Home Blog Page 543

Haryana and Jammu Kashmir Election Result:কোনে চৰকাৰ গঠন কৰিবহাৰিয়ানা আৰু জম্মু-কাশ্মীৰত?

Haryana and Jammu Kashmir Election Result: Who will form the government in Haryana and Jammu and Kashmir?
Haryana and Jammu Kashmir Election Result:কোনে চৰকাৰ গঠন কৰিবহাৰিয়ানা আৰু জম্মু-কাশ্মীৰত?

১০ অক্টোৱৰ, গুৱাহাটী:( Haryana and Jammu Kashmir Election Result) কাৰ হাতলৈ যাব জম্মু- কাশ্মীৰ আৰু হাৰিয়ানাৰ শাসন? পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে হাৰিয়ানা আৰু জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। হাৰিয়ানাত এই মুহূৰ্তত ৪৬খন আসনেৰে বিজেপিয়ে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ আগবাঢ়ি আছে ৩৭খন আসনত। লগতে অন্যান্য দলে লাভ কৰিছে ৭খন আসন।প্ৰায় ৬১ শতাংশ ভোটদান কৰিছিল হাৰিয়ানাৰ জনতাই। এতিয়া অপেক্ষা মাত্ৰ কেইটামান ঘন্টাৰ।

ৰাজ্যখনত ১০ বছৰৰ পাছত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নে বিজেপিয়ে জয়ৰ হেট্ৰিক কৰিব হাৰিয়ানাত ? জম্মু- কাশ্মীৰত পৰাজয়ৰ দিশে বিজেপি এইবাৰ জম্মু- কাশ্মীৰত পৰাজয়ৰ দিশে বিজেপি। ইয়াত কংগ্ৰেছ-ৰাষ্ট্ৰীয় সন্মিলনৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব বুলি অনুমান কৰা হৈছে। বৰ্তমান সময়ত বিজেপিয়ে যেন ২৫খন আসন, পিডিপিয়ে ৫খন আৰু আনসকলে ৯খন আসন লাভ কৰিছে ।

Commonwealth Classic Sub Junior Powerlifting Championship: কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অসমৰ প্ৰথম গৰাকী স্বৰ্ণ পদক বিজয়ী মৈত্ৰী বড়া

Commonwealth Classic Sub Junior Powerlifting Championship: কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অসমৰ প্ৰথম গৰাকী স্বৰ্ণ পদক বিজয়ী মৈত্ৰী বড়া
Commonwealth Classic Sub Junior Powerlifting Championship: কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অসমৰ প্ৰথম গৰাকী স্বৰ্ণ পদক বিজয়ী মৈত্ৰী বড়া

৮ অক্টোৱৰ, গুৱাহাটী: (Commonwealth Classic Sub Junior Powerlifting Championships) কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত ভাৰতৰ দলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰে তিনিচুকীয়া জিলাৰ হিজুগুৰিৰ নিবাসী মৈত্ৰী বড়াই। ৪ পৰা ১৩ অক্টোবৰ, ২০২৪ তাৰিখলৈ দক্ষিণ আফ্ৰিকাৰ ছান চিটিত অনুষ্ঠিত কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি চাৰিটা শিতানত ক্ৰমে ৪৭ কেজি চাব জুনিয়ৰ ৱিমেন, অভাৰ অল গল্ড মেডেল, ইন্দিভিজুৱেল গল্ড মেডেল ইন স্কোৱাত, বেঞ্চ প্ৰেছ এণ্ড ডেডলিফট শাখাত ৪টাকৈ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়(Moitrayee Borah)। মৈত্ৰীৰ পিতৃৰ নাম প্ৰাঞ্জল প্ৰতিম বড়া আৰু মাতৃ অনিতা বড়া।

প্ৰাঞ্জল প্ৰতিম বড়াই এগৰাকী সু-কন্যাৰ পিতৃ হোৱাৰ লগতে ভাৰতৰ পাৱাৰলিফটিং দলৰ মেনেজাৰ হিচাবে প্ৰতিনিধিত্ব কৰে। অসম পাৱাৰলিফটিং এছ’চিয়েচনে জানিবলৈ দিয়া অনুসৰি ৪৭ কেজি বডিউৱেইট বিভাগত অসম চাব জুনিয়ৰ ক্লাছিক শাখাৰ পৰা প্ৰথমগৰাকী স্বৰ্ণ পদক বিজয়ী হিচাবে বিবেচিত হৈছে মৈত্ৰী বড়াই। মৈত্ৰীৰ এনে খবৰৰ পাছতে ভাৰতৰ পাৱাৰলিফটিং সন্থাৰ উপ-সভাপতি কৈলাশ শৰ্মা, অসম পাৱাৰলিফটিং সন্থাৰ সভাপতি ৰাজ কুমাৰ দাস, সম্পাদক অনুপম শৰ্মাই কমনৱেলথ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত সুন্দৰ প্ৰদৰ্শনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

AI-Based ECG Services: এইমছৰ ৰোগীয়ে এআই প্ৰযুক্তিৰ জৰিয়তে লাভ কৰিব ECG ৰ সুবিধা

AIIMS-Delhi-Innovates-with-AI-Based-ECG-Services-for-Patient-Care
AI-Based ECG Services: এইমছৰ ৰোগীয়ে এআই প্ৰযুক্তিৰ জৰিয়তে লাভ কৰিব ECG ৰ সুবিধা

নতুন দিল্লী, ৮ অক্টোবৰ: দিল্লী এইমছে অতি শীঘ্ৰে চিকিৎসালয়খনত ভৰ্তি হোৱা ৰোগীসকলক কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ জৰিয়তে ECG ৰ সুবিধা প্ৰদান কৰিব(AI-Based ECG Services)। ইয়াৰ লগে লগে টেকনিচিয়াগৰাকীয়ে ৰোগীৰ ECG কৰিবৰ বাবে এটা বিভাগৰ পৰা আন এটা বিভাগলৈ গৈ থকাৰ কোনো প্ৰয়োজন নাথাকিব। ইয়াৰ উপৰিও ইয়াৰ বাবে একাংশ ৰোগীক কেন্দ্ৰীয় ইউনিটলৈ নিয়াৰ প্ৰয়োজনীয়তাও নাইকিয়া হ’ব। তাৰোপৰি ৰোগীক এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাৰ অসুবিধাৰ পৰাও ৰোগীৰ অভিভাৱকে সকাহ পাব।

