Home Blog Page 547

Kamrup (M) Road Safety Committee: কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

Kamrup (M) Road Safety Committee: কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক
Kamrup (M) Road Safety Committee: কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

কামৰূপ মহানগৰ, ৪ অক্টোবৰঃ (Office of the District Commissioner) কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয়(District Commissioner)। জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, যানবাহন আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰা, সহকাৰী আয়ুক্ত ৰিচি বন্দনা গগৈ,পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাস, কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য সচিব অভিজিৎ চৌধুৰী, যানবাহন পৰিদৰ্শক পংকজ দাসকে ধৰি জিলা পথ সুৰক্ষা সমিতিৰ লগত জড়িত লোকনিৰ্মাণ,স্বাস্থ্য, আবকাৰী আদি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।(Kamrup (M) Road Safety Committee)

বৈঠকৰ আৰম্ভণিতে বিগত সময়ত মহানগৰ জিলাখনৰ পথ-সুৰক্ষা সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ কাৰ্যপন্থা সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। দুৰ্গোৎসৱৰ সময়চোৱাত কামৰূপ মহানগৰ জিলাখনৰ কোনো ঠাইতে যাতে যানজঁট সৃষ্টি নহয়, বৰঞ্চ প্ৰতিটো পথতে যাতে সকলো সময়তে সুৰক্ষিত যাতায়াত বজাই ৰাখিব পাৰি তাত অধিক গুৰুত্ব দিয়ে জিলা আয়ুক্ত গৰাকীয়ে ৷

পূজাৰ সময়চোৱাত কোনোৱে যাতে য’তে ত’তে অস্থায়ী দোকান, বজাৰ বহুৱাই বিশৃংখলতাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে তেওঁ জিলাখনৰ পথ-সুৰক্ষাৰ লগত জড়িত সকলো বিভাগকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় ৷ তদুপৰি জিলাখনৰ বিভিন্ন এম্বুলেন্সসমূহ চিকিৎসালয়ত ৰোগী থোৱাৰ পিছত এডোখৰ নিদিষ্ট ঠাইত ৰখোৱাৰ ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্ত গৰাকীয়ে গুৱাহাটী পৌৰনিগমক আহ্বান জনায়।

লগতে পঢ়ক:Durga Pujaদুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগ

Mangaldoi: Mother Language Day:মঙলদৈত কেন্দ্ৰীয়ভাবে ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পালন

Mangaldoi: Mother Language Day:মঙলদৈত কেন্দ্ৰীয়ভাবে ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পালন

গুৱাহাটী, ৪ অক্টোবৰ -(Mother Language Day)অসমৰ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ ,কবি-সাহিত্যিক, গীতিকাৰ, ঔপন্যাসিক,অসম সাহিত্য সভাৰ বৰপেটা ৰোড অধিবেশনৰ সভাপতি , জবানবন্দীৰ দৰে কালজয়ী উপন্যাসৰ স্ৰষ্টা প্ৰখ্যাত কথা শিল্পী ইমৰাণ শ্বাহলৈ আগবঢ়োৱা হৈছে ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা -২০২৪ । সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ উদ্যোগত ৫ আৰু ৬ অক্টোবৰত মঙলদৈত উদযাপিত সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা দিৱসৰ মুকলি সভাত অসমীয়া সাহিত্যৰ ৯১ বৰ্ষীয় মহীৰূহ গৰাকীক এই বঁটা প্ৰদান কৰা হ’ব বুলি মঙলদৈ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেল যোগে ঘোষণা কৰে ।

উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ড০ চহিৰ ভূঞাই। জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ, জিলা সাধাৰণ সম্পাদক তথা কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক চাহাবুদ্দিন আহমেদে আঁত ধৰা সংবাদ মেলত মুখ্য উপদেষ্টা গৰাকীয়ে উল্লেখ কৰে যে ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী বীৰ ছহিদ মোজাম্মিল হকে কৈশোৰ কালতে ভাষা জননীৰ হকে কলিজাৰ কেঁচা তেজ ঢালি আত্মবলিদান দিয়া ৬ অক্টোবৰৰ দিনটো পৰিষদে আন আন জাতীয় সংগঠনৰ সহযোগত ২০০৮ বৰ্ষৰ পৰা ‘অসম মাতৃভাষা দিৱস’ হিচাপে পালন কৰি আহিছে আৰু ২০২৩ বৰ্ষত ষষ্ঠদশ উদযাপনৰ লগত সংগতি ৰাখি জাতীয় বীৰ ছহিদ গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে ৰাজ্যিক ভিত্তিত প্ৰৱৰ্তন কৰে ‘ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা’ আৰু উক্ত বৰ্ষত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় অসমৰ সাৰস্বত সমাজৰ উজ্জ্বল নক্ষত্ৰ, ‘অসমীয়া মানুহৰ ইতিহাস’, ‘মিতভাষ’ ৰ দৰে অমূল্য গ্ৰন্থৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমীয়া সাহিত্যৰ জীৱন্ত কিংবদন্তি ডঃ নগেন শইকীয়াক।

