰাইজে তেওঁলোকৰ ওপৰত হেঁচা দিব লাগে৷ তেওঁলোক নহালৈ এই ঘটনাটো কোনেও জোৰা লগাব নোৱাৰে৷ গতিকে মোৰ মনত চিন্তা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা আমাৰ হাতত আছে৷ সঁচা কথাটো উলিয়াব পাৰিম৷

কিন্তু আটাইতকৈ বেছি চিন্তা হৈছে ছিংগাপুৰত থকা এই মানুহবিলাক ৬ তাৰিখে আহিব নে নাই৷ হেঁচা দিব লাগে যাতে তেওঁলোকে যেনে তেনে অসমলৈ আহে৷ তেওঁলোকক আমি মানসিক হেঁচা প্ৰয়োগ কৰিব লাগিব৷ মাক-দেউতাকক হেঁচা প্ৰয়োগ কৰিব লাগিব যাতে তেওঁলোকে ল’ৰা-ছোৱালীক লৈ আহে৷ কাৰণ অসম আৰক্ষী ছিংগাপুৰলৈ যাব নোৱাৰে বুলি কয়৷’

Utapl Sharma: অভিযুক্ত শ্যামকানু মহন্তৰ সৈতে আছুৰ সভাপতি উৎপল শৰ্মাৰ ফটোক লৈ প্ৰতিক্ৰিয়া

অভিযুক্ত শ্যামকানু মহন্তৰ সৈতে আছুৰ সভাপতি উৎপল শৰ্মাৰ ফটোক লৈ প্ৰতিক্ৰিয়া
অভিযুক্ত শ্যামকানু মহন্তৰ সৈতে আছুৰ সভাপতি উৎপল শৰ্মাৰ ফটোক লৈ প্ৰতিক্ৰিয়া

অভিযুক্ত শ্যামকানু মহন্তৰ (Utapl Sharma) সৈতে আছুৰ সভাপতি উৎপল শৰ্মাৰ ফটোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সম্পৰ্কীয় গোচৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত বৰ্তমান আৰক্ষীৰ জিম্মাত আছে৷ এইজন শ্যামকানু মহন্তৰে সম্পৰ্ক থকা বিশেষ লোকসকল বৰ্তমান একপ্ৰকাৰ সমালোচনাৰ সন্মুখীন হৈছে৷ বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত শ্যামকানু মহন্তৰ সৈতে ফটো উঠা তথা ভিডিঅ’ লোৱা সেই বিশেষ ব্যক্তিসকল এতিয়া সামাজিক মাধ্যমত সমালোচিত হৈছে৷ উল্লেখ্য শ্যামকানু মহন্তৰ ‘ৰঙালী’ নামৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল উৎপল শৰ্মাই৷ সেই অনুষ্ঠানত শ্যামকানু মহন্তৰে সৈতে থকা উৎপল শৰ্মাৰ ফটো আৰু ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ বিভিন্নজনে বিভিন্ন ধৰণে আছুৰ সভাপতিগৰাকীক সমালোচনা কৰিছে৷ সামজিক মাধ্যমত সৰৱ চৰ্চা হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উৎপল শৰ্মাই৷