বৰ্তমান টেকনিচিয়ানসকলে বিভিন্ন বিভাগলৈ গৈ কৰে ৰোগীৰ ECG

বৰ্তমান সময়ত ৰোগীৰ ECG কৰে ECG টেকনিচিয়াসকলে। যাৰ বাবে তেওঁলোকে বিভিন্ন বিভাগলৈ গৈ চিকিৎসালয়খনত ভৰ্তি হৈ থকা ৰোগীসকলৰ ECG কৰিব লাগে। ইয়াৰ লগতে বহু ৰোগীক ECG ৰ বাবে কেন্দ্ৰীয়ভাৱে কৰা ইচিজি সুবিধা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। দিল্লী এইমছৰ সঞ্চালক ডাঃ এম শ্ৰীনিবাসে কয়, আমি ৰোগীৰ যত্ন আৰু কাৰ্য্যকৰী ফলপ্ৰসূতা – এই দুয়োটা উন্নত কৰাৰ প্ৰয়াসেৰে ৰোগীৰ ECG সেৱা সুশৃংখলিত কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছো।

৩১ ডিচেম্বৰৰ ভিতৰত প্ৰতিটো ৱাৰ্ডত ডিজিটেল ECG সঁজুলি স্থাপন কৰাৰ পৰিকল্পনা

সঞ্চালকগৰাকীয়ে জনোৱা মতে, ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত এইমছ, দিল্লীয়ে(Delhi AIIMS) প্ৰতিটো আন্তঃৰোগী ৱাৰ্ডত (Inpatient ward) এআই ভিত্তিক ক্ষমতা থকা ডিজিটেল ECG সঁজুলি(Digital ECG Machine) স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। নাৰ্চিং বিষয়া, আৱাসী চিকিৎসক আৰু ফেকাল্টি সদস্যসকলে ৰোগীৰ বিচনাৰ কাষতে এই সুবিধা গঢ়ি তোলাৰ ফলত ECG ৰ বাবে ৰোগীক এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰৰ প্ৰয়োজনীয়তা যথেষ্ট হ্ৰাস পাব(Artificial Intelligence in Healthcare)।

জটিল ECG ৰ বাবে ২৪-ঘণ্টীয়া কমাণ্ড চেণ্টাৰ স্থাপনৰ পৰিকল্পনা

ইয়াৰ সমান্তৰালকৈ এইমছৰ কাৰ্ডিঅ’লজি বিভাগে জটিল ECG ৰ বুজ লৈ উন্নত চিকিৎসা প্ৰদানৰ বাবে ২৪ ঘণ্টীয়া কমাণ্ড চেণ্টাৰো স্থাপন কৰা হ’ব । চিকিৎসালয়খনৰ প্ৰতিটো ৱাৰ্ড আৰু ICUৰ পৰা জটিল ECG ৰিপ’ৰ্টৰ বিশ্লেষণ কাৰ্ডিঅ’লজিষ্টৰ দ্বাৰা কৰা হ’ব, আৰু টেলিমেট্ৰী ব্যৱস্থাৰে ইয়াক প্ৰেৰণৰ সুবিধা থাকিব। । অধ্যাপক এম. শ্ৰীনিবাসে এই বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে, দিল্লী এইমছত আমি স্বাস্থ্যসেৱা প্ৰদানৰ মান উন্নত কৰিবলৈ অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব বিচাৰো(AI in Cardiology)।

আমাৰ উদ্দেশ্য হৈছে, ৰোগীসকলে যাতে সময়মতে প্ৰয়োজনীয় ক্লিনিকেল সেৱা লাভ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ সামগ্ৰিক স্বাস্থ্যসেৱাৰ অভিজ্ঞতা উন্নত হয়। ইয়াৰ বাবে আমি এআই ভিত্তিক ডিজিটেল ECG ডিভাইচসমূহ একত্ৰিত কৰি ২৪ ঘণ্টীয়া কমাণ্ড চেণ্টাৰ স্থাপনৰ বাবে প্ৰস্তুতি চলাইছো। এইমছৰ মিডিয়া চেলৰ ভাৰপ্ৰাপ্ত অধ্যাপিকা ৰীমা দাদাই কয় যে, দিল্লী AIIMSত স্বাস্থ্য সেৱা প্ৰদানৰ মান উন্নত কৰাৰ লক্ষ্যৰে অত্যাধুনিক প্ৰযুক্তিৰ ব‍্যৱহাৰ কৰিবলৈ চেষ্টা চলাই থকা হৈছে। আমাৰ লক্ষ্য হৈছে, অত্যাধুনিক প্ৰযুক্তি গ্ৰহণ কৰি ECG সেৱা বিকেন্দ্ৰীকৰণ কৰি ৰোগীক দ্ৰুত আৰু সঠিক চিকিৎসা সেৱা প্ৰদান কৰা ।

এই অত্যাধুনিক প্ৰযুক্তিৰ সংযোজনে দিল্লী AIIMSৰ ৰোগীসকলৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত বৃহৎ পৰিবৰ্তন আনিব, যি স্বাস্থ্য সেৱাৰ মান আৰু গতিশীলতাক আৰু অধিক উন্নত কৰি তুলিব ।

Ratan Tata health rumors: স্বাস্থ্যৰ অৱনতিৰ উৰাবাতৰি অস্বীকাৰ কৰি ৰতন টাটাই জনালে, তেওঁ সুস্থ হৈ আছে

Ratan Tata health rumors: স্বাস্থ্যৰ অৱনতিৰ উৰাবাতৰি অস্বীকাৰ কৰি ৰতন টাটাই জনালে, তেওঁ সুস্থ হৈ আছে
Ratan Tata health rumors: স্বাস্থ্যৰ অৱনতিৰ উৰাবাতৰি অস্বীকাৰ কৰি ৰতন টাটাই জনালে, তেওঁ সুস্থ হৈ আছে

নেশ্যনেল ডেস্ক, ৮ অক্টোবৰ: দেশৰ বিশিষ্ট উদ্যোগপতি তথা টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাই নিজৰ স্বাস্থ্যক লৈ চলি থকা উৰাবাতৰিৰ পিছতে এক বার্তা আগবঢ়াইছে। পোনপটীয়াকৈ তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ ওপৰত থকা সন্দেহ দূৰ কৰি(Ratan Tata health rumors) তেওঁ জনাইছে যে তেওঁ সম্পূর্ণৰূপে সুস্থ। লগতে তেওঁৰ বিষয়ে চিন্তা কৰা সকলোকে ধন্যবাদ জনাইছে।

