তদুপৰি, স্বাস্থ্য বিভাগ, গুৱাহাটী পৌৰ নিগম, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, অগ্নি নির্বাপক বাহিনী, বিদ্যুৎ বিভাগকে ধৰি বিভিন্ন বিভাগৰ পৰাও দুৰ্গা পূজা সমিতিসমূহক বিভিন্ন নির্দেশনা দিয়া হয়। উল্লেখ্য যে এইবেলি গুৱাহাটীৰ ৮ টা ঘাটত দেৱী প্ৰতিমা বিসর্জন প্রক্রিয়া সম্পন্ন হ’ব। এই নিৰ্দেশাসমূহ সকলো পূজা সমতিয়ে বাধ্যতামূলকভাবে মানি চলিব লাগিব।(idol immersion will only be allowed eight ghats)
উত্তৰাখণ্ডৰ চৰকাৰৰ এগৰাকী বিষয়াৰ মতে, ২ অক্টোবৰৰ পৰা প্ৰথমটো তীৰ্থযাত্ৰীৰ দলে যাত্ৰা আৰম্ভ কৰিছিল আৰু ৩ অক্টোবৰত ওম পৰ্বতৰ পুৰণি লিপুলেখ শৃংগৰ পৰা কৈলাশ পৰ্বতৰ সাক্ষী হৈছিল। ৪ অক্টোবৰত গুণজী পিথোৰাগড়ৰ পৰা আদি কৈলাশ ভ্ৰমণ কৰাৰ পূৰ্বে পিথোৰাগড়লৈ উভতি যায় তীৰ্থযাত্ৰীসকলে। পেকেজটোত পিথোৰাগড়ৰ পৰা গুঞ্জীলৈ আৰু উভতি অহাৰ হেলিকপ্টাৰ টিকট কেএমভিএনত থকাৰ ব্যৱস্থা বা হোমষ্টেৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছে।(you can visit Mount Kailash from India without going to China)
কেইমাহমানৰ আগতে উত্তৰাখণ্ড পৰ্যটন, বি আৰ অ’, আৰু আই টি বি পিৰ বিষয়াৰ এটা দলে কৈলাশ পৰ্বতৰ স্পষ্ট দৃশ্য উপলব্ধ কৰা এটা বিশেষ পইণ্ট আৱিষ্কাৰ কৰিছিল।(Uttarakhand)এই আৱিষ্কাৰৰ পিছত উত্তৰাখণ্ড পৰ্যটন বিভাগে এটা পেকেজ ট্যুৰ আৰম্ভ কৰাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে। য’ত মাউণ্ট কৈলাশ, আদি কৈলাশ, আৰু ওম পাৰ্বটৰ দৰ্শন অন্তৰ্ভুক্ত কৰা হয়, এই সকলোবোৰ ভাৰতীয় মাটিৰ পৰা এতিয়া সুন্দৰকৈ দেখা পোৱা গৈছে।(Do Lord Shiva’s Abode Mount Kailash Darshan From India)
দৈনন্দিন বাৰ্তা, বিশেষ লেখাঃ আজিকালি মোৰ বহুত সময়। কাৰণ, মোৰ মোবাইল নামৰ এটা আটকধুনীয়া যন্ত্ৰ আছে। যন্ত্ৰটোত সময়বোৰ পাৰ কৰিব পৰাকৈ সকলোখিনি সুবিধা আছে । যন্ত্ৰটোত ফেচবুক, ৱাটছএপ, ইউ টিউব, ইনষ্ট্ৰগ্ৰাম, টুইটাৰ আদি সামাজিক মাধ্যমৰ সকলোখিনি উৎস যোগাৰ কৰি থৈছোঁ। পলে পলে, মিনিটে মিনিটে মোৰ এই মোবাইলটোলৈ লুইতৰ বুকুৱেদি অহৰ্নিশে পানী বৈ অহাৰ দৰে অহৰহ কিবা কিবি জ্ঞান বাৰ্তা আহিয়েই থাকে। সেয়েহে আজিকালি মই বৰ জ্ঞানী হৈ পৰিছো। মোলৈ অহা জ্ঞানবোৰ লৈ মই যেনেকৈ জ্ঞানী হৈ গৈ আছোঁ, তেনেকৈ ময়ো মোলৈ অহা জ্ঞানবোৰ আনলৈ পঠাই আনকো জ্ঞানী কৰি আছোঁ।(Assamese Classical Language)