এক্সত আছুৰ সভাপতি উৎপল শৰ্মাই কয়– ‘জীৱনৰ শেহতীয়া বিড়ম্বনা এইটোৱেই যে- শ্যামকানু মহন্তৰ সৈতে উঠা ফটো আছে, কিন্তু জুবিন গাৰ্গৰ সৈতে উঠা ফটো মোৰ সৈতে নাই৷ অৱশ্যে এইটোও ঠিক যে শাসক-বিৰোধী দলৰ এনে কোনো জ্যেষ্ঠ নেতা নাই, অসমৰ সমাজ জীৱনৰ এনেকুৱা কোনো পৰিচিত মুখ নাই যাৰ সৈতে শ্যামকানু মহন্তই ফটো উঠি থোৱা নাই৷ কালিৰে পৰা দেখিছো শ্যামকানু মহন্তৰ সৈতে মোৰ দুখন ফটো আৰু এটা ভিডিঅ’ হঠাতে বহুজনে বৰ আগ্ৰহেৰে আপলোড কৰিছে৷’ তেওঁ আৰু কয়– ‘এখন ফটো আৰু একমাত্ৰ ভিডিঅ’টো খানাপাৰাত ‘ৰঙালী’ অনুষ্ঠানত আন বহুকেইটা জাতীয় সংগঠনৰ নেতৃত্বৰ সৈতে মই উপস্থিত থকা কাৰ্যসূচী আৰু আনখন ড॰ সমুজ্জ্বল ভট্টাচাৰ্যৰ মাতৃ বিয়োগৰ খবৰ ল’বলৈ আহি তেওঁ আমাৰ সৈতে উঠা ফটো৷ কেতবোৰ বিশেষ ফেচবুক পেজৰ পৰাও উছাহেৰে আপলোড কৰা হৈছে’ নিজৰ প্ৰতিক্ৰিয়াত উৎপল শৰ্মাই কয়– ‘খানাপাৰা ফিল্ডত ২০২৪ চনৰ জুন মাহত অনুষ্ঠিত ‘ৰঙালী’ অনুষ্ঠানত অংশ গ্ৰহণৰ ফটো ইয়াৰ পূৰ্বলৈকে মোৰ ফেচবুক, টুইটাৰৰ প্ৰ’ফাইলতে উপলব্ধ আছিল৷ এতিয়া ইচ্ছুক লোকসকলে ভগাব পৰাকৈ পৰ্যাপ্ত স্ক্ৰীণশ্ব’ট সংগ্ৰহ কৰিলে বুলি নিশ্চিত হোৱাৰ পিছত সেই পোষ্ট দুটা ডিলিট কৰিছো৷

শ্যামকানুৰ শেহতীয়া কৰ্মকাণ্ডৰ পিছত তেওঁৰ অনুষ্ঠানৰ কিবা স্মৃতি মোৰ সামাজিক মাধ্যছমৰ প্ৰ’ফাইলত ধৰি ৰাখিবলগীয়া আছে বুলি মই আৰু অনুভৱ কৰা নাই৷ মই সেইসকলৰ ভিতৰত নপৰো, যি যোৱা অনুষ্ঠানটোত নাই যোৱা বুলি ক’ম৷’ তেওঁ লগতে কয়, ‘ৰঙালীলৈ এবাৰ গৈছো, তাত অসমৰ বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক ঐতিহ্যতৰ প্ৰতিফলন, থলুৱা খাদ্যৰ আৰু বস্ত্ৰ শিল্পৰ বিপণন দেখি প্ৰশংসাও কৰিছো৷ অৱশ্যে উৎসৱ পতাৰ নামত যে লাখ লাখ চৰকাৰী ধনৰ শৰাধ হয়, তেতিয়া জনা নাছিলো৷ সেয়া ছিংগাপুৰৰ ঘটনাৰ পিছৰ চৰ্চাতহে অৱগত হৈছিলো৷ সেয়ে লগে লগে অৰ্থনৈতিক অপৰাধৰ তদন্তও দাবী কৰিছো৷

আনহাতে আজি আকৌ আছুৰ সভাপতি উৎপল শৰ্মালৈ সামাজিক মাধ্যমত মুকলি চিঠি লিখিছে বিধায়ক অখিল গগৈয়ে।

চিঠিত লিখিছে-

ছাত্ৰ সন্থাৰ সভাপতি উৎপললৈ এখন মুকলি চিঠিঃ

মৰমৰ উৎপল,

মৰম ল’বা।

“ৰঙালী”ৰ মঞ্চত একেলগে আছুৰ সভাপতি তুমি উৎপল শৰ্মা, নৰ্থ ইষ্ট ফেষ্টিভেলৰ মালিক শ‍্যামকানু মহন্ত আৰু কেইজনমান জনগোষ্ঠীয় নেতাৰ এটা ভিডিঅ’ পালো, য’ত তুমি এটা উদাত্ত ভাষণ দিছা। আছুৰ সভাপতি উৎপল @Utpal Shrma ৰ আনুষ্ঠানিক ভাষণ আছিল সেইটো। তুমি ৰঙালীৰ মঞ্চত শ‍্যামকানুৰ ৰঙালীক অসমৰ সামাজিক-সাংস্কৃতিক জগতৰ এক আন্দোলনৰ নাম বুলি ঘোষণা কৰিছা।তোমাৰ মতে ৰঙালী বোলে কোনো ধুমুহাতে উভালি নপৰে! ছাত্ৰ সন্থা বোলে সদায়ে শ‍্যামকানু মহন্তৰ লগত থাকিব, সফলতাৰ আকাশ চুমিবলৈ!!