এইবেলি ২০২৪ বৰ্ষৰ মাতৃভাষা বঁটাৰ বাবে মনোনীত হৈছে ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰৰ ধাই আলিৰ বিখ্যাত নবাব পৰিয়ালত জন্মগ্ৰহণ কৰা ইমৰাণ শ্বাহ, যিয়ে নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই ‘বনবাসী’ নামৰ কাব্য গ্ৰন্থ ৰচনা কৰি উজ্জ্বল প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছিল।তাৰ পিছত ‘সংগীতৰ সিপাৰে’ নামৰ আন এখন গ্ৰন্থ লিখি তেওঁ কম বয়সতে বৌদ্ধিক মহল আৰু সমালোচক সকলৰ দৃষ্টি আকৰ্ষণ কৰি চমক সৃষ্টি কৰে।,পিয়ামুখচন্দা,পথিক, বন্দী বিহংগে কান্দে,অনমিতা,’তথাপি সাগৰ আদিকে ধৰি এখনৰ পিছত এখন গ্ৰন্থ ৰচনা কৰি ইমৰাণ শ্বাহে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰে। শিৱসাগৰ কলেজত অধ্যয়নৰ পৰা -অধ্যাপনালৈকে ঈশান দত্ত ছদ্মনামেৰে অনেক গল্প, কবিতা ৰচনাৰে পাঠকৰ অন্তৰত সুকীয়া স্থান দখল কৰা ইমৰাণ শ্বাহে এতিয়ালৈকে দুই হাজাৰৰো অধিক গল্প ৰচনা কৰি নজিৰ সৃষ্টি কৰিছে। কবি, গীতিকাৰ, গল্পকাৰ হিচাপে খ্যাতি অৰ্জন কৰা অসমীয়া সাহিত্যৰ কাণ্ডাৰী শ্বাহৰ কাপৰ পৰা সৃষ্টি হোৱা জবানবন্দী নামৰ কালজয়ী উপন্যাসকে ধৰি এতিয়ালৈকে তেওঁ শতাধিক গ্ৰন্থই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।

অসমীয়া ভাষা সাহিত্যলৈ যোগোৱা অনবদ্য বৰঙণিৰ বাবে কৃতজ্ঞ অসমীয়া জাতিয়ে তেওঁক অসম সাহিত্য সভাৰ সৰ্বোচ্চ আসন সভাপতি পদত অধিষ্ঠিত কৰিছে আৰু তেওঁ ২০১৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত সভাৰ বৰপেটা ৰোড অধিবেশনত সভাপতিত্ব কৰিছে। সাহিত্য একাডেমীৰ বঁটাৰে সন্মানিত বিশিষ্ট সাহিত্যিক শ্বাহে ২০১০ বৰ্ষত অসম উপত্যকা সাহিত্য বঁটা,২০২১ বৰ্ষত বৰ অসম সমন্বয় বঁটা লাভ কৰা ইমৰাণ শ্বাহক কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰিছে।এনে অনেক বঁটা বাহন আৰু সন্মান লাভ কৰা এগৰাকী প্ৰথিতযশা সাহিত্যিকক ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটাৰ বাবে মনোনীত কৰিবলৈ পাই সদৌ অসম গৰিয়া -মৰিয়া- দেশী জাতীয় পৰিষদ ধন্য হোৱা বুলি উল্লেখ কৰে কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ড০ চহিৰ ভূঞা, জিলা সভাপতি বাবুল মকছেদ আহমেদ, কাৰ্যকৰী সভাপতি আয়ুব আনছাৰী,সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ, উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মিছবাহুল হুদা, উপসভাপতি মইনুল হক শইকীয়া,চফিকুল ইছলাম, মঙলদৈ সদৰ সমিতিৰ সভাপতি তমজিদ আলি, সাধাৰণ সম্পাদক চাহিল ইৰফান প্ৰমুখ্যে সংবাদ মেলত উপস্থিত থকা বিষয়ববীয়া সকলে।

ইপিনে কাইলৈৰ পৰা অনুষ্ঠিত হ’বলগীয়া সপ্তদশ মাতৃভাষা দিৱসৰ কাৰ্যসূচী অনুসৰি ৫ অক্টোবৰৰ পুৱা গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰিব বিশিষ্ট প্ৰকৃতি প্ৰেমী আৰক্ষী বিষয়া মুকুট কাকতিয়ে।দিনৰ ১২.৩০ বজাত অনুষ্ঠিত হ’ব চিত্ৰাংকন প্ৰতিযোগিতা। ৬ অক্টোবৰৰ পুৱা ৮.৫৫ বজাত পতাকা উত্তোলন,৯.৩০ বজাত ছহিদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব ছহিদ ভাতৃ বদৰুল হকে। মুখ্য তৰ্পক হিচাপে অংশগ্ৰহণ কৰিব দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে।১২.৩০ বজাত অনুষ্ঠিতব্য সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদ্বোধন কৰিব সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি চ’পিয়ৰ ৰহমানে। বিয়লি ১.০০ বজাত উদযাপন সমিতিৰ সভাপতি তথা ছিপাঝাৰৰ বিধায়ক,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি আৰু বঁটা প্ৰদান অনুষ্ঠান উদ্বোধন কৰিব ডঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাংসদ দিলীপ শইকীয়া আৰু পদ্মশ্ৰী ডঃ ইলিয়াছ আলি।

নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকা আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি নুৰুল হক।বিশিষ্ট অতিথি হিচাপে অধ্যাপক ইদ্ৰিছ আলি, বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসকে ধৰি কেইবাগৰাকী গণ্য মান্য আমন্ত্ৰিত ব্যক্তি উপস্থিত থাকিব। সন্ধিয়া বন্তি প্ৰজ্বলনত ভাগ ল’ব জিলা খনৰ লগতে সদৰ মঙলদৈৰ বিশিষ্ট নাগৰিক সকলৰ উপৰি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিষয় ববীয়াসকলৰ আৰু বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰতিনিধিয়ে। অনুষ্ঠানৰ সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰিবলৈ উদ্যোক্তাসকলে সদৌটি ৰাইজকে অনুৰোধ জনাইছে।

AAP: ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী আপৰ

AAP: ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী আপৰ
AAP: ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী আপৰ

গুৱাহাটী, ৪ অক্টোবৰ – অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ইতিবাচক ভূমিকাৰ বাবে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই।(AAP)

আজি গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত আপৰ নেত্ৰীগৰাকীয়ে মাথোঁ ভাষাটোৰ ধ্ৰুপদী স্বীকৃতি লাভতে সীমাৱদ্ধ নাথাকি অসমীয়া লিপিৰ স্বীকৃতিৰ ক্ষেত্ৰতো বৰ্তমান চৰকাৰক পদক্ষেপ ল’বলৈ দাবী জনায়। সংবাদমেলত অনুৰূপা ডেকাৰজাই কয়, ” আজি আমাৰ ভাষাটোৱে এক ঐতিহাসিক স্বীকৃতি লাভ কৰিলে। এতিয়াৰ পৰা দেশ-বিদেশত অসমীয়া ভাষাৰ চৰ্চা হ’ব। ভাষাবিদ, গৱেষক সকলে অসমীয়া ভাষাৰ ওপৰত গৱেষণা কৰিবলৈ আগবাঢ়ি আহিব। এয়া নিশ্চিত ভাবে আশাৰ বতৰা।” আনহাতে, মাথোঁ এই স্বীকৃতি লাভৰ বাবে সন্তুষ্টি লাভ কৰিলেই নহ’ব, ভাষাটোক চিৰযুগমীয়া কৰিবৰ বাবে অসমৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী বিদ্যালয় তথা বিশ্ববিদ্যালয় সমূহতো শীঘ্ৰেই অসমীয়া ভাষাৰ পাঠদান বাধ্যতামূলক কৰিবলৈ আপৰ নেত্ৰীগৰাকীয়ে দাবী জনায়। ৰাজ্য চৰকাৰে ইতিমধ্যে বন্ধ ঘোষণা কৰা অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহৰ বিষয়তো সৰৱ হয় আপৰ জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে। তেওঁ কয়, ” দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰ অন্তত অসমীয়া ভাষাই এই স্বীকৃতি লাভ কৰিছে। কিন্তু এই সময়তে আমাৰ চৰকাৰে ৰাজ্যখনত অসমীয়া ভাষা মাধ্যমৰ ১,৬৭০ খন বিদ্যালয় বন্ধ কৰিছে। কিছুদিন পূৰ্বেও চৰকাৰে বিভিন্ন অজুহাতত অসমীয়া মাধ্যমৰ ২,২০০ বিদ্যালয় একত্ৰীকৰণৰ নামত বন্ধ কৰিছে। তদুপৰি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত প্ৰাথমিক স্তৰতো অংক আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত যোগান ধৰাৰ আত্মঘাতী সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমীয়া ভাষাৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে এনে সিদ্ধান্ত বৰ্জন কৰিব লাগিব।”(Aam Aadmi Party)


সংবাদমেলত আপৰ আন এগৰাকী নেতা নীলমণি শইকীয়াই মাজুলী – যোৰহাট সংযোগী দলঙৰ কামৰ পুনৰ নিবিদা আহ্বান সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰে। ২০১৬ চনত আধাৰশিলা স্থাপন কৰা দলংখনৰ কাম আৰম্ভ কৰা হৈছিল ২০২১ চনত। কিন্তু কাম আৰম্ভ কৰাৰ মাজতে কিছুদিন পূৰ্বে নিৰ্মাণ প্ৰতিষ্ঠানটোৱে হঠাতে কাম বন্ধ কৰে। নিৰ্মাণৰ সামগ্ৰীও প্ৰকল্পস্থলীৰ পৰা স্থানান্তৰ কৰা হয়। বিগত এমাহৰ বেছি দিন ধৰি কাম বন্ধ হৈ থকাৰ বিষয়টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় আপৰ নেতাগৰাকীয়ে । আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা আলোচনাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঠিকাৰ বাবে পুনৰ নিবিদা আহ্বানৰ সম্ভাৱনা ব্যক্ত কৰা সন্দৰ্ভত নীলমণি শইকীয়াৰ প্ৰশ্ন – ” এটা ঠিকাদাৰী গোটে নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ পাছত পুনৰ একেটা কামৰ বাবে নিবিদা বিচৰা সম্ভৱ নে? মাজুলী- যোৰহাট সংযোগী দলংখনক লৈ মাজুলী বাসীয়ে ৰাজনীতি হোৱাটো নিবিচাৰে। দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ স্বাৰ্থত সকলো ধৰণৰ বাধা বিঘিনি আঁতৰাই অবিলম্বে নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰা উচিত।” সংবাদমেলত আপৰ আন এগৰাকী নেত্ৰী মঞ্জু ডেকা হুছেইনো উপস্থিত থাকে।