এই জ্ঞান প্ৰচাৰৰ বাবে মোৰ কেইবাটাও গ্ৰুপ আছে। গ্ৰপটোৰ বাকীবোৰে মোৰ বাৰ্তাবোৰৰ বাবে অপেক্ষা কৰি থাকে। তাতে আজিকালি টি আৰ পিৰ যুগ। কোনে কিমান আগতে বাৰ্তা এটা প্ৰেৰণ কৰিব পাৰে, তাৰ প্ৰতিযোগিতাত নমাৰ যুগ। তাৰ বাবেই আজিকালি কেৱল টেলিভিশ্যন চেনেল কেইটাই নহয়, ফেচবুক, ইউ টিউব, ৱাটছএপ সকলোৰে মাজত প্ৰতিযোগিতা। কভিড মহামাৰীৰ পিছৰ পৰা সামাজিক মাধ্যমত এই প্ৰতিযোগিতা ইমানেই বাঢ়িল যে এতিয়া মানুহবিলাক বহুত জ্ঞানী হৈ গল। কেতিয়াবা নিজকে প্ৰশ্ন কৰোঁ মই। ইমান জ্ঞান সাগৰৰ মোৰ প্ৰয়োজন আছেনে। পাৰিম জানো এই সকলো জ্ঞান ভাণ্ডাৰ এই মগজুত ভৰাই লবলৈ।(English language in Sahitya Sabha’s WhatsApp group)
ৱাটছএপ, ফেচবুক অহাৰ আগতে বাৰু মানুহবোৰ ইমান জ্ঞানী নাছিল নেকি। আজিৰ অহৰহ এই জ্ঞান সহজলভ্য হোৱাৰ ফলত ডেকা বুঢ়া, জ্ঞানী অজ্ঞানী, চোকা গাধাৰ মাজত প্ৰাৰ্থক্য নোহোৱা হৈ পৰিল যেন অনুভৱ হয়। আগতে কণিষ্ঠজনে নজনা কথা এটা জানিবৰ বাবে জ্যেষ্ঠজনৰ কাষ চপাৰ সলনি এতিয়া জ্যেষ্ঠজন কনিষ্ঠজনৰ কাষ চাপিব লগা হল। কনিষ্ঠ- জ্যেষ্ঠৰ মাজত সামাজিক প্ৰভেদ কমি এতিয়া এনেকুৱা হৈ পৰিল যে বহুক্ষেত্ৰত কনিষ্ঠজনে জ্যেষ্ঠজনক সন্মান কৰিব নজনা হল বা নিবিছৰা হল। কাৰণ আজি আপোনাৰ মোৰ হাতত যিটো মোবাইল আছে নৱ প্ৰজন্মৰ হাইস্কুল বা কলেজীয়া ছাত্ৰ ছাত্ৰীৰ হাততো সেই মোবাইলেই আছে। আপুনি,মই সামাজিক মাধ্যমৰ জৰিয়তে যি চাই আছোঁ, সেই লৰা ছোৱালী কেইটাইয়ো তাকেই চাই আছে। সেয়া লাগিলে তেওঁ গাঁও, নগৰ বা মহানগৰ, যতেই নাথাকক কিয়। তাতে জ্যেষ্ঠজনে যদি কিবা অসামাজিক কাম কৰাৰ কিবা ভিডিঅ বা বাৰ্তা এটা ভাইৰেল হল, তেতিয়াতো কথাই নাই। যুৱ প্ৰজন্ম বা সেই হাইস্কুল, কলেজৰ লৰা ছোৱালী কেইটাই ভাবিয়েই লব যে আজিৰ জ্যেষ্ঠসকল এনেকুৱাই। সেয়েহে এতিয়া ক্ৰিকেট খেলৰ থাৰ্ড আম্পায়াৰৰ দৰে সামাজিক মাধ্যম বা আজিৰ লৰা ছোৱালীবোৰ একো একোজন ঠাৰ্ড আম্পায়াৰ হৈ পৰিল। তেঁওলোকৰ কেমেৰাত বন্দী এতিয়া সমাজৰ সকলো স্তৰৰ লোক।( whatsapp, facebook)