সোমবাৰৰ পৰা ৰতন টাটাৰ স্বাস্থ্যক লৈ বিভিন্ন উৰাবাতৰি (rumors) ওলাই থকা পৰিলক্ষিত হৈছিল। মুম্বাইৰ ব্ৰিচকাণ্ডি হাস্পতালত ভৰ্তি হোৱা বুলি সংবাদ মাধ্যমকে ধৰি বিভিন্ন মাধ্যমত চৰ্চা চলি আছিল(Ratan Tata hospitalization)। এই উৰাবাতৰিৰ পাছতে তেওঁৰ স্বাস্থ্যসম্পৰ্কীয় সন্দেহ আঁতৰাই ৰতন টাটাই এটি বার্তা প্ৰকাশ কৰে। এই বার্তাত তেওঁ কয়, “মই মোৰ স্বাস্থ্য সম্পৰ্কীয় শেহতীয়া উৰাবাতৰিৰ বিষয়ে অৱগত হৈছো। মই সকলোকে আশ্বাস দি জনাব বিচাৰো যে এই দাবীসমূহ ভিত্তিহীন। মোৰ বয়স আৰু ইয়াৰ ফলত হোৱা শাৰিৰীক পৰিস্থিতিৰ বাবে কিছুমান পৰীক্ষা কৰি থকা হৈছে; কিন্তু চিন্তাৰ কোনো কাৰণ নাই। মই সুস্থ হৈ আছোঁ(Ratan Tata health)। জনসাধাৰণ আৰু সংবাদমাধ্যমক ভুল তথ্য প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ বিনম্ৰভাবে অনুৰোধ জনাইছোঁ ।”

উল্লেখ্য যে, কিছু দিন পূৰ্বে, মহাৰাষ্ট্ৰ চৰকাৰে টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰতন টাটা(Tata Sons chairman)ক মহাৰাষ্ট্ৰৰ ‘উদ্যোগ ৰত্ন’ সন্মান (Udyog Ratna Award) প্ৰদান কৰিছিল। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে আৰু উপ-মুখ্যমন্ত্ৰী দুগৰাকী ক্ৰমে দেবেন্দ্র ফড়নবিছ আৰু অজিত পাৱাৰৰ উপস্থিতিত তেওঁক এই সন্মান প্ৰদান কৰা হৈছিল। এই বছৰৰ পৰা মহাৰাষ্ট্ৰ চৰকাৰে এই বিশেষ সন্মান প্ৰদানৰ অনুষ্ঠান আৰম্ভ কৰিছে। ৰতন টাটা হৈছে প্ৰথমগৰাকী উদ্যোগপতি, যাক এই সন্মান প্ৰদান কৰা হৈছে। মুম্বাইৰ কোলাবাস্থিত হালকাই অঞ্চলস্থিত তেওঁৰ বাসভৱনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই সন্মান প্ৰদান কৰা হৈছিল।

মুখ্যমন্ত্ৰী একনাথ শিণ্ডে, উপ-মুখ্যমন্ত্ৰীদ্বয় দেবেন্দ্ৰ ফডনৱিছ আৰু অজিত পাৱাৰ, উদ্যোগ মন্ত্ৰী উদয় সামন্ত, শিক্ষামন্ত্ৰী দীপক কেশৰকাৰকে ধৰি ৰাজ্যখনৰ বহুকেইগৰাকী উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত টাটাক এই সন্মান প্ৰদান কৰা হৈছিল।

“Anti Romeo Squad”: শাৰদীয় দুৰ্গোৎসৱক সফল কৰাৰ বাবে জিলাখনত “এণ্টি ৰোমিঅ’ স্কোয়াড” মোতায়েন

"Anti Romeo Squad": শাৰদীয় দুৰ্গোৎসৱক সফল কৰাৰ বাবে জিলাখনত "এণ্টি ৰোমিঅ' স্কোয়াড" মোতায়েন
"Anti Romeo Squad": শাৰদীয় দুৰ্গোৎসৱক সফল কৰাৰ বাবে জিলাখনত "এণ্টি ৰোমিঅ' স্কোয়াড" মোতায়েন

দৈনন্দিন বাৰ্তাৰ সেৱা,শিলচৰ,৭ অক্টোবৰ:(Durga Puja) শাৰদীয় দুৰ্গা পূজাৰ আনন্দত যাতে কোনো ধৰণৰ অশান্তি নহয় তাৰ বাবে সাজু কাছাৰ জিলা আৰক্ষী। দুৰ্গোৎসৱক সুচাৰুৰূপে সফল কৰাৰ স্বাৰ্থত জিলাখনত আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ নেতৃত্বত গঠন কৰা হৈছে “এণ্টি ৰোমিঅ’ স্কোয়াড” নামৰ এটা বিশেষ বাহিনী।বাহিৰৰ পৰা বিশেষজ্ঞ আনি ১৫ দিনৰ প্ৰশিক্ষণ দিয়াৰ পিছত সোমবাৰে কাছাৰত মোতায়েন কৰা হয় “এণ্টি ৰোমিঅ’ স্কোয়াড”। (“Anti Romeo Squad”)

ইয়াত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ লোক আছে। প্ৰশিক্ষণৰ অন্তত শিলচৰত”এণ্টি ৰোমিঅ’ স্কোয়াড”এ মহৰা প্ৰদৰ্শন কৰে।এইদিনা সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে, কাছাৰ জিলা অসমৰ অন্যতম ঐতিহাসিক স্থান। ইয়াত ভক্তসকলে প্ৰতি বছৰে অতি উৎসাহেৰে শাৰদীয় দুৰ্গোৎসৱ পালন কৰে। দুৰ্গোৎসৱৰ সময়ছোৱাত সমগ্ৰ চহৰখন জনৰোণ্যলৈ পৰিণত হয়।

ফলত শিশু সহ মহিলাসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। জনসমাগমৰ ভিৰত বিশেষকৈ চহৰৰ বিভিন্ন প্ৰান্তত বাইকেৰে ঘূৰি ফুৰা একাংশ অশালীন যুৱকে মহিলা আৰু যুৱতীসকলৰ সৈতে অশ্লীল আচৰণত লিপ্ত হয়।এই বিষয়ে পৰ্যালোচনা কৰি শান্তি শৃংখলা বজাই ৰখাৰ বাবে এণ্টি-ৰোমিঅ’ স্কোয়াড নামৰ এটা বিশেষ বাহিনী গঠন কৰা হৈছে। ইয়াৰ মাজতে জিলাখনৰ আইন-শৃংখলা বজাই ৰখাৰ দায়িত্বও বি এছ এফৰ জোৱানসকলৰ কান্ধত দিয়া হৈছে।

বাহিৰৰ পৰা বিশেষজ্ঞক আনি মহিলা আৰক্ষীক প্ৰশিক্ষণ প্ৰদান কৰি এই বিশেষ বাহিনী গঠন কৰা হৈছে। পূজাৰ সময়ত জিলাখনৰ বিভিন্ন অঞ্চলত ২৪ ঘণ্টীয়া বাইক চলোৱাৰ জৰিয়তে “এণ্টি-ৰোমিঅ’ স্কোয়াড”ই বিশেষ সতৰ্কতা অৱলম্বন কৰিব। উল্লেখ্য ,কাছাৰ আৰক্ষীয়ে যোৱাবাৰেও এনে নিৰাপত্তা বাহিনী গঠন কৰা হৈছিল আৰু আৰক্ষীৰ এই “এণ্টি ৰোমিঅ’ স্কোয়াড”ক ৰাইজে আদৰণি জনাইছিল । আৰক্ষী অধীক্ষক নোমল মাহাত্তাই এইবাৰো ৰাইজে আৰক্ষীক সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

