১২ অক্টোৱৰ, গুৱাহাটী: BK Sharma’s Report । অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণ সম্পৰ্কে অৱসৰী ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত তেতিয়াৰ চৰকাৰে যি সমিতি গঠণ কৰি দিছিল, দেশী জনগোষ্ঠীৰ জাতীয় সংগঠন হিচাপে দেশী জনগোষ্ঠীয় মঞ্চ, অসমে সেই সমিতিৰ ওচৰত লিখিত আৱেদন আৰু মৌখিক সাক্ষাতকাৰৰ বাবে তেতিয়াৰ সভাপতি শ্বেখ হেদায়েতুল্লাহ, সাধাৰণ সম্পাদক শ্বাহজালাল আহমেদ, মজিবুৰ ৰহমান, নুৰবক্ত শ্বেখ, আনিছুৰ ৰহমান, কায়ছাৰ আলী আদি কৰি কেইজনমানক লৈ এখন সমিতি গঠণ কৰি দিছিল। সেই সমিতিখনে গুৱাহাটীৰ ছয় মাইলত তেতিয়াৰ উপ-সভাপতি মজিবুৰ ৰহমানৰ ঘৰত সমবেত হৈ আলোচনা-বিলোচনা কৰি ১৬ পৃষ্ঠাৰ এখন আৱেদন বিপ্লৱ শৰ্মা নেতৃত্বাধীন সমিতিক হাতে হাতে প্ৰদান কৰিছিল আৰু ১৩-১১-২০১৯ তাৰিখে শ্বেখ হেদায়েতুল্লাহ, শ্বাহজালাল আহমেদ আৰু চুলতানা চেলিমা আহমেদ এই তিনিজনৰ এটি প্ৰতিনিধি দলে সমিতিক কোকৰাঝাৰ আৱৰ্তভৱনত সাক্ষাৎ কৰি বক্তৱ্য পেচ কৰিছিল।Justice BK Sharma’s report
পৰৱৰ্তী সময়ত আমি জানিব পাৰিছিলো যে ৰিপোৰ্ট প্ৰস্ততৰ সময়ত দেশী সকলৰ কথা গুৰুত্ব লাভ কৰিছিল। কিন্তু ৰিপোৰ্ট যেতিয়া ৰাজহুৱা কৰা নহল আৰু ৰিপোৰ্ট গ্ৰহণ কৰা পক্ষৰ অৱহেলা লক্ষ্য কৰি আমি ধৰি লৈছিলো যে সেই সময়ত আমি কৰা বৌদ্ধিক কচৰৎ আৰু অনুশীলন অথলে গল বুলি। সৌ সিদিনা অসম চৰকাৰে ১০টা পৰামৰ্শ কেন্দ্ৰলৈ থৈ বাকী ৫৭টা পৰামৰ্শ বা দফা ৰাজ্য চৰকাৰে বাস্তবায়ন কৰাৰ সিদ্ধান্ত ঘোষণা কৰাত স্বাভাৱিকতে ন্যায়াধীশ বিপ্লৱ শৰ্মা ছাৰৰ প্ৰতিবেদন লৈ আমাৰ আশা আকাংখা আৰু উৎসুকতা বাঢ়ি যায়। ন্যায়াধীশ বিপ্লৱ শৰ্মা ছাৰৰ প্ৰতিবেদনএ দেশী সকলৰ বিষয়ে কি কি পৰামৰ আগবঢ়াইছে স্ৱি সম্পৰ্কে অলপ আলোচনা কৰিবলৈ চেষ্টা কৰিছো। প্ৰতিবেদনৰ ১১৪ পৃষ্টাৰ পৰা টেবিল আকাৰে পৰামৰ্শ সমুহ সন্নিবিষ্ট কৰিছে। তাৰে ১নং টেবিলৰ ক্ৰমিক নম্বৰ ১৮ত দেশী সম্পৰ্কীয় প্ৰথমটো পৰামৰ্শ সন্নিৱিষ্ট হৈছে। ইয়াত লিখিছে, “Cultural complex with an auditorium, library, and exhibition gallery( regarding the Deshi community) be set up in Goalpara.” আমাৰ দাবীৰ সৈতে সম্পুৰ্ণ সহমত পোষণ কৰি গোৱালপাৰাত আমাৰ কল্পনাৰ কালচাৰেল কমপ্লেক্স, প্ৰেক্ষাগৃহ আৰু পুথিভড়াল নিৰ্মানৰ যি ঐতিহাসিক পৰামৰ্শ এই প্ৰতিবেদনত সন্নিৱিষ্ট কৰিছে তাৰ বাবে চেয়াৰ্মেন ন্যায়াধীশ বি কে শৰ্মা ছাৰ সমন্বিতে মাননীয় সদস্য মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছো। এই কালচাৰেল কমপ্লেক্স বাস্তৱত ৰুপায়ণ হ’লে, দেশীৰ পৰিচয় প্ৰতিষ্ঠাৰ আন্দোলন সফল হোৱা বুলি ক’ব পৰা যাব।এই টেবিলৰে ১৯ নম্বৰ ক্ৰমাংকত আছে, ” A Film Development Board for Deshi people be set up.” দেশীসকলৰ নামত এনে এটি অনুষ্ঠান স্থাপন কৰাৰ পৰামৰ্শ আমাৰ বাবে বৰ গৌৰৱৰ বিষয়। এই পৰামৰ্শ অৱাস্তৱ নহয়, অসম্ভৱ নহয়। চৰকাৰে ইচ্ছা কৰিলে অতি সহজতে ইয়াক বাস্তৱত ৰূপ দিব পাৰি। indigenous people
টেবিল নম্বৰ ১ৰ ২০ নম্বৰত আছে, “centre be established with enough funds to organise cultural events in every Deshi- inhabited village annually.” (দেশী জনবসতি থকা গাও সমূহত সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰা হওক আৰু প্ৰতি বছৰে সাংস্কৃতিক অনুষ্ঠান কৰাৰ বাবে পৰ্যাপ্ত পৰিমাণে পুঁজিৰ ব্যৱস্থা কৰা হওক।) আমাৰ দেশী সকলৰ হেৰোৱা ঐতিহ্য, সাংস্কৃতিক পৰম্পৰা আৰু সংস্কৃতি উদ্ধাৰ কৰি চৰ্চা কৰাৰ বাবে এই দাবীটো কৰা হৈছিল। সাংস্কৃতিক পৰিচয় অৱিহণে দেশীসকলে নিজৰ অস্তিত্ব ৰক্ষা কৰিব নোৱাৰিব। এই দাৱীটোক পৰামৰ্শ হিচাপে সন্নিৱিষ্ট কৰি ন্যায়াধীশ বি কে শৰ্মা সমিতিখনে এটি অতি গুৰুত্বপুৰ্ণ বিষয় স্পৰ্শ কৰিছে।
একেখন টেবিলৰ ২২ নম্বৰ ক্ৰমাংকত আছে ,” A Women’s University and one Medical Institution be set up at Goalpara.” (গোৱাল পাৰাত এখনি মহিলা বিশ্ববিদ্যালয় আৰু এটি চিকিৎসা বিজ্ঞানৰ প্ৰতিষ্ঠান স্থাপন কৰক।) নিসন্দেহে এই পৰামৰ্শ টো এটি গুৰুত্বপূৰ্ণ পৰামৰ্শ। ২৩ নম্বৰ্ত আছে যে, “Chair at Gauhati University for promotion of Deshi Language and culture be set up.” ( দেশী ভাষা আৰু সংস্কৃতিৰ প্ৰমোচনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এখন চেয়াৰ স্থাপন কৰা হওক।) নিসন্দেহে দেশী জনগোষ্ঠী, দেশী ভাষা আৰু সংস্কৃতিৰ বাবে এই পৰামৰ্শটো এটি ঐতিহাসিক পৰামৰ্শ। এই পৰামৰ্শ বাস্তবায়নৰ দ্বাৰা দেশী সকলোৰ ভাষা, সাহিত্য সংস্কৃতিৰ বিকাশৰ পথ মুকলি হব। Assam