সেয়েহে এতিয়া সময় থাকিও সময়বোৰৰ বৰ অভাৱ আজিৰ এচাম লোকৰ। মোবাইল ব্যস্ত জীৱনত আজিকালি কাৰোবাক ফোন এটা কৰি খবৰ লবলৈ বা কাৰোবাৰ ঘৰত গৈ মাত এষাৰ দিবলৈ তেওঁলোকৰ সময়ৰ অভাৱ। কাৰণ তেওঁলোকক অহৰহ আবৰি আছে এই ফেচবুক, ৱাটছৱাপ বাৰ্তাবোৰে। ইয়াৰ বাবেই বহু সময়ত সমাজৰ এচাম লোকৰ মাজত আজিকালি জ্ঞানৰ প্ৰতিযোগিতা বৃদ্ধি পোৱা দেখা গৈছে। তেওঁলোকৰ জ্ঞানৰ গভীৰতা ইমানেই বৃদ্ধি পাই যে তেওঁলোকে মোবাইলতে ব্যস্ত থাকি ভাল পায়। সামাজিক মাধ্যমত দেখি থকা কিছুমান বিষয়ে আজিৰ সমাজক সহজেই আকৃষ্ট কৰাৰ বাবে আজিৰ তাৰিখত সততে বহুতৰ চিন্তা ধাৰাৰ অবক্ষয় হোৱা দেখা যায়। মোবাইল আৰু সামাজিক মাধ্যমৰ বাবে আজিকালি কাৰোবালৈ বাৰ্তা বা শুভেচ্ছা প্ৰেৰণৰ বাবে ৱাটছৱাপ ব্যৱহাৰ কৰি দায়মুক্ত হব পৰা হল। সমাজ গাঁথনি সামাজিক মাধ্যমে সহজ আৰু অন্যহাতে বিধ্বস্ত কৰি পেলালে। বিহুৱে – পুজাইটো কথাই নাই। সামাজিক মাধ্যম যোগে কাৰোবালৈ পঠোৱাৰ পূৰ্বে ৰেডিমেদ বাৰ্তা এটা আহিয়ে যায়। তাকে কপি, পেষ্ট কৰিলেই হয়। শুভেচ্ছা হৈ যায়। জন্মদিন বা মৃত্যুৰ খবৰৰ বাবেও ৰেডিমেড বাৰ্তা আজিকালি সহজলভ্য। ইয়াতো কপি – পেষ্টৰ ব্যৱহাৰ। (social media)
দুদিন পূৰ্বে এজনলৈ পঠোৱা বাৰ্তাটো আছেই নহয়। তাকেই পঠাই দিলেই হয়। লাগিলে সেই অনুভবে কাৰোবাৰ হৃদয় স্পৰ্শ কৰকেই বা নকৰক। অন্যহাতে লাইক বোলা বস্তুটো যেন আজিকালি আঙুলিৰ খেলহে। বহুতো ক্ষেত্ৰত দেখা যায় যে আপোনাৰ লেখাটো পঢ়ক বা নপঢ়ক লাইকৰ জেগাত আঙুলিতো যাবই। সিদিনা এঠাইত বহি মানুহ এজনৰ হাতত থকা মোবাইলটো লক্ষ্য কৰি দেখিলোঁ মানুহজনৰ আঙুলিটো যন্ত্ৰৰ দৰে চলি গৈছে। ফেচবুকত এফালৰ পৰা লাইক মাৰি গৈছে। যেন বেংকৰ কেচিয়াৰজনে হাতত থকা টকাৰ বান্দিলৰ নোটবোৰ আঙুলিৰ টিপেৰে অহৰহ গণি গৈছে। ফেচবুকত লাইক্ মৰাজনৰ তাত কি আছে, কি নাই সেয়া চাবলৈ সময় নাই। লাগিলে সেই লাইকত কোনোবা স্বৰ্গগামীয়ে হওঁক বা আই চি ইউৰ বিছনাত মৃত্যুৰ ক্ষন গণি পৰি থকা বাৰ্তাই হওঁক। মুঠতে লাইক। নিজেই বহুক্ষেত্ৰত দেখি আহিছোঁ যে সামাজিক মাধ্যমত কিবা এটা লিখনি বা ভিদিঅ প্ৰেৰণ কৰাৰ লগে লগেই লাইক বা ‘ভাল লাগিল’ ধৰণৰ ৰেডিমেড মন্তব্য আহি যায়। অথচ তাত কি আছে, কি নাই, সেয়া সেইখিনি সময়ৰ ভিতৰত পঢ়া বা চোৱা সম্ভৱেই নহয়। এয়া আজিৰ সমাজৰ এক শ্ৰেণী লোকৰ মাজত সামাজিক মাধ্যমত সততে দৃশ্যমান একো একোখন প্ৰতিচ্ছবি।(mother tongue of assam)
সিদিনা একলেণ্ডলৈ গলোঁ। তাত দেখিলোঁ এগাল পুৰুষ মহিলাই এবুকো পানীত চুটি কাপোৰ পিন্ধি জলকেলি কৰি আছে। তাকে দেখি মোৰ ছোৱালী আৰু পৰিবাৰৰ প্ৰথমে লাজ লাগিছিল যদিও পিছলৈ সহজ হৈ পৰিল। চুইমিং পুলত বিকিনি পিন্ধা লৰা ছোৱালী কেইটা দেখি মনলৈ বেয়া ভাৱ নাহে যদিও সেই একেটা ড্ৰেছ ৰাজহুৱা স্থান বা বাট পথত পিন্ধিলে সেয়া অসভ্যালি হৈ পৰে। ঠিক সেইদৰে বিহুৱে সংক্ৰান্তীয়ে বা ধৰ্মীয় অনুষ্ঠান পৰ্বত অসমীয়া জাতীয় পোছাক যোৰ পিন্ধিলে যিটো শোভা বৰ্ধন কৰে, লং পেণ্ট চাৰ্ত বা জিনছ পিন্ধিলে তেনে নহয় । বহুক্ষেত্ৰত ব্যক্তিজন ককৰ্থনাৰ সন্মুখীন হব লগীয়া হয়। অৰ্থাৎ ঠাই বিশেষে ‘দেশ চাই বেশ’ কথাষাৰ প্ৰযোজ্য হয়। কিন্তু সামাজিক বা ডিজিটেল মাধ্যম ইয়াৰ পৰা পৃথক। ফেচবুক, ৱাটচ এপ আদিৰ জৰিয়তে যাৰ যি মন যায়, তাকেই প্ৰেৰণ বা আপলোড কৰিব পাৰে বা কৰা দেখা যায়। বাতৰি কাকত এখনত কিবা এটা প্ৰকাশ কৰাৰ পূৰ্বে সম্পাদক মণ্ডলীয়ে বিচাৰ বিবেচনা কৰাৰ সুবিধা থকাৰ বিপৰীতে সামাজিক মাধ্যমৰ বিভিন্ন উৎস সমূহত প্ৰত্যেকজন নেটিজনেই এজন এজন সাংবাদিক বা সম্পাদক হৈ পৰে। ইয়াৰ ফলত আজিৰ নেটিজেন সকল ইমান বেছি জ্ঞান গম্ভীৰ হৈ পৰিল যে প্ৰত্যেকেই আনৰ পৰা জ্ঞান লোৱাৰ পৰিবৰ্তে জ্ঞান দিব পৰাহে হল। আৰু জ্ঞান সাগৰৰ প্ৰতিযোগিতাত মানুহে প্ৰত্যেক বিষয়ত গুৰুত্ব প্ৰদান কৰি সকলোবোৰ বিষয়ত জঁপিয়াই পৰি সামাজিক মাধ্যমৰ মায়াত নিমগ্ন হৈ পৰিল। অৰ্থাৎ বহুসংখ্যক নেটিজেনে ( সকলো নহয়) কোন ঠাইত কি সাজ পিন্ধিব লাগে সেই কথাত গুৰুত্ব নিদিয়াৰ দৰে য’ত ত’ত, যি টি বাৰ্তা প্ৰেৰণ কৰা হল। ফলত খিছিৰি হৈ পৰিল সামাজিক মাধ্যম