Superlative degree ত তুমি শ‍্যামকানু তথা ৰঙালীক প্ৰশংসাৰে উপচাই পঠিয়াইছা।

কথাখিনি এতিয়া শুনিলে ছাগে উৎপল তোমাৰো অস্বস্তি অনুভৱ হয়, নহয়নে?

উৎপল, মই তোমাতকৈ জ‍্যেষ্ঠ, সেইবাবে কথা এটা কওঁ।মানুহক সদায়ে সেইবাবেই শুদ্ধ মতাদৰ্শ লাগে। শুদ্ধ মতাদৰ্শ সদায়ে প্ৰগতিশীল। প্ৰগতিশীল মতাদৰ্শই আমাৰ মাজত যুক্তিপূৰ্ণ, সমালোচনাত্মক, critical চিন্তাৰ জন্ম দিয়ে। সমাজখনক, ঘটনা এটাক জনগণৰ, নিঃস্বজনৰ দৃষ্টিভংগীৰে, সমাজৰ গৰিষ্ঠসংখ‍্যক ৰাইজৰ আৰু তেওঁলোকৰ সাংস্কৃতিক মানৰ মানে way of life দৃষ্টিকোণৰ পৰা চিন্তা কৰাৰ সামৰ্থ‍্য দিয়ে। যিমান শিক্ষিত হ’লেও কাম নাই, যিমানে পৰিশ্ৰমী হ’লেও ফলাফল শূন‍্য, যদিহে মানুহৰ বা দল-সংগঠনৰ শুদ্ধ মতাদৰ্শ নাথাকে। সদৌ অসম ছাত্ৰ সন্থাৰ বিপদ এইটোৱে। শুদ্ধ মতাদৰ্শৰ অভাৱতে আছুৰ পৰা বহুত পায়ো অসমে সৰ্বশেষত একো নাপায়গৈ, ওলোটাই আন্দোলনবোৰৰ পৰা অসমৰ সংহতি আৰু সমন্বয়ৰ প্ৰতি বিপদ নামি আহে।চোৱা উৎপল, আমাৰ আধুনিক অসমৰ আটাইকেইজন কাণ্ডাৰী —- জ‍্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, ভূপেন হাজৰিকা আটাইকেইজন প্ৰগতিশীল মতাদৰ্শৰ আছিল। আনকি আমাৰ জুবিনদা স্বঘোষিত সমাজবাদী আদৰ্শৰ। সেইবাবে অসমীয়া জাতিৰ জাতীয় মতাদৰ্শ প্ৰগতিশীল হ’ব লাগে। নহয়নে?

শ‍্যামকানুৰ পৰা যি বিপদ, জাতিৰ একেই বিপদ তোমাৰ আমাৰ পৰাও হ’ব পাৰে উৎপল, যদিহে আমি সঠিক দৃষ্টিভংগী ল’ব নোৱাৰো।

বেয়া নাপাবা, কথা এটা কওঁ, তোমাৰ বুদ্ধিমত্তা আছে, কিছু পঢ়া-শুনাও আছে যেন লাগে, তুমি ধুনীয়া ভাষণ দিয়া, কিন্তু সঠিক মতাদৰ্শ, সঠিক দৃষ্টিভংগী নাই। ওপৰৰ কথাখিনি তুমি ধুনীয়াকৈ কৈছা, কিন্তু বেঠিক ঠাইত কৈছা, বেঠিক মানুহৰ ক্ষেত্ৰত কৈছা, তোমাৰ মতাদৰ্শই তোমাক শ‍্যামকানু মহন্তৰ দৰে মানুহৰ প্ৰতি critical হ’বলৈ শিকোৱা নাই।