ন্যায়াধীশ বি কে শৰ্মা ছাৰৰ প্ৰতিবেদনৰ ২ নম্বৰ টেবিলত জনগোষ্ঠী সমূহৰ ৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু প্ৰমোচনৰ ক্ষেত্ৰত আগবঢ়োৱা অতিৰিক্ত পৰামৰ্শসমূহ সন্নিৱিষ্ট হৈছে। ইয়াৰ ১৭ নম্বৰ পৰামৰ্শত আছে, ” Grants and Infrastructure to be provided by Government for Annual Literary Fairs and Cultural Festivals.” (জনগোষ্ঠী সমূহক বাৰ্ষিক সাহিত্য মেলা আৰু সংস্কৃতি উৎসৱ পাতিবৰ বাবে পৰিকাঠামো আৰু মঞ্জুৰী যোগান ধৰা হওক।) স্বায়ত্বশাসিত পৰিষদ নথকা জনগোষ্ঠীসমূহৰ বাবে সাহিত্য মেলা বা সাংস্কৃতিক উৎসৱ অনুষ্ঠিত কৰা বৰ টান কাম। তাৰ বাবেই এই দাবী আমি জনাইছিলো। দেশী, গৰিয়াসকলৰ বাবে এইটো পৰামৰ্শ অতি গুৰুত্বপূৰ্ণ। দেশী জনগোষ্ঠীয় মঞ্চ, অসমে দাবী কৰিছিল যে পশ্চিম অসমত থকা বিল, ফৰেষ্ট ৰিজাৰ্ভ, গ্ৰাজিং ৰিজাৰ্ভ আদি অবৈধ দখল মুক্ত কৰা হওক। এই দাবীৰ প্ৰতি সহমত পোষণ কৰি সমিতি খনে পৰামৰ্শ দিছে যে, “Forest grazing lands, grazing reserves and wetlands to be freed from encroachments.” দেশীসকলৰ বাবে আন এটি পৰামৰ্শ সন্নিৱিষ্ট হৈছে ২৩ নম্বৰ ক্ৰমাংকত। “Vulnerable settlements of indigenous people are to be provided security.” বহু দেশী মানুহ নদী ভংগ হৈ স্পৰ্শকাতৰ অঞ্চলত বসবাস কৰি থাকিব লগীয়া হৈছে, কৰবাত কৰবাত অনিচ্ছা সত্বেও বা অজানিতে চৰকাৰী খাচ মাটিতো আশ্ৰয় লৈ আছে, এনে মানুহ খিনিক নিৰাপত্তা দিয়াৰ যি পৰামৰ্শ নিসন্দেহে ই অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ। Deshi Janagosthi
ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ছাৰৰ সমিতিৰ প্ৰতিবেদনৰ ৩ নম্বৰ টেবিলৰ ১১ নম্বৰ ক্ৰমিক নম্বৰত এটি গুৰুত্বপূৰ্ণ পৰামৰ্শ সন্নিৱিষ্ট হৈছে। দেশী জনগোষ্ঠীয় মঞ্চ, অসমে দেশী সকলৰ বাবে পাচটা বিধান সভাৰ সমষ্টি আৰু এটা লোকসভাৰ সমষ্টি সংৰক্ষণ কৰি দিয়াৰ দাবী জনাইছিল। প্ৰতিবেদনত দেশীসকলোৰ বাবে ৪ নং ধুবুৰী লোকসভাৰ আসন সংৰক্ষিত কৰাৰ পৰামৰ্শই আমাক আনন্দিত কৰিছে। ৰাজনৈতিকভাৱে প্ৰান্তীয় জনগোষ্ঠীত পৰিণত হোৱা দেশী সকলৰ বাবে এই পৰামৰ্শ এটা মাইলৰ খুটি।