সমূহ। ইয়াৰ বিপৰীতে আজিকালি বহু ক্ষেত্ৰত নিজৰ সুবিধাৰ বাবে কিছুমান ৱাটছএপ গ্ৰুপ খুলি লোৱা দেখা যায়। সেই গ্ৰুপত সেই বিষয়ৰ বাৰ্তাহে প্ৰেৰণ কৰা হয়। যেনেদৰে বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ গ্ৰুপত সেই শ্ৰেণীৰ কথা বা বিদ্যালয়ৰ অভিভাৱকৰ গ্ৰুপত বিদ্যালয়ত সম্মুখীন হোৱা যিকোনো বিষয় আদিৰ আলোচনা হয়। তেনেদৰে বন্ধুমহলৰ মাজত এনে কিছুমান গ্ৰুপ খোলা হয়, যত সকলো কথা বা বিষয় সামৰি লব পৰা যায়। কিন্তু অসম সাহিত্য সভাৰ দৰে এটা ৱাটছএপ গ্ৰুপত অসমীয়া সাহিত্যৰ পৰিবৰ্তে ইংৰাজী সাহিত্যৰ প্ৰয়োভৰ ঘটা উচিত নে ? বহু সময়ত কিন্তু ই এক বিচাৰ্যৰ বিষয় হৈ পৰে।
ৱাটছএপ বাৰ্তাবোৰ আন এজনলৈ প্ৰেৰণ কৰা সময়ত বহুতেই সাধাৰণতে ইংৰাজী ভাষা ব্যৱহাৰ কৰিহে ভাল পায়। কাৰণ ইংৰাজীত লিখা সহজ আৰু সহজেই বাৰ্তাটো সঠিকভাৱে প্ৰকাশ বা প্ৰেৰণ কৰিবলৈ সুবিধা হয় । বহুতেই পেছাদাৰী কামকাজ সমূহো ইংৰাজীতে কৰে। কাৰণ এই ক্ষেত্ৰত ইংৰাজী যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু মই যেতিয়া সাহিত্য চৰ্চা কৰোঁ সেই সময়ত অসমীয়া ভাষাহে ব্যৱহাৰ কৰোঁ। তাৰ বাবে মোৰ এটা বিশেষ গ্ৰুপ আছে। সেয়া হল সাহিত্য সভা গ্ৰুপ। মই এই বিশেষ গ্ৰুপটোত আনে লিখা বা আনে পঢ়ি ভাল পোৱা জ্ঞানবৰ্ধক লেখা বা সাহিত্য সমূহ পঢ়ি ভাল পোৱাৰ দৰে আনে গ্ৰুপলৈ প্ৰেৰণ কৰা লেখা সমূহ পঢ়ি সাহিত্যৰ তৃপ্তি লওঁ, কৃতাৰ্থ হওঁ আৰু সম্যক জ্ঞান অৰ্জন কৰো। বহুতে বাছনিত উঠা লেখা প্ৰেৰণ কৰাত নিজৰ কিছু কষ্ট লাঘৱ হয় আৰু সেয়েহে কপি পেষ্ট কৰা লেখা সমূহ আন্তৰিকতাৰে পঢ়োঁ আৰু প্ৰেৰণ কৰ্তাক ভিতৰি ভিতৰি ধন্যবাদ প্ৰদান কৰোঁ। কিন্তু এই গ্ৰুপত যেতিয়া ইংৰাজী বা অন্য ভাষাৰ কিছুমান সামঞ্জ্যন্স হীন বাৰ্তা দেখা পাওঁ, তেনেক্ষেত্ৰত গ্ৰুপটোৰ আকৰ্ষণ লাঘৱ হয়। কাৰণ সেই একেবোৰ বাৰ্তা আন গ্ৰুপ সমূহৰ যোগেদি লাভ কৰোঁ। গতিকে এই ক্ষেত্ৰত গ্ৰুপৰ সদস্য সকলে মনোযোগ দিয়া উচিত যে সাহিত্য চৰ্চা গ্ৰুপত তেনেধৰণৰ অপ্ৰাসংগিক বাৰ্তা প্ৰেৰণৰ প্ৰয়োজন আছে নে নাই।