BTC: কাজলগাঁৱত ১,৮৮৬ গৰাকী হিতাধিকাৰীক ভূমি পাট্টা বিতৰণ বিটিচি প্ৰধান প্ৰমোদ বড়োৰ

BTC: বিটিচি
BTC: বিটিচি

কাজলগাঁও, ৪ ছেপ্টেম্বৰ ২০২৪: কাজলগাঁৱত প্ৰধান প্ৰমোদ বড়োৰ সভাপতিত্বত অনুষ্ঠিত ভূমি প্ৰমাণপত্ৰ নিষ্পত্তি অনুষ্ঠানত আনুষ্ঠানিকভাৱে চিৰাং জিলাৰ বিজনী, চিদলী আৰু বেংতল ৰাজহ চক্ৰৰ ১,৮৮৬ গৰাকী যোগ্য হিতাধিকাৰীক ভূমি পাট্টা প্ৰদান কৰা হয়।(BTC)

অনুষ্ঠানত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ভূমিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ইয়াৰ অবিহনে জীৱনত নিজৰ অৰ্থ হেৰুৱাই পেলায়। ভূমিয়ে অগণন ব্যক্তি আৰু পৰিয়ালক আশ্ৰয় আৰু নিৰাপত্তা প্ৰদান কৰে। লগতে ভূমিয়ে তেওঁলোকৰ জীৱিকা আৰু ভৱিষ্যতৰ ভেটি হিচাপে কাম কৰে। তেওঁ ভূমি সংস্কাৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথাও উল্লেখ কৰি কয় যে বিটিআৰ অঞ্চলত ইতিমধ্যে ১,৪০,০০০ তকৈও অধিক বাসিন্দাই ভূমি পাট্টা লাভ কৰিছে। উল্লেখনীয় যে বিটিচি হৈছে ভূমি সম্পৰ্কীয় নথি ডিজিটেলাইজ কৰা ভাৰতবৰ্ষৰ প্ৰথমখন ষষ্ঠ অনুসূচীৰ অধীনস্থ পৰিষদ।(BTC Chief Pramod Boro)

ৰাজ্যসভাৰ সাংসদ ৰৗণগৗৰা নাৰ্জাৰীয়ে চৰকাৰে ভূমি সংস্কাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে আৰু বহু নাগৰিকৰ ওপৰত পৰা ইয়াৰ ইতিবাচক প্ৰভাৱৰ কথা উল্লেখ কৰে। তেওঁ আশা প্ৰকাশ কৰে যে বিটিচি চৰকাৰে ভূমি পাট্টা বিতৰণৰ কাৰ্যকলাপ অব্যাহত ৰাখিব।

বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰয়েও ভূমি নিষ্পত্তিৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে। আনহাতে বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ভূমিহীন লোকসকলক আগবাঢ়ি আহি ভূমি পাট্টাৰ বাবে আবেদন কৰিবলৈ উৎসাহিত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ভূমি পাট্টাৰ বাবে প্ৰদান কৰিবলগীয়া প্ৰিমিয়াম চৰকাৰে হ্ৰাস কৰিছে। যাৰ ফলত বিটিআৰৰ জনসাধাৰণক যথেষ্ট সকাহ প্ৰদান কৰা হৈছে।(land pattas)

এই অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য উইলছন হাছদা, পাৰিষদ মাধৱ চন্দ্ৰ চেত্ৰী, বিটিচিৰ সচিব ধীৰাজ সাউদ কে ধৰি অন্যান্য গণ্যমান্য ব্যক্তিসকল অংশগ্ৰহণ কৰে আৰু বাসিন্দাসকলৰ বাবে ভূমিৰ উপলব্ধতা আৰু নিৰাপত্তাৰ বাবে চলি থকা প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন নিশ্চিত কৰে।

sore throat: পূজাৰ বতৰত বাচি খাব! নহ’লে হ’ব ডিঙিৰ বিষ, ডিঙিৰ বিষ নিৰাময়ৰ বাবে ৫টা ঘৰুৱা উপায়

sore throat: ডিঙিৰ বিষ নিৰাময়ৰ বাবে ৫টা ঘৰুৱা উপায়
sore throat: ডিঙিৰ বিষ নিৰাময়ৰ বাবে ৫টা ঘৰুৱা উপায়

ডিঙিৰ বিষৰ অনুভৱ কেনে হয় জানেনে? কিবা খোৱাৰ সময়ত ডিঙিত কাঁইটৰ দৰে বিন্ধে। গৰম পানী খালে আৰামদায়ক অনুভৱ হোৱা, কিন্তু একেবাৰে এই বিষৰ নিৰাময় নহয়। ডিঙিৰ বিষ ঠাণ্ডা আৰু গৰমৰ ফলত হয়।(sore throat)