প্ৰতিবেদনৰ ৪ নম্বৰ টেবিলত অসমত হোৱা কেন্দ্ৰীয় চৰকাৰৰ নিয়োগৰ সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ ৭ নম্বৰ পৰামৰ্শত সমিতিয়ে অসমৰ দেশী সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিভাগত হোৱা নিয়োগৰ ১০% সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছে। নিসন্দেহে এটি ঐতিহাসিক পৰামৰ্শ।
“I love the Olympic Games. The Olympic are the event that few can fatthom but all can enjoy, and that why athletes work out in whole life to put on the greatest show on earth” (Johnny Weir, Olympic Medalist, USA)
দৈনন্দিন বাৰ্তাৰ বিশেষ: Marwari community in Assam: সময়ে সময়ে যেতিয়াই বিভিন্ন বিষয় কেন্দ্ৰ কৰি আমাৰ প্ৰদেশত গণ আন্দোলন হয় ঠিক তেতিয়াই অসমীয়া মাৰোৱাৰী সমাজ প্ৰভাৱিত হয়।১৯৭৯ৰ পৰা ১৯৮৫ ৰ অসম আন্দোলনৰ প্ৰাৰম্ভিক সময়কে ধৰি আলফাৰ উগ্ৰবাদ তথা সময়ে সময়ে যেতিয়াই যিকোনো বিষয় লৈ উগ্ৰ জাতীয়তাবাদে মূৰ দাঙি উঠে তেতিয়াই মাৰোৱাৰী সমাজৰ ইতিহাস বিষয় লৈ উগ্ৰ জাতীয়তাবাদে মূৰ দাঙি উঠে।ঠিক তেতিয়াই মাৰোৱাৰী সমাজ ইয়াৰ প্ৰথম লক্ষ্য হৈ আহিছে অসমত মাৰোৱাৰী সমাজৰ ইতিহাস প্ৰায় ২০০ বছৰ পুৰণি।বৰ্তমান সময়ত অসমে যি সমূহ জলন্ত সমস্যাৰ মুখামুখী কৰি আহিছে সেই সমস্যা সমূহৰ বাবে মাৰোৱাৰী সমাজক কোনো প্ৰকাৰে প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে দোষী সজাব নোৱাৰি।অসমৰ মাৰোৱাৰী সমাজ পোনপতীয়াকৈ বেপাৰ বাণিজ্য উদ্যোগ জগতৰ সৈতে জড়িত সমাজ।সম্ভৱত সৰল তথা নিজৰ পৰিসীমাকেই তথা ইয়াৰ চৌপাশে মাৰোৱাৰী সমাজে নিজৰ পৃথিৱী বুলি জ্ঞান কৰে।এওঁলোক অন্যায় অনীতি অত্যাচাৰ হিংসা মাৰপিত আদিৰ পৰা নিজকে দূৰত ৰাখে।
অসমত মাৰোৱাৰী সমাজৰ ইতিহাস প্ৰায় ২০০ বছৰ পুৰণি
য’ত হিংসা অত্যাচাৰ থাকে যি সমূহ নৈতিক মূল্যৰ বিপৰীত।প্ৰদৰ্শনী অপৰাধ নাইবা অন্যান্য কোনো ক্ষেত্ৰতে নিজ সংৰক্ষণৰ বাবে দাবী কৰাই নহওক’ কিয় মাৰোৱাৰী সমাজে কেতিয়াও চৰকাৰক নাইবা স্থানীয় সমাজৰ বাবে বেতনৰ হৈ বা ইয়াৰ বিপৰীতে কেতিয়াও ৰাস্তা পথলৈ অহা নাই।বৰ্তমান সময়ত অসমে নিজ অস্তিত্ব ৰক্ষাৰ বাবে যুৃঁজ দি আছে।ভাষা সংস্কৃতি দৰিদ্ৰতা তথা নিবনুৱা সমস্যাৰ সৈতে যুঁজ দি আছে।