অসমীয়া ভাষাত টাইপ কৰি লিখাত আৰম্ভনিতে কাৰিকৰীভাবে বহুতৰেই অসুবিধা হয় আৰু সেই বাবেই বহু সময়ত কিবা লিখাৰ হেঁপাহ থাকিলেও লিখা নহয়গৈ। অৱশ্যে ব্যৱহাৰ কৰি থাকিলে ঘহুতে ঘহুতে শিল ক্ষয় যোৱাৰ দৰে পিছলৈ সহজ হয়। এটা কথা ঠিক যে মই অসমীয়া লিখি হয়তু অসমীয়া ভাষাৰ উত্তৰণত কিছু এক ভূমিকা পালন কৰিব পাৰোঁ, কিয়নো অসমীয়া ভাষা বিশ্বৰ এমুঠি মানুহে ব্যৱহাৰ কৰে। কিন্তু ইংৰাজী ভাষাৰ সমৃদ্ধিৰ বাবে মই নহলেও ইংৰাজী ভাষাৰ বিশেষ ক্ষতি নহয়। আজিৰ তাৰিখত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাতো যিদৰে গৌৰবৰ কথা সেইদৰে ইয়াৰ প্ৰতিপালন কৰাটোও প্ৰত্যেকজন স্বভিমান সচেতন নাগৰিকৰ কৰ্তব্য। সেয়েহে বিশেষকৈ অসম সাহিত্য সভাৰ গ্ৰুপত অসমীয়া সাহিত্য চৰ্চাৰ উপৰত গুৰুত্ব প্ৰদান কৰাটো সকলোৰে বাবে সমানেই দায়বদ্ধ হৈ পৰিছে। জয়তু চিৰ চেনেহী মোৰ ভাষা জননী।(assamese Language typing)
এই ধুনীয়া সাজ-পোছাকত অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা আন এটা কথা হ’ল অভিনেত্ৰীগৰাকীৰ হাতত আছিল এটা ক’লা দাগ। অনুৰাগীৰ মনত প্ৰশ্ন কেটৰিণাৰ হাতত এইটো কিহৰ ক’লা দাগ। আপুনিও জানিব বিচাৰে নেকি অভিনেত্ৰীগৰাকীৰ হাতত থকা ক’লা দাগটোৰ বিষয়ে।(bollywood actress katrina kaif)
আচলতে কেটৰিনা শুক্ৰবাৰে নৱৰাত্ৰিৰ এক বিশেষ অনুষ্ঠানলৈ গৈছিল। য’ত বলিউদৰ বহু অভিনেতা-অভিনেত্ৰী উপস্থিত আছিল। কেটৰিনাই পিন্ধিছিল ফেশ্বন ডিজাইনাৰ তৰুণ তাহিলিয়ানীয়ে ডিজাইন কৰা এখন সুন্দৰ শাৰী। অৱশ্যে তেওঁৰ ধুনীয়া চেহেৰাৰ লগতে তেওঁৰ অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা আন এটা কথা হ’ল কেটৰিনাৰ হাতৰ ক’লা দাগটো।(netizens worried)
ছ’চিয়েল মিডিয়াত কেটৰিনাৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত অনুৰাগীৰ মাজত এই ক’লা পেচক লৈ আলোচনা আৰম্ভ হয়। বহুতে ভাবিছিল এই ক’লা পেচটো কি। আচলতে কেটৰিনাৰ হাতৰ এই ক’লা পেচটো সাধাৰণ পেচ নহয়। ই ডায়েবেটিছ পেচ, যাক ব্লাড চুগাৰ মনিটৰ পেচ বুলিও কোৱা হয়। এই পেচটো ডায়েবেটিছ ৰোগী আৰু তেজৰ চেনিৰ মাত্ৰা নিয়মিতভাৱে নিৰীক্ষণ কৰিবলগীয়া হোৱা লোকে ব্যৱহাৰ কৰে।(why katrina kaif wearing diabetes monitor patch)