Durga Puja Festival : পুথিভঁৰালৰ আৰ্হিত এখন আকৰ্ষণীয় পূজাৰ মণ্ডপ

Durga Puja: পুথিভঁৰালৰ আৰ্হিত এখন আকৰ্ষণীয় পূজাৰ মণ্ডপ
Durga Puja: পুথিভঁৰালৰ আৰ্হিত এখন আকৰ্ষণীয় পূজাৰ মণ্ডপ

তেজপুৰ,৭অক্টোবৰঃ (Durga Puja Festival) নৱপ্ৰজন্মলৈ অসমীয়া গ্ৰন্থ অধ্যয়নৰ আহ্বান তথা বাৰ্তাৰে নিৰ্মাণ কৰা হৈছে এইখন পূজাৰ মণ্ডপ৷ অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলেও এই ভাষাত পঢ়াশুনা কৰাৰ অপৰিসীম গুৰুত্বৰ বিষয়ে উপস্হাপন কৰি তেজপুৰৰ ভৈৰৱ নগৰ টিলাৰ দুৰ্গাবাড়ী সাৰ্বজনীন দুৰ্গাপূজাৰ মণ্ডপ নিৰ্মাণ কৰা হৈছে এইবাৰ (library)৷ উল্লেখযোগ্য যে,তেজপুৰত অনুষ্ঠিত হোৱা ডেৰশতাধিক দুৰ্গাপূজাৰ ভিতৰত সৰ্বসাধাৰণৰ বাবে দীৰ্ঘ সময়জুৰি এইখন পূজাস্হলী আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে৷তিনিবছৰ পূৰ্বলৈকে একেৰাহে আঠ বাৰকৈ এইখন পূজাই লাভ কৰি আহিছে শ্ৰেষ্ঠ পূজাস্হলীৰ সন্মান৷যোৱা তিনিবছৰে এইধৰণৰ সামাজিক বাৰ্তাৰে এই পূজাখন অনুষ্ঠিত হোৱা নাছিল যদিও এইবাৰ পুণৰ ৰাইজে এইখন পূজা পূৰ্বৰ দৰেই এক বিশেষ সামাজিক বাৰ্তাৰে আয়োজন কৰিবলৈ আগবাঢ়ি আহিছে ৷

উল্লেখযোগ্য যে,অঞ্চলটোৰ সকলো লোকেই বছৰি জমাকৰা ধনৰে আৰু শ্ৰমদানৰে এইখন পূজাৰ আয়োজন কৰি আহিছে বিগত ২৪বছৰে৷কেতিয়াবা যদি মাটিৰ কলহ,আন কেতিয়াবা আকৌ পাচি,ডলা, চালনি কিম্বা তেলৰ টিন,ছাতি নতুবা চাইকেলৰ ৰিং আদিৰে দৃষ্টি নন্দন মণ্ডপ নিৰ্মাণ কৰি ৰাইজৰ বাবে এক বিশেষ পূজাস্হলী হিচাপে তেজপুৰত পৰিচিত হৈ পৰা দুৰ্গাবাড়ী সাৰ্বজনীন দুৰ্গাপূজাখনৰ মণ্ডপ নিৰ্মাণৰ গুড়ি ধৰি আহিছে কলা নিৰ্দেশক তাপস দাসে ৷

এইবাৰো দাসে ৰাইজৰ আহ্বান মৰ্মে এই মণ্ডপক এখন গ্ৰন্হৰ পৃথিৱীলৈ পৰ্যবসিত কৰিছে৷এটা গ্ৰন্হাগাৰৰ আৰ্হিত মণ্ডপ নিৰ্মাণ কৰিছে দাসে৷উল্লেখযোগ্য যে,কীৰ্তন নামঘোষাৰ পৰা আহোমৰ বুৰঞ্জী,মৰমৰ দেউতা,মহাদুষ্টৰ দুষ্ট বুদ্ধি,দেওলাংখুই,মাকাম,অসীমত যাৰ হেৰাল সীমা,ইয়াৰুইঙ্গম,কিতাপ পঢ়াৰ আনন্দ,ৰামায়ণ,মহাভাৰত,বিঞ্চু ৰাভাৰ ৰছনাৱলীকে ধৰি অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰা প্ৰায় আঢ়ৈ হেজাৰ গ্ৰন্থৰ আৰ্হিৰে সজোৱা হৈছে এই বিশেষ মণ্ডপটো৷ বিশেষ মণ্ডপটোৰ কলা নিৰ্দেশক তাপস দাসে কয় যে,এইখন পূজাৰ বাজেট এইবাৰ আঠলাখ টকা ধাৰ্য কৰা হৈছিল যদিও ইমান টকা সংগ্ৰহ হোৱা নাই ৷

ৰাইজৰ সিদ্ধান্ত অনুসৰিয়েই এইবাৰ অসমীয়া ভাষা সাহিত্যৰ স্বাৰ্থত অসমীয়া গ্ৰন্থ অধ্যয়ন কৰাটো যে আৱশ্যক সেই বাৰ্তা নতুন প্ৰজন্মক দিবলৈ বিচৰা হৈছে৷এতিয়া কিতাপ পঢ়া মানুহৰ সংখ্যা হ্ৰাস পাইছে,সকলো ব্যস্ত থাকে মোবাইল ফোনত৷দাসে লগতে কয় “ নতুন প্ৰজন্মই গ্ৰন্হাগাৰলৈ যোৱাৰ অভ্যাস গঢ়ি তোলক৷অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত নতুন প্ৰজন্মই অসমীয়া সাহিত্যৰ মহামূল্যবান গ্ৰন্থ সমূহৰ স’তে গ্ৰন্হাগাৰলৈ গৈ পৰিচয় হওঁক৷জ্ঞানৰ অন্বেষণেই প্ৰকৃতাৰ্থত এক পূজা৷” উল্লেখযোগ্য যে,ৰাজ্যৰ বৰেণ্য সাহিত্যিক সকলৰ গ্ৰন্থৰ নিখুঁট আৰ্হিৰে কেৱল মণ্ডপেই নহয়,মূল পথৰ পৰা পূজা মণ্ডপলৈকে প্ৰায় দুশ মিটাৰ পথো সজোৱা হ’ব গ্ৰন্থৰেই৷ অহা বুধবাৰৰ ভিতৰত এই মণ্ডপ সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰে কলা নিৰ্দেশক তাপস দাসে ৷

Bike Rider:বাইক আৰোহীক ললিপপ প্ৰদান কৰিব কিয় !