উৎপল, জ‍্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ,ভূপেন হাজৰিকা, (আৰু জুবিনদা )—- আমাৰ আধুনিক সংস্কৃতিৰ Doyenসকলৰ আটায়ে প্ৰগতিশীল মতাদৰ্শৰ আছিল। সেই পথেই অসমীয়া জাতিৰ মুক্তিৰ পথ।আছু অসমৰ আটাইতকৈ প্ৰভাৱশালী জাতীয় সংগঠন হৈও সঁচাকৈ একো ৰূপান্তৰ আছুৰ দ্বাৰা অসম্ভৱ, কেৱল এই সঠিক মতাদৰ্শৰ অভাৱৰ বাবে। সমুজ্জ্বলদাৰ ক্ষেত্ৰতো একেই কথা।আমাৰ সময়ৰ সবাতোকৈ ডাঙৰ জাতীয়তাবাদী নেতা তেওঁ, অসমৰ বাবে বহুত কৰিছে তেওঁ, অসমক বহুত ভাল পায়, সেইবাবে মোৰ অসীম শ্ৰদ্ধা তেওঁৰ প্ৰতি; কিন্তু শেষত ফলাফল নাই। স্থায়ী একো নাপায় সমাজে তেওঁৰ পৰা। বৰং আছুক অধিক প্ৰতিষ্ঠান(Establishment) ৰ লগত যুক্ত কৰা বাবে তেওঁ ইতিহাসৰ ওচৰত জগৰীয়া হৈ ৰৈ যাব।

উৎপল, “কা”বিৰোধী আন্দোলনটোৱে উৎকৃষ্ট উদাহৰণ, কেনেকৈ আছুৱে তাৰ সীমাৱদ্ধতাৰ বাবে জাগ্ৰত সমাজ এখনক নেতৃত্ব দিয়াত ব‍্যৰ্থ হ’ল।

উৎপল, অসম চুক্তিখনক তুমি শ্ৰেণী বিশ্লেষণ কৰি চালা দেখা পাবা, কেনেকৈ ই আমাৰ জনগণৰ প্ৰধান প্ৰধান সমস‍্যাবোৰ তুলি ধৰাত ব‍্যৰ্থ হৈছে।

ব‍্যক্তিগত স্তৰত নল’বা দেই কথাবোৰ।

এবাৰ ভাবি চাবা।

জীৱনৰ আটাইতকৈ ডাঙৰ বস্তুটো মতাদৰ্শ।শুদ্ধ মতাদৰ্শ। মতাদৰ্শ ভুল হ’লে ভাল কৰিবলৈ গৈও বেয়া হ’ব পাৰে।

পুনৰ তোমালৈ আৰু ছাত্ৰ সন্থাৰ সকলোলৈকে মৰম যাচিলোঁ।

ধন‍্যবাদেৰে—

অখিল গগৈ।

Shradhanjali scheme: আজি ৰাজ্য চৰকাৰে মুকলি কৰিব শ্ৰদ্ধাঞ্জলি আঁচনি…

আজি ৰাজ্য চৰকাৰে মুকলি কৰিব শ্ৰদ্ধাঞ্জলি আঁচনি
আজি ৰাজ্য চৰকাৰে মুকলি কৰিব শ্ৰদ্ধাঞ্জলি আঁচনি

আজি ৰাজ্য চৰকাৰে মুকলি কৰিব শ্ৰদ্ধাঞ্জলি আঁচনি।(Shradhanjali scheme)

বহিঃৰাজ্যত মৃত্যু হোৱা অসমৰ লোকৰ বাবে এই আঁচনি মুকলি কৰা হ’ব।

বহিঃৰাজ্যত মৃত্যু হ’লে চৰকাৰে ঘুৰাই আনিব নশ্বৰদেহ।

আর্থিকভাৱে সৱল লোকৰ বাবে প্ৰযোজ্য নহ’ব এই আঁচনি।

নিজাববীয়াকৈ ব্যৱস্থা কৰিব পৰা লোকৰ ক্ষেত্ৰত এই আঁচনি প্রযোজ্য নহ’ব।

চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱা ৰোগীয়ে নাপাব সুবিধা।

Zubeen Garg Death Case: ছিংগাপুৰৰ ৮ প্ৰৱাসী অসমীয়া আজি হাজিৰ হ’ব লাগিব CID কাৰ্যালয়ত

ছিংগাপুৰৰ ৮ প্ৰৱাসী অসমীয়া আজি হাজিৰ হ'ব লাগিব CID কাৰ্যালয়ত
ছিংগাপুৰৰ ৮ প্ৰৱাসী অসমীয়া আজি হাজিৰ হ'ব লাগিব CID কাৰ্যালয়ত