ডায়েবেটিছ পেচে কেনেকৈ কাম কৰে- ডায়েবেটিছ পেচ হৈছে ছালত ৰখা কন্টিনিউয়াছ গ্লুক’জ মনিটৰ (CGM) ডিভাইচৰ অংশ। এই ডিভাইচটোৱে দিনটো শৰীৰৰ ব্লাড চুগাৰৰ মাত্ৰা নিৰ্ণয় কৰে আৰু ইয়াৰ ফলাফল স্মাৰ্টফোন বা আন যিকোনো ডিভাইচলৈ প্ৰেৰণ কৰে। এই পেচটোৰ লগত এটা আঠা থাকে, যিটো ছালত লাগি থাকে আৰু ট্ৰেন্সমিটাৰে ইয়াৰ সৈতে সংযোগ কৰি ডাটা প্ৰেৰণ কৰে।
যিসকল লোক টাইপ-১ ডায়েবেটিছ বা টাইপ-২ ডায়েবেটিছত আক্ৰান্ত তেওঁলোকৰ বাবে ডায়েবেটিছ পেচ অতি সহায়ক। তেওঁলোকে নিজৰ ব্লাড চুগাৰৰ মাত্ৰা নিৰীক্ষণ কৰিব পাৰে।
কেটৰিনা কাইফে পৰম্পৰাগত সাজ-পোচাকত যথেষ্ট প্ৰশংসা লাভ কৰাৰ বিপৰীতে হাতৰ ডায়েবেটিছ পেচটোও আলোচনাৰ বিষয় হৈ পৰিছিল। অৱশ্যে অভিনেত্ৰীগৰাকীৰ ডায়েবেটিছ আছে নে নাই সেই বিষয়ে এতিয়াও কোনো তথ্য পোৱা হোৱা নাই। কিন্তু, এই বিষয়ত সামাজিক মাধ্যমত অনুৰাগীৰ মাজত আলোচনা হৈ আছে।(navaratri 2024)
Missile Strike on Israel: ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত চলোৱা আক্ৰমণক বৈধ ঘোষণা খোমেইনীৰ
দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ৫ অক্টোবৰঃ ইৰাণ-ইজৰাইলৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে যুদ্ধৰ বিভীষিকা। ইতিমধ্যে ইজৰাইলত ইৰাণৰ আক্ৰমণত বহু লোকৰ মৃত্যু ঘটিছে। ইয়াৰ মাজতে ইৰাণৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খোমেইনীয়ে তেহৰাণৰ গ্ৰেণ্ড মোছাল্লা মছজিদত শুকুৰবাৰে ইজৰাইলে চলোৱা আক্ৰমণক গৰিহণা দি কয় ইজৰাইল ‘বেছি দিন নাথাকিব’। লাখ লাখ সমৰ্থকৰ আগত খোমেইনীয়ে বহু বছৰৰ পিছত প্ৰথমবাৰৰ বাবে জুম্মাৰ নামাজৰ নেতৃত্ব দিয়ে। ইৰাণে ইজৰাইলত ১৮০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ পিছত এয়াই তেওঁৰ প্ৰথম ৰাজহুৱা উপস্থিতি আছিল(Missile Strike on Israel)।
শুকুৰবাৰে গ্ৰেণ্ড মোছালা মছজিদত উপস্থিত থকা বিপুল জনসমাগমত পেলেষ্টাইন, হিজবুল্লাহ আৰু লেবাননৰ পতাকা উৰুৱাই থকা দেখা গৈছিল। কাষত বন্দুক লৈ ইৰাণৰ শীৰ্ষ নেতাগৰাকীয়ে(Iranian Supreme Leader Ayatollah Ali Khamenei) ঘোষণা কৰে যে হামাছ বা হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইল সফল নহ’ব।