এনে অৱস্থাত কি পিন্ধিব, কি খাব এই সমূহৰ বিষয়ে জানি ল’ব লাগিব। ঠাণ্ডা আৰু ডিঙিৰ বিষ নোহোৱা হৈ যাব। আনহাতে আপুনি নিমখীয়া গৰম পানীৰে গাৰ্গলিং কৰিব পাৰে। ইয়াৰউপৰিও যদি আপুনি কেইটামান ঘৰুৱা টিপছ মানি চলিব পাৰে-(Home remedies for sore throat)

১) ফিটকিৰি সৈতে গাৰ্গল কৰা:

এগিলাচ কুহুমীয়া পানীত আধা চামুচ ফিটকিৰি মিহলাই লওক। দিনটোত কমেও দুবাৰৰ পৰা তিনিবাৰকৈ পানীৰে গাৰ্গল কৰিব লাগে। ইয়াৰ দ্বাৰা প্ৰদাহজনিত সমস্যা আৰু বেক্টেৰিয়াৰ সংক্ৰমণ হ্ৰাস পাব।

২) হালধি গাখীৰ:

হালধিত কেইবাটাও এন্টি-ইনফ্লেমেটৰী আৰু এন্টিবেক্টেৰিয়েল গুণ থাকে। কুহুমীয়া গাখীৰত এচিকুট হালধি আৰু জালুকৰ গুড়ি মিহলাই লওক। ৰাতি শুৱাৰ পূৰ্বে এই পানীয় খালে বিষৰ পৰা সকাহ পাব।

৩) আদা, মৌ:

মৌত এন্টিবেক্টেৰিয়েল গুণ থাকে। আদা প্ৰদাহ নিবাৰণকাৰী হিচাপে ভাল। আদা কুটি মৌৰ লগত মিহলাই খাব পাৰে। আকৌ আদা চেপি তাৰ ৰস মৌৰ লগত মিহলাই খাব পাৰি।


৪) তুলসী চাহঃ

কেৰাহীত পানী গৰম কৰক। তাত এমুঠি তুলসীৰ পাত দি ভালদৰে উতলাই লওক। এইবাৰ ষ্ট্ৰেইনাৰৰ সহায়ত চেকি চাহৰ দৰে খাব পাৰে। সেই পানীয়ত অলপ মৌও মিহলাই ল’ব পাৰি।

৫) মছলাযুক্ত ঘিউঃ

সৰু পাত্ৰ এটাত ঘিউ অলপ গৰম কৰি লওক। তাত জালুক, দালচেনি আৰু আদাৰ ৰস দিব। ইচ্ছা কৰিলে অলপ মৌ দিব পাৰে। এই মিশ্ৰণটো ৰাতি শোৱাৰ পূৰ্বে খাব লাগে।

World Laughter Day 2024: খোলা হাঁহি স্বাস্থ্যৰ বাবে উপকাৰী

World Laughter Day 2024: খোলা হাঁহি
World Laughter Day 2024: খোলা হাঁহি

হাঁহি থাকক, সুখত থাকক। আজি বিশ্ব হাঁহি দিৱস।মুকলিকৈ হাঁহিলে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়।(World Laughter Day 2024)বিশ্ব হাঁহি দিৱস প্ৰতি বছৰে অক্টোবৰ মাহৰ প্ৰথম শুক্ৰবাৰে পালন কৰা হয়।

আনন্দময় স্বভাৱ আৰু হাঁহিয়ে সৰলতাৰ ভাৱনাক উৎসাহিত কৰি আৰু ভাল কৰ্মৰ পৰিৱেশ স্থাপন কৰি দক্ষতা বৃদ্ধি কৰিব পাৰে।

মানসিক চাপ কমাই হাঁহিয়ে লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাক সহায় কৰে। যাৰ ফলত আপোনাৰ ৰোগৰ প্ৰতি কম প্ৰৱণতা সৃষ্টি হয়। যেতিয়া আপুনি সুখক আকোৱালি ল’ব তেতিয়া আপুনি জীৱনৰ সমস্যাবোৰ চম্ভালি ল’ব পাৰিব।

হাঁহিলে ৰক্তচাপ কমে। প্ৰথম অৱস্থাত হাঁহিলে আপোনাৰ হৃদস্পন্দন আৰু উশাহ-নিশাহ বৃদ্ধি পায়, কিন্তু ইয়াৰ পিছত পেশীবোৰ শিথিল হৈ পৰে, যাৰ ফলত শেষত হৃদস্পন্দন আৰু ৰক্তচাপ দুয়োটা হ্ৰাস পায়।

হাঁহিয়ে এণ্ড’ৰ্ফিনৰ আগমনৰ সূচনা কৰে আৰু এড্ৰিনেলিন আৰু কৰ্টিছলৰ দৰে মানসিক চাপৰ হৰম’ন হ্ৰাস কৰে। ইয়াৰ উপৰিও বিষ কমাব পাৰে, কেলৰি কমাব পাৰে আৰু শৰীৰৰ অংগসমূহক উদ্দীপিত কৰাত সহায় কৰিব পাৰে।

হতাশা, মানসিক চাপ আৰু উদ্বেগৰ দৰে মানসিক স্বাস্থ্যজনিত সমস্যাৰ প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে কাম কৰে হাঁহিয়ে। ই ইতিবাচক শাৰীৰিক আৰু আৱেগিক পৰিৱৰ্তন সাধন কৰে, সাধাৰণ সমৃদ্ধিৰ প্ৰসাৰ ঘটায়।

হাঁহিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে আপোনাৰ মেজাজ ভাল কৰে। উদ্বেগ হ্ৰাস কৰে আৰু মানসিক চাপৰ নেতিবাচক পৰিণতিৰ পৰা আপোনাক ৰক্ষা কৰে। ভাল হাঁহি এটাই আপোনাৰ মন আৰু শৰীৰক একাকাৰ কৰি তোলাৰ এক দ্ৰুত আৰু ভৱিষ্যদ্বাণীযোগ্য উপায়।

হাঁহিয়ে আপোনাক সুখী কৰে, আশা দিয়ে, আনৰ সৈতে সংযোগ কৰে। ইয়াৰ উপৰিও ই ক্ষোভ এৰি দিয়াত সহায় কৰে আৰু ক্ষমাৰ প্ৰসাৰ ঘটায়।

ইয়াৰ নিৰাময় আৰু পুনৰুদ্ধাৰকাৰী শক্তিৰ সৈতে হাঁহিয়ে সমস্যা সমাধান, সম্পৰ্ক শক্তিশালী কৰা আৰু শাৰীৰিক আৰু মানসিক উভয় স্বাস্থ্য উভয়ৰে উন্নতিৰ বাবে এক গুৰুত্বপূৰ্ণ সম্পদ হিচাপে কাম কৰে।

Toilet: বিপদত পৰিব! আপোনাৰ ঘৰত এটাতকৈ অধিক শৌচাগাৰ আছে নেকি?

Toilet: আপোনাৰ ঘৰত এটাতকৈ অধিক শৌচাগাৰ আছে নেকি
Toilet: আপোনাৰ ঘৰত এটাতকৈ অধিক শৌচাগাৰ আছে নেকি

আপোনাৰ ঘৰত এটাতকৈ অধিক শৌচাগাৰ আছে নেকি? কিয়নো এতিয়া আপুনি শৌচাগাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কৰ দিব লাগিব। শুনি হয়তো আপোনাৰ আচৰিত যেন লাগিছে। কিন্তু, এই খবৰ সত্য। (Toilet)

এই খবৰ এখন পাহাৰীয়া ৰাজ্যৰ। ৰাজ্যখন হৈছে হিমাচল প্ৰদেশ। হিমাচল চৰকাৰৰ ঋণৰ দায়বদ্ধতা ২০২৩ চনত ৭৬,৬৫১ কোটিলৈ বৃদ্ধি পাইছে। হিমাচল প্ৰদেশৰ কংগ্ৰেছ চৰকাৰে নগৰ অঞ্চলত বসবাস কৰা লোকসকলৰ ঘৰত থকা শৌচাগাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কৰ আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিনামূলীয়া সামগ্ৰীকে ধৰি কল্যাণমূলক আঁচনিৰ বাবে ৰাজ্য চৰকাৰৰ আৰ্থিক দুৰ্দশা ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে এই কথা প্ৰকাশ কৰিছে(।Himachal Pradesh) 

খবৰ অনুসৰি সুখবিন্দৰ সিং সুখুৰ চৰকাৰে নলা-নৰ্দমা আৰু পানীৰ বিল বৃদ্ধিৰ নিৰ্দেশ দি এক অধিসূচনা জাৰি কৰি কয় যে চহৰ অঞ্চলত বসবাস কৰা লোকসকলে ঘৰৰ প্ৰতিখন শৌচাগাৰৰ আসনত ২৫ টকা মাচুল দিব লাগিব। এই অতিৰিক্ত কৰ নলা বিলৰ লগতে জল শক্তি বিভাগলৈ হস্তান্তৰ কৰা হ’ব।(Sukhvinder Singh Sukhu) 

চৰকাৰী অধিসূচনা অনুসৰি পানীৰ বিলৰ ৩০ শতাংশ নলা বিল নিৰ্ধাৰণ কৰা হ’ব। আনহাতে যিসকলে নিজাকৈ পানীৰ আহৰণ কৰে তেওঁলোকে চৰকাৰৰ নলা সংযোগ ব্যৱহাৰ কৰাৰ বাবে প্ৰতিখন শৌচাগাৰৰ আসনত ২৫ টকা মাহিলী মাচুল প্ৰযোজ্য হ’ব।(Himachal Government)

লগতে পঢ়কঃ Himanta Biswa Sarma: ২০২৬ত পুনৰ মুখ্যমন্ত্ৰী হ’ব ড॰ হিমন্ত বিশ্ব শৰ্মা: মন্ত্ৰী পীয়ূষ হাজৰিকা


Himanta Biswa Sarma: ২০২৬ত পুনৰ মুখ্যমন্ত্ৰী হ’ব ড॰ হিমন্ত বিশ্ব শৰ্মা: মন্ত্ৰী পীয়ূষ হাজৰিকা

Himanta Biswa Sarma: ২০২৬ত পুনৰ মুখ্যমন্ত্ৰী হ’ব ড॰ হিমন্ত বিশ্ব শৰ্মা
Himanta Biswa Sarma: ২০২৬ত পুনৰ মুখ্যমন্ত্ৰী হ’ব ড॰ হিমন্ত বিশ্ব শৰ্মা

