Home Blog Page 542

Infertility: কিয় বৃদ্ধি পাইছে বন্ধ্যাত্বৰ সমস্যা !..কি কয় চিকিৎসকে ?

Infertility: কিয় বৃদ্ধি পাইছে বন্ধ্যাত্বৰ সমস্যা !..কি কয় চিকিৎসকে ?
বিলম্বিত পিতৃত্ব, পলিচিষ্টিক ডিম্বাশয় চিণ্ড্ৰোম আৰু জীৱনশৈলীৰ খেলিমেলিৰ বাবে বৃদ্ধি পাইছে বন্ধ্যাত্বৰ সমস্যা

গুৱাহাটী, ৯ অক্টোবৰ:(Infertility)সাম্প্ৰতিক সময়ত গুৱাহাটীত বন্ধ্যাত্ব ক্ৰমান্বয়ে এক গুৰুত্বপূৰ্ণ সমস্যাৰূপে পৰিগণিত হৈ আহিছে। শেহতীয়াভাৱে মহানগৰীৰ বহু দম্পতিয়ে গৰ্ভধাৰণৰ বাবে সংগ্ৰাম কৰি থাকিব লগীয়া হৈছে। ই একাধিক কাৰক যেনে বিলম্বিত পিতৃত্ব, অস্বাস্থ্যকৰ জীৱনশৈলী আৰু পলিচিষ্টিক ডিম্বাশয় চিণ্ড্ৰোম ( পি চি অ এছ ) আদিৰ বাবে হৈছে বুলি চিনাক্ত কৰা হৈছে। পিচিঅ’এছ হৈছে হৰমনৰ এনে এক স্থিতি যি মহিলাৰ উপৰত প্ৰভাৱ পেলায় আৰু ইয়াৰ ফলত বন্ধ্যাত্বৰ সমস্যা দেখা দিব পাৰে। ইয়াৰ বিশেষত্ব হৈছে অনিয়মীয়া ঋতুস্ৰাৱ, এণ্ড্ৰোজেনৰ উচ্চ স্তৰ আৰু ডিম্বাশয়ত ক্ষুদ্ৰ ক্ষুদ্ৰ চিষ্ট গঠন।

” মহিলাসকলৰ বন্ধ্যাত্বৰ এক মুখ্য কাৰণ হৈছে পিচিঅ’এছ। বন্ধ্যাত্বৰ সমস্যাৰ ৩০ % মহিলাৰে থাকে পিচিঅ’এছ। অৰ্থাৎ বন্ধ্যাত্ব চিকিৎসা সেৱাত বন্ধ্যাত্বৰ সৈতে যুঁজি থকা দহজন ৰোগীৰ ভিতৰত চাৰিজনৰে পিচিঅ’এছ দেখা যায়, ” প্ৰসঙ্গত নভা আইভিএফ ফাৰ্টিলিটি, গুৱাহাটীৰ ফাৰ্টিলিটি বিশেষজ্ঞ ডাঃ ৰাতুল দত্তই এক বাৰ্তালাপত এনেদৰে কয়। তেওঁ লগতে কয় ” পি চি অ এছে এগৰাকী মহিলাৰ ঋতুস্ৰাৱত প্ৰভাৱ পেলোৱাৰ উপৰি এনে অৱস্থাত হৰ্মোনেল অস্বাভাৱিকতাই দেখা দিয়ে, যাৰ ফলত মহিলাসকলৰ গৰ্ভধাৰণত প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে। অৱশ্যে গুৱাহাটীত উদ্বেগজনক ভাবে দেখা দিয়া বন্ধ্যাত্ব সংকটত অৰিহণা যোগোৱা পিচিঅ’এছ য়েই একমাত্ৰ কাৰক নহয়।

বিলম্বিত পিতৃত্ব ইয়াৰ আন এটা মুখ্য কাৰক। গুৱাহাটীত, বহুতো দম্পতীয়ে তেওঁলোকৰ বৃত্তি বা ব্যক্তিগত বিকাশৰ ওপৰত অধিক গুৰুত্ব দিযাৰ ফলত পিতৃত্বত বিলম্ব ঘটিছে। তেওঁলোকে পৰিয়াল বৃদ্ধিৰ সিদ্ধান্ত লব বিচাৰে যদিও পেশাগতভাবে অসুবিধাৰ সন্মুখীন হয়। সেইবাবেই প্ৰজননৰ পৰা আঁতৰি থাকে। অন্যহাতে বয়স বৃদ্ধিৰ লগে লগে জীৱনৰ পিছৰ সময়চোৱাত গৰ্ভধাৰণ কৰাটো ক্ৰমান্বয়ে কঠিন হৈ পৰে। ইয়াৰ কাৰণ হল প্ৰাকৃতিকভাৱে বয়স বৃদ্ধিৰ লগে লগে মানুহৰ প্ৰজনন ক্ষমতা হ্ৰাস পায়, বিশেষকৈ মহিলাৰ ক্ষেত্ৰত ই অধিক প্ৰকট হৈ পৰে।

যিহেতু সাম্প্ৰতিক সময়ত অধিক সংখ্যক মহিলাই তেওঁলোকৰ ৩০ বা ৪০ বছৰ বয়সলৈ সন্তান জন্ম দিয়াৰ বাবে অপেক্ষা কৰি থাকে, সেয়েহে তেওঁলোকে উৰ্বৰতা হ্ৰাস সমস্যাৰ সন্মুখীন হয় আৰু বহু সময়ত অন্তৰ্নিহিত স্বাস্থ্য সমস্যাৰ দ্বাৰা অধিক ক্ষতিগ্ৰস্থ হয়। বয়স-সম্পৰ্কীয় কাৰকৰ ওপৰি জীৱনশৈলীৰ বিকল্পবোৰেও বন্ধ্যাত্ব সমস্যা বৃদ্ধিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়।

আমাৰ আধুনিক জীৱনশৈলীৰ দ্বাৰা টোপনিৰ অভ্যাস আৰু পৰিমাণ বিঘ্নিত হৈছে, যিয়ে হৰমণৰ স্তৰ আৰু উৰ্বৰতাৰ ওপৰত প্ৰভাৱ পেলাই। অস্বাস্থ্যকৰ আহাৰৰ লগতে জাংক ফুড সেৱনৰ ফলত মেদবহুলতা আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যা বৃদ্ধি হৈছে, যি উৰ্বৰতা জনিত সমস্যাক প্ৰভাৱিত কৰে। বাহ্যিক জীৱনশৈলীয়ে মেদবহুলতাৰ আশংকা বৃদ্ধি কৰে, যাক অন্যান্য স্বাস্থ্য সমস্যাৰ লগতে বন্ধ্যাত্বৰ এক মুখ্য কাৰণ হিচাপে গণ্য কৰা হয়। পুৰুষৰ বন্ধ্যাত্ব নিম্নগামী হোৱাৰ আন এটা কাৰণ হল শুক্ৰাণুৰ গুণাগুণ হ্ৰাস।

ডাঃ ৰাতুল দত্তই লগতে কয় যে, “দম্পতীসকলে পিতৃ-মাতৃত্ব পলম কৰাৰ সলনি তেওঁলোকৰ পৰিয়াল সোনকালে আৰম্ভ কৰাৰ কথা বিবেচনা কৰা উচিত। অৱশ্যে ভৱিষ্যতৰ বাবে তেওঁলোকৰ উৰ্বৰতা বজাই ৰাখি কোনো ব্যক্তিয়ে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত পলম কৰাৰ পৰিকল্পনা কৰিলে শুক্ৰাণু বা ভ্ৰূণ হিমায়িত ( ফ্ৰীজিং) কৰাৰ দৰে বিকল্পৰ বিষয়ে চিন্তা কৰিব পাৰে। যদি আপুনি এবছৰতকৈ অধিক সময় ধৰি গৰ্ভধাৰণ কৰিবলৈ চেষ্টা কৰি আছে বা আপোনাৰ বয়স যদি ৩৫ বছৰতকৈ অধিক হৈছে, অনিয়মীয়া ঋতুস্ৰাৱ হৈছে বা যিকোনো প্ৰজনন সমস্যাৰ বিষয়ে অৱগত হৈছে, তেনেক্ষেত্ৰত উৰ্বৰতা বিশেষজ্ঞৰ পৰা পৰামৰ্শ লোৱা উচিত।

অন্যহাতে যদি আপোনাৰ বাৰে বাৰে গৰ্ভপাত, আনুবংশিক স্থিতি আৰু গৰ্ভধাৰণত সমস্যাই দেখা দি আহিছে, তেনেক্ষেত্ৰত উৰ্বৰতা বিশেষজ্ঞৰ সৈতে আলোচনা কৰা উচিত। এজন উৰ্বৰতা বিশেষজ্ঞৰ সৈতে আলোচনা কৰি আপোনাৰ সমস্যা সমূ্হৰ বিষয়ে আগতীয়াকৈ অৱগত হলে গৰ্ভধাৰণৰ সম্ভাৱনা উন্নত কৰিব পাৰে” । উল্লেখ্য যে গুৱাহাটীৰ নভা আইভিএফ ফাৰ্টিলিটি হৈছে এক বিস্তৃত উৰ্বৰতা চিকিৎসা কেন্দ্ৰ, য’ত শেহতীয়া প্ৰযুক্তিৰ সৈতে সুসজ্জিত পৰীক্ষাগাৰ আছে আৰু উৰ্বৰতা চিকিৎসা প্ৰদান কৰাৰ বাবে চিকিৎসা প্ৰতিষ্ঠানটোৱে আন্তৰ্জাতিক মানদণ্ড অনুসৰণ কৰে। নভা আইভিএফ ফাৰ্টিলিটিলৈ চিকিৎসাৰ বাবে গুৱাহাটীৰ ওপৰি নগাঁও, মাৰিগাঁও, নলবাৰী, গুৱালপাৰা আৰু তেজপুৰৰ পৰা দম্পতী আহে।

Durga Puja: পূজা তেতিয়াই ভাল আছিল, তেতিয়া চাইকেল চলাই পূজা চাবলৈ যোৱাৰ মজাই বেলেগ আছিল

Durga Puja: পূজা তেতিয়াই ভাল আছিল, তেতিয়া চাইকেল চলাই পূজা চাবলৈ যোৱাৰ মজাই বেলেগ আছিল
Durga Puja: পূজা তেতিয়াই ভাল আছিল, তেতিয়া চাইকেল চলাই পূজা চাবলৈ যোৱাৰ মজাই বেলেগ আছিল

গুৱাহাটী, ৯ অক্টোবৰ:( Durga Puja)এইবাৰ পূজাৰ বন্ধত প্ৰাঞ্জলহঁতৰ পৰিয়ালটো বাংগালুৰুলৈ ফুৰিবলৈ যাব। ৰক্তিমহতে আকৌ ইতিমধ্যে চিকিম, দাৰ্জিলিং যাবলৈ ৰেলৰ টিকেট বহুদিনৰ আগেয়ে কাটি থৈছে। চুবুৰীয়া দীপকহতৰ অৰুণাচল যোৱাৰ মন। মোক লৰা ছোৱালী কেইতাই কৰবালৈ লৈ যাবলৈ কুতুৰি কামুৰি আছে। সিহঁতৰ বহুদিনৰে পৰা এৰোপ্লেনত উঠাৰ মন। মাজে মাজে মোক কয়, তুমি হলে গৈ থাকা। আমাক নিনিয়া। মই কওঁ, ভালকৈ পঢ়া শুনা কৰা, ডাঙৰ হলে তোমালোকে নিজেই যাব পাৰিবা। কেতিয়াবা এদিন বাৰু মই প্লেনত উঠাই আনিম। মনে মনে মইও ভাবি নথকা নহয়। কিন্তু ভাবিলে হব কিটো, ইটোৰ পিছত সিটো লেথা নুগোছেই দেখোন। পূজাৰ আগে আগে পৰিবাৰেও কথাটো উলিয়াইছিল। পূজাত পাৰিলে দিল্লীখনকে দেখুৱাই অনাৰ কথাটো। প্লেনতো উঠোৱা হব আৰু দিল্লীখনো দেখুওৱা হব। পিছে নহলগৈ। এৰাব নোৱাৰা সমস্যা এটাই দেখা দিলে। তাতে মোৰো আকৌ জকাই চুকীয়া মন।

পূজাৰ বন্ধত বাহিৰলৈ নাযাও, পাৰিলে গোলাঘাটৰ ঘৰলৈকে আৰু গোলাঘাটৰ পৰা বাহিৰে বাহিৰে মাজুলী, ঢকুৱাখানা আদি ঠাইবোৰ ঘূৰি আহো। পূজা চোৱাও হব, ঘৰলৈ যোৱাও হব আৰু নতুন ঠাই চাই মিটিৰ ফুৰাও হব। ইফালে স্থানীয় পূজা কমিটিখনেও এইবাৰ এটা দায়িত্ব দি থৈছে। পৰিচালকৰ দায়িত্ব। পূজাখনত অলপ লাগি ভাগি দিয়াৰ বাবে। অন্যহাতে মোৰো এটা মন আছে। দুৰ্গা পূজাৰ সময়ত কোনো এখন পূজা কমিটিত প্ৰসাদ, খিছিৰি বিতৰণ আদি কাম সমূহত অলপমান বা পাৰিলে দেহেকেহে লাগি ভাগি দি অতিথি সেৱা কৰাৰ বা ধৰ্মীয় এই পৰম্পৰাৰ মাজেৰে নিজকে উৎসৰ্গিত কৰাৰ। বছৰি প্ৰত্যেকবাৰ পূজাত এই ভাৱ আহে আৰু পৰবৰ্তী পূজাত লাগি দিয়াৰ মানস কৰো যদিও বছৰ সলনি হোৱাৰ দৰে এই কামত আত্মনিয়োগ কৰাৰ যি ইচ্ছা বা হাবিয়াস সেয়া বছৰি পিছুৱাই গৈ আছে। কেতিয়াবা প্ৰশ্ন হয় যে বছৰি মানুহৰ চিন্তা ধাৰা সলনি হোৱাৰ লগে লগে কালৰ সোঁতত মোৰ এই ইচ্ছাও এদিন সলনি হৈ মনৰ হাবিয়াস বোৰ এনেদৰেই মৰহি যাব নেকি।


যোৱা ২৬ টা বছৰ মহানগৰীত বাস কৰি আছো। আৰম্ভণিতে সাংবাদিকতাৰ সময়ছোৱাত পূজা বুলিলে যি দুই তিনিদিন বন্ধ পাইছিলো, গোলাঘাটৰ ঘৰলৈ গৈ আকৌ ঘূৰি আহিবৰে হৈছিল। সেয়েহে পূজা বুলি ঘূৰি ফুৰাৰ পৰিবৰ্তে বিশেষকৈ ঘৰতেই সময়বোৰ কটাইছিলো। পিছলৈ পূজা বুলি নিজেই কাপোৰ কানি লোৱাৰ লগতে পূজা বুলি পৰিয়ালৰ অন্যান্য সদস্যলৈ কাপোৰ লোৱা আৰু কিনাৰ আগ্ৰহ আৰু গুৰুত্ব বাঢ়িছিল। পূজাৰ আগৰ কেইদিন সাধাৰণতে ফাঁচী বজাৰলৈ যোৱাটো এটা নিয়মত পৰিণত হৈছিল। সেইসময়ত ফাঁচী বজাৰত কাপোৰ কানি কিনাৰ বাবে বহু লোকৰ সমাগম ঘটিছিল। মানুহৰ ভিৰত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছিল। বিশেষকৈ বিহু, পূজাৰ সময়ত ফাঁচিবজাৰত বজাৰ কৰাৰ এক সুকীয়া মজা আৰু মাদকতা আছিল।সেই সময়ত গোলাঘাটৰ পৰা আহি গুৱাহাটীত থকা বহু চিনাকি লোক বা অন্যান্য খণ্ডৰ বন্ধু বৰ্গক পূজাৰ বজাৰত লগ পাইছিলো।

সেয়েহে তেতিয়াৰ ফাঁচী বজাৰ কেৱল বজাৰ কৰাৰ বাহিৰেও মিলনৰ এক সংযোগ স্থান ৰূপে পৰিগণিত হৈছিল। কিন্তু আজিৰ তাৰিখত নগৰ মহানগৰত অলিয়ে গলিয়ে শ্বপিং মল বোৰ গঢ় লৈ উঠাত ফাঁচী বজাৰত সেই ভিৰ নোহোৱাৰ লগতে সেই মাদকতা নোহোৱা হৈ পৰিল। সম্প্ৰতি যোৱা ১৬ টা বছৰে বিবাহিত জীৱন পাৰ কৰাৰ লগতে মহানগৰীত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ পৰা পূজাৰ আনন্দ, অনুভবত কেতবোৰ নতুন দিশৰ সংযোগ ঘটিল। এতিয়া পূজাৰ আনন্দ কাপোৰ কানিতে সীমাবদ্ধ নাথাকি লৰা ছোৱালীৰ আন দাবীবোৰ পূৰণ কৰাৰ লগতে সম্প্ৰতি পূজাৰ বন্ধত কত ফুৰিবলৈ যাম, সেয়া এক অন্যতম প্ৰধান আলোচ্য বিষয় হৈ পৰিল। সম্প্ৰতি নগৰ মহানগৰৰ বাসিন্দা সকলৰ মাজত পূজাৰ বন্ধত ফুৰিবলৈ যোৱাতো এক নতুন ধাৰা বা ফেশ্বন ৰূপে পৰিগণিত হৈছে। সৰু থাকোঁতে মা দেউতা হতৰ হাতত ধৰি পূজা চাবলৈ যোৱা, পিছলৈ অষ্টমী, নৱমীৰ দিনা দেৱী মাৰ আগত শৰাই দিয়া প্ৰথাবোৰ আজিৰ তাৰিখত ক্ৰমাগত ভাৱে হ্ৰাস পোৱা যেন অনুভৱ হয়। অবশ্যে বিশেষ অসুবিধা নাথাকিলে ব্যক্তিগত ভাৱে আমি এই পৰম্পৰা অব্যাহত ৰখাৰ চেষ্টা কৰি আহিছোঁ। দেৱী মাৰ আশীৰ্বাদ আৰু দেৱী মাৰ ওপৰত মনুষ্য জাতিৰ অগাধ ভাৱ ভক্তিক জাগ্ৰত কৰি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে ধৰালৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ ভঁৰাল বৃদ্ধি কৰিবলৈ দেৱী মাৰ পৰা শক্তি সঞ্চাৰ কৰাৰ বাবেই দেৱী মাক প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন আছে। বিগত কেইবছৰ মান পূজাৰ সময়ত চিকিম, গেংটক, দাৰ্জিংলিং, কলকাতা আদি ঠাই ফুৰি অহাৰ অভিজ্ঞতা বৰ সুখকৰ নহল। পৰা। পক্ষত পূজাৰ সময়ত অতি ব্যস্ত পৰ্য্যটন স্থান সমূহত নুযোৱাই ভাল। আজিকালি পূজাৰ সময়ত পৰ্য্যটন স্থান সমূহত ইমান বেছি ভিৰ হয় যে মানুহে ভ্ৰমনৰ সেই আনন্দ আদায় কৰিব নোৱাৰে। সেয়েহে আজিকালি মাজে মাজে ভাবো পূজা চোৱাৰ আনন্দ আচলতে সৰুতেই আছিল। এইবোৰ ভাবি পুৰণা দিনবোৰলৈ উভতি গলো। হাইস্কুলীয়া দিনৰ কথা। আৰম্ভণিতে ঘৰত চাইকেল এখনেই আছিল। আমাৰ গাঁৱৰ ঘৰৰ পৰা ওচৰত পূজা অনুষ্ঠিত হোৱা স্থানলৈ দূৰত্ব প্ৰায় তিনি কিলোমিটাৰ মান আছিল।