অঞ্চলটোত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে আমেৰিকাৰ সমৰ্থিত ইজৰাইলে শেহতীয়াকৈ সংঘটিত হোৱা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ কথা চিন্তা কৰিছে। শুকুৰবাৰে মছদিজত দিয়া ভাষণত খোমেইনীয়ে যোৱা সপ্তাহত বেইৰুটত ইজৰাইলৰ বিমান আক্ৰমণত নিহত ইৰাণ সমৰ্থিত লেবাননৰ গোট হিজবুল্লাহৰ প্ৰাক্তন নেতা হাছান নাছৰল্লাকো প্ৰশংসা কৰে।
খোমেইনীয়ে কয়, ‘ছৈয়দ হাছান নছৰল্লাহ হয়তো আৰু আমাৰ লগত নাথাকিব, কিন্তু তেওঁৰ আত্মা আৰু উত্তৰাধিকাৰে আমাক অনিৰ্দিষ্টকাললৈ অনুপ্ৰাণিত কৰি থাকিব। তেওঁ আছিল শত্ৰুৰ বিৰুদ্ধে প্ৰতিৰোধৰ এক বিশেষ প্ৰতীক। তেওঁ শ্বহীদ হোৱাটোৱে তেওঁৰ প্ৰভাৱ বৃদ্ধিহে কৰিব। আমাৰ অদম্য বিশ্বাসক শক্তিশালী কৰাৰ সমান্তৰালভাৱে আমি শত্ৰুৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগিব।’
পেলেষ্টাইনী হামাছ গোট(Palestinian militant group Hamas)ক সমৰ্থন কৰা ইৰাণৰ শীৰ্ষ নেতাগৰাকীয়ে ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত কৰা আক্ৰমণক “শুদ্ধ পদক্ষেপ” (Justified action)আছিল বুলিও অভিহিত কৰে(Missile attack on Israel)। তেওঁ কয় যে কোনো আন্তঃৰাষ্ট্ৰীয় আইনে লেবানন আৰু পেলেষ্টাইনীক দখলৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰাৰ বাবে বিৰোধিতা কৰিব নালাগে। ৪০ মিনিটৰ ভাষণত হাজাৰ হাজাৰ লোকক সম্বোধন কৰি খোমেইনীয়ে এই আক্ৰমণক পেলেষ্টাইন জনতাৰ বৈধ কাৰ্য্য বুলি অভিহিত কৰে।
খোমেইনীৰ ভাষণৰ পূৰ্বে লেবাননৰ প্ৰয়াত হিজবুল্লাহ নেতা হাছান নছৰল্লাহক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এক অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান আৰু ৰিভল্যুচনেৰী গাৰ্ডৰ জ্যেষ্ঠ জেনেৰেলকে ধৰি ইৰাণৰ বহু শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে। হিজবুল্লাহৰ মূল সমৰ্থক ইৰাণে এই গোটটোক অস্ত্ৰ-শস্ত্ৰ আৰু কোটি কোটি ডলাৰেৰে সহায় কৰি আহিছে।