দৈনন্দিন বাৰ্তা, বিশ্বনাথ চাৰিআলি ৪ অক্টোবৰ: বিহালী সমষ্টিত ৰঞ্জিত দত্তৰ উত্তৰধিকাৰী কোন হ’ব ৷ উল্লেখযোগ্য  শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে ৭১ নং বিহালী বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত বিজয়ী হোৱাৰ পিছৰে পৰা উপ-নিৰ্বাচন আসন্ন হৈ পৰা বিহালী সমষ্টিত স্বাভাৱিকতে চৰ্চা চলিছে আগন্তুক সমষ্টিৰটোত উত্তৰধিকাৰী কোন হ’ব৷ (Himanta Biswa Sarma)

ইতিমধ্যে বিহালী বিধানসভা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে শাসক বিৰোধী উভয়ে কুচকাৱাজ আৰম্ভ কৰিছে যদিও বৰ্তমান লৈকে নিৰ্বাচনৰ দিন ঘোষণা হোৱা৷ ইফালে নিৰ্বাচন দিন ঘোষণা হোৱা নাই যদিও বিজেপি কংগ্ৰেছ আদি ৰাজনীতি দল সংমূহে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ৷ ইফালে উপ নিৰ্বাচনক লৈ অধিক তৎপৰ হৈছে শাসকীয় দল বিজেপি৷ বিজেপি দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ৷(Minister Pijush Hazarika)

আনহাতে বুধবাৰৰ পৰা বিহালী সমষ্টিত বাহৰ পাতি আছে মন্ত্ৰী পীয়ূষ হাজৰিকা৷ আনহাতে এই উপ নিৰ্বাচনৰ বাবে বিজেপি দলে ১৭ টা গাওঁ পঞ্চায়ত ১৭ টা কাৰ্যালয় মুকলি কৰে বৃহস্পতিবাৰে৷ প্ৰথমে মন্ত্ৰী পীয়ূষ হাজৰিকা বিহালী উপ নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি কৰে বৰগাংত৷(Himanta Biswa Sarma will be the Chief Minister again)

ইয়াৰ পিছতে আন আন গাঁও পঞ্চায়ত সমূহতো উপ নিৰ্বাচনৰ কাৰ্যালয় মুকলি কৰে বিধায়ক দিগন্ত কলিতা, বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিধায়ক ভূবন পেগু আৰু বিধায়ক উৎপল বৰাই ১৭ টাকৈ কাৰ্যালয় পৃথকে পৃথকে মুকলি কৰে৷ উল্লেখ্য, বুধবাৰে সন্ধিয়াৰে পৰা বিহালী সমষ্টিত বাহৰ পাতি থকা মন্ত্ৰী পীয়ূষ হাজৰিকাই সমষ্টিৰটোৰ  বিশিষ্ট ব্যক্তি সকলৰ ঘৰে ঘৰে গৈ বিজেপিৰ বাবে আশীৰ্বাদ বিচাৰি মুঠ ৩০০গৰাকীৰ জ্যেষ্ঠ ব্যক্তি সমাজ সেৱক ঘৰত মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত হৈ এই আশীৰ্বাদ বিচাৰিব বুলি উল্লেখ কৰে মন্ত্ৰী পিয়ূষ হাজৰিকাই৷

আনহাতে গৌৰৱ গগৈ ২০২৬ চনত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব বুলি চলা চৰ্চাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে আকাশত চাং পতা কথা কোনোবাই ক’ব পাৰে ২৬তটো নহয়েই কেতিয়া হ’ব মই নাজানো ৷ কিন্তু আকৌ ২০২৬ চনত আমিয়েই চৰকাৰ গঠন কৰিম আৰু পুনৰ ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই৷(gaurav gogoi)

dementia: মনৰ ব্যস্ততা যিমানে বাঢ়িব সিমানেই দীঘলীয়া হ’ব জীৱনটো!

dementia: মনৰ ব্যস্ততা যিমানে বাঢ়িব সিমানেই দীঘলীয়া হ’ব জীৱনটো
dementia: মনৰ ব্যস্ততা যিমানে বাঢ়িব সিমানেই দীঘলীয়া হ’ব জীৱনটো

বৰ্তমান সময়ত সকলোৱে বিচাৰে এটা দীঘলীয়া আৰু সুস্থ জীৱন। কিন্তু আপুনি জানেনে যে আপোনাৰ মগজুৰ কাৰ্য্যকলাপে আপোনাৰ দীঘলীয়া আৰু সুস্থ জীৱন দুয়োটাতে প্ৰভাৱ পেলাব পাৰে।(dementia)

শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে যদি আমি আমাৰ মগজুক অহৰহ সক্ৰিয় আৰু ব্যস্ত কৰি ৰাখোঁ তেন্তে আমি কেৱল বেছি দিন জীয়াই থকাই নহয়, ডিমেনচিয়াৰ দৰে গুৰুতৰ মানসিক ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰোঁ।(mind busy)

বিশেষজ্ঞসকলৰ মতে আমাৰ মগজু যেতিয়া সক্ৰিয় হৈ থাকে তেতিয়া ই নতুন তথ্য উদ্ভাৱনৰ প্ৰক্ৰিয়াকৰণ কৰে। ই মগজুৰ কোষৰ মাজত নতুন সংযোগ সৃষ্টি কৰে, যাৰ ফলত মগজুৰ কাৰ্য্যক্ষমতা উন্নত হয়। মনটোক ব্যস্ত কৰি ৰাখিলে কৰ্মক্ষমতা বৃদ্ধি হোৱাই নহয়, বয়স বৃদ্ধিও লেহেমীয়া হয়।(longevity)