মা দেউতাই পূজাত বিশেষকৈ অষ্টমীৰ দিনা দেৱীলৈ আগবঢ়োৱা শৰাই ( ঠগি) খন আনিবলৈ খোজকাঢ়িয়েই পুজাস্থলিলৈ গৈছিল। কিন্তু আমাৰ বিশেষকৈ মোৰ আৰু দাদাৰ বাবে সেই কেইদিন চাইকেলখনৰ বিশেষ গুৰুত্ব আছিল। কিয়নো পূজাৰ কেইদিনত অন্ততঃ দুবাৰ পুজালৈ যাব লাগিছিলেই। এবাৰ শৰাইৰ দ্ৰব্যভাগ আগতীয়াকৈ দি পুজাস্থলিত নিজৰ নামটো লিখাই থবলৈ আৰু দ্বিতীয়বাৰ মা প্ৰসাদ সহ শৰাইখন ঘুৰাই আনিবলৈ নতুবা পূজা চাবলৈ। দাদা আৰু মোৰ মাজৰ বয়সৰ পাৰ্থক্য দুবছৰ মানৰ আছিল। আমাৰ ঘৰত থকা দাদালৈ বুলি অনা ২২ ইঞ্চিৰ সেই হিৰো চাইকেলখন পূজাৰ কেইদিন দাদা আৰু মোৰ বাবে বৰ গুৰুত্বপূৰ্ণ আছিল। চাইকেলখন পালে একো নালাগিছিল। মনে মনে কিমান বাৰ যে ঘৰত নোকোৱাকৈ চাইকেলখন লৈ সমনিয়াৰ ঘৰলৈ গৈ ঘূৰি আহি দাদা আৰু মা দেউতাৰ গালি খোৱাৰ উপৰি কেতিয়াবা দুই এচাত পিতন খাইছিলো, সেয়া ভাবিলে এতিয়া লৰালি বা শৈশৱৰ সেই স্মৃতিবোৰে আমনি কৰাৰ লগতে আকৌ এবাৰ সেই দিনবোৰলৈ উভতি যাবৰ মন যায় । পূজাৰ কেইদিনত দাদাই মোক চাইকেলখন দি তয়েই শৰাইখন দি থৈ আহগৈ বুলি খাটনি ধৰিলে প্ৰথমতে মই তই নাযাঅ নেকি বুলি না কৰাৰ চলেৰে গহীন ভাৱ এটা দেখুৱাইছিলো যদিও পেটে পেটেযে কিমান ভাল পাইছিলো সেই কথা দাদা আৰু মা দেউতাইয়ো জানিছিল।

পূজাৰ শৰাইখন পূজাৰীৰ হাতত দি নাম লেখাই চিধাই ৰেল ষ্টেচনত থকা পকী বেঞ্চত বঢ়ি অথবা ৰেলৰ আলিৰ কাষলৈ গৈ সময় পাৰ কৰিছিলো বা ৰেল অহা যোৱা কৰা চাই সময় পাৰ কৰিছিলো। গাঁৱৰ লৰা হিচাপে সেই সময়ত ৰেল আলিৰ কাষত থাকি আজিৰ দিনত ৱাশ্বিংটন, নিউয়ৰ্কত থকাৰ নিচিনা অনুভৱ হৈছিল। ৰেল আলিৰ কাষত থাকি পোৱা গোন্ধবোৰে আমনি কৰা নাছিল, বৰঞ্চ সেই গোন্ধ সেই সময়ত ভাল বেয়া বিচাৰ কৰিব নোৱাৰা বাবেই চাগৈ ভাল লাগিছিল আৰু আজিও সেই গোন্ধটোৰ উমান ললে মনলৈ ভাল লগা অনুভৱ এটাহে জাগ্ৰত হোৱা যেন লাগে। সেইসময়ৰ ৰেল ষ্টেচনৰ যি অনুভৱ সেয়া আজিৰ দিনত কোনো ৰেল ষ্টেচনৰ সান্বিধ্যলৈ আহি পোৱা অনুভবৰ সৈতে ৰিজাব নোৱাৰি। ৰেলআলিৰ আশে পাশে থকা বগা বগা শিলৰ পাথৰবোৰ ৰদত জিলিকি উঠা চিকমিকণিৰ মাজেৰে লাহে লাহে পাৰ হৈ যোৱা ৰেলখন চাই আৰু ষ্টেশ্যনৰ চানা আলাৰ চানা চুৰ অথবা কাষৰ ঘুমটিটোৰ পৰা লজেন গুটি খোৱাৰ যি আনন্দ, সেয়া আজিৰ তাৰিখত সেই স্থানলৈ হাজাৰ সমনিয়া লৈ গলেও কেতিয়াও জাগ্ৰত নহয়। সেয়া আছিল গোলাঘাট কমাৰবন্ধাৰ ৰেল ষ্টেচনৰ কাষতে জয়হিন্দ ক্লাবে আয়োজন কৰা পূজাখনৰ কথা। সেই সময়ত আমাৰ বামুন গাঁৱৰ পৰা পূজা চাবলৈ হলে হয়তু কমাৰবন্ধাৰ সেই ভাগ পূজা, নহলে গোলাঘাট টাউনৰ পূজালৈ যাব লগীয়া হৈছিল। আমাৰ ঘৰৰ পৰা টাউনলৈ দূৰত্ব আছিল প্ৰায় ৭ কিলোমিটাৰ। আমি সাধাৰণতে দুয়ো ঠাইলৈ পূজা চাবলৈ গৈছিলো। টাউনলৈ যাবলৈ হলে সাধাৰণতে বাছত গৈছিলো আৰু কমাৰবন্ধাৰ পূজা চাবলৈ হলে চাইকেলেৰে। সেই সময়ত মোতকৈ প্ৰায় দুবছৰ সৰু ভাইটিক চাইকেলৰ পিছ কেৰিয়াৰ অথবা আগফালে উঠোৱাই অন্ততঃ এবাৰ পূজা দেখুৱাই আনিব লাগিছিল। কেতিয়াবা দাদাই, কেতিয়াবা মই নিছিলো। তেতিয়াহে নিজেই সমনীয়াৰ সৈতে পূজা চাবলৈ যোৱাৰ বাট মুকলি হৈছিল। সেইসময়ত মোবাইল, টেলিফোন আদি একো নাছিল যদিও লগ সমনিয়া কেইটা গাঁৱৰ লাইব্ৰেৰীৰ কাষৰ জিৰণি চৰাটোত বহি ইটোৱে সিটোৰ বাবে ৰৈ আছিল আৰু যেতিয়াই ইটো সিটো লগ হৈছিলো তেতিয়া গোটেই কেইটাৰ মাজত চাইকেল হিচাপ কৰি পূজা চাবলৈ যোৱাৰ লগতে সেই ঠাইৰ পৰা বহু দূৰ আঁতৰি আন লগ সমনিয়াৰ ঘৰলৈ গৈছিলো আৰু সমনিয়াৰ ঘৰত ভাত পানী খাই ঘূৰি অহা বাটেৰে কিমান যে কথা, কিমান যে ফুৰ্তি কৰি আহিছিলো সেইবোৰ ভাবিলে এতিয়া আমি সেই সময়ত সৰুতেই বৰ ডাঙৰ আছিলো যেন অনুভৱ হয়।
সেইসময়ত পূজাত লবলগীয়া বস্তু কি আছিল বুলি কলে সম্ভবত ভিন্ন ৰঙী বেলুন, পিষ্টল, ভাল লগা কিবা কিবি ঘৰৱা সামগ্ৰী আদিয়েই আছিল। ইয়াৰ লগে লগে গজা, বৰফি, জেলেপি, কচৰি, চিঙৰা আদি খাবলৈ দেউতাৰ পৰা ১০-২০ টকা পালে যি আনন্দ লাভ কৰিছিলো সেই আনন্দৰ ভাগ আজি কোনো টকাৰ পৰিমাণেৰে ৰিজাব পৰা নাযায়। পূজাৰ আগে পিছে দেউতাৰ মুখত প্ৰায়েই বোনাচ বুলি শব্দ এটা শুনিছিলো আৰু যি বছৰ দেউতাই বোনাচ পাব বুলি শুনিছিলো, সেই বছৰ মাৰ মুখত ঘৰখনৰ চাৰিওটা লৰা ছোৱালীৰ বাবে কি কি কাপোৰ লব লাগিব, তাৰ তালিকা এখন মায়ে আগতীয়াকৈ প্ৰস্তুত কৰি দেউতাক দিছিল। লগতে ঘৰলৈ নতুন বস্তু এপদ আনিব পাৰি নেকি সেই কথাও আলোচনা হৈছিল। কোনোবা এবছৰ পূজাৰ বনাচৰ সৈতে আমাৰ ঘৰলৈ নতুন চাইকেল এখন আনিছিল আৰু তেতিয়াৰে পৰা সেইখন মোৰ ম্যাদি পত্তা মাটিৰ দৰে সংৰক্ষিত হৈ পৰিছিল।পূজাৰ সময়ত পিছলৈ এবাৰ তেনে বোনাচৰ টকাৰ লগত আৰু কিছু টকা সংযোগ কৰি ঘৰলৈ কলা বগা ছবিৰ টেলিভিছন এটা আনিছিল আৰু সেইদিনা আমাৰ মন আনন্দৰে নধৰা হৈছিল। পূজাৰ সময়ত ওচৰৰ পূজাখনৰ বাহিৰেও গোলাঘাট নগৰৰ পূজাখনলৈ এদিন হলেও গৈছিলো।