Bike Rider:বাইক আৰোহীক ললিপপ প্ৰদান কৰিব কিয় !
হেলমেট পৰিধান নকৰা বাইক আৰোহীসকলক ললিপপ মৰ্টন প্ৰদান কৰিব

দৈনন্দিন বাৰ্তাৰ সেৱা,বোকাখাত, ৭ অক্টোবৰঃ(Bike Rider) হেলমেট পৰিধান নকৰি বাইক চলাই দুৰ্ঘটনাত পতিত হ’লে আৰু শৰীৰত আঘাট পালে, চিকিৎসকে চিকিৎসাৰ জৰিয়তে সকলো ঠিক কৰিব পাৰে ৷ কিন্তু হেলমেট পৰিধান নকৰাৰ ফলত মূৰত গুৰুতৰ আঘাট পালে তাৰ কোনো চিকিৎসা নাই ৷ এই মন্তব্য বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ ৷ বোকাখাত আৰক্ষী থানাৰ সন্মুখত ফেচেংবৰ হেৰিটেজৰ হেলমেট পৰিধান নকৰি বাইক চলোৱা লোকক হেলমেট পৰিধান কৰিবলৈ আহ্বান জনোৱা অনুষ্ঠানত এই মন্তব্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

গোলাঘাট জিলা পৰিবহন বিভাগ, বোকাখাতৰ স্বেচ্ছাসেৱী সংগঠন ফেচেংবৰ হেৰিটেজৰ যৌথ উদ্যোগত বোকাখাত আৰক্ষী থানা আৰু বোকাখাত পৌৰসভাৰ সহযোগত বোকাখাত পৌৰসভা কাৰ্যালয়ৰ সন্মুখত এখন পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত কৰে ৷ মূলতঃ যুৱ প্ৰজন্মৰ একাংশই তীব্ৰ গতিত বাইক চলোৱা, সুৰাপান কৰি বাই চলোৱা, হেলমেট পৰিধান নকৰাকৈ বাইক চলোৱাৰ ফলত প্ৰতি দিনেই দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷

বিশেষকৈ পূজা আদি উৎসৱ মুখৰ পৰিৱেশত অত্যাধিক গতিত বাইক চলাই দুৰ্ঘটনা সংঘটিত কৰাৰ উপৰিও কেতিয়াবা মৃত্যু মুখতো পৰিছে ৷ তাৰেই সজাগতাৰ বাবে আজি সংগঠন কেইটাই পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত কৰে ৷ ফেচেংবৰ হেৰিটেজৰ সভাপতি ৰাজীৱ বৰাৰ সভাপতিত্বত ৰূপজ্যোতি ভৰালীয়ে আঁত ধৰা অনুষ্ঠানত অনুষ্ঠিত সজাগতা সভাত বোকাখাত মহকুমা আৰক্ষী বিষয়া অতুল কুমাৰ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, সমাজকৰ্মী অনিমেষ শইকীয়া, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতাই পথ সুৰক্ষা সজাগতাৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷

ইয়াৰ পূৰ্বে বোকাখাত আৰক্ষী থানাৰ সন্মুখত বোকাখাত আৰক্ষী থানাৰ আৰক্ষী আৰু যানবাহন শাখাৰ আৰক্ষীৰ সহযোগত ফেচেংবৰ হেৰিটেজৰ সদস্য সকলে হেলমেট পৰিধান নকৰা বাইক আৰোহীসকলক ললিপপ মৰ্টন প্ৰদান কৰি হেলমেট পৰিধান কৰি বাইক চলাবলৈ আহ্বান জনায় ৷ অনাগত দিনত ফেচেংবৰ হেৰিটেজে পথ সুৰক্ষা সম্পৰ্কত মহাবিদ্যালয়, পঞ্চায়ত এলেকাত সজাগতামুলক সভা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে ৷ অনুষ্ঠানত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বোকাখাতৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

Minister Bimal Bara stop the convoy:কনভয় ৰখাবলৈ নিৰ্দেশ দি গাড়ীৰপৰা নামি আহিল কিয় মন্ত্ৰী বিমল বড়াই !

Minister Bimal Bara stop the convoy:কনভয় ৰখাবলৈ নিৰ্দেশ দি গাড়ীৰপৰা নামি আহিল কিয় মন্ত্ৰী বিমল বড়াই !
কনভয় ৰখাবলৈ নিৰ্দেশ দি গাড়ীৰপৰা নামি আহিল মন্ত্ৰী বিমল বড়া

দৈনন্দিন বাৰ্তাৰ সেৱা টিংখাং ৭ অক্টোবৰ : (Minister Bimal Bara)বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই মানৱ সভ্যতাক উন্নতিৰ উচ্চ শিখৰলৈ নিছে যদিও মানৱীয় প্ৰমুল্যবোধ কৰবাত যেন হেৰাই যোৱাৰ অনুভৱ হয় ৷ মানৱীয় প্ৰমুল্যবোধ হেৰাই যোৱাৰ দুচিন্তাৰ মাজতে কেতিয়াবা কেতিয়াবা সমাজত দুই এক এনেধৰণৰ ইতিবাচক ঘটনা পৰিলক্ষিত হয় যিবোৰে মানুহৰ মন মগজুত পুনৰ মানৱীয় প্ৰুমুল্যবোধ জগাই তোলে ৷ ভূপেনদাৰ সেই কালজয়ী গীত- “মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে , ভাবিব কোনে কোৱা”প্ৰত্যকৰে মন মগজুত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে ৷ আৰু মানৱ সমাজে পুনৰ মানৱীয় প্ৰমুল্যবোধ জগাই তোলাৰ প্ৰয়াস কৰে ৷ (convoy)

মানৱীয় প্ৰমুল্যবোধ জগাই তোলাৰ এক ঘটনা সংঘটিত হয় টিংখাঙত ৷ দেওবাৰৰ দিনা সংঘটিত হোৱা এই ঘটনাই মানৱ জাতিৰ বাবে এক ইতিবাচক সংকেত দিয়ে ৷ দেওবাৰৰ দিনা টিংখাং সমষ্টিৰ ন-খাট গাঁও পঞ্চায়তৰ মেছলৌৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত শিক্ষক নীল শইকীয়া নামঘৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত হঠাৎ ৰাস্তাতে মটৰচাইকেলৰ পৰা পৰি আঘাতপ্ৰাপ্ত হয়। (Minister Bimal Bara)মন্ত্ৰী বিমল বড়া সেই সময়ত কনভয়ৰে বাটেৰে আহি থকা অৱস্থাত লোকজনক প্ৰত্যক্ষ কৰে ৷