আজি ডেডলাইন উকলিব।(Zubeen Garg Death Case)

ছিংগাপুৰৰ ৮ প্ৰৱাসী অসমীয়া আজি হাজিৰ হব লাগিব CID কাৰ্যালয়ত।

২৬ ছেপ্টেম্বৰতে ৮ প্ৰৱাসী অসমীয়াক জাননী জাৰি কৰিছিল অসম আৰক্ষীয়ে।

৮ প্ৰৱাসী অসমীয়াৰ বিৰুদ্ধে জাৰি কৰা হৈছে লুক আউট ন’টিছ।

কিন্তু এই মুহূৰ্তলৈ তেওঁলোকে SITৰ সৈতে কৰা নাই যোগাযোগ।

লোককেইজনৰ সন্দেহজনক ভূমিকাই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্তত লগাইছে আউল।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ১৮ দিনৰ পিছতো মুখ বন্ধ তেওঁলোকৰ।

Zubeen Garg Death Case: জুবিন গাৰ্গৰ শোকাৱহ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

জুবিন গাৰ্গৰ শোকাৱহ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
জুবিন গাৰ্গৰ শোকাৱহ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

জুবিন গাৰ্গৰ শোকাৱহ ঘটনাৰ তদন্তকলৈ পুনৰ (Zubeen Garg Death Case) মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ছিংগাপুৰৰ অসমীয়াক লৈ কঠোৰ হ’ব চৰকাৰ। ছিংগাপুৰৰ পৰা অসম আৰক্ষীয়ে কাকো ধৰি আনিব নোৱাৰে। তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে কথা পাতিব পাৰো। ৬ তাৰিখলকৈ সময়সীমা দিয়া আছে। আমি যিমান পাৰো কঠোৰ হ’বলৈ চেষ্টা কৰিম।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তদন্ত ভালদৰেই চলিছে। যিসকল অভিযুক্ত সেইসকলক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাইজো সন্তষ্ট হৈছে। প’ষ্টমৰ্টেম ৰিপৰ্ট সন্দৰ্ভত কয় আমি ৰিৰ্পটো ৰাজহুৱা নকৰোঁ। কিন্তু কোনোবাই যদি চাব খোজে আমি CIDক কৈ দিম, তেওঁলোকে গৈ চাব পাৰিব।’

ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ সন্দৰ্ভত কয় ছিংগাপুৰৰ পৰা অসম চৰকাৰে কাকো ধৰি আনিব নোৱাৰে,
৬ তাৰিখলৈকে সময়সীমা ধৰি দিয়া হৈছে, সময়ত হাজিৰ নহ’লে কঠোৰ ব্যৱস্থা লোৱা হ’ব।

Save Bharalu Abhiyan: গুৱাহাটীত চেভ ভৰলু অভিযানৰ ব্যতিক্ৰমী কাৰ্যসূচী…

গুৱাহাটীত চেভ ভৰলু অভিযানৰ ব্যতিক্ৰমী কাৰ্যসূচী
গুৱাহাটীত চেভ ভৰলু অভিযানৰ ব্যতিক্ৰমী কাৰ্যসূচী

গুৱাহাটীত চেভ ভৰলু অভিযানৰ ব্যতিক্ৰমী কাৰ্যসূচী।(Save Bharalu Abhiyan)

প্ৰথমবাৰৰ বাবে ভৰলু নৈত নাও খেল অনুষ্ঠিত হয়।

দেওবাৰে দিনৰ ১২ বজাত অনুষ্ঠিত হয় এই নাও খেল ৰেলী।

জুবিন গাৰ্গক সশ্ৰদ্ধ স্মৃতিত উত্সৰ্গিত এই নাও খেল।

প্ৰথমবাৰ বাবে অনুষ্ঠিত হৈছে এই নাও ৰেলী।

অনুষ্ঠানটোত সহযোগ কৰিছে SS TRUST & Marwari Sammelanৰ কামৰূপ শাখাই।

Papon: জুবিনৰ বিয়োগৰ পাছত পাপনৰ প্ৰথমটো সংগীতানুষ্ঠান…

Papon: জুবিনৰ বিয়োগৰ পাছত পাপনৰ প্ৰথমটো সংগীতানুষ্ঠান...
Papon: জুবিনৰ বিয়োগৰ পাছত পাপনৰ প্ৰথমটো সংগীতানুষ্ঠান...