মোৰ অবশ্যে গাঁৱৰ সমান্তৰাল ভাবে গোলাঘাট নগৰ খনতো লগ বন্ধু বহুত আছিল। ইয়াৰ কাৰণ প্ৰধানত দুটা আছিল। এটা হল দেউতাৰ কৰ্মসূত্ৰে আমাৰ পৰিয়ালটো গুৱাহাটী মহানগৰীত থকা বাবে মোৰ আৰু দাদাৰ জন্ম গুৱাহাটীত হৈছিল আৰু প্ৰাথমিক শিক্ষাৰ প্ৰথম দুবছৰ গুৱাহাটীৰ ২ নং মঠঘৰিয়া বিদ্যালয়ত সমাপ্ত কৰাৰ পিছত কৰ্মসূত্ৰে দেউতাই নিজ ঠাই গোলাঘাটলৈ বদলি হৈ অহাত মই তৃতীয় আৰু চতুৰ্থ শ্ৰেণী গোলাঘাট নগৰৰ বিদ্যালয় এখনত পঢ়িছিলোঁ। তদুপৰি গাঁৱলৈ আহি ঘৰ বনোৱাৰ পূৰ্বে দেউতাই জিলা পুথিভঁৰালৰ আৱাস গৃহত দুবছৰ মান আমাক ৰাখিছিল। এই দুই কাৰণতে গোলাঘাট নগৰখন মোৰ বাবে সৰুতেই চিনাকি আছিল আৰু সেইদৰে বন্ধু বান্ধবো আছিল। পিছলৈ কেইবাজনো বন্ধুৰ ঘৰ মোৰ ভাত ঘৰৰ দৰে হৈ পৰিছিল। আৰু সেয়েহে পূজাৰ সময়ছোৱাত গাঁও আৰু নগৰীয়া – এই দুই বিধ পূজাৰ আনন্দ আৰু অভিজ্ঞতা সমানেই হৈছিল। নগৰৰ পূজা চাবলৈ গলে লগৰ কোনোবা এজন বন্ধুৰ ঘৰত চাইকেলখন থৈ বন্ধুৰ সৈতে পূজা চাবলৈ ভিৰৰ মাজত হেৰাই গৈছিলো বা কেতিয়াবা ৰাতি লগৰীয়াৰ ঘৰতে আছিলোঁ। পিছলৈ কলেজীয়া দিনবোৰত পূজাৰ সময়ছোৱাত লোৱা আনন্দ হাইস্কুলৰ দিনবোৰতকৈ কিছু সলনি আৰু পৃথক হৈছিল।

কলেজীয়া দিনবোৰত সেই গাঁৱৰ পূজাৰ পৰিবৰ্তে নগৰত থাকি এক সীমিত পৰিমাণৰ আনন্দৰে পাৰ কৰিছিলো। ইয়াৰ মাজতে আমি বি এছ চি পঢ়ি থাকোঁতে কোনোবা এবছৰ পূজাৰ দিন কেইটাত গোলাঘাট নগৰত আমাৰ দেৱৰাজ মহাবিদ্যালয়ৰ অধীনত আমাৰ প্ৰাণী বিজ্ঞান বিভাগৰ এখন প্ৰদৰ্শনী আয়োজন কৰা হৈছিল আৰু আমি জ্যেষ্ঠ ছাত্ৰ হিচাপে প্ৰদৰ্শনী খনত ব্যস্ত আছিলো। সেই বছৰ পূজাৰ কেইটা দিনেই আমি দৰ্শনাৰ্থী সকলক বিষয় বস্তুৰ উপস্থাপন তথা আভাষ দাঙি ধৰাত নিমগ্ন হৈছিলো আৰু ইয়াৰ মাজতে পূজাৰ আনন্দ লৈছিলো। ক্ৰমাগত ভাৱে পৰবৰ্তী পৰ্যায়ত উচ্চ শিক্ষা গ্ৰহণৰ বাবে গুৱাহাটী মহানগৰীলৈ আহি পূজাৰ সময়ত গোলাঘাটলৈ উভতি গৈ লাভ কৰা পূজাৰ আনন্দ বোৰ ক্ৰমাৎ চেপা খাই আহিল আৰু সেইদৰে পূজাৰ আনন্দও স্তিমিত বা সীমিত হৈ পৰিল। পিছলৈ এনেকুৱা হল যে পূজাৰ দিনকেইটাত বন্ধ পাইছোঁ যেতিয়া সেই কেইটা দিনতে ঘৰলৈ গলে মিটিৰ কুটুম অথবা বন্ধু বৰ্গৰ ঘৰলৈ ফুৰিবলৈ যোৱা হলো। আৰু সম্প্ৰতি মহানগৰীত পৰিয়াল সহ থকাৰ পিচত পূজা বুলিলে বন্ধৰ দিনকেইটা বাহিৰত কটাব পাৰি নেকি সেই চিন্তাত নিমগ্ন হোৱা দেখা গল। কাৰণ গুৱাহাটীত পূজা বুলিলে এফালে আশাৰ সঞ্চাৰ আনফালে বিষাদ। যিদৰে আধুনিক সা সজ্জাৰে বৃহৎ আয়োজন সেইদৰে যান যতৰ ভিৰত সেই পূজা চাবলৈ ওলাই যাবলৈ মন নোযোৱা এক বিষাদ। এইয়াই পূজাৰ অনুভৱ গাঁও, নগৰ আৰু মহানগৰৰ।

BOOK: শিশুটিক পুতলা পিষ্টলৰ সলনি এখন কিতাপ উপহাৰ দিয়ক

 (BOOK)মানুহৰ মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধন কৰাৰ ক্ষেত্ৰত এখন কিতাপৰ গুৰুত্ব অপৰিসীম। মানুহে অভিজ্ঞতা আৰু অধ্যয়ন এই দুয়োটা কাৰকৰ পৰা শিকিব লগা বহুদিশেই আছে।হতাশ দিনবোৰতো এজন মানুহে নিজকে তুলি ধৰিব পৰাকৈ সংগ এখন কিতাপে মানুহক দিব পাৰে।
শিশুটিক পুতলা পিষ্টলৰ সলনি এখন কিতাপ উপহাৰ দিয়ক

গুৱাহাটী, ৯ অক্টোবৰ: (BOOK)মানুহৰ মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধন কৰাৰ ক্ষেত্ৰত এখন কিতাপৰ গুৰুত্ব অপৰিসীম। মানুহে অভিজ্ঞতা আৰু অধ্যয়ন এই দুয়োটা কাৰকৰ পৰা শিকিব লগা বহুদিশেই আছে।হতাশ দিনবোৰতো এজন মানুহে নিজকে তুলি ধৰিব পৰাকৈ সংগ এখন কিতাপে মানুহক দিব পাৰে।

“এখন ভাল কিতাপ এজন ভাল বন্ধুৰ দৰে।”

মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল ” বিদ্যালয় মোৰ বাবে মন্দিৰ, পঢ়াই মোৰ লক্ষ্য,শিক্ষক মোৰ বাবে ভগৱান আৰু কিতাপেই মোৰ বন্ধু। ” আন এজন বিখ্যাত মনিষীৰ মতে “এখন ভাল কিতাপ এজন ভাল বন্ধুৰ দৰে।” এজন ভাল বন্ধুৱে কৰা উপকাৰৰ দৰে কিতাপ এখনেও আমাৰ বিভিন্ন দিশৰ উৎকৰ্ষ সাধন কৰি ব্যক্তিত্ব বিকাশত সহায় কৰে।