(Convoy)লগে লগে মন্ত্ৰীগৰাকীয়ে কনভয় ৰখাবলৈ নিৰ্দেশ দি গাড়ীৰপৰা নামি আহে ৷ আঘাতপ্ৰাপ্ত লোকজনক ৰাস্তাৰপৰা তুলি আনি চকীত বহুৱাই শুশ্ৰুষা কৰাত ব্যস্ত হৈ পৰে মন্ত্ৰীগৰাকী ৷ ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত লোকজনৰ পৰিয়ালক খবৰ দিয়াৰ লগতে চিকিৎসালয়লৈ লৈ যোৱাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে মন্ত্ৰী বিমল বড়াই । অসম চিকিৎসা মহাবিদ্যালয়লৈ লোকজনক প্ৰেৰণ কৰা হয় ৷ চিকিৎসা মহাবিদ্যালয়ৰ কতৃপক্ষক মন্ত্ৰীগৰাকীয়ে ঘটনাটো অৱগত কৰায় আৰু উন্নত চিকিৎসা প্ৰদান কৰি সোনকালেই সুস্থ কৰি তুলিবলৈ আহ্বান জনায় চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক ৷ উক্ত সময়তে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে মন্ত্ৰী বিমল বড়াক সংগ প্ৰদান কৰে। মন্ত্ৰীগৰাকীৰ এনে কাৰ্যক প্ৰশংসা কৰে সকলোৱে ৷

New Assamese film: নতুন অসমীয়া চলচ্চিত্ৰ ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা মুকলি হ’ল পোষ্টাৰ আৰু গীতৰ অডিঅ’-ভিডিঅ’

নতুন অসমীয়া চলচ্চিত্ৰ ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা ,মুকলি হ’ল পোষ্টাৰ আৰু গীতৰ অডিঅ’-ভিডিঅ’
নতুন অসমীয়া চলচ্চিত্ৰ ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা ,মুকলি হ’ল পোষ্টাৰ আৰু গীতৰ অডিঅ’-ভিডিঅ’

গুৱাহাটী,অক্টোবৰ,৭: (New Assamese film)এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে আজি গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত ‘জিল ক্ৰিয়েশ্যনছ’ৰ বেনাৰত ৯০বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক গৌৰৱৰে উদ্‌যাপন কৰাৰ হেঁপাহেৰে মুনিন বৰুৱাৰ বৰ্ণিল জীৱন যাত্ৰাক আধাৰ হিচাপে লৈ নিৰ্মিত এখন নতুন অসমীয়া চিনেমা ‘ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা’ৰ পোষ্টাৰ আৰু প্ৰথমটো গীতৰ অ’ডিঅ’-ভিডিঅ’ মুকলি কৰা হয় ৷ ভাইমন দা-এ ট্ৰিবিউট টু আছামিছ চিনেমা (Bhaimon Da -A tribute to Assmese cinema)ৰ কাহিনী,চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ৷চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে ৷ কাৰ্যবাহী প্ৰযোজক হিচাপে আছে অনুপম শৰ্মা,চিনেমাখনৰ চিনেমেটোগ্ৰাফী ভাঞ্চিনাথন মুৰুগেচনৰ৷

অনুষ্ঠানৰ আৰম্ভণীতে মঞ্জুুলা বৰুৱা,জে পি দাস, সমৰ হাজৰিকা আৰু অন্যান্য বিশিষ্ট অতিথি সকলে বন্তি প্ৰজ্বলন কৰে৷ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনৰে পৰা আৰম্ভ কৰা আৰু বৰ্তমানলৈকে চলি থকা
অসমীয়া চিনেমাৰ গৌৰৱোজ্বল নব্বৈ বছৰীয়া ইতিহাস উদ্‌যাপনৰ উদ্দেশ্যৰে ‘জ্যোতি জয়ন্তী’ শীৰ্ষক নামকৰণ কৰা এটি বিশেষ ল’গ’ মুকলি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে৷

অনুষ্ঠানটিৰ লগত সংগতি ৰাখি জ্যোতিচিত্ৰবনৰ বাকৰিত ‘লাইভ পেইণ্টিং’ৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ইয়াৰ পাছতেই ছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতম আৰু কাৰ্যবাহী প্ৰযোজক অনুপম শৰ্মাই জিল ক্ৰিয়েশ্যনছ আৰু ‘ভাইমন দা -এ ট্ৰিবিউট টু আছামিজ চিনেমা’ শীৰ্ষক চলচ্চিত্ৰখনৰ নিৰ্মাণৰ যাত্ৰাটিৰ বিষয়ে কিছু অনুভৱ ব্যক্ত কৰে৷

অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা মঞ্জুলা বৰুৱা,মৃদুলা বৰুৱা,শান্তা উজিৰ,মণিষা হাজৰিকাই ছবিখনৰ পোষ্টাৰ উন্মোচন কৰি বক্তব্য প্ৰদান কৰে৷বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সঞ্জীৱ হাজৰিকাই চলচ্চিত্ৰখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে৷সেই অনুসৰি ‘ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা’ ই অহা বছৰ অৰ্থাত ২০২৫ বৰ্ষৰ ৭ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিব৷ চলচ্চিত্ৰখনৰ কাহিনীকাৰ পৰিচালক শশাংক সমীৰৰ বক্তব্য তথা কলাকুশলীৰ পৰিচয়পৰ্বৰ পাছতেই এই অনুষ্ঠানতে ছবিখনৰ প্ৰথমটি গীতৰ অডিঅ’ -ভিডিঅ’ মুকলি কৰা হয়৷

অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ মুনিন বৰুৱাক যাক সকলোৱে মৰমতে মাতিছিল ‘ভাইমন দা’ বুলি তেখেতৰ জীৱনশৈলী, কৰ্মৰাজি তথা ৯০ বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক গৌৰৱেৰে উদযাপন কৰাৰ উদ্দেশ্যৰে জিল ক্ৰিয়েশ্যনছ (Zeal Creations) ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনক লৈ কলামোদী দৰ্শক -ৰাইজৰ আগ্ৰহ ইতিমধ্যেই পৰিলক্ষিত হৈছে৷ উল্লেখযোগ্য যে “বোৱাৰী” ছবিখনৰ যোগেদি এগৰাকী চিত্ৰনাট্যকাৰ হিচাবে পৰিচিতি লাভ কৰা কৰা মুনিন বৰুৱাৰ কৰ্মৰাজিৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতখনৰ নানান কথাও ছবিখনত উপস্থাপন কৰা হৈছে৷

জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা এক অনুষ্ঠানত “ভাইমন দা-A Tribute to Assamese Cinema” ৰ পষ্টাৰ আৰু প্ৰথমটো গীতৰ ভিডিঅ’ আনুষ্ঠানিকভাৱে মুকলি অনুষ্ঠানটিত প্ৰাঞ্জল শইকীয়া মালবিকা বৰা,ৰুণু দেৱী,বীণা বাৰুৱতী,সমৰ হাজৰিকা, পাহাৰী শইকীয়া,গৰিমা শইকীয়া গাৰ্গ,নিশিতা গোস্বামী ,আদিকে ধৰি অসমীয়া চলচ্চিত্ৰ জগতৰ ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷ উদ্যোক্তা সকলৰ তৰফৰ পৰা কেইবাগৰাকীও জ্যেষ্ঠ অভিনয় শিল্পীক সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত চলচ্চিত্ৰখনৰ বিয়েৰ-ব্ৰেণ্ডি শীৰ্ষক গীতটিত পংকজ ইংতিৰ দলে এক সুন্দৰ নৃত্য পৰিৱেশন কৰে৷ অসমীয়া চলচ্চিত্ৰ জগতৰ সোণালী যাত্ৰাক উদ্‌যাপন কৰি নিৰ্মাণ কৰা ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমাৰ সংগীত জুবিন গাৰ্গৰ৷ ছবিখনৰ ভিন্ন চৰিত্ৰত বনদীপ শৰ্মা,যশশ্ৰী ভূঞা,গুণাকৰ দেৱগোস্বামী,পাকিজা বেগম,অনুৰাগ বৰা,সমূদ্ৰগুপ্ত দত্ত,অৰ্ঘদীপ বৰুৱা,কৌশিক ভৰদ্বাজ,হৰপল শইকীয়া,গীতাৰ্থ শৰ্মা,নিৰুপম শইকীয়া,জয় শইকীয়া,দ্বীপজ্যোতি কেওঁট,পাৰ্থ প্ৰতীম শইকীয়া,শিল্পী শিখা বৰা,বৈভৱী গোস্বামী আদিৰ লগতে আৰু বহু শিল্পীয়ে অভিনয় কৰিছে৷

ছবিখনৰ ছাউণ্ড ডিজাইনাৰ হিচাপে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইয়ে কাম কৰাৰ লগতে প্ৰীতম খাউণ্ডে কৰিছে সম্পাদনাৰ কাম৷ ভাইমন দা -এ ট্ৰিবিউট টু আছামিজ চিনেমা ছবিখনৰ প্ৰযোজনা নিয়ন্ত্ৰন মনোজ কুমাৰ মিশ্ৰ আৰু ঋতু গাৰ্গৰ৷ অনুষ্ঠানৰ শেষত ছবিখনৰ অভিনয় শিল্পী তথা কলা-কুশলীৰ লগত উপস্থিত সাংবাদিক সকলে মত বিনিময় কৰে৷

Mangaldoi:মঙলদৈত ছহিদ মোজাম্মিল হক স্মাৰক কেন্দ্ৰীয় মাতৃভাষা দিৱস

Mangaldoi:মঙলদৈত ছহিদ মোজাম্মিল হক স্মাৰক কেন্দ্ৰীয় মাতৃভাষা দিৱস
Mangaldoi:মঙলদৈত ছহিদ মোজাম্মিল হক স্মাৰক কেন্দ্ৰীয় মাতৃভাষা দিৱস

দৈনন্দিন বাৰ্তাৰ সেৱা, দৰং,৬ অক্টোবৰঃ (Mangaldoi)মঙলদৈত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৭২ ৰ মাধ্যম আন্দোলনত প্ৰথম গৰাকী বীৰ ছহিদ মোজাম্মিল হকে দিয়া আত্মবলিদানৰ বাবে পালন কৰা মাতৃভাষা দিৱসৰ সফলভাবে সম্পৰ্ণ হয়৷ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, দৰং জিলা সমিতিয়ে আন আন জাতীয় সংগঠনৰ সহযোগত জাতীয় বীৰ ছহিদ মোজাম্মিল হকৰ মৃত্যু দিনটো ২০০৮ বৰ্ষৰ পৰা ‘অসম মাতৃভাষা দিৱস’ হিচাপে পালন কৰি আহিছে৷ ২০২৩ বৰ্ষত ষষ্ঠদশ উদযাপনৰ লগত সংগতি ৰাখি জাতীয় বীৰ ছহিদ গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে ৰাজ্যিক ভিত্তিত প্ৰৱৰ্তন কৰে ‘ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা’ আৰু উক্ত বৰ্ষত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় অসমৰ সাৰস্বত সমাজৰ উজ্জ্বল নক্ষত্ৰ, ‘অসমীয়া মানুহৰ ইতিহাস’, ‘মিতভাষ’ ৰ দৰে অমূল্য গ্ৰন্থৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমীয়া সাহিত্যৰ জীৱন্ত কিংবদন্তি ডঃ নগেন শইকীয়াক।

এইবেলি ২০২৪ বৰ্ষৰ মাতৃভাষা বঁটাৰ বাবে মনোনীত হৈছে ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰৰ ধাই আলিৰ বিখ্যাত নবাব পৰিয়ালত জন্মগ্ৰহণ কৰা ইমৰাণ শ্বাহ, যিয়ে নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই ‘বনবাসী’ নামৰ কাব্য গ্ৰন্থ ৰচনা কৰি উজ্জ্বল প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছিল।তাৰ পিছত ‘সংগীতৰ সিপাৰে’ নামৰ আন এখন গ্ৰন্থ লিখি তেওঁ কম বয়সতে বৌদ্ধিক মহল আৰু সমালোচক সকলৰ দৃষ্টি আকৰ্ষণ কৰি চমক সৃষ্টি কৰে।,পিয়ামুখচন্দা,পথিক, বন্দী বিহংগে কান্দে,অনমিতা,’তথাপি সাগৰ আদিকে ধৰি এখনৰ পিছত এখন গ্ৰন্থ ৰচনা কৰি ইমৰাণ শ্বাহে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰে।