জুবিনৰ বিয়োগৰ পাছত পাপনৰ প্ৰথমটো সংগীতানুষ্ঠান।(Papon)

জুবিনৰ গীতেৰে জুবিনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পাপনে।

‘জানে ক্যা জানে মন’ পৰিৱেশনেৰে শ্ৰদ্ধাঞ্জলি জনাই আৱেগিক হৈ পৰে পাপন।

জুবিন গাৰ্গৰ বিয়োগৰ পিছত পুনেত অংগৰাগ পাপন মহন্তৰ প্ৰথমটো সংগীতানুষ্ঠান অনুষ্ঠিত হয় কালি।

‘জানে ক্যা জানে মন’ পৰিৱেশনেৰে শ্ৰদ্ধাঞ্জলি জনাই আৱেগিক হৈ দেখা গ’ল পাপনক।

‘শাম-ঈ-মেহফিল’ শীৰ্ষক এটি সংগীতানুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই পাপনে।

গীতটি পৰিৱেশনৰ পূৰ্বে পাপনে ক’লে, জুবিন গাৰ্গে গোৱাৰ দৰে তেওঁ গীতটো গাব নোৱাৰে তেনেধৰণৰ গীত তেওঁ নাগায়, তথাপি গোৱাৰ চেষ্টা কৰিলে পাপনে।

Tezpur: তেজপুৰত ব্যৱসায়সকলৰ উদ্যোগত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি আৰু নাম প্ৰসঙ্গ অনুষ্ঠান…

তেজপুৰত ব্যৱসায়সকলৰ উদ্যোগত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি আৰু নাম প্ৰসঙ্গ অনুষ্ঠান...
তেজপুৰত ব্যৱসায়সকলৰ উদ্যোগত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি আৰু নাম প্ৰসঙ্গ অনুষ্ঠান...

তেজপুৰত ব্যৱসায় সকলৰ উদ্যোগত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি আৰু নাম প্ৰসঙ্গ অনুষ্ঠান ২০২৫।(Tezpur)

শোণিতপুৰ জিলা ঐতিয্যমণ্ডিত তেজপুৰৰ কে চি ৰোডত অনুষ্ঠিত কৰা হয় প্ৰয়াত কণ্ঠশিল্পী, অভিনেতা, সুৰকাৰ, গীতিকাৰ সূৰ্যকণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা হয় অনুষ্ঠান।

আজি তেজপুৰৰ ব্যৱসায়ী উন্নয়ন পৰিষদ সন্থা আৰু চেম্বাৰ অফ কমাৰ্চৰ লগতে আন ব্যৱসায়ী সকলো উপষ্ঠিত থাকি এই কাৰ্যসূচী ৰূপায়ন কৰে । লগতে উপষ্ঠিত থাকে বিশিষ্ঠ উপদেষ্টা ড° প্ৰদিপ নাথ আৰু চেম্বাৰ অফ কমাৰ্চৰ সভাপতি লগতে বিষয়ববীয়া সকল। ইয়াৰ পিছতে প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে এই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে।

ইয়াৰ লগতে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে আমন্ত্ৰণ কৰি অনা মিলিজুলী নাম পাৰ্থীয়ে নাম পৰিবেশন কৰে।
আৰু জুবিন দা বুলি এটি নাম প্ৰসঙ্গৰে পৰিেশ জিপাল কৰি তোলে লগতে ভোগ প্ৰসাদৰো আয়োজন কৰে ব্যৱসায়ী সকলে।

Zubeen Garg Death Case: ছিংগাপুৰৰ অসম এছোচিয়েচনৰ প্ৰবাসী অসমীয়াকেইজন ৬ তাৰিখে আহিবনে অসমলৈ?

ছিংগাপুৰৰ অসম এছোচিয়েচনৰ প্ৰবাসী অসমীয়াকেইজন ৬ তাৰিখে আহিবনে অসমলৈ?
ছিংগাপুৰৰ অসম এছোচিয়েচনৰ প্ৰবাসী অসমীয়াকেইজন ৬ তাৰিখে আহিবনে অসমলৈ?