এতিয়া উৎসৱৰ বতৰ। সকলোৱেই নিজৰ পৰিয়ালটো বা আত্মীয়ৰ আৰু কনমানিকেইটাৰ বাবে উপহাৰ ক্ৰয় কৰে।এই উপহাৰসমূহৰ লগতে কণমানিকেইটাৰ মনোগ্ৰাহী হোৱাকৈ যদি আমি কিতাপ উপহাৰ দিব পাৰো তেনেহ’লে নিশ্চিতকৈ কণমানিটোও উপকৃত হ’ব আৰু এটি শুভবাৰ্তা আমাৰ সমাজলৈ যাব। কনমানিটোৱেও বিভিন্ন ধৰণৰ সাধুকথাৰ জৰিয়তে
নৈতিক শিক্ষা লাভ কৰিব আৰু তাৰ মানসিক শ্ৰীবৃদ্ধি হ’ব। সিহঁতক ম’বাইল ,কম্পিউটাৰৰ পৃথিৱীৰ পৰা উলিয়াই অনাৰ ক্ষেত্ৰত এনে পদক্ষেপ সহায়ক হ’ব বুলি আশা কৰিব পাৰি।

এইক্ষেত্ৰত অভিভাৱকসকলৰ দায়বদ্ধতাই সৰ্বাধিক ।এনে পদক্ষেপৰ দ্বাৰা সিহঁতৰ মানসিক উৎকৰ্ষ সাধনৰ লগতে বহিঃৰাষ্ট্ৰলৈ যোৱা ৰাজহৰ সংখ্যাও বহু পৰিমাণে কমি যাব।আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক গতিকে সিহঁতৰ হাতত এটা পুতলা পিষ্টলতকৈ এখন কিতাপ তুলি দিয়ক আৰু সমাজখন এখন আদৰ্শ সমাজ হিচাপে গঢ়ি তোলক।

70th National Film Awards: বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী-ৰ বাবে বিচাৰকৰ বিশেষ বঁটা গ্ৰহণ অভিনেত্ৰী আইমী বৰুৱাৰ

70th National Film Awards Aimee Baruah Wins Jury Special Award for Birubala Witch to Padma Shri
70th National Film Awards: বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী-ৰ বাবে বিচাৰকৰ বিশেষ বঁটা গ্ৰহণ অভিনেত্ৰী আইমী বৰুৱাৰ

গুৱাহাটী,৮ অক্টোবৰ: আজি নতুন দিল্লীত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত হৈ যায় । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানটোত শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা-অভিনেত্ৰীসকলক সন্মানিত কৰে । এই ৰাষ্ট্ৰীয় বঁটাসমূহ এই বছৰৰে ১৬ আগষ্টত ঘোষণা কৰা হৈছিল ।

বঁটা প্ৰদান অনুষ্ঠানটোত আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনা আৰু আইমী বৰুৱাৰ(Actress and filmmaker Aimee Baruah) পৰিচালনাত নিৰ্মিত “বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী”তথ্যচিত্ৰখনক বিচাৰকৰ বিশেষ বঁটা(Jury Special Award) প্ৰদান কৰা হয় । তথ্যচিত্ৰখনৰ নিৰ্মাতা অভিনেত্ৰী আইমী বৰুৱাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰা এই বঁটা গ্ৰহণ কৰে ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰা অভিনেত্ৰী আইমী বৰুৱাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ

সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰাৰ বাবে বিৰুবালা ৰাভা(Padma Shri Birubala Rabha)ই কিদৰে চেষ্টা চলাইছিল, সেই বিষয়ে বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে । তাৰোপৰি অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ লগতে কঠিন পৰিস্থিতিতো পীড়িসকলক সহায় কৰা বিৰুবালা ৰাভাই ২০২১ চনত পদ্মশ্ৰী সন্মান লাভ কৰাৰ বিষয়েও ৰাষ্ট্ৰপতিগৰাকীয়ে তেখেতৰ ভাষণত উল্লেখ কৰে।

৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদানৰ এই অনুষ্ঠানতেই ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম কিংবদন্তি অভিনেতা মিঠুন চক্রৱৰ্তীক দাদা চাহেব ফাল্কে বঁটা(Dadasaheb Phalke Award) প্ৰদান কৰা হয়। এই বঁটাক ভাৰতীয় চলচ্চিত্ৰ জগতৰ আটাইতকৈ সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয়(Indian cinema)। ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিতৰণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই সন্মান গ্ৰহণ কৰি অভিনেতাগৰাকী আবেগিক হৈ পৰে।

70th National Film Awards: দাদা চাহেব ফাল্কে বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰা মিঠুন চক্রৱর্তীয়ে কলে – মই যদি পাৰিছো, তোমালোকেও অৱশ্যেই পাৰিবা”

70th National Film Awards: দাদা চাহেব ফাল্কে বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰা মিঠুন চক্রৱর্তীয়ে কলে - মই যদি পাৰিছো, তোমালোকেও অৱশ্যেই পাৰিবা"
70th National Film Awards: দাদা চাহেব ফাল্কে বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰা মিঠুন চক্রৱর্তীয়ে কলে - মই যদি পাৰিছো, তোমালোকেও অৱশ্যেই পাৰিবা"

নতুন দিল্লী, ৮ অক্টোবৰ: ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম কিংবদন্তি অভিনেতা মিঠুন চক্রৱৰ্তীক মঙলবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দাদা চাহেব ফাল্কে বঁটা(Dadasaheb Phalke Award) প্ৰদান কৰা হয়। এই বঁটাক ভাৰতীয় চলচ্চিত্ৰ জগতৰ আটাইতকৈ সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয়(Indian cinema)। ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিতৰণ অনুষ্ঠানত(70th National Film Awards) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই সন্মান গ্ৰহণ কৰি অভিনেতাগৰাকী আবেগিক হৈ পৰে।

উল্লেখযোগ্য যে, চলতি বছৰৰ আৰম্ভণিতে মিঠুন চক্রৱৰ্তীক পদ্মবিভূষণ সন্মানেও ভূষিত কৰা হৈছিল। ৫০ বছৰীয়া অভিনয় যাত্ৰাত এই সন্মান পোৱাৰ অনুভৱ ব্যক্ত কৰি বিশিষ্ট অভিনেতাগৰাকীয়ে ক’লে, “মই যদি পাৰোঁ, তোমালোকেও অৱশ্যেই পাৰিবা।” অফ-হোৱাইট পাঞ্জাৱী আৰু বগা ৰঙৰ ধুতি পৰিধান কৰি অনুষ্ঠানত উপস্থিত থকা মিঠুন চক্রৱৰ্তীয়ে গ্ৰহণ কৰিলে এই সন্মান ।

অলপতে আঘাত পোৱা শিল্পীগৰাকীৰ হাতত থকা প্লাষ্টাৰৰ বাবে তেওঁ মঞ্চত উঠাৰ সময়ত সহায় ল’ব লগা হয়। বঁটা গ্ৰহণৰ পূৰ্বে ৰেড কাৰ্পেটত সাংবাদিকৰে হোৱা বাৰ্তালাপত শিল্পীগৰাকীয়ে কলে, “মই এতিয়াও এই খবৰটোক বিশ্বাস কৰিব পৰা নাই। এই সন্মানটো যেন ঈশ্বৰৰ পৰা অহা এটা অনন্য উপহাৰ”।

মিঠুন চক্রৱৰ্তীৰ অভিনয় কেৰিয়াৰে অতিক্ৰম কৰিছে পাঁচটা দশক । এই সন্মান গ্ৰহণৰ সময়ত অতীত ৰোমন্থন কৰি শিল্পীগৰাকীয়ে আবেগিক হৈ পৰা পৰিলক্ষিত হ’ল। ইফালে দাদা চাহেব ফাল্কে বঁটা গ্ৰহণৰ দিনাই বৰ্ষিয়ান অভিনেতাগৰাকীয়ে অভিনয় কৰা ‘শাস্ত্রী’ নামৰ এখন নতুন ছবিয়ে মুক্তি লাভ কৰিছে। পথিকৃত বসু পৰিচালিত এই ছবিখনত মিঠুন চক্রৱৰ্তীয়ে জ্যোতিষী পৰিমল শাস্ত্রীৰ চৰিত্ৰত অভিনয় কৰিছে।

Sky:“এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়’’

“এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়’’
ৰাৰ বুকুত এখন ঘাঁহনিৰ কোমল সেউজীয়াই শৰতক আদৰাৰ প্ৰস্তুতি