অসমৰ জনসংখ্যাৰ গাঁথনি দ্ৰুত গতিত পৰিৱৰ্তন হৈ আছে যিটো স্থানীয় সমাজৰ কাৰণে চিন্তাৰ বিষয় হৈ পৰিছে।এই সকলোবোৰ বিষয়ৰ ওপৰত অসমৰ মাৰোৱাৰী সমাজৰ কোনো প্ৰভাৱেই পৰিলক্ষিত নহয়।আৰু এই ক্ষেত্ৰত এই সমাজৰ অৱস্থিতি বহু নিলগত।এই অস্তিত্বৰ যুঁজত মাৰোৱৰী সমাজৰ অৱস্থিতি কিয় কোন স্থানত সমাজ থিয় দি আছে।জনসংখ্যাৰ গাঁথনিৰ ওপৰত চকু দিলে দেখা যায় যে অসমৰ ইতিহাসত মাৰোৱাৰী সমাজ ২০০ বছৰ পুৰণি তথা আজিৰ দিনত অসমৰ মুঠ জনসংখ্যাৰ মাত্ৰ দুই শতাংশ মাৰোৱাৰী।দৰিদ্ৰতা তথা নিবনুৱা কথা কবলৈ গ’লে মাৰোৱাৰী যুৱকৰ দ্বাৰা পৰিচালিত হোৱা ব্যৱসায়,বাণিজ্যি উদ্যোগ স্থানীয় বৃহৎ সংখ্যক যুৱক-যুৱতী নিজৰ জীৱিকা অৰ্জন কৰি আহিছে।এইক্ষেত্ৰত যিমানদূৰ সম্ভৱ প্ৰয়াস কৰাৰ আৱশ্যক আছে।অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰত মাৰোৱাৰী সমাজৰ ব্যক্তিৰ অৱদান উল্লেখনীয় তথা শ্ৰদ্ধাৰ বাগড়োদীয়া দেৱ,সাহেবাল দেৱ,গৌদুকা দেৱ,গৌকেকা দেৱ,পাটনী দেৱ,উমেশ দেৱ আদি সমাজত ব্ৰতী আছে।তদুপৰি শ্ৰদ্ধাপাত্ৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক অসমীয়া ভাষা সাহিত্যিক বলি জ্ঞান কৰা হয়।যি স্থান সম্মান অসমীয়া সমাজত তেখেতৰ আছে সেই সম্মান আদৰ মাৰোৱাৰী সমাজতেই নাই।বৰ্তমান সময়ত যি ৰাষ্ট্ৰই যোজনাৰ মাধ্যমেৰে নিজৰ বিনিয়োগ বৃদ্ধি কৰিবলৈ সফল হয় সেইসমূহ ৰাষ্ট্ৰইহে প্ৰগতি কৰিব পাৰে।
অসমৰ প্ৰগতি ক্ষেত্ৰত বেপাৰ বাণিজ্য উদ্যোগিক ক্ষেত্ৰত বিকাশৰ দিশত অসমৰ মাৰোৱাৰী সমাজৰ এক জীৱনৰেখা স্বৰূপ হৈ আছে।অসমত মাৰোৱাৰী সমাজৰ জনসংখ্যা দুই শতাংশ থকা স্বত্বেও কিন্তু বেপাৰ বাণিজ্য তথা উদ্যোগিক ক্ষেত্ৰখনৰ এক বৃহৎ অংশ মাৰোৱাৰী সকলৰ দায়িত্ব যথেষ্ট বেছি।অসমৰ আৰ্থিক প্ৰগতিৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে তথা অংশ হৈ ৰব ইয়াৰ অনন্তকালত তেওঁলোকৰ নিষ্ঠা,পৰিশ্ৰম,দূৰদশিতা।এতিয়াও ককাকৰ ধন নাঁতিনীয়েকে পৰিশোধ কৰে।অসমৰ সৰ্বাংগীন বিকাশ তথা সমাজসেৱাত অসমৰ মাৰোৱাৰী সমাজে এক অগ্ৰণী ভূমিকা লৈ আহিছে।শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ এক দীঘলীয়া ইতিহাস আছে।