শিৱসাগৰ কলেজত অধ্যয়নৰ পৰা -অধ্যাপনালৈকে ঈশান দত্ত ছদ্মনামেৰে অনেক গল্প, কবিতা ৰচনাৰে পাঠকৰ অন্তৰত সুকীয়া স্থান দখল কৰা ইমৰাণ শ্বাহে এতিয়ালৈকে দুই হাজাৰৰো অধিক গল্প ৰচনা কৰি নজিৰ সৃষ্টি কৰিছে। কবি, গীতিকাৰ, গল্পকাৰ হিচাপে খ্যাতি অৰ্জন কৰা অসমীয়া সাহিত্যৰ কাণ্ডাৰী শ্বাহৰ কাপৰ পৰা সৃষ্টি হোৱা জবানবন্দী নামৰ কালজয়ী উপন্যাসকে ধৰি এতিয়ালৈকে তেওঁ শতাধিক গ্ৰন্থই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। অসমীয়া ভাষা সাহিত্যলৈ যোগোৱা অনবদ্য বৰঙণিৰ বাবে কৃতজ্ঞ অসমীয়া জাতিয়ে তেওঁক অসম সাহিত্য সভাৰ সৰ্বোচ্চ আসন সভাপতি পদত অধিষ্ঠিত কৰিছে আৰু তেওঁ ২০১৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত সভাৰ বৰপেটা ৰোড অধিবেশনত সভাপতিত্ব কৰিছে। সাহিত্য একাডেমীৰ বঁটাৰে সন্মানিত বিশিষ্ট সাহিত্যিক শ্বাহে ২০১০ বৰ্ষত অসম উপত্যকা সাহিত্য বঁটা,২০২১ বৰ্ষত বৰ অসম সমন্বয় বঁটা লাভ কৰা ইমৰাণ শ্বাহক কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰিছে।

এনে অনেক বঁটা বাহন আৰু সন্মান লাভ কৰা এগৰাকী প্ৰথিতযশা সাহিত্যিকক ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটাৰ বাবে মনোনীত কৰিবলৈ পাই সদৌ অসম গৰিয়া -মৰিয়া- দেশী জাতীয় পৰিষদ ধন্য হোৱা বুলি উল্লেখ কৰে কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ড০ চহিৰ ভূঞা, জিলা সভাপতি বাবুল মকছেদ আহমেদ, কাৰ্যকৰী সভাপতি আয়ুব আনছাৰী,সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ, উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মিছবাহুল হুদাই। ।

সপ্তদশ মাতৃভাষা দিৱসৰ কাৰ্যসূচী অনুসৰি ৫ অক্টোবৰৰ পুৱা গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰেবিশিষ্ট প্ৰকৃতি প্ৰেমী আৰক্ষী বিষয়া মুকুট কাকতিয়ে।দিনৰ ১২.৩০ বজাত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে দৰং জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আবু আয়ুব আনছাৰীয়এ। ৬ অক্টোবৰৰ পুৱা ৮.৫৫ বজাত পৰিষদৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদে ,৯.৩০ বজাত ছহিদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ছহিদ ভাতৃ বদৰুল হকে। মুখ্য তৰ্পক হিচাপে ছহিদ তৰ্পণ ভাগ লয় কেন্দ্ৰীয় উপদেষ্টা ডঃ চহিৰ ভূঞাই। ১২.৩০ বজাত অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনাত গীতা পাঠ কৰে হিৰণ্য কাশ্যপে,কোৰাণ পাঠ কৰে মুক্তি মহম্মদ তাজনুৰ আলিয়ে আৰু বাইবেল পাঠ কৰে মিষ্টাৰ বীণাই। বিয়লি ১.০০ বজাত উদযাপন সমিতিৰ সভাপতি তথা ছিপাঝাৰৰ বিধায়ক,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি আৰু বঁটা প্ৰদান অনুষ্ঠান উদ্বোধন কৰে ডঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। জিলা সমিতিৰ সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদে আঁত ধৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পদ্মশ্ৰী ডঃ ইলিয়াছ আলিয়ে ভাষণ দি অসমৰ জন্ম নিয়ন্ত্ৰৰ ক্ষেত্ৰত তেখেতে সৃষ্টি কৰা সজাগতা আন্দোলনৰ অভিজ্ঞতাৰ বিষয়ে দাঙি ধৰি সভাক মন্ত্ৰমুগ্দ্ধ কৰে।

নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকাই অসমীয়া মাতৃভাষা ৰাজ্যভাষা আইনৰ আজিকোপতি সু প্ৰয়োগ নোহোৱাত অসন্তুষ্টি ব্যক্ত কৰে। এই আইনৰ উচিত প্ৰয়োগ নহ’লে আৰু আমি অসমীয়া সকলে মনে প্ৰাণে অসমীয়া ভাষাৰ সঠিক ব্যৱহাৰ নকৰিলে অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পালেও আমাৰ ভাষাৰ সংকট আঁতৰি নাযায় বুলি সকলোকে সঁকিয়াই দিয়ে। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ছহিদ আলি আহমেদ, সাধাৰণ সম্পাদক আৰিফ উদ্দিন আহমেদ,গৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদ আৰু অসম চৰকাৰৰ প্ৰৱৰ্তক পৰিদৰ্শক আৰিফুল ইছলামে। মুকলি সভাত সৰ্বসন্মতিক্ৰমে তিনিটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰথম প্ৰস্তাৱ মৰ্মে দৰং জিলাৰ মঙলদৈত স্থাপন হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়খনৰ নাম ছহিদ মোজাম্মিল হকৰ নামেৰে প্ৰতিষ্ঠা কৰিবলৈ দাবী জনোৱা হয়।

দ্বিতীয় প্ৰস্তাৱ মৰ্মে অসমীয়া ৰাজ্য ভাষা মাতৃভাষা আইন ১৯৬০ ৰ যথোচিত প্ৰয়োগ কৰিবলৈ দাবী জনায়। তৃতীয় প্ৰস্তাৱত অসমীয়া ভাষালৈ কেন্দ্ৰীয় চৰকাৰে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাত সন্তোষ প্ৰকাশ কৰে আৰু এই এনে সফলতাৰ বাবে অসম সাহিত্য সভা,ভাৰত চৰকাৰ তথা অসম চৰকাৰক বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ড০ চহিৰ ভূঞাই আদৰণি ভাষণ দিয়া মুকলি সভিত জ্যেষ্ঠ সাংবাদিক শংকৰ কাকতিৰ সভাপতি,মহিবুল হকক সম্পাদক হিচাপে লৈ গঠিত সম্পাদনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা ‘আই তোক কিহেৰে পূঁজিমে’ শীৰ্ষক স্মৃতি গ্ৰন্থ ‘উন্মোচন কৰে কৃতী শিক্ষক ফাইজুৰ ৰহমান চহৰীয়াই। সংগীত শিল্পী দিনবন্ধু চহৰীয়াৰ পৰিচালনাত ‘আই তোক কিহেৰে পূঁজিমে’ শীৰ্ষক ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে আৰম্ভণি কৰা মুকলি সভা সমাপ্ত হয় জাতীয় সংগীত “অ মোৰ আপোনাৰ দেশেৰে’’৷
সন্ধিয়া বন্তি প্ৰজ্বলনত মুখ্য তৰ্পক হিচাপে ভাগ ল’য় বিশিষ্ট সমাজকৰ্মী , অভিযন্তা কল্পসিং বৰদলৈয়ে।বন্তি প্ৰজ্বলন কাৰ্যসূচীত শতাধিক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।