(Sky)শৰতৰ আগমনত ফেনিল শুভ্ৰতাৰ পোচাক পিন্ধি শ্যামলীমা ধৰণীৰ বুকুত নৈৰ দাঁতিত এডৰা কহুঁৱাই হাঁহিৰ বৰষুণ নমাইছে ৷ শাৰদী কোমল মলয়াই গছৰ নিৰ্বিকাৰ আৰু নিৰানন্দময়, পাল নথকা নাওৰ দৰে পাতবোৰক আলফুলকৈ সৰুৱাই জেতুলীপকা ৰঙা ৰঙেৰে আকাশখনত সুমিষ্ট গীতৰ ঢৌ তোলাৰ আয়োজনত নিমগ্ন হৈছে৷
শৰতৰ বাহাদুৰি এয়া ৷
যাৰ পৰশত মেঘৰ মাজত সুশোভিত পৰিষ্কাৰ এসোপামান নীলাই আবিৰ সানিছে৷
ধৰাৰ বুকুত এখন ঘাঁহনিৰ কোমল সেউজীয়াই শৰতক আদৰাৰ প্ৰস্তুতি কৰিছে৷
এক মনোমোহা পৰিষ্কাৰ বাতাৱৰণত বিতোপন শৰতৰ আগমনিৰ আনন্দোল্লাস এয়া।
এই পৰিবেশত কেতিয়াবা নদীৰ পাৰত বহি শৰতৰ সন্ধিয়া অস্তিমিত সূৰ্য্যৰ হেঙুল ৰ’দজাকত তিতি চাই পাইছেনে?
কি জানো বাতৰি কঢ়িয়াই আনে গোপনে গোপনে। নিয়ৰৰ ৰুণঝুন শৱদত উদ্বাউল হোৱা হিয়ামনে

সুধিবলৈ ব্যাকুল হৈ পৰে ব্যস্ততাই কোঙা কৰা লহমাবোৰক।
ব্যস্ততাক আতঁৰাই থৈ প্ৰকৃতিৰ মনোমোহা ৰূপৰ মদিৰা পান কৰাৰ বাবে সাজু হোৱাৰ সময় এই শৰততে।

ৰ’দঘাই বতৰৰ সেই উমসনা আবেগিক প্ৰণয়-গাথাঁক শৰতৰ সিক্ত আবেলিটোৱে যেন সাধুকথাৰ দৰে আদৰে!
নদীৰ পানচৈ ঘাটত। আলসুৱা মেঘবোৰে ডাকোৱাল হৈ প্ৰণয়ৰ সেই নিৰ্লোভ চিঠিখন কঢ়িয়াই।
“এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়’’সুধাকণ্ঠৰ অমৰ সেই গীতৰ কলিক গুনগুনায়৷

ৰিমঝিম বৰষুণে তিয়াই চিপচিপিয়া কৰা সেউজীয়া ঘাহঁনি এডৰাত ৰ’দৰ আলিঙ্গনত মুচকচ গৈ চিকুণ সেউজীয়া হোৱা দূবৰিৰ প্ৰাণৰ সমস্ত আকুলতা তাতেই হাবুডুবু খায়।

যেন মনিমুকুতাৰ এধাৰি হাৰ। আলফুলকৈ প্ৰকৃতিক পিন্ধায়।
কাল্পনিক কথোপকথনত এহাল প্ৰেমিক চৰাই৷
কহুঁৱা এডৰাৰ কাষত নৈৰ দাঁতিত বহি সিহঁতৰ মধুৰ প্ৰেমালাপ,

আহিনৰ আলাপ শেৱালিৰ সতে ৷
(প্ৰতিগৰাকী প্ৰিয়জনৰ প্ৰিয়জনলৈ বুলি এক শাৰদীয় কাল্পনিক বাৰ্তালাপ)

তেওঁঃ এই,
চোৱাচোন নদীৰ সিটো পাৰলৈ৷

হাতদুখনত আলফুলকৈ ধৰি সি তেওঁক নদীখনৰ বালিচৰত বহি সিটো পাৰলৈ আঙুলিয়াই দেখুৱালে৷

সিঃ বলাচোন এপাক চাই আঁহো৷
এই বাটেৰেই,
মাত্ৰ অলপ দূৰ গৈ গৈ
কহুঁৱাৰ বাগিচা এখন পাম৷

দুয়োৰে আত্মাৰ মউবোৰ যিমানলৈ
নিগৰি বব,

সিমানখিনিলৈকে ভটিয়াই যাম দুয়ো৷

তোমাৰ আপত্তিটো নাই ?

তেওঁঃ অ’!
এয়া আক’ সুধিব লগীয়া কথা নেকি?

যামটো৷

বলা৷

তেতিয়া বেলিটো টুপুককৈ নৈ খনৰ দাঁতিৰ টিলাটিৰ আঁৰত লুকাই যাও কি নাযাওঁ সেই দোমোজাতে পৰি আছিল৷
কেৰাহিকৈ সিহঁতৰ পিনে পিছে এপাক চাবলৈ নেৰিলে সন্ধিয়াৰ বেলিটিয়ে৷

সিঃ সময়বোৰ মন কৰিছা?
লাহে লাহে বিশেষ হৈছে৷
পনিয়লবৰণীয়া৷

ঠিক তোমাৰ ওঠযুঁৰিৰ দৰেই৷
মিচিকি হাঁহি এটি তেওঁৰ ওঠৰ কোণেৰে বিৰিঙি উঠিল৷

তেওঁঃ ওহোঁ৷

কিনো বিশেষ,
মইতো একো দেখা নাই৷

সিঃ ৰহৰহীয়া, অথচ ফুটো নুফোটোকৈ থকা বিষাদ এটিক চুই চাইছা তুমি কেতিয়াবা?

তাক হেঁচুকি যে পলবোৰক ধিয়াই নিমিষ নমৰাকৈ নিচুকনি গীত গায় কোনোবাই?
ঋতুৰ বাহাদুৰিক ধাৰশায়ী কৰি৷

তেওঁঃ কোন সেয়া?

সিঃ শেৱালি৷

ৰাতিয়েই ফুলি ৰাতিতেই মৰহি আহিনৰ প্ৰেমক বুটলিব নোৱাৰাৰ যি বিষাদ৷
সেয়া শেৱালিৰ বাদে অইন কোনে বুজিব?
সেয়ে মোৰ প্ৰিয় “শেৱালি’’৷

আৰু অলপ আগুৱাই যাই দুয়ো৷

কুহুমবুলীয়া বেলিটো তেতিয়াওঁ দোমোজাৰ কেঁকুৰিটোতে পৰি আছিল৷
কি জানো কৰিব?
কোনটো টিলাৰ কাষেৰে টুপকৈ বুৰ মাৰিব!

তেওঁঃ এঘুমটি ভালকৈ মাৰি ল’ম আজি৷

ৰ’দে-গোন্ধে আবৰা
এইডৰা সেউজ ঘাহঁনিত৷

কিমান দিন যে কহুঁৱাৰ গোন্ধটো উজিয়াই লোৱা হোৱা নাই৷
এডাল কহুঁৱা চিকুনকৈ চিঙি আনি তেওঁৰ হাতত দিলে৷
কহুঁৱাডাল হাতত লৈয়ে তেওঁৰ চকুত এটি দুষ্টামিৰ তিৰবিৰণিয়ে ঢৌ তুলি গল৷

কহুঁৱাৰ কোমল পৰশৰে এবাৰ তাৰ ডিঙিত আকৌ এবাৰ তাৰ কাণৰ কাষেৰে ভাকুটকুটাই দিলে৷

সিঃ উফ্৷
ৰবাচোন৷
তুমিও যে আৰু নহয়৷
তাইঃ বেয়া পালা?

Gauhati University Inter-College Youth Festival:দুধনৈ মহাবিদ্যালয়ত উখল-মাখল পৰিৱেশত গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱৰ সামৰণি

Gauhati University Inter-College Youth Festival:দুধনৈ মহাবিদ্যালয়ত উখল-মাখল পৰিৱেশত গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱৰ সামৰণি
Gauhati University Inter-College Youth Festival:দুধনৈ মহাবিদ্যালয়ত উখল-মাখল পৰিৱেশত গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱৰ সামৰণি

দৈনন্দিন বাৰ্তাৰ সেৱা, দুধনৈ, ৮ অক্টোবৰ : (Gauhati University Inter-College Youth Festival) দুধনৈ মহাবিদ্যালয়ত এক উখল-মাখল পৰিৱেশত সামৰণি পৰিল গুৱাহাটী বিশ্ববিদ্যালয় (পশ্চিম মণ্ডল)আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱ-২০২৩-২৪ । অসমৰ বৌদ্ধিক আৰু শৈক্ষিক জগতৰ ঐতিহ্যবাহী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ সহযোগত আৰু দুধনৈ মহাবিদ্যালয়ৰ উদ্যোগত ২০২৩-২৪ ইং বর্ষৰ গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ খনি যোৱা ৫ অক্টোবৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় । যুৱ মহোৎসৱ খনিত গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ মুঠ১৫ খন মহাবিদ্যালয়ে অংশ গ্ৰহণ কৰে ।আজি সংগীত প্ৰতিযোগিতাৰ অন্তিম কাৰ্যসূচী লোকবাদ্য প্ৰতিযোগিতাই সকলোকে মোহিত কৰে ।