বিদ্যালয়-মহাবিদ্যালয়,বিশ্ববিদ্যালয় আদি স্থাপনৰ ক্ষেত্ৰত সহায় অগ্ৰনী হিচাপে পৰিচিত।আজিও উচ্চ শিক্ষাৰ দুই বিশ্ববিদ্যালয়ে যুৱ সমাজক আগবঢ়াই লৈ গৈছে।চিকিৎসালয়,ধৰমশালা আদিৰ নিৰ্মাণতো কোনো ধৰনৰ পিছ পৰি ৰোৱা নাই।মাৰোৱাৰী সমাজৰ ৰিমানসংখ্যক সমাজসেৱী সংগঠন আছে।তেওঁলোকৰ দ্বাৰা এম্বুলেন্স সেৱা,স্বৰ্গৰথ সেৱা,কৃত্ৰিম অংগৰ শিৱিৰ।ৰক্তদান শিবিৰ,নেত্ৰদান,খেলা-ধূলা আদিৰ প্ৰতিযোগিতা দৰে অনেক প্ৰকাৰৰ কাৰ্যকলাপ সময়ে-সময়ে অনুষ্ঠিত কৰা হয়,ইয়াৰ পোনপটীয়া লাভ স্থানীয় সমাজ বন্ধু,সকলেই লাভ কৰি আহিছে।যিকোনো দুৰ্যোগৰ সময়ত,বানপানী ক’ৰনাকাল বা যিকোনো বিপদৰ নহওঁক কিয়,তেনে সময়ত মাৰোৱাৰী সমাজে হাঁহি মুখে আগবাঢ়ি দেহে মনে আৰ্থিকভাৱে কামত নিজকে জড়িত কৰি আহিছে আৰু সদায় প্ৰস্তুত হৈ থাকে।সমাজ সেৱা তথা দান কৰাৰ প্ৰবিক্তি হাবিয়াস এওঁলোকৰ তেজত বিৰাজমান যিটো কঠিন ব্ৰতৰ সমান।এই সকলোবোৰ বিষয় বিশ্লেষণ কৰি এইটো স্পষ্ট হৈ পৰে যে অসমৰ মাৰোৱাৰী সমাজ অসমৰ জনজাগৰণ কৰে ইয়াৰ ভাষা সংস্কৃতিৰ বাবে ইয়াৰ জনসংখ্যা গাঁথনিৰ পৰিৱৰ্তন কাৰণে কেতিয়াও এক বাধা হিচাপে থিয় দিয়া নাছিল বৰ্তমানেও নাই তথা ভৱিষ্যতেও নাথাকিব কোনো সভাজতেই সু-সম্পৰ্ক নহয়,কিছুমান ক্ষেত্ৰত কম-বেছি পৰিমাণটো সকলো সমাজেই পূৰ্ণতাৰ উৰ্দ্ধত নহয়।
মাৰোৱাৰী সমাজে ইয়াৰ বিপৰীত নহয় তথাপিও অসমত বসবাস কৰা অন্য সকলোবোৰ সমাজৰ তুলনাত অসমৰ বিকাশৰ প্ৰত্যেক ক্ষেত্ৰত এই সমাজ সদায়ে বহু আগত।আজিও অসমৰ মাৰোৱাৰী সমাজৰ প্ৰতি ইমান ইৰ্ষা বিবেদ তথা ঘৃণা কিয়?প্ৰত্যেক সৰু-বৰ বিষয়ত মাৰোৱাৰী সমাজত কিয় লক্ষ্য কৰি লোৱা হয়।কিয় সমাজত বিষবাষ্প বিয়পোৱা হয়।কিয় অপমানিত হয় মাৰোৱাৰী সমাজ,কিয় লক্ষ্য কৰি লোৱা হয় অসমৰ অভিস্তৰ এই যুঁজত,বৃহত্তৰ অসমীয়া প্ৰতি এক মাত্ৰ উপায় হিচাপে পৰিলক্ষিত হয়।গত সময়ত অসমত বসবাস কৰা বিভিন্ন সম্প্ৰদায়ৰ মাজত ভাতৃত্ববোধ সম্মান,ক্ষমতা তথা বুজাবুজি,থকাটো জুৰুৰী,অসমৰ বৰ্তমান সমস্যাটো সৈতে মোকাবিলা কৰিবলৈ এয়াই একমাত্ৰ তথা অন্তিম চৰ্ত।অসমৰ মাৰোৱাৰী সমাজৰ এক বৃহৎ ভাল গুণ থকা স্বত্বেও মাতৃভূমি তথা কৰ্ম ভূমিৰ প্ৰতি নিজস্ব কৰ্তব্য ধ্যান দিয়া প্ৰয়োজনীয়তা ওপৰত গুৰুত্ব দিয়াটো ভাল হ’ব।সময়ৰ লগে-লগে প্ৰতিযোগিতা তথা দায়িত্বৰো পৰিৱৰ্তন হয়।