ডিমেনচিয়া হৈছে এক গুৰুতৰ মানসিক ৰোগ। য’ত ব্যক্তিৰ স্মৃতিশক্তি, চিন্তা ক্ষমতা আৰু দৈনন্দিন কাম-কাজ কমিবলৈ আৰম্ভ কৰে। অধ্যয়নত দেখা গৈছে যে গোটেই জীৱন নিজকে মানসিকভাৱে ব্যস্ত কৰি ৰখা লোকসকলে ডিমেনচিয়াৰ বলি হোৱাৰ পৰা হাত সাৰিব পাৰে। মগজুক সদায় সক্ৰিয় কৰি ৰাখিলে মগজুৰ গঠন আৰু কাৰ্য্য শক্তিশালী হয়, যাৰ ফলত ই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হয়।

মনটোক কেনেকৈ ব্যস্ত কৰি ৰাখিব-

নতুন ভাষা বা বাদ্যযন্ত্ৰ শিকিলে মনটো সক্ৰিয় হৈ থাকে।
নিয়মিতভাৱে অধ্যয়ন, লিখা আৰু মানসিক খেল খেলাটোৱে মগজুক শক্তিশালী কৰে।
বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ লগতে সামাজিক কাম-কাজত অংশগ্ৰহণ কৰাটো মগজুৰ বাবে উপকাৰী।

Smart Meter: তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদঃ শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ গটাই দিলে বিদ্যুৎ বিভাগক

Smart Meter: তিতাবৰত শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ গটাই দিলে বিদ্যুৎ বিভাগক
Smart Meter: তিতাবৰত শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ গটাই দিলে বিদ্যুৎ বিভাগক

দৈনন্দিন বাৰ্তা, ৪ অক্টোবৰঃ ৰাজ্যজুৰি অৱ্যাহত আছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ। বিদ্যুৎ মাচুলৰ বাবদ স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজৰ তেজ শুহি খোৱা কাৰ্য্যক সহজভাৱে ল’ব পৰা নাই ৰাজ্যবাসীয়ে। বিশেষকৈ গ্ৰামাঞ্চলৰ উপভোক্তাসকলে স্মাৰ্ট মিটাৰৰ কেকোঁৰা চেঁপাত এতিয়া দিক্‌বিদিক হেৰুৱাই পেলাইছে। তাৰপাছতো ৰাজ্য চৰকাৰে স্মাৰ্ট মিটাৰ সন্দৰ্ভত কোনো স্পষ্ট নীতি গ্ৰহণ নকৰাত সম্প্ৰতি ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত বহু সংখ্যক বিদ্যুৎ গ্ৰাহকে তিতাবৰৰ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। (Smart Meter)

যোৰহাট বৈদ্যুতিক সংমণ্ডলৰ অধীনস্থ সমগ্ৰ তিতাবৰ বিধান সভা সমষ্টিৰ বিভিন্ন চাহ বাগিচা আৰু গ্ৰামাঞ্চলসমূহত স্মাৰ্ট মিটাৰ সংস্থাপনৰ বিৰোধিতাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত হাতে হাতে স্মাৰ্ট মিটাৰ লৈ ওলাই অহা শতাধিক গ্ৰাহকে ‘জনসাধাৰণৰ তেজ শুহি খোৱা স্মাৰ্ট মিটাৰ আমাক নালাগে, পুৰণি মিটাৰ ঘূৰাই দিয়ক, স্মাৰ্ট মিটাৰ ঘূৰাই ল’ব লাগিবই, ডকাইটৰূপী স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিজেপি চৰকাৰ হুচিয়াৰ’ আদি শ্ল’গানেৰে প্ৰতিবাদী সমদল কৰি তিতাবৰৰ ৰাজপথ উত্তাল কৰাৰ পাছত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত তামোল-পাণ, অৰিহণাসহ শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ গতাই দিয়ে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু যোৰহাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা প্ৰমোদ গগৈৰ নেতৃত্বত অগণন লোকে বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে, তিতাবৰত স্মাৰ্ট মিটাৰ সংস্থাপন কৰা গ্ৰাহকৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ উঠাই পুৰণি মিটাৰ সংস্থাপনৰ বাবে যোৱা ৬ ছেপ্টেম্বৰত অন্তিম সময় বান্ধি দিয়াৰ দিন কেতিয়াবাই উকলি গ’ল যদিও বিদ্যুৎ বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাত খৰ্গহস্ত হৈ আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গ্ৰাহকসকল ৰাজপথলৈ ওলাই আহি বিশাল প্ৰতিবাদী সমদল উলিয়াই তিতাবৰ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰি শ শ স্মাৰ্ট মিটাৰ ঘূৰাই দিয়াৰ লগতে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ বিষয়ে জানিবলৈ দি প্ৰতিবাদকাৰীসকলে শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে আন্দোলন আৰু অধিক তীব্ৰতৰ হ’ব বুলি শক্তি বিভাগৰ লগতে ৰাজ্য চৰকাৰক সকীয়াই দিয়ে।