তিনি দিনীয়া কৈ অনুষ্ঠিত যুৱ মহোৎসৱৰ বিভিন্ন শিতানত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফলাফল অনুসৰি আলোচনী প্ৰতিযোগিতাত শ্ৰেষ্ঠ আলোচনীৰ পুৰস্কাৰ লাভ কৰে টুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ “বৰটিলা”,দ্বিতীয় শ্ৰেষ্ঠ আলোচনীৰ সন্মান লাভ কৰে অভয়াপুৰী মহাবিদ্যালয়ৰ “প্ৰয়াস” । তৰ্ক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ উদীপ্ত মেধি, দীপজ্যোতি ডেকা, দ্বিতীয় স্থান বঙাইগাওঁ মহাবিদ্যালয়ৰ তন্ময় ৰয়,কনিকা দেৱী আৰু তৃতীয় স্থান লাভ কৰে গোৱালপাৰা মহাবিদ্যালয়ৰ হিমাক্ষী ৰয় দাস, জিতুমণি কলিতা । বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে দুধনৈ মহাবিদ্যালয়ৰ চোনিয়া নাথ,দ্বিতীয় স্থান বিজনী মহাবিদ্যালয়ৰ বুলবুলি দাস, তৃতীয় স্থান লাভ কৰে বিলাসীপাৰা মহাবিদ্যালয়ৰ আশ্ৰাফুল আলম ।

স্বৰচিত কবিতা আবৃত্তিত প্ৰথম ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ নীহাৰিকা কাশ্যপ,দ্বিতীয় গোৱালপাৰা মহাবিদ্যালয়ৰ চুমিত কলিতা, তৃতীয় স্থান লাভ কৰে বিকালী মহাবিদ্যালয়ৰ চন্দ্ৰিমা ৰাভা ।কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ বিকালী মহাবিদ্যালয়,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে দুধনৈ মহাবিদ্যালয় আৰু বি,এন মহাবিদ্যালয়। স্পট ফটোগ্ৰাফিত দুধনৈ মহাবিদ্যালয়ৰ অৰূপজ্যোতি শীল, দ্বিতীয় আমজোঙাৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ জয়প্ৰকাশ নাথ আৰু তৃতীয় স্থান লাভ কৰে বিলাসীপাৰা মহাবিদ্যালয়ৰ নিতম হালদাৰ । পোষ্টাৰ বনোৱা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বঙাইগাওঁ মহাবিদ্যালয়ৰ সুহজ দাস, দ্বিতীয় স্থান লাভ কৰে চাপতগ্ৰাম মহাবিদ্যালয়ৰ জয়িতা দাস আৰু তৃতীয় স্থান লাভ কৰে অভয়াপুৰী মহাবিদ্যালয়ৰ যতীন চন্দ্ৰ ৰায় ।

কলাজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে চাপতগ্ৰাম মহাবিদ্যালয়ৰ জয়িতা দাস, দ্বিতীয় বীৰঝৰা কণ্যা মহাবিদ্যালয়ৰ শিখাৰাণী পাঠক আৰু তৃতীয় স্থান লাভ কৰে দুধনৈ মহাবিদ্যালয়ৰ বৰষা ব্ৰহ্ম । ক্লে মডেলিং প্ৰতিযোগিতাত প্ৰথম লক্ষীপুৰ মহাবিদ্যালয়ৰ প্ৰণৱ বড়ো, দ্বিতীয় চাপতগ্ৰাম মহাবিদ্যালয়ৰ জয়িতা দাস আৰু তৃতীয় স্থান লাভ কৰে বঙাইগাওঁ মহাবিদ্যালয়ৰ সুহজ দাস । কাৰ্টুন প্ৰতিযোগিতাত প্ৰথম চাপতগ্ৰাম মহাবিদ্যালয়ৰ জয়িতা দাস, দ্বিতীয় বিকালী মহাবিদ্যালয়ৰ ভৃগু ৰাভা আৰু তৃতীয় স্থান লাভ কৰে অভয়াপুৰী মহাবিদ্যালয়ৰ যতীন চন্দ্ৰ ৰায় ।বৰগীত প্ৰতিযোগিতাত প্ৰথম গোৱালপাৰা মহাবিদ্যালয়ৰ নিষ্ঠা কলিতা, দ্বিতীয় দুধনৈ মহাবিদ্যালয়ৰ চোনিয়া নাথ আৰু তৃতীয় স্থান লাভ কৰে বিকালী মহাবিদ্যালয়ৰ বিউটি বড়ো ।লোক গীত প্ৰতিযোগিতাত প্ৰথম বি,এন মহাবিদ্যালয়ৰ মনালী সৰকাৰ,দ্বিতীয় বঙাইগাওঁ মহাবিদ্যালয়ৰ মিতালি ডেকা আৰু তৃতীয় স্থান লাভ কৰে গোৱালপাৰা মহাবিদ্যালয়ৰ নিষ্ঠা কলিতা ।

সমবেত সংগীত প্ৰতিযোগিতাত প্ৰথম গোৱালপাৰা মহাবিদ্যালয়,দ্বিতীয় অভয়াপুৰী মহাবিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে দুধনৈ মহাবিদ্যালয়।ৰবীন্দ্ৰ সংগীতত প্ৰথম বি,এন মহাবিদ্যালয়ৰ মনালী সৰকাৰ দ্বিতীয় বঙাইগাওঁ মহাবিদ্যালয়ৰ সমীক্ষা শৰ্মা আৰু তৃতীয় স্থান লাভ কৰে দুধনৈ মহাবিদ্যালয়ৰ চোনিয়া নাথ ।পৰম্পৰাগত জনজাতি গীতত প্ৰথম গোৱালপাৰা মহাবিদ্যালয়ৰ অদিতি ৰাভা, দ্বিতীয় দুধনৈ মহাবিদ্যালয়ৰ নৱনীতা ৰাভা আৰু তৃতীয় স্থান লাভ কৰে টুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ দীপশিখা ৰয় ।আধুনিক গীতত প্ৰথম অভয়াপুৰী মহাবিদ্যালয়ৰ নিকুমণি ৰাজবংশী, দ্বিতীয় বীৰঝৰা কণ্যা মহাবিদ্যালয়ৰ তৰালী ৰয় ।

স্বৰ বাদ্যত প্ৰথম দুধনৈ মহাবিদ্যালয়ৰ নিপন হাজোৱাৰী আৰু দ্বিতীয় স্থান লাভ কৰে প্ৰমথেশ মহাবিদ্যালয়ৰ অভিজিৎ কৰ্মকাৰ ।তাল বাদ্যত প্ৰথম প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ তৌফিক ইছলাম আৰু দ্বিতীয় স্থান লাভ কৰে টুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অভিজিৎ কলিতা ।বনগীতত প্ৰথম বঙাইগাওঁ মহাবিদ্যালয়ৰ মিতালি ডেকা, দ্বিতীয় অভয়াপুৰী মহাবিদ্যালয়ৰ নিকুমণি ৰাজবংশী আৰু তৃতীয় স্থান লাভ কৰে দুধনৈ মহাবিদ্যালয়ৰ বাপ্পী দে । লঘু কণ্ঠ সংগীতত প্ৰথম দুধনৈ মহাবিদ্যালয়ৰ খঞ্জন নাথ,দ্বিতীয় বি,এন মহাবিদ্যালয়ৰ মনালী সৰকাৰ আৰু তৃতীয় স্থান লাভ কৰে বঙাইগাওঁ মহাবিদ্যালয়ৰ সুভাষ দাস ।জ্যোতি সংগীতত প্ৰথম দুধনৈ মহাবিদ্যালয়ৰ চোনিয়া নাথ, দ্বিতীয় বি এন মহাবিদ্যালয়ৰ মনালী সৰকাৰ আৰু তৃতীয় স্থান লাভ কৰে বীৰঝৰা কণ্যা মহাবিদ্যালয়ৰ হেনাশ্ৰী বৰুৱা ।বিষ্ণু সংগীতত প্ৰথম অভয়াপুৰী মহাবিদ্যালয়ৰ নিকুমণি ৰাজবংশী, দ্বিতীয় পশ্চিম গোৱালপাৰা মহাবিদ্যালয়ৰ চিন্ময়ী দেৱী আৰু তৃতীয় স্থান লাভ কৰে টুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ দীপজ্যোতি সৰকাৰ ।

পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতত প্ৰথম বঙাইগাওঁ মহাবিদ্যালয়ৰ সমীক্ষা শৰ্মা, দ্বিতীয় বি,এন মহাবিদ্যালয়ৰ মনালী সৰকাৰ আৰু তৃতীয় স্থান লাভ কৰে দুধনৈ মহাবিদ্যালয়ৰ চোনিয়া নাথ ।ভূপেন হাজৰিকাৰ গীতত প্ৰথম দুধনৈ মহাবিদ্যালয়ৰ চোনিয়া নাথ, দ্বিতীয় অভয়াপুৰী মহাবিদ্যালয়ৰ নিকুমণি ৰাজবংশী আৰু তৃতীয় স্থান লাভ কৰে গোৱালপাৰা মহাবিদ্যালয়ৰ অদিতি ৰাভা ।জয়ন্ত হাজৰিকাৰ গীতত প্ৰথম দুধনৈ মহাবিদ্যালয়ৰ খঞ্জন নাথ দ্বিতীয় বি,এন মহাবিদ্যালয়ৰ মনালী সৰকাৰ আৰু তৃতীয় স্থান লাভ কৰে অভয়াপুৰী মহাবিদ্যালয়ৰ নিকুমণি ৰাজবংশী ।