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত SITৰ। (Zubeen Garg Death Case)

ইতিমধ্যে SITৰ সৈতে অভিমান্যু তালুকদাৰ আৰু তন্ময় ফুকনে যোগাযোগ কৰিছে বুলি খবৰ ওলাইছে।

হয়তো শীঘ্ৰে অসমলৈ আহি SITক সহযোগিতা কৰিব দুই প্ৰৱাসী অসমীয়াই।

কালি নিশা গৰিমা গাৰ্গক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

গৰিমা গাৰ্গক সাক্ষাৎ কৰি ওলাই অহাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে-

আমাৰ বেছি চিন্তা হৈছে ছিংগাপুৰৰ অসমীয়াকেইজন তদন্তৰ বাবে অসমলৈ আহিবনে নাই? তেওঁলোক যদি নাহে, আমি তদন্তটো সম্পূৰ্ণ কৰিব নোৱাৰিম। তেওঁলোকেই জুবিনৰ য়ট যাত্ৰা বা গোটেই ঘটনাৰ মূল মানুহ আছিল। গতিকে, অসমবাসী ৰাইজে হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া সমাজখনক, যাতে তেওঁলোকক পঠিয়াই দিয়ে। শেখৰ গোস্বামী, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত এওঁলোক আমাৰ হাতত আছে। আমি যেনেকৈ নহ’লেও তেওঁলোকৰ পৰা সঁচা কথাটো উলিয়াব পাৰিমেই। আটাইতকৈ চিন্তাৰ কাৰণটো হৈছে ছিংগাপুৰৰ এই মানুহবিলাক ৬ তাৰিখে আহিবনে নাহে? যদি নাহে তেন্তে আমি আৰু এটা পাকচক্ৰত সোমাই যাব লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে সম্পৰ্কিত ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক অসমলৈ আহিবলৈ মানসিক হেঁচা দিব লাগিব। অসমবাসী ৰাইজে ছিংগাপুৰৰ অসমীয়া সমাজখনক হেঁচা দিব লাগে যাতে তেওঁলোকক পঠিয়াই দিয়ে। আইনৰ জৰিয়তে অনাৰ ৰাস্তাটো বেলেগ, কিন্তু মানুহৰ হেঁচা পালে সোনকালে আহিব। আনহাতে বিহ দিয়া বুলি যি কথা ওলাইছে, এইটো পুলিচৰ ভাষ্য নহয়। এয়া এজন অভিযুক্তৰহে ভাষ্য। এই গোটেইবোৰ তদন্ততহে ওলাব।


আনহাতে ছিংগাপুৰ অসম এছ’চিয়েশ্যনৰ বিৰুদ্ধে এজাহাৰ দাখিল।

লতাশিল থানাত এজাহাৰ দাখিল এগৰাকী অধিবক্তা হৃদয় শৰ্মাৰ।

ছিংগাপুৰ অসম এছ’চিয়েশ্যনৰ ১১জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অধিবক্তা হৃদয় শৰ্মাই।

Bodoland oath swearing ceremony: BTCত নতুন চৰকাৰৰ আজি শপতগ্ৰহণ…

BTCত নতুন চৰকাৰৰ আজি শপতগ্ৰহণ
BTCত নতুন চৰকাৰৰ আজি শপতগ্ৰহণ

BTCত নতুন চৰকাৰৰ আজি শপতগ্ৰহণ।(Bodoland oath swearing ceremony)

আজি BTC প্ৰধানৰূপে শপত ল’ব হাগ্ৰামা মহিলাৰীয়ে।

কোকৰাঝাৰৰ বডোফা নগৰত শপতগ্ৰহণ অনুষ্ঠান।

৯ গৰাকী নৱ-নিৰ্বাচিত পাৰিষদেও ল’ব শপত।

এই শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব।

গৌৰৱোজ্জ্বল এই অনুষ্ঠানটো কোকৰাঝাৰৰ বড়োফা নগৰস্থিত বিটিচি সচিবালয় খেলপথাৰত অনুষ্ঠিত হ’ব।

বিটিআৰৰ অন্যান্য জিলাসমূহতো লাইভষ্ট্ৰীম কৰা হ’ব।

অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাই কাৰ্যভাৰগ্ৰহণ, শপত আৰু গোপনীয়তাৰ পাঠেৰে অনুষ্ঠানটি পৰিচালনা কৰিব।