ভাৰতীয় শাস্ত্ৰীয় সংগীতত প্ৰথম বিবেচিত নহ’ল দ্বিতীয় বি,এন মহাবিদ্যালয়ৰ মনালী সৰকাৰ আৰু তৃতীয় স্থান লাভ কৰে বঙাইগাওঁ মহাবিদ্যালয়ৰ সমীক্ষা শৰ্মা ।পাশ্চাত্য সংগীতত প্ৰথম টুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ বিবান মাহমুদ, দ্বিতীয় অভয়াপুৰী মহাবিদ্যালয়ৰ বিশাল ৰয় আৰু তৃতীয় স্থান লাভ কৰে বি,এন মহাবিদ্যালয়ৰ মনালী সৰকাৰ আৰু লোকবাদ্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে গোৱালপাৰা মহাবিদ্যালয়,দ্বিতীয় বঙাইগাঁও আৰু তৃতীয় স্থান লাভ কৰে বীৰঝৰা কণ্যা মহাবিদ্যালয় । সামৰণি অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ অখিল ৰঞ্জন দত্ত, ড৹জয়ন্ত কৃষ্ণ শৰ্মাৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক,অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে । উক্ত অনুষ্ঠানতে বিভিন্ন শিতানত অনুষ্ঠিত প্ৰতিযোগিতা সমূহৰ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয় আৰু শ্ৰেষ্ঠ মহাবিদ্যালয় হিচাপে দুধনৈ মহাবিদ্যালয়ৰ নাম ঘোষণা কৰা হয়।

Haryana Election Result: বিজেপিৰ যোগেশ কুমাৰক পৰাস্ত কৰি বিপুল ভোটত ভিনেশ ফোগটৰ জয়লাভ

Haryana Election Result Vinesh Phogat Wins in Haryana Elections, Defeats BJP Candidate Yogesh Kumar
Haryana Election Result: বিজেপিৰ যোগেশ কুমাৰক পৰাস্ত কৰি বিপুল ভোটত ভিনেশ ফোগটৰ জয়লাভ

নেশ্যনেল ডেস্ক, ৮ অক্টোবৰ: প্ৰথমবাৰৰ বাবে নিৰ্বাচনী ক্ষেত্ৰত অৱতীৰ্ণ হৈ ভিনেশ ফোগটে দেখুৱালে এক চমকপ্ৰদ সাফল্য (Haryana Election Result)। মল্লযুঁজাৰু হিচাপে বিশ্বজোৰি খ্যাতি অৰ্জন কৰা ভিনেশে বিজেপিৰ প্ৰাৰ্থী যোগেশ কুমাৰক পৰাস্ত কৰি কংগ্ৰেছৰ হৈ জুলানা বিধানসভা সমষ্টিৰ আসনখনৰ পৰা বিজয়ী হৈছে (Vinesh Phogat Wins in Haryana Elections)।

ভোটগননাৰ আজিৰ এই দিনটোৰ আৰম্ভণিতে দেখিবলৈ পোৱা ট্ৰেণ্ড অনুসৰি হৰিয়ানাত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি ধাৰণা কৰা হৈছিল। কিন্তু, অতি কম সময়তে সেই ছবি সলনি হৈ বৃহৎ পৰিৱৰ্তনেৰে বিজেপিয়ে ৯০খন আসনৰ বেছিভাগ আসনতে অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা যায়। এই প্ৰতিবেদন যুগুত কৰা মুহূর্তলৈকে বিজেপিয়ে ৪৯ খন আসনত আৰু কংগ্ৰেছ ৩৬ খন আসনত আগবাঢ়ি আছে(Haryana Election 2024)।

ভিনেশ ফোগটৰ জয়লাভ

ভিনেশ ফোগট, যিগৰাকী মল্লযুঁজাৰুয়ে পেৰিচ অলিম্পিকত পদক হেৰুওৱাৰ পাছতে সৰ্বত্ৰে পৰিচিত হৈ পৰিছিল(Renowned wrestler Vinesh Phogat), তেওঁ এইবাৰৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত জুলানা সমষ্টিৰ পৰা বিশাল ভোটৰ ব্যৱধানত বিজেপিৰ যোগেশ বৈৰাগীক পৰাস্ত কৰে । এই সমষ্টিটোত প্ৰায় ৭০% ভোটাৰ জাঠ সম্প্ৰদায়ৰ আৰু প্ৰায় ৫০,০০০ ভোটাৰ অন্যান্য পিছপৰা শ্ৰেণী আৰু ব্ৰাহ্মণ সম্প্ৰদায়ৰ অন্তর্ভুক্ত।

Sarbananda Sonowal: শাৰদীয় দুৰ্গোৎসৱৰ বতৰত ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলৰ লগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Union Minister Sarbananda Sonowal with rickshaw pullers, pushdrivers in Dibrugarh during The Shardiya Durgotsav season
Sarbananda Sonowal: শাৰদীয় দুৰ্গোৎসৱৰ বতৰত ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলৰ লগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড়, ৮ অক্টোবৰ ২০২৪: (Minister Sarbananda Sonowal)কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলক লগ কৰি তেওঁলোকৰ খা-খবৰ লয় আৰু অন্তৰংগ বাৰ্তালাপত মিলিত হয়। লগতে তেওঁলোকৰ সৈতে একেলগে পুৰি-চবজি খোৱাত মিলিত হয়। সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “আমাৰ লক্ষ্য- অন্ত্যোদয়াৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ লোকৰ সম-বিকাশ, সম-মৰ্যাদা সুনিশ্চিত কৰা।

সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংশ -ৰিক্সাচালক, ঠেলাচালকসকলৰ কষ্ট, কৰ্মোদ্যমে জীৱনৰ এক গভীৰ অৰ্থ বহন কৰি আহিছে। শাৰদীয় দুৰ্গোৎসৱৰ বতৰত তেখেতসকলক লগ পাই আপ্লুত হ’লোঁ আৰু তেওঁলোকৰ সৈতে কথা-বতৰা পাতি দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। খাটি খোৱা এইসকল সৰল মনৰ লোকৰ সৈতে একেলগে পুৰি-চবজি খোৱাৰ সময়কণে মোৰ ল’ৰালিৰ স্মৃতি সজীৱ কৰি তুলিলে।”

Haryana Assembly Election Result 2024: হাৰিয়ানাত বৃহৎ পৰিৱৰ্তন, আগবাঢ়ি থকা কংগ্ৰেছ হঠাতে পিছ পৰিল; চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি

Haryana Assembly Election Result 2024:হাৰিয়ানাত বৃহৎ পৰিৱৰ্তন, আগবাঢ়ি থকা কংগ্ৰেছ হঠাতে পিছ পৰিল; চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি
Haryana Assembly Election Result 2024:হাৰিয়ানাত বৃহৎ পৰিৱৰ্তন, আগবাঢ়ি থকা কংগ্ৰেছ হঠাতে পিছ পৰিল; চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি

Haryana Assembly Election Result 2024: কিছু সময়ৰ পাছতে স্পষ্ট হ’ব হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফল।কিন্তু ইয়াৰ মাজতে ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে এক বৃহৎ পৰিৱৰ্তন। প্ৰাৰম্ভিক পৰ্যায়ত আগবাঢ়ি থকা কংগ্ৰেছ হঠাতে পিছ পৰি গৈছে । একে সময়তে ধাৰা সলনি কৰি বিজেপিয়ে দ্ৰুতগতিত সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে (BJP leads Haryana elections) । পুৱা ১০ বজালৈকে ট্ৰেণ্ডত কংগ্ৰেছে ৬০ খনতকৈও অধিক আসনত আগবাঢ়ি আছিল যদিও কিছু সময়ৰ পাছত বিজেপিয়ে সলনি কৰি তুলিলে প্ৰেক্ষাপট ।

বিজেপিয়ে বৰ্তমান এক শক্তিশালী প্ৰত্যাৱৰ্তনেৰে ৪৭খন আসনত আগবাঢ়ি আছে । নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি কংগ্ৰেছৰ আসন ৬৫ ৰ পৰা ৩২ খনলৈ হ্ৰাস পাইছে (Congress falls behind in Haryana)। কিছু সময়ৰ বাবে যদি এই ধাৰাটো এনেদৰেই অব্যাহত থাকে তেন্তে হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফলত এক বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব পাৰে ।

পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে বিজেপি

বিভিন্ন টিভি চেনেলত অহা ট্ৰেণ্ডত বিজেপিয়ে এক বাম্পাৰ লিড দেখিবলৈ পাইছে। ট্ৰেণ্ড অনুসৰি, সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপিয়ে(Haryana election trends 2024)। চেনেলসমূহৰ মতে, বৰ্তমান বিজেপিয়ে ৪৮খন আসনত আগবাঢ়ি আছে। একে সময়তে কংগ্ৰেছে এতিয়া ৩৭খন আসনলৈ নামি আহিছে (BJP vs Congress Haryana election)। ইয়াৰ পৰা এই কথা স্পষ্ট হৈছে যে যদি ধাৰাটো এনেকৈয়ে থাকে তেন্তে বিজেপিয়ে চৰকাৰ গঠনৰ দিশত আগবাঢ়িছে। লগতে স্পষ্ট হৈ পৰিছে যে বিজেপিয়ে আকৌ এবাৰ দৌৰত আহিছে। উল্লেখ্য যে, মুঠ ৯০খন বিধানসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হোৱা হাৰিয়ানাত চৰকাৰ গঠনৰ বাবে ৪৬খন আসনৰ প্ৰয়োজন(Haryana assembly seats majority)।